Follow Us:

ভাষাবিজ্ঞানৰ শাখা - প্রশাখাঃ BA 2nd Sem Assamese Major Question Answer | GU BA 2nd Sem Assamese Major Model Answer

LearningPointAssam.com

ভাষাবিজ্ঞানৰ শাখা - প্রশাখা | Gauhati University BA 2nd Sem Assamese Major Model Questions Answer & Guide provide here. আমি Gauhati University অনুসৰি BA 2nd Sem Assamese সকলো প্রকাৰৰ Solution প্রদান কৰো। লগতে, gu ba 2nd sem assamese major question paper আৰু  ba 2nd sem assamese book pdf সমূহ প্রদান কৰো যাতে শিক্ষাত্রী সকলে এইবোৰৰ পৰা লাভৱান হৱ পাৰে।


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 2 

ভাষাবিজ্ঞানৰ শাখা - প্রশাখাঃ — ALL Important Question & Answers

GU BA 2nd Sem Assamese ASM-HC-2016 Questions & Answer :


CONTENTS 

ভাষাবিজ্ঞানৰ শাখা - প্রশাখা
Model Question and Answer key



 

ভাষাবিজ্ঞানৰ শাখা - প্রশাখাঃ BA 2nd Sem Assamese Major Solutions

প্ৰশ্নাৱলীঃ

ভাষাবিজ্ঞানৰ শাখা - প্রশাখাঃ BA 2nd Sem Assamese Major Very Short Question Answer 

অতি চমু প্রশ্নোত্তৰঃ  Mark — 1/2

১। বৰ্ণনাত্মক ভাষা বিজ্ঞানত কি কি বিষয়ৰ ওপৰত আলোচনা হয়।

উত্তৰঃ বৰ্ণনাত্মক ভাষা বিজ্ঞানত ভাষাৰ উপাদান-- ধ্বনি, ৰূপ, কাৰক আদিৰ বিষয়ৰ ওপৰত আলোচনা কৰা হয়। 

২। এক কালি ভাষা বিজ্ঞান কি?

উত্তৰঃ এক কালি ভাষা বিজ্ঞান হৈছে ভাষা অধ্যয়নৰ এটা দৃষ্টি ভংগী।

৩। 'A course in Modern Linquistics' পুথিখনৰ লেখক কোন? 

উত্তৰঃ 'A course in Modern Linguistics' পুথিখনৰ লেখক হকেট( Hockett)। 

৪। উপেন্দ্ৰ নাথ গোস্বামিৰ উপভাষা বিষয়ক পুথিখনৰ নাম কি?

উত্তৰঃ উপেন্দ্ৰ নাথ গোস্বামিৰ উপভাষা বিষয়ক পুথিখনৰ নাম 'A study in kamrup : A Dialect of Assamese'।

৫। ঐতিহাসিক ভাষাবিজ্ঞান কিহৰ ওপৰত নিৰ্ভৰশীল?

উত্তৰঃ ঐতিহাসিক ভাষাবিজ্ঞান ভাষা একোটা ক্ৰমবিৱৰ্তন, বিকাশ, আৰু প্ৰাচীন ৰূপটো ওপৰত নিৰ্ভশীল।

৬। বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থখনৰ নাম 'Assamese its Formation and Development'।

৭। তুলনামূলক ভাষা বিজ্ঞান সম্পৰ্কে কোনে কেতিয়া ক'ত আৰম্ভ কৰিছিল?

উত্তৰঃ তুলনামূলক ভাষা বিজ্ঞান সম্পৰ্কে ছাৰ উইলিয়াম জোনছে ১৭৮৬ চনত বংগ দেশত আৰম্ভ কৰিছিল।


৮। ফাডিৰ্নাণ্ড দ্য় চ্চ্য়ুৰ ভাষাৰ দ্বিভাজন তত্ত্ব কি?

উত্তৰঃ ফাৰ্ডিনাণ্ড দ্য চ্চ্যুৰ ভাষাৰ দ্বিভাজন তত্ত্ব হৈছে 'Parole' 'ভাষা ব্যৱহাৰ' আৰু Language 'ভাষা পদ্ধতি'।

৯। সমাজ ভাষা বিজ্ঞানৰ প্ৰথম উল্লেখ পোৱা পুথিখনৰ নাম কি?

উত্তৰঃ সমাজ ভাষা বিজ্ঞানৰ প্ৰথম উল্লেখ পোৱা পুথিখনৰ নাম 'A projection of socio Linguistics'।

১০। সমাজ ভাষা বিজ্ঞান নামটো কেতিয়া স্বীকৃতি পাইছিল?

উত্তৰঃ সমাজ ভাষা বিজ্ঞান নামটো ১৯৬০ চনত স্বীকৃতি পাইছিল।

১১। 'ভাষা এটা সামাজিক অনুষ্ঠান'- কাৰ উক্তি?

উত্তৰঃ 'ভাষা এটা সামাজিক অনুষ্ঠান'-হুইটনিৰ উক্তি।

১২। David Crystall মনোভাষা বিজ্ঞানৰ সংজ্ঞাটো কি?

উত্তৰঃ David Crystall ৰ মনোভাষা বিজ্ঞানৰ সংজ্ঞাটো হৈছে- মনোভাষাবিজ্ঞান হৈছে ভাষা বিজ্ঞানৰ এটা দিশ য'ত মানুহৰ ভাষিক আচৰণ আৰু মানসিক প্ৰক্ৰিয়াৰ সমূহৰ সম্বন্ধ সম্পৰ্কে অধ্যয়ন কৰা। 

১৩। উপভাষা বিজ্ঞান কি?

উত্তৰঃ উপভাষা বিজ্ঞান হৈছে- কোনো এটা অঞ্চলৰ উপভাষা বিজ্ঞানসন্মত অধ্যয়ন।

১৪। আঞ্চলিক উপভাষা সৃষ্টিৰ মূল কাৰণ কি?

উত্তৰঃ আঞ্চলিক উপভাষা সৃষ্টিৰ মূল কাৰণ হৈছে- যেতিয়া ভৌগলিক , ৰাজনৈতিক, সামাজিক আদি কাৰণত এটা বিস্তৃত এলেকাৰ অধীনত থকা দুটা অঞ্চলৰ মাজত যোগাযোগ বিচ্ছিন্ন হয়, তেতিয়া আঞ্চলিক উপভাষা সৃষ্টি হয়।

১৫। সামাজিক উপভাষাত বৰ্ণভেদ কাম কৰেনে?

উত্তৰঃ সামাজিক উপভাষাত বৰ্ণভেদ কাম নকৰে।

১৬। কোন গৰাকী ভাষাবিদে কেতিয়া উপভাষাৰ জৰীপ কাৰ্য়ৰ আৰম্ভ কৰিছিল?

উত্তৰঃ জাৰ্মানীৰ George wenker-এ ১৮৭৬ চনত উপভাষাৰ জৰীপ কাৰ্য আৰম্ভ কৰিছিল।

১৭। উপভাষা অধ্যয়ন সম্পৰ্কীয় এখন পুথিৰ নাম লিখা?

উত্তৰঃ উপভাষা অধ্যয়ন সম্পৰ্কীয় এখন পুথিৰ নাম হৈছে- 'Assamese it Formation and Development'।

১৮। শব্দ ৰেখা কি?

উত্তৰঃ শব্দৰেখা হৈছে- সাদৃশ্য থকা ধ্বনি বা শব্দ এটা ৰেখা সহায়ত অৰ্থাৎ শব্দটো কিমান দূৰলৈ বিয়পি আছে সেই ঠাইলৈ শব্দৰেখা টনা হয়, ইয়াকে শব্দৰেখা বোলা হয়।


১৯। উপভাষা সীমানিৰ্দ্ধাৰণ কৰিবলৈ মানচিত্ৰৰ প্ৰয়োজন কিয় হয়?

উত্তৰঃ কোনো এটা অঞ্চলৰ ভাষা অধ্যয়ন কৰিবলৈ, সেই অঞ্চলৰ সীমা নিদ্ধাৰণ কৰিবলৈ মানচিত্ৰ প্ৰয়োজন হয়।


ভাষাবিজ্ঞানৰ শাখা - প্রশাখাঃ BA 2nd Sem Assamese Major Short Question Answer

চমু প্রশ্নোত্তৰঃ Mark — 2/3/5

১। বৰ্ণনাত্মক ভাষাবিজ্ঞানৰ প্ৰধান কাম কি কি?

উত্তৰঃ বৰ্ণনাত্মক ভাষা বিজ্ঞানৰ প্ৰধান কাম হৈছে- ভাষা এটাৰ সময়, স্তৰৰ গতি-প্ৰকৃতি আদিৰ বিষয়ে বিজ্ঞান সন্মত অধ্যয়ন কৰা।

২। বৰ্ণনাত্মক ভাষাবিজ্ঞানৰ স্তৰ কেইটা আৰু কি কি?

উত্তৰঃ বৰ্ণনাত্মক ভাষা বিজ্ঞানৰ স্তৰ চাৰিটা। সেইকেইটা হল- ধ্বনিত্ত্ব, ৰূপতত্ত্ব, বাক্যতত্ত্ব আৰু শব্দাৰ্থতত্ত্ব। 

৩। ঐতিহাসিক ভাষাবিজ্ঞানৰ কালক্ৰমিক ভাষা বিজ্ঞান কিয় কোৱা হয়?

উত্তৰঃ ঐতিহাসিক ভাষা বিজ্ঞানত ভাষাৰ বিষয়ে আলোচনা কৰোঁতে ধ্বনি, ৰূপ, বাক্য আৰু অৰ্থ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হয়। সেইবাবে ঐতিহাসিক ভাষাবিজ্ঞানক কালক্ৰমনিক ভাষা বিজ্ঞান বুলি কোৱা হয়।

৪। ঐতিহাসিক ভাষাবিজ্ঞানৰ মূল উপাদান কি কি?

উত্তৰঃ  ঐতিহাসিক ভাষাবিজ্ঞানৰ মূল উপাদান হৈছে অধ্যয়ন ক্ষেত্ৰখন প্ৰাচীন, শিলালিপি, তাম্ৰলিপি, হাতে লিখা পুথি আৰু পৰিব্ৰাজকৰ টোকা।

৫। ভাষা অধ্যয়নৰ বিষয় আৰু প্ৰকৃতি অনুসৰি ভাষা বিজ্ঞানক কেইটা আৰু কি কি প্রধান ভাগত বিভক্ত কৰিব পাৰি ? 

উত্তৰঃ তিনিটা । 

  • ( ১ ) বর্ণনাত্মক ।
  • ( ২ ) ঐতিহাসিক ।
  • ( ৩ ) তুলনামূলক ভাষা বিজ্ঞান ।


৬। সমাজ ভাষাবিজ্ঞান ভাষাৰ দ্বিভাজন তত্ত্ব?

উত্তৰঃ সমাজ ভাষা বিজ্ঞান ভাষাৰ দ্বিভাজন তত্ত্ব হৈছে  Parole 'ভাষা ব্যৱহাৰ' আৰু  Language ভাষা পদ্ধতি।

৭। সমাজ ভাষাবিজ্ঞান বুলিলে কি বুজা?

উত্তৰঃ ভাষাৰ সামাজিক পটভূমি কথা যিটো শাখাই বিজ্ঞানসন্মত ভাৱে অধ্যয়ন কৰে সেই শাখাটোকে সমাজ ভাষা বিজ্ঞান বোলে।

৮। মনোভাষা বিজ্ঞান বুলিলে কি বুজা?

উত্তৰঃ মানুহৰ মন আৰু চিন্তনৰ সম্পৰ্কে বিজ্ঞানসন্মত অধ্যয়নকে মনোভাষা বিজ্ঞান বুলি কোৱা হয়।

৯। উপভাষা সৃষ্টিৰ মূল কাৰণ কি কি?

উত্তৰঃ এটা অঞ্চলৰ ভাষাৰ লগত আন এটা অঞ্চলৰ ভাষাৰ ধ্বনি, ৰূপ, শব্দ, আদিৰ নানা পাৰ্থ্যকই দেখা দিয়ে। ফলত সেই অঞ্চলৰ একো একোটা খণ্ডিত ৰূপৰ সৃষ্টি হয়। ইয়াৰ ফলত উপভাষা সৃষ্টি হয়। 

১০। আঞ্চলিক উপভাষাৰ বিষয়ে লিখা।

উত্তৰঃ ভৌগলিক অঞ্চলভেদে গঢ়ি উঠা ভাষাক আঞ্চল্ৰ উপভাষা বুলি কোৱা হয়। একোটা উপভাষাৰ আঞ্চলিক ৰূপ থাকে। ভাষা আৰু উপভাষা সৃষ্টিত যিবোৰ কাৰকে সহায় কৰে সেই একে কাৰণতে আঞ্চলিক উপভাষা সৃষ্টি হব পাৰে।

১১। সামাজিক শ্ৰেণীগত উপভাষাৰ বিষয়ে লিখা।

উত্তৰঃ ভাষা ব্যৱহাৰৰৰ ক্ষেত্ৰত সামাজিকভেদে বা বিভিন্নতাই বেছি গুৰুত্ব দিয়া হয়। সেইকাৰণে উপভাষা বিজ্ঞানীসকলে সামাজিক উপভাষাৰ বিষয়ে বৰ্ণনা কৰে।ভাষাৰ আঞ্চলিক সুকীয়া ৰূপত সামাজিক শ্ৰেণী বিভাজনে ভৌগলিক কাৰণতকৈ বেছি ভূমিকা পালন কৰে। সেইবাবে ভাষা ব্যবহাৰত সমাজৰ উচ্চ স্তৰৰ লোকতকৈ নিম্ন স্তৰৰ লোকৰ পাৰ্থক্য় বেছি। জনসমাজত যেতিয়া সামাজিক বাধা আৰু দূৰত্বই ভাষাত প্ৰভেদ সৃষ্টি কৰে তেতিয়াই সামাজিক উপভাষাৰ প্ৰভেদ সৃষ্টি কৰে, তেতিয়াই সামাজিক উপভাষা সৃষ্টি হয়।

সামাজিক শ্ৰেণীবিভাজন আৰু জাতিগত শ্ৰেণী বিভাজনৰ ফলত ভাষাৰ বিভিন্নতা দেখা যায়। কিন্তু শ্ৰেণীগত বিভিন্নতাতকৈ জাতিগত বিভিন্নতা বেছি সুস্পষ্ট। কিয়নো জাতিগত গোট বা ফৈদসমূহ সমাজৰ সুকীয়া সুস্পষ্ট একোটা গোট। এইটোৱে সামাজিক শ্ৰেণীগত উপভাষা।

১২। উপভাষা অধ্য়য়নত প্ৰয়োজনীয়তা আছেনে নাই? চমুকৈ লিখা।

উত্তৰঃ আছে।

— বিভিন্ন অঞ্চলৰ একোটা একোটা সুস্থ সমাজৰ মৰ্যাদাপ্ৰাপ্ত উপভাষাই হল সেই অঞ্চলৰ সমাজৰ সামাজিক উপভাষা। সমাজত বাস কৰা জনসমষ্টি বিভিন্নতা অনুযায়ী ভাষাৰ বিভিন্ন দিশৰ প্ৰভেদ থকাটো নিশ্চিত। সামাজিক জীৱনৰ পাৰস্পৰিক গাঁথনিত সমাজত জীৱন ধাৰণ কৰা মানুহৰ বিশেষ ভূমিকা আছে। সামাজিক উপভাষাত ভৌগলিক বিভাজনতকৈ সামাজিক শ্ৰেণীগত বিভাজনেই বেছি ভূমিকা গ্ৰহণ কৰা দেখা যায়। কিয়নো সমাজত সাজ-সজ্জা, আইন-কানুন, ৰীতি-নীতি, উৎসৱ-পাৰ্ৱন,বিয়া-বাৰু,সভা-সমিতিত বিশেষভাৱে সমাজৰ সামাজিক জীৱনৰ পদ্ধতিৰ ওপৰত যথেষ্ট পৰিমানে নিৰ্ভৰ কৰে। শিক্ষিত-অশিক্ষিত,ডাক্তৰ-ইঞ্জিনিয়াৰ,মাছমৰীয়া,খেতিয়ক, আদি শ্ৰেণীৰ লোকৰ শ্ৰেণী বিভাজন অনুযায়ী সামাজিক উপভাষাৰ ৰূপ হয়। সমাজৰ শিক্ষিত, বা চহৰবাসী বা মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে ভাষাৰ যিটো ৰূপ ব্যৱহাৰ কৰে সেই পৰিমাৰ্জিত ৰূপটোক স্বাভাৱিকতে শিক্ষানুষ্ঠানৰ মাৰ্জিত ৰূপ। ভাষাতাত্ত্বিক  আন এটি দৃষ্টিকোণৰ পৰা দেখা যায় গাঁৱলীয়া সমাজৰ পিছপৰা অৰ্থাৎ যোগাযোগ কৰিব নোৱাৰা জনসমষ্টিৰ ভাষাৰ ৰূপ উচ্চ শিক্ষিত চহৰবাসী  লোকতকৈ পৃথক ৰূপৰ হয়। সেইকাৰণে ভাষাৰ ব্যৱহাৰত উচ্চ স্তৰৰ লোকতকৈ নিম্ন স্তৰৰ শ্ৰেণীৰ লোকৰ ভাষাৰ পাৰ্থক্য বেছি।সামাজিক বাধাৰ ফলতো কেতিয়াবা একো একোটা সমাজত সামাজিক উপভাষাৰ সৃষ্টি হব পাৰে। নতুবা একে জাতিৰ সম্প্ৰদায়ভেদে সামাজিক উপভাষা হব পাৰে। সমাজৰ এনেবোৰ বিষয়ে জানিবলৈ উপভাষা প্ৰয়োজন আছে।    



ভাষাবিজ্ঞানৰ শাখা - প্রশাখাঃ BA 2nd Sem Assamese Major Board Question Answer 

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ   Mark — 5/8/10

১। ভাষাবিজ্ঞান বুলিলে কি বুজা? বৰ্ণনামূলক আৰু ঐতিহাসিক ভাষাবিজ্ঞানৰ বিষয়ে লিখা।

উত্তৰঃ ভাষাৰ প্ৰণালীবদ্ধ আৰু বিজ্ঞানসন্মত বিচাৰ বিশ্লেষণ কৰি পোৱা ৰূপৰ নাম ভাষা বিজ্ঞান। য'ত ভাষা বিষয়ৰ ওপৰত যুক্তিসংগত বা তথ্য প্ৰমাণিত তথ্যৰ আধাৰ বিষয়ক ক্ৰম শৃংখলাবদ্ধ উপস্থাপন কৰা হয়, তাক ভাষা বিজ্ঞান বুলি কোৱা হয়।

    বৰ্ণনামূলক ভাষা বিজ্ঞান-  ভাষা বিজ্ঞানৰ এটি বিশেষ শাখা হৈছে বৰ্ণনামূলক ভাষা বিজ্ঞান। কোনো ভাষাৰ কোনো এটা নিৰ্দিষ্ট  সময়ৰ গঠণ প্ৰণালীবদ্ধ অধ্যয়নক বৰ্ণনাত্মক ভাষা বিজ্ঞান বোলে। বিংশ শতিকাৰ প্ৰাৰম্ভত চুইজাৰলেণ্ডৰ ভাষা বিজ্ঞানী  ফাৰ্ডিনাণ্ড দ্য চচ্যুৰে আধুনিক ভাষা বিজ্ঞানৰ ধাৰাৰ প্ৰতিষ্ঠাৰে বৰ্ণনামূলক ভাষা বিজ্ঞানৰ চৰ্চাৰ পথ মুকলি কৰে। 

     বৰ্ণনামূলক ভাষা বিজ্ঞানে কোনো এটাৰ ভাষাৰ এক বিশেষ সময়ৰ গাঁঠনিক দিশৰ বিজ্ঞান সন্মতৰ আৰু বিতং সামৰিক বিশ্লেষনক সামৰি লয়। এই ভাষা বিজ্ঞানে এটাৰ ভাষাৰ গঠণ সৰ্ম্পকে পদ্ধতিগত ভাৱে আলোচনা কৰে। ইয়াত কোনো ভাষাৰ ধ্বনি প্ৰণালী আৰু ৰূপ গঠণৰ বিশ্লেষন কৰা হয়। বৰ্ণনামূলক ভাষা বিজ্ঞানত কোনো এটাৰ ভাষাৰ কথিত ৰূপৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। ভাষাৰ লিখিত ৰূপ সমূহৰ আলোচনা নকৰে। সাম্প্ৰতিক কালৰ ভাষা বিজ্ঞানে সমগ্ৰ বিশ্ব জুৰি জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু বিভিন্ন শাখা প্ৰশাখাৰে এক বিস্তৃত ৰূপ পৰিগ্ৰহণ কৰিছে।

     ঐতিহাসিক ভাষা বিজ্ঞান - ভাষা বিজ্ঞানৰ আন এটা শাখা হৈছে ঐতিহাসিক ভাষা বিজ্ঞান। ভাষা একোটাৰ ক্ৰমবিৰ্ৱতন, বিকাশ আৰু প্ৰাচীন ৰূপ আদিৰ আলোচনাই ঐতিহাসিক ভাষা বিজ্ঞান। ভাষাৰ বিভিন্ন সময়ৰ মাজেদি হোৱা পৰিৱৰ্তন, ক্ৰমবিকাশৰ ধাৰাৰ বিশ্লেষণ তথা ভাষাৰ উৎস কি আছিল, ক'ৰ পৰা কেনেদৰে আহি বৰ্তমান ৰূপ পাইছে আদিৰ বিষয়ে ঐতিহাসিক ভাষা বিজ্ঞানত আলোচনা কৰা হয়। ঐতিহাসিক ভাষা বিজ্ঞানত ভাষাৰ বিষয়ে আলোচনা কৰোঁতে ধ্বনি, ৰূপ, বাক্য আৰু অৰ্থ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হয়। ঐতিহাসিক ভাষা বিজ্ঞানক কালক্ৰমিক ভাষা বিজ্ঞান বুলিও কোৱা হয়। 

    ঐতিহাসিক ভাষা বিজ্ঞানৰ ক্ষেত্ৰত এইটো কথা প্ৰণিধানযোগ্য যে অধ্যয়নৰ ক্ষেত্ৰখন প্ৰাচীন, শিলালিপি, তাম্ৰলিপি, হাতে লিখা পুথি, পৰিব্ৰাজক টোকা আদি অনেক পাঠৰ প্ৰয়োজন হয়। ঐতিহাসিক ভাষা বিজ্ঞানৰ প্ৰধান কাম হৈছে ভাষাটোৰ প্ৰাচীন স্তৰৰ পৰা অৰ্বাচীন স্তৰলৈ সকলোবোৰ প্ৰাচীন তথ্যৰ লিখিত ৰূপ সংগ্ৰহ কৰা আৰু সময়ে সময়ে ঘটা বিৰ্ৱতন বিবিন্ন দিশৰ আলোচনা কৰা। 


২। বর্ণনাত্মক ভাষাবিজ্ঞান বুলিলে কি বুজা ? ভাষা এটাৰ অধ্যয়নত বর্ণনাত্মক ভাষাবিজ্ঞান ভূমিকা আলোচনা কৰাঁ ।

উত্তৰঃ কোনো ভাষাৰ কোনো এক নিৰ্দিষ্ট সময়ৰ প্ৰণালীবদ্ধ অধ্যয়ন বৰ্ণনাত্মক ভাষাবিজ্ঞানত কৰা হয় । কোনো কোনো ভাষাবিজ্ঞানীয়ে বর্ণনাত্মক ভাষাবিজ্ঞানক ‘ গঠনমূলক ভাষাবিজ্ঞান ' নামেৰেও অভিহিত কৰিছে । কাৰণ এই ভাষাবিজ্ঞানত ভাষাৰ গঠন পদ্ধতিৰ দিশত অধিক গুৰুত্ব দিয়া হয় । এটা ভাষাৰ গঠন প্ৰণালীৰ সম্ভেদ দিয়াই হৈছে ইয়াৰ মুখ্য কাম । ইয়াত এটা ভাষাৰ লগত আন এটা ভাষাৰ তুলনাৰ প্ৰসঙ্গ নাথাকে আৰু এটা ভাষাৰ ঐতিহাসিক অধ্যয়নো ইয়াৰ উদ্দেশ্য নহয় । প্ৰকৃততে ঐতিহাসিক অধ্যয়ন অথবা তুলনামূলক অধ্যয়নৰ মূলতেই আছে বৰ্ণনাত্মক অধ্যয়নৰ ভূমিকা । ভাষাৰ গঠনৰ ক্ষেত্ৰত দুই ধৰণৰ সামগ্ৰী নিহিত হৈ থাকে প্ৰথমটো হৈছে ধ্বনি আৰু দ্বিতীয়টো হৈছে ধাৰণা , সামাজিক পৰিবেশ , অর্থ ইত্যাদি । বর্ণনাত্মক ভাষাতত্ত্বৰ দুটা দিশ থাকে- ধ্বনিতত্ত্ব আৰু ব্যাকৰণ । ধ্বনিতত্ত্বত ধ্বনি আৰু ইয়াৰ বিভিন্ন উচ্চাৰণ পদ্ধতি , ব্যাকৰণৰ ক্ষেত্ৰত ৰূপ আৰু অন্যান্য আনুসংগিক দিশসমূহ । বর্ণনাত্মক ভাষাতত্বৰ ক্ষেত্ৰত কথিত ভাষাৰ অধিক গুৰুত্ব আছে । 

     ভাষা অধ্যয়নত যিকোনো ভাষাৰে প্ৰথম আৰু প্ৰধান কথা হ'ল ইয়াৰ ধ্বনিসমূৰ বিষয়ে পুঙ্খানুপুঙ্খভাৱে অধ্যয়ন কৰা । ভাষাবিদৰ বাবে মাতৃভাষাৰ অধ্যয়ন কৰাটো সহজসাধ্য কাম । কাৰণ নিজৰ ভাষাৰ ধ্বনিসমূহৰ সম্যক ধাৰণা থকাৰ বাবেই যথাযথভাৱে সজাই উলিওৱাত এলপো কষ্ট নহয় । আনহাতে আকৌ আন এঠাইৰ লোকৰ বাবে সেই ভাষাটোৰ ধ্বনিসমূহ অধ্যয়ন কৰোতে বিভিন্ন সমস্যাই দেখা দিয়ে । প্রধান সমস্যাটো হৈছে বানান আৰু উচ্চাৰণৰ ।

     ভাৰতীয় আর্যভাষাসমূহত বানান আৰু উচ্চাৰণ অনুযায়ী স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনিবিলাকৰ তাৰতম্য নিৰ্ণয় কৰিব পাৰি । অসমীয়া ভাষাটো প্ৰাচীন ভাৰতীয় আর্য ( বৈদিক সংস্কৃত ) সম্ভুত হ'লেও ইয়াৰ ধ্বনি ৰীতিত কিছু পার্থক্য পৰিলক্ষিত হয় । অসমীয়া ভাষাত বানানৰ ক্ষেত্ৰত ১১ টা স্বৰবৰ্ণ আৰু উচ্চাৰণৰ ক্ষেত্ৰত ৮ টা স্বৰধ্বনিৰ প্ৰয়োগ দেখা যায় । ব্যঞ্জনবর্ণ ৪১ টা হ'লেও উচ্চাৰণৰ ক্ষেত্ৰত কেৱল ২১ টা ব্যঞ্জনবৰ্ণৰ প্ৰয়োগছে দেখা যায় । পৃথিবীৰ ভাষাৰ বৰ্ণনাত্মক অধ্যয়ন কৰোতে ধ্বনিৰীতিৰ এই দুয়োটা দিশৰ প্ৰতি প্রথমে আলোকপাত কৰিব লাগিব । তেতিয়াহে ভাষাৰ গঠনৰ প্ৰাথমিক দিশটোৰ উমান পোৱা যাব । 

      ধ্বনিতত্ত্বৰ পিছতে বৰ্ণনাত্মক ভাষাতত্ত্বই সামৰি লোৱা দিশটো হ'ল ৰূপতত্ত্ব । এটা ভাষাৰ ধ্বনিসমূহ তাৰ উচ্চাৰণৰ পদ্ধতি আদি বিচাৰি উলিওৱাৰ পিছতে ইয়াৰ ব্যাকৰণৰ দিশটোৰ আলোচনা সহজ হৈ উঠিব । একোটা ভাষাত বিভিন্ন শব্দৰ প্ৰয়োগ থাকে । সকলো ভাষাতে শব্দ প্রয়োগ বা শব্দ গঠন প্রণালী একে নহয় । ক্ৰিয়া গঠন ৰূপতত্ত্বৰ এক বিশেষ দিশ । ইংৰাজী ভাষাত সকলো শব্দৰ ক্ষেত্ৰত সৰল আৰু বুৎপত্তিগত এই দুই ধৰণৰ শব্দৰ প্ৰয়োগ দেখা যায় । ভাষাৰ বৰ্ণনাত্মক অধ্যয়নত ৰূপতত্ত্বৰ সকলোবিলাক দিশ পুঙ্খানুপুঙ্খভাৱে আলোচিত হ'ব লাগিব । ইয়াৰ লগে লগে শব্দতত্ত্ব আৰু বাক্যতত্ত্বৰ দিশ দুটাও প্ৰয়োজনীয় । মূলতঃ বিভিন্ন ভাষাৰ একোটা বিশেষ স্তৰৰ ধ্বনি , ৰূপ , শব্দ , বাক্য আদিৰ সকলো দিশৰ প্ৰণালীবদ্ধ আৰু বিজ্ঞানসন্মত অধ্যয়নেই বৰ্ণনাত্মক ভাষাতত্ত্বৰ মূল ভেঁটি ।

      ‎ইয়াৰ উপৰিও বৰ্ণনাত্মক ভাষাতত্ব বিশেষ একোটা উপভাষাৰ অধ্যয়নৰ দিশতো আগবাঢ়িব পাৰে । উপভাষা একোটাৰ বিশেষ স্তৰৰ অধ্যয়নৰ ক্ষেত্ৰত বৰ্ণনাত্মক ভাষাতত্ত্বই সহায় কৰে , ই সামাজিক উপভাষাও হ'ব পাৰে । একোটা ভাষাৰ বিশেষ স্তৰৰ ভাষা অধ্যয়নত একোটা ভাষাৰ পঞ্জীয়কৰ দৰে কাম কৰে বৰ্ণনাত্মক ভাষাই ।

      ‎ সামগ্ৰিকভাৱে ৰূপ আৰু শব্দ পৰস্পৰ পৃথক শাখা নহয় । কিছুমান ভাষাৰ ৰূপ আৰু শব্দৰ মাজত বিশেষ পার্থক্য নায়েই । ৰূপগত দিশসমূহৰ ভিতৰত বিশেষ্য , বিশেষণ , সর্বনাম , ক্রিয়া , প্ৰত্যয় আদি সকলোৰে সম্যক আলোচনা বর্ণনাত্মক ভাষাতত্ত্বৰ অন্তৰ্গত ।

৩। সমাজ ভাষাবিজ্ঞানৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ সমাজ ভাষা বিজ্ঞান ভাষা বিজ্ঞানৰে এটা শাখা। ইয়াত ভাষাৰ সামাজিক পটভূমি কথা তন্ন তন্নকৈ বিশ্লেষন কৰা হয়। ইয়াত ভাষাৰ আৰু সমাজৰ মাজত থকা   সকলো ধৰণৰ সম্বন্ধ ফহিঁয়াই চোৱা হয়। সমাজৰ বিস্তৃতি বিশাল হলে অঞ্চলভেদে সমাজত বসবাস কৰা লোক সকলৰ সামাজিক চাল-চলন আচাৰ ব্যৱহাৰ লগতে ভাষাও বেলেগ হব পাৰে। সামাজিক স্তৰ বিন্যাসৰ ভিত্তিত বিভিন্ন স্তৰৰ লোকৰ মাজত আচৰণগত আৰু ভাষাগত ভেদ পৰিলক্ষিত হব পাৰে। মানুহৰ বৃত্তি অনুযায়ী আৰু ব্যৱসায়ী লেনদেনৰ পৰিসৰ অনুসৰিও ভাষা ভেদ পৰিলক্ষিত হয়। ভাষা মাত্ৰকে আনুষ্ঠানিক বাৰ্তালাপ বা লেখা মেলাত ব্যৱহৃত ৰূপ এটা থাকে আৰু ই অনানুষ্ঠানিক বা ঘৰুৱা বাৰ্তালাপত ব্যৱহৃত ৰূপতকৈ বেলেগ। ভাষা এনে মৰ্যাদাগত ভেদ সম্পৰ্ক ও সমাজ ভাষা বিজ্ঞানত আলোচনা কৰা হয়। এটা ভাষা কোন ঠাইত চলে, কি সাংস্কৃতিক পটভূমিত ভাষাটোৱে ভাৱ বিনিময় বাহন হিচাপে কাম কৰে, বক্তা আৰু শ্ৰোতাৰ বৈশিষ্ট্য কি, তেওঁলোকৰ ভাৱ বিনিময় প্ৰসংগ কি, পৰিস্থিতি ভেদে পৰিলক্ষিত হয় নেকি ইত্যাদি কথা সমাজ ভাষা বিজ্ঞানৰ আলোচ্য বিষয়।

৪। মনোভাষা বিজ্ঞানে কিদৰে মনস্ততত্ত্বৰ ওপৰত নিৰ্ভৰ কৰে লিখা।

উত্তৰঃ মনোভাষা বিজ্ঞানে মানুহৰ মন আৰু চিন্তন সম্পৰ্কে অধ্যয়ন কৰে। ভাষা ভাব চিন্তা বাহন, সেইবাবে ই মনস্তত্ত্বৰ ওপৰত নিৰ্ভশীল। মানৱ মনৰ গঠন আৰু মানসিক প্ৰক্ৰিয়াৰ লগত ভাষা সম্পৰ্ক বিচাৰ মনোভাষা বিজ্ঞানত কৰা হয়। 

ভাষা হল চিন্তা আৰু অনুভূতি বাহক। চিন্তা আৰু কথনৰ মাজত সম্পৰ্ক বিচাৰ কৰোতে ভাষা আৰু মনস্তত্ত্বৰ সম্পৰ্ক নিহিত হৈ আছে। ভাষা অধ্যয়নত ভাষাবিদসকলে মনস্তত্ত্বৰ ওপৰত বেছি গুৰুত্ব দিয়ে। সেই কাৰণে ভাষাজ্ঞান আহৰণৰ ক্ষেত্ৰত মনস্তত্ত্বই মুখ্য ভূমিকা গ্ৰহণ কৰে। David Crystall য়ে মনোবিজ্ঞানৰ ক্ষেত্ৰত এনেদৰে লিখিছে --- 'মনোভাষা বিজ্ঞান হৈছে ভাষা বিজ্ঞানৰ এটা দিশ য'ত মানুহৰ ভাষিক আচৰণ আৰু মানসিক প্ৰক্ৰিয়াসমূহৰ সম্বন্ধ সম্পৰ্কে অধ্যয়ন কৰা'। মনোভাষা বিজ্ঞানে মানৱ মনৰ বিজ্ঞানসন্মত অধ্যয়ন কৰে আৰু তাৰ জৰিয়তে মানৱ আচৰণৰ ধাৰণা কৰিব পাৰি।

৫। উপভাষা অধ্য়য়নৰ প্ৰয়োজন কিয় সেই সম্পৰ্কে বৰ্ণনা কৰা।

উত্তৰঃ  বিভিন্ন অঞ্চলৰ একোটা একোটা সুস্থ সমাজৰ মৰ্যাদাপ্ৰাপ্ত উপভাষাই হল সেই অঞ্চলৰ সমাজৰ সামাজিক উপভাষা। সমাজত বাস কৰা জনসমষ্টি বিভিন্নতা অনুযায়ী ভাষাৰ বিভিন্ন দিশৰ প্ৰভেদ থকাটো নিশ্চিত। সামাজিক জীৱনৰ পাৰস্পৰিক গাঁথনিত সমাজত জীৱন ধাৰণ কৰা মানুহৰ বিশেষ ভূমিকা আছে। সামাজিক উপভাষাত ভৌগলিক বিভাজনতকৈ সামাজিক শ্ৰেণীগত বিভাজনেই বেছি ভূমিকা গ্ৰহণ কৰা দেখা যায়। কিয়নো সমাজত সাজ-সজ্জা, আইন-কানুন, ৰীতি-নীতি, উৎসৱ-পাৰ্ৱন,বিয়া-বাৰু,সভা-সমিতিত বিশেষভাৱে সমাজৰ সামাজিক জীৱনৰ পদ্ধতিৰ ওপৰত যথেষ্ট পৰিমানে নিৰ্ভৰ কৰে। শিক্ষিত-অশিক্ষিত,ডাক্তৰ-ইঞ্জিনিয়াৰ,মাছমৰীয়া,খেতিয়ক, আদি শ্ৰেণীৰ লোকৰ শ্ৰেণী বিভাজন অনুযায়ী সামাজিক উপভাষাৰ ৰূপ হয়। সমাজৰ শিক্ষিত, বা চহৰবাসী বা মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে ভাষাৰ যিটো ৰূপ ব্যৱহাৰ কৰে সেই পৰিমাৰ্জিত ৰূপটোক স্বাভাৱিকতে শিক্ষানুষ্ঠানৰ মাৰ্জিত ৰূপ। ভাষাতাত্ত্বিক  আন এটি দৃষ্টিকোণৰ পৰা দেখা যায় গাঁৱলীয়া সমাজৰ পিছপৰা অৰ্থাৎ যোগাযোগ কৰিব নোৱাৰা জনসমষ্টিৰ ভাষাৰ ৰূপ উচ্চ শিক্ষিত চহৰবাসী  লোকতকৈ পৃথক ৰূপৰ হয়। সেইকাৰণে ভাষাৰ ব্যৱহাৰত উচ্চ স্তৰৰ লোকতকৈ নিম্ন স্তৰৰ শ্ৰেণীৰ লোকৰ ভাষাৰ পাৰ্থক্য বেছি।সামাজিক বাধাৰ ফলতো কেতিয়াবা একো একোটা সমাজত সামাজিক উপভাষাৰ সৃষ্টি হব পাৰে। নতুবা একে জাতিৰ সম্প্ৰদায়ভেদে সামাজিক উপভাষা হব পাৰে। সমাজৰ এনেবোৰ বিষয়ে জানিবলৈ উপভাষা প্ৰয়োজন আছে।    

৬। উপভাষাৰ সীমা নিৰ্দ্ধাৰণ কেনেকৈ কৰা হয়, আলোচনা কৰা। 

উত্তৰঃ উপভাষা সীমা নিৰ্দ্ধাৰণ কৰিবলৈ মানচিত্ৰ বিশেষ প্ৰয়োজন। অৰ্থাৎ এটা ভৌগলিক মানচিত্ৰ বা সীমাৰেখা অংকন কৰি সেই ঠাইৰ ভাষাৰহে অধ্যয়ন আগবঢ়োৱা হয়। যিবোৰ ঠাইত সাদৃশ্য থকা শব্দ শুনা যায় সেইবোৰ ঠাই একেটা বিন্দুৰে মানচিত্ৰ চিহ্নিত কৰিব লাগে। সাদৃশ্য থকা ধ্বনি বা শব্দ এটা ৰেখাৰ সহায়ত অৰ্থাৎ শব্দটো কিমান দূৰলৈ বিয়পি আছে সেই ঠাইলৈ শব্দৰেখা টনা হয়, ইয়াকে শব্দৰেখা বোলা হয়। উদাহৰণস্বৰূপে  এটা ভৌগলিক পৰিৱেশৰ মাজত ওচৰা-উচৰিকৈ থকা চাৰিখন গাঁও।উপভাষা অধ্যয়ন কাৰীয়ে গাঁৱৰ ভাষাগত তথ্য সংগ্ৰহ কৰি বিচাৰ বিশ্লেষণ কৰি সমীক্ষাৰে জানিব পাৰিলে যে 'মধুৰিআম' শব্দটোক গাঁওখনত 'সইফৰাম' বুলি ব্যৱহাৰ হয়। তেতিয়া গাঁওকেইখনক একেটা মানচিত্ৰৰ বিন্দুৰে চিহ্নিত কৰি এটা ৰেখা অংকন কৰা হয় আৰু সিয়ে সমশব্দ পাৰ্থক্য ৰেখা। 

তেনেদৰে সূচকৰ জৰিয়তে উপভাষাৰ ধ্বনিসদৃশ উচ্চাৰণ প্ৰচলিত ঠাইসমূহক একে বিন্দুৰেখাৰে চিহ্নিত কৰিলে যি ৰেখা পোৱা যায় তাক ধ্বনি ৰেখা আৰু ৰূপৰ সদৃশ পোৱা চিহ্নিত কৰিলে তাক সমৰূপৰেখা বোলা হয়। ইয়াৰ উপৰি কেতিয়াবা কেতিয়াবা একে ভাষা ঠাইত একাধিক সমশব্দ ৰেখা ওচৰা উচৰিকৈ থকা দেখা যায়। তেতিয়া সেইটো সম শব্দ ৰেখা বোলা হয়। গতিকে যিখিনি ঠাইলৈ কোনো এটা ভাষা একেধৰণৰ লেখা বা কোৱা হয়, সেই ঠাইখিনিয়েই ভাষাৰ এটাৰ সীমা।

৭। বর্ণনাত্মক ভাষা বিজ্ঞান বুলিলে কি বুজায় ? বর্ণনাত্মক ক্ষেত্র অধ্যয়নৰ প্ৰয়োজন আছেনে ? বিশ্লেষণ কৰা ।

উত্তৰঃ ভাষা এটাৰ নিৰ্দিষ্ট এক কালৰ ভাষিক গতি - প্রকৃতি সম্পর্কে বিজ্ঞানসন্মতভাৱে কৰা অধ্যয়নেই হৈছে বৰ্ণনাত্মক ভাষা বিজ্ঞান ।

     ভাষা এটা ক'ৰ পৰা উৎপত্তি হৈছে , ভাষাটোৰ পূৰ্বৰ ৰূপ কি আছিল বা কেনে পৰিবৰ্তনৰ মাজেদি আহি ভাষা এটাই বৰ্তমানৰ ৰূপ লাভ কৰিছেহি , এনেবোৰ বিষয় বৰ্ণনাত্মক ভাষা বিজ্ঞানত আলোচনা কৰা নহয় । ইয়াত ভাষা- বিজ্ঞানীসকলে এটা সময়ৰ পৰিধিৰ মাজত বৰ্তি থকা ভাষাৰ ৰূপটোকহে অধ্যয়ন কৰাত অধিক গুৰুত্ব দিয়া দেখা যায় ।

বর্ণনাত্মক ভাষা - বিজ্ঞানত ক্ষেত্ৰ অধ্যয়নৰ প্ৰয়োজন আছে । কিয়নো এই ভাষা - বিজ্ঞান ধ্বনিতত্ত্ব , ৰূপতত্ত্ব , বাক্যতত্ত্ব আৰু অৰ্থতত্ত্বৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা কৰা হয় ।

    ইয়াত ভাষা - বিজ্ঞানীসকলে প্রথমে , অধ্যয়ন কৰিবলগীয়া ভাষাটোৰ সামগ্ৰীখিনি ক্ষেত্ৰ অধ্যয়নৰ দ্বাৰা সংগ্ৰহ কৰি লৈ ধ্বনিসমূহৰ প্ৰণালীবদ্ধ অধ্যয়ন কৰিব লাগে । অধ্যয়ন কৰা ভাষাটোন স্ফৰধ্বনি আৰু ব্যঞ্জনধ্বনিসমূহ চিনাক্ত কৰাৰ পাছত বৰ্ণ বিশ্লেষণৰ নিয়মেৰে বৰ্ণ আৰু উপ ধ্বনি নিৰ্ণয় কৰিব লাগে । ধ্বনিসমূহৰ পৰা বৰ্ণ চিনাক্ত কৰাৰ পাছত বৰ্ণৰ অস্তনিহিত ধ্বনিৰ উচ্চাৰণৰ স্থানি আৰু ধৰণ অনুসৰি তালিকা প্রস্তুত কৰিব লাগে । তদুপৰি দ্বিস্বৰ ধ্বনি , ত্ৰিস্বৰ ধ্বনি , যুক্তব্যঞ্জন আদিৰো তালিকা কৰি দেখুৱাব লাগে । ভাষাৰ শ্বাসাঘাত বা বলাঘাত , সুৰ আৰু সুৰ লহৰ আদিও ধ্বনিতত্ত্বৰ বিশ্লেষণৰ সহায়ত ভাষা এটাৰ ধ্বনিতাত্বিক বৈশিষ্ট্যসমূহ বিশ্লেষণ কৰি চোৱা হয় ।

ৰূপতত্ত্বত ভাষাটোৰ শব্দমূল আৰু ক্ৰিয়ামূল বা ধাতুত বিভিন্ন বিভক্তি আৰু প্ৰত্যয় যোগ হৈ কেনেদৰে নতুন নতুন ৰূপ গঠন কৰে তাৰ বৰ্ণনা থাকে । ভাষাত উচ্চাৰিত , হোৱা ধ্বনিসমূহ বাছি উলিওৱাৰ পাছত ধ্বনি সংযোগৰ ফলুত সৃষ্টি হোৱা ৰূপসমূহৰ বিষয়ে অধ্যয়ন কৰাই ৰূপতত্ত্বৰ প্রধান কাম । শব্দৰ গঠন - ৰীতি সম্পৰ্কে ৰূপতত্ত্বত আলোচনা কৰা হয় ।

বাক্যতত্ত্বৰ ধ্বনি সংযোগ আৰু ৰূপ সংযোগৰ ফলত সৃষ্টি হোৱা পদসমূহক অৰ্থৰ সংগতি ৰাখি যথাস্থানত বহুৱাই বাক্যৰ সৃষ্টি কৰা হয় । প্রত্যেক ভাষাৰে বাক্যবিন্যাসৰ কিছুমান নিজস্ব বৈশিষ্ট্য থাকে । সাধাৰণতে অসমীয়া ভাষাত বাক্যৰ ক্ৰম হৈছে কৰ্তা + কৰ্ম + ক্রিয়া । কিন্তু ইংৰাজী ভাষাত কৰ্তা + ক্রিয়া + কৰ্ম । এনেবোৰ কথা বাক্যবিন্যাসৰ ভিতৰৱা । তদুপৰি বাক্যৰ বিভিন্ন প্ৰকাৰ ৰূপান্তৰ প্ৰক্ৰিয়া সহায়ত নতুন নতুন বাক্য সৃষ্টি আদিও বাক্যতত্ত্বই সামৰি লয় ।

    অর্থতত্ত্ব ভাষা - বিজ্ঞানত শব্দৰ অৰ্থৰ দিশটোও সামৰি লয় । শব্দ আৰু অৰ্থৰ সম্বন্ধ , পৰিস্থিতিভেদে শব্দৰ অৰ্থৰ বেদ , সময় অনুক্ৰমে অৰ্থৰ ভেদ , সমাৰ্থবাচকতা , বিপৰীতাৰ্থ আৰু শব্দৰ মাজত লুকাই থকা অন্তৱৰ্তী অৰ্থৰ বিশ্লেষণ বর্ণনাত্মক ভাষা - বিজ্ঞানে সামৰি লয় ।

    ‎ভাষা এটা বিস্তৃত অঞ্চলত বিয়পি পৰাৰ পাছত ইয়াৰ কিছুমান , উপ - ৰূপৰ সৃষ্টি হোৱা দেখা যায় । ভাষাৰ এই উপ - ৰূপবোৰৰ অধ্যয়নো বর্ণনাত্মক ভাষা - বিজ্ঞানে সামৰি ল'ব খোজে । অৰ্থাৎ বর্ণনাত্মক ভাষা - বিজ্ঞানে ভাষাত থাকিব পৰা বিভিন্ন উপ - ভাষা বা আঞ্চলিক উপ - ভাষাসমূহৰ অস্তিত্ব সম্বন্ধেও আলোকপাত কৰে । এনেক্ষেত্ৰত বর্ণনাত্মক ভাষা - বিজ্ঞানৰ ক্ষেত্ৰ অধ্যয়নৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি ।



Tags:

  • ভাষাবিজ্ঞানৰ শাখা - প্রশাখাঃ BA 2nd Sem Assamese Major Question Answer
  • ভাষাবিজ্ঞানৰ শাখা - প্রশাখা
  • Gauhati University BA 2nd Sem Assamese Major Model Questions Answer
  • GU BA 2nd Sem Assamese Model Solution 
  • ba 2nd sem assamese major question paper
  • BA 2nd Sem Assamese Major Question Answer
  • ba 2nd sem assamese book pdf
  • ভাষাবিজ্ঞানৰ শাখা - প্রশাখাঃ BA 2nd Sem Assamese Major Short Question Answer
  • ভাষাবিজ্ঞানৰ শাখা - প্রশাখাঃ BA 2nd Sem Assamese Board Question Answer