Follow Us:

সামাজিক মাধ্যম আৰু অসমীয়া ভাষাঃ ইণ্টাৰনেট, ফেচবুক, টুইটাৰ | BA 1st Sem Assamese Model Solutions Gauhati University | TDC 1st Semester Assamese Question and Answer

LearningPointAssam.com

Gauhati University B.A 1st Semester Assamese যোগাযোগ মূলক অসমীয়া কিতাপ pdf Book Notes Model Solutions is provided in the list of GU BA 1st Semester Assamese Question Answer Assamese Medium. We design all the solutions according to the Gauhati University BA first Semester Sakshamata Vikash Pathya Solutions, so that you can get the Assamese Regular Course Solutions TDC 1st Semester Chapter 3 — সামাজিক মাধ্যম আৰু অসমীয়া ভাষাঃ ইণ্টাৰনেট, ফেচবুক, টুইটাৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ is here....

সামাজিক মাধ্যম আৰু অসমীয়া ভাষাঃ BA 1st Sem Assamese Model Question and Answer

Gauhati University Answer Bank for BA 1st Year Assamese (ASM-AE-1014) Sakshamata Vikash Pathya Notes & Model Solutions is given here According to Guwahati University. So that the students can easily understand all the concepts. Understand the concepts behind each unit and score well in Gauhati University board examination. যোগাযোগমূলক অসমীয়া পাঠ্য — সামাজিক মাধ্যম আৰু অসমীয়া ভাষাঃ ইণ্টাৰনেট, ফেচবুক, টুইটাৰ  Model Solutions You can read, write and practice these here…



Chapter — 3

সামাজিক মাধ্যম আৰু অসমীয়া ভাষাঃ ইণ্টাৰনেট, ফেচবুক, টুইটাৰ  — ALL Important Question & Answers

GU BA 1st Sem Assamese ASM-AE-1014 Questions & Answer :


CONTENTS

সামাজিক মাধ্যম আৰু অসমীয়া ভাষাঃ ইণ্টাৰনেট, ফেচবুক, টুইটাৰ
Model Question and Answer key






প্ৰশ্নাৱলীঃ

সামাজিক মাধ্যম আৰু অসমীয়া ভাষাঃ ইণ্টাৰনেট, ফেচবুক, টুইটাৰ প্রশ্ন উত্তৰ Gauhati University BA 1st Sem Assamese Model Question and Answer is here....

তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়াঃ Mark — 1

Q. 1 | সামাজিক মাধ্যম কাক বোলে?

উত্তৰঃ সামাজিক মাধ্যম হৈছে কম্পিউটটাৰ পৰিচালিত প্ৰযুক্তিবিদ্যা যিয়ে বেৰৰ ধাৰণা, বৃত্তিমূলক প্ৰয়োজন, গুৰুত্ব আৰু ভাৱ প্ৰকাশৰ প্ৰয়োজনীয়তাক বাস্তৱ সম্প্ৰদায় আৰু নেটৱৰ্ক ব্যৱস্থাৰ জৰিয়তে পৰিচালিত কৰে।

Q. 2 | সামাজিক মাধ্যমত কেই প্ৰকাৰৰ প্ৰভাৱ পৰিলক্ষিত আৰু কি কি ?

উত্তৰঃ দুই প্ৰকাৰৰ । যেনেঃ (ক) ইতিবাচক প্ৰভাৱ। (খ) নেতিবাচক প্ৰভাৱ ।

Q. 3 | এটা জনপ্রিয় সামাজিক মাধ্যমৰ নাম লিখা?

উত্তৰঃ এটা জনপ্রিয় সামাজিক মাধ্যমৰ নাম হল - ফেচবুক।

Q. 4 | ফেচবুকৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ ১৯৮৪ চনৰ ১৮ মে'ত ফেচবুকৰ জন্ম  হৈছিল।

Q. 5 | ফেচবুক কিমান চনত ভাৰতত মুকলি কৰা হৈছিল ?

উত্তৰঃ ফেচবুক ২০০৬ চনৰ ২৬ ছেপ্তেম্বৰৰ দিনা ভাৰতত মুকলি কৰা হৈছিল । 

Q. 6 | ফেচবুকৰ পিতৃ কোন?

উত্তৰঃ ফেচবুকৰ পিতৃ হল - এলিয়ট জুকাৰবাৰ্গ।

Q. 7 | সামাজিক মাধ্যম ব্যৱহাৰৰ এটা গুণ লিখা।

উত্তৰঃ  সামাজিক মাধ্যমৰ যোগেদি মানুহে ব্যক্তিগত ভাৱে লাভৱান হোৱাৰ উপৰিও ইয়াৰ যোগেদি তেওঁলোকে সামাজিক দায়বদ্ধতাও পূৰণ কৰিব পাৰে।

Q. 8 | ই-মেইল কি? 

উত্তৰঃ ই-মেইল হল এটা মাধ্যম যাৰ যোগেদি বিশ্বৰ যিকোনো ঠাইলৈ তথ্য প্ৰেৰণ বা সংগ্ৰহ কৰিব পাৰি।

Q. 9 | প্ৰ'গ্ৰেম কি?

উত্তৰঃ প্ৰগেম হল কম্পিউটাৰৰ দ্বাৰা কোনো এক কাৰ্য সমাধানৰ বাবে তৈয়াৰ কৰা নিৰ্দেশাৱলীৰ সমষ্টি।

Q. 10 | WWW-ৰ সম্পূৰ্ণ ৰূপ লিখা।

উত্তৰঃ WWW-ৰ সম্পূৰ্ণ ৰূপ হল - World wide web .

Q. 11 | ৱেব ব্রাউজাৰ কি?

উত্তৰঃ ৱেব ব্রাউজাৰ হল এটা ছফটৱেৰ যাক ৱৰ্ল্ড ৱাইড ৱেবৰ জগতত পৰিভ্ৰমণ কৰিবলৈ প্ৰয়োজন হয়।

Q. 12 | ৱেব ছাইট কি?

উত্তৰঃ ৱেব ছাইট হল ইন্টাৰনেটৰ তথ্য জমা ৰখাৰ এক স্থান। 

Q. 13 | HTTP ৰ সম্পূৰ্ণ ৰূপ লিখা।

উত্তৰঃ HTTP ৰ সম্পূৰ্ণ ৰূপ হল - Hypertext transfer protocol.

Q. 14 | 'Hashtag' কিয় সৃষ্টি কৰা হৈছে ?

উত্তৰঃ সহজে সংগঠিত কৰিবলৈ আৰু খৱৰ গোটাবলৈ 'Hashtag' সৃষ্টি কৰা হয় ।

Q. 15 | ই-এডুকেচন বুলিলে কি বুজা?

উত্তৰঃ ই-এডুকেচন এক প্ৰকাৰৰ শিক্ষামূলক ভ্ৰমণ বুলিয়েই কব পাৰি। শ্ৰেণীকোঠাত নথকাকৈয়ে ইণ্টাৰনেটৰ জৰিয়তে শিক্ষা লাভ কৰিব পাৰি।

Q. 16 | বর্তমান ফেচবুকত কেইটা ভাৰতীয় ভাষা উপলব্ধ হৈ আছে?

উত্তৰঃ বর্তমান ফেচবুকত ৮ টা ভাৰতীয় ভাষা উপলব্ধ হৈ আছে।

Q. 17 | টুইটাৰ (Twitter) শব্দৰ অৰ্থ কি?

উত্তৰঃ টুইটাৰ (Twitter) শব্দৰ অৰ্থ হল - 'পখীৰ কাকলি' বা সৰু সৰু তথ্য।

Q. 18 | ইন্টাৰনেটৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ ইন্টাৰনেটৰ জন্ম ১৯৫৮ চনত হৈছিল।

Q. 19 | ইণ্টাৰনেট কি?  

উত্তৰঃ ইণ্টাৰনেট হৈছে বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন তথ্য সৰবৰাহ কৰিব পৰা আধুনিক প্ৰযুক্তিৰে নিৰ্মিত এক গোলকীয় বিশেষ জাল। 

বা, ইণ্টাৰনেট হল সামাজিক মাধ্যমৰ সহায়ত কোনো তথ্য সৰবৰাহ কৰিব পৰা আধুনিক প্ৰযুক্তিৰ এটা বিশেষ প্ৰক্ৰিয়া ।

Q. 20 | কিহৰ আৱিষ্কাৰে পৃথিৱীখন মানুহৰ হাতৰ মুঠিলৈ আহিল ?

উত্তৰঃ- ইণ্টাৰনেট আৱিষ্কাৰে পৃথিৱীখন মানুহৰ হাতৰ মুঠিলৈ আনিলে । 

Q. 21 | কিহৰ জালৰ যোগেদি সমগ্ৰ বিশ্ববাসী আৱদ্ধ হৈ পৰিল ?

উত্তৰঃ- ইণ্টাৰনেট জালৰ যোগেদি সমগ্ৰ বিশ্ববাসী আৱদ্ধ হৈ পৰিল । 

Q. 22 | ভাৰতবৰ্ষত কি নেটৱৰ্ক অহাৰ পিছৰ পৰাই সামাজিক মাধ্যমৰ ব্য়ৱহাৰ দ্ৰুত গতিত বাঢ়ি গৈছে ?

উত্তৰঃ ভাৰতবৰ্ষত জিঅ' (JIO) নেটৱৰ্ক অহাৰ পিছৰ পৰাই সামাজিক মাধ্যমৰ ব্য়ৱহাৰ দ্ৰুত গতিত বাঢ়ি গৈছে । 

Q. 23 | টেলিগ্রাফ ব্যৱস্থা কেতিয়া হৈছিল?

উত্তৰঃ টেলিগ্ৰাফ ব্যৱস্থা ১৮৪০ চনত হৈছিল। 

Q. 24 | কিমান চনত অনলাইন ব্যৱস্থা আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৬৭ চনত অনলাইন ব্যৱস্থা হৈছিল।  

Q. 25 | অনলাইন ব্যৱস্থা প্রথমে ক'ত হৈছিল? 

উত্তৰঃ অনলাইন ব্যৱস্থা প্ৰথমে চিকাগো চহৰত হৈছিল। 

Q. 26 | BBS ৰ সম্পূৰ্ণ নাম কি? 

উত্তৰঃ BBS ৰ সম্পূৰ্ণ নাম Bulletin Board System।  

Q. 27 | Bots কি?

উত্তৰঃ Bots  হৈছে Internet ত স্বয়ং চালিত এক ব্যৱস্থা। ই সামাজিক মাধ্যমৰ ব্যৱসায়িক প্ৰচলন ব্যৱস্থাক  সহায় কৰে।  

Q. 28 | Website ৰ সামাজিক মাধ্যম এটাৰ নাম লিখা।

উত্তৰঃ website ৰ সামাজিক মাধ্যম এটাৰ নাম হৈছে facebook।  

Q. 29 | কিমান চনত Facebook ৰ শুনানী হৈছিল? 

উত্তৰঃ ২০০৬ চনত Facebook ৰ শুনানী হৈছিল। 

Q. 30 | ই-কমার্চ কি?

উত্তৰঃ ইণ্টাৰনেটৰ জৰিয়তে কৰা ব্যৱসায়িক আদান-প্ৰদানক ই-কমাৰ্চ বুলি কোৱা হয়।  

Q. 31 | ফে'চবুক কি? 

উত্তৰঃ ফেচবুক হৈছে সামাজিক যোগাযোগ মাধ্যম। 

বা,  ফেচবুক হৈছে এক চচিয়েল নেৰ্টকিং সেৱা ।

Q. 32 | ফে'চবুকৰ কাৰ্যালয় ক’ত? 

উত্তৰঃ ফেচবুকৰ কাৰ্যালয় কালিফ'নিয়াৰ মেনলো পাৰ্ক। 

Q. 33 | ফে'চবুক কোনে উলিয়াইছিল? 

উত্তৰঃ ফে'চবুক মাৰ্ক জুকাৰবাৰ্গে উলিয়াইছিল। 

Q. 34 | ছাত্ৰ-ছাত্ৰীয়ে ফেচবুক ব্যৱহাৰ কৰাৰ ফলত কি হৈছে ?

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে ফেচবুক ব্য়ৱহাৰ কৰাৰ ফলত মানসিকভাৱে ক্ষতিগ্ৰস্ত হৈছে । 

Q. 35 | টুইটাৰ কি ?

উত্তৰঃ টুইটাৰ হ'ল- মন্তব্য লিখিব পৰা, তাৰ লগতে ফটো বা ভিডিঅ' দিব পৰা এক জনপ্ৰিয় সামাজিক মাধ্যম । 

Q. 36 | টুইটাৰত যিবোৰ বাৰ্তা প্ৰেৰণ কৰা হয় সেইবোৰ বাৰ্তাক কি বুলি কোৱা হয় ?

উত্তৰঃ টুইটাৰত যিবোৰ বাৰ্তা প্ৰেৰণ কৰা হয় সেইবোৰ বাৰ্তাক টুইটিং বুলি কোৱা হয় । 

Q. 37 | টুইটাৰ ৱেবছাইটটো ক'ত ক'ত ব্য়ৱহাৰ তকৰিব পাৰি ?

উত্তৰঃ টুইটাৰ ৱেবছাইটটো কম্পিউটাৰ, লেপটপৰ বাহিৰেও মোবাইল ফোনত ব্য়ৱহাৰ কৰিব পাৰি । 

Q. 38 | টুইটাৰৰ কাৰ্যালয় ক'ত অৱস্থিত ?

উত্তৰঃ টুইটাৰৰ কাৰ্যালয় আমেৰিকাৰ ছান-ফ্ৰান্সিছকো চহৰত অৱস্থিত । 

Q. 39 | ভাৰতৰ প্ৰথম বাতৰি কাকত 'The Indian Gazette' কিমান চনত প্ৰকাশ হৈছিল ?

উত্তৰঃ ভাৰতৰ প্ৰথম বাতৰি কাকত 'The Indian Gazette' ১৭৪৪ চনত প্ৰকাশ হৈছিল । 

Q. 40 | আধুনিক পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় গণমাধ্যম কি ?

উত্তৰঃ আধুনিক পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় গণমাধ্যম হ'ল- 'টেলিভিছন' বা দূৰদৰ্শন । 

Q. 41 | দূৰদৰ্শন কি ?

উত্তৰঃ দূৰদৰ্শন এটি হ'ল- যন্ত্ৰ, যি যন্ত্ৰ জৰিয়তে দেশ-বিদেশত ঘটা বিভিন্ন ঘটনা-পৰিঘটনা আমি ঘৰতে বহি উপভোগ কৰিব পাৰো । 



সামাজিক মাধ্যম আৰু অসমীয়া ভাষাঃ প্রশ্ন উত্তৰ B.A 1st Semester Assamese Model Question and Answer is here....

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 2/3/5

Q. 1 | ফেচবুক কি? বুজাই লিখা।

উত্তৰঃ  ফেচবুক হৈছে এনে এটা App যাৰ দ্ধাৰা আমি নিজস্ব ভাষা সংস্কৃতি, আচাৰ-ৰীতি তথা ভাল লগা বিষয় আদি কৰি বিভিন্ন দেশী-বিদেশী লোকৰ মাজত আদান-প্ৰদান কৰিব পাৰো। 

Q. 2 | টুইটাৰ ব্যৱস্থা কি?

উত্তৰঃ টুইটাৰ ব্যৱস্থা হল এনে এক ব্যৱস্থা যাৰ দ্বাৰা কোনো এজন সদস্যই কৰা মন্তব্য তেওঁৰ অনুগামী সকলে প্ৰতিমূহূৰ্ততে লাভ কৰিবলৈ সক্ষম হয়।  

বা,  ই এনেকুৱা এটা ব্যৱস্থা যাৰ দ্ধাৰা কোনো এজন সদস্যই কৰা মন্তব্য তেওঁৰ অনুৰাগী সকলে জানিব পাৰে ।

Q. 3 | ই-এডুকেচনত কি কি ব্যৱস্থা থাকে?

উত্তৰঃ শ্ৰেণীকোঠাত নথকাকৈয়ে ইণ্টাৰনেটৰ জৰিয়তে শিক্ষা লাভ কৰিব পাৰি। আজিকালি ইণ্টাৰনেটত অসমীয়া ভাষাৰ ন-পুৰণি কিতাপৰ PDF ফাইল উপলব্ধ হৈ আছে। অকল ছাত্ৰ-ছাত্ৰীয়ে Website ৰ পৰা ডাউনলোড কৰি লব লাগে। ইয়াত অসমীয়া ভাষাত বহুত কিতাপ উপলব্ধ হৈ আছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত, বিশেষকৈ বৈজ্ঞানিক গৱেষণা, সাধাৰণ গৱেষণা আদিৰ ক্ষেত্ৰত ইণ্টাৰনেটৰ সা-সুবিধা অধিক।

Q. 4 | বর্তমান সময়ত জনপ্রিয়তা অৰ্জন কৰা দুটা সামাজিক মাধ্যমৰ নাম লিখা?

উত্তৰঃ  বর্তমান সময়ত জনপ্রিয়তা অৰ্জন কৰা দুটা সামাজিক মাধ্যম হল - ফেচবুক আৰু ইণ্টাৰনেট।

Q. 5 | ই-কমার্চ বুলিলে কি বুজা?

উত্তৰঃ ইন্টাৰনেটৰ জৰিয়তে কৰা ব্যৱসায়িক আদান-প্ৰদানক ইলেকট্ৰনিক কমাৰ্চ বা চমুকৈ ই-কমাৰ্চ বুলি কোৱা হয়। মৌলিকভাৱে ই-কমাৰ্চ পৰম্পৰাগত বাণিজ্যৰ সৈতে একেই, অৰ্থাৎ বিক্ৰেতা আৰু ক্ৰেতাই এঠাইৰ পৰা আন এঠাইলৈ সামগ্ৰী পৰিবহণ আৰু আদান প্ৰদান কৰে।

Q. 6 | ৱেব কি? বুজাই লিখা।

উত্তৰঃ ৱেৱ হৈছে পৃথিৱীজুৰি সিচঁৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ সামূহিক ভাণ্ডাৰ। ১৮৮৯ চনত টিম ৱাৰ্নাচ্ লীৰ নেতৃত্বত ইউৰোপীয়ান লেবৰেটৰী বা চাৰ্ণ চমুকৈ CERN বা চাৰ্ণত সহকৰ্মীৰ মাজৰ তথ্য আদান প্ৰদানৰ সুবিধাৰ বাবে ইণ্টাৰনেটৰ নতুন প্ৰটকল এটা প্ৰস্তুত কৰিছিল।

Q. 7 | সামাজিক মাধ্যম বুলিলে কি বুজা? 

উত্তৰঃ সামাজিক মাধ্যম হৈছে ইণ্টাৰনেটৰ যোগেদি উপলব্ধ এক অভিনৱ যোগাযোগ ব্যৱস্থা। ইয়াৰ দ্বাৰা বিশ্বৰ বিভিন্ন স্থানত থকা মানুহৰ লগত যোগাযোগ স্থাপন কৰিব পাৰি। 

বা, সামাজিক মাধ্যম হৈছে কম্পিউটাৰ পৰিচালিত প্ৰযুক্তিবিদ্যা, যিয়ে বেৰ ৰ ধাৰণা, বৃক্তিমূলক প্ৰয়োজন, গুৰুত্ব আৰু ভাৱ প্ৰকাশৰ প্ৰয়োজনীয়তাক বাস্তৱ সম্প্ৰদায় আৰু নেটৱৰ্ক ব্যৱস্থাৰ জৰিয়তে পৰিচালিত কৰে। বিভিন্নজন প্ৰযুক্তিবিদ তথা শিক্ষাবিদে সামাজিক মাধ্যম সন্দৰ্ভত বিভিন্ন ব্যাখা আগবঢ়াইছে আৰু এইবোৰৰ মাজত আছে অনেক ভিন্নতা।অৱশ্যে এইবোৰত কিছুমান উমৈহতীয়া বৈশিষ্ট্য পৰিলক্ষিত হয় । 

Q. 8 | সামাজিক মাধ্যমৰ Website বোৰ কি কি? 

উত্তৰঃ সামাজিক মাধ্যমৰ websiteবোৰ হৈছেঃ 

Classmates, fix Degrees, Open diany, Live journal, Ryje, Friendster।

বা, 1.Facebook, 2. YouTube, 3. WhatsApp , 4. Facebook Messenger

Q. 9 | ফে'চবুকৰ মাধ্যমৰ তথ্য আহৰণৰ বিষয়ে চমুকৈ লিখা। 


উত্তৰঃ ২০১৮ চনৰ ১০ এপ্ৰিল তাৰিখে অনুষ্ঠিত হোৱা এটা শুনানিত Facebook ৰ মূখ্যকাৰ্যবাহী বিষয়া Mark Zuckerberg য়ে Cambridge Analytica ৰ দ্বাৰা তথ্য আহৰণ সন্দৰ্ভত চিনেটৰ সন্মুখত বিভিন্ন বিষয় যেনে Facebook তথ্য আহৰণ সন্দৰ্ভৰ পৰা কোম্পানীৰ ব্যৱসায়িক আহি আৰু কোম্পানীৰ দ্ধাৰা তথ্যৰ অপব্যৱহাৰলৈকে বিভিন্ন প্ৰশ্নৰ উত্তৰ দিব লগা হৈছিল । এইটো আছিল মাৰ্কিন কংগ্ৰেছৰ সন্মুখত Zuckerberg ৰ প্ৰথমটো জেৰাকৰণত দিয়া উত্তৰ । অভিযোগ উথাপিত হৈছিল যে ৰাজনৈতিক পৰামৰ্শদাতা সংস্থা কেমব্ৰিজ এনালাইটিকা যি ডনাল্ড ট্ৰাম্পৰ প্ৰচাৰ কাৰ্যৰ সৈতে জড়িত হৈ আছিল সেই সংস্থাটোৱে প্ৰায় ৪৭ মিলিয়ন ফেচবুক ব্যৱহাৰকাৰীৰ তথ্য সংগ্ৰহ কৰি ২০১৬ চনৰ নিৰ্বাচনত ভোটাৰক প্ৰভাৱিত কৰিছিল । Zuckerberg ত জবাব দিহি কৰা হৈছিল যে কেনেকৈ ব্যৱহাৰকাৰীৰ অনুমতি অবিহনে তৃতীয় পক্ষই তেওঁলোকৰ তথ্যসমূহ ফেচবূকৰ পৰা আহৰণ কৰিছিল ।  

Q. 10 | সামাজিক মাধ্যমৰ ইতিবাচক দিশবোৰ কি কি?

উত্তৰঃ সামাজিক মাধ্যমৰ ইতিবাচক দিশবোৰ হৈছেঃ

ক) সামাজিক মাধ্যমে সমাজৰ শ্ৰীবৃদ্ধি আৰু উত্তৰণত সহায় কৰে আৰু সামাজিক বান্ধোন দৃঢ় কৰে।

খ) সামাজিক মাধ্যমে ব্যৱসায় বাণিজ্যৰ প্ৰচাৰ আৰু প্ৰসাৰত বিশেষ অৰিহণা যোগায়। ই সমান সময়ৰ ব্যৱধানত বহুসংখ্যক লোকৰ লগত সম্পৰ্ক স্থাপন কৰে।

গ) অনাসায়ে আৰু ক্ষিপ্ৰতাৰে সামাজিক মাধ্যমৰ জৰিয়তে খবৰ-বাতৰি পাব পাৰো।

ঘ) জনসচেতনতা বৃদ্ধিত সামাজিক মাধ্যমৰ জৰিয়তে গুৰুত্ব ভূমিকা পালন কৰে।

ঙ) সামাজিক মাধ্যমে একে চিন্তাৰ, একে স্তৰৰ মন-মানসিকতাৰ মিল থকা লোকক সংঘবদ্ধ কৰাব পাৰে।

চ) সামাজিক মাধ্যমৰ জৰিয়তে বহিঃবিশ্বৰ লগত যোগাযোগ কৰি তৎকালে বিভিন্ন আকাংক্ষিত তথ্য আহৰণ কৰিব পাৰে।

ছ) যুৱ সমাজৰ ওপৰত সামাজিক মাধ্যমে বিভিন্ন সৃজনশীল কামতো প্ৰকাৰান্তৰে উৎসাহ উদ্দীপনা যোগায়।  

Q. 11 | ইণ্টাৰনেট সেৱাৰ নেতিবাচক এটি দিশ লিখা। 

উত্তৰঃ ইণ্টাৰনেট সেৱাৰ নেতিবাচক এটি দিশ হল বহুক্ষেত্ৰত প্ৰত্যক্ষ ভাৱে শিক্ষক-শিক্ষয়িত্ৰীৰ পৰা শিক্ষা গ্ৰহণত ইণ্টাৰনেটে হেঙাৰ হিচাপে থিয় দিছে। সামাজিকভাৱে অনাকাংক্ষিত বহু স্থিৰ চিত্ৰ, ছলমান চিত্ৰ ইণ্টাৰনেটত উপলব্ধ হেতু এচামে অবাটে বাট বুলিছে। 

বা, শিশু,যুৱক-যুৱতী আনকি একাংশ বৃদ্ধও ইণ্টাৰনেট আসক্ত হৈ পৰিছে । ই এক প্ৰকাৰৰ বিকাৰ বুলি মনোবিজ্ঞানীসকলে মতপোষণ কৰিছে । বহুক্ষেত্ৰত ই মানসিক জটিলতাৰ সৃষ্টি কৰিছে । ইণ্টাৰনেট উপলব্ধ খেল শাৰীৰিক শ্ৰম আৰু ব্যায়াম জড়িত হৈ খেললৈ একপ্ৰকাৰ ভাবুকি আনিছে ।


Q. 12 | চমুটোকা লিখাঃ Mark — 5

ক) টুইটাৰ

উত্তৰঃ টুইটাৰ হ’ল এটা ইণ্টাৰনেটত বহুলভাৱে প্ৰচলিত এক সামাজিক সংযোগ (চচিয়েল নেটৱৰ্কিং) ব্যৱস্থা আৰু মাইক্ৰব্লগিংৰ এটা জালস্থান বা ৱেবচাইট, য’ত ব্যৱহাৰকাৰীসকলে সৰ্বোচ্চ ১৪০টা আখৰৰ বাৰ্তা আদান-প্ৰদান আৰু প্ৰকাশ কৰিব পাৰে। এই বাৰ্তাবোৰকে টুইট  বুলি নামকৰণ কৰা হৈছে। টুইটাৰৰ সদস্যসকলৰ টুইট কৰা বাৰ্তাবোৰ তেওঁলোকৰ প্ৰফাইল পাতত দেখা যায়। টুইটাৰৰ সদস্য সকলে অন্য সদস্যসকলৰ টুইট পঢ়াৰ বাবে অনুসৰণ বা follow কৰাটো ইয়াত আৱশ্যক। কোনো সদস্যৰ টুইট পঢ়াৰ বাবে যাৰ স’তে একলগ হৈছে সেইসকল অনুসৰণকাৰী (follower) বুলি কোৱা হৈছে।

খ) ফেচবুক

উত্তৰঃ ফেচবুক হৈছে এক সামাজিক নেটৱৰ্কিং সেৱা যাক মূলতঃ 28 অক্টোবৰ, 2003 তাৰিখে ফেচমেছ হিচাপে আৰম্ভ কৰা হৈছিল, 4 ফেব্ৰুৱাৰী, 2004 তাৰিখে ইয়াৰ নাম সলনি কৰাৰ আগতে। ইয়াক মাৰ্ক জুকাৰবাৰ্গ আৰু মহাবিদ্যালয়ৰ ৰুমমেট আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ সহকৰ্মী ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিষ্ঠা কৰিছিল, বিশেষকৈ এডুয়াৰ্ডো চেভেৰিন, এণ্ড্ৰিউ মেককলাম, ডাষ্টিন মস্কোভিটজ আৰু ক্ৰিছ হিউজে।  ৱেবছাইটটোৰ সদস্যপদ প্ৰথমতে প্ৰতিষ্ঠাপকসকলে হাৰ্ভাৰ্ডৰ শিক্ষাৰ্থীসকলৰ মাজত সীমিত কৰিছিল, কিন্তু বষ্টন অঞ্চলৰ অন্যান্য মহাবিদ্যালয়, আইভি লীগ, আৰু ক্ৰমান্বয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ বেছিভাগ বিশ্ববিদ্যালয়, নিগম, আৰু ছেপ্টেম্বৰ 2006 লৈ কেৱল 13 বছৰ আৰু অধিক বয়সৰ বয়সৰ প্ৰয়োজনীয়তাৰ সৈতে বৈধ ইমেইল ঠিকনা থকা সকলোৰে বাবে সম্প্ৰসাৰিত কৰা হৈছিল। 

গ) ইন্টাৰনেট

উত্তৰঃ ইন্টাৰনেট শব্দটোৱে সাধাৰণতে বিভিন্ন কম্পিউটাৰ নেটৱৰ্কৰ মাজৰ যোগাযোগ ব্যৱস্থাকে বুজায়। ইন্টাৰনেটত বিশ্বৰ সৰু সৰু নেটৱৰ্কৰ সমষ্টিৰ কথাকে বুজায়। ইন্টাৰনেটক সমগ্ৰ বিশ্বৰ কম্পিউটাৰ নেটৱৰ্ক এক শাৰীৰিক অবয়ৱ বুলি অভিহিত কৰে। এইটো কম্পিউটাৰ আৰু তাঁৰৰ এক যুগ্ম অৱস্থা।

ঘ) ই-মেইল

উত্তৰঃ ই-মেইল তথা ইলেক্ট্রনিক মেইল হল ডিজিটাল বার্তা যা কম্পিউটাৰ নেটওয়ার্কেৰ মাধ্যমে প্রেৰণ কৰা হয়। ১৯৭২(RFC 561) খ্রিষ্টাব্দে তদানিন্তন আৰপানেটে সর্বপ্রথম ইলেক্ট্রনিক মেইল প্রেরণ কৰা হয়। ই-মেইল পেতে প্রথম দিকেৰ ই-মেইল ব্যবস্থায় প্রেৰক এবং প্রাপক দুজনকেই অনলাইনে থাকতে হত।

ঙ) ৱেবছাইট


উত্তৰঃ যিকোনো ৱেব চাৰ্ভাৰত ৰখা ৱেব পেজ, ছবি, সংগীত, চলচ্চিত্ৰ আৰু অনান্য ডিজিটেল তথ্যৰ সমষ্টিকেই বুজাই, যি ইণ্টাৰনেটৰ মাধ্যমৰ যোগেদি আহৰণ কৰা হয়। ৱেবছাইট এটা ইউনিফৰ্ম ৰিচ'ৰ্চ লোকেটৰ (URL) নামৰ ঠিকনা (Web Address) এটাৰ সহায়ত যিকোনো কম্পিউটাৰ নেটৱৰ্ক যেনে ইণ্টাৰনেট নাইবা ব্যক্তিগত লোকেল এৰিয়া নেটৱ'ৰ্ক (LAN)-অত উপলব্ধ। ইয়াক কোনো ৱেব চাৰ্ভাৰৰ পৰা হ'ষ্ট কৰা হয়। সাৰ্বজনিন ভাৱে উপলব্ধ সমগ্ৰ ৱেবছাইটবোৰক সমষ্টিগতভাৱে "ৱৰ্ল্ড ৱাইড ৱেব" বা "বিশ্বব্যাপি জাল" নাম দিয়া হৈছে।

ৱেবপেজ মূলত এক HTML Document যি HTTP Protocol ৰ মাধ্যমেৰে ৱেব চাৰ্ভাৰৰ পৰা ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ ৱেব ব্ৰাউজাৰলৈ স্থানান্তৰিত হয়। এখন ৱেবপেজত আন আন ৱেবছাইটৰ বিভিন্ন তথ্য মাৰ্কাপ এংকৰৰ (markup anchors) সহায়ত সন্নিৱিস্ত কৰা হয়।


চ) ৱেব চাৰ্ভাৰ।


উত্তৰঃ ৱেবচাৰ্ভাৰ এটাৰ প্ৰাথমিক কাম হৈছে ক্লায়েণ্ট কম্পিউটাৰ এটাৰ অনুৰোধ ক্ৰমে তালৈ ৱেবপেজৰ যোগান ধৰা। ইয়াৰ অৰ্থ হ'ল এইছ টি এম এল ডকুমেণ্টৰ বিস্তাৰ আৰু লগতে ফ'টো, ষ্টাইল ছিট(style sheets) আৰু স্ক্ৰিপ্ট(scripts) জাতীয় যিকোনো তথ্যৰ যোগান ধৰা।



সামাজিক মাধ্যম আৰু অসমীয়া ভাষাঃ প্রশ্ন উত্তৰ B.A 1st Semester Assamese Regular Course Board Question and Answer is here....

ৰচনাধৰ্মী প্রশ্ন উত্তৰ দিয়াঃ Mark — 10

Q. 1 | ইণ্টাৰনেট বুলিলে কি বুজা? সামাজিক মাধ্যমত ইণ্টাৰনেট সেৱাৰ বিষয়ে বহলাই আলোচনা কৰা।

উত্তৰঃ ইণ্টাৰনেট হৈছে বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন তথ্য সৰবৰাহ কৰিব পৰা আধুনিক প্ৰযুক্তিৰে নিৰ্মিত এক গোলকীয় বিশেষ জাল।

        ইণ্টাৰনেট থোৰতে নেট হৈছে এক বিশেষ কেন্দ্ৰীয় ব্যৱস্থাপনাৰ দ্বাৰা কম্পিউটাৰ সংযোগী এক অত্যাধুনিক ব্যৱস্থা। যেতিযাই দুটা কম্পিউটাৰ ইণ্টাৰনেটেৰে সংযোগ কৰা হয় তেতিয়া সকলোধৰণৰ তথ্য, আখৰৰ মাধ্যমেৰে, ছবি বা আলোকচিত্ৰৰে, মাত-কথাৰ জৰিয়তে বা ছলমান ছবিৰ জৰিয়তে আদান-প্ৰদান কৰিব পাৰি।

        ইণ্টাৰনেট শব্দটো ইণ্টাৰনেচনেল নেটৰ্ৱক শব্দপুঞ্জৰ সংক্ষিপ্ত ৰূপ। তাঁৰযুক্ত কৰি বা তাঁৰবিহীন ভাৱে, Wi fiৰ মাধ্যমেদি, কৃত্ৰিম উপগ্ৰহ, মবাইল ফোনৰ জৰিয়তে ইণ্টাৰনেট সংযোগ সম্ভৱ। বিশ্বৰ সৰু-বৰ প্ৰায় দেশেই আজিকালি এই সেৱাৰে সমৃদ্ধ। ইণ্টাৰনেট সেৱাই আজিৰ জনজীৱনত প্ৰভাৱ কৰা দিশ সমূহ হল-

অভিযান্ত্ৰিক দিশ, ই-কমাৰ্চ, কাৰ্যালয়, ই-মেইল, অনলাইন বেংক সেৱা।

বা, ইণ্টৰনেট হল বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন তথ্য সৰবৰাহ কৰিব পৰা আধুনিক প্ৰযুক্তিৰে নিৰ্মিত এক গোলকীয় বিশেষ জাল । ইণ্টাৰনেট থোৰোতে নেট হৈছে এক বিশেষ কেন্দ্ৰীয় ব্যৱস্থাপনাৰ দ্ধাৰা কম্পিউটাৰ সংযোগী এক অত্যাধুনিক ব্যৱস্থা ।যেতিয়াই দুটা কম্পিউটাৰ ইণ্টাৰনেটেৰে সংযোগ কৰা হয় তেতিয়া সকলোধৰণৰ তথ্য আখৰৰ মাধ্যমেৰে, ছবি বা আলোকছিত্ৰৰে, মাত-কথাৰ জৰিয়তে বা ছলমান ছবিৰ জৰিয়তে আদান-প্ৰদান কৰিব পাৰি।

  • (১)অভিযান্ত্ৰিক দিশতঃ যিকোনো তথ্য তৎমূহূৰ্ততে পাবলৈ Google, Yahoo, Baidu and Bing আদিৰ জৰিয়তে মনে বিচৰা বিষয় অনুসন্ধান কৰা হয় ।
  • (২)ই-মেইলঃ চিঠি লিখি মনৰ ভাবনা প্ৰেৰণ কৰাটোৱে আছিল প্ৰথা, কিন্ত্ত সম্প্ৰতি অতি কম সময়ৰ ব্যৱধানতে অজস্ৰজনলৈ বতৰা পঠিয়াব পাৰি- ই-মেইলৰ মাধ্যমেৰে ।
  • (৩)ই-কমাৰ্চঃ ই-কমাৰ্চৰ লগতে সম্পৰ্কিত এমাজন,চাইনাজ আলিবাবা আদিয়ে ঘৰত বহিয়ে আকাংক্ষিত সামগ্ৰী ক্ৰয় কৰাৰ সুবিধা দিছে ।


Q. 2 | ফে'চবুক কি আৰু ইয়াৰ ইতিহাস সম্পর্কে লিখা।  

উত্তৰঃ ফেচবুক হৈছে সামাজিক যোগাযোগ মাধ্যম।

        জুকাৰবাৰ্গে 'ফে'চমেছ' নামৰ এটা ৱেবছাইট ২০০৩ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত মুকলি কৰে। এই ছাইটটো 'হট' নাইবা 'নট'ৰ লগত তুলনা কৰিব পৰা আৰু নটা ঘৰৰ ফটো প্ৰতি দুখনৰ মূৰে মূৰে সংলগ্ন কৰি ব্যৱহাৰকাৰী সকলক হটাৰ ব্যক্তিসকলক বাছনি কৰিবলৈ কোৱা হয়। ফেচমাচে প্ৰথম অৱস্থাত ৪৫০ জন ভ্ৰমণকাৰী আকৰ্ষিত কৰাৰ লগতে প্ৰথম চাৰিঘণ্টাত ২২,০০০ আলোকচিত্ৰ প্ৰদৰ্শন কৰিছিল। এই ছাইটটো বিভিন্ন গ্ৰুপলৈ প্ৰেৰণ কৰা হৈছিল, কিন্তু কেইদিনমানৰ পিছত হাৰ্ভাৰ্ড প্ৰসাশনে ইয়াক বন্ধ কৰি দিছিল। জুকাৰবাৰ্গ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। সুৰক্ষা, ব্যক্তিগত সংজ্ঞা ভংগ, প্ৰতিশ্ৰুতি ভংগ আদিৰ দ্বাৰা অপৰাধী হৈছিল। পিছলৈ এই অপৰাধৰৱসান ঘটিছিল। 

        ২০০৪ চনৰ জানুৱাৰীত 'দি ফে'চবুক' নামৰ নতুন ৱেব এটা খুলি 'ফেচমাচ' সন্দৰ্ভত কোৱা হয় যে কেন্দ্ৰীভূত ৱেবছাইটৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তি  পৰ্যাপ্ত পৰিমাণে আছে, তদুপৰি ইয়াৰ সুফল অনেক। ২০০৪ চনৰ ফেব্ৰুৱাৰী মাহৰ চাৰি তাৰিখে জুকাৰবাৰ্গে দি ফেচবুক মুকলুি কৰে। 

        ২০০৫ চনত কোম্পানীয়ে দি শব্দটো আতৰাই ফেচবুক ডট কম নাম দিয়ে। একে বছৰৰ মে মাহত এচিল পাৰ্টনাৰে ফেচবুকত ১২.৭ নিযুত ডিলাৰ বিনিয়োগ কৰে আৰু আৰু ব্ৰেয়াৰে নিজৰ পৰা এক নিযুত ডলাৰ বিনিয়োগ কৰি এই ছাইটটোৰ উচ্চ পৰ্যায়ৰ সংস্কৰণ মুকলি কৰে। ইয়াৰ দক্ষতা বৃদ্ধিৰ বাবে এপ্পুল, মাইক্ৰছফট আদিৰ দৰে বহুতো কোম্পানীৰ কৰ্মচাৰীক নিয়োগ কৰা হয়।

বা, ফেচবুক হল আমেৰিকাৰ অনলাইন সামাজিক মাধ্যম আৰু সামাজিক নেটৱৰ্কিং কোম্পানী । ই কাৰিফৰ্নিয়াৰ মেনলো পাৰ্কত অৱস্থিত । মাৰ্ক জুকাৰবাৰ্গ নামৰ ব্যক্তি এজনে তেওঁৰ সহযোগী হাভাৰ্ড বিশ্ববিদ্যায়ৰ ছাত্ৰ আৰু কোঠা নিবাসী এডুৱাৰ্ডো ছেভেৰিণ, এৰ্ডিউ মেককুলাম, ডাষ্টিন মোচকোবিট্জ আৰু থ্ৰীছ হাগছৰ সহযোগত প্ৰতিষ্ঠা কৰে ।

        ২০০৬ চনৰ পৰা তেৰ বছৰ বয়সৰ লৰা-ছোৱালীক ফেচবুকত নাম অন্তভুক্তি কৰিবলৈ অনুমতি দিয়া হয় ।

        ২০০৪ চনৰ জানুৱাৰীত দি ফেচবুক নামৰ নতুন ৱেৱ এটা খুলি ফেচমাচ সন্দৰ্ভত কোৱা হয় যে কেন্দ্ৰীভূত ৱেৱছাইটৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তি পৰ্যাপ্ত পৰিমানে আছে, তদুপৰি ইয়াৰ সুফল অনেক । ২০০৪ চনৰ ফেব্ৰুৱাৰী মাহৰ চাৰি তাৰিখে জুকাৰবাৰ্গে দি ফেচবুক ডট কমৰ পৰা দি ফেচবুক মুকলি কৰে । ২০০৫ চনত কোম্পানীয়ে দি শব্দটো আঁতৰাই ফেচবুক ডট কম নাম দিয়ে ।

Q. 3 | সামাজিক মাধ্যমৰ নেতিবাচক দিশবোৰ কি কি? 

উত্তৰঃ সামাজিক মাধ্যমৰ নেতিবাচক দিশবোৰ হল 

  • ১) সামাজিক মাধ্যমে বহুসংখ্যক লোকক হতাশাত ভোগায় আৰু বহুসংখ্যকক উদ্বেগজনক আৱৰ্তলৈ ঠেলি পঠিয়ায়।
  • ২) কোমল বয়সীয়া লোকৰ মানসিক বিকাশ ই দুৰ্বল কৰিব পাৰে।
  • ৩) ইয়াতে ব্যস্ত থাকি একাংশ শাৰীৰিক শ্ৰমবিমুখ হৈ পৰিছে আৰু উৎপাদনশীল কামৰ পৰা আঁতৰি গৈছে।
  • ৪)চাইবাৰ ক্ৰাইমৰ দৰে যেনে- বেংক হৰলুকী, ব্যক্তিগত তথ্য আহৰণ, যৌনতাৰ পয়োভৰ আদিৰ প্ৰসাৰ আৰু প্ৰচাৰত সামাজিক মাধ্যমে অৰিহণা যোগায়।
  • ৫) উৰা-বাতৰি বা ভিত্তিহীন অথবা অমূলক তথ্য কিছুমান সামাজিক মাধ্যমেৰে বিস্তাৰিত  হৈ সমাজৰ অপাৰ ক্ষতিসাধন কৰে।  

Q. 4 | ইণ্টাৰনেট সেৱাৰ নেতিবাচক দিশ কি কি?


উত্তৰঃ ইণ্টাৰনেট সেৱাৰ নেতিবাচক দিশ হৈছে-

            শিশু, যুৱক-যুৱতী আনকি একাংশ বৃদ্ধও ইণ্টাৰনেট আসক্ত হৈ পৰিছে। ই এক প্ৰকাৰৰ বিকাৰ বুলি মনোবিজ্ঞানীসকলে মতপোষণ কৰিছে। বহুক্ষেত্ৰত ই মানসিক জটিলতাৰ সৃষ্টি কৰিছে। ইণ্টাৰনেটত উপলব্ধ খেল শাৰীৰিক শ্ৰম আৰু ব্যায়াম জড়িত খেললৈ একপ্ৰকাৰৰ ভাবুকি আনিছে।

        বহুক্ষেত্ৰত প্ৰত্যক্ষভাৱে শিক্ষক-শিক্ষয়িত্ৰী পৰা শিক্ষা গ্ৰহণত ইণ্টাৰনেতে হেঙাৰ থিয় দিছে। সামাজিকভাৱে অনাকাংক্ষিত বহু স্থিৰ চিত্ৰ, ছলমান চিত্ৰ ইণ্টাৰনেটত উপলব্ধ হেতু এচামে অবাটে বাট বুলিছে।

        বহুতেই ইণ্টাৰনেটযোগেই বস্তু বাহানি ক্ৰয় কৰি ক্ষতিগ্ৰস্ত হোৱাও দেখা যায়। সম্পূৰ্ণ কাৰিকৰী জ্ঞান নথকাৰ পৰিপ্ৰেক্ষিততে এই ঘটনাৰ বলি হবলগীয়া হয়।

বা, শিশু,যুৱক-যুৱতী আনকি একাংশ বৃদ্ধও ইণ্টাৰনেট আসক্ত হৈ পৰিছে । ই এক প্ৰকাৰৰ বিকাৰ বুলি মনোবিজ্ঞানীসকলে মতপোষণ কৰিছে । বহুক্ষেত্ৰত ই মানসিক জটিলতাৰ সৃষ্টি কৰিছে । ইণ্টাৰনেট উপলব্ধ খেল শাৰীৰিক শ্ৰম আৰু ব্যায়াম জড়িত হৈ খেললৈ একপ্ৰকাৰ ভাবুকি আনিছে ।

        বহুক্ষেত্ৰত প্ৰত্যক্ষভাৱে শিক্ষক-শিক্ষয়িত্ৰীৰ পৰা শিক্ষা গ্ৰহণত ইণ্টাৰনেটে হেঙাৰ হিচাপে থিয় দিছে । সামাজিকভাৱে অনাকাংক্ষিত বহু স্থিৰ চিত্ৰ,ছলমান চিত্ৰ ইণ্টাৰনেটত উপলব্ধ হেতু এচামে অবাটে বাট বুলিছে ।

        বহুতেই ইণ্টাৰনেটযোগে বস্তু-বাহানি ক্ৰয় কৰি ক্ষতিগ্ৰস্ত হোৱাও দেখা যায় । সম্পূৰ্ণ কাৰিকৰী জ্ঞান নথকাৰ পৰিপ্ৰেক্ষিততে এই ঘটনাৰ বলি হবলগীয়া হয় ।

Q. 5 | সামাজিক নেটৱৰ্ক ক্ষেত্ৰৰ বিষয়ে লিখা। 

উত্তৰঃ সামাজিক মাধ্যমবোৰৰ ভিতৰত অসমৰ যুৱ সমাজৰ মাজত কেৱল ফেচবুকেই সৰ্বাধিক জনপ্ৰিয়তা লাভ কৰিছে। ৮৭.৬৭ লোক ইয়াৰ ব্যৱহাৰৰ লগত জড়িত।মুঠ অংশগ্ৰহণ কাৰীয়ে ১৯.১৮% লোকে বিভিন্ন ঘটনা তথ্য প্ৰতিদিনে সংগ্ৰহ কৰি বিনিময় কৰে। তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যাই কৰ্মকৰ্তা সকলৰ মাজত এটি ৰূপান্তৰ আনিবলৈ সক্ষম হৈছে। সামাজিক মাধ্যমসমূহে কেনেকৈ সমগ্ৰ বিশ্বত মানুহক সংগঠিত কৰি, তথ্য সংগ্ৰহ কৰি আছে তাৰ ওপৰত গৱেষণা আৰম্ভ হৈছে। অসমৰ যুৱ সমাজেও ইয়াৰ জৰিয়তে চাইবাৰ ক্ষেত্ৰ খনত প্ৰৱেশ কৰিছে। সামাজিক মাধ্যমৰ তথ্য আৰু সজাগতাৰ দ্বাৰা অনুপ্ৰাণিত হৈ অসমত হৈ থকা ধাৰাবাহিক প্ৰতিবাদসমূহত যুৱ সমাজে অংশগ্ৰহণ কৰা দেখা গৈছে। এনেকুৱা প্ৰতিবাদ তথা সমদল পূৰ্বে পৰিলক্ষিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত এই ঘটনাক অসমৰ চাইবাৰ যুগৰ সূচনা বুলি অভিহিত কৰিব পৰা যায়। ফেচবুকৰ মাধ্যমেদি বিভিন্ন তথ্য আৰু ভাবৰ বিনিময় হেতু পৰস্পৰ ওচৰ চাপি আহিছে। ইয়ে মানুহৰ মাজত তথ্য সংগ্ৰহ আৰু বিনিময়ৰ স্পৃহা বৃদ্ধি কৰিছে, ফলত ফলপ্ৰসূ যোগাযোগ স্থাপন হৈছে আৰু দিনে দিনে ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পাইছে। 

বা, অধ্যয়নৰ পৰা এইটো গম পোৱা গৈছে যে সামাজিক মাধ্যমবোৰৰ ভিতৰত অসমৰ যুৱ সমাজৰ মাজত কেৱল ফেচবুকেই সৰ্বাধিক জনপ্ৰিয়তা লাভ কৰিছে । ৮৭.৬৭% লোক ইয়াৰ ব্যৱহাৰৰ লগত জড়িত । মুঠ অংশগ্ৰহণকাৰীৰ ১৯.১৮% লোকে বিভিন্ন ঘটনাৰ তথ্য প্ৰতিদিনে সংগ্ৰহ কৰি বিনিময় কৰে । ৫৩% লোকে মাজে মাজে এনে তথ্য যোগান ধৰাৰ বিপৰীতে ৩১% লোকে তথ্য সংগ্ৰহ কৰা দেখা যায় ।

        ফেচবুক  সম্প্ৰদায়ৰ ৩৫.৬২% লোকে ব্যক্তিগত বিষয়তকৈ বিভিন্ন বিষয় সন্দৰ্ভত প্ৰতিদিনে আলোচনা কৰা দেখা যায় । ৫৬% লোকে মাজে মাজে আলোচনাত অংশ লোৱাৰ বিপৰীতে ৮.২২% লোকে কেতিয়া ও আলোচনাত ভাগ লোৱা দেখা নাযায় ।

Q. 6 | টুইটাৰ ক’ত কেতিয়া, কোনে উদ্ভাৱন কৰিছিল? টুইটাৰ সম্পৰ্কে লিখা।

উত্তৰঃ টুইটাৰ  আমেৰিকাত, ২০০৬ চনত, জেক দৰেছি, নোৱা গ্লাছ,বিজষ্টোন আৰু ইভান উইলিয়ামছে উদ্ভাৱন কৰিছিল।

        টুইট নামেৰে ব্যৱহাৰকাৰীয়ে বতৰা পঠিয়ায় টুইটাৰৰ জৰিয়তে। প্ৰথমতে সৰ্বাধিক ১৪০ টা শব্দৰ জৰিয়তে টুইট কৰা সম্ভৱ আছিল যদিও সম্প্ৰতি ইয়াক ২৮০টালৈ বৃদ্ধি কৰা হৈছে। পঞ্জীকৃত ব্যৱহাৰকাৰীয়ে ইয়াক ব্যৱহাৰ কৰাৰ বিপৰীতে পঞ্জীভূত নোহোৱাসকলে ইয়াক মাত্ৰ চাব বা পঢ়িবহে পাৰে।

        ইয়াৰ মূখ্য কাৰ্যালয় ছানফ্ৰান্সিস্কো, কেলিফৰ্নিয়াত যদিও গোটেই বিশ্বব্যাপী ২৫ টা কাৰ্যালয়ে তদাৰক আৰু চোৱা-চিতা কৰে।অতি দ্ৰুততাৰে টুইটাৰ ব্যৱহাৰকাৰীৰ সংখ্যা আৰু জনপ্ৰিয়তা বৃদ্ধি পায়। বিভিন্ন সময়ত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত টুইটাৰে অন্যতম অনুঘটকৰ ভূমিকা পালন কৰি আহিছে। সামাজিক মাধ্যমৰ অন্যান্য উপাংশদৰে টুইটাৰো ক্ৰটি-বিচ্যুতি আৰু উপযোগিতা আছে। টুইটাৰ মাধ্যমেৰে দূৰণিবটীয়াসকলে পৰিয়াল, সংশ্লিষ্ট সমাজ আৰু সম্প্ৰদায়ৰ লগত যোগাযোগ ৰক্ষা কৰিব পাৰে। টুইটাৰেও বিশ্বখনক নিকটৱৰ্তী গাঁও বুলি অনুভৱ কৰিবলৈ সুবিধা দিছে। 




Tags :

  • সামাজিক মাধ্যম আৰু অসমীয়া ভাষাঃ ইণ্টাৰনেট, ফেচবুক, টুইটাৰ
  • BA 1st Sem Assamese Model Questions Answer Gauhati University
  • GU BA 1st Sem Assamese Question and Answer
  • যোগাযোগ মূলক অসমীয়া কিতাপ pdf Book Model Answer
  • যোগাযোগ মূলক অসমীয়া কিতাপ pdf 1st semester gauhati university
  • যোগাযোগ মূলক অসমীয়া pdf
  • সামাজিক মাধ্যম আৰু অসমীয়া ভাষা BA 1st Semester Assamese Model Solutions