Follow Us:

আৱেগিক আৰু ব্যক্তিত্বৰ বিকাশ | BA 2nd Sem Education General Question Answer | BA 2nd Semester Education Question Answer [Major & General] Gauhati University

LearningPointAssam.com

আৱেগিক আৰু ব্যক্তিত্বৰ বিকাশ | Gauhati University BA 2nd Sem Education Model Questions Answer | GU BA 2nd Sem Education General Model Solution | BA 2nd Sem Education General Question Answer | BA 2nd Semester Education Question Answer | BA 2nd Sem Education Question Answer [Major & General] Gauhati University

BA 2nd Semester Education Question Answer General Notes & Guide Available here আৱেগিক আৰু ব্যক্তিত্বৰ বিকাশ (Emotional and personality development) Model Solution to each Unit are provided in the list of UG - CBCS Syllabus. We design all notes according to Guwahati University so that you can easily browse through BA 2nd Sem Education Question Answer [Generic & General] and University Guides and Notes here. BA Education 2nd Semester আৱেগিক আৰু ব্যক্তিত্বৰ বিকাশ Question Answer Can be very useful to excel in examinations.

BA 2nd Sem Education General Question Answer

BA 2nd sem education book question answer, BA 2nd Sem Education Pass Course Question Answer আৱেগিক আৰু ব্যক্তিত্বৰ বিকাশ (Emotional and personality development) Notes covers all the practice questions of Guwahati University syllabus. BA 2nd Sem Education General Question Answer is given here which ensures smooth and easy understanding of all the concepts. Education question answer ba 2nd semester Understand the concepts behind each unit and score well in board exams.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 4 

আৱেগিক আৰু ব্যক্তিত্বৰ বিকাশ (Emotional and personality development) — ALL Important Question & Answers

GU BA 2nd Sem Education (Generic & Regular Course) EDU-HG-2016 / EDU-RC-2016 Questions & Answer :


CONTENTS 

আৱেগিক আৰু ব্যক্তিত্বৰ বিকাশ
(Emotional and personality development)
Model Question and Answer key






প্ৰশ্নাৱলীঃ

আৱেগিক আৰু ব্যক্তিত্বৰ বিকাশ | BA 2nd Sem Education General Question Answer

তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়াঃ Mark — 1


Q. 1 | আৱেগিক বিকাশ কি ?

উত্তৰঃ আৱেগিক বিকাশ বুলিলে সাধাৰণতে শিশুৰ অনুভূতিৰ সজাগতা আৰু নিয়ন্ত্ৰণৰ উন্নত অৱস্থা আৰু পৰিৱৰ্তিত পৰিৱেশত সেই অনুভূতিৰ যোগেদি কেনেকৈ প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰিব পাৰে তাকে বুজায় ।

Q. 2 | ব্যক্তিত্ব কি ?

উত্তৰঃ ব্যক্তিত্ব হ'ল আভ্যন্তৰীণ গুণ আৰু বাহ্যিক প্ৰকাশৰ এক সমষ্টি স্বৰূপ । 

Q. 3 | আত্ম-মৰ্যদা কি ?

উত্তৰঃ সাধাৰণভাৱে ক'বলৈ গলে আত্ম মৰ্যাদাই 'মই কিমান ভাল'ৰ উত্তৰ প্ৰদান কৰে । 

Q. 4 | আৱেগৰ এটা ভাল প্ৰভাৱ উল্লেখ কৰা ।

উত্তৰঃ আৱেগৰ এটা ভাল প্ৰভাৱ হ'ল- অভিৰোচনৰ উৎস ।

Q. 5 | কিশোৰ কিশোৰীৰ সমাযোজনৰ এটা সমস্যা উল্লেখ কৰা ।  

উত্তৰঃ কিশোৰ-কিশোৰীৰ সমাযোজনৰ এটা সমস্যা হ'ল- দৈহিক গঠন । 

Q. 6 | অপৰাধ প্ৰৱণতা কি ?

উত্তৰঃ অপৰাধ প্ৰৱণতা হ'ল এক সামাজিক ব্যাধি য'ত ব্যক্তিয়ে অসামাজিক আৰু বেআইনী কাৰ্যৰ লগত জড়িত হোৱা দেখা যায় । 



আৱেগিক আৰু ব্যক্তিত্বৰ বিকাশ BA 2nd Sem Education HG & General Question Answer 

তলৰ প্ৰশ্নসমূহ শুদ্ধ নে অশুদ্ধ লিখাঃ Mark — 1

Q. 1 | কিশোৰ-কিশোৰীৰ আৱেগিক প্ৰকাশ বিমূৰ্ত প্ৰকৃতিৰ ।

 উত্তৰঃ শুদ্ধ । 

Q. 2 | কৈশোৰ কালত ল'ৰা-ছোৱালী আত্মকেন্দ্ৰিক হোৱা দেখা যায় ।

উত্তৰঃ ......

Q. 3 | ভয় এক নেতিবাচক আৱেগ ।

উত্তৰঃ শুদ্ধ । 

Q. 4 | আৱেগ কিশোৰ কিশোৰীৰ দেহৰ শক্তিৰ উৎস ।

উত্তৰঃ শুদ্ধ । 

Q. 5 | বিদ্যালয় অনুপযুক্ত পাঠ্য়ক্ৰমেও কিশোৰ-কিশোৰীৰ সমাযোজনত বাধাৰ সৃষ্টি কৰে । 

উত্তৰঃ শুদ্ধ ।

Q. 6 | অপৰাধ প্ৰৱণতাৰ এক প্ৰকাৰ হ'ল মাদ্ৰক দ্ৰৱ্যৰ আসক্তি ।

উত্তৰঃ শুদ্ধ । 



আৱেগিক আৰু ব্যক্তিত্বৰ বিকাশ | BA 2nd Semester Education Question Answer Generic & General 

খালী ঠাই পূৰ কৰা (Fill in the blanks) Mark — 1

(i) ______ সময়ত আৱেগিক বিকাশে সৰ্বোচ্চ অৱস্থা লাভ কৰে । 

উত্তৰঃ 

(ii) 'Persona' শব্দটো ______ শব্দ ।

উত্তৰঃ 

(iii) কৈশোৰ কালৰ ব্য়ক্তিত্ব বিকাশৰ এক প্ৰধান ক্ষেত্ৰ হ'ল _____ ।

উত্তৰঃ 

(iv) অপৰাধ প্ৰৱণতাক ______ অপৰাধ বুলিও কোৱা হয় । 

উত্তৰঃ 

(v) উপযুক্ত আৱেগিক বিকাশে কিশোৰ-কিশোৰীৰ আৱেগিক ______ বৃদ্ধি কৰে । 

উত্তৰঃ 

(vi) _____ আচৰণ হ'ল সমাযোজনৰ এক ব্য়ক্তিগত কাৰক । 

উত্তৰঃ পিতৃ-মাতৃৰ আচৰণ হ'ল সমাযোজনৰ এক ব্য়ক্তিগত কাৰক । 



আৱেগিক আৰু ব্যক্তিত্বৰ বিকাশ BA 2nd Sem Education General Question Answer

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 2

Q. 1 | কিশোৰ কিশোৰী আৱেগিক বিকাশৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ কিশোৰ কিশোৰী আৱেগিক বিকাশৰ দুটা বৈশিষ্ট্য হ'লঃ—

  • (i) জটিলতা, আৰু
  • (ii) বিমূৰ্ত আৱেগৰ বিকাশ । 

Q. 2 | সহানুভূতিশীলতা কি ?

উত্তৰঃ সহানুভূতিশীলতা হ'ল আত্ম-নিয়ন্ত্ৰণ । আনৰ সুখত সুখী আৰু আনৰ দুখত দুখী হোৱা। সমাজৰ আন লোকৰ লগত সম-অনুভূতি প্ৰকাশ কৰি মনৰ ঐক্য-সংহতিৰ ভাব আৰু আচৰণ প্ৰকাশ কৰা । 

Q. 3 | আৱেগৰ বেয়া প্ৰভাৱ সম্বন্ধে চমুকৈ লিখা ।

উত্তৰঃ কিশোৰ-কিশোৰীৰ আচৰণত আৱেগে বেয়া প্ৰভাৱ পেলোৱাও দেখা যায় । আৱেগে আটাইতকৈ বেছি বেয়া প্ৰভাৱ পেলায় তেওঁলোকৰ স্বাস্থ্যত । নিয়মীয়া আৱেগিক সংশয়ৰ ফলত কিশোৰ-কিশোৰীয়ে ভালদৰে শুব নোৱাৰে , ভাগৰ অনুভৱ কৰে, মূৰৰ বিষ অনুভৱ কৰে । 

Q. 4 | কিশোৰ-কিশোৰীৰ ব্যক্তিত্ব বিকাশৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ কিশোৰ-কিশোৰীৰ ব্যক্তিত্ব বিকাশৰ দুটা বৈশিষ্ট্য হ'লঃ — 

  • (১) আত্মসত্বাৰ ধাৰণা,
  • (২) আত্ম মৰ্যদা ।

Q. 5 | সু-সমাযোজিত ব্যক্তি এজনৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ সু-সমাযোজিত ব্যক্তি এজনৰ দুটা বৈশিষ্ট্য হ'ল —

(i) নিজ সবলতা-দুৰ্বলতা সম্বন্ধে সজাগ ।

(ii) নিজক আৰু আনক সন্মান প্ৰদৰ্শন । 

Q. 6 | অপৰাধ প্ৰৱণতা প্ৰতিৰোধৰ ক্ষেত্ৰত পৰিয়ালে গ্ৰহণ কৰিবলগীয়া দুটা ব্যৱস্থা উল্লেখ কৰা ।

উত্তৰঃ অপৰাধ প্ৰৱণতা প্ৰতিৰোধৰ ক্ষেত্ৰত পৰিয়ালে গ্ৰহণ কৰিবলগীয়া দুটা ব্যৱস্থা হ'ল-

  • (i) ঘৰৰ উপযুক্ত পৰিবেশ ।
  • (ii) শিশুৰ প্ৰতি উপযুক্ত মনোভাব । 

Q. 7 | অপৰাধ প্ৰৱণতা প্ৰতিৰোধৰ ক্ষেত্ৰত বিদ্যালয়ে গ্ৰহণ কৰিবলগীয়া দুটা ব্যৱস্থা উল্লেখ কৰা ।

উত্তৰঃ অপৰাধ প্ৰৱণতা প্ৰতিৰোধৰ ক্ষেত্ৰত বিদ্যালয়ে গ্ৰহণ কৰিবলগীয়া দুটা ব্যৱস্থা হ'লঃ —

  • ( i ) শিশুকেন্দ্ৰিক শিক্ষা ।
  • ( ii ) শ্ৰৱণ-দৰ্শন সঁজুলিৰ প্ৰয়োগ ।



আৱেগিক আৰু ব্যক্তিত্বৰ বিকাশ | BA 2nd Sem Education Question Answer [Generic & General] Gauhati University

চমুটোকা লিখা (Write short notes) Mark — 5

Q. 1 | কৈশোৰ কালৰ আৱেগিক বিকাশ !

উত্তৰঃ শিশুসকলৰ তুলনাত কিশোৰ-কিশোৰৰ আৱেগিক বিকাশৰ ক্ষেত্ৰত পাৰ্থক্য দেখিবলৈ পোৱা যায় । কিশোৰ-কিশোৰীসকলৰ আৱেগিক জীৱন অতি সংবেদনশীল আৰু দ্ৰুত প্ৰতিক্ৰিয়াশীল । কৈশোৰ কালত ব্যক্তি আৱেগিক ভাৰসাম্যহীনতাৰ সন্মুখীন হয় । আৱেগিক অভিজ্ঞতাৰ পৰিপ্ৰেক্ষিতত এই সময়ছোৱাক ধুমুহা আৰু পীড়নৰ সময় বোলা হয় । কৈশোৰকালৰ দৰে বিকাশৰ আন কোনো স্তৰতে আৱেগিক শক্তি বিপদজনক নহয় । কিশোৰ-কিশোৰীৰ বাবে আৱেগৰ ওপৰত নিয়ন্ত্ৰণয় পোৱাটো এক কঠিন কাম । আৱেগিক বিকাশে এই সময়ত চূড়ান্ত ৰূপ লাভ কৰে । সকলো প্ৰকাৰৰ আৱেগ যেনে - সংশয়, ভয়, প্ৰেম বা ভালপোৱা, খং আদিবোৰ এই সময়ত বৃদ্ধি পায় । শিশুসকলৰ দৰে কৈশোৰ কালতো আৱেগিক অভিজ্ঞতা অস্থিৰ হোৱা দেখা যায় । আৱেগিক প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত কিশোৰ-কিশোৰীসকলে স্থিৰ নহয় । তেওঁলোকৰ আৱেগ অতি সঘনাই পৰিবৰ্তিত হৈ থাকে । 

Q. 2 | সমাযোজনৰ কৌশলবোৰ !

উত্তৰঃ সমাযোজন প্ৰক্ৰিয়াৰ মূল লক্ষ্য হ'ল সমন্বয় সাধন আৰু জীয়াই থকা । ভৌতিক বা বাহ্যিক পৰিৱেশৰ কিছুমান উপাদান সততে প্ৰাণীৰ শৰীৰৰ আভ্যন্তৰীণ ভাৰসাম্যতা নষ্ট কৰিবলৈ প্ৰয়াস কৰে । এনে আৱস্থাত প্ৰাণীয়ে নিজৰ শৰীৰৰ বিভিন্ন কাৰ্য প্ৰণালীৰ উপযুক্ত সালসলনি ঘটাই পূৰ্বৰ ভাৰসাম্যতা ঘূৰাই আনিবলৈ চেষ্টা কৰে । শৰীৰৰ যিবিলাক বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকে প্ৰাণীৰ গতিশীল সাম্য় অৱস্থা বৈসাম্য কৰিবলৈ চেষ্টা কৰে তাক বাধা প্ৰদান কৰি দেহৰ গতিশীল সাম্য অৱস্থা বাহাল ৰখাকে সমাৱস্থান বোলা হয় । ভৌতিক বা বাহ্যিক পৰিৱেশৰ দৰে মানসিক পৰিৱেশটো ব্যক্তিয়ে সহৱস্থান স্থাপন কৰাটো প্ৰয়োজনীয় । প্ৰত্য়ক মানুহৰে এখন মানসিক জগত আছে । এই মানসিক জগতখনৰ ভয়, সংশয়, অনিশ্চয়তা, সংঘাত, চাপ, উত্তেজনা আদি বিপৰীতধৰ্মী ভাৱ-চিন্তাবোৰে ব্যক্তি মনত তৃপ্তিদায়ক পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে । প্ৰতিজন ব্যক্তিৰ মনত কেতবোৰ উৎকণ্ঠা থাকে । এই উৎকণ্ঠাবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিজন ব্যক্তিয়ে যত্ন কৰে আৰু ইয়াৰ বাবে দুই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে । সেয়া হ'ল- (ক) যুঁজ কৰা আৰু (খ) পলায়ন কৰা । 

Q. 3 | কৈশোৰ কালৰ ব্যক্তিত্ব বিকাশ

উত্তৰঃ কৈশোৰ কালত ব্যক্তিৰ জীৱনৰ সকলোবোৰ দিশৰ পৰিৱৰ্তন হোৱা দেখা যায় । কৈশোৰ কালত ব্যক্তিয়ে নিজস্ব সত্বা বিকশাই তোলে । কিশোৰ-কিশোৰীয়ে মাক-দেউতাকৰ পৰা নিজক পৃথক কৰি নিজৰ ব্য়ক্তিত্ব বিকশাই তোলে । কিশোৰ-কিশোৰীয়ে সাধাৰণতে ঘৰৰ বাহিৰত সমনীয়াৰ বন্ধুৰ লগত অধিক সময় অতিবাহিত কৰে আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ ওপৰত থকা মনো-দৈহিক নিৰ্ভৰশীলতা কমি আহে । এই সময়ছোৱাত কিশোৰ-কিশেৰীৰ ব্যক্তিত্বৰ বিকাশে চৰম অৱস্থা লাভ কৰে । সমনীয়া বন্ধুৰ লগত বহুত সময় অতিবাহিত কৰা বাবে তেওঁলোকৰ ব্য়ক্তিত্বত সমনীয়া বন্ধুৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় । ইয়াৰ বাহিৰে পিতৃ-মাতৃও কিশোৰ-কিশোৰীৰ ব্যক্তিত্ব ভালদৰে বিকশাই তোলাৰ বাবে ব্য়ৱস্থা গ্ৰহণ কৰে । অৰ্থাৎ পিতৃ-মাতৃ আৰু সমনীয়া বন্ধুৱে যুটীয়াভাৱে কিশোৰ-কিশোৰী ব্যক্তিত্বৰ বিকাশত অৰিহনা যোগায় । 

Q. 4 | অপৰাধ প্ৰৱণতা

উত্তৰঃ বৰ্তমান সমাজৰ এক জটিল সমস্যা হ'ল অপৰাধ প্ৰৱণতা । সাধাৰণতে সমাজৰ দ্বাৰা অনুমোদিত প্ৰথা , পৰম্পৰা আৰু আইন উলংঘা কৰা সকলো মানুহকেই অপৰাধী বুলি গণ্য কৰা হয় । সাধাৰণ দৃষ্টিকোণেৰে বিবেচনা কৰিলে অপৰাধ আৰু  অপৰাধ প্ৰৱণতাৰ মাজত বিশেষ পাৰ্থক্য দেখা নাযায় কিন্তু বাস্তৱত অপৰাধী আৰু অপৰাধ প্ৰৱণ ব্যক্তিৰ দেখা নাযায় কিন্তু বাস্তৱত অপৰাধী আৰু অপৰাধ প্ৰৱণ ব্যক্তিৰ মাজত পাৰ্থক্য আছে । সমাজৰ অনুমোদিত আইন ভংগ কৰা ব্য়ক্তিজনৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ পাৰ্থক্য নিৰূপণ কৰা হয় । দেশ অনুযায়ী এই বয়সৰ সীমা পৃথক পৃথক হোৱা দেখা যায় । আমাৰ দেশত ইংৰাজসকলৰ দ্বাৰা প্ৰচলিত আইন অনুসৰি ৭ বছৰৰ তলৰ শিশুৱে আইন ভংগ কৰিলে তাক অপৰাধ হিচাপে গণ্য কৰা নহয় । এই আইন অনুসৰি এই বয়সৰ শিশুৱে অপৰাধ সংঘটিত কৰিব নোৱাৰে । পিছলৈ বয়সৰ এই সীমা ১২ বছৰ আৰু ১৬ বছৰলৈ বৃদ্ধি কৰা হৈছিল । বৰ্তমান সময়ত এই বয়সৰ সীমা ১৮ বছৰ ধাৰ্য কৰা হৈছে । কোনো এজন শিশুৰ অসামাজিক আৰু বেআইনী কাৰ্য কৰাৰ প্ৰৱণতাই যেতিয়া সমাজত আৰু আইনৰ চকুত দোষী বিচাপে গণ্য হৈ চৰকাৰী ব্যৱস্থা গ্ৰহণৰ বিষয় হয়, তেনে শিশুকেই অপৰাধ প্ৰৱণ শিশু আৰু মতবাদটোক অপৰাধ প্ৰৱণতা বোলা হয় । 

Q. 5 | সমাযোজনৰ সমস্যাবোৰ


উত্তৰঃ মানৱ আচৰণৰ এক জটিল সমস্যা হৈছে সমাযোজনৰ সমস্যা । কিশোৰ কিশোৰীৰ সমাযোজনৰ সমস্যাৰ বিভিন্ন কাৰণ আছে সমাযোজনৰ সমস্যাবোৰক অপসমাযোজনৰ কাৰণ বুলিও কোৱা হয় । কিশোৰ কিশোৰীৰ সমাযোজনৰ সমস্য়াবোৰক তিনিটা ভাগত ভগাব পাৰি ।

যেনেঃ —

  • (i) ব্যক্তিগত 
  • (ii) সামাজিক
  • (iii) বিদ্যালয় কাৰক

i) ব্যক্তিগত কাৰক ঃ 

  • (১) দৈহিক গঠন 
  • (২) দৰিদ্য়তা 
  • (৩) বিপৰ্যস্ত পৰিয়াল 
  • (৪) পিতৃ-মাতৃৰ আচৰণ 
  • (৫) দীৰ্ঘদিনীয়া অসুস্থতা আৰু আঘাত
  • (৬) ব্যক্তিগত অযোগ্যতা 
  • (৭) আৱেগিক আঘাত

ii) সামাজিক কাৰকঃ 

  • (১) ধৰ্মীয় বিশ্বাস 
  • (২) পিতৃ-মাতৃৰ গতিশীলতা 
  • (৩) আক্ৰমণাত্মক মনোভাৱ 

iii) বিদ্যালয়ৰ কাৰক ঃ 

  • (১) শ্ৰেণীকোঠাৰ অনুপযুক্ত পৰিৱেশ 
  • (২) অনুপযুক্ত পাঠ্যক্ৰম 
  • (৩) উপযুক্ত বিনোদনৰ সামগ্ৰীৰ অভাৱ
  • (৪) আসোঁৱাহপূৰ্ণ শিক্ষাদান পদ্ধতি 


Q. 6 | ভাৰাসাম্যপূৰ্ণ পৰিপূৰ্ণ ব্যক্তিত্বৰ ব্যক্তি

উত্তৰঃ ভাৰসাম্য শব্দই সাধাৰণতে সামঞ্জস্যপূৰ্ণতাক বুজায় । সুব্যক্তিত্বৰ ব্যক্তি এজনক পৰিপক্ক ব্যক্তিত্বৰ ব্যক্তি বুলি কোৱা হয় । যিসকল ব্যক্তি শাৰিৰীক আৰু মানসিকভাৱে সুস্থ, আবেগিকভাৱে পৰিপক্ক, যিকোনো পৰিৱেশৰ লগত সুস্থভাৱে সমাযোজিত, সমস্য়াৰ দ্ৰুত সমাধানকাৰী, গণতান্ত্ৰিক ভাৱধাৰাপূৰ্ণ, সামাজিকভাৱে দায়ৱদ্ধ, নৈতিকভাৱে উন্নত গুণসম্পন্ন, আত্মনিয়ন্ত্ৰিত, বহল মনৰ , উচ্চ চিন্তা আৰু যুক্তি ক্ষমতাৰ অধিকাৰী তেনে ব্যক্তিৰ ব্য়ক্তিত্বক ভাৰসাম্য়পূৰ্ণ পৰিপক্ক ব্য়ক্তিত্ব বুলি কোৱা হয় । এই প্ৰকাৰৰ ব্যক্তিত্বত সুস্থ ব্যক্তিত্বৰ আটাইবোৰ সংলক্ষণৰ মাজত সামঞ্জস্যতা দেখিবলৈ পোৱা যায় আৰু প্ৰতিটো সংলক্ষণেই পৰিপক্ক প্ৰকৃতিৰ । ভাৰসাম্যপূৰ্ণ পৰিপক্ক ব্যক্তিত্বৰ ব্যক্তিসকলে সকলো কাম নিপুণতাৰে সম্পাদন কৰিব পাৰে আৰু তেওঁলোকে প্ৰদৰ্শন কৰা আচৰণবোৰ সমাজৰ প্ৰতিজন লোকৰ বাবে গ্ৰহণযোগ্য । যিকোনো সামাজিক পৰিৱেশত এনে ব্য়ক্তিত্বৰ ব্যক্তিসকলে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে আৰু প্ৰতিটো কামতে উদয়মতাৰ গুণ প্ৰতিফলিত কৰায় । 

Q. 7 | সু-সমাযোজিত ব্যক্তিৰ বৈশিষ্ট্যবোৰ 

উত্তৰঃ (১) নিজ সবলতা-দুৰ্বলতা সম্বন্ধে সজাগ : এজন সু-সমাযোজিত ব্যক্তিয়ে নিজকে ভালদৰে জানে আৰু নিজৰ সক্ষমতা আৰু দুৰ্বলতা প্ৰকাশ কৰিব পাৰে । সেয়েহে, এই ব্যক্তিসকলে সদায় মজলীয়া জটিলতাৰ কাৰ্য সম্পাদন কৰিব বিচাৰে ।

(২) নিজক আৰু আনক সন্মান প্ৰদৰ্শন : নিজক বেয়া পোৱাটো এক গুৰুতৰ অপসমাযোজনৰ লক্ষণ । সু-সমাযোজিত ব্যক্তি এজনে নিজক আৰু আনক সন্মান প্ৰদৰ্শন কৰিব জানে ।

(৩) যথাযথ আকাংক্ষাৰ মাত্ৰা : সু-সমাযোজিত ব্য়ক্তি এজনৰ নিজ ক্ষমতা আৰু দক্ষতাৰ ক্ষেত্ৰত আকাংক্ষাৰ মাত্ৰা অতি নিম্নগামীও নহয় বা অতি উচ্চগামীও নহয় । যথাযথ আকাংক্ষাৰ মাত্ৰাৰে এইসকল লোকে কাৰ্য সম্পাদন কৰে ।

(৪) মৌলিক প্ৰয়োজন পূৰণ  : এজন সু-সমাযোজিত ব্য়ক্তিৰ জৈৱিক, আৱেগিক আৰু সমাজিক প্ৰয়োজনবোৰ সন্তোষজনকভাৱে পূৰ হয় বা পূৰ হোৱাৰ পথত থাকে । এইসকল লোকে আৱেগিক বা সামাজিক জটিলতাৰ মাজত জীৱন অতিবাহিত কৰিব নালাগে । সমাজত তেওঁলোকে নিৰাপত্তা অনুভৱ কৰে আৰু আত্ম মৰ্যদা ৰক্ষা কৰি চলে । 

(৫) জটিল মনোভাৱৰ অনুপস্থিতি : কোনো বস্তু, ব্যক্তি বা কাৰ্যৰ ভাল দিশবোৰক সু-সমাযোজিত ব্যক্তিয়ে প্ৰশংসা কৰে । দুৰ্বলতা বা অসফলতা দিশত তেওঁলোকে গুৰুত্ব নিদিয়ে । ব্যক্তিয়ে ভাল কাম, গুণ আদিত তেওঁলোকে গুৰুত্ব দিয়ে ।

(৬) আচৰণত গতিশীলতা : মনোভাৱ বা জীৱন ধাৰণৰ ক্ষেত্ৰত সু-সমাযোজিত লোকসকল স্থৱিৰ নহয় । পৰিৱৰ্তিত পৰিস্থিতিয়ে নিজৰ আচৰণৰ পৰিৱৰ্তন সাধন কৰি এইসকল লোকে সমাযোজন স্থাপন কৰিব পাৰে । 

(৭) বেয়া পৰিস্থিতিৰ লগত মোকাবিলা কৰাৰ দক্ষতা : বেয়া পৰিস্থিতিৰ সন্মুখীন হ'লে এইসকল লোক সহজে ভীতিগ্ৰস্ত নহয় আৰু সেই পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ দিবলৈ তৎপৰ হৈ থাকে । বেয়া পৰিস্থিতিক গ্ৰহণ কৰাৰ পৰিৱৰ্তে সেয়া সংশোধনৰ বাবে এইসকল লোকৰ অৰ্ন্তনিহিত প্ৰেৰণা থাকে । 

(৮) পৃথিৱী সম্বন্ধে বাস্তৱিক জ্ঞান : এইসকল ব্য়ক্তিৰ পৃথিৱী সম্বন্ধে থকা জ্ঞান বাস্তৱিক প্ৰকৃতিৰ আৰু তেওঁলোকে সদায় প্ৰায়োগিকভাৱে পৰিকল্পনা, চিন্তা আৰু কাৰ্য সম্পাদন কৰে । 

(৯) চৌপাশৰ লগত সহৱস্থান : সু-সমাযোজিত ব্য়ক্তি এজন চৌপৈশৰ পৰিৱেশত সন্তোষজনকভাৱে থাকে । পৰিয়াল, ওচৰ-চুবুৰীয়া আৰু অন্য়ান্য় সামাজিক পৰিৱেশত এইসকল লোকে নিজকে খাপ-খুৱাব পাৰে । যদি ব্য়ক্তিজন বিদ্য়ালয়ৰ ছাত্ৰ হয় তেন্তে সি বিদ্য়ালয়খনক ভাল পাব, শিক্ষক আৰু সহপাঠিক ভাল পাব আৰু বিদ্য়ালয়ৰ পৰিৱেশৰ প্ৰতি আকৰ্ষিত হ'ব । 

(১০) জীৱন দৰ্শনৰ ভাৰসাম্যতা : সু-সমাযোজিত ব্য়ক্তি এজনৰ নিজ জীৱন দৰ্শন আছে । জীৱনৰ মূল্যবোধ সম্বন্ধে তেওঁ উপযুক্ত মনোভাৱ বিকশাই তোলে । সমাজ আৰু সংস্কৃতিৰ চাহিদাৰ ভিত্তিত এইসকল লোকৰ দৰ্শন গঢ় লৈ উঠে । 

Q. 8 | আৱেগিক বিকাশৰ ধাৰণা 

উত্তৰঃ মানৱৰ বৃদ্ধি আৰু বিকাশৰ এক প্ৰধান দিশ হ'ল আৱেগিক বিকাশ । ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশত বিভিন্ন আৱেগ যেনে-প্ৰেম বা ভালপোৱা, খং, ভয় আদিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । দৈহিক বৃদ্ধি আৰু বিকাশৰ বাহিৰেও আমাৰ সামাজিক, নৈতিক, বৌদ্ধিক, সৌন্দৰ্যবোধক বিকাশ আদিও আৱেগিক বিকাশৰ লগত ঘনিষ্ঠভাৱে সম্বন্ধিত হৈ থাকে আৰু এইবোৰ বিকাশৰ দিশ আৱেগিক আচৰণ আৰু অভিজ্ঞতাৰ দ্বাৰা নিয়ন্ত্ৰিত হয় । এজন ব্য়ক্তিৰ আৱেগৰ উচ্চসীমা অতিক্ৰম হ'লে হৃদপিণ্ডত স্পন্দন তীব্ৰতৰ হয়, ৰক্ৰচাপ বৃদ্ধি হয়, শ্বাস-প্ৰশ্বাস অনিয়মীয়া হয় আৰু মুখৰ প্ৰকাশভংগীৰ পৰিৱৰ্তন ঘটে। ব্য়ক্তি বিশেষে আৱেগ বেলেগ বেলেগ হয় । 

        বিকাশৰ স্তৰভেদে আৱেগিক বিকাশৰ মাত্ৰা পৃথক পৃথক। শৈশৱ কালত আৱেগৰ প্ৰকাশৰ বাবে শিশুৱে যি প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে , বাল্যকালত সেই প্ৰতিক্ৰিয়া ভিন্ন হয় । কৈশোৰ কালত কিশোৰ-কিশোৰীয়ে বিমূৰ্তভাৱেও আৱেগিক আচৰণ প্ৰকাশ কৰিব পাৰে । বয়স বৃদ্ধিৰ লগতে ব্যক্তিৰ আৱেগিক বিকাশ আৰু পৰিপক্কতা বৃদ্ধি হয় । ভাষাৰ বিকাশৰ লগে লগে ল'ৰা-ছোৱালীৰ আৱেগৰ প্ৰকৃতিৰ জটিলতা বৃদ্ধি পায় । গতিকে ক'ব পাৰি যে ব্য়ক্তি এজন সৰ্বাংগীন বিকাশৰ বাবে আৱেগ হৈছে এক উদ্দীপক যাৰ যোগেদি সৰ্বাত্মক বিকাশ সম্ভৱ কৰিব পাৰি । 



আৱেগিক আৰু ব্যক্তিত্বৰ বিকাশ BA 2nd Sem Education General Question Answer

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 10

Q. 1 | কৈশোৰ কালৰ আৱেগিক বিকাশৰ বিষয়ে বৰ্ণনা কৰা । 

উত্তৰঃ শিশুসকলৰ তুলনাত কিশোৰ-কিশোৰীৰ আৱেগিক বিকাশৰ ক্ষেত্ৰত পাৰ্থক্য দেখিবলৈ পোৱা যায় । কিশোৰ-কিশোৰীসকলৰ আৱেগিক ভাৰসাম্যহীনতাৰ সন্মুখীন হয় । আৱেগিক অভিজ্ঞতাৰ পৰিপ্ৰেক্ষিতত এই সময়ছোৱাক ধুমুহা আৰু পীড়নৰ সময় বোলা হয় । কৈশোৰকালৰ দৰে বিকাশৰ আন কোনো স্তৰতে আৱেগিক শক্তি বিপদজনক নহয় । কিশোৰ-কিশোৰীৰ বাবে আৱেগৰ ওপৰত নিয়ন্ত্ৰণ পোৱাটো এক কঠিন কাম । আৱেগিক বিকাশে এই সময়ত চূড়ান্ত ৰূপ লাভ কৰে । সকলো প্ৰকাৰৰ আৱেগ যেনে-সংশয়, ভয়, প্ৰেম বা ভালপোৱা, খং আদিবোৰ এই সময়ত বৃদ্ধি পায় । শিশুসকলৰ দৰে কৈশোৰ কালতো আৱেগিক অভিজ্ঞতা অস্থিৰ হোৱা দেখা যায় । আৱেগিক প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত কিশোৰ-কিশোৰীসকল স্থিৰ নহয় । তেওঁলোকৰ আৱেগ অতি সঘনাই পৰিবৰ্তিত হৈ থাকে । ই.এ.পিল (E.A.Peel) ৰ দৃষ্টিভঙ্গীত, ''কৈসোৰ কালৰ আৱেগিক জীৱনৰ প্ৰধান বৈশিষ্ট্য আনুগত্য়তা, যুথ, বিদ্যালয় আৰু দলৰ লগত সম্বন্ধিত আৰু কিশোৰ-কিশোৰীৰ অৱস্থান্তৰ প্ৰকৃতিৰ লগত আন্তৰিকভাৱে সম্বন্ধিত''  ।

        কৈশোৰ কালৰ ল'ৰা-ছোৱালীৰ আৱেগিক বিকাশৰ কেতবোৰ বৈশিষ্ট্য তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি । 

(১) জটিলতা : শিশুৱে কৈশোৰকাল লাভ কৰা সময়লৈকে বহুতো আৱেগিক উৎক্ষেপন আৰু পীড়নৰ মুখামুখি হয় । পৰিৱেশত লাভ কৰা অভিজ্ঞতাৰ ফলস্বৰূপে তেওঁলোকৰ আৱেগিক বিকাশ অধিক জটিল বিধৰ হৈ উঠে । 

(২) বিমূৰ্ত আৱেগৰ বিকাশ : সাধাৰণতে শৈশৱ আৰু বাল্য়কালত শিশুসকলে আৱেগিক অনুভূতিস্বৰূপ ভাল-লগা, বেয়া-লগা আদিবোৰ বাস্তৱত মূৰ্ত বিষয়বস্তুৰ জৰিয়তে প্ৰকাশ কৰে । কিন্তু কৈশোৰ কালত ইয়াৰ পৰিৱৰ্তন ঘটে । কিশোৰ-কিশোৰীসকলে ভাল-লগা, বেয়া-লগা, আৱেগ-অনুভূতিবোৰ বিমূৰ্ত বিষয়ৰ যোগেদি প্ৰকাশ কৰে ।

(৩) ব্য়াপক আৱেগিক অনুভূতি : শিশুসকল ডাঙৰ হোৱাৰ লগে লগে অতীতৰ ভিত্তিত ভৱিষ্যতৰ বাবে কল্পনা কৰে আৰু সেয়ে কিশোৰ-কিশোৰীসকল কিছু ক্ষেত্ৰত সহ্যশীল হয় । এয়া সুখদায়ক অনুভূতি । আকৌ কোনো পৰিস্থিতিত তেওঁলোকৰ খং-ৰাগ, বিৰক্তি, হিংসা, ঘৃণা আদি তীব্ৰতৰ হয় ।  

(৪) আৱেগ বিতৰণৰ ক্ষমতা  : বাল্য়কালত শিশুসকল আৱেগ নিয়ন্ত্ৰণৰ বাবে দক্ষ নাছিল । কিন্তু কিশোৰ-কিশোৰীসকলে আনৰ ভাৱ-অনুভূতি আৰু আনৰ লগত আৱেগ বিতৰণৰ দক্ষতা আদিৰ লগত জড়িত । কিশোৰ-কিশোৰীসকলৰ আৱেগিক অভিজ্ঞতা বিতৰণে চূড়ান্ত অৱস্থা লাভ কৰে যেতিয়া তেওঁলোকে আন ব্যক্তিৰ লগত সম্বন্ধ স্থাপন কৰে আৰু আনৰ সুখত সুখ অনুভৱ কৰে ।

(৫) নিঃসংগতা সহ্য়কৰণ : কিশোৰ-কিশোৰীসকলে এই সময়ছোৱাত নিসংগ অনুভূতি বিকশাই তোলে । কেতিয়াবা তেওঁলোকে ঘৰত অকলে  থাকিও ভাল পায় । তেওঁলোকে নিঃসংগতাত থকাৰ কাৰণ হ'ল আৱেগৰ অতিচৰ্য আৰু তিক্ততাৰ পৰা উপসম লাভৰ বাবে কৰা এক প্ৰয়াস ।

(৬) সহানুভূতিশীলতা  : শৈশৱ আৰু বাল্য়কালৰ আত্মকেন্দ্ৰিক মনোভাৱ কৈশোৰ কালত সহানুভূতিশীল হোৱা দেখা যায় । বিভিন্ন সামাজিক পৰিস্থিতিত উত্তেজনা সহ্য কৰিব  পৰা ক্ষমতা কিশোৰ-কিশোৰীক বৃদ্ধি পায় । সমাজৰ আন লোকৰ লগত সম-অনুভূতি প্ৰকাশ কৰি মনৰ ঐক্য-সংহতিৰ ভাব  আৰু আচৰণ প্ৰকাশ কৰিব পাৰে ।

(৭) ধ্বংসাত্মক আৱেগ : কৈশোৰ কালৰ আৱেগিক অভিজ্ঞতা ব্য়াপক পৰিসৰৰ হোৱা বাবে ই কেতিয়াবা নিয়ন্ত্ৰাধীন হৈ ধ্বংসাত্মক ৰূপ ধাৰণ কৰে । প্ৰাপ্তবয়স্কসকলৰ বাবে সাধাৰণ মানৰ হোৱা ঘটনা এটা যুৱক-যুৱতীসকলৰ বাবে অসাধাৰণ হোৱা দেখা যায় । এই ধ্বংসাত্মক আৱেগ সৃষ্টিৰ প্ৰভাৱিত কাৰণ হ'ল- স্থিৰতাৰ অভাৱ, আৱেগ-অনুভূতি প্ৰকাশত নিয়ন্ত্ৰণহীনতা, ভাৱবৃত্তিৰ দ্বাৰা প্ৰভাৱিত হোৱা, আৱেগিক প্ৰভাৱত চিন্তা কৰা আদি । 

(৮) যৌন উত্তেজনা  : কৈশোৰ কাল যৌন ক্ষমতা বিকাশৰ সময় । কিশোৰ-কিশোৰীৰ দৈহিক পৰিৱৰ্তনৰ বাবে লাজ, ভয়, শংকা আদি আৱেগৰ বিকাশ হয় । যৌন জীৱনৰ পৰিৱৰ্তনৰ পৰিস্থিতিত তেওঁলোকে সুস্থ আৰু স্বাভাৱিকভাৱে সমাযোজন কৰিব নোৱাৰে । 

(৯)  আত্ম-সন্মানবোধ  : কৈশোৰ কালত ল'ৰা-ছোৱালী অধিক আত্ম-সচেতন হৈ উঠে । সেয়ে তেওঁলোকে আনৰ নেতিবাচক মনোভাৱ, অযুক্তিকৰ সমালোচনা, আত্মসন্মানত লগাকৈ কোৱা কথা আদিবোৰ সহ্য কৰিব নোৱাৰি আৱেগিক হৈ পৰে । 

(১০) আনুগত্য়তা বৃদ্ধি  : শিশুসকলৰ ঘৰুৱা পৰিৱেশতেই আৱেগিক বিকাশ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু কৈশোৰকালত এই প্ৰক্ৰিয়া ঘৰ আৰু ওচৰ-চুবুৰীয়াৰ বাহিৰলৈ সম্প্ৰসাৰিত হয় । সমনীয়া দল আৰু বিভিন্ন ক্ষেত্ৰৰ নেতাসকলৰ লগত এই আনুগত্যতা চিনাক্ত কৰিব পৰা যায় ।

(১১) আশা আৰু আকাংক্ষাৰ পুনৰীক্ষণ : কৈশোৰকাল জীৱনৰ এনে এক সময় যেতিয়া কোনো এজন ব্য়ক্তিৰ ভৱিষ্য়ত জীৱনৰ বিষয়ে আশা-আকাংক্ষা থাকে । কিছুসংখ্যক কিশোৰ-কিশোৰীয়ে নিজ লক্ষ্যত উপনীত হবৰ বাবে বাস্তৱভিত্তিক কাৰ্য কৰে আৰু বহুতো কিশোৰ-কিশোৰী এই ক্ষেত্ৰত কল্পনাৰ পৃথিৱীত বিচৰণ কৰে । 

(১২) আৱেগৰ বিস্তাৰণ  ঃ শৈশৱ কালত গৃহত আৰম্ভ হোৱা আৱেগিক বিকাশ কৈশোৰ কালত গৃহ আৰু ওচৰ-চুবুৰীয়াৰ সীমা অতিক্ৰম কৰি বিস্তাৰিত হয় ।আৱেগিক ক্ষেত্ৰত তেওঁলোকক সমনীয়াৰ দল আৰু বিভিন্ন ক্ষেত্ৰৰ নেতাৰ লগত আন্তঃক্ৰিয়া কৰা দেখা যায় । 

(১৩) অতিমাত্ৰা আৱেগ  ঃ সুখদায়ক আৰু দুখদায়ক দুয়োবিধ আৱেগেই কৈশোৰ কালত মাত্ৰাধিক ৰূপত আত্মপ্ৰকাশ কৰি উঠে । আনন্দ, উল্লাস, প্ৰেম-প্ৰীতি, আশা আদি অনিয়ন্ত্ৰিত ৰূপত প্ৰকাশ হয় যাৰ ফলত বয়সস্থলোক সকলে অস্বস্তি অনুভৱ কৰে । 

(১৪) নিসংগপ্ৰিয়তা  ঃ কিশোৰ-কিশোৰীসকল নিসংগপ্ৰিয় হোৱাও দেখা যায় । আৱেগিক আতিচৰ্য আৰু তিক্ততাৰ পৰা উপসম লাভৰ বাবে তেওঁলোকে বন্ধুবৰ্গ আৰু পৰিয়ালবৰ্গৰ সামাজিক পৰিস্থিতিৰ পৰা আঁতৰত কেতিয়াবা অকলে স্বীয়চিন্তন কৰিব বিচাৰে।

(১৫) পৰাণুভৱতা  ঃ কৈশোৰ কালৰ আৱেগ-অনুভূতিয়ে আত্মকেন্দ্ৰিকতাৰ পৰিসৰ অতিক্ৰম কৰে আৰু আনৰ সুখ-দুখ নিজৰ কৰি লোৱাৰ প্ৰৱণতা কিশোৰ-কিশোৰীসকলৰ মাজত বিকশিত হৈ উঠে । এইয়া হ'ল পৰাণুভৱতা । এই বৈশিষ্ট্যৰ বাবে তেওঁলোকে নিজৰ সুখ-দুখৰ কথা নাভাবি আনৰ সুখৰ বাবে ত্যাগ স্বীকাৰ কৰিব পৰা মানসিক প্ৰৱণতা বিকশাই তোলে ।

Q. 2 | কিশোৰকিশোৰীৰ কেতবোৰ সাধাৰণ আৱেগৰ বিষয়ে লিখা । তেওঁলোকৰ আৱেগিক বিকাশৰ গুৰুত্বপূৰ্ণ উপায়বোৰ বৰ্ণনা কৰা । 


উত্তৰঃ কিশোৰ-কিশোৰীৰ কেতবোৰ সাধাৰণ আৱেগৰ বিষয়ে তলত চমু বৰ্ণনা আগবঢ়োৱা হ'লঃ —


(১) প্ৰেম আৰু মৰম  ঃ শিশুৰ প্ৰেম বা ভালপোৱা কোনো কাৰণৰ ওপৰত নিৰ্ভৰশীল নহয় । কিন্তু কিশোৰ-কিশোৰীৰ প্ৰেম বা ভালপোৱা কৰণভিত্তিক । এইটো কিশোৰ-কিশোৰীৰ বাবে সম্ভৱ নহয় যে বিনা কাৰণত কিবা এটা ভাল পাব বা মৰম কৰিব । তেওঁলোকৰ বন্ধুত্বৰ পৰিসৰ সীমিত । পৰিয়ালৰ, ওচৰ সম্বন্ধ, বন্ধু আৰু সহপাঠীৰ মাজত ই সীমাৱদ্ধ । শিশুতকৈ কিশোৰ-কিশোৰীৰৰ আৱেগ বেছি গভীৰ ।সেয়ে শিশুতকৈ কিশোৰ-কিশোৰীৰ প্ৰেম বা ভালপোৱা বেছি স্থায়ী ।যদি কিশোৰ কিশোৰীয়ে কোনোবাক ভাল পায় তেন্তে তেওঁলোকে সেই ব্যক্তিজনৰ লগত সম্বন্ধ স্থাপন কৰিব বিচাৰে । যদি সম্বন্ধ স্থাপন নহয় তেতিয়া তেওঁলোক দুখ পায় । কিশোৰ-কিশোৰীৰ প্ৰেম বা ভালপোৱাৰ প্ৰকাশভংগী অধিক নিয়ন্ত্ৰিত । তেওঁলোকে ভালপোৱা জনক পুাবলৈ বিচাৰে আৰু ভালপোৱাজনৰ বাবে কিবা এটা কৰিব বিচাৰে গিল্লীলেণ্ড নামৰ মনোবিজ্ঞানীজনৰ মতে বাল্য়কালৰ মৰম বা ভালপোৱা যৌনতামূলক নহয়, কিন্তু কৈশোৰকালত মৰম বা ভালপোৱা হ'ল আনন্দৰ এক উৎস । কৈশোৰকালৰ প্ৰেম বা ভালপোৱাৰ আৱেগ যৌনতামূলক হোৱাও দেখা যায় । প্ৰেম ভালপোৱাৰ ক্ষেত্ৰত কিশোৰ-কিশোৰীয়ে বিপৰীত লিংগৰ ব্য়ক্তিৰ লগত সম্বন্ধ ৰক্ষা কৰে । 

(২) আনন্দ (Joy):  আনন্দ হ'ল এক ধনাত্মক আৱেগ । শিশুসকলৰ দৰে কিশোৰ-কিশোৰীৰো বেছিভাগ আনন্দৰ উৎস হ'ল ভাল দৈহিক স্বাস্থ্য । মনোবিজ্ঞানীসকলৰ মতে সুস্থ দৈহিক স্বাস্থ্য়ই কিশোৰ-কিশোৰীক বিভিন্ন ধৰণৰ আনন্দ প্ৰদান কৰে ।

যেনেঃ — (ক) যদি কিশোৰ-কিশোৰীসকল সুস্বাস্থ্য় অধিকাৰী হয়, দক্ষতাপূৰ্ণ আৰু সু-সমাযোজিত হয় , তেতিয়া তেওঁলোকে আনন্দ উপভোগ কৰে । 

(খ) কিশোৰ-কিশোৰীয়ে যদি নিজৰ অৰ্ন্তনিহিত আৰু আৰ্জিত শক্তি ক্ষমতাবোৰ প্ৰকাশ কৰাৰ বাবে সুবিধা লাভ কৰে তেন্তে ই তেওঁলোকৰ বাবে আনন্দৰ উৎস হৈ পৰে । 

(গ) কিশোৰ-কিশোৰীৰ আনন্দৰ আন এক কাৰণ হ'ল উচাত্মীকা ভাৱ । সকলো কিশোৰ-কিশোৰীয়ে জীৱনত সংশয় আৰু নিৰাপত্তাহীনতাৰ সন্মুখীন হয় । যদি এই পৰিৱেশৰ বিপৰীতাৱস্থা তেওঁলোকে লাভ কৰে তেন্তে ই তেওঁলোকক আনন্দ দিয়ে। প্ৰথম বিভাগত পৰীক্ষাত উত্তীৰ্ণ হোৱা, ছাত্ৰ-সংগঠনৰ নিৰ্বাচনত জয়ী হোৱা, খেল-ধেমালি আৰু অন্য়ান্য় প্ৰতিযোগিতাত প্ৰথম হোৱা আদিয়ে কিশোৰ-কিশোৰীক উচাত্মীকা অনুভূতি প্ৰদান কৰে । 

(৩) দুশ্চিন্তা : দুশ্চিন্তা হ'ল কল্পনাপ্ৰসূত ভয় । ইয়াৰ কাৰণ হ'ল ভয়ৰ পৰিৱেশৰ পুনৰাবৃত্তিকৰণ । কল্পনাপ্ৰৱণতা মানসিক বিকাশৰ লগত গভীৰভাৱে সম্বন্ধিত হৈ থাকে । বহু মনোবিজ্ঞানীয়ে ইয়াক দুৰ্ভাৱনা হিচাপে ব্য়াখ্য়া কৰে । দুশ্চিন্তা বা দুৰ্ভাৱনা হ'ল এক আৱেগিক অৱস্থা যি কেৱল বৰ্তমানতেই নহয়, ভৱিষ্য়তেও ব্য়াপ্ত হৈ থাকে । কিশোৰ-কিশোৰীসকলৰ দুশ্চিন্তাৰ কাৰণবোৰ হ'লঃ —

  • (ক) বিদ্যালয় কাৰ্য,
  • (খ) পৰীক্ষা,
  • (গ) বিদ্যালয়ৰ সমস্যা যেনে শিক্ষকৰ বৈষম্য়মূলক আচৰণ, অযুক্তিকৰ গৃহকাৰ্য, মনোযোগ দিয়াত অক্ষম হোৱা, কেনেকৈ পঢ়িব লাগে  সেয়া নজনা, বিফলতাৰ সংশয় আদি ।
  • (ঘ) কিশোৰ-কিশোৰী আৰু মাক-দেউতাকৰ মাজত বুজাবুজিৰ অভাৱ, মাক-দেউতাকৰ সমস্যা অৱস্থা, বিবাহৰ জটিলতা, বন্ধুৰ স্বাস্থ্য, ধনৰ সমস্য়া, দুৰ্বল ব্যক্তিত্ব আদি গৃহৰ সমস্যা।


(৪) ভয়  : ভয় হ'ল এক গুৰুত্বপূৰ্ণ নেতিবাচক আৱেগ । নিজৰ পূৰ্ব অভিজ্ঞতাৰ ভিত্তিত কিশোৰ-কিশোৰীসকলৰ ভয় আৱেগ অনুভূত হয় । ব্য়ক্তিভেদে ভয়ৰ কাৰণবোৰ বেলেগ বেলেগ হয় । বয়সৰ লগে লগে ভয়ৰ কাৰণবোৰো বেলেগ বেলেগ হয় । পৰিৱেশীয় আৰু কল্পনাপ্ৰসূত কাৰণৰ বাবে কিশোৰ-কিশোৰীৰ ভয়ভাৱ জাগে । আহিবলগীয়া কাৰ্য বা ঘটনাৰ বাবে তেওঁলোকে ভয় কৰে । ব্য়ক্তিগত আৰু সামাজিক কাৰণৰ বাবেও কিশোৰ-কিশোৰীৰ ভয় ভাৱ জাগে । কিশোৰ-কিশোৰীৰ ভয়ক তিনিটা ভাগত ভাগ কৰিব পাৰি । যেনেঃ —

(ক) বিভিন্ন বস্তু যেনে- সাপ, কুকুৰ, বাঘ, অচিনাকী শব্দ, সিংহ, উৰাজাহাজ আদিৰ পৰা সৃষ্টি হোৱা ভয় । 

(খ) বিভিন্ন সমাজিক কাৰণৰ বাবে ভয় ভাৱ জাগে । সামাজিক কাৰণবোৰ হ'ল-

      (i) অচিনাকী মানুহৰ লগ কৰাৰ ভয়,

      (ii) অচিনাকী বা বয়স্ক মানুহৰ সংগৰ ভয় , 

      (iii) আনৰ সন্মুখত বক্তৃতা প্ৰদান বা বিষয় বৰ্ণনা কৰাৰ ভয়

      (iv) অকলশৰে কোঠাত থকাৰ ভয় 

      (v) বিপৰীত লিংগৰ ব্য়ক্তিক লগ কৰাৰ ভয় । 

      (গ) বিভিন্ন ব্য়ক্তিগত কাৰণ যেনে-দ্ৰৰিদ্ৰতা, দুৰাৰোগ্য বেমাৰ, অবৈধ হোৱা, অসমৰ্থতা, চাকৰিৰ পৰা বৰ্খাস্ত কৰা, বদনাম, পৰীক্ষাত অকৃতকাৰ্যতা, বিবাহ, অনৈতিক কাৰ্য-কলাপ আদি । 

        বয়স বৃদ্ধিৰ লগে লগে কিশোৰ-কিশোৰীৰ যুক্তি আৰু বোধ শক্তিৰ বিকাশ হয় আৰু ভয়ভাৱ কমিবলৈ ধৰে । 

(৫) খং  : খং হ'ল পৰিৱেশীয় উদ্দীপকৰ প্ৰতি প্ৰদান কৰা আৰ্জিত প্ৰতিক্ৰিয়া । ই সামাজিক প্ৰকৃতিৰ । কিশোৰ-কিশোৰীৰ খংৰ কাৰণ প্ৰায়েই সামাজিক হোৱা দেখা যায় । খং অনুভূতি প্ৰকাশ কৰাৰ বাবে কিশোৰ-কিশোৰীয়ে সুবিধা নাপালে তেওঁলোক বিৰক্ত হয় আৰু মানসিক যন্ত্ৰণাৰ সন্মুখীন হয় । কিশোৰ-কিশোৰীৰ খংৰ কেতবোৰ কাৰণ হ'ল-

       (ক) বস্তুগত দিশত অসফলতা 

       (খ) শিক্ষক, পিতৃ-মাতৃ, জ্যষ্ঠ, সমনীয়াৰদ্বাৰা জোকোৱা কাৰ্য,

       (গ) বয়তিব্যস্ত কৰা,

       (ঘ) নিজৰ ইচ্ছাৰ বিপৰীতে কাম কৰা,

       (ঙ) নিন্দাত্মক মন্তব্য, কৰ্মত অসফল, উৎসৱত আমন্ত্ৰণ নকৰা আদি । 

(৬) ঈৰ্ষা  : ঈৰ্ষা হ'ল এক ঋণাত্মক আৱেগ আৰু ই সামাজিক প্ৰকৃতিৰ । ঈৰ্ষাৰ পৰাই খংৰ উৎপত্তি হয় । পৰ্যবেক্ষণৰ পৰা দেখা যায় যে এটা সময়ত কিশোৰ-কিশোৰীৰ বাবে প্ৰিয় হোৱা বস্তু বা বিষয় এটা আন এক সময়ত ঈৰ্ষাৰ কাৰণ হয় । যদি ই অবিৰামভাৱে চলি থাকে তেন্তে ইয়াৰ ফলত জটিলতাৰ সৃষ্টি হয় । 

            তেওঁলোকৰ আৱেগিক বিকাশৰ গুৰুত্বপূৰ্ণ উপায়বোৰ হ'লঃ —

(১) আৱেগিক নিৰাপত্তা প্ৰদান  : কিশোৰ-কিশোৰীসকলে মাধ্য়মিক বিদ্য়ালয়ত প্ৰৱেশ কৰি এক নতুন পৰিৱেশ লাভ কৰে । কিশোৰ-কিশোৰীসকলে বিদ্য়ালয়ত আৱেগিক নিৰাপত্তাহীনতাত যাতে ভুগিব নালাগে তাৰ বাবে শিক্ষকসকলে সজাগ হোৱা দৰকাৰ । 

(২) উপাৰ্জন নিৰ্বিশেষে সম আচৰণ  : দৰিদ্ৰতাও কিছু সংখ্য়ক কিশোৰ-কিশোৰীৰ বাবে কোনো সময়ত আৱেগিক বিশৃংখলতাৰ কাৰণ হোৱা দেখা যায় । বিদ্য়ালয়ত ধনীঘৰৰ সহপাঠীৰ কাপোৰ, জীৱনশৈলী, খোৱা-বস্তু আদিৰ লগত দুখীয়া ল'ৰা-ছোৱালীয়ে নিজৰ অৱস্থাৰ পাৰ্থক্য় অনুভৱ কৰে । 

(৩) শিক্ষাদানৰ গতিশীল পদ্ধতি  : ক্ৰটিযুক্ত শিক্ষাদান পদ্ধতিয়ে কিশোৰ-কিশোৰীৰ অভিৰোচন বিকশাই তুলিব নোৱাৰে । ফলত কিশোৰ-কিশোৰী শিক্ষা প্ৰক্ৰিয়াৰ প্ৰতি আকৰ্ষিত নহয় । ইয়ে তেওঁলোকৰ মনত সংশয়ৰ সৃষ্টি  কৰে । 

(৪) বিদ্য়ালয়ত প্ৰেমৰ ভূমিকা : পৰম্পৰাগত বহুতো বিদ্য়ালয়ত শিক্ষাদানৰ ভিত্তি হ'ল ভয় । কিশোৰ-কিশোৰীসকলে জানে যে তেওঁলোকে পৰীক্ষাত ভাল ফল নেদেখালে শাস্তিৰ সন্মুখীন হ'ব । তেওঁলোকে গৃহত মাত্ৰাধিক গৃহকাৰ্য সম্পন্ন কৰিবলগাত পৰে । 

(৫) শিক্ষকৰ ভাৰসাম্য় আৱেগিক আচৰণ : শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ সন্মুখত এক দয়াবান, সহানুভুতিশীল, সৌহাৰ্দপূৰ্ণ ব্য়ৱহাৰৰ লোকৰূপেথিয় দিব লাগে । শিক্ষকৰ নিষ্ঠোৰ, অবিবেচক, কঠোৰ শাসনকাৰী আৰু কটূ ব্য়ৱহাৰে শিক্ষাৰ্থীৰ মাজত ভয়, ক্ৰোধ, ঘৃণা, সংশয় আদি আৱেগহে জগাই তুলিব । 

(৬) ব্যক্তিগত পাৰ্থক্য়  : সকলো কিশোৰ-কিশোৰীয়েমানসিক , আৱেগিক আৰু দৈহিকভাৱে পৃথক পৃথক । বিদ্য়ালয়ত তেওঁলোকৰ ব্য়ক্তিগত পাৰ্থক্য়ত সামান্য পৰিমাণে হ'লেও মনোযোগ দিয়া উচিত । 

(৭) ফলপ্ৰসূ পাঠ্যক্ৰম  : বিদ্য়ালয়ৰ পাঠ্যক্ৰম কিশোৰ-কিশোৰীৰ বাস্তৱ জীৱনৰ লগত সম্বন্ধিত হ'ব লাগে । ছাত্ৰ-ছাত্ৰীৰ আধুনিক প্ৰয়োজনবোৰৰ প্ৰতি লক্ষ্য ৰাখি বিদ্য়ালয় শিক্ষা গঢ়ি তুলিব লাগে । ইয়ে তেওঁলোকৰ আৱেগিক দিশৰ বিকাশ সাধন কৰিব । 

(৮) সহ-পাঠ্যক্ৰমিক কাৰ্যসূচীৰ ব্য়ৱস্থা : কিশোৰ-কিশোৰীৰ সুস্থ আৱেগিক বিকাশ আৰু আত্মপ্ৰকাশৰ বাবে শিক্ষানুষ্ঠানত খেল-ধেমালি, সাহিত্যনুষ্ঠান, তৰ্ক-প্ৰতিযোগিতা, কবিতা আবৃত্তি, চিত্ৰাংকন, নৃত্য়ানুষ্ঠান, নাট্য়ভিনয়, সংগীত চৰ্চা আদি সহ-পাঠ্যক্ৰমিক কাৰ্যাৱালীৰ ব্যৱস্থা কৰিব লাগে । 

(৯) যৌন শিক্ষাৰ ব্য়ৱস্থা  : যৌৱনকালত কিশোৰ-কিশোৰীৰ প্ৰৱল যৌন আৱেগবোৰৰ সুস্থ বিকাশ আৰু উন্নীতকৰণৰ বাবে উপযুক্ত যৌন শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে । এই কাৰ্যৰ যোগেদি তেওঁলোকে আৱেগৰ নিয়ন্ত্ৰণ কৰি সংযংমী হ'ব পাৰে ।

(১০) অনুশাসনৰ সৃজনাত্মক আৰু গণতান্ত্ৰিক ধাৰণা : পৰম্পৰাগত অনুশাসনৰ পদ্ধতিবোৰ ক্ৰটিপূৰ্ণ । ইয়ে ছাত্ৰ-ছাত্ৰীৰ মনত ভয় সংশয়ৰ সৃষ্টি কৰে । গতিকে অনুশাসন ব্য়ৱস্থা সদায় শিক্ষাৰ্থীকেন্দ্ৰিক হ'ব লাগে যি অনুশাসনে সৃৃজনাত্মক আৰু গণতান্ত্ৰিক ধাৰণাত বিশ্বাস কৰে । 

(১১) বিদ্যালয়ৰ সুস্থ বৈষয়িক অৱস্থা : ছাত্ৰ-ছাত্ৰীৰ দৈহিক আৰু মানসসিক বিকাশৰ সুস্থতাৰ বাবে বিদ্য়ালয়ৰ পৰিৱেশ পৰিস্কাৰ-পৰিচ্চন্ন আৰু সুৰুচিপূৰ্ণ হ'ব লাগে । ছাত্ৰ-ছাত্ৰীৰ যাতে বিদ্য়ালয়খনক আপোন কৰি ল'ব পাৰে তাৰ বাবে সুন্দৰ, নিৰ্মল, প্ৰেমময় আৰু শৃংখলিত পৰিৱেশৰ সৃষ্টি কৰি তেওঁলোকৰ আৱেগৰ সুপৰিচালিত কৰিব পৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । 

(১২) অবিৰত মূল্যায়ণ : বছৰৰ মাজভাগত আৰু শেষত অনুষ্ঠিত কৰা দুটা পৰীক্ষাৰ যোগেৰে কিশোৰ-কিশোৰীৰ সৰ্বাত্মক বিকাশ পৰিমাপ কৰাটো সম্ভৱ নহয়। সেয়েহে অবিৰত মূল্যায়ণৰ ব্য়ৱস্থা কৰা উচিত ।


Q. 3 | কৈশোৰ কালৰ ব্যক্তিত্বৰ বিকাশ আলোচনা কৰা । এই ক্ষেত্ৰত শিক্ষকৰ ভূমিকা বৰ্ণনা কৰা । 

উত্তৰঃ কৈশোৰ কালত ব্যক্তিৰ জীৱনৰ সকলোবোৰ দিশৰ পৰিৱৰ্তন হোৱা দেখা যায় । কৈশোৰ কালত ব্য়ক্তিয়ে নিজস্ব সত্বা বিকশাই তোলে । কিশোৰ-কিশোৰীয়ে মাক-দেউতাকৰ পৰা নিজক পৃথক কৰি নিজৰ ব্য়ক্তিত্ব বিকশাই তোলে । কিশোৰ-কিশোৰীয়ে সাধাৰণতে ঘৰৰ বাহিৰত সমনীয়াৰ বন্ধুৰ লগত অধিক সময় অতিবাহিত কৰে আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ ওপৰত থকা মনো-দৈহিক নিৰ্ভৰশীলতা কমি আহে । এই সময়ছোৱাত কিশোৰ-কিশেৰীৰ ব্য়ক্তিত্বৰ বিকাশে চৰম অৱস্থা লাভ কৰে । সমনীয়া বন্ধুৰ লগত বহুত সময় অতিবাহিত কৰা বাবে তেওঁলোকৰ ব্য়ক্তিত্বত সমনীয়া বন্ধুৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় । ইয়াৰ বাহিৰে পিতৃ-মাতৃও কিশোৰ-কিশোৰীৰ ব্য়ক্তিত্ব ভালদৰে বিকশাই তোলাৰ বাবে ব্য়ৱস্থা গ্ৰহণ কৰে । অৰ্থাৎ পিতৃ-মাতৃ আৰু সমনীয়া বন্ধুৱে যুটীয়াভাৱে কিশোৰ-কিশোৰী ব্য়ক্তিত্বৰ বিকাশত অৰিহনা যোগায় ।

        কিশোৰ-কিশোৰীৰ ব্যক্তিত্ব বিকাশ তলত উল্লেখ কৰা বৈশিষ্ট্য কেইটাৰ যোগেদিও বিশ্লেষণ কৰিব পাৰি ।

(১) আত্মসত্বাৰ ধাৰণা (Self- Concept) : কৈশোৰ কালত ল'ৰা ছোৱালীৰ ব্যক্তিত্বৰ বিকাশৰ বিষয়ে আলোচনা কৰোঁতে আত্মসত্বাৰ ধাৰণা এক বিচাৰ্য বিষয় । বিকশিত মনোবিজ্ঞানীসকলৰ মতে ব্যক্তিৰ জীৱনৰ কৈশোৰ কালছোৱা হৈছে আত্মসত্বা ধাৰণাৰ বিকাশৰ গুৰুত্বপূৰ্ণ স্তৰ । 

(২) আত্ম মৰ্যদা :আত্মসত্বা ধাৰণাৰ সৈতে আত্ম-মৰ্যদা গভীৰভাৱে সম্পৰ্কযুক্ত । এই কালছোৱাত কিশোৰ-কিশোৰীসকলে নিজৰ বিষয়ে শুদ্ধ মূল্য়ায়ণ কৰিব পাৰে ।সাধাৰণভাৱে ক'বলৈ গ'লে আত্ম মৰ্যাদাই 'মই কিমান ভাল'ৰ উত্তৰ প্ৰদান কৰে । 

(৩) সুস্থ সমাযোজন  : কিশোৰ-কিশোৰীসকলে ব্য়ক্তিত্ব বিকাশ তেওঁলোকৰ সুস্থ সমাযোজনৰ দ্বাৰাও জানিব পাৰি । পৰিৱৰ্তিত সামাজিক পৰিৱেশত কিশোৰ-কিশোৰীসকলে নিজকে সুস্থভাৱে সমাযোজিত কৰিব পাৰে । 

(৪) বীৰ পূজা  : কৈশোৰ কালৰ ল'ৰা-ছোৱালীৰ ব্যক্তিত্বত দেখা পোৱা এক বৈশিষ্ট্য হ'ল বীৰ পৃজা নায়ক আৰাধনা প্ৰৱণতা । এই সময়ছোৱাত প্ৰায়বিলাক কিশোৰ-কিশোৰীয়েই কোনো ব্যক্তিৰদ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈ পৰে । 

(৫) দুঃসাহসিকতা : এই বয়সত কিছুমান কিশোৰ-কিশোৰীৰ মনত দুঃসাহসিক কাৰ্য কৰাৰ তীব্ৰ বাসনা জাগে । খৰস্ৰোতা নদীত নাওবোৱা, পৰ্বত বগোৱা, বিপদ সংকুল পথেৰে খোজ কঢ়া, চাইকেলেৰে বা খোজকাঢ়ি দূৰ ঠাই ভ্ৰমণ কৰা আদি কাম কৰি তেওঁলোকে আনন্দ লাভ কৰে । 

(৬) দায়িত্ববোধ আৰু আত্মন্মানবোধ (Sense of Responsibility and Self Respect) : কিশোৰ-কিশোৰীৰ মনত এই সময়ছোৱাত দায়িত্ববোধ আৰু আত্মসন্মানবোধৰ উন্মেষ হোৱা পৰিলক্ষিত হয় । কোনো কাম কৰিবলৈ দিলে তাৰ দায়িত্ব বুজি পোৱা হয় । আত্মসন্মানবোধ বঢ়াব লগে লগে নিজকে সমাজৰ এজন বুলি জানিবলৈ লয় । 


    (৭) আত্ম নিৰ্ভৰশীলতা (Self-dependence) : এই সময়ছোৱাত কিশোৰ-কিশোৰী আত্মনিৰ্ভৰশীল হ'বলৈ যত্নপৰ হয় । নিজৰ লাগতিয়াল কামসমূহ নিজে কৰিবলৈ তেওঁলোকে ভাল পায় । ল'ৰা-ছোৱালীৰ মনত যাতে দায়িত্ববোধৰ লগতে আত্মনিৰ্ভৰশীলতা বৃদ্ধি পায় তাৰ প্ৰতি পিতৃ-মাতৃ আৰু শিক্ষকে লক্ষ্য ৰাখিব লাগে ।

এই ক্ষেত্ৰত শিক্ষকৰ ভূমিকা হ'লঃ —

(১) কথা কোৱাৰ কলা (Art of Speaking) : শিক্ষকে কিশোৰ-কিশোৰীৰ বক্তিত্ব বিকশাই তোলাৰ বাবে তেওঁলোকক কথা কোৱা কলাৰ প্ৰশিক্ষণ প্ৰদান কৰিব লাগে । কিশোৰ-কিশোৰীক কথা কোৱাৰ সুবিধা প্ৰদান কৰাৰ বাবে শিক্ষকে বিদ্য়ালয়ত কৰ্ত প্ৰতিযোগিতা, দলীয় আলোচনা, আকস্মিক বক্তৃতা, বক্তৃতা আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰিব লাগে ।

(২) সৃজনশীলতা (Creativity) : শিক্ষকে শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ সকলোবোৰ বৌদ্ধিক দক্ষতা বিশেষকৈ যুক্তি ক্ষমতা আৰু সৃজনশীলতাৰ বিকাশ সাধনৰ ব্য়ৱস্থা কৰিব লাগে । ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীক মডেল বা আৰ্হি, এলবাম, চাৰ্ট বা তালিকা, মানচিত্ৰ আদি প্ৰস্তুত কৰিবলৈ দিব লাগে । 

(৩) ভ্ৰমণ (Tour) : ছাত্ৰ-ছাত্ৰীৰ ব্য়ক্তিত্ব বিকশাই তোলাৰ বাবে শিক্ষকে গ্ৰহণ কৰা আন এক পদক্ষেপ হ'ল ভ্ৰমণ কাৰ্যসূচী। ছাত্ৰ-ছাত্ৰীৰ মনত দলীয় উৎসাহ বৃদ্ধি কৰিবৰ বাবে তেওঁলোকক শিক্ষামূলক ভ্ৰমণ, বনভোজ, ক্ষেত্ৰ অধ্য়য়ন আদি বিভিন্ন ঠাইলৈ নিব লাগে ।

(৪) নেতৃত্বদান (Leadership) : নেতৃত্বদানৰ যোগেদি কিশোৰ-কিশোৰীয়ে ব্য়ক্তিত্ব বিকশাই তুলিব পাৰে । সেয়েহে ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বদানৰ ক্ষমতা বিকশাই তোলাৰ বাবে শিক্ষকে বিদ্য়ালয়ত নিৰ্বাচন আৰু বংগ-সদন অনুষ্ঠিত কৰিব লাগে । 

(৫) বিষয়ৰ জ্ঞান (Subject Knowledge) : সাধাৰণতে কোৱা হয় যে ভাল ব্য়ক্তিত্বৰ ব্য়ক্তিসকল গভীৰ জ্ঞানৰ অধিকাৰী হয় । সেয়েহে শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক পুথিগত জ্ঞানৰ বাহিৰেও বিভিন্ন জানিবলগীয়া বিষয়ৰ জ্ঞান প্ৰদান কৰিব লাগে । দৰাচলতে কিশোৰ-কিশোৰীৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবেও বিষয়ৰ গভীৰ জ্ঞানৰ প্ৰয়োজন । 

(৬) সহযোগিতা (Cooperation) : বিদ্য়ালয়ৰ শিক্ষাই কিশোৰ-কিশোৰীৰ কেৱল বৌদ্ধিক আৰু দৈহিক বিকাশেই সাধন নকৰে, নৈতিক আৰু সমাজিক বিকাশো সাধন কৰে । এই দিশবোৰৰ বিকাশৰ বাবে দলীয় নীতি অনুসৰণ কৰিব লাগে, দলীয় কৰ্ম সম্পাদন কৰিব লাগে আৰু বিদ্য়ালয়ত কিশোৰ-কিশোৰীৰ ওপৰত দলীয় সদস্য়ৰ প্ৰভাৱ পৰিবলৈ দিব লাগে । 

(৭) মৰম আৰু মনোযোগ (Affection and Attention) : কিশোৰ-কিশোৰীৰ ব্য়ক্তিত্বৰ বিকাশৰ বাবে শিক্ষকৰ পৰা লাভ কৰা মৰম আৰু মনোযোগ অতি গুৰুত্বপূৰ্ণ আৰু ইয়াৰ যোগেদি তেওঁলোকে উৎপাদনমূলক কাৰ্যও সম্পাদন কৰে । শিক্ষকৰ চৰিত্ৰ আৰু ব্যক্তিত্বও কিশোৰ-কিশোৰীক গভীৰভাৱে প্ৰভাৱিত কৰে ।

Q. 4 | সমাযোজনৰ সমস্যাসমূহৰ বিষয়ে লিখা । এই সমস্যাবোৰ কেনেকৈ আঁতৰ কৰিব পাৰি ?

উত্তৰঃ সমাযোজনৰ সমস্যাসমূহক তিনিটা ভাগত ভগাব পাৰি । যেনে-

          (ক) ব্যক্তিগত (Personal)

          (খ) সামাজিক (Social)

          (গ) বিদ্যালয় কাৰক (School Factors)

(ক) ব্যক্তিগত কাৰক (Personal Factors) 

(১) দৈহিক গঠন : কিশোৰ-কিশোৰীৰ সামাজিক সমাজিক সমাযোজনত দৈহিক গঠনে প্ৰভাৱ পেলায় । যদিহে কিশোৰ-কিশোৰী দেখাত কুশ্ৰী, দৈহিকভাৱে দুৰ্বল, হাত-ভৰি বেঁকা,  মুখমণ্ডল কলা আৰু দাঁত উজলা হয় আৰু ভাই-ভনী, ওচৰ-চুবুৰীয়া বা সমাজৰ মানুহে মৰম কৰাৰ পৰিৱৰ্তে পুতৌ কৰে বা ঠাট্টা কৰে তেন্তে আঘাত পায় । তেতিয়া তেওঁলোকৰ মনত সংঘাতৰ সৃষ্টি হয় আৰু সামাজিক সমাযোজনত বাধা আহি পৰে । 

(২)দৰিদ্ৰতা  : সামাজিক সমাযোজনত বাধাৰ সৃষ্টি কৰা আন এক কাৰক হ'ল পৰিয়ালৰ দৰিদ্ৰতা । যেতিয়া মাক-দেউতাক বা পৰিয়ালৰ লোকে কিশোৰ-কিশোৰীৰ মৌলিক আৰু দৈনন্দিন প্ৰয়োজনখিনি পূৰণ কৰিব নোৱাৰে তেতিয়া তেওঁলোকৰ মনত সংঘাতৰ সৃষ্টি হয় আৰু সমাযোজনত বাধা আহি পৰে । এই মানসিক সংঘাতৰ বাবে তেওঁলোকে চুৰি, ডকাইটিৰ দৰে কাৰ্য কৰাও দেখা যায় ।   

(৩) বিপৰ্যস্ত পৰিয়াল  : কিশোৰ-কিশোৰীৰ মাক আৰু দেউতাকৰ সম্বন্ধ যদি ভাল নহয়, মাক বা দেউতাকৰ অকাল মৃত্য়ু হ'লে, মাক-দেউতাকৰ মাজত বিচ্ছেদ ঘটিলে, উপযুক্ত মৰম-চেনেহৰ পৰা তেওঁলোক বিচ্ছিন্ন হয় । এনে বিপৰ্যস্ত পৰিয়ালৰ পৰা অহা কিশোৰ-কিশোৰীসকলে সমাজত অতি সহজে নিজকে সমাযোজিত কৰিব নোৱাৰে আৰু সমাজত সমস্য়াৰ সৃষ্টি কৰে ।  

(৪) পিতৃ-মাতৃৰ আচৰণ  : যেতিয়া শিশু আৰু কিশোৰ-কিশোৰীয়ে মাক-দেউতাকৰ পৰা উপযুক্ত সহায়-সহযোগিতা আৰু সহানুভূতি পোৱাৰ পৰা বঞ্চিত হয় তেতিয়া তেওঁলোকে অকলশৰীয়া, অনিশ্চয়তা আৰু নিৰাপত্তাহীন অনুভৱ কৰে । মাক-দেউতাকৰ এনে আচৰণৰ ফলত কিশোৰ-কিশোৰীয়ে বিসংগতিমূলক আচৰণ কৰিবলৈ লয় ।

(৫) দীৰ্ঘদিনীয়া অসুস্থতা আৰু আঘাত  : দীৰ্ঘদিনৰ বাবে যদি কোনো কিশোৰ টান ৰোগত ভূগি থাকে তেতিয়া তেওঁৰ ঘৰুৱা আৰু সামাজিক জীৱনত সমাযোজনৰ ক্ষেত্ৰত সমস্য়াৰ সৃষ্টি হয় । ৰোগগ্ৰস্থ হোৱা বাবে তেওঁলোকে সমাজৰ লগত, সময়ৰ লগত খোজ ম্লাই আগবাঢ়ি যাব নোৱাৰে । তদুপৰি কেতিয়াবা দুৰ্ঘটনাত হাত, ভৰি, মূৰ, বুকুত যদি আঘাত পায় তেতিয়াও তেওঁলোকে বিসংগতিমূলক আচৰণ কৰে । 

(৬) ব্যক্তিগত অযোগ্যতা  : কিশোৰ-কিশোৰীসকলৰ ব্য়ক্তিগত অযোগ্য়তাৰ বাবেও সমাযোজনৰ সমস্য়াৰ সৃষ্টি হয় । উদাহৰণস্বৰূপে কোনো এজন ল'ৰা পঢ়া-শুনাত অধিক পাৰদৰ্শী নহ'ব পাৰে, কিন্তু মাক-দেউতাক অধিক আশাবাদী আৰু তাৰ পৰা উৎকৃষ্ট ফলাফল বিচাৰে । ইয়াৰ ফলত ল'ৰাজনৰ মনত সংশয়ৰ সৃষ্টি হয় আৰু এই সংশয়ৰ ফলস্বৰূপে সমাযোজনত বাধা আহি পৰে । 

(৭) আৱেগিক আঘাত : সমাজৰ বিভিন্ন পৰিস্থিতিত মৃত্য়ু, দুৰ্ঘটনা ইত্য়াদিৰ সন্মুখীন হ'লে কিশোৰ-কিশোৰীয়ে আৱেগিকভাৱে আঘাত পায় । এই আঘাতৰ ফলত তেওঁলোকৰ আচৰণত বিসংগতি দেখা যায় আৰু সমাযোজনৰ সমস্য়া সৃষ্টিত ই কাৰকস্বৰূপ হৈ পৰে । 

(খ) সামাজিক কাৰক

(১) ধৰ্মীয় বিশ্বাস  : বৰ্তমান আধুনিক বিশ্বত কিশোৰ-কিশোৰীসকল পৰম্পৰাগত ধৰ্মীয় বিশ্বাসৰ ক্ষেত্ৰত বিভ্ৰান্ত হোৱা দেখা যায় । ইয়াৰ ফলত তেওঁলোকে ধৰ্মীয় বিশ্বাসবোৰৰ ক্ষেত্ৰত কোনো যুক্তি বিচাৰি নাপায় আৰু মনত নেতিবাচক মনোভাৱ ঠাই লয় । ইয়াৰ ফলত অপসমাযোজনৰ সৃষ্টি হয় ।

(২) পিতৃ-মাতৃৰ গতিশীলতা : যিসকল কিশোৰ-কিশোৰীৰ মাক-দেউতাক চাকৰি বা অন্য়ান্য় কাৰণৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ বদলি হৈ থাকে তেনে মাক-দেউতাকৰ ল'ৰা-ছোৱালীয়ে পৰিৱেশৰ লগত ভালদৰে সমাযোজন কৰিব নোৱাৰে আৰু বিভিন্ন সমস্য়াৰ সৃষ্টি কৰে । এই কাৰকৰ বাবে কিশোৰ-কিশোৰী নিৰাপত্তাহীনতাত ভোগাও দেখা যায় । 

(৩) আক্ৰমণাত্মক মনোভাৱ  : যেতিয়া কিশোৰ-কিশোৰীৰ প্ৰৱণতা আৰু সামাজিক পৰিৱেশৰ নিয়ন্ত্ৰণৰ মাজত দ্বন্দৰ সৃষ্টি হয় তেতিয়া তেওঁলোকৰ মনত আক্ৰমণাত্মক মনোভাৱে গা কৰি উঠে । এনে দ্বন্দ্বই কিশোৰ-কিশোৰীৰ আচৰণক যথেষ্ট প্ৰভাৱিত কৰাৰ ফলত ব্য়ক্তিয়ে অপসমাযোজিত আচৰণ প্ৰদৰ্শন কৰে । 


(গ) বিদ্যালয়ৰ কাৰক  : 

(১) শ্ৰেণীকোঠাৰ অনুপযুক্ত পৰিৱেশ : শ্ৰেণীকোঠাৰ অস্ৱাস্থ্য়কৰ পৰিৱেশে কিশোৰ-কিশোৰীৰ মনত নানা ধৰণৰ বিসংগতিমূলক আচৰণৰ সৃষ্টি কৰিব পাৰে । ইয়াৰ উপৰিও এটা শ্ৰেণীকোঠাত বহুতো ছাত্ৰ-ছাত্ৰী একেলগে বহাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হয় । শ্ৰেণীত বহিবলৈ নোপোৱাৰ অজুহাততো বহুতো ছাত্ৰ-ছাত্ৰীয়ে নানা ধৰণৰ বিসংগতিমূলক আচৰণ প্ৰদৰ্শন কৰে । আকৌ বহু সময়ত শিক্ষকৰ খঙাল আচৰণৰ প্ৰতি উদ্ভৱ হোৱা ভয়ৰ মনোভাৱৰ বাবেও ছাত্ৰ-ছাত্ৰী নিৰাপত্তাহীনতাত ভোগে । 

(২) অনুপযুক্ত পাঠ্য়ক্ৰম : আমাৰ বৰ্তমানৰ পাঠ্য়ক্ৰমখনে কিশোৰ-কিশোৰীৰ মনোবৈজ্ঞানিক, সামাজিক আৰু দৈহিক প্ৰয়োজনবোৰ পূৰণ কৰিব পৰা নাই । বিষয়ূস্তুকেন্দ্ৰিক পাঠ্য়ক্ৰমে কিশোৰ-কিশোৰীৰ চাহিদা পূৰণ কৰিব নোৱাৰে । ফলত তেওঁলোকে নিৰাশ হৈ বাস্তৱ পৃথিৱীত নিজক খাপ খুৱাব নোৱাৰে । 

(৩) উপযুক্ত বিনোদনৰ সামগ্ৰীৰ অভাৱ  : শিক্ষানুষ্ঠানত খেলা-ধূলাৰ লগতে অন্য়ান্য় সহ-পাঠ্য়ক্ৰমিক কাৰ্যসূচী যেনে-পুথিভঁড়াল, তৰ্ক প্ৰতিযোগিতা, আলোচনাচক্ৰ আদিৰ উপযুক্ত সুবিধা নাপালে কিশোৰ-কিশোৰীৰ সুপ্ত প্ৰতিভা বিকাশত বাধা আহি পৰে । ইয়াৰ ফলতো তেওঁলোকৰ মাজত সমাযোজনৰ সমস্য়াৰ সৃষ্টি হয়। 

(৪) আসোঁৱাহপূৰ্ণ শিক্ষাদান পদ্ধতি : বিদ্য়ালয়ত শিক্ষকে ফলপ্ৰসূ শিক্ষাদান পদ্ধতিৰে শিক্ষাদান কৰিলে কিশোৰ-কিশোৰীৰ মাজত অপসমাযোজনমূলক আচৰণৰ সৃষ্টি হয় । কিশোৰ-কিশোৰীৰ প্ৰতি থকা পক্ষপাতিত্বমূলক দৃষ্টিভংগীও ইয়াৰ কাৰণ হ'ব পাৰে ।




Tags :

  • আৱেগিক আৰু ব্যক্তিত্বৰ বিকাশ 
  • আৱেগিক আৰু ব্যক্তিত্বৰ বিকাশ Question Answer 
  • আৱেগিক আৰু ব্যক্তিত্বৰ বিকাশ BA 2nd Sem Education Question Answer

  • BA 2nd Sem Education Question Answer General
  • BA 2nd Sem Education Pass Course Question Answer
  • Gauhati University BA 2nd Sem Education Model Questions Answer
  • GU BA 2nd Sem Education General Model Solution
  • BA 2nd Sem Education General Question Answer
  • BA 2nd Semester Education Question Answer
  • BA 2nd Sem Education Question Answer [Major & General] Gauhati University