Follow Us:

ৰাজনৈতিক তত্ত্বৰ পৰিচয় B.A 1st Semester Political Science Major Chapter — 1 Solutions As Per UG-CBCS Syllabus

LearningPointAssam.com

In this article we are providing Political Science B.A First Semester ৰাজনৈতিক তত্ত্বৰ পৰিচয় (Introducing Political Theory) Chapter 1 Questions and Answers, Notes and Guide as per BA 1st Sem Political Science Major UG CBCS Syllabus. যাতে, ছাত্র-ছাত্রীসকলে এই সমাধাণৰ পৰা উপকৃত হ'ব পাৰে আৰু board examsৰ বাবে আগতি প্রস্তুতি চলাব পাৰে । ৰাজনৈতিক তত্ত্বৰ পৰিচয় পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ইয়াত সহজ সৰল ভাষাত প্ৰদান কৰা হৈছে, গতিকে তলত দিয়া question আৰু answerৰ প্রতিটো বাক্য-শাৰী ভালদৰে বুজিলওক নাইবা note down কৰি লওঁক যিয়ে আপোনাক পৰীক্ষাত সহায় কৰিব।

ৰাজনৈতিক তত্ত্বৰ পৰিচয় B.A 1st Semester Political Science Major Chapter — 1 Solutions As Per UG-CBCS Syllabus

Gauhati University Answer Bank for BA First Semester Political Science (POL-HC-1016) Notes. ৰাজনৈতিক তত্ত্বৰ পৰিচয় BA 1st Year Political Science Major Chapter 1 Notes ইয়াত দিয়া হৈছে । গতিকে ছাত্র-ছাত্রীসকল সলকলো প্রশ্ন আৰু উত্তৰৰ ধাৰনাবোৰ ভালদৰে বুজিৱ আৰু Board/Final Exam-ত ভাল নম্বৰ প্রাপ্ত কৰিৱ । যিসকলে Gauhati University CBCS TDC 1st Semester Political Science Honours Suggestions & Notes ৰাজনৈতিক তত্ত্বৰ পৰিচয় প্রশ্ন উত্তৰ বিচাৰি আছে তেওঁলোকে প্রয়োজন অনুযায়ী তলত দিয়া প্রশ্নসমূহ পঢ়িব, লিখিব পৰে ।


Chapter — 1 

ৰাজনৈতিক তত্ত্বৰ পৰিচয় (Introducing Political Theory)  — ALL Important Question & Answers

 

GU BA 1st Sem Political Science POL-HC-1016 Questions & Answer :



CONTENTS

ৰাজনৈতিক তত্ত্বৰ পৰিচয় (Introducing Political Theory)
Model Question and Answer key


 


প্ৰশ্নাৱলীঃ

ৰাজনৈতিক তত্ত্বৰ পৰিচয় — Gauhati University BA 1st Sem Political Science Major Question and Answer is here....

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 1/2/3/5

Q. 1 | ৰাজনীতি বুলিলে কি বুজা ?

উত্তৰঃ ৰাজনীতি বুলিলে আমাৰ সামাজিক জীৱনত ঘটা কোনো এক পৰিঘটনাক বুজোৱা হয়।

Q. 2 | ৰাজনীতিৰ সংজ্ঞা দিয়া ? (Define Politics.)

উত্তৰঃ ৰাজনীতি    হল     ক্ষমতা    প্ৰয়োগৰ     ক্ষেত্ৰত কৰা   প্ৰতিদ্বন্দিতা আৰু   সহযোগিতাৰ   ক্ৰিয়া কলাপৰ       লগত     জড়িত      আৰু      কোনো    এটা   গোটৰ    বাবে চূড়ান্ত   সিদ্ধান্ত     গ্ৰহণৰ বিষয়ৰে    বৈশিষ্ট্যপূৰ্ণ      এটা সামাজিক প্ৰক্ৰিয়া।

Q. 3 | ''Modern Politics and Government'' গ্ৰন্থৰ লিখক কোন ?

উত্তৰঃ '' Modern Politics and Government '' গ্ৰন্থৰ লিখক হল — Alan Ball.

Q. 4 | ৰাজনীতি বিজ্ঞানৰ সংজ্ঞা দিয়া। (Define Political Science.)

উত্তৰঃ ৰাষ্ট্ৰ আৰু ইয়াৰ শাসনকাৰ্যৰ লগত জড়িত বিষয়সমূহৰ সম্পৰ্কে আলোচনা কৰাটোৱেই হল ৰাজনীতি বিজ্ঞান। ৰাজনীতি বিজ্ঞান হ'ল স্বাধীনতা আৰু সার্বভৌমত্বৰ বিজ্ঞান। কিছুসংখ্যক ৰাজনৈতিক চিন্তাবিদৰ মতে ৰাজনীতি বিজ্ঞান হল ৰাষ্ট্ৰৰ বিজ্ঞান।

Q. 5 | ৰাজনৈতিক বুলিলে কি বুজা ?

উত্তৰঃ ৰাজনৈতিক শব্দটোৱে যিকোনো উমৈহতীয়া বিষয়ক বুজায়।

Q. 6 | 'Politics and Vision' গ্ৰন্থৰ লিখক কোন ?

উত্তৰঃ '' Politics and Vision' গ্ৰন্থৰ লিখক হল — Sheldon S.Wolin .

Q. 7 | আদৰ্শগত ৰাজনৈতিক তত্ত্বৰ দুজন সমৰ্থকৰ নাম লিখা। (Write two supporters of normative political theory.)

উত্তৰঃ আদৰ্শগত     ৰাজনৈতিক   তত্ত্বৰ    দুজন সমৰ্থকৰ নাম হল- এৰিষ্টটল    আৰু    প্লেটো।

Q. 8 | অভিজ্ঞতাবাদী ৰাজনৈতিক তত্ত্বৰ দুজন সমৰ্থকৰ নাম লিখা। (Write two supporters of empirical political theory.)

উত্তৰঃ  অভিজ্ঞতাবাদী        ৰাজনৈতিক        তত্ত্বৰ       দুজন সমৰ্থকৰ নাম হ'ল- 


Q. 10 | ৰাজনীতিৰ ধাৰণা আৰু প্ৰকৃতি ব্যাখ্যা কৰা। (Explain the concept and nature of Politics.)


উত্তৰঃ প্ৰথমতে ৰাজনীতিক ৰাজহুৱা খণ্ড, সংসদ, নিৰ্বাচন, মন্ত্ৰালয়, আদিৰ প্ৰতিহে সচেতন আৰু ব্যক্তিৰ  কাৰ্যকলাপৰ অন্যান্য দিশসমূহৰ সৈতে কিছু প্ৰাসঙ্গিকতা থকা বিষয় হিচাপে ধাৰণা কৰা হয়। দ্বিতীয়তে, ৰাজনীতিক কেৱল মাত্ৰ দলীয় ৰাজনীতি আৰু ৰাজনীতিবিদসকলৰ ক্ষমতা দখলৰ বিভিন্ন কৌশল হিচাপে বিভ্ৰান্ত কৰাৰ ভয়াবহতা দেখা যায়।

Q. 11 | ৰাজনীতিক এক প্ৰক্ৰিয়া হিচাপে আলোচনা কৰা। (Discuss politics as a process.)

উত্তৰঃ প্ৰথমতে ৰাজনীতিক ৰাজহুৱা খণ্ড, সংসদ, নিৰ্বাচন, মন্ত্ৰালয়, আদিৰ প্ৰতিহে সচেতন আৰু ব্যক্তিৰ  কাৰ্যকলাপৰ অন্যান্য দিশসমূহৰ সৈতে কিছু প্ৰাসঙ্গিকতা থকা বিষয় হিচাপে ধাৰণা কৰা হয়। দ্বিতীয়তে, ৰাজনীতিক কেৱল মাত্ৰ দলীয় ৰাজনীতি আৰু ৰাজনীতিবিদসকলৰ ক্ষমতা দখলৰ বিভিন্ন কৌশল হিচাপে বিভ্ৰান্ত কৰাৰ ভয়াবহতা দেখা যায়। আনহাতে আকৌ সৰ্বসাধাৰণৰ ৰাজনীতিৰ প্ৰতি থকা ধাৰণা ওপৰোক্ত সমস্যা দুটাতকৈ পৃথক। সৰ্বসাধাৰণৰ মাজত ৰাজনীতি বুলিলে ৰাজহুৱা সভা, সমদল, শ্লোগান, বিক্ষোভ প্ৰদৰ্শন, দাবী, ধৰ্মঘট, কন্দুৱা-গেছ, লাঠী চালনা, মিছা প্ৰতিশ্ৰুতিৰে নিৰ্বাচনত কৰা প্ৰতিদ্বন্দ্বিতা, সেই প্ৰতিশ্ৰুতি পূৰণৰ মিছা প্ৰতিবেদন আদিৰ ধাৰণাই মনলৈ আহে। এনে অস্পষ্ট ধাৰণাসমূহৰ বাবে ৰাজনীতিক সততে নীচ লোকৰ শেষ আশ্ৰয় হিচাপে গণ্য কৰ হয়। সেয়েহে ৰাজনীতিক এক লেতেৰা খেল হিচাপে ধৰি লৈ ছাত্ৰ সমাজক ৰাজনীতিৰ এই খেলৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ বা বিচাৰক তথা বুদ্ধিজীৱিক ৰাজনীতিৰ উদ্বৰ্ত কাম কৰিবলৈ আহ্বান জনোৱা হয়।

Q. 12 | ৰাজনীতি হল মূল্যৰ কৰ্তৃত্বসম্পন্ন বণ্টন- আলোচনা কৰা। (Politics is the authoritative allocation of values- Discuss.)

উত্তৰঃ David    Easton -  ৰ   মতে,    ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন হল মূল্যৰ   কৰ্তৃত্বসম্পন্ন বণ্টনৰ বিষয় যি ক্ষমতা   বিতৰণৰ প্ৰয়োগৰ    দ্বাৰা প্ৰভাৱিত হয় ( Political science is the study of the official allocation of values  ​​as influenced by the distribution    and    use   of   power)।

Q. 13 | ৰাজনীতিৰ মূল বৈশিষ্ট্যসমূহৰ বৰ্ণনা দিয়া। (Explain the main features of  Politics.)


উত্তৰঃ ৰাজনৈতিক তত্ত্বৰ মূল বৈশিষ্ট্যসমূহ হলঃ —

১) ৰাজনৈতিক তত্ত্বই কোনো এক নিৰ্দিষ্ট বিষয়বস্তু সম্পৰ্কে কিছুমান মৌলিক ধাৰণা গঢ় দিয়ে। অৰ্থাৎ কোনো এক বিষয়ৰ ওপৰত পদ্ধতিগত অনুসন্ধান চলাই এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হয়।

২) ৰাজনৈতিক তত্ত্ব আদৰ্শবাদী বা অভিজ্ঞতাবাদী হব পাৰে।

৩) ৰাজনৈতিক তত্ত্বই আগবঢ়োৱা যুক্তিযুক্ত সিদ্ধান্তসমূহ পৰিৱৰ্তনশীল হব পাৰে। পৰিৱেশ, পৰিস্থিতিৰ তাগিদাত ই নমনীয় স্থিতি গ্ৰহণ কৰে।

৪) ৰাজনৈতিক তত্ত্বই ৰাজনীতি, ৰাষ্ট্ৰ, চৰকাৰ আৰু ৰাজনৈতিক সংস্থাৰ বাস্তৱতাৰ তাত্বিক বিশ্লেষণ আগবঢ়ায়।

৫) ই নাগৰিকৰ ৰাজনৈতিক জীৱনধাৰা, ৰাজনৈতিক আচৰণ, ৰাজনৈতিক ধ্যান-ধাৰণা, চৰকাৰ আৰু চৰকাৰৰ কাৰ্য্যৱলী অধ্যয়ন কৰে।

Q. 14 | ৰাজনীতি আৰু ৰাজনীতি বিজ্ঞানৰ সম্পৰ্ক আলোচনা কৰা। (Discuss the relationship between politics and political science.)


উত্তৰঃ প্ৰাচীন গ্ৰীচ দেশৰ নগৰ ৰাষ্ট্ৰসমূহৰ শাসন ব্যৱস্থাক কেন্দ্ৰ কৰিয়েই মূলত ৰাজনীতি গঢ়ি উঠিছিল। সেয়েহে এৰিষ্টটলে নগৰৰাষ্ট্ৰৰ শাসন ব্যৱস্থাসম্পৰ্কে আলোচনা কৰা বিষয়কে ৰাজনীতি বুলি অভিহিত কৰিছিল। বৰ্তমান সময়ত ৰাজনীতি শব্দটোৱে এখন ৰাষ্ট্ৰ তথা চৰকাৰে সম্মুখীন হোৱা সমসাময়িক সমস্যাৱলীক বুজায়। ইয়াৰ লগতে ৰাজনীতি বুলিলে ইয়াৰ ব্যৱহাৰিক দিশটোকে বুজোৱা হয়। চৰকাৰ গঠন প্ৰক্ৰিয়া, চৰকাৰৰ কাৰ্যাৱলী, প্ৰশাসন, আইন প্ৰণয়ন আদি ব্যৱহাৰিক ৰাজনীতিৰ  অন্তভুক্ত বিষয়। ইয়াৰ উপৰিও ই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ বিষয়সমূহ যেনে যুদ্ধ আৰু শান্তি, আন্তজাৰ্তিক বাণিজ্য, অৰ্থনৈতিক শৃংখলা, অধিকাৰ আৰু ইয়াৰ সংৰক্ষণ আদিকো সামৰি লয়। ৰাজনীতিয়ে ৰাজনৈতিক উদ্দেশ্য সাধনৰ উপায় বা কলা কৌশলকো বুজায়। অৰ্থাৎ চৰকাৰ, দল বা সংগঠনসমূহে ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰাটোকে ব্যৱহাৰিক ৰাজনৈতিক অংশ বুলিব পাৰি।

Q. 15 | ৰাজনৈতিক তত্ত্বৰ সংজ্ঞা দিয়া। ইয়াৰ প্ৰকৃতি আলোচনা কৰা। (Define political theory. Discuss its nature.)

উত্তৰঃ বহল অৰ্থত    ৰাজনৈতিক   তত্ত্ব   ৰাজনীতিৰ লগত     জড়িত     আৰু   সীমিত    অৰ্থত ই ৰাজনৈতিক সমস্যাৱলীৰ প্ৰণালীবদ্ধ অনুসন্ধানকে বুজায়।

    ৰাজনৈতিক তত্ত্বৰ প্ৰকৃতি অনুধাবন কৰিলে দেখা যায় যে ই হল ৰাজনৈতিক চিন্তাবিদসকলৰ বিক্ষিপ্ত চিন্তাধাৰাৰ ফল। বিভিন্ন ৰাজনৈতিক চিন্তাবিদে ইয়াক বিভিন্ন দৃষ্টিভঙ্গীৰে বিচাৰ কৰি চাইছে। কেতিয়াবা যদি ইয়াক ৰাজনৈতিক দৰ্শনৰ অন্তৰ্ভূক্ত কৰিব বিচৰা হৈছে আন কেতিয়াবা আকৌ ইয়াৰ বিজ্ঞানসন্মত দৃষ্টিভংগীৰে বিশ্লেষণ আগবঢ়োৱা হৈছে। যিকি নহওক, ৰাজনৈতিক তত্ত্বৰ উদ্দেশ্য হল মানুহৰ অন্তহীন সমস্যাৰাজি আঁতৰাই এখন ভাল চৰকাৰ আৰু সুস্থ সমাজ গঢ়ি তোলা।

Q. 16 | ৰাজনৈতিক তত্ত্বৰ অৱসান সম্পৰ্কীয় বিতৰ্কৰ বিষয়ে আলোচনা কৰা। (Write two supporters of empirical political theory.)

উত্তৰঃ গ্ৰীচ দেশত ৰাজনৈতিক চিন্তা-চৰ্চা আৰম্ভ হোৱাৰে পৰা কুৰি শতিকাৰ মাজ ভাগলৈকে ৰাজনৈতিক চিন্তাবিদসকলে ৰাষ্ট্ৰ, চৰকাৰ আৰু ৰাজনৈতিক জীৱন সম্পৰ্কে প্ৰণালীবদ্ধ চিন্তা-চৰ্চাৰে ৰাজনৈতিক তত্ত্বসমূহ সমৃদ্ধ কৰি তুলিছে। কিন্তু কুৰি শতিকাৰ মাজভাগত নতুন ৰাজনৈতিক চিন্তাবিদসকলে পৰম্পৰাগত ৰাজনৈতিক তত্বৰ প্ৰাসংগিতাৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰে। ১৯৫৩ চনত প্ৰকাশিত Political System: An Inquiry into the State of Political Science নামৰ গ্ৰন্থত David Easton- এ মত প্ৰকাশ কৰে যে পৰম্পৰাগত ৰাজনৈতিক তত্ত্বসমূহ কেৱল মাত্ৰ অনুমানৰ ওপৰত ভিত্তি কৰিহে আগবঢ়োৱা হৈছিল। এই তত্ত্বসমূহ বাস্তৱৰ বিষয়ে সুক্ষ্ম নিৰক্ষণৰ পৰা আঁতৰত আছিল। তদুপৰি প্ৰাচীন ৰাজনৈতিক তত্ত্বসমূহ প্লেটোৰ পূৰ্বৰ গ্ৰীচ, পোন্ধৰ শতিকাৰ ইটালী, ষোল্লশ আৰু সোতৰ শতিকাৰ ইংলেণ্ড আৰু ওঠৰ শতিকাৰ ফ্ৰান্সৰ ৰাজনৈতিক উত্থান-পতনৰ লগত বিশেষভাৱে জড়িত বাবে আধুনিক সময়ৰ বাস্তৱ ক্ষেত্ৰত ইয়াৰ প্ৰাসংগিকতা নাই। ৰাজনীতিৰ বিজ্ঞানসন্মত অধ্যয়নৰ বাবে ইয়াক সনাতন আৰু ঐতিহাসিক ৰাজনীতিৰ ধ্যান-ধাৰণাৰ পৰা মুক্ত কৰা উচিত।

Q. 17 | আদৰ্শবাদী ৰাজনৈতিক তত্ত্ব বুলিলে কি বুজা ? (What do you mean by normative political theory ?)

উত্তৰঃ ........

Q. 18 | অভিজ্ঞতাবাদী ৰাজনৈতিক তত্ত্ব বুলিলে কি বুজা ? (What do you mean by empirical political theory ?)


উত্তৰঃ ......


Q. 19 | ৰাজনৈতিক তত্ত্বৰ পৰিসৰ আলোচনা কৰা। (Discuss the scope of political theory?)

উত্তৰঃ ৰাজনৈতিক তত্ত্বৰ পৰিসৰ বিশ্লেষণ কৰিবলৈ গৈ ৰাজনৈাতিক চিন্তাবিদসকলে বিভিন্ন দিশ সামৰি লৈছে। ১৯৫০ দশকৰ শেষৰ ফালে কিছুসংখ্যক ৰাজনৈতিক গৱেষকে ৰাজনীতি বিজ্ঞান আৰু ৰাজনৈতিক দৰ্শনৰ মাজত সমন্বয় সাধন কৰি ৰাজনৈতিক তত্ত্বৰ পৰিসৰ ব্যাখ্যা কৰিবলৈ বিচাৰিছে। তেওঁলোকৰ মতে, ৰাজনৈতিক তত্ত্ব কেৱল মাত্ৰ বিজ্ঞানসন্মত জ্ঞান আৰু চিন্তাতে সীমাবদ্ধ কৰি ৰাখিব নোৱাৰি। ই কিছুমান মূল্যবোধযুক্ত বিষয়ো সামৰি লোৱা উচিত। সেই মূল্যবোধযুক্ত বিষয়সমূহ বিভিন্ন আলাপ-আলোচনা তথা যুক্তিসংগতভাৱে দাৰ্শনিক দৃষ্টিভংগীৰে বিচাৰ বিবেচনা কৰি ৰাজনৈতিক নীতি নিৰ্ধাৰণত অন্তৰ্ভূক্ত কৰা প্ৰয়োজন। দাৰ্শনিক যুক্তি আৰু বিজ্ঞানসন্মত বিশ্লেষণেহে ৰাজনৈতিক তত্ত্বক পৰিপূৰ্ণ কৰি তোলে। George Catlin ৰ মতে ৰাজনৈতিক তত্ত্ব নিজেই ৰাজনীতি বিজ্ঞান আৰু ৰাজনৈতিক দৰ্শনৰ মাজত বিভক্ত। তেওঁৰ মতে ৰাজনৈতিক তত্ত্বই সামৰি লোৱা ৰাজনীতি বিজ্ঞানে ব্যক্তিৰ ৰাজনৈতিক জীৱনৰ বাস্তৱ সত্যৰ ওপৰত আলোকপাত কৰে আৰু ৰাজনৈতিক দৰ্শনে ব্যক্তিৰ কল্যাণ সম্পৰ্কীয় মূল্যবোধৰ ওপৰত গুৰুত্ব দিয়ে।

Q. 20 | ৰাজনৈতিক তত্ত্বৰ বৈশিষ্ট্যসমূহ লিখা। (Write down the features of political theory.)

উত্তৰঃ ৰাজনৈতিক তত্ত্বৰ বৈশিষ্ট্যসমূহ হলঃ —

১) ৰাজনৈতিক তত্ত্বই কোনো এক নিৰ্দিষ্ট বিষয়বস্তু সম্পৰ্কে কিছুমান মৌলিক ধাৰণা গঢ় দিয়ে। অৰ্থাৎ কোনো এক বিষয়ৰ ওপৰত পদ্ধতিগত অনুসন্ধান চলাই এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হয়।

২) ৰাজনৈতিক তত্ত্ব আদৰ্শবাদী বা অভিজ্ঞতাবাদী হব পাৰে।

৩) ৰাজনৈতিক তত্ত্বই আগবঢ়োৱা যুক্তিযুক্ত সিদ্ধান্তসমূহ পৰিৱৰ্তনশীল হব পাৰে। পৰিৱেশ, পৰিস্থিতিৰ তাগিদাত ই নমনীয় স্থিতি গ্ৰহণ কৰে।

৪) ৰা  জ  নৈ তি ক তত্ত্বই ৰা  জ  নী   তি, ৰাষ্ট্ৰ, চৰকাৰ আৰু ৰা   জ  নৈ  তি   ক সংস্থাৰ বাস্তৱতাৰ তাত্ত্বিক বিশ্লেষণ আগবঢ়ায়।

৫) ই নাগৰিকৰ ৰা  জ  নৈ  তি  ক জীৱনধাৰা, ৰা  জ  নৈ   তি   ক আচৰণ, ৰা   জ   নৈ  তি  ক ধ্যান-ধাৰণা, চৰকাৰ আৰু চৰকাৰৰ কাৰ্য্যৱলী অধ্যয়ন কৰে।

৬) ৰাজনৈতিক তত্ত্ব নিৰ্মাণত ৰাজনৈতিক ঘটনাসমূহৰ প্ৰণালীবদ্ধ বৰ্ণনা, বিশ্লেষণ আৰু অনুসন্ধান আদিৰ পদ্ধতি অবলম্বন কৰা হয়।

৭) ৰা   জ   নৈ   তি   ক তত্ত্বই ৰা   জ  নৈ   তি   ক প্ৰক্ৰিয়া সম্পৰ্কে নিৰ্দিষ্ট   ভা   ব   ধা   ৰা, মূল্যবোধ আৰু প্ৰাসংগিক   বি   শ্বা   স   প্ৰতিষ্ঠা কৰে আৰু   জ   ন   সা   ধা   ৰ   ণে সেই মূল্যবোধ গ্ৰহণ কৰে।

৮) ৰা   জ    নৈ   তি    ক    তত্ত্বই সামাজিক,  অ   ৰ্থ   নৈ  তি   ক, ম-ন-স্তা-ত্বি-ক, ভৌগলিক, ঐতিহাসিক আৰু নৈতিক জীৱনৰ প্ৰসঙ্গত    ৰা     জ    নী    তি   ৰ    অৰ্থ বুজিবলৈ চেষ্টা কৰে।

৯) ৰজনৈতিক তত্বৰ প্ৰধান উদ্দেশ্য হল এখন ভাল সমাজত এখন ভাল ৰাষ্ট্ৰ নিৰ্মাণ কৰা।

১০) ৰাজনৈতিক তত্ব উদ্দেশ্যমূলক আৰু ব্যাখ্যাত্মক। ই ৰাজনৈতিক পদ্ধতিৰ প্ৰণালীবদ্ধ বিশ্লেষণ দিয়ে। ই ৰাজনীতিৰ শৃংখলা, ঐক্য আৰু অৰ্থ প্ৰদান কৰিবলৈ যত্ন কৰে।


Q. 21 | ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব আলোচনা কৰা। (Discuss the relevance of Political theory.)


উত্তৰঃ ৰাজনীতি বিজ্ঞান আৰু ৰাজনৈতিক তত্ত্বৰ সম্পৰ্কে নিবিড়। ৰাজনৈতিক তত্ত্ব অবিহনে ৰাজনৈতিক বিষয়ৰ অধ্যয়ন সম্পূৰ্ণ নহয়। সেয়ে সাম্প্ৰতিক পৰিস্থিতিত ৰাজনীতি বিজ্ঞানৰ অধ্যয়ণত ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব অথবা প্ৰাসঙ্গিকতাক অস্বীকাৰ কৰিব নোৱাৰি। প্ৰাচীন কালৰ পৰা বৰ্তমানলৈ বিভিন্ন ৰাজনৈতিৰ চিন্তাবিদে ৰাজনীতি বিজ্ঞানৰ বিভিন্ন তত্ত্ব আগবঢ়াই আহিছে। ৰাষ্ট্ৰৰ উৎপত্তি, ক্ৰমবিকাশ, ইয়াৰ কাৰ্যাৱলী, চৰকাৰৰ প্ৰকৃতি, সাৰ্বভৌমত্ব, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আদি বিষয়ক বিভিন্ন বিভিন্ন তত্ত্বই ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন গুৰুত্বপূৰ্ণ কৰি তুলিছে। আদৰ্শবাদ, উদাৰতাবাদ, উপযোগিতাবাদ, মাৰ্ক্সবাদ, আচৰণবাদ, আচৰণোত্তৰবাদ আদিয়ে নিজ নিজ দৃষ্টিভঙ্গীৰে বিভিন্ন ৰাজনৈতিক সমস্যাৰ বিচাৰ বিশ্লেষণ কৰি বিভিন্ন সমাধান আগবঢ়াইছে। ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব তলত দিয়া ধৰণে পৰ্যালোচনা কৰিব পাৰি —

১) ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক দৰ্শনৰ দৃষ্টিভঙ্গীৰে জীৱনৰ সত্যৰ অন্বেষণ কৰে। Germino ৰ ভাষাত মানৱ জীৱনৰ সামাজিক অস্তিত্বৰ শুদ্ধ তথা ভাল দিশ আৰু নীতি-নিয়মসমূহৰ বিষয়ে বিশ্লেষণাত্মক অধ্যয়ণ আগবঢ়োৱাটো হৈছে ৰাজনৈতিক তত্ত্বৰ মূল উদ্দেশ্য। অৰ্থাৎ ৰাজনৈতিক তত্ত্বই মানৱ সমাজৰ প্ৰচলিত দুৰ্বলতাসমূহ আঁতৰাই সম্পূৰ্ণ শুদ্ধ আৰু নীতিসংগত এখন ভাল সমাজ গঢ়ি তোলাৰ বাবে সততাৰে প্ৰচেষ্টা চলায়।


২) ৰাজনৈতিক তত্ত্বৰ দৰ্শনে সামাজিক আৰু ৰাজনৈতিক জীৱনৰ সৈতে জড়িত বিভিন্ন ধাৰণাৰ পুংখানুপুংখ ব্যাখ্যা আগবঢ়ায়। কৰ্তৃত্ব, সমতা, ন্যায়, গণতন্ত্ৰ আদি ধাৰণাৰ সত্য আৰু শুদ্ধ ব্যাখ্যা আগবঢ়াই সেইবোৰ ন্যস্ত স্বাৰ্থ জড়িত লোকৰদ্বাৰা কৰা অপব্যৱহাৰ ৰোধ কৰাত ৰাজনৈতিক তত্ত্বই বিশেষ ভূমিকা লয়।

৩) বৰ্তমান সময়ত ৰাজনৈতিক তত্ত্বই পৌৰাণিক পদ্ধতি বিশ্লেষণ কৰি বিজ্ঞানসন্মত পদ্ধতি গ্ৰহণ কৰিছে। ইয়াত আধুনিক গৱেষণা কৌশল আৰু প্ৰযুক্তি প্ৰয়োগ কৰা হৈছে। এই কৌশলেৰে পুৰণি সিদ্বান্তসমূহৰ পৰীক্ষা-নিৰীক্ষা কৰি নতুন গ্ৰহণযোগ্য আৰু বস্তুনিষ্ঠ সিদ্ধান্তত উপনীত হব পাৰি। অভিজ্ঞতালব্ধ জ্ঞানৰ দ্বাৰা আগবঢ়োৱা তত্ত্বসমূহে বিশ্বত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।


FAQs:

Q. Where can I get UG-CBCS Political Science 1st Semester Notes & Suggestions?

  • Ans. You can easily get all the political science major & general notes, suggestions only on learningpointassam.com education website. All the solution are provided according to the syllabus.

Q. Where can I get the solution of CBCS of Guwahati University for Political Science of BA First Semester?

  • Ans. You can get Gauhati University CBCS Solutions at learningpointassam.com

Q. How to prepare for Political Science major BA 1st semester exam?

  • Ans. You can prepare for your political science board examinations with the help of the study material provided by LearningPointAssam.com website.


Tags :

  • ৰাজনৈতিক তত্ত্বৰ পৰিচয় (Introducing Political Theory)
  • BA 1st Semester Political Science Major Questions and Answers Gauhati University
  • B.A 1st Semester Political Science Question Answer [Major - Honours] Gauhati University
  • BA 1st Semester Political Science Major Question Answer Assamese Medium Gauhati University
  • BA 1st Semester Political Science Major Notes In Assamese Gauhati University