Follow Us:

BA 4th Sem Education Chapter — 2 জাতীয়তাবাদৰ বৃদ্বি আৰু শিক্ষাত ইয়াৰ প্ৰভাৱ | Raise of Nationalism and its impact on Education 4th Semester (New) Model Solutions In Assamese

LearningPointAssam.com

আমাৰ প্লেটফৰ্মলৈ আপোনাক স্বাগতম, য'ত আমি TDC 4th Semester-ৰ শিক্ষাৰ্থীসকলক তেওঁলোকৰ পৰীক্ষাত উৎকৃষ্ট হোৱাত সহায় কৰিবলৈ বিভিন্ন ধৰণৰ অনলাইন অধ্যয়ন সামগ্ৰী আগবঢ়াওঁ। Gauhati University পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি BA Education 4th Semester (Regular & General) Question and Answer ইয়াত প্রদান কৰা হৈছে। যাতে, ছাত্র-ছাত্রীসকলে প্রতিটো অধ্যায়ৰ ধাৰণাবোৰ ভালদৰে বুজি পায় আৰু প্রয়োজনীয় এটা নিৰ্বাচন কৰিব পাৰে। আমাৰ ৱেব পৰ্টেলত শৈক্ষিক তত্ত্ব আৰু অনুশীলনৰ বিষয়ে কিতাপৰ বিষয়বস্তুৰ উপৰিও TDC 4th Year Education Previous years Question Paper-ৰ লগতে আৰ্হি সমাধানো প্ৰদান কৰা হয়। গতিকে, BA 4th Semester (Regular Course) Education Model Answer |Chapter-2| জাতীয়তাবাদৰ বৃদ্বি আৰু শিক্ষাত ইয়াৰ প্ৰভাৱ (Raise of Nationalism and its impact on Education) পাঠটোৰ অতি চমু, চমু, সংক্ষিপ্ত আৰু ৰচনাধৰ্মী প্ৰশ্ন আৰু উত্তৰ সমূহ তলত সহজ-সৰল ভাষাত আলোচনা কৰা হৈছে যিয়ে আপোনাক পৰীক্ষাত সহায় কৰিব।

BA 4th Sem Education Chapter — 2 জাতীয়তাবাদৰ বৃদ্বি আৰু শিক্ষাত ইয়াৰ প্ৰভাৱ | Raise of Nationalism and its impact on Education 4th Semester (New) Model Solutions In Assamese

BA Education 4th Semester (EDU-RC-4016 / EDU-HG-4016) Solutions in Assamese|Chapter-2| জাতীয়তাবাদৰ বৃদ্বি আৰু শিক্ষাত ইয়াৰ প্ৰভাৱ (Raise of Nationalism and its impact on Education) প্রশ্নোত্তৰ, যি Learningpointassam.com প্ৰদান কৰে সেইবোৰ বিশেষজ্ঞ শিক্ষকৰ দ্বাৰা পাঠ্যভিত্তিক প্ৰশ্ন আৰু উত্তৰৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ পৰীক্ষাত সহায় কৰিবলৈ Gauhati University syllabus অনুসৰি অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ প্ৰস্তুত কৰা হৈছে।


জাতীয়তাবাদৰ বৃদ্বি আৰু শিক্ষাত ইয়াৰ প্ৰভাৱ (Raise of Nationalism and its impact on Education)

Chapter — 2 Model Solutions

 

BA Education 4th Sem (ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাস HISTORY OF EDUCATION IN INDIA) Book solutions
Paper Code EDU-RC-4016 / EDU-HG-4016


প্রশ্নাবলীঃ

তলৰ প্রশ্নসমূহৰ অতি চমু উত্তৰ দিয়া ( Very Short Questions ) :

Q. 1 | ভাৰতবৰ্ষৰ পোনপ্ৰথমবাৰৰ বাবে, কোনে প্রাথমিক শিক্ষাক বাধ্যতামূলক কৰিবলৈ বিচাৰিছিল?

উত্তৰঃ গোপাল কৃষ্ণ গোখলেই।

Q. 2 | কলিকতা বিশ্ববিদ্যালয় আয়োগখনক হাণ্টাৰ আয়োগ / চেদলাৰ আয়োগ / বিশ্ববিদ্যালয় আয়োগ / কোঠাৰী আয়োগে ৰূপে জনা যায়।

উত্তৰঃ চেদলাৰ আয়োগ।

Q. 3 | চেদলাৰ কমিচন ৰিপৰ্ট গঠন কৰা হয় 1912/1914/ 1927/ 1919 চনত।

উত্তৰঃ 1917 চনত।

Q. 4 | বাৰ্দ্ধা শিক্ষাৰ আঁচনি প্ৰণন কৰা হৈছিল 1947/ 1937 / 1927/ 1917 চনত।

উত্তৰঃ 1937 চনত।

Q. 5 | 1917 চনত চেদলাৰ আয়োগৰ প্ৰতিবেদন প্রকাশ পায়। (শুদ্ধ নে অশুদ্ধ লিখা)

উত্তৰঃ  শুদ্ধ।

Q. 6 |  লর্ড মেকলে কোন আছিল।

উত্তৰঃ লর্ড মেকলে এজন ইংৰাজী প্রশাসক আছিল। ইংৰাজী ভাষা সাহিত্যত পাণ্ডিত্য থকাৰ উপৰিও তেওঁ আছিল এজন চতুৰ আইনজ্ঞ আৰু ছার্কিক।

Q. 7 | কোন চনত অসম প্রাথমিক শিক্ষা আইনখন গৃহীত হয়?

উত্তৰঃ ১৯২৬ চনত।

Q. 8 | অসম বুনিয়াদী শিক্ষা আইনখন কোন চনত গৃহীত হয়?

উত্তৰঃ ১৯৫৪ চনত।

Q. 9 | কোন বছৰত হার্টগ কমিটি নিয়োগ কৰা হৈছিল?

উত্তৰঃ  ১৯২৯ চনত।

Q. 10 | প্রাথমিক শিক্ষাৰ এটা মুখ্য সমস্যা উল্লেখ কৰা।

উত্তৰঃ  প্ৰাথমিক শিক্ষাৰ এটা মুখ্য সমস্যা হৈছে অপচয়।

Q. 11 |  বুনিয়াদী শিক্ষাৰ অকৃতকাৰ্যতাৰ যি কোনো এটা কাৰণ উল্লেখ‌ কৰা।

উত্তৰঃ বুনিয়াদী শিক্ষাই শিশুৰ খেলাৰ প্ৰকৃতিৰ প্ৰতি সম্পৰ্ক উদাসীন।

Q. 12 | চেদলাৰ আয়োগৰ মতে স্নাতক পৰ্যায়ৰ শিক্ষা কাল — 

উত্তৰঃ তিনি বছৰীয়া।

Q. 13 | হার্টগ কমিটিৰ মতে কোনটো পৰ্যায়ৰ শিক্ষাৰ অৱস্থা অতি শোচনীয়া আছিল?

উত্তৰঃ  প্ৰাথমিক শিক্ষা।

Q. 14 | বার্দ্ধা সম্মিলনৰ সভাপতি আছিল —

উত্তৰঃ গান্ধীজী নিজে।

Q. 15 | ফিলিপ হার্টগ চেদলাৰ আয়োগৰ সদস্য আছিল। (সঁচা নে মিছা)

উত্তৰঃ সঁচা।

Q. 16 | চেদলাৰ আয়োগৰ মূল উদ্দেশ্য আছিল কলিকতা বিশ্ববিদ্যালয়ৰ সংস্কাৰ কৰা। (সঁচা নে মিছা)

উত্তৰঃ সঁচা।

Q. 17 | বুনিয়াদী শিক্ষা স্বাৱলম্বীতাৰ শিক্ষা আছিল। (সঁচা নে মিছা)

উত্তৰঃ সঁচা।

Q. 18 | বিশ্ববিদ্যালয়ৰ শিক্ষা সম্বন্ধে চেদলাৰ আয়োগৰ এটা পৰামৰ্শ উল্লেখ কৰা।

উত্তৰঃ বিশ্ববিদ্যালয়ৰ ওপৰত চৰকাৰৰ কঠোৰ নিয়ন্ত্রণ থাকিব নালাগে। যিমান পাৰি মুক্ত আৰু স্বাধীনতাৰে বিশ্ববিদ্যাল.সমূহক কাম কৰিব দিব লাগে।

Q. 19 | আন্তঃবিশ্ববিদ্যালয় বর্ষ কেতিয়া গঠন কৰা হয়?

উত্তৰঃ ১৯২৬ চনত।

Q. 20 | 'হৰিজন' কাকত কোনে প্রকাশ কৰিছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে।



তলৰ প্রশ্নসমূহৰ অতি চমু উত্তৰ দিয়া ( Very Short Questions ) :

Q. 1 | 1911 চনত গোখলেৰ বিলৰ দুটা পৰামৰ্শ দাঙি ধৰা।

উত্তৰঃ 1911 চনৰ গোখলেৰ বিলৰ দুটা পৰামৰ্শ হ'ল -

  • ক) চৰকাৰৰ অনুমোদন পোৱাৰ পিছত স্থানীয় কর্তৃপক্ষই প্রাথমিক শিক্ষা বাধ্যতামূলক নীতি গ্রহণ কৰিব আৰু সেইমতে জাননী দিব।
  • খ) স্কুলৰ মুঠ ব্যয়ৰ দুই-তৃতীয়াংশ চৰকাৰে আৰু এক-তৃতীয়াংশ স্থানীয় কর্তৃপক্ষই বহন কৰিব লাগে।

Q. 2 | ১৯১১ চনৰ গোখলেৰ বিলৰ সুফল দুটা উল্লেখ কৰা।

উত্তৰঃ ১৯১১ চনৰ গোখলেৰ বিবল সুফল দুটা হ'ল—

  • ক) ভাৰতৰ শিক্ষাৰ প্ৰতি থকা দাবী আৰু প্ৰয়োজনীয়তাৰ কথা বিবেচনা কৰি ইংৰাজ চৰকাৰেও তেওঁলোকৰ নীতি আৰু দৃষ্টিভংগীৰ সলনি কৰিবলৈ বাধ্য হৈ পৰিল।
  • খ) গোখলেৰ প্ৰচেষ্টাৰ ফলতে চৰকাৰে শিক্ষাৰ দপ্তৰটো সৃষ্টি কৰিলে।

Q. 3 | চেদলাৰ আয়োগৰ দুটা প্ৰধান পৰামৰ্শ লিখা।

উত্তৰঃ চেদলাৰ আয়োগৰ দুটা প্রধান পৰামৰ্শ হ'ল -

  • ক) ভাৰতত উচ্চ শিক্ষাৰ সম্প্ৰসাৰণ কৰা হ'ব।
  • খ) দেশত আৰু কিছুমান বিশ্ববিদ্যালয় চৰকাৰে স্থাপন কৰিব।

Q. 4 | বুনিয়াদী শিক্ষাৰ ত্রুটিসমূহ লিখা।

উত্তৰঃ বুনিয়াদী শিক্ষাৰ ত্রুটিসমূহ হ'ল -

  • ক) প্রকৃতপক্ষে এই আঁচনিৰ কোনো শিক্ষাগত মূল্য নাই।
  • খ) এটি বিশেষ হস্তশিল্পক শিক্ষাকেন্দ্ৰৰূপে ৰাখিলে ছাত্ৰৰ বহুমুখী প্রতিভাৰ বিকাশ নহ'ব।


Q. 5 | বুনিয়াদী শিক্ষাৰসবলতা আৰু দুৰ্বলতাবোৰ উল্লেখ কৰা।

উত্তৰঃ বুনিয়াদী শিক্ষাৰ সবলতাঃ —

ক) বুনিয়াদী শিক্ষাই প্রাথমিক শিক্ষাক বাধ্যতামূলক কৰাত সহজ কৰি দিলে। ইংৰাজ শাসক লক্ষৰ মনতো শিক্ষা বাধ্যতামূলক কবলৰ ধাৰণা জন্মালে আৰু তেওঁলোকৰ দায়দ্ধতা বৃদ্ধি কৰালে।

খ) মাতৃভাষা শিক্ষাৰ মাধ্যম হোৱাত ইংৰাজী ভাষাৰ প্ৰতি থকা অহেতুক আকর্ষণ ভালিেখনি কমালে আৰু সাধাৰণ মানুহক শিক্ষাৰ প্ৰতি ধাউতি বঢ়ালে।

গ) শিক্ষাত মনোবৈজ্ঞানিক চিন্তা ধাৰা আহিল। শিশুকেন্দ্রিক শিক্ষাই শিশুৰ সৃষ্টিশীল গঠনাত্মক প্রবৃত্তি আৰু সক্ষমতাসমূহৰ সম্পূৰ্ণ বিকাশত সহায় কৰিলে।

ঘ) কর্মকেন্দ্রিক শিক্ষাই শিল্পব্যৱস্থাক জীৱনৰ লগত সংযোগ কৰিলে। উৎপাদন মুখী শিক্ষাই শিক্ষার্থীক আর্থিক স্বাৱলম্বীতাৰ ধাৰণা আনিলে।

ঙ) বুনিয়াদী শিক্ষা বিনামূলীয়া হোৱা কাৰণে দুখীয়া ভিভাৱকসকলৰ মনতো শিক্ষাৰ প্ৰতি ধাউতি বঢ়ালে।


বুনিয়াদী শিক্ষাৰ দুৰ্বলতাঃ —


ক) এই আঁচনি অসুস্থ আছিল বাবেই সময় আৰু পৰিস্থিতিৰ আহ্বানত মৃত্যু হ'বলৈ বাধ্য হ'ল।

খ) একমাত্ৰ গান্ধীজীৰ প্ৰতি ন্মান আৰু সৎভাৱ থকাৰ বাবেই একমাত্ৰ আৱেগিক দৃষ্টিকোণৰ পৰা আঁচনি ভাৰতত গৃহীত হৈছিল।

গ) এই আঁচনি নতুনত্বহীন কিয়নো বহুত আগতেই স্কেনচাৰ, জন ডিউইৱে কৰ্মৰ মাজেৰে শিক্ষা দিয়াৰ নীতি গ্রহণ কৰিছিল।

ঘ) এই শিক্ষাত বিজ্ঞান আৰু প্ৰযুক্তিৰ স্থান নাই বাবে এই শিক্ষা বিজ্ঞানৰ যুগত অচল।

ঙ) এই শিল্পই ভাৰতীয় সভ্যতাক পিছুৱাই নিয়াৰ চেষ্টা কৰিছিল বুনিয়াদী শিক্ষাৰ পতনে ভাৰতক উন্নতিৰ ফালে ধাৱমান হোৱাত সহায়হে কৰিলে।

Q. 6 | বুনিয়াদী শিক্ষাৰ কাৰ্যসূচী সম্পর্কে চমুকৈ লিখা।


উত্তৰঃ বুনিয়াদী শিক্ষাৰ এক কর্মকেন্দ্ৰীক শিক্ষা হোৱা বাবে দৈনিক কাৰ্যসূচীৰ বেছি অংশই প্রধান শিল্পবিধ শিকাতেই খৰচ কৰা হৈছিল। অন্যান্য বিষয়সমূহৰ বাবেও আছুতিয়াকৈ সময় নিৰ্ধাৰণ কৰা হয় যদিও আনুসংগিক বিষয়সমূহে। শিল্প শিক্ষাৰ মাজত দিয়াৰ ব্যৱস্থা কৰা হৈছিল। এটা শৈক্ষিক বছৰত ২৮৮ দিন কৰ্মৰত বুলি ধাৰ্য কৰি বিভিন্ন বিষয়ৰ সময়ৰ বিভাজন তলত দিয়া ধৰমে কৰা হৈছে।

দিনটোৰ কাম সময়ৰ পৰিমাণ
ক) প্রধান শিল্প
খ) মাতৃভাষা
গ) সংগীত, চিত্রশিল্প, গণনা
ঘ) সাধাৰণ বিজ্ঞান, সমাজ অধ্যয়ন
ঙ) শৰীৰ চৰ্চা
চ) মধ্য বিৰতি
৩ ঘঃ ২০ মিঃ
৪০ মিঃ
৪০ মিঃ
৩০ মিঃ
১০ মিঃ
১০ মিঃ

মুঠ = ৫ ঘঃ ৩০ মিঃ




Tags :

  • BA 4th Sem Education Chapter — 2 জাতীয়তাবাদৰ বৃদ্বি আৰু শিক্ষাত ইয়াৰ প্ৰভাৱ | Raise of Nationalism and its impact on Education 4th Semester (New) Model Solutions In Assamese
  • ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাস 4th semester chapter 2 question answers 
  • জাতীয়তাবাদৰ বৃদ্বি আৰু শিক্ষাত ইয়াৰ প্ৰভাৱ question answers 4th semester education
  • BA 4th Sem Education Chapter — 2 Model Solutions In Assamese