Follow Us:

মনোবিজ্ঞান আৰু শিক্ষা | Psychology And Education 2nd Semester Chapter — 1 NEP Books (New) Model Solutions

LearningPointAssam.com

আমাৰ প্লেটফৰ্মলৈ আপোনাক স্বাগতম, য'ত আমি BA 2nd Semester (Major & General)ৰ শিক্ষাৰ্থীসকলক তেওঁলোকৰ পৰীক্ষাত উৎকৃষ্ট হোৱাত সহায় কৰিবলৈ বিভিন্ন ধৰণৰ অনলাইন অধ্যয়ন সামগ্ৰী আগবঢ়াওঁ। Gauhati University পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি BA NEP 2nd Semester Education Question and Answer ইয়াত প্রদান কৰা হৈছে। যাতে, ছাত্র-ছাত্রীসকলে প্রতিটো অধ্যায়ৰ ধাৰণাবোৰ ভালদৰে বুজি পায় আৰু প্রয়োজনীয় এটা নিৰ্বাচন কৰিব পাৰে। আমাৰ ৱেব পৰ্টেলত শৈক্ষিক তত্ত্ব আৰু অনুশীলনৰ বিষয়ে কিতাপৰ বিষয়বস্তুৰ উপৰিও 2nd Sem Education Previous years Question Paper-ৰ লগতে আৰ্হি সমাধানো প্ৰদান কৰা হয়। গতিকে, BA 2nd Semester (NEW) Education Solutions |Chapter-1| মনোবিজ্ঞান আৰু শিক্ষা (Psychology And Education) পাঠটোৰ অতি চমু, চমু, সংক্ষিপ্ত আৰু ৰচনাধৰ্মী প্ৰশ্ন আৰু উত্তৰ সমূহ তলত সহজ-সৰল ভাষাত আলোচনা কৰা হৈছে যিয়ে আপোনাক পৰীক্ষাত সহায় কৰিব।

মনোবিজ্ঞান আৰু শিক্ষা Psychology And Education 2nd Semester Chapter — 1 Model Solutions 

BA 2nd Semester Education Solutions |Chapter-1| মনোবিজ্ঞান আৰু শিক্ষা (Psychology And Education) প্রশ্নোত্তৰ, যি Learningpointassam.com প্ৰদান কৰে সেইবোৰ বিশেষজ্ঞ শিক্ষকৰ দ্বাৰা পাঠ্যভিত্তিক প্ৰশ্ন আৰু উত্তৰৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ পৰীক্ষাত সহায় কৰিবলৈ Gauhati University syllabus অনুসৰি অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ প্ৰস্তুত কৰা হৈছে।


মনোবিজ্ঞান আৰু শিক্ষা (Psychology And Education)

Chapter — 1 NEP New Book Solutions

 



NEP Education New Book solutions
Course Code : 100-199 Educational Psychology


 প্রশ্নাবলীঃ

তলৰ প্রশ্নসমূহৰ অতি চমু উত্তৰ দিয়া ( Very Short Questions ) :

Q. 1 | মনোবিজ্ঞান কি ? (What is psychology)

উত্তৰঃ মনোবিজ্ঞান মানে হৈছে সামাজিক, শৈক্ষিক, শাৰীৰিক, পৰিৱেশীয় আদি সকলো অধ্যয়ণ কৰা ।

Q. 2 | শিক্ষা মনোবিজ্ঞান কি ? What is educational psychology ?

উত্তৰঃ শিক্ষা মনোবিজ্ঞান হ'ল মনোবিজ্ঞানৰ এক শাখা আৰু ই প্রধানত সাধাৰণ মনোবিজ্ঞানৰ নীতিবোৰ শিক্ষাৰ সমস্যাৰ ক্ষেত্রত প্রয়োগ কৰাৰ লগত জড়িত।

Q. 3 | মনোবিজ্ঞানৰ এটা বৈশিষ্ট্য লিখা । (Wrtie a characteristic of psychology)

উত্তৰঃ 

Q. 4 | শিক্ষা মনোবিজ্ঞান সংজ্ঞা দিয়া ।

উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ সংজ্ঞা তলত উল্লেখ কৰা হ'ল— 

  • ( i ) জন ডিউই (John Dewey)ৰ মতে, “নিজৰ তথ্য বা ঘটনাৰ বিষয়ে কৰা অধ্যয়নৰ বিজ্ঞান হ'ল মনোবিজ্ঞান” ( Psychology is the science of the facts or phenomena of self ) । 
  • ( ii ) ৱাটচন ( Watson ) ৰ মতে, “মনোবিজ্ঞান হ'ল প্ৰাকৃতিক বিজ্ঞানৰ এক বিভাগ যিয়ে শিক্ষালব্ধ আৰু শিক্ষাহীন মানৱ আচৰণক বিষয়বস্তু হিচাপে গ্ৰহণ কৰে” ( Psychology is that division of natural science which takes human behaviour , both learned and unlearned as its subject matter ) ।


Q. 5 | পর্যবেক্ষণ মানে কি ? 

উত্তৰঃ পর্যবেক্ষণ পদ্ধতি মানে হ'ল ব্যক্তিৰ বিকাশৰ বিভিন্ন দিশ সম্বন্ধে, আচৰণৰ স্বাভাবিক - অস্বাভাবিক প্রক্রিয়া সম্বন্ধে এক পৰিকল্পিত পদ্ধতিৰে নিৰীক্ষণ কৰা ।

Q. 6 | নিৰীক্ষণ মানে কি ?

উত্তৰঃ 

Q. 7 | শিক্ষা মনোবিজ্ঞানৰ এটা বৈশিষ্ট্য লিখা । (Write one characteristic of educational psychology)

উত্তৰঃ

Q. 8 | শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক জনা যায় ? (Who is known as a father of educational psychology ?)

উত্তৰঃ ৰুছো ।



তলৰ প্রশ্নসমূহৰ চমু উত্তৰ দিয়া ( Short Questions ) :

Q. 1 | মনোবিজ্ঞানৰ ধাৰণা ব্যাখ্যা কৰা । (Explain the concept of psychology)

উত্তৰঃ

Q. 2 | শিক্ষা মনোবিজ্ঞানৰ প্ৰকৃতিৰ বিষয়ে লিখা । (Write about the nature of educational psychology)

উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ প্ৰকৃতি তলত দিয়া ধৰণৰঃ

( i ) প্রায়োগিক বিজ্ঞান (Applied Science) : শিক্ষা মনোবিজ্ঞানক প্রায়োগিক বিজ্ঞান বা প্রায়োগিক মনোবিজ্ঞান স্বৰূপে গণ্য কৰা হয় । কাৰণ শিক্ষা ক্ষেত্ৰত মনোবিজ্ঞানৰ নীতিবোৰ ইয়াৰ যোগেদি প্ৰয়োগ কৰা হয় । মনোবিজ্ঞানৰ নীতিবোৰ প্ৰয়োগৰ যোগেদি শিক্ষা মনোবিজ্ঞানে শিশুৰ আচৰণ আৰু অভিজ্ঞতাবোৰ অধ্যয়ন কৰে ।

( ii ) সদর্থক বিজ্ঞান (Positive Science) : শিক্ষা মনোবিজ্ঞান এক সদর্থক বিজ্ঞান, ই আদর্শনিষ্ঠ বিজ্ঞান নহয় । ই পৃথিৱীৰ বৰ্তমানৰ তথ্যবোৰৰ লগত সংযোগ ৰক্ষা কৰে । শিক্ষা মনোবিজ্ঞানে শিশুৰ প্রকৃতি, নীতি আদি বর্তমান সময়ৰ পৰিপ্ৰেক্ষিতত হুবহু অধ্যয়ন কৰে । শিক্ষাৰ মূল্যবোধ, মানদণ্ড আদি শিক্ষা মনোবিজ্ঞানে অধ্যয়ন কৰে ।

( iii ) শৈক্ষিক বিজ্ঞান (Eductional Science) : প্রয়োগৰ দিশেৰে শিক্ষা মনোবিজ্ঞান কেৱল শৈক্ষিক সমস্যাৰ লগত জড়িত । সেয়ে সাধাৰণ মনোবিজ্ঞানে বিভিন্ন দিশত ব্যক্তিৰ আচৰণ অধ্যয়ন কৰাৰ দৰে শিক্ষা মনোবিজ্ঞানে শৈক্ষিক দিশত ব্যক্তিৰ আচৰণ অধ্যয়ন কৰে । ব্যক্তি এজনৰ সমগ্র জীৱনৰ আচৰণ ইয়াত অধ্যয়ন কৰা নহয় ৷

( iv ) ব্যৱহাৰিক বিজ্ঞান ( Practical Science ) : প্রকৃতিগতভাৱে শিক্ষা মনোবিজ্ঞান ব্যৱহাৰিক শিক্ষাবিদ আৰু শিক্ষকসকলে প্রায় সকলো ক্ষেত্রতে শিক্ষা মনোবিজ্ঞানৰ ব্যৱহাৰ কৰে । শিক্ষা মনোবিজ্ঞানৰ জ্ঞানৰ ব্যৱহাৰ অবিহনে ফলপ্রসূ শিক্ষাদান সম্ভৱ নহয় । শিক্ষানুষ্ঠানবোৰত শিক্ষা মনোবিজ্ঞানৰ ব্যৱহাৰ সকলো ক্ষেত্ৰত কৰা হয় ।

( v ) বর্ধিত আৰু বিকশিত বিজ্ঞান (Growing and Developing Science) : শিশুৰ বৃদ্ধি আৰু বিকাশৰ লগত জড়িত বিভিন্ন দিশৰ কাৰক , নীতি আৰু কৌশলৰ লগত শিক্ষা মনোবিজ্ঞান জড়িত হৈ থাকে । বিজ্ঞান স্বৰূপে শিক্ষা মনোবিজ্ঞানৰ চিৰ বৃদ্ধিশীল আৰু চিৰ বিকাশশীল ।

( vi ) সামাজিক বিজ্ঞান (Social Science) : শিক্ষা মনোবিজ্ঞান এক সামাজিক বিজ্ঞান । শিক্ষা মনোবিজ্ঞানে শৈক্ষিক দিশেৰে ব্যক্তিৰ আচৰণ অধ্যয়ন কৰে যদিও ইয়াৰ ফলাফল সকলো ব্যক্তিৰ ক্ষেত্রতে প্রযোজ্য । গতিকে শিক্ষা মনোবিজ্ঞানৰ সামাজিক তাৎপর্য আছে ।

Q. 3 | শিক্ষা আৰু মনোবিজ্ঞানৰ মাজৰ পাৰ্থক্য লিখা । (Write the differences between education and psychology)


উত্তৰঃ শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত থকা পাৰ্থক্যবোৰ হ'লঃ— 

১ । শিক্ষা এক আদর্শনিষ্ট বিজ্ঞান । 

        — মনোবিজ্ঞান এক ইতিবাচক বিজ্ঞান ।

২। শিক্ষাৰ লক্ষ্য সামাজিক ।

        — মনোবিজ্ঞানৰ লক্ষ্য কেৱল ব্যক্তিগত ৷

৩। শিক্ষাই জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰে ।

        — মনোবিজ্ঞানে শিক্ষাৰ লক্ষ্যৰ প্রায়োগিক উপলব্ধি লাভত সহায় কৰে ।

৪। প্ৰকৃত চিন্তনৰ দ্বাৰা শিক্ষা প্রভাবিত । 

       — মনোবিজ্ঞানৰ প্ৰকৃত অভিজ্ঞতাৰ দ্বাৰা নিৰ্দেশিত ।

৫। শিক্ষাৰ প্ৰক্ৰিয়া সংশ্লেষণাত্মক ।

       — মনোবিজ্ঞানৰ প্রক্রিয়া বিশ্লেষণাত্মক ।

৬। শিক্ষা দার্শনিক নীতিৰ ওপৰত প্রতিষ্ঠিত । মনোবিজ্ঞান।

       — মনোবিজ্ঞানৰ বাস্তৱ অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠি।

Q. 4 | ঘটনা অধ্যয়ন পদ্ধতিৰ বিষয়ে লিখা । (Write about the case study method)

উত্তৰঃ ঘটনা অধ্যয়ন পদ্ধতিৰ সবলতা ( Strength of Case Study Method ):

  • ( ১ ) ঘটনা অধ্যয়নে শিশুৰ সকলোবোৰ দিশৰ অধ্যয়ন কৰে ।
  • ( ২ ) অপসমাযোজনৰ কাৰণবোৰ বুজি উঠাত এই পদ্ধতিয়ে সহায় কৰে ।
  • ( ৩ ) অপসমাযোজিত ঘটনাবোৰৰ প্ৰতিকাৰৰ বিষয়ে এই পদ্ধতিয়ে জ্ঞান প্ৰদান কৰে ।
  • ( ৪ ) স্বাভাৱিক আচৰণৰ ধাৰণাৰ জ্ঞান লাভত ই শিক্ষকক সহায় কৰে ।
  • ( ৫ ) এই পদ্ধতিৰ যোগে শিক্ষকে ছাত্ৰ - ছাত্ৰীৰ বিষয়ে প্রকৃত জ্ঞান লাভ কৰিব পাৰে ।

ঘটনা অধ্যয়ন পদ্ধতিৰ দুৰ্বলতা ( Weakness of Case Study Method ) :

  • ( ১ ) এই পদ্ধতি অত্যাধিক সময় খৰচী ।
  • ( ২ ) এই পদ্ধতি অন্য পদ্ধতিৰ লগত একেলগে ব্যৱহাৰ কৰা হয়, কাৰণ এই পদ্ধতিৰ ফলাফল চূড়ান্ত সিদ্ধান্ত উপনীত নকৰায় ।
  • ( ৩ ) এই পদ্ধতিৰ প্ৰয়োগৰ বাবে শিক্ষকসকলক কৌশলপূৰ্ণ দক্ষতা আৰু অভিজ্ঞতাৰ প্ৰয়োজন হয় । 
  • ( ৪ ) এই পদ্ধতিৰ যোগে সকলো শিশুৰ সমস্যা সমাধান কৰা সম্ভৱ নহয় কিয়নো ই এক ব্যক্তিনিষ্ঠ পদ্ধতি ।

Q. 5 | মনোবিজ্ঞানৰ জ্ঞানে এজন শিক্ষকক কিদৰে সহায় কৰে ? (How the knowledge of psychology help a teacher ?)

উত্তৰঃ

Q. 6 | মনোবিজ্ঞানক কিয় আচৰণৰ বিজ্ঞান বোলা হয় । (Why psychology is called the science of behaviour ?)

উত্তৰঃ



দীঘল প্রশ্ন ( Long Questions )

Q. 1 | শিক্ষা মনোবিজ্ঞান কি ? ইয়াৰ পৰিসৰ আলোচনা কৰা ।

উত্তৰঃ শিক্ষা মনোবিজ্ঞান হ'ল শিক্ষা আৰু মনোবিজ্ঞান দুটা বিষয়ৰ সমষ্টি । শিক্ষা মনোবিজ্ঞানৰ পৰিসৰৰ অন্তৰ্ভুক্ত বিভিন্ন দিশবোৰ তলত আলোচনা কৰা হ'ল— 

( i ) মানৱ আচৰণ (Human Behaviour) : শিক্ষা মনোবিজ্ঞানৰ পৰিসৰৰ অন্তৰ্গত এক প্রধান বিষয় হ'ল মানৱ আচৰণ । শৈক্ষিক পৰিৱেশত ই মানুহৰ আচৰণ অধ্যয়ন কৰে । মনোবিজ্ঞানে আচৰণৰ অধ্যয়ন কৰে আৰু শিক্ষাই মানুহৰ আচৰণ সংশোধনৰ প্ৰচেষ্টা কৰে । মনোবিদ পিটাৰ চেণ্ডিফোর্ডে (Peter Sandifor) এই ক্ষেত্ৰত মত প্ৰকাশ কৰিছিল যে “ ইয়াৰ বিষয়বস্তু হৈছে শিক্ষা গ্রহণ প্ৰক্ৰিয়াত মানুহৰ আচৰণ অধ্যয়ন কৰা ” ( Its subject matter is the behaviour of human beings undergoing the process of education ) ।

( ii ) বিকাশৰ স্তৰ অধ্যয়ন (Study of the stages of Development) : শিক্ষা মনোবিজ্ঞান শিশুৰ বৃদ্ধি আৰু বিকাশৰ অধ্যয়নৰ লগত জড়িত । এজন শিশুৱে কেনেকৈ বৃদ্ধি আৰু বিকাশৰ যোগে বিভিন্ন স্তৰ অতিক্ৰম কৰে আৰু প্ৰতিটো স্তৰত শিশুসকলৰ বৈশিষ্ট্যবোৰ কেনে ধৰণৰ সেয়াও শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নৰ অন্তৰ্গত । বুদ্ধি আৰু বিকাশৰ বৈশিষ্ট্যবোৰৰ বিষয়ে জ্ঞাত নোহোৱাকৈ শিশুৰ শিক্ষা আঁচনি প্রস্তুত কৰাটো সম্ভৱ নহয় । সুপৰিকল্পিত আৰু বিজ্ঞানন্মত শিক্ষা ব্যৱস্থা গঢ়ি তুলিবৰ বাবে এই দিশবোৰৰ অধ্যয়ন অতি গুৰুত্বপূৰ্ণ । 

( iii ) শিক্ষণ প্রক্রিয়া (Learning Process) : অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি আচৰণ সংশোধন কৰাকে শিক্ষণ বোলে । অভিজ্ঞতা আৰু প্ৰশিক্ষণ লাভৰ বাবে বিভিন্ন স্তৰৰ ছাত্ৰ - ছাত্ৰীৰ বাবে বিশেষ তাৎপর্য শিক্ষণ অভিজ্ঞতা লাভৰ নীতিবোৰ কি কি - আদি বিষয়ো শিক্ষা মনোবিজ্ঞানৰ পৰিসৰৰ অন্তর্ভূক্ত । শিক্ষণ কেনেকৈ কম সময়ত অধিক ফলপ্রসূভাৱে লাভ কৰিব পাৰি সেয়াও ইয়াৰ পৰিসৰৰ অন্তর্গত ।

( iv ) বংশগতি আৰু পৰিৱেশ (Heredity and Environment) : বংশগতি আৰু পৰিৱেশ দুটা পৃথক অধ্যয়নৰ বিষয় যদিও যুটীয়াভাৱে এই দুয়োটা বিষয়ে শিশুৰ শিক্ষাত অৰিহণা যোগায় ।

( v ) ব্যক্তিগত পার্থক্য (Individual Difference) : বংশগতীয় আৰু পৰিৱেশীয় প্রভাৱৰ ফলস্বৰূপে সমগ্ৰ পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিয়ে এজন আন এজনৰ পৰা পৃথক । এই ভিন্নতা বা পাৰ্থক্যৰ বাবে প্রত্যেক ব্যক্তিৰ শক্তি ক্ষমতা, যোগ্যতা, সম্ভাৱনীয়তা আদি ভিন ভিন হয় । শিকন - শিক্ষণ কাৰ্যৰ ফলপ্ৰসূতাৰ বাবে শিক্ষক আৰু শিক্ষাবিদসকলে শিশুসকলৰ ব্যক্তি পাৰ্থক্যৰ বিষয়ে সুস্পষ্টভাৱে জনাটো দৰকাৰ । শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নৰ বিষয় স্বৰূপে ব্যক্তি পার্থক্যই বর্তমান সময়ত অধিক তাৎপর্য বহন কৰিছে ।

( vi ) স্নায়ৱিক প্ৰক্ৰিয়াৰ অধ্যয়ন (Study of the Nervous System) : গ্রহণেন্দ্রিয় আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ ক্ৰিয়া - সক্ষমতা হ'ল মানসিক ক্রিয়া আচৰণৰ উৎস । এইবোৰৰ বিষয়ে কৰা বিশেষ বিশ্লেষণাত্মমূলক অধ্যয়ন শিক্ষা মনোবিজ্ঞানৰ পৰিসৰৰ অন্তৰ্ভুক্ত । মানুহৰ গ্ৰহণেন্দ্ৰিয়, সংবেদন, সংবোধন আদিবোৰেই ব্যক্তিক বিকশিত কৰি তোলে । সেয়েহে শিক্ষা মনোবিজ্ঞানে স্নায়ৱিক প্ৰক্ৰিয়াৰ অধ্যয়নত অধিক গুৰুত্ব আৰোপ কৰিছে ।

( vii ) দলীয় মনোবিজ্ঞান (Group Psychology) : শিশু এজনৰ বৰ্ধন আৰু বিকাশত থকা দলসমূহৰ প্ৰভাৱক শিক্ষা মনোবিজ্ঞান অধ্যয়ন কৰে । দল বা দলীয় জীৱন যাপনে শিশুসকলক সামাজিক গুণৰ অধিকাৰী কৰি সমাজত উপযুক্ত সমাযোজনত সহায় কৰে । সেয়েহে বৰ্তমানৰ শিক্ষাত দলৰ প্রভাৱৰ ওপৰত গুৰুত্ব প্ৰদান কৰি দলীয় আলোচনা , সমনীয়াৰ শিকন আদি পদ্ধতিৰ প্ৰয়োগ কৰা হৈছে । 

( viii ) শিক্ষাদান পদ্ধতি (Method of Teaching) : মনোবিজ্ঞানে শিক্ষা ক্ষেত্ৰত নৱজাগৰণৰ সৃষ্টি কৰিছে । এইক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য হ'ল শিক্ষাদানৰ পদ্ধতিবোৰ । সাৰ্থক আৰু ফলপ্ৰসূভাৱে শিক্ষাদানৰ বাবে প্ৰয়োগ কৰা শিক্ষাদানৰ পদ্ধতিবোৰ সাধাৰণতে শিশুৰ মনোবিজ্ঞানৰ ভিত্তিত গঢ়ি তোলা হয় । শিশুৰ বিকাশৰ স্তৰ অনুযায়ী সেয়েহে শিক্ষাদানৰ পদ্ধতিবোৰ পৃথক পৃথক হোৱা দেখা যায় ।

Q. 2 | শিক্ষণ - শিকণ প্ৰক্ৰিয়াত শিক্ষা মনোবিজ্ঞানৰ গুৰুত্ব আলোচনা কৰা ।

উত্তৰঃ ( i ) শিশু মনোবিজ্ঞানৰ বোধঃ- শিক্ষকসকলে শিশুক প্রকৃতভাবে শিক্ষাদান কৰাৰ ব্যক্তিগত আৰু দলীয় শিশু মনোবিজ্ঞানৰ জ্ঞান থকাটো বঞ্চনীয়।

( ii ) ব্যক্তিগত পার্থক্যও বোধঃ অতীজত অনুমান কৰা হৈছিল যে সকলো শিশুৱে প্রায় একে আৰু সেয়েহে সিহঁতৰ পৰা একে প্রগতিৰ আশা কৰা হৈছিল।

( iii ) শিশুৰ প্ৰবৃত্তিৰ ব্যৱহাৰঃ প্ৰবৃত্তিবোৰ কর্মমুখী প্রকৃত শিক্ষাই শিশুৰ প্রবৃত্তিবোৰ সংশোধন কৰিব বিচাৰে ।

( iv ) .....

( v ) ......

Q. 3 | মনোবিজ্ঞান কি ? ইয়াৰ প্ৰকৃতিৰ বিষয়ে লিখা ।

উত্তৰঃ মনোবিজ্ঞানৰ ইংৰাজী প্রতিশব্দ Psychology গ্রীক ভাষাৰ দুটা শব্দৰ পৰা আহিছে । সেই দুটা হ'ল Psyche আৰু Logos । Psyche শব্দৰ অৰ্থ হ'ল আত্মা আৰু Logos শব্দৰ অৰ্থ অধ্যয়ন। অর্থাৎ আত্মাৰ অধ্যয়নেই হ'ল মনোবিজ্ঞান ।

মনোবিজ্ঞানৰ প্ৰকৃতিঃ

( ১ ) প্ৰক্ৰিয়া স্বৰূপ (As a Proess) : মনোবিজ্ঞানৰ স্বাধীনভাৱে স্থান নাই । ইয়াৰ প্ৰধান লক্ষ্য হ'ল সামাজিক প্রয়োজনীয়তাৰ ভিত্তিত ব্যক্তিৰ বিকাশত সহায় কৰা প্ৰক্ৰিয়া স্বৰূপে নিজকে বিকশাই তোলা । 

( ২ ) অবিৰত প্ৰক্ৰিয়া (Continuouse Process) : মনোবিজ্ঞান হৈছে এক প্ৰক্ৰিয়া । ই এক অবিৰত প্ৰক্ৰিয়া আৰু লগতে গতিশীলো । এই প্রক্রিয়াত এজন ব্যক্তিয়ে নিজকে বুজিব পাৰে আৰু নিজৰ দক্ষতাৰ সৰ্বতোকৃষ্ট ব্যৱহাৰৰ জ্ঞান প্ৰদান কৰে । ব্যক্তিয়ে নিজৰ জীৱনৰ যিকোনো সময়তে মনোবিজ্ঞানৰ জ্ঞানৰ প্ৰয়োগ কৰে ।

( ৩ ) জীৱনৰ লগত সম্বন্ধিত ( Related with life ) : মনোবিজ্ঞান জীৱনৰ লগতো সম্বন্ধিত মনোবিজ্ঞানে আনুষ্ঠানিক আৰ অনানুষ্ঠানিকভাৱে জীৱনত বৰঙণি যোগায় কিয়নো জীৱনত সকলো পৰিস্থিতিৰ ঘটনা সংঘটিত হয় ।

( ৪ ) দক্ষতাৰ বিকাশ ( Development of Capacities ) : মনোবিজ্ঞানৰ যোগেদি ব্যক্তিয়ে নিজৰ দক্ষতাবোৰ সৰ্বতোকৃষ্ট ৰূপত বিকশাই তুলিব পাৰে । মনোবিজ্ঞানৰ যোগেদি ব্যক্তিয়ে আত্ম উপলব্ধি লাভ কৰিব পাৰে আৰু নিজৰ প্ৰকৃত ছবিৰ লগত চিনাকী হ'ব পাৰে ।

( ৫ ) ব্যক্তিগত সহায় ( Individual Assistance ) : মনোবিজ্ঞানক ব্যক্তিগত সহায় স্বৰূপেও গণ্য কৰা হয় । মনোবিজ্ঞানৰ যোগেদি ব্যক্তিয়ে দলৰ পৰিৱৰ্তে ব্যক্তিগতভাৱে নিজক বিকশাব পাৰে ৷





Tags :

  • মনোবিজ্ঞান আৰু শিক্ষা question answer
  • মনোবিজ্ঞান আৰু শিক্ষা ba 2nd sem new education model solutions
  • শিক্ষা মনোবিজ্ঞান বুলিলে কি বুজা
  • শিক্ষা মনোবিজ্ঞান পিতৃ কোন
  • মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ পার্থক্য
  • Ba 2nd semester education question answer pdf
  • Nep 2nd semester education model solutions pdf download