Follow Us:

মৰ্মান্তিক কবিতাৰ মূলভাব | BA 4th Sem Assamese Question Answer | Class 9 Assamese Question Answer

LearningPointAssam.com

মৰ্মান্তিক কবিতাৰ মূলভাব | Gauhati University BA 4th Sem Assamese Model Questions Answer| GU BA 4th Sem Assamese Model Solution | ba 4th sem assamese question paper | BA 4th Sem Assamese Question Answer | ba 4th sem assamese book pdf | Class 9 Assamese Question Answer

Assamese Notes & Guide Available here নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা মৰ্মান্তিকঃ মৰ্মান্তিক কবিতাৰ মূলভাব Model Solution to each Unit are provided in the list of UG - CBCS Syllabus. We design all notes according to Guwahati University so that you can easily browse through মৰ্মান্তিক কবিতাৰ মূলভাব BA 4th Sem Assamese Question Answer and University Guides and Notes here. নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা মৰ্মান্তিক Question Answer Can be very useful to excel in examinations.

মৰ্মান্তিক কবিতাৰ মূলভাব BA 4th Sem Assamese Question Answer

BA Assamese নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা মৰ্মান্তিক Notes covers all the practice questions of Guwahati University syllabus. মৰ্মান্তিক কবিতাৰ মূলভাব 4th Sem Assamese Question Answer & Class 9 Assamese Question Answer is given here which ensures smooth and easy understanding of all the concepts.  Understand the concepts behind each unit and score well in board exams.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — N/A

নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা মৰ্মান্তিক — ALL Important Question & Answers

GU BA 4th Sem Assamese Questions Answer & Class 9 Assamese Question Answer মৰ্মান্তিক


CONTENTS 

মৰ্মান্তিক কবিতাৰ মূলভাব
Model Question and Answer key






প্ৰশ্নাৱলীঃ

নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা মৰ্মান্তিক Question Answer 

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 5/8/10

Q. 1 | মৰ্মান্তিক কবিতাৰ মূলভাব লিখা।

উত্তৰঃ  গ্রাম্য জীৱনধাৰা আৰু কৃষি অর্থনীতি পতনৰ সংশয়ে কবিৰ মনত জগাই তোলা কাৰুণ্য কবিতাটোৰ মূলভাব ।

কবিতাটোত বর্ণিত ছবিখন অসমৰ গাঁৱলীয়া কৃষিজীৱি সমাজৰ ছবি ৷ পথাৰ, পথাৰৰ কেঁচা আলি, কৃষকৰ মূৰৰ জাপি, কান্ধত ডাঙৰিৰ ভাৰ, খেৰৰ চুবুৰি, বাঁহ-বননি, গান গোৱা চৰাইৰ জাক আদি উপাদানেৰে সমৃদ্ধ গাঁও এখনৰ বৰ্ণনাৰ মাজত কবিৰ প্ৰাকৃতিক সৌন্দর্যপিয়াসী মনটো সুন্দৰভাৱে পৰিস্ফুট হৈছে।

কবিতাটোত অংকিত পথাৰখন সোণবৰণীয়া ধানেৰে ভৰি থকা আঘোণৰ পথাৰ। আঘোণ মানেই অসমীয়া লোকজীৱনৰ আশাৰ সময়, আঘোণৰ সোণোৱালী পথাৰে কৃষকক হাতবাউলি মাতে৷ পুৱাৰ পৰা সন্ধিয়ালৈকে ধান কটা, ডাঙৰি বন্ধা কত যে কাম পথাৰত৷ এনে সময়ত দিনটো তেওঁৰ লগত থাকে সোণবৰণীয়া ৰ’দ, গান গোৱা চৰাইজাক। বেলি লহিওৱাৰ পৰত অর্থাৎ নির্দিষ্ট সময়ত কাম সামৰি পথাৰৰ কেঁচা আলিয়েদি কান্ধত ডাঙৰি বান্ধি কৃষকে প্রস্থান কৰে। তেওঁৰ লগত নেদেখা হয় সোণবৰণীয়া ৰ’দ গান গোৱা চৰাইজাকো সেই সময়তে নীড়মুখী হয়। দিনটো উখল-মাখল হৈ থকা চুবুৰিটোৰ খেৰৰ পঁজাবোৰ সন্ধিয়া নিজম হৈ পৰে৷ এয়া কৃষিপ্রধান সমাজৰ পৰিচিত দৃশ্য। যিদৰে কৃষকে কান্ধত লৈ যোৱা ডাঙৰিৰ জিবিক মাতৰ ছন্দ বহু সময়লৈ মানুহৰ কাণত অণুৰণিত হৈ থাকে একেদৰে মানুহৰ মনৰ পৰা সহজে মচ নাখায় এই সমগ্র দৃশ্যাবলী। পিছদিনা পুৱাই যেন পুনৰাবৃত্তি হ’ব সেই একেই দৃশ্যৰ ৷

      এনে সম্ভাৱনাক লৈ কিন্তু কবিমন শংকিত। কেঁচা আলিৰে কৃষকে অহা-যোৱা কৰে। কেঁচা আলি অস্থায়ী, ক্ষন্তেকতে ইয়াৰ চিন- মোকাম নোহোৱা হ’ব পাৰে। আলিয়েই যদি নাথাকে কৃষক কোনটো বাটেৰে উভতি আহিব?

কৃষকৰ পথাৰৰ পৰা প্ৰস্থানৰ ঘটনা একেবাৰে সাধাৰণ হ’লেও কবিয়ে তাক প্রতীকী অৰ্থতহে ব্যৱহাৰ কৰিছে। কবিয়ে যিজন কৃষকক কবিতাটোত স্থান দিছে তেওঁ দৰাচলতে সমগ্ৰ কৃষি যুগৰ প্ৰতীক। কবিৰ সংশয় উপজিছে যে নির্দিষ্ট সময়ত কৃষকে পথাৰৰ পৰা প্রস্থান কৰাৰ দৰে কৃষিজীৱী সমাজ বা কৃষি যুগো যেন নাইকিয়া হ’ব। সময়ৰ লগে লগে সমাজ জীৱনৰো পৰিৱৰ্তন হয়। অসমীয়া সমাজ জীৱনলৈও যেন আগমন ঘটিব শিল্প অৰ্থনীতিৰ। শিল্প সভ্যতাৰ উত্থানে যেন কঢ়িয়াই আনিব কৃষি অর্থনীতিৰ বিদায়। কৃষিৰ লগত জড়িত গাঁৱলীয়া সমাজৰ ছন্দোময় গতি যেন স্থৱিৰ হৈ পৰিব। প্ৰাণ-প্রাচুর্যময় লোক জীৱনক যেন গ্ৰাস কৰিব আধুনিক যন্ত্র যুগে।

কবিতাটোত বর্ণিত জীৱনমুখী সমাজ এখনলৈ কিদৰে নামি আহিব পাৰে কৃত্রিমতা তাৰ মর্মান্তিক চিত্রণে কবিতাটোক কাৰুণ্যৰে সিক্ত কৰি তুলিছে।


নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা মৰ্মান্তিক Question Answer 

Q. 2 | তাৎপর্য ব্যাখ্যা কৰা

              কোনে জানে

                   তেওঁ আৰু

              এই জন্মত

      উভতি আহিবনে নাহে?

উত্তৰঃ ‘মর্মান্তিক’ কবিতাটিত পথাৰৰ আলিয়েদি কান্ধত মেটমৰা ধানৰ ডাঙৰি লৈ জিৰিক জিৰিক শব্দ কৰি কৃষকজন আঁতৰি যােৱাৰ লগে লগেই কবিতাৰ কাহিনীৰ অৱসান ঘটা নাই। তেওঁৰ পাছে পাছে আঘােণৰ সােণােৱালী ৰ’দ, খেৰৰ চুবুৰিটো, বাঁহ-বননিৰ কেঁচা আলিটো আৰু গান গােৱা চৰাইজাক লাহে লাহে আঁতৰি গৈছে। একেলগে ইমানবােৰ বস্তু আৰু প্রাণী আঁতৰি যােৱা কথাটোৱে স্বাভাৱিকতেই আমাক মনত আঘাত কৰে। কাৰণ জীৱনৰ প্রাচুর্য যেতিয়া বেলি লহিওৱাৰ পৰত জিৰিক জিৰিক মাতেৰে অর্থাৎ বিশেষ ভঙ্গিমাতে অস্থায়ী কেঁচা আলিয়েদি আতৰি যায়— তেতিয়া আৰু মানুহৰ জীৱনত খলকনি তােলাৰ আনন্দ নাথাকে। গতিকে কবিৰ শংকা অমূলক নহয়। সেয়ে তেওঁ কৈছে, “কোনে জানে তেওঁ আৰু এই জন্মত উভতি আহিবনে নাহে।” এনে সংশয় আৰু বিচ্ছিন্নতাবােধৰ গভীৰ বেদনাই কবিতাটি কাৰুণ্যৰে পৰিপূৰ্ণ কৰি তুলিছে। কবিতাটিত কৃষক গৰাকী হৈছে এটা যুগৰ প্ৰতীক—— অর্থাৎ ‘তেওঁ শব্দই কেৱল এগৰাকী বিশেষ কৃষকক নুবুজাই সমগ্র কৃষি যুগটোকে বুজাইছে। কৃষি যুগৰ অৱসানৰ লগে, লগেই এটা নতুন শিল্প যুগৰ আগমন ঘটিব আৰু কেঁচা আলিবাট, খেৰৰ চুবুৰি বাঁহ-বননিৰ অবসান ঘটিব। কৃষি যুগ পুনৰ উভতি আহিবনে নাহে – এই প্রশ্ন কবিৰ মনত জাগিছে।



Tags :

মৰ্মান্তিক কবিতাৰ মূলভাব

Gauhati University BA 4th Sem Assamese Model Questions Answer

GU BA 4th Sem Assamese Model Solution

ba 4th sem assamese question paper | BA 4th Sem Assamese Question Answer

ba 4th sem assamese book pdf

Class 9 Assamese Question Answer