Follow Us:

চুটিগল্প আৰু উপন্যাসঃ ৰূপ - বৈচিত্র্য | Gauhati University BA 2nd Sem Assamese Major Question Answer

LearningPointAssam.com

চুটিগল্প আৰু উপন্যাসঃ ৰূপ - বৈচিত্র্য | Gauhati University BA 2nd Sem Assamese Major Question Answer | Gauhati University BA 2nd Sem Assamese Major Model Questions Answer | GU BA 2nd Sem Assamese Major Model Solution | ba 2nd sem assamese major question paper | BA 2nd Sem Assamese Major Question Answer | ba 2nd sem assamese book pdf

Assamese Notes & Guide Available here (সাহিত্য — সমালোচনা ASM-HC-2026) চুটিগল্প আৰু উপন্যাসঃ ৰূপ - বৈচিত্র্য Model Solution to each Unit are provided in the list of UG - CBCS Syllabus. We design all notes according to Guwahati University so that you can easily browse through BA 2nd Sem Assamese Major Question Answer and University Guides and Notes here. চুটিগল্প আৰু উপন্যাসঃ ৰূপ - বৈচিত্র্য Question Answer Can be very useful to excel in examinations.

BA 2nd Sem Assamese Major Question Answer

BA Assamese চুটিগল্প আৰু উপন্যাসঃ ৰূপ - বৈচিত্র্য Notes covers all the practice questions of Guwahati University syllabus. চুটিগল্প আৰু উপন্যাসঃ ৰূপ - বৈচিত্র্য BA 2nd Sem Assamese Major Question Answer is given here which ensures smooth and easy understanding of all the concepts.  Understand the concepts behind each unit and score well in board exams.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 4 

চুটিগল্প আৰু উপন্যাসঃ ৰূপ - বৈচিত্র্য — ALL Important Question & Answers

GU BA 2nd Sem Assamese ASM-HC-2026 Questions & Answer :


CONTENTS 

চুটিগল্প আৰু উপন্যাসঃ ৰূপ - বৈচিত্র্য
Model Question and Answer key






প্ৰশ্নাৱলীঃ

চুটিগল্প আৰু উপন্যাসঃ ৰূপ - বৈচিত্র্য BA 2nd Sem Assamese Major Question Answer 

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 1/2


Q. 1 | অসমীয়া চুটিগল্পৰ জনক কোন?

উত্তৰঃ অসমীয়া চুটিগল্পৰ জনক হ’ল — লক্ষ্মীনাথ বেজবৰুৱা।

Q. 2 | চুটিগল্প কাক বোলে ?

উত্তৰঃ কোনো এটা কাহিনী বা গল্পক পূৰ্ণাংগ ৰূপ নিদি চমুকৈ আংশিকভাবে বর্ণনা কৰিলে তাকেই চুটি গল্প বুলি কোৱা হয়।

Q. 3 | চুটিগল্পৰ আৰম্ভণি কেনে হোৱা উচিত?  

উত্তৰঃ চুটিগল্পৰ আৰম্ভণি ৰহস্যময় হোৱাটো উচিত।

Q. 4 | চুটিগল্পৰ পৰিসমাপ্তি কেনে হোৱা বাঞ্ছনীয়?  

উত্তৰঃ চুটিগল্পৰ পৰিসমাপ্তি কম সময়তে হোৱাটো বাঞ্চনীয়।

Q. 5 | উপন্যাস কি?

উত্তৰঃ উপন্যাস হৈছে গদ্যকাব্য। এনে কাব্য প্রাচীন সংস্কৃত সাহিত্যতো আছে।

Q. 6 | উপন্যাস কাক বোলে?  

উত্তৰঃ  যি সাহিত্যৰ বাস্তৱতাৰ সৈতে মিল থাকে, সেই সাহিত্যকে উপন্যাস বোলে।

Q. 7 | উপন্যাসৰ চৰিত্ৰ কেইপ্ৰকাৰৰ?

উত্তৰঃ  উপন্যাসৰ চৰিত্ৰ তিনি প্ৰকাৰৰ।

Q. 8 | উপন্যাসৰ কাহিনী কেই প্ৰকাৰৰ?

উত্তৰঃ  উপন্যাসৰ কাহিনী দুই প্ৰকাৰৰ।

Q. 9 | প্রথম ইংৰাজী উপন্যাসখন কি?

উত্তৰঃ প্ৰথম ইংৰাজী উপন্যাসখন ডেনিয়েল ডিফোৰ 'ৰবিনছ ক্ৰূছৌ। 

Q. 10 | বিশ্বৰ প্রথম উপন্যাস কোনখন? 

উত্তৰঃ  বিশ্বৰ প্ৰথম উপন্যাস  ' ডন কুইক্ছট' ।

Q. 11 | অসমীয়া প্রথম উপন্যাসখনৰ নাম কি?

উত্তৰঃ  অসমীয়া প্ৰথম উপন্যাসখনৰ নাম ভানুমতী।

Q. 12 | চুটিগল্পৰ এটা বৈশিষ্ট্য লিখা।  

উত্তৰঃ  চুটিগল্পৰ এটা বৈশিষ্ট্য হ'ল-  চুটিগল্প কম সময়তে আৰম্ভ হয় আৰু কম সময়তে সমাপ্ত হয়।

Q. 13 | অসমীয়া চুটি গল্পৰ জন্মদাতা কোন?

উত্তৰঃ  অসমীয়া চুটি গল্পৰ জন লক্ষ্মীনাথ বেজবৰুৱা।

Q. 14 | উপন্যাসৰ এটি বৈশিষ্ট্য লিখা?

উত্তৰঃ উপন্যাসৰ এটি বৈশিষ্ট্য হল-শিথিলতা।

Q. 15 | 'অসীমত যাৰ হেৰাল সীমা' কাৰ ৰচনা?

উত্তৰঃ কাঞ্চন বৰুৱা।

Q. 16 | এখন নাৰী মনস্বত্বৰ উপন্যাসৰ নাম লিখা?

উত্তৰঃ দেউলাংখুই।

Q. 17 | বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোনখন উপন্যাসৰ বাবে জ্ঞানপীঠ বঁটা পাইছিল?

উত্তৰঃ মৃত্যুঞ্জয় উপন্যাসৰ বাবে।

Q. 18 | মামণি ৰয়ছম গোস্বামীৰ এখন উপন্যাসৰ নাম লিখা?

উত্তৰঃ মামণি ৰয়ছম গোস্বামীৰ এখন উপন্যাসৰ নাম হৈছে- দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা।

Q. 19 | ৰীতা চৌধুৰীয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাদেমি বঁটা পাইছিল?

Q. 20 | সামাজিক উপন্যাস কাক বোলে?

উত্তৰঃ যি উপন্যাস সমাজৰ বিভিন্ন দিশ বিশ্লেষণৰ উপস্থিতিত ৰচিত, সেই উপন্যাসকে সামাজিক উপন্যাস বোলে।

Q. 21 | ৰাজনৈতিক উপন্যাস কি?

উত্তৰঃ যি উপন্যাস এক বিশেষ ৰাজনৈতিক মতবাদ প্ৰতিষ্ঠা কৰা উদ্দেশ্য থাকে তেনে উপন্যাসেই হৈছে ৰাজনৈতিক উপন্যাস।

Q. 22 | মনস্তত্বমূলক  উপন্যাস কি?

উত্তৰঃ মানুহৰ অবচেতন মনৰ কাৰ্যকলাপৰ ওপৰত গুৰুত্ব দি ৰচনা কৰা উপন্যাসক মনস্তত্বমূলক উপন্যাস বোলে। 


Check Here >>> BA 2nd Sem Assamese Major Booknewgifnvs

Read Also : Gauhati University BA 2nd Sem Assamese Major Notes With Syllabus [Model Answer]newgifnvs


চুটিগল্প আৰু উপন্যাসঃ ৰূপ - বৈচিত্র্য BA 2nd Sem Assamese Major Question Answer 

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 3/5/8

Q. 1 | চুটিগল্প কাক বোলে ? ইয়াৰ লক্ষণবোৰ লিখা। 

উত্তৰঃ কোনো এটা কাহিনী বা গল্পক পূৰ্ণাংগ ৰূপ নিদি চমুকৈ আংশিকভাবে বর্ণনা কৰিলে তাকেই চুটি গল্প বুলি কোৱা হয়।

চুটিগল্প হৈছে দৈনন্দিন জীৱনত ঘটি থকা বিভিন্ন ঘটনাৱলীৰ মাজৰ একোটা বিশেষ ঘটনাৰ কলাত্মক ৰূপায়ণ। চুটিগল্পৰ আৰম্ভণি আৰু শেষত আকস্মিকতা থাকে। ছুটিগল্প এনে এক লিখনি যাক একে বহাতে পঢ়ি শেষ কৰিব পাৰি। চুটিগল্প পঢ়ি শেষ হোৱাৰ পিছতো পাঠকৰ মন আৰু চিন্তাত তাৰ ক্রিয়া চলি থাকে। চুটিগল্পত অবাস্তৱ কথাৰ স্থান নাই। ৱেণ্ডাৰ মেথিইজৰ মতে ঐক্য, সমাহাৰ আৰু ঘটনাৰ কেন্দ্ৰীকৰণ চুটিগল্পৰ ঘাই লক্ষণ। চুটিগল্পৰ কোনো এক মুহুর্ত্তৰ ওপৰত উজ্জ্বল আলোপত কৰি তাক সুস্পষ্টকৈ দেখুওৱা চুটিগল্পৰ বৈশিষ্ট্য।

Q. 2 | চুটিগল্পৰ তিনিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ চুটিগল্পৰ তিনিটা বৈশেষ্ট্য হ’ল-

  • ( i ) এটা কেন্দ্রীয় ঘটনা বা চৰিত্ৰক লৈ চুটিগল্প ৰচিত হয়।
  • ( ii ) চুটিগল্পৰ আৰম্ভণি আৰু শেষত আকস্মিকতা থাকে।
  • ( iii ) জীৱনৰ কোনো এক মুহূর্তৰ ওপৰত উজ্জ্বল আলোকপাত কৰি তাক আৰম্ভণিৰ পিছত গল্পটো নিজা গতিৰে আগুৱাই যায়।


Q. 3 | চুটিগল্পৰ গঠন প্ৰণালী সম্পৰ্কে লিখা।

উত্তৰঃ চুটিগল্পৰ উপাদানসমূহ উপন্যাসৰ সৈতে একে। চুটিগল্পত কিন্তু গোটেইবোৰ উপাদান সামগ্ৰিক ভাৱে ব্যৱহৃত নহয়। কোনো এটা উপাদানে চুটিগল্পত প্ৰাধান্য লাভ কৰিলে বাকী কেইটা কিছু নিষ্প্ৰভ হৈ পৰে। উপন্যাসৰ দৰে চুটিগল্পত সকলোবোৰ উপাদান সুস্পষ্ট ৰূপত প্ৰকাশিত নহয়। চুটিগল্পত মাথোন এটা ঘটনা, এটা চৰিত্ৰ অথবা  জীৱনৰ কোনো এটা  দিশ অথবা পৰিস্থিতিৰ ওপৰতহে গুৰুত্ব আৰোপ কৰা হয়। এই খিনি চুটিগল্পৰ গঠন প্ৰনালীৰ পালনীয় আহিলা। গল্পকাৰে  নিজা কৌশলেৰে  গল্পৰচনা কৰিলেও সমালোচক সকলে কিছুমান  গঠন প্ৰণালীৰ প্ৰতি আঙুলীয়াই দেখুৱাইছে। 

ক) আৰম্ভণিঃ চুটিগল্পৰ আৰম্ভণি আৰ্কষণীয় হব পাৰে। পাঠকক চিত্তাকৰ্ষক কৰি বিষয়বস্তুৰ উপস্থাপন কৰিব লাগে। উপস্থাপন প্ৰত্যক্ষ বা পৰোক্ষ যিকোনো হব পাৰে।নিজা ৰচনা পদ্ধতিৰ দ্বাৰা পাঠকৰ কৌতুহল জগাব পৰাকৈ আৰম্ভণি কৰিব লাগে।

খ) বিকাশঃ আৰম্ভণিৰ পাছত কাহিনী, চৰিত্ৰই ক্ৰমে বিকাশ লাভ কৰে। যিকোনো এটা একক বা কেন্দ্ৰীয় ভাবৰ বৰ্ণনাৰ মাজেৰে বিষয়বস্তু বিকশিত হয়। চৰিত্ৰপ্ৰধান গল্প চৰিত্ৰই আৰু কাহিনী প্ৰধান গল্পত কাহিনীয়ে পূৰ্ণতা লাভ কৰি প্ৰাণৱন্ত ৰূপ ধাৰণ কৰে। 

গ) গল্পৰ দ্বন্দঃ চুটিগল্পৰ কাহিনীৰ বিকাশত চৰিত্ৰই যেতিয়া বাধাৰ মুখামুখি হৈ দ্বিধাৰ সন্মুখীন হয়, তেতিয়া দ্বন্দ সৃষ্টি হয়। ই অন্তদ্বৰ্ন্দ্বমূলক হব পাৰে। দ্বন্দ্ব নায়ক-প্ৰতিনায়কৰ  ভিতৰত অথবা সমাজৰ বিভিন্ন ৰীতি- নীতি, পৰম্পৰা, ন্যায়-অন্যায় আদিৰ পৰা উদ্ভৱ হব পাৰে। দ্বন্দ্বই চৰিত্ৰ মানসিকতাক অস্থিৰ কৰি পৰিস্থিতিক বিশেষ অৱস্থালৈ লৈ যায়। 

ঘ) সংঘাতঃ গল্পৰ দ্বন্দ্বই কাহিনী বা চৰিত্ৰৰ গতিশীলতাত সংকটৰ সৃষ্টি কৰে। এনে পৰিস্থিতিয়ে অন্ধকাৰ আৰু নিৰানন্দ অৱস্থালৈ লৈ যায়। সংঘাতপূৰ্ণ অৱস্থাই নায়ক-নায়িকাক লক্ষ্যভ্ৰষ্ট কৰিব বুলি ধাৰণা কৰা হয়। এনেকুৱা অৱস্থাই গল্পৰ অগ্ৰগতিক কঠিন কৰি সংঘাতৰ সৃষ্টি কৰে। 

ঙ) শীৰ্ষদ্বন্দ্বঃ সংঘাতে দ্বন্দ্বক শীৰ্ষ অৱস্থালৈ লৈ গৈ শীৰ্ষদ্বন্দ্বত উপনীত কৰায়। সংঘাতে উচ্চতম অৱস্থাত আৰোহণ কৰি পৰিণতি সূচিত কৰে। শীৰ্ষ দ্বন্দ্বই কাহিনী বা চৰিত্ৰৰ  শীৰ্ষতম বিকাশ সূচায়। গল্পৰ লক্ষ্য বা পৰিণতি ইয়েই গঢ়ি তোলে।

চ) প্ৰতিদ্বন্দ্বঃ শীৰ্ষদ্বন্দ্বৰ বিপৰীত প্ৰক্ৰিয়া হল প্ৰতিদ্বন্দ্ব। কাহিনী-চৰিত্ৰৰ সংঘাত হঠাতে অৱনমিত বা নোহোৱা হৈ গৈ দ্বন্দ্বক শীৰ্ষ অৱস্থালৈ যোৱাত বাধা দিয়ে। গল্পৰ বিকাশ আৰু সংঘাতে অভাৱনীয় ৰূপ গ্ৰহণ কৰে আৰু গল্পই পৰিণতি লৈ আগবাঢ়ে।

ছ) পৰিণতি বা সমাপ্তিঃ সমাপ্তিত গল্পৰ বিষয়বস্তু বা উদ্দেশ্য পৰিপূৰ্ণ হৈ উঠে। কাহিনী শেষ হয় বা চৰিত্ৰৰ বৈশিষ্ট্য প্ৰকাশ পাবলৈ সক্ষম হয়। পৰিণতি অৰ্থৱহ বা ইংগিতময় হব পাৰে। কোনো ৰহস্যৰ পৰিণতিৰ উদঘাটন ঘটে। গল্পকাৰৰ বক্তব্য বা উদ্দেশ্য স্পষ্ট হৈ গল্পৰ সমাপ্তি ঘটে।

Q. 4 | উপন্যাসৰ উপাদানসমূহৰ চমু পৰিচয় দিয়া।  

উত্তৰঃ  উপন্যাসৰ উপাদানসমূহ হ'ল —

কাহিনী-  যিকোনো সাহিত্যৰ কাহিনী হ'ল প্ৰাথমিক উপাদান।উপন্যাসৰ ক্ষেত্ৰত ইয়াৰ বিশেষত্ব হ'ল যে ইয়াৰ কেইবাটাও কাহিনী লগ হৈ থাকিব পাৰি বা কেতিয়াবা মূল কাহিনীৰ তাৰ পৰিপূৰক হিচাপে সৰু সৰু কাহিনী থাকিব পাৰে।

চৰিত্ৰাংকন- কাহিনীৰ পিছত উপন্যাসৰ গুৰুত্বপূৰ্ণ উপাদান হৈছে চৰিত্ৰ ।  বহু সময়ত উপন্যাসৰ সফলতা নিৰ্ভৰ কৰে চৰিত্ৰৰ ওপৰত। বাস্তৱ, সজীৱ আৰু পূৰ্ণতাপ্ৰাপত চৰিত্ৰই উপন্যাসক সফল আৰু জনপ্ৰিয় কৰি তোলে।

সংলাপঃ উপন্যাসত ঔপন্যসিকে নিজৰ বৰ্ণনাৰে কাহিনী আগবঢ়াই লৈ যায় আৰু প্ৰয়োজন সাপেক্ষে সংলাপো ব্যৱহাৰ কৰে। নাটকৰ দৰে সংলাপ উপন্যাসৰ অপৰিহাৰ্য অংগ নহয়। কিন্তু সংলাপৰ মাধ্যমেৰে কাহিনী আগবঢ়াই নিলে অথবা মাজে মাজে সংলাপ প্ৰয়োগ কৰিলে উপন্যাসখন বেছি মনোগ্ৰাহী হৈ উঠে।

পৰিৱেশঃ পৰিৱেশ সৃষ্টি উপন্যাসৰ আন এটা উপাদান। নাটকৰ দৰেই উপযুক্ত সময় আৰু পৰিস্থিতি অনুসৰি গঢ়ি তোলা পৰিৱেশে এখন উপন্যাসক সমৃদ্ধিশালী কৰি তোলে।

জীৱন দৰ্শনঃ উপন্যাসত মানৱ জীৱনৰ কাহিনী বৰ্ণিত হয়। ঔপন্যাসিকে মানৱ সমাজৰ প্ৰতিনিধি হিচাপে মানৱ সমাজৰ প্ৰতিচ্ছবি উপন্যাসৰ মাজেৰে দাঙি ধৰে। সাধাৰণতে এজন ঔপন্যাসিকৰ জীৱন দৰ্শন তেওঁৰ উপন্যাসৰ মাজেৰে ফুটি উঠে।

Q. 5 | উপন্যাস আৰু চুটিগল্পৰ মাজত পার্থক্য নির্ণয় কৰা।

উত্তৰঃ চুটি গল্প আৰু উপন্যাস দুয়োটা সাহিত্যৰ গঠনকাৰী উপাদান যদিও দুয়োটাৰে মাজত বহুতো পার্থক্য আছে।

( i ) উপন্যাসে সকলো কথা পাঠকক স্পষ্টকৈ বুজাই দিয়ে কিন্তু চুটিগল্পই পাঠকৰ মনত পৰিসমাপ্তিলৈ আগ্ৰহ জন্মায়।

( ii ) চুটি গল্পত এটা কাহিনী বা জীৱনৰ দিশহে প্ৰতিফলিত হয়। আনহাতে উপন্যাসৰ পৰিসৰ বিশাল বাবে অধিক কাহিনী ইয়াত প্রতিফলিত হয়।

( iii ) চুটি গল্পৰ পৰিসৰ কম হোৱা বাবে ইয়াত অধিক চৰিত্ৰৰ সমাৱেশ নঘটে। চুটি গল্পত এটা বা দুটাহে মুখ্য চৰিত্ৰ থাকে। আনহাতে উপন্যাসৰ পৰিসৰ বিশাল হোৱা বাবে ইয়াত বহুত চৰিত্ৰৰ সমাৱেশ ঘটে।

( iv ) উপন্যাসৰ ক্ষেত্ৰ বহল বাবে উপন্যাসিকে তেওঁৰ গ্ৰন্থ দীঘল কৰিব পাৰে, কিয়নো ইয়াত সীমাৰেখাৰ বাধা নাহে। কিন্তু চুটিগল্প হ’ল সুসংগত আর্ট। গল্প লিখকৰ কল্পনা কোনো এটা গতিপথেৰে আগুৱাব পাৰে যদিও সীমাৰেখা অতিক্ৰম কৰাৰ ভয় ইয়াত সঘনে ঘটে।

( v ) চুটিগল্পৰ লেখকৰ স্বতন্ত্রতাতকৈ বাধা বেছি। তেওঁলাকে চিন্তাধাৰাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত শব্দ প্রয়োগকে ধৰি সকলোতে ভাৱপ্ৰৱণতাক হেঁচি ৰাখি সংযমৰ মাজেৰে সকলো প্ৰকাশ কৰিব লাগে। কিন্তু এজন ঔপন্যাসিকে এনেধৰণৰ সংযম অৱলম্বন কৰিব নালাগে।


Q. 6 | অসমীয়া চুটিগল্পৰ জনক কোন? তেওঁৰ চুটিগল্পৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ অসমীয়া চুটিগল্পৰ জনক হ’ল- অসমীয়া সাহিত্যত ৰসৰাজ উপাধিৰে বিভূষিত লক্ষ্মীনাথ বেজবৰুৱা। দেশপ্রেমত উদ্বুদ্ধ বেজবৰুৱাদেৱে অসমীয়া ভাষা সাহিত্যৰ শ্ৰীবৃদ্ধি সাধন কৰাই নহয় অসমীয়া সমাজত থকা কুসংস্কাৰ নিকা কৰি অসমীয়া জাতিৰ অন্তৰত চেতনাৰ বীজ ৰোপণ কৰিলে। লক্ষ্মীনাথ বেজবৰুৱাই একেধাৰে কবিতা, নাটক, উপন্যাস, চুটিগল্প, প্রৱন্ধ, সমালোচনা, জীৱনী আদি সাহিত্যৰ সকলোবোৰ শাখালৈ দি থৈ যোৱা অৱদানে অসমীয়া ভাষা আৰু সাহিত্যক এখোপ আগুৱাই নিলে। অসমীয়া সাহিত্যত প্রথম চুটি গল্প ৰচোঁতা হ’ল- লক্ষ্মীনাথ বেজবৰুৱাই জোনাকী কাকতত চুটিগল্প লিখা আৰম্ভ কৰে। ‘সুৰভি’, ‘জোনবিৰি’, ‘সাধুকথাৰ কুকি আৰু ‘কেহোঁকলি’— এই কেইখন তেওঁৰ চুটিগল্পৰ পুথি।

বেজবৰুৱাই তেওঁৰ গল্পৰ মাজেৰে সেই সময়ৰ অসমীয়া সমাজখনৰ অৱক্ষয়ৰ সকলো দিশ সুন্দৰকৈ ফুটাই তুলিছে। তেওঁ ৰচিত চুটিগল্পবোৰ হ’ল— মুক্তি, মিলাৰামৰ আত্মজীৱনী, পাতমুগী আদি। তেওঁ সেইসময়ত অসমীয়া সমাজত থকা অহংকাৰ, নীচ, ভণ্ডামি আদিৰ পৰা সমাজখনক গল্পৰ দ্বাৰা মুক্ত কৰিব বিচাৰিছিল। তেওঁৰ একমাত্ৰ উপন্যাসখন হ’ল-‘পদুম কুঁৱৰী’। বেজবৰুৱাদেৱে দুই ধৰণৰ নাটক লিখিছিল। এবিধ হাস্য-ৰসাত্মক আৰু আনবিধ বুৰঞ্জীমূলক। ‘লিতিকাই’, ‘নোমল’, ‘পাচনি’ আৰু ‘চিকৰপতি-নিকৰপতি’, হাস্য ৰসাত্মক আৰু ‘জয়মতী কুঁৱৰী’, ‘বেলিমাৰ’ আৰু ‘চক্ৰধ্বজ সিংহ’ বুৰঞ্জীমূলক নাটক।

হাস্য ৰসাত্মক নাটকবোৰৰ মূল উদ্দেশ্য আছিল মানুহক কেৱল আমোদ দিয়া। কিন্তু বুৰঞ্জীমূলক নাটকবোৰৰ উদ্দেশ্য আছিল গভীৰ। তেওঁৰ ৰচিত উপন্যাসৰ ভাষাৰ সৰলতা, পৰিৱেশ, পৰিস্থিতিৰ নিখুঁত বর্ণনাই আৰু আকর্ষণীয় কৰি তুলিছে। বেজবৰুৱাদেৱৰ সাধুকথা আৰু গল্পৰ মাজত বিশেষ পার্থক্য নাছিল বুলিয়েই ক’ব পাৰি। হাস্য ব্যাগৰ প্ৰাধান্যতাও বেজবৰুৱাৰ গল্পত দেখা যায়। সমাজৰ দোষ-ত্রুটি বেজবৰুৱাদেৱৰ গল্পৰ মাজত প্রকাশ পায়। গ্রাম্য জীৱনৰ অশিক্ষিত, সহজ-সৰল, খেতিয়কৰ চিত্ৰও তেওঁ সুন্দৰকৈ উপস্থাপন কৰিছে।



Check Here >>> BA 2nd Sem Assamese Major Booknewgifnvs

Read Also : Gauhati University BA 2nd Sem Assamese Major Notes With Syllabus [Model Answer]newgifnvs


Tags :

  • চুটিগল্প আৰু উপন্যাসঃ ৰূপ - বৈচিত্র্য BA 2nd Sem Assamese Major Question Answer
  • Gauhati University BA 2nd Sem Assamese Major Question Answer
  • Gauhati University BA 2nd Sem Assamese Major Model Questions Answer
  • GU BA 2nd Sem Assamese Major Model Solution
  • ba 2nd sem assamese major question paper
  • BA 2nd Sem Assamese Major Question Answer
  • ba 2nd sem assamese book pdf
  • ba 2nd sem assamese major book pdf
  • Gauhati University BA 2nd Semester Assamese Question and Answer