Follow Us:

কবিতা আৰু গল্পৰ আৰ্হি প্ৰস্তুতকৰণ | BA 4th Sem Assamese Skill Question Answer | TDC 4th Semester Skill Enhancement Notes

LearningPointAssam.com

কবিতা আৰু গল্পৰ আৰ্হি প্ৰস্তুতকৰণ | Gauhati University BA 4th Sem Assamese Skill Model Questions Answer | GU BA 4th Sem Assamese Model Solution | ba 4th sem assamese question paper | BA 4th Sem Assamese Skill Question Answer | ba 4th sem assamese book pdf | Gauhati University BA 4th Sem Assamese Questions Answer

BA 4th Sem Assamese Skill Enhancement Notes & Guide Available here সৃজনীমূলক সাহিত্য ASM-SE-4014 কবিতা আৰু গল্পৰ আৰ্হি প্ৰস্তুতকৰণ Model Solution to each Unit are provided in the list of UG - CBCS Syllabus. We design all notes according to Guwahati University so that you can easily browse through কবিতা আৰু গল্পৰ আৰ্হি প্ৰস্তুতকৰণ BA 4th Sem Assamese Skill Question Answer and University Guides and Notes here. ASM-SE-4014 — সৃজনীমূলক সাহিত্যঃ কবিতা আৰু গল্পৰ আৰ্হি প্ৰস্তুতকৰণ Question Answer Can be very useful to excel in examinations.

কবিতা আৰু গল্পৰ আৰ্হি প্ৰস্তুতকৰণ BA 4th Sem Assamese Skill Question Answer

BA Assamese ASM-SE-4014 — কবিতা আৰু গল্পৰ আৰ্হি প্ৰস্তুতকৰণ BA 4th Semester Assamese Model  Notes covers all the practice questions of Guwahati University syllabus. কবিতা আৰু গল্পৰ আৰ্হি প্ৰস্তুতকৰণ BA 4th Sem Assamese Question Answer is given here which ensures smooth and easy understanding of all the concepts.  Understand the concepts behind each unit and score well in board exams.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 4 

কবিতা আৰু গল্পৰ আৰ্হি প্ৰস্তুতকৰণ — ALL Important Question & Answers

GU BA 4th Sem Assamese Skill ASM-SE-4014 Questions & Answer :


CONTENTS 

কবিতা আৰু গল্পৰ আৰ্হি প্ৰস্তুতকৰণ
Model Question and Answer key






প্ৰশ্নাৱলীঃ

কবিতা আৰু গল্পৰ আৰ্হি প্ৰস্তুতকৰণঃ BA 4th Semester Assamese Skill Enhancement Very Short Question Answer Here. 

তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়াঃ Mark — 1

Q. ১। কবিতাৰ ৰচনাৰ বাবে আবেগ-অনুভূতি কল্পনাৰ প্ৰয়োজননে?

উত্তৰঃ কবিতাৰ ৰচনাৰ বাবে আবেগ-অনুভূতি কল্পনাৰ প্ৰয়োজন ।

২। জোনাকী কাকত কেতিয়া প্ৰকাশ হৈছিল?

উত্তৰঃ জোনাকী কাকত ১৮৮৯ চনত প্ৰকাশ পাইছিল ।

৩। আধুনিক কবিতাৰ বাবে কোনটো দশক উল্লেখযোগ্য?

উত্তৰঃ আধুনিক কবিতাৰ বাবে কুৰি শতিকাৰ চতুৰ্থ দশকটো উল্লেখযোগ্য ।

৪। কোনখিনি ৰোমান্টিক কবিতাৰ সময়?

উত্তৰঃ ১৮৮৯ চনৰ পৰা ১৯৪০ চনলৈ ৰোমান্টিক কবিতাৰ সময় ।

৫। আৰ্হি শব্দটোৰ অভিধানিক অৰ্থ কি ?

উত্তৰঃ আৰ্হি শব্দটোৰ অভিধানিক অৰ্থ হ'ল- আদৰ্শ, চানেকি, নমুনা ।

৬। 'কবিতা হ'ল এটা তাড়না' ই বাস্তৱত সঁচানে? 

উত্তৰঃ 'কবিতা হ'ল  এটা তাড়না'  ই বাস্তৱত সচাঁ ।

৭। প্ৰত্যকগৰাকী লেখকৰ লিখন শৈলী একে নে?

উত্তৰঃ প্ৰত্যকগৰাকী লেখকৰ লিখন শৈলী একে নহয় ।

 ৮। আমেৰিকাত কেতিয়া চুটিগল্পই পৰিপক্কতা লাভ কৰে?

উত্তৰঃ আমেৰিকাত  ঊনবিংশ শতিকাৰ মাজভাগত চুটিগল্পই পৰিপক্কতা লাভ কৰে ।

৯। এডগাৰ এলেনপোৱে গল্পৰ আৰ্হি প্ৰস্তুত কৰোতে কিহৰ ওপৰত গুৰুত্ব দিছিল?

উত্তৰঃ এডগাৰ এলেনপোৱে গল্পৰ আৰ্হি প্ৰস্তুত কৰোতে মানৱ মনৰ যুক্তিবৰ্হিভূত দিশবোৰৰ ওপৰত গুৰুত্ব দিছিল ।

১০। আমেৰিকান গল্পকাৰৰ হাতত গল্পৰ কি পৰিৱৰ্তন হৈছিল?

উত্তৰঃ  আমেৰিকান  গল্পকাৰৰ হাতত গল্পৰ আমূল পৰিৱৰ্তন হৈছিল । পৰম্পৰাগত ক্ৰিয়াকলাপ ভাঙি বৈপ্লৱিক এক নতুন ধৰণৰ ৰীতি প্ৰৱৰ্তন কৰে ।                                                                                


১১। অসমীয়া চুটীগল্পজনক কাক কোৱা হয়?


উত্তৰঃ অসমীয়া চুটিগল্পজনক বুলি লক্ষ্মীনাথ বেজবৰুৱাক কোৱা হয় ।


১২। আৱাহান কাকত কেতিয়া প্ৰকাশ হয়?

উত্তৰঃ আৱাহন কাকত ১৯২৯ চনত প্ৰকাশ হয় ।

১৩। গল্পৰ গদ্য কি গদ্যৰ আৰ্হি?

উত্তৰঃ গল্পৰ গদ্য ফিচাৰধৰ্মী গদ্য ।

১৪। হাছান মান্টোৰ পুথিখনৰ নাম কি?

উত্তৰঃ হাছান মান্টুৰ পুথিখনৰ নাম হ'ল- 'Why I Write'.

১৫। 'দেওপাহাৰৰ ভগ্নস্তূপত' গল্পটোৰ গল্পকাৰ কোন?

উত্তৰঃ 'দেওপাহাৰৰ ভগ্নস্তূপ' গল্পটোৰ গল্পকাৰ হ'ল- অৰূপ পটঙ্গীয়া কলিতাৰ ।

১৬। টলষ্টয়ৰ যুগান্তকাৰী উপন্যসখনৰ নাম কি?

উত্তৰঃ টলষ্টয়ৰ যুগান্তকাৰী উপন্যসখৰ নাম হ'ল- 'লা মিজাৰেবল'।

১৭। 'নীনা' গল্পৰ গল্পকাৰ কোন?

উত্তৰঃ 'নীনা' গল্পৰ গল্পকাৰ হ'ল- লক্ষ্মীধৰ শৰ্মাৰ ।

১৮। গল্পৰ লেখাৰ বাবে প্ৰশংসাৰ প্ৰয়োজন নে?

উত্তৰঃ গল্পৰ লেখাৰ বাবে প্ৰশংসাৰ প্ৰয়োজন ।




কবিতা আৰু গল্পৰ আৰ্হি প্ৰস্তুতকৰ | BA 4th Semester Assamese Skill Enhancement Short Question Answer Here. 

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 2/5

Q. ১। ৰোমান্টিক কবিতাৰ ত্ৰিমূৰ্ত্তি কাক কোৱা হয়?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী এই তিনিজনক ৰোমান্টিক যুগৰ ত্ৰিমূৰ্ত্তি বুলি কোৱা হয় ।

২। ৰোমান্টিক কবিতাৰ বিষয়বস্তু কি কি ?

উত্তৰঃ ৰোমান্টিক কবিতাৰ বিষয়বস্তু হ'ল- চৰাই-চিৰিকতি, প্ৰকৃতি জগতৰ ফল-ফুল, গছ-গছনি, প্ৰেম-প্ৰীতি, কল্পনা, ভগবৎ প্ৰেম, সাধাৰণ বস্তুত অসাধাৰণত্ব আৰোপ , প্ৰকৃতি প্ৰেম, প্ৰকৃতিজগতক ভালপোৱা, স্বদেশ প্ৰেম ইত্য়াদি ।

 ৩। আধুনিক কবিতাৰ বিষয়বস্তু কি কি ?

উত্তৰঃ আধুনিক কবিতাৰ বিষয়বস্তু হ'ল- বিজ্ঞান, প্ৰযুক্তিবিদ্য়াৰ প্ৰভাৱৰ ফলত মানুহৰ মনত চিন্তা-চৰ্চা, ধ্য়ান-ধাৰণা, নতুন নতুন ভাবনা আৰু সমাজৰ বাস্তৱতা আদি ।

৪। ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ মাজত পাৰ্থক্য লিখা?

উত্তৰঃ ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ মাজত পাৰ্থক্য হ'ল-

ঊনৈশ শতিকাৰ শেষ দশকত 'জোনাকী' (১৮৮৯) কাকতৰ জৰিয়তে অসমীয়া সাহিত্য়ত ৰোমান্টিক কবিতাৰ সূচনা হয় । তেওঁলোক ইংৰাজী, ৰোমান্টিক সাহিত্য়ৰ ভাৱধাৰাৰ দ্বাৰা প্ৰভাৱিত হৈছিল । বিশেষকৈ ইংৰাজী ৰোমান্টিক কবি শ্বেক্সপীয়েৰ, ৱৰ্ডছৱৰ্থ, শ্য়োলী, কীটচ্ আদি কবিৰ কবিতাৰ ভাৱধাৰাৰে অনুপ্ৰাণিত হৈ অসমীয়া সাহিত্য়ত ৰোমান্টিক কবিতা লিখিবলৈ আৰম্ভ কৰিলে । ১৮৮৯ চনৰ পৰা ১৯৯০ চনলৈ এই সময়ছোৱাত ৰোমান্টিক কবিসকলৰ কবিতাৰ বিষয়বস্তু হ'ল চৰাই-চিৰিকটি, প্ৰকৃতি জগতৰ ফল-ফুল, গছ-গছনি, প্ৰেম-প্ৰীতি, কল্পনা, ভগবৎ প্ৰেম, সাধাৰণ বস্তুত অসাধাৰণত্ব আৰোপ, প্ৰকৃতি প্ৰেম, প্ৰকৃতিজগতক ভালপোৱা, স্বদেশ প্ৰেম ইত্য়াদি ।

      অসমীয়া আধুনিক কবিতাৰ বাবে কুৰি শতিকাৰ চতুৰ্থ দশকটো বিশেষভাৱে স্মৰণীয় । বিশ্ব ইউৰোপ, আমেৰিকা আৰু অন্য়ান্য় দেশৰ কবিতাৰ বিষয়বস্তু আৰু আংগিকৰ প্ৰভাৱে অসমীয়া আধুনিক কবিতাৰ ক্ষেত্ৰখনলৈ প্ৰৱাহিত হৈছে। যাৰ ফলত আধুনিক অসমীয়া কবিতাই বিশেষ ৰূপত বিস্তৃতি লাভ কৰিবলৈ অগ্ৰসৰ হৈছে । আধুনিক কালত বিজ্ঞান, প্ৰযুক্তিবিজ্ঞাৰ প্ৰভাৱৰ ফলত মানুহৰ মনত চিন্তা-চৰ্চা, ধ্য়ান-ধাৰণা, নতুন নতুন ভাবনা আৰু সমাজৰ বাস্তৱতাৰে আধুনিক অসমীয়া কবিতা ৰূপ পাবলৈ ললে । ৰোমান্টিক কবিতাৰ বিষয়বস্তু, শব্দচয়ন, ৰচনাৰীতি, ছন্দ প্ৰয়োগ মানসচিত্ৰ আদি দৃষ্টিভংগীৰ পৰা আঁতৰি আহি আধুনিক কবিসকলে কবিতাচয়ন কৰিবলৈ ধৰিলে ।


৫। হাজান মান্টোৱে সকলো লেখকৰ লিখাৰ সৈতে কি চাৰিটা উদ্দেশ্যৰ বিষয় জড়িত হৈ আছে বুলি কৈছে ?

উত্তৰঃ (ক) নিতান্ত আত্মতৃপ্তি

            (খ) নান্দনিক উদ্দীপনা

            (গ) ঐতিহাসিক আবেদন

            (ঘ) নিৰ্ণায়ক ৰাজনৈতিক স্থিতি 

এই চাৰিটা উদ্দেশ্যৰ বিষয় জড়িত হৈ আছে বুলি কৈছে ।

৬। মাৰ্টিমাৰ এড্লাৰে লিখা গ্ৰন্ঠখনৰ নাম কি ?

উত্তৰঃ মাৰ্টিমাৰ এড্লাৰে লিখা গ্ৰন্থখনৰ নাম হ'ল- 'How to Read Book'.




কবিতা আৰু গল্পৰ আৰ্হি প্ৰস্তুতকৰ | Gauhati University BA 4th Semester Assamese Skill Notes Here. 

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 6/8

১। ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ বিষয়বস্তুৰ সৱিশেষ বৰ্ণনা কৰা।

উত্তৰঃ ৰেমান্টিক কবিসকলৰ কবিতাৰ বিষয়বস্তু হ'ল চৰাই-চিৰিকটি, প্ৰকৃতি জগতৰ ফল-ফুল, গছ-গছনি, প্ৰেম-প্ৰীতি, কল্পনা, ভগবৎ প্ৰেম, সাধাৰণ বস্তুত অসাধাৰণত্ব আৰোপ, প্ৰকৃতি প্ৰেম, প্ৰকৃতিজগতক ভালপোৱা, স্বদেশ প্ৰেম ইত্য়াদি ।

        বিশ্বৰ ইউৰোপ, আমেৰিকা আৰু অন্য়ান্য় দেশৰ কবিতাৰ বিষয়বস্তু আৰু আংগিকৰ প্ৰভাৱে অসমীয়া আধুনিক কবিতাৰ ক্ষেত্ৰখনলৈ প্ৰৱাহিত হৈছে । যাৰ ফলত আধুবনিক অসমীয়া কবিতাই বিশেষ ৰূপত বিস্তৃতি লাভ কৰিবলৈ অগ্ৰসৰ হৈছে । ৰোমান্টিক কবিতাৰ বিষয়বস্তু, শব্দচয়ন, ৰচনাৰীতি, ছন্দ প্ৰয়োগ মানসচিত্ৰ আদি দৃষ্টিভংগীৰ পৰা আঁতৰি আহি আধুনিক কবিসকলে কবিতাচয়ন কৰিবলৈ ধৰিলে । আধুনিক যুগ নানা সমস্য়াময়, প্ৰশ্ন, দ্বিধা, সন্দেহ, শংকা, যুক্তিবাদী প্ৰযুক্তিবাদী আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ যুগ । ৰোমান্টিক যুগৰ চৰাই-চিৰিকটি, প্ৰেম-প্ৰীতি, প্ৰকৃতি জগতৰ ফল-ফুল, গছ-গছনি, কল্পনা, নাৰীৰ ৰূপ সৌন্দৰ্য আদিৰ ৰূপচিত্ৰ আধুনিক কবিসকলে পৰিহাৰ কৰিলে । আধুনিক কবিতাৰ ক্ষেত্ৰখনত জগতৰ সকলো পদাৰ্থ বা বস্তুকে কবিতাৰ উপাদান হিচাপে গ্ৰহণ কৰি আহিছে । আধুনিক কবিসকলৰ লঘু-গুৰু বুলি কোনো উপাদান থাকিব নোৱাৰে ।  

২। কবিতাৰ আৰ্হি প্ৰস্তুত কিদৰে কৰা হয় বৰ্ণনা কৰা।

উত্তৰঃ 'আৰ্হি' শব্দটোৰ আভিধানিক অৰ্থ হৈছে আদৰ্শ, চানেকি, নমুনা; যাক Model বা Modelity বুলি কোৱা হয় । তাৰ উপৰিও আৰ্হি হৈছে কোনো বিষয়ৰ বা পাঠৰ শুদ্ধাশুদ্ধ চাবলৈ প্ৰথমে ছপোৱা কাকত বা ভুল শুধৰাৰ উদ্দেশ্য় কেঁচা ছপা পৰীক্ষা কৰা কাৰ্য । কবিতাৰ ক্ষেত্ৰত আৰ্বি শব্দটোৰ অৰ্থ চানেকি বা আদৰ্শ অৰ্থহে বেছি প্ৰযোজ্য় হ'ব । যাক Model বা modelity বুলি কোৱা হয় । কবিতাৰ আৰ্হি প্ৰস্তুতৰ কাৰণে কবিসকলে কবিতাৰ বাবে নিজক প্ৰস্তুত কৰি তুলিব লাগিব ।কবিতাৰ আৰ্হি পথাৰখনত বিচৰণ কৰাটো সহজ নহয় ।কবিতাৰ আৰ্হিৰ পথাৰখন বৰ জটিল । ঠিক তেনেদৰে কবিতাৰ আৰ্হি প্ৰস্তুতৰ কাৰণে কবিসকলেও নিজক সাজু কৰি তুলিব পাৰিব লাগিব । অন্য়থা কবিতাৰ আৰ্হিও প্ৰস্তুত নহ'ব আৰু কবিতাও সৃজন নহ'ব । কবিতাৰ আৰ্হিৰ অনুশীলন হৃদয় আৰু মন -মগজুত  ধৰা দিয়ে । তাৰবাবে নিজক প্ৰস্তুত কৰি তুলিব পৰা দক্ষতা আৰু অনুভূতিৰ প্ৰতিভা থকাও বাঞ্জনীয় । কিন্তু এইটোও ঠিক এগৰাকী কবিৰ যথাসাধ্য় অনুশীলনৰ প্ৰচেষ্টাৰ ফলত কবিতাৰ আৰ্হি আকাৰত বহিঃপ্ৰকাশ ঘটিব পাৰে । সেয়ে কবিতাৰ আৰ্হি প্তস্তুত ৰীতিও সৃজনশীল । প্ৰত্য়েকগৰাকী কবিৰ আৰ্হি প্ৰস্তুত প্ৰণালী সুকীয়া সুকীয়া ধৰণৰ । এনে কিছুমান কবিও আছে তেওঁলোকে পশ্চিমীয়া কবিসকলৰ কবিতাৰ আৰ্হি অনুকৰণ বা অনুসৰণ কৰি কবিতা লিখে । অসমীয়া সাহিত্য় জগতৰ কেইগৰাকী ৰোমান্টিক কবিয়ে ইংৰাজ কবি কীটছ, শ্য়োলী, ওৱাডছৰ্ড, আদিৰ ৰোমান্টিক কবিতাৰ দ্বাৰা প্ৰভাৱিত হৈ নিজস্ব মন-মগজুৰ আৰ্হিত কবিতা প্ৰস্তুত কৰি তুলিছে ।  

৩। গল্পৰ আৰ্হি কিদৰে প্ৰস্তুত কৰা হয় লিখা। 

উত্তৰঃ কবিতাৰ আৰ্হি প্ৰস্তুত প্ৰণালীতকৈ গল্পৰ আৰ্হি প্ৰস্তুতকৰণ কিছু পৃথক ধৰণৰ । গল্প লেখনি  ফিটাৰধৰ্মী গদ্য় । গল্পলেখকসকলে জীৱনত সঞ্চিত কৰা কিছু অভিজ্ঞতা, কিছু হেঁপাহ, ৰুচিবোধ আৰু সমাজ দায়বদ্ধতাৰ প্ৰতি থকা আত্মবিশ্বাসৰ সম্ভাৰ লৈ আগবাঢ়ে । লেখকসকলৰ ইচ্ছাৰ তীব্ৰতা আৰু মেধাশক্তিৰ ওপৰত নিৰ্ভৰ কৰে তেওঁলোকৰ জীৱনৰ সফলতা । গল্প লিখাৰ আগতে স্বাচ্ছন্দ্য় অনুভৱৰে নিজক এবাৰ জুখি চাব লাগে, লহ'লে গল্প গৈ অন্য়ৰূপ ল'ব পাৰে। এগৰাকী পৱৰ্তাৰোহানকাৰী ওখ পৰ্ৱতীয়া বাট বগাবলৈ যোৱাৰ আগতে নিজৰ শৰীৰ সামৰ্থ আৰু শক্তি সম্পৰ্কে সম্য়ক ধাৰণা ওটি কৰি নাচালে, তেওঁ পৱতীয়া বাট বগাবলৈ যোৱা দুৰূহ কাম হ'ব । সাহিত্য়-গল্প লিখাৰ ক্ষেত্ৰত লেখকসকলে তেনেদৰে নিজক প্ৰস্তুত কৰি লৈ গল্পৰ আৰ্হি তৈয়াৰ কৰিব পাৰিব । গল্প লিখাৰ সামগ্ৰিক দিশৰ ক্ষেত্ৰত বাস্তৱবাদী অভিজ্ঞতা অৰ্জন কৰি ল'ব নোৱাৰিলে গল্প যথাযৰ্থ হৈ নুঠিব । গল্প লিখাৰ গদ্য় ফিচাৰধৰ্মী যদিও তাত কল্পনাময়ী গদ্য়ৰ প্ৰয়োজন একেবাৰে নাই বুলি নহয় । গল্পৰ আৰ্হি প্ৰস্তুত কৰোতে নিদিষ্ট বিষয়বস্তু ক্ষেত্ৰত বাস্তৱ অভিজ্ঞতা, ধাৰণা আৰু বিশ্লেষণ ক্ষমতা সাৰকথা হিচাপে গণ্য় কৰা উচিত । গতিকে গল্পৰ আৰ্হি প্ৰস্তুতৰ আৰু লিখাৰ ক্ষেত্ৰত নিজক সচেতন সংবেদনশীলভাৱে একধৰণৰ প্ৰস্তুতি আৰু লেখন কৌশল আয়ত্ব কৰাৰ পাছতহে গল্পৰ কাৰ্যত নিয়োজিত কৰাৰ প্ৰয়োজন । 

৪। কবিতাৰ আৰ্হি প্ৰস্তুত কৰাত লেখকৰ দক্ষতা সম্পৰ্কে লিখা।

উত্তৰঃ সাহিত্য জগতৰ সাহিত্য়িকসকলৰ অনেক লেখাৰ কোনো কোনো লেখাই পঢুৱৈসকলৰ মনত আকৃষ্ট কৰিব পাৰে । শত-সহস্ৰ লেখাৰ কোনো কোনো লেখকৰ লেখা পঢ়ি মনত ভাল লগা অনুভূতিৰ উদ্ৰেক হয় । যাৰ ফলত ইটো দফাৰ পৰা সিটো দফাৰ পঢ়িবৰ কাৰণে মন অগ্ৰসৰ হয় । ভাল লগা, আকৰ্ষিত, আদিৰ অন্তৰালত থাকে লেখকৰ বিশেষ কিছুমান শক্তি ।

        কবিতাৰ আৰ্হি প্ৰস্তুত কৰোতে কবি বা লেখকজনৰ বিশেষ কিছুমান শক্তি তথা দক্ষতা থকা প্ৰয়োজন ।

  • (ক) শব্দ প্ৰয়োগৰ কৌশল 
  • (খ) ভাষাৰ লালিত্য়
  • (গ) লেখন প্ৰক্ৰিয়া
  • (ঘ) যতি জ্ঞান

(ক) শব্দ প্ৰয়োগৰ কৌশল ঃ শব্দ প্ৰয়োগ কৌশল শৈলী কবিসকলৰ কাৰণে অতি মহত্ত্বপূৰ্ণ । কবিতা এটাৰ আৰ্হি তৈয়াৰ কৰোতে শব্দ প্ৰয়োগৰ ওপৰত গুৰুত্ব দিয়া দৰকাৰ । যথাযথ শব্দ প্ৰয়োগ ৰীতিয়ে লেখাটোৰ মহত্ব নিৰ্ণয় কৰে । শব্দ প্ৰয়োগৰ ক্ষেত্ৰত কবিসকলে সৰ্তক হ'ব লাগে কাৰণ তৰল শব্দই কবিয়ে ভবা ভাবাৰ্থৰ ম্লান কৰিব পাৰে । উৎকৃষ্ট শব্দৰ প্ৰয়োগ গাঁথনিয়ে কবিতাটোৰ মহত্ব প্ৰকাশ কৰে । ইয়াত ব্য়ৱহাৰ কৰা 'শিখৰে-শিখৰে, ফাঁকে-ফাঁকে, প্ৰহৰে-প্ৰহৰে, অৰুণে-বৰুণে' একাধিক একেজাতীয় শব্দ প্ৰয়োগে কবিতাটোৰ বিষয়বস্তু গাম্ভীৰ্য অৰ্থঘন অতি মহত্বপূৰ্ণ কৰি তুলিছে ।

৫। গল্পৰ আৰ্হি প্ৰস্তুত কৰাত লেখকৰ দক্ষতা সৱিশেষ বৰ্ণনা কৰা।

উত্তৰঃ গল্প লিখন আৰু কোৱা কৌশল প্ৰায় একেই । লেখকজন যেতিয়া ভাল গল্পকাৰ হোৱাৰ সম্ভাৱনা থাকে তেতিয়া তেওঁৰ মাজত থাকে এগৰাকী যথাৰ্থ গল্প কথক ব্য়ক্তি । গল্পকথকজন লেখকৰ ভিতৰৰ এজন কথকহে । গল্প লিখাৰ একোটা কৌশল বা প্ৰক্ৰিয়া থাকে । 

      গল্প এটাত জটিল বিষয়ৰ উপস্থাপন, অচিনাকি দৃশ্য়পটৰ বৰ্ণনাত ভাল গল্পকাৰ সকলৰ লিখন কৌশলে পঢুৱৈসকলক আকৰ্ষণ কৰিব পৰা দক্ষতা থাকে । অসমীয়া গল্প জগতত তেনে এজন পৰিচিত গল্পকাৰ সৌৰভ কুমাৰ চলিহা । চলিহাৰ গল্পৰ পাঠৰ সাৰমৰ্ম উপলব্ধিৰ বাবে পঢুৱৈসকল এটা বৌদ্ধিক স্তৰলৈ গতি কৰিবলগীয়া হয় । অথচ তেওঁৰ গল্পৰ পঠন সাধাৰণ পঢুৱৈৰ বাবে সহজ হৈ সুখদায়ক অভিজ্ঞতা হৈ পৰে । তেওঁৰ লিখনিৰ ভাষাত ব্য়ৱহাৰ শব্দ, বাক্য়ৰ গাঁথনি, ব্য়ঞ্জনা অনুধাৱনময়ী ।

    গল্পৰ ক্ষেত্ৰত ব্য়ৱহাৰ কৰা পৰিচিত শব্দ আৰু সাধাৰণ পৰ্যায়ৰ ভাষাৰ সহজ-সৰলতাৰে পঢুৱৈসকলৰ মনঃসংযোগ কৰিব পৰা গল্পকাৰ লক্ষ্মীধৰ শৰ্মাই চুটি চুটি বাক্য় আৰু সৰল ৰৈখিক বৰ্ণনাৰে পঢুৱেসকলৰ মন-হৃদয় সুক্ষ্ম কম্পন সৃষ্টি কৰি হৃদয়ৰ মাজত এক তীব্ৰ বেদনা বিধুৰ অনুভৱৰ কঞ্চাৰ কৰিছে । সেয়ে গল্পকাৰৰ গল্পৰ গদ্য়শৈলীৰ এটি আৰ্হি হিচাপে উল্লেখ কৰা হৈছে- "কেতিয়া সম্পূৰ্ণ সজাগ হ'লো ক'ব নোৱাৰোঁ ।     

৬। কবিতা, গল্পৰ লিখাৰ প্ৰশংসা আৰু প্ৰেৰণা লিখা।

উত্তৰঃ লেখকসকলৰ লেখনি সাফল্য় হোৱাৰ মূলতে লেখনশৈলীৰ মানদণ্ড, বিষয়বস্তুৰ গভীৰতা, উপাদানৰ লগতে সৃষ্টিশীল লেখাৰ লগত সম্পৃক্ত হৈ থাকে প্ৰশংসা আৰু প্ৰেৰণা । লেখকৰ লিখনিক প্ৰশংসা কৰিলে বা অনুপ্ৰেৰণা যোগালে লেখকৰ অন্তৰ-হৃদয়-মনত প্ৰেৰণা জাগ্ৰত হয় । যাৰ ফলত তেওঁ লিখিবলৈ দুগুণ উৎসাহিত হয় । প্ৰশংসাৰ ইতিবাচক দিশটো হৈছে ইয়ে মানুহক পৰৱৰ্তী সৃষ্টিৰ বাবে প্ৰেৰণা যোগায় । পঢুৱৈসকলৰ বা অন্য় লোকৰ প্ৰৰণা যোগায় । পঢুৱৈসকলৰ বা অন্য়লোকৰ প্ৰেৰণাই এদিন কোনোবা লেখকক শ্বেক্সপীয়েৰ, বাইৰণ, টলষ্টয়, ৰবীন্দ্ৰনাথ, লক্ষ্মীনাথ বেজবৰুৱা, কৃষ্ণকান্তৰ সন্দিকৈৰ দৰে লেখক হোৱাত সহায় কৰিব । তাৰোপৰি কাৰোবাৰ প্ৰসংসনীয় শব্দই লেখকৰ সৃষ্টিশীল লেখনিত প্ৰেৰণাৰ শক্তি যোগাব পাৰে ।

    এগৰাকী লেখক হিচাপে বিষয়বস্তুৰ গুণগত মান কেনে পৰ্যায়ৰ সেইটো উপলদ্ধি কৰাটো লেখকৰ বাবে সহজ নহয় । লেখক এজনে নিজৰ বাঞ্জিত লক্ষ্য়ত উপনীত হ'বলৈ যেনে ধৰণৰ বা যি পৰিমাণৰ প্ৰতিভা আৰু প্ৰস্তুতিৰ প্ৰয়োজন, সেইটো তেওঁৰ আহৰণগত অৱস্থাত নাথাকিব পাৰে । কিন্তু এনে কিছুসংখ্য়ক লেখক আছে যে তেওঁলোকৰ মাজত অপৰিসীম প্ৰতিভা আৰু প্ৰস্তুতিৰ সম্ভাৱনা আছে । সেই প্ৰতিভাৰ সম্ভাৱনাক চিনি পাবলৈ দূৰৰ পৰা বা আনৰ জৰিয়তে বা নিজৰ লেখাৰ বুলি নকৈ প্ৰশংসাৰ বাবে পঢুৱৈৰ মাজত প্ৰৱেশ কৰিব লাগে ।




Tags :

  • কবিতা আৰু গল্পৰ আৰ্হি প্ৰস্তুতকৰণ
  • Gauhati University BA 4th Sem Assamese Model Questions Answer
  • GU BA 4th Sem Assamese Model Solution
  • ba 4th sem assamese question paper
  • BA 4th Sem Assamese Skill Enhancement Question Answer
  • ba 4th sem assamese book pdf
  • Gauhati University BA 4th Sem Assamese Questions Answer
  • Gauhati University BA 4th Sem Assamese Skill Questions Answer
  • TDC 4th Semester Assamese Notes
  • BA 4th Semester Assamese SEC