Follow Us:

বীণা কুটীৰ | BA 4th Sem Assamese Model Question Answer | GU 4th Semester Assamese Answer

LearningPointAssam.com

বীণা কুটীৰ BA 4th Sem Assamese Question Answer | Gauhati University BA 4th Sem Assamese Model Questions Answer | GU BA 4th Sem Assamese Model Solution | ba 4th sem assamese question paper | BA 4th Sem Assamese Question Answer | ba 4th sem assamese book pdf

TDC 4th Semester Assamese Notes & Guide to each Unit are provided in the list of UG - CBCS Syllabus. We design all notes according to Guwahati University so that you can easily browse ASM-CC-4016  বীণা কুটীৰ BA 4th Sem Assamese Question Answer and University Guides and Notes here.

BA 4th Sem Assamese Question Answer

BA Assamese Guide covers all the practice questions of Guwahati University syllabus. বীণা কুটীৰঃ BA 4th Semester Assamese Model Question Answer is given here which ensures smooth and easy understanding of all the concepts.  Understand the concepts behind each unit and score well in board exams.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 2 

বীণা কুটীৰঃ  — ALL Important Question & Answers

GU BA 4th Sem Assamese ASM-CC-4016 Questions & Answer :


CONTENTS 

বীণা কুটীৰঃ সৌৰভ কুমাৰ চলিহা 
Model Question and Answer key






প্ৰশ্নাৱলীঃ

BA 4th Sem Assamese বীণা কুটীৰ Notes Here.

তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়াঃ Mark — 1

Q. 1 | সৌৰভ কুমাৰ চলিহা কোন যুগৰ গল্পকাৰ ?

উত্তৰঃ ৰামধেনু যুগৰ ।

Q. 2 | কোনখন আলোচনীৰ জৰিয়তে সৌৰভ কুমাৰ চলিহাই গল্পকাৰ হিচাপে প্রতিষ্ঠা লাভ কৰে ?

উত্তৰঃ ৰামধেনু আলোচনীৰ জৰিয়তে ।

Q. 3 | 'বীণা কুটিৰ’ মালিকগৰাকীৰ নাম কি ?

উত্তৰঃ ভূধৰ গোস্বামী ।

Q. 4 | ‘বীণা কুটিৰ’ নামটো কোনে দিয়া ?

উত্তৰঃ ভাৰাঘৰ বিচাৰি ফুৰা মানুহজনে দিয়া ।

Q. 5 | বীণা কুটিৰ নামটো কিহৰ নামেৰে ৰখা হৈছিল ?

উত্তৰঃ বীণা ফুলৰ গছজোপাৰ নামেৰে ।

Q. 6 | মনোহাৰী বস্তুৰ দোকানখনৰ ছেলছমেনজাৰ বয়স কিমান আছিল?

উত্তৰঃ ২৭/২৮ বছৰ ।

Q. 7 | ভূধৰ গোস্বামীয়ে অধ্যাপনা কৰা বিদ্যালয়খনৰ নাম কি আছিল?

উত্তৰঃ বিষ্ণুৰাম হাইস্কুল ।

Q. 8 | ভূধৰ গোস্বামী কি বিষয়ৰ শিক্ষক আছিল ? 

উত্তৰঃ সংস্কৃত বিষয়ৰ ।

Q. 9 | 'সঞ্জীৱন সমাজ’ৰ গঢ় দিওঁতা কোন ?

উত্তৰঃ ভূধৰ গোস্বামী ।

Q. 10 | ভূধৰ গোস্বামীৰ জোঁৱায়েকৰ নাম কি ?

উত্তৰঃ ভৱানন্দ

Q. 11 | ভূধৰ গোস্বামীয়ে দ্বিতীয় পুত্ৰক কিয় ঘৰৰ পৰা উলিয়াই দিছিল ?

উত্তৰঃ বেলেগ জাতৰ ছোৱালী বিয়া কৰোঁৱা বাবে । 

Q. 12 | ভূধৰ গোস্বামীৰ একমাত্র কন্যা সন্তানটিৰ নাম কি ?

উত্তৰঃ বীণা ।

Q. 13 | সৌৰভ কুমাৰ চলিহাৰ প্ৰকৃত নাম কি ? 

উত্তৰঃ সুৰেন্দ্ৰ নাথ মেধি ।



বীণা কুটীৰ BA 4th Semester Assamese Short Question Answer Here.

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 2

Q. 1 | ‘ বীণা কুটিৰ ’ গল্পটোৰ ঘৰটোৰ মালিকজনৰ নাম কি ? তেওঁ কি কাম কৰিছিল ?

উত্তৰঃ ভূধৰ গোস্বামী । তেওঁ বিষ্ণুৰাম হাইস্কুলত শিক্ষকতা কৰিছিল ।

Q. 2 | ভূধৰ গোস্বামী কি বিষয়ৰ শিক্ষক আছিল আৰু তেওঁ ক'ৰ পৰা উপাধি প্রাপ্ত আছিল ?

উত্তৰঃ ভূধৰ গোস্বামী "সংস্কৃত' বিষয়ৰ" আৰু তেওঁ কাশীৰ পৰা উপাধি প্রাপ্ত আছিল ।

Q. 3 | ‘সঞ্জীৱন সমাজ’ৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ নাম কি ? তেওঁৰ কেইটা সন্তান আছিল ?

উত্তৰঃ ভূধৰ গোস্বামী । তেওঁৰ তিনিটা সন্তান আছিল ।

Q. 4 | মণিহাৰী - মনোহাৰী বস্তুৰ দোকানখনত কি ৰঙৰ গোল ফলক ওলমি আছিল আৰু তাত কি লিখা আছিল ?

উত্তৰঃ ৰঙা ৰঙৰ । তাত ‘ক’কা কলা খাওক' বুলি লিখা আছিল ।

Q. 5 | ভূধৰ গোস্বামীয়ে কাক আৰু বিহুৰ বাবে ঘৰৰ পৰা উলিয়াই দিছিল ?

উত্তৰঃ সৰু পুতেকক, মুছলমান ছোৱালী এজনী বিয়া কৰোৱা বাবে ঘৰৰ পৰা উলিয়াই দিছিল । 

Q. 6 | ৰেহানা কোন?

উত্তৰঃ ৰেহানা, ভূধৰ গোস্বামীৰ বোৱাৰী । ৰেহানা বেলেগ ধৰ্মৰ হোৱা বাবে ভূধৰ গোস্বামীয়ে সৰু পুতেকক ত্যাজ্য পুত্ৰ কৰিছিল ।

Q. 7 | সৌৰভ কুমাৰ চলিহাই কেতিয়া, কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ? 

উত্তৰঃ ১৯৭৪ চনত, ‘গোলাম' গ্ৰন্থৰ বাবে ।

Q. 8 | সৌৰভ কুমাৰ চলিহাৰ দুখন গল্প পুথিৰ নাম লিখা ।

উত্তৰঃ অশান্ত ইলেকট্রন, এহাত ডাবা ।

Q. 9 | ৰামধেনুৰ চুটিগল্প প্রতিযোগিতাত সৌৰভ কুমাৰ চলিহাৰ কোনটো গল্পই প্রথম স্থান লাভ কৰিছিল ? কিমান চনত তেওঁ অসম উপত্যকা বঁটা লাভ কৰে ?

উত্তৰঃ অশান্ত ইলেকট্রন নামৰ গল্পটোৱে ।

      ১৯৯৫ চনত অসম উপত্যকা বঁটা লাভ কৰে ।

Q. 10 | সৌৰভ কুমাৰ চলিহাৰ নাটক দুখনৰ নাম লিখা ।

উত্তৰঃ অৱৰুদ্ধ চহৰ, মৰুদ্যান ।



বীণা কুটীৰ BA 4th Sem Assamese Short Question Answer Here.

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 5

Q. 1 | সৌৰভ কুমাৰ চলিহাৰ গল্পৰ উমৈহতীয়া বৈশিষ্ট্যসমূহ আলোচনা কৰা ৷ 

উত্তৰঃ ( ক ) চলিহাৰ গল্পসমূহ ঘাইকৈ নগৰকেন্দ্ৰিক আৰু সেইবোৰত প্ৰায়ে সাধাৰণ মধ্যবিত্তীয় মানুহৰ হতাশাগ্রস্ততাৰ , সমস্যাৰ পৰা পলায়ন আৰু সুবিধা গ্ৰহণৰ ছবি দেখিবলৈ পোৱা যায় ।

( খ ) চলিহাৰ গল্পত সত্তাৰ বিভাজন আধুনিক জীৱনত কোনো কালে শেষ নহ'ব । আধুনিক জীৱনত এইখিনিয়ে প্রশান্তি আনি দিব পাৰে । 

( গ ) চলিহাই তেওঁৰ গল্পৰ মাজেদি কোনো ধৰণৰ আশাবাদ সম্পূৰ্ণকৈ ফুটাই তুলিব খোজা নাই । তেওঁৰ লক্ষ্য মাথোঁ চৰিত্ৰৰ আৰু অৱস্থাৰ ৰূপ উদ্ঘাটন কৰাহে ।

( ঘ ) মধ্যবিত্তীয় মানুহখিনিৰ সুবিধাবাদ , উপযোগিতাবাদ আৰু পলায়নবাদ তেওঁ গল্পৰ মাজেদি উদঙাই দেখুৱাইছে ।

( ঙ ) তেওঁৰ গল্পত আধুনিকতাবাদ এৰি উত্তৰ আধুনিকতাবাদলৈ যোৱাৰ চানেকী পোৱা যায় । 

( চ ) চলিহাৰ ভাষা সাধাৰণভাৱে চৰিত্ৰ আৰু প্রেক্ষাপট নিৰ্ভৰ । তেওঁৰ কথনভংগী চৰিত্ৰৰ মনোৱস্থা প্রকাশক ।

Q. 2 | ভাৰা ঘৰ বিচৰা মানুহজনৰ আগত ছেলছমেনজনে ‘বীণা কুটিৰ’ সম্পৰ্কে দাঙি ধৰা ভাষ্যখিনি তোমাৰ ভাষাৰে লিখা ।

উত্তৰঃ ভাৰাঘৰ বিচৰা মানুহজনে ‘ বীণা কুটিৰ’ৰ ওচৰত থকা দোকানখনৰ কাষ চাপিছিল । দোকানখনৰ ২৭/২৮ বছৰীয়া ডেকা ছেলছমেনজনে ভাৰাঘৰ বিচৰা মানুহজনক কৈছিল যে ঘৰটোৰ গৰাকী আছিল বিষ্ণুৰাম হাইস্কুল শিক্ষক ভূধৰ শৰ্মা । তেওঁ সংস্কৃতৰ মাষ্টৰ, কাশীৰ পৰা উপাধি প্রাপ্ত । তেওঁ ‘সঞ্জীৱন সমাজ’ৰ গঢ় দিওঁতা, প্রতিষ্ঠাপক সভাপতি ।

     গল্পটিৰ জৰিয়তে ঘৰটোক কেন্দ্ৰ কৰি বহু কাহিনীৰ সৃষ্টি হৈছে । হেডমাষ্টাৰৰ দুই পুত্ৰক গল্পকাৰে উচ্চ মন আৰু আধ্যাত্মিক কৰি তুলিছে । ছেলছমেন ডেকাজনৰ মতে , ‘প্রথম পুত্ৰ প্ৰফেছাৰ’ । ‘ ধুতী - চাদৰ পিন্ধা প্ৰফেছাৰ তেতিয়াৰ দিনৰ । কেতিয়াবা কিবা ভাবি লখনত পায়চাৰী কৰি থাকে ।’ দ্বিতীয় পুত্র চিকিৎসক আৰু মুক্ত চিন্তাধাৰাৰ । তেওঁ আন জাতৰ ছোৱালীৰ পাণি গ্ৰহণ কৰাৰ বাবে পিতৃৰ লগত সংঘাত লাগি ঘৰ এৰিছে । পিতৃয়ে তেওঁক ত্যাজ্য পুত্ৰ কৰিছে ।

     ‎হেডমাষ্টৰৰ জ্ঞানান্বেষী প্ৰফেছাৰ পুত্ৰই ঘৰটোত ছপাশাল এটা স্থাপন কৰিব খোজে কিয়নো তেওঁ ছাত্ৰ - ছাত্ৰীৰ বাবে লিখা সহায়িকাৰ বজাৰত বেছ চাহিদা আছে । প্রকাশকক ছপাবলৈ দিয়াতকৈ নিজে ছপালে বেছি লাভ হয় । চিকিৎসক পুত্ৰজনে আকৌ পিতৃ গৃহটো ভাঙি আৰ . চি . চি . বিল্ডিং সাজিব বিচাৰে । তলৰ তলাত তেওঁ ৰোগী চোৱাৰ দিহা কৰিব আৰু ওপৰৰ মহলা ভাৰা দিলে দুপইচা আহিব । দুই ভাতৃৰ মাজত ইয়াকে লৈ কাজিয়া । এয়া আছিল ঘৰভাৰা বিচাৰি যোৱা মানুহজনৰ আগত ছেলছমেনজনৰ ভাষ্য ।

Q. 3 | চেতনা - স্ৰোত ৰীতিত ৰচিত সম্পৰ্কে এটা টোকা লিখা ।

উত্তৰঃ চেতনা - স্রোত পদ্ধতি অসমীয়া সাহিত্য বা ভাৰতীয় সাহিত্যৰ নিজস্ব বস্তু নহয় ; ই প্ৰকৃতাৰ্থত পাশ্চাত্য সাহিত্যৰ অৱদান । জেইমছ জয়েছ , মাৰ্ছেল প্রুস্ত , ড্ৰৰথি ৰিচাৰ্ডছন আদি লেখকে কুৰি শতিকাৰ দ্বিতীয় দশকত মানুহৰ মনক অস্তিৰতাই খেদি ফুৰা এটা কৌশল উদ্ভাৱন কৰে আৰু এই কৌশলটোকেই চেতনা - স্রোত পদ্ধতি বুলি কোৱা হয় ।

     আধুনিক যুগৰ চুটিগল্প বা অন্যান্য সাহিত্যত চেতনা - স্রোত বা চেতনা প্রবাহ পদ্ধতিৰ আংগিক এক পাশ্চাত্য প্ৰভাৱযুক্ত নতুন আংগিক । আধুনিক মনস্তত্ব অধ্যয়ন আৰু অৱচেতন মনৰ গভীৰতালৈ সোমাবৰ বাবে কৰা প্ৰচেষ্টাত ইয়াৰ জন্ম ।

     ‎চেতনা - স্ৰোত পদ্ধতিৰ দুটা উল্লেখনীয় দিশ হৈছে ইন্‌টেৰিয়’ৰ ম'নোলগ ( Interior Monologue ) আৰু ফ্রি ইনডাইৰেক্ট ডিচক চ ( Free Indirect discoures ) । ইয়াত কাহিনী কওঁতা অনুপস্থিত ; থাকে মাথোন মানসিক ক্রিয়া - প্রতিক্ৰিয়াৰ আৰু ভাৱনাৰ এক অবিচ্ছিন্ন প্রবাহ ।

     ‎চেতনা - স্ৰোত ৰীতিত ৰচিত গল্প , উপন্যাস আদিত অতীত স্মৃতিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায় ; কিন্তু তাত স্মৃতি কেৱল অতীতৰ স্মৃতি হৈয়েই নাথাকে ; সি বর্তমান আৰু ভৱিষ্যতৰে সৈতে একাকাৰ হৈ পৰে । এই শ্ৰেণীৰ গল্প সাহিত্যত ব্যৱহাৰ কৰা ভাষা সাধাৰণতে অনুভূতিসিক্ত , ব্যঞ্জনাধর্মী আৰু কেতিয়াবা কেতিয়াবা কাব্যিক হৈ পৰে ।

Q. 4 | ‘বীণা কুটিৰ’ গল্পটোৰ নামকৰণৰ সাৰ্থকতা সম্পৰ্কে এটি টোকা লিখা ।

উত্তৰঃ সৌৰভ কুমাৰ চলিহাৰ ‘বীণা কুটিৰ’ এটি উল্লেখযোগ্য গল্প । গল্পটোৰ নামকৰণ অতি অর্থবহ ৷ ‘ বীণা কুটিৰ ’ বুলি ঘৰৰ কোনো অস্তিত্ব নাই যদিও গল্পটোত কওঁতাগৰাকীয়ে উপস্থাপিত কৰা ঘৰটোৰ নামকৰণ কৰিছে ‘ বীণা কুটিৰ ’ । ঘৰটোক সৌন্দৰ্য আৰু শান্তিৰ আলয়ৰূপে প্ৰতিষ্ঠা কৰাত এই নামটোৱে ব্যঞ্জনা প্ৰদান কৰিছে । প্রধান শিক্ষকগৰাকীৰ দুই পুত্ৰ আৰু জীয়েকৰ চৰিত্ৰটোও ঘৰটোৰ সুন্দৰতাৰ লগত ৰিজাই উপস্থাপন কৰিছে । বর্তমান সময়ত যান্ত্রিক সভ্যতাৰ মাজত তেনে শান্তি আৰু স্বাধীনতা কল্পনা স্বৰূপ । তিনিটা ডাঙৰ আৰু দুটা সৰু সৰু কোঠাৰ এটা ঘৰ । আগৰফালে লনখন আৰু পিছফালেও খোলা ঠাইৰে পৰিপূৰ্ণ এটা বৃহৎ ঘৰ । ঘৰটোৰ ক'তো নামৰ ফলক চকুত নপৰে , কিন্তু ‘ বীণা কুটিৰ’ৰ বাহিৰে তাৰ আৰু কি নাম হ’ব পাৰে ? বৰ্তমান যান্ত্ৰিকতাৰ পৰা আঁতৰত থকা শান্তিৰ কথা গল্পটোত দিবলৈ যত্ন কৰিছে । সেইফালৰ পৰা গল্পটোৰ নামকৰণ অতি তাৎপর্যপূর্ণ ।




বীণা কুটীৰ BA 4th Sem Assamese Board Question Answer Here.

১০ নম্বৰৰ আৰ্হি প্ৰশ্ন আৰু উত্তৰ :

Q. 1 | সৌৰভ কুমাৰ চলিহাৰ গল্পৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা ।

উত্তৰঃ ৰামধেনু আলোচনীৰ যোগেদি প্ৰতিষ্ঠা লাভ কৰা সৌৰভ কুমাৰ চলিহাই অসমীয়া গল্প সাহিত্যলৈ এক অভিনৱ ধাৰা আদৰি আনে । তেওঁৰ গল্পৰ মাজত চেতনা - স্রোত ৰীতি , অস্তিত্ববাদী চিন্তাৰ প্ৰতিফলন দেখা যায় ।

     চলিহাৰ গল্পৰাজিৰ কিছুমান স্বকীয় বৈশিষ্ট্য দেখিবলৈ পোৱা যায় । বৈজ্ঞানিক চিন্তাৰে জীৱন আৰু জগতক বিশ্লেষণ কৰাৰ প্ৰয়াস সৌৰভ কুমাৰ চলিহাৰ প্ৰায়বোৰ গল্পত দেখা যায় । উদাহৰণ স্বৰূপে , ‘ অশান্ত ইলেক্ট্রন ’ গল্পটোৰ কথাকে ক'ব পাৰি । ইয়াত সমাজৰ , দেশৰ সমস্যা সকলোকে বৈজ্ঞানিক বিশ্লেষণেৰে দাঙি ধৰিছে ।

     চলিহাৰ গল্পৰ আন এক বৈশিষ্ট্য হ’ল আধুনিক যান্ত্রিক যুগে ব্যক্তিক কেনেকৈ ব্যক্তিকেন্দ্রিক কৰি তোলে ৷ ‘ বীণা কুটিৰ ’ গল্পত এই ধাৰণাকেই সুন্দৰভাৱে প্ৰকাশ কৰিছে চেতনা প্ৰবাহৰ যোগেদি । ‘ চেলুন ’ গল্পটোত ফ্ৰয়ডীয় ধাৰণা কলাত্মক ৰূপত ফুটি ওলাইছে । ' এহাত ডাবা ' গল্পত ছুৰিয়েলিজিমৰ ধাৰণা প্ৰকাশ পাইছে ।

     ‎তেওঁৰ গল্পত এনে বিবিধ ভাবধাৰাৰ প্ৰকাশ দেখিবলৈ পোৱা গ’লেও মূলতঃ তেওঁ এজন মৌলিক চিন্তাৰ লেখক । আন বহুতৰ দৰে তেওঁ এই তত্ত্ববোৰকে যথাযথভাৱে গল্পত প্ৰয়োগ কৰা নাই । তাৰ মাজত তেওঁ শিল্পৰূপৰ উন্মেষ ঘটাইছে । কাব্যিকতা তেওঁৰ গল্পৰ আন এক বৈশিষ্ট্য যিয়ে তেওঁৰ গল্পক জটিলতাৰ মাজতো কলাত্মক সৌন্দৰ্যৰে মূৰ্ত কৰি তুলিছে । চলিহাৰ ভাষা প্রয়োগৰ দক্ষতা মন কৰিবলগীয়া । তেওঁ ঠাই বিশেষে কথিত ভাষা বা শব্দকো ব্যঞ্জনাময়ভাৱে ব্যৱহাৰ কৰিব পাৰে । ‘ হাঁহিচম্পা ’ গল্পত গ্ৰাম্য কথিত ভাষাৰ সুন্দৰ প্ৰয়োগেৰে এজনী ছোৱালীৰ প্ৰেমৰ চিত্ৰ দাঙি ধৰিছে ।

     ‎সুতীক্ষ্ণ ব্যংগ আৰু শ্লেষ প্রয়োগতো তেওঁ সিদ্ধহস্ত । এই ক্ষেত্ৰত তেওঁৰ ‘ গোলাম ’ গল্পটো এক উৎকৃষ্ট সৃষ্টি । নান্দনিক সৌন্দর্য অক্ষুণ্ণ ৰাখি বৌদ্ধিক দৃষ্টিভংগী তেওঁৰ গল্পত ঠাই পোৱাত সেইবোৰ বিশেষত্ব মণ্ডিত হৈ পৰিছে ।

     বিষয়বস্তুৰ প্ৰকাশভংগীৰ দৰে সৌৰভ কুমাৰ চলিহাৰ গল্পত প্রয়োগ কৰা ভাষাও বৈশিষ্ট্যপূর্ণ । তেওঁৰ গল্পত আমি দৈনন্দিন জীৱনত ব্যৱহাৰিক আদান - প্রদানত সচৰাচৰ প্ৰয়োগ হোৱা কঠিত ভাষাৰ ৰূপ দেখা পাওঁ । বিশেষকৈ তেওঁৰ নগৰকেন্দ্ৰিক চৰিত্ৰসমূহৰ মুখত দিয়া ভাষাত সেই বিশিষ্ট কথ্য ৰূপ প্ৰতিভাত হয় ।

     ‎সমসাময়িক অন্যান্য গল্পকাৰৰ দৰে এই গৰাকী গল্পকাৰো নাৰীৰ মনোজগতত ক্রিয়াশীল বিচিত্র অনুভূতিৰ প্ৰতি সহানুভূতিশীল । তেওঁৰ কোনো কোনো গল্পত নগৰীয়া জীৱনৰ দোষ - ত্রুটি আৰু অন্তঃসাৰশূন্য চিন্তা ফুটি উঠা পৰিলক্ষিত হয় । সেই চিন্তাত ৰক্ষণশীল সমাজখনৰ মানসিকতাৰ বিশেষ পৰিৱৰ্তন ঘটা নাই । তেওঁৰ ‘ দুপৰীয়া ’ শীর্ষক গল্পটোত সন্তাৰ ধাৰণ কৰি স্বামীক পিতৃত্বৰ সুখ প্ৰদান কৰিব নোৱাৰা এগৰাকী হতাশাগ্রস্ত নাৰীৰ নিঃসঙ্গতা আৰু মনোবেদনা প্রকাশ পাইছে । গল্পটোৰ ক’তো নাৰীগৰাকীয়ে প্ৰত্যক্ষভাৱে নিজৰ দুখ - হতাশাৰ কথা ব্যক্ত কৰা নাই । কিন্তু তেওঁৰ সংস্পৰ্শলৈ অহা বিভিন্নজন ব্যক্তিৰ মুখেদি তেওঁৰ জীৱন কাহিনীৰ পৃষ্ঠাবোৰ এখিলা এখিলাকৈ উন্মোচিত হৈছে । চলিহাই গল্প কথনৰ আকৰ্ষণীয় শৈলীৰ এই বিশেষ গল্পটোত নাৰীৰ জীৱনৰ বহুতো অকথিত দুখ কলাত্মক ৰূপত জীৱন্ত কৰি তুলিছে । ‘ 

Q. 2 | বীণা কুটিৰ ’ গল্পটোৰ বিষয়বস্তুৰ সামগ্ৰীক আলোচনা এটা আগবঢ়োৱা ।

উত্তৰঃ ‘বাণী কুটিৰ’ সৌৰভ কুমাৰ চলিহা তথা অসমীয়া সাহিত্যৰ এটা উচ্চ মানবিশিষ্ট গল্প । গল্পটোৰ কাহিনী বুলিবলৈ বিশেষ একো নাই , ই কিছুমান বিক্ষিপ্ত চিন্তাৰ সমষ্টি । লগতে ইয়াত সন্নিবিষ্ট হৈছে কাহিনী কওঁতাৰ অন্তখন । এইবোৰৰ মাজতো সংলগ্নতা নাই । কিন্তু এক চিন্তাৰ সূত্রই সকলোকে বান্ধি পেলোৱাৰ বাবে তাৰ পৰা এটা সুন্দৰ ঘটনা গঠিত হৈছে । পণ্ডিত পিতৃৰ দুই পুত্ৰৰ বিষয় সর্বস্বতাৰ পৰিণতিত ‘ বীণা কুটিৰ’ৰ দৰে এটা পৱিত্ৰ স্মৃতিৰে ভৰা ঘৰ পৰিত্যক্ত হৈ পৰি আছে । আসাম টাইপৰ এই ঘৰটোৱে যান্ত্ৰিক যুগৰ অবক্ষয় গ্ৰস্ততাৰ বিপৰীত বিন্দুত থিয় দি থাকি সনাতন প্ৰমূল্যৰ বচাই ৰাখিব খুজিছে । কিন্তু এই ক্ষেত্ৰত দুই উদাসীন পুত্ৰৰ বাবে ‘ বীণা কুটিৰ'ৰ পৰা প্ৰশান্তি অন্তর্হিত হৈছে । এই ‘বীণা কুটিৰ’ৰ চৰিত্ৰবোৰো প্ৰথম দৃষ্টিত আদৰ্শনীয় চৰিত্ৰ । শিক্ষক পুতেক - জীয়েক হিচাপে আদর্শবান চৰিত্ৰ হিচাপে গল্পকাৰে কল্পনা করি লৈছে । মাষ্টৰৰ প্ৰথমজন পুতেকৰ নামটোও তেওঁ নিজে দি লৈছে । এজন আদর্শবান অধ্যাপক । তেওঁ ঘৰটো ভাৰা দিয়াৰ পক্ষপতী নহয় কাৰণ তেওঁৰ ইচ্ছা হ’ল— ‘ পাৰিলে পিতাৰ নামত এই ঘৰটোত এটা লাইব্ৰেৰী টাইব্ৰেৰী কৰি দিব লাগিব ।” 

       জীয়েক আৰু জোঁৱায়েকো পিতাকৰ প্ৰতি সচেতন ৷ ‘ বীণা কুটিৰ'ৰ যোগেদি পিতৃৰ স্মৃতিক সজীৱ কৰি ৰখাৰ তেওঁলোকৰো কল্পনা । পিতাকে জীয়েক - জোঁৱায়েককে ঘৰটো লেখি দিয়াৰ কথা চিন্তা কৰিছিল । পিতাকে ঘৰটো ভাৰালৈ দিয়াৰ কথা চিন্তা কৰা নাছিল । সেই কথাকে মনত পেলাই তেওঁৰ ছোৱালীজনীয়ে কৈছে— “ পিতাই যে কৈছে তহঁতে নিজে থাক , ভাৰা দিয় , কি কৰ কৰিবি । ' ভবানন্দ আৰু বীণাৰ প্ৰেমৰ দৃশ্যবোৰো তেওঁৰ মনৰ মাজত আপোনা - আপুনি উদ্ভাসিত হৈ উঠিছে । 

       ‎শিক্ষকজনৰ সৰু পুত্ৰ ডাক্তৰ হৈ মুছলমান ছোৱালী বিয়া কৰাই ঘৰৰ পৰা ত্যাজ্য পুত্ৰ হৈ ওলাই গৈছিল । পিছে মাষ্টৰে মৃত্যুৰ আগে আগে সেই ত্যাজ্য পুত্ৰৰ নামতে ঘৰ - সম্পত্তি সকলো উইল কৰি দিয়া আৰু তাৰ বাবে ডাক্তৰৰ মনৰ মাজত সৃষ্টি হোৱা ভাবৰাশি গল্পকাৰৰ স্বকল্পিত । ডাক্তৰে পিতৃৰ এই কাৰ্যৰ কাৰণে অভিভূত হৈ কেছে – - ‘ বুজিছা , পিতাই এই উইল কৰি অৱশেষত তেওঁৰ ত্যাজ্য পুত্ৰক ঘৰলৈ মাতিলে , বুজিছো , বুজি মোৰ চকুপানী ওলাব খুজিছে । ' কিন্তু অৱশেষত দেখা গ'ল এই চৰিত্ৰবোৰ সম্পূৰ্ণ ওলোটা । বাস্তৱৰ পটভূমিত বিচাৰ কৰিলে এইকেইটা আজিৰ যুগৰ স্বাৰ্থপৰতাৰ দ্বাৰা পীড়িত ব্যক্তি । সেয়ে দুই ভায়েকৰ মাজত ঘৰৰ স্বত্ব লৈ মোকদমা চলি আছে । এনে কলা - কৌশলপূর্ণ বিশিষ্ট গল্প অসমীয়া সাহিত্যত বিৰল ।

Q. 3 | ‘বীণা কুটিৰ’ গল্পটোৰ বিশেষত্ব সম্পর্কে এটি আলোচনা আগবঢ়োৱা ।

উত্তৰঃ ‘বীণা কুটিৰ ’ সৌৰভ কুমাৰ চলিহাৰ এটি উল্লেখযোগ্য গল্প । অসমীয়া সাহিত্যটো এই গল্পটোৱে শ্রেষ্ঠ গল্পৰ স্থান অর্জন কৰিবলৈ সক্ষম হৈছে , গল্পটোৱে শ্রেষ্ঠত্ব অর্জন কৰাৰ মূলতে হ’ল ইয়াৰ ব্যতিক্রম ধৰ্মিতা । গল্পটোত এটা পৰম্পৰাগত কাহিনী বিষয়বস্তু তথা বর্ণনা ৰীতিলৈ এক অভিনৱত্ব অনা হৈছে । সেই ফালৰ পৰা ইয়াক ব্যতিক্রমধর্মী বুলি কোৱা হৈছে ।

       গল্পটোৰ কাহিনীভাগ এটা পৰিয়ালক কেন্দ্ৰ কৰি গঢ়ি উঠা । এই পৰিয়ালটোৰ মূল ব্যক্তি হ’ল এজন অধ্যয়নশীল শিক্ষক যিয়ে গোটেই জীৱন জ্ঞান অৰ্জনৰ কাৰণে সকলো ত্যাগ কৰিছিল । তেওঁৰ দুই পুত্ৰ আৰু কন্যা তথা জোঁৱায়েক আটায়ে সেই শিক্ষকৰ স্মৃতি জীয়াই ৰাখিবলৈ তৎপৰ । তেওঁলোক প্ৰত্যেকৰে চিন্তা যিকোনো উপায়ে পিতাকৰ স্মৃতিৰ ফলক স্বৰূপে ৰাখিব এই ‘ বীণা কুটিৰ’ক । অধ্যাপকৰ ডাঙৰগৰাকী পুত্র অধ্যাপক । তেওঁ পিতাকৰ স্মৃতি ৰক্ষার্থে ‘ বীণা কুটিৰ'ক এটা পুথি ভঁৰাললৈ ৰূপান্তৰিত কৰিব খোজে । সেয়ে তেওঁ কাৰো সেই ঘৰটো ভাৰালৈ নিদিয়া ঠিক কৰিছে । দ্বিতীয় পুত্ৰক তেওঁ ত্যাজ্য পুত্ৰ কৰিছিল যদিও দ্বিতীয় পুত্ৰৰ নামতে সেই ঘৰটো উইল কৰি দিয়ে । সিও পিতৃৰ স্মৃতি ৰক্ষাৰ কাৰণে তৎপৰ । জোঁৱায়েকেও ‘ বীণা কুটিৰ’ক ভালদৰে মেইনণ্টেইন কৰি শহুৰেকৰ প্ৰতি শ্রদ্ধা প্ৰদৰ্শন কৰিবলৈ তৎপৰ ৷ 

        কিন্তু এই গোটেইখিনি কথা গল্প কথকৰ নিজৰ মনৰ ধাৰণাহে । এজন আদর্শবান শিক্ষকৰ পুত্ৰ বা আত্মীয়ৰ মনত এই মহৎ চিন্তাৰ উদয় হোৱাটোৱেই কাম্য আৰু গল্প কওঁতাই তাকেই ধাৰণা কৰি লৈছিল কিন্তু কাৰ্যত দেখা গ'ল তাৰ ওলোটাটো । গল্পৰ শেষত গম পোৱা গ'ল যে দুই ভাতৃৰ মাজত ঘৰটোৰ স্বত্বলৈ মোকদমা চলি আছে । ঘৰটো সেয়ে এনেয়ে পৰি আছে । কোনে পায়গৈ কেছ শেষ হ'লেহে বুজা যাব । গল্পটোৰ বিশেষত্ব এইখিনিতে । আগতে বৰ্ণনা কৰা কাহিনীটো যে এটা কল্পনাপ্রসূত কাহিনীহে আছিল তাক গল্পটোৰ শেষত প্রতিপন্ন কৰি বাস্তৱৰ সৈতে পাঠকক লেখকে মুখামুখি কৰাইছে । সেইফালৰ পৰাই পৰম্পৰাগত এটা কাহিনীৰ পৰাই ফালৰি কাটি আহিছে ।

        ‎গল্পটোৰ বৰ্ণনাৰীতিও ব্যতিক্রমধর্মী । চেতনা প্রবাহ ৰীতিয়ে গল্পটোৰ বৰ্ণনাভঙ্গীক অভিনৱত্ব দান কৰিছে । চেতনাৰ বিভিন্ন প্ৰবাহৰ টুকুৰা ভাহি আহিছে আৰু ইয়াৰ ফলত গল্পটোৰ বৰ্ণনা বিচ্ছিন্ন হৈ পৰিছে ।  গল্পটোক অভিব্যক্তিবাদৰ এক প্ৰকাশ বুলি ক'ব পাৰি । এজনৰ মনৰ মাজেৰে প্ৰবাহিত হোৱা বিভিন্ন চিন্তাধাৰা গল্পটোৰ মাজত প্ৰকাশ পোৱাত ই অভিব্যক্তিবাদী ধাৰাৰ গল্প হৈ পৰিছে জগতৰ বাস্তৱ ৰূপক ফুটাই তোলা ইয়াৰ লক্ষ্য নহয় । শিল্পীৰ অন্তলোকৰ অভিজ্ঞতাক অবাটে ব্যক্ত কৰাই আছিল অভিজ্ঞতাবাদীসকলৰ লক্ষ্য । অনুভূতিৰ প্ৰকাশ মাধ্য স্বৰূপে তেওঁলোকে বিভিন্ন প্রতীকৰ ব্যৱহাৰ কৰে । সৌৰভ কুমাৰ চলিহাই আধুনিক সূত্রসমূহ সজ্ঞানে প্রয়োগ কৰি গল্পক দুর্বোধ্য কৰি নোতোলে । আধুনিক চিন্তাৰ দুই এটা ৰূপ তেওঁৰ গল্পত দৃষ্টিগোচৰ হয় । সেয়ে তেওঁ আধুনিক লেখক হিচাপে সাহিত্যক কলাসন্মত ৰূপ দান কৰিছে । গল্পকাৰ হিচাপে চলিহাৰ এয়াই অন্যান্য বৈশিষ্ট্য ।






Tags :

  • বীণা কুটীৰ BA 4th Semester Assamese 
  • BA 4th Sem Assamese Model Question Answer
  • GU 4th Semester Assamese Answer
  • BA 4th Sem Assamese Question Answer
  • Gauhati University BA 4th Sem Assamese Model Questions Answer
  • GU BA 4th Sem Assamese Model Solution
  • ba 4th sem assamese question paper
  • BA 4th Sem Assamese Question Answer
  • ba 4th sem assamese book pdf