Follow Us:

আধুনিক কবিতাঃ সংজ্ঞা আৰু বৈশিষ্ট্য | Gauhati University BA 4th Sem Assamese Skill Questions Answer | TDC 4th Semester Assamese Notes

LearningPointAssam.com

আধুনিক কবিতাঃ সংজ্ঞা আৰু বৈশিষ্ট্য | Gauhati University BA 4th Sem Assamese Model Questions Answer | GU BA 4th Sem Assamese Model Solution | ba 4th sem assamese question paper | BA 4th Sem Assamese Skill Question Answer | ba 4th sem assamese book pdf | Gauhati University BA 4th Sem Assamese Questions Answer

Assamese Notes & Guide Available here সৃজনীমূলক সাহিত্য ASM-SE-4014 আধুনিক কবিতা সংজ্ঞা আৰু বৈশিষ্ট্য Model Solution to each Unit are provided in the list of UG - CBCS Syllabus. We design all notes according to Guwahati University so that you can easily browse through আধুনিক কবিতা সংজ্ঞা আৰু বৈশিষ্ট্য BA 4th Sem Assamese Question Answer and University Guides and Notes here. ASM-SE-4014 — সৃজনীমূলক সাহিত্যঃ আধুনিক কবিতা — সংজ্ঞা আৰু বৈশিষ্ট্য Model Question Answer Can be very useful to excel in examinations.

BA 4th Sem Assamese Skill Question Answer

BA Assamese ASM-SE-4014 — সৃজনীমূলক সাহিত্যঃ আধুনিক কবিতাঃ সংজ্ঞা আৰু বৈশিষ্ট্য BA 4th Sem Assamese Skill Enhancement Model Notes covers all the practice questions of Guwahati University syllabus. আধুনিক কবিতাঃ সংজ্ঞা আৰু বৈশিষ্ট্য BA 4th Sem Assamese Skill Question Answer is given here which ensures smooth and easy understanding of all the concepts. Understand the concepts behind each unit and score well in board exams.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।
If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 2 

আধুনিক কবিতাঃ সংজ্ঞা আৰু বৈশিষ্ট্য — ALL Important Question & Answers

GU BA 4th Sem Assamese Skill Enhancement Course (ASM-SE-4014) Questions & Answer :


CONTENTS 

আধুনিক কবিতাঃ সংজ্ঞা আৰু বৈশিষ্ট্য
Model Question and Answer key






প্ৰশ্নাৱলীঃ

আধুনিক কবিতা - সংজ্ঞা আৰু বৈশিষ্ট্য BA 4th Sem Assamese Skill Short Question Answer Here.

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 1

Q. 1 | আধুনিক কবিতা স্বৰূপ কেতিয়াৰ পৰা আৰম্ভ হয়?

উত্তৰঃ আধুনিক কবিতা স্বৰূপ ১৯৪০ চনৰ পৰা আৰম্ভ হয় ।

Q. 2 | আধুনিক কবিতাৰ ওপৰত কোনটো যুদ্ধই প্ৰভাৱ পেলাইছিল?

উত্তৰঃ আধুনিক কবিতাৰ ওপৰত দ্বিতীয় বিশ্বযুদ্ধই প্ৰভাৱ পেলাইছিল ।

Q. 3 | আধুনিক শব্দটো কৰ পৰা আহিছে?

উত্তৰঃ আধুনিক শব্দটোৰ 'অধুনা' শব্দৰ পৰা আহিছে ।

Q. 4 | 'Moder' শব্দটোৰ মূল কটৰ পৰা আহিছে?

উত্তৰঃ ' Modern ' শব্দটোৰ মূল লেটিন "Modo" শব্দৰ পৰা আহিছে ।

Q. 5 | ৰবাৰ্ট ব্ৰিজে আধুনিক কবিতাক কি বুলি কৈছে?

উত্তৰঃ ৰবাৰ্ট ব্ৰিজে পুৰণি ভাৱধাৰা বা ঐহিত্য়বাদী ধাৰাৰে আধুনিক কবিতা কাল নিৰপেক্ষ বুলি অভিহিত কৰিছে ।

Q. 6 | জ'নচনৰ মতে কবিতা কি ?

উত্তৰঃ জনচ'নৰ মতে "কবিতা ছন্দোবদ্ধ ৰচনা"।

Q. 7 | কাৰ্লাইলে কবিতাৰ সংঞ্জা কিদৰে দিছে?

উত্তৰঃ কাৰ্লাইলে কবিতা সম্পৰ্কে কৈছে- "কবিতা সংগীতময় চিন্তা" ।

Q. 8 | 'কয়লা' কবিতাটোৰ কবি কি?

উত্তৰঃ 'কয়লা' কবিতাটোৰ কবি হ'ল- অমূল্য় বৰুৱা ।

Q. 9 | ৰোমান্টিক কবিতাৰ শেষ আৰু আধুনিক কবিতাৰ প্ৰথম কবি কোন?

উত্তৰঃ ৰোমান্টিক কবিতাৰ শেষ কবিজন হ'ল- নৱকান্ত বৰুৱা আৰু আধুনিক কবিতাৰ প্ৰথম কবি হ'ল- হেম বৰুৱা ।

Q. 10 | দ্বন্দ্বত্মক ভৌতিকবাদী এগৰাকী কবিৰ নাম লিখা?

উত্তৰঃ দ্বন্দ্বাত্মক ভৌতিকবাদী এগৰাকী কবিৰ নাম হ'ল- হীৰেন গোঁহাই ।

Q. 11 | ব্যক্তিসত্তাৰ স্বাতন্ত্ৰ প্ৰকাশ কৰা প্ৰথম মহিলা কবি কোন?

উত্তৰঃ ব্যক্তিসত্তাৰ স্বাতন্ত্ৰ প্ৰকাশ কৰা প্ৰথম মহিলা কবি হ'ল- নিৰ্মলপ্ৰভা বৰদলৈ ।

Q. 12 | কোনগৰাকীৰ কবিৰ কবিতাত জাপানী 'হাইকু'ৰ প্ৰভাৱ পৰা দেখা যায়?

উত্তৰঃ কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতাত জাপানী 'হাইকু'ৰ প্ৰভাৱ পৰা দেখা যায় ।

Q. 13 | আধুনিক কবিতা কোনখন কাকতৰ জৰিয়তে প্ৰথম প্ৰকাশ কৰিলে?

উত্তৰঃ আধুনিক কবিতা 'জয়ন্তী' কাকতৰ জৰিয়তে প্ৰথম প্ৰকাশ কৰিলে ।

Q. 14 | আধুনিক কবিতাৰ এটি বৈশিষ্ট উল্লেখ কৰা । 

উত্তৰঃ আধুনিক কবিতাৰ এটি বৈশিষ্ট্য হ'ল- 

(ক) বিষয়বস্তুগত

  • ( i ) নব্য মানৱীয় মূল্যবোধৰ দৃষ্টিভংগীৰ মূল্যায়ন ।

Q. 15 | 'ইয়াত নদী কোন'কবিতাটিৰ কবি কোন?

উত্তৰঃ 'ইয়াত  নদী কোন' কবিতাটিৰ কবি হ'ল- নৱকান্ত বৰুৱা ।

Q. 16 | 'মনকুঁৱলী সময়' কাৰ কবিতা?

উত্তৰঃ 'মনকুৱলী সময়' অজিত বৰুৱাৰ কবিতা ।

Q. 17 | ভৱানন্দ দত্ত কি ছদ্ম নামেৰে 'ৰাজপথ' কবিতাটো লিখিছিল?

উত্তৰঃ 'নচিকেতা' ভৱানন্দ দত্ত ছদ্ম নামেৰে 'ৰাজপথ' কবিতাটো লিখিছিল ।

Q. 18 | এজৰা পাউণ্ডৰ কবিতাৰ প্ৰভাৱ কোনগৰাকী অসমীয়া কবিৰ ওপৰত পৰিছে? 

উত্তৰঃ এজৰা পাউণ্ডৰ কবিতাৰ প্ৰভাৱ অসমীয়া কবিৰ হেম বৰুৱা ওপৰত পৰিছে ।

Q. 19 | আধুনিকতাবাদৰ এটি মতবাদ লিখা।

উত্তৰঃ আধুনিকতাবাদৰ এ়টি মতবাদ হ'ল- (ক) Harry Levinৰ মতে আধুনিকতাবাদৰ এটা প্ৰধান বিষয় হ'ল আপোচহীন বৌদ্ধিকতা । 



আধুনিক কবিতা - সংজ্ঞা আৰু বৈশিষ্ট্য BA 4th Sem Assamese Skill Enhancement Course Question Answer Here.

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 2/3

Q. 1 | আধুনিক কবিতা কাক বোলে ?

উত্তৰঃ ...........

Q. 2 | আধুনিক কবিতাৰ অৰ্থ কেই ধৰণে আৰু কি কি নিৰ্ণয় কৰা হৈছে?

উত্তৰঃ আধুনিক কবিতাৰ অৰ্থ দুই ধৰণৰ কালগত আৰু প্ৰকৃতিগত ।

Q. 3 | ওৱাৰ্ডছৱৰ্থৰ কবিতাৰ সংঞ্জা লিখা।

উত্তৰঃ ওৱাৰ্ডছৱৰ্থৰ মতে "কবিতা হ'ল সকলো জ্ঞানেৰে নিশ্বাস সুকুমাৰ আত্মা"।

Q. 4 | আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য হ'ল- ১) নব্য় মানৱীয় মূল্য়বোধৰ দৃষ্টিভংগীৰ মূল্য়ায়ন । ২) মাৰ্ক্সীয় দৰ্শনৰ প্ৰভাৱ ।

Q. 5 | মুক্তক ছন্দ কি?

উত্তৰঃ প্ৰাচীন, মধ্যযুগীয় আৰু ৰোমান্টিক কবিতাৰ দৈহিক গঠন আছিল যৌগিক ছন্দ সজ্জা । এই যৌগিক ছন্দ সজ্জাৰ পৰা নতুন কবিতাই আতৰি আহি মুক্তক আৰু স্পন্দিত গদ্য ছন্দক কবিতাৰ বাবে গ্ৰহণ কৰিলে ।

Q. 6 | কলেৰিজৰ কবিতাৰ সংঞ্জাটো লিখা।

উত্তৰঃ কলেৰিজৰ কবিতাৰ সংজ্ঞাটো হ'ল- "উৎকৃষ্টতম শব্দপুঞ্জৰ উৎকৃষ্টতম বিন্যাসৰ নামেই কবিতা ।

Q. 7 | মিড্লটন মাৰে কবিতাৰ ৰূপকাৰ ক্ষেত্ৰত কি লিখইছে?

উত্তৰঃ মিড্লটন মাৰে  কবিতাৰ ৰূপকৰ ক্ষেত্ৰত লিখিছে "Metaphor is as ultimate as speech itself, and speech as ultimate as thought."  ( Countries of mind ) অৰ্থাৎ "ৰূপক ভাষাৰ দৰে এক চৰম বস্তু আৰু ভাষা চিন্তাৰ দৰে এক চৰম ।"

Q. 8 | ৰবীন্দ্ৰনাথ টাকুৰে আধুনিকতা সম্পৰ্কে কি লিখিছে?

উত্তৰঃ ৰবীন্দনাথ ঠাকুৰেও 'আধুকতা' ক্ষেত্ৰত এনে ধাৰণা পোষণ কৰি আধুনিক কাব্য় প্ৰৱন্ধত লিখিছে "আধুনিকতা কালৰ নহয় ভাৱৰহে আৰু শাশ্বতভাৱে আধুনিক শব্দটো ব্যৱহাৰ কৰে ।

Q. 9 | উইলিয়াম জেমছৰ মনস্তত্ববিষয়ক পুথিখনৰ নাম কি আৰু কেতিয়া প্ৰকাশ হয়?

উত্তৰঃ উইলিয়াম জেমছৰ মনস্তত্ববিষয়ক পুথিখনৰ নাম হ'ল "The Principles of Psychology" ১৮৯০ চনত প্ৰকাশ হয় ।

Q. 10 | আধুনিকতাবাদৰ দুটা মতামত লিখা।

উত্তৰঃ আধুনিকতাবাদৰ দুটা মতবাদ হ'ল- (ক) Monroe K. Spears-ৰ মতে সৰ্বাত্মক অবিশ্বাসত নিমগ্ন হোৱা মানসিক স্থিতি । ( A preoccupation With Nihilism )

Q. আধুনিক কবিতাৰ লক্ষণ কেইটা লিখা !

উত্তৰঃ আধুনিক কবিতাৰ কেইটামান লক্ষণ হ'ল -

  • ক) প্ৰতীকধৰ্মী শব্দৰ প্ৰয়োগ
  • খ) আপাত দৃষ্টিত যিবোৰ বিষয়ক কবিতাৰ উপযুক্ত বুলি ধৰা হোৱা নাছিল, সেইবোৰৰ অন্তৰ্ভূক্তি
  • গ) অসংলগ্ন যেন লগা ভাষাৰ প্ৰয়োগ
  • ঘ) চলচিত্ৰধৰ্মী কলা-কৌশল
  • ঙ) অতি কথাৰ প্ৰয়োগ
  • চ) চিত্ৰকল্পসমূহত নাটকীয় বীজ
  • ছ) ঘৰুৱা আৰু কথিত শব্দৰ প্ৰয়োগ
  • জ) ছন্দৰ শিকলি ছিঙা ৰূপ। ইত্যাদি



ৰচনাধৰ্মী প্ৰশ্ন ঃ

Q. 1 | আধুনিক অসমীয়া কবিতাৰ সম্পৰ্কে চমু  আলোচনা কৰ।

উত্তৰঃ আধুনিকতাৰ ধাৰণা সদায়ে গতিশীল। নতুন যুগৰ চিন্তা আৰু চেতনা যি সাহিত্যত প্ৰতিবিম্বিত হৈ উঠে সেই সাহিত্যক সাধাৰণ অৰ্থত আধুনিক বুলি ক'ব পাৰি। কিন্তু ঠাই বিশেষে এই চেতনা বেলেগ বেলেগ সময়ত জাগৰিত হ'ব পাৰে। ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা বিংশ শতিকাৰ প্ৰথম চাৰিটা দশকৰ ভিতৰত অসমীয়া কবিতাৰ বন্যাই ব্যাপক ৰূপ লোৱাৰ পিছত অসমীয়া কবিতাৰ গতি আৰু প্ৰকৃতি সলনি হ'বলৈ লয়। সময়ৰ ঐতিহাসিক ঘটনাবোৰৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱৰ ফলত অসমীয়া কবিতাই ৰোমান্টিক আৱেষ্টনীৰ পৰা ওলাই আধুনিক ৰূপত আত্ম প্ৰকাশ কৰে।

           কবিতাৰ ক্ষেত্ৰত আধুনিকতাৰ বিচাৰ কৰাটো সহজ সাধ্য নহয়। কবিৰ মনৰ জগত আৰু কবিতা-পাঠকৰ মনৰ জগতৰ মাজত যেতিয়া একে সময়তে নতুন চেতনাৰ সাকোঁৰে অনুভূতিৰ আদান-প্ৰদান ঘটে,তেতিয়াই কবিতাত আধুনিকতা স্বীকৃত হয়, কেতিয়াবা সেইবোৰ লক্ষণকে আধুনিক বোলা হয়।, যিবোৰত মানৱ প্ৰগতি, সভ্যতা, সংস্কৃতিৰ আদিৰ বিষয়ে প্ৰচলিত সকলো ধাৰণাকে মানি নোলোৱাৰ আৰু বিপৰীত ধাৰণা এটাক মানি লোৱাৰ প্ৰৱনতাই দেখা দিয়ে।

Q. 2 | আধুনিক সম্পৰ্কে লিখা।

উত্তৰঃ আধুনিক কবিতাৰ স্বৰূপ ১৯৪০ চন মানৰ পৰা আৰম্ভ হয় । ৰোমান্টিক কবিতাৰ গতি-প্ৰকৃতিৰ ৰূপৰেখা, চিন্তা ধাৰণা এই সময়ছোৱাৰ পৰা সলনি হ'বলৈ আৰম্ভ কৰে । অসমীয়া কবিতাৰ গতি-প্ৰকৃতিৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত ইৰোপীয় ঐতিহাসিক, উদ্য়োগিক, বিপ্লৱৰ কিছু ঘটনাৰ প্ৰভাৱৰ ফলত ৰোমান্টিক কবিতাৰ চাৰিওবেৰৰ পৰা ওলাই আহি আধুনিক কবিতাই আত্ম প্ৰকাশ কৰিবলৈ ল'লে ।

         দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰভাৱে আধুনিক অসমীয়া কবিতাৰ ইতিহাসত বিশেষভাৱে প্ৰভাৱ পেলালে । ভাৰতৰ স্বাধীনতা আন্দোলন তথা সাম্য়বাদী ভাবাদৰ্শৰ প্ৰভাৱত মানুহৰ দৈনন্দিন জীৱন ধাৰা পৰিৱৰ্তন হোৱাৰ কাৰণে অসমীয়া ৰোমান্টিক কবিতাৰ ভাবৰাশিও পৰিৱৰ্তন হ'ল । বিশ্বযুদ্ধৰ প্ৰভাৱত মানুহৰ বিশ্বাসহীনতা, দ্বিধা, সংশয়ৰ ফলত ৰোমান্টিক কবিসকলক কল্পনা জগতখনৰ পৰা আঁতৰাই বাস্তৱ জগতলৈ আনিলে । ইপিনে ভাৰতবৰ্ষৰ সাম্প্ৰদায়িক সংঘৰ্ষ আৰু আনপিনে বঙ্গদেশৰ দুৰ্ভিক্ষৰ ভয়াবহ ছবিয়ে কবিসকলক ব্য়ক্তিগত তথা সমাজ জীৱনৰ সামগ্ৰিক দিশ নতুন দৃষ্টিভংগীৰে চাবলৈ শিকালে । ব্ৰিটিছ সাম্ৰাজ্য়বাদী কবলৰ পৰা ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ লগে লগে ভাৰতীয় ৰাজনৈতিক ব্য়ক্তিসকলৰ ভোগবাদী মানসিকতাৰ ফলত প্ৰকৃত গণতান্তিক মূল্য়বোৰৰ অৱক্ষয়ৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ।   

Q. 3 | কবিতাৰ প্ৰাচ্য আৰু প্ৰাশ্চাত্যৰ সংঞ্জাবোৰ বৰ্ণনা কৰা ।

উত্তৰঃ কবিতাৰ প্ৰাচ্য আৰু প্ৰাশ্চাতাৰ সংজ্ঞাবোৰ হ'ল "চেন্ট আগষ্টানে কবিতাৰ সংজ্ঞা এনেদৰে দিছে - "যাৰ বিষয়ে নুসুধিলে বহুত কিবা-কিবি ক'ব পাৰি, অথচ সুধিলে একো ক'ব নোৱাৰি ।" জনচ'নৰ মতে "কবিতা ছন্দোবদ্ধ ৰচনা" । মিলৰ মতে "চিন্তা আৰু কথাৰ সমন্বয়, য'ত আৱেগ সাৱলীলভাৱে নিহিত হৈ থাকে" । কালাৰ্ইলে কবিতা সম্পৰ্কে কৈছে- "কবিতা সংগীতময় চিন্তা" । ছেলীৰ মতে "কবিতা কল্পনাৰ সুপ্ৰকাশ" । ওৱডচৱৰ্থৰ মতে "কবিতা হ'ল সকলো জ্ঞানেৰে নিশ্বাস সুকুমাৰ আত্মা" । মেথিউ আৰ্লণ্ডৰ মতে 

Q. 4 | আধুনিক কবিতাৰ বিষয়বস্তু বৰ্ণনা কৰা ।

উত্তৰঃ অসমীয়া কবিতাৰ আধুনিকতাৰ বাবে কুৰি শতিকাৰ চতুৰ্থ দশকটো বিশেষভাৱে উল্লেখনীয় । পৃথিৱীৰ ইউৰোপ, আমেৰিকা আৰু অন্য়ান্য় দেশৰ কবিতাৰ বিষয়বস্তু আৰু আংগিকৰ অভিনৱত্বৰ প্ৰভাৱ অসমীয়া আধুনিক কবিতাৰ ক্ষেত্ৰখনলৈ প্ৰৱাহিত হ'ল । ইয়াৰ ফলস্বৰূপে কবিতাৰ বিষয়বস্তু আৰু আংগিকতাৰ এক আমূল পৰিৱৰ্তন হৈ আধুনিক অসমীয়া কবিতাই বিশেষ ৰূপত বিস্তৃতি লাভ কৰিবলৈ অগ্ৰসৰ হ'ল । বিজ্ঞান, প্ৰযুক্তিবিদ্য়াৰ ফলত মানুহৰ চিন্তা-চৰ্চা, ধ্য়ান-ধাৰণা, নিত্য় নতুন নতুন ভাৱনা আৰু সমাজৰ বাস্তবানুগত দৃষ্টিভংগীৰে আধুনিক অসমীয়া কবিতাৰ ৰূপ পাবলৈ ধৰিলে ।

      ৰোমান্টিক কবিতাৰ বিষয়বস্তু, শব্দচয়ন, ৰচনাৰীতি, ছন্দ প্ৰয়োগ, মানসচিত্ৰ আদি দৃষ্টিভংগীৰ সকলো পুৰণি কাব্য়ৰীতিৰ পৰা আধুনিক অসমীয়া কবিসকলে আঁতৰি আহি কবিতা ৰচনা কৰিবলৈ ধৰিলে ।

      আধুনিক যুগ নানা সমস্য়াকেন্দ্ৰিক, প্ৰশ্ন, দ্বিধা, সন্দেহ, শংকা, যুক্তিবাদী, প্ৰযুক্তিবাদী আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ যুগ । ৰোমান্টিক বা ৰমন্য়াবাদৰ চৰাই-চিৰিকতি, ফুল-প্ৰকৃতি, বসন্ত, প্ৰেম-প্ৰীতি, কল্পনা, সৌন্দৰ্য্য়বোধ, নাৰীৰূপ আদিৰ ৰূপচিত্ৰ আধুনিক কবিতাত পৰিহাৰ কৰা হৈছে । 

Q. 5 | আধুনিক কবিতাৰ বৈশিষ্ট লিখা।

উত্তৰঃ আধুনিক কবিতাৰ বাবে কুৰি শতিকাৰ চতুৰ্থ দশকটো এটা গুৰুত্বপূৰ্ণ সময় । দ্বিতীয় মহাযুদ্ধই নতুন যুগৰ বাৰ্তা, নতুন চেতনা, সামাজিক পৰিৱৰ্তনৰ নতুন সূচনা কঢ়িয়াই আনিলে । এই সময়ছোৱাত আধুনিক অসমীয়া কবিতাত নব্য়ানুভূতিৰ সঞ্চাৰ হয় । এই নব্য়ানুভূতিয়ে ৰোমান্টিক কবিতাৰ ধাৰাৰ পৰা আতৰাই আনি এক নতুন মৰ্যাদা দিলে । উদয়মান কবিসকলে ৰোমান্টিক কবিতাৰ বিষয়বস্তু, ভাৱ-বিলাস, ধ্য়ান-ধাৰণাৰ আতিশয্য়ৰ পৰা আঁতৰি অৰ্থাৎ এইবোৰ পৰিহাৰ কৰি বাস্তৱতাৰ ভেটিত নতুন নতুন বিষয়বস্তু আৰু ভাবধাৰাক লৈ নতুন কবিতাৰ ধাৰা 'জয়ন্তী'  কাকতৰ যোগেদি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিলে । 'জয়ন্তী' পছোৱা, ৰামধেনু কাকতত আধুনিক কবিতাৰ আঙ্গিক আৰু বিষয়বস্তুৰ পৰিৱৰ্তন হ'ল আৰু অসমীয়া কবিতাৰ দিগন্ত বহুধা ধাৰাত বিস্তৃত হৈ পৰিল । আধুনিক কবিতাৰ পথাৰখন বহল । নতুন নতুন ভাব, চিন্তা, নতুন অভিজ্ঞতা, জগতৰ প্ৰতি বাস্তৱানুগত দৃষ্টিভংগী সোমাই পৰি অসমীয়া কবিতাৰ বোঁৱতীত যি নতুন লহৰ তুলিলে তাৰ নামেই আধুনিক কবিতা । ৰোমান্টিক কবিতাৰ বিষয়বস্তুৰ সলনি নতুন কবিতাত জগতৰ উন্মুক্ত বায়ু লগাকৈ মনৰ সকলো দুৱাৰ-খিৰিকি খুলি ৰখাটো আধুনিক কবিতাৰ ধৰ্ম হৈ পৰিল ।

Q. 6 | আধুনিক কবিতাৰ পটভূমিৰ সম্পৰ্কে লিখা।

উত্তৰঃ আধুনিকতাবাদ ধাৰণা পশ্চিমীয়া সাহিত্য চিন্তা-চৰ্চ্চাৰ ধাৰাৰ পৰা অসমীয়া সাহিত্যলৈ আহিছে । Frank Kermode য়ে আধুনিক শব্দটোৰ ইতিহাস লিখিবলৈ যত্ন কৰিছে । আধুনিক শব্দটোৰ অৰ্থ দুই ধৰণে নিৰ্ণয় কৰিছে । এটা অৰ্থ কালগত আৰু আনটো প্ৰকৃতিগত বা স্থানগত । সংস্কৃতৰ পৰা অসমীয়া আধুনিক শব্দটোৰ মূল 'অধূনা' ইংৰাজী Modernশব্দটোৰ মূল লেটিন Modo । এই দুয়োটাই শব্দৰ অৰ্থ 'এতিয়া' বা 'সম্প্ৰতি' । সেয়ে পোনপটীয়া অৰ্থত আধুনিক সাহিত্ক এতিয়াৰ সাহিত্য বা সাম্প্ৰতিক সাহিত্য বুলি ক'ব পাৰি । বিংশ শতাব্দীৰ ইংৰাজ কবি Robert Bridges য়ে আধুনিক কবিতাক 'কালনিৰপেক্ষ' বুলি কৈছে । ৰবীন্দ্ৰনাথ ঠাকুৰেও 'আধুনিকতা' ক্ষেত্ৰত কবিতাক 'কালনিৰপেক্ষ'বুলি কৈছে । ৰবীন্দ্ৰনাথ ঠাকুৰেও 'আধুনিকতা' ক্ষেত্ৰত এনে ধাৰণা পোষণ কৰি আধুনিক কাব্য় প্ৰৱন্ধত লিখিছে "আধুনিকতা কালৰ নহয় ভাৱৰহে আৰু শাশ্বতভাৱে আধুনিক শব্দটো ব্য়ৱহাৰ কৰিছে । আচলতে  আধুনিকতাবাদ এটা বিশেষ কালৰ বিশেষ শিল্পী-সাহিত্যিকৰ মাজত হোৱা এটা শিল্প আন্দোলন বুলি ক'ব পাৰি ।'

Q. 7 | আধুনিক কবিতাৰ ভাষা সম্পৰ্কে লিখা।

উত্তৰঃ সাহিত্যৰ পথাৰ খনত বিচৰণ কৰা অনেক মানুহৰ কবিতা লিখিবলৈ মন নোযোৱা নহয় । সাহিত্য় জগতৰ বহুতেই আকৌ কবিতা লিখে । কিন্তু মন গ'লেই কবিতা লিখিব নোৱাৰে । কবিতা হ'ল অন্তৰ বা হৃদয়ৰ পৰা স্বতঃস্ফুত নিগৰি অহা আবেগ-অনুভূতি । এই আৱেগ-অনুভূতিক লেখকসকলে কাব্য়িক ৰূপ দিয়ে । কবিতাৰ কাব্য়িক ৰূপটোৱে মূল কথা । কবিতাৰ ৰূপ দিবলৈ গ'লে ভাষা, শব্দ আদিৰ সুবিন্য়স্ত হোৱা প্ৰয়োজন । ভাষা আৰু শব্দ প্ৰয়োগৰ ফলত অনেক কবিতা উৎকৃষ্ট কবিতাৰ শ্ৰেণীলৈ পৰ্যবতি হয় ।

      কবিতাৰ ভাষাৰ ৰূপ নিৰ্ণয় কৰিবলৈ তাৰ অভিধানিক, কাব্য়বিন্যাসগত ৰূপ, অলংকাৰ, ছন্দ আদিৰ বিষয়ে সবিশেষ অধ্যয়নৰ প্ৰয়োজন । সৃজনশীল কবিৰ কবিতাৰ ৰূপটোক বিশ্লেষণাত্মক বৈয়াকৰণিক ভাষালৈ ৰূপান্তৰ কৰাৰ চেষ্টা কৰিব লাগিব । সৃষ্টিশীল কবিসকলে কবিতাৰ প্ৰতীকীয় ৰূপত তাৎপৰ্য, ভাষাৰ ছান্দসিক অনুৰণন আৰু কবি মনৰ অৱচেতন জগতত ধৰা দিয়া উপাদানসমূহৰ যৰ্থাযথ বিশ্লেষণ কৰা নিশ্চিত ।

Q. 8 | আধুনিকতাবাদৰ মতামতবোৰ লিখা।

উত্তৰঃ

  • (ক) Hurry Levin ৰ মতে আধুনিকতাবাদৰ এটা প্ৰধান বিষয় হ'ল আপোচহীন বৌদ্ধিকতা ।
  • (খ) Monroe K. Spearsৰ মতে সৰ্বাত্মক অবিশ্বাসত নিমগ্ন হোৱা মানসিক স্থিতি ।
  • (গ) William K. Brazil jr. ৰে কৈছে ব্য়ক্তিসত্ত্বাৰ ওপৰত গুৰুত্ব । নিসংগতা আৰু বিচ্ছিন্নতাবোধ, সৰ্বব্য়াপী সংকটৰ ভীতি যাৰ সৈতে জড়িত হৈ আছে অন্বেষণৰ বোধ ।
  • (ঘ) Maurice Beeb য়ে লিখিছে ৰীতি আনুগত্য়, অনাসক্তিৰ মনোভাৱ আৰু মীথৰ ব্য়ৱহাৰ ।
  • (ঙ) Alan Wildৰ মতে ব্য়ক্তি আৰু বিশ্বৰ মাজত হোৱা ব্য়ৱধানৰ পৰা এক বিশেষ ধৰণৰ আইৰণি ।
  • (চ) Dowe Fokkema আৰু Elrud  Ibsch ৰ মতে সচেতনতা, পৰ্যবেক্ষণ আৰু অনাসক্তি আৰু কবিতাৰ সাৰবস্তু বুলি মেটাফ'ৰৰ ওচৰত দায়বদ্ধতা ।

Q. 9 | কবিতাৰ সংজ্ঞা আৰু বৈশিষ্ট্য ।

উত্তৰঃ কবিতাৰ পৰিধি ইমান বিস্তৃত আৰু ইয়াৰ প্ৰকৃতি ইমান বিচিত্র যে একোটা সংজ্ঞাৰ মাজত ইয়াৰ সকলোবোৰ বৈশিষ্ট্য সামৰি লোৱাটো সম্ভৱ নহয় । সেইবাবেই চেইণ্ট আগষ্টানে কবিতাৰ সংজ্ঞা দিবলৈ গৈ উল্লেখ কৰিছে এনেদৰে : If not asked, I know, if you ask me, I know not' অর্থাৎ , যাৰ বিষয়ে নুসুধিলে বহুত কিবাকিবি ক'ব পাৰি , অথচ সুধিলে একো ক'ব নোৱাৰি সেয়ে কবিতা । বিভিন্ন কবি আৰু কবিতাৰ সমালোকসকলে কবিতাৰ বিষয়ে বিভিন্ন দৃষ্টিভঙ্গীৰ পৰা ভালেমান সংজ্ঞা আগবঢ়াইছে । এই সকলোবোৰ সংজ্ঞাই কম - বেছি পৰিমাণে কুঁৱলীৰ মায়াজালত আৱদ্ধ । গতিকে কবিতা সম্পর্কে এটা সর্বজনগ্রাহ্য সংজ্ঞা নিৰ্দ্ধাৰণ কৰাটো বৰ্তমানলৈ সম্ভৱ হৈ উঠা নাই । 

        ইংৰাজী ভাষাৰ অভিধান প্রণেতা ড ° জনচনৰ মতে কবিতা হৈছে ‘ ছন্দোবদ্ধ ৰচনা ’ ( Poetry is metrical composition ) । তেওঁ আৰু এখোজ আগুৱাই গৈ মন্তব্য কৰিছে । যে ‘ কবিতা হ’ল কল্পনাক যুক্তি আৰু বুদ্ধিৰে উজ্জীৱিত কৰি সত্যৰ সৈতে আনন্দৰ সমন্বয় সাধন কৰি ৰচনা কৰা এবিধ কলা । ' ( It is the art of writing pleasure with truth by calling imagination to the help of reason . ) । ৱৰ্ডছৱৰ্থে কবিতাৰ সংজ্ঞা নিৰূপণ কৰিবলৈ গৈ কবিতাৰ সৃষ্টি - প্ৰক্ৰিয়া সম্পর্কে দুটিমান অতি গুৰুত্বপূৰ্ণ কথা উপস্থাপন কৰিছে । তেওঁৰ মতে ‘ নিৰলাত সোঁৱৰা হিয়াৰ আবেগেই কবিতা । ' ( Poetry is emotion recollected in tranguility ) । তাৰ পিছতেই তেওঁ পুনৰ কৈছে ‘ উপচি উঠি আপোনা - আপুনি পাৰ বাগৰি যোৱা আবেগৰ ঢলেই কবিতা । ' ( Poetry is spontaneosus overflow of powerful feelings . ) মেথিউ আর্নল্ডে আকৌ কবিতাক ‘ জীৱনৰ সমালোচনা ' ( criticism of life ) আখ্যা দিছে ।




Tags :

  • আধুনিক কবিতাঃ সংজ্ঞা আৰু বৈশিষ্ট্য
  • Gauhati University BA 4th Sem Assamese Model Questions Answer
  • GU BA 4th Sem Assamese Model Solution
  • ba 4th sem assamese question paper
  • BA 4th Sem Assamese Skill Enhancement Question Answer
  • ba 4th sem assamese book pdf
  • Gauhati University BA 4th Sem Assamese Questions Answer
  • Gauhati University BA 4th Sem Assamese Skill Questions Answer
  • TDC 4th Semester Assamese Notes
  • BA 4th Semester Assamese SEC