Follow Us:

মনোবিজ্ঞান আৰু শিক্ষা (Psychology and Education) | BA 1st Sem Education Notes Model Questions Answer In Assamese | GU B.A 1st Semester Education মনোবিজ্ঞান আৰু শিক্ষা Question Answer

LearningPointAssam.com

মনোবিজ্ঞান আৰু শিক্ষা (Psychology and Education) | BA 1st Sem Education Notes Model Questions Answer In Assamese | GU BA 1st Sem Education Question and Answer | মনোবিজ্ঞান আৰু শিক্ষা B.A 1st Semester Education Question Answer [Regular & General] Gauhati University Foundation of Education Book Notes Available here... 

Gauhati University B.A 1st Semester Psychology and Education Chapter 3 মনোবিজ্ঞান আৰু শিক্ষা প্ৰশ্ন উত্তৰ Notes, TDC 1st Semester Education Solutions to each chapter is provided in the list of GU BA 1st Semester Education Question Answer Assamese Medium. We design all the solutions according to the Gauhati University BA first Semester Education Syllabus, so that you can get the শিক্ষাৰ ভিত্তি B.A 1st Semester Education Regular Course Solutions Chapter 3 Psychology and Education — মনোবিজ্ঞান আৰু শিক্ষা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ is here.... 

মনোবিজ্ঞান আৰু শিক্ষা প্রশ্ন উত্তৰ BA 1st Sem Education Model Question and Answer

Gauhati University Answer Bank for BA 1st Year Education (EDU-RC-1016) মনোবিজ্ঞান আৰু শিক্ষা (Psychology and Education) Notes and Guide is provided here, মনোবিজ্ঞান আৰু শিক্ষা প্রশ্ন উত্তৰ B.A 1st Semester General Education Model Solutions Assamese Medium Chapter 3 is given here According to Guwahati University. So that the students can easily understand all the concepts. Understand the concepts behind each unit and score well in Gauhati University board examination. Here we have given Gauhati University TDC 1st Semester Education শিক্ষাৰ ভিত্তি — মনোবিজ্ঞান আৰু শিক্ষা (Psychology and Education) Model Solutions in Assamese for All Subject, You can read, write and practice these here…



Chapter — 3

মনোবিজ্ঞান আৰু শিক্ষা (Psychology and Education)  — ALL Important Question & Answers

GU BA 1st Sem Education EDU-RC-1016 Questions & Answer :


CONTENTS

মনোবিজ্ঞান আৰু শিক্ষা (Psychology and Education)
Model Question and Answer key






প্ৰশ্নাৱলীঃ

মনোবিজ্ঞান আৰু শিক্ষা প্রশ্ন উত্তৰ Gauhati University BA 1st Sem Education Model Question and Answer is here....

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ

Q. 1 | কি দুটা গ্ৰীক শব্দৰ পৰা Psychology শব্দটো উৎপত্তি হৈছে ?

উত্তৰঃ 'Psyche' আৰু 'Logos' শব্দৰ পৰা । 

Q. 2 | 'Psycho' আৰু 'Logos' শব্দৰ অর্থ কি? (What is the meaning of word 'psycho' and 'Logos'?)

উত্তৰঃ  "Psycho" শব্দৰ অৰ্থ হৈছে 'আত্মা' আৰু "Logos" শব্দৰ অৰ্থ হৈছে বিজ্ঞান বা বিজ্ঞান সন্মত অধ্যয়ন।

Q. 3 | মনোবিজ্ঞানৰ 'Psyche' শব্দৰ অৰ্থ কি ?

উত্তৰঃ আত্মা ।

Q. 4 | শিক্ষা মনোবিজ্ঞানৰ পিতৃ কোন ?

উত্তৰঃ পেষ্টালজি ।

Q. 5 | আধুনিক শিক্ষা মনােবিজ্ঞানৰ পিতৃস্বৰূপ কোন? (Who is the father of modern psychology?)

উত্তৰঃ আধুনিক শিক্ষা মনোবিজ্ঞাৰ পিতৃস্বৰূপ হৈছে উইলহেলম্ উন্দ। 

Q. 6 | শিক্ষা মনোবিজ্ঞানৰ দুটা পদ্ধতি উল্লেখ কৰা ।

উত্তৰঃ প্ৰক্ষিপ্ত পদ্ধতি আৰু পৰ্যাবেক্ষণ পদ্ধতি ।

Q. 7 | শিক্ষা মনোবিজ্ঞান মানে কি ?

উত্তৰঃ মনোবিজ্ঞানৰ তথ্যপাতি শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা বিভাগেই হ’ল শিক্ষা মনোবিজ্ঞান ।

Q. 8 | শিক্ষা মনোবিজ্ঞানৰ এটা সংজ্ঞা লিখা। (Write one definition of Educational Psychology.)

উত্তৰঃ স্নিনাৰ [Skinner] ৰ মতে, “শিক্ষা মনোবিজ্ঞান হ’ল সাধাৰণ মনোবিজ্ঞানৰ সেইটো শাখা যি শিক্ষাদান আৰু শিক্ষা গ্ৰহণ কাৰ্যৰ লগত জড়িত। [Educational psychology is that branch of psychology which deals with teaching and learning.]” অর্থাৎ, শিক্ষা মনোবিজ্ঞানে শিকনীয় পৰিৱেশত মানুহৰ আচৰণ অধ্যয়ন কৰে। [Educational psychology deals with behaviour of human beings in educational situation.]

Q. 9 | ‘আমি শিক্ষাক মনোবিজ্ঞানসম্মত কৰিব লাগিব'— এই উক্তিটো কাৰ ?

উত্তৰঃ পেষ্টালজিৰ ।

Q. 10 | মনোবিজ্ঞান বুলিলে কি বুজা? (What do you mean by psychology?)

উত্তৰঃ মনোবিজ্ঞান হৈছে মন আৰু আচৰণৰ বৈজ্ঞানিক অধ্যয়ন। মনোবিজ্ঞানীসকল মানসিক প্ৰক্ৰিয়া, মস্তিষ্কৰ কাৰ্যকলাপ আৰু আচৰণ অধ্যয়ন আৰু বুজাত সক্ৰিয়ভাৱে জড়িত।

Q. 11 | শৈক্ষিক মনোবিজ্ঞান বুলিলে কি বুজা ?

উত্তৰঃ সাধাৰণ অৰ্থত শিক্ষা মনোবিজ্ঞান বুলিলে শিক্ষাৰ ক্ষেত্ৰত মনোবিজ্ঞানৰ সূত্ৰসমূহ প্ৰয়োগ কৰাই হৈছে শিক্ষা মনোবিজ্ঞান । আধুনিক শিক্ষা বিজ্ঞানমুখী হৈ অহাৰ লগে লগে মনোবিজ্ঞানৰ নীতিসমূহ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে ৷ শিক্ষাৰ পৰিৱেশত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত পাৰসুৰিক বুজাপৰা সম্বন্ধে যি জ্ঞান অভিজ্ঞতা গঢ় লৈ উঠে সেয়ে শিক্ষা মনোবিজ্ঞান ।

Q. 12 | মনোবিজ্ঞান আৰু শিক্ষাৰ মাজত থকা সম্বন্ধ বর্ণনা কৰা।

Or

Q. 13 | শিক্ষা আৰু মনোবিজ্ঞানৰ সম্পৰ্ক কি ?

উত্তৰঃ মনোবিজ্ঞানে শিক্ষাদান সম্পর্কে বহুতো নির্দেশ দিয়ে । শিশুৰ দ্বাৰা কোনটো উদ্দেশ সিদ্ধি হ’ব কোনটো নহয় তাৰ ইংগিত মনোবিজ্ঞানে দিয়ে । ব্যক্তিগত ভেদৰ কাৰণে সকলো শিশু একে ধৰণৰ হ’ব নোৱাৰে । শিশুৰ শিক্ষা বেলেগ বেলেগ বয়সত বেলেগ হ'ব লাগে নহ’লৈ শক্তি আৰু সময়ৰ অপচয় হয় । কোন বয়সত শিশুৰ কি শক্তি কিমান দূৰ বিকাশ হয় । তাৰ জ্ঞান শিক্ষকৰ থাকিব লাগিব । কোন শিশুৰ জন্মগত শক্তি কিমান , কোন দিশত তাৰ সম্ভাৱনা কিমানখিনি, পৰিবেশৰ প্ৰভাৱ আৰু তাৰ প্ৰতি শিশুৰ কেনে প্রতিক্রিয়া হয় আৰু শিক্ষার্থী যদি শিক্ষা গ্রহণত বিফল হয় তেন্তে এই বিফলতাৰ মূল ক’ত— এই আটাইবোৰ কথা মনোবিজ্ঞানে শিকায় । শিক্ষা কিমান দূৰ ব্যক্তিকেন্দ্ৰীক হ'ব লাগে আৰু সমাজকেন্দ্ৰীক শিক্ষাই কিমান দূৰ তাৰ অপকাৰিতা সংশোধন কৰি শিশুৰ অন্তৰৰ শক্তিৰ পূৰ্ণ বিকাশত সহায় কৰিব এই শিক্ষাও মনোবিজ্ঞানৰ পৰাই পোৱা যায় । শিক্ষাদানৰ কৃতকাৰ্যতা মনোবিজ্ঞানৰ জ্ঞানৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে ।

Q. 14 | শিক্ষা মনোবিজ্ঞানৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ কি কি ?

উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ লক্ষ্য উদ্দেশ্যসমূহ : 

( ক ) শিক্ষকৰ শিক্ষা সম্বন্ধীয় মনোবৈজ্ঞানিক সমস্যাবোৰৰ প্ৰতি জ্ঞান প্ৰদান কৰাতো শিক্ষা মনোবিজ্ঞানৰ প্ৰধান লক্ষ্য ।

( খ ) শিক্ষাৰ্থীৰ আচৰণ সম্বন্ধীয় মনস্তত্ব সম্পর্কে জ্ঞান দিয়াটো ইয়াৰ উদ্দেশ্য ।

( গ ) শিক্ষকক সাৰ্থক শিক্ষাদানৰ বাবে উপযুক্ত পৰিবেশ আৰু পৰিস্থিতি ৰচনা কৰাত সহায় কৰাতো ইয়াৰ উদ্দেশ্য ।

( ঘ ) ছাত্ৰ - ছাত্ৰীৰ ব্যক্তি পাৰ্থক্যৰ স্বৰূপ জানি উঠা আৰু সেইমতে তেওঁলোকৰ প্ৰয়োজন পুৰণ কৰি ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সাধন কৰাত শিক্ষকক সহায় কৰাটো ইয়াৰ উদ্দেশ্য ।

( ঙ ) স্কুলৰ সমগ্ৰ শিক্ষা পৰিস্থিতিত উদ্ভৱ হ'ব পৰা সমস্যাসমূহৰ নিৰীক্ষণ কৰি তাৰ উপযুক্ত সমাধান কৰিব পৰা ক্ষমতা এটা শিক্ষকক প্ৰদান কৰাটো ইয়াৰ উদ্দেশ্য ।

Q. 15 | শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ সম্বন্ধে আলোচনা কৰা। (Write about the scope of Educational Psychology.)

উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ তলত চমুকৈ আলোচনা কৰা হ’ল—

১। শিক্ষার্থী [Learner] : যিকোনো শিক্ষা-ব্যৱস্থাৰ কেন্দ্ৰবিন্দু হ’ল শিক্ষার্থীসকল। সেয়েহে শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নৰ বিষয়বস্তু হৈছে শিক্ষার্থীসকল। শিক্ষাৰ্থীৰ স্বভাৱ আৰু আচৰণসমূহ অধ্যয়ন কৰা আৰু সেইবিলাকে শিকন প্ৰক্ৰিয়াৰ ওপৰত কেনে প্ৰভাৱ পেলায় সেই সম্বন্ধে বুজিবলৈ চেষ্টা কৰাও শিক্ষা মনোবিজ্ঞানৰ পৰিসৰৰ অন্তৰ্ভুক্ত।

২। শিক্ষা প্ৰক্ৰিয়াৰ নীতি [Principle of Learning Process] : শিক্ষা প্ৰক্ৰিয়াৰ সমস্যাৰ ওপৰত গৱেষণা চলোৱাই শিক্ষা মনোবিজ্ঞানৰ উদ্দেশ্য নহয়। ইয়াৰ উপৰিও শিক্ষাৰ্থীৰ কি পদ্ধতিৰে শিকে, শিক্ষাৰ বিষয়বস্তুৰ প্ৰকৃতি আৰু পৰিমাপনৰ লগত সেইসমূহৰ সম্বন্ধ কি, মানসিক শক্তি, প্ৰক্ষোভমূলক আচৰণ তথা অভিৰোচনৰ ওপৰত শিক্ষা কিমান নিৰ্ভৰশীল, কোন কোন পৰিস্থিতিত শিক্ষাৰ অনুকূল বা প্রতিকূল ইত্যাদি শিক্ষাৰ লগত জড়িত সকলো সমস্যা সমাধান কৰাই শিক্ষা মনোবিজ্ঞানৰ বিষয়বস্তু।

৩। মানৱীয় আচৰণ [Human Behaviour] : শিক্ষা মনোবিজ্ঞানে শিকনীয় পৰিৱেশৰ মাজত মানৱ আচৰণ অধ্যয়ন আৰু সংশোধন কৰে। গতিকে ই সমগ্ৰ শিক্ষাজগতখনকে ইয়াৰ পৰিসৰ ভুক্ত কৰে।

৪। বৃদ্ধি আৰু বিকাশ [Growth and Development] : শিক্ষা মনোবিজ্ঞানে শিশুৰ বিকাশৰ বিভিন্ন স্তৰ অতিক্ৰম কৰে আৰু বিভিন্ন স্তৰৰ বৈশিষ্ট্য আৰু তাৎপর্য কি অর্থাৎ তেওঁলোকৰ বৃদ্ধি আৰু বিকাশৰ গতি কেনেকুৱা তাক বিতংভাৱে অধ্যয়ন কৰে।

৫। ব্যক্তিত্বৰ বিকাশ [Personality Development] : ব্যক্তিত্বৰ বিভিন্ন দিশবিলাকৰ ক্ৰমবিকাশৰ লক্ষ্যত সামঞ্জস্য ৰাখি শিক্ষাৰ বিষয়বস্তু নির্বাচন কৰা, ব্যক্তিত্ব বিকাশৰ বিভিন্ন দিশসমূহ পর্যবেক্ষণ কৰাও শিক্ষা মনোবিজ্ঞানৰ পৰিসৰৰ ভিতৰুৱা।

৬। মানৱ প্ৰকৃতি [Human Nature] : মানৱ প্ৰকৃতিৰ অন্যান্য বৈশিষ্ট্য, যেনে-শিশুৰ প্ৰবৃত্তি আৰু প্ৰক্ষোভৰ স্বৰূপ,চাহিদা আৰু আগ্রহ, মনোযোগ, জন্মগত গুণাৱলীৰ প্ৰভাৱ, শাস্তি আৰু পুৰস্কাৰৰ কার্যকাৰিতা আদিৰ স্বৰূপ নির্ণয় কৰাও শিক্ষা মনোবিজ্ঞানৰ কৰ্ম পৰিধিৰ অন্তৰ্গত।

৭। বংশগতি আৰু পৰিবেশ [Heredity and Environment] : ব্যক্তিৰ পূৰ্ণ ব্যক্তিত্ব আৰু চৰিত্ৰ গঠন আৰু সম্পূৰ্ণ বিকাশত বংশগতি আৰু পৰিবেশৰ প্ৰভাৱ আৰু ফলাফল অধ্যয়ন কৰে বংশগতি আৰু পৰিৱেশে ব্যক্তিৰ বৃদ্ধি আৰু বিকাশত কেনেধৰণৰ ইন্ধন যোগায়, শিশুৰ বিকাশত এই দুয়োট। কেনেদৰে ব্যৱহাৰ কৰিব পাৰি ইত্যাদি দিশবোৰ মনোবিজ্ঞানৰ পৰিসৰৰ অন্তৰ্গত।

৮। ব্যক্তি বিভিন্নতা [Individual Differences] : দেখাত দুজন ব্যক্তি একে হ’লেও মানসিক দিশৰ পৰা কোনে দুজন ব্যক্তি একে নহয়। প্রত্যেক ব্যক্তিৰে বুদ্ধি, ক্ষমতা, যোগ্যতা, সামর্থ্য, আগ্রহ, ৰুচি-অভিৰুচি, মনোযোগ, আৱেগ, অনুভূতি আদি সমান নহয়। ব্যক্তিৰ এই দিশসমূহৰ বাবেই তেওঁলোকৰ মাজত বৈষম্য আহি পৰে। এই বৈষম্যতাৰ ভিত্তিত উপযুক্তভাৱে বৃদ্ধি আক বিকাশ সাধন কৰিব পৰাকৈ যথোপযুক্ত শিক্ষাৰ ব্যৱস্থা কৰাও শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নৰ ভিতৰনা।

৯। বুদ্ধি আৰু ইয়াৰ পৰিমাপ [Intelligence and its Measurement) : বুদ্ধিৰ প্ৰকৃতি আৰু স্বৰূপ অধ্যয়নৰ লগতে বুদ্ধি পৰিমাপনৰ কৌশল, পদ্ধতি, নীতি, প্রয়োগ কৌশল, ফলাফল বিশ্লেষণ আদিও ইয়াৰ অধ্যয়নৰ ভিতৰুৱা ।

১০। মনোবৈজ্ঞানিক অভীক্ষা [Psychological Test] : ব্যক্তিৰ মানসিক দিশ, যেনে-বুদ্ধি, ব্যক্তিত্ব, সংলক্ষণ, অভিৰুচি, দৃষ্টিভঙ্গী, মনোযোগ, স্মৃতি, মনোভাৱ আদি বিজ্ঞানসন্মতভাৱে পৰিমাপ কৰিবলৈ বহুতো মনোবৈজ্ঞানিক অভীক্ষাৰ উদ্ভৱ হৈছে। এই মনোবৈজ্ঞানিক অভীক্ষাসমূহৰ প্ৰকৃতি, প্রয়োগ কৌশল আৰু অনান্য দিশো মনোবিজ্ঞানৰ পৰিসৰৰ অন্তৰ্ভুক্ত।

Q. 16 |  শিক্ষা মনোবিজ্ঞানৰ প্ৰয়োজন আৰু গুৰুত্ব বিষয়ে আলোচনা কৰা। (Discuss the need and importance of educational psychology.)

উত্তৰঃ আধুনিক শিক্ষা বিজ্ঞানমুখী হৈ অহাৰ লগে লগে মনোবিজ্ঞানৰ নীতি নিৰ্দেশনাসমূহ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ প্ৰয়োজনীয়তাক যথেষ্ঠ গুৰুত্ব সহকাৰে লোৱা হৈছে। শিক্ষাৰ পৰিবেশত মনোবিজ্ঞানৰ নীতি বা ধাৰমাসমূহ ফলপ্ৰসুভাৱে প্ৰয়োগ কৰা আৰু মনোবিজ্ঞানৰ এক দায়িত্বপূৰ্ণ কাৰ্য। প্ৰত্যক্ষ বিজ্ঞান হিচাপে মনোবিজ্ঞানৰ কাম হৈছে ছাত্ৰ-ছাত্ৰী সন্মুখীন হোৱা বিভিন্ন সমস্য়াৰ প্ৰণালীবদ্ধ আৰু বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰা আৰু সমস্যা সমাধানৰ প্ৰয়োজনীয় দিক নিৰ্দেশনা প্ৰদান কৰা।এক উপযুক্ত শিক্ষণ পৰিৱেশ সৃষ্টি কৰাত শিক্ষা মনোবিজ্ঞানৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শিক্ষা মনোবিজ্ঞানে শিক্ষা কেনেদৰে প্ৰদান কৰিব লাগে, পৰিৱেশ কেনেদৰে সৃষ্টি কৰিব লাগে, শিক্ষাক কেনেদৰে লক্ষ্য কৰিব লাগে তাৰ সকলো দিশ সামৰি লয়।

Q. 17 | শিক্ষা মনোবিজ্ঞানৰ বৈশিষ্ট্যবোৰ লিখা ।

উত্তৰঃ ....

Q. 18 | কৈশোৰ মনোবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা ।

উত্তৰঃ ....

Q. 19 |  শিক্ষা মনোবিজ্ঞান কাক বোলে ? শিক্ষা আৰু মনোবিজ্ঞানৰ মাজৰ সম্বন্ধ আলোচনা কৰা ।

উত্তৰঃ  সাধাৰণ অৰ্থত শিক্ষা মনোবিজ্ঞান বুলিলে শিক্ষাৰ ক্ষেত্ৰত মনোবিজ্ঞানৰ সূত্ৰসমূহ প্ৰয়োগ কৰাই হৈছে শিক্ষা মনোবিজ্ঞান । আধুনিক শিক্ষা বিজ্ঞানমুখী হৈ অহাৰ লগে লগে মনোবিজ্ঞানৰ নীতিসমূহ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে ৷ শিক্ষাৰ পৰিৱেশত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত পাৰসুৰিক বুজাপৰা সম্বন্ধে যি জ্ঞান অভিজ্ঞতা গঢ় লৈ উঠে সেয়ে শিক্ষা মনোবিজ্ঞান ।

শিক্ষা আৰু মনোবিজ্ঞানৰ বিষয়বস্তু একে নহয়। শিক্ষাৰ বিষয় বস্তু সমাজমুখী। শিক্ষা বিষয়ৰ সমস্য়াসমূহ সমাধানৰ ক্ষেত্ৰত অতীত, বৰ্ত্তমান আু ভৱিষ্যতৰ লগত জড়িত দিশসমূহ ইয়াত সামগ্ৰিকভাৱে বিচাৰ বিবেচনা কৰা হয়। আনহাতে মনোবিজ্ঞানৰ বিষয়বস্তু ব্য়ক্তিমুখী। মানৱ আচৰণৰ বিভিন্ন দিশ, দৈহিক, মানসিক যোগ্য়তা, ক্ষমতা, স্মৃতি, চিন্তন বুদ্ধি আধি বিষয় সমূহৰ প্ৰত্য়ক্ষ আৰু প্ৰণালীবদ্ধভাৱে অধ্য়য়ণ কৰা হয়। আচৰণৰ বিজ্ঞান হিচাপে মনোবিজ্ঞান সম্পূৰ্ণৰূপে এক বস্তুনিষ্ঠ বিজ্ঞান।  

      গতিকে দেখা যায় যে দুয়োটা বিষয়ৰ মাজত এনে কেতবোৰ পাৰ্থক্য় পৰিলক্ষিত হ'লেও কেৱল ইয়াৰদ্বাৰা দুয়োটা বিষয়ক পৰস্পৰ বিৰোধী বুলি কৰিব পৰা নাযায়।

     শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত যদিও কিছু মৌলিক পাৰ্থক্য় পৰিলক্ষিত হয়, দুয়োটা বিশ্লেষণ কৰি চালে দেখা যায় যে শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত এক লক্ষণীয় আৰু ঘনিষ্ঠ সম্বন্ধ আছে। 





Tags :

  • মনোবিজ্ঞান আৰু শিক্ষা (Psychology and Education)
  • শিক্ষা আৰু মনোবিজ্ঞানৰ সম্পৰ্ক
  • মনোবিজ্ঞান আৰু শিক্ষা প্ৰশ্ন উত্তৰ
  • মনোবিজ্ঞান আৰু শিক্ষা Question Answer
  • মনোবিজ্ঞান আৰু শিক্ষা ba 1st sem
  • শিক্ষাৰ ভিত্তি B.A 1st Semester
  • BA 1st Sem Education Notes Model Questions Answer In Assamese
  • GU BA 1st Sem Education Question and Answer
  • মনোবিজ্ঞান আৰু শিক্ষা B.A 1st Semester Education Question Answer [Regular & General]
  • Gauhati University Foundation of Education Book Notes
  • GU B.A 1st Semester Education মনোবিজ্ঞান আৰু শিক্ষা Question Answer
  • মনোবিজ্ঞান আৰু শিক্ষা ba 1st sem education solution
  • ba 1st sem education notes