Follow Us:

মগনিয়াৰ প্ৰশ্ন উত্তৰ | HS 2nd Year Assamese Chapter 2 Question Answer | AHSEC Class 12 Assamese Chapter 2 Notes

LearningPointAssam.com

মগনিয়াৰ প্ৰশ্ন উত্তৰ | HS 2nd Year Assamese Chapter 2 Question Answer | মগনিয়াৰ Class 12 Question Answer to each chapter is provided in the list of HS 2nd Year Assamese Question AnswerWe design all notes according to AHSEC syllabus so that you can easily browse Assam Board Class 12 Assamese Chapter 2 Question Answer and AHSEC Guides. You can prepare ahead of the board exams by taking help from these মগনিয়াৰ কবিতা প্ৰশ্ন উত্তৰ AHSEC Class 12 Assamese Question Answer Chapter 2 can be of great value to excel in the examination.

HS 2nd Year Assamese Chapter 2 Question Answer

Assam Board HS 2nd Year Assamese Chapter 2 মগনিয়াৰ কবিতা Notes, Class 12 Assamese lesson 2 question answer can be very useful to excel in the examination. Assam Board AHSEC HS 2nd year assamese question answer chapter 2 gives you better knowledge of all the concepts. You can get Solutions for both basic and advanced level questions. These solutions are part of Class 12 NCERT Solutions — All Subjects. Here we have given Assam Board AHSEC Class 12 Assamese Chapter – 2 মগনিয়াৰ pdf Solutions for All Subject, You can practice these here…


*** ইয়াত — Gauhati University BA 1st, 2nd, 3rd, 4th, 5th & 6th Semester-ৰ উপৰিও Class — 11, 12 (arts, commerce, Science (Class 1 পৰা Graduation) লৈ সকলো কিতাপৰ সকলো বিষয়ৰ তথ্য সমূহ Assamese medium আৰু English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!







Chapter — 2 

মগনিয়াৰ  — ALL Important Question & Answers

AHSEC HS 2nd Year Assamese Book Question Answer


CONTENTS 

মগনিয়াৰ প্ৰশ্ন উত্তৰ 
(সাহিত্য সৌৰভ 2nd year প্ৰশ্ন উত্তৰ)
 Question and Answer key






প্ৰশ্নাৱলীঃ

মগনিয়াৰ কবিতা short question answer | HS 2nd Year Assamese Chapter 2 Question Answer Here...... 

তলৰ প্রশ্নসমূহৰ অতি চমুকৈ উত্তৰ দিয়াঃ Mark — 1

Q. 1 | মগনিয়াৰ কবিতাটোৰ কবি কোন?

উত্তৰঃ মগনিয়াৰ কবিতাটোৰ কবি হৈছে-যতীন্দ্ৰনাথ দুৱৰা।

Q. 2 | 'মগনিয়াৰ' পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ 'মগনিয়াৰ' পাঠটি দুৱাৰা 'কথা-কবিতা' পুথিৰ পৰা সংগ্ৰহ কৰা হৈছে।

Q. 3 | অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবি গৰাকী কোন?

উত্তৰঃ অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবি গৰাকী যতীন্দ্ৰ নাথ দুৱৰা ৷

Q. 4 | কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম ১৮৯২ চনত হৈছিল ৷

Q. 5 | যতীন্দ্ৰনাথ দুৱৰাক কি কবি  বুলি জনা যায়?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি  বুলি জনা যায় ৷

Q. 6 | 'ওমৰ তীৰ্থ’ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ?

উত্তৰঃ 'ওমৰ তীৰ্থ’ পুথিখনি ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ  'ৰুবায়ত’ পুথিৰ ভাৱানুবাদ ৷

Q. 7 | যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাই 'বনফুল' কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ৷

Q. 8 | যতীন্দ্ৰ নাথ দুৱৰাই কিহৰ আলমত কথা-কবিতা ৰচনা কৰিছিল?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাই টুৰ্গেনিভৰ 'Poem in Prose' আৰু আফ্ৰিকা লেখিকা শ্ৰাইনাৰ ৰচনা আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা-কবিতা ৰচনা কৰে।

Q. 9 | সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক গৰাকী কোন?

উত্তৰঃ সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক গৰাকী হৈছে- যতীন্দ্ৰনাথ দুৱৰা।

Q. 10 | কবি যতীন্দ্ৰ নাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৮৯২ চনত শিৱসাগৰৰ আমোলাপট্টিত যতীন্দ্ৰ নাথ দুৱাৰৰ জন্ম হয়।

Q. 11 | ওমৰ তীৰ্থ পুথিৰ খন কাৰ ৰচনা?

উত্তৰঃ ওমৰ তীৰ্থ পুথিখন যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰে।

Q. 12 | ওমৰ তীৰ্থ কাব্যপুথিৰ মূল কি? 

উত্তৰঃ ওমৰ তীৰ্থ কাব্যপুথিৰ মূল হৈছে- ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ "ৰুবায়ত"।

Q. 13 | মগনিয়াৰ আৰু কবিৰ মাজৰ সাদৃশ্য থকা বিষয়টো কি?

উত্তৰঃ মগনিয়াৰ আৰু কবিৰ মাজৰ সাদৃশ্য থকা বিষয়টো হৈছে- আন্তৰিকতা।

Q. 14 | মগনিয়াৰ শব্দ অৰ্থ কি?

উত্তৰঃ মগনিয়াৰ শব্দ অৰ্থ হ'ল- মাগি খাওঁতা, ভিক্ষাৰী।

Q. 15 | উৰ্মাল শব্দ অৰ্থ কি?

উত্তৰঃ উৰ্মাল শব্দ অৰ্থ হ'ল- ৰুমাল।

Q. 16 | কথা কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি

উত্তৰঃ কথা-কবিতা ঊনৈশ শতিকাৰ এক উল্লেখযোগ্য সৃষ্টি।



মগনিয়াৰ important question answer | AHSEC Class 12 Assamese Chapter 2 Short Question Answer Here...... 

তলৰ প্রশ্নসমূহৰ চমুকৈ উত্তৰ দিয়াঃ Mark — 2/3

Q. 1 | কথা-কবিতা বুলিলে কি বুজা? ইয়াৰ দুটা বৈশিষ্ট্য লিখা ৷

উত্তৰঃ কবিত্বময়ী কথা লিখাৰ ভংগীৰে লিখা একশ্ৰেণীৰ কবিতাকে কথা-কবিতা বুলি কোৱা হয় ৷

কথা-কবিতাৰ দুটা বৈশিষ্ট্য হ’ল-

  • (i) কথা-কবিতাত ৰূপকৰ সমাৱেশ থাকে ৷
  • (ii) কথা-কবিতাত এটাই মাত্ৰ কেন্দ্ৰস্হ ভাৱ থাকে ৷

Q. 2 | কবিতা আৰু কথা-কবিতাৰ মাজত কি কি পাৰ্থক্য আছে?

উত্তৰঃ পুৰণি কবিতাবোৰত পৰম্পৰাগত ছন্দৰ প্ৰয়োগ কৰা হয় ৷ তেনেদৰে আধুনিক কবিতাবোৰতো মুক্তক ছন্দৰ প্ৰয়োভৰ ঘটে ৷ এক কথাত কবিতাত ছন্দৰ প্ৰয়োগ অপৰিহাৰ্য ৷ কিন্তু কথা-কবিতা ছন্দৰ বান্ধোনত বন্দী নহয় ৷ ই মুক্তভাৱে কথা কোৱাৰ ভংগীত ৰচিত কবিত্বময়ী সাহিত্য ৷

Q. 3 | যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কবিতা পুথিকেইখনৰ নাম কি?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কবিতা পুথি কেইখন হৈছে-ওমৰতীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ আৰু মৰমৰ সুৰ।

Q. 4 | ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা ৷

উত্তৰঃ ওমৰ খায়াম একাদশ শতিকাৰ এগৰাকী ইৰাণী কবি, গণিতজ্ঞ, জ্যোতিৰ্বিদ ৷

তেওঁ ৰচনা কৰা এখন পুথি হ’ল — ৰুবায়ৎ ৷

Q. 5 | মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে?

উত্তৰঃ মগনিয়াৰজনে কবিৰপৰা গভীৰ মানৱতাবোধ আৰু সহানুভূতি দান পোৱাৰ কথা কৈছে ৷ কবি মগনিয়াৰজনৰ দৰেই নিঃস্ব আছিল ৷ কিন্তু তেওঁৰ অন্তৰ দয়া, স্নেহেৰে ভৰপূৰ আছিল ৷ মগনিয়াৰজনে কিবা এটা বিচাৰোঁতে কবিয়ে তেওঁৰ হাতদুখন ধৰি সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল ৷ সেই সহানুভূতিখিনি মগনিয়াৰজনৰ কাৰণে উৎকৃষ্ট দান আছিল ৷

Q. 6 | 'ককাই মোৰ ওপৰত খং নকৰিবা,মোৰ হাতত একোৱেই নাই ৷’ - কোনে কি প্ৰসংগত এই উক্তি কৰিছিল?

উত্তৰঃ উক্ত কথাখিনি কবিয়ে মগনিয়াৰজনক কৈছিল ৷ এদিন কবি বাটৰে গৈ থাকোঁতে এজন মগনিয়াৰক লগ পাইছিল ৷ হাড়, ছাল ওলোৱা মগনিয়াৰজনে হাতখন মেলি কবিক কিবা এটা বিচাৰিছিল ৷ কিন্তু কবিও মগনিয়াৰজনৰ দৰেই নিঃস্ব আছিল ৷ মগনিয়াৰজনক দিবৰ বাবে তেওঁৰ হাতত কোনো পাৰ্থিৱ সম্পদ নাছিল ৷ কিন্তু কবিৰ অন্তৰ দয়া, আন্তৰিকতা, স্নেহেৰে ভৰপূৰ আছিল ৷ মগনিয়াৰজনৰ হত দুখন ধৰি কবিয়ে সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল ৷

Q. 7 | কি হল একো কথা নাই- ইয়াৰ কাৰণে অশেষ ধন্যবাদ-ইও যেন এটা দান। কথাষাৰ কোনে কি প্ৰসংগত কৈছিল ? কথাষাৰি তাৎপৰ্য বুজাই লিখা?

উত্তৰঃ উক্ত কথাষাৰ মগনিয়াৰ জনে কবিক কৈছিল। 

এদিন বাটেৰে কবি গৈ থাকোঁতে এজন মগনিয়াই কবিক দুহাত মেলি সহায় বিচাৰিলে। কবি সেই ফটা-চিটা কাপোৰ পিন্ধা মগনিয়াৰ জনক সহায় কৰিবলৈ মন গল। চোলাৰ জোপত হাত সোমায় চালে যে মগনিয়াক দিবলৈ একো নাই। তেতিয়া কবিয়ে মগনিয়াৰ জনক দুহাতত ধৰি ক্ষমা খুজিলে।মগনিয়াৰ জনে কবিৰ আন্তৰিকতা দেখি সেই প্ৰসংগতে উক্ত কথাষাৰ কৈছিল।

Q. 8 | মগনিয়াৰ কবিতাটোত মগনিয়াৰজনৰ বৰ্ণনা কবিয়ে কিদৰে দাঙি ধৰিছে চমুকৈ লিখা?

উত্তৰঃ মগনিয়াৰ জন ওঁঠ শেঁতা, চুক দুটা ৰঙা, হাত দুখন অপৰিষ্কাৰ আৰু উখহা আৰু গাত ফটা কাপোৰ আছিল।

Q. 9 | মগনিয়াৰ জনৰ শৰীৰৰ চমু বৰ্ণনা দিয়া।

উত্তৰঃ মগনিয়াজন এজন বুঢ়া বেমাৰী হাড়-ছাল ওলোৱা লোক । তেওঁৰ ওঁঠ শেঁতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ । হাতদুখন উখহা আৰু অপৰিষ্কাৰ  । লগতে, তেওঁৰ শৰীৰ অতিকৈ দুৰ্বল বুলি কবিয়ে উল্লেখ কৰিছে । 



মগনিয়াৰ long question answer | AHSEC Class 12 Assamese Chapter 2 Board Question Answer Here...... 

তলৰ প্রশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 4/5

Q. 1 | কথা-কবিতা বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্য লিখা?

উত্তৰঃ যিবোৰ কবিতা ব্যঞ্জনাময়ী গদ্যত ৰচিত। সেই কবিতাবোৰকে কথা-কবিতা বোলে।

কথা-কবিতা বৈশিষ্ট্য হৈছে-

  • (i) কথা-কবিতা এবিধ কবিতাই, ই ব্যঞ্জনাময়ী গদ্যত ৰচিত।
  • (ii) কথা কবিতাত ৰূপকৰ  সমাবেশ থাকে আৰু ই প্ৰায়েই ৰূপকাত্মক।
  • (iii) কথা-কবিতা চিত্ৰধৰ্মিতা ওপৰত প্ৰতিষ্ঠিত।
  • (iv) কথা কবিতাত ভাৱেই প্ৰধান বস্তু। ইয়াত এটি মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে।

Q. 2 | 'মগনিয়াৰ' শীৰ্ষক কথা-কবিতাটিৰ সাৰাংশ লিখা ৷

Or 

'মগনিয়াৰ' কথা-কবিতাটিৰ মূলভাৱ লিখা ৷

উত্তৰঃ অসমীয়া সাহিত্যত প্ৰথম কথা-কবিতাৰ জনক যতীন্দ্ৰনাথ দুৱৰাৰ "মগনিয়াৰ" এটা উৎকৃষ্ট কথা-কবিতা ৷ কবিতাটোত ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰ "The Beggar" নামৰ কথা-কবিতাটোৰ সাদৃশ্য আছে ৷ কবিতাটোত কবিয়ে এজন সৰ্বহাৰা মগনিয়াৰ ছবি অংকন কৰিছে ৷ কবিয়ে মগনিয়াৰজনক বাটত লগ পাইছিল ৷ দৰিদ্ৰতাই কোঙা কৰা মগনিয়াৰজনে সহায় বিচাৰি কবিলৈ দুহাত আগবঢ়াই দিছিল ৷ কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত কোনো পাৰ্থিৱ বস্তু নাছিল ৷ যাৰ বাবে মগনিয়াৰজনৰ হাতত ধৰি কবিয়ে গভীৰ সহানুভূতি ব্যক্ত কৰিলে আৰু তেওঁক খং নকৰিবলৈ অনুৰোধ জনালে ৷ কবিৰ আন্তৰিকতা,দয়া আৰু স্নেহ অনুভৱ কৰি মগনিয়াৰজন আৱেগিক হৈ পৰিল ৷ মগনিয়াৰজনে কবিৰ এই মানৱীয় অনুভূতিখিনিকি মহান দান বুলি গণ্য কৰিলে আৰু কবিক ধন্যবাদ জ্ঞাপন কৰিলে ৷ কবিতাটোৰ মাজেৰে ব্যক্তি হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতাৰ প্ৰকাশ ঘটিছে ৷

Q. 3 | 'মগনিয়াৰ' পাঠটিত কথা-কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে?

উত্তৰঃ 'মগনিয়াৰ' যতীন্দ্ৰনাথ দুৱৰাৰ এটি উৎকৃষ্ট কথা-কবিতা ৷ 'মগনিয়াৰ' পাঠটিত কথা-কবিতাৰ প্রায়বোৰ লক্ষণেই বিৰাজ কৰা দেখা যায় ।

  • (১) মগনিয়াৰ পাঠটিত উল্লেখিত ভাব কবিত্বময়ী কথা লিখাৰ এক ভংগী বুলি কব পাৰি ।
  • (২) কথা-কবিতাটিত ৰূপকৰ সমাৱেশ দেখা যায় । কবি দুৱৰাই মগনিয়াৰজনৰ পৰা পোৱা দানক ৰূপকাত্মক অৰ্থ প্রকাশ কৰিছে ।
  • (৩) মগনিয়াৰ কবিতাটি চিত্রধৰ্মী, এটা সম্পূৰ্ণ ছবি কথা-কবিতাৰ মাজত বিৰাজমান ।
  • (৪) ‘মগনিয়াৰ’ কথা কবিতাটিৰ মাজত এটা সম্পূৰ্ণ ভাব ফুটি উঠিছে । মগনিয়াৰ আৰু কবিৰ মাজৰ যি আন্তৰিকতা তাক এক কেন্দ্রস্থ ভাৱত ফুটি উঠিছে ।

Q. 4 | কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্যকৃৰ্তিৰ এটি চমু পৰিচয় দাঙি ধৰা ৷

উত্তৰঃ অসমীয়া সাহিত্যজগতত 'বনফুল’ কবিৰূপে খ্যাত যতীন্দ্ৰনাথ দুৱৰাই অসমীয়া কাব্য-সাহিত্যলৈ ভালেমান অৰিহণা আগবঢ়াইছে ৷ তেওঁৰ কবিতাপুথিকেইখন হ’ল- ওমৰ তীৰ্থ, আপোন সুৰ আৰু মৰমৰ সুৰ ৷ 'বনফুল’ নামৰ কাব্যপুথিখনৰ বাবে দুৱৰাই সাহিত্য অকাঁডেমি বটাঁ লাভ কৰিছিল ৷ এই বটাঁ লাভ কৰা তেওঁৱেই প্ৰথম অসমীয়া ৷ ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ ৰুৱায়তক প্ৰথম অসমীয়ালৈ ভাঙনি কৰি দুৱৰাই ওমৰ তীৰ্থ পুথিখন ৰচনা কৰে ৷ ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰ 'Poems in Prose' আৰু অলিভ শ্ৰাইনাৰ ৰচনাৰ আলমত দুৱৰাই কথা-কবিতা ৰচনা কৰিছিল ৷ অসমীয়া ভাষাত পোনপ্ৰথমে কথা-কবিতা ৰচনা কৰা যতীন্দ্ৰনাথ দুৱৰাৰ কথা-কবিতাৰ পুথিখনৰ নাম হৈছে 'কথা-কবিতা’৷

Q. 5 | 'মগনিয়াৰ' পাঠটি ক’ৰপৰা সংগ্ৰহ কৰা হৈছে?পাঠটিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা ৷

উত্তৰঃ 'মগনিয়াৰ' পাঠটি যতীন্দ্ৰনাথ দুৱৰাৰ 'কথা-কবিতা’ নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে ৷

(পাঠটিৰ) মগনিয়াৰ মূলভাব হৈছে — কবি যতীন্দ্রনাথ দুৱৰা এদিন বাটেদি গৈ থাকোতে হাড়-ছাল ওলোৱা এজন মগনিয়াৰৰ সৈতে দেখা হ’ল । মগনিয়াৰজনৰ ওঁঠ শেতা, চকু দুটা ৰঙা, পিন্ধনৰ ফটা কাপোৰ দৰিদ্রতাৰ শোকদায়ক ছবি দাঙি ধৰিছে । মগনিয়াৰজনে উখহা অপৰিস্কাৰ হাত মেলি কবিক সহায় বিচাৰিলে । কবিয়ে মোনাত হাত সুমুৱাই একোকে নেপালে । কবিয়ে নিজৰ লগত টকা, ঘড়ী, ৰুমাল একোৱেই অনা নাছিল । দুখজনক সেই দৃশ্য কবিৰ সহ্য নহ’ল সমস্ত আন্তৰিকতা উজাৰি দি কবিয়ে মগনিয়াৰৰ দুখত সাৱতি ধৰিলে আৰু তেওঁৰ ওচৰত দিবলৈ যে একোৱেই নাই তাকে কৈ দুখ প্রকাশ কৰিলে ।

পিছে মগনিয়াৰজনে যেন নভবা কিবা এক আন্তৰিকতাৰে কবিৰ দুচকুত লাভ কৰিলে । এয়াই মগনিয়াৰজনৰ বাবে এক বিশেষ দান । শেতা ওঁঠ দুটিৰে মগনিয়াৰজনে এই দানৰ বাবে কবিক অন্তৰেৰে ধন্যবাদ জনালে । লগতে, মগনিয়াৰজনৰ প্রতি কবিয়ে প্রকাশ কৰা সহানুভূতিক একপ্রকাৰ দান বুলিলে ।

কবিতাটোৰ কেন্দ্রীয় ভাব হৈছে মানৱ মনৰ আন্তৰিকতা, মানৱীয়তা । পাৰ্থিৱ বস্তুৱে পূৰাব নোৱাৰা অভাৱ আন্তৰিকতাৰেও পূৰ হৈ যায় । মগনিয়াৰজন দৰিদ্র হালত তাৰ মনত আন্তৰিকতাৰ অভাৱ হোৱা নাছিল । কবিয়ে মগনিয়াৰৰ জৰিয়তে মানবীয় অনুভূতিৰ জয়কেই সাব্যস্ত কৰিছে ।

Q. 6 | 'মগনিয়াৰ' পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ  ভাষাত লিখা ৷

উত্তৰঃ কবিয়ে বাটত এদিন এজন মগনিয়াৰক লগ পাইছিল ৷ দৰিদ্ৰতাই কোঙা কৰা মগনিয়াৰজনে সহায় বিচাৰি কবিলৈ দুহাত আগবঢ়াই দিছিল ৷ কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত কোনো পাৰ্থিৱ বস্তু নাছিল ৷ কবিয়ে মগনিয়াৰজনৰ হাতদুখন সাৱটি একো দিব নোৱাৰাৰ বাবে খং নকৰিবলৈ অনুৰোধ জনালে ৷ কবিৰ আন্তৰিকতা, দয়া আৰু স্ন" অনুভৱ কৰি মগনিয়াৰজন আৱেগিক হৈ পৰিল ৷ মগনিয়াৰজনে কবিৰ এই মানৱীয় অনুভূতিখিনিকে মহান দান বুলি গণ্য কৰি কবিক অশেষ ধন্যবাদ জ্ঞাপন কৰিলে ৷



Additional Questions and Answers :

Q. 1 | অসমীয়াৰ ভাষাৰ প্ৰথম গৰাকী কথাকবিতা ৰচক কোন?

উত্তৰঃ অসমীয়াৰ ভাষাৰ প্ৰথম গৰাকী কথা-কবিতা ৰচক হৈছে- যতীন্দ্ৰনাথ দুৱৰা।

Q. 2 | যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কথা কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰা ৰচনা কৰা কথা কবিতা পুথিৰখনৰ নাম হৈছে- 'কথা-কবিতা'। 

Q. 3 | ওমৰ তীৰ্থ পুথিৰ খন কাৰ ৰচনা?

উত্তৰঃ ওমৰ তীৰ্থ পুথিখন যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰে।

Q. 4 | মগনিয়াৰ কবিতাটোৰ কবি কোন?

উত্তৰঃ মগনিয়াৰ কবিতাটোৰ কবি হৈছে-যতীন্দ্ৰনাথ দুৱৰা।

Q. 5 | 'মগনিয়াৰ' পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ 'মগনিয়াৰ' পাঠটি দুৱাৰা 'কথা-কবিতা' পুথিৰ পৰা সংগ্ৰহ কৰা হৈছে।

Q. 6 | মগনিয়াৰক কি কবিতা বুলি কোৱা হয়?

উত্তৰঃ মগনিয়াৰক কথা-কবিতা বুলি কোৱা হয়।

Q. 7 | কথা-কবিতা  কাব্যজগতত কেতিয়াৰ পৰা সৃষ্টি হৈছিল?

উত্তৰঃ কথা-কবিতা কাব্যজগতত ঊনৈশ শতিকাৰ পৰা সৃষ্টি হৈছিল।

Q. 8 | কোনখন গ্ৰন্থ বাবে যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ "বনফুল"  কবিতা পুথিৰ  বাবে যতীন্দ্ৰনাথ দুৱৰাই একাডেমী বঁটা লাভ কৰিছিল। 

Q. 9 | যতীন্দ্ৰনাথ দুৱৰাক কি কবি নামেৰে জনাজাত?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাক বনফুল কবি নামেৰে জনাজাত।

Q. 10 | যতীন্দ্ৰ নাথ দুৱৰাৰ মৃত্যুৰ পিছত প্ৰকাশ পোৱা কবিতা পুথিখন কি?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱাৰা মৃত্যুৰ পাছত প্ৰকাশ পোৱা কবিতা পুথিখন হৈছে- "মৰমৰ সুৰ"।

Q. 11 | যতীন্দ্ৰনাথ দুৱৰাই ওমৰ-খায়ামৰ কোন-খন পুথি অসমীয়ালৈ ভাৱানুবাদ কৰিছিল?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাই ওমৰ খায়ামৰ "ৰুবায়ত" পুথিখন অসমীয়ালৈ ভাবানুৱাদ কৰিছিল।

Q. 12 | কবিয়ে বাটেদি গৈ থাকোঁতে কাক লগ পাইছিল?

উত্তৰঃ কবিয়ে বাটেদি গৈ থাকোঁতে মগনিয়াক লগ পাইছিল।

Q. 13 | মগনিয়াৰ আৰু কবিৰ মাজৰ সাদৃশ্য থকা বিষয়টো কি?

উত্তৰঃ মগনিয়াৰ আৰু কবিৰ মাজৰ সাদৃশ্য থকা বিষয়টো হৈছে- আন্তৰিকতা।

Q. 14 | মগনিয়াৰজনৰ হাত দুখন কেনেধৰণৰ আছিল?

উত্তৰঃ মগনিয়াৰজনৰ হাত দুখন উখহা আৰু অপৰিস্কাৰ আছিল।

Q. 15 | যতীন্দ্ৰ নাথ দুৱৰাৰ ওমৰ তীৰ্থ কোন গৰাকী ফাৰ্চী ছুফী কবিৰ কাব্য ভাৱানুবাদ ?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাৰ ওমৰ তীৰ্থ ৰুৱায়ত ফাৰ্চী ছুৰ্ফী কবিৰ কাব্য ভাৱানুবাদ।

Q. 16 | কথা-কবিতা কিমান শতিকাৰ এক উল্লেখযোগ্য সৃষ্টি?

উত্তৰঃ কথা-কবিতা ঊনৈশ শতিকাৰ এক উল্লেখযোগ্য সৃষ্টি।

Q. 17 | পাঠটো অধ্যয়নৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে কবিতা আৰু কথা-কবিতাৰ মাজৰ কি বুজিব পাৰিব?

উত্তৰঃ পাঠটো অধ্যয়নৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে কবিতা আৰু কথা-কবিতাৰ মাজৰ পাৰ্থক্য়খিনি বুজিব পাৰিব।

Q. 18 | কবি যতীন্দ্ৰ নাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৮৯২ চনত শিৱসাগৰৰ আমোলাপট্টিত যতীন্দ্ৰ নাথ দুৱাৰৰ জন্ম হয়।

Q. 19 | কিমান চনত তেওঁ শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষাত উত্তীৰ্ণ হয়?

উত্তৰঃ ১৯০৯ চনত তেওঁ শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষাত উত্তীৰ্ণ হয়।

Q. 20 | উচ্চ শিক্ষাৰ্থে তেওঁ কটন কলেজত ভৰ্তি হৈছিল যদিও পিছত তলকাতালৈ গৈ স্কটিছ চাৰ্চ কলেজক পৰা কি পাছ কৰে?

উত্তৰঃ উচ্চ শিক্ষাৰ্থে তেওঁ কটন কলেজত ভৰ্তি হৈছিল যদিও পিছত তলকাতালৈ গৈ স্কটিছ চাৰ্চ কলেজক পৰা বি.এ. পাছ কৰে।

Q. 21 | কিমান চনত ডিব্ৰুগড়ত হনুমানবক্স সূৰযমল কানৈ কলেজ স্থাপিত হোৱাত দুৱৰা অসমীয়া বিভাগৰ মুখ্য অধ্যাপক পদত নিযুক্ত হয়?

উত্তৰঃ ১৯৪৫ চনত ডিব্ৰুগড়ত হনুমানবক্স সূৰযমল কানৈ কলেজ স্থাপিত হোৱাত দুৱৰা অসমীয়া বিভাগৰ মুখ্য় অধ্যাপক পদত নিযুক্ত হয়।

Q. 23 | কিমান চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ চতুৰ্বিংশ অধিৱেশনত দুৱৰাই সভাপতিত্ব কৰিছিল?

উত্তৰঃ ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য় সভাৰ চতুৰ্বিংশ অধিৱেশনত দুৱৰাই সভাপতিত্ব কৰিছিল। 

Q. 24 | কিমান চনত দুৱৰাৰ মৃত্যু হয়?

উত্তৰঃ ১৯৬৪ চনত শিৱসাগৰত দুৱৰাৰ মৃত্যু হয়।

Q. 25 | মগনিয়াৰ শব্দ অৰ্থ কি?

উত্তৰঃ মগনিয়াৰ শব্দ অৰ্থ হ'ল- মাগি খাওঁতা, ভিক্ষাৰী।




Tags :

  • মগনিয়াৰ প্ৰশ্ন উত্তৰ
  • HS 2nd Year Assamese Chapter 2 Question Answer
  • মগনিয়াৰ Class 12 Question Answer
  • HS 2nd Year Assamese Question Answer Chapter 2 
  • HS 2nd Year Assamese Notes Chapter 2
  • Class 12 Assamese Chapter 2 Question Answer
  • HS 2nd Year Assamese Question and Answer Chapter 2
  • Class 12 Assamese Question Answer Chapter 2
  • মগনিয়াৰ pdf
  • কথা কবিতা বুলিলে কি বুজা ইয়াৰ বৈশিষ্ট্য লিখা
  • মগনিয়াৰ class 12
  • মগনিয়াৰ question answer
  • মগনিয়াৰ মূলভাব
  • মগনিয়াৰ all question answer
  • class 12 assamese question answer