Follow Us:

লাচিত বৰফুকন বিষয়ে ৰচনা লিখা | Essay Writing On Lachit Borphukan In Assamese | Essay on Lachit Borphukan Assamese Medium

LearningPointAssam.com

Hello dear, friends/students, in this article we will discuss how to write an essay about Lachit Barphukan in Assamese medium?  I hope you will get the complete essay on Lachit Borphukan in Assamese medium from this article.  So let's get started without wasting too much time.

লাচিত বৰফুকন বিষয়ে ৰচনা লিখা Essay Writing On Lachit Borphukan In Assamese

লাচিত বৰফুকন বিষয়ে ৰচনা লিখা | Essay Writing On Lachit Borphukan In Assamese | Essay on Lachit Borphukan Assamese Medium

Many Teachers & students search for best essay on Lachit Borphukan in Assamese, English, Bengali. আপোনি আমাৰ website-ত লাচিত বৰফুকন বিষয়ে ৰচনা words 150, 200, 400-ৰ উপৰিও Biography of Lachit Barphukan (লাচিত বৰফুকনৰ জীৱনী) in Assamese মাধ্যমত পাৱ। ইয়াত সহজ আৰু সৰল ভাষাত আমি লাচিত বৰফুকন বিষয়ে অসমীয়া ৰচনা লৈ আনিছো, আশা কৰো পঢ়ি ভাল পাব ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু কিবা ভুল দেখিলে জনাব । আহক আৰম্ভ কৰো পঢ়া...


লাচিত বৰফুকন বিষয়ে অসমীয়া ৰচনা

এই ৰচনা কেৱল যে জাতীয় বীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে পতা প্ৰতিযোগিতাৰ বাবে প্ৰয়োজন তেনে নহয়। এজন অসমীয়া হিচাপে আমি সকলোৱে তেখেতৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ কথা জনা প্ৰয়োজন।

 


লাচিত বৰফুকন বিষয়ে ৰচনা আৰম্ভণিঃ

     অসমৰ ইতিহাসত যিসকল বীৰ যোদ্ধাৰ নাম জিলিকি আছে সেইসকলৰ ভিতৰত লাচিত বৰফুকন অন্যতম।ইংৰাজী  ২৪ নৱেম্বৰৰ দিনটো অসমত লাচিত ফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত-দিৱস হিচাপে পালন কৰা হয়। আজিৰ এই ৰচনাখনৰ জৰিয়তে আমি লাচিত বৰফুকনৰ বিষয়ে আভাস লম। 

লাচিত বৰফুকনৰ জন্মঃ

    বীৰ লাচিত বৰফুকনৰ জন্ম বিষয়ে  তথ্য সঠিককৈ পোৱা নাযায় যদিও ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে তেওঁৰ জন্ম  হৈছিল বুলি কোৱা হয়।  মোমাই তামুলী বৰবৰুৱা আছিল তেওৰ পিতৃৰ নাম । তেওঁৰ দেউতাক আহোমৰ লান-ফিমা বংশৰ আছিল। লাচিত আছিল ম'-মাইৰ সপ্তম পুত্ৰ  তেখেতৰ ভাতৃৰ নাম মবাও-লাও আৰু লাপেট-লাও, ভগ্নীৰ নাম লাইছেং। জন্মসূত্ৰে তেওঁৰ নাম আছিল লা-চিত ৷

প্ৰাৰম্ভিক শিক্ষাঃ

শিশু অৱস্থাৰ পৰাই সততা, কৰ্তব্যনিষ্ঠা, নিয়মানুৱৰ্তিতা স্পষ্টবাদিতা আদি গুণৰ অধিকাৰী লাচিত বৰফুকনে নিজৰ বাসগৃহতেই আৰম্ভ কৰিছিল প্ৰাৰম্ভিক শিক্ষা। ৰাজপৰিয়ালত জন্ম গ্ৰহণ কৰাৰ সূত্ৰেই সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই আয়ত্ত কৰিছিল লাচিত বৰফুকনে। উল্লেখ্য যে লাচিত বৰফুকনক উপযুক্ত শিক্ষাৰে দিক্ষিত কৰি তুলিবলৈ তেওঁৰ পিতৃয়ে ঘৰুৱা শিক্ষক নিয়োগ কৰি হিন্দু ধৰ্মনীতি, অৰ্থশাস্ত্ৰ আদিৰ বিষয়ত শিক্ষা প্ৰদান কৰিছিল। ইয়াৰ ওপৰিও তেওঁ পিতৃ মোমাই তামুলী বৰবৰুৱা আহোম ৰাজ্যৰ বৰবৰুৱা পদত অধিষ্ঠিত থকাৰ বাবেই সেই সময়ত আলোচিত হোৱা বিভিন্ন আলোচনা সমূহৰ পৰা লাচিত বৰফুকনে ৰাজনৈতিক, কূটনৈতিক, অৰ্থনৈতিক, সামাজিক আদি বিষয় সন্দৰ্ভত জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

লাচিত বৰফুকনৰ কৰ্মজীৱনঃ

নিজৰ অধ্যাৱসায়, সাহস তথা কষ্টৰ ফলত আহোম ৰাজ্যৰ বৰফুকন তথা প্রধান সেনাপতিৰ পদত অধিষ্ঠিত হৈছিল লাচিত বৰফুকন । গুৰুত্বপূৰ্ণ কথা যে পোন প্রথমেই আহোম ৰাজ্যৰ সেনাপতিৰ পদত অধিষ্ঠিত হোৱাৰ বিপৰীতে লাচিত বৰফুকনে সেইসময়ৰ ৰাজমন্ত্ৰী ডাঙৰীয়াৰ ‘ হাঁচতিধৰা তামুলী’ৰ পদত নিযুক্ত হৈছিল । | ব্যক্তিগত সহায়কৰ পৰ্যায়ৰ এই পদটোত | অধিষ্ঠিত হৈ প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল লাচিত বৰফুকনে । ইয়াৰ পৰৱৰ্তী সময়ত লাচিত বৰফুকন | নিযুক্ত পাইছিল ঘোঁৰাবৰুৱাৰ পদত । ঘোঁৰাবৰুৱাৰ পদত সুকলমে দায়িত্ব সম্পন্ন কৰাৰ | বাবে পৰৱৰ্তী সময়ত আহোম ৰজাই লাচিত বৰফুকনক দুলীয়া বৰুৱা পদবীত নিযুক্তি দিছিল । ইয়াৰ পৰৱৰ্তী সময়ত লাচিত বৰফুকনে নিযুক্তি লাভ কৰিছিল শিমলুগুৰিয়া খেলৰ প্ৰধান বিষয়া শিমলুগুৰিয়া ফুকনৰ পদবীত । শিমলুগুৰিয়া ফুকন হিচাপে দায়িত্ব সম্পন্ন কৰা লাচিত বৰফুকনে পৰৱৰ্তী সময়ত নিযুক্তি লাভ কৰিছিল দোলাকাষৰীয়া বৰুৱা হিচাপে । লাচিত বৰফুকন দোলাকাষৰীয়া বৰুৱা পদত অধিষ্ঠিত হৈ থাকোঁতে স্বৰ্গদেউ চক্ৰধ্বজ | সিংহই লাচিত বৰফুকনৰ দক্ষতাৰ উমান পাইছিল । যাৰ বাবে চক্ৰধ্বজ সিংহই লাচিত বৰফুকনৰ নিৰ্ভীকতা , সাহসীকতা আৰু আত্মমর্যাদাবোধৰ প্ৰমাণ চাই মৰ্যাদা অনুসৰি | আনুষ্ঠানিকভাৱে আহোম ৰাজ্যৰ প্ৰধান সেনাপতি আৰু বৰফুকন পদত নিযুক্ত কৰিলে । '


ঐতিহাসিক শৰাইঘাটৰ যুদ্ধঃ লাচিত বৰফুকন —

১৬৬৭ চনত আহোম - মোগল যুদ্ধ আৰম্ভ হয় ৷  এইবাৰো লাচিতে নিজৰ বীৰত্ব দেখুৱাই মোগল সৈন্যক মানস নদী পাৰ কৰি খেদি পঠিয়াই দিলে ৷  মোগল সম্ৰাট ঔৰংজেবে অসমীয়া সেনাৰ পৰাজয় সহ্য কৰিব নোৱাৰি নিজৰ সেনাপতি ৰামসিংহক অসম আক্ৰমণ কৰিবলৈ পঠিয়াই দিলে ৷  লাচিত বৰফুকনে বিশাল মোগল সেনাক লৈ বিচলিত নহৈ অসমীয়া জোৱানক শত্ৰুৰ সৈতে সাহসেৰে যুঁজিবলৈ আহ্বান জনাই সকলোকে নিজৰ কৰ্তব্যক অৱহেলা নকৰিবলৈ সকীয়াই দিয়ে ৷  শত্ৰুৰ বিৰুদ্ধে প্ৰতিহত কৰিবলৈ উত্তৰ গুৱাহাটীৰ আমিনগাঁৱৰ সমীপত এটা গড় নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল আৰু তাৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব তেওঁৰ এজন ককাকৰ হাতত অৰ্পণ কৰিছিল ৷

লাচিত বৰফুকন বিষয়ে ৰচনা লিখা | Essay Writing On Lachit Borphukan In Assamese | Essay on Lachit Borphukan Assamese Medium

কিন্তু গড় নিৰ্মাণৰ কামত পলম হোৱাত তেওঁ গড় নিৰ্মাণস্থলীত ককাকৰ মূৰ কাটি দিলে , ' মোৰ ককা মোৰ দেশতকৈ ডাঙৰ নহয় ' বুলি কৈ সকলোৱে তেওঁৰ উগ্ৰতাত অতিশয় ভয় খাই দুগুণ শক্তিৰে কাম কৰি সম্পূৰ্ণ কৰিলে  ৰাতিৰ ভিতৰতে দুৰ্গ গঢ়ি তোলে আৰু মোগল সেনাক প্ৰতিহত কৰিব।  ইয়াতেই ১৬৭১ চনৰ মাৰ্চ মাহৰ অন্তিমখন আহোম - মোগল যুদ্ধ বিখ্যাত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল য'ত লাচিত বৰফুকনৰ যুদ্ধ কৌশলেৰে বিশাল মোগল সৈন্যক পৰাস্ত কৰিছিল ৷  এই যুদ্ধৰ সময়ত লাচিত বৰফুকনে তীব্ৰ জ্বৰত ভুগিছিল যদিও তেওঁ নিজৰ অসুস্থতাৰ কথা পাহৰি দেশক বচাবলৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছিল আৰু দেশক বচাবলৈ অতি সাহসেৰে যুঁজিছিল ৷  শৰাইঘাট যুদ্ধৰ কিছুদিন পিছতে গুৱাহাটীত লাচিত বৰফুকনৰ মৃত্যু হয় ৷

ইহলীলা সম্বৰণঃ লাচিত বৰফুকন —

অসীম বীৰত্ব আৰু সাহস প্ৰদৰ্শন কৰি শৰাইঘাট যুদ্ধত জয়লাভ কৰা লাচিত বৰফুকনে তীৰকঁপে হোৱা জ্বৰৰ প্ৰকোপত মৃত্যুক সাৱটি লয় শৰাইঘাট যুদ্ধৰ কিছুদিনৰ পিছতেই। ১৬৭২ খ্ৰীষ্টাব্দত মৃত্যুক সাৱটি লোৱা বীৰজনক যোৰহাটৰ হোলোঙাপাৰত মৈদাম দিয়া হয়।

সামৰণিঃ

    গভীৰ দেশপ্ৰেম , বীৰত্ব , কৰ্তব্যপৰায়ণতা, আৰু দৃঢ় নেতৃত্বৰ বাবে লাচিত অসমৰ ইতিহাসত এজন অপ্ৰতিদ্বন্দ্বী নায়ক হৈয়েই আছে যেনেকৈ শিৱাজী, তেওঁৰ মহাৰাষ্ট্ৰীয় সমসাময়িক, লাচিতেও নিজৰ দেশ আৰু নিজৰ জনসাধাৰণৰ স্বাধীনতা পুনৰুদ্ধাৰ আৰু ৰক্ষা কৰাত সফল হৈছিল  মোগল সেনাৰ বিৰোধিতা পৰা ৷ এনে এজন অতুলনীয় দেশপ্ৰেমৰ বীৰত্বৰ কাহিনীয়ে প্ৰতিজন অসমীয়াৰ মনত সদায় দেশপ্ৰেমৰ ভাৱ জগাই তুলিব ৷

 

Note— লাচিত বৰফুকনৰ ওপৰত ৰচনা | Essay Writing on Lachit Barphukan in Assamese আমাৰ এই লিখনি যদি আপোনাৰ সহায়ৰ কাৰণে গ্রহণযোগ্য হৈছে তেনেহলে, আপুনি আমাৰ www.LearningPointAssam.com Website টো আপোনাৰ Friends Circle-ত Share কৰি দিব আৰু তলত Comment কৰি Feedback দিবলৈ নাপাহৰিব ধন্যবাদ ।


 

FAQs:

Q. লাচিত বৰফুকনৰ জন্ম কেতিয়া হৈছিল?

  • Ans. ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে লাচিত বৰফুকনৰ জন্ম  হৈছিল।

Q. শৰাইঘাটৰ যুদ্ধ কত, কেতিয়া আৰু কাৰ কা'ৰ মাজত হৈছিল?

  • Ans. শৰাইঘাটৰ যুদ্ধ ১৬৭১ চনত সংঘটিত হৈছিল মোগল সাম্ৰাজ্য আৰু আহোম ৰাজ্যৰ (লাচিত বৰফুকনৰ) মাজত। এই যুদ্ধ ব্ৰহ্মপুত্ৰৰ শৰাইঘাটত (বৰ্তমানৰ গুৱাহাটীত) হৈছিল।

Q. লাচিত বৰফুকনৰ পূৰ্ণ নাম কি অসমীয়া

  • Ans. অসমীয়া: লাচিত বফফুকন (24 নভেম্বর 1622 - 25 এপ্রিল 1672)।



Tags :

  •  লাচিত বৰফুকন ৰচনা লিখা
  • Essay writing on lachit borphukar in Assamese
  • Lachit Borphukan Essay in Assamese
  • লাচিত বৰফুকন বিষয়ে অসমীয়া ৰচনা
  • লাচিত বৰফুকন বিষয়ে ৰচনা 150 words
  • লাচিত বৰফুকন বিষয়ে ৰচনা 400 words
  • lachit borphukan essay assamese
  • essay on lachit barphukan in assamese
  • লাচিত বৰফুকন বিষয়ে ৰচনা assamese
  • lachit borphukan essay
Tags