Follow Us:

Class 10 Assamese Chapter 6 Question Answer | উদ্যোগী হওঁ আহাঁ Class 10 Question answer | Class 10 Assamese Question Answer

LearningPointAssam.com

উদ্যোগী হওঁ আহাঁ | Class 10 Assamese Chapter 6 Question Answer, উদ্যোগী হওঁ আহাঁ Class 10 Question answer: Dear Students, You are looking for Class 10 Assamese উদ্যোগী হওঁ আহাঁ Question Answer. SEBA Class 10 Assamese Question Answer Chapter 6 উদ্যোগী হওঁ আহাঁ Notes are provided in the list of SEBA. We design all notes according to SEBA HSLC Syllabus so that you can easily browse through Class 10 Assamese Question Answer and HSLC Guides and Notes here.

You can prepare ahead of the board exams by taking help from these Class 10 Assamese Chapter 6 উদ্যোগী হওঁ আহাঁ can be of great value to excel in the examination.

Class 10 Assamese Chapter 1 Question Answer

Class 10 Assamese উদ্যোগী হওঁ আহাঁ all question answer & Guide to each Unit are provided in the list of Class X Assamese Question Answer SEBA Syllabus. Class 10 assamese chapter 6 question answer উদ্যোগী হওঁ আহাঁ you can easily browse throughout chapter-wise উদ্যোগী হওঁ আহাঁ Class 10 Assamese Question Answer.

উদ্যোগী হওঁ আহাঁ Class 10 Assamese Question Answer

Class 10 Assamese উদ্যোগী হওঁ আহাঁ Notes covers all the practice questions of SEBA syllabus. Class 10 assamese chapter 6 question and answer is given here which ensures smooth and easy understanding of all the concepts. Understand the concepts of each question in Class 10 assamese chapter 6 notes and get good marks in the board exam.

✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 6 

উদ্যোগী হওঁ আহাঁ — ALL Important Question & Answers

অসমীয়া Class 10 উদ্যোগী হওঁ আহাঁ


CONTENTS 

উদ্যোগী হওঁ আহাঁ
(অসমীয়া class 10 question answer)
 Question and Answer key






প্ৰশ্নাৱলীঃ

Class 10 Assamese Chapter 6 উদ্যোগী হওঁ আহাঁ | Class 10 Assamese Question Answer

পাঠভিত্তিক প্রশ্নোত্তৰঃ

Q. 1 | তলৰ প্রশ্নসমূহৰ অতি চমুকৈ উত্তৰ দিয়াঃ

(ক) দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী-শিক্ষক গৰাকীৰ নাম কি?

উত্তৰঃ দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষক গৰাকী নাম হল-প্ৰকাশ গোস্বামী।

(খ) শ্ৰেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল?

উত্তৰঃ  শ্ৰেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল- এজন ব্য়ক্তিয়ে কেনেকৈনো নিজকে এজন উদ্য়োগী ব্য়ক্তি হিচাপে গঢ়ি তুলিব পাৰে।

(গ) এজন উদ্দোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যবধান কি? 

উত্তৰঃ এজন উদ্য়োগী অৰ্থাৎ আন্ট্ৰাপিনিওৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্য়ৱধান হল এলাহ।

(ঘ) এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন?

উত্তৰঃ এজন সফল উদ্য়োগী হবলৈ ধৈৰ্য্য়, একাগ্ৰতা, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি এই গুণবোৰৰ প্ৰয়োজন।

(ঙ) ককা ক'লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি?

উত্তৰঃ ক'কা কলা কোম্পানীৰ বিজ্ঞাপনটো যত কোৱা হয় - ' Eat cricket, sleep cricket, dream cricket, drink cricket.' উদ্য়োগী হব বিচৰা এজন ছাত্ৰ বা ব্য়ক্তিৰ বাবে এই বিজ্ঞাপনটো অতি গুৰুত্বপূৰ্ণ।

(চ) নাৰায়ণ মূর্ত্তী কোন?

উত্তৰঃ নাৰায়ণ মূৰ্ত্তী ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী বা আন্ট্ৰাপিনিওৰ।

(ছ) বিজিতে ছাৰক উদ্যোগী সম্পর্কে কি কৈছিল?

উত্তৰঃ বিজিতে ছাৰক উদ্য়োগী সম্পৰ্কে কৈছিল যে - উদ্য়োগীসকল হল এনে ব্য়ক্তি যিয়ে নিজে ব্য়ৱসায় বা  উদ্য়োগী আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্ম সংস্থান দিবলৈ সক্ষম হয়।

(জ) প্রথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব?

উত্তৰঃ প্ৰথম অৱস্থাত এজন উদ্য়োগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগিব। 

(ঝ) টমাচ আলভা এডিছনে ইলেকট্রিক বাঘ তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? ।

উত্তৰঃ টমাচ আলভা এডিছনে ইলেকট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ মন্তব্য় কৰিছিল ''মই বিফল হোৱা নাই। মাত্ৰ বুজিলোঁ যে ১০০০০ ধৰণে ই কাম নকৰে''।



উদ্যোগী হওঁ আহাঁ | Class 10 Assamese Chapter 6 Question Answer

Q. 2 | চমুকৈ বুজাই লিখা :

(ক) উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান ।'শিক্কষকগৰাকীয়ে কিয় এনেদৰে ক'লে বুজাই লিখা।

উত্তৰঃ উদ্য়োগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচাৰ।' ইয়াৰ অৰ্থ এয়ে যে এজন উদ্য়োগী অৰ্থাৎ আন্ট্ৰাপিনিওৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্য়ৱধান হল এলাহ। আচলতে সকলোতকৈ সহজ কাম হল এজন উদ্য়োগী বা আন্ট্ৰাপিনিওৰ হোৱা। কিয়নো ইয়াৰ বাবে কোনো বিশ্ববিদ্য়ালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হল এজন সফল উদ্য়োগী হোৱা।

(খ) সফল উদ্যোগী হ'বলৈ কিয় কঠিন?

উত্তৰঃ এজন সফল উদ্য়োগী হবৰ বাবে লাগিব ধৈৰ্য্য়, একাগ্ৰতা, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলোৰে এই গুণবোৰ নাথাকে। সেইবাবে সফল উদ্য়োগী হোৱাটো টান বুলি কৈছে।

(গ) এজন উদ্যোগী হ'বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্রচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা।

উত্তৰঃ সকলোৱে প্ৰথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে। বহুতৰে চাইকেলৰ পৰা পৰি হাত-ভৰিৰ ছাল-বাকলি এৰাই যায়। কাৰোবাৰ কাৰোবাৰ পৰি হাত-ভৰিও ভাঙে। যিসকলে ছালবাকলি যোৱাৰ পাছত বা হাত-ভৰিভঙাৰ পাছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে, তেওঁলোকে আৰু জীৱনত কোনোদিনে চাইকেল চলাব নোৱাৰে। যিসকলে ছালবাকলি  এৰোৱাৰ পাছতো চেষ্টা কৰি যায়, প্ৰথমে তলত চলাব পৰা হয়, তাৰ পাছত লাহে লাহে জাঁপ মাৰি ওপৰত উঠি 'হাফ পেদেল' মাৰি চলাব পৰা হয় আৰু এদিন 'ফুল পেদেল' মাৰি চলাব পৰা হৈ লগৰীয়াৰ লগত জোৰেৰে চলোৱা, লাহে লাহে চলোৱা প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। এজন উদ্য়োগী হবলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে  একক প্ৰচেষ্টাৰ কাম। বহুতেই প্ৰথম বিফলতাতে এৰি দিয়ে, কোনোবাই তিনিবাৰ বিফল হলে এৰি দিয়ে। কিন্তু যিয়েই এৰি নিদি লাগি থাকে তেৱেঁই এদিন এজন সফল উদ্য়োগী হয়গৈ।

(ঘ) উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা ।

উত্তৰঃ নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্য়ক্তিয়েই একো একোজন উদ্য়োগী বা entrepreneur । সেই হিচাপত জুবিন, পাপনৰ দৰে এজন শিল্পী, এখন ৰেষ্টোঁৰা বা ধাবাৰ মালিক, এখন গেলামালৰ দোকানৰ মালিক নতুবা এখন বিউটি পাৰ্লাৰ চলোৱা ব্য়ক্তি সকলোৱেই একো একো গৰাকী উদ্য়োগী।


Q. 3 | ইন্‌ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা।

উত্তৰঃ ইন্‌ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্ত্তী।

ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্য়োগী বা আন্ট্ৰাপিনিওৰ। কিন্তু তেওঁ কোনো সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাছিল। কৰ্ণাটকৰ এক নিম্ন মধ্য়বিত্ত পৰিয়ালত তেওঁৰ জন্ম হৈছিল। সৰুৰে পৰা এজন উদ্য়োগী হোৱাৰ তেওঁৰ দুৰ্বাৰ হেঁপাহ আৰু হাবিয়াস আছিল। সেয়ে অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পাছতে তেওঁৰ চাকৰি ত্য়াগ কৰি Softronics নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে। কিন্তু প্ৰতিষ্ঠা কৰাৰ ডেৰ বছৰৰ পাছতে দেউলীয়া হৈ কোম্পানীটো বন্ধ হৈ যায়। কোম্পানীটো বন্ধ হৈ যোৱাৰ পাছত নাৰায়ণ মূৰ্ত্তীদেৱে পুনৰ চাকৰিত যোগদান কৰে যদিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধুৰ লগ লাগি আৰু Infosys নামৰ কোম্পানী আৰম্ভ কৰে। এই কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্ত্তীক তেওঁৰ পত্নীয়ে দহ হাজাৰ টকা নিজৰ সাচতীয়া ধনৰ পৰা আগবঢ়াই দিয়ে। নিজৰ ঘৰৰ পৰা দহ হাজাৰ টকা মূলধনেৰে আৰম্ভ কৰা ইনফচিচ প্ৰথম অৱস্থাত বহুতো বাধা, ঘাত-প্ৰতিঘাতৰ সন্মুখীন হব লগা হৈছিল, নব্বৈৰ দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতিক মুকলি কৰি দিয়াত ইনফচিচৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আহে। সময়ৰ শৰ সময়ত মৰাৰ পাছত নাৰায়ণ মূৰ্ত্তী আৰু তেওঁলোকৰ কোম্পানীয়ে পাছলৈ ঘূৰি চাব লগা নহল। ধৈৰ্য্য় আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষা কৰি সময়ৰ  শৰ সময়ত মৰাত আজি নাৰায়ণ মূৰ্ত্তী বিশ্বৰ ভিতৰত এজন সফল আৰু নামজ্বলা উদ্য়োগী।

Q. 4 | “ছাৰ, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব ?”—এইদৰে কোনে সুধিছিল। তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা।

উত্তৰঃ এইদৰে প্ৰীতমে সুধিছিল।

তুমি কোনটো দিশত উদ্য়োগী হবলৈ বিচাৰিছা তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব। এখন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক-পাচলিৰ দোকান খুলি স্বাবলম্বী হবৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্ত এইবোৰ ব্য়ৱসায়তো কৃতকাৰ্য্য় হবৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে  এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন, টি.ভি. ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা Skill থকাটো প্ৰয়োজন। কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্য়ৱসায়ত কৃতকাৰ্য্য়তা লাভ কৰিব নোৱাৰি।

Q. 5 | “এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়।”—কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা।

উত্তৰঃ এজন উদ্য়োগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। প্ৰথম অৱস্থাত এজন উদ্য়োগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগিব। সকলোৱে প্ৰথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে। বহুতৰে চাইকেলৰ পৰা পৰি হাত-ভৰিৰ ছাল-বাকলি এৰাই যায়। যিসকলে  ছালবাকলি যোৱাৰ পাছত বা হাত-ভৰি ভঙাৰ পাছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে, তেওঁলোকে আৰু জীৱনত কোনোদিনে চাইকেল চলাব নোৱাৰে। যিসকলে ছালবাকলি এৰোৱাৰ পাছতো চেষ্টা কৰি যায়, প্ৰথমে তলত চলাব পৰা হয়, তাৰ পাছত লাহে লাহে জাঁপ মাৰি ওপৰত উঠি হাফ পেদেল মাৰি চলাব পৰা হয় আৰু এদিন ফুল পেদেল মাৰি চলাব পৰা হৈ লগৰীয়াৰ লগত জোৰেৰে চলোৱা, লাহে লাহে চলোৱা প্ৰতিযোগিতাত অৱৰ্তীণ হয়। এজন উদ্য়োগী হবলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম। বহুতেই প্ৰথম বিফলতাতে এৰি দিয়ে, কোনোবাই দুবাৰত এৰি দিয়ে, কোনোবাই তিনিবাৰ বিফল হলে এৰি দিয়ে। কিন্তু যিয়েই এৰি নিদি লাগি থাকে তেৱেঁই এদিন এজন সফল উদ্য়োগী হয়গৈ। এজন উদ্য়োগী হবৰ বাবে কোনো শিক্ষাগত অৰ্হতা প্ৰয়োজন নাই। এখন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক-পাচলিৰ দোকান খুলি স্বাবলম্বী হবৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্তু এইবোৰ ব্য়ৱসায়তো কৃতকাৰ্য্য় হবৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন, টি.ভি. ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা Skill থকাটো প্ৰয়োজন। বৰ্তমান সময় প্ৰযুক্তি, তথ্য়প্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্য়ৱস্থাৰ সময়। গতিকে এনেবোৰ বিষয়ত উদ্য়োগী হব বিচাৰিলে এনে বিষয়ৰ শিক্ষা, জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতিকে গুৰুত্বপূৰ্ণ। 

Q. 6 | “ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল।”— ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল, বৰ্ণনা কৰা।

উত্তৰঃ ভাৰতৰ সৰ্বতোকালৰ এজন সফল উদ্য়োগী ধীৰুভাই আম্বানীৰ হাতত মূলধনো আছিল নতুবা তেওঁৰ ভাল শিক্ষাগত অৰ্হতাও নাছিল। মেট্ৰিকতে শিক্ষা সমাপ্ত কৰা ধীৰুভায়ে প্ৰথমে পেট্ৰল ডিপোত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ কামৰ বাবে ডিপোটোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল। উদ্য়োগী হৈ নিজকে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হাবিয়াসৰ বাবে তেওঁৰ চাকৰি বাদ দি ব্য়ৱসায় কৰিবৰ বাবে সিদান্ত ললে। 'মন কৰিলে চন, বাকৰি মাটিতে ধন'। ব্যৱসায়ৰ বাবে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেচি মুনাফা আৰ্জন কৰি তাৰ লাভাংশৰ ভাগ অংশীদাৰসকলৰ মাজতো বিতৰণ কৰিলে। মূলধনৰ অভাব উদ্য়োগী হোৱাৰ কেতিয়াও অন্তৰায় বা বাধা হব নোৱাৰে। পেট্ৰল পাম্পৰ চাকৰি বাদ দি মোম্বাইৰ এটা ৩৫০ বৰ্গফুটৰ কোঠাৰ পৰা ধীৰুভাই আম্বানীয়ে কাপোৰৰ ব্যৱসায় আৰম্ভ কৰে। কোঠাটোত সম্বল বুলিবলৈ এখন টেবুল, তিনিখন চকী, আৰু এটা টেলিফোন। তাৰ পৰা তেওঁ "ৰিলায়েঞ্চ কমাৰচিয়েল কৰ্পোৰেচন" স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত ইয়েই বিখ্য়াত ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ হয়গৈ। ধীৰুভাই আম্বানীয়ে কৈছিল নতুন ধাৰণা বা চিন্তাৰ ওপৰত কাৰো একাধিপত্য নাই। ডাঙৰকৈ ভাবা, খৰতকীয়াকৈ ভাবা, আনতকৈ আগতকৈ ভাবা। বহুতো মানুহৰ এক ধাৰণা আছে যে উদ্য়োগী হোৱাৰ গুণ জন্মগত আৰু উদ্য়োগী গঢ়িব নোৱাৰি। কিন্তু এই ধাৰণা এক ভ্ৰান্ত ধাৰণা। উপযুক্ত প্ৰশিক্ষণ আৰু অভিৰোচনৰ দ্বাৰা উদ্য়োগী গঢ়ি তুলিব পাৰি। ইয়াৰ বাবে কেৱল এজন ব্য়ক্তিৰ থাকিব লাগিব আত্মবিশ্বাস, ইচ্ছাশক্তি, আগ্ৰহ, দক্ষতা, স্বাধীনচিতীয়া আৰু সৃষ্টিশীল মন।  

Q. 7 | ছাত্র-ছাত্রীসকলক উদ্যোগী হিচাপে মানসিক ভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায় ?

উত্তৰঃ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ লগতে সহায় কৰিবৰ বাবে সৰহ সংখ্যক মহাবিদ্যালয়, বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়তে উদ্য়োগী কোষ গঠন কৰা হৈছিল আৰু এই কোষসমূহে নিয়মিত ভাবে কৰ্মশালা, প্ৰশিক্ষণ আদিৰ আয়োজন কৰে। সেয়েহে ছাত্ৰ অৱস্থাৰে পৰা কেৱল চাকৰিৰ আশাত পঢ়াৰ পৰিৱৰ্তে সমান্তৰালভাৱে এই কৰ্মশালা প্ৰশিক্ষণ আদিত যোগদান কৰি নিজকে উদ্যোগী হিচাবে মানসিক ভাবে প্ৰস্তুত কৰি ৰখা উচিত। জন বিস্ফোৰণৰ বাবে চৰকাৰে সকলোকে চাকৰি দিয়া অসম্ভৱ। প্ৰতিদহজন ছাত্ৰৰ মাত্ৰ এজনেহে হয়তো চৰকাৰী চাকৰি পাব, কিছু সংখ্যকে বেচৰকাৰী খণ্ডত চাকৰি পাব, সৰহ সংখ্যকে কিন্তু উদ্য়োগী হৈ নিজৰ জীৱিকা আৰ্জন কৰিব লাগিব। গতিকে ছাত্ৰ-ছাত্ৰী সকলে সোনকালে নিজকে মানসিক ভাবে প্ৰস্তুত কৰি তাৰ বাবে প্ৰস্তুত হলে সেয়া নিজৰ বাবে আৰু সমাজৰ বাবে মংগলজনক।



Class 10 Assamese Chapter 6 Question Answer | উদ্যোগী হওঁ আহাঁ Class 10 Assamese Question Answer

Q. 8 | চমুটোকা লিখাঃ

  • ( i ) টমাচ আলভা এডিচন
  • ( ii ) ৰাডাৰফৰ্ড
  • (iii)  আলেকজেণ্ডাৰ গ্ৰাহামবেল
  • (iv) বিল গেট্চ
  • ( v ) চেষ্টাৰ কাৰ্লচন
  • (vi) উইলিয়াম শ্বেইক্সপীয়েৰ
  • (vii) জুবিন গাৰ্গ
  • (viii) অংগৰাগ পাপন মহন্ত।

( i ) টমাচ আলভা এডিচন

উত্তৰঃ টমাচ আলভা এডিচনঃ বৈজ্ঞানিক টমাচ আলভা এডিচনে ইলেকট্ৰিক বাল্ব তৈয়াৰ কৰোঁতে বাৰে বাৰে বিফল হৈ মন্তব্য় কৰিছিল মই বিফল হোৱা নাই। মাত্ৰ বুজোলোঁ যে ১০০০০ ধৰণে ই কাম নকৰে। এপল কোম্পানীৰ সহ প্ৰতিষ্ঠাপক ষ্টিফ জবছ্ ৰ মতে এজন সফল আৰু এজন বিফল উদ্য়োগীৰ মাজৰ ব্য়ৱধান মাথোঁ ধৈৰ্য্য়শীলতা। ১৮৭৬ খ্ৰীষ্টাব্দৰত এজন ডেকাই এটা যন্ত্ৰ বিফল উদ্য়োগী কৰি তেওঁক সহায়ৰ হাত আগবঢ়াইছিল। বহুতো লোকৰ কাষ চাপিল যদিও সকলোৱে তেওঁক নিৰাশ কৰিলে।

( ii ) ৰাডাৰফৰ্ড

উত্তৰঃ ৰাডাৰফৰ্ডঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰাডাৰফৰ্ডৰ সন্মুখত তেওঁৰ আৱিষ্কাৰ প্ৰদৰ্শন কৰিলে। ৰাডাৰফৰ্ডে যন্ত্ৰটো চাই মন্তব্য় কৰিলে এইটো এটা আচৰিত আৱিষ্কাৰ। কিন্তু এইটো কোনে ব্য়ৱহাৰ কৰিব বা কোনে লব। 

(iv) বিল গেট্চ

উত্তৰঃ বিল গেট্চঃ বিল গেট্চৰ মতে উদ্য়োগীসকলৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু সংঘাতৰ অধ্য়ায় হল বিক্ৰী কৰা। বস্তু এটা বনোৱাৰ সহজ হলেও বজাৰত নতুন বস্ত এটা বিক্ৰী কৰা সহজ নহয়। যোগাযোগ বা উপস্থাপন ভাল নোপোৱাৰ বাবে বহুতো ভাল বস্তু বজাৰত বিক্ৰী নহয়। গতিকে বিক্ৰী কৰা কৌশল এজন উদ্য়োগীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ।

( v ) চেষ্টাৰ কাৰ্লচন

উত্তৰঃ চেষ্টাৰ কাৰ্লচনঃ ১৯৪০ চনত আন এজন আৱিষ্কাৰক চেষ্টাৰ কালৰ্চনে নিজৰ আৱিষ্কাৰ ২০ টা কোম্পানীৰ আগত প্ৰদৰ্শন কৰি ভাগৰি পৰিল আৰু কোনেও তেওঁৰ আৱিষ্কাৰ গ্ৰহণ কৰিবলৈ মান্তি নহল। সাতবছৰৰ পাছত ১৯৪৭ চনত নিউইৰ্য়কৰ হেলয়ড নামৰ এটা সৰু কোম্পানীয়ে তেওঁৰ আৱিষ্কাৰৰ স্বত্ব কিনিবলৈ মান্তি হয়। পৰবৰ্তী সময়ত হেলয়ড কোম্পানী জেৰক্স বুলিয়েই কয়। 

(vi) উইলিয়াম শ্বেইক্সপীয়েৰ

উত্তৰঃ উইলিয়াম শ্বেইক্সপীয়েৰঃ শ্বেইক্সপীয়েৰৰ জন্ম হৈছিল লণ্ডনৰ পৰা ১১০ মাইল দূৰৈত অৱস্থিত এখন শুৱনি আৰু ৰোমান্টিক ঠাই ষ্ট্ৰেটফৰ্ড-আপন-এভনত, ১৫৬৪ চনত। দেউতাক জন শ্বেইক্সপীয়েৰ আছিল এজন চহকী ব্যৱসায়ী। মাক মেৰী আৰ্ডেন আছিল ধনী কৃষকৰ জীয়াৰী। মাক দেউতাকৰ প্ৰথম সন্তান উইলিয়ামে ষ্ট্ৰেটফৰ্ড প্ৰামাৰ স্কুলত স্কুলীয়া শিক্ষা আৰম্ভ কৰে। স্কুলত তেওঁ লেটিন ভাষা আৰু সাহিত্য় অধ্যয়ন কৰে। সেই সময়ত লেটিন এটা অতি গুৰুত্বপূৰ্ণ সংযোগী ভাষা আছিল। ছাত্ৰ হিচাপে তেওঁ অধ্যায়নপিপাসু মনৰ ছাত্ৰ আছিল। উইলিয়ামৰ চৈধ্য বছৰমান বয়সত দেউতাকৰ ব্যৱসায়ত হাত আগবঢ়ায়। ১৫৮২ চনত তেওঁ এনি হেথাৱেৰ লগত বিবাহপাশত আৱদ্ধ হয়। চুযানা, জুদিথ আৰু হেমনেট নামৰ তিনিটা সন্তানৰ পিছতে লণ্ডনলৈ উঠি আহে। ইয়াৰ পাছতে তেওঁ সাহিত্যিক জীৱন আৰম্ভ হয়।  

(vii) জুবিন গাৰ্গ

উত্তৰঃ জুবিন গাৰ্গঃ ১৯৭২ চনৰ ১৮ নৱেম্বৰ মেঘালয়ৰ তুৰাত জুবিন গাৰ্গৰ জন্ম হৈছিল। জুবিন গাৰ্গ হৈছে ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা। অসমীয়া, হিন্দী ভাষা, বঙালী, বড়ো, কোচ-ৰাজবংশী, কমতাপুৰী, গোৱালপাৰীয়া, চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই-আহোম, নেপালী, বিষ্ণুপ্ৰিয়া মণিপুৰী, তামিল, ইংৰাজী আদি বিভিন্ন ভাষাত তেওঁ কণ্ঠদান কৰিছিল। ১৯৯২ চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকা মুক্তি পায়ইছিল। ইয়াৰ লগে লগেই পেছাদাৰী সংগীত জগতখনত জড়িত হৈ পৰে। বঙালী চিনেমা শুধু তুমিৰ কাৰণে জুবিনে ২০০৫ চনত শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰিছিল। হিন্দীৰ য়া আলি গীতটোৰ বাবে জুবিনে ২০০৭ চনত গ্লবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা লাভ কৰিছে। আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে ২০১৪ চনত জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা আগবঢ়োৱা হয়।

(viii) অংগৰাগ পাপন মহন্ত।

উত্তৰঃ অংগৰাগ পাপন মহন্তঃ অংগৰাগ পাপন মহন্ত অসমৰ এগৰাকী কণ্ঠশিল্পী। অসমীয়াৰ বাহিৰেও হিন্দী, বাংলা, তামিল, মাৰাঠী আদি বহু ভাষাত পাপনে গীত গাইছে। এককভাৱে কণ্ঠদান কৰাৰ উপৰিও তেওঁ ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ এক সংগীত গোষ্ঠীৰ লগতো জড়িত।

Q. 9 | সমার্থক শব্দ লিখা : 

প্রভাত, কঠিন, এলেহুৱা, ডাঙৰ, চেষ্টা, লগৰীয়া, লক্ষ্য, নিৰৱচ্ছিন্ন, হাবিয়াস, সপোন। 

উত্তৰঃ প্ৰভাত - ৰাতিপুৱা

কঠিন - টান

এলেহুৱা - ৰিহাকুৰীয়া

ডাঙৰ - বৰ

চেষ্টা - প্ৰয়াস

লগৰীয়া - বন্ধু

লক্ষ্য় - উদ্দেশ্য়

নিৰৱচ্ছিন্ন - 

হাবিয়াস - আনন্দ

সপোন - স্বপ্ন

Q. 10 | বিপৰীতার্থক শব্দ লিখা-

নতুন, ক্ষুদ্র, সফল, কর্মহীন, এলেহুৱা, সহজ, সপোন, সুবিধা, আৰম্ভ, জন্ম, সমান।

উত্তৰঃ নতুন - পুৰণি

ক্ষুদ্ৰ - ডাঙৰ

সফল - বিফল

কৰ্মহীন - কৰ্মহীনতা

এলেহুৱা -

সহজ - টান 

সপোন - দিঠক

সুবিধা - অসুবিধা

আৰম্ভ - শেষ

জন্ম - মৃত্য়ু

সমান - অসমান

Q. 11 | তুমি কথা-বতৰা পাতোঁতে সাৱধান হবা।

  • মনে পঢ়া-শুনা কৰি আছে। 
  • গাড়ী দুখন অগা-পিছাকৈ গৈ আছে।
  • ওপৰৰ বাক্যকেইটাৰ দৰে তলত দিয়া যুৰীয়া শব্দবোৰেৰে বাক্য সাজাঃ
  • ল'ৰা-ছোৱালী, হাত-ভৰি, খুৱাই-বুৱাই, জীৱন-জীৱিকা, পা-পইচা।

উত্তৰঃ লৰা - ছোৱালী ঃ  লৰা - ছোৱালীবোৰে পথাৰত খেলি আছে।

হাত - ভৰিঃ ৰামে হাত - ভৰি ধুই কিতাপ পঢ়ি আছে।

খুৱাই - বুৱাইঃ সীতাক খুৱাই - বুৱাই স্কুল পঠালো।

জীৱন - জীৱিকাঃ সেই পৰিয়ালটো বহুত কষ্টৰে জীৱন - জীৱিকা কৰি আছে।

পা - পইচাঃ মানুহৰ জীৱনত পা - পইচা বহুত প্ৰয়োজন হয়।


Class X Assamese Question Answer Chapter 6

Q. 12 | ভাব সম্প্রসাৰণ কৰাঃ

ক) উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ সমান ।

উত্তৰঃ ................

খ) যি মূলা বাঢ়ে তাৰ দুপাততে চিন।

উত্তৰঃ  'যি মূলা বাঢ়ে, তাৰ দুপাততে চিন' - অৰ্থাৎ মূলাশাক এজোপা দুপতীয়া হৈ থাকোতেই তাৰ ভাল বেয়া স্বৰূপ পৰিস্ফুট হৈ উঠে। তেতিয়াই গম পোৱা যায় যে পুলিটো বাঢ়িব নে লেৰেলি যাব।

    ঠিক এইদৰে, মানৱ জীৱনৰ ক্ষেত্ৰতো এই কথাষাৰ খাপ খায়। এজন লোকৰ সৰুকালতেই তেওঁৰ ভৱিষ্য়ত জীৱনটো প্ৰতিফলিত হয়। এই ক্ষেত্ৰত আমি উদাহৰণস্বৰূপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে কব পাৰো তেখেতৰ বাল্য়কালতেই তেখেতৰ পাণ্ডিত্য়পূৰ্ণ কবি প্ৰতিভাৰ উমান পোৱা গৈছিল।

    সেয়েহে কোৱা হয় যে যি মূলা বাঢ়ে, তাৰ দুপাততে চিন।  

গ) শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে।

উত্তৰঃ শ্ৰম বিমুখ লোকে যে জীৱনত উন্নতি কৰিব নোৱাৰে তাক বুজাবলৈ উক্ত প্ৰবচনটো অসমীয়া ভাষাৰ বহলভাৱে ব্য়ৱহাৰ হয়।

    হাঁহ কুকুৰা শিয়ালৰ প্ৰিয় খাদ্য়। কিন্তু হাঁহ-কুকুৰাবোৰ আপোনা-আপোনিকৈ শিয়ালৰ ওচৰত ধৰা নিদিয়ে। শিয়ালে নিজ চেষ্টাৰে এইবোৰ ধৰিব লাগে। নানান ফন্দিও কৰিব লগা হয়। সেয়ে শিয়াল এজনীয়ে যদি চেষ্টা নকৰি গোটেই দিনটো শুই থাকে, তেন্তে সি হাঁহ ধৰিব নোৱাৰি নেখাই মৰিব লাগিব। ঠিক তেনেকৈ মানুহে জীৱনৰ সুখ - শান্তিত থাকিবলৈ হলে তেওঁ পৰিশ্ৰম কৰিব লাগে। নিজে ধন অৰ্জন কৰিব লাগিব। কিন্তু তাকে নকৰি যদি আলস্য়ত দিন পাৰ কৰে, তেন্তে সি কেতিয়াও জীৱনত উদগটি কৰিব নোৱাৰে। সেয়ে উদগতিৰ বাবে পৰিশ্ৰমৰ প্ৰয়োজন।

Q. 13 | লিংগ পৰিৱৰ্তন কৰা।

শিক্ষক, ছাৰ, ছাত্র, পুৰুষ, বন্ধু ।

উত্তৰঃ শিক্ষক - শিক্ষয়ত্ৰী

            ছাৰ - বাইদেউ

            ছাত্ৰ - ছাত্ৰী

            পুৰুষ - মহিলা

            বন্ধু - বান্ধৱী



Class 10 Assamese Question Answer Chapter 1

অতিৰিক্ত প্রশ্নোত্তৰ / Additional Question And Answer

অতি চমু প্রশ্নোত্তৰ

Q. 1 | উদ্যোগী হওঁ আহা’ পাঠটিৰ লেখক কোন?

উত্তৰঃ দেৱজিৎ ভূঞা। 

Q. 2 | দেৱজিৎ ভূঞাৰ জন্ম ক’ত হৈছিল ?

উত্তৰঃ তেজপুৰ মিছন চাৰিআলিৰ সমীপৰ কেতেকীবাৰীত। 

Q. 3 | দেৱজিৎ ভূঞাৰ এখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ এনিশাৰ কবিতা।

Q. 4 | “ছাৰ! এজন সফল উদ্যোগী হ’বলৈনো কিয় কঠিন?” – এই কথাষাৰ কোনে সুধিছিল ?

উত্তৰঃ বিদিশা নামৰ ছোৱালীজনীয়ে।

Q. 5 | “Eat cricket, sleep cricket, dream cricket, drink cricket” – এইটো কিহৰ বিজ্ঞাপনত দেখা পোৱা যায় ?

উত্তৰঃ ক’কা ক’লা কোম্পানীৰ বিজ্ঞাপনত।  

Q. 6 | ইন্‌ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰঃ নাৰায়ণ মূৰ্তী।

Q. 7 | ইন্‌ফচিচ কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্তীক তেওঁৰ পত্নীয়ে কিমান টকা আগবঢ়াইছিল ?

উত্তৰঃ দহ হাজাৰ টকা।

Q. 8 | মটৰ গাড়ী ভাল কৰা গেৰেজ, মোবাইল ফোন, টিভি ভাল কৰা দোকান খুলিবৰ বাবে কিহৰ প্ৰয়োজন ? 

উত্তৰঃ নিজৰ কামৰ কৌশল বা skill থকাটো প্রয়োজন।

Q. 9 | GNRC Hospital ৰ স্বত্বাধিকাৰীজনৰ নাম কি ?

উত্তৰঃ নোমল চন্দ্ৰ বৰা।

Q. 10 | Down Town Hospital ৰ স্বত্বাধিকাৰী কোন ?

উত্তৰঃ নৰেন্দ্ৰ নাথ দত্ত।

Q. 11 | Name Care Hospital ৰ স্বত্বাধিকাৰী কোন ?

উত্তৰঃ হিতেশ বৰুৱা।

Q. 12 | অভিজিৎ বৰুৱাই প্ৰতিষ্ঠা কৰা উদ্যোগকেইটাৰ নাম কি ?

উত্তৰঃ অসম এয়াৰ প্ৰডাক্টছ আৰু প্ৰিমিয়াৰ ক্ৰায়জেনিক। 

Q. 13 | মেনেজমেন্ট শাস্ত্ৰৰ গুৰু কোন ?

উত্তৰঃ পিটাৰ ড্ৰাকাৰ।

Q. 14 | অসমৰ এজন প্ৰখ্যাত গৃহ নিৰ্মাণকাৰী বা বিল্ডাৰৰ নাম লিখা।

উত্তৰঃ জে.এন. খাটনিয়াৰ। 

Q. 15 | ইলেক্ট্রিক বাল্ব কোনে প্ৰস্তুত কৰিছিল?

উত্তৰঃ টমাচ আলভা এডিছনে।

Q. 16 | ১৮৭৬ খ্ৰীষ্টাব্দত নিজৰ আৱিষ্কৃত এটা যন্ত্ৰ লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰাডাৰফৰ্ডৰ কাষ চপা ডেকাজন কোন আছিল ?

উত্তৰঃ আলেকজেণ্ডাৰ গ্রাহাম বেল।

Q. 17 | চেষ্টাৰ কাৰ্লচনৰ আৱিষ্কাৰৰ স্বত্ব কিনিবলৈ মান্তি হোৱা কোম্পনীটোৰ নাম কি ?

উত্তৰঃ নিউইয়র্কৰ হেলয়ড কোম্পানী।

Q. 18 | হেলয়ড কোম্পনী পৰবৰ্তী সময়ত কি নামেৰে জনাজাত হয় ?

উত্তৰঃ জেৰক্স ক’ৰপৰেচন নামেৰে।

Q. 19 | ধীৰুভাই আম্বনীয়ে প্রথমে কি কাম কৰিছিল ?

উত্তৰঃ পেট্রল ডিপোত তেল ভৰোৱা কাম কৰিছিল। 

Q. 20 | ধীৰুভাই আম্বনীয়ে প্ৰথমে আৰম্ভ কৰা ব্যৱসায়টো কি আছিল ?

উত্তৰঃ ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেচি মুনাফা আর্জন কৰি তাৰ লাভাংশৰ ভাগ অংশীদাৰসকলৰ মাজতো বিতৰণ কৰিছিল।

Q. 21 | ধীৰুভাই আম্বানীয়ে প্ৰথমে আৰম্ভ কৰা ব্যৱসায়টো অসমীয়াৰ কোনটো ফকৰা যোজনাৰ প্ৰয়োগ বুলি পাঠটোত কোৱা হৈছে ?

উত্তৰঃ “তোমাৰ বাৰীৰ বাঁহ গাজ আনি তাৰে কৰিছো খৰিচা, তোমাতে সলাই ধানদোন লৈছোঁ কথাটো মন কৰিছা” ফকৰা যোজনাটিৰ প্ৰয়োগ।

Q. 22 | ‘উদ্যোগী হোৱাৰ গুণ জন্মগত’ – কথাষাৰ শুদ্ধনে ?

উত্তৰঃ শুদ্ধ নহয়।

Q. 23 | মাইক্ৰচফ্‌টৰ প্ৰতিষ্ঠাতা কোন ?

উত্তৰঃ বিল গেটচ। 

Q. 24 | উইলিয়াম শ্বেইক্সপীয়েৰে ভাগ্য সম্পৰ্কত কি কৈছিল ? 

উত্তৰঃ শ্বেইক্সপীয়েৰে কৈছিল – “আমাৰ ভাগ্য গ্রহ – নক্ষত্ৰই নিৰূপণ নকৰে, ই আমাৰ নিজৰ ভিতৰতে থাকে।”

Q. 25 | উদ্যোগীসকলক প্ৰশিক্ষণ দিবৰ বাবে থকা ভাৰত চৰকাৰৰ এটি সংস্থাৰ নাম লিখা।

উত্তৰঃ Indian Institute of Entrepreneurship, চমুকৈ I.I.E.




Tags :

  • Class 10 Assamese Chapter 6 Question Answer
  • উদ্যোগী হওঁ আহাঁ Class 10 Question answer
  • Class 10 Assamese Question Answer
  • উদ্যোগী হও আহা class 10
  • উদ্যোগী হওঁ আহাঁ প্ৰশ্ন উত্তৰ class 10
  • class 10 assamese chapter 6 উদ্যোগী হও আহা question answer
  • Class X Assamese Question Answer
  • Class 10 assamese chapter 6 question answer pdf
  • Seba Class 10 New Syllabus
  • Seba Class 10 Assamese New Syllabus