Follow Us:

ড° এ.পি.জে. আব্দুল কালাম ৰচনা লিখা | Dr. APJ Abdul Kalam Essay in Assamese | Essay on Dr. APJ Abdul kalam in Assamese

LearningPointAssam.com

Hello Dear, (Students) ছাত্র-ছাত্রীসকল আজি আমি আলোচনা কৰিম ড° এ.পি.জে. আব্দুল কালাম'ৰ বিষয়ে অসমীয়া ৰচনা কেনেকৈ লিখিব লাগে । I hope you will get Dr. APJ Abdul Kalam's Essay in Assamese from this article.  So let's get started without wasting too much time.

ড° এ.পি.জে. আব্দুল কালাম ৰচনা লিখা | Dr. APJ Abdul Kalam Essay in Assamese

ড° এ.পি.জে. আব্দুল কালাম ৰচনা লিখা Dr. APJ Abdul Kalam Essay in Assamese

Many Teachers & students search for best Essay on Dr. APJ Abdul kalam in Assamese, English & Bengali. How to write a essay on APJ Abdul Kalam: ইয়াত সহজ আৰু সৰল ভাষাত আমি ড° এ. পি. জে. আব্দুল কালাম বিষয়ে অসমীয়া ৰচনা লৈ আনিছো, আশা কৰো পঢ়ি ভাল পাব ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু কিবা ভুল দেখিলে জনাব । আহক আৰম্ভ কৰো পঢ়া...

ড° এ. পি. জে. আব্দুল কালামৰ বিষয়ে অসমীয়া ৰচনা

আৰম্ভণিঃ

“তুমি মােৰ আটাইতকৈ প্রিয় ছাত্র। মােৰ দৃঢ় বিশ্বাস, তােমাৰ কঠোৰ পৰিশ্ৰমে ভৱিষ্যতে আমাৰ শিক্ষকসকলৰ নাম উজ্জ্বল কৰিব।”– ভাৰতৰ প্ৰাক্তন ৰাষ্ট্রপতি ড° এ. পি. জে. আব্দুল কালামক তেওঁৰ কলেজীয়া জীৱনতে তেওঁৰ এজন শিক্ষকে এনেদৰে কৈছিল। তেওঁৰ সেই মন্তব্য যে কিমান সঁচা আছিল, তাক দোহৰাৰ কোনাে প্রয়ােজন নাই। আজি তেওঁৰ কৰ্ম আৰু সাধনাই সঁচাকৈয়ে তেওঁৰ শিক্ষকসকলৰ নাম গােটেই বিশ্বতে উজলাই তুলিছে।

জন্ম আৰু বংশ পৰিচয়ঃ 

    ‘মিছাইল মানৱ’ হিচাপে খ্যাত ড° আব্দুল কালামৰ ১৯৩১ চনৰ ১৫ অক্টোবৰৰ দিনা দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যৰ ৰামেশ্বৰম্ নামৰ এখন সৰু দ্বীপ নগৰীত জন্ম হয়। এটা অল্প-শিক্ষিত পৰিয়ালত জন্ম গ্ৰহণ কৰা কৰ্মযোগী ড° কালামৰ সম্পূৰ্ণ নাম- আঙুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম। তেওঁৰ নামৰ ইংৰাজী বানান এনে ধৰণৰ- AVUL PAKIR JAINULABEDIN ABDUL KALAM । তেওঁলোকৰ নাম ৰখাৰ পৰম্পৰা অনুসৰি নিজৰ নামৰ আগত ক্ৰমান্বয়ে দেউতাকৰ নাম, ককাকৰ নাম আৰু আজো ককাকৰ নাম সন্নিৱিষ্ট কৰা হৈছে।

ড° কালামৰ দেউতাক জয়নুল আবেদিনৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল। তেওঁলোক বহু ধন-সম্পত্তি থকা মানুহো নাছিল। তেওঁৰ মাতৃ আছিয়াম্মা এগৰাকী আদৰ্শ গৃহিণী আছিল। আছিয়াম্মা এটা মানী বংশৰ জীয়ৰী আছিল৷ তেওঁৰ বংশৰে এজনক বৃটিছসকলে ‘বাহাদুৰ’ উপাধি প্ৰদান কৰিছিল।

ড° কালামৰ পিতৃৰ কেইবাখনো নাও আছিল। সেই নাওকেইখনৰ ওপৰতে তেওঁলোকৰ পৰিয়ালটোৰ জীৱিকা নিৰ্বাহ হৈছিল। তেওঁ সেইবোৰ ভাৰাত দিছিল। দেউতাকে সাগৰৰ উপকূলত নাও বনোৱাৰ কামো কৰিছিল। এবাৰ ধুমুহাত তেওঁলোকৰ কেইবাখনো নাও নষ্ট হয়।

প্ৰাৰম্ভিক শিক্ষাঃ

ড° কালামৰ শিক্ষা জীৱনৰ পাতনি মেলে ৰামেশ্বৰমৰে এখন প্ৰাথমিক বিদ্যালয়ত। তাৰ পিছত তেওঁ ৰামনাথপুৰমৰ শ্বেৱাৰ্টজ হাইস্কুলত পঢ়িবলৈ যায়। তাতেই তেওঁ ইয়াদুৰাই চলমন নামৰ এজন পণ্ডিতক লগ পায়। তেওঁ ড° কালামৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল। পণ্ডিত ইয়াদুৰাই চলমনে কালামহঁতক প্ৰায়ে কৈছিল। “জীৱনত কৃতকার্য হ’বলৈ আৰু মনে বিচৰা ফল লাভ কৰিবলৈ তোমালোকে তিনিটা ঘাই শক্তি বা গুণ আয়ত্ত কৰিব লাগিব। সেইকেইটা হ’ল- ইচ্ছা, বিশ্বাস আৰু আশা। মনত ৰাখিবা, নিষ্ঠা আৰু বিশ্বাসৰ গুণত তোমালোকে নিজৰ ভাগ্যক নিজে গঢ় দিব পাৰিবা।”

১৯৫০ চনত তেওঁ ইণ্টাৰ্‌মিডিয়েট পঢ়িবলৈ তিৰুচ্চিৰাপল্লীৰ ছেণ্ট জোছেফ্ কলেজত নাম লগায়। তাৰপৰা বিজ্ঞান বিষয়ত স্নাতক ডিগ্রী লাভ কৰাৰ পিছত তেওঁ ১৯৫৪-১৯৫৭ চনত মাদ্ৰাজ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা এৰোনটিকেল ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্ৰম কৰিছিল ৷

১৯৫৮ চনত এইচ. এ. এল.ৰপৰা এৰ’নটিকেল ইঞ্জিনীয়াৰ হৈ ওলাই আহিয়েই তেওঁ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্রণালয়ৰ অধীনস্থ কাৰিকৰী বিকাশ আৰু উৎপাদন সঞ্চালকালয়ত, চমুকৈ ডি. টি. ডি. এণ্ড পি. (এয়াৰ)ত এটা চাকৰি পাই যায়।

ড° এ.পি.জে. আব্দুল কালামৰ কৰ্মজীৱনঃ

ড° কালামে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ৷ ১৯৫৮ চনত ডি আৰ ডি অ’ত এৰ'নৌটিকেল ডেভেল'পমেণ্ট এষ্টাব্লিশ্বমেণ্টত মুখ্য বিজ্ঞানী হিচাবে যোগদান কৰে। ইয়াত তেওঁ বিখ্যাত ভাৰতীয় বৈজ্ঞানিক তত্ত্বাবধানত কাম কৰিছিল।

১৯৬২ চনত তেওঁ মহাকাশ গৱেষণা কেন্দ্ৰত নিযুক্তি পায়। পৰৱৰ্তী কালত কেৰালাৰ থুম্বাত প্রতিষ্ঠিত উপগ্রহ উৎক্ষেপণ কেন্দ্ৰত তেওঁক বিশেষ দায়িত্ব দি পঠোৱা হয়। পিছত তেওঁৰ ওপৰত এছ. এল. ভি.ৰ সঞ্চালকৰ দায়িত্ব অর্পিত হয়।

১৯৮০ চনৰ ১৮ জুলাই তাৰিখে ‘ৰোহিণী’ উপগ্ৰহৰ উৎক্ষেপণ ড° কালামৰ জীৱনৰ এটা ডাঙৰ কৃতিত্ব। তেওঁ তেওঁৰ কৰ্ম-জীৱনৰ ১৯টা বছৰ ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ কামত ব্যয় কৰে।

১৯৮২ চনত তেওঁ ভাৰতৰ মিছাইল উন্নয়ন প্রকল্পত কাম কৰিবলৈ আৰম্ভ কৰে। ইন্টিগ্রেটেড গাইডেড মিছাইল ডেভেলপমেণ্ট আঁচনিৰ বিজ্ঞানী হিচাপে তেওঁ ভাৰতৰ প্ৰতিৰক্ষা আৰু মিছাইলৰ ক্ষেত্ৰত উল্লেখযোগ্য সঁহাৰি আগ বঢ়ায়। এই আঁচনিৰ অধীনতে ‘অগ্নি’ আৰু ‘পৃথ্বি’ মিছাইল উৎক্ষেপণ কৰা হয় ৷ ড° কালামৰ তত্ত্বাৱধানতে ১৯৯৮ চনত ভাৰতে এলানি পাৰমাণবিক বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ ঘটায়।

১৯৯২ চনত তেওঁক প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈজ্ঞানিক পৰামৰ্শদাতা হিচাপে নিয়োগ কৰা হয় । তাৰ লগতে তেওঁক জেনেৰেল অব্ ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰগানাইজেচনৰ সঞ্চালকৰ পদত অভিষিক্ত কৰা হয় ৷

১৯৯৯ চনৰ নৱেম্বৰৰ পৰা ২০০১ চনৰ নৱেম্বৰ মাহলৈ তেওঁ কেন্দ্ৰীয় চৰকাৰৰ মুখ্য বৈজ্ঞানিক পৰামৰ্শদাতা হিচাপে কাম কৰে। ২০০১ চনত তেওঁ চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ৰ গৱেষণামূলক কামত নিজকে জড়িত কৰি বহুতো উন্নয়নমূলক কাম কৰে । পিছত এই বিশ্ববিদ্যালয়খনে তেওঁলৈ ‘প্ৰফেছৰ এমিৰিটাছ’ উপাধি আগবঢ়ায়।

বঁটা আৰু সন্মানঃ — ড° এ.পি.জে. আব্দুল কালাম

দেশ আৰু জাতিৰ উন্নতিৰ বাবে আগবঢ়োৱা নানা ধৰণৰ সেৱামূলক কামৰ বাবে ভাৰত চৰকাৰে তেওঁলৈ ১৯৮১ চনত পদ্মভূষণ, ১৯৯০ চনত পদ্মবিভূষণ আৰু ১৯৯৭ চনত ভাৰত ৰত্ন বঁটা আগবঢ়ায়। ইতিমধ্যে আঠাইশখনৰো অধিক বিশ্ববিদ্যালয়ে তেওঁক ডি. এছ. চি. (D. Sc-Doctor of Science) উপাধি প্রদান করে।

ইতিমধ্যে তেওঁলৈ ভালেকেইটা বঁটা আগবঢ়োৱা হয়। সেইবোৰ এনে ধৰণৰ- নেচনেল ডিজাইন এৱাৰ্ড, ড° বীৰেন ৰয় স্পেছ এৱাৰ্ড, প্ৰফেছৰ ওৱাই নায়াডুম্মা মেম’ৰিয়েল গ’ল্ড মেডেল (১৯৯৬), ডি. এম. মোডি এৱাৰ্ড ফৰ ছায়েন্স (১৯৯৬), আৰ. কে. ফিডিয়া এৱাৰ্ড ফৰ এক্সেলেন্স ইন ছায়েন্স এগু টেকন’ল’জি (১৮৯৬), জাতীয় সংহতিৰ ইন্দিৰা গান্ধী বঁটা (১৯৯৭), বীৰ ছাভাৰকাৰ বঁটা (১৯৯৮), আর্যভট্ট বঁটা।

ৰাষ্ট্ৰপতি নির্বাচনঃ — ড° এ.পি.জে. আব্দুল কালাম

ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰি ৰাষ্ট্ৰৰ উদ্দেশ্যে দিয়া দহ মিনিটৰ ভাষণত দেশৰ সামৰিক আৰু অর্থনৈতিক আত্মনির্ভৰশীলতাৰ ওপৰত অধিক গুৰুত্ব দিয়ে। তেওঁ সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদ বন্ধ কৰাৰ ওপৰতো গুৰুত্ব দিয়ে। দেশৰ পৰা দৰিদ্ৰতা দূৰ কৰা, নিৱনুৱা সমস্যা দূৰ কৰা, ৰাষ্ট্ৰীয় নিৰাপত্তা নিশ্চিত কৰা ইত্যাদিৰ ওপৰতো তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে। ২০০৭ চনৰ ২৫ জুলাইলৈকে তেখেত ভাৰবৰ্ষৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল।

২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙৰ ইণ্ডিয়ান ইন্সটিটিউট অৱ মেনেজমেণ্টৰ এটি অনুষ্ঠানত ভাষণ দি থকা অৱস্থাত হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ এইদন মণিষীৰ পৰলোকপ্রাপ্তি ঘটে।

মৃত্যুঃ

২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টত বক্তৃতা প্ৰদান কৰি থকা অৱস্থাত অসুস্থ হৈ পৰা কালামক তৎকালীনভাৱে চিকিৎসালয়লৈ লৈ গৈ তেওঁক আই-চি-ইউত ভৰ্ত্তি কৰোৱা হ'ল। সুস্থ কৰি তুলিবলৈ চেষ্টা কৰা পাছতো হৃদয়ন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ চিকিৎসালয়ত তেখেতৰ মৃত্যু ঘটে।


সামৰণিঃ

    ড° আব্দুল কালাম এজন আশাবাদী মনৰ ব্যক্তি। তেওঁৰ জীৱন আৰু কৃতিত্বই কঠোৰ পৰিশ্ৰম, সংকল্প আৰু জ্ঞানৰ প্ৰতি আগ্ৰহৰ এক প্ৰমাণ হিচাপে কাম কৰে। ভাৰতৰ ক্ষেপণাস্ত্ৰ আৰু মহাকাশ কাৰ্যসূচীত কালামৰ অৱদান, শিক্ষাদানৰ প্ৰতি তেওঁৰ সমৰ্পণ আৰু তেওঁৰ ৰাষ্ট্ৰপতিত্বে ভাৰত আৰু বিশ্বৰ ওপৰত এক অমলিন ছাপ পেলাইছে।

কালামৰ উত্তৰাধিকাৰীয়ে প্ৰজন্মৰ যুৱ সকলক তেওঁলোকৰ সপোন অনুসৰণ কৰিবলৈ আৰু বিশ্বৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাবলৈ অনুপ্ৰাণিত কৰি আহিছে। তেওঁৰ জীৱন কাহিনী হৈছে নম্ৰ আৰম্ভণিৰ এজন ব্যক্তিয়ে কেনেকৈ অধ্যৱসায় আৰু উৎকৃষ্টতাৰ প্ৰতি প্ৰতিশ্ৰুতিৰ জৰিয়তে মহানতা অৰ্জন কৰিব পাৰে তাৰ এক উজ্জ্বল উদাহৰণ।


Note— এ.পি.জে. আব্দুল কালামৰ ওপৰত ৰচনা | Essay Writing on Dr. APJ Abdul Kalam in Assamese, Short Essay on Dr. A.P.J Abdul Kalam Essay in Assamese আমাৰ এই লিখনি যদি আপোনাৰ সহায়ৰ কাৰণে গ্রহণযোগ্য হৈছে তেনেহলে, আপুনি আমাক www.LearningPointAssam.com Website টো আপোনাৰ Friends Circle-ত Share কৰি দিব আৰু তলত Comment কৰি Feedback দিবলৈ নাপাহৰিব ধন্যবাদ ।.


FAQs :

Q. ভাৰতৰ ক্ষেপণাস্ত্ৰ আৰু মহাকাশ কাৰ্যসূচীত এ পি জে আব্দুল কালামে কি অৱদান আগবঢ়াইছিল?

  • Ans. ভাৰতৰ প্ৰথম উপগ্ৰহ উৎক্ষেপণ বাহন (এছএলভি-৩) আৰু অগ্নি আৰু পৃথ্বী মিছাইলৰ বিকাশত কালামে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

Q. এ পি জে আব্দুল কালামৰ ৰাষ্ট্ৰপতিত্ব কিহৰ ওপৰত কেন্দ্ৰীভূত আছিল?

  • Ans. কালামৰ ৰাষ্ট্ৰপতিত্বশিক্ষাৰ প্ৰচাৰ আৰু যুৱ সকলক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত কেৰিয়াৰ গঢ়ি তুলিবলৈ উৎসাহিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

Q. এ পি জে আব্দুল কালামৰ জন্ম কোন চনত হৈছিল?

  • Ans.  ১৯৩১ চনৰ ১৫ অক্টোবৰত

Q. How to write a paragraph on APJ Abdul Kalam?

Ans. Dr. APJ Abdul Kalam is a famous name all over the world.  He is considered one of the greatest scientists of the 21st century.  Moreover, he served his country as the eleventh President of India.  He was the most valued man in the country because his contributions as a scientist and as president were beyond compare.

Tags