Follow Us:

BA 4th Sem Pol Science Chapter — 1 তুলনামূলক ৰাজনীতি অধ্যয়নৰ দৃষ্টিভংগী | Approaches to Studying Comparative Politics 4th Semester (POL-HC-4016) New Model Book Solutions

LearningPointAssam.com

আমাৰ প্লেটফৰ্মলৈ আপোনাক স্বাগতম, য'ত আমি BA Honours 4th Semester-ৰ শিক্ষাৰ্থীসকলক তেওঁলোকৰ পৰীক্ষাত উৎকৃষ্ট হোৱাত সহায় কৰিবলৈ বিভিন্ন ধৰণৰ অনলাইন অধ্যয়ন সামগ্ৰী আগবঢ়াওঁ। Gauhati University পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি BA (Honours) Political Science 4th Semester Question and Answer ইয়াত প্রদান কৰা হৈছে। যাতে, ছাত্র-ছাত্রীসকলে প্রতিটো অধ্যায়ৰ ধাৰণাবোৰ ভালদৰে বুজি পায় আৰু প্রয়োজনীয় এটা নিৰ্বাচন কৰিব পাৰে। আমাৰ ৱেব পৰ্টেলত শৈক্ষিক তত্ত্ব আৰু অনুশীলনৰ বিষয়ে কিতাপৰ বিষয়বস্তুৰ উপৰিও 4th Sem Political Science Previous years Question Paper-ৰ লগতে আৰ্হি সমাধানো প্ৰদান কৰা হয়। গতিকে, BA 4th Semester (Honours) Political Science Solutions |Chapter-1| তুলনামূলক ৰাজনীতি অধ্যয়নৰ দৃষ্টিভংগী (Approaches to Studying Comparative Politics) পাঠটোৰ অতি চমু, চমু, সংক্ষিপ্ত আৰু ৰচনাধৰ্মী প্ৰশ্ন আৰু উত্তৰ সমূহ তলত সহজ-সৰল ভাষাত আলোচনা কৰা হৈছে যিয়ে আপোনাক পৰীক্ষাত সহায় কৰিব।

BA 4th Sem Pol Science Chapter — 1 তুলনামূলক ৰাজনীতি অধ্যয়নৰ দৃষ্টিভংগী | Approaches to Studying Comparative Politics 4th Semester (New) Model Book Solutions

BA 4th Semester Political Science Major (POL-HC-4016) Solutions |Chapter-1| তুলনামূলক ৰাজনীতি অধ্যয়নৰ দৃষ্টিভংগী (Approaches to Studying Comparative Politics) প্রশ্নোত্তৰ, যি Learningpointassam.com প্ৰদান কৰে সেইবোৰ বিশেষজ্ঞ শিক্ষকৰ দ্বাৰা পাঠ্যভিত্তিক প্ৰশ্ন আৰু উত্তৰৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ পৰীক্ষাত সহায় কৰিবলৈ Gauhati University syllabus অনুসৰি অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ প্ৰস্তুত কৰা হৈছে।


তুলনামূলক ৰাজনীতি অধ্যয়নৰ দৃষ্টিভংগী (Approaches to Studying Comparative Politics)

Chapter — 1 Model Solutions

 



BA Political Science (তুলনামূলক প্রেক্ষাপটত ৰাজনৈতিক প্ৰক্ৰিয়া আৰু অনুষ্ঠানসমূহ Political Processes and Institutions in Comparative Perspective) Book solutions
Paper Code : POL-HC-4016


 প্রশ্নাবলীঃ

তলৰ প্রশ্নসমূহৰ অতি চমু উত্তৰ দিয়া ( Very Short Questions ) :

Q. 1 | ৰাজনৈতিক সংস্কৃতি কাক বোলে ?

উত্তৰঃ এক ৰাজনৈতিক ব্যৱস্থা আৰু অৰাজনৈতিক বিষয়বোৰৰ লগত জড়িত সমাজৰ দৃষ্টিভংগীবোৰ, বিশ্বাস, আবেগ আৰু মূল্যবোধৰ সমষ্টিকে ৰাজনৈতিক সংস্কৃতি বোলা হয় ।

Q. 2 | আৰ. চি. মেক্ ৰিদিচে আগবঢ়োৱা ৰাজনৈতিক সংস্কৃতিৰ সংজ্ঞা দিয়া ।

উত্তৰঃ আৰ . চি . মেক্ ৰিদিচে মন্তব্য কৰা অনুসৰি উমৈহতীয়াকৈ ভগোৱা লক্ষ্য আৰু উমৈহতীয়াকৈ গ্ৰহণ কৰা শাসনৰ সমষ্টিকে ৰাজনৈতিক সংস্কৃতি বোলা হয় ।

Q. 3 | ৰাজনৈতিক সংস্কৃতিৰ এটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ ৰাজনৈতিক সংস্কৃতিৰ এটা বৈশিষ্ট্য হ'ল— ৰাজনৈতিক সংস্কৃতিৰ দ্বাৰা এখন দেশৰ ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন জনাত সহায় হয় ।

Q. 4 | ৰাজনৈতিক সংস্কৃতিৰ বিকাশত সহায় কৰা এটা কাৰক উল্লেখ কৰা ।

উত্তৰঃ ৰাজনৈতিক সংস্কৃতিৰ বিকাশত সহায় কৰা এটা কাৰক হ'ল— ঐতিহাসিক বিকাশ । 

Q. 5 | ৰাজনৈতিক সংস্কৃতিৰ এটা উপাদান উল্লেখ কৰা ৷

উত্তৰঃ ৰাজনৈতিক সংস্কৃতিৰ এটা উপাদান হ'ল— অভিজ্ঞতাবাদী বিশ্বাসসমূহ ।

Q. 6 | The Civic Culture গ্ৰন্থখনৰ লিখক কোন ? 

উত্তৰঃ The Civic Culture গ্ৰন্থখনৰ লিখক হ'ল— গেব্রিয়েল আলমণ্ড আৰু চিডনী ভােৰ্বা ।

Q. 7 | নব্য আনুষ্ঠানিকতাবাদী দৃষ্টিভংগী বুলিলে কি বুজা ?

উত্তৰঃ যি দৃষ্টিভংগীত আনুষ্ঠানিক গাঁথনি , নিয়ম প্রণালী, সংস্কৃতি, ৰাজনৈতিক অনুষ্ঠান, ব্যক্তিৰ পচন্দ, কার্যকলাপ আদিৰ বিষয়ে আলোচনা কৰা হয় তাক নব্য আনুষ্ঠানিকতাবাদী দৃষ্টিবাদী বোলে । 

Q. 8 | অংশগ্ৰহণকাৰী ৰাজনৈতিক সংস্কৃতি কাক বোলে ? 

উত্তৰঃ অংশগ্ৰহণকাৰী ৰাজনৈতিক সংস্কৃতি হৈছে ৰাজনৈতিক সংস্কৃতিৰ এটা প্ৰকাৰ । যি ৰাজনৈতিক সংস্কৃতিত জনসাধাৰণে ৰাজনীতিৰ সক্রিয় সদস্য হিচাপে ৰাজনৈতিক ব্যৱস্থাত সক্ৰিয় অংশগ্ৰহণ কৰে। সেই ৰাজনৈতিক সংস্কৃতিক অংশগ্রহণকাৰী ৰাজনৈতিক সংস্কৃতি বোলে । উন্নতমানৰ বিকশিত সমাজত অংশগ্ৰহণকাৰী ৰাজনৈতিক সংস্কৃতি বৰ্তি থাকে ।

Q. 9 | Aspects of Political Development নামৰ গ্ৰন্থখনৰ লিখক কোন ?

উত্তৰঃ Aspects of Political Development গ্ৰন্থখনৰ লিখক হ’ল— লুচিয়াই পাই ।

Q. 10 | নব্য আনুষ্ঠানিকতাবাদৰ এটা প্ৰকাৰ উল্লেখ কৰা ৷

উত্তৰঃ যৌক্তিক বাচনিৰ আনুষ্ঠানিকতাবাদ ।



তলৰ প্রশ্নসমূহৰ চমু উত্তৰ দিয়া ( Very Short Questions ) : (Mark — 2)

Q. 1 | আলমণ্ড আৰু ভাৰ্বাই উল্লেখ কৰা ৰাজনৈতিক সংস্কৃতি কেই প্ৰকাৰৰ ? কি কি ?

উত্তৰঃ আলমণ্ড আৰু ভাৰ্বাই উল্লেখ কৰা ৰাজনৈতিক সংস্কৃতি তিনি প্ৰকাৰৰ । সেইবোৰ হ'ল— 

  • ( ক ) সংকীর্ণতাবাদী ৰাজনৈতিক সংস্কৃতি
  • ( খ ) নিস্ক্রিয় ৰাজনৈতিক সংস্কৃতি
  • ( গ ) অংশগ্ৰহণকাৰী ৰাজনৈতিক সংস্কৃতি ।

Q. 2 | এছ. ই. ফাইনাৰে শ্ৰেণী বিভাজন কৰা চাৰি প্ৰকাৰৰ ৰাজনৈতিক সংস্কৃতি কি কি ?


উত্তৰঃ এছ. ই. ফাইনাৰে শ্ৰেণী বিভাজন কৰা চাৰি প্ৰকাৰৰ ৰাজনৈতিক সংস্কৃতি হলঃ—

  • ( i ) পৰিণত ৰাজনৈতিক সংস্কৃতি
  • ( ii ) উন্নত ৰাজনৈতিক সংস্কৃতি
  • ( iii ) নিম্নমানৰ ৰাজনৈতিক সংস্কৃতি
  • ( iv ) অতি নিম্নমানৰ ৰাজনৈতিক সংস্কৃতি।

Q. 3 | আলমণ্ড আৰু পৱেলৰ মতে ৰাজনৈতিক সংস্কৃতিত কেইটা অভিবিন্যাস আছে, আৰু কি কি ? 

উত্তৰঃ আলমণ্ড আৰু পৱেলৰ মতে ৰাজনৈতিক সংস্কৃতিৰ তিনিটা অভিবিন্যাস আছে । সেইকেইটা হ'ল— 

( i ) সংজ্ঞানাত্মক অভিবিন্যাস

( ii ) ভাবাত্মক অভিবিন্যাস 

( iii ) মূল্যাংকন অভিবিন্যাস

Q. 4 | ৰাজনৈতিক সংস্কৃতিৰ দুটা গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰা ।

উত্তৰঃ ৰাজনৈতিক সংস্কৃতিৰ দুটা গুৰুত্বপূৰ্ণ দিশ হ'ল—

( i ) ৰাজনৈতিক সংস্কৃতিৰ মাধ্যমত ৰাজনৈতিক ব্যৱস্থাৰ গতিশীলতা বা কতী পৰিৱৰ্তনৰ সম্ভাৱনা আৰু তাৰ প্ৰকৃতি, পৰিধি আৰু প্ৰক্ৰিয়া অনুধাৱন কৰিব পাৰি ।

( ii ) ব্যক্তি আৰু গোষ্ঠীৰ বিভিন্ন কার্যকলাপ আৰু আচৰণৰ মাজত যুক্তিসংগত আৰু অযৌক্তিক বিভিন্ন বিষয় আৰু উপাদান থাকে । এই বিষয়বোৰ যথাযথভাৱে অনুধাবন কৰাৰ বাবে সংশ্লিষ্ট ৰাজনৈতিক সংস্কৃতিৰ পৰ্যালোচনাৰ প্ৰয়োজন হয় ।

Q. 5 | এখন ৰাষ্ট্ৰৰ ভোগালক অৱস্থিতিয়ে সেইখন ৰাষ্ট্ৰৰ ৰাজনৈতিক সংস্কৃতিক প্ৰভাৱান্বিত কৰেনে ?


উত্তৰঃ এখন ৰাষ্ট্ৰৰ ভৌগলিক অৱস্থানে সেই ৰাষ্ট্ৰখনৰ ৰাজনৈতিক সংস্কৃতিক প্রভাবান্বিত কৰে । কিছুমান দেশৰ ভৌগলিক অৱস্থানে স্বাধীনভাৱে তেওঁলোকৰ ‘নিজৰ নিজৰ' সত্ত্বাৰ প্ৰভাৱত নিজস্ব ৰাজনৈতিক সংস্কৃতি গঢ়ি তুলিছে । যেনে— চহকী প্রাকৃতিক সম্পদে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক ব্যৱস্থাক স্থিতিশীল কৰিছে । আনহাতে গ্রেট ব্ৰিটেইনৰ ভৌগলিক অৱস্থানে ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰৰ নাগৰিকক বৈদেশিক আক্ৰমণৰ পৰা বহু পৰিমাণে ৰক্ষা কৰিছে । তদুপৰি এই ভৌগলিক অৱস্থিতিয়ে গ্রেট ব্রিটেইনক ব্যাপক মাত্ৰাত বিদেশী প্ৰব্ৰজনৰ আশংকাৰ পৰা মুক্ত কৰিছে । সেই কাৰণে ব্ৰিটেইনৰ ৰাজনৈতিক ব্যৱস্থাত জাতিগত সমস্যাৰ সৃষ্টি হোৱা নাই ।

Q. 6 | ৰাষ্ট্ৰৰ ৰাজনৈতিক সংস্কৃতিত ভৌগলিক অৱস্থানে অনুকূল প্রভাৱ পেলোৱা দুখন ৰাষ্ট্ৰৰ উদাহৰণ দিয়া ৷


উত্তৰঃ গ্রেট ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ।


Q. 7 | নব্য আনুষ্ঠানিকতাবাদী দৃষ্টিভংগীৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ নব্য আনুষ্ঠানিকতাবাদী দৃষ্টিভংগীৰ দুটা বৈশিষ্ট্য হ’ল—

( i ) এই দৃষ্টিভংগীয়ে পৰম্পৰাগতবাদী পণ্ডিতসকলৰ আনুষ্ঠানিক অনুষ্ঠানৰ নিয়ম-নীতি, গাঁথনিৰ অধ্যয়ন লগত আচৰণবাদী পণ্ডিত সকলৰ কাৰ্যকলাপৰ অধ্যয়নক সংমিশ্ৰণ কৰিছে ।

( ii ) এই দৃষ্টিভংগী অর্থনীতি, ৰাজনীতি বিজ্ঞান, সমাজতত্ত্ব আদি বিষয়ৰ অধ্যয়নৰ লগত জড়িত ।

Q. 8 | সংকীর্ণতাবাদী ৰাজনৈতিক সংস্কৃতি আৰু অংশগ্ৰহণকাৰী ৰাজনৈতিক সংস্কৃতিৰ মাজত দুটা পার্থক্য লিখা ।

উত্তৰঃ সংকীর্ণতাবাদী ৰাজনৈতিক সংস্কৃতি আৰু অংশগ্ৰহণকাৰী ৰাজনৈতিক সংস্কৃতিৰ মাজত দুটা পার্থক্য হ'ল—

( i ) অনুন্নত দেশ আৰু আওপুৰণি সমাজবোৰত সংকীর্ণতাবাদী ৰাজনৈতিক সংস্কৃতি থকা দেখা যায়। 

      আনহাতে , বিকশিত দেশ আৰু উন্নত সমাজ ব্যৱস্থাত বর্তমান সময়ত অংশগ্ৰহণকাৰী ৰাজনৈতিক সংস্কৃতিৰ উপস্থিতি দেখা যায় ।

( ii ) সংকীর্ণতাবাদী ৰাজনৈতিক সংস্কৃতি থকা ৰাষ্ট্ৰৰ ৰাজনৈতিক ক্ষেত্ৰত জনসাধাৰণৰ মাজত চেতনা আৰু আগ্ৰহৰ অভাৱ দেখা যায়।

      আনহাতে, অংশগ্রহণকাৰী ৰাজনৈতিক সংস্কৃতিত প্রত্যেক নাগৰিকে ৰাজনৈতিক বিষয়ত সক্রিয়ভাৱে উদ্যোগী ভূমিকা গ্রহণ কৰে । বৰ্তমান সময়ত মানুহ মাত্রেই তেওঁ নিজকে ৰাষ্ট্ৰৰ প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাৰ এজন সক্ৰিয় সদস্য হিচাপে বিবেচনা কৰে ।

Q. 9 | আলমণ্ডৰ মতে মিশ্ৰ ৰাজনৈতিক সংস্কৃতি কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ আলমণ্ডৰ মতে মিশ্ৰ ৰাজনৈতিক সংস্কৃতি তিনি প্ৰকাৰৰ ৷ সেইকেইটা হ'ল—

( i ) সংকীর্ণতাবাদী নিস্ক্রিয় ৰাজনৈতিক সংস্কৃতি

( ii ) নিস্ক্রিয় অংশগ্রহণমূলক ৰাজনৈতিক সংস্কৃতি 

( iii ) সংকীর্ণতাবাদী অংশগ্রহণমূলক ৰাজনৈতিক সংস্কৃতি ।



চমুটোকা লিখা : ( ৫ নম্বৰ )

Q. 1 | ৰাজনৈতিক সংস্কৃতিৰ উপাদানসমূহ (Elements of Political culture)

উত্তৰঃ ৰাজনৈতিক বিষয়ত মূল্যবোধৰ প্ৰতীক হিচাপে ৰাজনৈতিক সংস্কৃতি ব্যৱহাৰ হয় । ৰাজনৈতিক সংস্কৃতি হ'ল কোনো ৰাষ্ট্ৰৰ প্ৰচলিত ৰাজনৈতিক ব্যৱস্থা সম্পর্কে জনসাধাৰণৰ এটা ভাৱগত ধাৰণা, মানসিক অনুভূতি আৰু এটা বিশেষ মনোবৃত্তি ।

       ৰাজনৈতিক সংস্কৃতিৰ প্ৰধান উপাদানবোৰ হ'ল— প্ৰত্যেক জাতিৰ ৰাজনৈতিক সংস্কৃতি সাধাৰণতে তিনিটা মূল উপাদানেৰে সৃষ্টি হয় । সেই উপাদানকেইটা হ'ল—

( i ) অভিজ্ঞতাবাদী বিশ্বাস : বিভিন্ন ৰাজনৈতিক বিষয় আৰু সমস্যা সম্পর্কে জনসাধাৰণৰ ধাৰণাৰ ভিত্তিত গঢ়ি উঠা বিশ্বাসবোৰক অভিজ্ঞতাবাদী বিশ্বাস বোলে । এই বিশ্বাসৰ দ্বাৰা শাসক আৰু শাসিতৰ দ্বাৰা সম্পৰ্ক প্ৰভাৱিত হয় ।

( ii ) সংবেদনশীল মনোভাৱ : নির্দিষ্ট ৰাজনৈতিক লক্ষ্যৰ ক্ষেত্ৰত জনসাধাৰণৰ সমৰ্থনত বা বিৰোধী অনুভূতিয়েই হ'ল সংবেদনশীল আলোচনা । অনুভূতি সম্পর্কীয় সংবেদনশীলতাৰ উৎস হ'ল প্ৰচলিত ৰাজনৈতিক ব্যৱস্থা আৰু সংশ্লিষ্ট ৰাজনৈতিক ব্যৱস্থাৰ বিভিন্ন প্রতিষ্ঠান সম্পৰ্কীয় মনোভাৱ ।

( iii ) মূল্যবোধৰ অগ্ৰাধিকাৰ : চৰকাৰৰ ইপ্সিত উদ্দেশ্য, জনসাধাৰণৰ ব্যক্তিগত ধাৰণা আদিক লৈ এক প্ৰকাৰৰ বিশ্বাসৰ সৃষ্টি হয় । সেই সমগ্র বিশ্বাসৰ সমষ্টিকেই মূল্যবোধৰ অগ্ৰাধিকাৰ বোলা হয় । সকলো জাতিৰ ৰাজনৈতিক সংস্কৃতিত এটা সাধাৰণ বৈশিষ্ট্য দেখা যায় । সেইটো হ'ল— প্ৰত্যেক ৰাজনৈতিক সংস্কৃতিৰ বিভিন্ন উপাদানৰ মাজত অসংগতিৰ অস্তিত্ব দেখা যায় । যিবোৰ উপাদানৰ সমন্বয়ত ৰাজনৈতিক সংস্কৃতিৰ সৃষ্টি হয়, সেই সমগ্ৰ উপাদানৰ পৰস্পৰৰ মাজত সকলো সময়তে সংগতি নাথাকে ।

Q. 2 | ৰাজনৈতিক সংস্কৃতিৰ গুৰুত্ব (Importance of Political culture)

উত্তৰঃ ৰাজনৈতিক সংস্কৃতিৰ ধাৰণাৰ অধ্যয়নে ৰাজনৈতিক বিকাশৰ বিষয়ৰ সমাজতাত্ত্বিক স্বৰূপ গঠন কৰে । এটা ৰাজনৈতিক সংস্কৃতি গঠিত হয় অৰাজনৈতিক বিষয় আৰু ৰাজনৈতিক ব্যৱস্থাৰ লগত জড়িত সমাজৰ মূল্যবোধ , দৃষ্টিভংগী , বিশ্বাস আৰু আবেগৰ দ্বাৰা । এক ৰাজনৈতিক ব্যৱস্থাৰ সদস্যসকলৰ ৰাজনীতিৰ প্ৰতি গ্ৰহণ কৰা ব্যক্তিগত দৃষ্টিভংগী আৰু দিকদর্শনৰ স্বৰূপকে ৰাজনৈতিক সংস্কৃতি হিচাপে বর্ণনা কৰা হয় ।

       লুচিয়ান ডব্লিউ পাইয়ে ৰাজনৈতিক সংস্কৃতি অধ্যয়নত তিনিটা উপাদান অন্তৰ্ভুক্ত কৰিছে । সেই উপাদান তিনিটা হ'ল— 

       ‎( i ) ৰাজনীতিৰ পৰিসৰ , ৰাজনীতিৰ লক্ষ্য আৰু পদ্ধতি । 

       ‎( ii ) ৰাজনৈতিক কাৰ্যাৱলীৰ মূল্যায়নৰ মানদণ্ড । 

       ‎( iii ) ৰাজনৈতিক কাৰ্যাৱলীৰ গুৰুত্বপূৰ্ণ বুলি বিবেচিত মূল্যবোধবোৰ।

       ৰাজনৈতিক সংস্কৃতিত ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতি থকা মানুহৰ দৃষ্টিভংগী আৰু বিশ্বাসবোৰ সমজাতীয়ই হওক বা অসমজাতীয়ই হওক ইয়াত বিভিন্ন ধৰণৰ আন্তঃসম্বন্ধীয় উপাদান থাকে । সেই উপাদানবোৰ হ'ল— ঐতিহাসিক উপাদান , ভৌগলিক উপাদান আৰু আৰ্থ-সামাজিক উপাদান ।

       ‎ৰাজনৈতিক সংস্কৃতিৰ গুৰুত্বপূৰ্ণ দিশবোৰ হ'ল— 

( i ) ৰাজনৈতিক সংস্কৃতিৰ দ্বাৰা এখন দেশৰ ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন জনাত সহায় হয় । 

( ii ) ৰাজনৈতিক সংস্কৃতিয়ে ৰাজনৈতিক সামাজিকীৰণ পদ্ধতিৰ বিষয়ে জনাত সহায় কৰে । সেই অনুপাতে ইয়াৰ দ্বাৰা এখন দেশৰ ৰাজনৈতিক সংস্কৃতি বিকাশৰ গতিও নিৰূপন কৰিব পাৰি ।

( iii ) ৰাজনৈতিক সংস্কৃতিৰ অধ্যয়নে সংস্কৃতিৰ অধ্যয়নে এহাতে সামাজিক আৰু অর্থনৈতিক বিকাশৰ কাৰণৰ সম্পৰ্কৰ বিষয়ে জনাৰ লগতে আনহাতে ৰাজনৈতিক বিকাশৰ বিষয়েও অৱগত হ'ব পাৰি । 

( iv ) ৰাজনৈতিক সংস্কৃতিৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে যে ইয়াত এখন দেশৰ কাৰ্যকৰী হৈ থকা সংবিধান, আইন আদি ব্যক্তি আৰু বিভিন্ন সংগঠনে কেনেকৈ তাক গ্ৰহণ কৰিছে তাকো নিৰূপণ কৰিব পাৰি । এখন দেশৰ চৰকাৰে ইয়াৰ প্ৰশাসন কাৰ্য্য সূচাৰুৰূপে পৰিচালিত কৰিবৰ কাৰণে এখন সংবিধান প্রনয়ণ কৰাৰ লগতে বহুতো আইন, নীতি - নিয়ম প্রনয়ণ কৰিব পাৰে আৰু তেনে সংবিধান, আইন আদি কিদৰে সেইখন দেশৰ লোকে গ্ৰহণ কৰিছে পৰ লোকে গ্রহণ সেই বিষয়েও ৰাজনৈতিক সংস্কৃতিয়ে জনাত সহায় কৰে ।

( v ) ৰাজনৈতিক সংস্কৃতিৰ অধ্যয়নে আমাক একে পৰিৱেশত থকা বিভিন্ন দেশত কিয় একে ফলাফল লাভ কৰিব নোৱাৰে সেই সম্পৰ্কে অনুভৱ কৰায় । উদাহৰণস্বৰূ আৰু ফ্ৰান্স একে পৰিৱেশত থকা ৰাষ্ট্ৰ হ'লেও দুয়োখন দেশৰ শ্ৰমিকসকলৰ আচৰণ একে বুলি ক'ব নোৱাৰি কাৰণ বৃটেইনৰ তুলনাত ফ্ৰান্সৰ শ্রমিকসকল অধিক উগ্ৰভাৱাপন্ন লোক ।

Q. 3 | ৰাজনৈতিক সংস্কৃতিৰ শ্ৰেণী বিভাজন (Classification of Political culture)

উত্তৰঃ The Civic Culture নামৰ গ্ৰন্থত আলমণ্ড আৰু ভাৰ্বাই তিনিপ্ৰকাৰৰ ৰাজনৈতিক সংস্কৃতিৰ উল্লেখ কৰিছে । সেই তিনিপ্ৰকাৰৰ ৰাজনৈতিক সংস্কৃতি হ'ল— 

( i ) সংকীর্ণতাবাদী ৰাজনৈতিক সংস্কৃতি : সাধাৰণতে সংকীর্ণতাবাদী ৰাজনৈতিক সংস্কৃতি অনুন্নত দেশ আৰু সনাতন সমাজবোৰত থকা দেখা যায় । এই সমাজ ব্যৱস্থাত ৰাজনৈতিক ক্ষেত্ৰত জনসাধাৰণৰ মাজত চেতনা আৰু আগ্ৰহৰ অভাৱ দেখা যায় । সংকীর্ণতাবাদী ৰাজনৈতিক সংস্কৃতিৰ অৱসানৰ কাৰণে শিক্ষাৰ ব্যাপক প্ৰসাৰ আৰু ৰাজনৈতিক যোগাযোগৰ প্ৰসাৰৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য্য । এচিয়া আৰু আফ্ৰিকা এই দুয়োখন মহাদেশত এতিয়াও বহুতো অনুন্নত অঞ্চল আছে । এই সমগ্ৰ অঞ্চলৰ অধিবাসীসকলৰ মাজত একোটা উল্লেখযোগ্য অংশ বিশেষভাৱে অনগ্ৰসৰ । এই সমগ্র জনগোষ্ঠীৰ মাজত জাতীয় ৰাজনৈতিক ব্যৱস্থা আৰু ৰাজনৈতিক জীৱন সম্পৰ্কে অজ্ঞতা আৰু অনীহা বিদ্যমান ।

( ii ) অংশগ্রহণমূলক ৰাজনৈতিক সংস্কৃতি : অংশগ্রহণমূলক ৰাজনৈতিক সংস্কৃতিত প্রত্যেক নাগৰিকে ৰাজনৈতিক বিষয়ত সক্রিয়ভাৱে উদ্যোগী ভূমিকা গ্ৰহণ কৰে । মানুহ মাত্ৰেই নিজকে ৰাষ্ট্ৰৰ প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাৰ এজন সক্রিয় সদস্য হিচাপে বিবেচনা কৰে । অংশগ্রহণমূলক ৰাজনৈতিক সংস্কৃতিৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ হ'ল— প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাৰ এজন সক্রিয় সদস্য হিচাপে বিবেচনা কৰে । অংশগ্রহণমূলক ৰাজনৈতিক সংস্কৃতিৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ হ'ল— প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাত ব্যক্তিৰ অংশগ্ৰহণ আৰু মূল্যায়ন, অধিকাৰ, ক্ষমতা আৰু কৰ্তব্যৰ প্ৰতি মানুহৰ সচেতনতা আদি । অংশগ্রহণমূলক ৰাজনৈতিক সংস্কৃতিত প্রচলিত ব্যৱস্থাৰ সমালোচনা আৰু মূল্যায়নৰ কথা কোৱা হয় । তদুপৰি এই ধৰণৰ ৰাজনৈতিক সংস্কৃতিত অংশগ্ৰহণকাৰী জনসাধাৰণৰ দৃষ্টিভংগী অনুকূল হ’ব পাৰে নাইবা প্ৰতিকূলো হ'ব পাৰে ।

( iii ) নিস্ক্রিয় ৰাজনৈতিক সংস্কৃতি : নিস্ক্ৰিয় ৰাজনৈতিক সংস্কৃতিত প্ৰচলিত ৰাজনৈতিক ব্যৱস্থা সম্পৰ্কে আৰু মানুহৰ জীৱন ধাৰণৰ ওপৰত ৰাষ্ট্ৰীয় কাৰ্যাৱলীৰ প্ৰভাৱ প্ৰতিক্ৰিয়া সম্পৰ্কত জনসাধাৰণ সম্পূর্ণ সচেতন থাকে অথচ ৰাজনৈতিক জীৱন সম্পৰ্কত উৎসাহৰ অস্তিত্ব স্বত্বেও ইয়াত জনসাধাৰণে চৰকাৰৰ সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াক প্ৰভাৱান্বিত কৰাৰ কোনো চেষ্টা নকৰে । বৰং চৰকাৰৰ রেচিভাগ সিদ্ধান্তকেই বিনা প্রতিবাদে কর্তৃত্ব সম্পন্ন বুলি স্বীকাৰ কৰি লয় । উপকৰণ সংগঠন আৰু ব্যক্তিগত ভূমিকা সম্পর্কে জনসাধাৰণ সাধাৰণতে উদাসীন থাকে ।

Q. 4 | এছ. ই. ফাইনাৰে শ্ৰেণী বিভাজন কৰা ৰাজনৈতিক সংস্কৃতি (S.E. Finer's Classification of Political culture)


উত্তৰঃ এছ. ই. ফাইনাৰে ৰাজনৈতিক সংস্কৃতিক চাৰিটা ভাগত ভাগ কৰিছে । এই ভাগকেইটা হ'ল— 

( i ) পৰিণত ৰাজনৈতিক সংস্কৃতি

( ii ) উন্নত ৰাজনৈতিক সংস্কৃতি

( iii ) নিম্নমানৰ ৰাজনৈতিক সংস্কৃতি ( iv ) অতি নিম্নমানৰ ৰাজনৈতিক সংস্কৃতি

এই ভাগকেইটা তলত বৰ্ণনা কৰা হ'ল—

( i ) পৰিণত ৰাজনৈতিক সংস্কৃতি : পৰিণত ৰাজনৈতিক সংস্কৃতিত ক্ষমতা বিতৰণৰ প্ৰচলিত ব্যৱস্থাৰ পিছত জনসাধাৰণৰ ব্যাপক অনুমোদন থাকে । জনসাধাৰণৰ ব্যাপক অংশই সমসাময়িক ৰাজনৈতিক ব্যৱস্থাৰ সৈতে সংযোগ ৰক্ষা কৰি চলিবলৈ সদায় চেষ্টা চলাই থাকে । পৰিণত ৰাজনৈতিক সংস্কৃতি বৰ্তি থকা ৰাষ্ট্ৰকেইখন হ'ল— মার্কিন যুক্তৰাষ্ট্ৰ, গ্রেট ব্ৰিটেইন, আয়াৰলেণ্ড, চুইজাৰলেণ্ড আদি ।

( ii ) উন্নত ৰাজনৈতিক সংস্কৃতি : উন্নত ৰাজনৈতিক সংস্কৃতিত ৰাজনৈতিক সংস্কৃতিৰ পৈণত উপাদানসমূহ দেখা পোৱা যায় । এইবোৰত প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ বেচি সংখ্যকৰে সমৰ্থন থাকে । উন্নত ৰাজনৈতিক সংস্কৃতিত সংগঠিত সংস্থাসমূহৰ উল্লেখযোগ্য সচেতনতা আৰু উন্নত মানৰ পৌৰ প্ৰতিষ্ঠান পৰিলক্ষিত হয় ।

( iii ) নিম্ন মানৰ ৰাজনৈতিক সংস্কৃতি : নিম্ন মানৰ ৰাজনৈতিক সংস্কৃতিত জনসাধাৰণ ৰাজনৈতিকভাৱে সংগঠিত নহয় । জনসাধাৰণৰ সংগঠনসমূহ সংকীৰ্ণ আৰু দুৰ্বল । স্বাভাৱিকতে জনমতো হয় অসংগঠিত আৰু দুৰ্ব্বল । এনেকুৱা পৰিস্থিতিত ৰাজনৈতিক কৰ্তৃপক্ষৰ বৈধতা সমালোচনাৰ উৰ্দ্ধত নহয় । এই ধৰণৰ নিম্নমানৰ ৰাজনৈতিক সংস্কৃতিত ৰাষ্ট্ৰৰ স্থায়িত্বত অনিশ্চয়তা থাকে ।

( iv ) অতি নিম্ন মানৰ ৰাজনৈতিক সংস্কৃতি : অতি নিম্ন মানৰ ৰাজনৈতিক সংস্কৃতি বৰ্তি থকা দেশৰ ৰাজনৈতিক ব্যৱস্থা হ'ল অগণতান্ত্রিক । এই ৰাজনৈতিক সংস্কৃতিত জনমতক কোনো ধৰণৰ গুৰুত্ব দিয়া নহয় ।



Q. খালী ঠাই পূৰণ কৰা  ঃ 

( i ) মানুহৰ মাজত ৰাজনৈতিক সংস্কৃতিৰ সৃষ্টি হয় _____ মাধ্যমত।

উত্তৰঃ ৰাজনৈতিক সামাজিকীকৰণৰ ।

( ii ) নিস্ক্ৰিয় ৰাজনৈতিক সংস্কৃতিত ৰাষ্ট্ৰীয় কাৰ্যাৱলীৰ প্ৰভাৱ প্ৰতিক্ৰিয়া সম্পৰ্কত জনসাধাৰণ সম্পূর্ণ সচেতন _____ ।

উত্তৰঃ হয় ।

( iii ) গোষ্ঠীগত বিভিন্নতা ৰাজনৈতিক সংস্কৃতিৰ এক ______ ।

উত্তৰঃ ভিত্তি ।

 iv ) ৰাজনৈতিক সংস্কৃতিৰ মাধ্যমত ৰাজনৈতিক ব্যৱস্থাৰ অনুধাবন কৰিব পাৰি ৷ 

উত্তৰঃ স্থিতিশীলতা বা পৰিবৰ্তনৰ।



ৰচনাধর্মী প্রশ্ন  ঃ ( প্ৰতিটো প্ৰশ্নৰ বাবে ৮ নম্বৰকৈ ) 

Q. 1 | ৰাজনৈতিক সংস্কৃতিৰ প্ৰধান ভিত্তিসমূহ বর্ণনা কৰা ৷ (Discuss the foundation of political culture)

Or

ৰাজনৈতিক সংস্কৃতিৰ বিকাশৰ বাবে দায়ী প্রধান উপাদানবোৰ ব্যাখ্যা । (Explain the factors that are responsible for the growth of political culture)

উত্তৰঃ যিকোনো এখন দেশৰ ৰাজনৈতিক সংস্কৃতি গঢ়ি উঠাৰ ক্ষেত্ৰত বিভিন্ন উপাদানৰ ভূমিকা থাকে । অর্থাৎ বিভিন্ন উপাদানৰ ভিত্তিতহে ৰাজনৈতিক সংস্কৃতি গঢ়ি উঠে । ৰাজনৈতিক সংস্কৃতি সমজাতীয়ই হওক বা মিশ্র প্রকৃতিৰেই হওক, বিভিন্ন উপাদানৰ ওপৰত ভিত্তি কৰিহে সেইবোৰ গঢ়ি উঠে । ৰাজনৈতিক সংস্কৃতিৰ আধাৰ বা ভিত্তিৰ এই উপাদানবোৰক ৰাজনৈতিক সংস্কৃতিৰ নিৰ্দ্ধাৰক বুলি কোৱা হয় । নিৰ্দ্ধাবক উপাদান হিচাপে যিবোৰ উল্লেখযোগ্য সেইবোৰ হ'ল— ঐতিহাসিক বিকাশ, ঔপনিৱেশিক শাসন, ভৌগলিক অৱস্থান , জাতিগত বিভিন্নতা, ধর্ম, আর্থ - সামাজিক গঠন, ৰাজনৈতিক মতাদৰ্শ, শ্রেণী সংগঠনৰ প্ৰভাৱ ইত্যাদি ।

এই উপাদানবোৰ তলত আলোচনা কৰা হ'ল—

( i ) ঐতিহাসিক বিকাশ : ৰাজনৈতিক সংস্কৃতি বিকাশৰ এক প্ৰধান উপাদান হ’ল— ইতিহাস । ৰাজনৈতিক সংস্কৃতি হৈছে ৰাজনৈতিক ব্যৱস্থা আৰু এই ব্যৱস্থাটোৰ ব্যক্তিগত সদস্যসকলৰ কাৰ্যাৱলীৰ ইতিহাসৰ সংমিশ্ৰণত উৎপন্ন হোৱা বিষয় । ৰাজনৈতিক ব্যৱস্থাটোৰ সমৰূপতা ৰক্ষা কৰা বা নকৰাৰ ওপৰত ভিত্তি কৰি ৰাজনৈতিক সংস্কৃতিৰ গাঠনিটো প্ৰতিষ্ঠা কৰিব পাৰি । উদাহৰণস্বৰূপে আমি গ্রেটব্ৰিটেইনৰ কথা ক'ব পাৰোঁ য'ত বহু বছৰ মানুহে ৰাজতন্ত্রক সমৰ্থন কৰিছিল কিন্তু ১৬৮৮ চনৰ গৌৰৱময় বিপ্লৱৰ পিছৰ পৰা ক্ষমতাৰ মুখ্য কেন্দ্ৰ হিচাপে বিধানমণ্ডলক বাচি লৈছিল আৰু সমৰ্থন কৰিছিল । ঠিক তেনেদৰে ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসে প্ৰমাণ কৰিছে যে ভাৰতবৰ্ষৰ মানুহে উপনিবেশীকতাবাদ বিৰোধী সংগ্ৰামৰ জৰিয়তে এক গণতান্ত্ৰিক ৰাজনৈতিক এক গণতান্ত্ৰিক ৰাজনৈতিক সংস্কৃতিৰ বিকাশ সাধন কৰিছে ।

গতিকে দেখা যায় যে ৰাষ্ট্ৰব্যৱস্থাবিলাকত ৰাজনৈতিক সংস্কৃতি গঢ়ি উঠিছিল সিহতৰ ওপৰত আৰোপিত সুদীর্ঘকালৰ উপনিবেশিক শাসনৰ প্ৰতি সিহতে যি মানসিক প্রতিক্ৰিয়া কৰিছিল তাৰ ফলশ্রুতি হিচাপেই ।

( ii ) ভৌগলিক অৱস্থিতি : ভৌগলিক অৱস্থিতিও ৰাজনৈতিক সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ উপাদান । ব্ৰিটেইনৰ দ্বীপবেষ্টিত ভৌগলিক অৱস্থিতিয়েই দেশখনক বৈদেশিক আক্ৰমণৰ হাতৰ পৰা ৰক্ষা কৰিছে । ফলত ইয়াৰ ৰাজনৈতিক সংস্কৃতিত বাহিৰা আক্ৰমণ সম্পর্কে কোনো ভীতিৰ উপস্থিতি লক্ষ্য কৰা নাযায় । আনহাতে ভাৰতবৰ্ষৰ ভৌগলিক অৱস্থানে ওচৰ - চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা প্ৰব্ৰজক ভাৰতবৰ্ষৰ চাৰিসীমাত সোমোৱা ৰাস্তা মুকলি কৰিছে । এই প্ৰব্ৰজনৰ ফলত ভাৰতবৰ্ষত জাতিগত বিভিন্নতা দেখা গৈছে । এই বিভিন্নতাই দেশখনৰ জাতীয় ঐক্যতা ৰক্ষাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে । প্ৰসংগক্ৰমে নাগালেণ্ড আৰু মিজোৰামৰ বিদ্ৰোহী সংগঠনৰ দ্বাৰা হোৱা বিচ্ছিন্নতাবাদী আন্দোলনৰ কথা ক'ব পাৰি ।


( iii ) জাতিগত বৈষম্য : জাতিগত বৈষম্যই দেশ এখনৰ ৰাজনৈতিক সংস্কৃতি গঢ় দিয়াত ইন্ধন যোগায় । যদি ৰাষ্ট্ৰবিলাকত জাতিগত বৈষম্য নাথাকে তেন্তে দেশখনত এক শ্ৰেণীৰ ৰাজনৈতিক সংস্কৃতিয়ে প্রাধান্য লাভ কৰে । আনহাতে যদি ৰাষ্ট্ৰবিলাকত জাতিগত ঐক্য নাথাকে তেন্তে ভিন ভিন ৰাজনৈতিক সংস্কৃতিয়ে গঢ় লৈ উঠে । উদাহৰণস্বৰূপে, আফ্ৰিকাৰ দেশবিলাকৰ জাতিগত বৈষম্য থকাৰ ফলত ইয়াৰ প্ৰায়বিলাক দেশৰে ৰাজনৈতিক সংস্কৃতিৰ মাজত সামঞ্জস্য নাই । দেশবিলাকৰ মাজত থকা জাতিগত, বৈষম্য পাৰি পাৰস্পৰিক বুজাবুজি আৰু সহিষ্ণুতাৰে আঁতৰ কৰি একে ৰাজনৈতিক সংস্কৃতি বিকাশৰ পথ সুগম কৰিব পাৰি ।

( iv ) আর্থসামাজিক গাঁথনি : ৰাষ্ট্ৰব্যৱস্থাৰ ৰাজনৈতিক সংস্কৃতি তাৰ নিজৰ আৰ্থ - সামাজিক উন্নয়নৰ গতি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে । এই কাৰণেই উন্নয়নশীল ৰাষ্ট্ৰব্যৱস্থা আৰু উন্নত ৰাষ্ট্ৰ ব্যৱস্থাবিলাকৰ ৰাজনৈতিক সংস্কৃতি সমজাতীয় নহয় । উন্নত ৰাষ্ট্ৰব্যৱস্থাত ৰাজনৈতিক প্ৰক্ৰিয়াত মানুহৰ অংশগ্ৰহণৰ মাত্ৰা ব্যাপক আৰু ‘গোষ্ঠী ৰাজনীতিৰ’ প্ৰভাৱ যথেষ্ট প্ৰৱল । কিন্তু অনুন্নত ৰাষ্ট্ৰবিলাকত ৰাজনৈতিক প্রক্রিয়াত অংশ গ্ৰহণৰ মাত্ৰাও উল্লেখযোগ্য নহয় আৰু পৰিৱৰ্তন সাধনৰ কোনো প্ৰৱণতাও ইয়াত দেখা নাযায় ।

ইয়াৰ উপৰিও ৰাষ্ট্ৰব্যৱস্থাৰ শ্ৰেণী চৰিত্ৰ , উপগোষ্ঠীৰ কাৰ্যকলাপ ; ৰাজনৈতিক মতাদর্শ প্রভৃতি বিষয়ো ৰাজনৈতিক সংস্কৃতিৰ অন্যান্য উল্লেখযোগ্য উপাদান ।

Q. 2 | ৰাজনৈতিক সংস্কৃতি বুলিলে কি বুজা? এখন সমাজৰ পৰা আন এখন সমাজলৈ ৰাজনৈতিক সংস্কৃতিৰ পাৰ্থক্য পৰিলক্ষিত হোৱাৰ প্ৰধান কাৰণবোৰ কি কি ? (Waht is Political Culture ? What are the major reasons for variation of Political Culture from one society to another?)


উত্তৰঃ প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতি সংশ্লিষ্ট ব্যৱস্থাৰ সদস্যসকলৰ এক ধৰণৰ মনোভাৱ, মূল্যবোধ, বিশ্বাস, দৃষ্টিভংগী বা প্ৰৱণতাৰ অস্তিত্ব পৰিলক্ষিত হয় । প্ৰচলিত ৰাজনৈতিক ব্যৱস্থা সম্পর্কে জনসাধাৰণৰ এই সমগ্ৰ আৱেগ অনুভূতিৰ সমন্বয়কে ৰাজনৈতিক সংস্কৃতি হিচাপে আখ্যা দিয়া হয় ৷

অধ্যাপক মুখোপাধ্যায়ে তেওঁৰ Political Sociology নামৰ গ্ৰন্থত কৈছে যে— “Political culture is composed of attitudes and orientations which people in a given society develop toward objects with in their Political system."

  • আলমণ্ডে মন্তব্য কৰিছে যে— “ৰাজনীতিৰ মনস্তাত্বিক আৰু ব্যক্তিগত মাত্ৰাবোধৰ এক সমন্বিত অভিব্যক্তি হ'ল ৰাজনৈতিক সংস্কৃতি ।”
  • ৰাজনৈতিক সংস্কৃতি হ'ল— ৰাষ্ট্ৰব্যৱস্থাৰ স্থিতিশীলতা বজাই ৰখাৰ এটা অন্যতম গুৰুত্বপূর্ণ উপাদান । 
  • ৰাজনৈতিক সংস্কৃতিৰ এখন সমাজৰ পৰা আন এখন সমাজলৈ পাৰ্থক্য পৰিলক্ষিত হয় । ইয়াৰ আৰত বহুতো কাৰণ আছে । 

সেইবোৰ হ'ল—

( i ) ৰাজনৈতিক সংস্কৃতিৰ পাৰ্থক্য সাধাৰণতে নিৰ্ভৰ কৰে ৰাজনৈতিক প্ৰক্ৰিয়াত সক্রিয় অংশগ্ৰহণ কৰে তেতিয়া তাক সক্ৰিয় ৰাজনৈতিক সংস্কৃতি বোলা হয় । আনহাতে, যদি ৰাজনৈতিক প্ৰক্ৰিয়াত ব্যক্তিৰ অংশগ্রহণ নিস্ক্রিয় হয় তেতিয়া তাক নিস্ক্ৰিয় ৰাজনৈতিক সংস্কৃতি বোলে । সেয়েহে ক'ব পাৰি যে ৰাজনৈতিক কাৰ্যত মানুহৰ ভূমিকা আৰু দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰি এখন সমাজৰ পৰা আন এখন সমাজৰ ৰাজনৈতিক সংস্কৃতিৰ বিভিন্নতা পৰিলক্ষিত হয় ।

( ii ) ৰাজনৈতিক কাৰ্যকলাপৰ প্ৰতি মানুহৰ দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰি ৰাজনৈতিক সংস্কৃতিৰ বিভিন্নতা পৰিলক্ষিত হয় । প্রত্যেক ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতি থকা মানুহৰ দৃষ্টিভংগীবোৰ সমান নহয় । ই এখন সমাজৰ পৰা আন এখন সমাজত ভিন্ন হয় । গেব্রিয়েল আলমণ্ডে বিষয় আৰু অংশগ্ৰহণকাৰীৰ ওপৰত ভিত্তি কৰি ৰাজনৈতিক সংস্কৃতিৰ শ্ৰেণীবিভাজন কৰিছে । ৰাজনৈতিক সংস্কৃতিৰ বিভিন্নতাৰ ক্ষেত্ৰত মানুহৰ দৃষ্টিভংগীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

( iii ) এছ. ই. ফাইনাৰৰ মতে ৰাজনীতিৰ প্ৰতি মানুহৰ আচৰণ, শৈলী আদিয়ে ৰাজনৈতিক সংস্কৃতিৰ বিভিন্নতাৰ ক্ষেত্ৰত বৰঙণি যোগায় । এইবিলাক দিশৰ ওপৰত ভিত্তি কৰি ফাইনাৰে ৰাজনৈতিক সংস্কৃতিক তিনিটা ভাগত ভাগ কৰিছে । সেইভাগ তিনিটা হ'ল— পৰিপক্ক ৰাজনৈতিক সংস্কৃতি, বিকশিত ৰাজনৈতিক সংস্কৃতি, নিম্ন মানৰ ৰাজনৈতিক সংস্কৃতি ।


( iv ) ঐতিহাসিক বিকাশ  ঃ ৰাজনৈতিক সংস্কৃতিৰ বিভিন্নতা ৰূপায়ণ কৰা এটা প্ৰধান উপাদান হৈছে দেশখনৰ ইতিহাস আৰু ঐতিহাসিক বিকাশ । ৰাজনৈতিক সংস্কৃতি হৈছে ৰাজনৈতিক ব্যৱস্থা আৰু সেই ব্যৱস্থাটোৰ ব্যক্তিগত সদস্যসকলৰ কাৰ্যাৱলীৰ ইতিহাসৰ সংমিশ্ৰণত উৎপন্ন হোৱা বিষয় । ঐতিহাসিক উপাদান হিচাপে আমি গ্রেট ব্ৰিটেইনৰ ৰাজনৈতিক ব্যৱস্থাৰ ইতিহাসৰ কথা ক'ব পাৰোঁ । য'ত বহু বছৰ ধৰি মানুহে ৰাজতন্ত্ৰক সমৰ্থন কৰিছিল কিন্তু ১৬৮৮ চনৰ গৌৰৱময় বিপ্লৱৰ পিছৰ পৰা ক্ষমতাৰ মুখ্য কেন্দ্ৰ হিচাপে বিধানমণ্ডলক বাচি লৈছিল আৰু সমৰ্থন কৰিছিল । ঠিক তেনেদৰে ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসে প্রমাণ কৰিছে যে ভাৰতবৰ্ষৰ মানুহে সাম্ৰাজ্যবাদ বিৰোধী সংগ্ৰামৰ জৰিয়তে এক গণতান্ত্ৰিক ৰাজনৈতিক সংস্কৃতিৰ বিকাশ সাধন কৰিছে । 

( v ) ভৌগলিক অৱস্থিতি : দেশ এখনৰ ভৌগলিক অৱস্থিতিও ৰাজনৈতিক সংস্কৃতিৰ এটা প্ৰধান উপাদান । ব্ৰিটেইনৰ দ্বীপবেষ্টিত ভৌগলিক অৱস্থিতিয়ে দেশখনক বৈদেশিক আক্ৰমণৰ হাতৰ পৰা ৰক্ষা কৰিছে । ফলত ইয়াৰ ৰাজনৈতিক সংস্কৃতিত বাহিৰা আক্ৰমণ সম্পর্কে কোনো ভীতিৰ উপস্থিতি লক্ষ্য কৰা নাযায় । আনহাতে ভাৰতবৰ্ষৰ ভৌগলিক অৱস্থানে ওচৰ - চুবুৰীয়া ৰাষ্ট্ৰৰ প্ৰব্ৰজকক ভাৰতবৰ্ষৰ চাৰিসীমাত সোমোৱাৰ ৰাস্তা মুকলি কৰিছে ।

Q. 3 | নব্য আনুষ্ঠানিকতাবাদী দৃষ্টিভংগী বুলিলে কি বুজা ? তুলনামূলক ৰাজনীতিৰ নব্য আনুষ্ঠানিকতাবাদী দৃষ্টিভংগী সম্পর্কে আলোচনা কৰা । (What is new institutional Approach ? Discuss the new institutional approach of comparative politics)

উত্তৰঃ নব্য আনুষ্ঠানিকতাবাদী দৃষ্টিভংগী ৰাজনীতি বিজ্ঞান, অর্থনীতি, সাংগঠনিক আচৰণ, সমাজতত্ব আদি বিষয়ৰ অধ্যয়নৰ লগত জড়িত । নব্য আনুষ্ঠানিকতাবাদী দৃষ্টিভংগী আমেৰিকা যুক্তৰাষ্ট্ৰত বিশেষভাৱে প্ৰচলিত । এইবিধ দৃষ্টিভংগীয়ে অন্বেষণ কৰে যে আনুষ্ঠানিক গাঁথনি, নিয়ম - প্রণালী, সংস্কৃতিয়ে ৰাজনৈতিক অনুষ্ঠান এটাৰ অংশ হিচাপে ব্যক্তিৰ পচন্দ আৰু কাৰ্যকলাপৰ ওপৰত নিৰ্ভৰ কৰে । এই দৃষ্টিভংগী ১৯৮০ চনৰ সময়ছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনীতিত জনপ্ৰিয় হৈ পৰিছিল । নব্য আনুষ্ঠানিকতাবাদে পৰম্পৰাগতবাদী পণ্ডিতসকলৰ আনুষ্ঠানিক অনুষ্ঠানৰ নিয়ম - নীতি আৰু গাঁথনিৰ অধ্যয়নৰ লগত আচৰণবাদী পণ্ডিতসকলৰ ব্যক্তিৰ কাৰ্যকলাপৰ অধ্যয়নক সংমিশ্ৰণ কৰিছে ।

      ১৯৭৭ চনত জন মেয়েৰ নামৰ এজন সমাজতত্ববিদৰ কাৰ্যৰ জৰিয়তে নব্য আনুষ্ঠানিকবাদী দৃষ্টিভংগীৰ উৎপত্তি হৈছিল । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক বিজ্ঞানী জেম্‌ছ জি. মার্চক ও নব্য আনুষ্ঠানিকতাবাদী দৃষ্টিভংগীৰ আন এজন উল্লেখযোগ্য পৃষ্ঠপোষক বুলিব পাৰি ।

      অনুষ্ঠানৰ অধ্যয়ন আৰু অনুষ্ঠানবিলাকৰ মাজত থকা আন্তঃসম্পর্কই বহুত বছৰ ধৰি শৈক্ষিক গৱেষণাত দৃষ্টি আকৰ্ষণ কৰিছে । ১৯ শতিকা আৰু কুৰি শতিকাৰ শেষৰফালে সমাজতত্ত্ববিদসকলে নব্য আনুষ্ঠানিকতাবাদী দৃষ্টিভংগীক প্রণালীবদ্ধ কৰে । উদাহৰণস্বৰূপে আমি মেক্সৱেবাৰৰ কথা ক'ব পাৰোঁ । জার্মাণ সমাজতত্ত্ববিদে মেক্স ৱেৱাৰে সমাজৰ সাংগঠনিক গাঁঠনিৰ ওপৰত গুৰুত্ব দিছিল আৰু আনুষ্ঠানিকীকৰণক সাংগঠনিক আমোলাতন্ত্ৰৰ হাতোৰাত আৱদ্ধ কৰিছিল । ১৯৫৫ চনলৈকে ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাজনৈতিক অনুষ্ঠানবোৰৰ অধ্যয়নে ৰাজনীতি বিজ্ঞানক দমণ কৰি ৰাখিছিল । পৰম্পৰাগত বা পুৰণি আনুষ্ঠানিকতাবাদে চৰকাৰ আৰু ৰাষ্ট্ৰৰ তুলনামূলক দিশত আনুষ্ঠানিক সংগঠনৰ বিশ্লেষণৰ ওপৰত গুৰুত্ব দিছিল । ইয়াৰ পিছত আচৰণবাদী বিপ্লৱ সংঘটিত হৈছিল যিয়ে সাকাৰাত্মকবাদ, যৌক্তিক পচন্দৰ তত্ত্ব, আচৰণবাদ আদি বিষয়ত এক নতুন দৃষ্টিভংগীৰ উদ্ভৱ ঘটাইছিল । আচৰণবাদী দৃষ্টিভংগীৰ এক প্ৰতিক্ৰিয়াই হ'ল নব্য আনুষ্ঠানিকতাবাদ । 

      ‎১৯৭৭ চনৰ ষ্টানফোর্ড বিশ্ববিদ্যালয়ৰ লিখক জন মেয়েৰৰ প্রকাশিত পেপাৰ এখনত আনুষ্ঠানিকতাবাদে গুৰুত্ব লাভ পাইছিল ।

      ‎কেথলিন থিলেন নামক এজন ৰাজনীতি বিজ্ঞানীয়ে “নব্য আনুষ্ঠানিকতাবাদ” ৰ লগত “পৌৰাণিক আনুষ্ঠানিকতাবাদ” ৰ তুলনা কৰিছিল য'ত এইটো স্পষ্ট হৈছিল যে পৌৰাণিক আনুষ্ঠানিকবাদত অনুষ্ঠানবোৰ থূলমুলকৈ অধ্যয়ন কৰা হয় আৰু তুলনামূলক বিশ্লেষণৰ ওপৰত কম গুৰুত্ব দিয়া হয় । সেয়ে লাহে লাহে নব্য আনুষ্ঠানিকতাবাদৰ গুৰুত্ব বৃদ্ধি পাবলৈ ধৰিলে ।

নব্য আনুষ্ঠানিকতাবাদৰ প্ৰধান অংশবোৰ হ'ল —

( i ) আদর্শবাদী আনুষ্ঠানিকতাবাদ : আদর্শবাদী আনুষ্ঠানিকতাবাদৰ মতে মূল্যবোধ, সময়সূচী আৰু প্ৰতীকে অনুষ্ঠানবোৰ বৰ্ণনা কৰে । সমাজতাত্ত্বিক সাংগঠনিক তত্ত্বৰ লগত আদর্শবাদী আনুষ্ঠানিকতাবাদৰ সম্পৰ্ক থকাৰ বাবে কিছুমান পণ্ডিতে ইয়াক সমাজতাত্ত্বিক আনুষ্ঠানিকতাবাদো বোলে । আদর্শবাদী দৃষ্টিভংগীত মূল্যবোধৰ গুৰুত্বই এই কথা নিৰ্দেশ কৰে যে এই অনুষ্ঠানবোৰৰ নীতি বাচনি আৰু নীতি গঠনত মূল্যবোধৰ গুৰুত্ব আছে ।

( ii ) ঐতিহাসিক আনুষ্ঠানিকতাবাদ : আনুষ্ঠানিকতাবাদৰ এইটো ভাগে ইতিহাসৰ গুৰুত্ব স্বীকাৰ কৰে । ঐতিহাসিক আনুষ্ঠানিকতাবাদৰ মতে এসময়ত গঠন কৰা নীতিবোৰ অপৰিৱৰ্তনীয় হৈ থাকে, যদি তাত কোনো শক্তিশালী হেঁচা নাথাকে ।

( iii ) যৌক্তিক বাচনিৰ আনুষ্ঠানিকতাবাদ  ঃ যৌক্তিক আনুষ্ঠানিকতাবাদে ধাৰণা কৰে যে ব্যক্তিৰ সিদ্ধান্তবোৰ যৌক্তিক দিশৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে । এই দৃষ্টিভংগীৰ ওপৰত ভিত্তি কৰি ব্যক্তিসকলে নিজৰ লক্ষ্যত উপনীত - হয় । যৌক্তিক আনুষ্ঠানিকতাবাদীসকলে বিশ্বাস কৰে যে অনুষ্ঠানবোৰৰ পৰিৱৰ্তন সাধন কৰিবলৈ সহজ । 

( iv ) নাৰীবাদী আনুষ্ঠানিকতাবাদ  ঃ আনুষ্ঠানিকতাবাদী দৃষ্টিভংগীবোৰৰ ভিতৰত নাৰীবাদী আনুষ্ঠানিকতাবাদ হৈছে এক নতুন ভাগ । নাৰীবাদী আনুষ্ঠানিকতাবাদ অনুসৰি আনুষ্ঠানিকতাবাদৰ লিংগ বিষয়টোৰ গুৰুত্ব আছে । অনুষ্ঠানবোৰৰ গঠনত লিংগ ক্ষমতাৰ প্রয়োজনীয়তাৰ কথা স্বীকাৰ কৰা হয় ।






Tags :

  • BA 4th Semester  তুলনামূলক ৰাজনীতি অধ্যয়নৰ দৃষ্টিভংগী (Approaches to Studying Comparative Politics) Chapter — 1  Pol Science Solutions
  • Ba 4th sem political science notes assamese pdf free