Follow Us:

Class 9 Assamese Chapter 1 Question Answer | শিশুলীলা Class 9 Assamese Question Answer.

LearningPointAssam.com

শিশুলীলা | Class 9 Assamese Question Answer | Class 9 assamese chapter 1 question answer, শিশুলীলা Class 9 Question answer: Dear Students, You are looking for SEBA Class 9 Assamese Question Answer শিশুলীলা question bank, অসমীয়া class 9 শিশুলীলা question answer here. You can prepare ahead of the board exams by taking help from these Class 9 Assamese Chapter 1 শিশুলীলা can be of great value to excel in the examination.

Class 9 Assamese Chapter 1 Question Answer

Class 9 Assamese শিশুলীলা all question answer & Guide to each Unit are provided in the list of class 9 assamese question answer SEBA Syllabus. Class 9 assamese chapter 1 question answer শিশুলীলা you can easily browse throughout chapter-wise শিশুলীলা Class 9 Assamese Question Answer.

শিশুলীলা Class 9 Assamese Question Answer

Class 9 Assamese শিশুলীলা Notes covers all the practice questions of SEBA syllabus. Class 9 assamese chapter 1 question answer is given here which ensures smooth and easy understanding of all the concepts.  Understand the concepts behind each unit and score well in board exams.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 1 

শিশুলীলা — ALL Important Question & Answers

অসমীয়া Class 9 শিশুলীলা


CONTENTS 

শিশুলীলা
(অসমীয়া class 9 question answer)
 Question and Answer key






শিশুলীলা
___________________

দিনেক যশোদা নন্দ জায়া ।
আপুনি মথন্ত দধি গৈয়া ।। 
কৃষ্ণৰ শৈশৱ লীলাক স্মৰি। 
কৃষ্ণগীত  গাৱন্ত সুন্দৰী ।।   
ক্ষৌম বস্ত্ৰ পিন্ধি দিব্য কাছে ।
কটিত মেখলা বান্ধি আছে ।।
পুত্ৰস্নেহে স্ৰৱে দুয়ো স্তন ।     
আজোড়ন্তে লড়ে ঘনে ঘন ।। 
ৰুণ ঝুণ কেয়ূৰ কঙ্কণ ।       
শ্ৰম জলে উজ্জ্বল বদন ।।  
কণত কুন্দল দোলে আতি । 
খসি পড়ে খোপাৰ মালতি ।।
এহিমতে মথন্তে প্ৰয়াসি ।
মাৱক ধৰিলা কৃষ্ণে আসি ।  
মথনিত ধৰিয়া নিষেধি ।   
মথিবাক নেদে আউৰ দধি ।।
হাসি কোলে লৈলা নন্দ জায়া ।।
দিলা স্তন পুত্ৰমুখ চায়া ।।


প্ৰশ্নাৱলীঃ

শিশুলীলা | Class 9 Assamese Chapter 1 Question Answer

পাঠভিত্তিক প্রশ্নোত্তৰঃ

Q. 1 | তলৰ প্রশ্নসমূহৰ অতি চমুকৈ উত্তৰ দিয়াঃ

(ক) 'কৃষ্ণগীত গাঁৱন্ত সুন্দৰী' — ইয়াত কৃষ্ণ গীত গোৱা সুন্দৰী গৰাকী কোন?

উত্তৰঃ “কৃষ্ণগীত গাঁৱন্ত সুন্দৰী”- ইয়াত কৃষ্ণ গীত গোৱা সুন্দৰী গৰাকী হ’ল- নন্দৰ ৰাণী যশোদা ।

(খ) 'কৰ্ণত কুণ্ডল দোলে অতি।'
       ---কাৰ কাণৰ কুণ্ডলৰ কথা কৈছে?

উত্তৰঃ 'কণত কুণ্ডল দোলে অতি' ইয়াত যশোদাৰ কাণৰ কুণ্ডলৰ কথা কোৱা হৈছে।

বা

ইয়াত যশোদাৰ কৰ্ণত কুণ্ডলৰ কথা কোৱা হৈছে।

(গ) 'কাম্পে কোপে অৰুণ অধৰ।'
      ----ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে?

উত্তৰঃ কাম্পে কোপে অৰুণ অধৰ' ইয়াত শ্ৰীকৃষ্ণৰ অৰুন অধৰৰ কথা কোৱা হৈছে।

বা

ইয়াত শ্ৰীকৃষ্ণৰ অৰুন অধৰৰ কথা কোৱা হৈছে।

(ঘ) “মাথনিত ধৰিয়া নিষেধি।”- ‘মাথনি’ শব্দৰ অৰ্থ কি?

উত্তৰঃ “মাথনিত ধৰিয়া নিষেধি।”- ইয়াত ‘মাথনি’ শব্দৰ অৰ্থ হ’ল- গাখীৰ ঘূটিবলৈ ব্যবহাৰ কৰা এবিধ সঁজুলি ।

(ঙ) 'নোজোড়ে আঙ্গুল দুই জৰী'----ইয়াত কাৰ জৰীৰ নাটনি হৈছে?

উত্তৰঃ 'নোজোড়ে আঙ্গুল দুই জৰী' --- ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ  মাক যশোদাৰ জৰীৰ নাটনি হৈছে।

বা

ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰীৰ নাটনি হৈছে।


(চ) “ৰুণ-ঝুন কেয়ুৰ কংকণ”
         — কাৰ কেয়ুৰ কংকণৰ ৰুণ-ঝুন শব্দৰ কথা ইয়াত কোৱা হৈছে?

উত্তৰঃ  “ৰুণ-ঝুন কেয়ুৰ কংকণ”- কাৰ কেয়ুৰ কংকণৰ ৰুণ-ঝুন শব্দৰ কথা ইয়াত নন্দৰ ৰাণী যশোদাৰ কথা কোৱা হৈছে ।

(ছ) মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?

উত্তৰঃ মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল- কীৰ্তন ঘোষা ।

(জ) মহাপুৰুষ শংকৰদেৱৰ বিৰচিত এখন অংকীয়া নাটৰ নাম লিখা ।

উত্তৰঃ মহাপুৰুষ শংকৰদেৱৰ বিৰচিত এখন অংকীয়া নাটৰ নাম হ’ল- ৰাম বিজয় ।

(ঋ) শ্ৰীকৃষ্ণই শিকিয়াৰ পৰা লৱন চুৰ কৰি কাক দিছিল?

উত্তৰঃ শ্ৰীকৃষ্ণই শিকিয়াৰ পৰা লৱন চুৰ কৰি বান্দৰক দিছিল ।



শিশুলীলা | Class 9 Assamese Chapter 1 Question Answer

Q. 2 | তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া : Mark — 2

(ক) মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা দুখন অংকীয়া নাটৰ নাম লিখা ।

উত্তৰঃ মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা দুখন অংকীয়া নাটৰ নাম হ’ল- ৰাম বিজয় আৰু কেলি- গোপাল ।

(খ) চিহ্নযাত্রা কি?

উত্তৰঃ ‘চিহ্নযাত্রা’ মানে হ’ল- শংকৰদেৱে ৰচনা কৰা সংলাপবিহীন নাট । এইখন নাটকে গুৰুজনাই অসমীয়া নাট্য বুৰঞ্জিৰ পাতনি মেলিছিল ।

(গ) শংকৰদেৱে কোন দুখন গ্ৰন্থৰ কিছু কিছু অংশ অসমীয়ালৈ অনুবাদ কৰিছিল?

উত্তৰঃ শংকৰদেৱে ভাগৱত আৰু ৰামায়ণ এই দুখন গ্ৰন্থৰ কিছু কিছু অংশ অসমীয়ালৈ অনুবাদ কৰিছিল ।



Q. 3 | তলৰ প্রশ্নসমূহৰ উত্তৰ লিখা: Mark — 4 


(ক) 'শিশুলীলা' পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা।

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'কীত্তন ঘোষা'ৰ অন্তৰ্গত 'শিশুলীলা' পাঠটিত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটোও অতি সুন্দৰ ভাৱে পৰিস্ফুত হোৱা দেখিবলৈ পোৱা যায়। সাধাৰণ মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰে, মাকৰ লগত ঠেহ-পেচ কৰে থিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণয়ো মাক যশোদৰ লগত ঠেহ পাতিছে, অভিমান কৰিছে। মাকৰ মনোযোগ আকৰ্ষন কৰাৰ বাবে ঘৰৰ বয়-বস্তু ভাঙি, দলিয়াই লণ্ড-ভণ্ড কৰিছে। মাকৰ খং উঠাত ভয়তে পলাইছে আৰু মাকৰ ভাগৰ লগা দেখি আপুনিয়ে মাকৰ হাতত ধৰাও দিছে। শিশুলীলাৰ আখ্যাননিভাগ কৃষ্ণ হৈ পৰিছে চিৰন্তন শিশুৰ এক মোহনীয় ৰূপ। এয়াযেন আমাৰ চিনাকি এক শিশুৰহে দুষ্টালি।

(খ) শংকৰদেৱৰ মহত্ত্বম সৃষ্টি 'কীৰ্তন-ঘোষা'ৰ বিষয়ে এটি চমুটোকা লিখা। 

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীতিস্তম্ভ হলঃ 'কীত্তন ঘোষা' । নাম প্ৰসঙ্গৰ উপযোগী হিচাপে ৰচনা কৰা এই কাব্যগ্ৰন্থ মহাপুৰুষৰ দ্বাৰা প্ৰৱত্তিত একশৰন নাম ধৰ্মৰ মূলপুঠি। বিভিন্ন ছন্দৰ প্ৰয়োগ, ৰসৰ প্ৰধান্য তথা ভক্তিধৰ্মৰ গুনানুকীৰ্ত্তনেৰে ভৰপুৰ কীৰ্তন-ঘোষাত ৯ টা অধ্যায় আছে। সাহিত্যিক গুনেৰে সমৃদ্ধ কীৰ্তন-ঘোষাই ভক্তি ৰসৰ ফল্গুধাৰা  নিঃসৰন কৰাৰ উপৰিও আমাৰ সমাজৰ জনসাধৰনৰ মনটো এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। 

(গ) শঙ্কৰদেৱে ৰচিত কীৰ্তন পুথিৰ বিষয়ে পঁচিছটামান শব্দৰ ভিতৰত এটি টোকা লিখা ।

উত্তৰঃ মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে কীৰ্তন পুথি । ই গুৰুজনাৰ প্ৰচাৰিত নামধৰ্মৰ মূল গ্ৰন্থ । কীৰ্তন ২৭ টা স্বয়ং- সম্পূৰ্ণ খণ্ডৰ সমষ্টি । গ্ৰন্থখন শ্ৰৱণ কীৰ্তনৰ উপযোগী নাম – প্ৰসংগৰ পুথি । কীৰ্তনৰ বেছিভাগ খণ্ডই ভাগৱত পুৰাণৰ সাৰ সংগ্ৰহ ।

(ঘ) 'শিশুলীলা' পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা।

উত্তৰঃ 'শিশুলীলা' পাঠটি শ্ৰীমন্ত শংকৰদেৱেৰ দ্বাৰা বিৰচিত 'কীৰ্তন-ঘোষা'ৰ অন্তগত। ভগৱান শ্ৰীকৃষ্ণ ত্ৰিজগতৰ প্ৰতি পূনব্ৰহ্ম অৱতাৰ । সেইজন ভগৱানেই ভকতৰ মনোকামনা পূৰনৰ হেতু সাধাৰন মানৱশিশুৰূপে যশোদাৰ পুত্ৰহৈ জন্ম লৈছে আৰু নানান লীলা খেলা দেখুৱাইছে। 'শিশুলীলা' মহাপুৰুষ শংকৰদেৱৰ  ভগৱত প্ৰেমৰ সুন্দৰ নিদৰ্শন।

               মাতৃ যশোদা আৰু শিশুপুত্ৰ শ্ৰীকৃষ্ণৰ লীলা খেলাৰে পৰিপূৰ্ণ 'শিশুলীলা' পাঠটিৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন। ভক্তৰ অধীন ভগৱানে ভকতৰ মনোকামনা  পূৰন কৰিবলৈ সদাই যত্ন কৰে। যশোদা পৰম কৃষ্ণ ভক্ত । যি জনা পৰম ঈশ্বৰক মহা মহা । যোগী সধিক সকলে তপ-যপ কৰিও দশন লাভ কৰিব নোৱাৰে; সেইজনা পৰম পুৰুষ ঈশ্বৰক একমত্ৰ ভক্তিৰ জৰিয়তেই যশোদাই নিজপুত্ৰ ৰূপে লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু সাধাৰন মানৱী যশোদা ভগৱানক লাভ কৰিও অহংকাৰ মুক্ত হব পৰা নাছিল। সেয়েহে কৃষ্ণই তেওঁক নচুৱাই ৰং চাইছে। পৰমবহ্ম কৃষ্ণক নিজ পুত্ৰৰূপে ভ্ৰম কৰি যশোদাই তেওঁক উড়লত বান্ধিবলৈ প্ৰয়োগ কৰিছে আৰু বিফল হৈছে।

                ভগবান শ্ৰীকৃষ্ণ অনাদি অনন্ত। সাংসাৰিক মায়া মোহৰ স্ত্ৰষ্টা, কালৰ অধিকাৰী। সেইজন ভগৱান সবব্যপ্ত, সৰ্বশক্তিমান। কেৱল ভকতিৰ জৰিয়তেহে তেওঁক লাভ কৰা সম্ভৱ। এয়ে 'শিশুলীলা' পাঠটিৰ তাৎপৰ্য।

(ঙ) 'তাহাঙ্ক তনয় মানি বলে।
      যশোদা বান্ধন্ত উড়ুখলে।' ----কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা।

উত্তৰঃ 'তাহাঙ্ক নয় মানি বলে।

            যশোদা বান্ধন্ত উডুখলে'। -  উক্ত পদফাঁকিৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 'শিশুলীলা' নামৰ পাঠটিত  পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক মাক যশোদাই উড়লত বান্ধি যোৱাৰ প্ৰয়াস কৰাৰ কৰা প্ৰকাশ কৰিছে।

               যশোদা আছিল শ্ৰীকৃষ্ণৰ পৰম ভক্ত। ভকতিৰ বলতেই যশোদাই ত্ৰীজগতৰ পতি পৰম পুৰুষ শ্ৰীকৃষ্ণক পুত্ৰ ৰূপে লাভ কৰিছিল। মহা মহা যোগী, মাধৱ সকলে বছৰ বছৰ ধৰি তপ-যপ কৰিও যিজনা ভগৱানক দৰ্শন পাবলৈও সক্ষম হোৱা নাছিল; সেই পৰম ঈশ্বৰক যশোদাই কেৱল ভকতিৰ জৰিয়তেই পুত্ৰ ৰূপে লাভ কৰিছিল। নিজ পুত্ৰ মানি শ্ৰীকৃষ্ণৰ লগত খং অভিমান কৰিছিল, আনকি বান্ধি থবলৈও প্ৰয়াস কৰিছিল। ইয়াৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে- ভগৱান সদায় ভকতৰ অধিন। ভকতে যি ৰূপতেই তেওঁক বিচাৰে তেওঁ সেই ৰূপতেই ভকতক ধৰা দিয়ে।

(চ) 'নাহি আদি অন্ত পূৰ্বাপৰ।
     পূৰ্ণব্ৰহ্মা জগত ঈশ্বৰ ।।' ---- ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা।

উত্তৰঃ 'নাহি আদি অন্ত পূৰ্বাপৰ।

             পূৰ্ণব্ৰহ্মা জগত ইশ্বৰ'! - এই কবিতা ফাঁকিৰ জৰিয়তে কবি শ্ৰীমন্ত শংকৰদেৱে পূৰ্ণব্ৰহ্মা অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ বিষয়ে প্ৰকাশ কৰিছে। 

             ভগৱান শ্ৰীকৃষ্ণই পুত্ৰ ৰূপে যশোদাৰ ঘৰত ওপজি নানান লীলা খেলা কৰিছিল। শিশু পুত্ৰৰূপে তেওঁ যশোদাৰ কোলাত উঠিবলৈ আমনি কৰিছিল, মাকক কাম কৰিবলৈ আমনি কৰিছিল, স্তনপান কৰিবলৈ নাপাই দধিভাণ্ড ভাঙিছিল, লৱনু চুৰ কৰি নিজেও খাইছিল আৰু বান্দৰকো দিছিল। শিশুকৃষ্ণৰ উতপাতত মাক যশোদা অতিষ্ঠ হৈছিল আৰু শান্তি ৰূপে ৰচীৰে উড়লত বান্ধি থবলৈ প্ৰয়াস কৰিছিল। কিন্তু  শ্ৰীকৃষ্ণ হল পৰম ভগৱান। তেওঁক একোৰেই আৱদ্ধ কৰিব নোৱাৰি। সোয়েহে যশোদাই তেওঁক বান্ধিব বিছাৰোতে প্ৰতিবাৰতেই দুই আঙুল ৰচীৰ নাটনি হ'ল। অৱশেষত মাকৰ প্ৰৰিশ্ৰম দেখি শ্ৰীকৃষ্ণই নিজেই যশোদাৰ হাতত বন্ধন স্বীকাৰ কৰিলে। সেয়েহে কবিয়ে কৈছে যে শ্ৰীকৃষ্ণৰ আদি অন্ত নাই, তেৱেই এই সৰাচৰ জগতৰ পৰম পুৰুষ। ত্ৰি জগতৰ সৃষ্টিকৰ্তা পূৰ্ণ ব্ৰহ্মা অৱতাৰ। 

(ছ) নাহি আদি অন্ত পূর্বাপৰ ।
পূৰ্ণ ব্রহ্ম জগত ঈশ্বৰ ।
ইয়াত কবিয়ে কি প্ৰসংগত কাৰ বিষয়ে, কিয় এইদৰে কৈছে চমুকৈ লিখা ।

উত্তৰঃ প্ৰশ্নত উল্লেখ কৰা পদফাকিত ভক্ত কবি শংকৰদেৱে ভগৱান শ্ৰীকৃষ্ণক সামান্য নাৰী যশোদাই উৰালত বান্ধিবলৈ লোৱাৰ প্ৰসংগত কৈছে । পদফাকিত শিশু শ্ৰীকৃষ্ণৰ বিষয়ে কোৱা হৈছে । শিশু কৃষ্ণ অনাদি অনন্ত পূৰ্ণব্রহ্মৰ অৱতাৰ। তেওঁক সাধাৰণ শিশু বুলি ভ্ৰম কৰি যশোদাই উৰালত বান্ধিব খুজিছে ।

শিশু কৃষ্ণ সামান্য কৃষ্ণ শিশু নহয় । তেওঁক সামান্য শিশুৰ দৰে বান্ধিব নোৱাৰি । যশোদাই কৃষ্ণক বান্ধিবলৈ যত্ন কৰি সেয়েহে সফল হ’ব পৰা নাই । কবিয়ে সেয়েহে উক্তপদফাকিৰ অৱতাৰণা কৰিছে ।



Class 9 assamese chapter 1 question answer | শিশুলীলা Class 9 Question answer

Q. 4 | ব্যাখ্যা কৰা : Mark — 4/5

(ক) যাক যোগী নপাৱে ধ্যানত ।
হেন হৰি পলান্ত ভয়ত।।


উত্তৰঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিত- অন্তৰ্গত শংকৰদেৱৰ ৰচিত ‘শিশুলীলা’ নামৰ কাব্যাংশৰ পৰা তুলি অনা হৈছে । যি ভগৱান কৃষ্ণক সাধনা কৰিও পোৱা নাযায় সেই শ্ৰীকৃষ্ণ মাক যশোদাৰ ভয়ত মানৱ শিশুৰ দৰে পলুৱাত কোবিয়ে এনেদৰে কৈছে ।

মাতৃৰ স্তন পান কৰি থকাৰ সময়ত হঠাতে চৌকাত বহাই থোৱা গাখীৰ উতলি পৰিব ধৰাত শিশু কৃষ্ণক এৰাই থৈ মাক যশোদা গাখীৰ নমাবলৈ গ’ল ।

স্তন পান কৰিব নোৱাৰাৰ বাবে কৃষ্ণই খঙতে শিল মাৰি দধিৰ ভাণ্ড ভাঙিলে আৰু গোপনে গৈ নিজে দধি খালে আৰু বান্দৰকো খুৱালে । পুত্ৰৰ কাণ্ড দেখি মাকে চেকণি লৈ খেদি যোৱাত কৃষ্ণ পলাই ফুৰিব ধৰিলে । ইয়াকে দেখি কবিয়ে কৈছে যে তপস্বীসকলে কঠোৰ তপস্যা কৰিও যিগৰাকী পৰম ঈশ্বৰক পাব নোৱাৰে সেই- গৰাকীয়ে মানৱ শিশুৰূপে আবিৰ্ভাৱ হৈ সামান্য নাৰী এজনীৰ ভয়ত পলাই ফুৰিছে । এয়া মাথোঁ ঈশ্বৰৰ লীলা ।

(খ) ভাণ্ড ভাঙ্গি আবে যাইবি কোথা।
   খাইবো আজি কৃষ্ণ তোৰ মাথা।।

উত্তৰঃ "ভাণ্ড ভাঙ্গি আবে যাইবি কোথা।

   খাইবো আজি কৃষ্ণ তোৰ মাথা"।

          উক্ত পদফাঁকি আমাৰ পাঠৰ অন্তগত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত 'শিশুলীলা' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

             কবিতা ফাঁকিত যশোদাই শ্ৰীকৃষ্ণক দৈ লৱনুৰ টেকেলি ভঙাৰ বাবে খং কৰি গালি পৰাৰ কথা কোৱা হৈছে।

              শ্ৰীকৃষ্ণক যশোদাই কোলাৰ পৰা নমাই স্তন পান কৰাৰ পৰা বিৰত কৰি জুইত বহাই থোৱা গাখীৰ নমাবলৈ যোৱা বাবে শ্ৰীকৃষ্ণই খঙতে দৈ, লবনুৰ টেকেলিবোৰ মজিয়াত চতিয়াই নিজেও খাইছে আৰু বান্দৰকো দিছে। যশোদাই জুইৰ পৰা গাখীৰ নমাইথৈ আহি কৃষ্ণৰ কাণ্ড দেখি খং উঠিছে আৰু কৃষ্ণক এইবোৰ দুষ্টালি কৰাৰ বাবে গালি পাৰিছে। পদফাঁকিৰ জৰিয়তে মাতৃ আৰু পুত্ৰৰ চিৰন্তন স্নেহৰ প্ৰকাশ ঘটিছে।

(গ) পাচে পাচে যশোদা খেদন্ত।
     ভয়ে লাগ মাৱক নেদেন্ত।।

উত্তৰঃ “পাচে পাচে যশোদা খেদন্ত।

     ভয়ে লাগ মাৱক নেদন্ত”

     উক্ত কবিতাফাঁকি আমাৰ পাঠৰ অন্তগত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত ‘শিশুলীলা’ ৰ পৰা তুলি দিয়া হৈছে।

    পৰম ভক্ত যশোদাই নিজা ভকতিৰ বলত ত্ৰিজগতৰ পতি হৰিক পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছিল। শ্ৰীকৃষ্ণয়ো শিশুৰূপে মাতৃ যশোদাৰ লগত নানান লীলা খেলা কৰিছিল। মাকৰ স্তনপান কৰিব নাপায় শিশু কৃষ্ণই দৈ লৱনুৰ টেকেলি শিলগুটি মাৰি ভাঙিছিল। লৱনুবোৰ মজিয়াত চটিয়াইছিল নিজেও খাইছিল আৰু বান্দৰকো দিছিল। যশোদাই কৃষ্ণৰ এই কাণ্ডদেখি খং কৰিছিল আৰু মাৰিবলৈ হাতত বাৰী তুলি লৈছিল মাকৰ খং উঠা দেখি কৃষ্ণই ভয়তে পলাইছিল। এনেদৰে মাতৃ পুত্ৰৰ মাজত হোৱা খং অভিমানৰ চিত্ৰ কবিয়ে কবিতাফঁকিৰ জৰিয়তে খুব সুন্দৰকৈ বননা কৰিছে।

(ঘ) নাহি আদি………
……..জগত ঈশ্বৰ ।

উত্তৰঃ উক্ত কথাফাকি শ্ৰীমন্ত শংকৰদেৱে বিৰচিত ‘শিশুলীলা’ নামৰ পাঠটিৰ পৰা তুলি লোৱা হৈছে । মাকৰ স্তন পান কৰি থকাৰ সময়তে চৌকাত বহাই থোৱা গাখীৰৰ উতলি পৰাত তাৰাতাৰি কৃষ্ণক কোলাৰ পৰা নমাই থৈ যশোদাই গাখীৰৰ ওচৰলৈ দৌৰি গ’ল ।

ইয়াতে কৃষ্ণৰ খং উঠিল আৰু দধিৰ ভাণ্ড শিল মাৰি ভাঙি পেলালে আৰু নিজে দধি খালে আৰু বান্দৰকো দিলে । পুত্ৰৰ কাণ্ডত মাক যশোদা খঙত টিঙিৰি তোলা হৈ পৰিল । হাতত এচাৰী লৈ পুত্রক খেদি লৈ ফুৰিলে আৰু তেতিয়াই কৃষ্ণৰ মাকক এই কথা কৈ গৈছিল ।

(ঙ) গোবিনদে মাৱৰ শ্রম দেখি ।
ৰহিল কান্দতে মুদি আখি।।

উত্তৰঃ উক্ত পদফাকি আমাৰ পাঠ্যপুথি সাহিত্য সুবাসৰ অন্তৰ্গত মহাপুৰুষ শংকৰদেৱৰ বিৰচিত ‘শিশুলীলা’নামৰ কবিতাংশৰ পৰা তুলি অনা হৈছে | শিশু কৃষ্ণই যশোদাৰ ওচৰত ধৰা দিয়াৰ কথা ক’বলৈ গৈ পদফাকিৰ অৱতাৰণা কৰা হৈছে ।

ভগৱান ভক্তৰ অধীন । অহংকাৰশূন্য ভাৱেৰে একান্ত মনেৰে ভাবিলে ভগৱানে হাতেৰে ধৰা দিয়ে । শিশু কৃষ্ণই উৰালত উঠি লৱন চুৰ কৰি খোৱা দেখি যশোদাই হাতত এচাৰী লৈ কৃষ্ণক খেদিবলৈ ধৰিলে ।

যশোদাৰ অহংকাৰ বুজি পাই কৃষ্ণই যশোদাৰ পৰা পলাবলৈ দৌৰিবলৈ ধৰিলে । অহিংকাৰত মত্ত যশোদাই বহু কষ্ট কৰিও কৃষ্ণক ধৰিবলৈ সমৰ্থ নহ’ল । দৌৰি দৌৰি তেওঁ ভাগৰি পৰিল । গতি মন্থৰ হ’ল, খোৱা সুলকি পৰিল । কৃষ্ণ পৰম দয়ালু । ভক্তৰ কষ্ট দেখি তেওঁ সহ্য কৰিব নোৱাৰে । সেয়েহে যশোদাৰ শ্ৰম দেখি শিশুৰূপী কৃষ্ণই ধীৰা দিলে । তেওঁ সামান্য শিশুৰ দৰে চকু মুদি কান্দি কান্দি ৰৈ দিলে যাতে যশোদাই তেওঁক ধৰিব পাৰে ।

(চ) মহা কোনে কোঠা পৰিলন্ত ।
হিন্দিৰে সিঞ্চিৰাই লৱনু ভুঞ্জান্ত ।।
কোনে অতি খঙত কোঠাত সোমোৱাইছিল? তেওঁ কিয় লৱনবোৰ চাৰিওফালে ছটিয়াইছিল বুজাই লিখা ।

উত্তৰঃ কবিতা ফাঁকিত উল্লেখ কৰা মতে শিশু কৃষ্ণ অতি খঙত কোঠাত সোমোৱাইছিল ।

শিশুৰূপী ভগৱান শ্ৰীকৃষ্ণই সাধাৰণ শিশুৰ দৰেই দধি মথি থকা যশোদাক আমনি কৰিছিল আৰু মাকৰ কোলাত উঠিবলৈ আব্দাৰ কৰিছিল । পুত্ৰৰ স্নেহত কাতৰ যশোদাই মৰমেৰে পুত্ৰক কোলাত লৈ স্তন পান কৰাইছিল । তেনেতে গাখীৰ উথলি পৰিব খোজা দেখি যশোদাই কৃষ্ণক কোলাৰ পৰা নমাই থৈ গ’ল ।

মাতৃদুগ্ধ পান কৰিবলৈ নোপোৱাৰ বাবে কৃষ্ণৰ খং উঠিল । খঙতে তেওঁ দাঁত কামুৰিবলৈ ধৰিলে আৰু শিল দলিয়াই দধিৰ পাত্ৰ ভাঙি পেলালে । তাৰ পিছত খঙতে দধি থোৱা কোঠাত সোমাই লৱনবোৰ শিকিয়াৰ পৰা নমাই আনিলে আৰু সিঁচি-মেলি নষ্ট কৰিলে । লৱনবোৰ ছটিয়াইছিল নিষ্ট কৰাৰ লগতে নিজেও খালে ।

Q. 5 | শিশুলীলা পাঠৰ আধাৰত  শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা।

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 'কীৰ্তন ঘোষাৰ' অন্তৰ্গত শিশুলীলা পাঠটি পৰম তত্ত্ব প্ৰকাশক। পাঠটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব অতি সুন্দৰ ভাৱে কবিজনাই দাঙি ধৰিছে। এফালে শিশুকৃষ্ণৰ  দুষ্টামিৰ মাজেৰে সাধাৰণ মানৱ শিশুৰ ৰূপটি দাঙি-ধৰাৰ উপৰিও তেওঁৰ লীলা মহিমাৰ মাজেৰে ভগৱানৰ ৰূপটোও আমাক সোৱঁৰাই থাকিবলৈ পাহৰা নাই।

    কামত ব্যস্ত মাকক শিশু কৃষ্ণই আমনি কৰিছে। স্তন পিৰিবলৈ মাকৰ কোলাত উঠিবলৈ ইচ্ছা কৰাত মাক যশোদাই মৰমেৰে কোলাত লৈ কৃষ্ণক স্তন পান কৰাইছে। তেনেতে জুইত বহাই থৈ অহা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ যশোদা যোৱা দেখি কৃষ্ণই খং অভিমান কৰিছে। দধি দুগ্ধৰ কলহ শিলগুটিৰে ভাঙিছে, মজিয়াত সিঁচৰিত কৰিছে, বান্দৰকো দিছে। কৃষ্ণৰ এইবোৰ কাণ্ড দেখি যশোদাৰ খং উঠিছে। মাকৰ খং উঠা দেখি কৃষ্ণ মাকৰ ভয়তে পলাইছে। এনেদৰে শ্ৰীকৃষ্ণৰ সাধাৰণ মানব শিশুৰ ৰূপটি অতি সুন্দৰ ভাৱে দাঙি ধৰিছে।

     আনহাতে, শ্ৰীকৃষ্ণৰ  পৰম পুৰুষ ভগৱান। তেওঁ অনাদি অনন্ত, যি জগতৰ সৃষ্টিকৰ্তা পৰম ব্ৰহ্মা। ভগৱান ভক্তৰ অধীন। ভকতবৎসল ভগৱানে যশোদাৰ ওচৰত ধৰা দিছে। কিন্তু যশোদাৰ আচৰণত অহংকাৰৰ চিন দেখি তেওঁ নিজৰ ঐশ্বৰিক মহিমা দেখাইছে। মাক যশোদাই কৃষ্ণক বান্ধিবলৈ খুজিছে তেতিয়া বাৰে বাৰে দুই আঙুল জৰি কম হৈছে। এনেদৰে শ্ৰীকৃষ্ণৰ মহিমাৰ জৰিয়তে তেওঁ যে পৰম পুৰুষ ভগৱান এই কথাও কবিজনাই সোৱঁৰাই দিৱলৈ পাহৰা নাই।

Q. 6 | তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা ।

উত্তৰঃ কৰ্ণ – কণ, শ্রৱণেন্দ্রিয় অৰুণ – সূর্য,সবিতা

দধি – দৈ বস্ত্র – কাপোৰ, অম্বৰ

বিদন – মুখ লৱন – মাখন, নৱনীত

কোপ – খং, ৰাগ দশন – দাঁত, দন্ত

দুগ্ধ- গাখীৰ ঈশ্বৰ – ভগৱান, পৰমেশ্বৰ

Q. 7 | আধুনিক ৰূপ লিখা :

উত্তৰঃ তাহাংক – তেওঁক নোজোৰে – নাটে

খসি – খহি ৰহিল – ৰ’ল

আসি- আহি ভৌলা – হ’ল

আসন্ত – আহিলে শিলায়ে – শিলেৰে

কাম্পে – কঁপে মাৱক – মাকক

Q. 8 | তলৰ শব্দকেইটাত কি কি কাৰণত (ণ)আৰু (ষ) হৈছে বুজাই লিখা ।

উত্তৰঃ অৰুণ : ‘ৰ’ আৰু ‘ন’ৰ মাজত স্বৰবৰ্ণ ‘উ’ থকাৰ বাবে ‘ন’ ‘ণ’ হৈছে ।

কলঙ্ক : স্বাভাবিকতে হৈছে ।

কৰ্ণ : ‘ৰ’ৰ পিছত ‘ন’ থকা বাবে ‘ণ’ ‘ষ’ হৈছে ।

শ্ৰেণী : ‘ৰ’আৰু ‘ন’ৰ মাজত স্বৰবৰ্ণ ‘ও’ থকাৰ বাবে শেষৰ ‘ন’ ‘ণ’ হৈছে ।

ভাণ্ড : ‘ট’ বৰ্গৰ আখৰেৰে যুক্ত হোৱা বাবে ‘ন’ ‘ণ’ হৈছে ।

নিষেধি : ই- কাৰান্ত উপসর্গৰ পিছত হা,সিধ্, সিচ্,লস্ আদি ধাতুৰ ‘স’ ‘ষ’ হয় বাবে ‘নিষেধি’ত ‘ষ’ হৈছে ।



অতিৰিক্ত প্রশ্নোত্তৰঃ

প্রশ্ন ১। শিকিয়াৰ পৰা নমাই আনি/বানৰকো দেন্ত দলি হানি। – ব্যাখ্যা কৰা।

উত্তৰঃ এই কবিতাফাকি, মহাপুৰুষ শংকৰদেৱ ৰচনা কৰা “শিশুলীলা” নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে।

ইয়াত কবিয়ে শ্রীকৃষ্ণই খঙতে শিকিয়াৰ পৰা লৱণু নমাই আনি বান্দৰক ভগাই দিয়া কথা উল্লেখ কৰিছে।

শ্রীকৃষ্ণই শিশু অবস্থাত মাকৰ গাখীৰ খাই থাকোতে গাখীৰ উতলি পৰা দেখি মাকে শ্রীকৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ চাবলৈ গ’ল। কিছুসময় পাছত মাকে আহি দেখে যে শ্রীকৃষ্ণই গাখীৰৰ ভাণ্ডবোৰ ভাঙি পেলাইছে। লবণুবোৰ সিঁচি দিছে। উড়লৰ ওপৰত বহি কিছু পৰিমাণে লৱণু নিজেও খাইছে আৰু বানৰকো ভগাই দিছে। শ্রীকৃষ্ণই মাকৰ বুকুৰ গাখীৰ আধাখোৱা হোৱা বাবে খঙত দাঁত-মুখ কামুৰি শিলেৰে দধিভাণ্ড বিলাক কোবাই ভাঙি দিলে।

প্রশ্ন ২। উড়ল উপৰে বসি হৰি।/ভুঞ্জন্ত লৱণু চুৰি কৰি।।
—কি কাৰণত আৰু পৰিবেশত কৃষ্ণই লৱণু চুৰ কৰি খাইছিল বুজাই লিখা।

উত্তৰঃ মাকৰ গাখীৰ খাবলৈ বিচৰা কৃষ্ণক যশোদা মাতৃয়ে স্তন পান কৰাবলৈ লৈছিল। সেই সময়তে পগাবলৈ দিয়া গাখীৰ উতলি পৰাৰ উপক্ৰম হোৱাত কৃষ্ণক স্তন পানৰ পৰা এৰুৱাই মাতৃ-যশোদা গাখীৰ নমাবলৈ গৈছিল। এনে পৰিবেশত কৃষ্ণৰ অতি খঙ উঠিছিল। খঙত হে তেওঁ দাঁত কামুৰি, শিল দলিয়াই গাখীৰৰ পাত্ৰ ভাঙিছিল। কোঠাত সোমাই লৱণু সিঁচৰতি পেলাইছিল আৰু খাইছিল। উড়লৰ ওপৰত উঠি নিজে লৱণু খোৱাৰ উপৰিও শিকিয়াৰ পৰা ভান্ড নমাই আনি বান্দৰবোৰক খাবলৈ দিছিল।


উতলা গাখীৰ নমাই থৈ আহি যশোদা মাতৃয়ে শ্রীকৃষ্ণক সেই অতপালি দেখি খঙত কৃষ্ণক এশিকনি দিয়াৰ বাবে হাতত ছেকনি (বাৰী) লৈ কৃষ্ণক খেদি গ’ল। কৃষ্ণই মাকে মৰাৰ ভয়ত উড়লৰপৰা নামি দৌৰ মাৰিলে। যোগী ঋষি মুনিয়ে তপস্যা কৰিও দৰ্শন লাভ কৰিব নোৱাৰা কৃষ্ণ মাকৰ ভয়ত পলাবলৈ ধৰিলে। খেদি ফুৰোতে যশোদা মাতৃৰ চুলিৰ খোপা খহি, খোপাৰ মালতী ফুল সৰি পৰিছে; কিন্তু সিমানতেও মাতৃ যশোদাই খেদিবলৈ এৰা নাই।

প্রশ্ন ৩। স্তন পিবে নপায়া, কৃষ্ণৰ।/কাম্পৈ কোপে অৰুণ অধৰ৷৷
—মাকৰ গাখীৰ খাবলৈ নাপাই শিশু কৃষ্ণই কৰা অতপালিৰ বিৱৰণ দিয়া।

উত্তৰঃ এদিনাখন নন্দৰাণী যশোদাই নিজে দধি মথিবলৈ ধৰিছিল। কৃষ্ণৰ শিশুকালৰ লীলা স্মৰণ কৰি, কৃষ্ণৰ গুণ-গান কৰি দধি মথনত ব্যস্ত হৈ আছিল। কৃষ্ণৰ স্তন পানৰ সময় ছোৱাতো দধিমথনত লাগি আছিল। পৰিশ্ৰমৰ ভৰত শৰীৰৰপৰা ঘাম বৈ গৈছিল। ইফালে কৃষ্ণক সময়ত পান নকৰোৱাত দুই স্তনৰ গাখীৰো ওলাবলৈ আৰম্ভ কৰিছিল। দধি মথনত হোৱা পৰিশ্ৰমজনিত কম্পনত যশোদাৰ খোপাৰ মালতী ফুল সৰি পৰিছিল। সিমানতো আওকাণ কৰি দধি মথি থকা দেখি শ্ৰীকৃষ্ণই আহি মখনি বাকীত ধৰি যশোদাক দধি মথনত বাধা দিছিল। তেতিয়াহে যশোদা মাতৃয়ে কৃষ্ণক স্তন পিবলৈ দিছিল। কিন্তু কৃষ্ণই গাখীৰ খাই থকা সময়তে পগাবলৈ দিয়া গাখীৰ উতলি পৰাৰ উপক্ৰম হোৱাত কৃষ্ণক গাখীৰ খুৱাৰ পৰা এৰি যশোদা মাতৃ উতলা গাখীৰ নমাবলৈ গৈছিল। এই কাৰ্য্যত শ্ৰীকৃষ্ণৰ অতি খঙ উঠিছিল। খঙত কৃষ্ণৰ ৰঙা ওঠ দুটা কঁপিবলৈ ধৰিছিল। খঙত দাঁত কামুৰি শিল দলিয়াই কৃষ্ণই গাখীৰৰ পাত্ৰ ভাঙি পেলাইছিল। তাৰ পাছত কোঠাত সোমাই ক্ষীৰ লৱণু যত আছিল সিঁচিছিল আৰু খাইছিল। লৱণু খাই উড়লৰ ওপৰত বহিছিল আৰু শিকিয়াৰপৰ লৱণু ভাণ্ড নমাই আনি বান্দৰবোৰকো দিছিল। মাকৰ গাখীৰ শান্তিৰে হেপাহ পলুৱাই খাব নোপোৱাৰ খঙত কৃষ্ণই এইদৰে অতপালি কৰিছিল।

প্রশ্ন ৪। “ভাণ্ড ভাঙি আজি যাইবি কোথা।/খাইবো আজি কৃষ্ণ তোৰ মাথা। —কথাষাৰ ব্যাখ্যা কৰা।

উত্তৰঃ কবিতা দুশাৰি আমাৰ পাঠ্য-পুথিৰ ‘শিশু লীলা’ নামৰ পাঠৰপৰা লোৱা হৈছে।


মাকৰ গাখীৰ খোৱা আধৰুৱা হোৱাৰ খঙত কৃষ্ণ কোঠাত সোমাই শিলগুটি দলিয়াই দধি ভান্ড ভাঙি পেলাইছিল। লৱণু সিঁচৰিত কৰি পেলাইছিল আৰু খাইছিল। উড়লৰ ওপৰত উঠি শিকিয়াৰ পৰা লৱণু আনি বান্দৰকো দিছিল। তাকে দেখি মাতৃ যশোদাৰ খং উঠিছিল আৰু হাতত মাৰি লৈ কৃষ্ণক খেদি গৈছিল। গাখীৰ ভাণ্ড ভঙাৰ উচিত শাস্তি দিয়াৰ ভাবেৰে ক’ত মাৰিৰি বুলি খেদি যোৱাত কৃষ্ণ উড়লৰপৰা নামি দৌৰিবলৈ ধৰিছিল। যশোদাই খেদি খেদি ভাগৰি পৰা দেখি ভয়ৰুভাব দেখুৱাই চকুমুদি কৃষ্ণ বহি পৰাত যশোদাই হাতত ধৰি ভান্ড ভঙাৰ উচিত শাস্তি দিয়াৰ ভয় খুৱাইছিল। কৃষ্ণক নি উড়লত বান্ধি’ব খুজিছিল। কিন্তু ঈশ্বৰ পুৰুষ কৃষ্ণই নিজৰ লীলা-বলেৰে বান্ধ নোখোৱাকৈ থাকিবলৈ যত্ন কৰিছিল। যশোদা মাতৃয়ে ৰচী সিমান আনিলেও দুই আঙুলে নোজোড়া অৱস্থা হৈছিল। শেষত কৃষ্ণই লীলা সম্বৰণ কৰি যশোদা মাতৃৰ হাতত বান্ধ খাইছিল।


প্রশ্ন ৫। চমু উত্তৰ দিয়া।

(ক) ‘শিশু লীলা’ কবিতাটি ক’ৰ পৰা লোৱা হৈছে?

উত্তৰঃ ‘শিশুলীলা’ কবিতাটি শংকৰদেৱৰ কীৰ্ত্তন পুথিৰ ‘শিশুলীলা’ খণ্ডৰপৰা লোৱা হৈছে।

(খ) কৃষ্ণই মথনি মাৰিত ধৰি যশোদাক দধি মথাত কিয় বাধা দিছিল?

উত্তৰঃ মাতৃ যশোদা দধি মথনত লাগি থাকি কৃষ্ণক গাখীৰ নুখুউৱাৰ বাবে আমনিবোধ কৰি মাকৰ গাখীৰ খোৱাৰ মনেৰে দধি মথনত বাধা দিছিল।

(গ) কৃষ্ণই মাকৰ গাখীৰ খাব পালেনে?

উত্তৰঃ মনৰ আশাৰে মাকৰ গাখীৰ কৃষ্ণই খাব নাপালে। স্তন পান কৰিবলৈ ঘুৰোতেই উতলা গাখীৰ পৰি যাব বুলি যশোদাই কৃষ্ণক স্তন পান কৰাত এৰি গাখীৰ নমাবলৈ যোৱাত কৃষ্ণই মাকৰ গাখীৰ ভালকৈ খাব নাপালে।

(ঘ) মাকৰ গাখীৰ খাব নাপাই কৃষ্ণই কি কৰিলে?

উত্তৰঃ মাকৰ গাখীৰ খাব নাপাই খঙতে কৃষ্ণই দধি ভান্ড ভাঙি, লৱণু সিঁচৰতি কৰি পেলাইছিল। উড়লত বহি নিজে লৱণু খোৱাৰ উপৰিও বান্দৰকো দিছিল।

(ঙ) কৃষ্ণৰ অতপালিৰ বাবে শাস্তি দিবলৈ খেদি গৈ যশোদাই কৃষ্ণক ধৰিব পাৰিলেনে?

উত্তৰঃ কৃষ্ণক ধৰিবলৈ খেদি ফুৰোতে যশোদা ভাগৰি-পৰাত কৃষষ্ণই নিজে ধৰা দিছিল।

(চ) শাস্তি দিবৰ বাবে যশোদাই কৃষ্ণক কত বান্ধিব খুজিছিল?

উত্তৰঃ শাস্তি দিয়াৰ বাবে যশোদা-মাতৃয়ে কৃষ্ণক উড়লত বান্ধিব খুজিছিল।

প্রশ্ন ৬। তোমাৰ পাঠৰ আধাৰত ‘কীৰ্তন’ পুথিৰ কাব্যিক সৌন্দৰ্যৰ আভাস দিয়া।

উত্তৰঃ শংকৰদেৱৰ গ্ৰন্থসমূহে অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ লগতে অসমীয়া সাহিত্য সমৃদ্ধিশালী কৰি তোলাতো বিপুলভাবে সহায় কৰিছে। শংকৰদেৱৰ ‘কীৰ্তনত’ অন্তৰ্ভুক্ত কেইবাখনিও ক্ষুদ্রকাব্য আছে। এইক্ষুদ্ৰ কাব্য সমূহ শংকৰদেৱৰ অপূর্ব সৃষ্টি। ‘কীর্তন’ পুথিৰ অন্তৰ্গত শিশুলীলা এটা কাব্যিক সৌন্দৰ্য্যৰে ভৰপুৰ কবিতা। কাব্যত থাকিবলগীয়া সকলো গুণ ইয়াত বিৰাজমান৷ কীৰ্তনত নবৰসৰ সঞ্চাৰ হৈছে। সেইবাবে কিছুমানে কীর্তনক মৌচাক বুলিও কব খোজে। মৌমাখিয়ে বিভিন্ন ফুলৰ পৰা মৌ সংগ্ৰহ কৰাৰ দৰে শংকৰদেৱেও গীতা-ভাগৱত, পুৰাণ আদিৰ পৰা সাৰ সংগ্ৰহ কৰি কীৰ্তন ৰচনা কৰিছে। কীৰ্তন পুথিখন কাব্যিক সৌন্দৰ্যৰে ভৰপুৰ হৈ থকা বুলি কব পাৰি।

প্রশ্ন ৭। গোবিন্দে মাৱৰ শ্ৰম দেখি,
ৰহিল কান্দন্তে মুদি আখি ৷৷

উত্তৰঃ এই কবিতাফাঁকি আমাৰ পাঠ্য ‘অসমীয়া সাহিত্য চয়নিকাৰ’ মহাপুৰুষ শংকৰদেৱ ৰচনা কৰা “শিশুলীলা” নামৰ কবিতাৰ পৰা উদ্ধৃত কৰা হৈছে।


গোবিন্দ শ্ৰীকৃষ্ণৰ এটা নাম। ‘আখি’ মানে চকু। হেপাহ পলুৱাই মাকৰ গাখীৰ খাব নাপাই শ্ৰীকৃষ্ণৰ খং উঠিছিল। শিল গুটি দলিয়াই দধি ভাণ্ড, ভাঙি পেলাইছিল। কোঠাত সোমাই লৱণুবোৰ সিঁচৰতি কৰি পেলাইছিল আৰু খাইছিল। উড়লৰ ওপৰত বহি লৱণু নিজেও খাইছিল আৰু শিকিয়াৰ পৰা নমাই বান্দৰবোৰকো দিছিল। কৃষ্ণৰ এই অতপালি দেখি মাতৃ যশোদাৰ খঙ উঠিছিল আৰু হাতত মাৰি লৈ এশিকনি দিয়াৰ বাবে কৃষ্ণক খেদি গৈছিল। মাকৰ মাৰৰ ভয়ত যোগী-ঋষি- মুনিয়ে দর্শন নোপোৱা কৃষ্ণ উড়লৰপৰা নামি দৌৰিবলৈ ধৰিছিল। মাতৃ যশোদাই খঙৰ ভৰত খেদি খেদি ভাগৰি পৰিছিল। চুলিৰ খোপা খহি খোপাৰ মালতী ফুল সৰি পৰিছিল।

যশোদা মাতৃৰ এনে দুৰ্গতি দেখি শ্ৰীকৃষ্ণই ভয়ৰ ভাৱ দেখুৱাই চকু মুদি কান্দি কান্দি বহি পৰিছিল। মাতৃ যশোদাই তেতিয়া কৃষ্ণৰ হাতত ধৰি ‘ভান্ড ভাঙ্গি আবে যাইবি কোথা’ বুলি উডুল/উড়লত বান্ধি থোৱাৰ ব্যৱস্থা কৰিছিল। যশোদাই ৰচি বচাৰি বিচাৰি আনি শ্রীকৃষ্ণক বান্ধিবলৈ যত্ন কৰিছে, কিন্তু কোনোমতে দুই আঙুল ৰচিয়ে নোজোড়ে। শ্ৰীকৃষ্ণই নিজৰ লীলাৰে মাতৃ যশোদাক এইদৰে হায়ৰাণ কৰাইছে আৰু শেষত নিজ ইচ্ছাৰে বান্ধ খাইছে।




Tags :

  • Class 9 assamese chapter 1 question answer
  • শিশুলীলা প্রশ্ন উত্তর
  • শিশুলীলা class 9 question answer
  • ২ শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা
  • শিশুলীলা class 9 মূলভাৱ
  • শিশুলীলা কবিতাৰ মূলভাব
  • শ্রীকৃষ্ণ শিশুলীলা
  • Class 9 assamese chapter 1 question answer pdf
  • class 9 assamese question answer
  • শিশু লীলা কবিতা class 9 question answer
  • Class 9 assamese chapter 1 question answer english
  • Class 9 assamese chapter 1 question answer Assamese