Follow Us:

Class 9 Assamese Chapter 3 গীত আৰু ছবি প্ৰশ্নৰ উত্তৰ | গীত আৰু ছবি Class 9 Question Answer

LearningPointAssam.com

Class 9 Assamese Chapter 3 গীত আৰু ছবি | অসমীয়া Class 9 গীত আৰু ছবি প্ৰশ্নৰ উত্তৰ, গীত আৰু ছবি Class 9 Question Answer to each chapter is provided in the list of SEBA Class 9 Assamese Question Answer so that you can easily browse through different chapters and select needs one. You can prepare ahead of the board exams by taking help from these গীত আৰু ছবি কবিতাৰ প্ৰশ্ন উত্তৰ Class 9 Assamese Chapter 3 Question Answer can be of great value to excel in the examination.

Class 9 Assamese Chapter 3 গীত আৰু ছবি

Class 9 Assamese lesson 3 গীত আৰু ছবি Notes covers all the practice questions of SEBA syllabus. গীত আৰু ছবি Class 9 Assamese Chapter 3 Question and Answer is given here which ensures smooth and easy understanding of all the concepts. Understand the concepts of each question in Class 9 assamese lesson 3 notes and get good marks in the board exam.

গীত আৰু ছবি Class 9 Question Answer

Also, you can read Assam Board Solution Class 9 Assamese | গীত আৰু ছবি Class 9 solution of the assam board in these sections is provided by expert teachers as per SCERT (SEBA) book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 9 Assamese Question Answer Chapter 3 for All Subject, You can practice these here…


*** ইয়াত — Dibrugarh University, Gauhati University BA 1st, 2nd, 3rd, 4th, 5th & 6th Semester-ৰ উপৰিও HS — 11th, 12th (arts, commerce, Science (Class 1 পৰা Graduation) লৈ সকলো কিতাপৰ সকলো বিষয়ৰ তথ্য সমূহ Assamese medium আৰু English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 3 

গীত আৰু ছবি কবিতা প্ৰশ্ন উত্তৰ  — ALL Important Question & Answers

অসমীয়া Class 9 গীত আৰু ছবি প্ৰশ্ন উত্তৰ 


CONTENTS 

গীত আৰু ছবি প্ৰশ্ন উত্তৰ 
(অসমীয়া class 9 Assamese question answer)
 Question and Answer key






প্ৰশ্নাৱলীঃ

Class 9 Assamese Chapter 3 গীত আৰু ছবি কবিতা প্ৰশ্ন উত্তৰ | Class 9 Assamese Question Answer 

তলৰ প্রশ্নসমূহৰ চমুকৈ উত্তৰ দিয়াঃ

Q. 1 | কবি দুৰ্গেশ্বৰ শৰ্মাৰ জন্ম ক’ত হৈছিল? 

উত্তৰঃ ১৮৮২ চনত যোৰহাটৰ পটীয়া গাঁৱত।

Q. 2 | কবি দুৰ্গেশ্বৰ শৰ্মাৰ এখনি নাটকৰ নাম লিখা।

উত্তৰঃ পার্থ পৰাজয়।

Q. 3 | দুৰ্গেশ্বৰ শৰ্মাৰ এখনি কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ অঞ্জলি।

Q. 4 | ‘গীত আৰু ছবি’ কবিতাটিৰ কবি কোন?

উত্তৰঃ দুৰ্গেশ্বৰ শৰ্মা।

Q. 5 | “জগতৰো উলাহ বঢ়ায়” – কিহে।

উত্তৰঃ ভাল ছবিয়ে।

Q. 6 | কি গীতে হৃদয় জগাব বুলি কৰিয়ে কৈছে? 

উত্তৰঃ ভাল গীতে।

Q. 7 | কিহে “নিজে নিজে আলাসত ঠাই পায়” বুলি কৈছে?

উত্তৰঃ ভাল গীত আৰু ভাল ছবিয়ে।

Q. 8 | কাৰ “মৃত্যু নাই অজৰ অমৰ” বুলি কৈছে? 

উত্তৰঃ মিহি ভাব, মিহি গতি আৰু কৌশলী বিদ্যাৰ।



Class 9 Assamese Chapter 3 গীত আৰু ছবি কবিতা প্ৰশ্ন উত্তৰ | গীত আৰু ছবি Class 9 Assamese Question Answer 

পাঠভিত্তিক প্রশ্নোত্তৰঃ

Q. 1 | তলৰ প্রশ্নসমূহৰ অতি চমুকৈ উত্তৰ দিয়াঃ

ক) কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নোবোলে?

উত্তৰঃ যিবোৰ গীত সকলোৱে বুজি নাপায় আৰু যিবোৰ ছবিৰ মূল সকলোৱে ধৰিব নোৱাৰে, তেনেবোৰ গীত আৰু ছবিক কোনেও ভাল নোবোলে।

বা

যিটো গীত বুজাইহে বুজে, যিটো ছবিৰ মূল আটায়ে নুবুজে তেনে গীত আৰু ছবিক কোনেও ভাল নোবোলে।

খ) সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে?

উত্তৰঃ সদায় কাণেৰে শুনা সৰু কথাটিয়ে গীতৰ ৰূপ লৈ আমাৰ প্ৰাণ টানি ধৰে।

বা

গীত হলে আমাৰ প্ৰাণ টানি ধৰে।

গ) কবিৰ মতে কোনবোৰ বস্তু অজৰ-অমৰ?

উত্তৰঃ নিমজ ভাব গতিৰ সকলোবোৰ কৌশলী বিদ্যাকে কবিয়ে অজৰ-অমৰ বুলি কৈছে।

বা

মিহি ভাব, মিহি গতি, কৌশলী বিদ্যা অজৰ-অমৰ।

ঘ) কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়?

উত্তৰঃ যিবোৰ গীত আৰু ছবি সকলোৱে বুজি পায় আৰু যিবোৰ গীত আৰু ছবিয়ে প্ৰত্যেকৰে মনত আনন্দৰ নাহৰ তোলে, তেনেবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়।

বা

যিটো গীত শুনি আৰু যিটো ছবি দেখি সকলোৱে একে ৰং পায়, জগতৰো উলাহ বঢ়ায়-সেই গীত আৰু ছবিকে সকলোৱে ভাল বুলি কয়।

ঙ) `সিহে পায় নিজে নিজে আলাসত ঠাই' - ইয়াত `আলাস' শব্দটোৰ অৰ্থ কি?

উত্তৰঃ`সিহে পায় নিজে নিজে আলাসত ঠাই'-ইয়াত `আলাস' শব্দটোৰ অৰ্থ হ'লঃ আকাশ, শূন্য কিন্তু কবিতাটিত `আলাস' শব্দটোৱে হৃদয়ত বুজাইছে।

বা

আকাশ, শূন্য।


Q. 2 | ভাল গীত আৰু ছবিৰ মহত্ত্ব কেনেকুৱা - কবিতাটোৰ সহায়ত বুজাই লিখা।

উত্তৰঃ গীত বা সংগীত আৰু ছবি বা চিত্ৰ - এই দুয়োবিধেই চৌষষ্ঠীকলাৰ অন্তৰ্গত। এই কলাৰ জৰিয়তে মানৱমনে আনন্দ লাভ কৰে। এই কলাৰ গৰাকী হবলৈ মানুহক একান্তই সাধনাৰ প্ৰয়োজন। কেৱল শব্দৰ বিন্যাসেই গীত হব নোৱাৰে বা কেৱল ৰঙৰ সমাহাৰ হলেই তাক উৎকৃষ্ট ছবিৰ মৰ্যদা দিব নোৱাৰি। যিবোৰ সুৰীয়া শব্দই সৰ্বসাধাৰণ হৃদয়ত আনন্দৰ জোৱাৰ তুলিবলৈ সক্ষম হয় তাকেই গীত বুলি কোৱা হয়। আনহাতে, যিবোৰ চিত্ৰই মানুহৰ মনত প্ৰশান্তিৰ ভাৱ জগায়, যিবোৰ চিত্ৰ সৰ্বসাধাৰণে বুজি পায় তাকে মহ্য চিত্ৰ বুলি কোৱা হয়। অৰ্থাৎ ভাল গীত আৰু ছবিয়ে প্ৰত্যেকৰে মনত আনন্দৰ সৃষ্টি কৰে।

Q. 3 | সদায় চকুৰে দেখা পাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা? নিজৰ মতামত আগবঢ়োৱা।

উত্তৰঃ আমাৰ চাৰিওফালে বিভিন্ন গছ লতিকাৰে ভৰি আছে। সাধাৰণতে আমি আমাৰ চৌপাশৰ পৰিবেশ ভালদৰে নিৰীক্ষণ নকৰোঁ। কিন্তু আমি সদায়ে দেখি থকা এই চৌপাশৰ পৰিবেশটোকেই যদি কোনো চিত্ৰকৰে ৰং তুলিকাৰে আমাৰ আগত দাঙি ধৰে আমি তেতিয়া তাত অনিন্দ সুন্দৰ সৌন্দৰ্য্য দেখিবলৈ পাওঁ। ইয়াৰ দ্বাৰা কবিয়ে আমাক কবলৈ বিচাৰিছে যে যিকোনো সাধাৰণ বস্তুকে কলাত্মক ৰূপেৰে অসাধাৰণ ৰূপে দাঙি ধৰিব পাৰি। অৰ্থাৎ কলাৰ জৰিয়তে সকলোতে অসাধাৰণত্ব আৰোপ কৰিব পাৰি।

Q. 4 | কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নােবােলে আৰু কোনবােৰ গীত আৰু ছবিক সকলােৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে নিজৰ ভাষাৰে বর্ণনা কৰা ৷ 

উত্তৰঃ যিবােৰ গীত শুনিলে সকলােৱে বুজি নাপায় , যিবােৰ গীতৰ সুৰে সকলােৰে অন্তৰ স্পৰ্শ কৰিব নােৱাৰে তেনেবােৰ গীত শুনিলেও কোনাে আকর্যিত নহয় , কোনেও প্রাণত আনন্দ অনুভৱ নকৰে । তেনেবােৰ গীতক কোনেও ভাল বুলি নকয় । 

তাৰােপৰি যিবােৰ ছবিৰ মূল আটায়ে নুবুজে , ছবি চাই চকুত তৃপ্তি আৰু অন্তৰত আনন্দ অনুভৱ কৰা নাযায় , তেনেবােৰ ছবিকো কোনেও ভাল বুলি নকয় । শিল্পীয়ে নিজৰ কাৰণেও গীত গায় , ছবি আঁকে । হ’লেও এইবােৰে আমাকে তৃপ্ত কৰিব পাৰিব লাগিব । শ্রোতা , দর্শকক তৃপ্ত কৰিব পাৰিলেহে শিল্পীৰ সার্থকতা । 

আনহাতে যিবােৰ গীত শুনি , ছবি চাই সকলােৱে সমানে আনন্দ পায় , যিবােৰ গীত শুনিলে প্রাণ টানি ধৰে ; যিবােৰ ছবিয়ে দর্শকৰ চকুত জীৱন্ত ৰূপত ধৰা দিয়ে , চকু তৃপ্ত হয় তেনেবােৰ গীত আৰু ছবিকে সকলােৱে ভাল বুলি স্বীকৃতি দিয়ে । ভাল গীত আৰু ছবিয়ে  মানুহৰ অন্তৰত স্থায়ীভাৱে ৰেখাপাত কৰিব পাৰে । এনেগীত আৰু ছবিৰ মৰণ নাই , সি অজৰ অমৰ । 

Q. 5 | ‘গীত আৰু ছবি ’ কবিতাটোৰ সাৰাংশ লিখা । 

উত্তৰঃ যিটো গীত শুনিলে বুজাইহে বুজে সকলােৱে নুবুজে , সেইটো গীত কোনেও ভাল বুলি নকয় । আন যিটো ছবিৰ মূল আটায়ে বুজি নাপায় তেনে ছবিকো কোনেও ভাল নেদেখে । যিটো ছবি দেখি , যিটো গীত শুনি সকলােৱে আনন্দ পায়— তেনে গীত আৰু ছবিক সকলােৱে আদৰি লয় , উচচ প্রশংসা কৰে , উচ্চ স্থানত স্থান দিয়ে ।

কাৰণ ভাল গীত নুবুজা হলেও তাৰ সুৰে হৃদয় জগাই তােলে । ছবিৰ বিষয়ে একো নাজানিলেও ভাল ছবি চকুত পৰিলেই মনত সােমাই পৰে । সদায় দেখি থকা গছপাতটিও ছবিত মনােৰম , জীৱন্ত হৈ পৰে আৰু সদায় শুনি থকা কথাটিও গীত হলে প্রাণ টানি ধৰে । ভাল গীত আৰু ভাল । ছবিত মিহি ভাব, মিহি গতি আৰু কৌশলী বিদ্যা নিহিত হৈ থাকে ।

এই সমূহৰ মৃত্যু নাই , ইহঁত অজৰ – অমৰ । ভাল গীত য’তেই গােৱা হয় , ভাল ছবি য’তেই প্রদর্শন কৰা হয় । তাতেই প্রশংসিত হয় । সেই প্রশংসা ঠাই আৰু পৰিবেশ অনুসৰি কম বা বেছি হ’ব পাৰে ।

Q. 6 | বাখ্যা কৰাঃ

ক) সদায় চকুৰে দেখা গছ পাতটিও

           ছবিটিত ভাল হৈ পৰে,

   সদায় কাণেৰে শুনা সৰু কথাটিও

        গীত হলে প্ৰাণ টানি ধৰে।

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠৰ দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা ৰচিত `গীত আৰু ছবি' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

         সূক্ষ্মতকৈও সূক্ষ্ম সাধাৰণ বিষয়ো কলাত্মক ৰূপত দাঙি ধৰিলে সিঅসাধাৰণ ৰূপত জিলিকি উঠাৰ প্ৰসংগতে কবিয়ে উক্ত কবিতাফাঁকি উপস্থাপন কৰিছে।

        আমি সদায়ে দেখি থকা গছৰ পাত খিলা যেতিয়া চিত্ৰকৰে ৰং তুলিকা বোলাই অংকন কৰে তেতিয়া সি আমাৰ চকুত অসাধাৰণ হৈ দেখা দিয়ে। আমি সদায় শুনি থকা কথাবোৰ যেতিয়া সুৰ লয়েৰে সজাই তোলা হয় তেতিয়া সি আমাৰ মনত আনন্দৰ লহৰ তোলে। অৰ্থাৎ সৰ্বসাধাৰণে বুজি পোৱাকৈ কলাত্মক ৰূপত উপস্থাপনে গীত আৰু ছবিক মহত্ব প্ৰদান কৰে।


খ) `মিহি ভাব মিহি গতি কৌশলী বিদ্যাৰ

               নাই মৃত্যু অজৰ-অমৰ

     য'তে পৰে ত' তে গজে, বিভিন্ন আকাৰ

              ঠাই বুজি দীঘল-ডাঙৰ।

উত্তৰঃ `মিহি ভাব................

               ................................

               ..................................

               ....................... ডাঙৰ।'

      উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ ৰচনা কৰা `গীত আৰু ছবি' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

         কলাত্মক কৌশলী বিদ্যা যে অজৰ-অমৰ সেই প্ৰসংগতে কবিয়ে উক্ত কবিতাফাঁকি উপস্থাপন কৰিছে।

        সাধাৰণ বিষয়বস্তু কলাত্মক উপস্থাপনৰ জৰিয়তে মানুহৰ হৃদয়ত স্হান লাভ কৰিবলৈ সক্ষম হয়। এই কলাত্মক কৌশলক কবিয়ে অজৰ অমৰ বুলি কৈছে। ইয়াৰ কেতিয়াও মৃত্যু নাই,  ই চিৰস্থায়ী। ঠাইভেদে ইয়াৰ প্ৰকাৰ ভিন্ন হব পাৰে।


ভাষা-বিষয়ক

Q. 7 | সমাৰ্থক শব্দ লিখা : 

  • জগতঃ পৃথিৱী, ধৰণী
  • উলাহঃ উৎসাহ, আনন্দ
  • চকুঃ নয়ন, অক্ষি
  • সৰুঃ ক্ষুদ্ৰ, সুক্ষ্ম
  • ভালঃ উত্তম, সজ
  • কানঃ কৰ্ণ

Q. 8 | বাক্য ৰচনা কৰা:

কৌশলী বিদ্যাঃ কৌশলী বিদ্যাৰ সহায়ত সুক্ষ্ম বিষয়কো কলাত্মক ৰূপত উপস্থাপন কৰিব পাৰি।

অজৰ-অমৰঃ শংকৰদেৱৰ ৰচনাৰাজি অসমীয়া সাহিত্যত সদায়ে অজৰ-অমৰ হৈ থাকিব।

আলাসত ঠাইঃ সুমধুৰ গীতক শ্ৰোতা ডানতাই আলাসত ঠাই দিয়ে।

ডাঙৰ-দীঘলঃ ৰমেনক আইতাকে বৰ কষ্টৰে ডাঙৰ-দীঘল কৰিছে।

Q. 9 | বিপৰীত শব্দ লিখা :

  • মিহিঃ খহটা
  • প্ৰাণঃ নিস্প্ৰাণ
  • মৃত্যুঃ জন্ম
  • মূলঃ অতিৰিক্ত
  • ক্ষুদ্ৰঃ বৃহৎ




অতিৰিক্ত প্রশ্ন আৰু উত্তৰঃ

Q. 1 | চমুকৈ উত্তৰ লিখা।

(ক) সৰু কথা এটি গীত হ’ব পাৰেনে?

উত্তৰঃ সুৰ লগাই গালে গীত হ’ব পাৰে।

(খ) সাধাৰণ গছপাতটিও ছবিত আৰু সাধাৰণ কথাটিও গীতত কিয় ভাল হৈ পৰে?

উত্তৰঃ চিত্ৰকৰ আৰু সুৰকাৰৰ বা কলাকাৰৰ কৌশলী বিদ্যাৰ গুণত।

(গ) কেনে ধৰণৰ গীত বুজাইহে বুজে?

উত্তৰঃ যিবোৰ গীত ৰাগ প্ৰধান, সেইবোৰ গীত বুজাইহে বুজে অৰ্থাৎ ৰাগৰ চৰ্চা কৰা মানুহেহে মাথোন সেই গীতবোৰৰ অৰ্থ বুজে।

(ঘ) কেনে ছবিৰ মূল্য আটায়ে নুবুজে?

উত্তৰঃ যিবোৰ ছবি প্রতীকধৰ্মী তাৰ মূল্য আটায়ে নুবুজে।

(ঙ) কোন ছবি দেখিলে মানুহে ৰং পায়?

উত্তৰঃ সচৰাচৰ দেখি থকা বস্তুৰ বাস্তৱধৰ্মী ছবি দেখিলে মানুহে ৰং পায়।

(চ) কোন ধৰণৰ ছবিয়ে জগতৰ উপকাৰ সাধন কৰে?

উত্তৰঃ আদৰ্শমূলক, জাতীয় চেতনা জগাব পৰা ছবিয়ে জগতৰ উপকাৰ সাধন কৰে।

(ছ) কেনে গীতে হৃদয় জগাব পাৰে?

উত্তৰঃ গীতৰ কথা আৰু সুৰে যেতিয়া মানুহৰ বা শ্ৰোতাৰ অন্তৰ স্পর্শ কৰে।

(জ) কেনে ছবি মানুহৰ মনত সোমাব পাৰে?

উত্তৰঃ ভাল আৰু আকর্ষণীয় ছবি।

Q. 2 | খালী ঠাই পূৰ কৰা—

উত্তৰঃ (ক) যিটি গীত……………….. বুজে। (বুজাইহে)

(খ) যিটি দেখি সকলোৱে………………. ৰং পায়। (একে)

(গ) সিহে পায় নিজে নিজে ………………. ঠাই। (আলাসত)

(ঘ) ভাল গীতে……………… জগাব। (হৃদয়)

(ঙ) সদায় …………. শুনা সৰু কথাটিও। (কাণেৰে)

(চ) মিহি ভাৱ মিহি গতি………..…….। (কৌশলী বিদ্যাৰ)


Q. 3 | গীত আৰু ছবিৰে জগতৰ কেনেকৈ উপকাৰ কৰিব পাৰি? উদাহৰণেৰে বুজাই লিখা।

উত্তৰঃ গীত আৰু ছবি দুয়োটাই সুকুমাৰ কলা। সুকুমাৰ কলাই সকলো শ্ৰেণীৰ মানুহৰ মন আকৰ্ষণ কৰিব পাৰে। গীত মানুহৰ অতিকৈ প্রিয় বস্তু। নানা বাদ্যৰ সহায়ত যেতিয়া গায়কে এটা গীত গাবলৈ ধৰে তেতিয়া মন শ্ৰোতাৰ যতেই নাথাকক কিয়, সি গায়কৰ সুৰৰ মাজলৈ ধাবিত হবই। সমাজৰ সংস্কাৰৰ ক্ষেত্ৰত গীত বৰ প্ৰশস্ত। গীতিকাৰে সমাজ আৰু ব্যক্তিৰ কল্যাণৰ অৰ্থে বচা বচা শব্দ প্ৰয়োগ কৰি গীত ৰচনা কৰে আৰু সুৰকাৰে তাত সুৰদান কৰি প্ৰাণৱন্ত কৰে আৰু শেষত গায়কে সেই গীত সুৱদী কণ্ঠেৰে গাই শ্রোতাক আকৰ্ষণ কৰে। ইয়াৰ কিছুমান সুন্দৰ আৰু বাস্তৱ উদাহৰণ আছে—

খ্ৰীষ্টীয় চতুর্দশ শতিকাত অসমীয়া সমাজত নানা অনাচাৰ ব্যভিচাৰ আৰম্ভ হৈ সমাজখনক অধোগামী কৰিছিল। তেতিয়া মহাপুৰুষ শঙ্কৰ-মাধৱদেৱে আধ্যাত্মিক ভাৱৰ কিছুমান বৰগীত ৰচনা কৰি অসমীয়া সমাজত পৰিবেশন কৰিছিল। ফলত তেওঁলোকে অধোমুখী অসমীয়া সমাজখনক উদ্ধাৰ কৰি অসমীয়া জাতিটোক একত্ৰিত কৰিবলৈ সমৰ্থ হৈছিল। সেই কাৰণে অসমীয়া সমাজত বৰগীতবোৰ আজিও অমৰ হৈ আছে।

ভাৰতৰ স্বাধীনতা আন্দোলন পৃথিৱীৰ এক অবিস্মৰণীয় ঘটনা। ভাৰতীয় জাতিটোক পৰাধীনতাৰ কবলৰ পৰা উদ্ধাৰ কৰিবৰ অৰ্থে সকলো ৰাজ্যতে নিজ নিজ ভাষাত আৰু ৰাষ্ট্ৰভাষাত বহুতো জাতীয় ভাবোদ্দীপক গীত ৰচিত আৰু পৰিবেশিত হৈছিল। ইয়াৰ ফলত সমগ্ৰ ভাৰতীয় সমাজখন একত্ৰিত হৈ পৰাধীনতাৰ বিৰুদ্ধে যুঁজ দিব পাৰিছিল আৰু ভাৰতক স্বাধীন কৰিবলৈ সমৰ্থ হৈছিল।

গীতবোৰৰ দৰে ছবিৰ প্ৰদৰ্শনো বিভিন্ন সময়ত মন কৰিবলগীয়া। বৈষ্ণৱ আন্দোলনৰ সময়ত মহাপুৰুষ শংকৰদেৱে সাতবৈকুণ্ঠৰ চিত্ৰপট আঁকি মানুহৰ মন ধৰ্মৰ প্ৰতি আকৃষ্ট কৰিবলৈ চেষ্টা কৰিছিল। স্বাধীনতা আন্দোলনৰ সময়ত বহুতো চিত্ৰকৰে ছবিৰ প্ৰদৰ্শনেৰে মানুহৰ মনত জাতীয় চেতনা জগাই তুলিবলৈ যত্ন কৰিছিল। বর্তমান কালতো চৰকাৰে সমাজ বিৰোধী কামবোৰৰ ক্ৰিয়া আৰু পৰিণতিক ছবিৰ যোগেদিয়েই প্ৰদৰ্শন কৰি আছে। কৃষি আৰু বাণিজ্যৰ উন্নতিও ছবিৰ যোগেদিয়েই প্ৰসাৰতা লাভ কৰি আছে। এইদৰেই গীত আৰু ছবিৰ যোগেদি জগতৰ উপকাৰ সাধন কৰা হয়। অৱশ্যে এই ক্ষেত্ৰত ছবিবোৰ প্ৰতীকধর্মী নহৈ পোনপটীয়া হোৱাহে ভাল যাতে সকলো শ্ৰেণীৰ লোকে বুজিব আৰু উপলব্ধি কৰিব পাৰে।

Q. 4 | কবি দুৰ্গেশ্বৰ শৰ্মাৰ কবি পৰিচয় পঁচিশটামান শব্দৰ ভিতৰত জুকিয়াই লিখা।

উত্তৰঃ ইংৰাজী ১৮৮২ খ্ৰীষ্টাব্দত যোৰহাটৰ পটীয়াগাৱঁত দার্শনিক কবি স্বৰ্গীয় দুৰ্গেশ্বৰ শৰ্মাৰ জন্ম হয়। তেওঁৰ পিতাকৰ নাম আছিল কমলচন্দ্ৰ শৰ্মা। দুৰ্গেশ্বৰ শৰ্মাই সৰুৰেপৰা তেওঁৰ তীক্ষ্ণ বুদ্ধিৰ পৰিচয় দিছিল। ১৯০৩ খ্ৰীষ্টাব্দত তেওঁ দক্ষতাৰে বি.এ. পাছ কৰে। তাৰপাছত ১৯০৬ খ্ৰীষ্টাব্দত আইন পৰীক্ষা পাছ কৰি ওকালতিৰে কৰ্মজীৱন আৰম্ভ কৰিছিল। পাঁচ বছৰ কাল ওকালতি কৰাৰ পাছত তেওঁ চৰকাৰী চাকৰিত সোমায় আৰু নিজ বুদ্ধিৰ বলত দোপত দোপে উন্নতি কৰি ডিৰেক্টৰ অব্ লেণ্ড ৰেকৰ্ডছ (D.L.R.) আৰু এক্সাইজ কমিশনাৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।

দুৰ্গেশ্বৰ শৰ্মা একেধাৰে কবি আৰু নাট্যকাৰ। তেওঁ ‘অঞ্জলী’ আৰু ‘নিবেদন’ নামৰ দুখন কবিতাৰ পুথি, আৰু ‘পাৰ্থ-পৰাজয়’, ‘চন্দ্ৰাৱলী’ আৰু ‘বালীবধ’, এই তিনিখন নাটক ৰচনা কৰে। ইয়াৰ উপৰিও সাময়িক আলোচনী বোৰত তেওঁৰ বহুতো কবিতা প্রকাশ হৈছিল। কবি হিচাবে তেওঁ গুৱাহাটীৰ পৰা ওলোৱা জোনাকী কাকতৰ যোগেদি নিজক প্ৰকাশ কৰে। তেওঁৰ কবিতাত অতীন্দ্ৰিয়বাদৰ ধ্বনিও আছে। আত্মাৰ অবিনশ্বৰতা আৰু জন্মান্তৰবাদত কবিৰ বিশ্বাস অতীন্দ্ৰিয়বাদৰ কবিতাবোৰত প্ৰকাশ পাইছে। তেওঁ কিছুমান ইংৰাজী কবিতাও অসমীয়ালৈ অনুবাদ কৰিছিল। তেওঁৰ ভাষা অতি প্ৰাঞ্জল । তেওঁৰ ১৯৬১ চনত গুয়াহাটীত পৰলোকপ্রাপ্তি হয়।

Q. 5 | ‘গীত আৰু ছবি’ কবিতাটোৰ মূলভাব লিখা।

উত্তৰঃ গীত আৰু ছবি দুয়োটাই সুকুমাৰ কলাৰ অন্তৰ্গত। গীতৰ কথা আৰু ছবিৰ অৰ্থ সৰ্বসাধাৰণৰ বোধগম্য নহলেও সুৰকাৰ আৰু চিত্ৰকৰে নিজৰ কৌশলী বিদ্যাৰে সৰ্বসাধাৰণৰ মনোগ্রাহী কৰি তুলিব পাৰে। স্থান, কাল, ভাষা— এইবোৰে শ্রোতাক বা দর্শকক আমনি নকৰে। এনে গীতবোৰেই যুগে যুগে মানুহৰ মাজত অমৰত্ব লাভ কৰে।




Tags :

  • Class 9 Assamese Chapter 3 গীত আৰু ছবি
  • অসমীয়া Class 9 গীত আৰু ছবি প্ৰশ্নৰ উত্তৰ
  • গীত আৰু ছবি Class 9 Question Answer
  • গীত আৰু ছবি কবিতাৰ প্ৰশ্ন উত্তৰ
  • গীত আৰু ছবি প্ৰশ্ন উত্তৰ class 9
  • গীত আৰু ছবি questions answer
  • গীত আৰু ছবি কবিতাৰ মূলভাব
  • class 9 assamese question answer
  • Class 9 Assamese Chapter 3 Question Answer
  • Class 9 Assamese Question Answer Chapter 3
  • Class 9 Assamese lesson 3 question answer 
  • Class 9 Assamese Solutions