Follow Us:

অগতানুগতিক শিক্ষা | HS 2nd Year Education Chapter 2 Question Answer In Assamese | AHSEC Class 12 Education Chapter 2 Notes

LearningPointAssam.com

অগতানুগতিক শিক্ষা (Non-formal Education) | HS 2nd Year Education Chapter 2 Question Answer Assamese Medium | অগতানুগতিক শিক্ষা Class 12 question answer to each chapter is provided in the list of HS 2nd Year Education Question AnswerWe design all notes according to AHSEC syllabus so that you can easily browse Assam Board Class 12 Education Chapter 2 Question Answer Assamese Medium and AHSEC Guides. You can prepare ahead of the board exams by taking help from these HS 2nd year Education Chapter 2 Question Answer can be of great value to excel in the examination.

অগতানুগতিক শিক্ষা HS 2nd Year Education Chapter 2 Question Answer

HS 2nd Year Education Chapter 2 Assamese Medium, Assam Board HS 2nd Year Education Chapter 2 অগতানুগতিক শিক্ষা Notes in Assamese can be very useful to excel in the examination. Assam Board AHSEC HS 2nd Year Education Chapter 2 Question Answer Assamese Medium gives you better knowledge of all the concepts. You can get Solutions for both basic and advanced level questions. These solutions are part of Class 12 NCERT Solutions — All Subjects. Here we have given AHSEC Class 12 Education Chapter – 2 অগতানুগতিক শিক্ষা (Non-formal Education) Solutions for All Subject, You can practice these here…


*** ইয়াত — Gauhati University BA 1st, 2nd, 3rd, 4th, 5th & 6th Semester-ৰ উপৰিও Class — 11, 12 (arts, commerce, Science (Class 1 পৰা Graduation) লৈ সকলো কিতাপৰ সকলো বিষয়ৰ তথ্য সমূহ Assamese medium আৰু English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 2 

অগতানুগতিক শিক্ষা  — ALL Important Question & Answers

AHSEC HS শিক্ষা 2nd Year Question Answer


CONTENTS 

অগতানুগতিক শিক্ষা প্ৰশ্ন উত্তৰ 
(শিক্ষা — HS 2nd year Education Notes)
 Question and Answer key






প্ৰশ্নাৱলীঃ

অগতানুগতিক শিক্ষা HS 2nd Year Education Chapter 1 Question Answer in Assamese | HS 2nd year Education Notes Chapter 2

তলৰ প্রশ্নসমূহৰ অতি চমুকৈ উত্তৰ দিয়াঃ Mark — 1/2

Q. 1 | আনুষ্ঠানিক আৰু অগতানুগতিক শিক্ষাৰ মাজৰ এটা পাৰ্থক্য উল্লেখ কৰা।

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ এক নিৰ্ধাৰিত সময়সীমা আছে। আনহাতে, অগতানুগতিক শিক্ষাএক অবিৰত প্ৰক্ৰিয়া।

Q. 2 | অগতানুগতিক শিক্ষাৰ এটা সংজ্ঞা দিয়া।

উত্তৰঃ বিশিষ্ট শিক্ষাবিদ জে.পি.নায়কে অগতানুগতিক শিক্ষাৰ সংজ্ঞা দাঙি ধৰি কৈছিল যে আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিতভাৱে যি শিক্ষা ব্যৱস্থা প্ৰচলন কৰা হয় তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয়।

Q. 3 | ক’ত আৰু কেতিয়া প্ৰথম মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল।

উত্তৰঃ ১৯৬৯ চনত ইংলেণ্ডত প্ৰথম মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল।

Q. 4 | মুক্ত বিদ্যালয়ৰ শিক্ষাৰু, ছাত্ৰ কোন হ’ব পাৰে।

উত্তৰঃ দূৰ শিক্ষাৰ দৰেই আন এক শিক্ষা ব্যৱস্থা হ'ল মুক্ত শিক্ষা। মুক্ত শিক্ষা আজিৰ সমাজত এক প্ৰয়োজন ভিত্তিক শিক্ষা। এই শিক্ষাই সমাজৰ সকলো শ্ৰেণীৰ শৈক্ষিক প্ৰয়োজন সমূহ পূৰণ কৰাত সহায় কৰে। বিশেষকৈ সমাজৰ পিছ পৰা শ্ৰেণীৰ লোক সকল, আৰ্থিক ভাৱে জুৰুলী, কৰ্মৰত ব্যক্তিসকল, মহিলা আদি বিভিন্ন ব্যক্তিয়ে এই শিক্ষাৰ দ্বাৰা উপকৃত হব পাৰে।

Q. 5 | দুৰৱৰ্তী শিক্ষাৰ এটা সংজ্ঞা দিয়া।

উত্তৰঃ কীগানৰ সংজ্ঞামতে দূৰবৰ্ত্তী শিক্ষা হৈছে যিটো শিকণ আৰু শিক্ষণ সাধাৰণতে শিক্ষাৰ এটা পৃথক স্থানৰ পৰা উদ্ভৱ হয়।

Q. 6 | SLM ৰ অৰ্থ কি?

উত্তৰঃ SLM ৰ অৰ্থ হল দূৰ শিক্ষা ব্যৱস্থাত ছাত্র ছাত্রী সকলক পৰোক্ষভাৱে শিক্ষা প্ৰদান কৰা হয়, তেওঁলোকৰ প্ৰয়োজনীয় শিক্ষণ সামগ্ৰী ডাকযোগে তেওঁলোকৰ ঘৰলৈ পঠিয়াই দিয়া হয়।

Q. 7 | IGNOUৰ পূৰ্ণৰূপ কি?

উত্তৰঃ INDIRA GANDHI NATIONAL OPEN UNIVERSITY.

Q. 8 | Ignou সম্পৰ্কে চমুকৈ লিখা ।

উত্তৰঃ ১৯৮৫চনৰ ২০ ছেপ্তেম্বৰত নতুন দিল্লীত "ইন্দিৰাগান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়" (IGNOU-indira Gandhi National Open University) স্থাপিত হয়। ইয়াত শিক্ষা সকলোৰে বাবে মুক্ত। ইয়াত বিভিন্ন ধৰণৰ পাঠ্যক্ৰম আছে। সেয়ে শিক্ষাৰ্থীয়ে ইচ্ছা অনুসৰি বিভিন্ন বিষয়ত শিক্ষা গ্ৰহণ কৰিব পাৰে। এই শিক্ষা মিত্যবয়ী বিধৰ।

Q. 9 | মুক্ত শিক্ষা কি?

উত্তৰঃ যোগাযোগ শিক্ষা ব্যৱস্হাৰ পৰিশোধিত আৰু উন্নতি শিক্ষা ব্যৱস্থাৰে সংগঠিত ব্যৱস্থাক মুক্ত শিক্ষা বোলে।

Q. 10 | বিশ্বৰ বিহত্তম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি?

উত্তৰঃ IGNOU ।

Q. 11 | ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বহিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল?

উত্তৰঃ ১৯৮৫ চনত।

Q. 12 | অসমৰ মুক্ত বিশ্ববিদ্যালয়খনৰ নাম লিখা।

উত্তৰঃ কৃষকান্ত সন্দিকৈ ৰাজ্যিক মুকলি বিশ্ববিদ্যালয়।

Q. 13 | তুমি জনা এখন মুক্ত বিদ্যালয়ৰ নাম লিখা।

উত্তৰঃ National Institute of Open Schoolingl ।

Q. 14 | ভাৰতত যোগাযোগমূলক শিক্ষা কোনে আৰম্ভ কৰে।

উত্তৰঃ ভাৰতত যোগাযোগমূলক শিক্ষা ১৯৬২ চনত প্ৰথমে দিল্লী বিশ্ববিদ্যালয়ে ড° শ্ৰীমালীৰ প্ৰচেষ্টাত বি.এ পৰীক্ষাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছিল।

Q. 15 | যোগাযোগমূলক শিক্ষাত যোগাযোগৰ মাধ্যম কি?

উত্তৰঃ ডাক বা চিঠি পত্র।

Q. 16 | শিক্ষক আৰু শিক্ষাৰুৰ মাজৰ সম্পৰ্ক স্থাপন কৰিবলৈ দূৰৱৰ্তী শিক্ষাত ব্যৱহাৰ কৰা পদ্ধতিটোৰ নাম লিখা।

উত্তৰঃ পৰোক্ষ পদ্ধতি।

Q. 17 | ভাৰতত কোন চনত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯৮৫ চনত।

Q. 18 | ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়খনৰ নাম লিখা।

উত্তৰঃ অন্ধ্ৰপ্ৰদেশ নুক্ত বিশ্ববিদ্যালয়।

Q. 19 | অনানুষ্ঠানিক শিক্ষা আনুষ্ঠানিকৃত হৈছে নেকি?

উত্তৰঃ হোৱা নাই।

Q. 20 | মুক্ত বিদ্যালয় কি?

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ বাহিৰত স্বাধীনতা আৰু গতিশীলতাৰ নীতিৰ ওপৰত ভিত্তি কৰি যি শিক্ষানুষ্ঠানে স্কুলীয়া শিক্ষা প্ৰদান কৰে তাকে মুক্ত বিদ্যালয় বোলে। মুক্তবিদ্যালয়ৰ শিক্ষাদান ক্ৰিয়াটো মুক্তভাৱে সম্পন্ন কৰা হয়। শিক্ষাদান প্ৰক্ৰিয়াৰ কোনো আনুষ্ঠানিক ধ্যানধাৰণানাই। ৰেডিঅ', দূৰদৰ্শন, ভিডিঅ', কেছেট, টেপৰেকৰ্ডাৰ আদিৰ লগতে শ্ৰৱন দৰ্শন আহিলাৰ মাধ্যমেৰে শিক্ষাদান কাৰ্যক বাস্তৱ মুখী কৰিতোলা হয়।

Q. 21 | কোনখন দেশে প্ৰথমে দূৰৱৰ্তী শিক্ষাৰ ধাৰণাতো প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ ইংলেণ্ডত।

Q. 22 | আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত থকা এটা পাৰ্থক্য উল্লেখ কৰা।

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ নিৰ্ধাৰিত সময়সীমা দিয়া থাকে। আনহাতে, অনানুষ্ঠানিক শিক্ষাৰ নিৰ্ধাৰিত সময়সীমা নাথাকে।



অগতানুগতিক শিক্ষা | HS 2nd Year Education Chapter 1 Short Question and Answer Here... 

তলৰ প্রশ্নসমূহৰ চমুকৈ উত্তৰ দিয়াঃ Mark — 2/3/5

Q. 1 | অগতানুগতিক শিক্ষা বুলিলে কি বুজা? 

উত্তৰঃ শিক্ষা হৈছে মানুহৰ ক্ৰমাগত বিকাশৰ এক জীৱনযোৰা প্ৰক্ৰিয়া। এক অনুকূল পৰিৱেশত কোনো নিৰ্দষ্ট লক্ষ্য আগত ৰাখি নিৰ্ধাৰিত নিয়ম প্ৰণালী, নিৰ্দিষ্ট শিক্ষা পদ্ধতি, নিৰ্ধাৰিত সময়সূচী, পৰীক্ষা ব্যৱস্থা, অনুশাসন আদিৰ পৰা শিক্ষাৰ্থীক যি শিক্ষা প্ৰদান কৰা হয় তাকে অগতানুগতিক শিক্ষা বোলা হয় ।

Q. 2 | অগতানুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ (i) সমাজৰ প্ৰতিটো শ্ৰেণাৰ লোকৰ বাবে এই শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।

(ii) অগতানুগতিক শিক্ষাৰ পৰিসৰ অত্যন্ত ব্যাপক, সমাজমুখী আৰু গণতান্ত্রিক।

Q. 3 | মুক্ত শিক্ষা কিয় প্ৰয়োজনীয়?

উত্তৰঃ যোগাযোগ শিক্ষা ব্যৱস্থাৰ পৰিশোধিত আৰু উন্নতি শিক্ষা ব্যৱস্থাৰে সংগঠিত ব্যৱস্থাক মুক্ত শিক্ষা বোলে। মুক্ত শিক্ষা সকলোৰে বাবে প্ৰয়োজনীয়। কিয়নো ইয়াত শিক্ষা সকলোৰে বাবে মুক্ত হয়। মুক্ত শিক্ষাত নামভৰ্তিকৰণৰো শিক্ষা মুক্ত কৰা হয়। তাৰোপৰি শিক্ষাৰ্থীয়ে নিজৰ সুবিধামতে বিষয় নিৰ্বাচন কৰিব পাৰে। বৃত্তিমূলক, কাৰিকৰী আৰু জীৱনৰ লগত জড়িত শিক্ষা দিয়া হয়। গৱেষণা আৰু তথ্য আলোচনাৰ দ্বাৰা শিক্ষা পদ্ধতিৰ উন্নয়ন আৰু বিকাশ সাধন কৰা হয়। নিৰবচ্ছিন্ন ভাবে যাতে শিক্ষাৰ্থীসকলে শিক্ষা লাভ কৰিব পাৰে। শিক্ষা ব্যৱস্থা সকলো শ্ৰেণীৰ লোকৰ বাবে সহজলভ্যকৰাৰ ওপৰত গুৰুত্ব দিয়া হয়।

Q. 4 | মুক্ত শিক্ষাৰ দুটা সুবিধা উল্লেখ কৰা।

উত্তৰঃ (i) এই শিক্ষাৰ মাধ্যমেৰে উচ্চ শিক্ষাক ব্যক্তিৰ একেবাৰে ওচৰলৈ লৈ যোৱা হৈছে.বিশেষকৈ কৰ্মৰত হৈ থকা ব্যক্তিসকল, চাকৰি় কৰি থকা ব্যক্তিসকল, ৰক্ষণশীলতা বা ঘৰুৱা দায়িত্বৰ বাবে সাধাৰণ শিক্ষা লোৱাৰ সুবিধা নোপোৱী মহিলাসকল এই ব্যৱস্থাৰ পৰা অধিকভাৱে লাভবান হয়।

(ii) এই শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমবোৰ সংগঠিত কৰোতে আন্তঃবিষয়ক দৃষ্টিভংগী অন্তৰ্ভুক্ত কৰা হয়।

Q. 5 | দূৰ শিক্ষাত সাধাৰণতে ব্যৱহাৰ কৰা তিনি প্ৰকাৰৰ আধুনিক সঁজুলি উল্লেখ কৰা ।

উত্তৰঃ কম্পিউটাৰ, ইন্টাৰনেটআৰু টি.ভি।

Q. 6 | দূৰ শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ (i) শিক্ষাৰ সকলো স্তৰৰ বাবে এনে শিক্ষা ব্যৱস্থা অতি উপযোগী।

(ii) এই পদ্ধতিৰ শিক্ষা ব্যৱস্থাৰ শিক্ষাৰ্থীৰ সংখ্যা অসংখ্যা পৰিমাণৰ হয়।

Q. 7 | ডাকযোগে শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ (i) এই শিক্ষা মিতব্যয়ী বিধৰ হয়।

(ii) এই শিক্ষাত নমনীয়তা আৰু গতিশীলতাৰ নীতি মানি চলা হয়।

Q. 8 | মুক্ত শিক্ষাৰ তিনিটা সুবিধা লিখা ।

উত্তৰঃ (i) এইশিক্ষাৰ মাধ্যমেৰে উচ্চশিক্ষাক ব্যক্তিৰ একেবাৰে ওচৰলৈ লৈ যোৱা হৈছে। বিশেষকৈ কৰ্মৰত হৈ থকা ব্যক্তি সকল, চাকৰি় কৰি থকা ব্যক্তিসকল, ৰক্ষণশীলতা বাঘৰুৱা দায়িত্বৰ বাবে সাধাৰণ শিক্ষা লোৱাৰ সুবিধা নোপোৱা মহিলাসকল এই ব্যৱস্থাৰ পৰা অধিক ভাৱে লাভ বান হয়।

(ii) এই শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমবোৰ সংগঠিত কৰোতে আন্তঃ বিষয়ক দৃষ্টিভংগী অন্তৰ্ভুক্ত কৰা হয়।

(iii) এই শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমবোৰ অধিকভাৱে অৰ্থপূৰ্ণ আৰু সংগঠিত।

Q. 9 | দূৰ শিক্ষা কি? 

উত্তৰঃ অগতানুগতিক শিক্ষাৰ অন্যতম দিশ হ'ল দূৰ শিক্ষা। দূৰ শিক্ষা ব্যৱস্থা হ'ল এনে এক শিক্ষা ব্যৱস্হা য'ত শিক্ষাৰ্থীয়ে নিজৰ সুবিধা অসুবিধা অনুসৰি কোনো পাঠ্যক্ৰম আৰম্ভ আৰু শেষ কৰিব পাৰে. দূৰত্ব শিক্ষা কাৰ্যকৰী কৰিবলৈ হ'লে আত্ম অধ্যয়নৰ ওপৰত গুৰুত্ব দিব লাগিব।

Q. 10 | ‘দূৰ-শিক্ষা এক নমনীয় শিক্ষা ব্যৱস্থা’ - বাখ্যা কৰা ।

উত্তৰঃ অগতানু গতিক শিক্ষাৰ অন্যত মদিশহ'ল দূৰ শিক্ষা। দূৰ শিক্ষা ব্যৱস্থা হ'ল এনে এক শিক্ষা ব্যৱস্হা য'ত শিক্ষাৰ্থীয়ে নিজৰ সুবিধা অসুবিধা অনুসৰি কোনো পাঠ্যক্ৰম আৰম্ভ আৰু শেষকৰিব পাৰে। দূৰত্ব শিক্ষা কাৰ্যকৰী কৰিবলৈ হ'লে আত্ম অধ্যয়নৰ ওপৰত গুৰুত্ব দিব লাগিব।

বৰ্তমান সময়ত শিক্ষাৰ বাবে বাঢ়ি অহা জনসাধাৰণৰ আগ্ৰহ আৰু প্ৰয়োজনীয়তাৰ ভিত্তিত দূৰৱৰ্তী শিক্ষা ধাৰণাৰ আৱিৰ্ভাৱ হৈছে। দূৰৱৰ্তী শিক্ষা পদ্ধতি প্ৰচলিত আনুষ্ঠানিক শিক্ষা পদ্ধতিৰ দৰে কঠোৰ নহয়,  ই নমনীয় ব্যক্তি এজনৰ অধ্যয়নৰ সুবিধা আৰু তেওঁৰ যোগ্যতা অনুসাৰে শিক্ষা ব্যৱস্হা কৰা হয়। এই শিক্ষা সাধাৰণতে এক আত্ম অধ্যয়ন প্ৰণালী। এনে শিক্ষা পদ্ধতি আনুষ্ঠানিক শিক্ষা পদ্ধতিতকৈ পৰিবৰ্তন আৰু অতি কম খৰচী। শিক্ষাৰ্থীৰ নিজা সুবিধা আৰু প্ৰয়োজনীয়তা অনুসাৰে অধ্যয়ন কৰাৰ সুবিধা থাকে. এই শিক্ষা প্ৰক্ৰিয়াত শিক্ষক শিক্ষাৰ্থীয়ে মুখামুখীভাৱে শিক্ষাদান আৰু শিক্ষা গ্ৰহণ কাৰ্য্যত লিপ্ত নহয়।

Q. 11 | ডাকযোগে শিক্ষাৰ উৎপত্তি সম্পৰ্কে লিখা ।

উত্তৰঃ ঊনবিংশ শতাব্দীৰ শেষভাগ আৰু বিংশ শতাব্দীৰ প্ৰথম দশকৰ পৰা অগতানুগতিক শিক্ষাৰ হিচাপে প্ৰত্র বা ডাকযোগে শিক্ষা প্ৰৱৰ্তন হয়। প্ৰত্রযোগে শিক্ষাৰ ধাৰণাটো প্ৰথম আইজাক পিটমেনে ১৮৪০ চনত 'চৰ্টজেণ্ড কোৰ্চ'ৰ শিক্ষাৰ ক্ষেত্রত এই ধাৰণাটো প্ৰথম ১৮৫৬ চনত জাৰ্মানীত আৰম্ভ হয়। ডাকযোগে ভাষা শিক্ষাৰ বাবে Charles Toussaint নামৰ ফৰাচীলোকে জাৰ্মানীত ১৮৫৬ চনত প্ৰথম স্কুলখন স্থাপন কৰিছিল। ভাৰতবৰ্ষত ডাকযোগে শিক্ষা ব্যৱস্থা আৰম্ভ হয় ১৯৬২ চনত। প্ৰথম দিল্লী বিশ্ববিদ্যালয়ে ডাকযোগে শিক্ষা আৰু অবিৰত শিক্ষাৰ বাবে সঞ্চালকালয় খুলি এনে পাঠ্যক্ৰম আৰম্ভ কৰে।

Q. 12 | অগতানুগতিক শিক্ষাক কিয় এক নমনীয় শিক্ষাব্যৱস্থা বুলি বিবেচনা কৰা হয়?

উত্তৰঃ শিক্ষা হৈছে মানুহৰ ক্ৰমাগত বিকাশৰ এক জীৱনযোৰা প্ৰক্ৰিয়া। অগতানুগতিক শিক্ষা এক নমনীয় শিক্ষা ব্যৱস্থা। কিয়নো এই শিক্ষা ব্যৱস্থা প্ৰতিটো শ্ৰেণীৰ বাবে প্ৰবৰ্তন কৰা হৈছে। ইয়াত কোনো বয়সৰ সময় সীমা নাথাকে .এই শিক্ষাত শিক্ষাদানতকৈ শিক্ষা গ্ৰহণৰ ওপৰতহে অধিক গুৰুত্ব দিয়া হয়। এই শিক্ষাৰ পৰিসৰ অত্যন্ত ব্যাপক, সমাজমুখী আৰু গণতান্ত্রিক।

Q. 13 | অগতানুগতিক শিক্ষাক কিয় এক সহায়কাৰী শিক্ষা ব্যৱস্থা হিচাপে বিবেচনা কৰা হয়? 

উত্তৰঃ অগতানুগতিক শিক্ষাক এক সহায়কাৰী শিক্ষা ব্যৱস্থাহিচাপে বিবেচনা কৰা হয়. কিয়নো শিক্ষা হৈছে মানুহৰ জীৱনজোৰা প্ৰক্ৰিয়া। শিক্ষা মানুহৰ জন্মৰ পৰা মৃতুলৈ চলি থকা এক অবিৰত প্ৰক্ৰিয়া। অগতানুগতিক শিক্ষাই সকলো মানুহকে শিক্ষাৰ ক্ষেত্রত এক বিশেষ ভাৱে সহায় কৰি আহিছে। এই শিক্ষা মিত্যবয়ী বিধৰ। সেয়েহে সকলো শ্ৰেণীৰলোকে এই শিক্ষা গ্ৰহণ কৰিব পাৰে।

Q. 14 | অনানুষ্ঠানিক শিক্ষা হ'ল গণতান্ত্ৰিক নীতি ভিত্তিকত '- চমুকৈ বাখ্যা কৰা ।

উত্তৰঃ বিদ্যালয়, মহাবিদ্যালয়আদি শিক্ষানুষ্ঠানৰ বাহিৰত অন্যান্য উতসৰ পৰা পৰোক্ষভাৱে লাভ কৰা শিক্ষাক অনানুষ্ঠানিক শিক্ষা বুলি কোৱা হয়. অনানুষ্ঠানিক শিক্ষা মুক্তভাৱে ব্যক্তিয়ে নিজ নিজ পৰিৱেশত প্ৰয়োজন অনুসৰি লাভ কৰিব পাৰে। অনানুষ্ঠানিক শিক্ষা হ'ল গণতান্ত্রিক নীতি ভিত্তিকত। কাৰণ এই শিক্ষা সকলোৰে বাবে মুক্ত। এই শিক্ষা নিজ নিজ পৰিবেশৰ যোগেদি ব্যক্তিয়ে লাভ কৰে। তদুপৰি সমাজৰ পিছ পৰা শ্ৰেণীৰ ব্যক্তি, চাকৰি যোগে শিক্ষাক্ষেত্রৰ পৰা বিছিন্ন হোৱা লোক, বিবাহিত মহিলা, অৰ্থনৈতিক ভাৱে দুৰ্বল আদি শ্ৰেণীৰ ব্যক্তিৰ শিক্ষা গ্ৰহণ কৰা এই শিক্ষাই সম্পূৰ্ণ ভূমিকা পালন কৰে। তাৰোপৰি বৃত্তিয় শিক্ষাৰ যোগেদি ব্যক্তিক প্ৰয়োজন অনুসৰি নিজকে প্ৰতিষ্ঠিত কৰাত এই শিক্ষাই সহায় কৰে। প্ৰধানকৈ এই শিক্ষা গৃহ, সমাজ, ধৰ্মীয় অনুষ্ঠান, অনাতাঁৰ, বোলছবি,ৰাজহুৱা পুথিভঁৰাল আদিৰ জৰিয়তে লাভ কৰিব পাৰি। এই শিক্ষাই ব্যক্তিক নতুন পৰিস্থিতিৰ লগত সমাযোজন কৰাত সহায় কৰে।

Q. 15 | যোগাযোগ শিক্ষাৰ দুটা উদ্দেশ্য লিখা ।

উত্তৰঃ (i) কম ব্যয় আৰু অধিক দক্ষতাৰে উচ্চ শিক্ষাৰ ব্যৱস্থা কৰা।

(ii) নিয়মীয়াকৈ শ্ৰেণীত উপস্থিত থকাৰ বিকল্প হিচাপে উচ্চ শিক্ষাৰ সুবিধা।

Q. 16 | মুক্ত শিক্ষাত 'মুক্ত'শব্দটোৱে কি বুজায়?

উত্তৰঃ মুক্ত শিক্ষাত 'মুক্ত' শব্দটোৱেই এক প্ৰবেশ পদ্ধতিৰ ব্যৱস্থা হিচাপে বুজায়।

Q. 17 | বৰ্তমানৰ বিশ্বই তিনি প্ৰকাৰৰ বিস্ফোৰণৰ সন্মুখীন হৈ আছে” - এই বিস্ফোৰণ বোৰ কি কি?

উত্তৰঃ (i) জনসংখ্যাৰ বিস্ফোৰণ।

(ii) জ্ঞানৰ বিস্ফোৰণ।

(iii) আশা- আকাংশাৰ বিস্ফোৰণ।

Q. 18 | অনানুষ্ঠানিক শিক্ষাৰ সীমাবদ্ধতাবোৰ উল্লেখ কৰা ।

উত্তৰঃ (i) এই শিক্ষা পূৰ্বপৰিকল্পিত নহয়।

(ii) এই শিক্ষাত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত  প্ৰত্যক্ষ সম্পৰ্ক নাথাকে।

(iii) এই শিক্ষাত কোনো প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নাথাকে।

(iv) এই শিক্ষাত কোনো ডিগ্ৰী, ডিপ্লমা, চাৰ্টিফিকেট প্ৰদান কৰা নহয়।

Q. 19 | মুক্ত বিশ্ববিদ্যালয়ৰ তিনিটা উদ্দেশ্য উল্লেখকৰা ।

উত্তৰঃ (i) সমাজত পিছ পৰি ৰৈ যোৱা ব্যক্তিসকলক শিক্ষা লাভৰ বিশেষ সুযোগ দান কৰা।

(ii) কম সময়তে অধিক সংখ্যকলোকক কাৰিকৰী আৰু বৃত্তিমুলক শিক্ষা লাভৰ সুযোগ দিয়া।

(iii) দূৰ শিক্ষণ পদ্ধতি আৰু আধুনিক সংযোগ কৌশলৰ মাধ্যমত নমনীয় ধৰণৰ উদ্ভাৱনমূলক শিক্ষাৰ ব্যৱস্থা কৰা।

Q. 20 | দূৰদৰ্শী শিক্ষাৰ তিনিটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ (i) শিক্ষাৰ সকলো স্তৰৰ বাবে এনে শিক্ষা ব্যৱস্থা অতি উপযোগী

(ii) এই পদ্ধতিৰ শিক্ষা ব্যৱস্থাৰ শিক্ষাৰ্থীৰ সংখ্যা অসংখ্যা পৰিমাণৰ হয়।

(iii) এনে শিক্ষা ব্যৱস্থাৰ যহেতু নিৰ্দিষ্ট কোনো বিদ্যালয়ৰ চৌহদ নাথাকে শিক্ষাৰ্থীয়ে নিজ ঘৰত কৰ্ম স্থান অথবা অধ্যয়ন কেন্দ্ৰত শিক্ষা আহৰণ কৰিব পাৰে।


Q. 21 | IGNOUৰ বিষয়ে কি জানা?


উত্তৰঃ ১৯৮৫ চনত নতুন দিল্লীত "ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়" (IGNOU-indira Gandhi National Open University) স্হাপিত হয়। ইয়াত শিক্ষা সকলোৰে বাবে মুক্ত। ইয়াত বিভিন্ন ধৰণৰ পাঠ্যক্ৰম আছে। সেয়ে শিক্ষাৰ্থীয়ে ইচ্ছা অনুসৰি বিভিন্ন বিষয়ত শিক্ষা গ্ৰহণ কৰিব পাৰে। এই শিক্ষা মিত্যবয়ী বিধৰ।

Q. 22 | শিক্ষাৰ সহায়কাৰী পদ্ধতি হিচাপে অনানুষ্ঠানিক শিক্ষাৰ বিষয়ে বাখ্যা কৰা ।

উত্তৰঃ শিক্ষাৰ সহায়কাৰী পদ্ধতি হিচাপে অনানুষ্ঠানিক শিক্ষাৰ বিষয়ে হ'ল অনানুষ্ঠানিক শিক্ষা হ'ল স্কুল কলেজৰ চাৰিবেৰৰ মাজত আৱদ্ধ নোহোৱাকৈ বৃহত্তৰ জীৱনৰ পৰা পৰোক্ষভাৱে লাভ কৰা শিক্ষা। বিদ্যানলয় প্ৰবেশৰ পূৰ্বেই এনে শিক্ষাই শিশুৰ বিকাশত সহায় কৰে বা শিক্ষকতা কৰ্ম পৰিচালনা কৰে। পিতৃ মাতৃ, ভাই ভনী, আত্মীয় স্বজন, লগৰ লগৰীয়া, ওচৰ চুবুৰীয়া, চা-চিনাকী, বন্ধু বান্ধব সকলোৱে এনে শিক্ষাত অৰিহণা যোগায়। কোনো নীতি নিয়মৰ অনুগামী নোহোৱাকৈ বাধ্যবাধকতা বৰ্জিত এক মুক্ত পৰিবেশত এই শিক্ষা ছাত্র ছাত্রীয়ে লাভ কৰে। অনানুষ্ঠানিক শিক্ষাত কোনো ধৰাবন্ধা কাৰ্যসূচী আৰু সময় তালিকা নাথাকে। বিদ্যালয় মহাবিদ্যালয় আদি শিক্ষানুষ্ঠানৰ বাহিৰত অন্যান্য উতসৰ পৰা পৰোক্ষভাবে লাভ কৰা শিক্ষাক অনানুষ্ঠানিক শিক্ষা বুলি কোৱা হয়।

Q. 23 | মুক্ত বিদ্যালয়ৰ তিনিটা উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ (i) মুক্ত বিদ্যালয়ত বৃত্তিমূলক, কাৰ্যকৰী আৰু জীৱনৰ লগত জড়িত পাঠ্যসূচীৰ ব্যৱস্থা কৰা হয়।

(ii) শিক্ষাৰ মান উন্নত কৰা।

(iii) শিক্ষা ব্যৱস্থা সকলোৰে বাবে সহজলভ্য কৰি তোলা।

Q. 24 | অগতানুগতিক শিক্ষাৰ তিনিটা গুৰুত্ব উল্লেখ কৰা।

উত্তৰঃ (i) এই শিক্ষাই ব্যক্তিক সক্ৰিয়, গতিশীল আৰু সৌন্দৰ্য বোধ সম্পন্ন কৰি গঢ় তোলে।

(ii) বিভিন্ন গণ মাধ্যমৰ যোগেদি শিক্ষা দিব পাৰি।

(iii) শিক্ষা  প্ৰদানত প্ৰত্যক্ষ শিক্ষকতকৈ পৰোক্ষ মাধ্যমেৰে প্ৰদান কৰা হয়।

Q. 25 | মুক্ত শিক্ষাৰ তিনিটা দোষ উল্লেখ কৰা ।

উত্তৰঃ (i) মুক্ত শিক্ষা সম্প্ৰসাৰণ কৰা কেন্দ্ৰবোৰৰ সংখ্যা এতিয়াও সীমাবদ্ধ হৈ আছে।

(ii) এই শিক্ষা ব্যৱস্থাই সুবিধা পাবলৈ সক্ষম নোহোৱা ব্যক্তিসকলৰ প্ৰয়োজন পূৰণ কৰিব পৰা নাই।

(iii) মুক্ত শিক্ষা ব্যৱস্থাই গ্ৰাম্যঞ্চলৰ লগতে একেবাৰে ভিতৰুৱা অঞ্চল স্পৰ্শ কৰিবলৈ সামগ্ৰিক সক্ষম হোৱা নাই।

Q. 26 | মুক্ত নোহোৱাকৈও দূৰৱৰ্তী শিক্ষা সম্ভৱ ' - আলোচনা কৰা ।

উত্তৰঃ মুক্ত নোহোৱাকৈ দূৰৱৰ্তী শিক্ষা সম্ভৱ। কিয়নো দূৰৱৰ্তী শিক্ষা ব্যৱস্হা হ'ল এনে এক শিক্ষা ব্যৱস্থা য'ত শিক্ষাৰ্থীয়ে নিজৰ সুবিধা অসুবিধা অনুসৰি কোনো পাঠ্যক্ৰম আৰম্ভ আৰু শেষ কৰিব পাৰে। দূৰত্ব শিক্ষা কাৰ্যকৰী কৰিবলৈ হ'লে আত্ম অধ্যয়ণৰ ওপৰত গুৰুত্ব দিব লাগিব। আধুনিক শিক্ষাত এক অতি গুৰুত্বপূৰ্ণ ধাৰণা হ'ল মুক্ত শিক্ষা। মুক্ত বিদ্যালয়ত নাম ভৰ্তিৰ কোনো বাধ্য বাধকতা নাই আৰু নিৰ্দিষ্ট শ্ৰেণীকোঠাৰ প্ৰয়োজনীয়তাও নাই।

বৰ্তমান সময়ত শিক্ষাৰ বাবে বাঢ়ি অহা জনসাধাৰণৰ আগ্ৰহ আৰু প্ৰয়োজনীয়তাৰ ভিত্তিত দূৰৱৰ্তী শিক্ষা ধাৰণাৰ আৱিৰ্ভাৱ হৈছে। দূৰৱৰ্তী শিক্ষা পদ্ধতি প্ৰচলিত আনুষ্ঠানিক শিক্ষা পদ্ধতিৰ দৰে কঠোৰ নহয়, ই নমনীয় ব্যক্তি এজনৰ অধ্যয়নৰ সুবিধা আৰু তেওঁৰ যোগ্যতা অনুসাৰে শিক্ষা ব্যৱস্থা কৰা হয়। এই শিক্ষা সাধাৰণতে এক আত্ম অধ্যয়ণ প্ৰণালী। এনে শিক্ষা পদ্ধতি আনুষ্ঠানিক শিক্ষা পদ্ধতিতকৈ পৰিবৰ্তন আৰু অতি কম খৰচী। শিক্ষাৰ্থীৰ নিজা সুবিধা আৰু প্ৰয়োজনীয়তা অনুসাৰে অধ্যয়ণ কৰাৰ সূবিধা থাকে। এই শিক্ষা প্ৰক্ৰিয়াত শিক্ষক শিক্ষাৰ্থীয়ে মুখামুখীভাৱে শিক্ষাদান আৰু শিক্ষা গ্ৰহণ কাৰ্য্যত লিপ্ত নহয়।

Q. 27 | মুক্ত বিদ্যালয় কি? মুক্ত বিদ্যালয়ৰ প্ৰয়োজনীয়তাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ বাহিৰত স্বাধীনতা আৰু গতিশীলতাৰ নীতিৰ ওপৰত ভিত্তি কৰি যি শিক্ষানুষ্ঠানে স্কুলীয়া শিক্ষা প্ৰদান কৰে তাকে মুক্ত বিদ্যালয় বোলে। মুক্ত বিদ্যালয়ৰ শিক্ষাদান ক্ৰিয়াটো মুক্তভাৱে সম্পন্ন কৰা হয়। শিক্ষাদান প্ৰক্ৰিয়াৰ কোনো আনুষ্ঠানিক ধ্যান ধাৰণা নাই। ৰেডিঅ', দূৰদৰ্শন, ভিডিঅ', কেছেট, টেপ ৰেকৰ্ডাৰ আদিৰ লগতে শ্ৰৱন দৰ্শন আহিলাৰ মাধ্যমেৰে শিক্ষাদান কাৰ্যক বাস্তৱমুখী কৰি তোলা হয়।

মুক্ত শিক্ষাৰ প্ৰয়োজনীয়তা সমূহ হ'লঃ

  • (i) শিক্ষাৰ ক্ষেত্রত গণতান্ত্রিক নীতি আৰু আদৰ্শ কাৰ্যকৰী কৰি তোলা।
  • (ii) শিক্ষা ব্যৱস্থাক শিক্ষাৰ্থী প্ৰদান কৰি তোলা।
  • (iii) ব্যক্তিসকলৰ ব্যৱহাৰিক প্ৰয়োজনসমূহ পূৰণ কৰাত সহায় কৰা।
  • (iv) আনুষ্ঠানিক শিক্ষাৰ সীমাবদ্ধতাসমূহ আঁতৰ কৰি সকলোৰে বাবে শিক্ষা সম্ভৱ কৰি তোলা।

Q. 28 | এই বিস্ফোৰণসমূহৰ বাবে হোৱা শৈক্ষিক সমস্যাসমূহৰ মুখামুখি হ'বলৈ দূৰৱৰ্তী শিক্ষাই কিদৰে আমাক সহায় কৰে বাখ্যা কৰা ।

উত্তৰঃ বৰ্তমান আমাৰ সমাজে সন্মুখীন হোৱা তিনি প্ৰকাৰৰ বিস্ফোৰণ হ'লঃ

  • (i) জনসংখ্যাৰ বিস্ফোৰণ।
  • (ii) জ্ঞানৰ বিস্ফোৰণ।
  • (iii) আশা-আকাংশাৰ বিস্ফোৰণ।

এই তিনিবিধ বিস্ফোৰণে শিক্ষাৰ ক্ষেত্রত যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে। এই সমস্যা সমাধানৰ ক্ষেত্রত দূৰ শিক্ষাই বিশেষভাৱে সহাত্র কৰিব পাৰে। জনসংখ্যাৰ বিস্ফোৰণৰ ফলত চৰকাৰে সকলো শ্ৰেণীৰ ব্যক্তিকে প্ৰত্যক্ষভাৱে শিক্ষা প্ৰদান কৰাত বাধাৰ সৃষ্টি হোৱা দেখা যায়। এই ক্ষেত্রত দূৰ শিক্ষাই কম খৰচতে সকলো শ্ৰেণীৰ ব্যক্তিকে পৰোক্ষ ভাবে শিক্ষা প্ৰদান কৰি শৈক্ষিক প্ৰয়োজন সমূহ পূৰণ কৰাত সক্ষম হৈছে। তদুপৰি আজিৰ দিনত সকলো শ্ৰেণীৰ ব্যক্তিকে পৰিবৰ্তনশীল পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই লবলৈ যথেষ্ট পৰিমাণে জ্ঞান অভিজ্ঞতা অৰ্জন কৰাত দূৰ শিক্ষা সহায় কৰি আহিছে। দূৰ শিক্ষাই ব্যক্তিৰ জীৱনৰ আশা আকাংশা পূৰণ কৰি উন্নত মানদণ্ড গঠন কৰাত বিশেষ ভূমিকা লোৱা দেখা যায়।

Q. 29 | অগতানুগতিক শিক্ষাক কিয় শিক্ষাৰ নমনীয় পদ্ধতি হিচাপে বিবেচনা কৰা হয়?

উত্তৰঃ শিক্ষা হৈছে মানুহৰ ক্ৰমাগত বিকাশৰ এক জীৱন জোৰা প্ৰক্ৰিয়া। অগতানুগতিক শিক্ষা এক নমনীয় শিক্ষা ব্যৱস্থা । কিয়নো অগতানুগতিক শিক্ষা হৈছে প্ৰয়োজৱ ভিত্তিক শিক্ষা। এই শিক্ষা ব্যৱস্থা প্ৰতিটো শ্ৰেণীৰ বাবে প্ৰবৰ্তন কৰা হৈছে। ইয়াত কোনো বয়সৰ সময়সীমা নাথাকে। এই শিক্ষাত শিক্ষাদানতকৈ শিক্ষাগ্ৰহণৰ ওপৰতহে অধিক গুৰুত্ব দিয়া হয়। ইয়াৰ নীতি নিয়মবোৰ শিথিল আৰু গতিশীল। এই শিক্ষাৰ পৰিসৰ অত্যন্ত ব্যাপক, সমাজমুখী আৰু গণতান্ত্রিক।

Q. 30 | যোগাযোগমূলক শিক্ষা সন্দৰ্ভত কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলী কি কি?

উত্তৰঃ (i) পূৰ্ণ অথবা অংশকালীন শিক্ষা ল'বলৈ অসমৰ্থ হেজাৰ হেজাৰ লোকৰ বাবে ব্যাপকভাবে ডাকযোগে শিক্ষাৰ ব্যৱস্থা কৰা।

(ii) ছাত্র-ছাত্রীসকলক মাজে মাজে শিক্ষকসকলক লগ পোৱাৰ সুযোগ দিব লাগে।

(iii) নিয়মীয়া পাঠ্যক্ৰমৰ ছাত্র-ছাত্রীৰূপে এই ব্যৱস্থাৰ শিক্ষাৰ্থীসকলে স্বীকৃতি পাব লাগে আৰু সম্ভাৱনাৰ ক্ষেত্রত বিভিন্ন অনুষ্ঠানসমূহৰ সা- সুবিধাসমূহ পোৱাৰ ব্যৱস্থা কৰিব লাগে।

(iv) এই শিক্ষাৰ সহায়ক হোৱাকৈ ৰেডিঅ'আৰু দূৰদৰ্শনৰ কাৰ্যসূচী যুগুত কৰা উচিত।

(v) কৃষি উদ্যোগ আদিৰ লগত জড়িত কৰ্মীসকলৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিবৰ বাবে বিশ্ববিদ্যালয়ৰ ডিগ্ৰীৰ উপৰিও এই ক্ষেত্রসমূহৰো ডাক শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।

(vi) শিক্ষক প্ৰশিক্ষণৰ বাবেও এই শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।



অগতানুগতিক শিক্ষা | HS 2nd year Education Chapter 2 Short Notes here.. 

চমুটোকা লিখাঃ Mark — 5

Q. 1 | মুক্ত বিশ্ববিদ্যালয়। (Open University)

উত্তৰঃ যি বিশ্ববিদ্যালয়ত উপযুক্ত সময়ত শিক্ষাৰ্থীসকলে বিভিন্ন সমস্যাৰ বাবে আনুষ্ঠানিকভাৱে উচ্চ শিক্ষা লাভ কৰিব নোৱাৰিলে তেনে শিক্ষাৰ্থীক নিজৰ সুবিধা, ইচ্ছা আৰু সামৰ্থ্য অনুসৰি উচ্চ শিক্ষা প্ৰদান কৰাৰ যি আনুষ্ঠানিক ব্যৱস্হা তাকে মুক্ত বিশ্ববিদ্যালয় বোলা হয়।

Q. 2 | মুক্ত শিক্ষাৰ গুণ আৰু দোষ। (Merits and demerits of open education)

উত্তৰঃ মুক্ত শিক্ষাৰ সুবিধাঃ

  • (i) কৰ্মক্ষেত্রত সোমাই থকা ব্যক্তি যি নেকি উপয়ুক্ত সময়ত শিক্ষা সমাপ্ত কৰিব নোৱাৰি কামত যোগদান কৰিলে তেওঁলোক এই ব্যৱস্হাৰ দ্বাৰা অধিক লাভৱান হয় যাৰ ফলত তেওঁলোকে নিজৰ শৈক্ষিক অৰ্হতা বৃদ্ধি কৰিব পাৰে।
  • (ii) এই শিক্ষা ব্যৱস্হা কম খৰচী হোৱা বাবে ব্যক্তিসকল ইয়াৰ প্ৰতি আগ্ৰহী হোৱা দেখা যায়।
  • (iii) এই শিক্ষা ব্যৱস্হাত শিক্ষাৰ্থীৰ ইচ্ছা, আগ্ৰহ, চাহিদা পূৰণৰ বাবে চেষ্টা কৰা হয়।
  • (iv) মুক্ত শিক্ষা ব্যৱস্হাত নাম ভৰ্তিকৰণৰ সময়ত নিৰ্দিষ্ট যোগ্যতাৰ প্ৰয়োজন নহয়।

মুক্ত শিক্ষাৰ অসুবিধাঃ

  • (i) মুক্ত শিক্ষা ব্যৱস্হা এতিয়াও অতি ভিতৰুৱা অঞ্চলবিলাকত আৰম্ভ কৰিবলৈ সক্ষম হোৱা নাই।
  • (ii) মুক্ত শিক্ষাৰ সকলোবোৰ নিৰ্দেশক অভিজ্ঞতা সম্পন্ন নহয়।
  • (iii) মুক্ত শিক্ষা ব্যৱস্হাৰ অধ্যয়নৰ সামগ্ৰীসমূহ সময়মতে অধ্যয়ন কেন্দ্ৰবোৰত পোৱা নাযায়।
  • (iv) মুক্ত শিক্ষাৰ পৰা একমাত্র মধ্যবিত্ত শ্ৰেণীটোৱে লাভাৱান্বিত হোৱা দেখা যায়।

Q. 3 | যোগাযোগ শিক্ষা। (correspondence Education)

উত্তৰঃ অগতানুগতিক, প্ৰাপ্তবয়স্ক আৰু অবিৰত শিক্ষাৰ ক্ষেত্রত যোগাযোগ পাঠ্যক্ৰমে এক উল্লেখনীয় আৰু তাৎপৰ্যপূৰ্ণ দায়িত্ব বহন কৰি আহিছে। যিসকল শিক্ষাৰ্থীয়ে কিছু পৰিমাণে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাৰ পাছত নানা কাৰণত উচ্চ শিক্ষা ল'বৰ বাবে অপৰাগ হয়, তেওঁলোকৰ বাবে বৰ্তমান অগতানুগতিক শিক্ষা আঁচনিৰ জৰিয়তে শিক্ষা দিয়াৰ ব্যৱস্হা কৰা হৈছে. আনুষ্ঠানিক শিক্ষাৰ যোগে সাক্ষৰতা লাভ কৰা বহু লোকে উচ্চ শিক্ষাত গৈ নিয়মীয়া পাঠ্যক্ৰমত উপস্হিত থাকি শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰিব নোৱাৰে। তদুপৰি চাকৰিয়াল লোক , মহিলা বা সমাজৰ দুৰ্বল শ্ৰেণীৰলোকেও বিভিন্ন অসুবিধাৰ বাবে আনুষ্ঠানিক শিক্ষা লাভ কৰিব নোৱাৰে। এনেবিলাক ব্যক্তিক উচ্চ শিক্ষা প্ৰদান কৰাৰ একমাত্র উপায় হৈছে যোগাযোগ পাঠ্যক্ৰম। অতি কম খৰচ আৰু কম সময়ৰদ্বাৰা শিক্ষা লাভ কৰিবলৈ সক্ষম হোৱা বাবেই এনে ব্যৱস্হাই শিক্ষা ক্ষেত্রত বিশেষ প্ৰভাব পেলাব পাৰিছে. সেয়েহে শিক্ষাৰ সকলো স্তৰতে, সকলো ব্যক্তিৰ বাবে এই পাঠ্যক্ৰম উপযোগী বুলি বিবেচনা কৰিব পাৰি।

Q. 4 | অগতানুগতিক শিক্ষা। (Non-formal Education)

উত্তৰঃ  শিক্ষা হৈছে মানুহৰ ক্ৰমাগত বিকাশৰ এক জীৱনযোৰা প্ৰক্ৰিয়া। এক অনুকূল পৰিৱেশত কোনো নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি নিৰ্ধাৰিত নিয়ম প্ৰণালী, নিৰ্দিষ্ট পাঠ্যক্ৰম, নিৰ্দিষ্ট শিক্ষা পদ্ধতি, নিৰ্ধাৰিত সময়সূচী, পৰীক্ষা ব্যৱস্হা, অনুশাসন আদিৰ পৰা শিক্ষাৰ্থীক যি শিক্ষা প্ৰদান কৰা হয় তাকে অগতানুগতিক শিক্ষা বোলা হয়।

Q. 5 | দূৰৱৰ্তী শিক্ষা। (Distance Education)

উত্তৰঃ দূৰবৰ্তী শিক্ষা হৈছে দূৰবৰ্তী শিক্ষাৰ পাঠ্যক্ৰম পোন প্ৰথমবাৰৰ বাবে ১৮৪০ চনত চাৰ আইজাক পিটমেনে চমু হস্তলিখন পদ্ধতিত ব্যৱহাৰ কৰিছিল।  দূৰত্ব শিক্ষা হ'ল এনে এক শিক্ষা ব্যৱস্হা য'ত শিক্ষাৰ্থীয়ে নিজৰ সুবিধা অসুবিধা অনুসৰি কোনে পাঠ্যক্ৰম আৰম্ভ আৰু শেষ কৰিব পাৰে। দূৰত্ব শিক্ষা কাৰ্যকৰী কৰিবলৈ হ'লে আত্ম অধ্যয়ণৰ ওপৰত গুৰুত্ব দিব লাগিব।

মূৰেৰ মতে, "দূৰৱৰ্তী শিক্ষা হ'ল বিভিন্ন শিক্ষণ পদ্ধতিসমূহৰ এটি পৰিয়াল স্বৰূপ য'ত শিক্ষণ সংক্ৰান্ত আচৰণ আৰু শিক্ষা গ্ৰহণৰ আচৰণ পৃথকভাৱে সম্পন্ন কৰা হয়। এই আচৰণসমূহ শিক্ষাৰ্থীৰ উপস্হিতিতে সম্পাদন কৰাপ ক্ষেত্রত যোগাযোগ সুচল হ'বৰ বাবে প্ৰয়োজন হোৱা পৰ্য্যাপ্ত সা- সামগ্ৰী, ছপা কিতাপ, ইলেকট্ৰিকেলযন্ত্র শিল্প প্ৰস্তুত আৰু অন্যান্য সমলৰ সহায় লোৱা হয়।"



অগতানুগতিক শিক্ষা HS 2nd Year Education Chapter 1 Board Question and Answer Here... 

তলৰ প্রশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 6/8

Q. 1 | দূৰশিক্ষা কি? দূৰশিক্ষাৰ প্ৰকৃতি সম্পৰ্কে তোমাৰ পৰিচিতি দেখুওৱা ।

উত্তৰঃ অগতানুগতিক শিক্ষাৰ অন্যতম দিশ হ'ল দূৰশিক্ষা। দূৰশিক্ষা ব্যৱস্থা হ'ল এনে এক শিক্ষা ব্যৱস্থা য'ত শিক্ষাৰ্থীয়ে নিজৰ সুবিধা অসুবিধা অনুসৰি কোনো পাঠ্যক্ৰম আৰম্ভ আৰু শেষ কৰিব পাৰে। দূৰত্ব শিক্ষা কাৰ্যকৰী কৰিবলৈ হ'লে আত্ম অধ্যয়নৰ ওপৰত গুৰুত্ব দিব লাগিব।

সাধাৰণ অৰ্থত পাৰস্পৰিক যোগাযোগ নোহোৱাকৈ শিক্ষা প্ৰদান কৰা ব্যৱস্থাকে দূৰত্ব শিক্ষণ বুলি কব পাৰি। এনে ব্যৱস্থাক যোগাযোগ মাধ্যম বা যোগাযোগৰদ্বাৰা শিক্ষণ বুলি কব পাৰি। জনপ্ৰিয়ভাৱে এই ব্যৱস্থাক দূৰবৰ্তী শিক্ষণ বা দূৰৱৰ্তী শিক্ষা বুলি কব পাৰি। এনে শিক্ষা ব্যৱস্থাৰ কেতবোৰ উল্লেখনীয় প্ৰকৃতি তলত আলোচনা কৰা হ'লঃ

  • (i) দূৰৱৰ্তী শিক্ষা মূলতঃ এক আত্ম নিৰ্দেশনামূলক পদ্ধতি। শিক্ষাৰ্থীয়ে অন্য দিশতকৈ নিজৰ মূল্যাংকন আৰু অভিপ্ৰায়ৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।
  • (ii) এনে শিক্ষা ব্যৱস্থাক শ্ৰেণী কোঠাৰ ব্যৱস্হা নাথাকে। শিক্ষক আৰু শিক্ষাৰ্থীৰ প্ৰত্যক্ষ যেগাযোগৰ সমূলি ব্যৱস্থা নাই।
  • (iii) শিক্ষণীয় সামগ্ৰী আৰু বিষয়বস্তু যিহেতু ডাকযোগে পঠোৱা হয়, সেয়ে এই ব্যৱস্থা অধিক গতিশীল, নতুনত্ব আৰু বহল দৃষ্টিভংগীৰ হয়।
  • (iv) এই ব্যৱস্থা আনুষ্ঠানিক শিক্ষাতকৈ কম খৰচী আৰু ইয়াৰ মানদণ্ড উন্নত মানৰ।
  • (v) সমাজৰ সকলো স্তৰৰ লোকে নিজৰ ৰুচি-অভিৰুচি, দক্ষতা, আশা-আকাংক্ষাৰ ওপৰত ভিত্তি কৰি জ্ঞান-অভিজ্ঞতা অৰ্জন কৰিব পাৰে।

Q. 2 | মূল্যবোধ কি? বৰ্তমান সমজাত মূল্যবোধ শিক্ষাৰ গুৰুত্ব সম্পৰ্কে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ মূল্যবাধৰ ইংৰাজী প্ৰতিশব্দ Value য়ে মানুহৰ অন্তৰ্নিহিত নৈতিক গুণ, বিশেষত্ব বা যোগ্যতাৰ কথা বুজায়। ব্যুতপত্তিগত ভাৱে মূল্যবোধৰ অৰ্থ হ'ল ই কোনো ব্যক্তি বা বস্তুৰ সেই গুণটোৰ কথা বুজায় যি নেকি সেই ব্যক্তি বা বস্তুক মৰ্যদা, সন্মান আৰু কাৰ্যকাৰিতা প্ৰদান কৰে আৰু সহজভাৱে ক'বলৈ হ'লে মূল্যবোধ হ'ল সজ্ঞান আৰু অজ্ঞানভাৱে ব্যক্তিয়ে অগ্ৰাধিকাৰ দি গ্ৰহণ কৰা আচৰণ বা গুণ-যিবিলাক সামাজিক স্বীকৃতি পাই সমাজৰদ্বাৰাই নিয়ন্ত্রিত হয়।

শিক্ষাৰ অৰ্থ কেৱল ছাত্র ছাত্রীক শিক্ষাদান কৰাই নহয় বৰঞ্চ সুচৰিত্র গঠন কৰা। চিন্তাবিদ সকলে কয় যে পাঠ্যক্ৰমত মূল্যবোধৰ শিক্ষা অন্তৰ্ভক্ত কৰা অতি প্ৰয়োজন।

মূল্যবোধৰ শিক্ষাই এজন ব্যক্তিৰ নৈতিক, আধ্যাত্মিক, সৌন্দৰ্যবোধক দিশসমূহ বিকশাই তোলাত সহায় কৰে। এই শিক্ষাৰ প্ৰয়োজনীতা তলত আলোচনা কৰা হ'লঃ —

  • (i) ব্যক্তিৰ ব্যক্তিত্ব বিকাশত সহায় কৰে।
  • (ii) ছাত্র ছাত্রীৰ চৰিত্রগঠন আৰু নৈতিক বিকাশৰ দিশত এই শিক্ষাই সহায় কৰে
  • (iii) শিশুক পৰিবেশৰ লগত খাপ খোৱাত সহায় কৰে।
  • (iv) সামাজিক দক্ষতাবৃদ্ধিত ই সহায়কাৰী।
  • (v) জাতীয় সংহতি বিকাশত এই শিক্ষাই সহায় কৰে।

Q. 3 | শাৰীৰিক শিক্ষা কি? বিদ্যালয়ত শাৰীৰিক শিক্ষা প্ৰদানৰ তিনিটা ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা ।

উত্তৰঃ শাৰীৰিক শিক্ষা, সাধাৰণ শিক্ষাৰ অংশবিশেষ ।  শিক্ষাৰ লক্ষ্যই হৈছে শিক্ষাৰ্থীৰ সামূহিক বিকাশ অৰ্থাৎ শাৰীৰিক, মানসিক নৈতিক, আবেগিক আৰু সামূহিক বিকাশত সহায় কৰা। এৰিষ্ট'টলেও'সুস্থ দেহত সুস্থ মন গঢ়ি তোলাই "শিক্ষাৰ লক্ষ্য" বুলি অভিহিত কৰিছিল। এজন ব্যক্তিৰ সুস্থ মানসিক বিকাশৰ বাবে শৰীৰ সুস্থ হৈ থাকিব লাগিব আৰু শৰীৰক সুস্থ কৰি ৰখাৰ বাবেই শাৰীৰিক শিক্ষা অতি প্ৰয়োজন।

শাৰীৰিক শিক্ষাৰ আৰম্ভণি পোন প্ৰথমে গ্ৰীচ দেশত হোৱা বুলিয়ে ক'ব পাৰি । ভাৰতবৰ্ষতো প্ৰাচীন কালত শাৰীৰিক কৰ্মব্যস্ততাকেই জীৱন নিৰ্বাহৰ বাবে অতি প্ৰয়োজনীয় বুলি বিবেচনা কৰা হৈছিল । মানৱ সভ্যতাৰ বিকাশৰ লগে লগে ইয়াৰ ধাৰণাৰো সলনি হ'বলৈ ধৰে আৰু বৰ্তমান এজন শিশুৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবে অৰ্থাত সম্পূৰ্ণ ব্যক্তিত্ব বিকাশৰ বাবে শাৰীৰিক কাৰ্যসম্পাদনাৰ মাজেৰে গ্ৰহণ কৰা শিক্ষা ব্যৱস্থাকে শাৰীৰিক শিক্ষা বুলি অভিহিত কৰা হয়।

বিদ্যালয়ত সকলো ছাত্র ছাত্রীকে শাৰীৰিক শিক্ষা প্ৰদান কৰাটো অতি প্ৰয়োজনীয়। শিক্ষানুষ্ঠানসমূহত বিভিন্ন পৰিকল্পিত উপায়েৰে শাৰীৰিক শিক্ষা প্ৰদান কৰি ছাত্র ছাত্রীসকলৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক, সামাজিক আদি সকলো দিশৰ সৰ্বাংগীন বিকাশ সাধন কৰিব পৰা যায়।

১. শাৰীৰিক শিক্ষাৰ কাৰ্যসূচী অঁশগ্ৰহণ কাৰী সকলৰ আগ্ৰহ আৰু সামৰ্থৰ ভিত্তিত প্ৰস্তুত কৰিব লাগে।

২. আমাৰ দেশত পৰম্পৰাগতভাৱে চলি অহা খেল ধেমালী আৰু দৈহিক কাৰ্যসূচীসমূহত গুৰুত্ব প্ৰদান কৰা উচিত।

৩. শাৰীৰিক শিক্ষাৰ ক্ষেত্রত বিশেষ প্ৰৱণতা থকা প্ৰতিভাশালী ছাত্র ছাত্রীক উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰিব লাগে।

Q. 4 | অগতানুগতিক শিক্ষা কি? ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা ? 

উত্তৰঃ শিক্ষা হৈছে মানুহৰ ক্ৰমাগত বিকাশৰ এক জীৱন যোৰা প্ৰক্ৰিয়া । এক অনুকূল পৰিৱেশত কোনো নিৰ্দষ্টলক্ষ্য আগত ৰাখি নিৰ্ধাৰি তনিয়ম প্ৰণালী, নিৰ্দিষ্ট শিক্ষা পদ্ধতি, নিৰ্ধাৰিত সময়সূচী, পৰীক্ষা ব্যৱস্থা, অনুশাসন আদিৰ পৰা শিক্ষাৰ্থীক যিশিক্ষা প্ৰদান কৰা হয় তাকে অগতানুগতিক শিক্ষা বোলা হয় ।

অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্যসমূহ হ'লঃ

  • (i) সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ বাবে এই শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে ।
  • (ii) অগতানুগতিক শিক্ষাৰ পৰিসৰ অত্যন্ত ব্যাপক, সমাজমুখী আৰু গণতান্ত্রিক ।
  • (iii) অগতানুগতিক শিক্ষাত শিক্ষাদানতকৈ শিক্ষা গ্ৰহণতহে অধিক গুৰুত্ব দিয়া হয় ।
  • (iv) এনে প্ৰকাৰৰ শিক্ষাত বয়সৰ কোনো বাধ্যবাধকতা নাথাকে ।
  • (v) এই শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীয়ে ডাকযোগে পঠায় দিয়াৰ ব্যৱস্থা নাথাকে।

Q. 5 | অগতানুগতিক শিক্ষা কি? বৰ্তমান সমাজত অগতানুগতিক শিক্ষাৰ গুৰুত্বসমূহ বৰ্ণনা কৰা ।

উত্তৰঃ শিক্ষা হৈছে মানুহৰ পৰকৰক্ৰমাগত বিকাশৰ একজীৱন যোৰা প্ৰক্ৰিয়া । এক অনুকূল পৰিৱেশত কোনো নিৰ্দষ্ট লক্ষ্য আগত ৰাখি নিৰ্ধাৰিত নিয়ম প্ৰণালী, নিৰ্দিষ্ট শিক্ষা পদ্ধতি, নিৰ্ধাৰিত সময়সূচী, পৰীক্ষা ব্যৱস্থা, অনুশাসন আদিৰ পৰা শিক্ষাৰ্থীক যি শিক্ষাপ্ৰদান কৰা হয় তাকে অগতানুগতিক শিক্ষা বোলা হয়।

মানুহৰ ক্ৰমবৰ্দ্ধমান শিক্ষাৰ চাহিদা পূৰণৰ বাবেই অগতানুগতিক শিক্ষাৰ উদ্ভৱ হৈছিল। আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্রত দেখা দিয়া অনেক ত্রুটি এই শিক্ষাৰ যোগেদি সংশোধন কৰিব পাৰি। শিক্ষাৰ ক্ষেত্রত অগতানুগতিক শিক্ষাৰ গুৰুত্বসমূহ তলত দিয়া ধৰণে বৰ্ণনা কৰিব পাৰিঃ

১. অগতানুগতিক শিক্ষাই শিক্ষিত আৰু অশিক্ষিত সকলোকে শৈক্ষিত আৰু অৰ্থনৈতিক প্ৰয়োজন পূৰণ কৰিব পাৰি।

২. এই শিক্ষাই নিৰক্ষৰতা দূৰ কৰি শিক্ষাৰ সাৰ্বজনীনকৰণৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে।

৩. প্ৰাপ্তবয়স্ক শিক্ষাৰ ক্ষেত্রত এই অগতানুগতিক শিক্ষাই একে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

৪. অগতানুগতিক শিক্ষাই বিভিন্ন বৃত্তিত নিয়োজিত লোকসকলৰ বৃত্তিমূলক বিকাশৰ ক্ষেত্রত উল্লেখনীয় বৰঙণি আগবঢ়ায়।

৫. সমাজৰ নিষ্পেষিত লোকসকলক প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতা প্ৰদানত এই শিক্ষা বিশেষ সহায়কাৰী।

Q. 6 | অগতানুগতিক শিক্ষাৰ পৰিসৰ ব্যাখ্যা কৰা।

উত্তৰঃ শিক্ষা হৈছে মানুহৰ ক্ৰমাগত বিকাশৰ এক জীৱনজোৰা প্ৰক্ৰিয়া। কিন্তু ভিনভিন কাৰণত উপযুক্ত বয়সত বহুতো ল'ৰা ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰিব নোৱাৰিব পাৰে বা বহুতেই ভিন ভিন কাৰণত আধাতেই শিক্ষা ত্যাগ কৰিবলগীয়া হয়. সেয়েহে ভাৰত চৰকাৰে অগতানুগতিক শিক্ষাৰ ব্যৱস্থা কৰিছে যীতে দেশত সকলোৱে শিক্ষা গ্ৰহণ কৰিবলৈ সুযোগ পায়। সমীজৰ বিভিন্ন দিশৰ বিকাশ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে জ্ঞান আৰু কাৰ্যনিপু্ণতা বৃদ্ধিৰ বাবে বৰ্তমান অগতানুগতিক শিক্ষা এক অপৰিহাৰ্য আহিলা হৈ পৰিছে অগতানুগতিক শিক্ষাৰ পৰিসৰ অত্যন্ত ব্যাপক, সমাজমুখী আৰু গণতান্ত্রিক।

  • (i) সংশোধনমূলক শিক্ষা।
  • (ii) অবিৰত শিক্ষা।
  • (iii) বৃত্তিগত শিক্ষা।
  • (iv)  সামাজিক দায়িত্ব পালন।
  • (v) অনুষ্ঠানিক শিক্ষাৰ সহায়কাৰী ।

Q. 7 | অগতানুগতিক শিক্ষাৰ শৈক্ষিক গুৰুত্ব আলােচনা কৰা ।

উত্তৰঃ মানুহৰ ক্ৰমবৰ্দ্ধমান শিক্ষাৰ চাহিদা পূৰণৰ বাবেই অগতানুগতিক শিক্ষাৰ উদ্ভৱ হৈছিল। আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত দিয়া অনেক ত্ৰুটি এই শিক্ষাৰ যোগেদি সংশোধন কৰিব পাৰি।

অগতানুগতিক শিক্ষাৰ শৈক্ষিক গুৰুত্ব তলত আলোচনা কৰা হ'ল-

(১) অগতানুগতিক শিক্ষাই শিক্ষিত আৰু অশিক্ষিত সকলোকে শৈক্ষিক আৰু অৰ্থনৈতিক প্ৰয়োজন পূৰণ কৰিব পাৰে।

(২) এই শিক্ষাই নিৰক্ষৰতা দূৰ কৰি শিক্ষাৰ সাৰ্বজনীনকৰণৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে।

(৩) প্ৰাপ্তবয়স্ক শিক্ষাই ক্ষেত্ৰত এই অগতানুগতিক শিক্ষাই একে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা।

(৪) অগতানুগতিক শিক্ষাই বিভিন্ন বৃত্তিত নিয়োজিত লোকসকলৰ বৃত্তিমূলক বিকাশৰ ক্ষেত্ৰত উল্লেখনীয় বৰঙণি আগবঢ়ায়।

(৫) সমাজৰ নিষ্পেষিত লোকসকলক প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতা প্ৰদানত এই শিক্ষা বিশেষ সহায়কাৰী।   

Q. 8 | অগতানুগিক শিক্ষা গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত '- আলোচনা কৰা ।

উত্তৰঃ অগতানুগতিক শিক্ষা গণতান্ত্রিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত। শিক্ষা হৈছে জীৱনজোৰা প্ৰক্ৰিয়া। গতিকে অগতানুগতিক শিক্ষা হৈছে গোটেই জীৱনত লাভ কৰিব পৰা এক শিক্ষা ব্যৱস্থা। যিহেতু এনে শিক্ষা ব্যৱস্থাত কোনো নিৰ্দ্ধাৰিত নীতি নিয়ম বা সময়সূচী নাথাকে। এনে শিক্ষাই ব্যক্তিৰ স্বাধীনতা আৰু স্বতঃস্ফুত শিক্ষণত অধিক গুৰুত্ব প্ৰদান কৰে। গণতান্ত্রিক দৃষ্টভংগীত এই শিক্ষা সকলোৰে বাবে সমান. সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকে এই শিক্ষা গ্ৰহণ কৰিব পাৰে। আৰ্থিক ভাৱে পিছপৰা, কৰ্মক্ষেত্রৰ বাবে বিছিন্ন হোৱা আদি সকলোৱে শ্ৰেণীৰ লোকে ইচ্ছা অনুসৰি শিক্ষা গ্ৰহণ কৰিব পাৰে। য়াত কোনো নিৰ্দিষ্ট নীতি নিয়ম বা বয়সৰ কোনো সময় সীমা নাই। সেয়েহে এই শিক্ষা গণতান্ত্রিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত।

অধিক। কিয়নো অৰ্থনৈতিক, সামাজিক, শিক্ষাগত আৰু অন্যান্য বিভিন্ন কাৰণত যিবিলাক ল'ৰা ছোৱালীয়ে উপযুক্ত বয়সত প্ৰাথমিক বিদ্যালয়ত ভৰ্তি হ'ব নোৱাৰে আৰু ভৰ্তি হ'লেও সেই শিক্ষা আধৰুৱা কৰি এৰি আহিব লগা হয় তেনেবোৰ ল'ৰা ছোৱালীৰ বাবে অগতানুগতিক শিক্ষাৰ ব্যৱস্থা কৰা হয়। 

বৰ্তমান বিজ্ঞানৰ আৰু প্ৰযুক্তি বিদ্যাৰ জয়যাত্রাৰ ফলত সমগ্ৰ বিশ্বতে জ্ঞানৰ বিস্ফোৰণ ঘটিছে। শিক্ষাৰ্থীয়ে সীমিত সময়ত যি আনুষ্ঠানিক শিক্ষা  লাভ কৰে সেয়া পৰিবৰ্তনশীল সমাজত খাপ খুৱাই লোৱাত ব্যক্তিক সহায় নকৰে. কাৰণ জ্ঞানৰ পৰিসীমা ক্ৰমাৎ বাঢ়ি গৈ আছে। গতিকে সময় আৰু জ্ঞানৰ অগ্ৰগতিৰ লগত খাপ খুৱাই চলিবৰ বাবেও আজি অগতানুগতিক শিক্ষা অপৰিহাৰ্য্য হৈ পৰিছে।

Q. 9 | অনানুষ্ঠানিক শিক্ষা কি? ইয়াৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা।

উত্তৰঃ বিদ্যালয়, মহাবিদ্যালয় আদি শিক্ষানুষ্ঠানৰ বাহিৰত অন্যান্য উৎসৰ পৰা পৰোক্ষভাৱে লাভ কৰা শিক্ষাক অনানুষ্ঠানিক শিক্ষা বুলি কোৱা হয়। ইয়াৰ বৈশিষ্ট্যবোৰ তলত আলোচনা কৰা হ'লঃ

  • (i) এই শিক্ষা মুক্ত আৰু স্বত্ঃস্ফূৰ্ত।
  • (ii) এই শিক্ষাত নিৰ্ধাৰিত সময়সীমা নাথাকে।
  • (iii) অভিজ্ঞতাৰ দ্বাৰা এই শিক্ষা লাভ কৰিব পাৰি।
  • (iv) ইয়াত আৰম্ভণি আৰু শেষ বুলি কোনো কথা নাথাকে।
  • (v) ইয়াত কোনো ধৰাবন্ধা নিয়ম নাথাকে।

Q. 10 | অনানুষ্ঠানিক শিক্ষাৰ যিকোনো এটা অভিকৰণৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ অনানুষ্ঠানিক শিক্ষাৰ এটা অভিকৰণৰ বিষয়ে তলত আলোচনা কৰা হ'লঃ

দূৰবৰ্তীশিক্ষা হৈছে দূৰবৰ্তীশিক্ষাৰ পাঠ্যক্ৰম পোনপ্ৰথমবাৰৰ বাবে ১৮৪০ চনত চাৰআইজাক পিটমেনেচ মুহস্ত লিখন পদ্ধতিত ব্যৱহাৰ কৰিছিল. ১৮৫৮ চনত লণ্ডন বিশ্ববিদ্যালয়েপ্ৰথম বহিঃ আঁচনিৰ জৰিয়তে দূৰবৰ্তী শিক্ষা ডিগ্ৰী প্ৰদান কৰে. ১৮৯০ চনত উইলিয়াম ৰেইনী হাৰপাৰয়ে চিকাগো বিশ্ববিদ্যালয়তে আভ্যন্তৰীণ বিশ্ববিদ্যালয় বিষয়সূচীৰ বিকাশৰ বাবে গুৰুত্ব আৰোপ কৰিছিল। তেওঁ ১৮৯২ চনত এনে শিক্ষা বিকাশৰ বাবে কলম্বিয়া বিশ্ববিদ্যালয়ত যোগাযোগ পাঠ্যক্ৰমৰ প্ৰয়োগৰ বাবে উৎসাহ যোগাইছিল। দূৰত্বশিক্ষা হ'ল এনেএক শিক্ষা ব্যৱস্হা য'ত শিক্ষাৰ্থীয়ে নিজৰ সুবিধা অসুবিধা অনুসৰি কোনে পাঠ্যক্ৰম আৰম্ভ আৰু শেষ কৰিব পাৰে। দূৰত্ব শিক্ষা কাৰ্যকৰী কৰিবলৈ হ'লে আত্মঅধ্যয়ণৰ ওপৰত গুৰুত্ব দিব লাগিব। ভাৰত বৰ্ষত ১৯৮৫ চনৰ ২০ ছেপ্তেম্বৰ তাৰিখে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় স্হাপন কৰা হৈছিল। দূৰৱৰ্তী শিক্ষাৰ বৈশিষ্ট্যসমূহ হ'লঃ

১. শিক্ষাৰ সকলো স্তৰৰ বাবে এনে শিক্ষা ব্যৱস্হা অতি উপযোগী।

২. এই পদ্ধতিৰ শিক্ষা ব্যৱস্হাৰ শিক্ষাৰ্থীৰ সংখ্যা অসংখ্য পৰিমাণৰ হয়।

৩. দূৰৱৰ্তীশিক্ষাই আত্মশিক্ষাৰ সুবিধা প্ৰদান কৰে।

৪. এনে শিক্ষা ব্যৱস্হাত শিক্ষাৰ্থীয়ে নিজস্ব গতিবেগত আগবাঢ়ি যাব পাৰে।

৫. প্ৰচলিত শিক্ষা ব্যৱস্হাতকৈ এনে শিক্ষা ব্যৱস্হা কম খৰচী।

Q. 11 | অনানুষ্ঠানিক শিক্ষাৰ ব্যৱহাৰিক পদ্ধতিৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ অনানুষ্ঠানিক শিক্ষা হ'ল স্কুল কলেজৰ চাৰিবেৰৰ মাজত আবদ্ধ নোহোৱাকৈ বৃহত্তৰ জীৱনৰ পৰা পৰোক্ষভাৱে লাভ কৰা শিক্ষা। বিদ্যালয় প্ৰবেশৰ পূৰ্বেই এনে শিক্ষাই শিশুৰ বিকাশত সহাত্র কৰে বা শিক্ষকতা কৰ্ম পৰিচালনা কৰে। শিশুৰ আচাৰ ব্যৱহাৰ, ভাবগতি আদৰ্শ, বিশ্বাস, শাৰীৰিক তথা মানসিক দক্ষতা আদিৰ সূচনা হয় এই অনানুষ্ঠানিক শিক্ষাৰ যোগেদিয়ে। কোনো নীতি নিয়মৰ অনুগামী নোহোৱাকৈ বাধ্যবাধকতা বৰ্জিত এক মুক্ত পৰিবেশত এই শিক্ষা ছাত্র ছাত্রীয়ে লাভ কৰে। এই শিক্ষাৰ ব্যৱহাৰিক পদ্ধতি হ'ল গৃহ, সমাজ, ধৰ্মীয় অনুষ্ঠান, অনাতাঁৰ, বোলছবি, ৰাজহুৱা পুথিভঁৰাল আৰু ব্যক্তি জীৱনৰ ভিন ভিন ক্ষেত্রত লাভ কৰা অভিজ্ঞতা ইত্যাদি।

Q. 12 | অনানুষ্ঠানিক শিক্ষাৰ সীমাবদ্ধতাবোৰ উল্লেখ কৰা ।

উত্তৰঃ (i) এই শিক্ষা পূৰ্বপৰিকল্পিত নহয়।

(ii) এই শিক্ষাত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক নাথাকে।

(iii) এই শিক্ষাত কোনো প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষক নাথাকে।

(iv) এই শিক্ষাত কোনো ডিগ্ৰী, ডিপ্লমা, চাৰ্টিফিকেট প্ৰদান কৰা নহয়।

(v) এইবিধ শিক্ষা ব্যয়বহুল নহয়।

Q. 13 | 'মুক্ত শিক্ষাৰ চাৰিটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ (i) এই শিক্ষা ব্যৱস্থাই সাৰ্বজনীন শিক্ষা ব্যৱস্থাৰ পথ সূচনা কৰিব পাৰিছে।

(ii) দেশৰ জনগণক নূন্যতম প্ৰয়োজন পূৰণ কৰি বহুমুখী শিক্ষা দিব পাৰিছে।

(iii) আনুষ্ঠানিক শিক্ষাৰ বিভিন্ন স্তৰৰ পৰা বঞ্চিত লোকসকলক অবিৰত ব্যৱস্থা কৰা।

(iv) ইয়াৰ পাঠ্যক্ৰমৰ নমনীয়তা, বহু মাধ্যমৰ প্ৰয়োগ আৰু আকৰ্ষণীয়তা পৰিলক্ষিত হয়।

Q. 14 | মুক্ত শিক্ষাৰ সুবিধাবোৰ কি কি? 

উত্তৰঃ (i) এই শিক্ষাৰ মাধ্যমেৰে উচ্চ শিক্ষাক ব্যক্তিৰ একেবাৰে ওচৰলৈ লৈ যোৱা হৈছে। বিশেষকৈ কৰ্মৰত হৈ থকা ব্যক্তিসকল, চাকৰি় কৰি থকা ব্যক্তিসকল, ৰক্ষণশীলতা বাঘৰুৱা দায়িত্বৰ বাবে সাধাৰণ শিক্ষা লোৱাৰ সুবিধা নোপোৱী মহিলা সকল এই ব্যৱস্হাৰ পৰা অধিক ভাৱে লাভ বা নহয়।

(ii) এই শিক্ষা ব্যৱস্হাৰ পাঠ্যক্ৰমবোৰ সংগঠিত কৰোতে আন্তঃ বিষয়ক দৃষ্টিভংগী অন্তৰ্ভুক্ত কৰা হয়।

(iii) এই শিক্ষা ব্যৱস্হাৰ পাঠ্যক্ৰমবোৰ অধিকভাৱে অৰ্থপূৰ্ণ আৰু সংগঠিত।

(iv) এই শিক্ষা ব্যৱস্হাৰ অধিক সংখ্যক পাঠ্যক্ৰম চাকৰিৰ লগত জড়িত আৰু বৃত্তিমুখী ধৰণৰ।

(v) এই শিক্ষা ব্যৱস্হাৰ মূল্যায়ন প্ৰক্ৰিয়াটো অবিৰত প্ৰকৃতিৰ।

Q. 15 | যোগাযোগমূলক শিক্ষাৰ বৈশিষ্ট্যবোৰ কি কি?

উত্তৰঃ (i) এই শিক্ষাৰ অৱশেষত মূল্যায়নৰ ভিত্তিত ডিগ্ৰী, চাৰ্টিভিকেট আদি প্ৰদান কৰা হয়।

(ii) এই শিক্ষাত নমনীয়তা আৰু গতি শালতাৰ নীতি মানি চলা হয়।

(iii) এই শিক্ষা মিত্যবয়ী বিধৰ হয়।

(iv) এই শিক্ষাব্যৱস্হাত যোগাযোগৰ মূল মাধ্যম হৈছে ডাক ব্যৱস্হা।

(v) যোগাযোগমূলক শিক্ষাব্যৱস্হাত ছপা- সামগ্ৰী, লিখিত টোকা, চিঠিপত্রআদিৰ দ্বাৰা যোগাযোগ ৰক্ষা কৰি শিক্ষা প্ৰদান কৰা হয়।

Q. 16 | আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাক তুলনা কৰা । 

উত্তৰঃ (১)  আনুষ্ঠানিক শিক্ষাৰ পৰিসৰ সীমিত। আনহাতে, অগতানুগতিক শিক্ষাৰ পৰিসৰ বহল।

(২) আনুষ্ঠানিৰ শিক্ষাৰ এক নিৰ্ধাৰীত সময়সীমা আছে। আনহাতে, অগতানুগতিক শিক্ষা এক অবিৰত প্ৰক্ৰিয়া।

(৩) আনুষ্ঠানিক শিক্ষাৰ নীতি-নিয়মবোৰ অনমনীয়। আনহাতে, অগতানুগতিক শিক্ষাত নাতি-নিয়মবোৰ সাধাৰণতে নমনীয় হয়।

(৪) আনুষ্ঠানিক শিক্ষা শিক্ষানুষ্ঠানৰ চাৰিবেৰৰ মাজত সীমাবদ্ধ হোৱাৰ দৰে অগতানুগিক শিক্ষা বিদ্যালয়ৰ পৰিসীমাৰ দ্বাৰা সীমাবদ্ধ নহয়।    

Q. 17 | অগতানুগতিক শিক্ষাৰ শিক্ষাৰ লক্ষ্যসমূহ কি কি ?

উত্তৰঃ অগতানুগতিক শিক্ষাৰ লক্ষ্যসমূহ হ'ল-

(১) স্কুললৈ নোযোৱাকৈ থকা ল'ৰা-ছোৱালীক শিক্ষাৰ সুবিধা প্ৰদান কৰি শিক্ষাক সাৰ্বজনীন ৰূপ আগবঢ়োৱা।

(২) স্থানীয় আৰু প্ৰয়োজনবোধে বাহিৰৰ সম্পদৰাজি ব্যৱহাৰ কৰি বিভিন্ন ভিত্তিত নিয়োজিত ব্যক্তিসকলৰ নিজ নিজ বৃত্তি সম্পৰ্কে জ্ঞান আৰু অভিজ্ঞতা বৃদ্ধি কৰা।

(৩) জাতীয় আদৰ্শসমূহৰ প্ৰতি এক সুস্থ মনোভাৱ গঢ় দিবৰ বাবে বাঞ্চিত ব্যক্তিগত আৰু সামাজিক অভ্যাস গঠনত সহায় কৰা।

(৪) দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰত আত্মৰ্ভিৰশীৰ কৰি তুলিবৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন কৌশলসমূহৰ আয়ত্বকৰণত সহায় কৰা।

(৫) জীৱনৰ মানদণ্ড উন্নত কৰা আৰু ৰাষ্ট্ৰৰ বিকাশত উপযুক্ত সহযোগিতা আগবঢ়াব পৰাকৈ উপযুক্ত ব্যক্তি গঢ় দি তোলা।  

Q 18 | অগতানুগতিক শিক্ষাৰ পাঁচটা প্ৰয়োজনীয়তা লিখা ।

উত্তৰঃ (i) অগতানুগতিক শিক্ষাই শিক্ষিত আৰু অশিক্ষিত সকলোকে শৈক্ষিক  আৰু অৰ্থনৈতিক প্ৰয়োজন পূৰণ কৰিব পাৰে।

(ii) এই শিক্ষাই নিৰক্ষৰতা দূৰ কৰি শিক্ষাৰ সাৰ্বজনীনকৰণৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে।

(iii) প্ৰাপ্তবয়স্ক শিক্ষাৰ ক্ষেত্রত এই অগতানুগতিক শিক্ষাই একে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

(iv) অগতানুগতিক শিক্ষাই বিভিন্ন বৃত্তিত নিয়োজিত লোকসকলৰ বৃত্তিমূলক বিকাশৰ ক্ষেত্রত উল্লেখনীয় বৰঙণি আগবঢ়ায়।

(v) সমাজৰ নিষ্পেষিত লোকসকলক প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতা প্ৰদানত এই শিক্ষা বিশেষ সহায়কাৰী।

Q. 19 | ভাৰতৰ মুক্ত শিক্ষা পদ্ধতি সম্পৰ্কে আলোচনা কৰা ।

উত্তৰঃ মুক্ত শিক্ষা হ'ল বিশ্বৰ ঐতিহাসিক, সামাজিক, অৰ্থনৈতিক, প্ৰায়োগিক আৰু কাৰিকৰী শক্তিসমূহৰ সামগ্ৰিক ফলশ্ৰুতি। ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ দেশবোৰত মুক্ত শিক্ষাৰ প্ৰথম আৰম্ভণি হয় ২৫০ বছৰৰো আগতে। ইয়াৰ পিছত অষ্ট্ৰেলিয়া, কানাডা, নিউজিলেণ্ড আদি দেশৰ ভিতৰুৱা অনুন্নত অঞ্চলবোৰত বয়স্ক ব্যক্তিসকলক প্ৰাথমিক শিক্ষাদান কৰিবৰ বাবে ডাকযোগে দিয়া শিক্ষণৰ ব্যৱস্হা কৰা হৈছিল। পিছলৈ এনেদৰে দিয়া শিক্ষা মাধ্যমিক আৰু উচ্চ স্তৰলৈ সম্প্ৰসাৰিত কৰা হৈছিল। লাহে লাহে ডাকযোগে দিয়া শিক্ষাৰ লগত অন্যান্য মাধ্যম, যেনে- ৰেডিঅ', দূৰদৰ্শন, দৃশ্য - শ্ৰাব্য কেছেট ইত্যাদি বিভিন্ন সমলৰ সংযোগ কৰা হয়। ইয়াৰ পিছত ১৯৬৯ চনত ইংলেণ্ডত এটি মুক্ত বিশ্ববিদ্যালয় আৰম্ভ কৰা হৈছিল। যি বিশ্ববিদ্যালয়ে সমগ্ৰ পৃথিৱীতে শিক্ষাৰ ক্ষেত্রত এক ঐতিহাসিক পদক্ষেপ লৈছিল। 

ইংলেণ্ডৰ মুক্ত বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুপ্ৰাণিত আৰু প্ৰভাৱিত হৈ ভাৰত চৰকাৰেও আমাৰ দেশত তেনে এখন বিশ্ববিদ্যালয় স্হাপনৰ বিষয়টো পৰীক্ষা কৰি চাবলৈ ১৯৭০ চনত এখন কমিটি গঠন কৰি দিছিল। এই কমিটিৰ সভাপতিআছিল দিল্লীৰ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য শ্ৰী জি. পাৰ্থসাৰথি.  ভাৰতবৰ্ষৰ জনগণৰ শৈক্ষিক চাহিদা পূৰণৰ বাবে এনে এখন বিশ্ববিদ্যালয় অত্যন্ত জৰুৰী বুলি এই কমিটিয়ে মন্তব্য দিছিল। অন্যান্য ৰাজ্যতো এনে এখন বিশ্ববিদ্যালয় স্হাপনৰ বাবে কাৰ্যকৰীভাৱে চিন্তা চৰ্চা কৰা হৈছিল। অন্ধ্ৰ প্ৰদেশৰ চৰকাৰে এই উদ্দেশ্যেৰে এখন কমিটি গঠন কৰিছিল। ১৯৮৩ চনত দাখিল কৰা এই প্ৰতিবেদন সেই ৰাজ্যৰ চৰকাৰে লগে লগে গ্ৰহণ কৰিছিল। ১৯৮২ চনৰ আগষ্ট মাহত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অন্ধ্ৰ প্ৰদেশৰ এই মুকলি বিশ্ববিদ্যালয় খন উদ্বোধন কৰে। এইখনে হ'ল ভাৰতত স্হাপিত হোৱা প্ৰথম মুক্ত বিশ্ববিদ্যালয়। ১৯৮৫ চনত প্ৰধানমন্ত্রী ৰাজীৱ গান্ধীৰ নেতৃত্বত ২০ ছেপ্তেম্বৰত প্ৰতিষ্ঠা কৰা হয় ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়  (IGNOU) । এই বিশ্ববিদ্যালয় খনে শিক্ষাৰ্থী সকলক বিভিন্ন বিষয়ত ডিগ্ৰী, ডিপ্লমা, মানপত্র আদি দি আহিছে।

Q. 20 | মুক্ত বিদ্যালয় স্থাপন কৰাৰ উদ্দেশ্যবোৰ কি কি? 

উত্তৰঃ (i) এক অগতানুগতিক পৰিপূৰক শিক্ষা পদ্ধতিৰ পৰিকল্পনা কৰি তাক বাস্তৱায়িত কৰা । ইয়াৰ যোগেদি মাধ্যমিক আৰু উচ্চ মাধ্যমিক স্তৰত শিক্ষাৰ বাবে বিভিন্ন অধ্যয়ৰ বিষয়ৰ ব্যৱস্হা কৰা।

(ii) পেচাগত, বৃত্তিমূলক আৰু জীৱনৰ মানদণ্ডৰ উন্নয়নকাৰী বিভিন্ন বিষয়ৰ অধ্যয়নৰ সুবিধা প্ৰদান কৰা।

(iii) গৱেষণা, প্ৰকাশন আৰু তথাৰ সম্প্ৰসাৰণৰ বাবে এটি দূৰ শিক্ষা পদ্ধতিৰ ব্যৱস্হা কৰা।

Q. 21 | যোগাযোগ শিক্ষাৰ পাচঁটা উদ্দেশ্য উল্লেখ কৰা ।

উত্তৰঃ (i) নিয়মীয়াকৈ শ্ৰেণীত উপস্হিত থকাৰ বিকল্প হিচাপে উচ্চ শিক্ষাৰ সুবিধা।

(ii) কম ব্যয় আৰু অধিক দক্ষতাৰে উচ্চ শিক্ষাৰ ব্যৱস্হা কৰা।

(iii) বিভিন্ন কাৰণত ভৰ্তি হ'ব নোৱাৰা শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা।

(iv) বিভিন্ন চাকৰিৰ যোগেদি জীৱিকা অৰ্জন কৰি থকা ইচ্ছুক ব্যক্তিক উচ্চ শিক্ষাৰ সুবিধা দিয়া।

(v) ব্যক্তিসকলৰ  ব্যৱহাৰিক প্ৰয়োজনসমূহ পূৰণ কৰাত সহায় কৰা।



Tags :

  • অগতানুগতিক শিক্ষা HS 2nd Year Education Question Answer
  • HS 2nd Year Education Chapter 2 Question Answer In Assamese
  • AHSEC Class 12 Education Chapter 2 Notes
  • HS 2nd Year Education Notes Chapter 2
  • HS 2nd Year Education Lesson 2 Question Answer Assamese Medium
  • Class 12 Education lesson 2 question answer assamese medium
  • 12th class education notes pdf
  • class 12 education question answer chapter 2
  • non formal education class 12 notes
  • 2nd year education chapter 2 question answer assamese medium
  • education class 12 chapter 2 question answers