Follow Us:

পৰিৱেশ প্ৰদূষণ BA 2nd Semester Environmental Studies Solution | EVS 2nd Semester Notes

LearningPointAssam.com

পৰিৱেশ প্ৰদূষণ | Gauhati University BA 2nd Semester Environmental Studies Model Questions Answer| GU BA 2nd Semester Environmental Studies Model Solution | BA 2nd Semester Environmental Studies Question Paper | BA 2nd Semester Environmental Studies Question Answer | BA 2nd Semester Environmental Studies book pdf

পৰিৱেশ অধ্যয়ন BA 2nd Semester Notes & Guide Available here, BA 2nd Sem EVS পৰিৱেশ প্ৰদূষণ (Environmental Pollution) Model Solution to each Unit are provided in the list of UG - CBCS Syllabus. We design all notes according to Guwahati University Syllabus so that you can easily browse through পৰিৱেশ প্ৰদূষণ BA 2nd Semester Environmental Studies Question Answer and University Guides and Notes here. EVS 2nd Semester পৰিৱেশ প্ৰদূষণ Question Answer Can be very useful to excel in examinations.

BA 2nd Semester Environmental Studies Solution

BA 2nd Sem Environmental Studies Notes পৰিৱেশ প্ৰদূষণ, পৰিৱেশ অধ্যয়ন ba 2nd semester model book notes covers all the practice questions of Guwahati University syllabus. পৰিৱেশ প্ৰদূষণ BA 2nd Semester Environmental Studies Question Answer is given here which ensures smooth and easy understanding of all the concepts.  Understand the concepts behind each unit and score well in board exams.

Read this page for latest information about GU BA 2nd Sem Environmental Studies Suggestion and Notes Assamese Medium 2023.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 5 

পৰিৱেশ প্ৰদূষণ — ALL Important Question & Answers

GU BA 2nd Sem Environmental Studies (Regular Course)  ENV-AE-2014 Questions & Answer :


CONTENTS 

পৰিৱেশ প্ৰদূষণ
(Environmental Pollution)
Model Question and Answer key






প্ৰশ্নাৱলীঃ

পৰিৱেশ প্ৰদূষণ BA 2nd Semester Environmental Studies Question Answer

তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়াঃ Mark — 1

Q. 1 | পৃথিৱীৰ উল্লেখযোগ্য সভ্যতা দুবিধৰ নাম লিখা ।

উত্তৰঃ নীল নদীৰ সভ্যতা আৰু মিচৰীয়া সভ্যতা । 

Q. 2 | পৰিবেশৰ অৱক্ষয় কি কি কাৰণত হয় ? 

উত্তৰঃ প্রাকৃতিক কাৰণ আৰু আনটো মানৱ সৃষ্ট কাৰণত ।

Q. 3 | পৰ্বতৰ শিল ভাঙিবলৈ কি বিস্ফোৰক ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ ডিনামাইট ।

Q. 4 | ১৮৫০ চনত পৃথিৱীৰ জনসংখ্যা কিমান আছিল ?

উত্তৰঃ এক বিলিয়ন ।

Q. 5 | বৰ্তমান ভাৰতৰ জনসংখ্যা কিমান ?

উত্তৰঃ এশ দহ কোটি ।

Q. 6 | অসমৰ অভয়াৰণ্য দুখনৰ নাম লিখা ।

উত্তৰঃ কাজিৰঙা আৰু মানাহ ?

Q. 7 | দুবিধ খনিজ সম্পদৰ নাম লিখা ।

উত্তৰঃ পেট্ৰ'লিয়াম আৰু কয়লা ।

Q. 8 | ১৯৫০ চনত ক’ত ‘স্মগ’ সৃষ্টি হৈছিল ?

উত্তৰঃ লণ্ডনৰ শিল্প প্রধান অঞ্চলত ।

Q. 9 | ভাৰতৰ ক'ত ক’ত স্মগৰ সৃষ্টি হৈছে ?

উত্তৰঃ কলকাতা আৰু মুম্বাইত ।

Q. 10 | অ'জন বিন্ধা কি ?

উত্তৰঃ ক্ল’ৰিণ অণুৱে অ’জন অণু ভাঙি দিয়াৰ ফলত অ'জন স্তৰত সূক্ষ্ম সূক্ষ্ম ছিদ্র হয় । এনে ছিদ্ৰক অ’জন বিন্ধা বোলে ।

Q. 11 | কোন চনত ষ্টকহমত বিশ্ব পৰিবেশ সন্মিলন অনুষ্ঠিত হৈছিল ?

উত্তৰঃ ১৯৭২ চনত ।

Q. 12 | প্ৰদূষণৰ প্ৰধান ভাগ কেইটা আৰু কি কি ?

উত্তৰঃ প্ৰদূষণৰ প্ৰধান ভাগ চাৰিটা । ( i ) বায়ু প্ৰদূষণ, ( ii ) জল প্রদূষণ, ( iii ) স্থল প্ৰদূষণ, ( iv ) শব্দ প্ৰদূষণ ।

Q. 13 | জাপানৰ টকিঅ' মহানগৰীত কোন চনত এছিড বৰষুণ হৈছিল ?

উত্তৰঃ ১৯৪৭ চনত ।

Q. 14 | এছিড বৰষুণৰ ফলত কি হয় ?

উত্তৰঃ পানী আৰু মাটি প্ৰদূষিত হয় ।

Q. 15 | বায়ুত কার্বন মন’ক্সাইডৰ পৰিমাণ কিমান ?

উত্তৰঃ 0.1 নিযুতাংশ ।

Q. 16 | কাৰ্বন মন’ক্সাইডে মানুহৰ তেজত থকা হিম’গ্লবিনৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে ?

উত্তৰঃ কার্বক্সি হিম’গ্লবিন উৎপন্ন কৰে ।

Q. 17 | দীপৰ বিল ক'ত অৱস্থিত ?

উত্তৰঃ দীপৰ বিল অসমৰ মুখ্য চহৰ গুৱাহাটীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত ।

Q. 18 | দীপৰ বিলখন কেইখন গাওঁৰ জনজীৱনৰ জীৱিকাৰ সৈতে জড়িত হৈ আছে ?

উত্তৰঃ ১৪ খন ।

Q. 19 | দীপৰ বিলখনে কেতিয়া ৰামচৰণ জলাশয় ৰূপে স্বীকৃতি পাইছিল ?

উত্তৰঃ ১৯ আগষ্ট ২০০২ চনত ।

Q. 20 | গুৱাহাটী চহৰৰ আৱৰ্জনা গ্ৰহণ কৰা মুখ্য নদী কোনখন ?

উত্তৰঃ ভৰলু নদী ।

Q. 21 | ভৰলু নদীখনে কেনেদৰে ব্ৰহ্মপুত্ৰ নদীত পৰিছে ?

উত্তৰঃ ভৰলু নদীখনে প্ৰথমে পূব দিশে বৈ পিছত ডত্তৰ দিশে বৈ গৈ ব্ৰহ্মপুত্ৰ নদীত পৰিছে ।



পৰিৱেশ প্ৰদূষণ BA 2nd Semester Environmental Studies Model Answer

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 5

Q. 1 | প্ৰদূষণ কাক বোলে?

উত্তৰঃ পৰিৱেশত থকা বায়ু, পানী, মাটি আদি উপাদানবোৰ মানুহৰ অপকৰ্ম বা প্ৰাকৃতিক কাৰণত জীৱজগতৰ বাবে অনিষ্টকাৰক হৈ পৰে। ইয়াকেই প্ৰদূষণ বোলা হয়। 

Q. 2 | পৰিবেশ প্ৰদূষণৰ কাৰকবোৰ কি কি ?

উত্তৰঃ পৰিবেশ প্ৰদূষণৰ বাবে তলত দিয়া কাৰকসমূহ উল্লেখ কৰিব পাৰি...

  • ( ক ) প্ৰাকৃতিক সম্পদৰ অত্যাধিক ব্যৱহাৰ ।
  • ( খ ) গছ - গছনিৰ ধ্বংস কার্য
  • ( গ ) অবৈধভাৱে প্ৰস্তুত কিছুমান ধ্বংসাত্মক ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ ।
  • ( ঘ ) বিভিন্ন কল - কাৰখানাৰ পৰা নিৰ্গত হোৱা অপকাৰী দ্রব্য ।
  • ( ঙ ) যান বাহনৰ অধিক বৃদ্ধি আদি ।

Q. 3 | পানী কেনেদৰে প্ৰদূষিত হয় ? পানী প্ৰদূষণৰ কেইটামান দ্ৰব্যৰ নাম লিখা ।

উত্তৰঃ বিভিন্ন ধৰণৰ উৎসৰ পৰা অহা প্ৰদূষক পানীত মিহলি হৈ পানী প্ৰদূষিত কৰে ।

পানী প্ৰদূষণ কৰা দ্ৰব্যসমূহ হ'ল—

( ক ) নলা - নর্দমাৰ লেতেৰা পানী ।

( খ ) ৰাসায়নিক সাৰ ।

( গ ) অজৈৱ পদাৰ্থ আৰু অন্যান্য ৰাসায়নিক দ্রব্য ।

( ঘ ) গেছ বা পলস ।

( ঙ ) উত্তাপ ।

( চ ) তেজষ্ক্রিয় পদার্থ । 

( ছ ) কীটনাশক প্ৰদূষণ ।

Q. 4 | জলচক্ৰ বুলিলে কি বুজা ?

উত্তৰঃ সাধাৰণতে আমি দেখা বা ব্যৱহাৰ কৰা পানী অবিৰামভাৱে হৈ থকা জলচক্ৰৰ পৰাহে পাওঁ । পৃথিৱীৰ উপৰিভাগত থকা পানীৰ বাষ্পীভৱন হৈ ডাৱৰ হয় । এই ডাৱৰৰ পৰা বৰষুণ বা বৰফৰ ৰূপত ব্যৱহাৰ কৰে আৰু অৱশেষত সাগৰত মিতি হয় । দেখা যায় বৰষুণৰ 90% পানী জলচক্ৰৰ ক্ৰিয়াৰ মহাসাগৰতেই জমা হয় । বছৰি 1.4 ইঞ্চি পানী বাষ্পীভবন হয় । সৌৰশক্তিয়ে এই পৰিঘটনাটো নিয়ন্ত্ৰণ কৰে । তদুপৰি গছ - গছনিয়েও এই জলচক্র নিয়ন্ত্রণত পোনপটীয়া বৰঙণি যোগায় ।

Q. 5 | ভূমিজল কি ? চমুকৈ লিখা ।

উত্তৰঃ সতেজ পানীৰ প্ৰায় 9.9 % ভাগ পানী ভূমিজলৰ পৰা পোৱা যায় । আগতে ভূমিজল অতি বিশুদ্ধ আছিল যদিও বৰ্তমান বিভিন্ন কাৰণত এই সম্পদ দূষিত হোৱাটো প্ৰমাণিত হৈছে ।

পৃথিৱীৰ গৰ্ভত বিভিন্ন শিলাখণ্ড, বালি আৰু গ্ৰেভেলৰ স্তৰৰ মাজত এই পানী আবদ্ধ আৰু কেতিয়াবা মুক্ত অৱস্থাত থাকে ।

ভূমিজল ব্যৱহাৰৰ ফলাফলঃ

( i ) অতিকৈ ভূমিজল নিষ্কাষণ কৰি থাকিলে এই স্তৰবিলাক শুকাই যাব পাৰে । ইয়াৰ ফলত শিলাখণ্ড ভাঙি যাব আৰু মাটিত থকা ঘৰবিলাকৰ হানি হ'ব পাৰে । নলীত ফাট মেলি পানীৰ সোঁত বিপৰীত দিশত যাব পাৰে ।

( ii ) শুস্ক ( Arid ) অঞ্চলত জলসিঞ্চনৰ বাবে বৈছিকৈ জলখনন কৰিলে ভূমিজলপৃষ্ঠ নামি যাব পাৰে ।

( iii ) অতিমাত্ৰা ভূমিজলৰ বাবে খননকার্য কৰিলে পশ্চাৎমুখী পানীয়ে জলপৃষ্ঠ ওপৰলৈ আহিব পাৰে । ইয়াৰ ফলত জল আবদ্ধ ( water logging ) হৈ লৱণ ( salinity ) সমস্যাৰ সষ্টি হ’ব পাৰে ।

Q. 6 | বানপানী কাক বোলে ?

উত্তৰঃ বানপানী হ’ল এটা প্রাকৃতিক সমস্যা । পৃথিৱীৰ কিছুমান দেশত ( বাংলাদেশ অ ভাৰত ) বছৰৰ কেইটামান মাহত ( মে ’ — চেপ্তেম্বৰ ) অতিমাত্ৰা বৰষুণ হয় । ইয়াৰ ফলত হ্রদ নদী বা আন আপেক্ষিকভাৱে দ অঞ্চলত পানীৰে উপচি পৰে । ইয়াকেই বানপানী বোলা হয় ।

Q. 7 | বানপানী হোৱাৰ কাৰণসমূহ লিখা ।

উত্তৰঃ  বানপানীৰ মুখ্য কাৰণসমূহ তলত উল্লেখ কৰা হ'ল—

( ক ) নদীৰ পানীৰ ধাৰণ ক্ষমতা ক্রমান্বয়ে কমি আহিছে । ভূমি ক্ষয় লগতে ভূমিস্খলনৰ ফলত নদীৰ পলস বাঢ়ি ইয়াৰ গভীৰতা কমি আহি থাৰণ ক্ষমতা কমি আহিছে ।

( খ ) ভূপৃষ্ঠৰ সেউজ আৱৰণ উচ্ছেদৰ বাবে ভূমি ক্ষয় হোৱাৰ বাবে বানপানীৰ মাত্রা বৃদ্ধি হৈছে ।

( গ ) নদীৰ উৎপত্তি অঞ্চলত বৰষুণৰ বৃদ্ধি ।

( ঘ ) নদীৰ গতি সলনি কৰিলে বানপানী হয় ।

( ঙ ) নদীৰ বান্ধ ভাঙিলেও কৃত্রিম বান হয় ।

( চ ) সাগৰৰ গভীৰতা কমি আহিলেও বানপানী হোৱাত সহায় কৰে ।

( ছ ) বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ বাবে পৰ্বত বা মেৰু অঞ্চলত পৰফ গলাৰ বাবে সাগ পৃষ্ঠ ওফন্দি পৰিছে ।

Q. 8 | পানী প্ৰদূষণ বুলিলে কি বুজা ?

উত্তৰঃ পানীৰ ভৌতিক , ৰাসায়নিক আৰু জৈৱিক ধৰ্মৰ পৰিৱৰ্তনৰ ফলত ইয়াক প্ৰাকৃতির অৱস্থাত প্ৰয়োজনীয় নির্দিষ্ট কামত ব্যৱহাৰ কৰিব নোৱাৰাকৈ অনুপযুক্ত হোৱাকে পানীৰ প্রদূষণ বোলে । বিশ্বস্বাস্থ্য সংস্থাৰ ১৯৯৩ চনৰ এক সমীক্ষা মতে , ভাৰতৰ সকলো ৰোগৰ শতকৰা ১১ ভাগ আৰু সোঁচৰা ৰোগৰ ২১ ভাগ উদ্ভৱ হয় পানীৰ প্ৰদূষণৰ বাবে । বর্তমান ভাৰতৰ ৭০ শতাংশ নদী আৰু জান - জুৰিয়ে প্ৰদূষিত পানী বহন কৰিছে । উল্লেখযোগ্য যে পৃথিৱীৰ মাত্ৰ এক শতাংশ পানীহে ব্যৱহাৰৰ যোগ্য ।

Q. 9 | পানী প্ৰদূষণৰ উৎস সম্পর্কে আলোচনা কৰা ।

উত্তৰঃ জীয়াই থকাৰ বাবে পানী অতি প্রয়োজনীয় পদার্থ । পানী খোৱাৰ বাবে , ৰন্ধা - বঢ়াৰ বাবে , গা - ধোঁৱাৰ বাবে , জলসিঞ্চনৰ বাবে আৰু উদ্যোগ , জলবিদ্যুৎ আদিৰ বাবে প্ৰয়োজনীয় । এই ব্যৱহাৰ কৰা পানীবোৰ নদী , হ্রদ , ভূ - জল উৎসৰ পৰা আহে । পানীয়ে বহুতো পদার্থক দ্ৰৱীভূত কৰিব পাৰে অর্থাৎ পানী সাৰ্বজনীন দ্ৰাৱক । সেয়ে ই সহজে প্ৰদূষিত হ'ব পাৰে । পানীৰ প্ৰদূষণ নিৰ্দিষ্ট উৎস আৰু অনিৰ্দিষ্ট উৎসৰ পৰা হ'ব পাৰে । নিৰ্দিষ্ট উৎসবোৰ বিশেষভাৱে পানীৰ কাষত থাকে আৰু পানীত অৱশিষ্ট প্রবাহ এৰি দিয়ে । এই নিৰ্দিষ্ট উৎসৰ পানী প্ৰদূষণ উদ্যোগ , শক্তি প্রকল্প , ভূ - গৰ্ভৰ কয়লা খনন , উপকূলীয়া তৈল নাদ আদি আৰু অনিৰ্দিষ্ট উৎসৰ বৰ্জনীয় পদাৰ্থবোৰ এক বিশেষ স্থানৰ পৰা নাহে বৰং এই উৎসবোৰত সিঁচৰিত হৈ থাকে ।

এইবোৰে এককভাৱে বা সামগ্ৰিকভাৱে লগ হৈ পানীৰ প্ৰদূষণ কৰে । কৃষি পথাৰৰ বৈ যোৱা পানী , উপচি পৰি বৈ যোৱা সৰু নলা , পথাৰ আৰু ৰাস্তাৰে বাগৰি যোৱা বৰষুণৰ পানী , রায়ুমণ্ডলীয় গেদ আদি অনিৰ্দিষ্ট পানী প্ৰদূষণৰ মূল উৎস ।


চমুটোকা লিখাঃ

(ক) জৈৱ গেছ

(খ) প্ৰদূষক

(গ) আৰ্ছেনিক প্ৰদূষণ

(ঘ) হিৰোচিমা আৰু নাগাচাকিৰ বিপৰ্য্যয়

(ঙ) মিনিমাটা বিপৰ্য্যয়

(চ)  কাৰ্নবিল নিউক্লীয় বিপৰ্য্যয়


উত্তৰঃ  ( ক ) জৈৱ গেছঃ পৰিৱেশত থকা জৈৱিক পদাৰ্থৰ পৰা জৈৱ গেছ উৎপন্ন হয়। জাঁবৰ-জোঁথৰ, গোহালিৰ মলমূত্ৰ, শাক-পাচলিৰ পেলনীয়া অংশ পথাৰত হোৱা মেটেকা, পুনি আদি পচিবলৈ দি জৈৱিক প্ৰক্ৰিয়াৰ যোগেদি ইয়াৰ পৰা জৈৱ গেছ উৎপন্ন কৰা হয়। এনে গেছ ৰন্ধনৰ ইন্ধন হিচাপে ব্যৱহাৰ  কৰিব পাৰি।

( খ ) প্ৰদূষকঃ পৰিৱেশত থকা বায়ু, পানী আৰু মাটি আদি কিছুমান ক্ষতিকাৰক পদাৰ্থ মিহলি হৈ প্ৰাণীজগতৰ বাবে ব্যৱহাৰৰ অনুপযোগী হৈ উঠে। এই ক্ষতিকাৰক পদাৰ্থক প্ৰদূষক বোলে। মাটিৰ বাবে ৰাসায়নিক সাৰ, জাঁবৰ-জোঁথৰ, মলমূত্ৰ, পানীৰ বাবে ধূলি-বালি আদি লেতেৰা বস্তু, বায়ুৰ বাবে কল-কাৰখানাৰ ধোঁৱা, গেলা-পচা বস্তু আদি প্ৰদূষক পদাৰ্থ। 



পৰিৱেশ প্ৰদূষণ BA 2nd Semester Environmental Studies Solution

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 7/10

Q. 1 | পানী প্ৰদূষণৰ কাৰণ আৰু পানী প্ৰদূষণ ৰোধ কৰিবলৈ ল'বলগীয়া ব্যৱস্থাবোৰ লিখা ।

উত্তৰঃ পানী প্ৰদূষিত কৰা বিভিন্ন কাৰকবোৰ হ'ল— নগৰ অঞ্চলত খোৱা পানীৰ যোগান ধৰা হয় যদিও সেই পানী পৰিবাহী যিবিলাক নলা সেইসমূহত মামৰ ধৰা বাবেও খোৱা পানী প্ৰদূষিত হয় । জনসংখ্যা বৃদ্ধিৰ ফলত য’তে ত’তে পস্ৰাৱ, পায়খানা কৰা, গা ধোৱা আদিৰ ফলতো পানী প্ৰদূষণ হয় । পানীৰ বিভিন্ন কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক দ্ৰব্য নঘৰ অঞ্চলত বেছি মিহলি হয় । ফলত পানী প্ৰদূষিত হয় । নগৰ অঞ্চলত ব্যাপক হাৰত হোৱা বায়ু প্ৰদূষণৰ বাবেও খোৱাপানী প্ৰদূষিত হোৱা দেখা যায় । কল - কাৰখানাৰ পৰা নিৰ্গত হোৱা উচ্ছিষ্টই পানী প্ৰদূষিত কৰে ।

কৃষি পথাৰৰ পৰা নিগৰি যোৱা পানীত কাটনাশক দৰব সাৰ আৰু পশুপক্ষীৰ ময়লা মিহলি হৈ থাকে । এইবিশাক্ত বস্তুবোৰ বৰষুণৰ পানীৰ লগত মাটিত প্ৰৱেশ কৰে আৰু নৈ বিল আদি জলাশয়ত প্ৰৱেশ কৰে । সাৰবোৰে পানীত হোৱা ঘাঁহবন আৰু শেলুৱৈ আদি বৃদ্ধিত সহায় কৰে ফলত সেইবোৰে গোটেই জলভাগ বেৰি ধৰে । জলজ প্রাণীৰ জীৱন ধাৰণ অসম্ভৱ হয় । কীটনাশক দ্ৰব্যবোৰ পানী প্ৰদূষিত কৰি মানুহ আৰু জীৱৰ ব্যৱহাৰৰ অনুপযুক্ত কৰি তোলে । পশুৰ মনমূত্ৰই পানীত দুৰ্গন্ধ কৰি প্ৰদূষিত কৰে ।

কল - কাৰখনাৰ যন্ত্ৰপাটিৰ অংশ বিশেষ ঠাণ্ডা কৰাৰ পাছত তলত পানী পুনৰাই জলাশয়ত এৰি দিলে জলাশয়ৰ পানী প্ৰদূষিত হয় । পানীৰ সামান্যতম উষ্ণতা বৃদ্ধিয়ে মাছ আৰু আন জলজ প্ৰাণীৰ ক্ষতি কৰিব পাৰে । বেছি গৰম পানীয়ে মাছ পুথিৰ সংখ্যা হ্ৰাস কৰি আনিছে । গৰম পানীয়ে শেলুৱৈ আৰু আন জলজ উদ্ভিদৰ বংশ বৃদ্ধিত সহায় কৰে । খাৰুৱা তেলৰ বেহাবেপাৰ কৰিবলৈ সাগৰীয় জাহাজেৰে তেল অনা নিয়া কৰিবলগীয়া হয় । তেল বাগীৰ পৰি নাইবা দুৰ্ঘটনাৰ ফলত খাৰুৱা তেল সাগৰৰ পানীৰ ওপৰত পৰি সাগৰৰ পানী প্ৰদূষিত কৰে । ১৯৬৮ আৰু ১৯৮৩ চনৰ ভিতৰত ৫০০ তকৈ অধিক টেঙ্কাৰ দুৰ্ঘটনাত পতিত হোৱাৰ ফলত বহুত নিযুত টন খাৰুৱা তেল সাগৰৰপানীত মিহলি হয় । এইবোৰে সমুদ্র পৃষ্ঠৰ আৰু জলজ প্ৰাণীৰ বিপদ মাতি আনে ৷ পাখীত তেল লাগি ধৰা বাবে উৰিব নোৱাৰি বহুত সাগৰীয় চৰাইৰ মৃত্যু হয় ।

আনবিক পৰীক্ষা কৰা সময়ত বায়ুমণ্ডলত স - ষ্টি হোৱা ৰেডিও একটিভ ধূলিকণাবোৰ বৰষুণৰ পানীৰ লগত মাটিত সৰি পরে । ইয়াৰ কিছুমান বৰষুণৰ পানীত ভুগৰ্ভত প্ৰৱেশ কৰি ভূগৰ্ভস্থ পানী প্ৰদূষিত কৰে । কিছুমান এনে পানী নৈ, বিল পুখুৰী আদিত পৰি সেইবোৰ প্ৰদূষিত কৰে লগতে মানুহ আৰু প্ৰাণীজগতৰ যিসকলে তেনে প্ৰদূষিত পানী পান কৰে তেওঁলোকৰো ক্ষতি হয় লগত ই জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে ।

পানী প্ৰদূষণ ৰোধ কৰিবলৈ ল'বলগীয়া ব্যৱস্থাবোৰ :

( ক ) কল - কাৰখানাৰ প্ৰদূষিত ময়ালা আদি পৰিশোধন নকৰাকৈ নদী, নলা নাইবা আন কোনো জলাশয়ত পেলাব দিব নালাগে । চৰকাৰে কঠোৰ আইন কৰি, ময়লা পিৰশোধন কৰাৰ ব্যৱস্থা নথকা কাৰখানাক বস্তু উৎপাদনৰ অনুমতি দিব নালাগে ।

( খ ) গৃহস্থৰ ঘৰৰ বজ্য জাবৰ ময়লা আদি পৰিশোধন কৰাৰ পাচতহে পানীত পেলোৱাৰ ব্যৱস্থা কৰিব লাগে ।

( গ ) ৰাসায়নিক কীটনাশক দৰব আৰু সাৰৰ প্ৰয়োগ সীমিত কৰিব লাগে আৰু গছ - গছনিৰ পৰা তৈয়াৰী কীটনাশক দৰব উৎপাদন কৰি সেইবোৰ ব্যৱহাৰ কৰিব লাগে ।

( ঘ ) কঢ়া আইন কৰি মানুহ আৰু জীৱৰ মৰাশ নদীত পেলোৱা বন্ধ কৰিব লাগে । নদীৰ পাৰ পৰিস্কাৰ কৰি ৰাখিব লাগে ।

( ঙ ) পানীত হোৱা ঘাঁহবোৰ সঘনাই উভালি পেলাবৰ ব্যৱস্থা কৰিব লাগে ।

( চ ) পটাচিয়াম পামাঙ্গানেট ব্যৱহাৰ কৰি পানী অনুজীৱমুক্ত কৰি ৰাখিব লাগে ।

( ছ ) দেহত পানীয়ে কৰা অপকাৰৰ বিষয়ে ৰাইজক সজাগ কৰিব লাগে । চৰকাৰী আৰু বেচৰকাৰী সন্থাসমূহে প্ৰদূষিত পানীয়ে কৰা অপকাৰৰ বিষয়ে ৰাইজক সচেতন কৰিব লাগে ।

Q. 2 | বায়ুপ্ৰদূষণৰ মূল উৎসসমূহ আৰু ইয়াৰ নিয়ন্ত্ৰণৰ উপায় ।

উত্তৰঃ বায়ু প্ৰদূষকদ্ৰব্য এৰি দিলে বায়ুপ্ৰদূষিত হৈ পৰে । বায়ু প্ৰদূষণে অকল হুহকে নহয়, গছ - বিৰিখ, শস্যৰ পথাৰ, ঘৰবাৰী আৰু মানুহে সজা আন বস্তুকো প্রভাৱান্বিত কৰে । বায়ু প্ৰদূষণৰ মূল উৎসবোৰ হ’ল- মটৰ গাড়ী আদিৰ পৰা ওলোৱা ধোঁৱা, শিল্পৰ নিৰ্গত ধোঁৱা, ময়লা, চলভেণ্ট নামৰ পদাৰ্থ আৰু ৰেডিওএক্টিভ বিকিৰণ । মটৰগাড়ী আৰু শিল্পীবোৰে এৰি দিয়া প্ৰধান বায়ু প্ৰদূষকবোৰ হ’ল ।

এইবোৰৰ উপৰিও মানুহৰ বাবে ক্ষতিকাৰক আন ভালেমান পদার্থ আছে । এইবোৰৰ ভিতৰত সীহ , এচবেচচ্, বেৰিলিয়াম, কাডিমাস, পাৰড্ আৰু কীটপতঙ্গনাশক দৰববোৰ প্ৰধান । 

  • ( ক ) চালফাৰ অক্সাইড । 
  • ( খ ) নাইট্ৰজেন অক্সাইড । 
  • ( গ ) কার্বন মন অক্সাইড । 
  • ( ঘ ) পার্টিকুলেটচ ( ধূলিকণা সদৃশ পদাৰ্থৰ কনিকাবোৰ

( ক ) কয়লা আৰু খনিজ তেল আদি চালফাৰ যুক্ত বস্তুবোৰ পোৰাৰ ফলত চালফাৰ ডাই অক্সাইড্‌ উৎপন্ন হয় । চালফাৰ - ডাই - অক্সাইড উৎপন্ন কৰা প্ৰধান উৎসবোৰ হ’ল , বিজুলি শক্তি উৎপাদন কেন্দ্ৰবোৰ , তাপৰ সৃষ্টি কৰা চুলাবোৰ আৰু গোবৰ গেছ আদি তৈয়াৰ কৰা কেন্দ্ৰবোৰ । চালফাৰ - ডাই- অক্সাইডে প্ৰস্ৰাৱ প্ৰণালী আক্রমণ কৰি হাওঁ ফাওঁ ক্ষতিগ্ৰহস্ত কৰে । ই গছ গছনিৰো প্ৰভূত ক্ষতি কৰে । পকীঘৰ আৰু আন বস্তুকো ই আক্ৰমণ কৰি প্ৰদূষিত কৰে ।

( খ ) যানবাহন চলোৱা ইঞ্জিনৰ ভিতৰত , কল কাৰখানাত ব্যৱহাৰ কৰা বইলাৰ আৰু বিজুলী উৎপাদন কেন্দ্ৰবোৰত বৰ বেছি উত্তাপত ইন্ধন জ্বলালে নাইট্রজেন অক্সাইড সৃষ্টি হয় ।

( গ ) মটৰগাড়ী আদি বিজুলি উৎপাদন কেন্দ্ৰ আৰু কল কাৰখানাত পোৰা ইন্ধন আৰু কৃষিকমৰ্ম্মৰ উত্যক্ত আবৰ্জনা আদি জ্বলোৱাৰ ফলত হাইড্রোকার্বনৰ সৃষ্টি হয় । হাইড্রোকার্বন আৰু নাইট্ৰজেন অক্সাইড লগ হৈ স্মগৰ সৃষ্টি হয় । ১৯৫২ চনত লণ্ডণ মহানগৰত হোৱা স্মগ দুৰ্ঘটনাত ৩৫০০ ৰ পৰা ৪০০০ লোকৰ মৃত্যু হৈছিল । ১৯০৯ , ১৯৬৩ চনত স্মগৰ বাবে গ্লাচগো চহৰত বহুত মানুহ মৰিছিল । ১৯৩০ চনত বেলজিয়ামত আৰু ১৯৪৫-৪৬ চনত জাপানত আৰু আন ভালেমান চহৰত একেধৰণৰ মৃত্যু হৈছিল । স্মগত থকা বস্তুবোৰ শ্বাস প্রশ্বাস আৰু কলিজাৰ বেমাৰৰ সৃষ্টি কৰে । স্বাসনলী সম্পৰ্কীয় বেমাৰো স্মগৰ বাবে হয় । ই প্ৰাণী আৰু গছ উভয়কে আক্রমণ কৰে । স্মগৰ এক প্ৰকাৰৰ মৃত্যুদূত বুলিব পাৰি ।

( ঘ ) কার্বন মনোক্সাইড : ইন্ধনত থকা কাৰ্বন সম্পূৰ্ণ ৰূপে দহন নোহোৱাৰ ফলত মটৰ ইঞ্জিন আদিয়ে কার্বন মনোঅক্সাইড গেছ নির্গত কৰে । এই গেছ শ্বাস প্রশ্বাসত ভিতৰলৈ নিলে , তেজৰ অকিসজেন আহৰণ কৰা ক্ষমতাত বাধাপ্রাপ্ত হয়।ই টোপনি ভাবৰ উদ্রেক কৰে । বেছি পৰিমাণত কাৰ্ব মনো অক্সাইড গ্ৰহণ কৰিলে মৃত্যু হ’ব পাৰে আৰু কম পৰিমাণত গ্ৰহণ কৰিলে ই শ্বাস - প্রশ্বাসৰ সমস্যাৰ সৃষ্টি কৰে । সুসম পৰিমাণত থাকিলে ই উপকাৰী গেছ ।

( ঙ ) পার্টি কুলেত বা বায়ুত ওপঙি থকা কনিকাবোৰ গোট নাইবা পনীয়া উভয় বিধ বস্তুৰে হ’ব পাৰে । সেইবোৰৰ ভিতৰত ধূলিকণাবোৰ , কুৱলি , ধোঁৱা চাই আদি থাকে আৰু কল কাৰখানাৰ নলীৰে সেইবোৰ নিৰ্গতহৈ থকা দেখা যায় । এই ধূলিকণাবোৰে সূৰ্যৰ ৰশ্মি মাটিত পৰাত বাধা দিয়ে আৰু গছ - গছনিৰ ক্ষতি কৰে । উসাহ - নিসাহৰ লগত দেহৰ প্ৰৱেশ কৰি ই শ্বাস প্রশ্বাসৰ সমস্যাৰ সৃষ্টি কৰে ।

দ্রুত শিল্পায়নে বায়ু অধিক পৰিমাণে প্ৰদূষিত কৰিছে । চিমেণ্ট , লো আৰু তীখা , ফাৰটিলাইজাৰ , পেট্রক্যাসিকেল আদি কাৰখানাবোৰৰ বাবে প্ৰদূষক নিৰ্গত নোহোৱাৰকৈ ৰকাটো তেনেই কঠিন কাম । চিমেণ্ট কাৰখানাৰ ওচৰত বসবাস , কৰা লোকসকল শ্বাস প্রশ্বাসৰ ৰোগত ভূগিবলৈ বাধ্য।ইয়াৰ কাৰণ প্ৰদূষিত হয় । বায়ু প্ৰদূষণৰ আন দুটা উৎস হ’ল চলভেল্ট আৰু ৰেডিও এ কটিভিটি । তলভেণ্টৰ ব্যৱহাৰে দিনক দিনে ক্ৰমশঃ বাঢ়ি আহিছে । ৰং , স্প্রে , পলিচ কৰা আদিৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয় । এই বস্তুবোৰ বতাহত বহুকাললৈ ওপঙি থাকে আৰু এইবোৰ মানুহৰ বাবে ক্ষতিকৰ । কীটনাশক দ্ৰব্যবোৰে গ্ৰামাঞ্চলত বায়ু প্ৰদূষিত কৰে ।

বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ গোটেই বিশ্বতে প্রচেষ্টা চলাই থকা হৈছে কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ সন্তোষজনক উন্নতি লভিব পৰা নাই ।

এই ক্ষেত্ৰত ল'বলগীয়া কেইটামান ব্যৱস্থা হ'ল— 

( ক ) নির্গমনমৰ মাত্ৰা কমাই ৰাখিবলৈ মটৰগাড়ীৰ উঞ্জিনবোৰ নতুন আৰ্হিত সাজিব লাগে ।

( খ ) কাৰিকৰী দিশৰ উপৰিও ব্যক্তিগত দিশতো তলত উল্লেখ কৰা ব্যৱস্থাবোৰ লোৱা উচিত । 

  • ( i ) যান - বাহনবোৰৰ নিয়মীয়া পৰীক্ষণ আৰু চাফ চিকুণকৰণ ।
  • ( ii ) ফিল্টাৰৰ ব্যৱহাৰ ।
  • ( iii ) পুৰণি ইঞ্জিন আৰু ইঞ্জিনৰ অংশবোৰ সলাই নতুন লগোৱা ৷
  • ( iv ) ইঞ্জিনবোৰ ভালদৰে টিউনিং কৰা ।

( গ ) শিল্পবোৰ মানুহৰ বসতিস্থলৰ পৰা নিৰাপদ দূৰত্বত স্থাপন কৰা ।

( ঘ ) খৰি, কয়লা আদি পৰম্পৰাগত ইন্ধনৰ সলনি কম ধোঁৱা ওলোৱা ইন্ধন ব্যৱহাৰ আৰু বনজুই নিয়ন্ত্ৰণ কৰা ।

( ঙ ) প্ৰদূষণ নিয়ন্ত্ৰণ ব্যৱস্থা নকৰালৈকে শিল্প , কল - কাৰখানাক উৎপাদনৰ অনুমতি দিব নালাগে ।

( চ ) ধোঁৱা যোৱা চিমনিবোৰ ওখ কৰা আৰু ধূলিকণা আদি সৰকি যাব নোৱাৰাকৈ চেকনি লগাই দিয়া ।

( ছ ) হাবিৰ আবৰণ মাটিৰ মুঠ ৩৩ শতাংশ সংৰক্ষণ । ইয়াৰ উদ্দেশ্য হ’ল যে হাবিৰ আবৰণে প্ৰদূষণ ৰুধিব পাৰে । বৃক্ষৰোপন আৰু বনানীকৰণ সামাজিক আৰু চৰকাৰী ভাবে ল’ব লাগে । এনে কৰিলে পৰিৱেশৰ লসমতা ৰক্ষাতো সহায়ক হ’ব ।

Q. 3 | বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ লোৱা ব্যৱস্থাবোৰ লিখা ।

উত্তৰঃ বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ গোটেই বিশ্বতে প্রচেষ্টা চলাই থকা হৈছে কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ সন্তোষজনক উন্নতি লভিব পৰা নাই । 

এই ক্ষেত্ৰত ল’বলগীয়া কেইটামান ব্যৱস্থা হ’ল— 

( i ) নির্গমনমৰ মাত্ৰা কমাই ৰাখিবলৈ মটৰগাড়ীৰ উঞ্জিনবোৰ নতুন আৰ্হিত সাজিব লাগে ।

( ii ) কাৰিকৰী দিশৰ উপৰিও ব্যক্তিগত দিশতো তলত উল্লেখ কৰা ব্যৱস্থাবোৰ লোৱা উচিত ।

  • ( খ ) যান - বাহনবোৰৰ নিয়মীয়া পৰীক্ষণ আৰু চাফ চিকুণকৰণ ।
  • ( গ ) ফিল্টাৰৰ ব্যৱহাৰ ।
  • ( ঘ ) পুৰণি ইঞ্জিন আৰু ইঞ্জিনৰ অংশবোৰ সলাই নতুন লগোৱা ।

( iii ) ইঞ্জিনবোৰ ভালদৰে টিউনিং কৰা ।

( iv ) শিল্পবোৰ মানুহৰ বসতিস্থলৰ পৰা নিৰাপদ দূৰত্বত স্থাপন কৰা । খৰি , কয়লা আদি পৰম্পৰাগত ইন্ধনৰ সলনি কম ধোঁৱা ওলোৱা ইন্ধন ব্যৱহাৰ আৰু বনজুই নিয়ন্ত্ৰণ কৰা ৷

( v ) প্ৰদূষণ নিয়ন্ত্ৰণ ব্যৱস্থা নকৰালৈকে শিল্প , কল - কাৰখানাক উৎপাদনৰ অনুমতি দিব নালাগে ।

( vi ) ধোঁৱা যোৱা চিমনিবোৰ ওখ কৰা আৰু ধূলিকণা আদি সৰকি যাব নোৱাৰাকৈ চেকনি লগাই দিয়া ।

( vii ) হাবিৰ আবৰণ মাটিৰ মুঠ ৩৩ শতাংশ সংৰক্ষণ । ইয়াৰ উদ্দেশ্য হ’ল যে হাবিৰ আবৰণে প্ৰদূষণ ৰুধিব পাৰে । বৃক্ষৰোপন আৰু বনানীকৰণ সামাজিক আৰু চৰকাৰী ভাবে ল'ব লাগে । এনে কৰিলে পৰিৱেশৰ লসমতা ৰক্ষাতো সহায়ক হ'ব ।

( viii ) চহৰ আৰু গাঁওবোৰৰ চাৰিওফালে সেউজীয়া অঞ্চলৰ সংৰক্ষণ । শিল্পবোৰৰ চাৰিওফালেও একেধৰণৰ সেউজীয়া অঞ্চলৰ সৃষ্টি কৰা ।

( ix ) কয়লা আৰু বাস্পচালিত ইঞ্জিনৰ সলনি ৰেলগাড়ীৰ বিজুলী শক্তি চালিত ইঞ্জিনৰ প্রয়োগ ।

( x ) মটৰ গাড়ী আৰু শিল্পৰ প্ৰদূষম নিয়ন্ত্ৰণ কৰিবলৈ কঢ়া আইনৰ প্ৰচলন আৰু প্ৰয়োগ ৷

( xi ) ৰাইজ আৰু চৰকাৰৰ যৌথ প্রচেষ্টা অবিহনে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰা সম্ভৱ নহয় ।

Q. 4 | বায়ু প্ৰদূষণ কেনেকৈ হয় ? বায়ু প্ৰদূষণৰ উৎস কেইটামান উল্লেখ কৰা ।

উত্তৰঃ বিশ্ব স্বাস্থ্যসংস্থাৰ সূত্ৰ অনুসৰি বায়ু প্ৰদূষণ হ’ল মানুহৰ বিভিন্ন ক্ৰিয়া - কলাপৰ ফলত সৃষ্টি হোৱা বিভিন্ন প্ৰকাৰৰ পদাৰ্থ বায়ুত মিহলি হৈ মানুহকে আদি কৰি সমস্ত প্রাণীজগত আৰু উদ্ভিদজগতৰ ক্ষতি কৰা এক প্ৰক্ৰিয়া । বায়ুত মিহলি হোৱা নানা ধৰণৰ ক্ষতিকাৰক ( জীৱ আৰু উদ্ভিদৰ ) পদাৰ্থৰ উপস্থিতিয়েই বায়ু প্ৰদূষণ ।

বায়ু প্ৰদূষণৰ উৎসসমূহ হ'লঃ —

( ক )  ধূলিকণা আৰু জীৱাণু । 

( খ ) কার্বন - ডাই - অক্সাইড ।

( ঘ ) ছালফাৰ - ডাই - অক্সাইড ।

( ঙ ) কার্বন মন’ক্সাইড ।

( গ ) হাইড্ৰজেন অক্সাইড ।

( চ ) নাইট্ৰজেন অক্সাইড ।

( ছ ) সীহইত্যাদি ।

Q. 5 | বায়ু প্ৰদূষণৰ প্ৰভাৱৰ বিষয়ে লিখা ।

উত্তৰঃ ( ক ) বায়ু প্ৰদূষণৰ প্ৰভাৱঃ গেছীয় প্ৰদূষণবোৰৰ ভিতৰত কাৰ্বন - মন’ক্সাইডে মানুহৰ স্নায়ুতন্ত্র , হৃদপিণ্ড আৰু হাঁওফাওঁৰ জটিলতাৰ সৃষ্টি কৰে । তেজৰ হিম’গ্লবিনৰ সৈতে CO যুক্ত হৈ কার্বক্সি - হিম’গ্ল’বিন উৎপন্ন কৰে । এই পদার্থবিধে লোহিত ৰক্তকণিকাৰ ( RBC ) অক্সিজেন বহন কৰা ক্ষমতা কমাই দিয়ে । SO2 গেছ পানীত দ্ৰৱীভূত হয় আৰু ই কোমল পেশীত সোমাই পৰি মুখ শুকাই তোলে ; ডিঙিত খচ্খচনি তোলে আৰু চকু জলজলীয়া কৰে । নাইট্ৰ'জেনৰ অক্সাইডে চকু আৰু নাকৰ খচ্খচনি তোলে । কণিকা জাতীয় প্ৰদূষক কিছুমানে নাকৰ ভিতৰৰ নোমত আৱদ্ধ হৈ পৰি কাহ সৃষ্টি কৰে ।

( খ ) জীৱ - জন্তুৰ ওপৰত প্ৰভাৱ : ঔদ্যোগিক অঞ্চলৰ কাষৰীয়া ঠাইবোৰত থকা ঘৰচীয়া জন্তু , হাঁহ , কুকুৰা আদি প্ৰদূষকৰ দ্বাৰা ক্ষতিগ্রস্ত হয় । বিশেষকৈ ফ্ল'ৰাইড যৌগৰ দ্বাৰা সৃষ্টি হোৱা প্ৰদূষকে হাঁহ , কুকুৰাৰ হাড়বোৰ নষ্ট কৰি সিহঁতৰ ক্ষতিসাধন কৰে ।

( গ ) পদাৰ্থ বস্তুৰ ওপৰত প্ৰভাৱঃ ছালফাৰ আৰু নাইট্ৰ'জেনৰ অক্সাইডৰ পৰা সৃষ্টি হোৱা এছিড বৰষুণে ধাতু আৰু অট্টালিকাসমূহৰ ক্ষতিসাধন কৰে । H2S গেছে ছিলভাৰ আৰু লেডৰ দ্বাৰা সৃষ্টি কৰা পেইণ্ট নষ্ট কৰে । অ’জনে ৰবৰৰ দ্বাৰা প্ৰস্তুত কৰা পদাৰ্থবোৰ জাৰিত কৰি নষ্ট কৰে ।

( ঘ ) খাদ্য শস্যৰ ওপৰত প্ৰভাৱ : বায়ু প্ৰদূষকবোৰে খাদ্য শস্যও নষ্ট কৰে । নাইট্ৰ'জেনৰ অক্সাইড আৰু ফ্ল'ৰাইড যৌগসমূহে শস্যৰ উৎপাদন হ্ৰাস কৰে । ফ্ল'ৰাইডে পাতৰ ক্ষতিসাধন কৰে ; মিথেনৰ দৰে হাইড্ৰ'কাৰ্বনে পাতবোৰ অকালতে সৰাই দিয়ে । ফুল আৰু কলিবোৰৰ ক্ষতি সাধন কৰে ।

Q. 6 | বায়ু প্ৰদূষিত কৰা প্ৰধান গেছসমূহ কি কি আৰু ইহঁতৰ উৎপত্তি স্থলসমূহ উল্লেখ কৰা ।

উত্তৰঃ ( ক ) কার্বন মন’ক্সাইড ( CO )ঃ মটৰ - গাড়ী , পেট্র’লজাত আৰু কয়লা ইন্ধন হিচাপে ব্যৱহাৰ কৰা কল - কাৰখানা ।

( খ ) ছালফাৰ - ডাই - অক্সাইড ( SO2 )ঃ তাপ বিদ্যুৎ কাৰখানা আৰু কয়লা ইন্ধন হিচাপে ব্যৱহাৰ কৰা কাৰখানা ।

( গ ) নাইট্রিক অক্সাইড ( NO ) : মটৰগাড়ী , কাৰখানা আৰু তাপ বিদ্যুৎ কাৰখানা ।

( ঘ ) হাইড্ৰ'কার্বনঃ মটৰগাড়ী , তেল শোধনাগাৰ , পেট্ৰ'ল ব্যৱহাৰ কৰা কাৰখানা ।

Q. 7 | বায়ু প্ৰদূষণৰ ফলত কি কি ৰোগ হ’ব পাৰে উল্লেখ কৰা ।

উত্তৰঃ ( ক ) SO2 গেছ কোমল পেশীত সোমাই শৰীৰ , মুখ শুকাই তোলে; ডিঙিত খচ্খচনি তোলে আৰু চকু জলজলীয়া কৰে ।

( খ ) কার্বন মন’ক্সাইডে ( CO ) মানুহৰ স্নায়ুতন্ত্র হৃদপিণ্ড আৰু হাঁওফাওঁৰ জটিলতাৰ সৃষ্টি কৰে ।

( গ ) হাইড্ৰ'কাৰ্বনৰ পৰা কৰ্কট ৰোগৰ সৃষ্টি কৰে ।

( ঘ ) নাইট্ৰ'জেনৰ অক্সাইডে চকু আৰু নাকৰ খচ্খচনি তোলে ।

Q. 8 | শব্দ প্ৰদূষণ কি ? শব্দ প্ৰদূষণৰ ফলত কি কি ৰোগ হ'ব পাৰে ?

উত্তৰঃ  শব্দ প্ৰদূষণ  ঃ ঘৰত ব্যৱহাৰ কৰা বিভিন্ন যন্ত্ৰ - পাতি ( যেনে— ৰেডিঅ’, টিভি, ষ্টেৰিঅ', কাপোৰ ধোৱা মেচিন আদি ) কল - কৰাখাত ব্যৱহাৰ কৰা বিভিন্ন যন্ত্রপাতি আদি শব্দ প্ৰদূষণৰ উৎস । জীৱৰ স্বাভবিক জীৱন - যাত্ৰাত চিঞৰ - বাখৰ এটা অবিচ্ছেদ্য অংগ । এই চিঞৰ - বাখৰ এটা নির্দিষ্ট সীমা অতিক্ৰম কৰি গ'লে ই মানুহৰ পৰিবেশ বিনষ্ট হয় , ইয়াকে শব্দ প্ৰদূশণ বোলে ।

শব্দ প্ৰদূষণৰ ফলত হ'ব পৰা ৰোগঃ শব্দৰ প্রাবল্য 85.dB ( decible ) তকৈ বেছি হ'লে শ্ৰৱণেন্দ্ৰীয়ই বেয়াকৈ প্রভাবিত কৰে । শব্দৰ প্রাবল্য বেছি হ'লে মানুহ কলা হ’ব পাৰে । তদুপৰি মূৰৰ বিষ, টোপনিত ব্যাঘাট জন্মায় । স্নায়ৱিক উত্তেজনা আদি হ’ব পাৰে । ইয়াৰ উপৰি শব্দ প্ৰদূষণৰ ফলত মানুহৰ হৃদৰোগ, শ্বাসজনিত ৰোগ, ৰক্তচাপ বৃদ্ধি পায় ।

Q. 9 | দীপৰ বিল সম্পৰ্কে সংক্ষেপে আলোচনা কৰি এই বিলখনৰ প্ৰদূষিত হোৱা কাৰকবোৰ আলোচনা কৰা ৷

উত্তৰঃ গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত বিস্তীর্ণ মনোৰম জলাশয়টোৱেই দীপৰ বিল নামে পৰিচিত । 

ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণত আৰু নদীৰ বাহিকাৰে সংলগ্ন । এই বিলখন প্রায় ১৪ খন কাষৰীয়া গাওঁৰ জনজীৱনৰ জীৱিকাৰ সৈতে জড়িত হৈ আছে । বিলখনৰ কালি প্ৰায় ৪০১৪ হেক্টৰ আৰু গড় গভীৰতা এক মিটাৰ আৰু প্ৰায় চাৰি মিটাৰলৈ সর্বোচ্চ গভীৰতা পোৱা যায় । এই বিলখনে ১৯ আগষ্ট ২০০২ চনত ৰামচৰ জলাশয় ৰূপে স্বকৃতি পাইছিল ।

এই বিলখনত উদ্ভিদকূল ( জলজ স্থলজ ) ভৰপূৰ । ইয়াত প্রায় ১৮ টা উদ্ভিদ প্লাৱকৰ গন ( Genera ) আৰু পৰ্য্যাপ্ত পৰিমাণে জলজ উদ্ভিদ পোৱা যায় । বিলখন প্রাকৃতিকভাৱে বহুতো চৰাইৰ বাসস্থান । প্রায় ২১৯ বিধ চৰাইৰ প্ৰজাতিৰ সম্ভেদ পোৱ গৈছিল আৰু ৭৯ টা প্ৰজাতি পৰিভ্ৰমী চৰাই বলি ঠাৱৰ কৰা হৈছে । ইয়াৰ ২০ বিধ চৰাই , ১২ বিধ জেঠী , ১৮ বিধ সাপ , ৬ বিধ কাছ পোৱা যায় । ৫০ বিধতকৈ বেছি ব্যৱসায়িক ভাৱে সজীৱ হৈ থকা মাছ আৰু ইয়াৰ ১৯ গোত্ৰ চিনাক্ত কৰা হৈছে । বিলখনলৈ হাতীৰ জাক সঘনে আহি থকাৰ বাতৰি পোৱা যায় । এই বিলৰ বুকুতেই মানুহে মাছ মাৰে , NH - 27 ৰাষ্ট্ৰীয় ঘাই পথলৈ অহা যোৱাৰ বাবে পানীৰে যাতায়ত কৰে , গৰু - ম'হৰ খাদ্য সংগ্ৰহ কৰে , পদুম , ভেট আদি প্ৰজাতিৰ উদ্ভিদ সংগ্ৰহ কৰে আৰু ডিচেম্বৰ - জানুৱাৰী মাহত বৰো ধানৰ খেতিও কৰা দেখা যায় । 

বিলখনৰ পৰিৱেশ তন্ত্ৰক নষ্ট কৰা আৰু প্ৰদূষিত কৰা পৰিঘটনা দিনক দিনে বাঢ়ি আহিছে । ইয়াৰ বিভিন্ন কাৰকবোৰ তলত উল্লেখ কৰা হ'ল —

( ক ) বিলৰ চাৰিওফালে আৰু বিলৰ বুকুলৈ লাহে লাহে মানুহৰ বাসস্থানৰ বাবে ঘৰ - দুৱাৰ নির্মাণ হৈ আছে ।

( খ ) বিলৰ কাষৰীয়া ঠাইত আৰু সীমাত বিশেষকৈ পূব আৰু উত্তৰ - পূব অংশত উদ্যোগ গঢ়ি উঠাৰ ফলত প্ৰদূষণ বৃদ্ধি হৈছে ।

( গ ) বিলৰ কাষেৰে ভিন্ন অংশত ৰাস্তা নির্মাণ হৈছে । বিলৰ প্ৰায় মাজেৰে ৰেলপথ নিৰ্মাণৰ ফলত বিলখনৰ বিস্তৰ ক্ষতি সাধন হৈছে । এই ৰেলপথৰ বাবে প্ৰায়ে বিললৈ বিচৰণৰ বাবে অহা হাতীৰ মৃত্যু হৈ আছে । ৰেলপথৰ বাবে বিলৰ কালি কমিছে আৰু প্ৰদূষণ বৃদ্ধি হৈছে ।

( ঘ ) ব্যক্তিগত দল কিছুমানক চৰকাৰৰ পুনৰ সংস্থাপন বিভাগে চৰকাৰী বিলৰ মাটি হস্তান্তৰ কৰিছে ।

( ঙ ) মাঢ়ি কটা , ইটা উদ্যোগ , মাটি পুতা কাৰ্য্যই বিলৰ বিশেষকৈ প্ৰভাৱিত কৰিছে ।

( চ ) বিলৰ চৰাই , স্তন্যপায়ীক চিকাৰ কৰা ঘটনাই বিলৰ পৰিৱেশ তন্ত্ৰত বিৰূপ প্ৰভাৱ পেলাইছে ।

( ছ ) দিনে - ৰাতি অপৰিকল্পিতভাৱে মাছ মৰা কাৰ্য্যৰ ব্যাপকতাই বিলক প্ৰদূষণ কৰাত প্ৰচুৰ অহিৰণা যোগাইছে ।

( জ ) দীপৰ বিলখনৰ কাষৰ পামহিত অৱৰ্জনা নিষ্কাষণৰ ঠাই হিচাপে গুৱাহাটী মহানগৰী পালিকাই ব্যৱহাৰ কৰি বিলৰ প্ৰদূষণৰ মাত্রা বৃদ্ধি কৰি বিলখনৰ জীৱকূলৰ প্ৰতি ভাবুকি আনিছে ।

( ঝ ) দীপৰ বিলৰ কাষত থকা ৰাণী অঞ্চলৰ শিলৰ কুৱেৰী উদ্যোগে বিলৰ পৃষ্ঠ আৰু পানীৰ গুণাগুণত প্ৰভাৱ পেলাইছে ।

প্ৰদূষণৰ ফলতেই প্রায় ৪৬০০ হেক্টৰ বালিৰ বিলখন এতিয়া প্ৰায় ৫০০ হেক্টৰলৈ সংকুচিত হৈছে । ইয়াৰ ফলত বিলত থকা স্থানীয় প্রজাতিৰ চৰাই , মাছ , জলজ জীৱ , উভচৰ প্ৰাণীৰ বাসস্থান হ্ৰাস হৈ সংকটৰ গৰহাট পৰিছে । পামহি ( পশ্চিম বৰগাঁওৰ ) আৱৰ্জনা থলীয়ে বহুতো চৰাই , জীৱ জন্তুৰ মৃত্যুৰ স্থলী হৈ পৰাৰ উপৰিও বিলৰ পানী প্ৰদূষিত কৰি জলজ জীৱৰ প্ৰতি সংকট নমাই আনিছে ।




Tags :

  • পৰিৱেশ প্ৰদূষণ ba 2nd semester
  • Gauhati University BA 2nd Sem Environmental Studies Model Questions Answer
  • GU BA 2nd Sem Environmental Studies Model Solution
  • BA 2nd Semester Environmental Studies Question Paper
  • BA 2nd Semester Environmental Studies Question Answer
  • BA 2nd Semester Environmental Studies book pdf
  • BA 2nd Sem environmental studies notes pdf
  • GU BA 2nd Sem Environmental Studies Notes Assamese Medium
  • introduction to environmental studies notes
  • পৰিৱেশ অধ্যয়ন ba 2nd semester
  • evs 2nd semester notes assamese medium
  • evs 2nd semester notes
  • b.a. 2nd sem evs book pdf assamese medium