Follow Us:

অসমীয়া চুটিগল্পৰ ধাৰা | BA 6th Sem Assamese Major Question Answer | Gauhati University BA 6th Sem Assamese Major Model Questions Answer

LearningPointAssam.com

অসমীয়া চুটিগল্পৰ ধাৰা | Gauhati University BA 6th Sem Assamese Major Model Questions Answer | GU BA 6th Sem Assamese Major Model Solution | ba 6th sem assamese major question paper | BA 6th Sem Assamese Major Question Answer | BA 6th Semester Assamese Major Question Answer Gauhati University

BA 6th Semester Assamese Major Notes Available here, ASM-HC-6016 অসমীয়া চুটিগল্প আৰু উপন্যাসঃ অসমীয়া চুটিগল্পৰ ধাৰা Model Answer to each Unit are provided in the list of UG - CBCS Syllabus. We design all notes according to Guwahati University Syllabus. so, that you can easily browse through BA 6th Sem Assamese Major Question Answer and University Guides and Notes here. Gauhati University BA 6th Semester Assamese Major অসমীয়া চুটিগল্পৰ ধাৰা Question Answer Can be very useful to excel in examinations.

BA 6th Sem Assamese Major Question Answer

BA 6th sem assamese major book অসমীয়া চুটিগল্প আৰু উপন্যাস question answer, BA 6th sem assamese major model question answer অসমীয়া চুটিগল্পৰ ধাৰা Notes covers all the practice questions of Guwahati University syllabus. BA 6th Sem Assamese Major Question Answer is given here which ensures smooth and easy understanding of all the concepts. Assamese question answer ba 6th semester Understand the concepts behind each unit and score well in board exams.

Read this page for latest information about GU BA 6th Sem Assamese Major Notes 2023.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 1 

অসমীয়া চুটিগল্পৰ ধাৰা — ALL Important Question & Answers

GU BA 6th Sem Assamese Major ASM-HC-6016 Questions & Answer :


CONTENTS 

অসমীয়া চুটিগল্পৰ ধাৰা
Model Question and Answer key






পাঠভিক্তিক প্রশ্ন উত্তৰঃ

অসমীয়া চুটিগল্পৰ ধাৰা | BA 6th Sem Assamese Major Question Answer here :

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 1

Q. 1 | অসমীয়া চুটিগল্পৰ জনক কোন ?

উত্তৰঃ  অসমীয়া চুটিগল্পৰ জনক লক্ষ্মীনাথ বেজবৰুৱা ।

Q. 2 | আধুনিক চুটিগল্পৰ বাটকটীয়া কোন ?

উত্তৰঃ  আধুনিক চুটিগল্পৰ বাটকটীয়া হল- অঁৰে দ্য বালজাকে।

 Q. 3 | আবাহন কাকত কোন চনত প্রকাশ হয় ।

উত্তৰঃ ১৯২৯ চনত ।

Q. 4 | আৱাহন কাকতৰ প্ৰথম সম্পাদক কোন ?

উত্তৰঃ   দীননাথ শৰ্মা ।

Q. 5 | বীণা বৰুৱাৰ এখন গল্পপুথিৰ নাম লিখা 

উত্তৰঃ   আঘোণী বাঈ ।

Q. 6 | ওফাইদাং কাৰ গল্পপুথি ।

উত্তৰঃ  লক্ষ্মীনাথ ফুকনৰ ।

Q. 7 | ' চিৰাজ ’ বিখ্যাত গল্পটোৰ গল্পকাৰ কোন ।

উত্তৰঃ লক্ষ্মীধৰ শৰ্মা ।

Q. 8 | ' বীণাৰ ঝংকাৰ'ৰ লেখক কোন ?

উত্তৰঃ নগেন্দ্ৰনাৰায়ণ চৌধুৰী ।

Q. 9 | ৰাধিকামোহন গোস্বামী কোন যুগৰ গল্পকাৰ ?

উত্তৰঃ  আৱাহন যুগৰ ।

Q. 10 | বিশ্বৰ কথা সাহিত্যৰ প্ৰথম মানৱতাবাদী লেখক কোন ?

উত্তৰঃ বিশ্বৰ কথা সাহিত্যৰ প্ৰথম মানৱতাবাদী লেখক হল- বোক্কাচিঅ।

Q. 11 | দ্য নেকলেছ গল্পৰ লেখক কোন ?

উত্তৰঃ  দ্য নেকলেছ গল্পৰ লেখক হল- গী দ্য মোচাছাঁই ।

Q. 12 | গ'গল কোন গল্প সাহিত্যৰ গল্পকাৰ ?

উত্তৰঃ  গ'গল ৰাছিয়ান গল্প সাহিত্যৰ গল্পকাৰ।

Q. 13 | ইম্পেছনিজম ধাৰাৰ প্ৰৱৰ্তক কোন ?

উত্তৰঃ  ইম্পেছনিজম ধাৰাৰ প্ৰৱৰ্তক হল- চেখৰ।

Q. 14 | কাক ভাৰতীয় নৱন্যাসৰ হোতা বুলি কোৱা হয় ?

উত্তৰঃ  ৰবীন্দ্ৰনাথ ঠাকুৰক ভাৰতীয় নৱন্যাসৰ হোতা বুলি কোৱা হয়।

Q. 15 | ৰবীন্দ্ৰনাথ ঠাকুৰৰ গল্প কোন প্ৰত্ৰিকাত প্ৰকাশ হৈছিল ?

উত্তৰঃ  ৰবীন্দ্ৰনাথ ঠাকুৰৰ গল্প অৰুণোদয় প্ৰত্ৰিকাত প্ৰকাশ হৈছিল।

Q. 16 | ভাৰতীয় সাহিত্যৰ প্ৰথম চুটিগল্পটো কোনে ৰচনা কৰিছিল ?

উত্তৰঃ  ভাৰতীয় সাহিত্যৰ প্ৰথম চুটিগল্পটো ৰবীন্দ্ৰনাথে ৰচনা কৰিছিল।

Q. 17 | হিন্দী সাহিত্যত কাৰ হাতত চুটিগল্পই বিকাশ লাভ কৰে ?

উত্তৰঃ  হিন্দী সাহিত্যত মুন্সী প্ৰেমচান্দৰ হাতত চুটিগল্পই বিকাশ লাভ কৰে।

Q. 18 | অসমীয়া চুটিগল্পৰ বিকাশত অৰিহণা  যোগোৱাৰ ক্ষেত্ৰত একো একোটা যুগৰ সৃষ্টি কৰাত কাৰ অৱদান অধিক আছিল ?

উত্তৰঃ অসমীয়া চুটিগল্পৰ বিকাশত অৰিহণা  যোগোৱাৰ ক্ষেত্ৰত একো একোটা যুগৰ সৃষ্টি কৰাত লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান অধিক আছিল।

Q. 19 | প্ৰথম অসমীয়া বাতৰিকাকতখনৰ নাম কি ?

উত্তৰঃ  প্ৰথম অসমীয়া বাতৰিকাকতখন হল — অৰুনোদয়।

Q. 20 | কোন কাকতৰ যোগেদি আধুনিক অসমীয়া চুটিগল্পৰ ইতিহাস আৰম্ভ হয় ?

উত্তৰঃ  অৰুনোদয় কাকতৰ যোগেদি আধুনিক অসমীয়া চুটিগল্পৰ ইতিহাস আৰম্ভ হয়।

Q. 21 | প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি ?

উত্তৰঃ প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম হল — সেউতী।

Q. 22 | শৰৎ চন্দ্ৰ গোস্বামীৰ জনপ্ৰিয় গল্পটিৰ নাম কি ?

উত্তৰঃ  শৰৎ চন্দ্ৰ গোস্বামীৰ জনপ্ৰিয় গল্পটিৰ নাম হল- নদৰাম।

Q. 23 | 'সাতসৰী' নামৰ গল্প সংকলনকন কাৰ ৰচনা ?

উত্তৰঃ  'সাতসৰী' নামৰ গল্প সংকলনকন শৰৎচন্দ্ৰ গোস্বামীৰ ৰচনা।

Q. 24 | মিত্ৰদেৱ মহন্তৰ একমাত্ৰ গ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ  মিত্ৰদেৱ মহন্তৰ একমাত্ৰ গ্ৰন্থখনৰ নাম-  চন্দ্ৰহাৰ।

Q. 25 | অসমীয়া চুটিগল্পৰ দ্বিতীয় যুগ কোন কাকতৰ জৰিয়তে আৰম্ভ হয় ?

উত্তৰঃ  অসমীয়া চুটিগল্পৰ দ্বিতীয় যুগ আৱাহন কাকতৰ জৰিয়তে আৰম্ভ হয়।

Q. 26 | কোন কাকতৰ জৰিয়তে অসমীয়া গল্প সাহিত্যই জন্ম লভে ?


উত্তৰঃ  আৱাহন কাকতৰ জৰিয়তে অসমীয়া গল্প সাহিত্যই জন্ম লভে।

Q. 27 | আৱাহন কাকতৰ প্ৰতিষ্ঠাতা কোন ?

উত্তৰঃ  আৱাহন কাকতৰ প্ৰতিষ্ঠাতা দীননাথ শৰ্মা।

Q. 28 | 'সৰগৰ মাধুৰী' গল্প সংকলনৰ ৰচক কোন ?

উত্তৰঃ 'সৰগৰ মাধুৰী' গল্প সংকলনৰ ৰচক - লক্ষ্মীনাথ ফুকন।

Q. 29 | কি গ্ৰন্থৰ বাবে ত্ৰৈলোক্য়নাথ গোস্বামীয়ে সাহিত্য অকাডমী বঁটা আৰু অসম সাহিত্য বঁটা লাভ কৰিছিল ?

উত্তৰঃ  'আধুনিক গল্প সাহিত্য' গ্ৰন্থৰ বাবে ত্ৰৈলোক্যনাথ গোস্বামীয়ে সাহিত্য অকাডমী বঁটা আৰু অসম সাহিত্য বঁটা লাভ কৰিছিল।


Q. 30 | 'জয়ন্তী' কাকত কাৰ সম্পাদনাত প্ৰথম প্ৰকাশ হৈছিল ?


উত্তৰঃ 'জয়ন্তী' কাকত ৰঘুনাথ চৌধৰীৰ সম্পাদনাত প্ৰথম প্ৰকাশ হৈছিল।

Q. 31 |  অসমীয়া চুটিগল্পৰ তৃতীয় স্তৰ কোন যুগত আৰম্ভ হয় ?

উত্তৰঃ  অসমীয়া চুটিগল্পৰ তৃতীয় স্তৰ ৰামধেনু যুগত আৰম্ভ হয়।

Q. 32 | 'কলং আজিও বয়' কাৰ গল্প সংকলন ?

উত্তৰঃ  'কলং আজিও বয়' বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ গল্প সংকলন।

Q. 33 | 'কাঠনীবাৰী ঘাট'ৰ স্ৰষ্টা কোন ?

উত্তৰঃ  'কাঠনীবাৰী ঘাট'ৰ স্ৰষ্টা মহিম বৰা।

Q. 34 | শীলভদ্ৰ কাৰ ছদ্মনাম ?


উত্তৰঃ  শীলভদ্ৰ ৰেৱতীমোহন দত্ত চৌধৰীৰ ছদ্মনাম।

Q. 35 | 'অৰ্পিতাৰ এৰাতি'ৰ গল্পকাৰ কোন ?

উত্তৰঃ  'অৰ্পিতাৰ এৰাতি'ৰ গল্পকাৰ দেৱব্ৰত দাস।

Q. 36 | কোনখিনিক সময়ক সাম্প্ৰতিক যুগ বুলি অভিহিত কৰা হয় ?

উত্তৰঃ ৰামধেনুৰ পাছৰ অৰ্থাৎ কুৰি শতিকাৰ শেষৰ দশক তিনিটাক সাম্প্ৰতিক যুগ বুলি কব পাৰি।

Q. 37 | বৰ্তমান সময়ৰ এখন সাহিত্যধৰ্মী আলোচনীৰ নাম লিখা ?

উত্তৰঃ  বৰ্তমান সময়ৰ এখন সাহিত্যধৰ্মী আলোচনীৰ নাম হল- বাঁহী।



অসমীয়া চুটিগল্পৰ ধাৰা BA 6th Sem Assamese Major Question Answer here :

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 2/5/10

Q. 1 | প্রশ্ন : অসমীয়া চুটিগল্প কেইটা ধাৰাত প্রবাহিত আৰু কি কি ?

উত্তৰঃ  অসমীয়া চুটিগল্প তিনিটা ধাৰাত প্রবাহিত । প্রথমে ‘জোনাকী’ৰ জৰিয়তে, দ্বিতীয়ে ‘আৱাহন' কাকতৰ জৰিয়তে আৰু তৃতীয়তে ‘ৰামধেনু'ৰ জৰিয়তে ।

Q. 2 | প্রশ্ন : জোনাকী যুগৰ দুজন গল্প লেখকৰ নাম লিখা ।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা, শৰৎ চন্দ্র গোস্বামী । 

Q. 3 | লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পপুথিতেইখন কি কি ?


উত্তৰঃ সাধুকথাৰ কুকি ( ১৯১০ ), সুৰভি ( ১৯০৯ ), জোনবিৰি ( ১৯১৩ ) আৰু কেহোকলি ।

Q. 4 | শৰৎ চন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত দুখন গল্পপুথিৰ নাম লিখা ।

উত্তৰঃ ময়না আৰু বাজীকৰ ।

Q. 5 | লক্ষ্মীনাথ ফুকনৰ চুটিগল্প সংকলনকেইখন আৰু কি কি ?

উত্তৰঃ   লক্ষ্মীনাথ ফুকনৰ চুটিগল্প সংকলন তিনিখন । সেয়া হ'ল – মালা , ওফাইবাং আৰু মৰমৰ মাধুৰী ।

Q. 6 | বেজবৰুৱাৰ গল্পৰ প্ৰধান বৈশিষ্ট্য কি ?


উত্তৰঃ অসমীয়া চুটিগল্পৰ জন্মদাতা হ'ল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা । ড ° মহেশ্বৰ নেওগদেৱে বেজবৰুৱাক পুৰণি সাধুকথা আৰু আধুনিক চুটিগল্পৰ সংযোজক সেতু বুলি অভিহিত কৰিছে । হাস্যৰস আৰু অসমীয়া জাতীয় জীৱনৰ ছাপ বেজবৰুৱাৰ গল্পৰ বৈশিষ্ট্য । ঊনবিংশ শতাব্দীৰ শেষ স্তৰৰ ভাঙোনমুখী অন্তঃসাৰশূন্য আভিজাত্যৰ ধ্বজা বহনকারী মধ্যবিত্ত শ্রেণী , ইংৰাজ ৰাজত্বৰ দুর্নীতিপৰায়ণ আমোলা শ্ৰেণী আৰু অন্ধ সংস্কাৰত আকণ্ঠ নিমজ্জিত শুচি বায়ুগ্রস্ত গাঁৱৰ নেতাসকলৰ নাড়ীব প্রত্যেক স্পন্দন বেজবৰুৱাৰ পৰিচিত আছিল আৰু গল্পবোৰত তাৰ চিত্ৰ ব্যংগাত্মক ৰূপত প্ৰকাশ কৰি গৈছে । হাস্য আৰু ব্যংগৰ সমাৱেশ বেজবৰুৱাৰ চুটিগল্পৰ অন্য এক বৈশিষ্ট্য ।

Q. 7 | বেজবৰুৱাৰ গল্পত প্ৰকাশিত দুটা ৰূপ কি  কি ? 

উত্তৰঃ বেজবৰুৱাৰ গল্পত প্ৰকাশিত দুটা ৰূপ হল- এটা হৈছে তৎকালীন অসমীয়া সমাজৰ নীচতা, হীনতা, অহংকাৰ, ভণ্ডামি, কু-সংস্কাৰ আদিক হাঁহিৰ ছলেৰে ব্যংগ কৰি সমাজ সংস্কাৰ কৰিবলৈ বিচৰা সমাজ সংস্কাৰক বেজবৰুৱা আৰু আনটো হৈছে সাধাৰণ গাঁৱলীয়া মানুহৰ প্ৰেম, বিৰহ, সুখ-দুখ, হাঁহি-কান্দোন, সহানুভূতিৰে অংকন কৰা মানৱতাবাদী বেজবৰুৱা।

Q. 8 | বেজবৰুৱাৰ দুখন গল্প সংকলনৰ নাম লিখা।

উত্তৰঃ বেজবৰুৱাৰ দুখন গল্প সংকলনৰ নাম হল- চেনীচম্পা, জয়ন্তী।

Q. 9 | শৰৎ চন্দ্ৰ গোস্বামীৰ গল্পৰ দুটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ  শৰৎ চন্দ্ৰ গোস্বামীৰ গল্পৰ দুটা বৈশিষ্ট্য হল- গোস্বামীৰ গল্পই বিষয়বস্তু, ভাববস্তু আৰু ৰূপবস্তুৰ ক্ষেত্ৰত বাস্তৱধৰ্মী দৃষ্টিভংগীৰে অৱলোকন কৰিছে আৰু নিজকে এক সমাজ সচেতক ৰূপত অৱতীৰ্ণ কৰাইছে। তেওঁৰ গল্পসমূহ পোনপটীয়া, অনাড়ম্বৰ আৰু সৰল ভাব প্ৰকাশক।

Q. 10 | নকুল চন্দ্ৰ ভূঞাই কি কি আলোচনীত গল্প লিখিছিল?

উত্তৰঃ  নকুল চন্দ্ৰ ভূঞাই আলোচনী, বাঁহী, চেতনা, আৱাহন আৰু ৰামধেনুত গল্প লিখিছিল।

Q. 11 | ভাগ-বাটোৱাৰা, ৰসায়ন গল্পৰ স্ৰষ্টাগৰাকীৰ গল্পত প্ৰতিফলিত হোৱা দুটা ৰূপ কি কি?

উত্তৰঃ  ভাগ-বাটোৱাৰা, ৰসায়ন গল্পৰ স্ৰষ্টাগৰাকীৰ প্ৰতিফলিত হোৱা দুটা ৰূপ হল- ইংৰাজ ৰাজত্বত জমিদাৰী শাসনত সাধৰণ মানুহৰ দুৰ্দশা জনজাতীয় সহজ-সৰল জীৱনৰ চিত্ৰ আৰু গোৱালপাৰা জিলাৰ সামাজিক জীৱনৰ বাস্তৱ চিত্ৰ। মানুহৰ মনস্তত্ত্ব আৰু মানৱিক সম্পৰ্কৰ ওপৰত ধনৰ প্ৰভাৱ আৰু তাৰ প্ৰতিক্ৰিয়া, এইধৰণৰ বিষয়বস্তুৰ অৱতাৰণা কৰি অসমীয়া গল্প সাহিত্যত এটি নতুন ধাৰা সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছিল।

Q. 12 | লক্ষ্মীধৰ শৰ্মাৰ গল্প কোন দুটা ধাৰাৰ দ্বাৰা প্ৰভাৱিত হৈছিল?

উত্তৰঃ  প্ৰেম-প্ৰণয়ৰ লগতে জীৱনৰ জৈৱিক আৰু বাস্তৱ সমস্যাসমূহক তেওঁ আধুনিক দৃষ্টিভংগীৰে অৱলোকন কৰিছিল। ফ্ৰয়েডীয় মনস্তাত্ত্বিক আৰু মাৰ্স্কীয় চিন্তাৰ দ্বাৰা তেওঁ প্ৰভাৱিত হৈছিল।

Q. 13 | বীণা বৰুৱাৰ দুখন গল্পপুথিৰ নাম লিখা।


উত্তৰঃ বীণা বৰুৱাৰ দুখন গল্পপুথিৰ নাম হল- অৰুণা, মৰীচিকা।

Q. 14 | চৈয়দ আব্দুল মালিকৰ গল্পৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ  চৈয়দ আব্দুল মালিকৰ গল্পৰ দুটা বৈশিষ্ট্য হল- সমাজৰ পৰম্পৰাগত সংস্কাৰৰ অন্তৰালত লুকাই থকা মানৱীয় অভিব্যক্তিক আকৰ্ষণীয় ৰূপত উন্মোচন কৰাত তেওঁ সিদ্ধহস্ত। উপস্থাপনৰ কৌশল, বৰ্ণনাৰ চাতুৰ্য, ভাবৰ মাধুৰ্য, ভাষাৰ লালিত্য, মানৱ চৰিত্ৰৰ সুক্ষ্ম বিশ্লেষণ তেওঁৰ গল্পৰ মূল উপাদান। 

Q. 15 | ৰামধেনু যুগত নাৰীবাদী চিন্তা-চেতনাৰে উদ্বুদ্ধ হোৱা দুগৰাকী লেখিকাৰ নাম লিখা।

উত্তৰঃ ৰামধেনু যুগত নাৰীবাদী চিন্তা-চেতনাৰে উদ্ভবুদ্ধ হোৱা দুগৰাকী লেখিকাৰ নাম হল- নিৰুপমা বৰগোহাঞি, প্ৰবীণা শইকীয়া।

Q. 16 | প্রবীণা শ‍ইকীয়াৰ গল্পৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ প্ৰবীণা শইকীয়াৰ গল্পৰ দুটা বৈশিষ্ট্য হল- ই কাহিনী প্ৰধান। পৰিণতিমুখী উৎকণ্ঠা, কাব্যিকতাপূৰ্ণ ভাষা, স্বকীয়।

Q. 17 | সাহিত্যৰ সমালোচকসকলে চুটিগল্পৰ যুগ পৰিক্ৰমাক কেনেদৰে ভাগ কৰিছে?

উত্তৰঃ সাহিত্যৰ সমালোচকসকলে চুটিগল্পৰ যুগ পৰিক্ৰমাৰ


Q. 18 | অসমীয়া চুটিগল্পৰ উদ্ভৱত জোনাকী যুগৰ অৱদান সম্পৰ্কে লিখা।


উত্তৰঃ


Q. 19 | অসমীয়া চুটিগল্পৰ বিকাশত আৱাহন কাকতৰ ভূমিকা কেনেধৰণৰ আছিল?

উত্তৰঃ

Q. 20 | ৰামধেনু কাকতে চুটিগল্পৰ অগ্ৰগতিত কি ভূমিকা গ্ৰহণ কৰিছিল?

উত্তৰঃ

Q. 21 | আৱাহন যুগৰ দুগৰাকী বিশিষ্ট গল্পকাৰৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ  আৱাহন যোগেদি প্ৰতিষ্ঠত হোৱা এগৰাকী গল্পকাৰ হল- লক্ষ্মীনাথ ফুকন। তেওঁৰ গল্পসমূহ হল- মালা, ওফাইডাং, সৰগৰ মাধুৰি, আশাত উৎফুল্ল প্ৰাণ। তদানীন্তন সমাজৰ বাস্তৱ সমস্যা, মানৱ জীৱনৰ দুখ-দুৰ্দশ, হতাশা-নিৰাশা আদি তেওঁৰ গল্পত অতি বাস্তৱধৰ্মী ৰূপত প্ৰকাশিত হৈছে। মেধি, ডাক্টৰ, টাইপিষ্টৰ জীৱন আদি এনেধৰণৰ গল্পৰ উৎকৃষ্ট উদাহৰণ। তেওঁৰ গল্পৰ প্ৰকাশভংগী সহজ-সৰল, জটুৱা-ঠাঁচসমৃদ্ধ, ভাষা সাৱলীল আৰু হাস্যৰসযুক্ত। 

Q. 22 | ৰামধেনু যুগৰ গল্পৰ বৈশিষ্ট্য সম্পৰ্কে লিখা।

উত্তৰঃ

Q. 23 | পাশ্চাত্য সাহিত্যৰ চুটিগল্প সম্পর্কে এটি আলোচনা যুগুত কৰা।

উত্তৰঃ

Q. 24 | অসমীয়া চুটিগল্পৰ বিকাশত পাশ্চাত্য চুটিগল্পৰ প্ৰভাৱ সম্পৰ্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ

Q. 25 | উদ্ভৱ কালৰে পৰা সাম্প্ৰতিক কাললৈকে অসমীয়া চুটিগল্পৰ ধাৰা সম্পর্কে এটি আলোচনা যুগুত কৰা।

উত্তৰঃ

Q. 26 | সাম্প্ৰতিক যুগৰ চুটিগল্পৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ


Q. 27 | চুটিগল্পক কি সাহিত্য বুলি জনা যায়?


উত্তৰঃ

Q. 28 | চুটিগল্পৰ আংগিক সম্পর্কে আলোচনা কৰা।

উত্তৰঃ

Q. 29 | চুটিগল্পৰ উপাদান সম্পর্কে আলোচনা কৰা।

উত্তৰঃ

Q. 30 | হাডছনৰ সাহিত্যবিষয়ক গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ

Q. 31 | বিষয়বস্তু অনুসৰি চুটিগল্পসমূহক কি কি ভাগত ভাগ কৰা হৈছে। উদাহৰণসহ আলোচনা কৰা।

উত্তৰঃ

Q. 32 | ঊনবিংশ শতিকাৰ বিশ্ব গল্প সাহিত্যৰ জগতখনক প্ৰভাৱিত কৰা তিনিগৰাকী গল্পকাৰ কোন কোন?

উত্তৰঃ

Q. 33 | চুটিগল্পৰ সংজ্ঞা সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ

Q. 34 | লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্প সম্পৰ্কে আলোচনা কৰি অসমীয়া গল্প সাহিত্যত বেজবৰুৱাৰ স্থান নিৰ্ণয় কৰা।

উত্তৰঃ

Q. 35 | চুটিগল্প আৰু সাধুকথাৰ মাজত কি পাৰ্থক্য আছে?

উত্তৰঃ

Q. 36 | চুটিগল্প আৰু উপন্যাসৰ প্ৰভেদ কি? চুটিকৈ লিখিলে চুটি অথবা দীঘলকৈ লিখিলে উপন্যাস হ'ব পাৰেনে? এই মতামত দাঙি ধৰা।

উত্তৰঃ

Q. 37 | শীলভদ্ৰ আৰু চৈয়দ আব্দুল মালিকৰ চুটিগল্প সম্পর্কে এটি আলোচনা কৰা।

উত্তৰঃ শীলভদ্ৰৰ গল্পবোৰ চৰিত্ৰপ্ৰধান। পাশ্চাত্য সাহিত্যৰ মোঁপাছা, মম, চেখভ আদিৰ দৰে শীলভদ্ৰৰ গল্পৰ চৰিত্ৰবোৰ জীৱন্ত। ভাষা প্ৰয়োগত পৰিমিতিবোধ, সূক্ষ্ম মনস্তাত্ত্বিক দৃষ্টিভংগী আদি তেওঁৰ গল্পৰ উল্লেখযোগ্য বৈশিষ্ট্য। তেওঁৰ গল্প সংকলনসমূহ হল- বাস্তৱ, সমুদ্ৰতীৰ, তৰুৱা কদম, সৈনিক, শীলভদ্ৰৰ কুৰিটা গল্প, মেজাজ, প্ৰতীক্ষা, জীৱন আৰু অন্যান্য গল্প, আকৌ মধুপুৰ, মধুপুৰ বহুদূৰ, তৰ্পণ, মধুপুৰৰ মধুকৰ আদি।

Q. 38 | প্রাচীন কথা সাহিত্যৰে সমৃদ্ধ দেশ বুলি কোনখন দেশক কোৱা হয়। 

উত্তৰঃ

Q. 39 | ব্যক্তিনিষ্ঠ আৰু বস্তুনিষ্ঠ চুটিগল্প বুলিলে কি বুজা ? অসমীয়া গল্প সাহিত্যত এই দুই শ্ৰেণীৰ গল্প সম্পৰ্কে উদাহৰণসহ আলোচনা কৰা ।

উত্তৰঃ

Q. 40 | ১৮৮৯ চনৰ পৰা ১৯২৯ চনলৈ চুটিগল্পৰ ক্ৰমবিকাশ সম্পর্কে এটি আলোচনা দাঙি ধৰা ।


উত্তৰঃ  অসমীয়া সাহিত্যত ৰোমাণ্টিক ভাবাদর্শ প্রতিষ্ঠা হয় জোনাকী আলোচনীৰ যোগেদি । ১৮৮৯ চনৰ পৰা ১৯৪০ চনলৈকে এই অর্ধশতিকা কাল ৰোমাণ্টিক সাহিত্যৰ যুগ হিচাপে চিহ্নিত হৈ আহিছে । এই অর্ধ শতিকাকালৰ আমি দুটা স্তৰ দেখিবলৈ পাওঁ – ( ১ ) প্ৰথমটো জোনাকী আলোচনীৰ জন্ম , অর্থাৎ ১৮৮৯ চনৰ পৰা আৱাহন আলোচনীৰ জন্মৰ ১৯২৯ চনলৈকে । আৰু ( ২ ) দ্বিতীয়টো আবাহন জন্মৰ পৰা ১৯৪০ চনলৈকে ।

        এই দুটা স্তৰৰ প্ৰথমটোক অসমীয়া চুটিগল্পৰ আদি যুগ বা জোনাকী যুগ আৰু দ্বিতীয়টোক আৱাহন যুগ আখ্যা দিয়া হয় ।

        ‎অসমীয়া চুটিগল্পৰ প্ৰায় ৩ টা দশকজোৰা আদি যুগটোৰ কৰ্ণধাৰ লেখকজনেই হ'ল লক্ষ্মীনাথ বেজবৰুৱা । এইজনা লেখকৰ লগতে আমি শৰৎ চন্দ্র গোস্বামীৰ নামো ল'ব লাগিব । লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয় যদিও জোনাকীৰ কাকতত বেজবৰুৱাৰ হাতত চুটিগল্পৰ পৰীক্ষা - নিৰীক্ষাহে চলিছিল । দৰাচলতে অসমীয়া চুটিগল্পৰ উদ্ভৱ আৰু বিকাশ সাধিত হয় লক্ষ্মীনাথ বেজবৰুৱা আৰু শৰৎ চন্দ্র গোস্বামী দুয়োজনাৰ হাততে । সেইদৰে অসমীয়া চুটিগল্পৰ আদি যুগটোক অধিক শক্তিশালী আৰু জনপ্রিয় কবি তোলাত নকুল চন্দ্র ভূঞা , সূৰ্যকুমাৰ ভূঞা , দণ্ডীনাথ কলিতা , লক্ষ্মীনাথ ফুকন , মিত্ৰদেৱ মহন্ত , মহীচন্দ্র বৰাৰ ভূমিকাও উল্লেখযোগ্য । এইখিনিতে এটা কথা উল্লেখ কৰা উচিত যে উল্লিখিত লেখককেইজন পৰৱর্তী আৱাহন যুগৰো বিশিষ্ট লেখক । কিন্তু এওঁলোকৰ চুটিগল্পৰ চৰ্চা আৰু সাধনা আৰম্ভ হৈছিল প্রচ্ছন্নভাবে জোনাকী যুগতেই । আকৌ এইকেইজনৰ ভিতৰত লক্ষ্মীনাথ ফুকন , মিত্ৰদেৱ মহন্ত আৰু মহীচন্দ্র ববা এই তিনিওজনে জোনাকী যুগতে গল্প লিখা আৰম্ভ কৰিছিল যদিও বিশেষ আলোড়ন তুলিব পৰা নাছিল । তাৰ কাৰণ হ'ল তিনিজনাৰ জীৱনৰ প্ৰথম পৰ্যায়ৰ গল্পৰ শিল্পমূল্য আছিল অভি নিশকটীয়া । গল্পবোৰৰ শিল্পমূল্য নিম্ন হোৱা বাবেই জোনাকী যুগত এওঁলোক তিনিওজনে চুটিগল্পৰ বিকাশত বিশেষ অৰিহণা যোগাব নোৱাৰিলে । কিন্তু আৱাহন যুগত মিত্ৰদেৱ মহন্তৰ বাহিৰে লক্ষ্মীনাথ ফুকন আৰু মহীচন্দ্ৰ বৰাই একোজন বলিষ্ঠ লেখক ৰূপে ভূমিকা লৈ আৱাহনত চুটিগল্পৰ বিকাশ ঘটালে ।

        ‎অসমীয়া চুটিগল্পৰ আদি যুগব লেখক নকুল চন্দ্ৰ ভূঞা , দণ্ডীনাথ কলিতা , সূৰ্যকুমাৰ ভূঞা আদিৰ গল্পই জোনাকী যুগৰ গল্পক চহকী কৰি তুলিছিল । জোনাকী যুগৰ পৰা আৱাহন কাকতৰ জন্মলৈকে কেইবাজনো গল্পকাৰৰ জন্ম হলেও অসমীয়া চুটিগল্পৰ উদ্ভৱ আৰু বিকাশত লক্ষ্মীনাথ বেজবৰুৱা আৰু শৰৎ চন্দ্র গোস্বামীৰ হাততেই অসমীয়া চটিগল্পই বিকশিত হয় ।

        ‎বেজবৰুৱাৰ গল্পৰ বিষয়বস্তু আৰু ভাববস্তু বর্ণময় নহয় । সমকালীন সমাজ চেতনাৰ পৰাই বেজবৰুৱাই গল্পৰ বিষয়বস্তু গ্রহণ কৰা দেখা যায় । সেয়ে বেজবৰুৱাৰ গল্পক প্রধানভাৱে দুটা ভাগত ভাগ কৰিব পাৰি—

        ‎( ক ) প্রথম ভাগত সমাজ সংস্কারধর্মী ।

        ‎( খ ) দ্বিতীয় ভাগত ব্যক্তি জীবন সম্পৰ্কীয় । প্রথম ভাগৰ গল্পত সমকালীন সমাজৰ ভণ্ডামি , অন্তঃসারশূন্যতা আৰু অন্ধবিশ্বাসজনিত সামাজিক কু - সংস্কাৰক তীব্র ব্যংগ কবি সমাজ সংস্কাৰ কৰিবলৈ প্ৰয়াস কৰা দেখা গৈছে । মলক গুইন গুইন , ভবেন্দ্র বৰুৱা , জাতিৰামৰ জাত আদি গল্পত সংস্কাৰকামী ভাবাবেশ তীব্র হোৱা বাবেই এইবোৰ চুটিগঞ্জ আৰু ব্যংগ ৰচনাৰ মধ্যবর্তী ৰচনা হ’ল । 

        ‎বেজবৰুৱাৰ দ্বিতীয় ভাগ গল্পৰ ভিতৰত পুত্রবান পিতা , ভদৰী , নকওঁ , জলকুঁৱৰী , মুক্তি আদি গল্পত ব্যক্তি জীৱনৰ হাঁহি - কান্দোন , সুখ - দুখ , নানা সংঘাত আদি চিত্ৰণেৰে মানুহৰ জীৱনৰ সহৃদয়তাৰে উপলব্ধি কৰাবলৈ যত্ন কৰা হৈছে । 

        ‎উল্লিখিত দুই প্রধান ধাৰাৰ গল্পৰ যোগেদি বেজবৰুৱাই আধুনিক অসমীয়া সাহিত্যক কেৱল চুটিগল্পৰে যে ভেটি স্থাপন কৰিলে এনে নহয় , এইগৰাকী লেখকৰ ।



Tags :

  • অসমীয়া চুটিগল্পৰ ধাৰা
  • Gauhati University BA 6th Sem Assamese Major Model Questions Answer
  • GU BA 6th Sem Assamese Major Model Solution
  • ba 6th sem assamese major question paper
  • BA 6th Sem Assamese Major Question Answer
  • BA 6th Semester Assamese Major Question Answer Gauhati University
  • Assamese Major Question Answer BA 6th Semester