Follow Us:

বৰগীত | Class 10 Assamese Question Answer Chapter 1 | Class 10 Assamese বৰগীত Question Answer | বৰগীত class 10 question answer

LearningPointAssam.com

Class 10 Assamese Question Answer Chapter 1 বৰগীত | Class 10 Assamese বৰগীত Question Answer, বৰগীত Class 10 Assamese Question Answer: Dear Students, বৰগীত Assamese Class X SEBA (Secondary Education Board of Assam) You are looking for Assam Board Class 10 Assamese বৰগীত Question Answer Seba (পাঠ -১ বৰগীত দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ) বৰগীত class 10 question answer Chapter Wise can get them from here. SEBA Class 10 Assamese Chapter 1 বৰগীত You can prepare ahead of the board exams by taking help from these seba class 10 assamese বৰগীত notes solutions can be of great value to excel in the examination.

Class 10 Assamese Question Answer Chapter 1

Class 10 Assamese Chapter 1 বৰগীত, Seba Class 10 Assamese পাঠ – 1 বৰগীত – সমাধান Notes & Guide to each Unit are provided in the list of অসমীয়া class 10 question answer SEBA Syllabus. বৰগীত class 10 short questions, বৰগীত মূলভাব class 10, বৰগীত class 10 question answer Answer you can easily browse throughout chapter-wise Class 10 Assamese Question Answer Chapter 1 বৰগীত.

Class 10 Assamese বৰগীত Question Answer

Here we have updated the complete details of SEBA Class 10 Assamese Book বৰগীত Question Answer.  Class 10 Assamese বৰগীত Question Answer Guide, SEBA HSLC Text Book অসমীয়া class 10 question answer, Chapter Wise বৰগীত class 10 question answer is given here which ensures smooth and easy understanding of all the concepts. বৰগীত Class 10 Assamese Question Answer Chapter 1 Understand the concepts behind each unit and score well in board exams.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 1 

বৰগীত — ALL Important Question & Answers

অসমীয়া class 10 question answer


CONTENTS 

বৰগীত
(অসমীয়া class 10 question answer)
 Question and Answer key






প্ৰশ্নাৱলীঃ

Class 10 Assamese Question Answer Chapter 1 বৰগীত

পাঠভিত্তিক প্রশ্নোত্তৰঃ

Q. 1 | তলৰ প্রশ্নসমূহৰ চমুকৈ উত্তৰ দিয়াঃ

(ক) ''......নেৰিবা বান্ধৱ মোক জীৱনে মৰণে  ।''
             কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে  কাক অনুৰোধ কৰিছে?

উত্তৰঃ কবিয়ে হৰিক অৰ্থাৎ ভগৱানক জীৱনে মৰণে নেৰিবৰ কাৰণে অনুৰোধ কৰিছে।

(খ) ''......সনক সনন্দ যোগী  যাহাকু  ধিয়ায়   ।'' 
          সনক,  সনন্দ  আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে ।    

উত্তৰঃ  সনক , সনন্দ আদি যোগীসকলে হৰি অথণ্য়   ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে।

(গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে?

উত্তৰঃ কবি সাংসাৰিক দুখ, বিষয় বাসনাত আতুৰ হোৱা বুলি  কৈছে।

(ঘ) বৰগীতটি কোনে ৰচনা কৰা?

উত্তৰঃ বৰগীতটি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা ।

(ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে  ?

উত্তৰঃ বৰগীতটি বসন্ত ৰাগত বন্ধা আছে।

(চ) কবিয়ে 'বান্ধৱ' বুলি কাক সম্বোধন কৰিছে।


উত্তৰঃ কবিয়ে হৰিক 'বান্ধৱ' বুলি সম্বোধন কৰিছে।

(ছ) 'মোহ-পাশ" মানে কি?

উত্তৰঃ 'মোহ-পাশ" মানে মায়াৰ বান্ধোন অৰ্থাৎ  আকাংক্ষা, জাগতিক লোভ আদি মায়াজালৰ বন্ধন। 


Q. 2 | বৰগীতৰ মূলভাৱ লিখা।

উত্তৰঃ হৰিয়েই ভকতৰ জীৱনৰ সবস্ব, তেঁৱেই সকলোৰে পৰম বান্ধৱ। তেঁওৰ অভয় চৰণত শৰণেৰে সংসাৰ নিকাৰৰ পৰা মুক্তিদানৰ কাকুতি কবিতাটোৰ মুলভাৱ।

        কবি সংসাৰিক মুখৰ থলীৎ এই সংসাৰৰ সকলো যন্ত্ৰণাৰ উৎস । সাংসাৰিক মায়াই জীৱক বিষয় মুখত নিমগ্ন কৰে আৰু জীৱ নানা পাপৰ্কমৎ ৰত হয়। আৰু জীৱন এনেদৰে হৈ পৰে যন্ত্ৰণাদায়ক। মৃত্যু পযন্ত জীৱই ভোগ কৰে সংসাৰৰ যন্ত্ৰণা। দূখ যন্ত্ৰণাত জীৱই যি কোনো এটা সময়ত জীৱনৰ ক্ষণস্থায়িত্ব উপলব্ধি কৰে। আৰু তাৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি হাহাকাৰ কৰি ঘূৰে। আত্মপোলব্ধিৰে বুজি উঠে যে এই সংসাৰৰ যন্ত্ৰণাৰ পৰা মুক্তিৰ পথ দেখুৱাব পাৰে কেৱল শ্ৰী হৰিয়ে। কবিৰ ক্ষেত্ৰতো  এই একেটা কথাই প্ৰযোজ্য।

          হৰিৰ মহিমা অপাৰ। সনক, সনন্দ সিদ্ধ মহামুনিগণেও হৰিৰ মহিমা বুজিবৰ বাবে গভীৰ ধ্যানত নিমগ্ন হৈছিল। তেওঁৰ প্ৰকৃত মহিমা কৈ ওৰ পেলাব নোৱাৰিলে নিগম শাস্ত্ৰসমূহেও। যি অনন্ত নাগ হৰিৰ বিশ্ৰামস্থলী সেই নাগৰ সহস্ৰ মুখেত তেওঁৰ মহিমা বণনা কৰি শেষ কৰিব নোৱাৰে। জ্ঞানীলেোক সকলে চলাথ কৰিও বিচাৰি নোপোৱা শ্ৰী হৰিৰ ওচৰ পেটো অসাধ্য কাম। বিষয় বিকলত আতুৰ হৈ কই পোৱা মানুহেও আনকি তেওঁৰ চৰণকমলত আশ্ৰয় লৈ সেই কণ্ঠৰ পৰা মুক্তি লাভ কৰে। হৰিৰ চৰণযুগল হল পৰম ধন আৰু ভকতৰ বাবে হৰিয়েই হল জীৱন স্বৰূপ। হৰিৰ কৃপা লাভ কৰিব পাৰিলে এই সংসাৰৰ মানুহে মোহ পাশৰ পৰা মুক্তি লাভ কৰিব পাৰে।

             মহাপুৰুষজনাৰ দাস্যভক্তি কবিতাটোত হৰিৰ মহিমাৰ বিষয়ে সুন্দৰভাৱে ফুটি উঠিছে।

Q. 3 | বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া ।

উত্তৰঃ বৰগীতটিৰ কবিগৰাকী হ'ল – শ্ৰী শ্ৰী মাধৱদেৱ । শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হয় লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৮৯ চনত । তেওঁৰ পিতৃ গাবিন্দগিৰী ভূঞা আৰু মাতৃ মনোৰমা শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুকৰণ কৰি বাৰাদি , গণককুছি , সুন্দৰীদিয়া , ভেলাডাংগা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল । এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ হ'ল – নামঘোষা ‘ । এ হেজাৰটা ঘোষা থকা বাবে এইখক " হেজাৰী ঘোষা " বুলিও কোৱা হয় ।

মাধৱদেৱৰ বৰগীতৰ সংখ্যা হ'লঃ - নকুৰি এঘাৰটা । মাধৱদেৱে নাটক , ঝুমুৰা আদি ৰচনা কৰিছিল । তেখেতৰ নাট দুখনৰ নাম হ'ল – অৰ্জুন ভঞ্জন , দধিমথন , জন্ম ৰহস্য , চোৰধৰা ইত্যাদি । তেখেতৰ আখ্যানমূলক ৰচনা – ৰাজসূয় কাব্য , আদি কাণ্ড ৰামায়ণ । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত বৈষ্ণৱ ধৰ্মক সাধৰণ মানুহৰ অধিক কাষ চপাই নিয়াৰ অৰ্থে তেওঁৰ ৰচনাৰাজিত ঘৰুৱা ভাৱ ভাষা ব্যৱহাৰ কৰি তাৰ জৰিয়তে জনসাধাৰণক বৈষ্ণৱ ধৰ্মৰ তত্ত্বসমূহ সহজে বুজি পোৱাত সহায় কৰিছিল ।



বৰগীত Class 10 Assamese Question Answer Chapter 1

Q. 4 | ব্যাখ্যা কৰাঃ Mark — 5

( ক ) সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা অধমে জানিবো কেনে তোমাৰ মহিমা ।

উত্তৰঃ উপৰোক্ত কথাফাকি আমাৰ পাঠ্য পুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত ' বৰগীত ' পাঠৰ পৰা তুলি দিয়া হৈছে । 

      বৰগীতটিত ভগৱনান শ্রী কৃষ্ণৰ অপাৰ মহিমাৰ কথা কোৱা হৈছে । কবিয়ে কৈছে ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অপাৰ, কৃষ্ণ হৈছে এই পৃথিৱীৰ চৰাচৰ গুৰু । সনক, সনন্দ মহাযোগীসকলেও যিজনক ধ্যান কৰে, সেয়া হৈছে জগতৰ ইশ্বৰ শ্ৰীকৃষ্ণ । সকলো নিগম শাস্ত্রইও ভগৱান শ্ৰী কৃষ্ণৰ কথা কৈ শেষ কৰিব নোৱাৰে হাজাৰ খন মুখেৰেও যাৰ নাম গুণানু কীৰ্তন কৰি শেষ কৰিব নোৱাৰে , সেইজনা পৰম পুৰুষৰ মহিমা কবিৰ দৰে অধমে কিদৰে জানিব আৰু সেয়ে বাবেই কবিয়ে ভগৱানৰ চৰনত শৰণ লৈছে । নিজৰ দাস্য ভক্তিৰ অৱতাৰণ কৰি কবিয়ে ভগৱান্তৰ সান্নিধ্য বিচাৰিছে ।

      ‎কবিজনৰ এই জীৱন সাধনাৰ পথকে অনুকৰণ কৰি আজিও অসমৰ প্ৰতিখন ঘৰে ঘৰে বাজি উঠে খোল - মুদাংগ আৰু তালৰ সুৰত ভগৱানৰ ভক্তিৰ প্ৰাৰ্থনা ।


( খ ) আতুৰ ভৈলোছো ছৰি বিষয় বিকলে । কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে ।

উত্তৰঃ উক্ত কথাফাকি আমাৰ পাঠ্য পুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত 'বৰগীত' পাঠৰ পৰা তুলি দিয়া হৈছে ।

       বৰগীত ফাঁকিত কবিয়ে ভগৱান শ্ৰীকৃষ্ণক সাংসাৰিক মায়া বান্ধোনৰ পৰা উদ্ধাৰ বিচাৰি প্ৰাৰ্থনা জনাইছে ।

       ‎সংসাৰৰ মায়া মোহৰ এনাজৰী ডাল অতি বিশাল । তাৰ পৰা পৰিত্ৰান পোৱাৰ একমাত্র পথ হৈছে ভগৱানৰ চৰনত শৰন লোৱা । সংসাৰৰ দুখ যন্ত্ৰনাই কবিক অতিষ্ঠ কৰি তুলিছে । সেয়ে তেঁও তাৰ পৰা পৰিত্ৰান বিচাৰি ভগৱান শ্ৰীকৃষ্ণৰ চৰনত কাকুতি মিনতি কৰিছে । পৰমেশ্বৰ শ্ৰী হৰিয়ে যেন তেঁওৰ ওপৰত কৃপা বৰ্ষণ কৰি ভগৱন্তৰ কমল সদৃশ শ্ৰীচৰনত স্থান দিয়ে ।

( গ )  তোমাৰ চৰন দুই মোৰ মহা ধন ।
     ভকত জনেৰ নিজ তুমিসে জীৱন । 

উত্তৰঃ উক্ত কথাফাঁকি আমাৰ পঠ্য়পুথিত অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰছিত বৰগীত নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।

        উক্ত পদফাঁকিৰ জৰিয়তে মহাপুৰুষজনাই কৈছে যে, ভগৱানৰ চৰণতে ভক্তসকলে প্ৰকৃত জীৱন আৰু ভক্তসকলৰ বাবে ভগৱানৰ চৰণ দুখনেই হ'ল অমূল্য সম্পদ।

        ‎কবিৰ মতে সংসাৰৰ মায়া মোহৰ পৰা মুক্ত হবলৈ   হ'লে ভগৱানৰ চৰনত শৰন লোৱাৰ  বাহিৰে   অন্য় কোনো উপাই নাই, সৰ্বব্য়াপ্তী   নিকাৰ ভগৱানেই জগতৰ সৃস্তিকৰ্তা পালনকৰ্তা তেওঁ  সকলোৰ  উৰ্দ্ধত, গতিকে হৰিৰ চৰনত শৰন লাভ কৰা মানে জগতৰ মূল্যৱান সম্পদ লাভ কৰাৰ সন্মান। ভক্তৰ বাবে ভগৱানেই পৰম আশ্ৰয়, সেইবাবে ভক্তৰ জীৱন ভগৱনতেই সমৰ্পিত । হৰিৰ চৰনেই হৈছে  প্ৰকৃত ভকতৰ মহাধন আৰু হৰিয়েই ভকতৰ জীৱনৰ সৰ্বস্ব ।


Q. 5 | ' সনক সনন্দ যাহাকু ধিয়ায়
      সকল নিগমে যাক বিচাৰি নাপায় ।'
      ‎—তাৎপর্য বিচাৰ কৰা ।

উত্তৰঃ প্রশ্নোক্ত বৰগীত ফাকিৰ জৰিয়তে মহাপৰুষ শ্ৰী শ্ৰী মাধৱদেৱে পৰম , অন্তহীন মহিমাৰ গৰাকী নেদেখাজনৰ গুনাণুকীৰ্তনত ব্যস্ত হৈ পৰিছে ।

           হৰি আৰু তেৰাৰ ভকতৰ মাজৰ সম্পৰ্ক দুগ্ধৰ ধৱলত্ব আৰু মূৰত্বৰ লেখীয়া ভকত্তৰ বাবে হৰিয়েই হল জীৱনৰ সাৰ সৰ্বস্ব । হৰিৰ মহিমা অপাৰ স্ৰজন পালন , সংহাৰ আদি তিনিও কালৰ গৰাকী হৰিৰ কৃপা আৰু কৰুনাই মানৱী জনমৰ একমাত্ৰ আশ্রয়স্থল । মহাযোগীসকলেও শ্ৰীকৃষ্ণৰ নামত জীৱনৰ সর্বোচ্চঅৰ্পন কৰা স্বত্বেও তেৰাৰ সানিধ্য পোৱা নাই । শাস্ত্ৰবোৰৰ ক্ষেত্ৰটো তদ্রূপ । নিগম শাস্ত্ৰটো হৰিৰ মহিমাৰ সীমা বিচাৰি পোৱা নাই ।

           ‎কৰ্মৰ বান্ধোনৰ বাবেই এই সংসাৰ । কিন্তু সংসাৰত ভোগধাৰী হিচাপে জন্ম লভি মায়া মোহ কাম ক্ৰোধ আদি ষড় ৰিপুৰ ঠেক গণ্ডীত আৱদ্ধ হৈ কোনো লাভ নাই , এই সংসাৰত ধন - জন , পুত্র পৰিবাৰ সকলো অস্থিৰ । জীৱনৰ শেষ সাৰথি মাথো হৰি । আমি স্বাৰ্থপৰ মানুহবোৰে মায়াজালত ঘুমুটিয়াই ফুৰি হৰিৰ অস্তিস্ত পাহৰি যাওঁ । কিন্তু যিজন হৰিৰ শত বদনেও আৰধনা কৰি পোৱা নাই । সেইজনা হৰিৰ এই সংসাৰত আমি অধম বোৰেনো কেনেকৈ মহিমা বুজি পাম । তথাপি কৃষ্ণই জগত নিয়ন্তা বুলি , তেওঁক নিস্পৃহ আৰু অচলা ভক্তি নিবেদন কৰিবলৈ কবি জনাই পৰামৰ্শ দিছে । গুৰু জনাৰ মতে হৰিৰ শ্ৰৱন কীৰ্তন , দাসত্ব আৰু আত্মাৰ নিবেদন যাৰ জীৱনৰ মূল মন্ত্ৰ , তেৰাৰ সাধনাই হৰিৰ লগত আন্তৰাত্মিক সংযোগ স্থাপন কৰি যিজনাৰ কৃপাদৃষ্টি লাভ কৰিবলৈ যত্নপৰ হয় । মুঠতে হৰিয়েই যে এই সংসাৰৰ অনাদি অনন্ত ভগৱন্ত তাক বুজোৱাৰ আৰতেই বৰগীত ফাকিৰ তাৎপৰ্য নিহিত হৈ আছে ।

Q. 6 | বৰগীতৰ চাৰিটা লক্ষনৰ বিষয়ে লিখা ?

উত্তৰঃ বৰগীতৰ চাৰিটা লক্ষনৰ হ'লঃ —

( i ) বৰগীত সমূহ শাস্ত্ৰীয় ৰাগ — তালযুক্ত গীত ।

( ii ) বৰগীতৰ ভাষা ব্ৰজাৱলী । 

( iii ) বৰগীতসমূগ ভক্তিমূলক তথা ইশ্বৰৰ মাহাত্ম্য প্রকাশক ।

( iv ) শংকৰ মাধৱে লিখা গীত সমূহক বৰগীত বোলা হয় ।

    —নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্য বৰগীৰ সমূহ ৰচনা কৰা হৈছিল ।

Q. 7 |  ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য সমূহ উল্লেখ কৰা ?

উত্তৰঃ ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য সমূহ হল – 

  • ১ ) ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথালী ভাষা । 
  • ২ ) ই এটা কৃত্রিম ভাষা । মধ্যযুগীয় বৈষ্ণৱ কবি সকলে এই ভাষাটো ব্যৱহাৰ কৰিছিল । 
  • ৩ ) ব্রজারলী ভাষাটো এহাতে শক্তিশালী আৰু স্বৰধ্বনিৰ অধিক প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ । 
  • ৪ ) ব্ৰজাৱলী ভাষা উৰিষ্যা বংগ আৰু থলুৱা ভাষাৰ মিশ্ৰনেৰে কিছু সুকীয়া স্থান গ্ৰহন কৰিছে । 
  • ৫ ) পশ্চিমা হিন্দীৰ তাপভ্রংশ ব্ৰজভাষাৰ লগত এই ভাষাৰ কোনো সম্পর্ক নাই ।



ভাষা বিষয়ক

Q. 1 | তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ

নপাৱন্ত , কেনে ভৈলােহাে , তুমিসে , জনেৰ , কহয় ।

উত্তৰঃ নপাৱস্ত – নোৱাৰে ।

কেনে – কেনেকৈ ।

ভৈলােহাে – হ’লো ।

তুমিসে – তুমিহে ।

জনেৰ – জনৰ ।

কহয় – কয় ।

Q. 2 | ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।

উত্তৰঃ ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য সমূহ হলঃ—

  • ক) ব্ৰজাৱলী ভাষাৰ মূল ভেটি হল মৈথিলী ভাষা।
  • খ) পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই।
  • গ) ব্ৰজাৱলী হল মধ্যযুগীয় বৈষ্ণৱ কবি সকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা।
  • ঘ) ব্ৰজাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰিও প্ৰচুৰ স্বৰধ্বনি প্ৰয়োগ হোৱা বাবে ই অতি শ্ৰুতিমধুৰ হৈ পৰিছে।
  • ঙ) এই ভাষাই উৰিষ্যা, বংগ আৰু অসমত থলুৱা ভাষাৰ মিশ্ৰণেৰে কিছু সুকীয়া স্থান গ্ৰহণ কৰিছে।



বৰগীত Class 10 Assamese Question Answer Chapter 1

অতিৰিক্ত প্ৰশ্নোত্তৰঃ Additional Questions—

তলৰ প্রশ্নসমূহৰ চমুকৈ উত্তৰ দিয়াঃ Mark — 1


Q. 1 | মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্ত কি?

উত্তৰঃ মাধবদেৱৰ বৰগীত সমূহৰ মূল বিষয়বস্তু শিশু কৃষ্ণৰ লীলা।

Q. 2 | মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ মাধবদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থ হল ভক্তি ৰত্নাৱলি।

Q. 3 | নামঘোষাৰ অন্য এটা নাম কি?

উত্তৰঃ নামঘোষাৰ অন্য এটা নাম হল হেজাৰী ঘোষা।

Q. 4 | বৰগীত বুলিলে কি বুজা?

উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত নির্দিষ্ট সংখ্যক গীতকে বৰগীত বুলি কোৱা হয়।

Q. 5 | বৰগীতটি কোনে ৰচনা কৰা?


উত্তৰঃ মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱে ৰচনা কৰা।

Q. 6 | মাদৱদেৱৰ নাটসমূহক সাধাৰণতে কি বুলি কোৱা হয়?

উত্তৰঃ মাধবদেৱৰ নাট সমূহক সাধাৰণতে ঝুমুৰা বুলি কোৱা হয়।

Q. 7 | মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান?

উত্তৰঃ মাধবদেৱৰ ৰচিত বৰগীতৰ সংখ্যা ১৫৭ টা।

Q. 8 | মাধৱদেৱৰ বিৰচিত কাব্য খনৰ নাম কি?

উত্তৰঃ ৰাজসূয় কাব্য।

Q. 9 | মাধৱদেৱ কোনজন গুৰুৰ প্ৰিয় শিষ্য আছিল?

উত্তৰঃ শংকৰদেৱৰ।

Q. 10 | `অৰ্জুন ভঞ্জন' নাটকখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ শ্ৰী শ্ৰী মাধৱদেৱে।

Q. 11 | বৰগীতটিত কবিয়ে কাৰ চৰণত শৰণ লব বিচাৰিছে?

উত্তৰঃ হৰিৰ চৰণত।


Q. 12 | “সনক সনন্দ যোগী যাহাকু ধিয়ায়।"
  - সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে?

উত্তৰঃ  হৰিক।

Q. 13 | কবি কিহত আতুৰ হোৱা বুলি কৈছে?

উত্তৰঃ কবিয়ে বিষয় বাসনাত কাতৰ হোৱা বুলি কৈছে।

Q. 14 | মোহপাশ মানে কি?

উত্তৰঃ সাংসাৰিক মায়াৰে আৱৰি থকাকে মোহপাশ বুলি কোৱা হয়।

Q. 15 | `ছোড়' শব্দৰ অৰ্থ কি?

উত্তৰঃ  ছিঙি দিয়া।

Q. 16 | মহাপুৰুষ মাধৱদেৱৰ জন্ম ক’ত, কেতিয়া হৈছিল?

উত্তৰঃ লক্ষীমপুৰ জিলাৰ নাৰায়নপুৰৰ লেটেকু পুখুৰীৰ ১৪৮৯ চনত হৈছিল।

Q. 17 | মাধৱদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল?

উত্তৰঃ পিতাৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাকৰ নাম আছিল মনোৰমা।

Q. 18 | মাকৰ দেৱৰ সাহিত্যৰ জীৱনৰ কীৰ্তিত্তম কি?

উত্তৰঃ নামঘোষা।

Q. 19 | মাধৱদেৱৰ তত্বমূলক ৰচনাৰাজি কি কি?

উত্তৰঃ জন্মৰ্হস্য, ভক্তিৰত্নাৱলী, নামমালিকা৷

Q. 20 | মহাপুৰুষ মাধৱদেৱ বিৰচিত একমাত্ৰ নাট খনিৰ নাম কি?

উত্তৰঃ অর্জন ভঞ্জন বা দধিমথন।

Q. 21 | পাঠ্যপুথিত অন্তর্গত বৰগীতটিত কি ভাব প্রকাশ পাইছে?

উত্তৰঃ মাধৱদেৱৰ দাস্য ভক্তিৰ উৎকৃষ্ট ভাৱ প্ৰকাশ পাইছে।

Q. 22 | ভৰুতৰ বাবে কি পৰম ধন?

উত্তৰঃ হৰিৰ চৰণ যুগল হ’ল ভক্তৰ বাবে পৰম ধন।

Q. 23 | ভকতৰ বাবে জীৱনস্বৰূপ কি?

উত্তৰঃ ভকতৰ বাবে হৰিয়েই হ’ল জীৱনস্বৰূপ৷

Q. 24 | ‘মোহ-পাশ’শব্দৰ অৰ্থ কি?

উত্তৰঃ মোহপাশ মানে হল মায়াৰ বান্ধোন।

Q. 25 | মহাপুৰুষ শংকৰদেৱে কিমান বৰগীত ৰচনা কৰিছিল?

উত্তৰঃ বাৰকুৰি গীত।

Q. 26 | শংকৰদেৱে ৰচনা কৰা কিমানটা বৰগীত এতিয়ালৈ পোৱা গৈছে।

উত্তৰঃ একুৰি চৈধ্যতা বা ৩৪ টা।

Q. 27 | মাধৱদেৱে মুঠ কিমানটা বৰগীত ৰচনা কৰা বুলি পণ্ডিত সকলে ঠাৱৰ কৰিছিল?

উত্তৰঃ ১৯১ টা বা নকুৰি এঘাৰটা।

Q. 28 | মাধৱদেৱৰ বৰগীত সমূহত ঘাইকৈ কৃষ্ণৰ কোনটো চৰিত্ৰ পৰিস্ফুট?

উত্তৰঃ শিশু কৃষ্ণৰ লীলা বিষয়টো পৰিস্ফুট।



বৰগীত Class 10 Assamese Question Answer Chapter 1

অতিৰিক্ত প্ৰশ্নোত্তৰঃ Additional Questions—

তলৰ প্রশ্নসমূহৰ চমুকৈ উত্তৰ দিয়াঃ Mark — 2

Q. 1 | বৰগীতৰ ৰচনা কোন?

উত্তৰঃ বৰগীতৰ ৰচনা হ'ল— মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱে।

Q. 2 | মাধৱদেৱাৰ পিতৃ-মাতৃৰ নাম কি আছিল?

উত্তৰঃ মাধবদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা ভুঞা।

Q. 3 | মাদৱদেৱৰ কেতিয়া আৰু ক'ত জন্ম হৈছিল?

উত্তৰঃ মাধবদেৱৰ ১৪৮৯ চনত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত জন্ম হৈছিল।

Q. 4 | মাধৱদেৱ ৰচিত ঝুমুৰা সমূহ উল্লেখ কৰা।

উত্তৰঃ চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি-লেটোৱা আৰু ভোজন বিহাৰ।

Q. 5 | বৰগীত সমূহ কেনেকুৱা ধৰণৰ?

উত্তৰঃ বৰগীতসমূহ উচ্চ মানবিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশ পূৰ্ণ, শাস্ত্ৰীয় ৰাগযুক্ত আৰু অধ্যাত্বক ভাৱ গধূৰ।

Q. 6 | বৰগীতৰ বিষয়বস্ত কি?

উত্তৰঃ বৰগীতৰ বিষয়বস্ত সাংসাৰিক কামনা - বাসনাযুক্ত বা শৃংগাৰ ভাববিশিষ্ট হব নোৱাৰে। ইয়াৰ বিষয়বস্ত শিশু শ্ৰী কৃষ্ণ বা বাল - গোপালৰ লীলা খেলা বিষয়ক আছিল।

Q. 7 | বৰগীত কাক বোলে?

উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত উচ্চ মানবিশিষ্ট সাৱলীল  ভাষাৰ স্তুতি মূলক তথা উপদেশপুৰ্ণ শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱ গধুৰ গীত সমূহকে বৰগীত বুলি কোৱা হয়।

Q. 8 | বৰগীতৰ যিকোনো দূটা লক্ষ্য লিখা?

উত্তৰঃ বৰগীতৰ দূটা লক্ষ্য —

(i) বৰগীত সমূহ শাস্ত্ৰীয় ৰাগ-তালযুক্ত গাঁত।

(ii) বৰগীতৰ ভাষা ব্ৰজাৱলী।

Q. 9 | মাধৱদেৱৰ বৰগীতসমূহৰ প্ৰধান বিষয়বস্তু কি?

উত্তৰঃ মাধবদেৱৰ বৰগীত সমূহৰ বিষয়বস্তু হল - বাল গোপালৰ লীলা খেলা। তেওঁৰ বৰগীত সমূহত শিশু কৃষ্ণৰ চৌৰা চাতুৰী সমূহ সুন্দৰকৈ বৰ্ণনা কৰাৰ লগতে যশোদাৰ চিৰন্তন মাতৃত্বৰ ছবিও সুন্দৰকৈ ফুটাই তোলা হৈছে। মাধবদেৱৰ বৰগীত সমূহত এফালে বাৎসল্য আৰু আনফালে দাসত্ব ভাৱ সুন্দৰকৈ প্ৰকাশ পাইছে।

Q. 10 | “নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।” –‘বান্ধৱ’ শব্দই কাক বুজাইছে? জীৱনে মৰণে নেৰিবৰ বাবে কোনে খাটনি ধৰিছে?

উত্তৰঃ উদ্ধৃত কবিতা দুশাৰীত ‘বান্ধৱ’ শব্দই শ্ৰীকৃষ্ণ মহাপ্রভুক বুজাইছে। শ্রীকৃষ্ণ ভগৱানক ভক্ত কবি শ্রীশ্ৰীমাধৱদেৱে কাতৰ খাটনি ধৰিছে যেন ভগৱানে তেওঁক জীৱনে মৰণে নেৰে। এই খাটনি বা প্রার্থনাৰে কবিয়ে ঈশ্বৰ ভক্তিৰ নিদৰ্শন দাঙি ধৰিছে।

Q. 11 | “কৃপাৰ সাগৰ কৃপা কৰা এক বাৰ।
কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ।।”
—’কৃপাৰ সাগৰ’ কোন? কবিয়ে কি কৃপা কৰিবলৈ কাতৰ কাকূতি কৰিছে?

উত্তৰঃ উল্লিখিত কবিতা দুশাৰীত ‘কৃপাৰ সাগৰ’ পদে ভগৱান শ্ৰীকৃষ্ণক বুজাইছে। ভক্ত কৰি মাধৱদেৱে ভগৱানৰ মহিমা বুজিব পৰা নাই। সংসাৰৰ বিষয়-বাসনাৰ মাজত তেওঁ দুখ-কষ্ট পীড়িত হৈ পৰিছে। সেই দুখ-কষ্টৰ পৰা উদ্ধাৰ কৰাৰ কৃপা কৰিবলৈ ভগৱানৰ চৰণত শৰণলৈ ভগৱানক কাতৰ কাকূতি কৰিছে।

Q. 12 | “কহয় মাধৱ হৰি দাসকু দাস।”
—ইয়াত ‘মাধৱ’ কোন? ‘দাসকু দাস’ পদে কাক বুজাইছে? 

উত্তৰঃ কবিতা দুশাৰীত উল্লেখ থকা ‘মাধৱ’ শব্দই ভক্ত কবি শ্রীশ্ৰীমাধৱদেৱক বুজাইছে। ‘দাসকু দাস’ পদেও ভক্ত কবি শ্রীশ্রীমাধ্যদেৱক নিৰ্দেশ কৰিছে। কবি শ্রীশ্রীমাধৱদেৱে নিজকে ভগৱানৰ দাসৰো দাস ৰূপে কল্পনা কৰি নিজৰ নম্ৰতা আৰু আত্মলঘিমা গুণৰ প্ৰকাশ কৰিছে।



বৰগীত Class 10 Assamese Question Answer Chapter 1

অতিৰিক্ত প্ৰশ্নোত্তৰঃ Additional Questions—

চমুটোকা লিখাঃ Mark — 5


Q. 1 | বৰগীত

উত্তৰঃ বৰগীত অসমীয়া সাহিত্যৰ এক অন্যতম অভিনব অৱদান। নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ভাৱধাৰাৰে যিবোৰ গীত ৰচনা কৰি থৈ গৈছে সেই গীত সমূহকে বৰগীত বুলি কোৱা হয়। বৰগীত সমূহ সত্ৰৰ চৈধ্য প্ৰসংগৰ অন্তৰ্গত। চৰিত পুথিত উল্লেখ কৰা অনুসৰি বৰগীত সমূহৰ প্ৰথম সৃষ্টি হয় খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ শেষ দশকৰ আৰম্ভণিতে বদৰিকাশ্ৰত ৰচিত ' মন মেৰি ৰাম চৰণহি লাগু' ( শংকৰদেৱ) এই বৰগীতটোক প্ৰথম বৰগীত বুলি জনা যায়। মহাপুৰুষ শংকৰদেৱে বাৰকুৰি বৰগীত আৰু মাধৱদেৱে নকুৰি এঘৰটা বৰগীত ৰচনা কৰিছিল। শংকৰদেৱৰ বৰগীত সমূহ শষ্য ভাৱেৰে শিক্ত আৰু মাধৱদেৱৰ বৰগীত সমূহত শ্ৰী কৃষ্ণৰ বাল্যকালৰ খেলা ধূলা, মান অভিমান, চল চাতুৰী আদিৰ মাজেৰে ভগৱানৰ ঐশ্বৰিক মাহাত্ম্য প্ৰকাশ পাইছে।

Q. 2 | ভটিমা

 উত্তৰঃ 'ভাট' নামৰ একশ্ৰেণীৰ ভ্ৰাম্যমাণ গায়কে গোৱা গাম্ভীৰ্য্যসূচক প্ৰশস্তি গীতবোৰেই হৈছে ভটিমা। শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে তিনি প্ৰকাৰৰ ভটিমা ৰচনা কৰিছিল - নাট ভটিমা, দেৱ ভটিমা, আৰু ৰাজ ভটিমা। নাটৰ আৰম্ভণি আৰু শেষত গোৱা ভটিমাই নাট ভটিমা। দেৱ ভটিমা ত দেৱতাৰ প্ৰশস্তি আৰু ৰাজ ভটিমাত ৰজাৰ গুণ গৰিমা বৰ্ণনা কৰা হয়। এই তিনি শ্ৰেণীৰ লগতে মাধবদেৱে আৰু একশ্ৰেণীৰ ভটিমা ৰচনা কৰিছিল, সেই হৈছে 'গুৰু ভটিমা।'

Q. 3 | ব্ৰজাৱলী ভাষা

উত্তৰঃ মধ্য যুগীয় বৈষ্ণৱ কবি সকলে ভাৰতত ৰাষ্ট্ৰীয় সংহতি আৰু এক ঐক্যৰ প্ৰতি দৃষ্টি ৰাখি বৈষ্ণৱ কবি সকলে কাব্য, গীত আদি ৰচনা কৰিবলৈ যি এটি আদৰ্শ ভাষা ব্যৱহাৰ কৰিছিল সেই ভাষাটোকে কোৱা হয় ব্ৰজাৱলী ভাষা। বৈষ্ণৱ যুগত সাহিত্য ৰচনাৰ মাধ্যম ৰূপে ব্যৱহৃত হোৱা ব্ৰজাৱলী ভাষাই ভৌগোলিক পৰিসীমা অতিক্ৰম কৰি ভাৰতৰ বিভিন্ন প্ৰান্তত নিজস্ব গৰিমাৰে মহিমামণ্ডিত হৈ উঠিছিল। মহাপুৰুষ শংকৰদেৱে আৰু মাধৱদেৱে সৰ্বভাৰতীয় আবেদন লাভ কৰিবলৈ নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচিত নাট আৰু গীতত ব্ৰজাৱলী ভাষা প্ৰয়োগ কৰিছিল। এই ব্ৰজাৱলী ভাষাই নিঃসন্দেহে গুৰু দুজনাৰ নাট আৰু গীতক যথেষ্ট গাম্ভীৰ্য্য প্ৰদান কৰি থৈ গৈছে।



FAQs:

Q. বৰগীত বোৰ কি ভাষাত ৰচিত?

  • Ans.  বৰগীত কৃত্রিম ব্ৰজাৱলী ভাষাত ৰচিত ।

Q. বৰগীত কি ৰাগত বন্ধা আছে?

  • Ans. বৰগীতটি বসন্ত ৰাগত বন্ধা আছে ।

Q. তোমালোকৰ পাঠ্যপুথিত থকা বৰগীতটি কি ৰাগত বন্ধা আছে?

  • Ans. বৰগীতটি বসন্ত ৰাগত বন্ধা আছে ।

Q. খ জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে?

  • Ans. 'জিকিৰ' শব্দটো'জিকৰ' শব্দৰ পৰা ওলাইছে ।

Q. মাধৱদেৱৰ কত জন্ম হৈছিল?

  • Ans. মহাপুৰুষ মাধৱদেৱৰ ১৫৯৬ চনত কোচবিহাৰৰ ভেলা সত্ৰত দেহাৱসান ঘটে।



Tags :

  • Class 10 Assamese Question Answer Chapter 1
  • Class 10 Assamese বৰগীত Question Answer
  • অসমীয়া class 10 question answer pdf
  • class 10 assamese book question answer seba
  • বৰগীত class 10 short questions
  • বৰগীত class 10 question answer
  • Class 10 Assamese Question Answer 
  • Seba Class 10 Assamese Books Question Answer 
  • Seba Class 10 Assamese বৰগীত Question Answer