Follow Us:

সামাজিক বিকাশ (Social Development) | BA 2nd Sem Education Question Answer General | Gauhati University | BA 2nd Sem Education Pass Course Question Answer

LearningPointAssam.com

সামাজিক বিকাশ (Social Development) | Gauhati University BA 2nd Sem Education Model Questions Answer | GU BA 2nd Sem Education General Model Solution | BA 2nd Sem Education General Question Answer | BA 2nd Semester Education Question Answer | BA 2nd Sem Education Question Answer [Major & General] Gauhati University

BA 2nd Semester Education Question Answer General Notes & Guide Available here সামাজিক বিকাশ (Social Development) Model Solution to each Unit are provided in the list of UG - CBCS Syllabus. We design all notes according to Guwahati University so that you can easily browse through BA 2nd Sem Education Question Answer [Major & General] and University Guides and Notes here. সামাজিক বিকাশ Question Answer Can be very useful to excel in examinations.

BA 2nd Sem Education Question Answer General

BA 2nd sem education book question answer, BA 2nd Sem Education Pass Course Question Answer সামাজিক বিকাশ Notes covers all the practice questions of Guwahati University syllabus. BA 2nd Sem Education General Question Answer is given here which ensures smooth and easy understanding of all the concepts. Education question answer ba 2nd semester Understand the concepts behind each unit and score well in board exams.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 3 

সামাজিক বিকাশ — ALL Important Question & Answers

GU BA 2nd Sem Education (Generic & Regular Course) EDU-HG-2016 / EDU-RC-2016 Questions & Answer :


CONTENTS 

সামাজিক বিকাশ 
(Social Development)
Model Question and Answer key






EDU-HG-2016 / EDU-RC-2016


প্ৰশ্নাৱলীঃ

সামাজিক বিকাশ BA 2nd Sem Education Question Answer General

তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়াঃ Mark — 1

Q. 1 | সামাজিক বিকাশ মানে কি ? (What is Social development.)

উত্তৰঃ সামাজিক বিকাশ হৈছে এক প্ৰক্ৰিয়া যাৰ যোগেদি সমাজৰ অৱস্থাৰ উন্নতি সাধন কৰিব পাৰি ।

Q. 2 | সমনীয়া দল মানে কি ?

উত্তৰঃ 

Q. 3 | বিকাশৰ কোনটো স্তৰত সমনীয়া দলৰ প্ৰাধান্য় বেছি ?

উত্তৰঃ কৈশোৰ কালত সমনীয়া দলৰ প্ৰাধান্য় বেছি । 

Q. 4 | 'সামাজিক বিকাশ মানে হ'ল সামাজিক সম্বন্ধৰ ক্ষেত্ৰত পৰিপক্কতা লাভ'- কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ হাৰলকে (Hurlock) কৈছিল ।

Q. 5 | সামাজিক পৰিপক্কতা মানে কি ? (What is social maturity?)

উত্তৰঃ সামাজিক পৰিপক্কতা মানে হ'ল সামাজিক সম্বন্ধৰ ক্ষেত্ৰত পৰিপক্কতা লাভ কৰা । 

Q. 6 | সামাজিক সমাযোজন মানে কি ?

উত্তৰঃ সামাজিক সমাযোজন হৈছে এক ক্ৰিয়া প্ৰচেষ্টা, যাৰদ্বাৰা ব্যক্তিয়ে পৰিৱেশৰ লগত সুস্থভাৱে খাপ-খুৱাই লবলৈ নিজ ক্ৰিয়া আচৰণৰ আৱশ্য়কীয় পৰিৱৰ্তন সাধন কৰে । 



সামাজিক বিকাশ BA 2nd Sem Education HG & General Question Answer 

তলৰ প্ৰশ্নসমূহ শুদ্ধ নে অশুদ্ধ লিখাঃ Mark — 1

Q. 1 | সামাজিক বিকাশ মানে হ'ল সৰ্বাংগীন বিকাশ । 

উত্তৰঃ অশুদ্ধ ।

Q. 2 | কিশোৰ-কিশোৰীৰ সামাজিক বিকাশত পৰিয়ালৰ কোনো ভূমিকা নাই । 

উত্তৰঃ অশুদ্ধ । 

Q. 3 | কৈশোৰ কালৰ ভাগ তিনিটা ।

উত্তৰঃ শুদ্ধ ।                  

Q. 4 | মনোবিজ্ঞানী পিয়াজেৰ মতে ব্যক্তিৰ সামাজিক জীৱনৰ ভাগ হ'ল দুটা ।

উত্তৰঃ শুদ্ধ ।

Q. 5 | কিশোৰ-কিশোৰীৰ সামাজিক জীৱন আত্ম-কেন্দ্ৰিক প্ৰকৃতিৰ । 

উত্তৰঃ 

Q. 6 | সামাজিক আৰু মানৱীয় মূল্যবোধ সামাজিক পৰিপক্কতাৰ এক বিশেষ বৈশিষ্ট্য ।

উত্তৰঃ শুদ্ধ ।           



সামাজিক বিকাশ BA 2nd Sem Education Question Answer [Generic & General]

খালী ঠাই পূৰ কৰা (Fill in the blanks) Mark —1 

Q. 1 | কিশোৰ-কিশোৰীসকল তেওঁলোকৰ ______ ৰ বাবে অধিক সজাগ ।

উত্তৰঃ 

Q. 2 | সামাজিক পৰিপক্কতা মানে হ'ল ______ ক্ষেত্ৰত পৰিপক্কতা লাভ কৰা । 

উত্তৰঃ সামাজিক সম্বন্ধৰ ।

Q. 3 |  _______ কালত দলীয় আনুগত্য এক  অতি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য ।

উত্তৰঃ ...... 

Q. 4 | সামাজিক পৰিপক্কতা হ'ল সামাজিক আৰু ______ বৃদ্ধিৰ মান ।

উত্তৰঃ দক্ষতা ।

Q. 5 |  ______  কৈশোৰকালত সমলিংগ ব্যক্তিৰ লগত কিশোৰ-কিশোৰীয়ে সম্বন্ধ ৰক্ষা কৰি চলে ।

উত্তৰঃ আগতীয়া ।

Q. 6 | কিশোৰ-কিশোৰীৰ _______ আচৰণৰ প্ৰধান অস্ত্ৰ হ'ল সমনীয়াৰ দল । 

উত্তৰঃ বিকাশৰ ।




সামাজিক বিকাশ BA 2nd Sem Education Question Answer General

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 2/3


Q. 1 | সামাজিক পৰিপক্কতাৰ সংজ্ঞা দিয়া ।

উত্তৰঃ সামাজিক পৰিপক্কতাৰ সংজ্ঞা হ'ল- Advanced Learners Dictionary (2000) ৰ মতে, ''সামাজিক পৰিপক্কতা হ'ল সামাজিক আৰু বৃত্তীয় দক্ষতা বৃদ্ধিৰ মান'' ।

Q. 2 | সামাজিক পৰিপক্কতাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা । (Mention two characteristics of social maturity.)

 উত্তৰঃ সামাজিক পৰিপক্কতাৰ দুটা বৈশিষ্ট্য হ'ল —

  • (i) সামাজিক অনুভূতি
  • (ii) সামাজিক আৰু মানৱীয় মূল্যবোধ । 

Q. 3 | সামাজিক সচেতনতা মানে কি ?

উত্তৰঃ কৈশোৰ কালত ল'ৰা-ছোৱালীৰ সামাজিক বিকাশত অৰিহনা যোগোৱা এক দিশ হ'ল সামাজিক সচেতনতা । 

Q. 4 | সামাজিক সমাযোজনক প্ৰভাৱিত কৰা দুটা ব্যক্তিগত কাৰক উল্লেখ কৰা ।

উত্তৰঃ সামাজিক সমাযোজনক প্ৰভাৱিত কৰা দুটা ব্যক্তিগত কাৰক হ'ল- 

  • (i) কিশোৰ-কিশোৰীৰ দেহ আৰু স্বাস্থ্য।
  • (ii) বুদ্ধি । 


Q. 5 | কৈশোৰ কালৰ সামাজিক বিকাশৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা । 

উত্তৰঃ কৈশোৰ কালৰ সামাজিক বিকাশৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা হ'ল-

  • (i) সামাজিক সচেতনতা ।
  • (ii) সমনীয়াৰ প্ৰভাৱ ।
  • (iii) বিপৰীত লিংগৰ লগত সম্বন্ধ ।
  • ( iv ) আনক সহায়ৰ প্ৰৱণতা ।

Q. 6 | কিশোৰ-কিশোৰীৰ সামাজিক সমাযোজনক প্ৰভাৱিত কৰা দুটা পৰিৱেশীয় কাৰক উল্লেখ কৰা । 

উত্তৰঃ কিশোৰ-কিশোৰীৰ সামাজিক সমাযোজনক প্ৰভাৱিত কৰা দুটা পৰিৱেশীয় কাৰক হ'ল —

(j) পৰিয়াল, আৰু

(ii) বিদ্যালয় ।



সামাজিক বিকাশ BA 2nd Semester Education Question Answer Gauhati University 

চমুটোকা লিখাঃ Mark — 4/5/6

Q. 1 | কৈশোৰ কালৰ সামাজিক বিকাশ

উত্তৰঃ কৈশোৰ কাল দৈহিক, বৌদ্ধিক, আৱেগিক, নৈতিক আৰু সামাজিক বিকাশৰ সময় । কৈশোৰ কালত ব্যক্তিয়ে নিজৰ অস্তিত্বৰ অনুসন্ধান কৰে । বাল্যকালত থকা মাক-দেউতাকৰ প্ৰভাৱ কৈশোৰ কালত ল'ৰা ছোৱালীয়ে নিবিচাৰে বা কমকৈ বিচাৰে । কৈশোৰ কালচোৱাত বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখিবলৈ পোৱা যায় । সামাজিক বিকাশৰ ক্ষেত্ৰতো এই কালছোৱাত ব্যপক পৰিবৰ্তন দেখিবলৈ পোৱা যায় । সামাজিক বিকাশৰ ক্ষেত্ৰতো এই কালছোৱাত ব্য়াপক পৰিবৰ্তন দেখিবলৈ পোৱা যায় ।মনোবৈজ্ঞানিক এৰিচ এৰিক'চন ৰ মনো-সামাজিক আৰ্হি অনুসৰি, কৈশোৰ কালত প্ৰৱেশ কৰাৰ লগে লগে ল'ৰা-ছোৱালীয়ে নিজক চিনাক্ত কৰাৰ বাবে সংগ্ৰাম কৰে । আকৌ মনোবিজ্ঞানী কলেমেন আৰু হেন্দ্ৰি ৰ মতে কৈশোৰ কাল  হ'ল সামাজিক সত্বাৰ বিকাশ আৰু দৃঢ় কৰা, সামাজিক বিশ্বৰ সম্বন্ধত নিজৰ বিকাশ সাধন কৰা এক স্তৰ ।

        কৈশোৰ কালৰ সামাজিক বিকাশৰ বৈশিষ্ট্যবোৰ হ'ল-

  • (i) সামাজিক সচেতনতা ।
  • (ii) সমনীয়াৰ প্ৰভাৱ ।
  • (iii) বিপৰীত লিংগৰ লগত সম্বন্ধ ।
  • ( iv ) আনক সহায়ৰ প্ৰৱণতা ।
  • ( v ) আত্ম-সন্মানবোধ ।
  • ( vi ) নেতৃত্ব প্ৰদানৰ যোগ্যতা ।
  • ( vii ) প্ৰাপ্তবয়স্কৰ লগত সম্বন্ধ স্থাপন ।
  • ( viii ) দেশপ্ৰেমৰ ভাৱ ।
  • (ix) অন্তৰংগ বন্ধুৰ বাচনি ।
  • ( x ) অসামাজিক আৰু অপৰাধমূলক আচৰণ ।
  • ( xi ) সক্ৰিয় ৰাজনীতিৰ মনোভাৱ ।
  • ( xii ) জাতীয় আৰু আন্তঃৰাষ্ট্ৰীয় সমস্যাৰ প্ৰতি আগ্ৰহ ।


Q. 2 | সামাজিক বিকাশৰ স্তৰবোৰ

উত্তৰঃ ব্যক্তি এজনৰ শৈশৱ কালৰ পৰা সামাজিক বিকাশ আৰম্ভ হয় আৰু ই গোটেই জীৱনজুৰি চলি থাকে । সামাজিক বিকাশৰ ক্ষেত্ৰত গ্ৰহণযোগ্য তত্ত্ব আৱিষ্কাৰ কৰাত মনোবিজ্ঞানীসকল বৰ্তমানেও সফল হোৱা নাই । সেয়েহে , কিছুসংখ্যক মনোবিজ্ঞানীয়ে নিজাকৈ কেতবোৰ শ্ৰেণীবিভাজন আগবঢ়াইছে । যেনে-

(ক) মনোবিজ্ঞানী পিয়াজেইে (Piaget) শিশুৰ সামাজিক জীৱনক দুটা ভাগত ভাগ কৰিছে । যেনে-

  • (i) আত্মকেন্দ্ৰিক স্তৰ (The ego-centric stage): ১ৰ পৰা ৬/৭ বছৰ বয়সলৈ আৰু 
  • (ii) সামাজিক স্তৰ (The social stage) : ৭ বছৰৰ ওপৰৰ 

প্ৰথম স্তৰটোত শিশু প্ৰধানতঃ স্ব-আত্মাৰ প্ৰতি আগ্ৰহী হয় । তাৰ প্ৰয়োজন আৰু সামাজিক আকাংক্ষা পৰিয়ালৰ পৰিৱেশৰ মাজতে সীমাবদ্ধ । 

দ্বিতীয় স্তৰটোতঃ সামাজিক পৰিৱেশৰ প্ৰতি শিশু সজাগ হৈ থাকে আৰু সামাজিকভাৱে গ্ৰহণযোগ্য আচৰণ প্ৰদৰ্শন কৰে । 

(খ) আন এজন মনোবিজ্ঞানী ফেল্ডমেনে (Feldman) সামাজিক বিকাশক চাৰিটা ভাগত বিভক্ত কৰিছে । যেনে-

  • (i) গৃহৰ জীৱন : শিশু এই স্তৰত মাক-দেউতাকৰ তত্ত্বাৱধানত থাকে ।
  • (ii) প্ৰজন্মৰ অংশ : এই স্তৰত শিশুৱে মাক-দেউতাকৰ প্ৰভাৱ নোহোৱা কৰে । একে বয়সৰ শিশুৰ লগত দল গঠন কৰাত এই স্তৰত গুৰুত্ব দিয়ে ।  
  • (iii) প্ৰাপ্তবয়স্ক সদৃশ : এই স্তৰত ল'ৰা-ছোৱালীয়ে প্ৰাপ্তবয়সস্কৰ দৰে আচৰণ প্ৰদৰ্শন কৰিবলৈ শিকে । সামাজিক পৰিৱেশত আনৰ উপস্থিতিত ল'ৰা-ছোৱালীয়ে নিজৰ দক্ষতা আৰু ক্ষমতা পৰীক্ষা কৰিব বিচাৰে । কেতিয়াবা ল'ৰা-ছোৱালীয়ে শিশুৰ দৰে আৰু কেতিয়াবা পৰিপক্ক ব্য়ক্তিৰ দৰে আচৰণ প্ৰদৰ্শন কৰে । 
  • (iv) সামাজিক পৰিপক্কতা : শিশুৱে এই স্তৰত প্ৰাপ্তবয়স্ক ৰূপ লাভ কৰে আৰু সামাজিক সংস্কৃতিৰ আৰ্হি সম্বন্ধে জানিবলৈ সক্ষম হয় । 

(গ) সাধাৰণতে প্ৰায়ভাগ মনোবিজ্ঞানীয়ে সামাজিক বিকাশৰ ক্ষেত্ৰত তলত উল্লেখ কৰা শ্ৰেণীবিভাজনক সমৰ্থন কৰে । 

  • (i) জন্মৰ পৰা ২বছৰলৈ ।
  • (ii) ২ৰ পৰা ৬ বছৰলৈ ।
  • (iii) ৬ ৰ পৰা ১২ বছৰলৈ । 
  • (iv) কৈশোৰ কাল । 

Q. 3 | কিশোৰ-কিশোৰীৰ সামাজিক সম্বন্ধৰ ক্ষেত্ৰত সমনীয়াৰ প্ৰভাৱ

উত্তৰঃ কৈশোৰ কালৰ সামাজিক বিকাশৰ আটাইতকৈ বেছি প্ৰভাৱ বিস্তাৰ কৰা কাৰকটো হ'ল সমনীয়া । শিশুসকলক ডাঙৰ হোৱাৰ লগে লগে সমনীয়াৰ বা বন্ধুৰ লগত বেছি আৰু পৰিয়ালৰ লগত কম সময় অতিবাহিত কৰে । ইয়াৰ ফলত কিশোৰ-কিশোৰীৰ চিন্তা আৰু আচৰণত সমনীয়াৰ প্ৰভাৱ পৰে । 

        সমনীয়াৰ দলে কিশোৰ-কিশোৰীৰ মানসিক আৰু আৱেগিক বিকাশত সহায় কৰে । কৈশোৰ কালৰ বিভিন্ন স্তৰবোৰত সমনীয়াৰ দলৰ প্ৰভাৱবোৰ হ'ল-

    ( i ) আগতীয়া কৈশোৰকাল ঃ এই স্তৰত সমলিংগ সমনীয়াৰ লগত কিশোৰ-কিশোৰীয়ে সম্বন্ধ ৰক্ষা কৰে আৰু তেওঁলোকৰ লগতেই অধিক সময় অতিবাহিত কৰে । সমনীয়াৰ দলত নিজক গ্ৰহণ কৰাৰ বাবে তেওঁলোকে আশা কৰে । 

    ( ii ) মধ্যৱৰ্ত্তী কৈশোৰকাল ঃ এই সময়ছোৱাত উভয়লিংগৰ সমনীয়াৰ লগত কিশোৰ-কিশোৰীয়ে বন্ধুত্ব স্থাপন কৰে । পৰিয়ালৰ পৰা স্বাধীন হৈ নিজক চিনাক্তকৰণ, যৌন ভূমিকাৰ চিনাক্তকৰণ আদিত সমনীয়াই তেওঁলোকক সহায় কৰে । সামাজিক সহায় আৰু সহযোগিতাৰ এক উৎস হ'ল সমনীয়া আৰু কিশোৰ-কিশোৰীৰ চিন্তা আৰু আদৰ্শ গঢ়ি তোলাত ভূমিকা গ্ৰহণ কৰে । 

    ( iii ) শেহতীয়া কৈশোৰ কাল ঃ এই সময়ছোৱাত বন্ধুত্ব অধিক গাঢ় আৰু আন্তৰিকতাপূৰ্ণ হয় । এই সময়ছোৱাত ল'ৰা-ছোৱালীৰ আত্মকেন্দ্ৰিক স্বভাৱৰ পৰিৱৰ্তন হয় আৰু নিজৰ আচৰণৰ প্ৰভাৱ আনৰ ওপৰত কেনেকৈ পৰে সেই সম্পৰ্কে সজাগ হয় । 

Q. 4 | কিশোৰ-কিশোৰীৰ সামাজিক সম্বন্ধৰ ক্ষেত্ৰত পৰিয়ালৰ প্ৰভাৱ ।


উত্তৰঃ পৰিয়াল হ'ল ল'ৰা-ছোৱালীৰ শিক্ষা আৰু বিকাশৰ প্ৰাণকেন্দ্ৰ । শিক্ষা আৰু বিকাশৰ আটাইতকৈ প্ৰাচীন অনুষ্ঠান হ'ল পৰিয়াল । সভ্য়তাৰ আৰম্ভণিৰ পৰাই ল'ৰা-ছোৱালীৰ বিকাশত পৰিয়ালৰ ভূমিকা অপৰিহাৰ্য । বালাৰ্ড ৰ মতে, ''পৰিয়াল হৈছে প্ৰকৃত সামাজিক অনুষ্ঠান, যাৰ পৰা আন আন অনুষ্ঠান সমূহৰ বিকাশ হৈছে ।'' পৰিয়ালৰ মাজত শিশুৰ লালন পালন হয় আৰু পৰিয়ালেই ল'ৰা-ছোৱালীৰ সামাজিকীকৰণৰ প্ৰথম আৰু প্ৰধানকেন্দ্ৰ । ল'ৰা-ছোৱালীৰয়ে পৰিয়ালৰ আন আন সদস্য়ৰ লগত সম্পৰ্ক গঢ়ি তোলাৰ লগতে সামাজিক জীৱনৰো আভাস গ্ৰহণ কৰে । শিশুৰ বিকাশৰ প্ৰথম দুটা স্তৰক্ৰমে শৈশৱ আৰু বাল্য়কালত পৰিয়ালৰ প্ৰভাৱ বেছিকৈ পৰা দেখা যায় । কৈশোৰ কালৰ পৰা সামাজিক তথা অন্য়ান্য় বিকাশৰ ক্ষেত্ৰত পৰিয়ালৰ প্ৰভাৱ কম হয় বুলি  ভবা হয় যদিও প্ৰকৃতাৰ্থত এয়া সত্য় নহয় । কিশোৰ-কিশোৰীৰ সামাজিক বিকাশ আৰু সামাজিক সম্বন্ধ স্থাপনত পৰিয়ালে  গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । 

        কৈশোৰ কালত ল'ৰা-ছোৱালীৰ পৰিয়ালৰ লগত সম্বন্ধৰ পৰিৱৰ্তন ঘটে  । এই সময়ছোৱাত তেওঁলোকক পৰিয়ালৰ লোকসকলে আন্তৰিকতাপূৰ্ণ আৰু বন্ধুত্বপূৰ্ণ সম্বন্ধ ৰক্ষা কৰি নিৰ্দেশনা  প্ৰদানৰ ব্য়ৱস্থা কৰিব লাগে । এই প্ৰকাৰৰ নিৰ্দেশনাৰ সহায়ত কিশোৰ-কিশোৰীয়ে সামাজিক সম্বন্ধৰ মনোভাব বিকশাই তুলিব পাৰে ।

Q. 5 | সামাজিক সমাযোজনৰ কাৰকবোৰ 

উত্তৰঃ সামাজিক সমাযোজনৰ কাৰকবোৰ দুটা ভাগত ভাগ কৰিব পাৰি । যেনে-

(ক) ব্যক্তিগত কাৰক ঃ 

(১) কিশোৰ-কিশোৰীৰ দেহ আৰু স্বাস্থ্য : কিশোৰ-কিশোৰীৰ দেহ আৰু স্বাস্থ্য়ই তেওঁলোকৰ সামাজিক বিকাশত প্ৰভাৱ পেলায় । সু-শৰীৰৰ ব্য়ক্তি এজন স্বাভাৱিকতেই স্বাস্থ্যৱান হয় । স্বাস্থ্যৱান কিশোৰ-কিশোৰীয়ে আত্ম-বিশ্বাস আৰু আত্মসন্মানৰ ভাৱ বিকশাই তুলিব পাৰে । পৰিৱৰ্তিত সামাজিক পৰিস্থিতিত তৎক্ষণাতে নিজকে সমাযোজিত কৰাৰ দক্ষতা তেওঁলোকৰ থাকে । এইসকল কিশোৰ-কিশোৰী সহযোগী প্ৰকৃতিৰ আৰু অন্য ব্যক্তিৰ লগত অতি সহজে আন্তঃক্তিয়া স্থাপন কৰিব পাৰে । ইয়াৰ বিপৰীতে স্বাস্থ্যজনিত সমস্যা থকা কিশোৰ-কিশোৰীয়ে সামাজিক সমাযোজন স্থাপন কৰাত জটিলতাৰ সন্মুখীন হয় । 

(২) বুদ্ধি : সাধাৰণভাৱে স্বাস্থ্যৱান ব্যক্তি এজন উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত আৰু উপযুক্ত কামৰ বাবে উপযুক্ত পৰিকল্পনা কৰিব পৰাকৈ মানসিকভাৱে সক্ষম । এই মানসিক সক্ষমতাই হ'ল বুদ্ধি । এই মানসিক গুণে কিশোৰ-কিশোৰীক সমাজত এক ফলপ্ৰসূ ভূমিকা গ্ৰহণ কৰাত আৰু সামাজিক বিকাশ সাধন কৰাত সহায় কৰে । 

(৩) উপযুক্ত আৱেগিক বিকাশ : উপযুক্ত আৱেগিক বিকাশে কিশোৰ-কিশোৰীৰ উপযুক্ত সামাজিক বিকাশো গঢ় দি তোলে । যদি কিশোেৰ-কিশোৰীয়ে নিজৰ আৱেগক উপযুক্তভাৱে নিয়ন্ত্ৰিত কৰিব পাৰে তেন্তে তেওঁলোকে আনৰ লগত ভালদৰে সমাযোজন স্থাপন কৰিব পাৰিব আৰু ই হ'ল সামাজিক সমাযোজনৰ এক গুৰুত্বপূৰ্ণ দিশ । 

(খ) পৰিৱেশীয় কাৰক:

(১) পৰিয়াল (Family) : পৰিয়াল হ'ল সকলো ধৰণৰ সামাজিক কৰ্মৰে প্ৰধানকেন্দ্ৰ । ব্য়ক্তিৰ সামাজিকীকৰণত ই প্ৰধান ভূমিকা পালন কৰে । নাগৰিকত্বৰ প্ৰথম পাঠ ব্য়ক্তিয়ে ঘৰতে শিকে । সমাজত কেনেদৰে নিজক সমাযোজিত কৰিব লাগে তাৰ জ্ঞান কিশোৰ-কিশোৰীক পৰিয়ালৰ লোকসকলে প্ৰদান কৰে । 

(২) বিদ্যালয় (School); কিশোৰ-কিশোৰীৰ সামাজিক বিকাশত প্ৰভাৱ পেলোৱা আন এক পৰিৱেশীয় কাৰক হ'ল বিদ্য়ালয় । বিদ্যালয় অনুশাসন আৰু আদেশ কিশোৰ-কিশোৰীৰ সামাজিক বিকাশত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে । যেনেঃ —

  • (i) কিশোৰ-কিশোৰী আৰু শিক্ষকসকলৰ মাজত এক নতুন ধৰণৰ মানৱীয় সম্বন্ধ বিকশিত হয় । 
  • (ii) বিদ্যালয় বিভিন্ন কাৰ্যসূচীৰ যোগেদি গণতান্ত্ৰিক জীৱন ধাৰাৰ জ্ঞান কিশোৰ-কিশোৰীক প্ৰদান কৰিব পৰা যায় । 

(৩) সম্প্ৰদায় আৰু ওচৰ-চুবুৰীয়া : ল'ৰা-ছোৱালী ডাঙৰ হোৱাৰ লগে লগে ওচৰ-চুবুৰীয়া আৰু সম্প্ৰদায়ৰ লগত সম্বন্ধ স্থাপন কৰে । এই দুয়োটা মাধ্য়মেই কিশোৰ-কিশোৰীৰ সামাজিক বিকাশত প্ৰভাৱ পেলায় ।

(৪) অন্যান্য সামাজিক সংগঠন : বিভিন্ন ধৰ্মীয় প্ৰতিষ্ঠান যেনে-মন্দিৰ, মচজিদ, গীৰ্জা আদিবোৰৰ যোগেদিও কিশোৰ-কিশোৰীয়ে সামাজিক বিকাশ সাধন কৰিব পাৰে । ইয়াৰ উপৰিও সমাজত বিভিন্ন ধৰণৰ সামাজিক ক্লাৱ আছে যিবোৰৰ যোগেদিও তেওঁলোকৰ সামাজিক বিকাশ সাধন হয় । 




সামাজিক বিকাশ | BA 2nd Sem Education Question Answer

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 10

Q. 1 | সামাজিক বিকাশ কি ? কিশোৰ কিশোৰীৰ সামাজিক বিকাশৰ বিষয়ে বৰ্ণনা কৰা।

উত্তৰঃ সামাজিক বিকাশ হৈছে এক প্ৰক্ৰিয়া যাৰ যোগেদি সমাজৰ অৱস্থাৰ উন্নতি সাধন কৰিব পাৰি । 

কৈশোৰ কাল দৈহিক, বৌদ্ধিক, আৱেগিক, নৈতিক আৰু সামাজিক বিকাশৰ সময় । কৈশোৰ কালত ব্যক্তিয়ে নিজৰ অস্তিত্বৰ অনুসন্ধান কৰে । বাল্যকালত থকা মাক-দেউতাকৰ প্ৰভাৱ কৈশোৰ কালত ল'ৰা ছোৱালীয়ে নিবিচাৰে বা কমকৈ বিচাৰে । কৈশোৰ কালচোৱাত বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখিবলৈ পোৱা যায় । সামাজিক বিকাশৰ ক্ষেত্ৰতো এই কালছোৱাত ব্যাপক পৰিবৰ্তন দেখিবলৈ পোৱা যায় । সামাজিক বিকাশৰ ক্ষেত্ৰতো এই কালছোৱাত ব্য়াপক পৰিবৰ্তন দেখিবলৈ পোৱা যায় ।মনোবৈজ্ঞানিক এৰিচ এৰিক'চন ৰ মনো-সামাজিক আৰ্হি অনুসৰি, কৈশোৰ কালত প্ৰৱেশ কৰাৰ লগে লগে ল'ৰা-ছোৱালীয়ে নিজক চিনাক্ত কৰাৰ বাবে সংগ্ৰাম কৰে । আকৌ মনোবিজ্ঞানী কলেমেন আৰু হেন্দ্ৰি ৰ মতে কৈশোৰ কাল  হ'ল সামাজিক সত্বাৰ বিকাশ আৰু দৃঢ় কৰা, সামাজিক বিশ্বৰ সম্বন্ধত নিজৰ বিকাশ সাধন কৰা এক স্তৰ ।

        কৈশোৰ কালৰ সামাজিক বিকাশৰ বৈশিষ্ট্যবোৰ হ'ল-

  • (i) সামাজিক সচেতনতা ।
  • (ii) সমনীয়াৰ প্ৰভাৱ  ।
  • (iii) বিপৰীত লিংগৰ লগত সম্বন্ধ ।
  • ( iv ) আনক সহায়ৰ প্ৰৱণতা ।
  • ( v ) আত্ম-সন্মানবোধ ।
  • ( vi ) নেতৃত্ব প্ৰদানৰ যোগ্যতা ।
  • ( vii ) প্ৰাপ্তবয়স্কৰ লগত সম্বন্ধ স্থাপন ।
  • ( viii ) দেশপ্ৰেমৰ ভাৱ ।
  • (ix) অন্তৰংগ বন্ধুৰ বাচনি ।
  • ( x ) অসামাজিক আৰু অপৰাধমূলক আচৰণ ।
  • ( xi ) সক্ৰিয় ৰাজনীতিৰ মনোভাৱ ।
  • ( xii ) জাতীয় আৰু আন্তঃৰাষ্ট্ৰীয় সমস্যাৰ প্ৰতি আগ্ৰহ  ।

Q. 2 | কিশোৰ-কিশোৰীৰ মাজত সামাজিক সম্বন্ধৰ বিকাশত পৰিয়ালৰ প্ৰভাৱ আলোচনা কৰা।

উত্তৰঃ পৰিয়াল হ'ল ল'ৰা-ছোৱালীৰ শিক্ষা আৰু বিকাশৰ প্ৰাণকেন্দ্ৰ । শিক্ষা আৰু বিকাশৰ আটাইতকৈ প্ৰাচীন অনুষ্ঠান হ'ল পৰিয়াল । সভ্য়তাৰ আৰম্ভণিৰ পৰাই ল'ৰা-ছোৱালীৰ বিকাশত পৰিয়ালৰ ভূমিকা অপৰিহাৰ্য । বালাৰ্ড ৰ মতে, ''পৰিয়াল হৈছে প্ৰকৃত সামাজিক অনুষ্ঠান, যাৰ পৰা আন আন অনুষ্ঠান সমূহৰ বিকাশ হৈছে ।'' পৰিয়ালৰ মাজত শিশুৰ লালন পালন হয় আৰু পৰিয়ালেই ল'ৰা-ছোৱালীৰ সামাজিকীকৰণৰ প্ৰথম আৰু প্ৰধানকেন্দ্ৰ । ল'ৰা-ছোৱালীৰয়ে পৰিয়ালৰ আন আন সদস্যৰ লগত সম্পৰ্ক গঢ়ি তোলাৰ লগতে সামাজিক জীৱনৰো আভাস গ্ৰহণ কৰে । শিশুৰ বিকাশৰ প্ৰথম দুটা স্তৰক্ৰমে শৈশৱ আৰু বাল্যকালত পৰিয়ালৰ প্ৰভাৱ বেছিকৈ পৰা দেখা যায় । কৈশোৰ কালৰ পৰা সামাজিক তথা অন্য়ান্য় বিকাশৰ ক্ষেত্ৰত পৰিয়ালৰ প্ৰভাৱ কম হয় বুলি  ভবা হয় যদিও প্ৰকৃতাৰ্থত এয়া সত্য নহয় । কিশোৰ-কিশোৰীৰ সামাজিক বিকাশ আৰু সামাজিক সম্বন্ধ স্থাপনত পৰিয়ালে  গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । 

        অনানুষ্ঠানিক শিক্ষাৰ এক গুৰুত্বপূৰ্ণ মাধ্য়ম হ'ল পৰিয়াল ।এই পৰিয়ালতেই কিশোৰ-কিশোৰীসকলে সামাজিক জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় সকলো আচৰণ গঢ়ি তুলিব পাৰে । যিসকল কিশোৰ-কিশোৰী কৰ্তৃত্বশীল পৰিয়ালৰ সেইসকল অতি উপযুক্তভাৱে সামাজিক পৰিৱেশত সমাযোজন কৰিব পাৰে, দক্ষতাৰ বিকাশ সাধন কৰিব পাৰি । ১৯৯৪ চনত একিউলিন' (Aqulino) ই গৱেষণাৰ জৰিয়তে কৈছিল যে কিশোৰ-কিশোৰীৰ আত্ম-বিকাশৰ বাবে পৰিয়ালৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । আকৌ পৰিয়ালৰ পিতৃ-মাৃতৃৰ অত্য়াধিক নিয়ন্ত্ৰণে কিশোৰ-কিশোৰীৰ আত্ম-মৰ্যদা নেতিবাচক দিশেৰে পৰিচালিত কৰে । সেয়েহে কৈশোৰ কালৰ ল'ৰা-ছোৱালীৰ লগত মাক-দেউতাক অত্য়াধিক নিয়ন্ত্ৰণৰ বিপৰীতে আন্তৰিকতা সম্বন্ধ গঢ়ি তুলিব লাগে ।  

    যিসকল কিশোৰ-কিশোৰীয়ে পৰিয়ালৰ সদস্য়সকলৰ লগত ভাল সম্বন্ধ ৰক্ষা কৰি চলে সেইসকলে ধূমপান কৰা, মাদক দ্ৰৱ্য় সেৱন কৰা আৰু মাৰপিট কৰা আদি দুষ্কাৰ্যৰ পৰা নিজক আঁতৰত ৰাখিব পাৰে । সমাজত ব্য়ক্তিসকলৰ লগত কেনেদৰে সম্বন্ধ স্থাপন কৰিব লাগে, ভৱিষ্য়তৰ বৃত্তীয় জীৱনৰ বাবে নিজক কেনেদৰে প্ৰস্তুত কৰিব লাগে আদি বিভিন্ন দিশত কিশোৰ-কিশোৰীক পৰিয়ালৰ লোকে সহায় কৰে । 

       কৈশোৰ কালত ল'ৰা-ছোৱালীৰ পৰিয়ালৰ লগত সম্বন্ধৰ পৰিৱৰ্তন ঘটে । এই সময়ছোৱাত তেওঁলোকক পৰিয়ালৰ লোকসকলে আন্তৰিকতাপূৰ্ণ আৰু বন্ধুত্বপূৰ্ণ সম্বন্ধ ৰক্ষা কৰি নিৰ্দেশনা প্ৰদানৰ ব্য়ৱস্থা কৰিব লাগে । এই প্ৰকাৰৰ নিৰ্দেশনাৰ সহায়ত কিশোৰ-কিশোৰীয়ে সামাজিক সম্বন্ধৰ মনোভাৱ বিকশাই তুলিব পাৰে । 

        বহুতো কিশোৰ-কিশোৰীৰ বাবে পৰিয়াল আৰু মাক-দেউতাক হ'ল যত্ন আৰু আৱেগিক সহায়ৰ উৎস । পৰিয়ালে কিশোৰ-কিশোৰীক প্ৰায়োগিক , বৃত্তীয় আৰু বস্তুগত সহায়-সহযোগিতা প্ৰদান কৰিব লাগে । ইয়াৰ ফলত বিপদৰ সন্মুখীন হ'লে কিশোৰ-কিশোৰীয়ে অকলশৰীয়া অনুভৱ কৰিব নোৱাৰে । সামাজিক জীৱন সম্বন্ধীয় সকলো আদৰ্শ আৰু সামাজিক জীৱন পৰিচালনাৰ বাবে প্ৰয়োজনীয় সকলো শিক্ষা পৰিয়ালৰ পৰিৱেশতেই কিশোৰ-কিশোৰীয়ে লাভ কৰে । ইয়াৰ উপৰিও কিশোৰ-কিশোৰীয়ে পৰিয়ালতেই সামাজিক জীৱনৰ প্ৰগতিৰ বাবে চিন্তা আৰু কাম কৰা , মানৱীয় সংযোগ আৰু সম্বন্ধ গতিশীল কৰা , সুনাগৰিকতাৰ শিক্ষা আৰু আদৰ্শ জীৱন -যাপনৰ শিক্ষা লাভ কৰিব পাৰে ।

Q. 3 | কিশোৰ-কিশোৰীৰ মাজত সামাজিক সম্বন্ধৰ বিকাশত সমনীয়াৰ প্ৰভাৱ আলোচনা কৰা।

উত্তৰঃ কৈশোৰ কালৰ সামাজিক বিকাশৰ আটাইতকৈ বেছি প্ৰভাৱ কৰা কাৰকটো হ'ল সমনীয়াৰ । শিশুসকলক ডাঙৰ হোৱাৰ লগে লগে সমনীয়া বা বন্ধুৰ লগত বেছি আৰু পৰিয়ালৰ লগত কম সময় অতিবাহিত কৰে । ইয়াৰ ফলত কিশোৰ-কিশোৰীৰ চিন্তা আৰু আচৰণত সমনীয়াৰ প্ৰভাৱ পৰে । 

        কিশোৰ-কিশোৰীৰ আৱেগিক পৰিপক্কতা বৃদ্ধিৰ লগে লগে সমনীয়াৰ লগত তেওঁলোকৰ সম্বন্ধ পৰিৱৰ্তিত হয় যি সম্বন্ধ আৱেগিকভাৱে অধিক আন্তৰিকতাপৃৰ্ণ । কিশোৰ-কিশোৰীসকলে সমনীয়াৰ লগত অধিক নিকট সম্বন্ধ গঢ়ি তোলে । সাধাৰণতে আৰম্ভণিৰ কৈশোৰ কালত উভয়লিংগৰ সমনীয়াৰ লগত কিশোৰ-কিশোৰী সামাজিক সম্বন্ধ গঢ়ি তোলে । আকৌ শেহতীয়া কৈশোৰ কালত বিপৰীত লিংগৰ সমনীয়াৰ লগত ৰোমাণ্টিক সম্বন্ধ গঢ়ি তোলে ।

    সমনীয়াৰ দলে কিশোৰ-কিশোৰীৰ মানসিক আৰু আৱেগিক বিকাশত সহায় কৰে । কৈশোৰ কালৰ বিভিন্ন স্তৰবোৰত সমনীয়া দলৰ প্ৰভাৱবোৰ হ'লঃ —

( i ) আগতীয়া কৈশোৰকাল  ঃ এই স্তৰত সমলিংগ সমনীয়াৰ লগত কিশোৰ-কিশোৰীয়ে সম্বন্ধ ৰক্ষা কৰে আৰু তেওঁলোকৰ লগতেই অধিক সময় অতিবাহিত কৰে । সমনীয়াৰ দলত নিজক গ্ৰহণ কৰাৰ বাবে তেওঁলোকে আশা কৰে । 

( ii ) মধ্যৱৰ্ত্তী কৈশোৰকাল ঃ এই সময়ছোৱাত উভয়লিংগৰ সমনীয়াৰ লগত কিশোৰ-কিশোৰীয়ে বন্ধুত্ব স্থাপন কৰে । পৰিয়ালৰ পৰা স্বাধীন হৈ নিজক চিনাক্তকৰণ, যৌন ভূমিকাৰ চিনাক্তকৰণ আদিত সমনীয়াই তেওঁলোকক সহায় কৰে । সামাজিক সহায় আৰু সহযোগিতাৰ এক উৎস হ'ল সমনীয়া আৰু কিশোৰ-কিশোৰীৰ চিন্তা আৰু আদৰ্শ গঢ়ি তোলাত ভূমিকা গ্ৰহণ কৰে । 

(iii) শেহতীয়া কৈশোৰ কাল ঃ এই সময়ছোৱাত বন্ধুত্ব অধিক গাঢ় আৰু আন্তৰিকতাপূৰ্ণ হয় । এই সময়ছোৱাত ল'ৰা-ছোৱালীৰ আত্মকেন্দ্ৰিক স্বভাৱৰ পৰিৱৰ্তন হয় আৰু নিজৰ আচৰণৰ প্ৰভাৱ আনৰ ওপৰত কেনেকৈ পৰে সেই সম্পৰ্কে সজাগ হয় । 

       কিশোৰ-কিশোৰীসকলৰ মনোভাৱ, মূল্যবোধ আৰু আচৰণৰ পৰিৱৰ্তনত সমনীয়াৰ দলে প্ৰভাৱ বিস্তাৰ কৰে । এই প্ৰভাৱ ইতিবাচক বা নেতিবাচক দুয়োপ্ৰকাৰৰ হ'ব পাৰে । কিশোৰ-কিশোৰীৰ ওপৰত সমনীয়া দলৰ ইতিবাচক আৰু নেতিবাচক প্ৰভাৱৰ কেতবোৰ দিশ তলত সংক্ষেপে বৰ্ণনা  কৰা হ'লঃ —

(ক) ইতিবাচক প্ৰভাৱ :

    (i) সমনীয়া দলৰ সহায়ত কিশোৰ-কিশোৰীয়ে নতুন বন্ধুত্বৰ সম্বন্ধ বিকশাই তোলাৰ সুবিধা লাভ কৰে । 

   (ii) সমনীয়া দলৰ সহায়ত কিশোৰ-কিশোৰীয়ে সামাজিক কৌশল শিকাৰ সুযোগ লাভ কৰে । 

  (iii) আত্ম আৰু অস্তিত্ব সম্বন্ধে ধাৰণা বিকশাই তোলাত কিশোৰ-কিশোৰীসকলক সমনীয়া দলে সহায় কৰে ।

  (iv) সমনীয়া দলৰ সহায়ত কিশোৰ-কিশোৰীয়ে যোগাযোগ কৌশলৰ বিকাশ সাধন কৰিব পাৰে । 

   (v) স্বাস্থ্যসন্মত যৌন সম্বন্ধ বিকশাই তোলাৰ সুবিধা কিশোৰ-কিশোৰীসকলক সমনীয়া দলে প্ৰদান কৰে ।

   (vi) সমস্যা বিশ্লেষণ কৰা আৰু সমাধান কৰাৰ ক্ষেত্ৰত এক কোষ বা গোট হিচাবে ,সমনীয়া দলে কাৰ্য সম্পাদন কৰে । 

 (vii) সমনীয়া দলৰ সহায়ত কিশোৰ-কিশোৰীৰ আত্ম-মৰ্যদা বৃদ্ধি হয় । 

(viii) সমনীয়া দলে সহায়কাৰী সম্বন্ধ কিশোৰ-কিশোৰীক প্ৰদান কৰে যাৰ সহায়ত তেওঁলোকে কাৰ্য সম্পাদন কৰে আৰু বিভিন্ন অভিজ্ঞতা আহৰণ কৰে ।


(খ) নেতিবাচক প্ৰভাৱ : 

( i ) সমনীয়া দলৰ সংগত বহুতো কিশোৰ-কিশোৰীয়ে বিভিন্ন ধৰণৰ অসামাজিক কাৰ্য সংঘটিত কৰে । যেনে-চুৰি কৰা, মিছা কোৱা আদি । আনকি কিছু সংখ্য়ক কিশোৰ-কিশোৰীয়ে সস্তীয়া আনন্ধ উপভোগৰ বাবে নিজ ঘৰৰ পৰাও টকা বা অন্য় সামগ্ৰী চুৰি কৰে । 

( ii ) কৈশোৰ কালত ল'ৰা-ছোৱালীয়ে যৌৱনাৱস্থা লাভ কৰে যদিও যৌনতা সম্বন্ধে তেওঁলোকৰ গঠনাত্মক কোনো জ্ঞান নাথাকে । সেইবাবে সমনীয়া দলৰ সংগত তেওঁলোকে যৌনগন্ধী কিতাপ পঢ়া, চিনেমা চোৱা, অশ্লীল বিষয় আলোচনা কৰা আদি কাৰ্য কৰি বিকৃত মানসিকতাৰ পৰিচয় দিয়ে । 

(iii) সমনীয়া দলৰ লগত থাকিয়ে সস্তীয়া আৰু সাময়িক আনন্দ লাভৰ বাবে বয়সস্থ লোক, পংগু লোক, কুৰূপ লোক আদিক কিশোৰ-কিশোৰীয়ে ঠাট্টা কৰা দেখা যায় । 

(iv) সমনীয়া দলৰ প্ৰভাৱৰ বাবে স্কুল-কলেজৰ সলনি চিনেমা চাবলৈ যোৱা, ম'বাইল ফোনত অশ্লীল চিনেমা চোৱা, অশ্লীল বাৰ্তা প্ৰেৰণ কৰা কাৰ্য কিশোৰ-কিশোৰীয়ে সম্পাদন কৰা দেখিবলৈ পোৱা যায় । 

(v) সমনীয়া দলৰ গ্ৰহণযোগ্য়তাৰ বাবে কিশোৰ-কিশোৰীয়ে নিজ বিশ্বাস আৰু মূল্য়বোধো পৰিত্য়াগ কৰে । 

(vi) আৱেগ প্ৰৱণ কিশোৰ-কিশোৰীসকলে কোনো কাৰ্য বা ঘটনাৰ আৱেগিক ব্য়ৰ্থতাক ঢাকি ৰাখিবৰ বাবে মদ, ভাং, চিগাৰেট, ডেনড্ৰাইট, ড্ৰাগছ আদি সেৱন কৰে । এই কাৰ্যতো সমনীয়া দলৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় । 

Q. 4 | সামাজিক পৰিপক্ক ব্যক্তিৰ বৈশিষ্ট্যবোৰ লিখা। কিশোৰ কিশোৰীৰ সামাজিক বিকাশত শিক্ষকৰ ভূমিকা আলোচনা কৰা । 

উত্তৰঃ সামাজিক পৰিপক্ক ব্যক্তি এজনৰ কেতবোৰ বিশেষ বৈশিষ্ট্য তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি ।

  • (১) সামাজিকভাৱে পৰিপক্ক ব্যক্তি এজনে সমাজৰ সকলো মানুহৰ লগত আন্তঃক্ৰিয়া সম্পাদন কৰিব পাৰে । মানুহবোৰৰ লগত ভাল সম্বন্ধ ৰক্ষা কৰি চলিবৰ বাবে পৰিপক্ক ব্যক্তিসকল দক্ষতাপূৰ্ণ হয় । 
  • (২) দল, সমাজ বা ৰাষ্ট্ৰৰ বৃহত্তৰ স্বাৰ্থৰ বাবে সামাজিকভাৱে পৰিপক্ক ব্য়ক্তিয়ে নিজৰ আগ্ৰহ ত্য়াগ কৰিবলৈ সদায় প্ৰস্তুত হৈ থাকে । সামাজিক দায়বদ্ধতাবোৰৰ প্ৰতি তেওঁলোক সদায় সজাগ ।
  • (৩) সহনশীল, সৰলতা, ভ্ৰাতৃত্ববোধ, সৌজন্যতা, দয়া আদি বিভিন্ন সামাজিক গুণ সামাজিক ভাৱে পৰিপক্ক ব্য়ক্তি এজনৰ থাকে ।
  • (৪) আনৰ লগত সম্বন্ধ স্থাপন কৰাৰ বাবে আৰু সম্বন্ধ ৰক্ষাৰ বাবে সামাজিকভাৱে পৰিপক্ক ব্যক্তি এজন সহযোগশীল আৰু বিশ্বাসী । 
  • (৫) সামাজিক দুৰাৱস্থা, সমস্যা বা পৰিস্থিতিত সামাজিকভাৱে পৰিপক্ক ব্যক্তি এজন দক্ষতাৰে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে আৰু ফলপ্ৰসূভাৱে কাৰ্য সম্পাদন কৰিব লাগে । 
  • (৬) সামাজিকভাৱে  পৰিপক্ক ব্যক্তি এজন সমনীয়া দলৰ সক্ৰিয় সদস্য় হয় আৰু দলৰ নীতি-নিয়মবোৰ অনুসৰণ কৰা ব্য়ক্তি হয় । তেওঁলোকে দলৰ আনুগত্যতাত বিশ্বাস কৰে আৰু দলৰ মূল্যবোধ , আচৰণ আৰু মনোভাৱ অনুসৰণ কৰাৰ প্ৰয়াস কৰে । 
  • (৭) সামাজিকভাৱে পৰিপক্ক ব্যক্তি এজনৰ গ্ৰহণযোগ্যতা আৰু সমাযোজনৰ দক্ষতা বেছি । সমাজৰ ভিন্ন প্ৰয়োজনৰ পৰিপ্ৰেক্ষিতত যিকোনো পৰিস্থিতিতে তেওঁলোকে ফলপ্ৰসূভাৱে সমাযোজন স্থাপন কৰিব পাৰে । 
  • (৮) সামাজিকভাৱে পৰিপক্ক ব্যক্তি এজনে নিজ বিচাৰকৰণ ক্ষমতা প্ৰয়োগ কৰি সকলো কথা বা ঘটনা বিশ্লেষণ কৰে । 
  • (৯) সামাজিকভাৱে পৰিপক্ক ব্যক্তিসকলে যিকোনো সামাজিক ক্ৰিয়াকলাপত অংশ গ্ৰহণ কৰি ভাল পায় । 
  • (১০) সামাজিক পৰিপক্ক ব্যক্তিয়ে সমাজৰ বিভিন্ন ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰাৰ বাবে আগ্ৰহী হয় । এইসকল লোক নেতা হিচাপে জনপ্ৰিয় হোৱা দেখা যায় ।


কিশোৰ কিশোৰীৰ সামাজিক বিকাশত শিক্ষকৰ ভূমিকা

            কিশোৰ-কিশোৰীসকলৰ সামাজিক বিকাশৰ বিভিন্ন সুস্থভাৱে পৰিচালিত কৰাটো অতি প্ৰয়োজনীয় । সামাজিক বিকাশৰ দিশবোৰ শুদ্ধ পথেৰে পৰিচালিত কৰাৰ ক্ষেত্ৰত বিভিন্নজনৰ সহায় সহযোগিতাৰ প্ৰয়োজন হয় । শুদ্ধ দিশেৰে সামাজিক দিশৰ বিকাশ সাধন কৰাতো বিদ্য়ালয়ৰ শিক্ষকে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপবোৰ তলত উল্লেখ কৰা ধৰণৰঃ —

(i) বিদ্য়ালয়ত বিভিন্ন ধৰণৰ অনানুষ্ঠানিক সামাজিক কাৰ্যসূচী অনুষ্ঠিত কৰিব লাগে । ইয়াৰ সহায়ত কিশোৰ-কিশোৰীসকলে এজন আনজনৰ ওচৰ চপা আৰু আগ্ৰহ আৰু আকাংক্ষা বুজি উঠিব পাৰে । এই কাৰ্যসূচীবোৰে সকলো কিশোৰ-কিশোৰীৰ প্ৰয়োজন পূৰণ কৰিব পাৰে।

(ii) বিদ্যালয়বোৰে ক্ষেত্ৰ ভ্ৰমণ আৰু বনভোজৰ ব্য়ৱস্থা কৰিব লাগে । ইয়াৰ সহায়ত এই কাৰ্যত অংশ গ্ৰহণ কৰা দলৰ সদস্যসকলৰ মাজত আন্তৰিকতা বৃদ্ধি পাব । কিশোৰ-কিশোৰীৰ মাজত সহযোগিতা বৃদ্ধি কৰাটো এই কাৰ্যসূচীয়ে সহায় কৰিব । 

(iii) দলীয় খেল-ধেমালি, তৰ্ক প্ৰতিযোগিতা আৰু আলোচনাচক্ৰ আদিৰ ব্যৱস্থা কৰিব লাগে । এইবোৰত কৰা অংশগ্ৰহণৰ যোগেদি কিশোৰ-কিশোৰীসকলে সামাজিক কাম-কাজত অংশ গ্ৰহণৰ প্ৰশিক্ষণ লাভ কৰিব পাৰে । 

(iv) শিক্ষকসকলে সকলো কিশোৰ কিশোৰীৰ আৰ্থ-সামাজিক অৱস্থা আৰু সামাজিক আগ্ৰহ জনাৰ প্ৰয়াস কৰিব লাগে আৰু সেই অনুসৰি বিভিন্ন কাৰ্যসূচী সংগঠিত কৰিব লাগে । 

(v) শিক্ষা সমাপ্তি কৰাৰ পিছত সকলো কিশোৰ-কিশোৰীয়ে কোনো এক নিৰ্দিষ্ট বৃত্তিত নিজক নিয়োজিত কৰিবৰ বাবে চেষ্টা কৰিব । এই ক্ষেত্ৰত কিশোৰ-কিশোৰীৰ বিশেষ জ্ঞান নাথাকে । সমাজত প্ৰচলিত বিভিন্ন বৃত্তিবোৰ সম্বন্ধে বিদ্য়ালয় কৰ্তৃপক্ষই তেওঁলোকক জ্ঞান প্ৰদান কৰিব লাগে । নতুন বৃত্তিৰ বিষয়েও জ্ঞান দিব লাগে আৰু এই বৃত্তিবোৰত কেনেকৈ নিজক সমাযোজিত কৰিব লাগে তাৰ জ্ঞানো প্ৰদান কৰিব লাগে । 

(vi) শিক্ষকে কিশোৰ কিশোৰীসকলক প্ৰাপ্তবয়স্ক ব্য়ক্তিৰ আচৰণ, মানদণ্ড আৰু আদৰ্শ আদিৰ বিষয়েও জ্ঞান প্ৰদান কৰিব লাগে । 

(vii) সু-নাগৰিকতাৰ বিভিন্ন গুণসমূহ বিকশাই তোলেটো কিশোৰ-কিশোৰীসকলক বিদ্যালয়ৰ শিক্ষকসকলে সহায় কৰিব লাগে । 



Tags :

  • সামাজিক বিকাশ (Social Development)
  • BA 2nd Sem Education Question Answer General
  • BA 2nd Sem Education Pass Course Question Answer
  • Gauhati University BA 2nd Sem Education Model Questions Answer
  • GU BA 2nd Sem Education General Model Solution
  • BA 2nd Sem Education General Question Answer
  • BA 2nd Semester Education Question Answer
  • BA 2nd Sem Education Question Answer [Major & General] Gauhati University