Follow Us:

দৈহিক আৰু মানসিক বিকাশঃ BA 2nd Sem Education Question Answer | Gauhati University BA 2nd Sem Education Model Questions Answer | শাৰীৰিক আৰু মানসিক বিকাশ Question Answer Ba Education 2nd Semester

LearningPointAssam.com

দৈহিক আৰু মানসিক বিকাশ | Gauhati University BA 2nd Sem Education Model Questions Answer | GU BA 2nd Sem Education General Model Solution | BA 2nd Sem Education Question Answer | BA 2nd Sem Education General Question Answer | BA 2nd Sem Education Question Answer [Major & General] Gauhati University

BA 2nd Sem Education Chapter—2 দৈহিক আৰু মানসিক বিকাশ Model Solution to each Unit are provided in the list of UG - CBCS Syllabus. We design all notes according to Guwahati University so that you can easily browse through BA 2nd Sem Education Question Answer [Major & General] and University Guides and Notes here. দৈহিক আৰু মানসিক বিকাশ Question Answer Can be very useful to excel in examinations.

BA 2nd Sem Education Question Answer Gauhati University 

BA 2nd Sem Education দৈহিক আৰু মানসিক বিকাশ Notes covers all the practice questions of Guwahati University syllabus. শাৰীৰিক আৰু মানসিক বিকাশ BA 2nd Sem Education Question Answer is given here which ensures smooth and easy understanding of all the concepts.  Understand the concepts behind each unit and score well in board exams.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 2 

দৈহিক আৰু মানসিক বিকাশ — ALL Important Question & Answers

GU BA 2nd Sem Education (Regular Course)  EDU-RC-2016 Questions & Answer :


CONTENTS 

দৈহিক আৰু মানসিক বিকাশ  
(Physical and mental development)
Model Question and Answer key






প্ৰশ্নাৱলীঃ

দৈহিক আৰু মানসিক বিকাশ BA 2nd Sem Education Question Answer 

তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়াঃ Mark — 1

Q. 1 | মধ্য শৰীৰ কি ?

উত্তৰঃ মধ্য শৰীৰ হ'ল ১৪ বছৰৰ পৰা ১৬/১৭ বছৰ বয়সৰ ভিতৰত বুকুৰ বিকাশ অধিক দ্ৰুতগতিত হোৱা ।

Q. 2 | কোন সময়ছোৱাক কৈশোৰকাল বুলি জনা যায়?

উত্তৰঃ বাল্যকাল আৰু প্ৰাপ্তবয়স্কৰ মাজৰ সময়ছোৱাক কৈশোৰ কাল বুলি কোৱা হয় ।

Q. 3 | পুনৰ পৰীক্ষণ কি ?

উত্তৰঃ পুনৰ পৰীক্ষাণ হ’ল কৈশোৰৰ হাত, ভৰি আৰু অন্যান্য অংশৰ বাৰ্ষিক জোখ আৰু ফলাফল তুলনা কৰি স্বাভাৱিক আৰু অস্বাভাৱিক বৃদ্ধিৰ হাৰ নিৰ্ণয় কৰা হয়।

Q. 4 | বিমূৰ্ত চিন্তন কোনটোৰ স্তৰৰ মানসিক বৈশিষ্ট্য ?

উত্তৰঃ বিমূৰ্ত চিন্তন কৈশোৰ স্তৰৰ মানসিক বৈশিষ্ট্য ।

Q. 5 | কৈশোৰ কালৰ এটা দৈহিক বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ কৈশোৰ কালৰ এটা দৈহিক বৈশিষ্ট্য হ'ল যৌনাংগৰ বৃদ্ধি ।



দৈহিক আৰু মানসিক বিকাশ BA 2nd Sem Education Question Answer 

তলৰ প্ৰশ্নসমূহ শুদ্ধ নে অশুদ্ধ লিখাঃ Mark — 1


Q. 1 | দৈহিক বিকাশ অধ্যয়নৰ এক পদ্ধতি হ'ল নমুনাকৰণ । (শুদ্ধ / অশুদ্ধ)

উত্তৰঃ শুদ্ধ ।

Q. 2 | কৈশোৰ কালত যৌন শিক্ষা প্ৰদান কৰিব লাগে । (শুদ্ধ / অশুদ্ধ)

উত্তৰঃ শুদ্ধ । 

Q. 3 | বিমূৰ্ত চিন্তন ক্ষমতাই কৈশোৰ কালৰ বৌদ্ধিক বিকাশৰ কথাকে সূচায় । (শুদ্ধ / অশুদ্ধ)

উত্তৰঃ অশুদ্ধ ।

Q. 4 | অহমৰ বিকাশ কৈশোৰ কালৰ মানসিক বিকাশৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য । (শুদ্ধ / অশুদ্ধ)

উত্তৰঃ শুদ্ধ ।

Q. 5 | ভাষাৰ বিকাশ-মানসিক বিকাশৰ অন্তৰ্ভুক্ত । (শুদ্ধ / অশুদ্ধ)

উত্তৰঃ শুদ্ধ । 



শাৰীৰিক আৰু মানসিক বিকাশ BA 2nd Sem Education Question Answer 

খালী ঠাই পূৰণ কৰা (Fill in the blanks) Mark — 1

Q. 1 | আগতীয়া কৈশোৰ কালৰ বিকাশ______ ।

উত্তৰঃ দ্ৰুত ।

Q. 2 | মধ্য শৰীৰৰ বিকাশ _____ কালত বেছিকৈ হয় ।

উত্তৰঃ কৈশোৰ ।

Q. 3 | কিশোৰ-কিশোৰীয়ে আনৰ পৰা ______ আকাংক্ষা কৰে ।

উত্তৰঃ প্ৰশংসা ।

Q. 4 | কিশোৰ-কিশোৰীয়ে ______ আৰু ______ স্বপ্ন ভাল পায় ।

উত্তৰঃ নিসংগপ্ৰিয়তা আৰু দিবাস্বপ্ন ।

Q. 5 | ______ বিকাশ কৈশোৰ কালত বেছিকৈ হয় ।

উত্তৰঃ  



শাৰীৰিক আৰু মানসিক বিকাশ BA 2nd Sem Education Question Answer 

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 2


Q. 1 | কৈশোৰ কালৰ দুটা আভ্যন্তৰীণ দৈহিক বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ কৈশোৰ কালৰ দুটা আভ্যন্তৰীণ দৈহিক বৈশিষ্ট্য হ'লঃ —

  • (i) হাওঁ-ফাওঁ, আৰু
  • (ii) পাচক যন্ত্ৰ ।

Q. 2 | কৈশোৰ কালৰ দুটা বাহ্যিক দৈহিক বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ কৈশোৰ কালৰ দুটা বাহ্যিক বৈশিষ্ট্য হ'লঃ —

(i) উচ্চতা, আৰু

(ii) ওজন ।

Q. 3 | কৈশোৰৰ দৈহিক বিকাশ অধ্যয়নৰ পদ্ধতিৰ বিষয়ে লিখা ।

উত্তৰঃ কৈশোৰৰ দৈহিক বিকাশ অধ্যয়নৰ পদ্ধতিৰ বোৰ হ'লঃ —

  • ( i ) পুনৰ পৰীক্ষণ : এই পদ্ধতি অনুসৰি কিশোৰ-কিশোৰীৰ হাত-ভৰি আৰু অন্যান্য অংশবোৰ প্ৰতিবছৰে পৰিমাণ কৰা হয় আৰু সাধাৰণ আৰু অসাধাৰণ বৃদ্ধিৰ হাৰ নিৰ্ণয়ৰ বাবে ফলাফলৰ তুলনা কৰা হয় । এইদৰে কিশোৰ-কিশোৰীৰ দৈহিক বৃদ্ধিৰ বিষয়ে অধ্যয়ন কৰিব পৰা যায় । ই এক নিৰ্ভৰযোগ্য পদ্ধতি ।
  • ( ii ) নমুনাকৰণ পদ্ধতি : দৈহিক বৃদ্ধি অধ্যয়নৰ আন এক পদ্ধতি হ'ল নমুনাকৰণ পদ্ধতি । এই পদ্ধতিত বিভিন্ন বয়স দলৰ কিশোৰ-কিশোৰীসকলৰ সাধাৰণ আৰু অসাধাৰণ বিকাশৰ হাৰ পৰিমাপ কৰা আৰু তুলনা কৰা হয় । এই পদ্ধতিত দৈহিক বিকাশৰ এক সাধাৰণ ধাৰণাহে প্ৰদান কৰা হয় ।

Q. 4 | কৈশোৰ কালৰ দুটা মানসিক বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ কৈশোৰ কালৰ দুটা মানসিক বৈশিষ্ট্য হ'ল-

  • (১) বিমূৰ্ত চিন্তন ক্ষমতা ।
  • (২) সমস্য়া সমাধান ক্ষমতা । 

Q. 5 | আব্ৰাহাম মেচ্লোৰ প্ৰয়োজন তত্বৰ ভাগকেইটা কি কি ? 

উত্তৰঃ আব্ৰাহাম মেচ্লোৰ প্ৰয়োজন তত্বৰ ভাগকেইটা হ'ল- জৈৱিক প্ৰয়োজন, বিপদমুক্ত প্ৰয়োজন, ভালপোৱা আৰু সমাজত অৰ্ন্তভুক্তিৰ প্ৰয়োজন ।




দৈহিক আৰু মানসিক বিকাশ BA 2nd Sem Education Question Answer (কিশোৰৰ মনোবিজ্ঞান Book Question Answer)

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 5

Q. 1 | কৈশোৰ কালৰ শাৰীৰিক বিকাশৰ লক্ষণসমূহ চমুকৈ আলোচনা কৰা ।

উত্তৰঃ কৈশোৰ কালৰ দ্রুত শাৰীৰিক বিকাশ সহজতে চকুত পৰে । যৌৱনগ্ৰান্তিৰ লগে লগে হোৱা জৈৱিক পৰিৱৰ্তনে ল'ৰা ছোৱালীৰ দেহৰ বিভিন্ন অংগৰ আকাৰ, ওজন, দৈৰ্ঘ্য বৃদ্ধি কৰাৰ লগে লগে নাৰী পুৰুষৰ দেহৰ গঠনৰ পাৰ্থক্য পৰিলক্ষিত হয় । প্রজনন ক্ষমতাপ্রাপ্তি । কৈশোৰ কালৰ এক প্ৰধান বৈশিষ্ট্য আৰু তাৰ ফলত শৰীৰৰ বিভিন্ন পৰিৱৰ্তন , কণ্ঠস্বৰ পৰিৱৰ্তন । আদিয়ে দেখা দিয়ে । এই অভাবনীয় পৰিৱৰ্তনসমূহে কিশোৰ - কিশোৰীৰ মনলৈ আত্ম - সচেতনতাৰ ভাব আনি দিয়ে , যিটোৱে অনাহক লাজ , ভয় আৰু উৎকণ্ঠাৰ সৃষ্টি কৰে । এই সময়ত দেহব । অন্তঃস্রাবী গ্ৰন্থিসসমূহৰ নিঃসৰণৰ বাবে হোৱা জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰ ফলস্বৰূপে কিশোৰ কিশোৰীয়ে বিপৰীত লিংগৰ প্ৰতি আসক্তিৰ ভাব অনুভৱ কৰে । এই সময়তে দেহৰ যৌন গ্রন্থিসমূহ সক্রিয় হৈ উঠি কিশোৰক যৌৱনৰ অফুৰন্ত শক্তিৰ অধিকাৰী কৰিও তোলে ।

Q. 2 | কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ কেনেদৰে হয় ?

নাইবা 

Q. 3 | কৈশোৰ কালৰ মানসিক বিকাশ সৰ্ম্পকে চমুকৈ লিখা ।

উত্তৰঃ  কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ পূর্ণগতিত হয় । মানসিক শক্তি মানে হ'ল - বুদ্ধি , বিমূৰ্ত চিন্তনৰ ক্ষমতা , মুক্তিশক্তি , বিভিন্ন দিশত আগ্রহ আদি । কৈশোৰৰ আৰম্ভণিতে যদিও বৌদ্ধিক বিকাশৰ গতি কিছুহ্রাস পায় শেষৰ পিনে ই দ্রুতগতি লয় আৰু কৈশোৰৰ শেষত বৌদ্ধিক ক্ষমতাই চৰম উৎকর্ষ লাভ কৰে । আনহাতে , শৈশৱ কালত অনুকৰণ - শিক্ষাৰ সলনি নিজৰ বিচাৰ - বুদ্ধিৰে যুক্তিসংগতভাৱে চিন্তা কৰিব পৰা শক্তিৰে বিকাশ হয় এই কালছোৱাতেই ।

Q. 4 | কৈশোৰ - কিশোৰীৰ মাজত পৰিলক্ষিত হোৱা পৰিৱৰ্তনসমূহৰ বিষয়ে চমুকৈ লিখা ।

অথবা

Q. 5 | নৈতিকতাৰ বিকাশে কিশোৰ কিশোৰীৰ মনত কেনে ভাৱৰ উন্মেষ হোৱাত সহায় কৰে ?

অথবা

Q. 6 | কৈশোৰ কালৰ নৈতিক বিকাশ !

উত্তৰঃ কৈশোৰ কালত মানৱৰ নিজস্ব মতাদর্শ গঢ়ি উঠে আৰু নৈতিক ক্ষেত্ৰত কৈশোৰ কালত কিশোৰ কিশোৰীৰ মাজত কিছু পৰিমানে তাৰ প্ৰভাৱ পৰে । ধৰ্মৰ প্ৰতি , দৰ্শনৰ প্ৰতি বা জীৱনৰ লক্ষ্য উদ্দেশ্যৰ প্ৰতি উৎকণ্ঠা জাগি উঠে আৰু ইয়াৰ ফলস্বরূপে মানসিক অন্তদ্বন্দৰো সৃষ্টি হ'ব পাৰে । কিছু ক্ষেত্ৰত পিতৃ - মাতৃ বা সমাজৰ বয়োজেষ্ঠজনৰ মতাদৰ্শৰ পৰা ফালৰি কাটি নিজৰ যুক্তি বিবেচনাৰে এক নতুন নৈতিকতাসমৃদ্ধ সমাজ সৃষ্টি কৰিবলৈ বিচাৰে ।

নৈতিকতাৰ বিকাশে কিশোৰ কিশোৰীৰ মনত সামাজিক দায়বদ্ধতা , দেশপ্রেম আদি ভাবৰ উন্মেষ হোৱাত সহায় কৰে । যৌৱনৰ অফুৰন্ত শক্তিৰ জোৱাৰে কৈশোৰ - কৈশোৰীৰ মনত সৃষ্টি কৰে এক সাৰ্বজনীন বিশ্ব ভাতৃত্বৰ মনোভাৱ । সমাজ সচেতনতাৰ লগতে গঢ়ি উঠে নি : স্বার্থ মনোভাৱ । যাৰ ফলত কিশোৰ কৈশোৰীয়ে নতুন সমাজ গঢ়াৰ সপোনত ব্ৰতী হয় । ন্যায়ৰ হকে যুঁজিবলৈ লোৱা মনোভাৱৰ বাবেই বিশ্বৰ বহু বোৰ সামাজিক বিপ্লৱৰ অংশ গ্ৰহন কৰা লোকসকলৰ অধিকাংশই কিশোৰ - কিশোৰী হৈ পৰে । নৈতিকতাৰ এনে বিকাশে সামাজিক দায়বদ্ধতা , দেশপ্রেম বা বিশ্বপ্ৰেম আদি ভাৱৰ উন্মেষ হোৱাত সহায় কৰে ।

Q. 7 | কৈশোৰ কালত মানসিক স্বাস্থ্যত প্রভাব পোলোৱা মূল কাৰকসমূহ আলোচনা ।

উত্তৰঃ  মূল কাৰকসমূহ তলত আলোচনা কৰা হ'ল –

  • (i) নিজা মূল্যায়নঃ নিজকে নিজে মূল্যায়ন কৰা , নিজৰ প্ৰতিৰূপক লৈ কল্পনা কৰা , নিজ যোগ্যতা আৰু বিশ্বানক লৈ গৌৰৱ কৰা আদি ভাবে কৈশোৰ কালৰ মানসিক স্বাস্থ্যত বিশেষ প্রভাৱ পেলায় ।
  • (ii) আত্মবিশ্বাসঃ কৈশোৰ কালছোৱা সময়ত ল'ৰা - ছোৱালীৰ আত্মবিশ্বাসৰ মনোভাব অধিক বৃদ্ধি পায় । অসাধু কামবোৰো এওঁলোকে কৰিবলৈ বিচাৰে । অভাবিক আত্মবিশ্বাসে মানসিক স্বাস্থ্যত প্রভাব পেলায় ।
  • (iii) জটিল আচৰণঃ সমাজৰ জটিল আচৰাবোৰে কৈশোৰৰ মানসিক স্বাস্থ্যত প্রভাব পেলায় । এই সময়ছোৱাত ল'ৰা - রাণীবোৰে সমাজৰ পৰা এটা মার্জিত আচৰণ বিচাৰে ।
  • (iv) ৰুগীয়া স্বাস্থ্যঃ দৈহিক স্বাস্থ্য ৰুগীয়া হ'লে কৈশোৰ কাণত মানসিক স্বাস্থ্যত প্ৰভাৱ পৰে ।
  • (v) গালি- গলাজ, অপব্যৱহাৰঃ কৈশোৰ কালৰ ল'ৰা - ছোৱালীয়ে এখন সাভ্য সমাজ বিচাৰে । ইয়াৰ বিপৰীতে সমাজত গালি - গালাজ , অভদ্র আচৰণ , অন্যায় আমি দেখা পালে কিশোৰ - কিশোৰীসকল বিদ্রোহী হৈ পৰে । এই ধৰণৰ লক্ষণবোৰে কৈশোৰৰ মানসিক স্বাস্থ্যত বিশেষ প্রভাৱ পেলায় ।


চমু টোকা লিখা (Write short notes): Mark 5

Q. 1 | আনুষ্ঠানিক কাৰ্যকৰীকৰণ স্তৰ

উত্তৰঃ 

Q. 2 | অহমৰ বিকাশ


উত্তৰঃ অহমৰ বিকাশঃ কৈশোৰ কালৰ মানসিক বিকাশৰ শুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল অহমৰ বিকাশ সাধন । কিশোৰ-কিশোৰীৰ মাজত ই আকাংক্ষাৰ পৰ্যায়লৈ অগ্ৰসৰ হয় । বীৰৰ দৰে কাৰ্য কৰাৰ দক্ষতা আৰু সাহস সিহঁতৰ থাকে । তেওঁলোকৰ আচৰণো অতি আকৰ্ষণীয় । সেইবাবে শিক্ষক আৰু পিতৃ-মাতৃয়ে কিশোৰ-কিশোৰীৰ সক্ষমতাবোৰ সদৰ্থক দৃষ্টিভংগীৰে বিকশাই তুলিব লাগে ।

Q. 3 | দুখদায়ক আৱেগৰ প্ৰভাৱ

উত্তৰঃ দুখদায়ক আৱেগৰ প্ৰভাৱঃ দৈহিক পৰিৱৰ্তনৰ বাবে কিশোৰ-কিশোৰীসকলে আৱেগিক জীৱন চঞ্চল, অস্থিৰ আৰু অনিয়ন্ত্ৰিত বিধৰ হৈ উঠে । প্ৰথমবাৰৰ বাবে অনুভৱ কৰা বীৰ্যস্থলন আৰু ৰক্তস্ৰাৱৰ বাবে ল'ৰা-ছোৱালীৰ মনত ভয়, সংকোচ, লাজ, উদ্বিগ্নতা, উৎকণ্ঠা আদি অসুস্থ অনুভূতিয়ে আৱেগিক জীৱন ভাৰ সামস্যাহীন কৰি তোলে । কোনো কোনো আৱেগৰ পৰিস্থতিয়ে আকৌ ক্ৰোধ, বিৰক্তি, ইৰ্ষা, ঘৃণা আদি ভাবৰ সৃষ্টি কৰিব পাৰে । ভাৰসাম্য়হীন অস্বাভাৱিক পৰিস্থিতিৰৰ সৃষ্টি হোৱা দেখা যায় । 

Q. 4 | কৈশোৰ কালৰ শিক্ষা


উত্তৰঃ কৈশোৰ কালত ল'ৰা-ছোৱালীক যি শিক্ষা প্ৰদান কৰা হয় সেয়া হ'ল মাধ্যমিক শিক্ষা । সাধাৰণতে  12/13 বছৰৰ পৰা 17/18 বছৰৰ কালছোৱাত মাধ্যমিক শিক্ষা প্ৰদান কৰা হয় । মাধ্যমিক শিক্ষাৰ দ্বাৰা কিশোৰ-কিশোৰীসকলৰ প্ৰয়োজনবোৰ পূৰণ কৰাৰ চেষ্টা কৰা হয় । কৈশোৰ কালত প্ৰদান কৰা মাধ্যমিক শিক্ষা দুই প্ৰকাৰৰ । সেয়া হ'ল- উচ্চ মাধ্যমিক শিক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা । ব্যক্তিৰ জীৱনৰ এক অতি শুৰুত্বপূৰ্ণ স্তৰ হ'ল মাধ্যমিক শিক্ষাৰ স্তৰ ।

            কিশোৰ-কিশোৰীৰ সৰ্বাত্মক বিকাশ সাধন কৰিবৰ বাবে শিক্ষা ব্যৱস্থাত গ্ৰহণ কৰিব লগা কেতবোৰ পদক্ষেপ হ'লঃ —

  • ( i ) পাঠ্য়ক্ৰমৰ সমৃদ্ধিকৰণ ।
  • ( ii ) বৃত্তিমুখী শিক্ষাৰ প্ৰৱৰ্তন।
  • ( iii ) সহ-পাঠ্য়ক্ৰমিক কাৰ্যাৱলীৰ অন্তৰ্ভুক্তি ।
  • ( iv ) যৌন শিক্ষা ।
  • ( v ) নিৰ্দেশনা আৰু পৰামৰ্শদান । 
  • ( vi ) আজৰি সময়ৰ বাবে শিক্ষা ।


Q. 5 | আভ্যন্তৰীণ দৈহিক বিকাশ

উত্তৰঃ আভ্যন্তৰীণ দৈহিক বিকাশঃ (১) হৃৎপিণ্ড ( Heart): কৈশোৰ কালত হৃৎপিণ্ডৰ আকাৰ আৰু আকৃতি ব্যাপকভাৱে বৃদ্ধি পায় । বাৰ বছৰ বয়সত হৃৎপিণ্ডৰ আকাৰ জন্মৰ সময়তকৈ সাতগুণ আৰু সোতৰ বা ওঠৰ বছৰ বয়সত বাৰগুণ বৃদ্ধি বয় । ১০ ৰ পৰা ১৩ বছৰ সময়ছোৱাত ল'ৰাতকৈ ছোৱালীৰ ৰক্তছাপ বৃদ্ধি হয় । ইয়াৰ পিছত ল'ৰাৰ ৰক্তছাপ লাহে লাহে বৃদ্ধি হৈ ১৬ বছৰ বয়সৰ পিছত ছোৱালীতকৈ আধিক বৃদ্ধি হয় ।

(২) হাওঁ-ফাওঁ : কৈশোৰ কালৰ আৰম্ভণিৰ সময়ৰ পৰা হাওঁ-ফাওঁৰ বিকাশ দ্ৰুতগতিত হোৱা দেখা যায় । হাওঁ-ফাওঁৰ বিকাশ বুকুৰ বিকাশৰ লগত জড়িত হৈ থাকে আৰু এই দুয়োটাই একেলগে বিকাশ লাভ কৰে । শ্বাস-প্ৰশ্বাসৰ ক্ষমতাই এই কালত পৈণতা লাভ কৰে আৰু হাওঁ-ফাওঁৰ দক্ষতাও বৃদ্ধি হয় । কৈশোৰ কালৰ মাজৰ সময়ছোৱাত ছোৱালীৰ তুলনাত ল'ৰাৰ হাওঁ-ফাওঁৰ আকৃতি ডাঙৰ হয় । পৰৱৰ্তী সময়ত ছোৱালীৰ হাওঁ-ফাওঁৰ আকৃতিও ডাঙৰ হয় ।

(৩) পাচক যন্ত্ৰ : সকলো ধৰণৰ পাচক যন্ত্ৰই কৈশোৰ কালত যথোপযুক্তভাৱে বিকশিত হয় । পাচক যন্ত্ৰৰ বিকাশ হোৱা বাবে ইয়াৰ ক্ৰিয়া-ক্ষমতা বৃদ্ধি পায় আৰু ল'ৰা-ছোৱালীক এই স্তৰত অধিক খাদ্যৰ প্ৰয়োজন হয় । হাওঁ-ফাওঁৰ আকাৰ বৃদ্ধি হোৱা বাবে তেওঁলোকে অধিক পৰিমাণে খাদ্য় খাব পৰাও হয় । 

(৪) স্নায়ুতন্ত্ৰ : বাল্যকালত মনৰ বিকাশ দ্ৰুতভাৱে হোৱা দেখা যায়। কৈশোৰ কালৰ আৰম্ভণিৰ লগে লগে ই চৰম স্তৰত উপনীত হয় আৰু ইয়াৰ লগত জড়িত সকলো স্নায়ুৰে বিকাশ হয় । এই সকলোবোৰ বিকাশৰ বাবে কৈশোৰ কালৰ মানসিক বিকাশ লেখতল'বলগীয়া। এইটো পৰ্যবেক্ষণ কৰা যায় যে কিশোৰ-কিশোৰীৰ মানসিক কৌতুহল কৈশোৰ কালত বৃদ্ধি হয় আৰু তেওঁলোকৰ চিন্তন আৰু যুক্তি শক্তিও বৃদ্ধি পায় । কৈশোৰ কালত ব্যক্তিৰ বিভিন্ন গ্ৰন্থি যেনে-সনালী গ্ৰন্থি, অনালী গ্ৰন্থি, গলগ্ৰন্থি, যৌনগ্ৰন্থি, পিটুইটাৰী গ্ৰন্থি আদি সক্ৰিয় হৈ উঠে ।

(৫) খাদ্য (Foods): দেহৰ হাত আৰু ভৰিৰ বিকাশৰ বাবে কিশোৰ-কিশোৰীক পুষ্টিকৰ খাদ্য়ৰ অধিক প্ৰয়োজন হয় । কৈশোৰ কালত ল'ৰাৰ ভোকৰ পৰিমাণ বৃদ্ধি হয় । সাধাৰণতে এজন প্ৰাপ্তবয়স্ক ব্য়ক্তিৰ তুলনাৰ কিশোৰ-কিশোৰীয়ে দুগুণ খাদ্য় খায় । গৰ্ভৱতী মহিলাৰ দৰে কিশোৰ-কিশোৰীসকলেও বিভিন্ন প্ৰকাৰৰ খাদ্য খাই ভাল পায় ।



দৈহিক আৰু মানসিক বিকাশ BA 2nd Sem Education Question Answer (কিশোৰৰ মনোবিজ্ঞান Book Question Answer)

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 10

Q. 1 | কৈশোৰ কালৰ দৈহিক বিকাশৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা ।

উত্তৰঃ কিশোৰ-কিশোৰীসকলৰ দৈহিক বৃদ্ধি তেওঁলোকৰ আৱেগিক, মানসিক আৰু সামাজিক বিকাশৰ সৈতে জড়িত।  যদি দৈহিক বৃদ্ধি সন্তোষজনক নহয় তেন্তে ইয়াৰ প্ৰভাৱ বিকাশৰ অন্যান্য দিশতো পৰিব।

            কৈশোৰকালৰ দৈহিক বৃদ্ধিক দুই ভাগত আলোচনা কৰিব পাৰি । যেনেঃ — (i) বাহ্যিক বৃদ্ধি আৰু (ii) আভ্যন্তৰীণ বৃদ্ধি । তলত এই দুই প্ৰকাৰৰ বৃদ্ধিৰ বিষয়ে আলোচনা কৰা হ'লঃ —

( i ) বাহ্যিক বৃদ্ধি : কৈশোৰ কালৰ বৃদ্ধিৰ বাহ্যিক দিশবোৰ তলত আলোচনা কৰা হ'লঃ —

(ক) উচ্চতা (Height): কৈশোৰ কালত এজন ব্যক্তিৰ গোটেই জীৱনত উচ্চতা দ্ৰুতগতিত বৃদ্ধি পায়।  শাৰীৰিক উচ্চতাৰ বৃদ্ধি লিংগভেদে বেলেগ বেলেগ হয়।  কৈশোৰৰ আৰম্ভণিতে ল’ৰাৰ বৃদ্ধি লাহে লাহে আৰু ছোৱালীৰ বৃদ্ধি দ্ৰুত হয়।  কিশোৰ বয়সৰ শেষৰ ফালে ল’ৰাবোৰ দ্ৰুতগতিত বৃদ্ধি পায় আৰু ছোৱালীবোৰ লেহেমীয়া হয়।  প্ৰায় ২০/২১ বছৰ বয়সত ল’ৰা আৰু ১৭/১৮ বছৰ বয়সত ছোৱালীয়ে শাৰীৰিক উচ্চতা লাভ কৰে।

(খ) ওজন (Weight): হাড় আৰু পেশীৰ বিকাশৰ লগে লগে কিশোৰ-কিশোৰীসকলৰ ওজন বাঢ়ে।  শিশুৰ বাল্যকালৰ ফলত শিশুৰ ওজন বৃদ্ধি পায় কাৰণ এই সময়ছোৱাত তেওঁলোকৰ হাড় আৰু পেশী সম্পূৰ্ণৰূপে বিকশিত নহয়।  কৈশোৰৰ আগতে হাড় আৰু পেশীৰ বৃদ্ধি আৰম্ভ হয় আৰু বাল্যকাল কমিবলৈ আৰম্ভ কৰে।  শৈশৱত ছোৱালীতকৈ ল’ৰাৰ ওজন বেছি, কিন্তু ১০ৰ পৰা ১৫ বছৰৰ ভিতৰত ছোৱালী ল’ৰাতকৈ ডাঙৰ হৈ পৰে।  ১৫ বছৰৰ পিছত আকৌ ছোৱালীতকৈ ল'ৰাৰ ওজন বৃদ্ধি হয় । 

(গ) মূৰ আৰু মুখ (Head and face): বিজ্ঞানীসকলে মতপোষণ কৰে যে তিনি বছৰ বয়সত প্ৰাপ্তবয়স্ক ব্যক্তিৰ তুলনাত শিশুৰ মূৰৰ আকৃতি ৮৬ শতাংশ হয় , ছয় বছৰৰ বয়সত ৯০ শতাংশ হয় আৰু চৈধ্য় বছৰ বয়সত ৯৪/৯৫ শতাংশ হয় । ১৫ বছৰৰ পিছত আকৌ ছোৱালীতকৈ ল'ৰাৰ ওজন বৃদ্ধি হয় ।

(ঘ) দেহৰ আকাৰ : কৈশোৰ কালত বক্তিৰ দেহৰ আকাৰ দ্ৰুতগতিত পৰিৱৰ্তন হয় । ১৪ৰ পৰা ১৬/১৭ বছৰ বয়সত ব্যক্তিৰ বুকুৰ বিকাশ দ্ৰুতগতিত হয় । ইয়াৰ উপৰিও ভৰি আৰু বাহুৰ বিকাশো এই স্তৰত দ্ৰুতগতিত হয় । আকৌ পেশীসমূহৰ বৃদ্ধিয়ে ল'ৰা-ছোৱালীৰ দেহ গঠনৰ অনুপাতক ৰক্ষা কৰি দেহৰ ওপৰ অংশ আৰু নিম্ন অংশৰ মাজত ভাৰসাম্য় স্থাপন কৰে । ইয়াৰ উপৰিও কৈশোৰ কালত ল'ৰা-ছোৱালীৰ দৈহিক উত্তাপ বৃদ্ধি পায় । ছোৱালীৰ মুখ মসৃণ আৰু উজ্জ্বল হয় । ল'ৰাৰ মুখৰ ছাল ডাঠ হয়, মুখত দাড়ি-গোঁফ গজে, অন্যান্য অংশত চুলি গজিবলৈ ধৰে আৰু মাত কৰ্কশ হয় ।

(ঙ) যৌনাংগৰ বৃদ্ধি : কৈশোৰ কালত শাৰীৰিক বিকাশৰ এক গুৰুত্বপূৰ্ণ দিশ হ’ল যৌন বিকাশ।  ছোৱালীৰ ঋতুস্ৰাৱ আৰু দাড়ি বৃদ্ধি আৰু ল’ৰাৰ মাতৰ পৰিৱৰ্তনে যৌৱনকালৰ ইংগিত দিয়ে।  এই সময়ছোৱাত শিশুৱে প্ৰজনন ক্ষমতা লাভ কৰে।  ল’ৰা শুক্ৰাণু হৈ স্খলন কৰে।  ছোৱালীৰ কণী ঋতুস্ৰাৱৰ সময়ত তৈয়াৰ কৰা হয়।  যদিও যৌন অংগসমূহ পৰিপক্ক হয়, তথাপিও শিশুৱে এই পৰ্যায়ত যৌন কাৰ্য্যকলাপৰ বাবে প্ৰয়োজনীয় পৰিপক্কতা লাভ নকৰে।

(চ) আগতীয়া কৈশোৰ কালৰ দ্ৰুত বিকাশ : কৈশোৰ কালছোৱাত শৈশৱ কালৰ দৰে দৈহিক বিকাশ দ্ৰুততৰ হোৱা দেখিবলৈ পোৱা যায় । তেৰ বছৰ বয়সত ছোৱালীৰ উচ্চতা ল'ৰাতকৈ ১/৩ ইঞ্চি বৃদ্ধি হয় আৰু ১৫ বছৰ বয়স এই উচ্চতা সম পৰ্যায়ৰ হয় । ইয়াৰ পিছত ল'ৰাৰ উচ্চতা বৃদ্ধিৰ প্ৰৱণতা দ্ৰুত হয় । ১৮ বছৰ বয়সত ল'ৰাৰ উচ্চতা ছোৱালীতকৈ ২১/২ ৰ পৰা ৩ ইঞ্চি বৃদ্ধি হয় । 

(ছ) মধ্য শৰীৰ : ১৪ বছৰৰ পৰা ১৬/১৭ বছৰ বয়সৰ ভিতৰত বুকুৰ বিকাশ অধিক দ্ৰুতগতিত হোৱা দেখা যায় ।কৈশোৰ কাল শেষ হোৱাৰ সময়লৈকে দেহৰ মধ্যভাগৰ আকাৰ বাল্য়কালৰ তুলনাত তিনিগুণ মান বৃদ্ধি হয় । কঁকাল অংশ কৈশোৰ কালত দেখা পোৱা হয় । এই সময়ছোৱাত ছোৱালীৰ তুলনাত ল'ৰাৰ বিকাশ এবছৰ মান আগতীয়া হয় । 

(জ) ভৰি আৰু বাহু : বাল্য কালছোৱাত ভৰি আৰু বাহু সৰু হৈ থাকে কৈশোৰ কালত এইবোৰ চাৰিগুণে বৃদ্ধি পায় আৰু মধ্য় শৰীতকৈও দীঘলীয়া হয় । আগতীয়াকৈ পৰিপক্কতা লাভ কৰাবোৰৰ ভৰি শৰীৰ মধ্য অংশতকৈ চুটি হয় । যিবোৰ পৰিপক্কতা পলমকৈ আহে সেইবোৰৰ ভৰিবোৰ মধ্য় শৰীৰৰ তুলনাত দীঘল হোৱা পৰিলক্ষিত হয় । কৈশোৰ কালত বাহুবোৰ লক্ষণীয়ভাৱে বৃদ্ধি হয় । আগতীয়া পৰিপক্কতা লাভ কৰা ব্যক্তিসকলৰ বাহুবোৰ অলপ চুটি বোৱা পৰিলক্ষিত হয় ।

(ঝ) হাঁড় : কৈশোৰ কালত হাড়ৰ বৃদ্ধি বেছি হয়।  কিশোৰ-কিশোৰীৰ ভৰিৰ হাড় দুই ইঞ্চি পৰ্যন্ত ডাঙৰ হয়।  হাড়ৰ বিকাশৰ লগে লগে মুখখন ডাঙৰ হৈ পৰে।  শৈশৱত হাড় দুৰ্বল আৰু কোমল হৈ পৰে।  কৈশোৰ কালত ইহঁত শক্তিশালী আৰু কঠিন হৈ পৰে।  ১৭ বছৰ বয়সত এগৰাকী ছোৱালীৰ কংকাল সম্পূৰ্ণ বিকশিত হয়।  ল'ৰাৰ বাবে আৰু ২ বছৰ লাগে।  ১৯ বছৰ বয়সতহে ল’ৰাৰ কংকাল সম্পূৰ্ণৰূপে বিকশিত হয়।  কংকালৰ বিকাশৰ লগত জৈৱিক অংশৰ বিকাশৰ সম্পৰ্ক আছে।  এই দুটা সমান্তৰালভাৱে পৰিপক্ক হয়।

(১০) মাংসপেশী : হাঁডৰ বিকাশৰ লগত মাংসপেশীৰ বিকাশো প্ৰয়োজনীয় । কৈশোৰ কালত মাংসপেশীৰ বিকাশ দ্ৰুতগতিত হোৱা দেখা যায় ।মাংসপেশীৰ বিকাশৰ বাবে দেহৰ ওজন বাঢ়ে আৰু দেখিবলৈ দেহটো সুন্দৰ হৈ পৰে । ৮বছৰ বয়সত সম্পূৰ্ণ দেহৰ ওজনৰ ভিতৰত মাংপেশীৰ ওজন ২৭% হয় । ১৫ বছৰ বয়সত এই ওজন ৩২% হয় আৰু ১৬ বছৰ বয়সত ৪৪% হয় । যদি হাঁডৰ লগত মাংসপেশীৰ বিকাশৰ মিল নাথাকে তেতিয়া দেহটো দেখিবলৈ কুৰূপ হৈ পৰে । ল'ৰাৰ তুলনাত ছোৱালীৰ কমকৈ কায়িক শ্ৰম কৰে যাৰ ফলশ্ৰুতিত ল'ৰাৰ তুলনাত ছোৱালীৰ মাংসপেশীৰ বিকাশ কমকৈ হয় ।

( ii )  আভ্যন্তৰীণ বৃদ্ধি : 

(১) হৃৎপিণ্ড (Heart) : কৈশোৰ কালত হৃদযন্ত্ৰৰ আকাৰ আৰু আকৃতি ব্যাপকভাৱে বৃদ্ধি পায়।  বাৰ বছৰ বয়সত হৃদযন্ত্ৰৰ আকাৰ সাতগুণ আৰু সোতৰ বা আঠাইশ বছৰ বয়সত বাৰগুণ বৃদ্ধি পায়।ল’ৰাৰ তুলনাত ছোৱালীৰ ১০ৰ পৰা ২০ বছৰ বয়সৰ ভিতৰত ৰক্তচাপ বৃদ্ধি পায়।  ইয়াৰ পিছত ল’ৰাৰ ৰক্তচাপ ক্ৰমান্বয়ে বৃদ্ধি পায় আৰু বয়সৰ পিছত ছোৱালীতকৈ বেছি বৃদ্ধি পায়।

(২) হাওঁ-ফাওঁ ( L u n g s) : কৈশোৰ কালৰ আৰম্ভণিৰ সময়ৰ পৰা হাওঁ-ফাওঁৰ বিকাশ দ্ৰুতগতিত হোৱা দেখা যায় । হাওঁ-ফাওঁৰ বিকাশ বুকুৰ বিকাশৰ লগত জড়িত হৈ থাকে আৰু এই দুয়োটাই একেলগে বিকাশ লাভ কৰে । শ্বাস-প্ৰশ্বাসৰ ক্ষমতাই এই কালত পৈণতা লাভ কৰে আৰু হাওঁ-ফাওঁৰ দক্ষতাও বৃদ্ধি হয়। কৈশোৰ কালৰ মাজৰ সময়ছোৱাত ছোৱালীৰ তুলনাত ল'ৰাৰ হাওঁ-ফাওঁৰ আকৃতি ডাঙৰ হয় । পৰৱৰ্তী সময়ত ছোৱালীৰ হাওঁ-ফাওঁৰ আকৃতিও ডাঙৰ হয় । 

(৩) পাচক যন্ত্ৰ : সকলো ধৰণৰ পাচক যন্ত্ৰই কৈশোৰ কালত যথোপযুক্তভাৱে বিকশিত হয় । পাচক যন্ত্ৰৰ বিকাশ হোৱা বাবে ইয়াৰ ক্ৰিয়া-ক্ষমতা বৃদ্ধি পায় আৰু ল'ৰা-ছোৱালীক এই স্তৰত অধিক খাদ্য়ৰ প্ৰয়োজন হয় । হাওঁ-ফাওঁৰ আকাৰ বৃদ্ধি হোৱা বাবে তেওঁলোকে অধিক পৰিমাণে খাদ্য় খাব পৰাও হয় ।

(৪) স্নায়ুতন্ত্ৰ : বাল্যকালত মনৰ বিকাশ দ্ৰুতভাৱে হোৱা দেখা যায় । কৈশোৰ কালৰ আৰম্ভণিৰ লগে লগে ই চৰম স্তৰত উপনীত হয় আৰু ইয়াৰ লগত জড়িত সকলো স্নায়ুৰে বিকাশ হয় । এই সকলোবোৰ বিকাশৰ বাবে কৈশোৰ কালৰ মানসিক বিকাশ লেখত ল'বলগীয়া। এইটো পৰ্যবেক্ষণ কৰা যায় যে কিশোৰ-কিশোৰীৰ মানসিক কৌতুহল কৈশোৰ কালত বৃদ্ধি হয় আৰু  তেওঁলোকৰ চিন্তন আৰু যুক্তি শক্তিও বৃদ্ধি পায় । কৈশোৰ কালত ব্য়ক্তিৰ বিভিন্ন গ্ৰন্থি যেনে- সনালী গ্ৰন্থি, অনালী গ্ৰন্থি, গলগ্ৰন্থি, যৌনগ্ৰন্থি, পিটুইটাৰী গ্ৰন্থি আদি সক্ৰিয় হৈ উঠে । কৈশোৰ কালত ব্য়ক্তিৰ এই অন্তঃক্ষৰা গ্ৰন্থিবোৰৰ জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়াৰ অধিক পৰিৱৰ্তন সাধন হয় ।

(৫) খাদ্য (Foods) :দেহৰ হাত আৰু ভৰিৰ বিকাশৰ বাবে কিশোৰ-কিশোৰীক পুষ্টিকৰ খাদ্যৰ অধিক প্ৰয়োজন হয় । কৈশোৰ কালত ল'ৰাৰ ভোকৰ পৰিমাণ বৃদ্ধি হয় । সাধাৰণতে এজন প্ৰাপ্তবয়স্ক ব্য়ক্তিৰ তুলনাৰ কিশোৰ-কিশোৰীয়ে দুগুণ খাদ্য় খায় । গৰ্ভৱতী মহিলাৰ দৰে কিশোৰ-কিশোৰীসকলেও বিভিন্ন প্ৰকাৰৰ খাদ্য খাই ভাল পায় । 


Q. 2 | কৈশোৰ কালৰ দৈহিক বিকাশৰ মনোবৈজ্ঞানিক আৰু শৈক্ষিক তাৎপৰ্য বৰ্ণনা কৰা ।

উত্তৰঃ কৈশোৰ কালৰ দৈহিক বিকাশৰ মনোবৈজ্ঞানিক তাৎপৰ্য থকা দেখিবলৈ পোৱা যায় । সেইবোৰ হ'ল-

(i) ব্যক্তিত্বৰ বিকাশৰ বাবে উন্মাদ : কৈশোৰ কাসছোৱাত ব্য়ক্তি সম্পূৰ্ণৰূপে সলনি হয় । সম্পূৰ্ণ এক নতুন ব্য়ক্তিত্বৰ গৰাকী হয় । এই নতুন ব্যক্তিত্বই ব্যক্তিৰ মাজত নতুন ধাৰণা, আকাংক্ষা আৰু চিন্তন ক্ষমতা কঢ়িয়াই আনে । জীৱন সম্বন্ধে ব্য়ক্তিয়ে নতুন দৃষ্টিভংগী সামগ্ৰিকভাৱে গঢ়ি তোলে । এই সময়ছোৱাত কিশোৰ-কিশোৰীয়ে নিজৰ লগত একেলগে কিশোৰ-কিশোৰীয়ে আগবাঢ়ি যায় । নিজৰ দৈহিক গঠনৰ লগত মিল থকা সাজ-পাৰ সিহঁতে পৰিধান কৰি নিজকে প্ৰাপ্তবয়স্কসকলৰ লগত ৰিজাব বিচাৰে ।

(ii) আনৰ পৰা প্ৰশংসাৰ আকাংক্ষা : বিভিন্ন দৈহিক বিকাশৰ বাবে কিশোৰ-কিশোৰীয়ে অহংকাৰ কৰিবলৈ আৰম্ভ কৰে । এই বিকাশ যে এক সাধাৰণ প্ৰক্ৰিয়া সেয়া সিহঁতে বুজি নাপায় । সেয়ে আনে প্ৰশংসা কৰিলে সিহঁতে ভিতৰি ভিতৰি আনন্দ লাভ কৰে । এই প্ৰশংসা লাভৰ বাবে সিহঁতে বিভিন্ন খেলা-ধূলাত অংশ গ্ৰহণ কৰে । যিসকল কিশোৰ-কিশোৰীয়ে কোনো কাৰণৰ বাবে দৈহিক বিকাশ সম্পূৰ্ণ নহয় নাইবা খেল-ধেমালিত সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰিব নোৱাৰে সেইসকলে হীনমন্যতাবোধত ভোগে । বহুতো ল'ৰাই শাৰীৰিক শক্তিৰ বাবে নিজক ছোৱালীতকৈ শ্ৰেষ্ঠ বুলি ভাবে ।

(iii) সমালোচনাৰ ভয় : কিশোৰ-কিশোৰীসকলে নিজৰ ইচ্ছামতে শাৰীৰিকভাৱে বিকাশ নোহোৱাৰ বাবে সমালোচনা হোৱাৰ আশংকা কৰে।  মুখত পিম্পল হ’বলৈ তেওঁৰ ভয় লাগে।  কিছুমান শিশুৰ মুখত অত্যধিক পিম্পল হয় যাৰ বাবে তেওঁলোকে আনৰ সন্মুখত দেখা দিয়াৰ ব্যৱস্থা ল’ব বিচাৰে।  বিজ্ঞাপনৰ প্ৰভাৱ কিশোৰ-কিশোৰীসকলৰ ওপৰত বিপুল প্ৰভাৱ পৰে।.

(iv) দৈহিক বিকাশৰ অসমানতা : কৈশোৰ কালৰ দৈহিক বিকাশ সমমানৰ নহয় । কেতিয়াবা কিছুমান অংগ অধিকভাৱে বিকশিত হয় আৰু আন অংগৰ তুলনাত দেখিবলৈ বেয়া হয় । উদাহৰণস্বৰূপে আন দেহৰ অংগতকৈ ভৰি আৰু পেশীৰ বিকাশ অধিক দ্ৰুতগতিত হয় আৰু দেখিবলৈ অধিক দীঘল হয় । ছোৱালীবোৰে এইবোৰ বেছিকৈ অনুভৱ কৰে আৰু আনৰ সন্মুখত ওলাবলৈ লাজ কৰে । কিয়নো মহিলাৰ সৌন্দৰ্যচৰ্চা অনুসৰি হাত-ভৰি অধিক দীঘল হ'লে শুৱনি নেদেখি । সেয়ে সিহঁতে এনে অংগবোৰ ঢাকি ৰাখিব বিচাৰে । একেদৰে ল'ৰাবোৰো এক জটিলতাৰ সন্মুখীন হয় কিন্তু ছোৱালীবোৰ এই ক্ষেত্ৰত অধিক সচেতন হয় ।

(v) নাকৰ বিকাশ : কৈশোৰ কালত শৰীৰৰ অন্যান্য অংগৰ তুলনাত নাকৰ বিকাশ আগতীয়াকৈ হয় । সেয়ে অন্যান্য অংগৰ তুলনাত ইয়াক সামঞ্জস্য়হীন যেন লাগে । কিশোৰ-কিশোৰীৰ বন্ধু-বান্ধৱীসকলে এইক্ষেত্ৰত কেতিয়াবা অমনোবৈজ্ঞানিক মন্তব্য় দিয়াও দেখা যায় । ফলত কিশোৰ-কিশোৰীসকলে অস্বস্তিকৰ অনুভৱ কৰে । কিন্তু যেতিয়া মুখৰ বিকাশ সম্পূৰ্ণ হয় তেতিয়া নাকৰো সামঞ্জস্য়তা আহি পৰে ।

(vi) ব্যক্তি পাৰ্থক্য়ৰ বাবে লজ্জা : কিছুমান কিশোৰ-কিশোৰীৰ দৈহিক বিকাশ খুব আগতীয়াকৈ হয় আৰু কিছুমানক বেছি সময়ৰ প্ৰয়োজন হয় । যিসকল দৈহিক বিকাশত কিছু পলম হয় সেইসকল কিশোৰ-কিশোৰীয়ে বন্ধুৰ সন্মুখত নীচাত্মিক জটিলতা অনুভৱ কৰে । ব্য়ক্তি পাৰ্থক্য়ৰ বাবে ল'ৰা আৰু ছোৱালীৰ লাজ আৰু শংকা পৃথক হোৱা দেখা যায় । ল'ৰা আৰু ছোৱালীৰ মাত, দেহৰ গোপন অংগ আদিৰ বাবে সিহতে লাজ অনুভৱ কৰা দেখা যায় ।

(vii) নিসংগপ্ৰিয়তা আৰু দিবাস্বপ্ন : কৈশোৰ কালৰ ল'ৰা-ছোৱালীৰ মাজত নিসংগপ্ৰিয়তা আৰু নিৰ্জনপ্ৰিয়তা ভাৱ পৰিলক্ষিত হয় । ভাবুকতা, চিন্তাক্লিষ্টতা, বিষণ্ণতা আদি মানসিক অৱস্থাই সিহঁতক বাস্তৱ-বিবৰ্জিত কল্পনা ৰাজ্য এখনলৈ লৈ যায় ।ভৱিষ্যত জীৱনৰ আশা-নিৰাশাৰ কল্পনা আৰু দিবাস্বপ্নৰ মাজত আত্ম বিলোপন কৰিব বিচাৰে । 

(viii) দুখদায়ক আৱেগৰ প্ৰভাৱ : দৈহিক পৰিৱৰ্তনৰ বাবে কিশোৰ-কিশোৰীসকলৰ আৱেগিক জীৱন চঞ্চল, অস্থিৰ আৰু অনিয়ন্ত্ৰিত বিধৰ হৈ উঠে । প্ৰথমবাৰৰ বাবে অনুভৱ কৰা বীৰ্যস্খলন আৰু ৰক্তস্ৰাৱৰ বাবে ল'ৰা-ছোৱালীৰ মনত ভয়, সংকোচ, লাজ, উদ্বিগ্নতা, উৎকন্ঠা আদি অসুস্থ অনুভূতিয়ে আৱেগিক জীৱন ভাৰ সাম্য়হীন কৰি তোলে । কোনো কোনো আৱেগৰ পৰিস্থিতিয়ে আকৌ ক্ৰোধ, বিৰক্তি, ইৰ্ষা, হিংসা, ঘৃণা আদি ভাবৰ সৃষ্টি কৰিব পাৰে । দৰাচলতে ক'বলৈ গ'লে যৌন জীৱনৰ পৰিৱৰ্তনৰ বাবে কিশোৰ-কিশোৰীৰ আৱেগিক জীৱনত ভাৰসাম্য়হীন অস্বাভাৱিক পৰিস্থিতিৰৰ সৃষ্টি হোৱা দেখা যায় । 

          দৈহিক বিকাশৰ শৈক্ষিক তাৎপৰ্যঃ কিশোৰ-কিশোৰীৰ প্ৰয়োজনবোৰৰ বোধৰ বাবে আব্ৰাহাম মেচ্লোৰ পৰ্যায়ক্ৰম স্থিতি তত্ব অতি সহায়কাৰী । কৈশোৰ কালত আন আন প্ৰয়োজনবোৰৰ লগতে উচ্চ পৰ্যায়ৰ প্ৰয়োজনবোৰো বিকশিত হৈ উঠে । মেচ্লোই মানুহৰ প্ৰয়োজনবোৰক জৈৱিক প্ৰয়োজন, বিপদমুক্ততাৰ প্ৰয়োজন, ভালপোৱা আৰু সমাজত অৰ্ন্তভুক্তিৰ প্ৰয়োজন আদি ভাগত ভাগ কৰিছে । বহুলভাৱে বিভাজন কৰিলে মানুহৰ প্ৰয়োজনবোৰক তিনিটা ভাগ কৰিব পাৰি । সেয়া হ'ল-

  • (ক) কিশোৰ-কিশোৰীৰ নিম্ন প্ৰয়োজন বা দৈহিক প্ৰয়োজন ।
  • (খ) কিশোৰ-কিশোৰীৰ সামাজিক আৰু মনোবৈজ্ঞানিক প্ৰয়োজন ।
  • (গ) উচ্চ প্ৰয়োজন বা আত্ম মৰ্যাদাৰ প্ৰয়োজন ।

        কিশোৰ-কিশোৰীসকলৰ দৈহিক বিকাশৰ বাবে তেওঁলোকৰ প্ৰয়োজনবোৰ পূৰণ কৰাটো অতি প্ৰয়োজনীয় । এই ক্ষেত্ৰত শিক্ষক আৰু অভিভাৱকসকলে বিভিন্ন ধৰণৰ বিকাশমূলক কাৰ্য গ্ৰহণ কৰিব লাগে । এই কাৰ্যবোৰে কিশোৰ-কিশোৰীৰ প্ৰয়োজনবোৰ সন্তোষজনকভাৱে পূৰণ কৰিব লাগে । দৈহিক বিকাশৰ লগত সম্বন্ধিত কেতবোৰ শিক্ষামূলক তাৎপৰ্য হ'ল-

        ১। কিশোৰ-কিশোৰীসকলৰ বাবে বাধ্য়তামূলক দৈহিক ব্য়ায়াম আৰু সন্ধিয়া সময়ত খেল-ধেমালিৰ ব্য়ৱস্থা কৰিব লাগে । বিদ্য়ালয়ত এটা নিৰ্দিষ্ট সময়ত নিয়মিতভাৱে সকলো কিশোৰ-কিশোৰীকে শৰীৰ চৰ্চা কৰিবলৈ দিব লাগে । ইয়ে সিহঁতক দৈহিকভাৱে ভাৰসাম্য়পূৰ্ণ কৰি ৰাখিব । 

            ২। বিদ্য়ালয়ত নিজস্ব চিকিৎসকৰ দ্বাৰা প্ৰতিমাহে কিশোৰ-কিশোৰীৰ স্বাস্থ্য়ৰ নিৰীক্ষণ কৰিব লাগে । এই নিৰীক্ষণ কাৰ্যই ছাত্ৰ-ছাত্ৰীৰ ৰোগ-ব্য়াধি, শাৰীৰিক অপুষ্টিতা আদিৰ বিষয়ে জনাত সহায় কৰিব আৰু সেই অনুসৰি প্ৰতিকাৰৰ  ব্য়ৱস্থা প্ৰদান কৰিব পৰা যাব ।

৩। দৈহিক বিকাশ ভাৰসাম্য়পূৰ্ণ কৰি ৰাখিবৰ বাবে সকলো কিশোৰ-কিশোৰীক কিছু পৰিমাণে কায়িক শ্ৰম কৰিবলৈ দিব লাগে । বিদ্য়ালয়ত এটা নিৰ্দিষ্টি সময়ত ইয়াৰ বাবে সুবিধা প্ৰদান কৰিব লাগে । ইয়াৰ লগতে ঘৰতো পিতৃ-মাতৃ আৰু অভিভাৱকে কায়িক শ্ৰম কৰাৰ বাবে সুবিধা প্ৰদান কৰিব লাগে । 

           ৪। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ কিশোৰ-কিশোৰীসকলক সুষম পুষ্টিকৰ খাদ্য় যোগান ধৰাৰ ব্য়ৱস্থা বিদ্য়ালয়ত কৰিব লাগে । সুষম খাদ্য়ৰ অভাৱত যাতে ল'ৰা-ছোৱালীৰ দৈহিক বিকাশ অপৰিপক্ক নহয় তাৰ বাবে এই ব্য়ৱস্থা গ্ৰহণ কৰাটো বিদ্য়ালয়ৰ নৈতিক দায়িত্ব। 

           ৫। কৈশোৰ কালত ল'ৰা-ছোৱালীক বিভিন্ন ধৰণৰ খেলা-ধূলা কৰাৰ বাবে সুবিধা প্ৰদান কৰিব লাগে । ইয়াৰ বাবে বিদ্য়ালয়ত আৰু ঘৰত পাৰ্যমানে খেল-ধেমালীৰ সামগ্ৰী যোগান ধৰাৰ ব্য়ৱস্থা কৰিব লাগে । একক খেলতকৈ দলীয় খেল-ধেমালীত অংশ গ্ৰহণ কৰাৰ বাবে কিশোৰ-কিশোৰীক উৎসাহিত কৰিব লাগে ।

            ৬। ছোৱালীসকলৰ দৈহিক বিকাশৰ বাবে বিদ্য়লয় আৰু ঘৰত যিকোনো ধৰণৰ নৃত্য়ৰ সুবিধা প্ৰদান কৰিব লাগে । বিদ্য়ালয়ত ইয়াৰ বাবে সুকীয়া স্থান আৰু সুকীয়া সময়ৰ সুবিধা প্ৰদান কৰিব লাগে । 

             ৭। শিক্ষকসকলে কিশোৰ-কিশোৰীক বিভিন্ন প্ৰত্য়াহ্বানমূলক কাৰ্য কৰিবলৈ দিব লাগে । দৈহিকভাৱে যিহেতু কিশোৰ-কিশোৰীসকল শক্তিশালী, কৌশলী আৰু সাহসী, সেয়ে এই প্ৰত্য়াহ্বানমূলক কাৰ্যবোৰে সিহঁতক সমস্য়া-সমাধান ক্ষমতা বিকশাই তুলিব । 


Q. 3 | কৈশোৰ কালৰ মানসিক বিকাশৰ ওপৰত এখন ৰচনা লিখা ।

উত্তৰঃ মানসিক বৃদ্ধি আৰু বিকাশ বৰ্ধিত পৰিপক্কতা লগত সম্বন্ধিত হৈ থাকে । মানসিক বিকাশৰ বাবে কোনো নিৰ্দিষ্ট স্তৰ নাথাকে । মূৰ্ত চিন্তনৰ পৰা মানসিক বিকাশ আৰম্ভ হৈ বিমূৰ্ত চিন্তনলৈ অগ্ৰসৰ হয় । বিকাশৰ আন পৰ্যায় বা স্তৰবোৰৰ তুলনাত মানসিক বিকাশৰ দিশৰ পৰাও কৈশোৰ কাল বৈচিত্ৰ্য়ময় । কৈশোৰৰ কাল হৈছে এক সময় যি সময়ত ভৱিষ্যতৰ বাস্তৱ পৃথিৱীত সমাযোজিত হ'বৰ বাবে প্ৰয়োজন হোৱা সকলোবোৰ মানসিক শক্তি প্ৰশিক্ষণৰ যোগেদি বিকশাই তোলা হয় । কৈশোৰ কালৰ শিক্ষা ব্যৱস্থাৰ এক প্ৰধান দায়িত্ব হ'ল মনৰ স্মৃতি শক্তি , মনোযোগ, চিন্তা-কল্পনা, যুক্তি, বিচাৰ, বিবেচনা, সমস্য়া সমাধান ক্ষমতা, জ্ঞান আহৰণ ক্ষমতা , বোধ ক্ষমতা আদিৰ চিনাক্তকৰণ আৰু প্ৰশিক্ষণ প্ৰদান কৰা ।

        মানসিক বিকাশ মানে হ'ল ব্যক্তিৰ বৌদ্ধিক দিশৰ বিকাশ কিয়নো বুদ্ধিক সাধাৰণ ক্ষমতা স্বৰূপে বিবেচনা কৰা হয় । একেদৰে বৌদ্ধিক বিকাশ মানে হ'ল মানসিক ক্ষমতা আৰু সক্ষমতাৰ বিকাশ যিয়ে এজন ব্যক্তিক পৰিৱৰ্তিত পৰিৱেশৰ লগত সমাযোজন স্থাপন কৰাত সহায় কৰে । ব্য়ক্তি এজনৰ বৌদ্ধিক বিকাশ বুলিলে সাধাৰণতে ধাৰণা , জ্ঞান, ভাষা, স্মৃতি, যুক্তি, চিন্তন, কল্পনা, বুদ্ধি আদি দিশৰ বিকাশকে বুজা যায় ।

            বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত জ্য়া পিয়াজেই এক তত্ব আৱিষ্কাৰ কৰিছিল যি তত্ব সৰ্বসন্মতভাৱে গ্ৰহণ কৰা হৈছে । পিয়াজেই এই তত্বৰ জৰিয়তে ব্য়ক্তি এজনৰ বৌদ্ধিক বিকাশ চাৰিটা স্তৰৰ মাজেৰে আলোচনা কৰিছে ।

পিয়াজেই আগবঢ়োৱা এই স্তৰকেইটাৰ অন্তিম স্তৰটোত কৈশোৰকাল অন্তৰ্ভুক্ত । পিয়াজেৰ মতে শিশুৱে কেৱল মাত্ৰ প্ৰকৃত ঘটনাই নহয়, কেতবোৰ সাম্ভাৱ্য় ঘটনাৰ বিষয়েও চিন্তা কৰিব পাৰে । যেতিয়া ল'ৰা-ছোৱালীয়ে নিজে সন্মুখীন হোৱা সমস্য়াবোৰ সমাধানৰ বাবে উপায় উদঘাটন কৰিব পৰা হয় , তেতিয়া তেওঁলোকৰ বাবে পৰিকল্পনা কৰা আৰু কাৰ্য সম্পাদন কৰাটো সহজ হয় । এই স্তৰত তেওঁলোকে অদৃশ্য শক্তিৰ কথাও চিন্তা কৰিব পৰা হয় । তেওঁলোকে কোনো সমস্য়াৰ জৰীপ কৰিব পাৰে , সাম্ভাৱ্য প্ৰকল্পৰ ফলাফল নিৰ্ধাৰণ কৰিব পাৰে আৰু এটা সময়ত এই প্ৰকল্পবোৰ পৰীক্ষাও কৰিব পাৰে । বিজ্ঞানসন্মত যুক্তিৰ ই এক কঠিন উপাদান । অধিক কঠিন সমস্য়াৰ সমাধান ল'ৰা-ছোৱালীয়ে এই স্তৰত কৰিব পাৰে । বহুতো কাৰক অন্তৰ্ভুক্ত হৈ থকা সমস্যা ল'ৰা-ছোৱালীয়ে এই স্তৰত মোকাবিলা কৰিব পাৰে । গতিকে ক'ব পাৰি যে পিয়াজেই ব্যক্তিৰ এই বিশেষ স্তৰটোৰ বৌদ্ধিক বিকাশত অতুলনীয় অৱদান আগবঢ়াইছে ।

Q. 4 | কৈশোৰ  কালৰ মানসিক বিকাশৰ শৈক্ষিক তাৎপৰ্য বৰ্ণনা কৰা ।


উত্তৰঃ কিশোৰ-কিশোৰীৰ মানসিক  বিকাশৰ বৈশিষ্ট্য়বোৰে মানসিক বিকাশত অৰিহণা যোগায় । এইক্ষেত্ৰত শিক্ষকসকলে কেতবোৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাৰ যোগেদি কিশোৰ-কিশোৰীৰ মানসিক বিকাশৰ লগত জড়িত সমস্যা কৰিব পাৰে । 

  • ১। কিশোৰ-কিশোৰীসকল বিভিন্ন সমস্যাৰ বোজা।  বিশেষকৈ যৌন সমস্যাই শীৰ্ষত থাকে।  গতিকে কিশোৰ-কিশোৰীক যৌন শিক্ষা আৰু নৈতিক শিক্ষাক অগ্ৰাধিকাৰ দিয়া উচিত যাতে তেওঁলোকে বিপৰীত লিংগৰ প্ৰতি ইতিবাচক আৰু সুস্থ মনোভাৱ গঢ়ি তুলিব পাৰে।
  • ২। কিশোৰ-কিশোৰীসকলৰ মানসিক দক্ষতাৰ সম্পূৰ্ণ বিকাশৰ বাবে অনুকূল পৰিৱেশৰ ব্যৱস্থা কৰাটোৱেই বিদ্যালয়ৰ অন্যতম গুৰুত্বপূৰ্ণ কাম।  বিদ্যালয়সমূহে ভাল পুথিভঁৰাল, মুকলি আলোচনা আৰু সামূহিক সেৱাৰ সুযোগ প্ৰদান কৰিব লাগে।  কিশোৰ-কিশোৰীসকলৰ প্ৰয়োজনীয়তাক বিদ্যালয়ৰ পাঠ্যক্ৰমত উপযুক্ত স্থান দিব লাগে।
  • ৩। বিদ্যালয়সমূহে সংগীত, নৃত্য, শিল্প আৰু হস্তশিল্পৰ জৰিয়তে কিশোৰ-কিশোৰীসকলৰ সৃষ্টিশীল দক্ষতা বিকাশৰ বাবে উপযুক্ত সুযোগ প্ৰদান কৰিব লাগে।  বিচ্ছিন্ন বা বিচ্ছিন্ন চিন্তাধাৰাক উৎসাহিত কৰা।  শিক্ষকসকলে শ্ৰেণীকোঠাত তেওঁলোকৰ পাঠদান আৰু আচৰণৰ জৰিয়তে কিশোৰ-কিশোৰীসকলৰ বাবে আদৰ্শ হ’ব লাগে।  শিক্ষকসকলে কিশোৰ-কিশোৰীসকলক জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী গঢ়ি তোলাত সহায় কৰিব লাগে।
  • ৪। কিশোৰ-কিশোৰীসকলে বাহিৰৰ জগতখনক নতুন দৃষ্টিৰে চাবলৈ আৰম্ভ কৰে আৰু তেওঁলোকৰ প্ৰতিভাক স্বীকৃতি দিয়াটো বিচাৰে।  ইয়াৰ বাবে বিদ্যালয়সমূহে কিশোৰ-কিশোৰীসকলৰ বাবে উপযুক্ত পৰিৱেশৰ ব্যৱস্থা কৰিব লাগে।
  • ৫) শৈক্ষিক আৰু বৃত্তিগত পথ প্ৰদৰ্শনৰ বাবে বিদ্যালয়ত শৈক্ষিক আৰু বৃত্তিমূলক পথ প্ৰদৰ্শন সেৱা আগবঢ়াব লাগে।
  • ৬) শিক্ষকসকলে প্ৰতিজন কিশোৰ-কিশোৰীৰ প্ৰতি ব্যক্তিগত মনোযোগ দিব লাগে আৰু ব্যক্তিগত প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দিব লাগে।  বহু বিদ্যালয়ে এতিয়া এই সন্দৰ্ভত চেন্সৰশ্বিপৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
  • ৭। কিশোৰ-কিশোৰীসকলৰ কৌতুহল নিবাৰন কৰিবৰ বাবে শিক্ষানুষ্ঠানবোৰে শিক্ষামূলক ভ্ৰমণৰ ব্য়ৱস্থা কৰিব লাগে । এই ভ্ৰমণৰ বাবে ঐতিহাসিক প্ৰসিদ্ধ আৰু ভৌগলিক তাৎপৰ্য থকা স্থানবোৰ বাচনি কৰিব লাগে । 
  • ৮। কিশোৰ-কিশোৰীসকল সদায় পৰীক্ষা-নিৰীক্ষা কৰিবলৈ আগ্ৰহী । সেয়েহে শিক্ষকে শিক্ষাদান কাৰ্যত শিক্ষাৰ্থীকেন্দ্ৰিক শিক্ষাদান পদ্ধতি যেনে - ডেল্টন আঁচনি , প্ৰকল্প পদ্ধতি , হিউৰিষ্টিক পদ্ধতি আদিৰ প্ৰয়োগ কৰিব লাগে । আত্ম-পৰীক্ষণৰ বাবে এই পদ্ধতিবোৰ অতি উপযোগী । 
  • ৯। কিশোৰ-কিশোৰীসকলৰ মাজত বৌদ্ধিক ক্ষমতা , প্ৰৱণতা, সামাজিক পৰিপক্কতা আৰু যৌন ক্ষেত্ৰত থকা ব্যক্তিগত পাৰ্থক্য়বোৰৰ বিষয়ে শিক্ষকে দৃষ্টি নিক্ষেপ কৰিব লাগে । বেছি বুদ্ধিৰ কিশোৰ-কিশোৰীয়ে জটিল কাৰ্য সম্পাদন কৰিব পাৰে যিটো মধ্যমীয়া বুদ্ধিৰ কিশোৰ-কিশোৰীৰ বাবে সম্ভৱ হয় । একেদৰে যিবোৰ ল'ৰাৰ বাবে ভাল সেইবোৰ ছোৱালীৰ বাবে ভাল নহ'বও পাৰে । 
  • ১০। কিশোৰ -কিশোৰীৰ আগ্ৰহ আৰু অভিক্ষমতা বা প্ৰৱণতাৰ বিকাশৰ বাবে বিভিন্ন ধৰণৰ শৈক্ষিক কাৰ্যসূচী, সাহিত্যৰ কাৰ্যসূচীৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । 
  • ১১। যৌক্তিক শক্তিৰ বিকাশ সাধন কৰিবৰ বাবে শিক্ষকসকলে কিশোৰ-কিশোৰীসকলক যুক্তি-তৰ্ক আৰু আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব লাগে ।
  • ১২। শিক্ষকে কিশোৰ-কিশোৰীৰ আস্থা আৰু বিশ্বাস জয় কৰিবৰ বাবে বন্ধুত্বপূৰ্ণ সম্বন্ধ স্থাপন কৰিব লাগ ।

Q. 5.| কৈশোৰৰ প্ৰধান মনো-দৈহিক প্রয়োজনসমূহ কি কি ? চমুকৈ আলোচনা কৰা ।

উত্তৰঃ সাধাৰণতে 12 বছৰৰ পৰা 18 বছৰৰ সময়ছোৱাক কৈশোৰ কাল বোলে । বয়ঃসন্ধিকালৰ ল'ৰা - ছোৱালীসকলৰ দৈহিক মানসিক পৰিবৰ্তন হৈ অহা দেখা যায় ।

কৈশোৰ কালৰ প্ৰধান মনো দৈহিক প্রয়োজনসমূহ তলত চমুকৈ আলোচনা কৰা হ'লঃ —

  • ( a ) দৈহিক প্রায়জন কৈশোৰ কালত দৈহিক বিকাশ ক্ষিপ্রতৰ হয় সেইবাবে বল শক্তি অটুট ৰাখিবলৈ পৰিমিত খাদ্যৰ দৰকাৰ । সুন্দৰ- সুঠাম দেহৰ বাবে শাৰীৰ চৰ্চাৰ দৰকাৰ । সকলো সময়তে দেহৰ উপযোগী কাপোৰ আৰু চাফ - চিকুনৰ প্ৰতি গুৰুত্ব দিব লাগে ।
  • ( b ) যৌন প্রয়োজন কৈশোৰ কালত লৰা ছোৱালীয়ে যৌন তৃপ্তি পূৰণৰ এক প্রবল আগ্রহ অনুভৱ কৰে । সেইবাবে যৌন প্রবৃত্তি সুপথে পৰিচালিত কৰিবলৈ প্ৰয়োজনীয় যৌন শিক্ষা দিব লাগে ।
  • ( c ) বৌদ্ধিক প্রয়োজন বৌদ্ধিক প্রয়োজন লাভ কৰাৰ বাবে কিশোৰ - কিশোৰীয়ে নতুন কথা বা নতুন জ্ঞান লাভ কৰিবলৈ ইচ্ছা কৰে । সকলোৱে তেওঁলোকৰ বৌদ্ধিক প্ৰয়োজন বোৰ পূৰণ কৰাৰ যত্ন কৰিব লাগে ।
  • ( d ) সামাজিক নিৰাপত্তাৰ প্ৰয়োজন কিশোৰ কিশোৰীৰ সামাজিক নিৰাপত্তাৰ প্ৰয়োজন আছে । কাৰণ সমাজ অবিহনে তেওঁলোক চলিব নোৱাৰে । তেওঁলোকে দল বান্ধি থাকিবলৈ ভাল পায় । ডাঙৰৰ মৰম চেনেহ, মনোযোগ আদি বিচাৰে ।
  • ( e ) স্বাধীনতাৰ প্ৰয়োজন কিশোৰ কিশোৰীয়ে স্বাধীন ভাবে কাম কাজ কৰাৰ প্ৰয়োজন অনুভব কৰে । সেইবাবে অভিভাৱক আৰু শিক্ষকসকলে তেওঁলোকক কঠোৰ অনুশাসনত ৰাখিব নালগে ।




Tags :

  • দৈহিক আৰু মানসিক বিকাশ
  • Gauhati University BA 2nd Sem Education Model Questions Answer
  • GU BA 2nd Sem Education General Model Solution
  • BA 2nd Sem Education Question Answer
  • BA 2nd Sem Education General Question Answer
  • BA 2nd Sem Education Question Answer [Major & General] Gauhati University
  • দৈহিক আৰু মানসিক বিকাশ BA 2nd Sem Education Question Answer
  • BA 2nd Sem Education Major Question Answer
  • Gauhati University BA 2nd Sem Education শাৰীৰিক আৰু মানসিক বিকাশ General Question Answer
  • Gauhati University BA 2nd Sem Education Question Answer
  • কিশোৰৰ মনোবিজ্ঞান Book Question Answer