Follow Us:

নিৰ্দেশনাৰ পৰিচয় (Introduction to Guidance) | BA 3rd Sem Education Model Questions and Answers Gauhati University | GU TDC 3rd Semester Education Model Solution

LearningPointAssam.com

নিৰ্দেশনাৰ পৰিচয় (Introduction to Guidance) | BA 3rd Sem Education Model Questions and Answers Gauhati University Guidance and Counselling Notes Available here | GU TDC 3rd Semester নিৰ্দেশনাৰ পৰিচয় পাঠটোৰ অতি চমু, চমু, সংক্ষিপ্ত আৰু ৰচনাধৰ্মী প্ৰশ্ন আৰু উত্তৰ সমূহ BA 3rd Semester Education Question Answer Assamese Medium তালিকাৰ পৰা লোৱা হৈছে । আমি সকলো সমাধান GU BA 3rd Sem Education Syllabus অনুসৰি প্রদান কৰোঁ । গতিকে, নিৰ্দেশনা আৰু পৰামৰ্শদান B.A 3rd Semester Education Solutions Chapter 1 Introduction to Guidance — নিৰ্দেশনাৰ পৰিচয় পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ইয়াত প্ৰদান কৰা হৈছে যি আপোনাক পৰীক্ষাত সহায় কৰিব।

নিৰ্দেশনাৰ পৰিচয় BA 3rd Semester Education Question Answer in Assamese

Gauhati University Answer Bank for BA 3rd Year Education (EDU-HG-3016/EDU-RC-3016) Notes and নিৰ্দেশনা আৰু পৰামৰ্শদান (Guidance and Counselling) 3rd Semester Guide ইয়াত প্ৰদান কৰা হৈছে,,, GU TDC  3rd Semester General Education Model Solutions ইয়াত দিয়া হৈছে । সলকলো প্রশ্ন আৰু উত্তৰৰ ধাৰনাবোৰ ভালদৰে বুজিৱ আৰু Exam-ত ভাল নম্বৰ প্রাপ্ত কৰিৱ । যিসকলে নিৰ্দেশনাৰ পৰিচয় প্রশ্ন উত্তৰ বিচাৰি আছে তেওঁলোকে তলত দিয়া প্রশ্নসমূহ পঢ়িব, লিখিব পৰে ।


Chapter — 1

নিৰ্দেশনাৰ পৰিচয় (Introduction to Guidance)  — ALL Important Question & Answers

GU BA 3rd Sem Education EDU-HG-3016/EDU-RC-3016 Questions & Answer :


CONTENTS

নিৰ্দেশনাৰ পৰিচয় (Introduction to Guidance)
Model Question and Answer key






প্ৰশ্নাৱলীঃ

নিৰ্দেশনাৰ পৰিচয় (Introduction to Guidance) প্রশ্ন উত্তৰ Gauhati University BA 3rd Semester Education Model Question Answer is here....

তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়াঃ Mark — 1

Q. 1 | নির্দেশনা প্ৰক্ৰিয়াৰ পিতৃ বুলি কাক কোৱা হয় ?

উত্তৰঃ ফ্রাঙ্ক পাৰচনচ ( Frank Parsons ) ।

Q. 2 | কোন চনত ফ্ৰাঙ্ক পাচনচে নিৰ্দেশনা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ?

উত্তৰঃ ১৯০৯ চনত ।

Q. 3 | ভাৰতবৰ্ষৰ কোনখন আয়োগে প্রথম নির্দেশনা আৰু পৰামৰ্শদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল ?

উত্তৰঃ মুড়ালিয়াৰ আয়োগ ( Mudaliar Commission ) ।

Q. 4 | কোন চনত ভাৰতবৰ্ষত The Central Bureau of Educational and vocational guidance নামেৰে প্রতিষ্ঠান আৰম্ভ হয় ?

উত্তৰঃ ১৯৫৪ চনত নতুন দিল্লীত ।

Q. 5 | নিৰ্দেশনাৰ এটা মূল নীতি উল্লেখ কৰা ?

উত্তৰঃ ব্যক্তিৰ অন্তর্দৃষ্টিৰ বিকাশ সাধন কৰা ।

Q. 6 | কোনে পোনপ্রথমে সংগঠিত নির্দেশনা প্ৰক্ৰিয়াৰ কাম - কাজ আৰম্ভ কৰিছিল ?

উত্তৰঃ ফ্রাঙ্ক পাৰকাৰ গুডউইন ।

Q. 7 | শৈক্ষিক নিৰ্দেশনাৰ মূল সমর্থক কোন ?

উত্তৰঃ ব্ৰিওঁৱেৰ ( Brewer ) ।

Q. 8 | বিত্তীয় নির্দেশনা আন্দোলনৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয় ?

উত্তৰঃ ফ্রাঙ্ক পাৰচন ।



নিৰ্দেশনাৰ পৰিচয় (Introduction to Guidance) BA 3rd Semester Education Model Question and Answer is here....

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 2

Q. 1 | নির্দেশনা বুলিলে কি বুজা ?

উত্তৰঃ নির্দেশনা হ’ল এক প্রক্রিয়া যিয়ে এজন ব্যক্তিক নিজক পৰিচালনা কৰাত সহায় কৰে । নিৰ্দেশনাই প্রত্যেক ব্যক্তিক জীৱনৰ পথ বাছি লোৱাত সহায় কৰে ।

Q. 2 | নিৰ্দেশনাৰ বিভিন্ন প্ৰকাৰসমূহ কি কি ?

উত্তৰঃ ( ক ) শৈক্ষিক নির্দেশনা ।

( খ ) বিত্তীয় নির্দেশনা ।

( গ ) ব্যক্তিগত নির্দেশনা ।

( ঘ ) সামাজিক নির্দেশনা ।

Q. 3 | নিৰ্দেশনাৰ এটা উপযুক্ত সংজ্ঞা দিয়া । 

উত্তৰঃ প্রোক্টৰৰ ভাষাত: 'নির্দেশনা হৈছে এক সেৱা যিয়ে ব্যক্তি বা ব্যক্তিসমূহক পৰিৱেশৰ লগত সমাযোজন স্থাপনত সহায় কৰে ।"

Q. 4 | নির্দেশনাৰ প্ৰয়োজনীয়তা উল্লেখ কৰা ।

উত্তৰঃ কোনো ধৰণৰ জটিলতাৰ সন্মুখীন নোহোৱাকৈ ব্যক্তিক তেওঁৰ সামর্থ্য অনুসৰি প্ৰয়োজনীয় জ্ঞান আৰু কৌশল আহৰণত নিৰ্দেশনাই সহায় কৰে । ইয়াৰ সহায়ত ছাত্ৰই নিজৰ পছন্দ অনুসৰি পাঠ্যক্ৰম অধ্যয়ন কৰিব । পাৰে ।

Q. 5 | নিৰ্দেশনাৰ দুটা মুখ্য সুবিধা উল্লেখ কৰা ।

উত্তৰঃ  (i) নির্দেশনাই ব্যক্তিক পৰিৱেশৰ লগত খাপ খুৱাই লোৱাত সহায় কৰে ।

(ii) নির্দেশনাই ব্যক্তির প্রয়োজনবোৰ চিনাক্তকৰণ কৰে ।

Q. 6 | নিৰ্দেশনাৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা ।

উত্তৰঃ (i) নির্দেশনা পৰামৰ্শমূলক ই বাধ্যতামূলক নহয় ।

(ii) অকল নির্দেশনাই সকলো শৈক্ষিক আৰু বিত্তীয় সমস্যা সমাধান কৰিব নোৱাৰে ।

Q. 7 | শৈক্ষিক নির্দেশনাৰ দুটা উপকাৰিতা উল্লেখ কৰা ।

উত্তৰঃ (i) দক্ষতাৰে আৰু সাৰ্থকভাৱে সময়ৰ ব্যৱহাৰ কৰাত শিক্ষার্থীসকলক সহায় কৰে ।

(ii) ভাষাৰ ব্যৱহাৰৰ ক্ষেত্ৰত শিক্ষার্থীসকলক সহায় কৰে ।

Q. 8 | নিৰ্দেশনাৰ দুটা মুখ্য লক্ষ্য উল্লেখ কৰা ।

উত্তৰঃ (i) সকলো শিক্ষার্থীকে বিকাশৰ চূড়ান্ত পৰ্যায়ত উপনীত কৰোৱা । 

(ii) নিৰ্দেশনাৰ আন এটা মুখ্য লক্ষ্য হ'ল শিক্ষার্থীসকলৰ দক্ষতা, সম্ভাৱনীয়তা আৰু লক্ষণসমূহৰ বিকাশ সাধন কৰা ।

Q. 9 | গিলবার্ট আৰু উইলিচ দুগানৰ মতে নিদর্শনাৰ মূল নীতি কি ?

উত্তৰঃ ১। নির্দেশনা ব্যক্তিগত । ইয়ে প্রতিজন ব্যক্তিৰ সমস্যা সমাধানৰ পথ মুকলি কৰে ।

২। নির্দেশনা সার্বজনীন, সকলো ব্যক্তিয়ে ইয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰে ।

Q. 10 | শৈক্ষিক নির্দেশনা কি ?

উত্তৰঃ শৈক্ষিক নির্দেশনাই ছাত্ৰসকলৰ মাজত থকা ব্যক্তি পার্থক্যৰ দিশ চালি জাৰি চাই তেওঁলোকৰ শক্তি সামর্থ্য , ৰুচি - অভিৰুচি , আশা - আকাংক্ষা অনুযায়ী উপযুক্ত দিশত পাঠ্যক্রমসমূহ নির্বাচন কৰি আগুৱাই যাবলৈ সহায় কৰে । শৈক্ষিক নির্দেশনাই এজন ছাত্ৰক সুপথেৰে আগুৱাই নি ভৱিষ্যৎ জীৱনৰ বাবে তেওঁক প্ৰস্তুত কৰে ।

Q. 11 | বৃত্তীয় নির্দেশনা বুলিলে কি বুজা ?

উত্তৰঃ বৃত্তীয় নির্দেশনাই এজন ব্যক্তিক তেওঁৰ পছন্দ আৰু যোগ্যতা অনুযায়ী উপযুক্ত জীৱিকা নির্বাচনত সহায় কৰে । বৃত্তীয় নির্দেশনাই জীৱিকাৰ বাবে প্ৰয়োজন হোৱা জ্ঞান আৰু কৌশল আহৰণ কৰি নিজকে সেই জীৱিকাৰ বাবে যোগ্য ব্যক্তি কৰি গঢ়ি তোলাত সহায় কৰে ।

Q. 12 | ব্যক্তিগত নির্দেশনা বুলিলে কি বুজা ?

উত্তৰঃ ব্যক্তিগত নির্দেশনাই শিশুক বিভিন্ন পৰিৱেশৰ লগত খাপ খাই চলিবলৈ শিকোৱাৰ লগতে তেওঁ সম্মুখীন হোৱা বিভিন্ন আৱেগিক আৰু মনোবৈজ্ঞানিক সমস্যাসমূহ সমাধানৰ বাবে সহায় কৰে । বয়সৰ পৰিপক্কতাৰ লগতে ব্যক্তিয়ে আবেগিক পৈণতা লাভ কৰে ।




নিৰ্দেশনাৰ পৰিচয় BA 3rd Sem Education Board Question and Answer is here....

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 5/10

Q. 1 | নিৰ্দেশনাৰ বিভিন্ন প্ৰকাৰসমূহ ব্যাখ্যা কৰা । 

উত্তৰঃ  শিক্ষাবিদসকলে নির্দেশনাক মুলতঃ তিনিটা ভাগত ভাগ কৰিছে । তলত এই বিষয়ে বহলাই আলোচনা কৰা হ'ল –

(i) ব্যক্তিগত সামাজিক নির্দেশনা ( Personal social guidance ) ঃ এই প্ৰকাৰৰ নিৰ্দেশনাই শিশুক বিভিন্ন পৰিৱেশৰ লগত খাপ খুৱাই চলিবলৈ শিকোৱাৰ লগতে তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন আৱেগিক আৰু মনোবৈজ্ঞানিক সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত সহায় কৰে । বয়সৰ পৰিপক্কতাৰ লগতে ব্যক্তিয়ে আৱেগিক পৈণতা লাভ কৰি জন্মগত প্ৰতিভাসমূহৰ বিকাশ সাধন কৰি ব্যক্তিত্বৰ সৰ্বতোমুখী বিকাশ সাধন লাভ কৰাৰ ক্ষেত্ৰত নিৰ্দেশনা কার্যই বিশেষভাৱে সহায় কৰে ।

(ii) শৈক্ষিক নির্দেশনা ( Educational Guidance ) : শিশুসকলে সন্মুখীন হোৱা বিভিন্ন শৈক্ষিক সমস্যাবোৰ সমাধান কৰাৰ বাবে শৈক্ষিক নিৰ্দেশনাৰ প্ৰয়োজন হয় । শৈক্ষিক নির্দেশনাই ছাত্ৰসকলৰ মাজত থকা ব্যক্তি পাৰ্থক্যৰ দিশ চালি - জাৰি চাই তেওঁলোকৰ শক্তি - সামর্থ্য , ৰুচি , অভিৰুচি অনুযায়ী উপযুক্ত দিশত পাঠ্যক্রমসমূহ নির্বাচন কৰি আগুৱাই যাবলৈ সহায় কৰে । শৈক্ষিক নিৰ্দেশনাই এজন ছাত্ৰক সুপথেৰে আগুৱাই নি ভৱিষ্যৎ জীৱনৰ বাবে তেওঁক প্ৰস্তুত কৰি তোলে ।  

(iii) বৃত্তীয় নির্দেশনাঃ বহল অৰ্থত বৃত্তীয় নির্দেশনাই এজন ব্যক্তিক তেওঁৰ পছন্দ আৰু যোগ্যতা অনুযায়ী উপযুক্ত জীৱিকা নিৰ্বাচনত সহায় কৰে । এটি বিশেষ জীৱিকাৰ বাবে প্ৰয়োজন হোৱা জ্ঞান আৰু কৌশল আহৰণ কৰি নিজকে সেই জীৱিকাৰ বাবে যোগ্য ব্যক্তি কৰি তোলাত সহায় কৰে । বিভিন্ন পদত সংস্থাপনৰ বাবে কি কি অৰ্হতাৰ প্ৰয়োজন হয় বৃত্তীয় সফলতা লাভ কৰিবলৈ হ'লে বৃত্তীয় নির্দেশনাৰ ওচৰ চপাটো অতি প্রয়োজন ।

Q. 2 |  বৃত্তিমূলক নির্দেশনা বুলিলে কি বুজা ?

উত্তৰঃ যি নির্দেশনা কার্যই জনসাধাৰণক তেওঁলোকৰ প্ৰয়োজন অনুসৰি বৃত্তি বাছনি কৰাত বৃত্তিৰ বাবে প্রস্তুতি চলোৱাত আৰু জীৱনৰ কৃতকাৰ্যতা আৰু দক্ষতা আয়ত্তকৰণত সহায় কৰে, তেনে নির্দেশনাক বৃত্তিমূলক নির্দেশনা বুলি কোৱা হয় । ১৯৩৭ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাতীয় নির্দেশনামূলক সংস্থাই এই বিষয়ত কৈছে যে বৃত্তিমূলক নির্দেশনা হ’ল এক প্রক্রিয়া যিয়ে ব্যক্তিক এটা বৃত্তি নিৰ্বাচন কৰাত, বৃত্তিৰ বাবে প্ৰস্তুতি চলোৱাত, বৃত্তিত নিয়োগ হ'বলৈ আৰু ইয়াৰ উন্নতি সাধন কৰিবলৈ সহায় কৰে ।

       ১৯৪৯ চনৰ আন্তঃৰাষ্ট্ৰীয় শ্রমিক সংস্থাৰ সাধাৰণ সভা মতে বৃত্তিমূলক নির্দেশনা হ’ল ব্যক্তিৰ সমস্যাবোৰৰ সমাধান কৰাত সহায় কৰা । ইয়াৰ সহায়ত ব্যক্তিয়ে উপযুক্ত বৃত্তি বাছনি কৰিব পাৰে আৰু ব্যক্তিৰ নিজ বৈশিষ্ট্য অনুযায়ী উন্নতি সাধন কৰিব পাৰে । বৃত্তিমূলক নিৰ্দেশনাই ব্যক্তিক শ্ৰমৰ মৰ্যাদা আৰু মূল্যবোধ সম্পর্কে জ্ঞান আয়ত্ত কৰাত সহায় কৰে । 

       ‎বৃত্তিমূলক নির্দেশনা হ’ল এক দীর্ঘ অবিৰত প্ৰক্ৰিয়া । এই প্রক্রিয়া বিদ্যালয়ত আৰম্ভ হয় আৰু ব্যক্তিৰ গোটেই কর্মজীৱনত ইয়াৰ আৱশ্যকতা অনুভৱ কৰা হয় । বিদ্যালয় , মহাবিদ্যালয় আদিৰ বৃত্তিমূলক নিৰ্দেশনাবোৰ ব্যক্তি আৰু সমাজৰ ভালৰ বাবে ব্যৱহাৰ কৰা হয় ।

Q. 3 | নিৰ্দেশনাৰ মূল নীতিসমূহ উল্লেখ কৰা । 

উত্তৰঃ নিৰ্দেশনা প্ৰক্ৰিয়াৰ মূল নীতিসমূহ তলত উল্লেখ কৰা হ'ল –

(i) নির্দেশনাই এজন ছাত্ৰক তেওঁৰ যোগ্যতা অনুসৰি শৈক্ষিক সা - সুবিধাসমূহ গ্ৰহণ কৰাত সহায় কৰে । 

(ii) আগ্রহ, ৰুচি - অভিৰুচি, শক্তি - সামর্থ্য, ব্যক্তি পার্থক্য, সীমাবদ্ধতা, মনোবৈজ্ঞানিক দৈহিক, আৱেগিক শক্তি আদিৰ আধাৰত নিৰ্দেশনা কার্য সম্ভৱ হয় ।

(iii) নির্দেশনা এক গতিশীল আৰু ধাৰাবাহিক কাৰ্য । 

(iv) নির্দেশনা কার্যত ছাত্ৰৰ তিনিপ্ৰকাৰৰ দায়বদ্ধতা জড়িত হৈ থাকে, যেনে সামাজিক, ব্যক্তিগত সমাযোজন আৰু উপযুক্ত পাঠ্যক্ৰমৰ নিৰ্বাচনৰ যোগেদি জীৱিকা সংগ্রহ ।

(v) নির্দেশনাত স্কুলীয়া শিক্ষাৰ মাধ্যমেৰে সামাজিক দায়বদ্ধতা অনুভৱ কৰোৱা হয় ।

(vi) নির্দেশনা বিভিন্ন সময়ত প্রয়োজন সাপেক্ষে বিভিন্ন ধৰণেৰে হয় ।

(vii) নির্দেশনাই ছাত্রক নিজৰ শক্তি - সামর্থ্য বুজাই আত্মবিশ্বাস গঢ়ি তোলে ।

(viii) নির্দেশনাত নির্দেশনকসকল বিশেষভাৱে প্রশিক্ষণপ্রাপ্ত ব্যক্তি যিয়ে নেকি শৈক্ষিক আৰু বৃত্তীয় তথ্য সম্বলিত আৰু দক্ষ হয় ।

(ix) নির্দেশনা কার্যত বহু ধৰণৰ ব্যৱস্থা জড়িত হৈ থাকে যেনে- ছাত্রক তথ্য যোগান ধৰা, বৃত্তি সম্পৰ্কীয় তথ্যৰ যোগান, গৱেষণা সম্পৰ্কীয় তথ্যৰ যোগান, পৰামৰ্শ প্রদান, জীৱিকা সম্পৰ্কীয় প্রস্তুতি ইত্যাদিবোৰ ।

(x) নির্দেশনা সংস্থাবোৰৰ লগত বিত্তীয় সা - সুবিধা, কাৰিকৰী জ্ঞান, অভিভাৱকৰ সহায় - সহযোগিতা, বিভিন্ন তথ্যৰ সংশ্লেষণ - বিশ্লেষণ, সময় তালিকা, পর্যবেক্ষণ আদি কার্য জড়িত হৈ থাকে ।

Q. 4 | শৈক্ষিক নিৰ্দেশনাৰ কাৰ্যাৱলী বহলাই আলোচনা কৰা ।

উত্তৰঃ শৈক্ষিক নিৰ্দেশনাৰ বিভিন্ন কার্যসমূহ বহলাই তলত আলোচনা কৰা হ'ল — 

( ১ ) শিক্ষার্থীসকলৰ শৈক্ষিক সমস্যাৰ ওপৰত গুৰুত্ব প্রদানঃ শৈক্ষিক নির্দেশনাই শিক্ষার্থীসকলৰ বিভিন্ন সমস্যাসমূহ অধ্যয়ন কৰি ইয়াৰ নিৰাময়ৰ বাবে গুৰুত্ব আৰোপ কৰে । বিদ্যালয়ৰ পৰিৱেশ, পাঠ্যক্ৰমৰ জটিলতা, উপযুক্ত বিদ্যালয় নির্বাচন, ভৱিষ্যৎ পৰিকল্পনা আদি জটিল বিষয়সমূহৰ শৈক্ষিক নির্দেশনাই আলাপ - আলোচনাৰ মাজেৰে সমাধানৰ পথ দেখুৱায় ।

( ২ ) বিদ্যালয়ৰ শৈক্ষিক অৱস্থাৰ অধ্যয়নঃ শৈক্ষিক নির্দেশনাই বিদ্যালয়ৰ শৈক্ষিক সমস্যাবোৰ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি ইয়াৰ সমস্যাবোৰ সমাধানত গুৰুত্ব আৰোপ কৰে ।

( ৩ ) অপচয় আৰু অনুন্নয়নৰ কাৰকসমূহ অধ্যয়নঃ শিশুৰ শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত প্ৰধান অন্তৰায় হিচাপে দেখা দিয়া অপচয় আৰু অনুন্নয়নৰ বিভিন্ন কাৰকসমূহ উদ্ঘাটন কৰা আৰু ইয়াৰ নিৰাময়ৰ বাবে শৈক্ষিক নিৰ্দেশনাই ব্যৱস্থা গ্ৰহণ কৰে ।

( ৪ ) পিছপৰা শিশুৰ অধ্যয়নঃ এখন সমাজৰ সকলো শিশুৱেই সমানে আগবাঢ়ি নাযায় । শৈক্ষিক নির্দেশনাই শিক্ষাৰ্থীসকলৰ শ্রেণীবিভাগৰ ওপৰত ভিত্তি কৰি নিৰ্দেশনা দান কাৰ্যৰ পৰিকল্পনা কৰে ।

( ৫ ) প্ৰয়োজন আৰু ৰুচিৰ ওপৰত গুৰুত্বদানঃ সমাজৰ সকলো শিক্ষার্থীৰে প্রয়োজন আৰু ৰুচিবোধ একে নহয় । শৈক্ষিক নির্দেশনাই শিক্ষার্থীৰ ব্যক্তিগত প্রয়োজন আৰু ৰুচিৰ ওপৰত ভিত্তি কৰি শিক্ষাদান কার্য আগুৱাই নিয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ।

( ৬ ) শিক্ষণৰ পদ্ধতিসমূহৰ উন্নতি সাধন কৰাঃ  শিক্ষণ কাৰ্য কেনেদৰে আনন্দ মধুৰ কৰি তুলিব পাৰি , আজৰি সময়ৰ কেনেদৰে উচিত ব্যৱহাৰ কৰিব পৰা যায়, স্মৃতি শক্তি, বুদ্ধি আদি কেনেদৰে বঢ়াব পৰা যায় , শিক্ষক আৰু শিক্ষাৰ্থীৰ সম্বন্ধ কেনেকুৱা হোৱা উচিত আদি বিষয়বোৰ শৈক্ষিক নিৰ্দেশনাই অধ্যয়ন কৰে । 

( ৭ ) কর্মসংস্থাপনত সহায় কৰেঃ শৈক্ষিক নির্দেশনাই শিক্ষার্থীসকলক তেওঁলোকৰ শৈক্ষিক মানদণ্ড অনুযায়ী বিভিন্ন বিভাগত কর্মসংস্থাপনৰ বাবে আগুৱাই দিয়ে । এই কার্যত সফল হ'লে শিক্ষক - শিক্ষার্থী উভয় পক্ষই আনন্দ উপভোগ কৰে ।

( ৮ ) নিৰক্ষৰতা দূৰ কৰেঃ আমাৰ দেশৰ অগ্ৰগতিৰ প্ৰধান প্রতিবন্ধক হ’ল নিৰক্ষৰতা আৰু দৰিদ্ৰতা । বর্তমানেও আমাৰ সমাজত সাক্ষৰতাৰ হাৰ আৰু জনমুৰি আয়ৰ প্ৰকৃতভাৱে বিকাশ সাধন হোৱা নাই । শৈক্ষিক নিৰ্দেশনাই এই সমস্যাবোৰৰ নিৰাময়ৰ বাবে কাম কৰে । 

( ৯ ) সহঃ পাঠ্যক্ৰমৰ ওপৰত গুৰুত্ব  ঃ শৈক্ষিক নিৰ্দেশনাই বিদ্যালয়ৰ নির্দেশ পাঠ্যক্ৰমৰ উপৰিও ইয়াৰ লগত জড়িত সহঃ পাঠ্যক্ৰমৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

( ১০ ) আজৰি সময়ৰ উচিত ব্যৱহাৰঃ আধুনিক সমাজ ব্যৱস্থাত শিক্ষার্থীসকলে যথেষ্ট আজৰি সময় লাভ কৰে । শৈক্ষিক নিৰ্দেশনাই এই আজৰি সময়খিনি কেনেদৰে সাৰ্থকভাৱে ব্যৱহাৰ কৰিব পৰা যায় তাৰ জ্ঞান প্ৰদান কৰে ।

( ১১ ) ভাষাৰ বিকাশঃ ভাষা হৈছে চিনাকিৰ প্ৰথম মাধ্যম । ইয়াৰ ব্যৱহাৰ নাজানিলে শিক্ষণ কার্য অৰ্থহীন হৈ পৰে । শৈক্ষিক নির্দেশনাই শিক্ষার্থীসকলক ভাষাৰ ব্যৱহাৰৰ ক্ষেত্ৰত দক্ষ কৰি তোলে । 





Tags :

  • নিৰ্দেশনাৰ পৰিচয় (Introduction to Guidance)
  • BA 3rd Sem Education Model Questions and Answers Gauhati University
  • B.A 3rd Semester Education Question Answer [Regular & General] Gauhati University Notes Available 
  • BA 3rd Sem Education Model Solutions
  • GU TDC 3rd Semester Education Model Solution