Follow Us:

প্ৰাক শংকৰী যুগৰ সাহিত্য | BA 2nd Sem Assamese Question Answer [Major & General] | BA 2nd Sem Assamese Major Question Answer

LearningPointAssam.com

প্ৰাক শংকৰী যুগৰ সাহিত্য | Gauhati University BA 2nd Sem Assamese Major Model Questions Answer | GU BA 2nd Sem Assamese Major Question Answer | ba 2nd sem assamese major question paper | BA 2nd Sem Assamese Question Answer [Major & General] | ba 2nd sem assamese book pdf

Assamese Notes & Guide Available here ASM-HG-2016 — প্রাক শংকৰী যুগৰ সাহিত্য পটভূমি, সাধাৰণ বৈশিষ্ট্য, কবিসকল আৰু তেওঁলোকৰ সাহিত্যৰাজি Model Solution to each Unit are provided in the list of UG - CBCS Syllabus. We design all notes according to Guwahati University so that you can easily browse through অসমীয়া সাহিত্যৰ ইতিহাস BA 2nd Sem Assamese Major Question Answer and University Guides and Notes here. ASM-RC-2016 — প্রাক শংকৰী যুগৰ সাহিত্য পটভূমি, সাধাৰণ বৈশিষ্ট্য, কবিসকল আৰু তেওঁলোকৰ সাহিত্যৰাজি Question Answer Can be very useful to excel in examinations.

প্ৰাক শংকৰী যুগৰ সাহিত্য BA 2nd Sem Assamese Question Answer [Major & General]

BA Assamese ASM-HG-2016 & ASM-RC-2016 — প্রাক শংকৰী যুগৰ সাহিত্য পটভূমি, সাধাৰণ বৈশিষ্ট্য, কবিসকল আৰু তেওঁলোকৰ সাহিত্যৰাজি  Notes covers all the practice questions of Guwahati University syllabus. অসমীয়া সাহিত্যৰ ইতিহাসঃ প্রাক শংকৰী যুগৰ সাহিত্য BA 2nd Sem Assamese Regular Course Question Answer is given here which ensures smooth and easy understanding of all the concepts.  Understand the concepts behind each unit and score well in board exams.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 2 

প্রাক শংকৰী যুগৰ সাহিত্য — ALL Important Question & Answers

GU BA 2nd Sem Assamese ASM-HG-2016 & ASM-RC-2016 Questions & Answer :


CONTENTS 

প্রাক্ - শংকৰী যুগৰ সাহিত্য পটভূমি, সাধাৰণ বৈশিষ্ট্য, কবিসকল আৰু তেওঁলোকৰ সাহিত্যৰাজি
Model Question and Answer key






প্ৰশ্নাৱলীঃ

প্রাক শংকৰী যুগৰ সাহিত্য BA 2nd Sem Assamese Short Question Answer 

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 1/2


Q. 1 | প্ৰাক শংকৰী যুগৰ অপ্ৰমাদী কবি কোন?

Or 

Q. 2 | প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন ?

উত্তৰঃ মাধৱ কন্দলী প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি। আনকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও তেওঁক 'অপ্ৰমাদী কবি' আখ্যা দি গৈছে।

Q. 3 | মাধৱ কন্দলী কোন যুগৰ শ্ৰেষ্ঠ কবি​ ?

উত্তৰঃ মাধৱ কন্দলী প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি।

Q. 4 | বব্ৰুৱাহনৰ যুদ্ধ গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰঃ বব্ৰুবাহনৰ যুদ্ধ হৈছে মূলত এখন কাব্য। গ্ৰন্থখনৰ ৰচক হৰিবৰ বিপ্ৰ !


Q. 5 | প্ৰাক শংকৰী যুগৰ কবি কোন কোন ?


উত্তৰঃ প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি সকল হ'ল- (১) হেম সৰস্বতী (২) ৰুদ্ৰ কন্দলী (৩) হৰিহৰ বিপ্ৰ (৪) কবিৰত্ন সৰস্বতী আৰু (৫) মাধৱ কন্দলী।


Q. 6 | মাধৱ কন্দলী কোন আছিল ?

উত্তৰঃ মাধৱ কন্দলী চতুৰ্দশ শতিকাৰ অৰ্থাৎ প্ৰাক্ শংকৰী যুগৰ এগৰাকী শ্রেষ্ঠ কবি আছিল।

Q. 7 | সাত্যকি প্ৰৱেশ কাৰ ৰচনা?

উত্তৰঃ কবি ৰুদ্ৰ কন্দলীয়ে 'সাত্যকি প্ৰৱেশ' ৰচনা কৰিছিল।

Q. 8 | হেম সৰস্বতীয়ে কোন ৰজাৰ ৰাজপৃষ্ঠপোষকতা লাভ কৰিছিল?

উত্তৰঃ কামতা ৰাজ্যৰ কমতাপুৰৰ ৰজা দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত আদালতৰ কবি আছিল, যিয়ে তেওঁৰ সমসাময়িক হৰিভাৰা বিপ্ৰাকো পৃষ্ঠপোষকতা প্ৰদান কৰিছিল।

Q. 9 | প্ৰহ্লাদ চৰিত্ৰ কাৰ ৰচনা?

উত্তৰঃ হেম সৰস্বতীয়ে  "প্ৰহ্লাদ চৰিত্ৰ" ৰচনা কৰিছিল৷

Q. 10 | হৰিবৰ বিপ্ৰ ৰচিত দুখন গ্ৰন্থ নাম লিখা?

উত্তৰঃ —

Q. 11 | প্ৰাক শংকৰী যুগৰ সাহিত্যিক সকল কোন কোন?

উত্তৰঃ হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিবৰ বিপ্ৰ, মাধৱ কন্দলী

Q. 12 | প্ৰাক শংকৰী যুগৰ সাহিত্যৰ বৈশিষ্ট্য সমূহ কি কি?

উত্তৰঃ ৰজা ঘৰীয়া পৃষ্ঠপোষকতা, কাব্য সাহিত্য, অনুবাদ মূলক, মৌলিক পৰিবেশ, ছন্দৰ প্ৰয়োগ, ভাষাৰ বিশেষত্ব, যুদ্ধৰ বৰ্ণনা, অলংকাৰ প্ৰয়োগ

Q. 13 | মাধৱ কন্দলীয়ে ৰামায়ণ ৰচনা কৰোঁতে কোন দুটা কথাত গুৰুত্ব দিছিল?

উত্তৰঃ মাধৱ কন্দলীয়ে ৰামায়ণ ৰচনা কৰোঁতে ‘লম্ভা পৰিহৰি সাৰোদ্ধৃতে এই নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তদুপৰি তেওঁ জনসাধাৰণৰ রুচি, সৌন্দর্যানুভূতিপূর্ণ মনবোৰৰ প্ৰতি সততে দৃষ্টি ৰাখিছিল বাবেই কাব্যিক বহণেৰে ৰামায়ণ ৰচনা কৰিছে।

Q. 14 | হেমসৰস্বতী  ৰচিত দুখন গ্ৰন্থ নাম লিখা?

উত্তৰঃ প্ৰহ্লাদ চৰিত্ৰ" আৰু "হৰগৌৰী-সংবাদ" নামৰ দুখন কাব্য গ্ৰন্থ হেমসৰস্বতীয়ে ৰচনা কৰিছে৷

Q. 15 | মাধৱ কন্দলীৰ ৰামায়ণৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা !

উত্তৰঃ  ( ক ) বাল্মিকী ৰামায়ণৰ অনুবাদ যদিও কন্দলীয়েওঁ ঠাই বিশেষে দীঘলীয়া বৰ্ণনা বাদ দি নিজৰ মতে ব্যাখ্যা দাঙি ধৰিছে ।

( খ ) আধুনিক ভাৰতীয় আর্যভাষাত কন্দলীৰ ৰামায়ণেই প্রথম ।

( গ ) পৰিৱেশ বা অৱস্থা চিত্ৰণত , নৈসর্গিক শোভা বর্ণনা ৰস প্রয়োগত দক্ষতা প্রকাশ পাইছে ।

( ঘ ) কন্দলীৰ ৰামায়ণত আন এক বৈশিষ্ট হৈছে শব্দ চয়ন আৰু শব্দ প্ৰয়োগৰ কৌশল ।



প্রাক শংকৰী যুগৰ সাহিত্য BA 2nd Sem Assamese Question Answer  Major General 

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 5/10

Q. 1 | প্ৰাক-শংকৰী যুগৰ সৰ্বশ্ৰেষ্ঠ কবিগৰাকীৰ সাহিত্যকৃতি সম্বন্ধে লিখা?

উত্তৰঃ যিকোনো আধুনিক ভাৰতীয় আঞ্চলিক ভাষাতে সুদূৰ চতুৰ্দশ শতিকাতে বাল্মিকী ৰামায়ণ অনুবাদ কৰি সৰ্বভাৰতীয় পৰ্যায়ত এক উল্লেখনীয় কৃতিত্বৰ অধিকাৰী হোৱা মাধৱ কন্দলী অসমীয়া কাব্য সাহিত্যৰ আদি বৈষ্ণৱ যুগৰ প্ৰধান কাণ্ডাৰী। তেখেতৰ হাততে অসমীয়া কবিতাৰ প্ৰবাহে এক সুনিৰ্দিষ্ট তথা স্বকীয় গতি লাভ কৰে। সেয়েহে অসমীয়া কাব্য সাহিত্যৰ পৰম্পৰাত মাধৱ কন্দলী আৰু তেওঁৰ ৰামায়ণে সদায় স্মৰণীয় ভূমিকা পালন কৰিছে।

— মাধৱ কন্দলী আছিল প্ৰাক্‌ শংকৰী যুগৰ শ্ৰেষ্ঠ কবি। মাধৱ কন্দলীয়ে চতুৰ্দশ শতিকাতে বাল্মিকীৰ ৰামায়ণৰ সপ্তকাণ্ডটি ভাঙনি কৰি অসমীয়া ভাষা-সাহিত্যলৈ অতুলনীয় অৱদান আগবঢ়ায়। এওঁ সুদূৰ চতুৰ্দশ শতিকাতে বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ ভাঙনি কৰি নব্য ভাৰতীয় আৰ্য ভাষাৰ প্ৰথম ৰামায়ণ বুলি অসমৰ গৌৰৱ অৰ্জন কৰিলে, লগতে অসমীয়া ভাষা সাহিত্যৰ ভেটিও সুদৃঢ় কৰি তুলিলে। বৰাহী ৰজা মহামাণিক্যৰ অনুৰোধত মাধৱ কন্দলীয়ে সকলোৱে বুজিব পৰাকৈ বাল্মীকিৰ ৰামায়ণ পদত ভাঙনি কৰে। মাধৱ কন্দলীয়ে ‘সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো’বুলি এঠাইত কৈছে যদিও আদি কাণ্ড আৰু উত্তৰাকাণ্ড পোৱা নাযায়। সেয়েহে ক্ৰমে মাধৱদেৱ আৰু শংকৰদেৱে বাকী দুটা কাণ্ড অনুবাদ কৰি কন্দলীৰ ৰামায়ণ সম্পূৰ্ণ কৰে। তেওঁৰ আন এখন কাব্য হ’ল– ‘দেৱজিত’। 

Q. 2 | প্ৰাক শংকৰী যুগৰ সাহিত্যিক সকলৰ সাহিত্যৰাজি ।

উত্তৰঃ ( i ) হেম সৰস্বতীৰ সাহিত্য

হেম সৰস্বতীয়ে কমতাপুৰৰ ৰজা দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত দুখন গ্ৰন্থ ৰচনা কৰিছিল।

সেই দুখন হ’ল –

  • ক) প্ৰহ্লাদ চৰিত
  • খ) হৰ গৌৰি সংবাদ

( ii ) কবিৰত্ন সৰস্বতীৰ সাহিত্য

কমতাপুৰৰ ৰজা দুৰ্ল্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত সাহিত্য ৰচনা কৰা আন এজন সাহিত্যিক হ’ল কবিৰত্ন সৰস্বতী।

কবিৰত্ন সৰস্বতীয়ে জয়দ্ৰথ বধ নামৰ গ্ৰন্থ ৰচনা কৰিছিল।

( iii ) ৰুদ্ৰ কন্দলীৰ সাহিত্য

ৰজা তামধ্বজৰ পৃষ্ঠপোষকতাত সাহিত্য ৰচনা কৰা প্ৰাক শংকৰী যুগৰ আন এজন উল্লেখযোগ্য সাহিত্যিক আছিল ৰুদ্ৰ কন্দলী। মহাভাৰতৰ এটা উপকথাৰ আধাৰত ৰুদ্ৰ কন্দলিয়ে সাত্যকি প্ৰৱেশ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল।

( iv ) হৰিবৰ বিপ্ৰৰ সাহিত্য

কমতাধিপতি দুৰ্ল্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত হৰিবৰ বিপ্ৰই তিনি খন গ্ৰন্থ ৰচনা কৰিছিল।

হৰিবৰ বিপ্ৰই ৰচনা কৰা গ্ৰন্থ কেইখন হ’ল –

  • ক) বব্ৰুবাহনৰ যুদ্ধ
  • খ) লৱ – কুশৰ যুদ্ধ
  • গ) তাম্ৰ ধ্বজৰ যুদ্ধ

( v ) মাধৱ কন্দলীৰ সাহিত্য

মাধৱ কন্দলীক প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি বুলি অভিহিত কৰা হয়।

বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলিয়ে বাল্মিকীৰ সংস্কৃত ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰে।

মাধৱ কণ্ডালীৰ কবিতাৰ লগতে দেৱজিৎ কাব্য নামৰ আন এখন গ্ৰন্থও আছে।

  কিন্তু এই গ্ৰন্থখন মাধৱ কন্দলীৰ হয়নে নহয় সেই সম্পৰ্কে সাহিত্যিকসকলৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছে।

Q. 3 | প্ৰাক শংকৰী যুগৰ সাহিত্যৰ বৈশিষ্ট্য সমূহ ।

উত্তৰঃ ( i ) ৰজা ঘৰীয়া পৃষ্ঠপোষকতা

প্ৰাক-শংকৰী যুগৰ সাহিত্য সমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে, আটাই কেইগৰাকী সাহিত্যিকেই ৰজা ঘৰীয়া পৃষ্ঠপোষকতাত হে সাহিত্য সমূহ ৰচনা কৰিছিল।

( ii ) কাব্য সাহিত্য

প্ৰাক শংকৰী যুগৰ সকলো সাহিত্যই ৰচনা কৰা হৈছিল পদ্যত।

গতিকে এই সাহিত্য সমূহক পদ্য-সাহিত্য বা কাব্য-সাহিত্য বুলি অভিহিত কৰিব পাৰি।

( iii ) অনুবাদ মূলক

এই সময়ছোৱাত ৰচিত সকলো সাহিত্যই অনুবাদ মূলক সাহিত্য আছিল।  প্ৰাক শংকৰী যুগৰ সাহিত্য মহাভাৰত আৰু ৰামায়ণৰ কাহিনীৰ ওপৰত আধাৰিত আছিল।

( iv ) মৌলিক পৰিবেশ

যদিও এই সময়ছোৱাত সকলো সাহিত্যই অনুবাদ মূলক আছিল, কিন্তু অসমীয়া ভাষা ৰূপ সমূহ ৰচনাৰ সময়ত সাহিত্য সমসাময়িক অসমীয়া পৰিৱেশৰ লগত খাপ খুৱাই লোৱা হৈছিল।

( v ) ছন্দৰ প্ৰয়োগ

এই সময়ছোৱাত সাহিত্যত মূল সংস্কৃত গ্ৰন্থৰ আধাৰত ছন্দ ব্যৱহাৰ কৰা হৈছিল।  ছন্দৰ লগত ছন্দ বান্ধিছিল।ছন্দৰ লগত ছন্দ।

  মাধৱ কন্দলিয়ে তেওঁৰ কবিতাত ঝুমুৰি ছন্দৰ ব্যৱহাৰ অতি আমোদজনকভাৱে কৰিছে।

( vi ) ভাষাৰ বিশেষত্ব

প্ৰাক শংকৰী যুগৰ সাহিত্যত ভাষা তাত্বিক, ৰূপ তাত্বিক আৰু শব্দ তাত্বিক বিশেষত্ব বিশেষ ভাৱে চকুত পৰে।

ধ্বনি তাত্বিক বিশেষত্বৰ উদাহৰণ স্বৰূপে – যুক্তাক্ষৰৰ সৰলীকৰণ, উ – ৰ প্ৰয়োগ, জ – ৰ প্ৰয়োগ, ৰ – ৰ পৰিবৰ্তে ল – ৰ প্ৰয়োগ আদি।

ৰূপ তাত্বিক বিশেষত্বৰ উদাহৰণ স্বৰূপে – সৰ্বনামৰ বিভিন্ন ৰূপ, ক্ৰিয়াৰ বিভিন্ন কাল, শব্দ বিভক্তিৰ প্ৰয়োগ আদি।

শব্দ তাত্বিক বিশেষত্বৰ উদাহৰণ স্বৰূপে – তৎসম আৰু তদ্ভৱ শব্দৰ প্ৰয়োগ, দেশী শব্দৰ লগতে বিদেশী শব্দ যেনে বাজাৰ, হাজাৰ আদিৰ প্ৰয়োগ, প্ৰত্যয়ৰ ব্যৱহাৰ আদি।

( vii ) যুদ্ধৰ বৰ্ণনা

প্ৰাক শংকৰী যুগৰ আটাই কেউ জন কবিৰ সাহিত্যত যুদ্ধই এক বিশেষ স্থান লাভ কৰিছে।

যুদ্ধৰ বৰ্ণনাও অতি সুনিপুন ভাৱে কবি সকলে বৰ্ণনা কৰাত সফল হৈছে।

কবি সকলে ৰচনা কৰা কাব্য সমূহো যুদ্ধৰ নামেৰে দিয়া দেখা গৈছে – যেনে – তাম্ৰ ধ্বজৰ যুদ্ধ, জয় দ্ৰথ বধ আদি।

( viii ) অলংকাৰ প্ৰয়োগ

অনুবাদ সাহিত্যৰ প্ৰাধান্য থাকিলেও সেই সময়ৰ কবিসকলে নিজৰ সাহিত্যত মনোমোহাতা বা স্বকীয়তা প্ৰকাশৰ বাবে থলুৱা অলংকাৰ, জাতুৱা উপভাষা, বাক্যাংশ আদি ব্যৱহাৰ কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল।



Check Here >>> BA 2nd Sem Assamese Major Booknewgifnvs

Read Also : ba 2nd sem assamese major syllabus [syllabus]newgifnvs

Read Also : BA 2nd Sem Assamese Major Question Answer [Model Answer Structure]newgifnvs


Tags :

  • প্ৰাক শংকৰী যুগৰ সাহিত্য
  • Gauhati University BA 2nd Sem Assamese Major Model Questions Answer
  • GU BA 2nd Sem Assamese Major Question Answer
  • ba 2nd sem assamese major question paper
  • BA 2nd Sem Assamese Question Answer [Major & General]
  • ba 2nd sem assamese book pdf
  • BA 2nd Sem Assamese Major Question Answer
  • BA 2nd Sem Assamese Question Answer
  • Gauhati University BA 2nd Sem Assamese Major Question Answer
  • Gauhati University BA 2nd Sem Assamese General Question Answer
  • ba 2nd sem assamese major book