Follow Us:

কৰ্মক্ষেত্ৰৰ অসমীয়াঃ আবেদন, বিজ্ঞাপন, নিবিদা | BA 1st Sem Assamese Questions and Answers Gauhati University

LearningPointAssam.com

B.A 1st Semester Assamese Question Answer [Regular & General] Gauhati University Solutions কৰ্মক্ষেত্ৰৰ অসমীয়াঃ আবেদন, বিজ্ঞাপন, নিবিদা লেখন দক্ষতা পাঠটোৰ অতি চমু, চমু, সংক্ষিপ্ত আৰু ৰচনাধৰ্মী প্ৰশ্ন আৰু উত্তৰ সমূহ GU BA 1st Semester Assamese Question Answer ৰ তালিকাৰ পৰা লোৱা হৈছে । আমি সকলো সমাধান Gauhati University 1st Year Assamese Syllabus অনুসৰি প্রদান কৰোঁ, কৰ্মক্ষেত্ৰৰ অসমীয়াঃ আবেদন, বিজ্ঞাপন, নিবিদা লেখন দক্ষতা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ইয়াত প্ৰদান কৰা হৈছে যি আপোনাক পৰীক্ষাত সহায় কৰিব।

BA 1st Sem Assamese Question and Answer

Gauhati University Answer Bank for BA 1st Semester Assamese Regular Course (ASM-AE-1014) কৰ্মক্ষেত্ৰৰ অসমীয়াঃ আবেদন, বিজ্ঞাপন, নিবিদা লেখন দক্ষতা Model Solutions ইয়াত দিয়া হৈছে । গতিকে, সলকলো প্রশ্ন আৰু উত্তৰৰ ধাৰনাবোৰ ভালদৰে বুজিৱ আৰু Exam-ত ভাল নম্বৰ প্রাপ্ত কৰিৱ । যিসকলে GU TDC 1st Semester General Assamese Model Solutions, কৰ্মক্ষেত্ৰৰ অসমীয়াঃ আবেদন, বিজ্ঞাপন, নিবিদা লেখন দক্ষতা প্রশ্ন উত্তৰ বিচাৰি আছে তেওঁলোকে তলত দিয়া প্রশ্নসমূহ পঢ়িব, লিখিব পৰে ।


Chapter — 2

কৰ্মক্ষেত্ৰৰ অসমীয়াঃ আবেদন, বিজ্ঞাপন, নিবিদা লেখন দক্ষতা  — ALL Important Question & Answers

GU BA 1st Sem Assamese ASM-AE-1014 Questions & Answer :


CONTENTS

কৰ্মক্ষেত্ৰৰ অসমীয়াঃ আবেদন, বিজ্ঞাপন, নিবিদা লেখন দক্ষতা
Model Question and Answer key



 

প্ৰশ্নাৱলীঃ

কৰ্মক্ষেত্ৰৰ অসমীয়াঃ আবেদন, বিজ্ঞাপন, নিবিদা লেখন দক্ষতা প্রশ্ন উত্তৰ। Gauhati University BA 1st Semester Assamese Question and Answer is here....

তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়াঃ Mark — 1

Q. 1 | আবেদন লেখনৰ দুটা নিয়ম উল্লেখ কৰা।

উত্তৰঃ আবেদন লেখনৰ দুটা নিয়ম হৈছেঃ

  • ( i ) আবেদন লেখনৰ আৰম্ভণিতে বাওঁহাতে ওপৰত প্ৰাপকৰ অৰ্থাৎ যালৈ লিখা হয়, নাম-ঠিকনা।
  • ( ii ) সোঁহাতে   ওপৰত   আবেদন   লিখাৰ   তাৰিখ( তাৰিখ, মাহ, চন) দিব লাগে।

Q. 2 | লিখন  ভাষা  শিকনৰ কি?

উত্তৰঃ লিখন ভাষা  শিকনৰ এবিধ কৌশল। 

Q. 3 | লেখনৰ দক্ষতা কি?

উত্তৰঃ 

Q. 4 | আবেদন কি?

উত্তৰঃ আবেদন হৈছে কোনো এটা বিষয়ৰ ওপৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰা।  

Q. 5 | আবেদন শব্দৰ অৰ্থ কি ?

উত্তৰঃ- আবেদন শব্দৰ অৰ্থ হ'ল- লিখিত প্ৰাৰ্থনা । 

Q. 6 | আবেদন কেই প্ৰকাৰৰ?

উত্তৰঃ আবেদন ২ প্ৰকাৰৰ।

Q. 7 | সাক্ষাৎকাৰ কি ?

উত্তৰঃ- সাক্ষাৎকাৰ  হ'ল -  কোনো  এক বিশেষ উদ্দেশ্য সাধনৰ বাবে দুটা পক্ষৰ মাজত হোৱা পাৰস্পৰিক বাৰ্তালাপ । 

Q. 8 | সাক্ষাৎকাৰত এটা পক্ষই আনটো পক্ষক কি কৰে ?

উত্তৰঃ- সাক্ষাৎকাৰত এটা পক্ষই আনটো পক্ষক কিছুমান প্ৰশ্ন সোধে । 

Q. 9 | বিজ্ঞাপনৰ ইংৰাজী শব্দ কি? 

উত্তৰঃ বিজ্ঞাপনৰ ইংৰাদী শব্দটো হৈছে Advertisement। 

Q. 10 | Advertisement শব্দটোৰ অৰ্থ কি ?

উত্তৰঃ বিশেষভাৱে জ্ঞানগোচৰ কৰা ।

Q. 11 | বিজ্ঞাপন শব্দৰ অৰ্থ কি? 

উত্তৰঃ বিজ্ঞাপন  শব্দৰ  অৰ্থ হৈছে  বিশেষ ভাৱে জ্ঞান গোচৰ কৰা। 

Q. 12 | নিবিদাৰ ইংৰাজী শব্দ কি?

উত্তৰঃ নিবিদাৰ ইংৰাজী শব্দ হৈছে Tender।  

Q. 13 | নিবিদাৰ অৰ্থ কি?

উত্তৰঃ নিবিদাৰ অৰ্থ  হৈছে দৃষ্টিগোচৰ কৰা।  

Q. 14 | নিবিদাৰ সীমাবদ্ধতা কেই প্ৰকাৰৰ ?

উত্তৰঃ নিবিদাৰ সীমাবদ্ধতা ২ প্ৰকাৰৰ ।

যেনেঃ (ক) মুক্ত নিবিদা

(খ) সীমিত নিবিদা

Q. 15 | নিবিদাৰ শব্দ অৰ্থ কি ?

উত্তৰঃ- নিবিদাৰ শব্দ অৰ্থ হ'ল- মূল্য়ৱেদন পত্ৰ, মূল্যৱেদন বা মূল্যজ্ঞাপক পত্ৰ । 

Q. 16 | নিবিদাৰ  স্তৰ  কেইটা আৰু কি কি ?

উত্তৰঃ নিবিদাৰ স্তৰ ২টা। যেনেঃ

(ক) এক স্তৰীয়া নিবিদা

(খ) বহু স্তৰীয়া নিবিদা

Q. 17 | ভাষা শিক্ষণৰ প্ৰধান কৌশল কেইটা আৰু কি কি? 

উত্তৰঃ ভাষা শিক্ষণৰ প্ৰধান কৌশল চাৰিটা। সেই কেইটা হল-

শ্ৰৱণ, কথন, পঠন আৰু লিখন। 

Q. 18 | পঠন আৰু লিখনৰ মাজত সম্পৰ্ক আছেনে?

উত্তৰঃ আছে।  

Q. 19 | লিখনৰ প্ৰধান উদ্দেশ্য কেইটা আৰু কি কি?

উত্তৰঃ লিখনৰ প্ৰধান উদ্দেশ্য 



কৰ্মক্ষেত্ৰৰ অসমীয়াঃ আবেদন, বিজ্ঞাপন, নিবিদা লেখন দক্ষতা প্রশ্ন উত্তৰ B.A 1st Semester Assamese Question and Answer is here....

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 2/3

Q. 1 | আবেদন কাক বোলে ? আবেদন কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ আবেদন বুলিলে কোনো এটা বিষয়ৰ ওপৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰা । আবেদন সাধাৰণতে দুই প্ৰকাৰৰ---

(ক) মৌখিক আবেদন ।

(খ) লিখিত আবেদন ।

Q. 2 | মৌখিক আবেদন কাক বোলে ?

উত্তৰঃ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ ওচৰত অলিখিত ভাৱে আবেদন কৰা বা জনোৱা হয়, তাকে মৌখিক আবেদন বুলি কোৱা হয় ।

Q. 3 | লেখন কৌশল কি কি?

উত্তৰঃ লেখন কৌশল হৈছে - শ্ৰৱণ, কথন, পঠন আৰু লিখন।  

Q. 4 | লিখনিৰ প্ৰধান উদ্দেশ্য কেইটা আৰু কি কি ?

উত্তৰঃ দুটা । প্ৰথম  উদ্দেশ্যটো  হ'ল শুনি আৰু পঢ়ি কি শিকিলে তাক অনুধাৱন  কৰা । দ্বিতীয় উদ্দেশ্য হৈছে বৰ্ণাশুদ্ধি দুৰীকৰণ কৰা ।

Q. 5 | ভাষাজ্ঞান বুলিলে কি বুজা ?

উত্তৰঃ ভাষাজ্ঞান বুলি ক'লেই যি যি ভাষাত বিজ্ঞাপন প্ৰকাশ কৰা হয়, সেই ভাষাৰ ওপৰত বিশেষ জ্ঞান বা দখল থকা বাঞ্চনীয় । ভাষাজ্ঞানৰ দক্ষতা নিৰ্ভৰ কৰে বৰ্ণ, শব্দ উচ্চাৰণ, যতি, দাৰি, ক'মা ইত্যাদিৰ ওপৰত ।

Q. 6 | ভাষা শিকনত লেখন দক্ষতাৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ শৈক্ষিক ক্ষেত্ৰখন সম্পূৰ্ণ হৈ উঠিবৰ বাবে এগৰাকী শিকাৰুৰ লিখন দক্ষতা অতি প্ৰয়োজন। লিখন দক্ষতা অবিহনে এজন শিকাৰুৱে কেতিযাও এটা ভাষাত পটু হব নোৱাৰে। লিখন প্ৰণালীয়ে শিক্ষণ  প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ উপৰি মগজুত জুকিয়াই লোৱা নক্সা তৈয়াৰ কৰা, পুনৰ সংশোধন কৰা, সম্পাদন কৰা অতি সূক্ষ্ম দক্ষতা সমূহো অন্তৰ্ভুক্তি কৰে।

                লিখন দক্ষতা পৰীক্ষা লবলৈ শিক্ষকে শিক্ষাৰ্থীক লিখা কাৰ্যত উৎসাহ জগোৱা উচিত। ইয়াৰ বাবে শিক্ষকে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব পাৰে। লিখন দক্ষতাৰ যোগেদি যাতে ছাত্ৰ-ছাত্ৰী মনত কৌতুহল তথা আগ্ৰহ আৰু জ্ঞানৰ সঞ্চাৰ ঘটিব পাৰে তাৰ প্ৰতি শিক্ষকে নজৰ ৰখা উচিত।কৌতুহল যুক্ত তথা চিনাকি পৰিৱেশৰ ওপৰত প্ৰথমে দৃষ্টি নিক্ষেপ কৰি শিক্ষকে ছাত্ৰ-ছাত্ৰী মাজত এই প্ৰণালীটো প্ৰয়োগ কৰা উচিত। তথ্য বা বিষয় উত্থাপনৰ দৰে বিষয়ক মূল উদ্দেশ্য হিচাপে আগত ৰাখি লিখন দক্ষতাৰ মান নিৰূপন হোৱা প্ৰয়োজন।

        ছাত্ৰ-ছাত্ৰী সকলে লিখাৰ দক্ষতা আহৰণ কৰাটো নিতান্ত প্ৰয়োজনীয় বিষয়। কাৰণ দক্ষতা নাথাকিলে প্ৰশ্নোত্তৰ যথোচিত নহব। 

Q. 7 | আবেদন লেখন কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ আবেদন লেখন ৫ প্ৰকাৰৰ।

ক) ব্যক্তিগত আবেদন।

খ) ব্যৱসায়িক আবেদন।

গ) কৰ্ম সংস্থাপনৰ আবেদন।

ঘ) কাৰ্যালয় সম্বন্ধীয় আবেদন।

ঙ) ৰাজহুৱা আবেদন।

Q. 8 | নিবিদা কাক বোলে ?

উত্তৰঃ- নিবিদা হ'ল- কোনো ঠিকা বা কাম আদি দিবলৈ আহ্বান কৰা মূল্যজ্ঞাপক পত্ৰক নিবিদা বুলি কোৱা হয় ।

Q. 9 | বিজ্ঞাপন বুলিলে কি বুজা? 

উত্তৰঃ অনুষ্ঠান প্ৰতিষ্ঠানৰ যিকোনো বিভাগৰ পদৰ নিযুক্তি দিবৰ কাৰণে জাননী দিয়া ব্যৱস্থা নামেই হৈছে বিজ্ঞাপন। 

Q. 10 | বিজ্ঞাপনৰ উৎসসমূহ কি কি?

উত্তৰঃ বিজ্ঞাপনৰ উৎসসমূহ হল-

ক) চৰকাৰী বিজ্ঞাপন।

খ) চৰকাৰী কাৰ্যালয়ৰ বিজ্ঞাপন।

গ) অৰ্দ্ধ চৰকাৰী কাৰ্যালয়ৰ বিজ্ঞাপন।

ঘ) চৰকাৰী কাৰ্যালয়ৰ অধীনস্থ অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিজ্ঞাপন।

ঙ) বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিজ্ঞাপন।

চ) ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন।  

Q. 11 | বিজ্ঞাপন মূল্যায়নৰ ক্ষেত্ৰত কি কি বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগে?

উত্তৰঃ বিজ্ঞাপন মূল্যায়নৰ ক্ষেত্ৰত গুৰুত্ব দিব লগীয়া বিষয় সমূহ হলঃ ক) ভাষাজ্ঞান,

        খ) বানান.

        গ) প্ৰকাশভংগী,

        ঘ) উপযুক্ত শব্দ,

        ঙ) বোধগম্যতা 

        চ) নিৰ্ভূল

        ছ) সৰলতা 

Q. 12 | নিবিদা লেখন বুলিলে কি বুজা?

উত্তৰঃ নিবিদা লেখন হৈছে যিকোনো বিষয়ৰ নীতি নিয়মসম্বলিত একো-একোটা বিশেষ কৰ্মক্ষেত্ৰৰ জাননীপত্ৰ। 

Q. 13 | নিবিদা লেখনৰ উৎসসমূহ কি কি?

উত্তৰঃ নিবিদা লেখনৰ উৎসসমূহ হলঃ

ক) চৰকাৰী নিবিদা

খ) চৰকাৰী কাৰ্যালয়ৰ নিবিদা

গ) অৰ্ধ চৰকাৰী কাৰ্যালয় নিবিদা

ঘ) চৰকাৰী কাৰ্যালয় নিবিদা

ঙ) বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ নিবিদা।  

Q. 14 | নিবিদা লেখনৰ কি কি পদ্ধতিৰ হ'ব পাৰে?  

উত্তৰঃ ......

Q. 15 | সীমিত নিবিদা বুলিলে কি বুজায়?

উত্তৰঃ সীমিত নিবিদা হৈছে- নিবিদা প্ৰকাশিত গোষ্ঠীয়ে নিৰ্দিষ্ট কিছুমান পঞ্জীয়ণ ভুক্ত গোষ্ঠীৰ বা অৱশ গ্ৰহণ কৰি দিয়ে। 



কৰ্মক্ষেত্ৰৰ অসমীয়াঃ আবেদন, বিজ্ঞাপন, নিবিদা লেখন দক্ষতা প্রশ্ন উত্তৰ BA 1st Semester Assamese Board Question and Answer is here....

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 5/10

Q. 1 | শিক্ষাৰ ক্ষেত্ৰত লেখন দক্ষতাৰ প্ৰয়োজনীয়তা আছেনে নাই লিখা।

উত্তৰঃ শিক্ষাৰ ক্ষেত্ৰত লেখন দক্ষতাৰ প্ৰয়োজনীয়তা আছে।

            শিশু এটা জন্মগ্ৰহণ কৰাৰ পৰৱৰ্তী পৰ্যায়ৰ পৰা স্বতঃস্ফূত ভাৱে মাতৃভাষা কবলৈ আৰম্ভ কৰে। ডাঙৰৰ পৰা শুনিয়ে শিশুৱে কথীা কবলৈ লয়। কিন্তু লেখন স্বতঃৰ্স্ফূত আৰু স্বাভাৱিক প্ৰক্ৰিয়া নহয়। ই তুলনামূলকভাৱে এক জটিল প্ৰক্ৰিয়া। কাৰণ শুনি শিকা কথাখিনি লিখনিৰ মাজেৰে প্ৰকাশ কৰিবলৈ হলে শিশুৱে বৰ্ণমালা, আখৰ আদি লিখাৰ দক্ষতা আয়ত্ব কৰি লবলগীয়া হয়। লিখন শিক্ষা অনুশীলন অবিহনে অসম্ভৱ। লিখন প্ৰক্ৰিয়াৰ জৰিয়তে মানুহৰ মন-মগজুৰ চিন্তা-ভাৱনা উদয় হয়। যিসকল মূকবধিৰ তেওঁলোকে নিজৰ ভাৱ-চিন্তা, অনুভূতি প্ৰকাশ কৰিবলৈ লিখনৰ আশ্ৰয় লবলগীয়া হয়।সেই কাৰণে লিখনৰ প্ৰয়োজনীয়তা যথেষ্ট।     

Q. 2 | আবেদন লেখন বুলিলে কি বুজা? আবেদন লিখনৰ নিয়মসমূহৰ বিষয়ে লিখা।

উত্তৰঃ আবেদন বুলিলে কোনো এটা বিষয়ৰ ওপৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰা।

আবেদন লিখনৰ নিয়মসমূহ হল-

( i )আবেদন লেখনৰ আৰম্ভণিতে বাওঁহাতে ওপৰত প্ৰাপকৰ অৰ্থাৎ যালৈ নিখা হয়, নাম ঠিকনা।

( ii ) আবেদনৰ আৰম্ভণিতে যালৈ লিখা হয় তাৰ ঠিকনা ওপৰত অসমীয়াত প্ৰতি বা সমীপেষু বা সেই বিভাগৰ কাৰ্যালয়ৰ নাম উল্লেখ কৰা হয়।

( iii ) সোঁহাতে ওপৰত আবেদন লিখাৰ তাৰিখ দিব লাগে।

Q. 3 | কর্মক্ষেত্ৰতত বিজ্ঞাপনৰ উৎসৰ বিষয়ে লিখা।  


উত্তৰঃ কৰ্মক্ষেত্ৰত বিজ্ঞাপনৰ উৎসৰ সমূহ হল -

ক) চৰকাৰী বিজ্ঞাপন

খ) চৰকাৰী কাৰ্যালয়ৰ বিজ্ঞাপন 

গ) অৰ্দ্ধ চৰকাৰী কাৰ্যালয়ৰ বিজ্ঞাপন

ঘ) চৰকাৰী কাৰ্যালয়ৰ অধীনস্থ অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিজ্ঞাপন

ঙ) বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ বিজ্ঞাপন

চ) ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন।

Q. 4 | বিজ্ঞাপনৰ মূল্যায়নৰ বিষয়ে বহলাই লিখা। 

উত্তৰঃ বিজ্ঞাপনৰ মূল্যায়নৰ বিষয় সমূহ হল-

ক) ভাষাজ্ঞানঃ ভাষাজ্ঞান বুলি কলেই যি যি ভাষাত বিজ্ঞাপন প্ৰকাশ কৰা হয়, সেই ভাষাৰ ওপৰত বিশেষ জ্ঞান বা দখল থকা বাঞ্চনীয়। ভাষাৰ জ্ঞানৰ দক্ষতা নিৰ্ভৰ কৰে বৰ্ণ, শব্দ উচ্চাৰণ, যতি, দাৰি, ক'মা, ইত্যাদিৰ ওপৰত। বিজ্ঞাপন লেখক বা প্ৰস্তুতকাৰীয়ে সদায় এই বিষয়কেইটা ওপৰত সতৰ্ক হৈ থাকিব লাগিব। তেতিয়াহে বিজ্ঞাপনৰ ভাষাত মানদণ্ড সঠিক নিৰ্ভুল হব।

খ) বানান প্ৰক্ৰিয়াঃ বিজ্ঞাপনত ব্যৱহাৰ কৰা ভাষাটো মান নিৰ্ণয় কৰা ভাষাটোত ব্যৱহৃত শব্দসমূহৰ শুদ্ধতাৰ ওপৰত। শব্দটোত ব্যৱহাৰ কৰা বৰ্ণ কেইটা শব্দটোৰ বাবে প্ৰযোজ্য হয়নে নহয় তাৰ প্ৰতি বিজ্ঞাপন প্ৰস্তুতকৰ্তাই ভালকৈ লক্ষ্য ৰাখিব লাগিব। কাৰণ অৰ্থসূচক শব্দইহে যোগাযোগ সম্ভৱ কৰি তুলিব পাৰে। বানানৰ লগত উদাহৰণ সম্বন্ধ বিদ্যমান। উচ্চাৰণ শুদ্ধকৈ কৰিব জানিলেহে বানান শুদ্ধ হয়। 

গ) প্ৰকাশভংগীৰ স্পষ্টতাঃ বিজ্ঞাপন লেখনৰ মূল্যায়ন কৰিবলৈ যোৱাৰ ক্ষেত্ৰত তাৰ ৰচনাৰীতি বা প্ৰকাশভংগীৰ স্পষ্টতাৰ প্ৰয়োজন। লেখকৰ প্ৰকাশভংগীৰ ওপৰত বিজ্ঞাপন লিখাৰ সাৰ্থকতা নিৰ্ভৰ কৰে। প্ৰত্যেক লেখকৰে প্ৰকাশভংগীৰ সুকীয়া সুকীয়া। বিজ্ঞাপনৰ বিষয়বস্তু আকৰ্ষণীয় হলেই নহব, বিষয়টোৰ প্ৰকাশভংগীও সাৱলীল আৰু আকৰ্ষণীয় হব লাগিব।

ঘ) উপযুক্ত শব্দঃ উপযুক্ত শব্দচয়ন আৰু বাক্যবিন্যাস ৰীতিয়ে বিজ্ঞাপন লেখকৰ সাৰ্থকতা প্ৰদান কৰে। প্ৰতিভাশীল বিজ্ঞাপন লেখকে বিষয়বস্তু অনুযায়ী উপযুক্ত শব্দচয়নেৰে ৰচনাভংগীৰ আকৰ্ষণীয় ৰূপত গঢ়ি তোলে। 

ঙ) বোধগম্যতাঃ বিজ্ঞাপনৰ লেখকক পাঠকে পঢ়ি যদি তাৰ অৰ্থ উপলব্ধি কৰিব নোৱাৰিলে তেনে বিজ্ঞাপনৰ কোনো ণূল্য নাই। লিখনিযুক্ত বিজ্ঞাপনেই হওক বা হোডিং বা ৰঙীন ছবিৰেই হওক তাৰ প্ৰকৃত অৰ্থ পাঠপ-শ্ৰোতাৰ বোধগম্য হব লাগিব।

চ) সৰলতাঃ সৰলতা বিজ্ঞাপন লেখনৰ এৰ অন্যতম বিষয়। লেখন বিষয়টো সহজ-সৰল ৰূপত প্ৰকাশ কৰিলে পাঠকৰ বুজাত সুবিধা হয়। জটিল অলংকাৰপূৰ্ণ শব্দ বা খুব বেছি সাহিত্যিক মৰ্যাদাপূৰ্ণ ভাষাৰে বৰ্ণনা কৰিবলৈ গলে পাঠকৰ বাবে বুজাত অসুবাধা হয়। সেয়ে বিজ্ঞাপন লেখন ভাষা সহজ-সৰল হব লাগে।   

Q. 5 | নিবিদা মূল্যায়নৰ বিষয়ে লিখা।

উত্তৰঃ নিবিদা মূল্যানৰ বিষয় সমূহ হল-

ক) বানান প্ৰক্ৰিয়াঃ নিবিদাৰ মানদণ্ড নিৰ্ণয় হয় নিবিদাত ব্যৱহাৰ কৰা শব্দসমূহৰ ওপৰত। শুদ্ধ অৰ্থসূচক শব্দৰ দ্বাৰা হে যোগাযোগ বা কৰ্ম সম্ভৱ কৰি তুলিব পাৰি। নিবিদাত ব্যৱহাৰ কৰা শব্দৰ বানানটো শুদ্ধ হৈছেনে নাই তাক চোৱাটো ভাল। নিবিদাত বানানৰ শুদ্ধতাৰ ওপৰত গুৰুত্ব দিব লাগে। বানান শুদ্ধ নোহোৱা শব্দৰে নিবিদা প্ৰকাশ কৰি বাক্যৰো শুদ্ধ অৰ্থ প্ৰকাশ নাপায়। গতিকে নিবিদাৰ ক্ষেত্ৰত যে বানান প্ৰয়োজনীতা আছে তাক নুই কৰিব নোৱাৰি।

খ) প্ৰকাশভংগীৰ আৰু উপযুক্ত শব্দৰ ব্যৱহাৰঃ নিবিদা প্ৰকাশ কৰিবলৈ যোৱাৰ আগতে তাৰ ৰচনা ৰীতি বা প্ৰকাশভংগীৰ আৰু উপযুক্তৰ শব্দৰ ব্যৱহাৰৰ প্ৰতি ল্ক্ষ্য কৰা উচিত। প্ৰত্যেক নিবিদা লেখনকাৰীসকলৰ প্ৰকাশভংগীৰ আৰু শব্দ প্ৰয়োগ পৃথক পৃথক। ভাষাগত দক্ষতা আৰু নিবিদা লেখনৰ ওপৰত দখল থকা লেখকে উপযুক্ত শব্দ চয়নেৰে প্ৰকাশভংগীক অধিক ক্ৰিয়াশীল কৰিতোলে।

গ) বোধগম্যতাঃ নিবিদাৰ বিপৰীতে কাম পাবলৈ প্ৰ-পত্ৰৰ পূৰ কৰিব খোজা সকলে যদি নিবিদা পঢ়ি থাৰ ভাষা বা বিষয়বস্তুৰ প্ৰতি বোধগম্যতা অৰ্থাৎ বুজি নাপায়, তেতিয়া নিবিদা পূৰ কৰাত অসুবিধা হয় আৰু কৰ্মক্ষেত্ৰত আগবাঢ়োতেও খেলি-মেলি হোৱাৰ সম্ভাৱনাই দেখা দিয়ে।

ঘ) নিৰ্ভূলতাঃ নিবিদা যাতে নিৰ্ভুল হয় তাৰ নিবিদা প্ৰেৰকসকলে সচেতন হোৱা উচিত। নিবিদা প্ৰেৰণ কৰোতে ভাষাটোৰ প্ৰতিশব্দ, শব্দাংশ লগতে দাৰি, কমা, যতি আদিৰ চিনৰ প্ৰতিও লক্ষ্য ৰাখিব লগীয়া হয়।

ঙ) সৰলতাঃ নিবিদা লেখনৰ ক্ষেত্ৰত সৰলতা উত্তম। নিবিদাৰ লেখনকাৰ্য সহজ সৰলকৈ প্ৰকাশ কৰিলে পাঠক বা ঠিকাদাৰসকলে সহজে বুজি পায়। জটিল শব্দ প্ৰয়োগে পাঠকসকলক বিপাঙত পেলায়। নিবিদা লেখন বিষয়টো লিখোতে ভাষাৰ স্পষ্টতাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে। লগতে ভাষাৰ পৰিমিত প্ৰয়োগৰ ওপৰত গুৰুত্ব দিব লাগে। 

Q. 6 | শিক্ষাৰ ক্ষেত্ৰত লেখন দক্ষতাৰ প্ৰয়োজনীয়তা আছেনে নাই লিখা।

উত্তৰঃ শিশু এটা জন্মগ্ৰহণ কৰাৰ পৰৱৰ্তী পৰ্যায়ৰ পৰা স্বতঃস্ফূৰ্তভাৱে মাতৃভাষা কবলৈ আৰম্ভ কৰে । ডাঙৰ পৰা শুনিয়ে শিশুৱে কথা কবলৈ লয় । কিন্তু লেখন স্বতঃস্ফূৰ্ত আৰু স্বাভাৱিক প্ৰক্ৰিয়া নহয় । ই তুলনামূলক ভাৱে এক জটিল প্ৰক্ৰিয়া। কাৰণ শুনি শিকা কথাখিনি লিখনিৰ মাজেৰে প্ৰকাশ কৰিবলৈ হলে শিশুৱে বৰ্ণমালা, আখৰ আদি লিখাৰ দক্ষতা আয়ত্ব কৰি লবলগীয়া হয় । লিখন শিক্ষা অনুশীলন অবিহনে অসম্ভৱ । লিখন প্ৰক্ৰিয়াৰ জৰিয়তে মানুহৰ মন-মগজুৰ চিন্তা-ভাৱনাৰ উদয় হয় । কেৱল বক্তব্যখিনি প্ৰকাশ কৰিলেই নহব,কিয়নো কৈ যোৱা কথা শ্ৰোতাৰ মনত নাথাকিবও পাৰে । সেয়ে বক্তাই কৈ যোৱা কথা সংৰক্ষণৰ বাবে লিখন শিক্ষাৰ প্ৰয়োজনীয়তা আছে ।

Q. 7 | আবেদন লেখন বুলিলে কি বুজা? আবেদন লিখনৰ নিয়মসমূহৰ বিষয়ে লিখা।  

উত্তৰঃ আৱেদন লিখন বুলিলে কোনো এটা বিষয়ৰ ওপৰত উৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰা । অৰ্থাৎ কিবা বিষয়ে বা বস্তুৰ যেনে- কৰ্মসংস্থাপন,তদন্তৰ,ৰাজহুৱা বিষয় আদিৰ বিষয়ে বিছাৰি ঊৰ্ধ্বতন বিষয়ালৈ জনোৱাকে সচৰাচৰ আৱেদন জনোৱা বুলি কোৱা হয় ।

আৱেদন লিখনৰ নিয়মসমূহ হল -

     (ক) আৱেদন লেখনৰ আৰম্ভনিতে বাওঁহাতে ওপৰৰ প্ৰাপকৰ অৰ্থাৎ যালৈ লিখা হয়, নাম-থিকনা ।

      (খ) সোঁহাতে ওপৰৰ আৱেদন লিখাৰ তাৰিখ (তাৰিখ,মাহ,চন) দিব লাগে ।

       (গ) আৱেদনৰ আৰম্ভনিতে যালৈ লিখা হয় তাৰ ঠিকনাৰ ওপৰত অসমীয়াত প্ৰতি বা সমীপেষু বা সেই সেই বিভাগৰ কাৰ্যালয়ৰ নাম উল্লেখ কৰা হয় ।

Q. 8 | কর্মক্ষেত্ৰতত বিজ্ঞাপনৰ উৎসৰ বিষয়ে লিখা।  

উত্তৰঃ (ক)চৰকাৰী বিজ্ঞাপন

            (খ) চৰকাৰী কাৰ্যালয়ৰ বিজ্ঞাপন

            (গ) অৰ্দ্ধ চৰকাৰী কাৰ্যালয়ৰ বিজ্ঞাপন

            (ঘ) চৰকাৰী কাৰ্যালয়ৰ অধীনস্থ অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিজ্ঞাপন

            (ঙ) বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ বিজ্ঞাপন

            (চ)  ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন 

Q. 9 | বিজ্ঞাপনৰ মূল্যায়নৰ বিষয়ে বহলাই লিখা। 

উত্তৰঃ বিজ্ঞাপনৰ উৎকৃষ্টতা নিৰ্ভৰ কৰে কিছুমান বিষয় শৈলীৰ ওপৰত । কৰ্মক্ষেত্ৰৰ বিজ্ঞাপনত বিজ্ঞাপন দিওঁতা এজেন্সি বা বিজ্ঞাপন লেখনকাৰী সকলৰ বিশেষ কিছুমান বিষয়ৰ ওপৰত দক্ষতা থকা উচিত ।

(ক)ভাষাজ্ঞান

(খ) বানান

(গ) প্ৰকাশভংগী

(ঘ) উপযুক্ত শব্দ

(ঙ) বোধ গম্যতা 

(চ)নিৰ্ভৃল

(ছ) সৰলতা 

Q. 10 | নিবিদা লেখন ধৰণৰ বিষয়ে লিখা।

উত্তৰঃ   (ক)মুক্ত নিবিদা-মুক্ত নিবিদা পদ্ধতি হল, ই ৰাজহুৱাকৈ স্থানীয় ভাৱে প্ৰকাশ কৰিব পৰা ব্যৱস্থা নাইবা ৰাষ্ট্ৰীয় বাতৰিকাকত,ৰাজ্যিক ভিত্তিত  প্ৰকাশিত কাকত, চৰকাৰী বিভাগ, ৱেৱছাইট ইত্যাদি যত উপযুক্ত অৰ্থাত পঞ্জীয়নভূক্ত গোত্ৰী বা ব্যক্তিয়ে কৰ্ম ক্ষেত্ৰৰ বাবে আবেদন কৰিব পাৰে ।

(খ)সীমিত নিবিদা- সীমিত নিবিদা পদ্ধতি হল, ইয়াত নিবিদা প্ৰকাশিত গোষ্ঠীয়ে নিৰ্দিষ্ট কিছুমান পঞ্জীয়ন ভূক্ত গোষ্ঠী বা অৱশ গ্ৰহণ কৰে ।





Tags :

  • কৰ্মক্ষেত্ৰৰ অসমীয়াঃ আবেদন, বিজ্ঞাপন, নিবিদা লেখন দক্ষতা
  • BA 1st Sem Assamese Questions and Answers Gauhati University
  • B.A 1st Semester Assamese Question Answer [Regular & General] Gauhati University যোগাযোগমূলক অসমীয়া পাঠ্য Notes 
  • BA 1st Sem Assamese Model Solutions
  • GU TDC 1st Semester Assamese Model Solution
  • Gauhati University BA 1st Sem Assamese Question Answer