Follow Us:

মোৰ মাতৃমুখ দৰ্শন প্ৰশ্ন উত্তৰ | HS 2nd Year Assamese Chapter 1 Question Answer | AHSEC Class 12 Assamese Lesson 1 Notes

LearningPointAssam.com

মোৰ মাতৃমুখ দৰ্শন প্ৰশ্ন উত্তৰ | HS 2nd Year Assamese Chapter 1 Question Answer | মোৰ মাতৃমুখ দৰ্শন Class 12 Question Answer to each chapter is provided in the list of HS 2nd Year Assamese Question AnswerWe design all notes according to AHSEC syllabus so that you can easily browse Assam Board Class 12 Assamese Chapter 1 Question Answer and AHSEC Guides. You can prepare ahead of the board exams by taking help from these AHSEC Class 12 Assamese Question Answer Chapter 1 can be of great value to excel in the examination.

মোৰ মাতৃমুখ দৰ্শন HS 2nd Year Assamese Chapter 1 Question Answer

Assam Board HS 2nd Year Assamese Chapter 1 মোৰ মাতৃমুখ দৰ্শন Notes, Class 12 Assamese lesson 1 question answer can be very useful to excel in the examination. Assam Board AHSEC HS 2nd year assamese question answer chapter 1 gives you better knowledge of all the concepts. You can get Solutions for both basic and advanced level questions. These solutions are part of Class 12 NCERT Solutions — All Subjects. Here we have given Assam Board AHSEC Class 12 Assamese Chapter – 1 মোৰ মাতৃমুখ দৰ্শন Solutions for All Subject, You can practice these here…


*** ইয়াত — Gauhati University BA 1st, 2nd, 3rd, 4th, 5th & 6th Semester-ৰ উপৰিও Class — 11, 12 (arts, commerce, Science (Class 1 পৰা Graduation) লৈ সকলো কিতাপৰ সকলো বিষয়ৰ তথ্য সমূহ Assamese medium আৰু English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 1 

মোৰ মাতৃমুখ দৰ্শন  — ALL Important Question & Answers

AHSEC HS 2nd Year Assamese Question Answer


CONTENTS 

মোৰ মাতৃমুখ দৰ্শন প্ৰশ্ন উত্তৰ 
(সাহিত্য সৌৰভ 2nd year প্ৰশ্ন উত্তৰ)
 Question and Answer key






প্ৰশ্নাৱলীঃ

মোৰ মাতৃমুখ দৰ্শন short question answer | HS 2nd Year Assamese Chapter 1 Question Answer Here...... 

তলৰ প্রশ্নসমূহৰ অতি চমুকৈ উত্তৰ দিয়াঃ Mark — 1

Q. 1 | 'মোৰ মাতৃমুখ দৰ্শন' শীৰ্ষক পাঠটো ক’ৰপৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ 'মোৰ মাতৃমুখ দৰ্শন' শীৰ্ষক পাঠটো ড॰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী ( প্ৰথম খণ্ড ) পৰা লোৱা হৈছে।

Q. 2 | সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত?

উত্তৰঃ সম্বলপুৰ ভাৰতৰ উৰিষ্যাত অৱস্থিত ৷

Q. 3 | বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক’ৰপৰা ক’লৈ যাত্ৰা কৰিছিল?

উত্তৰঃ বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল ৷

Q. 4 | ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল?

উত্তৰঃ ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী আছিল তেওঁৰ সহধৰ্মিনী প্ৰজ্ঞাসুন্দৰী আৰু সৰুজনী কন্যা ৷

Q. 5 | লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা ৷

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম 'লিতিকাই’৷



মোৰ মাতৃমুখ দৰ্শন important question answer | HS 2nd Year Assamese Chapter 1 Question and Answer Here...... 

তলৰ প্রশ্নসমূহৰ চমুকৈ উত্তৰ দিয়াঃ Mark — 2/3

Q. 1 | 'মোৰ মাতৃমুখ দৰ্শন' শীৰ্ষক পাঠটিৰ নামাকৰণৰ তাৎপৰ্য ব্যাখ্যা কৰা ৷

উত্তৰঃ কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ যোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল ৷ প্ৰায় ডেৰ-দুকুৰি বছৰৰ পিছত মাতৃভূমি অসমলৈ অহাৰ কথাটো তেওঁ মাতৃৰ মুখ দৰ্শনৰ লগত ৰিজাইছে৷ সেয়েহে পাঠটিৰ নাম 'মোৰ মাতৃমুখ দৰ্শন' দিয়া হৈছে ৷

Q. 2 | 'মোৰ মাতৃমুখ দৰ্শন' শীৰ্ষটিত 'মাতৃ' শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল?

উত্তৰঃ 'মোৰ মাতৃমুখ দৰ্শন' শীৰ্ষটিত 'মাতৃ' শব্দৰে মাতৃভূমি অসমক বুজোৱা হৈছে ৷ প্ৰায় ডেৰ-দুকুৰি বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল ৷

Q. 3 | লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল?

উত্তৰঃ গুৱাহাটীত অহাৰ পিছত কটন কলেজৰ ছাত্ৰসকলে গধূলি সভা পাতি বেজবৰুৱাক নিমন্ত্ৰণ কৰিছিল আৰু সভাত তেওঁলোকৰ একোজনে শুৱলাকৈ ইংৰাজী আৰু অসমীয়াত ভাষণ দিছিল ৷ কোনোৱে সুললিত কণ্ঠেৰে গীত গাইছিল আৰু কোনোৱে বিয়াহৰ ওজাপালি গাই লেখকক আহ্লাদিত কৰিছিল ৷ এনেদৰেই ছাত্ৰসকলে লেখকক অভিনন্দন জনাইছিল ৷

Q. 4 | 'মোৰ মাতৃমুখ দৰ্শন’ৰ লেখকে উল্লেখ কৰা 'মাজিউ’ আৰু 'জ্ঞান’ কোন আছিল?

উত্তৰঃ 'মোৰ মাতৃমুখ দৰ্শন’ৰ লেখকে উল্লেখ কৰা 'মাজিউ’ আছিল কবি আৰু বিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু 'জ্ঞান’ আছিল আৰ্ল ল কলেজৰ প্ৰিন্সিপাল জে. বৰুৱা বেৰিষ্টাৰ এট্-লৰ ৷

Q. 5 | লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ উল্লেখ কৰা ৷

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ-

  • ক) প্ৰাকৃতিক সৌন্দৰ্য- ব্ৰহ্মপুত্ৰৰ মাজৰ উমানন্দ, কামাখ্যা, অশ্বক্ৰান্ত আদি অলেখ অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্যৰে গুৱাহাটী ভৰপূৰ ৷ এই সমূহে লেখকক আনন্দ দিছিল ৷
  • খ) ঐতিহাসিক উৎকৰ্ষ- গুৱাহাটী বিভিন্ন ঐতিহাসিক স্থানেৰে ভৰপূৰ ৷ এইবোৰে তীৰ্থযাত্ৰীৰ তীৰ্থস্পৃহা পলুৱাব পাৰে ৷ এই ঐতিহাসিক স্থানসমূহৰ বাবেও গুৱাহাটীক লেখকে বৰ ভাল পায় ৷
  • গ) প্ৰাচীন জ্ঞান-গৌৰৱৰ গৰিমা- গুৱাহাটীত থকা বহু প্ৰাচীন স্থানে প্ৰত্নতাত্ত্বিক প্ৰাচীন জ্ঞানৰ দুৱাৰ মুকলি কৰি মনত বিস্ময় জগাই দিব পাৰে ৷ এইবোৰৰ বাবেও গুৱাহাটী লেখকৰ বৰ আদৰৰ ৷



মোৰ মাতৃমুখ দৰ্শন long question answer | AHSEC Class 12 Assamese Chapter 1 Board Question and Answer Here...... 

তলৰ প্রশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 4/5

Q. 1 | 'মোৰ মাতৃমুখ দৰ্শন’ পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰে'লযাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা ৷

উত্তৰঃ কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমলৈ আহিব পৰা নাছিল ৷ অৱশেষত ১৯৩০ চনৰ ১৯ চেপ্তেম্বৰত সম্বলপুৰৰপৰা অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰে ৷ সংগী আছিল সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু সৰু জী ৷ বেংগল-নাগপুৰ ৰেলেৰে সম্বলপুৰৰ পৰা দুঘণ্টা যাত্ৰা কৰি তেওঁ ঝাৰচোগোড়া জংচনত নামে আৰু তাৰ পৰা কলিকতা অভিমুখী ৰেলত উঠে ৷ তেওঁলোকে লগত খোৱা বস্তু নিয়া নাছিল ৷ যাৰ বাবে তেওঁৰ পৰিয়ালটো ভোকে-লঘোণে যাব লগা হ’ল ৷ ২৯ চেপ্তেম্বৰৰ ৰাতি ৮ মান বজাত তেওঁ কলিকতাত নামি এঠাইত এমুঠি খাই নিশাটোৰ বাবে জিৰণি ল’লে ৷ কলিকতাৰপৰা অসম অভিমুখী যাত্ৰাত আকৌ গাড়ীখনত অত্যাধিক যাত্ৰী উঠিও লেখকৰ পৰিয়ালক যথেষ্ট আহুকালত পেলালে ৷ ২১ চেপ্তেম্বৰত লেখকৰ পৰিয়ালে শিয়ালদাহ ষ্টেচন এৰি ২২ চেপ্তেম্বৰত গুৱাহাটীত উপস্থিত হয়হি ৷

Q. 2 | 'মোৰ মাতৃমুখ দৰ্শন’ পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষিকৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা ৷

উত্তৰঃ মহাদেৱে কাম বন নকৰি ভাং ধতুৰা খাই ঘৰতে বহি থকা দেখি এদিন পাৰ্বতীয়ে ককৰ্থনা কৰিলে ৷ ঘৰতে বৃষভটো আছে, ঘাঁহ পানী খাই নোদোকাটো হৈছে ৷ তাৰেই হাল বাই খেতি বাতি কৰি ধান এগালমান আৰ্জিব পাৰে বুলি ধিক্কাৰ দিলে ৷ পাৰ্বতীৰ কথা শুনি মহাদেৱৰ বৰ বেজাৰ লাগিল ৷ লগে লগেই খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প ল’লে আৰু বৃষভৰ ওপৰত উঠি পথাৰলৈ গ’ল ৷ কৃষিকৰ্ম আৰম্ভ হ’ল ৷ কিছুদিনৰ ভিতৰতে খেতি কৰি গোটেইখন উভয়নদী কৰি পেলালে ৷ শোৱা, খোৱা গুছিল ৷ ঘৰলৈ আহিবলৈ এৰিলে ৷ ইফালে হিতে বিপৰীতে হোৱাত পাৰ্বতী সমস্যাত পৰিল ৷ গিৰিয়েকক ঘৰলৈ মাতি আনিবলৈ নন্দী ভৃংগীকে আদি কৰি যোৰে যোৰে মানুহ পঠিয়াবলৈ ধৰিলে ৷ পিছে কামত নাহিল ৷ এইবাৰ নাৰদক ৰিপুৱা ধৰিলে ৷ নাৰদে মহাদেৱক ঘৰলৈ আহিবলৈ খাটনি ধৰিলে ৷ কাৰো কথা নুশুনা মহাদেৱে নাৰদৰ খাটনিকো কাণ নকৰিলে ৷ অনেক ভাবি পাৰ্বতীয়ে এইবাৰ অসংখ্য মহ-ডাঁহ, চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠাই দিলে ৷ একো কামত নাহিল ৷ অৱশেষত হাহা আৰু হুহু নামৰ দুটা মানসপুত্ৰ সৃষ্টি কৰি পঠিয়াই দিয়াত মহাদেৱৰ সমস্ত খেতি পুৰি ধ্বংস কৰিলে ৷

Q. 3 | হাহা হুহু কোন আছিল? এওঁলোকক কি কাৰণে সৃষ্টি কৰিছিল লিখা ৷ 

উত্তৰঃ হাহা হুহু পাৰ্বতীৰ মানসপুত্ৰ আছিল ৷

                    মহাদেৱে কাম বন নকৰি ভাং ধতুৰা খাই ঘৰতে বহি থকা দেখি এদিন পাৰ্বতীয়ে ককৰ্থনা কৰিলে ৷ ঘৰতে বৃষভটো আছে, ঘাঁহ পানী খাই নোদোকাটো হৈছে ৷ তাৰেই হাল বাই খেতি বাতি কৰি ধান এগালমান আৰ্জিব পাৰে বুলি ধিক্কাৰ দিলে ৷ পাৰ্বতীৰ কথা শুনি মহাদেৱৰ বৰ বেজাৰ লাগিল ৷ লগে লগেই খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প ল’লে আৰু বৃষভৰ ওপৰত উঠি পথাৰলৈ গ’ল ৷ কৃষিকৰ্ম আৰম্ভ হ’ল ৷ কিছুদিনৰ ভিতৰতে খেতি কৰি গোটেইখন উভয়নদী কৰি পেলালে ৷ শোৱা, খোৱা গুছিল ঘৰলৈ আহিবলৈ এৰিলে ৷ ইফালে হিতে বিপৰীতে হোৱাত পাৰ্বতী সমস্যাত পৰিল ৷ গিৰিয়েকক ঘৰলৈ মাতি আনিবলৈ নন্দী ভৃংগীকে আদি কৰি যোৰে যোৰে মানুহ পঠিয়াবলৈ ধৰিলে ৷ পিছে কামত নাহিল ৷ এইবাৰ নাৰদক ৰিপুৱা ধৰিলে ৷ নাৰদে মহাদেৱক ঘৰলৈ আহিবলৈ খাটনি ধৰিলে ৷ কাৰো কথা নুশুনা মহাদেৱে নাৰদৰ খাটনিকো কাণ নকৰিলে ৷ অনেক ভাবি পাৰ্বতীয়ে এইবাৰ অসংখ্য মহ-ডাঁহ, চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠাই দিলে ৷ একো কামত নাহিল ৷ অৱশেষত হাহা আৰু হুহু নামৰ দুটা মানসপুত্ৰ সৃষ্টি কৰি পঠিয়াই দিয়াত মহাদেৱৰ সমস্ত খেতি পুৰি ধ্বংস কৰিলে ৷

Q. 4 | 'ডিবৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল৷’-ডিবৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা ৷

উত্তৰঃ দীৰ্ঘদিনৰ অন্তত মাতৃভূমিলৈ আহি বেজবৰুৱাই বহু পৰিবৰ্তন দেখা পাইছিল ৷ ডিব্ৰুগড়ৰ গোটাচেৰেক কথাই লেখকক বৰ আনন্দিত কৰিছিল ৷ প্ৰথমে ডিব্ৰুগড়ৰ অসমীয়া তিৰোতাসকল শিক্ষা-দীক্ষা আৰু ৰাজহুৱা কথাদিত পুৰুষৰ সমকক্ষ হ’বলৈ আগবাঢ়িছিল ৷ সভা-সমিতি পতাত তেওঁলোক আগৰণুৱা হৈ পৰিছিল ৷ অথচ তেওঁলোকৰ স্ত্ৰীসূলভ গাম্ভীৰ্য আৰু কমনীয়তাৰ এচুলিমানো হ্ৰাস হ’বলৈ দিয়া নাছিল ৷ সভাই সমিতিয়ে বক্তৃতা দিয়াৰ ক্ষেত্ৰত দুই এগৰাকীয়ে অনেক পুৰুষকো চেৰ পেলাইছিল ৷ দ্বিতীয়তে ডিব্ৰুগড়ৰ ডেকাসকলৰ উদ্যমৰ ফলত সমৃদ্ধ হৈ পৰা ৰংগশালাটো দেখিও লেখকে মনত সন্তোষ পাইছিল ৷ থিয়েটাৰৰ বাবে অসমীয়া চিত্ৰবিদ ডেকাসকলে অঁকা ছবি এনে সুন্দৰ আছিল যে সেইবোৰ কলিকতাৰ নিপুণ চিত্ৰবিদ ডেকাসকলে অঁকা ছবিতকৈ কোনো গুণে কম নাছিল ৷ নাট্যকলাত ডিব্ৰুগড়ৰ সম্ভ্ৰান্তঘৰৰ ডেকাসকলে আশাতীত ভাৱে উন্নতি কৰিছিল ৷ পেইণ্টিং আৰু ফটোগ্ৰাফীত মুক্তানাথ বৰদলৈয়ে কৃতিত্ব দেখুৱাইছিল ৷প্ৰভাতচন্দ্ৰ দাস আৰু জনদিয়েকৰ অভিনয়ে কলিকতাৰ বিখ্যাত অভিনেতাতকৈ কোনোগুণে কম নাছিল৷ এনেবোৰ কথাই লেখকৰ মনত বৰ সন্তোষ দিছিল ৷

Q. 5 | লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত বুজাই লিখা ৷

উত্তৰঃ নাট মঞ্চায়নৰ ক্ষেত্ৰত মৌলিক নাটৰ অভিনয় সৰহ কৰিবলৈ পৰামৰ্শ দি বেজবৰুৱাই কৈছিল যে বিদেশী নাটক মঞ্চায়ন কৰাত তেওঁ বৰ সন্তোষ পালেও ঘোৰ বিৰোধী নহয় ৷ অৱশ্যে তেনে নাটকবোৰৰ অনুবাদ প্ৰকৃত অসমীয়া অনুবাদ হ’ব লাগে বুলি উল্লেখ কৰিছে ৷ ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাৱ সম্পদেৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা বুলিও তেওঁ উল্লেখ কৰিছে ৷ কিন্তু সেয়া কৰিবলৈ যাওঁতে বাৰি বঙলুৱা অনুবাদ নকৰি আচল অসমীয়া অনুবাদ হোৱা উচিত বুলিও তেওঁ পৰামৰ্শ দিছে ৷


মোৰ মাতৃমুখ দৰ্শন অতিৰিক্ত প্ৰশ্ন উত্তৰঃ

  • Q. 1 | বেজবৰুৱাই চাকৰি কৰা কোম্পানীটোৰ নাম আছিল "বাৰ্ড কোম্পানী" ৷
  • Q. 2 | “ভ্ৰমৰংগ” শ্বেক্সপীয়েৰৰ "Comedy of Errors" নাটকৰ অনুবাদ ৷
  • Q. 3 | শ্বেক্সপীয়েৰৰ "Comedy of Errors" নাটকখনৰ অসমীয়া অনুবাদৰ লগত জড়িত ছাত্ৰ কেইগৰাকী হ’ল- ৰমাকান্ত বৰকাকতি,ঘনশ্যাম বৰুৱা,ৰত্নধৰ বৰুৱা আদি ৷
  • Q. 4 | লক্ষ্মীনাথ বেজবৰুৱাক আধুনিক সাহিত্যৰ কাণ্ডাৰী বুলি কোৱা হয় ৷
  • Q. 5 | বেজবৰুৱাৰ ৰচিত একমাত্ৰ উপন্যাস-পদুমকুঁৱৰী ৷
  • Q. 6 | বেজবৰুৱাই ১৯২৪ চনত গুৱাহাটীত অনুস্থিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল ৷
  • Q. 7 | বেজবৰুৱাৰ ৰচিত বুৰঞ্জীমূলক নাটককেইখন হ’ল- জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ, বেলিমাৰ ৷




Tags :

  • মোৰ মাতৃমুখ দৰ্শন প্ৰশ্ন উত্তৰ
  • HS 2nd Year Assamese Chapter 1 Question Answer
  • AHSEC Class 12 Assamese Lesson 1 Notes
  • মোৰ মাতৃমুখ দৰ্শন class 12 question answer
  • মোৰ মাতৃমুখ দৰ্শন question answer pdf download
  • Class 12 Assamese Chapter 1 Question Answer
  • Class 12 Assamese Question Answer Chapter 1
  • HS 2nd Year Assamese Question and Answer Chapter 1
  • সাহিত্য সৌৰভ 2nd year pdf download
  • class 12 assamese question answer pdf
  • hs 2nd year assamese question answer
  • hs 2nd year assamese book question answer