Follow Us:

ৰাম গগৈৰ পথাৰ কবিতাঃ BA 4th Sem Assamese Question Answer Regular Course | Gauhati University BA 4th Sem Assamese Model Questions Answer

LearningPointAssam.com

ৰাম গগৈৰ পথাৰ কবিতা BA 4th Sem Assamese Question Answer Regular Course | Gauhati University BA 4th Sem Assamese Model Questions Answer | GU BA 4th Sem Assamese Model Solution | ba 4th sem assamese question paper | BA 4th Sem Assamese Question Answer | ba 4th sem assamese book pdf

Assamese Notes & Guide to each Unit are provided in the list of UG - CBCS Syllabus. আধুনিক অসমীয়া সাহিত্যঃ পথাৰ We design all notes according to Guwahati University so that you can easily browse through আধুনিক অসমীয়া সাহিত্যঃ পথাৰ BA 4th Sem Assamese Question Answer and University Guides and Notes here.

BA 4th Sem Assamese Question Answer

BA Assamese Guide covers all the practice questions of Guwahati University syllabus. (আধুনিক অসমীয়া সাহিত্য) ৰাম গগৈঃ পথাৰ BA 4th Sem Assamese Question Answer is given here which ensures smooth and easy understanding of all the concepts.  Understand the concepts behind each unit and score well in board exams.

Read this page for latest information about GU TDC 4th Sem Assamese Notes 2023.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 1 

পথাৰঃ  ৰাম গগৈ  — ALL Important Question & Answers

GU BA 4th Sem Assamese ASM-CC-4016 Questions & Answer :


CONTENTS 

পথাৰঃ  ৰাম গগৈ
Model Question and Answer key






প্ৰশ্নাৱলীঃ

ৰাম গগৈঃ পথাৰ BA 4th Sem Assamese Very Short Question Answer

তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়াঃ Mark — 1

Q. 1 | ৰাম গগৈ কোনখন আলোচনীৰ জৰিয়তে সাহিত্যিক হিচাপে আত্মপ্রকাশ কৰে ?

উত্তৰঃ ৰামধেনুৰ জৰিয়তে ।

Q. 2 | ৰাম গগৈ অসমীয়া কাব্য সাহিত্যৰ কোনটো ধাৰাৰ কবি ? 

উত্তৰঃ  প্রগতিশীল ধাৰাৰ ।

Q. 3 | ৰাম গগৈৰ গল্প পুথিখনৰ নাম লিখা ।

উত্তৰঃ   কেঞাবন ।

Q. 4 | ভাৰতীয় বিপ্লৱী কমিউনিষ্ট দলৰ মুখপত্ৰখনৰ নাম কি ?

উত্তৰঃ  সমাজতন্ত্র । 

Q.  5 | ৰাম গগৈক কি কবি হিচাপে জনা যায় ?

উত্তৰঃ   জনতাৰ কবি । 

Q. 6 | ‘ নৱযুগ ’ আলোচনীখনৰ সম্পাদক কোন আছিল ?

উত্তৰঃ   ড ° বীৰেন্দ্ৰ কুমাৰ ভট্টাচর্য ।

Q. 7 | সদৌ অসম কবি সন্মিলন’ৰ প্ৰতিষ্ঠাপক সভাপতিজনৰ নাম কি ?

উত্তৰঃ  ৰাম গগৈ ।

Q. 8 | বিশল্যকৰণী ' কোন শ্রেণীৰ সাহিত্য ?

উত্তৰঃ  উপন্যাস শ্ৰেণীৰ ।

Q. 9 | ৰাম গগৈৰ কবিতাৰ প্ৰধান বিষয়বস্তু কি ?

উত্তৰঃ  ৰাম গগৈৰ কবিতাৰ প্ৰধান বিষয়বস্তু হ'ল মানুহ ।

Q. 10 | ৰাম গগৈৰ কবিতাবোৰৰ ভিতৰত শ্রেষ্ঠ কবিতাটিৰ নাম কি ?

উত্তৰঃ  মই পৃথিৱীৰ কবি ।



ৰাম গগৈঃ পথাৰ BA 4th Sem Assamese Short Question Answer

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 2

Q. 1 | ৰাম গগৈ কোন যুগৰ কবি ? অসমীয়া সাহিত্যত তেওঁক কি কবি ৰূপে জনা যায় ?

উত্তৰঃ ৰামধেনু যুগৰ । অসমীয়া সাহিত্যত তেওঁক জনতাৰ কবি ৰূপে জনা যায় ।

Q. 2 | ৰাম গগৈৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা ।


উত্তৰঃ 

  • ( i ) সমাজৰ নিম্নশ্রেণীৰ মানুহৰ আৱেগ - অনুভূতি ৰাম গগৈৰ কবিতাত দেখা যায় ।
  • ( ii ) পৰিৱৰ্তনকামী চিন্তা ৰাম গগৈৰ কবিতাৰ বৈশিষ্ট্য ।


Q. 3 | ৰাম গগৈৰ কবিতা পুথি কেইখনৰ নাম লিখা ।

উত্তৰঃ

  • ( i ) মাটিৰ স্বপ্ন ( ১৯৬৩ )
  • ( ii ) হে পৃথিৱী অন্তৰতমা ( ১৯৮৫ )
  • (iii)  কোমল গান্ধাৰ ( ১৯৯৪ ) ।

Q. 4 |ৰাম গগৈৰ উপন্যাস কেইখনৰ নাম লিখা ।

উত্তৰঃ

  • (i) স্বপ্ন হৃদয় নদী , 
  • (ii) সমুদ্ৰ সুদূৰ , আৰু
  • (iii) বিশল্যকৰণী ।

Q. 5 | ৰাম গগৈ কিমান চনত , কোনটো ৰাজনৈতিক দলৰ সদস্য হৈছিল ?

উত্তৰঃ ৰাম গগৈ ১৯৬৬-৬৭ চনত , ভাৰতীয় বিপ্লৱী কমিউনিষ্ট দলৰ ৰাজ্যিক পৰ্যায়ৰ সদস্য হৈছিল ।

Q.  6 | 'নৱযুগ ’ আলোচনীখন কিমান চনত, কাৰ সম্পাদনাত প্ৰকাশ পাইছিল ?

উত্তৰঃ 'নৱযুগ ’ আলোচনীখন ১৯৬২ চনত , ড ° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত প্ৰকাশ পাইছিল ।

Q. 7 | ৰাম গগৈয়ে নিজকে কিহৰ কবি বুলি অভিহিত কৰিছিল ?

উত্তৰঃ ‘মই মানুহৰ কবি’ আৰু ‘মই পৃথিৱীৰ অমৰ সন্তান’ ।



ৰাম গগৈঃ পথাৰ BA 4th Sem Assamese Question Answer

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 5


Q. 1 | কবি ৰাম গগৈৰ সাহিত্য কৃতি আৰু জীৱন সম্পৰ্কে এটি টোকা লিখা ।

উত্তৰঃ কবি ৰাম গগৈ ৰাজনৈতিক আৰু সামাজিক জীৱনত সংপৃক্ত আছিল । তেওঁ মার্ক্সবাদী ধ্যান - ধাৰণাৰে সংগঠকৰ ভূমিকা পালন কৰিছিল । ১৯৬২ চনত নাহকটীয়াৰ জয়পুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্রতিদ্বন্দ্বিতা কৰিছিল যদিও তেওঁ পৰাজয় বৰণ কৰে । পিছত ১৯৬৬-৬৭ চনত ভাৰতীয় বিপ্লৱী কমিউনিষ্ট দলৰ ৰাজ্যিক পৰ্যায়ৰ সদস্য হৈ উক্ত দলৰ মুখপাত্ৰ ' সমাজতন্ত্র ' সম্পাদনা কৰিছিল । কবি ৰাম গগৈ অসম সাহিত্য সভাৰ বিভিন্ন অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল । তেওঁ ১৯৮৫ চনত অসম সাহিত্য সভাৰ বিহপুৰীয়া অধিৱেশনৰ কবি সন্মিলনৰ সভাপতি , ১৯৮৬-৮৭ চনত নাহৰকটীয়া শাখা সাহিত্য সভাৰ সভাপতি , ১৯৮৭-৮৮ চনত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি , ১৯৯০-৯১ চনৰ অসম সাহিত্য সভাৰ উপ - সভাপতি আদি বিভিন্ন বিষয়বাৰ সুচাৰুৰূপে পালন কৰিছিল । ৰাম গগৈক অসমীয়া কাব্য জগতত জনতাৰ কবি বা জনচেতনাৰ কবিৰূপে জনা যায় । তেওঁ একধাৰে কবি , ঔপন্যাসিক তথা গল্পকাৰ । তেওঁৰ কণ্ঠ অতি সুৰীয়া আছিল । গগৈদেৱে ৰচনা কৰা কাব্য সংকলনসমূহ হ'ল— মাটিৰ স্বপ্ন ( ১৯৬৩ ) , হে পৃথিৱী অন্তৰ্তমা ( ১৯৮৫ ) , কোমল গান্ধাৰ ( ১৯৯৪ ) । তেওঁৰ উপন্যাসৰাজি হ’ল— স্বপ্ন হৃদয় নদী , সমুদ্ৰ সুদূৰ , বিশল্যকৰণী । গগৈৰ একমাত্ৰ গল্প পুথিখন হ’ল কেঞাবন । - ১৯৫৬ চনত ৰাম গগৈয়ে নিৰলা চাংমাইৰ সৈতে বিবাহপাশত আবদ্ধ হয় । তেওঁলোকৰ পাঁচজন পুত্ৰ আৰু সাতগৰাকী কন্যা সন্তান আছিল । এইগৰাকী সাহিত্যিকে প্রথমাৱস্থাত অস্থায়ীভাৱে শিক্ষকতা কৰিছিল যদিও পাছলৈ চাচনীৰ গেথু পথাৰ মধ্য ইংৰাজী বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে চাকৰি কৰি ১৯৯২ চনত অৱসৰ গ্ৰহণ কৰিছিল । জন্মগতভাৱে কবি সত্তা থকা গগৈদেৱে টিংখা হাইস্কুলত সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতেই বিদ্যালয়ৰ হাতেলিখা আলোচনী ' প্রণতি’ত তেওঁৰ কাব্য প্রতিভাৰ স্বাক্ষৰ বহন কৰিছিল । তেওঁ ৰামধেনু যুগৰ এগৰাকী বিশিষ্ট কবি , মার্ক্সবাদী আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ কাব্য চৰ্চা কৰিছিল । ১৯৫২ চনত ৰামধেনুৰ পাতত মাটিৰ স্বপ্ন , হে পৃথিৱী অন্তৰতমা , পথাৰ আদি কবিতাৰ জৰিয়তে কবি হিচাপে আত্মপ্রতিষ্ঠা লাভ কৰে । ১৯৬২ চনত ড ° বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত প্ৰকাশ পোৱা সাদিনীয়া নৱযুগ আলোচনীত তেওঁৰ ভালেকেইটা কবিতা প্রকাশিত হৈছিল ।


Q.  2 | কবি ৰাম গগৈৰ কবিতাৰ বৈশিষ্ট্য সম্পর্কে এটি টোকা লিখা ।


উত্তৰঃ ৰাম গগৈ প্ৰগতিবাদী তথা জনচেতনাৰ কবি । তেওঁৰ কবিতাত এক স্বকীয় বৈশিষ্ট্য দেখা যায় । সমাজৰ নিম্নশ্রেণীৰ মানুহৰ আৱেগ - অনুভূতিৰ প্ৰতি সহানুভূতিশীল কবিগৰাকীৰ কবিতাত পৰিৱৰ্তনকামী কবি মনৰ আকৃতি এটা শুনিবলৈ পোৱা যায় । মার্ক্সীয় আদৰ্শৰ ধ্যান ধাৰা তেওঁৰ কবিতাৰ মাজত দেখা যায় । মার্ক্সীয় ধাৰণাৰ নানান কৌশল ; শোষণ - বৈষম্য অন্যায় অবিচাৰৰ বিৰুদ্ধে হৃদয়ৰ গভীৰ ক্ষোভ আৰু প্ৰতিবাদ সাব্যস্ত হৈছে তেওঁৰ কবিতাৰ মাজত । গগৈৰ কবিতাবোৰ তেওঁৰ প্ৰেম আৰু সংঘাতে শিহৰণেৰে ৰচিত হোৱা যেন অনুভৱ হয় । সময়ে সময়ে পুনৰাবৃত্তি আৰু সামান্য শব্দ বাহুল্যত অৰ্থত্ব কমি যোৱা চকুত পৰে যদিও গগৈৰ মাটিৰ স্বপ্নৰ নিচিনা কবিতাত বুনিয়াদী আৱেগৰ বলিষ্ঠ প্ৰকাশ হৈছে । বস্তুবাদী চিন্তাত জীপ লোৱা ঐহ্যিক জীৱনবোধ আৰু মুকলি মনৰ অনুভূতি তেওঁৰ কবিতাৰ সাৰ । ৰাম গগৈ প্ৰতিবাদী কবি । তেওঁৰ কবিতাত বিপ্লৱৰ আহ্বান আছে ‘ সৰু মানুহলৈ ’ সহানুভূতি আৰু নতুন দিনৰ বাবে সবল আশা । নতুন কবিতাৰ প্ৰতীকী ভাৰক্ৰান্ত ব্যঞ্জনাময় কবিতাবোৰৰ মাজত গগৈৰ কবিতা পৌৰুষৰ দীপ্তিৰে সুঠাম আৰু সুন্দৰ । গগৈৰ কবিতাত সমাজৰ কল্যাণকামী এক শুভ চিন্তাৰ স্বাক্ষৰ স্পষ্ট । সমসাময়িক আন কবিৰ কবিতাতকৈ তেওঁৰ কবিতাত অধিক সংবেদনশীল মনৰ পৰিচয় পোৱা যায় ।


ব্যাখ্যা কৰা Mark — 5

Q. 1 | ‘ তোমাৰো স্বীকৃতি আছে , তুমি কোনোবা আদিতম প্রভাতৰ মানুহৰ ইতিহাস

আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা নিৰ্ণয় সূত্র

মৃতস্নান কৃষকৰ সাধনা কঠোৰ ; ’ 

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰাম গগৈ ৰচিত ‘ পথাৰ ’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ।

        কবিয়ে কৃষকৰ মনৰ মজিয়াত পুহি ৰখা হেঁপাহবোৰ প্ৰকাশ কৰাৰ বাবে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে ।

শ্রমজীৱী কৃষকৰ কপালৰ ঘাম লাগি সেউজীয়া হোৱা পথাৰ মানুহৰ মানুহৰ জীৱনস্পৃহাৰ এক নিদর্শন । পথাৰৰ মাজতে আছে শ্রমজীৱী জনতাৰ কৰিবৰ বাবে কৃষকৰ মনৰ মজিয়াত পুহি ৰখা সপোনবোৰ জাগ্ৰত হৈছে । পথাৰৰ সৈতে মানুহৰ আদিম ইতিহাস জড়িত । ই আদিম মানুহৰ সংগ্ৰামৰ ইতিহাস ।



ৰাম গগৈঃ পথাৰ BA 4th Sem Assamese Question Answer

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 10

Q. 1 | ‘ পথাৰ ' কবিতাটোৰ অন্তর্নিহিত বিষয়বস্তু সম্পর্কে এটি আলোচনা আগবঢ়োৱা ।

উত্তৰঃ ৰাম গগৈ অসমীয়া সাহিত্যৰ এটি উল্লেখযোগ্য নাম ৷ তেওঁৰ ‘ পথাৰ ’ এটি উল্লেখনীয় কবিতা । কবিতাটিৰ মাজত কবিয়ে প্ৰকৃতিৰ উৰ্বৰতাৰ বন্দনাৰ লগতে মানুহৰ সংগ্ৰামী অভিযানৰ প্ৰতিৰোধ আৰু সৃষ্টি ক্ষমতাৰ ছবি এখন আঁকিবৰ যত্ন কৰিছে ।

         কবিয়ে কবিতাটিৰ মাজত শ্রমজীৱী মানুহৰ প্ৰতি গভীৰ আস্থাৰ ভাৱ এটা ফুটাই তুলিছে । পথাৰৰ সৈতে মানুহৰ আদিম ইতিহাস জড়িত । ই শ্রমজীৱী কৃষকৰ কঠোৰ সাধনাৰ ক্ষেত্র । শ্রমজীৱী কৃষকৰ কপালৰ ঘাম লাগি সেউজীয়া হোৱা পথাৰ হ’ল মানুহৰ জীৱন - স্পৃহাৰ এক নিদর্শন । পথাৰৰ মাজতে আছে শ্রমজীৱী জনতাৰ সৃষ্টিৰ সপোন আৰু এই সপোনবোৰ বাস্তৱত পৰিণত কৰিবৰ বাবে কৃষকৰ মনৰ মজিয়াত পুহি ৰখা হেঁপাহবোৰ জাগ্ৰত হৈছে , এনেদৰে —

       '...........পথাৰৰ ,

       ‎তোমাৰো স্বীকৃতি আছে , তুমি কোনোবা

       ‎আদিতম মানুহৰ সংগ্ৰামৰ ইতিহাস

       ‎আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা নিৰ্ণয় সূত্র ।

       ‎মৃত ম্লান কৃষকৰ সাধনা কঠোৰ । ’

      কৃষক জীৱন আশা আৰু আশা ভংগৰ জীৱন ৷ পথাৰ শ্ৰমজীৱী কৃষকৰ কঠোৰ সাধনাৰ ক্ষেত্র । সেউজীয়া পথাৰৰ ভৰপূৰ বুকুত তেওঁলোকৰ আশা গজালি মেলে , কিন্তু তাক বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগ আৰু মহাজনী অৰ্থনীতিৰ জটিল চক্ৰান্তই ধ্বংস কৰি পেলায় । অৰ্থনীতিত কৃষকসকল নিৰন্ন - নিবস্ত্ৰত পৰিণত হয় । ইয়াৰ প্ৰতিৰোধৰ বাবে কৃষক জনতা ক্রমান্বয়ে জাগি উঠে । বিদ্ৰোহৰ জাগৰণত দলে দলে মহাশক্তিৰ নতুন সমদল , নতুন প্রভাতৰ অগ্নিদীক্ষিত হৈ ওলাই আহে । সংগ্ৰামৰ পথাৰত শ্রমজীৱী মানুহৰ তেজৰঙা ইতিহাস ৰচনা কৰিব পাৰিলে পৰিৱৰ্তন অৱশ্যম্ভাৱী বুলি কবিয়ে ধাৰণা কৰিছে —

         ‘ হাল, কোৰ, দা লৈ নতুন যুগৰ অভিযাত্রী শ্রমিক কৃষক

         ‎পলাতক উদ্বাস্ত মহাজন, পুঁজিপতি , সমস্ত শোষক,

         ‎বানপানী পাৰ ভাঙি আৰু আহিব নোৱাৰে ।

         ‎সেউজীয়া প্ৰাণৰ পথাৰ

         ‎সোণালী ৰূপালী হয় , বাকৰিত সোণগুটি লাগে

         ‎নতুন ... আৰু নতুন ।'

         ‎সৃষ্টি সম্ভৱা বিপুল পথাৰক কবিয়ে নমস্কাৰ কৰিছে আৰু ইয়াৰ জৰিয়তে প্রচলিত সমাজ ব্যৱস্থাৰ অৰ্থাৎ মহাজনী অৰ্থনীতিৰ জটিল চক্ৰান্তৰ অৱসান ঘটাব বিচাৰিছে ।


Q. 2 | কবি ৰাম গগৈৰ কবিতা সম্পর্কে এটি টোকা যুগুত কৰা ।

উত্তৰঃ ৰামধেনুৰ পাতত আত্মপ্রকাশ কৰা প্রগতিশীল ধাৰাৰ এগৰাকী উল্লেখযোগ্য কবি সাহিত্যিক হ’ল— ৰাম গগৈ ৷ এওঁক জনচেতনাৰ কবি হিচাপে জনা যায় ৷ তেওঁৰ কবিতাত বিপ্লৱৰ আহ্বান আছে ‘ সৰু মানুহলৈ ’ সহানুভূতি আৰু নতুন দিনৰ বাবে সবল আশা । গগৈৰ কবিতা ‘ সৰ্বহাৰাৰ জীৱনৰ বেদনাৰ দলিল ।'

     ৰাম গগৈৰ কবিতাৰ প্ৰধান বিষয়বস্তু হ’ল— মানুহ । দেশত বৰ্ধিত মুদ্রাস্ফীতি , চোৰাং ব্যৱসায় , নিবনুৱা সমস্যা , শোষণ , নির্যাতন , হত্যা , অপহৰণ ইত্যাদি সমস্যাই কবিক চিন্তিত কৰি তুলিছে । তেওঁৰ পথাৰ , মুক্তি , ইংগিত , মাটিৰ স্বপ্ন আদি উল্লেখযোগ্য কবিতা ।

     ‎আধুনিক বিজ্ঞানৰ আৱিষ্কাৰ ৰাজিয়ে মানৱ সমাজলৈ কঢ়িয়াই অনা গভীৰ প্ৰত্যাহ্বান তেওঁ প্ৰত্যক্ষ কৰিছে । ‘ এটম বোমা ’ নামৰ কবিতাটোত মানুহৰ বহু বছৰৰ তপস্যাৰ ফলত সৃষ্টি হোৱা এক মহান আৱিষ্কাৰৰ কু প্ৰভাৱৰ ভয়াৱহতাৰ ছবি এখন আঁকিবলৈ যত্ন কৰিছে । কবিয়ে বিজ্ঞানৰ সৎ আৰু অসৎ দুয়োটা শক্তিকে কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে ।

     ‎দলিত - পীড়িত জনগণৰ মুক্তি কামনা কৰি কবিগৰাকীৰ ৰন্ধ্ৰে ৰন্ধে যেন বিয়পি আছে মানৱ প্ৰেমৰ সঁচা সুবাস মানৱ দৰদী কবিগৰাকীয়ে সেই বাবেই শোষক - পীড়কসকলৰ প্ৰতি চৰম ঘৃণা আৰু বিদ্ৰোহ প্ৰকাশ কৰিছে ।




Tags :

  • ৰাম গগৈৰ পথাৰ কবিতা প্রশ্ন উত্তৰ
  • ৰাম গগৈৰ পথাৰ কবিতাঃ BA 4th Sem Assamese Question Answer Regular Course
  • Gauhati University BA 4th Sem Assamese Model Questions Answer
  • GU BA 4th Sem Assamese Model Solution
  • ba 4th sem assamese question paper
  • BA 4th Sem Assamese Question Answer
  • ba 4th sem assamese book pdf
  • Gauhati University BA 4th Sem Assamese Questions Answer
  • Gauhati University BA 4th Sem Assamese Model Sulotion 
  • BA 4th Sem Assamese Model Sulotion 
  • BA 4th Sem Assamese Question Answer Regular Course