Follow Us:

সৃজনীমূলক সাহিত্যঃ সৃজনীমূলক সাহিত্য ৰচনাৰ প্ৰয়োজনীতা যোগ্যতা BA 4th Sem Assamese Questions Answer | Gauhati University BA 4th Sem Assamese Model Questions Answer

LearningPointAssam.com

সৃজনীমূলক সাহিত্যঃ সৃজনীমূলক সাহিত্য ৰচনাৰ প্ৰয়োজনীতা যোগ্যতা | Gauhati University BA 4th Sem Assamese Model Questions Answer | GU BA 4th Sem Assamese Model Solution | ba 4th sem assamese question paper | BA 4th Sem Assamese Question Answer General | ba 4th sem assamese book pdf | Gauhati University BA 4th Sem Assamese Questions Answer

Assamese Notes & Guide Available here সৃজনীমূলক সাহিত্য ASM-SE-4014 সৃজনীমূলক সাহিত্য ৰচনাৰ প্ৰয়োজনীতা যোগ্যতা Model Solution to each Unit are provided in the list of UG - CBCS Syllabus. We design all notes according to Guwahati University so that you can easily browse through সৃজনীমূলক সাহিত্য ৰচনাৰ প্ৰয়োজনীতা যোগ্যতা BA 4th Sem Assamese Question Answer and University Guides and Notes here. ASM-SE-4014 — সৃজনীমূলক সাহিত্যঃ সৃজনীমূলক সাহিত্য ৰচনাৰ প্ৰয়োজনীতা যোগ্যতা Model Question Answer Can be very useful to excel in examinations.

BA 4th Sem Assamese Question Answer

BA Assamese ASM-SE-4014 — সৃজনীমূলক সাহিত্যঃ সৃজনীমূলক সাহিত্য ৰচনাৰ প্ৰয়োজনীতা যোগ্যতা BA 4th Sem Assamese Model  Notes covers all the practice questions of Guwahati University syllabus. সৃজনীমূলক সাহিত্য ৰচনাৰ প্ৰয়োজনীতা যোগ্যতা BA 4th Sem Assamese Question Answer is given here which ensures smooth and easy understanding of all the concepts.  Understand the concepts behind each unit and score well in board exams.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 1 

সৃজনীমূলক সাহিত্য ৰচনাৰ প্ৰয়োজনীতা যোগ্যতা — ALL Important Question & Answers

GU BA 4th Sem Assamese ASM-SE-4014 Questions & Answer :


CONTENTS 

সৃজনীমূলক সাহিত্য ৰচনাৰ প্ৰয়োজনীতা যোগ্যতা
Model Question and Answer key






প্ৰশ্নাৱলীঃ

সৃজনীমূলক সাহিত্যঃ সৃজনীমূলক সাহিত্য ৰচনাৰ প্ৰয়োজনীতা যোগ্যতা BA 4th Sem Assamese  Short Question Answer 

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 1/2


Q. 1 | সৃষ্টিকৰ্মৰ সৈতে জড়িত হৈ থকা কাৰ্য দুটা কি কি ?

উওৰঃ  স্মৃতি আৰু মনোযোগ ।

Q. 2.| সাহিত্যৰ প্ৰাণ কি ?

উওৰঃ ৰচনা ।

Q. 3 | কল্পনা কি অৱস্থাৰ স্বৰূপ ?

উওৰঃ কল্পনা মানৱ মনৰ এক গুৰুত্বপূৰ্ণ অৱস্থাৰ স্বৰূপ ।

Q. 4 | 'সকলেই কৰি নয় , কেউ কেউ কবি'— কথাষাৰ কোনে কৈছিল ?

উওৰঃ জীবনানন্দ দাশে ।

Q. 5 | হার্ডছনে কবিতা সম্পর্কে কৈছে ? 

উওৰঃ হাৰ্ডছনে কৈছে কবিতা হ'ল এবিধ বিশেষধৰণৰ আৰ্ট। যেতিয়া কল্পনা আৰু অনুভূতিৰ  কাব্য়িক ক্ৰিয়া এক  বিশিষ্ট প্ৰকাশভঙ্গিযুক্ত হৈ পৰে, তেতিয়া কবিতাৰ উৎপত্তি হয় বুলি কৈছে ।

Q. 6 | ৰোমাণ্টিক সাহিত্যৰ মূল উপাদান কি?

উওৰঃ ৰোমান্টিক সাহিত্য়ৰ মূল উপাদান হ'ল - কল্পনা ।

Q. 7 | কল্পনা অবিহনে ৰোমাণ্টিক কবিতা সম্ভনে?

উওৰঃ কল্পনা অবিহনে ৰোমান্টিক কবিতা অসম্ভৱ ।

Q. 8 | সৃজনীমূলক কৰ্মৰ ক্ষেত্ৰত কেইটা স্তৰ সন্নিৱিষ্ট হৈ আছে।

উওৰঃ সৃজনীমূলক  কৰ্মৰ ক্ষেত্ৰত  ৪ টা স্তৰ সন্নিবিষ্ট কৰা হৈছে ।

Q. 9 | গিলফোর্ডৰ সৃজনশীলতাৰ সংজ্ঞাটো লিখা।

উওৰঃ গিলফোৰ্ডে লিখিছে  "অপসাৰী চিন্তনৰ যোগে কোনো নতুন আৰু উপযোগিতামূলক এই দুই প্ৰকাৰৰ ধাৰণাৰ সৃষ্টি কৰাৰ ক্ষমতাকে সৃজনশীলতা বুলি কোৱা হয় ।



সৃজনীমূলক সাহিত্যঃ সৃজনীমূলক সাহিত্য ৰচনাৰ প্ৰয়োজনীতা যোগ্যতা BA 4th Sem Assamese  Question Answer

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 5

Q. 1 | সৃজনশীল আৰু গ্ৰহণাত্মক কল্পনা কি লিখা।

উওৰঃ মানৱ সমাজৰ ব্য়ক্তিসকলে যেতিয়া নিজৰ মনৰ পৰা ভাৱৰ উপাদান গ্ৰহণ কৰি নতুন কোনো মানসিক চিত্ৰ সৃষ্টিৰ কল্পনা কৰে তেতিয়া সেই কল্পনা সৃজনশীল হয় । এই সৃজনশীল কল্পনাৰ জৰিয়তে সাহিত্য়িক সকলে গল্প, কবিতা, নাটক, উপন্য়াস আদি লিখে । তাৰ উপৰি চিত্ৰ শিল্পীসকল, ভাস্কৰ্য শিল্পীসকলে নিজৰ নিজৰ মানস পটৰ জৰিয়তে নতুন চিত্ৰ আৰু ভাস্কৰ্য তৈয়াৰ বা নিৰ্মাণ কৰে । এনেবোৰ সৃষ্টিৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ ইচ্ছানুযায়ী মানস পটৰ চিত্ৰবোৰ আয়ত্বধীন কৰে আৰু নিজস্ব মৌলিকতাৰ ভেটিত নতুন কিবা সৃজন কৰে । সাহিত্য় বা অন্য় বিষয়ৰ সৃজনশীল কল্পনাই মানৱ জ্ঞানৰ ভঁৰালক অতি চহকী কৰি তুলিব পাৰে ।

          গ্ৰহণাত্মক কল্পনাত ব্য়ক্তিসকলে নিজৰ মনৰ পৰা কল্পনাৰ কোনো ধৰণৰ উপাদান আহৰণ নকৰি গল্প, কবিতা, নাটক, উপন্য়াস, পৰিৱেশ, ইতিহাস আদিৰ পৰা কল্পনাৰ উপাদান সংগ্ৰহ কৰা দেখা যায় । গ্ৰহণাক্ষম কল্পনা কৰা ব্য়ক্তিসকলে কল্পনাত নতুন একো সৃষ্টি নকৰি আন লেখক ব্য়ক্তিয়ে সৃষ্টি  কৰা ব্য়ক্তিসকলে কল্পনাত নতুন একো সৃষ্টি নকৰি আন লেখক ব্য়ক্তিয়ে সৃষ্টি কৰা মানস ছবিক মনে মনে বা অন্তৰৰ দৃষ্টিৰে গ্ৰহণ কৰে । এনেদৰে গ্ৰহণ কৰা কাৰ্যই অধিকাংশ মানুহক দৈনন্দিন জীৱনত বেছি মানসিক আনন্দ দিয়ে । 

Q. 2 | সৃজনশীলতাৰ বৈশিষ্ট্য লিখা।

উওৰঃ সৃজনশীলতাৰ বৈশিষ্ট্য - 

  • (১) বিশ্বজনীন (Universal) : সৃজনশীলতা এক বিশ্বজনীন ক্রিয়া। সমগ্ৰ বিশ্বৰ সকলো ব্যক্তিৰে কম-বেছি পৰিমাণে সৃজনশীল দক্ষতা আছে। কোনো বিশেষ ব্যক্তি বা ব্যক্তিসমষ্টিৰে ই একচেতিয়া গুণ নহয়। জাতি, বর্ণ, ধর্ম, লিংগ নির্বিশেষে সকলো ব্যক্তিৰে এই দক্ষতা আছে।
  • (২) প্রাকৃতিক সামর্থ (Natural Endowment) : সৃজনশীলতা প্রাকৃতিক সামর্থ যদিও শিক্ষাআৰু প্ৰশিক্ষণৰ জৰিয়তে বিকশাই তুলিব পাৰি। শিক্ষাই ব্যক্তিৰ সৃজনশীলতাক চিনাক্ত কৰি তাৰ পোষণ আৰু উৎকৰ্ষ সাধন কৰি তুলিব পাৰে। ইয়াৰ অভাৱত সি অভিব্যক্ত হৈ উঠিব নোৱাৰিলে মানৱীয় গুণৰ অপচয় হোৱা দেখা যায়।
  • (৩) নতুনত্ব সৃষ্টিকাৰী (Produce new or Novel) : সৃজনশীল কর্মৰদ্বাৰা কিবা এটা নতুন সৃষ্টি কৰিব পাৰি। কিন্তু নতুনত্বই সম্পূর্ণ নতুন কিবা এটা বস্তু বা ধাৰণাৰ সৃষ্টি কৰাকে নুবুজায়। ইতিমধ্যে সৃষ্টি হোৱা বা উৎপাদিত হোৱা কোনো এক বস্তু বা ধাৰণাৰ ক্ষেত্ৰত নতুন উপাদান সন্নিৱিষ্ট কৰাকো সৃজনশীল কর্ম বুলিব পাৰি।
  • (8) আনন্দৰ উৎস (Source of Joy) : যিকোনো সৃজনশীল সৃষ্টিয়ে সৃষ্টিকৰ্তাৰ বাবে আনন্দ আৰু সফলতাৰ উৎস। সৃষ্টিকৰ্তাই নিজৰ দিশেৰে কোনো এক বস্তু দেখে বা অনুভৱ কৰে। সেই অনুভৱে সৃষ্টিকৰ্তাক সফলতাৰে কিবা এটা উৎপাদন কৰাত সহায় কৰে আৰু সৃষ্টিৰ আনন্দ প্রদান কৰে।

Q. 3 | সৃজনশীল কাৰ্যৰ চাৰিটা স্তৰ কি কি?

উওৰঃ 


চমুটোকা লিখা : Mark — 5

  • ১। সচেষ্টা আৰু নিচেষ্টা কল্পনা।
  • ২। বৌদ্ধিক, সৌন্দৰ্যবোধক আৰু ব্যৱহাৰিক কল্পনা।
  • ৩। অস্বাভাৱিক কল্পনা।
  • ৪। অমূল প্রত্যক্ষ কল্পনা 
  • ৫। বিশ্বাসযুক্ত আৰু বিশ্বাসহীন কল্পনা
  • ৬। প্রস্তুতি
  • ৭ | প্ৰেৰণা 
  • ৮ | চিন্তন ক্ষমতা 
  • ৯ |  পঠন অভ্যাস আৰু পঠন অতিজ্ঞতা 
  • ১০| লিখন কৌশল আৰু লেখাৰ গাঁথনি 



কল্পনাৰ সংজ্ঞা আৰু পৰিসৰঃ BA 4th Sem Assamese Board Question Answer 

তলৰ প্ৰশ্নসমূহৰ ৰচনাধৰ্মী উত্তৰ দিয়াঃ Mark — 10

Q. 1 | সৃজনীশীল সাহিত্য ৰচনাৰ বাবে লেখকে প্রয়োজনীয় যোগ্যতা আহৰণ কৰিবলৈ কি কি কৰিব লাগে ?

উওৰঃ  সৃজনীশীল সাহিত্য ৰচনা বাবে লেখকে প্রয়োজনীয় যোগ্যতা আহৰণ কৰিবলৈ হ'লে নিৰন্তৰ সাধনা অব্যাহত ৰাখিব লাগে । প্রকৃততে সাহিত্য হ'ল এক নিৰন্তৰ সাধনাৰ সাৰ্থক পৰিণতি । সৃজনীমূলক সাহিত্য এক ধৰণৰ ৰুকলা । বহল অর্থত , সৃজনীমূলক সাহিত্য এক ধৰণৰ শিল্প । এই শিল্প চৰ্চাৰ আৰৰ অভিপ্রায় হ'ল অনুশীলন । এই অনুশীলন হৈছে পঢ়ুৱৈৰ সৈতে সংযোগৰ অনুশীলন । ব্যাপক অৰ্থত ই জীৱন আৰু জগতক বুজাৰ অনুশীলন । জীৱা আৰু জগতৰ অন্বেষণৰ মাজেৰে আত্ম - অন্বেষণৰ পথ পশস্ত হৈ উঠে । নিজৰ ভিতৰতে তিলতিলকৈ উন্মোচিত হৈ উঠে অভ্যন্তবৰ লেখক বা মানুহজন । সৃষ্টিশীল সাহিত্যিক সকলে জাগতিক প্রকৃতিৰ মাজত বসবাস কবিও সাধনাৰ মাজেদি ‘ অনাদি অনন্ত বিশ্বৰ জীৱনজ্যোতিৰ সন্ধান কৰে আৰু সৰ্বসাধাৰণৰ দৃষ্টিগোচৰ নোহোৱা কিবা এক গভীৰ তত্বলোকত প্রবেশ কৰি নতুন চিন্তা , তথ্য আৰু তত্ত্বেৰে পাঠকৰ সম্মোহিত কৰে । সেইকাৰণেই সৃষ্টিশীল লেখকসকল অপৰিসীম কল্পনাৰ অধিকারী হয় । তেওঁলোকে ভাৱনাৰ জগতত বসবাস কৰি ভাৱনাৰ সাগৰৰ পৰা মণি মুকুতাৰ সন্ধান কৰে আৰু তাৰ যোগেদি সাহিত্যিক সৌন্দর্যময়ী ৰূপত প্রকাশ কৰে ।


Q. 2 | “ নতুন সৃষ্টি প্রয়াসীসকলৰ কাৰণে পুনৰলেখন এক অতি গুৰুত্বপূৰ্ণ চৰ্ত ।" কথাষাৰ বহলাই আলোচনা কৰা ।

উওৰঃ নতুন সৃষ্টি প্রয়াসীসকলৰ কাৰণে পুনৰলেখন এক অতি গুৰুত্বপূর্ণ চৰ্ত । অর্থাৎ ঘহোঁতে ঘহোঁতে শিলো ক্ষয় যোৱাৰ দৰেই ” একেখিনি বস্তুকে কেইবাবাৰো লিখি , পুনৰলেখাৰ জৰিয়তে শুধৰাই পৰিপাটি কৰি তুলিব পাৰি । নিজৰ লেখাটো নিজেই সমালোচকৰ দৃষ্টিৰে চাই তাত থকা অপূর্ণতাবোৰক পূর্ণতা প্ৰদান কৰিলে নিশ্চিতভাবেই সৃষ্টিশীল ৰচনাই পাঠকৰ হৃদয়ত আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব । মুঠ কথা হ’ল সৃষ্টিশীল আবেগ - অনুভূতিক উপযুক্ত কল্পনাৰ মাধ্যমেৰে পৰিশীলিত বৰূপ প্ৰদান কৰা আৰু তাক পৰিপূৰ্ণ কলালৈ পৰিৱৰ্তিত কৰা । যেতিয়াই এনেকুৱা সৃষ্টিয়ে মনত সন্তুষ্টি প্ৰদান কৰিব , তেতিয়াই তাক পাঠকৰ হাতত তুলি দিবৰ কাৰণে প্ৰয়াস কৰিব পাৰি ।

Q. 3 | সৃষ্টিশীল সাহিত্যত অনুকৰণৰ স্থান সন্দৰ্ভত আলোচনা কৰা । 

উওৰঃ অনুকৰণ হৈছে সৃষ্টিশীল প্ৰক্ৰিয়াৰ এটা অন্যতম কৌশল । অনুকৰণে নতুন লেখকৰ ভাব , শৈলী , আংগিক আদিৰ প্ৰতি সজাগ কৰি তোলে । উপযুক্ত অনুকৰণে মানুহক সফলতাৰ নিশলৈ অগ্ৰসৰ হোৱাত সহায় কৰে । কৈশোল আৰু যৌৱনৰ কোনো এছোৱা সময়ত সাহিত্যৰ প্রতি অনুৰাগ সৃষ্টি হয় । এনে দিনবোৰত একধৰণৰ বিচাৰ ক্ষমতা গড় লৈ উঠাৰ পিছত অনেকৰেই সাহিত্যৰ মাজেৰে নিজস্ব বক্তব্য প্রকাশ কৰিবলৈ মন যায় । পঠন আৰু চিস্তনৰ এই সময়ছোৱাত কঠোৰ অনুশীলনৰ আৱশ্যক হয় । কোনো কোনো লেখক এই সময়তে সমকালীন লেখকতকৈ সন্দেহাতীত ভাবে পৃথক হয় । এনে ভালেমান লেখকৰ লেখনশৈলী প্রায় অনুকরণীয় । নাটকৰ অভিনয়ৰ ক্ষেত্ৰত কেনেদৰে এজন ডেকা ল'ৰাই এজন বৃদ্ধৰ চৰিত্ৰত সম্পূর্ণ অনুকৰণৰ যোগেদি সফল অভিনয় কৰিব পাৰে । ঠিক তেনেদৰে পূৰ্বৱর্তী সার্থক স্ত্রষ্টাৰ ধৰণ - কৰণ , আংগিক আৰু বিষয়বস্তুক অনুসৰণ কৰি সৃষ্টিশীল লেখকসকলে তেওঁলোকৰ সৃষ্টিকৰ্মক শক্তিশালী কৰি তুলিব পাৰে ।

Q. 4 | সৃজনীমূলক সাহিত্য ৰচনাৰ প্ৰয়োজনীয় যোগ্যতাৰ বিষয়ে আলোচনা কৰা।

উওৰঃ সৃজনশীলতা ঃ সৃজনশীলতা হ'ল নতুন কিবা এটা বিষয়ৰ উদ্ভাৱন কৰা এক প্ৰক্ৰিয়া । বিজ্ঞানী সকল উদ্ভাৱন কৰা বিভিন্ন বিষয়ৰ সূত্ৰ বা বিভিন্ন পদাৰ্থ, চিকিৎসা বিজ্ঞানীসকলে ঔষধৰ উদ্ভাৱন প্ৰক্ৰিয়া, সাহিত্যিকসকলে গল্প, কবিতা, নাটক, উপন্য়াস আদি ৰচনা কৰোতে সৃজনশীল ক্ষমতা; গৃহিণীয়ে, ঘৰ- দুৱাৰ নতুনকৈ সজোৱা আদিবোৰ সৃজনশীলতা । উল্লেখিত সৃজনশীল বিষয়সমূহৰ মাজত গুণগত পাৰ্থক্য় থাকে । বিজ্ঞান বিষয় সৃজনশীলতা অথবা গৃহ সজোৱাৰ মাজত সৃজনশীলতাৰ পাৰ্থক্য় থকাটো তেনেই স্বাভাৱিক । কাৰণ সাহিত্য়ত সৃজনশীলতাৰ ক্ষেত্ৰত কল্পনাই বেছি প্ৰাধন্য লাভ কৰে; ইয়াৰ বাস্তৱতা থাকে যদিও যুক্তিযুক্ততা কম থাকে । পৃথিৱীৰ বুকুত বিভিন্ন সময়ত অনেক প্ৰতিভাৱান ব্য়ক্তিয়ে সাহিত্য়, বিজ্ঞান, সাহিত্য়, সংগীত, সুকুমাৰ ক'লা আদিৰ ক্ষেত্ৰত সৃজনশীল কাম কৰি বিশেষ আসন লাভ কৰিবলৈ সক্ষম হৈছে । এই সৃজনশীল ব্য়ক্তিৰ বা লেখকসকলৰ জীৱনদৰ্শন অধ্য়য়ন কৰিলে দেখা যায় তেওঁলোক গভীৰ কল্পনাময় চিন্তাশীল গুণৰ অধিকাৰী । আচলতে সৃজনশীলতা চিন্তনৰ বিশেষ এতা প্ৰকাৰ ।   

Q. 5 | সৃজনশীলতাৰ সংজ্ঞা নিৰূপণ কৰিবৰ যত্ন কৰা।

উওৰঃ 

Q. 6 | সৃজনশীল কাৰ্য আৰু কৰ্মৰ বিষয়ে লিখা।

উওৰঃ 

Q. 7 | সৃজনশীলতাৰ বৈশিষ্ট্যবোৰ বৰ্ণনা কৰা |

উওৰঃ 




Tags :

  • সৃজনীমূলক সাহিত্যঃ সৃজনীমূলক সাহিত্য ৰচনাৰ প্ৰয়োজনীতা যোগ্যতা
  • Gauhati University BA 4th Sem Assamese Model Questions Answer
  • GU BA 4th Sem Assamese Model Solution
  • ba 4th sem assamese question paper
  • BA 4th Sem Assamese Question Answer General
  • ba 4th sem assamese book pdf
  • Gauhati University BA 4th Sem Assamese Questions Answer
  • BA 4th Sem Assamese Question Answer