Follow Us:

বৈচিত্র্যময় অসম Class 9 Chapter 2 কাছাৰ জনগোষ্ঠীসকল প্রশ্নৰ উত্তৰ | কাছাৰ জনগোষ্ঠীসকল Class 9 Question Answer

LearningPointAssam.com

বৈচিত্র্যময় অসম Class 9 Chapter 2 কাছাৰ জনগোষ্ঠীসকল প্রশ্নৰ উত্তৰ | Class 9 Boichitramoi Assam - বৈচিত্র্যময় অসম Class 9 Chapter 2 Question Answer | কাছাৰ জনগোষ্ঠীসকল Class 9 Question Answer: Dear Students, Are you looking for Class 9 Rapid Reader Assam Question And Answers? SEBA Class 9 Boichitramoi Assam Question Answer is here. You can prepare ahead of the board exams by taking help from these Boichitramoi Assam - বৈচিত্র্যময় অসম class 9 chapter 2 কাছাৰ জনগোষ্ঠীসকল can be of great value to excel in the examination.

বৈচিত্র্যময় অসম Class 9 Chapter 2 কাছাৰ জনগোষ্ঠীসকল

SEBA Class 9 Assam Board Solution for বৈচিত্র্যময় অসম Class 9 Chapter 2 কাছাৰ জনগোষ্ঠীসকল Notes & Guide to each Unit are provided in the list of SEBA Class 9 Boichitramoi Assam - বৈচিত্র্যময় অসম Class 9 Question Answer. We design all notes according to SEBA Class 9 Annual Exam Syllabus so that you can easily browse through বৈচিত্র্যময় অসম Class 9 Chapter 2 Question Answer and HSLC Guides and Notes here.

বৈচিত্র্যময় অসম Class 9 Question Answer

Also, you can read Assam Board Solution Class 9 Assamese Boichitramoi Assam | বৈচিত্র্যময় অসম Class 9 book solution of the assam board in these sections is provided by expert teachers as per SCERT (SEBA) book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Assamese বৈচিত্রময় অসম question answer for All Subject, You can practice these here…


ইয়াত — Dibrugarh University, Gauhati University BA 1st, 2nd, 3rd, 4th, 5th & 6th Semester-ৰ উপৰিও HS — 11th, 12th (arts, commerce, Science (Class 1 পৰা Graduation) লৈ সকলো কিতাপৰ সকলো বিষয়ৰ তথ্য সমূহ Assamese medium আৰু English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।



Chapter — 2 

বৈচিত্র্যময় অসম Class 9 Chapter 2 — ALL Important Question & Answers

কাছাৰ জনগোষ্ঠীসকল Class 9 Rapid Reader Assam Question And Answer


CONTENTS 

কাছাৰ জনগোষ্ঠীসকল
 প্রশ্নৰ উত্তৰ
(বৈচিত্র্যময় অসম class 9 question answer)
 Question and Answer key






প্ৰশ্নাৱলীঃ

বৈচিত্র্যময় অসম Class 9 Chapter 2 | কাছাৰ জনগোষ্ঠীসকল Chapter 2 Class 9 Rapid Reader Assam Question And Answer

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 1

Q. 1 | নৃতত্ত্ববিদসকলে বৰাক উপত্যকাক কি বুলি অভিহিত কৰিছে ?

উত্তৰঃ নৃতত্ত্ববিদসকলে বৰাক উপত্যকাক Anthropological Garden অৰ্থাৎ 'নৃতত্ত্বৰ বাগিছা' বুলি অভিহিত কৰিছে।

Q. 2 | বৰাক উপত্যকাত বাস কৰা বিভিন্ন জনগোষ্ঠীসমূহ কি কি?

উত্তৰঃ বৰাক উপত্যকাত বাস কৰা বিভিন্ন জনগোষ্ঠীসমূহ হ'লঃ বঙ্গীয় সমাজ, মণিপুৰী, মণিপুৰীবিষ্ণুপ্ৰয়া, ভোজপুৰী, অসমীয়া, ৰাজবংশী, ৰাজস্থানী, বক্মন, ৰংমাই নাগা, মাৰ, কাৰ্বি, ৰিয়াং, ভেইকেই, কুকি, পৈতে, মিজো, গাংতে, চাকমা, চিৰু, চৰৈ, নেপালি।

Q. 3 | কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ এই তিনিখন জিলাক কিয় বৰাক উপত্যকা বুলি কোৱা হয়।

উত্তৰঃ এই তিনিখন জিলাৰ মাজেৰে বৰাক লৈ প্রবাহিত হৈ গৈছে। সেইবাবে এই তিনিখন জিলা একেলগে বৰাক উপত্যকা বােলা হয়।

Q. 4 | বৰাক উপত্যকাৰ মানুহৰ প্ৰধান জীৱিকা কি?

উত্তৰঃ বৰাক উপত্যকাৰ মানুহৰ প্ৰধান জীৱিকা হ'লঃ খেতি-বাতি, ব্যৱসায় আৰু চাকৰি।

Q. 5 | বৰকা উপত্যকাত পালন কৰা প্রধান উৎসৰবােৰৰ নাম লিখা?

উত্তৰঃ

  • শাৰদীয় দুর্গাপূজা —–হিন্দুসকলে,
  • ঈদ-উল-ফিতাৰ ——-মুছলমানসকলে,
  • ৰাসযাত্রা——মণিপুৰী বিষ্ণুপ্রিয়াসকলে,
  • ছটপূজা——- ভােজপুৰীসকলে,
  • বিহু ——-অসমীয়া আৰু ৰাজবংশীসকলে,
  • মহাবীৰ জয়ন্তী —–ৰাজস্থানীসকলে,
  • বসু—–বর্মন (ডিমাছা)সকলে,
  • গান্ডনাঈ—–ৰংমাই নাগাসকলে,
  • চিকপুইৰুঐ– মাৰসকলে, কাৰ্বি ৰেখাে নিসচো
  • আৰু আৰংগাজে—- কাৰ্বিসকলে,
  • হােজাগিৰি—– ৰিয়াংসকলে,
  • চেনখাচি চেনগ্রিতে ——-খাচিয়াসকলে,
  • চাওয়াংকূট—– ভেইকেই সকলে,
  • মিমকূট—- কুকিসকলে,
  • চাপচাৰকূট——মিজোসকলে,
  • কূট— সিমতে সকলে,
  • বুদ্ধ পূর্ণিমা—–চামকাসকলে,
  • চাকথাৰমকম——- চিৰুসকলে,
  • খােদয়—– চৰৈসকলে,
  • দশেই তিহাৰ– নেপালীসকলে ইত্যাদি উৎসৱবােৰ পালন কৰা দেখা যায়।

Q. 6 | ইছলাম ধৰ্মত বর্ষগণনা কেনেদৰে কৰা হয় ?

উত্তৰঃ চন্দ্ৰমাহ অনুসৰি ইছলাম ধৰ্মৰ বর্ষগণনা কৰা হয়। সেই বাবে ঈদ-উল-ফিতৰ উৎসৱৰ সময় প্রতিবছৰে সলনি হয়।

Q. 7 | খ্রীষ্ট ধর্মাবলম্বীসকলৰ প্ৰধান উৎসৱ কি আৰু এই উৎসৱ কেতিয়া পালন কৰা হয় ?

উত্তৰঃ বৰদিন। এই উৎসৱ ২৫ ডিচেম্বৰ তাৰিখে পালন কৰা হয়।

Q. 8 | 'The background of Assamese Culture' গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ  'The background of Assamese Culture' গ্ৰন্থখন 'ৰাজমোহন নাথে' ৰচনা কৰিছিল।

Q. 9 | হায়দৰাবাদত অনুষ্ঠিত সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাত অসম ৰাজ্যিক ফুটবল দলৰ মেনেজাৰ  কোন আছিল?

উত্তৰঃ হায়দৰাবাদত অনুষ্ঠিত সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাত অসম ৰাজ্যিক ফুটবল দলৰ মেনেজাৰ সুনীল মোহন আছে।



চমুটোকা লিখাঃ Mark — 5

(ক) ৰাজমোহন নাথ

উত্তৰঃ ৰাজমোহন নাথ আছিল এগৰাকী অভিযন্তা। ৰাডমোহন নাথ বৰাক উপত্যকাৰ এজন সুযোগ্য সন্তান আছিল। ৰাজমোহন মাথ বৰাকৰ বিভিন্ন গোষ্ঠীসমূহৰ মাজত বহুতো জনহিতকৰ কাম কৰিছিল। ৰাজমোহন নাথৰ আগ্ৰহৰ ক্ষেত্ৰখন আছিল বুৰঞ্জীৰ গৱেষণা কৰা। ১৯৪৮ ৰাজ মোহন নাথে 'the background of Assamese culture  বুলি এখন বুৰঞ্জীৰ গ্ৰন্থ ৰচনা কৰিছিল। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য আৰু দৰ্শনৰ বিষযেও ৰাজমোহন নাথে চৰ্চা কৰিছিল। ১৯৫৮ চনত তিনিচুকীয়াত অনুষ্ঠিত হোৱা 'অসম সাহিত্য সভাৰ'অধিবেশনত বুৰঞ্জীৰ শাখাৰ সভাপতি আছিল।

(খ) কীমালুদ্দীন আহমদ 

উত্তৰঃ কামালুদ্দীন আহমদ কৰিমগঞ্জ কলেজৰ বুৰঞ্জীৰ বিভাগৰ মুৰব্বী অধ্যাপক আছিল। পৰৱতী সময়ত কামালুদ্দীন আহমদ অধ্যক্ষ হয়। কামালুদ্দীন আহমদে সাহিত্য ৰ্চচাও কৰিছিল। কামালুদ্দীন আহমদে সম্পাদিত কৰা সাহিত্য পত্ৰখনৰ নাম 'দিগ্বলয়'। ১৯৯৪ চনত কামালুদ্দীন আহমদ অসমৰ শিল্প আৰু স্থাপত্যৰ বিষয়ে লিখা গন্থ খনৰ নাম 'the art and architecture of Assam'। তেওঁ গৱেষণা-নিৱন্ধৰ লগতে উপন্যাস আৰু সৃজনশীল সাহিত্যও ৰচনা কৰিছিল।

(গ) নন্দলাল বৰ্মণ

উত্তৰঃ নন্দলাল বৰ্মণ এগৰাকী সমাজসেৱক। বৰ্মণ ৰাজমন্ত্ৰী বংশৰ আছিল। তেওঁক সমাডত এজন প্ৰতিপত্তিশালী ব্যৱসায়ী হিচাপে সন্মান পাইছিল। বৰ্মণক সমাজৰ কিছুমান মানুহে মিলাউ বুলি সন্মান কৰিছিল আৰু আনকিছুমানে মানুহে মহাজন বুলি সন্মান কৰিছিল। ১৯০১ চনত নন্দলাল বৰ্মণে কাছাৰ জিলাৰ বৰখলাৰ গাওঁত ল'ৰা-ছোৱালী বাহে স্কুল স্থাপন কৰিছিল।

(ঘ) নলিনীন্দ্ৰ কুমাৰ বৰ্মণ

উত্তৰঃ নলিনীন্দ্ৰ কুমাক বৰ্মণ এগৰাকী শিক্ষক আছিল। তেওঁ ১৯৩০ চনত জুন-মাহত ডিমাহাছাও জিলাৰ সদৰ হাফলঙৰ মিচন স্কুলত শিক্ষক হিচাপে যোগদান কৰিছিল। তেওঁ ডিমাছা জাতিৰ ঐতিহ্য আৰু পৰম্পৰাৰ বিষয়ে অধ্যয়ন কৰিছিল। ডিমাছা জাতিৰ ঐতিহ্য আৰু পৰম্পৰাৰ বিষয়ে এখন গ্ৰন্থ ৰচনা কৰিছিল। গ্ৰন্থ খনৰ নাম the queen of Cachar or Herambo and the History of the Cacharis. নলিনীন্দ্ক কুমাৰ বৰ্মণে ডিমাছা জাতিৰ বাবে শৰাধৰ কীৰ্তন পদাৱলী ৰচনা কৰিছিল। সেই গ্ৰন্থখনৰ নাম হৈডিম্বৰাজ গোবিন্দচন্দ্ৰকৃত ।

(ঙ) ইৰুংবম চন্দ্ৰ সিংহ 

উত্তৰঃ ইৰুংবম চন্দ্ৰ সিংহ মণিপুৰী সমাজৰ প্ৰথম অৰ্থনীতি সমাজ বিজ্ঞানৰ সান্মাষিত স্নাচক আছিল। গঞা ল'ৰা-ছোৱালীৰ শিক্ষকৰ বাবে তেওঁ নানাবিধ সৰ্দথক প্ৰয়াস কৰিছিল। দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সহ কৰাৰ কাৰণে এটা তহবিল গঢ়ি তোৱাৰ লগতে তেওঁ এখন স্কুল স্থাপন কৰিছিল।

(চ) বিপিন সিংহ

উত্তৰঃ বিপিন সিংহ মণিপুৰী বিষ্ণুপ্ৰিয়ানসমাজৰ নত্যকলাৰ অবিস্মৰণীয় ব্যেক্তি আছিল। ১৯৬৬ চনত গুৰু বিপিন সিংহক 'সঙ্গীত নাটক অকাডেমী বঁটা প্ৰদান কৰিছিল। মধ্যপদেশৰ চৰকাৰৰ পৰা 'কালিদাস সন্মান লাভ কৰিছিল। কলকাতাত 'মণিপুৰী নৰ্তনালয় নামেৰে নৃত্যকলা শিক্ষাৰ অনুষ্ঠান স্থাপন কৰিছিল।




Tags :

  • বৈচিত্র্যময় অসম Class 9 Chapter 2 কাছাৰ জনগোষ্ঠীসকল প্রশ্নৰ উত্তৰ
  • বৈচিত্র্যময় অসম Class 9 Chapter 2 Question Answer 
  • কাছাৰ জনগোষ্ঠীসকল Class 9 Question Answer
  • Class 9 বৈচিত্রময় অসম question answer
  • Class 9 বৈচিত্রময় অসম chapter 2 question answer
  • Seba Class 9 বৈচিত্রময় অসম chapter 2 question answer
  • কাছাৰ জনগোষ্ঠীসকল class 9