Follow Us:

ৰস কেই প্ৰকাৰৰ আৰু কি কি | BA 2nd Semester Assamese Short Question Answer & Notes

LearningPointAssam.com

Gauhati University BA 2nd Sem Assamese Major Model Questions Answer | GU BA 2nd Sem Assamese Major Model Solution | ba 2nd sem assamese major question paper | BA 2nd Sem Assamese Major Question Answer | ba 2nd sem assamese book pdf

Assamese 2nd Semester Notes & Guide Available here ৰস কেই প্ৰকাৰৰ আৰু কি কি Model Solution provided in the list of UG - CBCS Syllabus. We design all notes according to Guwahati University so that you can easily browse through BA 2nd Semester Assamese Major Question Answer and University Guides and Notes here. ৰস বুলিলে কি বুজা, গুণ আৰু ৰীতি কি Question Answer Can be very useful to excel in examinations.

BA 2nd Semester Assamese Major Question Answer

BA 2nd Semester Assamese Short Question Answer & Notes covers all the practice questions of Guwahati University syllabus. ৰস কাক বোলে ই কেই প্ৰকাৰৰ BA 2nd Sem Assamese Major Question Answer is given here which ensures smooth and easy understanding of all the concepts. Understand the concepts behind each unit and score well in board exams.



www.LearningPointAssam.com Model and Answer Book



CONTENTS 

ৰস, ধ্বনি, গুণ, ৰীতিঃ সংজ্ঞা আৰু স্বৰূপ
Model Question and Answer key






Read Also : Gauhati University BA 2nd Sem Assamese Major Notes With Syllabus [Model Answer]newgifnvs


প্ৰশ্নাৱলীঃ

Gauhati University BA 2nd Semester Assamese Major ৰস, ধ্বনি, গুণ আৰু ৰীতি Important Short Question Answer

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 1/2

Q. 1 | ৰস শব্দৰ অৰ্থ কি?  

উত্তৰঃ  ৰস শব্দৰ অৰ্থ হ'ল আস্বাদিত। সংস্কৃত ৰস ধাতুৰ অৰ্থ হ'ল- আস্বাদন কৰা।

Q. 2 | ৰস বুলিলে কি বুজা ?

উত্তৰঃ ৰস হ'ল কাব্যৰ মূল । কাব্যৰ যি গুণটোৱে কাব্যখনক এক বিশেষ বৈশিষ্ট্য প্রদান কৰে বা বিশেষ সোৱাদ দিয়ে সেই গুণটোৱেই হ'ল ৰস । 

Q. 3 | ৰস কাক বোলে ই কেই প্ৰকাৰৰ ?

উত্তৰঃ অভিনয়ত হৃদয় আকৰ্ষণ কৰি তাৰ ৰূপ ৰঙেৰে দৰ্শকক মোহিত কৰিলে, যি এক অনুভূতিৰ সৃষ্টি হয়, যাক ভাষাৰে ব্যক্ত কৰিব নোৱাৰি, তাকে ৰস বোলে।

ৰস মুঠতে ন প্ৰকাৰৰ । এই ন প্ৰকাৰৰ ৰস হ’ল— শৃঙ্গাৰ, হাস্য, কৰুণ, বীৰ, ভয়ানক, অদ্ভুত, বৌদ্র, বীভৎস আৰু শান্ত।

Q. 4 | ৰস কেইবিধ আৰু কি কি

Or 

Q. 5 | ৰস কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ ৰস মুঠতে ন প্ৰকাৰৰ । এই ন প্ৰকাৰৰ ৰস হ’ল— শৃঙ্গাৰ, হাস্য, কৰুণ, বীৰ, ভয়ানক, অদ্ভুত, বৌদ্র, বীভৎস আৰু শান্ত। ইয়াত বাহিৰেও আকৌ কোনো কোনো পণ্ডিতে বাৎসল্যকো এক প্ৰকাৰ ৰস বুলি ক’ব খোজে।

Q. 6 | বীৰ ৰস কাক বোলে ?

উত্তৰঃ বীৰৰসৰ প্ৰকৃতি উত্তম। ইয়াৰ স্থায়ীভাব উৎসাহ।প্ৰতিপক্ষ বা শত্ৰুপক্ষ ইয়াৰ আলম্ফ্ন বিভায আৰু প্ৰতিপক্ষৰ যি আচৰণ, প্ৰতিৰোধ সেয়ে উদ্দীপন। বিজয়াকাংক্ষাৰে সহায় সাৰথি বিচৰা কাৰ্য অনুভাৱ; ধৈৰ্য্য, জয়ৰ ইচ্ছা, গৰ্ব্ব, যুক্তিতৰ্ক,ৰোমাঞ্চ আদিইয়াৰ সঞ্চাৰীভাৱ। গতিকে উৎসাহ স্থায়ীভাৱটোক প্ৰতিপক্ষ বা শত্ৰুপক্ষ অথবা কোনো মহৎকাৰ্য আদিক আলম্বন কৰি, শত্ৰুপক্ষৰ আচৰণ, প্ৰতিৰোধ আদিৰ দ্বাৰা উদ্দীপিত, প্ৰতিপক্ষক জয় কৰিবলৈ, প্ৰতিকাৰৰ উপায় আদিৰ অনুভাৱিত আৰু গৰ্ব,তৰ্ক, হৰ্ষ, ৰোমাঞ্চ আদিৰ দ্বাৰা সঞ্চাৰিত হৈ উদ্ভৱ হোৱা ৰসক বীৰ ৰস বোলে।

Q. 7 | হাস্য ৰস কাক বোলে ? 

উত্তৰঃ হাস্য ৰসঃ বিকৃত বেশ ভূষা চলন আদিক আলম্বন কৰি হাস নামৰ স্থায়ী ভাবটি বেশ আদিৰ বিকৃতি আদিৰ দ্বাৰা উদ্দীপিত, দন্ত বিকাশ আদিৰ দ্বাৰা অনুভাৱিত আৰু শ্ৰম আলোচ্য আদিৰ দ্বাৰা সঞ্চাৰিত হৈ সামাজিকৰ অন্তৰত উদ্ৰেক হলে তাক হাস্য ৰস বোলে।

Q. 8 | ৰসবাদৰ প্ৰতিষ্ঠাতা কোন?

উত্তৰঃ ভৰত মুনি।

Q. 9 | ভৰতৰ মতে ৰস কেইপ্ৰকাৰৰ?

উত্তৰঃ ভৰতৰ মতে ৰস আঠপ্ৰকাৰৰ।

Q. 10 | ভোজৰাজৰ মতে ৰীতি কেইবিধ?

উত্তৰঃ ছয়বিধ।

Q. 11 | শব্দ শক্তি কি?

উত্তৰঃ শব্দৰ অৰ্থ প্ৰকাশৰ শক্তিকেই সাহিত্যত শব্দ শক্তি বোলা হয়।

Q. 12 | ধ্বনি কেইপ্ৰকাৰৰ ?  

উত্তৰঃ ধ্বনি তিনি প্ৰকাৰৰ।

Q. 13 | কোনটো ধ্বনিক শ্রেষ্ঠ আখ্যা দিয়া হয়?

উত্তৰঃ ৰসধ্বনিক শ্ৰেষ্ঠ আখ্যা দিয়া হয়।

Q. 14 | লক্ষণা শক্তি কেইপ্ৰকাৰ?  

উত্তৰঃ লক্ষণা শক্তি দুই প্ৰকাৰৰ। 

Q. 15 | ব্যঞ্জনা শক্তি কেইবিধ?

উত্তৰঃ ব্যঞ্জনা শক্তি দুবিধ।

Q. 16 | গুণ কি?

উত্তৰঃ গুণ হ'ল ৰীতিৰ মূল।

Q. 17 | বামনৰ মতে গুণ কেইটা?

উত্তৰঃ বামনৰ মতে গুণ দহটা।

Q. 18 | নাট্যশাস্ত্ৰ কোনে ৰচিছিল?

উত্তৰঃ ভৰত মুনিয়ে।

Q. 19 | বিভাৱ কেই প্ৰকাৰৰ?  

উত্তৰঃ বিভাৱ দুই প্ৰকাৰৰ।

Q. 20 | অনুভাৱ কেইপ্ৰকাৰ?

উত্তৰঃ অনুভাৱ দুই প্ৰকাৰৰ।


চমু টোকা লিখা?

(ক) হাস্যৰস ঃ —

বিকৃত চেহেৰা, আকাৰ, বিকৃত বেশভূষা, অসংলগ্ন কথা-বাৰ্ত্তা,অঙ্গী-ভঙ্গী আদি কৌতুকৰ পৰা হাস্যৰসৰ উদ্ভৱ হয়। হাস ইয়াৰ স্থায়ীভাৱ। যাৰ চেহেৰা, কৰ্থা-বাৰ্তা আৰু অঙ্গী-ভঙ্গীৰ বিকৃতি দেখি মানুহে বা দৰ্শকে হাঁহে, সেয়ে হাস্যৰসৰ আলম্বন বিভাৱ আৰু তেওঁৰ আচৰণ কাৰ্য আদি হ’ল উদ্দীপন বিভাৱ। চকু মুদ খাই যোৱা; হাঁহো হাঁহো কৰি থকা মুখৰ ভাৱ আদিয়েই হ’ল অনুভাৱ। নিদ্ৰা, আলস্য, অৱহিখা আদি হাস্য ৰসৰ ব্যভিচাৰী ভাৱ। উদাহৰণ-

“শংকৰদেৱৰ “ৰুক্মিণীহৰণ কাব্য”ৰ বেদনিধি চৰিত্ৰটোৰ কথাকে ক’ব পাৰি। বেদনিধি হ’ল গোটেই কাব্যখনৰে হাস্যৰসৰ ভাণ্ডাৰ। তেওঁৰ, সাজ-পোচাক, অংগী-ভংগী, খোজ-কাটল,কথা-বাৰ্ত্তা,আচৰণ, কাৰ্য এই সকলোতে হাস্যৰস ফুটি উঠিছে।

“স্মৃতি ভঙ্গ ভৈলা বেদনিধি হেন দেখি।

দুইহাতে ধৰি মুদিলন্ত দুই আখি।।

পৰম বিহ্বল ভাৱ হুৱা দ্বিজৰাজ।

ফুৰণি লাগিয়া পৰলন্ত ৰথ মাজে।।(ৰু.হা.কাব্য)

কোনো দিনে ৰথত নুঠা বেদনিধিয়ে কৃষ্ণৰ লগত ৰথত উঠি কুণ্ডিললৈ যাত্ৰা কৰোতে বেদনিধিৰ এনে অৱস্থা হ’ল ।কাৰ্য সিদ্ধি কৰি যেতিয়া বেদনিধিয়ে ৰুক্মিণীক কৃষ্ণ অহাৰ বাতৰা দিবলৈ যায়, তেতিয়া বেদনিধিক কোনে পায়; মাটিত যেন ভৰি নথবই;যেন আলাসতে উৰিহে গৈছে।

  • “সাধিলোহে কাৰ্য বুলি যাও ৰঙ্গ কৰি।
  • হৰিষতে মাটিত নেদন্ত যেন ভৰি।

আন এটা উদাহৰণ লোৱা যাওক-

শংকৰ দেৱৰ অমৃত-মথন’ কাব্যত শিৱই উলংগ হৈ মোহিনীৰূপী বিষ্ণুক পিছে পিছে খেদি ফুৰাৰ বিমল হাস্য ৰস পোৱা যায়।

ভৈলন্ত উলঙ্গট ভোলানাথ।

হাতে অঙ্গ ধৰি চপৰাই মাথ। ইত্যাদি।

হাস্য ৰসৰ ক্ষেত্ৰত মন কৰিবলগীয়া কথা এয়ে যে, যি জনে বিকৃত বেশ, অসংলগ্ন কথা; বাৰ্ত্তা আশ্ৰয় কৰি অভিনয় কৰে বা ভাও দিয়ে সেইজনৰ হাস্যভাৱৰ উদ্ৰেক মুঠেই নহয়। সেইজনে সহৃয়জনকহে হাস্যভাৱ, হাস্যৰসৰ যোগান ধৰে। অৰ্থাৎ সহৃয়জনেহে হাস্যৰস আস্বাদন কৰে।




Check Here >>> ৰস, ধ্বনি, গুণ, ৰীতিঃ সংজ্ঞা আৰু স্বৰূপ Question Answer [Model Answer]newgifnvs

Check Here >>> BA 2nd Sem Assamese Major Booknewgifnvs

Read Also : ba 2nd sem assamese major syllabus [syllabus]newgifnvs

Read Also : BA 2nd Sem Assamese Major Question Answer [Model Answer Structure]newgifnvs



Tags :

  • বীৰ ৰস কাক বোলে
  • ৰস কেইবিধ আৰু কি কি ?
  • ৰস কেই প্ৰকাৰৰ আৰু কি কি ?
  • Gauhati University BA 2nd Sem Assamese Major Model Questions Answer
  • GU BA 2nd Sem Assamese Major Model Solution
  • ba 2nd sem assamese major question paper
  • BA 2nd Sem Assamese Major Question Answer
  • ba 2nd sem assamese book pdf
  • ba 2nd sem assamese major syllabus
  • assamese major question paper 2nd semester
  • ৰস বুলিলে কি বুজা
  • ৰস বুলিলে কি বুজা? ই কেই প্ৰকাৰৰ আৰু কি কি?