Follow Us:

শিক্ষাৰ ধাৰণা (Concept Of Education) | B.A 1st Semester Education Model Questions Solution | GU TDC 1st Semester Education Notes

LearningPointAssam.com

শিক্ষাৰ ধাৰণা (Concept Of Education) | Gauhati University BA 1st Sem Education Model Questions Solution | BA 1st Sem Education Model Answer | B.A 1st Semester Education Question Answer [Regular & General] Gauhati University Foundation of Education Notes Available here... 

Gauhati University BA 1st Semester Education General Solutions Chapter 1 শিক্ষাৰ ধাৰণা (concept of education) | GU TDC 1st Semester Education Notes Model Answer to each chapter is provided in the list of GU BA 1st Semester Education Question Answer Assamese Medium. We design all the solutions according to the GU BA 1st Semester Foundation of Education Chapter 1 Concept of Education শিক্ষাৰ ধাৰণা Solution, so that you can get the শিক্ষাৰ ভিত্তি B.A 1st Semester Education Regular Course Solutions Chapter 1 Concept Of Education — শিক্ষাৰ ধাৰণা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ is here.... 

শিক্ষাৰ ধাৰণা BA 1st Semester Education Model Question Solutions

Gauhati University Answer Bank for BA 1st Year Education Notes and Foundation of Education Guide provided here,, শিক্ষাৰ ধাৰণা (concept of education) B.A 1st Semester Education Solution EDU-RC-1016, শিক্ষাৰ ধাৰণা প্রশ্ন উত্তৰ Gauhati University B.A 1st Semester Education General Model Solutions Chapter 1 is given here According to Guwahati University. So that the students can easily understand all the concepts. Understand the concepts behind each unit and score well in Gauhati University board examination. Here we have given Gauhati University TDC 1st Semester Education General শিক্ষাৰ ভিত্তি — শিক্ষাৰ ধাৰণা (Concept Of Education) Model Solutions for All Subject, You can read, write and practice these here…



Chapter — 1

শিক্ষাৰ ধাৰণা (Concept Of Education)  — ALL Important Question & Answers

GU BA 1st Sem Education EDU-RC-1016 Questions & Answer :


CONTENTS

শিক্ষাৰ ধাৰণা (Concept Of Education)
Model Question and Answer key






প্ৰশ্নাৱলীঃ

শিক্ষাৰ ধাৰণা প্রশ্ন উত্তৰ Gauhati University BA 1st Sem Education Model Question Answer is here....

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ

Q. 1 |  ইংৰাজী 'education' শব্দটো কোন শব্দৰ পৰা উদ্ভৱ হৈছে ।

উত্তৰঃ ইংৰাজী 'education' শব্দটো লেটিন শব্দ ‘educare' ৰ পৰা উদ্ভৱ হৈছে ।

Q. 2 | লেটিন শব্দৰ উৎপত্তিৰ মতে ইংৰাজীৰ ‘ এডুকেশ্বন ’ শব্দত ' e ' আৰু ' Duco ' শব্দৰ অর্থ কি ? 

উত্তৰঃ লেটিন শব্দৰ উৎপত্তিৰ মতে ইংৰাজীৰ ‘ এডুকেশ্বন ’ শব্দত ' e ' আৰু ' Duco ' শব্দৰ অর্থ হল- মই আগুৱাই যাওঁ।

Q. 3 | শিক্ষাৰ বুৎপত্তিগত অৰ্থ লিখা।

উত্তৰঃ বুৎপত্তিগত দিশেৰে বিবেচনা কৰিলে দেখা যায় যে শিক্ষা শব্দটো লেটিন ভাষাৰ কেইবাটাও শব্দৰ পৰা আহিছে।

Q. 4 | ৰিপাব্লিক গ্ৰন্থৰ লিখক কোন ?

উত্তৰঃ প্লেটো ।

Q. 5 | ৰুচোৰ বিখ্যাত গ্রন্থ এখনৰ নাম লিখা। 

উত্তৰঃ ৰুচোৰ বিখ্যাত গ্রন্থ এখন হল- 'এমিল' গ্ৰন্থ।

Q. 6 | 'আধুনিক শিক্ষাৰ পিতৃ' বুলি কাক কোৱা হয়?


উত্তৰঃ 'আধুনিক শিক্ষাৰ পিতৃ' বুলি জন আমাছক কোৱা হয়।


Q. 7 | Democracy and Education নামৰ গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰঃ Democracy and Education নামৰ গ্ৰন্থখনৰ ৰচক জন হল-  ডিউই।

Q. 8 | শিক্ষাৰ দুটা সংজ্ঞা দিয়া । 

উত্তৰঃ ঋগবেদৰ মতে, শিক্ষাৰদ্ধাৰা ব্যক্তি স্ব-নিৰ্ভৰশীল হয় আৰু আনকো নিজৰ দৰে জ্ঞানী কৰাৰ ক্ষমতা লাভ কৰে।

উপনিষদৰ মতে, শিক্ষা হৈছে ব্যক্তিৰ আত্ম-মুক্তিৰ একমাত্ৰ উপায়।

Q. 9 | গান্ধীয়ে দিয়া শিক্ষাৰ সংজ্ঞাটো লিখা ।

উত্তৰঃ “শিশু আৰু বয়স্কৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক দিশৰ সৰ্বতোমুখী বিকাশ সাধন কৰাই প্রকৃত শিক্ষা ।”

Q. 10 | ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় কিমান চনত আৰম্ভ হৈছিল ?

উত্তৰঃ ১৯৮৫ চনৰ চেপ্তেম্বৰ মাহত ।

Q. 11 | NCERT ৰ সম্পূৰ্ণ ৰূপ কি ?

উত্তৰঃ NCERT - National Council of Educational Research and Training.

Q. 12 | শিক্ষাৰ পৰিসৰ মানে তুমি কি বুজা ?

উত্তৰঃ শিক্ষাৰ পৰিসৰ মানে বিষয়ৰ প্ৰসাৰ, বহল অৱস্থা , ব্যাপকতা ইত্যাদি । ই কৰ্মৰ সুবিধা, প্ৰয়োগ আদিকো সামৰি লয় । শিক্ষাৰ পৰিসৰ হ’ল অপৰিসীম আৰু বহুত বহল আৰু দীঘল ।

Q. 13 | শিক্ষাৰ পৰিসৰত কোনবোৰ বস্তুক অন্তর্ভুক্ত কৰা হৈছে ?

উত্তৰঃ শিক্ষাৰ পৰিসৰত বহুবোৰ বিষয়ক অন্তর্ভুক্ত কৰি লোৱা হৈছে । অন্তৰ্ভুক্ত বিষয়বোৰ হ’ল শিক্ষা দর্শন, শিক্ষা সমাজবিজ্ঞান, শিক্ষা মনোবিজ্ঞান, শিক্ষাৰ ইতিহাস, তুলনামূলক শিক্ষা, শিক্ষাৰ সমস্যাসমূহ, শৈক্ষিক প্রশাসন আৰু সংগঠন, শিক্ষা প্রযুক্তিবিদ্যা, শিক্ষাদানৰ কৌশল, শৈক্ষিক পৰিসংখ্যা বিজ্ঞান ইত্যাদি ।

Q. 14 | আনুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য হল-

(i) আনুষ্ঠানিক শিক্ষা এক সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰদান কৰা হয়। এই শিক্ষা পূৰ্বনিৰ্ধাৰিত আৰু উদ্দেশ্যপ্ৰণোদিত।

(ii) আনুষ্ঠানিক শিক্ষা এক নিৰ্ধাৰিত সময়ৰ বাবে প্ৰদান কৰা হয়। গতিকে শিক্ষাৰ পৰিসৰ নিৰ্ধাৰিত আৰু সীমাবদ্ধ।

Q. 15 | অনানুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ অনানুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য হল-

(i) অনানুষ্ঠানিক শিক্ষা আকস্মিক, স্বতঃস্ফৰ্ত আৰু নীতি-নিয়ম বহিৰ্ভূত। ইয়াত সচেতনভাবে কোনো কাৰ্য পৰিচালিত নহয়।

(ii) আনুষ্ঠানিক শিক্ষাৰ দৰে অনানুষ্ঠানিক শিক্ষা কোনো বিশেষ সংগঠন বা বিদ্যালয়-মহাবিদ্যালয়ৰ দ্বাৰা প্ৰদান কৰা নহয়।

Q. 16 | অগাতনুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ অগাতনুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য হল-

(i) সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ বাবে এই শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।

(ii) অগতানুগতিক শিক্ষাৰ পৰিসৰ অত্যন্ত ব্যাপক, সমাজমুখী আৰু গণতান্ত্ৰিক।

Q. 17 | বহল অৰ্থত শিক্ষাই কি বুজায়?

উত্তৰঃ বহল অৰ্থত শিক্ষাই মানৱ জীৱনৰ সমগ্ৰ দিশ আগুৰি থাকে।

Q. 18 | প্রকৃত শিক্ষা কি ?

উত্তৰঃ প্রকৃত শিক্ষা হ’ল এনেধৰণৰ শিক্ষা যিয়ে সঘনাই পৰিৱৰ্তন হৈ থকা সমাজখন আৰু জটিল বিশ্বখনত সৌহার্দ্যপূর্ণভাৱে ব্যৱহাৰিক আৰু অৰ্থপূৰ্ণ জীৱনধাৰণৰ পথ সুগম কৰে । প্রকৃত শিক্ষাই মানুহক বা ব্যক্তিক আড়ম্বৰপূৰ্ণ আৰু যৌগক হৈ উঠাৰ পৰিৱৰ্তে সহজ - সৰল আৰু মুক্ত হোৱাত অৰিহণা যোগায় ।

Q. 19 | "শিক্ষা এক দ্বিপাক্ষীয় প্ৰক্ৰিয়া" চমুকৈ লিখা।

উত্তৰঃ দ্বি-পাক্ষিক প্ৰক্ৰিয়াত শিক্ষা হৈছে শিক্ষক আৰু শিক্ষাৰ্থীক মাজৰ পাৰস্পৰিক কাৰ্য বিশেষ। এই শিক্ষক-শিক্ষাৰ্থী কেন্দ্ৰীভূত শিক্ষাত শিক্ষকক এটা মূৰত আৰু শিক্ষাৰ্থীক আন এটা মূৰত স্থান দিয়া।

Q. 20 | "শিক্ষা এক জীৱনজোৰা প্ৰক্ৰিয়া" চমুকৈ লিখা।

উত্তৰঃ শিক্ষা হৈছে ব্যক্তিৰ সমগ্ৰ জীৱনজুৰি বৰ্তী থকা কাৰ্যবিশেষ। ব্যক্তিৰ জন্মলগ্নৰে পৰা শিক্ষা মৃত্যু পৰ্যন্ত আমৰণ গতিত চলি থকা এক বিকাশশীল প্ৰক্ৰিয়া।

Q. 21 | শিক্ষা বুলিলে কি বুজা ? শিক্ষাৰ সংকীৰ্ণ আৰু ব্যাপক অৰ্থ ব্যাখ্যা কৰা ।


উত্তৰঃ শিক্ষা শব্দটো ইংৰাজী শব্দ 'Education' ৰ মূল 'Educare' শব্দৰ পৰা উৎপত্তি হৈছে । যাৰ অৰ্থ হ'ল লালন - পালন কৰা বা প্রতিপালন কৰা । শিক্ষা শব্দটো আকৌ লেটিন । ভাষাৰ 'E' আৰু ‘Duco' শব্দ দুটাৰ পৰা উৎপত্তি হৈছে । যাৰ অৰ্থ মই বিকশিত হওঁ বা মই আগুৱাই যাওঁ । শিক্ষা সম্পর্কে বিভিন্ন শিক্ষাবিদে বিভিন্ন সংজ্ঞা আগবঢ়াইছে । 

  • প্লেটোৰ মতে, “ শিক্ষা হ’ল উপযুক্ত সময়ত সুখ - দুখ অনুভৱ কৰিব পৰা ক্ষমতা ।”
  • জন আডামচ্‌ৰ মতে, “ শিক্ষা হৈছে এবিধ সচেতন আৰু সচেষ্ট প্ৰক্ৰিয়া যাৰ জৰিয়তে ব্যক্তিয়ে নিজৰ ব্যক্তিত্বৰ প্ৰভাৱ আন এজনৰ ব্যক্তিত্বৰ ওপৰত পেলাব পাৰে ।”

গতিকে আমি ক'ব পাৰে ৷ যে শিক্ষা হ'ল এক জীৱন জোৰা প্ৰক্ৰিয়া । ই জন্মৰ মুহূৰ্ত্তৰ পৰা আৰম্ভ হৈ মৃত্যুলৈকে অবিৰতভাৱে চলি থাকে । অন্যকথাত ক'বলৈ গ'লে শিক্ষা হৈছে এনে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে প্রত্যেক ব্যক্তিয়েই জীৱনৰ প্ৰতি মুহূৰ্ত্তত নিত্য - নতুন অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হয় । শিক্ষাৰ দুটা অৰ্থ দেখিবলৈ পোৱা যায় । যেনে - সংকীর্ণ অৰ্থ আৰু ব্যপক অর্থ ।

সংকীর্ণ অৰ্থত শিক্ষা বুলি ক'লে বিদ্যালয়ৰ চাৰিবেৰৰ মাজত আৱদ্ধ হৈ নিৰ্দ্দিষ্ট পাঠ্যক্রম, অনুশাসন, সময়সীমাৰ মাজেৰে লাভ কৰা অভিজ্ঞতাকে বুজা যায় । সংকীর্ণ অর্থত শিক্ষা শিক্ষণীয় পাঠ্যক্ৰমৰ ভিতৰতে আৱদ্ধ থাকে । সেয়ে এই শিক্ষা অপৰিবৰ্তনীয় আৰু গতিহীন । ই শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তাক বিশেষ গুরুত্ব নিদিয়ে । এইধৰণৰ শিক্ষা লাভৰ বাবে বিভিন্ন শ্ৰেণীৰ শিক্ষানুষ্ঠান, শিক্ষক, পাঠ্যক্ৰম আৰু পৰীক্ষা পদ্ধতিৰ ব্যৱস্থা কৰা হয় । ছাত্র - ছাত্রীয়ে শিক্ষানুষ্ঠানত নাম ভৰ্ত্তি কৰোৱাৰ লগে লগেই এই শিক্ষা আৰম্ভ হয় আৰু শিক্ষা সাং কৰি ওলাই নহালৈকে ই চলি থাকে । এই শিক্ষাৰ জৰিয়তে শিক্ষার্থীয়ে ডিগ্রী - ডিপ্লমা, চাৰ্টিফিকেট আদি লাভ কৰিব পাৰে । 

ব্যাপক অর্থত শিক্ষা বুলিলে জীৱন ব্যাপি চলা শিক্ষা প্রক্রিয়াকে বুজা যায় । ব্যাপক অৰ্থত ‘ শিক্ষা বুলি ক'লে বিদ্যালয়ত লাভ কৰা জ্ঞানৰ ওপৰিও জন্মৰ পৰা মৃত্যুলৈকে আমৰণ কাল বাস্তৱ পৰিস্থিতিত লাভ কৰা প্ৰতিটো অভিজ্ঞতাকে বুজা যায় । এনে অর্থত শিক্ষা হ'ল অভিজ্ঞতাৰ পুনৰ গঠন , বাস্তব সমস্যাৰ সমাধান প্ৰক্ৰিয়া সামাজিক প্রক্রিয়া , সমযোজন প্রক্রিয়া আৰু সমাজৰ সংৰক্ষক । ইহ’ল এক সামাজিকৰণ প্রক্রিয়া এই অৰ্থত শিক্ষা হ’ল ব্যক্তিৰ ব্যক্তিসত্বাৰ বিকাশ সাধন । এই প্রক্রিয়াই মানুহক বিভিন্ন পৰিৱেশৰ লগত খাপ খাবলৈ সক্ষম কৰি তোলে । জন ডিউইৰ মতে শিক্ষা হ'ল জীৱন ব্যাপি চলা এক অন্তহীন প্রক্রিয়া । মহাত্মা গান্ধীৰ মতে শিক্ষাৰ দ্বাৰা মই শিশুৰ দেহ , মন আৰু আত্মাৰ সৰ্বতোমুখী বিকাশকে বুজো । গতিকে পাৰিপাৰ্শ্বিকতাৰ সংস্পৰ্শত লাভ কৰা অভিজ্ঞতাৰ ফলত মানুহৰ ব্যৱহাৰৰ যি পৰিৱৰ্তন হয় , আৰু যিয়ে মানুহক উন্নতিৰ পথত অগ্ৰসৰ হৈ সার্থক জীৱন - যাপন কৰিবলৈ সক্ষম কৰি ভোলে সিয়ে শিক্ষা । ই এনে এটা বিৰামহীন প্রক্রিয়া যাৰ দ্বাৰা ব্যক্তিয়ে নিজস্ব গুণাৱলীৰ বিকাশ সাধন কৰাৰ ওপৰিও সামাজিক জীৱনলৈও অৱদান যোগাব পাৰে ।

Q. 22 | শিক্ষাৰ কেইটিমান সংজ্ঞা লিখা ।

উত্তৰঃ শিক্ষাৰ কেইটিমান সংজ্ঞা তলত উল্লেখ কৰা হ'ল— 

  • গ্রীক দার্শনিক এৰিষ্টটলৰ মতে, “এটা সুস্থ দেহত এটা সুস্থ মন সৃষ্টি কৰাটোৱেই শিক্ষা” গ্রীক দার্শনিক প্লেটোৰ মতে “উপযুক্ত সময়ত সুখ - দুখ অনুভৱ কৰিব পৰা ক্ষমতাই হ'ল শিক্ষা , ই শিক্ষাৰ্থীৰ শৰীৰ আৰু আত্মাৰ সম্ভৱপৰ সকলোখিনি সৌন্দৰ্য আৰু সম্ভাব্যপূর্ণ বিকাশ ঘটায় । চুইজাৰলেণ্ডৰ প্ৰখ্যাত শিক্ষামনোবিদ পোষ্টালজীৰ মতে, “মানুহৰ অন্তনিৰ্হিত শক্তিসমূহৰ স্বাভাবিক, সঙ্গতিপূর্ণ আৰু প্ৰগতিশীল বিকাশেই শিক্ষা ।”
  • আমেৰিকাৰ শিক্ষাবিদ জন ডিউইৰ মতে, “শিক্ষা হৈছে অবিৰাম ভাবে গোটেই জীৱন ব্যাপী চলি থকা এটা প্রক্রিয়া ।
  • গ্রীক শিক্ষাবিদ হাবার্ট স্পেনচাৰৰ মতে, “ শিক্ষা হৈছে সম্পূর্ণ জীৱনৰ বাবে প্ৰস্তুত কৰি তোলা এক প্রক্রিয়া । "

Q. 23 | আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ পাৰ্থক্য দেখুওৱা ।

উত্তৰঃ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত পৰিলক্ষিত হোৱা পার্থক্যসমূহ তলত উল্লেখ কৰা হ'ল –

( ক ) আনুষ্ঠানিক শিক্ষাৰ নিৰ্দিষ্ট বয়সত আৰম্ভ আৰু শেষ হয় । আনহাতে অনানুষ্ঠানিক শিক্ষা এক জীৱনব্যাপি হোৱা প্ৰক্ৰিয়া ।

( খ ) আনুষ্ঠানিক শিক্ষাৰ পূৰ্ব পৰিকল্পিত আঁচনি থাকে কিন্তু অনানুষ্ঠানিক শিক্ষাত কোনোধৰণৰ পূর্বপৰিকল্পিত আঁচনি নাথাকে ।

( গ ) আনুষ্ঠানিক শিক্ষাৰ বাবে নির্দিষ্ট আনুষ্ঠানিক অনুষ্ঠান থাকে । আনহাতে অনানুষ্ঠানিক শিক্ষাৰ কোনো নির্দিষ্ট আনুষ্ঠানিক অনুষ্ঠান নাথাকে ।

( ঘ ) আনুষ্ঠানিক শিক্ষাৰ নিৰ্দিষ্ট পাঠ্যক্ৰম আৰু পাঠ্যপুথি থাকে কিন্তু অনানুষ্ঠানিক শিক্ষাত কোনো নির্দিষ্ট পাঠ্যক্ৰম আৰু পাঠ্যপুথি নাথাকে ।

( ঙ ) আনুষ্ঠানিক শিক্ষাত নির্দিষ্ট পাঠদান পদ্ধতি আছে । আনহাতে অনানুষ্ঠানিক শিক্ষাত কোনো নির্দিষ্ট পাঠদান পদ্ধতি নাথাকে ।

( চ ) আনুষ্ঠানিক শিক্ষা ধৰাবন্ধা সময় আৰু নীতি নিয়মৰ মাজেৰে সম্পন্ন কৰা হয় । কিন্তু অনানুষ্ঠানিক শিক্ষাৰ কোনো ধৰাবন্ধা সময় আৰু নীতি নিয়ম নাথাকে ।

( ছ ) আনুষ্ঠানিক শিক্ষা সকলোৰে বাবে মুক্ত নহয় । কিন্তু অনানুষ্ঠানিক শিক্ষা সকলোৰে বাবে মুক্ত !

( জ ) আনুষ্ঠানিক শিক্ষাৰ কিছুমান বিশেষ লক্ষ্য আছে । আনহাতে অনানুষ্ঠানিক শিক্ষাৰ কোনো বিশেষ লক্ষ্য নাথাকে ইত্যাদি ।


Q. 24 | চমুটোকা লিখাঃ —

( ক ) শিক্ষা আৰু জীৱবিদ্যা। 

উত্তৰঃ জীৱিত প্ৰাণী বা বস্তু সামগ্ৰীৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানৰ বিষয়টো হল জীৱবিদ্যা। মানুহৰ বিকাশৰ ইতিহাস, জৈৱিক বিশেষত্ব, প্ৰাণীৰ বংশগতিত প্ৰভাৱ, ক্ৰমবিকাশ আদিৰ বিষয়ে জীৱবিদ্যাই অধ্যয়ন কৰে। ঠিক তেনেকৈ ব্যক্তিৰ শিক্ষা আহৰণৰ ক্ষেত্ৰটো বংশ আৰু পৰিৱেশৰ প্ৰভাৱ সম্পৰ্কে বিস্ততভাৱে অধ্যয়ন কৰা হয়। মানৱ ব্যক্তিৰ ব্যক্তিগত পাৰ্থক্য জানিবলৈ হলে বংশগতিৰ অধ্যয়নৰ প্ৰয়োজন। জীৱবিদ্যাৰ দ্বাৰা লাভ কৰা জ্ঞানৰ সহায়ত শিক্ষাই ব্যক্তিৰ বিকাশ প্ৰক্ৰিয়া সুপৰিকল্পিতভাৱে পৰিচালিত কৰিব পাৰে। শিক্ষাৰ প্ৰধান কাম হৈছে মানৱীয় ক্ষমতাৰ বিকাশৰ মাজেৰে ব্যক্তিক চাৰিওফালে পৰিৱেশৰ লগত শক্তিশালীভাৱে সমযোজন কৰিব পৰাকৈ গঢ়ি তোলা। গতিকে স্বাবাৱিকতেই শিক্ষাই জীৱবিদ্যাৰ ওচৰ চাপিবলগীয়া হয়। শিক্ষাই ব্যক্তিক শ্ৰেষ্ঠ হিচাপে গঢ়ি তুলি জীয়াই থকাৰ প্ৰয়োজনীয় জ্ঞান দিয়ে। প্ৰকৃতিৰ লগত ব্যক্তিয়ে কেনেকৈ সম্পৰ্ক বজাই ৰাখি নিজৰ অস্তিত্ব বজাই ৰাখিব পাৰে তাৰ প্ৰয়োজনীয় জ্ঞান শিক্ষাই প্ৰদান কৰে। প্ৰাকৃতিক বিজ্ঞানী চাৰ্লছ ডাৰউইনৰ চিন্তা বিশ্লেষণ কৰিলে জীৱবিদ্যা আৰু শিক্ষাৰ সম্পৰ্ক সহজেই বুজিব পাৰি।

( খ ) শিক্ষা আৰু অৰ্থনাতি।

উত্তৰঃ অৰ্থনীতি হল সম্পদৰ অধ্যয়ন। অৰ্থনীতিয়ে এখন দেশৰ অৰ্থনৈতিক অৱস্থা, বিকাশ আৰু আৰ্থ-সমাজিক দিশৰ সুচাৰুৰুপে বিকাশ আৰু প্ৰগতিৰ অধ্যয়ন কৰে। আনহাতে, শিক্ষাৰ উদ্দেশ্য হল ব্যক্তিক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলা। দেশৰ অৰ্থনৈতিক বিকাশ আৰু শিক্ষা ব্যৱস্থাৰ বিকাশৰ মাজত এক পাৰস্পৰিক সম্বন্ধ আছে। অৰ্থনৈতিকভাৱে উন্নত দেশতহে শিক্ষাৰ উন্নতি পৰিলক্ষিত হয়। আনহাতে, আৰ্থিকভাৱে পিছপৰা দেশ এখনে শিক্ষাৰ নিম্নতম সা-সুবিধাও প্ৰদান কৰিব নোৱাৰে আৰু ইয়াৰ ফলত দেশৰ শিক্ষা ব্যৱস্থাও নিম্নগামী হয়। অৰ্থনীতিয়ে ব্যক্তিক উৎপাদনশীল ব্যক্তিহিচাপে গঢ়ি সমাজ আৰু ৰাষ্ট্ৰৰ উপকাৰ সাধন কৰিব পাৰে। শিক্ষাৰ মূল কাৰ্য হল মানৱীয় প্ৰতিভা বিকাশ সাধন কৰি মানুহক উৎপাদনৰ চালিকা শক্তি হিচাপে গঢ়ি তোলা। শিক্ষাৰ পৰিকল্পনা, সম্পদৰ বিতৰণ, সংগঠন, বিনিয়োগ আদি দিশবোৰ অৰ্থনীতিৰ গণ্ডীৰ ভিতৰত নিৰ্ধাৰণ কৰা হয়। বৰ্তমান শিক্ষাক মানৱসম্পদ বিকাশৰ আহিলা হিচাপে গণ্য কৰাৰ লগে লগে শিক্ষা আৰু অৰ্থনীতিৰ যোগসূত্ৰ ঘনিষ্ঠ হৈ পৰিছে। গতিকে শিক্ষা প্ৰক্ৰিয়াক সফলৰুপে আগুৱাই নিয়াত অৰ্থনৈতিক উপাদানে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে।

( গ ) মুক্ত বিদ্যালয় ।

উত্তৰঃ মুক্ত বিদ্যালয়ে মাধ্যমিক স্তৰৰ শিক্ষাৰ দাবীসমূহ পূৰণ কৰে । এই শিক্ষা ব্যৱস্থা অগতানুগতিক । ইয়াত আনুষ্ঠানিক শিক্ষাৰ লাভ কৰাৰ পৰা বঞ্চিত , বিদ্যালয়ৰ শিক্ষা আধৰুৱা কৰা , চাকৰিয়াল , গৃহিণী আৰু অনুন্নত শ্ৰেণীৰ ব্যক্তিসকলক শিক্ষা লাভৰ সুযোগ দিয়া হয় । মুক্ত বিদ্যালয় হৈছে যোগাযোগ শিক্ষা ব্যৱস্থাৰ পৰিশোধিত আৰু উন্নত শিক্ষা ব্যৱস্থা । ইয়াত পূৰ্বৰ শিক্ষাগত অৰ্হতা , নামভৰ্তিৰ বয়স সীমা , শিক্ষাদান পদ্ধতি , শিক্ষণৰ গতি , শিক্ষাৰ স্থান , যোগ্যতা , বিষয় নির্বাচন আদিৰ ক্ষেত্ৰত শিক্ষাৰ্থীক সম্পূর্ণ স্বাধীনতা প্ৰদান কৰা হয় । এই স্কুলত শিক্ষাদান ব্যৱস্থা বিভিন্ন যোগাযোগ মাধ্যম আৰু দৃশ্য শ্ৰব্য সঁজুলিৰ সহায়ত কৰা হয় ।

Q. 25 | মুক্ত শিক্ষা / বিদ্যালয়ৰ বৈশিষ্ট্যবোৰ লিখা ।

উত্তৰঃ এই বিদ্যালয়ৰ বৈশিষ্ট্যবোৰ হ'ল—

( ১ ) শিক্ষার্থীয়ে ঘৰতে বহি শিক্ষা লাভ কৰিব পাৰে । 

( ২ ) মাধ্যমিক পৰ্য্যায়ৰ শিক্ষাৰ্থীক শিক্ষা লাভৰ সুযোগ প্রদান কৰে ।

( ৩ ) আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত , আধাতে বিদ্যালয় এৰা শিক্ষার্থীক পুনৰ শিক্ষা লাভৰ সুযোগ দিয়া ।

( ৪ ) ই আনুষ্ঠানিক বা অনানুষ্ঠানিক পদ্ধতিৰে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰে ।

( ৫ ) এই বিদ্যালয়ত শিক্ষক শিক্ষাৰ্থীৰ মাজত নিবিড় সম্পর্ক নাথাকে ।

( ৬ ) ইয়াত নামভর্তি , বিষয় নির্বাচন , পৰীক্ষাত অৱতীৰ্ণ হোৱা , শ্রেণীত উপস্থিত থকা ইত্যাদিবোৰ শিক্ষাৰ্থীৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰশীল

( ৭ ) ইচ্ছুক শিক্ষার্থীক বিদ্যালয়ৰ পৰিৱেশত শিক্ষা প্ৰদান কৰা ইত্যাদি ।

Q. 26 | মুক্ত শিক্ষাৰ তিনিটা উদ্দেশ্য উল্লেখ কৰা।

Or 

Q. 27 | মুক্ত শিক্ষাৰ প্ৰধান উদ্দেশ্যসমূহ লিখা।

উত্তৰঃ মুক্ত শিক্ষাৰ প্ৰধান উদ্দেশ্যসমূহ হ'ল :

( 1 ) শিক্ষাৰ মানদণ্ড উন্নত কৰা ।

( ২ ) আনুষ্ঠানিক শিক্ষা লাভৰ পৰা বিভিন্ন কাৰণত বঞ্চিত হোৱা লোকসকলক শিক্ষা লাভৰ সুযোগ প্রদান কৰা ।

( ৩ ) শিক্ষাক অবিৰত কৰাৰ ব্যৱস্থা কৰা ।

( ৪ ) শিক্ষার্থীক শিক্ষাৰ প্ৰাসংগিকতাৰ লগত খাপ খাবলৈ সুবিধা দিয়া ।

( ৫ ) শিক্ষাৰ্থীৰ আৰ্থ - সামাজিক দিশৰ বিকাশ আৰু উন্নতি সাধন কৰা ইত্যাদি ।

Q. 28 | শিক্ষাৰ সমাজকেন্দ্রিক লক্ষ্যৰ বিষয়ে চমুকৈ লিখা । 


উত্তৰঃ ব্যক্তিকেন্দ্ৰীক লক্ষ্যৰ লগতে সমাজকেন্দ্ৰীক লক্ষ্যও শিক্ষাৰ এক অন্যতম লক্ষ্য। শিক্ষাৰ সমাজতান্ত্ৰিক লক্ষ্যৰ মতে, সমাজ বা ৰাষ্ট্ৰ ব্যক্তিত্বই বেছি গুৰুত্বপূৰ্ণ। সামাজিক লক্ষ্য মানে সামাজিক যোগ্যতা। সামাজিক লক্ষ্যই এজন ব্যক্তিক কেৱল সমাজৰ আহিলা হিচাপে মনোনিবেশ কৰে আৰু ব্যক্তিৰ দায়িত্ব ৰাষ্ট্ৰৰ হাতত ন্যস্ত কৰিবলৈ চেষ্টা কৰে। সহজ অৰ্থত সামাজিক লক্ষ্যই ব্যক্তিৰ দায়িত্ব ৰাষ্ট্ৰৰ হাতত ন্যস্ত কৰিবলৈ চেষ্টা কৰে।

Q. 29 | শিক্ষাৰ পৰিসৰ সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ শিক্ষাৰ পৰিধি বা পৰিসৰ বুলি কলে শিক্ষাই সামৰি লোৱা বিষয়বস্তুসমূহকে বুজোৱা হয়। শিক্ষাক্ষেত্ৰত পৰিধিয়ে কোনো বহুলতা আৰু বহুমুখী শিক্ষণ অভিজ্ঞতাকে সাঙুৰি লয়। এইটো সত্য যে, শিক্ষাৰ পৰিধি অতি ব্যাপক আৰু বহল। ঠিক আমাৰ জীৱনৰ নিচিনা। ব্যক্তি বিকাশৰ শাৰীৰিক, মানসিক, নৈতিক, সামাজিক আৰু আধ্যাত্মিক দিশৰ প্ৰতিটো স্তৰতেই শিক্ষাৰ প্ৰভাৱ বিৰাজমান। শিক্ষাক শিক্ষাৰ্থীৰ পাৰস্পৰিক ভাৱৰ বিনিময়, শিক্ষকৰ চৰিত্ৰ, আচৰণ, শৃংখলাবোধ, শিক্ষাদানৰ কৌশল, পাঠ্যক্ৰমৰ প্ৰকৃতি, বিভিন্ন বিষয়বস্তুৰ জ্ঞান,শিক্ষণ, শিক্ষণ পদ্ধতি, অনুশাসন ব্যৱস্থা আদিৰ সুসংবদ্ধ আৰু প্ৰণালীবদ্ধ অধ্যয়ন কৰাই শিক্ষা।

Q. 30 | শিক্ষাৰ বৃত্তিমূলক লক্ষ্যৰ বিষয়ে চমুকৈ লিখা ।


উত্তৰঃ শিক্ষা কেৱল সাংস্কৃতিক দিশৰ পৰিশোধন আৰু হস্তান্তৰকৰণৰ প্ৰক্ৰিয়াই নহয়, বৰং শিক্ষা, সামাজিক, অৰ্থনৈতিক আৰু বৃত্তীয় দিশৰ উন্নয়নৰ আহিলা স্বৰুপ। বৰ্তমান সময়ত, বৃত্তিক সংৰক্ষণ কৰাটো শিক্ষাৰ এক মৌলিক প্ৰয়োজন হৈ পৰিছে। আধুনিক পৃথিৱীত জীৱন-নিৰ্বাহৰ প্ৰক্ৰিয়া বৰ জটিল হৈ পৰিছে। কাৰণ, আধুনিক জগতৰ বৃত্তিমূলক পৰিসৰ অতি বিস্তত, যত নেকি ব্যক্তিয়ে বিশেষ যোগ্যতা আৰু দীঘলীয়া সময়ৰ ব্যৱহাৰ কৰিব লগা হয়। সেয়েহে আধুনিক শিক্ষা কেৱল জ্ঞান আহৰণৰ বাবে অথবা মানুহৰ বৌদ্ধিক আৰু আধ্যাত্মিক শক্তি বিকাশৰ বাবেই মাথোন আয়ত্ত কৰা নহয়। শিক্ষাৰ আন এটা বাস্তৱ আৰু প্ৰত্যক্ষ প্ৰয়োজন অনুভৱ কৰা হয়। এই প্ৰয়োজন হৈছে ব্যক্তিক উৎপাদনমুখী আৰু স্বাৱলম্বী কৰি তোলা। জ্ঞান কেৱল আধ্যাত্মিক আৰু সৌন্দৰ্যবোধক বিষয় বুলি নাভাবি ব্যৱহাৰিক আৰু উৎপাদনকাৰী বিষয় হিচাপেহে বিবেচনা কৰিব লাগে। শিক্ষাৰ আত্মিক প্ৰয়োজনতকৈও আজিৰ শিল্প আৰু বিজ্ঞানমুখী সমাজত অৰ্থনৈতিক প্ৰয়োজন বেছি। বৰ্তমান এনেবিধ প্ৰয়োজন পূৰণ কৰা শিক্ষাই হৈছে বৃত্তিমূলক শিক্ষা।





Tags :

  • শিক্ষাৰ ধাৰণা (Concept Of Education) B.A 1st Sem Education Model Questions Solution
  • BA 1st Sem Education Model Answer Gauhati University
  •  B.A 1st Semester Education Question Answer [Regular & General] Gauhati University
  • Gauhati University BA 1st Semester Education General Solutions Chapter 1 শিক্ষাৰ ধাৰণা
  • GU TDC 1st Semester Education Notes
  • ba 1st sem assamese question answer pdf
  • ba 1st sem education book assamese medium
  • শিক্ষাৰ ধাৰণা b.a 1st semester