Follow Us:

তুলনামূলক সাহিত্যৰ পৰিচয় সংজ্ঞা, উৎস আৰু বিকাশ — Gauhati University BA 4th Sem Assamese Major Model Questions Answer | BA 4th Sem Assamese Honours Course Question Answer

LearningPointAssam.com

তুলনামূলক সাহিত্যৰ পৰিচয় সংজ্ঞা, উৎস আৰু বিকাশ, অধ্যয়ন ক্ষেত্র — Gauhati University BA 4th Sem Assamese Major Model Questions Answer| GU BA 4th Sem Assamese Major Model Solution | ba 4th sem assamese major question paper | BA 4th Sem Assamese Honours Course Question Answer | ba 4th sem assamese major book pdf 

Assamese Notes & Guide Available here ASM-HC-4016 — তুলনামূলক সাহিত্যৰ পৰিচয় সংজ্ঞা, উৎস আৰু বিকাশ, অধ্যয়ন ক্ষেত্র, বিভিন্ন শাখা ( School ), অধ্যয়নৰ তাৎপৰ্য , শেহতীয়া ধাৰা Model Solution to each Unit are provided in the list of UG - CBCS Syllabus. We design all notes according to Guwahati University so that you can easily browse through তুলনামূলক সাহিত্যৰ পৰিচয় BA 4th Sem Assamese Major Question Answer and University Guides and Notes here. ASM-HC-4016 — তুলনামূলক ভাৰতীয় সাহিত্যঃ তুলনামূলক সাহিত্যৰ পৰিচয় Model Question Answer Can be very useful to excel in examinations.

তুলনামূলক সাহিত্যৰ পৰিচয় BA 4th Sem Assamese Major Question Answer

BA Assamese ASM-HC-4016 — তুলনামূলক ভাৰতীয় সাহিত্যঃ তুলনামূলক সাহিত্যৰ পৰিচয় সংজ্ঞা, উৎস আৰু বিকাশ, অধ্যয়ন ক্ষেত্র, বিভিন্ন শাখা ( School ), অধ্যয়নৰ তাৎপৰ্য , শেহতীয়া ধাৰা  Notes covers all the practice questions of Guwahati University syllabus. তুলনামূলক সাহিত্যৰ পৰিচয় BA 4th Sem Assamese Honours Course Question Answer is given here which ensures smooth and easy understanding of all the concepts.  Understand the concepts behind each unit and score well in board exams.

Read this page for latest information about GU BA 4th Sem Assamese Major Notes Model Answer 2023.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 1 

তুলনামূলক সাহিত্যৰ পৰিচয় — ALL Important Question & Answers

GU BA 4th Sem Assamese ASM-HC-4016 Questions & Answer :


CONTENTS 

তুলনামূলক সাহিত্যৰ পৰিচয় সংজ্ঞা, উৎস আৰু বিকাশ, অধ্যয়ন ক্ষেত্র, বিভিন্ন শাখা ( School ), অধ্যয়নৰ তাৎপৰ্য , শেহতীয়া ধাৰা
Model Question and Answer key






প্ৰশ্নাৱলীঃ

তুলনামূলক সাহিত্যৰ পৰিচয়ঃ BA 4th Sem Assamese Major Short Question Answer 

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 1/2/5


Q. 1 | "Comparative Literature" পদটো পোন প্ৰথমে কোনে ব্যৱহাৰ কৰিছিলে?

উত্তৰঃ মেথিউ আৰ্নল্ডে (১৮৪৮)

Q. 2 | "Indian Literature" পদটো সৰ্বপ্ৰথমে কোনে প্ৰয়োগ কৰিছিল?

উত্তৰঃ আগষ্ট ৱিলহেল্ম ভন শ্লেগলে।

Q. 3 | তুলনামূলক সাহিত্য অধ্যয়নৰ ক্ষেত্ৰত প্ৰভাৱশালী তিনিটা ধাৰা কি কি? 

উত্তৰঃ ঐতিহাসিক, নান্দনিক বা তাত্ত্বিক, সমাজতাত্ত্বিক।

Q. 4 | তুলনামূলক সাহিত্যৰ জন্ম ক'ত হৈছিল?

উত্তৰঃ তুলনামূলক সাহিত্যৰ জন্ম হৈছিল 'ইউৰোপত'।

Q. 5 | কিমান চনত  আমেৰিকাৰ কাৰ্ণেল বিদ্যালয়ত তুলনামূলক সাহিত্যৰ স্বতন্ত্ৰ বিভাগ প্ৰতিষ্ঠা কৰা হয়?

উত্তৰঃ ১৮৭১ খ্ৰীষ্টাব্দত।

Q. 6 | তুলনামূলক সাহিত্যৰ আন্তঃ ৰাষ্ট্ৰীয় সাহিত্যৰ সম্বন্ধৰ ইতিহাস এই মন্তব্য আগবঢ়োৱা তুলনাবিদ গৰাকী কোন?

উত্তৰঃ গুয়াৰ্ড।

Q. 7 | "Comparative Leteratere" গ্ৰন্থৰ প্ৰনেতা কোন?

উত্তৰঃ "Comparative Leteratere" গ্ৰন্থৰ প্ৰনেতা "পছনেট"।

Q. 8 | তুলনামূলক সাহিত্যৰ প্ৰধান শাখা (School) কেইটা?

উত্তৰঃ ছয়টা।

Q. 9 | তুলনামূলক সাহিত্যৰ দুটা প্ৰধান সংহতি বা শাখাৰ নাম লিখা।

উত্তৰঃ তুলনামূলক সাহিত্যৰ দুটা প্ৰধান সংহতি বা শাখা হ'লঃ

  • (১) ফ্ৰান্স জাৰ্মান সংহতি আৰু
  • (২) আমেৰিকান সংহতি।

Q. 10 | কোনে কিমান চনত প্ৰথমবাৰৰ বাবে "Comparative Leteratere" শীৰ্ষক গ্ৰন্থ ৰচনা কৰি তুলনামূলক অধ্যয়ন পদ্ধতিক বিদ্যায়তনিকভাৱে প্ৰতিষ্ঠা কৰাৰ মুকলি কৰে?

উত্তৰঃ ১৮৮৬ চনত পছনেটে।


Q. 11 | তুলনামূলক সাহিত্য বুলিলে কি বুজা?

উত্তৰঃ তুলনামূলক সাহিত্য, সাহিত্য অধ্যয়নৰ এক বিশেষ পদ্ধতি।  তুলনামূলক সাহিত্যৰ উত্থান বিশ্বৰ জনগোষ্ঠীৰ মনক বৌদ্ধিক, সাংস্কৃতিক আৰু আৱেগিক স্তৰত একত্ৰিত কৰাৰ এক বিশেষ প্ৰয়াস।  এইটো এটা অতি গভীৰ, সূক্ষ্ম আৰু ব্যাপক বিষয়।

Q. 12 | তুলনামূলক সাহিত্যৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।


উত্তৰঃ তুলনামূলক সাহিত্যৰ দুটা বৈশিষ্ট্য হ'ল —

  • (i) তুলনামূলক সাহিত্যই একক সাহিত্য হিচাপে ধাৰণা কৰি লোৱা বিভিন্ন সাহিত্য সমূহৰ অধ্যয়ন সহজে আৰু সুগম কৰি তুলিবৰ বাবে সকলো সাহিত্যৰে কাৰণে গ্ৰহণযোগ্য হোৱাকৈ 'সাৰ্বজননী সাহিত্য শাস্ত্ৰ'ৰচনাৰ পোষকতা কৰে।
  • (ii) তুলনামূলক সাহিত্যই সাহিত্য অধ্যয়নৰ ক্ষত্ৰত ৰাষ্ট্ৰীয় পেক্ষাপটৰ পৰা আন্তঃৰাষ্ট্ৰীয় পেক্ষাপটলৈ দৃষ্টি নিক্ষেপে কৰি ৰাষ্ট্ৰ সম্পৰ্কীয় পূৰ্বধাৰণাৰ অৱসান ঘটাই এক বিশ্যমন সৃষ্টিৰ প্ৰয়াস কৰে।

Q. 13 | তুলনামূলক সাহিত্য অধ্যয়নৰ দুটা পদ্ধতি উল্লেখ কৰা।

উত্তৰঃ তুলনামূলক সাহিত্য অধ্যয়নৰ দুটা পদ্ধতি হ'ল — 

  • (i) সাদৃশ্য সম্ভন্ধাত্মক পদ্ধতি
  • (ii) পৰম্পৰা অধ্যয়ন পদ্ধতি।

Q. 14 | তুলনামূলক সাহিত্যৰ কেইটামান সংজ্ঞা উল্লেখ কৰা।

উত্তৰঃ তুলনামূলক সাহিত্যৰ কেইটামান সংজ্ঞা তলত উল্লেখ কৰা হ'ল —

  • (ক) তুলনামূলক সাহিত্যৰ সংজ্ঞা দি ৰেমাৰ্কে যুক্তি আগবঢ়ায় যে "তুলনামূলক সাহিত্য হৈছে ৰাষ্ট্ৰীয় সীমাৰ সিপাৰে আন দেশৰ সাহিত্যৰ সৈতে সাহিত্যৰ তুলনামূলক অধ্যয়ন।"  এই অধ্যয়নত জ্ঞানৰ বিভিন্ন ক্ষেত্ৰ যেনে কলা, ইতিহাস, সমাজবিজ্ঞান, বিজ্ঞান, ধর্মশাস্ত্র আদি জ্ঞানৰ বিভিন্ন ক্ষেত্ৰসমূহ আৰু সাহিত্যৰ পাৰস্পৰিক সম্পৰ্কও সামৰি লোৱা হৈছে।
  • (খ) J. M. Carre নামৰ তুলনাবিদ গৰাকীয়ে কৈছে— তুলনামূলক সাহিত্য সাহিত্যিক ইতিহাসৰ এটা শাখা । (A branch of literary history)
  • (গ) Guyard য়ে কৈছে – তুলনামূলক সাহিত্য হ’ল সাহিত্যৰ আন্তৰ্জাতিক সম্পৰ্কৰ ইতিহাস। (The history of international literacy revelations )।
  • (ঘ) বিংশ শতিকাৰ আৰম্ভণিতে উত্তৰ আমেৰিকাৰ তুলনাত্মক আলোচক চাৰ্লচ মিলচ গেলেই (Charles Mills Gayley) এই পদ্ধতিক মানৱতাৰ এক সাধাৰণ আনুষ্ঠানিক প্রকাশ বোলাৰ লগতে স্পষ্ট আৰু সংহত চিন্তাৰ মাধ্যম বুলি ঘোষণা কৰিছে।



তুলনামূলক সাহিত্যৰ পৰিচয়ঃ BA 4th Sem Assamese Major Question Answer 

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 5/10

Q. 1 | তুলনামূলক সাহিত্য অধ্যয়নৰ প্ৰধান ক্ষেত্ৰসমূহ কি কি? 

উত্তৰঃ তুলনামূলক সাহিত্য অধ্যয়নৰ প্ৰথম ক্ষেত্ৰ হ’ল — কাব্যশাস্ত্ৰৰ সৌন্দৰ্যমূলক মূল্যসমূহৰ প্ৰয়োগা আৰু তাৰ বিচাৰ বিশ্লেষণ। তুলনামূলক সাহিত্যৰ দ্বিতীয় ক্ষেত্ৰ হ’ল — সাহিত্যিক আন্দোলনবোৰৰ অধ্যয়ন আৰু তাৰ লগে লগে মনোবৈজ্ঞানিক, বৌদ্ধিক অথবা শৈলীতাত্ত্বিক লক্ষণসমূহৰ বিচাৰ – বিবেচনা। তৃতীয় ক্ষেত্র হ’ল সাহিত্যিক বিষয়ৰ অধ্যয়ন। এনে ধৰণৰ অধ্যয়নৰ অন্তর্গত সাহিত্যত অভিব্যক্তি ব্যক্তিত্ব আৰু অমূর্ত বিচাৰসমূহৰ বিভিন্ন ৰূপান্তৰণ অথবা বিভিন্ন দৃষ্টিৰে হোৱা প্ৰয়োগ সম্পৰ্কীয় বিচাৰ বিশ্লেষণ কৰা হয়।

সাহিত্যত বিভিন্ন বিধা বা কাব্যৰূপ (Genre) অধ্যয়ন তুলনামূলক সাহিত্যৰ চতুৰ্থ ক্ষেত্র। সাহিত্যিক সম্বন্ধৰ অধ্যয়ন তুলনামূলক সাহিত্যৰ পঞ্চমখন ক্ষেত্র। এই প্ৰকাৰৰ অধ্যয়নত “স্রেত, প্রভাৱ অথবা সাহিত্য আৰু মানৱীয় জ্ঞানৰ পণ্য ক্ষেত্ৰসমূহৰ পাৰস্পৰিক সম্বন্ধ বিশ্লেষণ কৰা হয়।

Q. 2 | বিশ্বায়নৰ পটভূমিত তুলনামূলক সাহিত্যৰ গুৰুত্ব সম্পৰ্ক এটি প্ৰবন্ধ যুগুত কৰা।

উত্তৰঃ সম্প্ৰতি সমগ্ৰ বিশ্বত তুলনামূলক সাহিত্য গুৰুত্বপূৰ্ণ বিষয়স্বৰূপে পৰিগণিত হৈছে। তুলনামূলক সাহিত্য বিষয়টোৱে জন্ম লাভ কৰিছিল ইউৰোপত। ষষ্ঠদশ শতিকাত ইউৰোপত জন্মলাভ কৰা এই বিষয়টোৱে উনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ আদি ভাতহে প্ৰতিষ্ঠা লাভ কৰে। ১৮৪৮ খ্ৰীষ্টাব্দত মেথিউ আৰ্ণল্ডে সৰ্বপ্ৰথমে "Comparative Leteratere" এই শব্দটো প্ৰয়োগ কৰে। ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯০৭ চনত জাতীয় শিক্ষা পৰিষদৰ এক ভাষণ প্ৰসংগত এই তুলনামূলক সাহিত্য়কেই 'বিশ্বসাহিত্য' নামেৰে অভিহিত কৰে। যদিও প্ৰথমঅৱস্থাত তুলনামূলক সাহিত্য বিচাৰ পদ্ধতি সমপৰ্যায়ৰ দুটা ভাষাৰ সাহিত্য কৃতিৰ তুলনাৰ বাবে আৰু তাৰ যোগেদি নৈকত্তা স্থাপনৰ বাবে ব্যৱহৃত হৈছিল, সম্প্ৰতি ইয়াৰ পৰিধি অধিক ব্য়াপক হৈ পৰিছে। তুলনামূলক বিচাৰ পদ্ধতিৰ যোগেদি কোনো সাহিত্যক কম বা বেছি মূল্যৰ বুলি দেখুৱাবলৈ তুলনা কৰা নহয়, বৰং সমান স্তৰৰ দুটা ভাষাৰ সাহিত্য কৃতিৰ মূলৰ সমতা বিচাৰ কৰাৰ লক্ষৰেহে অধ্য়য়ন কৰা হয়। অৱশ্য়ে জোৰ কৰি এনে সমতা দেখুৱাৰ প্ৰশ্ন নুঠে। যথাৰ্থতে মানৱীয় ভাৱ আৰু অনুভৱ যিদৰে সাৰ্বজনীন ঠিক তেনেদৰে সাহিত্য শিল্পৰ যোগেদি যথাৰ্থভাৱে প্ৰকাশিত মানৱীয় অনুভূতিৰ প্ৰকাশো সাৰ্বজনীন হৈ উঠে। এনে সাৰ্বজনীনতাই যিকোনো ভাষাৰ সাহিত্য়ক ৰবীন্দ্ৰনাথৰ ভাষাত বিশ্বসাহিত্যলৈ উন্নতী কৰিব পাৰে। দৰাচলতে কবলৈ গলে সমগ্ৰ বিশ্ব সাহিত্য এক কেৱল বেলেগ বেলেগ ভাষাত ই লিখিত হয়। তুলনামূলক সাহিত্য বিচাৰ পদ্ধতিয়ে এনে গুণগত মূল্য দাঙি ধৰে।

    বহু বছৰ আগৰ পৰা সাহিত্য জগতত তুলনামূলক বিচাৰ পদ্ধতি চলি আহিলেও সম্প্ৰতি ইয়াৰ পদ্ধতি, উদ্দেশ্য আৰু লক্ষ্যত বিস্তত ব্যৱধাণ আহি পৰিছে। এই সাহিত্য বিচাৰ পদ্ধতিৰ আৱিষ্কাৰত ফৰাচী সকলৰ প্ৰৱনতাই আছিল কোনো এটা সাহিত্য প্ৰভাৱ আৱিষ্কাৰ। দুইবা তাতোকৈ অধিক দেশৰ জাতীয় সাহিত্যৰ তুলনা কৰি এটাৰ মাজত আনটোৰ প্ৰতিসৰণ প্ৰতিপন্ন কৰাই আছিল এই পাঠৰ উদ্দেশ্য। কিন্তু সময়ৰ গতিধাৰাৰ লগে লগে এই সাহিত্য় বিচাৰ পদ্ধতিৰ ভালেখিনি পৰিৱৰ্তন সূচিত হৈছে। সম্প্ৰতি এই বিচাৰ পদ্ধতিৰ সৈতে সংপৃক্ত হৈছে সংস্কৃতিবিদ্যা, অনুবাদ শাস্ত্ৰ, উত্তৰ আধুনিক প্ৰভৃতি বিষয় সমূহ। এনেকে একক সাহিত্যৰ অনুশীলন আৰু পাঠো স্বীকৃত হৈছে তুলনামূলক সাহিত্যত।

    বৰ্তমান যুগটো বিশ্বায়নৰ যুগ। গোটেই পৃথিৱীকে এই বিশ্বায়নে একেলগে কৰি পেলোৱাৰ সংকল্প লৈছে। বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তি বিদ্য়াৰ প্ৰসাৰৰ লগে লগে সাহিত্য়ৰ চিন্তা চৰ্চাৰো পৰিৱৰ্তন ঘটিছে। যিদৰে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্য়াই ন ন আৱিষ্কাৰেে বিশ্বায়নৰ সময়ত এক নতুনত্ব আনিব বিচাৰিছে সেইদৰে সাহিত্যও বৰ্তমান কেতবোৰ নতুন দৃষ্টিভংগী গ্ৰহণ কৰি অধ্যয়ণ, গৱেষণা আদিৰ ক্ষেত্ৰত যুগৰ অনুকূলে নৱ সৃষ্টিৰ পাতনি মেলিছে। এতিয়া চাৰিওফালে তুলনামূলক সাহিত্য অধ্যয়ন প্ৰসংগই হৈছে সবাতোকৈ অধিক চৰ্চিত বিষয়। এই তুলনামূলক সাহিত্য অধ্যয়ন পদ্ধতিয়ে দুই ভিন্ন ভাষাৰ সাহিত্য় ধাৰা বা সাহিত্য সৃষ্টিৰ আলোচনা ওপৰি সামগ্ৰিকভাৱে দুয়োটা ভাষাৰ সাহিত্যিক মূল্যায়নকো দৃষ্টিগোচৰলৈ আনে। তদুপৰি সাহিত্য অধ্যয়নৰ বৈজ্ঞানিক তথা সামাজিক প্ৰসংগিকতাক সামৰি সাহিত্য়ৰ নতুন আৰ্হিত উপস্থিত হোৱা সমস্য়াসমূহ সমাধানৰ ক্ষেত্ৰত তুলনামূলক সাহিত্যই বিশেষ ভূমিকা পালন কৰে।

তুলনামূলক সাহিত্য অধ্যয়নৰ প্ৰয়োজনীয়তাঃ

    বিবিধ মানসিক সংকীৰ্ণতা দূৰ কৰা বাবে আধুনিক কালত তুলনামূলক সমালোচনাৰ প্ৰভাৱ ক্ৰমে বাঢ়ি গৈ আছে। ইয়াৰ ফলত এখন দেশৰ পাঠকে আন দেশৰ ভাষা শিকাত প্ৰবুদ্ধ হব। আনৰ প্ৰতি থকা প্ৰতিকূল মনোভাৱো বহুলাংশে হ্ৰাস পাব। নানা কাৰণত ভূল বুজাবুজি জনিত সামাজিক বিশৃংখল পৰিৱেশত মানুহৰ মাজত যোগসূত্ৰৰ ভূমিকা পালন কৰি পাৰস্পৰিক বুজাবুজি সৃষ্টি কৰাৰ ক্ষেত্ৰত তুলনামূলক সাহিত্য অধ্যয়নৰ প্ৰাসংগিকতা স্পষ্ট হৈ পৰে। পৃথিৱীৰ সমস্ত সাহিত্যক এক সাহিত্য বুলি গ্ৰহণ কৰা দৃষ্টিভংগী। সম্বলিত এই আৰ্হিৰ সাহিত্য়ই বিশ্ব সাহিত্যৰ পথ সুগম কৰাত অৰিহণা যোগাব পাৰে।

    কোনো এক সাহিত্য পাঠৰ ভিতৰত সীমাবদ্ধ কৰি ৰখা অধ্যয়নত সেই পাঠ সম্পৰ্কীয় বহুতো তথ্য়ৰ সন্ধান সম্পূৰ্ণ হৈ থকাৰ সম্ভাৱনা লক্ষ্য কৰা যায়। যিজনে মাথোন বাইবেল খনেই জানে তেওঁ একো নাজানে। এই আপ্ত বাক্যটো এই ক্ষেত্ৰত মন্তব্য। ইয়াৰ সহজ অৰ্থ হল আপোন ভাষাৰ সাহিত্য় সংক্ৰান্ত জ্ঞান বিচ্ছিন্নভাৱে কোনোকালে সম্পূৰ্ণ হব নোৱাৰে। অন্য ভাষাৰ সাহিত্য সম্পদৰ লগত ৰিজাই চালে হে তাৰ উৎকৃষ্টতা, নিকৃষ্টতা সঠিককৈ নিৰ্ণয় কৰিব পাৰি। ইয়াৰ অবিহনে যিকোনো স্বতন্ত্ৰ ভাষা সাহিত্য়ৰ অধ্যয়ন সীমিত হৈ পৰে। এই অসম্পূৰ্ণ অৱস্থাৰ পৰা তুলনামূলক সাহিত্যই অধ্যয়নক পূৰ্ণতাৰ দিশত আগুৱাই আনিব পাৰে। এই অধ্য়য়ন পদ্ধতিয়ে সাহিত্যৰ দ্বাৰা সাধিত সামাজিক কাৰ্যাৱলীক বাৰেৰহণীয়া ৰূপটোও আমাৰ দৃষ্টি গোচৰলৈ আনে। তদুপৰি সাহিত্য অধ্যয়নৰ বৈজ্ঞানিক তথা সামাজিক প্ৰাসংগিকতা সামৰি বিচিত্ৰ ৰূপত উপস্থিত হোৱা বিবিধ সমস্যা সমাধানৰ ক্ষেত্ৰত তুলনামূলক সাহিত্যই বিশেষ ভূমিকা পালন কৰে। সেয়েহে সম্প্ৰতি তুলনামূলক সাহিত্য পাঠ আৰু মূল বিচাৰ অকল প্ৰয়োজনীয়তাই নহয় মাৰ্জিত ৰুচি আৰু উদাৰতাৰ লক্ষণ ৰূপেও চিহ্নিত হৈছে।

Q. 3 | তুলনামূলক সাহিত্য বুলিলে কি বুজা? তুলনামূলক সাহিত্য আৰু তুলনামূলক অধ্যয়নৰ মাজত পাৰ্থক্য বিচাৰ কৰি এটি আলোচনা প্ৰস্তুত কৰা।


উত্তৰঃ তুলনা মানৱ চিন্তন আৰু মননৰ সৈতে জড়িত এক বৌদ্ধিক প্ৰক্ৰিয়া। মানৱ চিন্তনৰ প্ৰাচীনত্বৰ দৰেই তুলনামূলক এটি দৃষ্টিভংগী মানৱ সমাজত অৱহমান কালৰে পৰা চলি আহিছে। তুলনামূলক সাহিত্যই মূলতঃ সাহিত্য় অধ্যয়ন অথবা সাহিত্য সম্পৰ্কীয় চিন্তা চৰ্চাৰ এক পদ্ধতিৰ ইংগিত দিয়ে, যিটো সাহিত্যৰ সমালোচনা অথবা গৱেষণাৰ ওচৰ সম্বন্ধীয়। তুলনামূলক সাহিত্যই বৰ্তমান পশ্চিমীয়া দেশ সমূহত স্বতন্ত্ৰ বিষয় হিচাপে সাহিত্যনুৰাগী পণ্ডিত সকলৰ মাজত বিশেষ সমাদৰ লাভ কৰিছে। ভাৰতবৰ্ষত পোন প্ৰথমে ১৯৫৬ চনত যাদৱপুৰ বিশ্ববিদ্যালয়ত তুলনামূলক সাহিত্যৰ সুকীয়া বিভাগ খোলা হয়। পৰৱৰ্তীকালত যাদুৰাই কামৰাজ বিশ্ববিদ্যালয় আৰু হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়তো তুলনামূলক সাহিত্যৰ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হয়।

    তুলনামূলক সাহিত্য প্ৰকৃততে সৃষ্টিশীল সাহিত্যৰ এটা বিশেষ ভাগ বা শাখা নহয়, সাহিত্যৰ তুলনামূলক বিচাৰহে। গতিকে তুলনামূলক সাহিত্য প্ৰকৃতাৰ্থত সাহিত্য সমালোচনা এক পদ্ধতি বিশেষ বুলিহে কব পাৰি। প্ৰকৃততে দুই বা তাতোধিক ভাষা সাহিত্যৰ তুলনামূলক বিচাৰেই হৈছে তুলনামূলক সাহিত্যৰ প্ৰধান লক্ষ্য। সেয়েহে তুলনামূলক সাহিত্য়ত একে ভাষাত ৰচিত সাহিত্যকৃতিৰ মাজত তুলনামূলক বিচাৰ সীমিত নাৰাখি বিভিন্ন ভাষাত ৰচিত সাহিত্য কৰ্মসমূহৰ তুলনামূলক বিচাৰত গুৰুত্ব দিয়া হয়। তুলনামূলক সাহিত্য আৰু তুলনামূলক অধ্যয়নৰ মাজত পাৰ্থক্য বিচাৰ কৰি এটি আলোচনা প্ৰস্তুত কৰা হলঃ —

    বিশ্বায়নৰ ধাৰণাই বৰ্তমানে ৰাষ্ট্ৰীয় বা জাতীয় ধাৰণা অতিক্ৰম কৰি দ্ৰুত সম্প্ৰসাৰণ লাভ কৰিছে আৰু লগে লগেই সাহিত্য সংস্কৃতিয়েও বিশ্বৰ বজাৰত অন্যতম আৱশ্যকীয় সামগ্ৰিকৰূপে পৰিগণিত হৈছে। প্ৰযুক্তিৰ পৰিৱৰ্তন, বিশ্ব পুঁজি  নিৰ্মাণ, ৰাজনৈতিক বিশ্বয়ন ইত্যাদি নতুন ধাৰণা সমূহ বিশ্বায়নৰে পৰিণতি আৰু সেয়ে সাহিত্যও তাৰ পৰা আঁতৰি থাকিব নোৱাৰে।

    তুলনামূলক সাহিত্য অধ্যয়নৰ এটা বিশেষ পদ্ধতি নে এটা স্বতন্ত্ৰ বিদ্য়ায়তনিক অনুশাসন এই বিষয়ে পণ্ডিতসকলৰ মাজত মতভেদ বিদ্য়মান। সেইবাবে সাহিত্যৰ তুলনামূলক অধ্যয়ন আৰু তুলনামূলক সাহিত্যৰ মাজত পাৰ্থক্য বিচাৰ কৰি চালে ইয়াৰ মাজৰ পাৰ্থক্যৰ সীমাৰেখাডাল সিমান স্পষ্ট নহয়।

Q. 4 | তুলনামূলক সাহিত্যৰ বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ ষষ্ঠদশ শতিকাত গজালি মেলা তুলনামূলক সাহিত্যই বিংশ শতিকালৈ বিভিন্ন শাখা – প্ৰশাখাৰে, জাতিষ্কাৰ হৈ পৰিল। ইয়াৰ নিজা লক্ষণসমূহ্যে স্পষ্টভাৱে পৰিস্ফুটিত হৈ পৰিল ৷ অন্য প্ৰকাৰে ক’বলৈ হ’লে নিজা কিছুমান বৈশিষ্ট্যৰে সৈতে তুলনামূলক সাহিত্যই এক স্বতন্ত্র অনুশীলন হিচাপে প্রতিষ্ঠা লাভ কৰিলে। তুলনামূলক সাহিত্যৰ বৈশিষ্ট্যসমূহ থূলমূলকৈ এনে ধৰণেৰে দেখুৱাব পাৰি —

(ক) তুলনামূলক আলোচনা পদ্ধতি তুলনামূলক সাহিত্যৰ মূল পদ্ধতি।  তুলনামূলক সাহিত্যই এটা সাহিত্য আৰু আন সাহিত্য আৰু সংগীতৰ দৰে সূক্ষ্ম কলা আৰু সমাজবিজ্ঞানৰ বিভিন্ন শাখা যেনে ৰাজনীতি আৰু মনোবিজ্ঞানৰ সম্পৰ্ক বিশ্লেষণৰ জৰিয়তে সম্পৰ্ক বিশ্লেষণৰ জৰিয়তে অধ্যয়ন কৰে।  সাহিত্য অধ্যয়নৰ অন্যান্য পদ্ধতি তুলনামূলক সাহিত্যতো ব্যাখ্যামূলক, বৰ্ণনাত্মক, পৰিচয়মূলক, বিশ্লেষণাত্মক আৰু মূল্যায়নমূলক সকলো পদ্ধতি প্ৰয়োগ কৰা হয়।  কিন্তু সামগ্ৰীৰ বিস্তৃতি আৰু নিজস্ব সমস্যাৰ বাবে ইয়াৰ নিজস্ব পদ্ধতিও আছে।

(খ) সমগ্ৰ পৃথিৱীৰ মানৱ মাত্ৰেই একে সুৰীয়া অনুভৱ – অনুভূতি থকা আৰু এই একে সুৰীয়া অনুভৱ – অনুভূতিৰ উমান আমি সাহিত্যৰ যোগেদি পাওঁ। সাহিত্যৰ সনাতন মূল্য আৰু গুণসমূহৰ উদ্‌ঘাটন তথা সহিত্যৰ যোগেদি প্ৰকাশ পোৱা মানৱৰ শাশ্বত সৃজনী শক্তিৰ উমান লোৱাই হ’ল ‘তুলনামূলক সাহিত্য’ শীৰ্ষক সাহিত্য বিচাৰৰ দৃষ্টিভংগী বিশেষৰ মূল উদ্দেশ্য।

(গ) তুলনামূলক সাহিত্যৰ মূল স্বৰূপ তিনিটা প্ৰধান দিশত আলোচনা কৰিব পাৰি। 

  • (১) তুলনামূলক সাহিত্যই পৃথিৱীৰ সমস্ত সাহিত্যকে এক অথবা ‘একক সাহিত্য’ বুলি ধাৰণা কৰি লয়।
  • (২) একক সাহিত্য হিচাপে ধাৰণা কৰি লোৱা বিভিন্ন সাহিত্যসমূহৰ অধ্যয়ন সহজ আৰু সুগম কৰি তুলিবৰ বাবে সকলো সাহিত্যৰে কাৰণে গ্ৰহণযোগ্য হোৱাকৈ ‘সার্বজনীন সাহিত্য শাস্ত্ৰ’ নিৰ্মাণৰ পোষকতা কৰে।
  • (৩) এবিধ সাহিত্যৰ লগত অন্য সাহিত্য তথা সাহিত্য ভিন্ন বিষয় জড়িত কৰি সাহিত্যৰ অধ্যয়নক অধিক বিস্তৃতি দিবলৈ বিচৰা কথাটোও তুলনামূলক সাহিত্যৰ অন্যতম বৈশিষ্ট্য।

ওপৰত আলোচনা কৰা বৈশিষ্ট্যসমূহেৰে সৈতে তুলনামূলক সাহিত্যই এটা বিদ্যায়তনিক অনুশাসন (academic discipline) বা এটা স্বতন্ত্র বিষয় হিচাপে প্ৰতিষ্ঠা লাভ কৰিছেহি। এই বিষয় হিচাপে ই বিশ্ববিদ্যালয়ৰ শিক্ষাৰ পাঠ্যক্ৰমতো স্থান লাভ কৰিছে। এই ক্ষেত্ৰত তুলনামূলক সাহিত্যই পাশ্চাত্য দেশসমূহত বিশেষ প্ৰতিষ্ঠা লাভ কৰিছে। আমেৰিকাৰ কাৰনেল (comell) বিশ্ববিদ্যালয়ত পৃথিৱীৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এই শতিকাৰ তৃতীয় দশকত তুলনামূলক সাহিত্যৰ বিভাগ প্ৰতিষ্ঠাৰ লগে লগে ই স্বতন্ত্র বিষয় হিচাপে দৃঢ়ভাৱে প্ৰতিষ্ঠিত হৈ পৰে।

ক্ৰমান্বয়ে পৃথিৱীৰ বিভিন্ন প্ৰান্তত ইয়াৰ বৈজ্ঞানিক গুৰুত্ব বাঢ়ি আহিল।  উত্তৰ আমেৰিকাত এতিয়াও ই আটাইতকৈ জনপ্ৰিয় আৰু বহুলভাৱে ব্যৱহৃত।  এই শতিকাৰ আৰম্ভণিতে তুলনামূলক সাহিত্যই ভাৰতত এক নতুন শৈক্ষিক শাখা হিচাপে দুৱাৰ মুকলি কৰিছিল।  ভাৰতৰ আন বহু বিশ্ববিদ্যালয়ত অন্যান্য বিভাগৰ লগতে এই গোটেই বিভাগটোত তুলনামূলক সাহিত্য বিভিন্ন ধৰণে সন্নিবিষ্ট কৰা হৈছে।

  এইদৰে ‘তুলনামূলক সাহিত্য’ বুলি কোৱা এই সাহিত্য বিচাৰ পদ্ধতিয়ে বিশ্বৰ বিভিন্ন দেশত এক সুকীয়া শৈক্ষিক শাখা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে।  বিভিন্ন দেশৰ পণ্ডিতসকলৰ স্বতন্ত্ৰ শাখাৰ প্ৰকৃতি আৰু পৰিসৰৰ ওপৰত কিছু বেলেগ ধৰণৰ মতামত আছে।  এই পাৰ্থক্যৰ আধাৰত বহু বিদ্যালয়ৰ ছাঁত তুলনামূলক সাহিত্যৰ বিকাশ ঘটিছে।  ইয়াৰ ভিতৰত ফৰাচী-জাৰ্মান স্কুল, আমেৰিকান স্কুল, ৰাছিয়ান স্কুল, কানাডিয়ান স্কুল, চাইনিজ স্কুল, আফ্ৰিকান স্কুল আদি অন্যতম।




Tags :

  • তুলনামূলক সাহিত্যৰ পৰিচয় সংজ্ঞা, উৎস আৰু বিকাশ, অধ্যয়ন ক্ষেত্র
  • Gauhati University BA 4th Sem Assamese Major Model Questions Answer
  • GU BA 4th Sem Assamese Major Model Solution
  • ba 4th sem assamese major question paper
  • BA 4th Sem Assamese Honours Course Question Answer
  • ba 4th sem assamese major book pdf 
  • BA 4th Sem Assamese Major Model Questions Answer
  • Gauhati University BA 4th Sem Assamese Major Model Answer
  • BA 4th Sem Assamese Major Notes Model Answer
  • তুলনামূলক ভাৰতীয় সাহিত্যঃ তুলনামূলক সাহিত্যৰ পৰিচয় Model Question Answer