Follow Us:

আনন্দৰাম বৰুৱা প্ৰশ্ন উত্তৰ | Class 12 Assamese Question Answer Chapter 3 | AHSEC HS 2nd Year Assamese Notes Chapter 3

LearningPointAssam.com

আনন্দৰাম বৰুৱা প্ৰশ্ন উত্তৰ | Class 12 Assamese Question Answer Chapter 3 | AHSEC HS 2nd Year Assamese Notes Chapter 3 | Class 12 Assamese Lesson 3 Answer | দ্বিতীয় বাষিক পাঠ্যপুথি | Higher Secondary Assamese Solution...


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 3 

আনন্দৰাম বৰুৱা  — ALL Important Question & Answers

AHSEC HS 2nd Year Assamese Question Answer


CONTENTS 

আনন্দৰাম বৰুৱা প্ৰশ্ন উত্তৰ 
(সাহিত্য সৌৰভ 2nd year প্ৰশ্ন উত্তৰ)
 Question and Answer key






প্ৰশ্নাৱলীঃ

আনন্দৰাম বৰুৱা question answer class 12 | HS 2nd Year Assamese Chapter 3 Question and Answer Here...... 

তলৰ প্রশ্নসমূহৰ অতি চমুকৈ উত্তৰ দিয়াঃ Mark — 1

Q. 1 | আনন্দৰাম বৰুৱাৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ জন্ম ১৮৫০ চনৰ ২১ মে’ তাৰিখে উওৰ গুৱাহাটীৰ ৰজাদুৱাৰত হৈছিল ।

Q. 2 | আনন্দৰামে ল’ৰাকালতে কন্ঠস্থ কৰা গ্রন্থখনৰ নাম কি?

উত্তৰঃ আনন্দৰামে ল’ৰাকালতে কন্ঠস্থ কৰা গ্রন্থখনৰ নাম হ’ল- অমৰকোষ ।

Q. 3 | আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে?

উত্তৰঃ আনন্দৰাম বৰুৱাই তেওঁৰ 'মহাবীৰ চৰিত'ৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ কথা লিখোঁতে কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে ৷

Q. 4 | আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা বিদেশী পণ্ডিতৰ নাম লিখা ৷

উত্তৰঃ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা বিদেশী পণ্ডিতৰ নাম মেক্সমুলাৰ ৷

Q. 5 | কিহৰ বাবে আনন্দৰাম বৰুৱা পূজনীয় হৈ থাকিব?

উত্তৰঃ মূল্যবান সংস্কৃতৰ গ্রন্থসমূহৰ বাবে আনন্দৰাম বৰুৱা সদায় পূজনীয় হৈ থাকিব ৷

Q. 6 | ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক’লৈ গৈছিল?

উত্তৰঃ ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল ৷

Q. 7 | আনন্দৰাম বৰুৱাই কোনখন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰিছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাই কলিকতাৰ প্রেছিডেন্সী কলেজৰ পৰা ১৮৬৯ চনত আইনৰ স্নাতক ডিগ্রী লাভ কৰিছিল ৷

Q. 8 | আনন্দৰাম বৰুৱাই কিয় চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল?

উত্তৰঃ আনন্দৰাম বৰুৱা কৰ্মত এনে একনিষ্ঠভাবে লিপ্ত আছিল, জ্ঞান চৰ্চাৰ অনুৰাগ তেওঁৰ ইমান প্ৰবল আছিল যে তাৰ বাবে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল।

Q. 9 | কিহৰ গুণত আনন্দৰামে অসাধাৰণ জ্ঞানী আৰু অসাধৰণ কর্মী হ’ব পাৰিছিল?

উত্তৰঃ আনন্দৰাম সদায় একাগ্র আছিল ৷ একাগ্রতাৰ গুণতে আনন্দৰামে অসাধাৰণ জ্ঞানী আৰু অসাধৰণ কর্মী হ’ব পাৰিছিল ৷  

Q. 10 | ঊনৈশ শতিকাত অসমৰ পৰা বংগদেশলৈ যাবলৈ মানুহে কিয় ভয় কৰিছিল?

উত্তৰঃ পথ দুৰ্গম হোৱা বাবে ঊনৈশ শতিকাত অসমৰ পৰা বংগদেশলৈ যাবলৈ মানুহে ভয় কৰিছিল ৷

Q. 11 | ‘কথা গুৰু চৰিত’ কোনে সম্পাদনা কৰিছিল?

উত্তৰঃ উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে ‘কথা গুৰু চৰিত’ সম্পাদনা কৰিছিল ।

Q. 12 | ভাৰতীয় প্ৰসাশনিক সেৱাত নিযুক্ত প্ৰথমজন অসমীয়া কোন?

উত্তৰঃ ভাৰতীয় প্ৰসাশনিক সেৱাত নিযুক্ত প্ৰথমজন অসমীয়া হ’ল- আনন্দৰাম বৰুৱা ।

Q. 13 | আনন্দৰাম বৰুৱাই কিহৰ চৰ্চা কৰিছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা আৰু সাহিত্যৰ চৰ্চা কৰিছিল ।

Q. 14 | মানুহৰ সাৰ বস্তু কি?

উত্তৰঃ মানুহৰ সাৰ বস্তু হৈছে- জ্ঞান ।

Q. 15 | আনন্দৰাম বৰুৱাক কিহে মহৎ আৰু অমৰ কৰি তুলিছে?

উত্তৰঃ জ্ঞান চৰ্চাই আনন্দৰাম বৰুৱাক মহৎ আৰু অমৰ কৰি তুলিছে।

Q. 16 | আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম ৷



আনন্দৰাম বৰুৱা important question answer class 12 | Assam Board Class 12 Assamese Chapter 3 Question and Answer Here...... 

তলৰ প্রশ্নসমূহৰ চমুকৈ উত্তৰ দিয়াঃ Mark — 2/3

Q. 1 | আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ বাবে কৰ্মই আছিল জীৱন ৷ কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ বুলি তেওঁ গণ্য কৰিছিল ৷ কৰ্মৰ বাবে তেওঁ কেতিয়াও প্ৰশংসা বিচৰা নাছিল ৷ এনেদৰে কৰ্মক্ষেত্ৰত তেওঁ সংকল্প, দেশপ্ৰেম, অগাধ পাণ্ডিত্য, পিতৃ মাতৃৰ প্ৰতি অচলা ভক্তি আদি গুণবোৰ সদায় অনুকৰণ কৰিবলগীয়া বুলি লেখকে উল্লেখ কৰিছে ৷

Q. 2 | আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতৰ মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ সময়ত যাতায়ত ব্যৱস্থা অতি অনুন্নত আছিল ৷ ইউৰোপলৈ যাবলৈ পথ আছিল অতি দুৰ্গম৷আনহাতে বিলাতলৈ গ’লে জাতি যাব বুলিও সেইকালৰ মানুহে ভয় কৰিছিল ৷ এনে কাৰণতে সেই সময়ত ভাৰতীয় মানুহ ইউৰোপলৈ যাবলৈ সাহ কৰা নাছিল ৷

Q. 3 | কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল?

উত্তৰঃ আপোন পিতৃ-মাতৃ আৰু ভাই-ককাইৰ প্ৰতি আছিল আনন্দৰাম বৰুৱাৰ অচল ভক্তি ৷ সেয়েহে জগত বিখ্যাত পণ্ডিতৰ শাৰীত বহি গ্ৰন্থ ৰচনাৰ সময়তো তেওঁ দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ আৰু পৰশুৰাম-জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি আনন্দৰামে সন্তোষ লাভ কৰিছিল ৷

Q. 4 | আনন্দৰামৰ নিজৰ দেশৰ প্ৰতি ভক্তিও কম নাছিল - বুজাই লিখা ৷

উত্তৰঃ আপোন পিতৃ-মাতৃ,ভাই-ককাইৰ লগতে নিজ দেশৰ প্ৰতিও আনন্দৰামৰ আছিল অগাধ ভক্তিভাৱ ৷ সেয়েহে প্ৰকাশিত গ্ৰন্থৰাজিত তেওঁ নিজকে 'প্ৰাগজ্যোতিষপুৰসম্ভৱম' বুলি পৰিচয় দিছে ৷ "মহাবীৰ চৰিত"ৰ সংস্কৃত ব্যাখ্যাত তেওঁ কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে ৷ এনেদৰে য’তেই সুবিধা পাইছে ত’তে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ কথা উল্লেখ কৰি আনন্দৰামে দেশপ্ৰেমৰ পৰিচয় দিছে ৷

Q. 5 | আনন্দৰাম বৰুৱাক কিহে মহৎ আৰু অমৰ কৰি তুলিছে ?

উত্তৰঃ আনন্দৰাম অসমৰে এখনি সৰু গাঁৱত জন্মিছিল । আন অসমীয়াৰ দৰে তেওঁ খাৰ-পাত, কল-কুঁহিয়াৰকে খাই ডাঙৰ-দীঘল হৈছিল । কিন্ত তেওঁ একান্তভাৱে জ্ঞান চৰ্চা কৰিছিল । ইয়ে তেওঁৰ বিশেষত্ব, ইয়ে তেওঁক মহৎ আৰু অমৰ কৰি তুলিছে ।

Q. 6 | কি কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব?

উত্তৰঃ উচ্চশিক্ষা গ্ৰহণৰ প্ৰতি থকা অদম্য ইচ্ছাৰ বাবে আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল ৷ দুৰ্গম পথৰ লগতে জাতি যোৱাৰ ভয়ত সেই কালত মানুহে ইউৰোপলৈ নগৈছিল ৷ সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত বৰুৱা সাহিত্যকৰ্মৰ বাবেই ভাৰতীয় সাহিত্যৰাজিৰ লগত পশ্চিমৰ পণ্ডিতসকলৰ পৰিচয় ঘটিল ৷ তেওঁৰ কৰ্মৰাজিৰ বাবে এক নৱযুগৰ আৰম্ভণি ঘটিল ৷এই কামসমূহৰ বাবেই আনন্দৰাম বৰুৱা আমাৰ পূজনীয় হৈ থাকিব বুলি লেখকে উল্লেখ কৰিছে ৷



আনন্দৰাম বৰুৱা long question answer class 12 | Assam Board Class 12 Assamese Chapter 3  Board Question and Answer Here...... 

তলৰ প্রশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 4/5

Q. 1 | মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে? আনন্দৰাম বৰুৱা পাঠটিৰ আধাৰত বুজাই লিখা ৷

উত্তৰঃ সংসাৰত সময়ে সময়ে এনে কিছুমান মানুহ জন্মগ্ৰহণ কৰে যিসকলে নিজৰ কৰ্ম আৰু আদৰ্শৰে জগতত কীৰ্তি ৰাখি যাবলৈ সক্ষম হৈছে ৷ আন অসমীয়াৰ দৰে সাধাৰণ ভাবেই ডাঙৰ- দীঘল হোৱা আনন্দৰাম তেওঁৰ কৰ্মৰাজিৰে মহৎ আৰু অমৰ হৈ উঠিছে ৷ ইংৰাজী আৰু সংস্কৃত ভাষাত লিখা তেওঁৰ গ্ৰন্থৰাজিৰ ফলত প্ৰাচ্য আৰু পাশ্চাত্যৰ বৌদ্ধিক জগতৰ মাজত সমন্বয় সাধিত হৈছিল ৷ এনে কৰ্মৰ জৰিয়তে প্ৰাচ্যৰ অমৰ গ্ৰন্থৰাজিৰ স্বাদ পাশ্চাত্যৰ বৌদ্ধিক সমাজে পাবলৈ সক্ষম হৈছিল ৷ তদুপৰি যিসময়ত মানুহে বিদেশলৈ যাবলৈ বিভিন্ন কাৰণত ভয় কৰিছিল, তেনে সময়ত আনন্দৰাম বৰুৱা ইউৰোপলৈ গৈ জ্ঞানৰ সাধনা কৰিছিল ৷ এনেবোৰ কথাই আন মানুহকো উৎসাহিত কৰিছিল ৷ এনেবোৰ কাৰণতে লেখকে আনন্দৰাম বৰুৱাক মহাপুৰুষ আসনত ৰাখিছে আৰু তেওঁৰ পদাংক অনুকৰণ কৰি উন্নতিৰ পথত নিজকে পৰিচালিত কৰিব লাগে বুলি উল্লেখ কৰিছে ৷

Q. 2 | একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল?

উত্তৰঃ মানুহৰ জীৱনৰ সফলতাৰ অন্যতম চাবিকাঠি হ’ল- ধৈৰ্য আৰু একাগ্ৰতা ৷ একাগ্ৰতা গুণতে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ’ব পাৰিছিল ৷ এই গুণেই তেওঁক সাহস আৰু শক্তি দান কৰিছিল ৷ ল’ৰা কালতে ভাওনা আদি অভিনয় উৎসৱত যোগ দিওতে আনন্দৰাম যেনে একমনা আছিল সেইদৰে লিখা পঢ়া বিষয়টো তেওঁ একমনা আছিল ৷ সেয়েহে গোটেই "অমৰ কোষ" খনি তেওঁ ল’ৰা কালতে কণ্ঠস্থ কৰিব পাৰিছিল ৷

Q. 3 | প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা ৷

'কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ ৷'

উত্তৰঃ উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথি "সাহিত্য সৌৰভ"ৰ অন্তৰ্গত "আনন্দৰাম বৰুৱা" নামৰ পাঠটোৰ পৰা তুলি দি হৈছে৷পাঠটিৰ লেখক উপেন্দ্ৰচন্দ্ৰ লেখাৰুদেৱ ৷ আনন্দৰাম বৰুৱাৰ একান্ত কৰ্মনিষ্ঠতাৰ কথা প্ৰকাশ কৰালৈকে লেখকে কথাফাঁকিৰ অৱতাৰণা কৰিছে ৷ আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম৷অবিৰাম কৰ্মগতিতে তেওঁৰ আনন্দ ৷ কামৰ বাবে তেওঁ প্ৰশংসা নিবিচাৰিছিল ৷ বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম বয়সৰ ভিতৰতে তেওঁ বহুকেইখন উচ্চমানৰ গ্ৰন্থ প্ৰণয়ন কৰিবলৈ সংকল্প কৰিছিল ৷ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি জগতবিখ্যাত পণ্ডিত মেক্সমুলাৰেও বিস্ময় মানিছিল ৷

Q. 4 | আনন্দৰাম বৰুৱাৰ মহৎ কৰ্মৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰো বুজাই লিখা ৷

উত্তৰঃ আনন্দৰাম বৰুৱাৰ কৰ্মৰাজিয়ে এটা নৱযুগৰ আৰম্ভণি কৰিলে ৷ তেওঁৰআদৰ্শসমূহে অসমীয়াক নতুন দিগন্তৰ সন্ধান দিলে ৷ তেওঁৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম আৰু একাগ্ৰতা৷কৰ্ম আৰু একাগ্ৰতাৰ বিবেই আজিৰ পৰা ডেৰশ বছৰৰ পূৰ্বেই উচ্চশিক্ষাৰ বাবে ইউৰোপ পাইছিলগৈ ৷ জাতি যোৱাৰ ভয়ত যিসময়ত এচাম মানুহ ইউৰোপলৈ যাবলৈ ভয় কৰিছিল তেনেসময়ত আনন্দৰামে সেইসময়ত শিক্ষাজগতৰ এখন নতুন দ্বাৰ উন্মোচন কৰিবলৈ সক্ষম হৈছিল ৷ ইংৰাজী আৰু সংস্কৃত দুইটা ভাষাতে গভীৰ জ্ঞান থকা আনন্দৰাম বৰুৱাই ভালেকেইখন অম গ্ৰন্থ ৰচনা কৰি প্ৰাচ্য আৰু পাশ্চাত্যৰ বৌদ্ধিক ক্ষেত্ৰত সমন্বয় সাধন কৰিছিল ৷ দেশপ্ৰেম আৰু স্বজনৰ প্ৰতি থকা ভক্তিও আনন্দৰাম বৰুৱাৰ চৰিত্ৰৰ প্ৰধান গুণ৷তেওঁ য’তেই সুবিধা পাইছে তাতেই মাতৃভূমিৰ নাম উল্লেখ কৰিছে ৷ পিতৃ-মাতৃ আৰু ভাতৃৰ নাম উল্লেখ কৰি স্বজনৰ প্ৰতি থকা ভক্তি আৰু শ্ৰদ্ধা প্ৰকাশ কৰিছে ৷ তেওঁৰ এই মহৎ আদৰ্শৰাজিৰ অনুকৰণেৰে আমি নিজকে উন্নতিৰ পথত আগুৱাই নিব পাৰোঁ ৷

Q. 5 | প্ৰাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে বুজাই লিখা ৷

উত্তৰঃ নিজ দেশত শিক্ষা গ্ৰহণ কৰি আনন্দৰাম বৰুৱা উচ্চ শিক্ষাৰ বাবে ইউৰোপলৈ গৈছিল ৷ বৰুৱাৰ পূৰ্বৰ সময়বোৰত ভাৰতীয় সাহিত্যসমূহৰ পাশ্চাত্য বিদ্বৎসমাজৰ অগোচৰেই থাকি গৈছিল ৷ এইসমূহৰ লগত তেওঁলোক পৰিচিত হ’ব পৰাকৈ উপযুক্ত গ্ৰন্থ ৰচনা হোৱা নাছিল ৷ ফলত ভাৰতীয় সাহিত্যসমূহ সংস্কৃত ভাষাৰ মাজত আৱদ্ধ হৈ আছিল ৷ কিন্তু ইংৰাজী আৰু সংস্কৃত দুইটা ভাষাতে গভীৰ জ্ঞান থকা আনন্দৰামে ৰচনা কৰা - A Practical English-Sanskrit Dictionary, Higher Sanskrit Grammar,Gender and Syntax, Bhavabhuti & # 39, Mahavircharitam, Saraswatikanthabharana, Namalinga-Nusasana আদি গ্ৰন্থৰ পিছত পাশ্চাত্যৰ বিদ্বৎ সমাজ ভাৰতীয় সাহিত্যসমূহৰ  লগত পৰিচয় হ’ল ৷ তেওঁ এই কৰ্মৰাজিয়ে ভাৰতীয় সাহিত্যৰ এটা নৱযুগৰ সূচনা কৰিলে আৰু প্ৰাচ্য-পাশ্চাত্যৰ বৌদ্ধিক সমাজৰ মাজত এক সমন্বয় সাধিত হ’ল ৷



অতিৰিক্তঃ 

Q. 1 | ১৮৭২ চনত আনন্দৰাম বৰুৱাই ইংলেণ্ডত "ইণ্ডিয়ান চিভিল চাৰ্ভিছ"ৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰে ৷ তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত  প্ৰথমজন অসমীয়া আৰু পঞ্চমজন ভাৰতীয় ৷

উত্তৰঃ

Q. 2 | ১৯৭০ চনত ধিঙত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তত্ৰিংশ অধিৱেশনত আনন্দৰাম বৰুৱা সভাপতি আছিল ৷

উত্তৰঃ

Q. 3 | উপেন্দ্ৰচন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা দুখন গ্ৰন্থ হ’ল- ভক্তি বিবেক আৰু কথা সাহিত্য ৷

উত্তৰঃ

Q. 4 | উপেন্দ্ৰচন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেৱৰৰ গ্ৰন্থখনৰ নাম-কথা-গুৰুচৰিত ৷

উত্তৰঃ




Tags:

  • আনন্দৰাম বৰুৱা question answer
  • আনন্দৰাম বৰুৱা class 12
  • Class 12 Assamese Chapter 3 Question Answer
  • HS 2nd Year Assamese Chapter 3 Question Answer
  • আনন্দৰাম বৰুৱা Class 12 Question Answer
  • আনন্দৰাম বৰুৱা question answer class 12
  • আনন্দৰাম বৰুৱা দ্বাদশ শ্ৰেণীৰ question answer
  • HS 2nd Year Assamese question paper ahsec
  • HS 2nd Assamese chapter 3 notes