Follow Us:

BA 2nd Semester শিক্ষণ আৰু অভিৰোচন | Learning And Motivation Chapter — 2 NEP Education (New) Book Model Solutions

LearningPointAssam.com

আমাৰ প্লেটফৰ্মলৈ আপোনাক স্বাগতম, য'ত আমি BA 2nd Semester-ৰ শিক্ষাৰ্থীসকলক তেওঁলোকৰ পৰীক্ষাত উৎকৃষ্ট হোৱাত সহায় কৰিবলৈ বিভিন্ন ধৰণৰ অনলাইন অধ্যয়ন সামগ্ৰী আগবঢ়াওঁ। Gauhati University পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি BA NEP 2nd Semester Education Question and Answer ইয়াত প্রদান কৰা হৈছে। যাতে, ছাত্র-ছাত্রীসকলে প্রতিটো অধ্যায়ৰ ধাৰণাবোৰ ভালদৰে বুজি পায় আৰু প্রয়োজনীয় এটা নিৰ্বাচন কৰিব পাৰে। আমাৰ ৱেব পৰ্টেলত শৈক্ষিক তত্ত্ব আৰু অনুশীলনৰ বিষয়ে কিতাপৰ বিষয়বস্তুৰ উপৰিও 2nd Sem Education Previous years Question Paper-ৰ লগতে আৰ্হি সমাধানো প্ৰদান কৰা হয়। গতিকে, BA 2nd Semester (NEW) Education Book Solutions |Chapter-2| শিক্ষণ আৰু অভিৰোচন (Learning And Motivation) পাঠটোৰ অতি চমু, চমু, সংক্ষিপ্ত আৰু ৰচনাধৰ্মী প্ৰশ্ন আৰু উত্তৰ সমূহ তলত সহজ-সৰল ভাষাত আলোচনা কৰা হৈছে যিয়ে আপোনাক পৰীক্ষাত সহায় কৰিব।

BA 2nd Semester  শিক্ষণ আৰু অভিৰোচন Learning And Motivation Chapter — 2  Model Solutions

BA 2nd Semester Education Solutions |Chapter-2| শিক্ষণ আৰু অভিৰোচন (Learning And Motivation) প্রশ্নোত্তৰ, যি Learningpointassam.com প্ৰদান কৰে সেইবোৰ বিশেষজ্ঞ শিক্ষকৰ দ্বাৰা পাঠ্যভিত্তিক প্ৰশ্ন আৰু উত্তৰৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ পৰীক্ষাত সহায় কৰিবলৈ Gauhati University syllabus অনুসৰি অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ প্ৰস্তুত কৰা হৈছে।


শিক্ষণ আৰু অভিৰোচন (Learning And Motivation)

Chapter — 2 NEP New Book Solutions

 



NEP Education New Book solutions
Course Code : 100-199 Educational Psychology


 প্রশ্নাবলীঃ

তলৰ প্রশ্নসমূহৰ অতি চমু উত্তৰ দিয়া ( Very Short Questions ) :

Q. 1 | শিকণ কি ? (What is learning?)

উত্তৰঃ মানুহৰ আচৰণৰ প্রবৃত্তি, প্রশংসা আদি অভিজ্ঞতাবোৰ পৰিবেশৰ লগত সমযোজিত হ'বলৈ সংশোধন কৰা আচৰণক শিকণ বোলে।

Q. 2 | শিকণৰ এটা সংজ্ঞা দিয়া। (Write one definition of learning)

উত্তৰঃ ( i ) মনোবিদ এডৱাৰ্ড গেইটছ (Edward Gates)ৰ মতে, “অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণৰ সংশোধন কাৰ্যই হ’ল শিকণ। 

( ii ) মনোবিদ গিলফোর্ড (Guilford) ৰ মতে, “আচৰণৰ পৰিণতিস্বৰূপে পৰৱৰ্তী আচৰণৰ যিকোনো পৰিৱৰ্তনেই হ'ল শিকণ । 

( iii ) মনোবিদ ফেল্ডমেন (Feldman) ৰ মতে, “অভিজ্ঞতাৰ দ্বাৰা উৎপন্ন হোৱা আচৰণৰ সম্ভাৱনাৰ আচৰণৰ তুলনামূলকভাৱে স্থায়ী পৰিৱৰ্তনই হৈছে শিকণ ।

Q. 3 | শিক্ষণৰ নীতি কেইটা কি কি?

উত্তৰঃ শিক্ষণৰ নীতি তিনিটা হৈছে-

  • ১। প্ৰস্তুনিৰ নীতি (Law of Readiness)
  • ২। অনুশীলন নীতি (Law of Exercise)
  • ৩। ফলাফলৰ নীতি (Law of Effect)


Q. 4 | শিকণৰ এটা প্রকৃতি উল্লেখ কৰা । (Mention one nature of learning)

উত্তৰঃ শিকণে সঠিক বৃদ্ধি আৰু বিকাশত সহায় কৰেঃ— শিকণে ব্যক্তিৰ বৃদ্ধি আৰু বিকাশৰ বিভিন্ন দিশ যেনে— শাৰীৰিক, মানসিক, আৱেগিক, নৈতিক, ভাষামূলক বিকাশৰ ক্ষেত্ৰত সর্ব্বোচ্চ মাত্ৰাত উপনীত হোৱাত সহায় কৰে ৷

Q. 5 | শিকণৰ এটা কাৰক উল্লেখ কৰা । (Mention one factor of learning)

উত্তৰঃ শিক্ষাৰ্থী সম্পৰ্কীয় কাৰক বা শিকণ কাৰকঃ শিকোৱা বিষয়ত আয়ত্ত নকৰা, কাম বা অধ্যয়নৰ ভুল পদ্ধতি, আৰু পৰীক্ষামূলক পটভূমিৰ সংকীৰ্ণতাৰ বাবে হোৱা কাৰকে যিকোনো ছাত্ৰৰ শিক্ষণ প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পাৰে।  যদি বিদ্যালয়খনে অতি দ্ৰুতগতিত আগবাঢ়ি যায় আৰু ছাত্ৰজনে শিকোৱা কথাখিনি কিমানখিনি আয়ত্ত কৰিছে সেই বিষয়ে অহৰহ পৰীক্ষা নকৰে তেন্তে ছাত্ৰজনে কেইবাটাও অভাৱ জমা কৰে যিয়ে সফল অগ্ৰগতিত বাধাৰ সৃষ্টি কৰে।

Q. 6 | শিকণৰ সংযোগবাদ তত্ব কি ? (What is connectionism theory ?)

উত্তৰঃ সংযোগবাদ তত্ব :- আমেৰিকাৰ মনোবিজ্ঞানী থার্নডাইক হৈছে এই তত্ত্বৰ জন্মদাতা। তেওঁৰ মতে, শিক্ষণ তেতিয়াই সংঘটিত হয় যেতিয়া উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপন হয়। থার্নডাইক'ৰ মতে, যিহেতু উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপন হ’লেই শিক্ষণ হয় সেয়ে ইয়াক শিক্ষণৰ সংযোগবাদ তত্ত্ব বুলি জনা যায়। আৰু এই মতবাদৰ পৰাই প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ সৃষ্টি হৈছে।

Q. 7 | সংযোগবাদৰ তত্বৰ এটা বৈশিষ্ট্য উল্লেখ কৰা । (Mention one characteristics of connectionism theory)

উত্তৰঃ 

Q. 8 | শিকণৰ প্ৰস্তুতিৰ নীতি কি ? (What is law of readiness of learning ?)

উত্তৰঃ থৰ্ণডাইকৰ মতে শিকণৰ প্ৰাথমিক নীতি হ'ল প্ৰস্তুতিৰ নীতি অথবা ক্ৰিয়া প্ৰৱনতাৰ নীতি অৰ্থাৎ কোনো এটা কাৰ্যৰ বাবে মনত উদয় হোৱা প্ৰস্তুতিমূলক আচৰণ যিয়ে শিকণ কাৰ্যক সফল কৰি তোলে । যদি কোনো এজন ব্যক্তি শিকিবলৈ প্ৰস্তুত নহয় তেন্তে তেওঁৰ মনত স্বয়ংক্রিয়ভাৱে শিকণ জগাই তুলিব নোৱাৰি । যদিহে ব্যক্তিজন শিকিবলৈ প্ৰস্তুত বা আগ্রহী তেন্তে তেওঁ শিকণীয় বিষয়বস্তু সহজে আয়ত্ব কৰিবলৈ সক্ষম হ'ব । অৰ্থাৎ এজন শিক্ষাৰ্থীয়ে কোনো বিষয় শিকিবৰ বাবে দৈহিকভাৱে, মানসিকভাৱে প্ৰস্তুত হোৱাৰ প্ৰয়োজন।

Q. 9 | শিকণৰ প্ৰস্তুতিৰ নীতিৰ যিকোনো এটা শৈক্ষিক তাৎপর্য লিখা । (Write any one educational significance of law of readiness of learning)

উত্তৰঃ শিকণৰ প্ৰস্তুতিৰ নীতিৰ এটা শৈক্ষিক তাৎপর্য হ'লঃ —

( i ) শিক্ষণ - শিকণ প্ৰক্ৰিয়াৰ বাবে মানসিক প্রস্তুতি অত্যন্ত প্রয়োজনীয় । সেয়েহে শিক্ষকে শিকণীয় বিষয়বস্তু উপস্থাপন কৰাৰ আগত শাৰীৰিক পৰিপক্কতাৰ লগতে শিক্ষাৰ্থীৰ মানসিক প্রস্তুতিৰ প্ৰতি সতর্ক সৃষ্টি ৰখা প্রয়োজন ।

Q. 10 | অনুশীলনৰ নীতি কি ? (What is law of exercise ?)

উত্তৰঃ এই নীতিয়ে বিশ্বাস কৰে যে শিক্ষণৰ বাবে অনুশীলনৰ প্ৰয়োজন। এই নীতিৰ মতে যদিহে অনুশীল চলি থাকে শিক্ষণ প্ৰক্ৰিয়াও শক্তিশালী হয়। আনহাতে, অনুশীলন বা চৰ্চা এৰি দিলে শিক্ষণ প্ৰক্ৰিয়া দুৰ্বল হৈপৰে।



তলৰ প্রশ্নসমূহৰ চমু উত্তৰ দিয়া ( Short Questions ) :

Q. 1 | শিকণৰ যিকোনো পাঁচটা প্রকৃতি লিখা । (Write any five nature of learning)

উত্তৰঃ ( i ) শিকণ হৈছে লক্ষ্য প্ৰণোদিত আৰু উদ্দেশ্যমূলকঃ সকলো শিকণ লক্ষ্য প্রণোদিত । লক্ষ্যৰ নিৰ্দিষ্টতা আৰু উদ্দেশ্যৰ স্পষ্ট বুজাবুজিয়েই ব্যক্তি এজনক তৎক্ষণাত কোনো বিশেষ কাম সম্পন্ন কৰাৰ কৌশল শিকিবলৈ বাধ্য কৰে । জীৱনত প্ৰতিজন ব্যক্তিয়েই কিছুমান লক্ষ্যত উপনীত হ'ব বিচাৰে আৰু এই লক্ষ্যবোৰক হ্রস্বম্যাদী লক্ষ্য বা দীর্ঘম্যাদী লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰে । যদি এই লক্ষ্যসমূহ স্পষ্ট আৰু নিৰ্দিষ্টভাৱে উল্লেখ কৰা হয় তেন্তে শিকণ শিক্ষাৰ্থীৰ বাৰে অৰ্থপূৰ্ণ আৰু উদ্দেশ্য প্রণোদিত হৈ পৰে । যিবোৰ ক্ষেত্ৰত কোনো উদ্দেশ্য নাই, সেইবোৰত কোনো ধৰণৰ শিকণ হ'ব বুলি ক'ব নোৱাৰি ।

( ii ) শিকণ হৈছে জীৱনজোৰা এক অবিৰত প্ৰক্ৰিয়াঃ মাতৃগৰ্ভত স্থিতি লোৱাৰ পৰাই এজন শিশুৰ শিকণ প্ৰক্ৰিয়া আৰম্ভ হয় । জন্মৰ পিছত ভৌতিক, সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ পাৰস্পৰিক ক্রিয়া কলাপৰ আৰু উদ্দীপনাৰ মাজত শিশুৰ শিকণ প্ৰক্ৰিয়া দ্রুততাৰে আগবাঢ়ে আৰু এই প্ৰক্ৰিয়া মৃত্যু পর্যন্ত অবিৰতভাৱে চলি থাকে । ব্যক্তিয়ে প্রতিদিনে নিত্য নতুন সমস্যাৰ সন্মুখীন হয়, নতুন নতুন পৰিস্থিতিৰ সৃষ্টি হয় আৰু এই পৰিৱৰ্তনমুখী পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ ব্যক্তিয়ে নিজৰ আচৰণত অত্যাৱশ্যকীয় পৰিৱৰ্তন আনিব লগীয়া হয় । এইদৰেই শিকণ প্ৰক্ৰিয়া অবিৰতভাৱে চলি থকা এক প্রক্রিয়া ।

( iii ) শিকণ হৈছে এক সার্বজনীন প্রক্রিয়াঃ এই পৃথিৱীত জীৱিত জীৱবোৰৰ আমাৰ প্ৰজাতি, জাতি, ধর্ম, বর্ণ, লিংগ, ভৌগোলিক অবস্থান বা এনেধৰণৰ আন কোনো ব্যক্তিগত পার্থক্য নিৰ্বিশেষে শিকণৰ ক্ষমতা আৰু সামর্থ্য আছে । প্রকৃত সত্য হৈছে এয়ে যে পৃথিৱীৰ প্ৰতিটো জীৱই নিৰ্দিষ্ট বৈশিষ্ট্য আৰু পৰিৱেশৰ লগতে শিকণৰ বাবে উপলব্ধ সুযোগ অনুসৰি শিকিব পৰা ক্ষমতা লাভ কৰিবলৈ প্ৰকৃতিৰ অনুকূল হৈ আহিছে । সেয়েহে শিকণক এক সার্বজনীন প্ৰক্ৰিয়া হিচাপে গণ্য কৰা হয় ৷ 

( iv ) শিকণ হৈছে আচৰণৰ পৰিৱৰ্তনঃ শিকণ যেতিয়া সংঘটিত হয়, ই সদায় শিক্ষাৰ্থীৰ আচৰণৰ কিছু পৰিৱৰ্তনৰ সৈতে জড়িত হৈ পৰে । অৱশ্যে এই পৰিৱৰ্তন সদায় বাঞ্ছনীয় হ'ব লাগে কাৰণ অবাঞ্ছিত পৰিৱৰ্তন যদি হ'বলৈ দিয়া হয় তেন্তে ই শিক্ষাৰ্থীৰ লগতে সমাজৰ কল্যাণৰ বাবেও ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে । শিকণৰ মাধ্যমেৰে ব্যক্তি আচৰণৰ অকল পৰিৱৰ্তনেই নহয় লগতে আচৰণৰ উৎকৰ্ষ সাধনো হয় ৷

( v ) শিকণে আচৰণত বাঞ্ছনীয় পৰিৱৰ্তন অনাত সহায় কৰেঃ এজন ব্যক্তিৰ আচৰণত বাঞ্ছনীয় পৰিৱৰ্তন অনাত শিকণ অপৰিহাৰ্য । ব্যক্তিৰ আচৰণৰ ধাৰাৰ তিনিটা দিশ হৈছে— সংজ্ঞানাত্মক, অনুভূতিমূলক আৰু ক্ৰিয়াত্মক, শিকণে আচৰণৰ এই তিনিওটা দিশতে বাঞ্ছিত পৰিৱৰ্তন অনাত সহায় কৰে ।

Q. 2 | শিকণৰ যিকোনো পাঁচটা কাৰক লিখা । (Write any five factors of learning)


উত্তৰঃ .....

Q. 3 | শিক্ষণৰ প্রধান বৈশিষ্ট্যৰবােৰ লিখা । 

উত্তৰঃ শিক্ষণৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল- 

  • (১) শিক্ষণ এক সাৰ্বজনীন প্ৰক্ৰিয়া।
  • (২) নতুন অভিজ্ঞতা আৰু প্ৰশিক্ষণ বাবে শিক্ষণ সংঘটিত হয়।
  • (৩) উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপনেই হ'ল শিক্ষণ।
  • (৪) পৰিৱেশৰ লগত ব্যক্তিৰ সমযোজন কাৰ্যই হ'ল শিক্ষণ।
  • (৫) অভ্যাসে শিক্ষণক স্থায়ী ৰূপ দিয়ে। পুনৰাবৃত্তি নোহোৱাকৈ কোনো শিক্ষণ স্থায়ী হ'ব নোৱাৰে।
  • (৬) আগ্ৰহ আৰু শিক্ষণ পাৰস্পাৰিক সম্পৰ্ক আছে। আগ্ৰহ অবিহনে কোনো কথা শিকিব নোৱাৰি।
  • (৭) উচ্চ শ্ৰেণী জীৱৰ শিক্ষণ ক্ষমতা নিম্ন শ্ৰেণীতকৈ বেছি।  


Q. 4 | প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ যিকোনো পাঁচটা বৈশিষ্ট্য লিখা । (Write any five characteristics of trial and error Method)

উত্তৰঃ প্রচেষ্টা আৰু ভুল পদ্ধতিৰ বৈশিষ্ট্য হৈছে —

  • ( i ) এই পদ্ধতিত প্ৰথম অৱস্থাত ভুলৰ পৰিমাণ বেছি হয়।
  • ( ii ) এই পদ্ধতিত ভুল প্রতিক্রিয়া ক্রমাগতভাৱে কমি অহাৰ লগে লগে প্ৰাৰম্ভিক প্ৰচেষ্টাৰ উন্নতি দৃষ্টিগোচৰ হয়।
  • ( iii ) এই পদ্ধতি যান্ত্ৰিক আৰু উদ্দেশ্যবিহীন; সেয়ে ইয়াত বুদ্ধি প্ৰয়োগৰ স্থান কম।
  • ( iv ) ব্যক্তিৰ আচৰণৰ ক্ৰমোন্নতি এই পদ্ধতিত পৰিলক্ষিত হয়।
  • ( v ) এই পদ্ধতি বাৰে বাৰে কৰা প্ৰচেষ্টা আৰু ভুল প্ৰক্ৰিয়াৰ দ্বাৰা শিকন প্ৰক্ৰিয়াৰ ফল পোৱা যায়।
  • ( vi ) এই পদ্ধতিক শিকনৰ এক নিম্ন পৰ্যায়ৰ পদ্ধতি বুলিহে গণ্য কৰা হয়।
  • ( vii ) এই পদ্ধতি কণ কণ শিশুৰ বাবেহে বেছি উপযোগী। 

Q. 5 | অনুশীলনৰ নীতিৰ শৈক্ষিক তাৎপৰ্যৰ বিষয়ে লিখা । (Write about the educational significance of law of exercise)

উত্তৰঃ অনুশীলনৰ নীতিৰ শৈক্ষিক তাৎপৰ্য্যঃ

  • শিক্ষালব্ধজ্ঞানক সজীৱ কৰি ৰাখিবলৈ অনুশীলনৰ প্ৰয়োজন । শ্ৰেণীকোঠাত শিক্ষালব্ধজ্ঞানক পুনৰ ব্যৱহাৰ কৰিব পৰাকৈ শিক্ষকে শিকণ পৰিৱেশ গঢ়ি তুলিব লাগে ।
  • শ্ৰেণীকোঠাত অনুশীলনৰ প্ৰয়োগে পুনৰাবৃত্তিৰ জৰিয়তে শিকণীয় বিষয়বস্তুৰ ক্ষেত্ৰত স্থায়িত্ব আনিব পাৰে । অনুশীলনে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংযোগক শক্তিশালী কৰি ফলপ্রসূ শিকণ গঢ়ি তোলে ।
  • অনুশীলনৰ জৰিয়তে শিক্ষার্থীয়ে সজ অভ্যাস সহজে গঢ়ি তুলিব পাৰে আৰু বদ অভ্যাসসমূহ ত্যাগ কৰিব পাৰে । এইক্ষেত্ৰত শিক্ষকৰ ভূমিকা উল্লেখনীয় ।
  • অনুশীলনে শিক্ষাৰ্থীৰ স্মৃতি প্ৰক্ৰিয়াৰ উন্নতি সাধন কৰে ৷
  • অনুশীলনৰ জৰিয়তে শিক্ষাৰ্থীৰ মাজত নৈতিক চৰিত্ৰৰ গুণসমূহ বিকশাই তুলিব পাৰি । যেনে— নম্রতা, সাধুতা, অনুশাসন, সত্যবাদিতা ইত্যাদি ।


Q. 6 | ফলাফলৰ নীতিৰ শৈক্ষিক তাৎপৰ্য্যৰ বিষয়ে লিখা । (Write about the educational significance of law of effect)


উত্তৰঃ ফলাফলৰ নীতিৰ শৈক্ষিক তাৎপর্যঃ

  • শিক্ষাৰ্থীয়ে শিকণ পৰিৱেশত ভালকৈ আয়ত্ব কৰিলে বা ভাল কাম কৰিলে পুৰষ্কাৰ প্ৰদান কৰিব লাগে । যিয়ে শিক্ষার্থীক সন্তুষ্টি প্ৰদান কৰিব আৰু সঠিকভাবে আগবাঢ়ি যাবলৈ উৎসাহিত কৰিব । অন্যহাতে শাস্তি প্রদানে শিক্ষাৰ্থীৰ মনত অসন্তুষ্টিৰ সৃষ্টি কৰিব আৰু শিকণৰ প্ৰতি বিৰাগ ভাৱৰ জন্ম দিব । সেয়েহে শিকণ পৰিৱেশত শিক্ষকে শাস্তি আৰু পুৰষ্কাৰৰ সঠিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব লাগে ৷ 
  • শিক্ষাৰ্থীৰ সাৰ্থক আৰু উপযুক্ত শিক্ষা আহৰণৰ বাবে শিকণীয় পৰিৱেশক সন্তুষ্টিদায়ক হিচাপে গঢ়ি তোলাৰ ব্যৱৱস্থা কৰিব লাগে ৷
  • শিক্ষার্থীক যদি উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে পুৰষ্কাৰ প্ৰদান কৰা হয় তেন্তে ই শিক্ষাৰ্থীক অধিক শিকণ পৰিৱেশৰ প্ৰতি অভিৰোচিত কৰিব ।

Q. 7 | প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ যিকোনো চাৰিটা সীমাবদ্ধতা লিখা ৷ (Write any four limitations of Trial and Error Method)

উত্তৰঃ ( i ) ই শিক্ষণৰ এক নিম্ন পৰ্যায়ৰ পদ্ধতি, য'ত ব্যক্তিৰ বুদ্ধি - বৃত্তি প্ৰয়োগ কৰা নহয় ৷

( ii ) এই পদ্ধতিয়ে মানুহৰ পৰ্যবেক্ষন আৰু সমস্যা সমাধান ক্ষমতাৰ বিকাশ কৰি তুলিব নোৱাৰে ৷

( iii ) প্ৰচেষ্টা আৰু ভূল পদ্ধতি হৈছে অন্ধ আৰু ইয়াৰ পৰিণতি হৈছে অনিৰ্দিষ্ট বিধৰ ।

( iv ) শিক্ষণৰ উচ্চ পৰ্যায়ৰ বাবে এই পদ্ধতি উপযুক্ত হৈ উঠিব নোৱাৰে ৷

( v ) এই পদ্ধতিৰ যোগে মানুহৰ সৃষ্টিশীল ক্ষমতা আৰু সম্ভাৱনীয়তাৰ উপয়োগ কৰিব পৰা নাযায় ৷

( vi ) সমস্যাৰ প্ৰণালীবদ্ধভাৱে সন্মূখীন হোৱা আৰু সুচিন্তিতভাৱে সমাধানৰ পথ উদ্ভাৱন কৰাটো ইয়াৰ যোগেদি সম্ভৱ হৈ উঠিব নোৱাৰে ।

Q. 8 | পৰম্পৰাগত অনুবন্ধিত প্ৰক্ৰিয়াৰ নীতিসমূহ কি কি ? (What are the principles of classical conditioning ?)

উত্তৰঃ

Q. 9 | পৰম্পৰাগত আৰু ক্ৰিয়াত্মক অনুবন্ধনৰ পাৰ্থক্যৰ বিষয়ে লিখা । (Write about the differences between classical and operant conditioning Theory)

উত্তৰঃ

Q. 10 | অভিৰোচনৰ নীতিসমূহ কি কি ? (What are the principles of motivation)

উত্তৰঃ তলত অভিৰোচনৰ নীতিসমূহ উল্লেখ কৰা হ'ল— 

( ১ ) শিকিবলৈ প্ৰস্তুত হোৱাৰ নীতিঃ  কোনো এটা বস্তু শিকাৰ ক্ষেত্ৰত শিকিবলৈ শাৰীৰিক বা মানসিকভাৱে প্রস্তুত হোৱাটো এক গুৰুত্বপূৰ্ণ প্ৰাৰম্ভিক পদক্ষেপ । শিক্ষার্থীজন যদি শিকিবলৈ নিজেই প্রস্তুত নহয় তেন্তে বাঞ্ছিত লক্ষ্যত উপনীত হোৱাটো সম্ভৱপৰ নহয় । শিক্ষকে পৰাপক্ষত শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলৰ মাজত এনে এক পৰিৱেশ সৃষ্টি কৰিব লাগে যাতে তেওঁলোক শিকিবলৈ বা বিষয়বস্তুত মনোযোগ দিবলৈ আভিৰোচিত হয় । 

( ২ ) শিকণত সক্রিয়ভাৱে অংশগ্ৰহণৰ নীতিঃ ভাল অভিবোচন লাভৰ বাবে শিক্ষার্থীৰ সক্ৰিয় সহযোগিতাৰ প্ৰয়োজন । যদিহে শিক্ষার্থীজন শ্ৰেণীকোঠাত নিষ্ক্রিয় হৈ থাকে তেন্তে ই ফলপ্রসূ শিকণত বাধাৰ সৃষ্টি কৰিব । সেয়েহে শ্রেণীকোঠাত শিক্ষার্থীসকলক প্রশ্ন সুধিবলৈ, আলোচনাত অংশগ্ৰহণ কৰিবলৈ শিক্ষকসকলে উৎসাহিত কৰা উচিত । যিয়ে শিক্ষার্থীসকলক সদায় শিকিবলৈ অনুপ্ৰাণিত কৰিব ।

( ৩ ) আগ্রহ জগাই তোলা আৰু বৰ্তাই ৰখাৰ নীতিঃ  অভিৰোচন সৃষ্টিৰ মূল চাবিকাঠি হৈছে আগ্রহ । কোনো এটা কাৰ্য সাধন কৰাৰ বাবে জগাই তোলা আগ্ৰহৰ মাত্ৰাৰ ওপৰত শিকণৰ ফলপ্ৰসূতা নিৰ্ভৰ কৰে । সেয়েহে শিক্ষণ - শিকণ প্ৰক্ৰিয়াত কামটো যিমান পাৰি আকর্ষণীয় কৰি তুলিব লাগে যাতে শিক্ষার্থীসকলক অভিৰোচিত কৰিব পৰা যায় ।

( ৪ ) মনোযোগৰ নীতিঃ  মনোযোগ হৈছে আগ্ৰহৰ মাতৃ আৰু আগ্ৰহ হৈছে অভিৰোচনৰ মাতৃ । যদিহে শিকণ প্ৰক্ৰিয়াক সফল কৰি তুলিব লাগে তেন্তে এই আগ্ৰহ আৰু মনোযোগ দুয়োটাই এক এৰাব নোৱাৰা উপাদান । যদিহে শিক্ষাৰ্থীক শিকণৰ প্ৰতি অভিৰোচিত কৰিব লাগে তেন্তে পোনপ্ৰথমে আগ্রহ সৃষ্টিৰ দ্বাৰা শিকণীয় বিষয়বস্তুৰ প্ৰতি মনোযোগ আনিব লাগিব । মনোযোগৰ দ্বাৰাহে শিক্ষাৰ্থীয়ে শিকণৰ উদ্দেশ্যত উপনীত হ'ব পাৰিব অন্যথা এই প্রক্রিয়া ব্যৰ্থ হ'ব ।

( ৫ ) লক্ষ্য আৰু উদ্দেশ্যৰ স্পষ্টতা আৰু নিৰ্দিষ্টতাৰ নীতিঃ শিক্ষার্থীয়ে যিমানে শিকণৰ পৰা আহৰণ কৰা কিছুমান উদ্দেশ্য, মূল্যবোধ আৰু সুবিধা দেখা পায়, সিমানেই শিকণৰ প্ৰতি অভিৰোচিত হয় । যদিহে শিক্ষার্থী নিজস্ব শিকণৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে নিশ্চিত হয় তেন্তে কোনো ধৰণৰ অস্পষ্টতা নোহোৱাকৈ শিকণৰ পথত পোনে পোনে আগবাঢ়িব পাৰে । যাৰ ফলত শিকণ প্ৰক্ৰিয়াৰ প্ৰতি শিক্ষার্থীজন অধিক আগ্রহী, উদ্যমী আৰু উৎসাহী হৈ উঠিব পাৰে ।

( ৬ ) নির্দেশনামূলক সামগ্ৰীৰ সঠিক সংগঠনৰ নীতিঃ  শিকণ প্ৰক্ৰিয়াত শিক্ষাৰ্থীৰ আগ্ৰহ আৰু অভিৰোচন নিৰ্দেশনামূলক সামগ্ৰীৰ মানদণ্ড আৰু ইয়াৰ সঠিক সংগঠনৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে । যদি শিক্ষাৰ্থীসকলে উপলব্ধি কৰে যে নিৰ্দেশনামূলক সামগ্রীত বহুতো নতুন আৰু জ্ঞানসম্পন্ন বস্তু আছে আৰু প্ৰকৃততে তেওঁলোকৰ উদ্দেশ্য আৰু প্ৰয়োজনীয়তাক ই স্বাভাৱিকভাৱে সেৱা আগবঢ়ায় তেন্তে তেওঁলোকৰ শিকণৰ প্ৰতি আকৰ্ষণ অতি প্ৰৱল হ'ব । যিসকল শিক্ষকে পাঠ পৰিকল্পনা আৰু প্ৰস্তুতিত নিৰ্দেশনামূলক সামগ্ৰীৰ সঠিক প্ৰয়োগৰ ওপৰত গুৰুত্ব দিয়ে তেওঁলোকে শিক্ষণৰ সময়ত শিক্ষার্থীসকলক অধিক অভিৰোচিত কৰিব পাৰে ।

( ৭ ) সঠিক পদ্ধতি আৰু কৌশল প্ৰয়োগৰ নীতিঃ  এজন ভাল শিক্ষকে উপযুক্ত সঠিক পদ্ধতি বা কৌশল ব্যৱহাৰ কৰি শিক্ষাৰ্থীসকলক শ্ৰেণীকোঠাৰ বাহিৰত বা ভিতৰত শিক্ষাদান কৰিব পাৰে । সঠিক পদ্ধতি আৰু কৌশলৰ প্রয়োগে শিক্ষাৰ্থীসকলক অভিৰোচিত কৰি শিক্ষণ শিকণ প্ৰক্ৰিয়াক সফল কৰি তুলিব ।

( ৮ ) মুক্ত আৰু ইতিবাচক পৰিৱেশ সৃষ্টিৰ নীতিঃ শিক্ষাৰ্থীসকলক শ্ৰেণীকোঠাৰ পৰিৱেশত শিকণৰ প্ৰতি আভিৰোচিত কৰিবলৈ যিমান পাৰি মুক্ত আৰু ইতিবাচক পৰিৱেশ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিব লাগে । শ্ৰেণীকোঠাত শিক্ষার্থীসকলক সেয়েহে নিজস্ব মতামত প্ৰকাশ কৰিব পৰাকৈ প্ৰশ্ন সুধিবলৈ, দলীয় আলোচনাত অংশ ল'বলৈ উৎসাহিত কৰিব লাগে । শ্ৰেণীকোঠাৰ ইতিবাচক পৰিৱেশে শিক্ষাৰ্থীক উৎকৃষ্ট শিকণৰ প্ৰতি অভিৰোচিত কৰিব ৷

Q. 11 | অভিৰোচনৰ যিকোনো পাঁচটা কৌশলৰ বিষয়ে লিখা । (Write any five techniques of motivation)

উত্তৰঃ

Q. 12 | প্ৰচেষ্টা আৰু ভুল পদ্ধতি আৰু অন্তঃদৰ্শন পদ্ধতিৰ পাৰ্থক্য নিৰ্ণয় কৰা।

উত্তৰঃ ১। প্ৰচেষ্টা আৰু ভুল পদ্ধতি সম্পূৰ্ণৰূপে যান্ত্ৰিক বিধৰ।

     — অন্তদৰ্শন পদ্ধতি আৱিষ্কাৰমূলক আৰু সৃষ্টিশীল দিশৰ প্ৰতি গুৰুত্ব অধিক ।


২। প্ৰচেষ্টা আৰু ভুল পদ্ধতিত অনুশীলনৰ প্ৰয়োজনীয়তা এখ গুৰুত্বপূৰ্ণ দিশ।

     — অন্তদৰ্শন পদ্ধতিত অনুশীলনৰ প্ৰয়োজন নহয়। ব্যক্তিয়ে শিক্ষণীয় পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি তাৎক্ষণিক জ্ঞান প্ৰয়োগ কৰে।


৩। প্ৰচেষ্টা আৰু ভুল পদ্ধতি অন্ধ অনুকৰণ বা প্ৰচেষ্টাৰ পৰিণতি।

     — অন্তদৰ্শন পদ্ধতি ব্যক্তিৰ বুদ্ধিৰ ওপৰত নিৰ্ভৰশীল। ব্যক্তিৰ বুদ্ধিৰ পৰিমাণ যিমানেই হ’ব, সিমানেই অন্তদৰ্শন শক্তিৰ বিকাশ হ’ব।


৪। প্ৰচেষ্টা আৰু ভুল পদ্ধতিত কোনো ধৰণৰ বুদ্ধি, চিন্তা অথবা কল্পনা শক্তি প্ৰয়োগ কৰিব নালাগে।

     — অন্তদৰ্শন পদ্ধতিত ব্যক্তিৰ চিন্তা, যুক্তি কল্পনা শক্তিৰ অনুশীলন কৰিব লাগে।


৫। প্ৰচেষ্টা আৰু ভুল পদ্ধতিত বহুতো অপ্ৰয়োজনীয় আৰু চেষ্টা চলাবলগীয়া হয়।

     — অন্তদৰ্শন পদ্ধতিত কোনো নেৰানেপেৰা চেষ্টা অথবা অনুশীলন কৰিব লাগে।


৬। সৰু ল’ৰা-ছোৱালী বা নিম্ন শ্ৰেণীৰ বাবে অধিক উপযুক্ত প্ৰচেষ্টা আৰু ভুল পদ্ধতি।

     — অন্তদৰ্শন পদ্ধতিত উচ্চ পৰ্য্যায়ৰ লোকসকলৰ বাবে উপযুক্ত।


Q. 13 | অভিৰোচনৰ যিকোনো পাঁচটা বৈশিষ্ট্য লিখা।


উত্তৰঃ অভিৰোচনৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল——

( ১ ) অভিৰোচন হৈছে এক শক্তিশালী মানসিক অৱস্থা যিয়ে কোনো কাৰ্য সাধন কৰাৰ বাবে শক্তি প্রদান কৰে অথবা যোগান ধৰে ।

( ২ ) অভিৰোচন হৈছে এক উদ্দেশ্যধৰ্মী আৰু গতিশীল প্রক্রিয়া যিয়ে ব্যক্তিক লক্ষ্যত উপনীত হ'বলৈ দিশৰ নিৰ্দেশনা প্রদান কৰে ।

( ৩ ) অভিৰোচনৰ দ্বাৰা ব্যক্তিৰ আচৰণ পৰিচালিত হয় । যিয়ে ব্যক্তিক নিজৰ আচৰণত অটল থাকি কার্য সাধন কৰিবৰ বাবে উত্তেজিত কৰে ।

( ৪ ) অভিৰোচন হৈছে এক শিক্ষালব্ধ প্ৰক্ৰিয়া ই শিক্ষাৰ্থীৰ মাজত শিকণৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰাত সহায় কৰে । অভিৰোচনৰ দ্বাৰাহে শিকণ প্ৰক্ৰিয়াক ফলপ্রসূ কৰি গঢ়ি তুলিব পাৰি ।

( ৫ ) নির্দিষ্ট লক্ষ্যত উপনীত হ'বৰ বাবে ব্যক্তিৰ মনত অভিৰোচনে আত্ম - বিশ্বাস আৰু আত্ম প্রাপ্তিৰ ভাৱ জগাই তোলে । ই ব্যক্তিৰ কৰ্মতৎপৰতা বৃদ্ধি কৰি লক্ষ্যত উপনীত হোৱাৰ প্ৰক্ৰিয়া সহজ কৰি তোলে ।



দীঘল প্রশ্ন ( Long questions ) :

Q. 1 | শিকণৰ বিভিন্ন কাৰকসমূহৰ বিষয়ে আলোচনা কৰা ৷ (Discuss about different factors of learning)

উত্তৰঃ শিকণৰ বিভিন্ন কাৰকসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'লঃ—

( ১ ) শিক্ষার্থী সম্পৰ্কীয় কাৰক ( Learner related factors ) : যিকোনো শিকণ কার্যত শিকোতাজনেই হৈছে মূল ব্যক্তি । তেওঁ নিজৰ আচৰণত আকাংক্ষিত পৰিৱ আনিবলৈ শিকিব লাগিব । বক্তিজনে কেনেকৈ শিকিব বা কোনো বিশেষ শিকণ কাৰ্যৰ জৰিয়তে কি লাভ কৰিব সেয়া তেওঁৰ নিজস্ব বৈশিষ্ট্য আৰু শিকাৰ পদ্ধতিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে । এজন শিকাৰুৰ লগত জড়িত বিভিন্ন দিশসমূহ তলত আলোচনা কৰা হ'ল— 

( ক ) শিক্ষাৰ্থীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ( Learner's physical and mental health ) : শিকণৰ সময়ত শিকাৰুৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত শিকণ বহু পৰিমাণে নিৰ্ভৰশীল । শাৰীৰিকভাৱে শিক্ষাৰ্থীজন যদি সুস্থ হৈ নাথাকে তেন্তে ই শিকণৰ ক্ষেত্ৰত বাধা হিচাপে থিয় দিব পাৰে । উদাহৰণস্বৰূপে শিক্ষাৰ্থীজন যদি মূৰৰ বিষ বা পেটৰ বিষত ভুগি থাকে তেন্তে ই শিকণৰ প্ৰক্ৰিয়া আৰু উৎপাদনৰ সৈতে বিধ্বংসী ৰূপ ল'ব পাৰে । একেদৰে শিক্ষাৰ্থীজন যদি বিভিন্ন মানসিক সমস্যাত ভুগি থাকে তেন্তে এই শিকণ কেতিয়াও ফলপ্রসূ হ'ব নোৱাৰে । এগৰাকী উত্তেজিত, আৱেগিক আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত শিক্ষাৰ্থীয়ে শিকণৰ ক্ষেত্ৰত সন্তোষজনক ফলাফল দেখুৱাব বুলি আশা কৰিব নোৱাৰি ।


( খ ) শিক্ষাৰ্থীৰ মৌলিক সম্ভাৱনা ( Basic Potential of the learner )ঃ শিকণ প্ৰক্ৰিয়াৰ জৰিয়তে শিক্ষাৰ্থীয়ে লাভ কৰা ফলাফল শিক্ষাৰ্থীৰ মৌলিক সম্ভাৱনাৰ ওপৰত নিৰ্ভৰশীল ।

এই সম্ভাৱনাসমূহ তলত দিয়া ধৰণৰ হ'ব পাৰে — 

  • শিক্ষাৰ্থীৰ জন্মগত ক্ষমতা আৰু এটা বস্তু শিকাৰ ক্ষমতা ।
  • সাধাৰণ বুদ্ধিমত্তা আৰু বিশেষ শিকণ ক্ষেত্ৰৰ সৈতে জড়িত নিৰ্দিষ্ট জ্ঞান, বুজাবুজি আৰু দক্ষতাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ মৌলিক সম্ভাৱনা । 
  • শিক্ষাৰ্থীৰ মৌলিক আগ্রহ, যোগ্যতা আৰু মনোভাৱ শিকণৰ বিশেষ ক্ষেত্ৰৰ সৈতে জড়িত ।

( গ ) আকাংক্ষাৰ স্তৰ আৰু কৃতিত্বৰ প্ৰেৰণাঃ শিক্ষাৰ্থীৰ আকাংক্ষাৰ স্তৰ আৰু কৃতিত্বৰ প্ৰেৰণাৰ প্ৰকৃতিৰ দ্বাৰা শিকণ বহু পৰিমাণে প্ৰভাৱিত হয় । এজন ব্যক্তিয়ে নিজৰ আকাংক্ষা আৰু কৃতিত্বৰ প্ৰেৰণাৰ স্তৰটো এটা নিৰ্দিষ্ট পৰ্যায়লৈ বজাই ৰাখিব লাগে যাতে কোনো কাৰণত অসফল হ'লে তাৰ পৰা কোনোধৰণৰ হতাশাৰ সৃষ্টি নহয় আৰু আকাংক্ষাৰ স্তৰ অতি কম হ'বও নালাগে যাতে তেওঁৰ সক্ষমতা থকা স্বত্বেও কামৰ বাবে চেষ্টা নকৰাকৈ থাকে । এজন ব্যক্তিৰ আকাংক্ষাই শিকণৰ ক্ষেত্ৰত বিশেষভাৱে অৱদান আগবঢ়ায় । 

( ঘ ) জীৱনৰ লক্ষ্য ( Goals of life ) : এজন ব্যক্তিৰ জীৱনৰ দৰ্শন, তাৎক্ষণিক লগতে চূড়ান্ত লক্ষ্যই শিকণ প্ৰক্ৰিয়াক প্ৰভাৱিত কৰে ।

( ২ ) শিক্ষক সম্পর্কীয় কাৰক ( Teacher related factors ) : শ্ৰেণীকোঠাত ফলপ্রসূ শিক্ষণ - শিকণ প্ৰক্ৰিয়াৰ কাৰণে শিক্ষার্থী যেনেকৈ অপৰিহাৰ্য তেনেকৈ শিক্ষকলেই অপৰিহাৰ্য । শিক্ষণ - শিকণ প্ৰক্ৰিয়াৰ দ্বাৰা আকাংক্ষিত লক্ষ্যত উপনীত হোৱাত শিক্ষকসকলৰ দ্বায়িত্ব অপৰিহাৰ্য ইয়াৰ বাবে শিক্ষকজনে শিক্ষাৰ্থীসকলৰ সৈতে দাৰ্শনিক, পথ প্ৰদৰ্শক আৰু বন্ধু হিচাপে ভূমিকা পালন কৰিবলগা হয় । সেয়েহে শ্রেণীকোঠা বা কৰ্ম পৰিস্থিতিৰ শিক্ষণ শিকণ প্রক্রিয়া গঢ় দিয়া আৰু নিৰ্দেশনা দিয়াত শিক্ষক সম্পৰ্কীয় কাৰকে উল্লেখযোগ্য ভূমিকা লোৱাটো নিশ্চিত । শিক্ষণ - শিকণ প্ৰক্ৰিয়াত শিক্ষক সম্পর্কীয় কাৰকৰ বিষয়ে তলত আলোচনা কৰা হ'ল—

( ক ) বিষয়বস্তুৰ ওপৰত আয়ত্ব ( Mastery over the subject matter ) : এজন শিক্ষকে পাঠদানৰ কলা আৰু কৌশলসমূহ ভালদৰে জনা উচিত যাতে ইয়াৰ দ্বাৰা শিক্ষাৰ্থীসকলে কোনো বিশেষ শিক্ষণ - শিকণ পৰিস্থিতিত নিৰ্ধাৰিত শিক্ষণ - শিকণ প্ৰক্ৰিয়াৰ উদ্দেশ্যসমূহ উপলব্ধি কৰি‍ৱলৈ সক্ষম হয় । শিক্ষকজনে বিষয়টো ভালদৰে জানিব পাৰে কিন্তু বিষয়টোৰ শিক্ষণৰ লগত জড়িত বিভিন্ন অভিজ্ঞতাসমূহ আদান - প্রদানৰ বাবে তেওঁ শিক্ষক বৃত্তিৰ দক্ষতা কলা আৰু বিজ্ঞানৰ প্ৰয়োজন আছে। এই ক্ষেত্ৰত এজন শিক্ষকৰ দক্ষতা আৰু দক্ষতাৰ অভাৱেই শিকণ প্ৰক্ৰিয়াটোক সফল বা বিফল কৰি তুলিব পাৰে।

( খ ) শিক্ষকৰ ব্যক্তিত্বৰ বৈশিষ্ট্য আৰু আচৰণঃ এজন শিক্ষকে নেতা হিচাপে নিজৰ ব্যক্তিত্বৰ বৈশিষ্ট্য আৰু আচৰণৰ দ্বাৰা ছাত্ৰ - ছাত্ৰীৰ মনত প্রভাৱ বিস্তাৰ কৰি শিক্ষণ - শিকণ প্ৰক্ৰিয়াৰ প্ৰতি তেওঁলোকক আকৰ্ষিত কৰি ৰাখিব পাৰিব লাগিব । শিক্ষক শিক্ষাৰ্থীসকলৰ বাবে সদায় আদর্শ । তেওঁৰ কাৰ্যকলাপ আচৰণৰ ধৰণ আৰু ব্যক্তিত্বৰ বৈশিষ্ট্যই শিক্ষার্থীসকলক প্ৰভাৱিত কৰে যাক তেওঁলোকে নিজৰ ক্ষেত্ৰত বাস্তৱ ৰূপ দিবলৈ চেষ্টা কৰে । শিক্ষণ - শিকণ প্ৰক্ৰিয়াত এনে শিক্ষকে বিভিন্ন কাৰ্য কৰোঁতে শিক্ষাৰ্থীসকলৰ সৈতে কেনেধৰণৰ আচৰণ প্ৰদৰ্শন কৰে সেইয়ায়ো ফলপ্রসূতা শিকণ প্ৰক্ৰিয়াক প্ৰভাৱিত কৰে ।

( ৩ ) বিষয়বস্তু সম্পৰ্কীয় কাৰক ( Content Related factors ) : শিক্ষণ - শিকণ প্ৰক্ৰিয়াত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত বিষয়বস্তুৰ আদান - প্রদান হৈছে মূল দিশ । শিক্ষণ- শিকণ প্ৰক্ৰিয়াৰ সময়ত প্ৰদান কৰা বিষয়বস্তু বা শিক্ষণ অভিজ্ঞতাৰ মানদণ্ডৰ ভিত্তিতহে আকাংক্ষিত নিৰ্দেশনামূলক লক্ষ্য আৰু শৈক্ষিক লক্ষ্যসমূহ ফলপ্ৰসূভাৱে লাভ কৰিব পাৰি । দুৰ্বল বিষয়বস্তুৱে ফলপ্রসূতা শিক্ষণ - শিকণ পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে ।

( ৪ ) প্ৰক্ৰিয়া সম্পৰ্কীয় কাৰকসমূহ ( Process Related factors ) : শিক্ষণ - শিকণৰ ফলাফল সদায় নিৰ্দিষ্ট শিক্ষণ - শিকণৰ লক্ষ্যৰ ক্ষেত্ৰত ভালদৰে উপলব্ধি কৰিব পাৰি যদিহে ইয়াৰ লগত জড়িত কাৰকসমূহ ভালদৰে পৰিকল্পিত, সংগঠিত হয় । এনে প্রক্রিয়া সম্পৰ্কীয় কাৰকসমূহ তলত আলোচনা কৰা হ'ল— 

( ক ) শিক্ষণ - শিকণ অভিজ্ঞতাৰ বাবে গ্ৰহণ কৰা পদ্ধতি ( Methodology adopted for teaching- learning experiences ) : 

শিক্ষণ - শিকণ প্ৰক্ৰিয়াত বিষয়বস্তুৰ নিৰ্বাচন আৰু শিকণৰ অভিজ্ঞতাৰ ফলপ্ৰসূতা নিৰ্ভৰ কৰে শিক্ষণ- আৰু শিকণৰ বাবে ব্যৱহৃত পদ্ধতি আৰু কৌশলৰ ওপৰত ।

  • ( i ) নতুন শিকণৰ অতীতৰ সৈতে সংযোগ কৰা ( Linking of the new learning with the past ) : শিক্ষণ - শিকণৰ ফলাফলৰ মানদণ্ড বহুখিনি নিৰ্ভৰ কৰে শিক্ষক আৰু শিক্ষাৰ্থীৰ নতুন শিকণক অতীত অভিজ্ঞতাৰ সৈতে সংযোগ কৰাৰ ওপৰত । অতীত অভিজ্ঞতাই শিক্ষার্থীক নতুন বিষয়বস্তু সহজে আয়ত্ব কৰাত সহায় কৰে ।
  • ( ii ) এটা ক্ষেত্ৰৰ শিকণক আন ক্ষেত্ৰৰ সৈতে সম্পর্কিত কৰা ( Correlating the learning in one area to the other )ঃ এটা বিষয়ৰ আন বিষয়ৰ লগত থকা সহঃসম্বন্ধই শিক্ষণ - শিকণ প্ৰক্ৰিয়াত প্রশিক্ষণ অথবা শিকণক ফলপ্রসূভাৱে হস্তান্তৰ কৰাত সহায় কৰে । শিক্ষণ - শিকণ প্রক্রিয়াক ফলপ্রসূ কৰি তুলিবলৈ তলত উল্লেখ কৰা বিষয়ত সহঃসম্বন্ধৰ প্ৰয়োজন— বিভিন্ন বিষয় বা ক্ষেত্ৰৰ মাজত ৷


Q. 2 | শিকণৰ সংজ্ঞা দিয়া ? শিকণৰ প্ৰকৃতিসমূহ আলোচনা কৰা ৷ (Define learning. Discuss about the nature of learning. )


উত্তৰঃ অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণৰ সংশোধন কাৰ্যই হ’ল শিকণ। 

শিকণৰ প্ৰকৃতিসমূহ হ'লঃ—

 ( i ) শিকণ হৈছে লক্ষ্য প্ৰণোদিত আৰু উদ্দেশ্যমূলকঃ সকলো শিকণ লক্ষ্য প্রণোদিত । লক্ষ্যৰ নিৰ্দিষ্টতা আৰু উদ্দেশ্যৰ স্পষ্ট বুজাবুজিয়েই ব্যক্তি এজনক তৎক্ষণাত কোনো বিশেষ কাম সম্পন্ন কৰাৰ কৌশল শিকিবলৈ বাধ্য কৰে । জীৱনত প্ৰতিজন ব্যক্তিয়েই কিছুমান লক্ষ্যত উপনীত হ'ব বিচাৰে আৰু এই লক্ষ্যবোৰক হ্রস্বম্যাদী লক্ষ্য বা দীর্ঘম্যাদী লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰে । যদি এই লক্ষ্যসমূহ স্পষ্ট আৰু নিৰ্দিষ্টভাৱে উল্লেখ কৰা হয় তেন্তে শিকণ শিক্ষাৰ্থীৰ বাৰে অৰ্থপূৰ্ণ আৰু উদ্দেশ্য প্রণোদিত হৈ পৰে । যিবোৰ ক্ষেত্ৰত কোনো উদ্দেশ্য নাই, সেইবোৰত কোনো ধৰণৰ শিকণ হ'ব বুলি ক'ব নোৱাৰি ।

( ii ) শিকণ হৈছে জীৱনজোৰা এক অবিৰত প্ৰক্ৰিয়াঃ মাতৃগৰ্ভত স্থিতি লোৱাৰ পৰাই এজন শিশুৰ শিকণ প্ৰক্ৰিয়া আৰম্ভ হয় । জন্মৰ পিছত ভৌতিক, সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ পাৰস্পৰিক ক্রিয়া কলাপৰ আৰু উদ্দীপনাৰ মাজত শিশুৰ শিকণ প্ৰক্ৰিয়া দ্রুততাৰে আগবাঢ়ে আৰু এই প্ৰক্ৰিয়া মৃত্যু পর্যন্ত অবিৰতভাৱে চলি থাকে । ব্যক্তিয়ে প্রতিদিনে নিত্য নতুন সমস্যাৰ সন্মুখীন হয়, নতুন নতুন পৰিস্থিতিৰ সৃষ্টি হয় আৰু এই পৰিৱৰ্তনমুখী পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ ব্যক্তিয়ে নিজৰ আচৰণত অত্যাৱশ্যকীয় পৰিৱৰ্তন আনিব লগীয়া হয় । এইদৰেই শিকণ প্ৰক্ৰিয়া অবিৰতভাৱে চলি থকা এক প্রক্রিয়া ।

( iii ) শিকণ হৈছে এক সার্বজনীন প্রক্রিয়াঃ এই পৃথিৱীত জীৱিত জীৱবোৰৰ আমাৰ প্ৰজাতি, জাতি, ধর্ম, বর্ণ, লিংগ, ভৌগোলিক অবস্থান বা এনেধৰণৰ আন কোনো ব্যক্তিগত পার্থক্য নিৰ্বিশেষে শিকণৰ ক্ষমতা আৰু সামর্থ্য আছে । প্রকৃত সত্য হৈছে এয়ে যে পৃথিৱীৰ প্ৰতিটো জীৱই নিৰ্দিষ্ট বৈশিষ্ট্য আৰু পৰিৱেশৰ লগতে শিকণৰ বাবে উপলব্ধ সুযোগ অনুসৰি শিকিব পৰা ক্ষমতা লাভ কৰিবলৈ প্ৰকৃতিৰ অনুকূল হৈ আহিছে । সেয়েহে শিকণক এক সার্বজনীন প্ৰক্ৰিয়া হিচাপে গণ্য কৰা হয় ৷ 

( iv ) শিকণ হৈছে আচৰণৰ পৰিৱৰ্তনঃ শিকণ যেতিয়া সংঘটিত হয়, ই সদায় শিক্ষাৰ্থীৰ আচৰণৰ কিছু পৰিৱৰ্তনৰ সৈতে জড়িত হৈ পৰে । অৱশ্যে এই পৰিৱৰ্তন সদায় বাঞ্ছনীয় হ'ব লাগে কাৰণ অবাঞ্ছিত পৰিৱৰ্তন যদি হ'বলৈ দিয়া হয় তেন্তে ই শিক্ষাৰ্থীৰ লগতে সমাজৰ কল্যাণৰ বাবেও ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে । শিকণৰ মাধ্যমেৰে ব্যক্তি আচৰণৰ অকল পৰিৱৰ্তনেই নহয় লগতে আচৰণৰ উৎকৰ্ষ সাধনো হয় ৷

( v ) শিকণে আচৰণত বাঞ্ছনীয় পৰিৱৰ্তন অনাত সহায় কৰেঃ এজন ব্যক্তিৰ আচৰণত বাঞ্ছনীয় পৰিৱৰ্তন অনাত শিকণ অপৰিহাৰ্য । ব্যক্তিৰ আচৰণৰ ধাৰাৰ তিনিটা দিশ হৈছে— সংজ্ঞানাত্মক, অনুভূতিমূলক আৰু ক্ৰিয়াত্মক, শিকণে আচৰণৰ এই তিনিওটা দিশতে বাঞ্ছিত পৰিৱৰ্তন অনাত সহায় কৰে ।

( vi ) শিক্ষণ - শিকণ উদ্দেশ্যসমূহ আহৰণ কৰাত শিকণে সহায় কৰেঃ শিকণৰ জৰিয়তে শিক্ষণ - শিকণৰ বাবে একে ফলপ্রসূ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰি যিয়ে শিক্ষণ - শিকণ প্ৰক্ৰিয়াৰ লক্ষ্যসমূহ আহৰণ কৰাত সহায় কৰে । আৰু ফলস্বৰূপে শিশুসকলক প্রয়োজনীয় জ্ঞান, দক্ষতা, প্রয়োগ, মনোভাৱ আৰু আগ্ৰহ আদি আহৰণ কৰিবলৈ সক্ষম কৰি তুলিব পাৰি ।

( vii ) শিকণে সঠিক বৃদ্ধি আৰু বিকাশত সহায় কৰেঃ শিকণে ব্যক্তিৰ বৃদ্ধি আৰু বিকাশৰ বিভিন্ন দিশ যেনে— শাৰীৰিক, মানসিক, আৱেগিক, নৈতিক, ভাষামূলক বিকাশৰ ক্ষেত্ৰত সর্ব্বোচ্চ মাত্ৰাত উপনীত হোৱাত সহায় কৰে । 

( viii ) শিকণে ব্যক্তিৰ সুষম বিকাশত সহায় কৰেঃ শৈক্ষিক প্ৰচেষ্টাসমূহৰ জৰিয়তে এটি শিশুৰ ব্যক্তিত্বৰ সৰ্বাংগীণ বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় ৷ সেয়েহে শিকণৰ জৰিয়তে বিভিন্ন পৰিস্থিতিৰ মাজত শিশুৰ সৰ্বাংগীণ বিকাশ সাধন কৰা হয় । 

( ix ) শিকণে সঠিকভাৱে সমাযোজন কৰাত সহায় কৰেঃ জীৱনত সফলতা প্রাপ্তিৰ মূল চাবিকাঠি হৈছে সমাযোজন । শিকণে ব্যক্তিক নিজৰ লগতে বিভিন্ন পৰিস্থিতিত সমাযোজন কৰাত সহায় কৰে ।

Q. 3 | শিকণৰ তিনিওটা নীতিৰ বিষয়ে আলোচনা কৰা ৷ (Discuss about the three laws of learning)

উত্তৰঃ শিকনৰ নীতি তিনিটা হৈছে—

( i ) ফলাফলৰ নীতি (Law of effect) : উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ ভিতৰত যি সংযোগ স্থাপিত হয় সেই সংযোগ যদি শিক্ষাৰ্থীৰ বাবে সন্তোষজনক আৰু তৃপ্তিদায়ক হয় তেতিয়া সেই সংযোগ দৃঢ়তৰ হয় আৰু যদি ই বিৰক্তিকৰ হয় তেন্তে উক্ত সংযোগ শিথিল হৈ পৰা দেখা যায়। কিয়নো মনোবিজ্ঞানীসকলৰ মতে প্ৰাণীয়ে নিজ কাৰ্যৰ সুখজনক নাইবা দুখজনক ফল লাভ সন্দৰ্ভতহে সেই কাৰ্যৰ প্ৰতি নিজৰ আচৰণ প্ৰদৰ্শন কৰে। মাছ আৰু মেকুৰীৰ উদাহৰণটোত দেখা গৈছে যে কোঠালিৰ পৰা ওলাব পাৰিলেই মেকুৰীটোৱে মাছ খাবলৈ পায় আৰু তৃপ্তি অনুভৱ কৰে। গতিকে যি কিটিপেৰে সি কোঠালিৰ বাহিৰলৈ আহিব পাৰে সেই কিটিপটো তাৰ মনত স্থায়ী হৈ পৰে আৰু যিবিলাক ভুল সংযোগৰ দ্বাৰা সি তাৰ অভীষ্ট খাদ্য পোৱাত বিফল হৈছিল সেইবোৰ ক্ৰমে পাহৰিবলৈ লয়। এই সূত্ৰক পুৰস্কাৰ আৰু শাস্তি সম্পৰ্কীয় সূত্র (Law of Reward and Punishment) বুলিও জনা যায়। শিক্ষাৰ ক্ষেত্ৰত এই সূত্ৰৰ বিশেষ গুৰুত্ব আছে। শিক্ষার্থীক যিবিলাক প্রতিক্ৰিয়াৰ বাবে পুৰস্কৃত কৰা হয় সেইবোৰে তাক তৃপ্তি দিয়ে। সেইকাৰণেই এই প্ৰতিক্ৰিয়াবোৰ সিহঁতৰ আচৰণত স্থায়ী হৈ পৰে। আনহাতে যি প্ৰতিক্ৰিয়াৰ ফলত সিহঁতে শাস্তি পাই বিৰক্তি অনুভৱ কৰে সেইবোৰ সিহঁতৰ চৰিত্ৰৰ পৰা মচ খাই যায়। গতিকে কোনো গুৰুত্বপূৰ্ণ বিষয়ৰ শিক্ষা দিওঁতে ছাত্ৰক শাস্তি দি উদ্যমহীন কৰাৰ পৰা শিক্ষকসকল বিৰত থাকিব লাগে আৰু আনহাতে অবাঞ্ছনীয় আচৰণ আৰু কাৰ্য বৰ্জন কৰিবৰ কাৰণে মাজে-সময়ে শাস্তিৰ ব্যৱস্থ কৰিব লাগে।

( ii ) অনুশীলনৰ নীতি (Law of practice) : এটা বিশেষ উদ্দীপকৰ লগত যদি বিশেষ প্রতিক্রিয়াক সংযুক্ত কৰা যায় তেতিয়া সিহঁতৰ মাজত এটা বন্ধন বা সংযোগ স্থাপিত হয়। আনহাতে কোনো উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ ভিতৰত যদি বহুদিন ব্যাপি কোনো সংযোগ স্থাপিত নহয় তেন্তে পূৰ্বৰ সেই সংযোগ শিথিল হৈ পৰে। থনডাইকৰ এই নীতিৰ দুটা ভাগ হ’ল— ব্যৱহাৰৰ নীতি (Law of use) আৰু অব্যৱহাৰৰ নীতি (Law of disuse)। ইয়াৰ মূল কথা হ’ল যে অনুশীলনৰ দ্বাৰা উদ্দীপক প্ৰতিক্ৰিয়াৰ বন্ধন (S. R. Bond) দৃঢ়তৰ কৰিব পাৰি। আনহাতে অনুশীলনৰ অভাৱতে এই বন্ধন নাইকিয়া হৈ যায়। সাঁতোৰা, গাড়ী চলোৱা, কাপোৰ বোৱা ইত্যাদি কাম বহুত দিন নকৰিলে পাহৰি যোৱা যায় আৰু চৰ্চা থাকিলে সহজে কৰিব পৰাৰ দক্ষতা থাকে। শিক্ষাক্ষেত্ৰত এইদৰে দেখা যায় যে এটা কাম শিকি তাৰ চৰ্চা বা পুনঃ পুনঃ অনুশীলন কৰাৰ অত্যন্ত প্রয়োজন। কথাতে কয় বোলে—ঘঁহি থাকিলে শিলো ক্ষয় যায়। শিক্ষকসকলে এই সূত্ৰ মনত ৰাখি এবাৰ পঢ়োৱা পাঠ পুনৰাবৃত্তি কৰিব লাগে যাতে অভ্যাসৰ কাৰণে শিক্ষার্থীয়ে শিকা কথা পাহৰি নাযায়।

( iii ) প্রস্তুতিৰ নীতি (Law of readiness) : কোনো এটা উদ্দীপকৰ লগত ভাল উপযোগী প্রতিক্ৰিয়াৰ সংযোগ কৰিবলৈ মনৰ প্ৰস্তুতিৰ বিশেষ প্রয়োজন। যেতিয়া আমাৰ এই মানসিক প্রস্তুতি থাকে তেতিয়া শিক্ষাকার্যই মনলৈ সন্তোষ আনে আৰু যেতিয়া প্ৰস্তুতিৰ অভাৱ হয় তেতিয়া মন বিৰক্তিৰে ভৰি পৰে৷ এই প্রস্তুতিৰ দ্বাৰা মানসিক প্রস্তুতিৰ বাহিৰেও জীৱৰ দৈহিক আৰু স্নায়ৱিক প্ৰস্তুতিকো ধৰা হৈছে।

শিক্ষাৰ ক্ষেত্ৰত এই সূত্ৰৰ বিশেষ গুৰুত্ব আছে, কাৰণ ছাত্ৰৰ যদি শিক্ষা লাভৰ কাৰণে মানসিক প্রস্তুতি নাথাকে,তেন্তে সি শিক্ষাৰ পৰা কোনো সুফল নাপায়। গতিকে শ্ৰেণীত শিক্ষাদান কৰোঁতে শিক্ষকসকলে শিক্ষাৰ্থীৰ মনৰ প্ৰস্তুতিৰ কাৰণে যত্ন কৰিব লাগে। শিকাবলগীয়া পাঠটিৰ প্ৰতি ছাত্ৰক আকৰ্ষিত কৰিব পাৰিলেই সিহঁতৰ মন শ্ৰেণীৰ পাঠগ্ৰহণৰ বাবে প্ৰস্তুত হয়।






Tags :

  • শিক্ষণ আৰু অভিৰোচন BA Education 2nd Semester Chapter — 2 Solution, Model & Answer
  • শিক্ষণ আৰু অভিৰোচন ba 2nd semester
  • ba 2nd semester education question answer