Follow Us:

ভাষা বিজ্ঞানৰ অধ্যয়নৰ স্তৰ | GU BA 2nd Sem Assamese Major Question Answer | Gauhati University BA 2nd Sem Assamese Major Model Questions Answer

LearningPointAssam.com

ভাষা বিজ্ঞানৰ অধ্যয়নৰ স্তৰ | Gauhati University BA 2nd Sem Assamese Major Model Questions Answer| GU BA 2nd Sem Assamese Major Model Solution | ba 2nd sem assamese major question paper | BA 2nd Sem Assamese Major Question Answer | ba 2nd sem assamese book pdf |GU BA 2nd Sem Assamese Major Question Answer

Assamese Notes & Guide Available here ভাষাবিজ্ঞানৰ অধ্যয়নৰ স্তৰ Model Solution to each Unit are provided in the list of UG - CBCS Syllabus. We design all notes according to Guwahati University so that you can easily browse through BA 2nd Sem Assamese Major Question Answer and University Guides and Notes here. ভাষা বিজ্ঞানৰ অধ্যয়নৰ স্তৰ Question Answer Can be very useful to excel in examinations.

BA 2nd Sem Assamese Major Question Answer

BA Assamese ভাষাবিজ্ঞানৰ অধ্যয়নৰ স্তৰ Notes covers all the practice questions of Guwahati University syllabus. BA 2nd Sem Assamese Major Question Answer is given here which ensures smooth and easy understanding of all the concepts.  Understand the concepts behind each unit and score well in board exams.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 3 

ভাষা বিজ্ঞানৰ অধ্যয়নৰ স্তৰঃ — ALL Important Question & Answers

GU BA 2nd Sem Assamese Major ASM-HC-2016 Questions & Answer :


CONTENTS 

ভাষাবিজ্ঞানৰ অধ্যয়নৰ স্তৰ 
Model Question and Answer key






প্ৰশ্নাৱলীঃ

ভাষা বিজ্ঞানৰ অধ্যয়নৰ স্তৰঃ BA 2nd Sem Assamese Major Very Short Question Answer 

তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়াঃ Mark — 1

Q. 1 | ভাষাৰ ক্ষুদ্ৰতম একক কি?

উত্তৰঃ ভাষাৰ ক্ষুদ্ৰতম একক হৈছে ধ্বনি।

Q. 2 | ভাষা বিজ্ঞানৰ প্ৰধান স্তৰ কেইটা?

উত্তৰঃ ভাষা বিজ্ঞানৰ প্ৰধান স্তৰ ৩টা।

Q. 3 | ধ্বনিতত্ত্বৰ প্ৰধান শাখা দুটা কি কি?

উত্তৰঃ ধ্বনি তত্ত্বৰ প্ৰধান শাখা দুটা হৈছে- ধ্বনি বিজ্ঞান আৰু বিশিষ্ট ধ্বনি বিজ্ঞান।

৪। ধ্বনি বিজ্ঞান কি?

উত্তৰঃ ধ্বনি বিজ্ঞান হৈছে ধ্বনি সম্পৰ্কে বিস্তৃত আলোচনা কৰা।

৫। ধ্বনি বিজ্ঞানত বাক্য ধ্বনিৰ দিশ কেইটা কি কি?

উত্তৰঃ ধ্বনি বিজ্ঞানত বাক্য ধ্বনি দিশ ৩টা। সেইকেইটা হল-

i) উচ্চৰণাত্মক ধ্বনি বিজ্ঞান।

ii) ধ্বনি তৰংগ বিজ্ঞান বা শ্ৰুতি বিজ্ঞান।

iii) শ্ৰৱণাত্মক বিজ্ঞান।

৬। Elements of the Science of Language' গ্ৰন্থৰ লেখক কোন?

উত্তৰঃ Elements of the Science of Language'  গ্ৰন্থ লেখক Taraporewala।

৭। ধ্বনি কাক বোলে?

উত্তৰঃ হাওঁফাওঁ পৰা ওলোই অহা বায়ুপ্ৰৱাহৰ নাদ বা লহৰক নামেই ধ্বনি।

৮। ধ্বনি বিভাজন কেই ধৰণৰ?

উত্তৰঃ ধ্বনি বিভাজন দুই ধৰণৰ।

৯। ঔষ্ঠ্য় ধ্বনি কাক বোলা?

উত্তৰঃ বাগধ্বনি উচ্চাৰণৰ ক্ষেত্ৰত দুয়োটা ওঁঠ ব্যৱহাৰ কৰা হয়। দুয়োটা ওঠৰ সহায়ত উচ্চাৰিত ধ্বনিক ঔষ্ঠ্য ধ্বনি বোলে। 

১০। স্বৰতন্ত্ৰী কি?

উত্তৰঃ গলগ্ৰন্থি উপাস্থিৰ  দুয়োটা মূৰে দুখন অতি পাতল পৰ্দাৰ দৰে আৱৰণ ধৰি ৰাখিছে। এই আৱৰণটোৱেই হৈছে স্বৰতন্ত্ৰী।

১১। ঘটিকা কি?

উত্তৰঃ গলকোষৰ পৰা অলপ তললৈ নামিলে শ্বাসনলীৰ মাজত যিটো অংশ বাহিৰফালে ওলাই অহা তাক ঘটিকা বোলে।

১২। অঘোষ ধ্বনি কাক বোলে?

উত্তৰঃ স্বৰতন্ত্ৰী দুটা যেতিয়া পৰস্পৰ পৰা আঁতৰা-আঁতৰিকৈ থাকে তেতিয়াৰ কণ্ঠনলীৰে হাওঁফাওঁৰ পৰা ওলাই অহা বায়ুপ্ৰৱাহে স্বৰতন্ত্ৰীত কোনো কম্পনৰ সৃষ্টি কৰিব নোৱাৰে, তেতিয়া যিবোৰ ধ্বনি উচ্চাৰণ হয়, সেইবোৰক অঘোষ ধ্বনি বোলে।

১৩। সঘোষ ধ্বনি কাক বোলে?

উত্তৰঃ স্বৰতন্ত্ৰী দুটা ওচৰা-উচৰিকৈ চাপিলে কণ্ঠনলী ঠেক কৰা হয়, তেতিয়া সেই পথেৰে বায়ুপ্ৰবাহ ওলাই আহোতে স্বৰতন্ত্ৰীত কম্পনৰ সৃষ্টিহয় আৰু এই কম্পনত সৃষ্টি হোৱা ধ্বনিক সঘোষ ধ্বনি বোলে।

১৪। বিশিষ্ট ধ্বনি কাক বোলে?

উত্তৰঃ  শব্দ এটাৰ ধ্বনিৰ পৰিৱেশ একে বা সদৃশ অৱস্থাত এটা ধ্ৱনিৰ স্থানত আন ধ্বনি বহুৱাই দিলে শব্দটো  অৰ্থৰ সলনি বা তাৰতম্যতাই দেকা দিয়ে সেইবোৰ ধ্বনিক বিশিষ্ট ধ্বনি বোলা হয়।

১৫। বিশিষ্ট ধ্বনি কি লিপি ব্য়ৱহাৰ কৰা হয়?

উত্তৰঃ বিশিষ্ট ধ্বনি আন্তঃৰাষ্ট্ৰীয় ধ্বনি  সন্থাৰ ধ্বনি লিপি ব্যৱহাৰ কৰা হয়।

১৬। IPA ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ IPA ৰ সম্পূৰ্ণ নাম International Phonetic Alphabet।

১৭। বিশিষ্ট ধ্বনি এটা চৰ্ত লিখা।

উত্তৰঃ বিশিষ্ট ধ্বনি এটা চৰ্ত হৈছে - ক) সদৃশ বা অভিন্ন পৰিৱেশত যিবোৰ ধ্বনি ব্যৱহাৰ কৰা হব তাৰ মাজত উচ্চাৰণৰ পাৰ্থক্য থাকিব লাগিব।

১৮। ভাষাভেদে বিশিষ্ট ধ্বনিবোৰ কি?

উত্তৰঃ ভাষাভেদে বিশিষ্ট ধ্বনিবোৰ বিমূৰ্ত।

১৯। বিশিষ্ট স্বৰ ধ্বনি কেইটা?

উত্তৰঃ বিশিষ্ট স্বৰ ধ্বনি আঠটা।

২০। নাসিকা ধ্বনি কেইটা?

উত্তৰঃ ৩টা।

২১। নিয়ত ধ্বনি কেইটা?

উত্তৰঃ ১২ টা।

২২। ধ্বনি কেই শ্ৰেণীত ভাগ কৰিব পাৰি?

উত্তৰঃ ধ্বনি দুই শ্ৰেণীত ভাগ কৰিব পাৰি।

২৩। ব্লুমফিল্ডে ৰূপতত্ত্বৰ সংজ্ঞা কিদ কিদৰে দিছিল?

উত্তৰঃ  ব্লুমফিল্ডে দিয়া ৰূপতত্ত্বৰ সংজ্ঞাটো হৈছে- ৰূপতত্ত্ব হল অংগবোৰৰ লগত ব্যৱহাৰ হোৱা বদ্ধৰূপবোৰৰ বিশ্লেষণেই ৰূপতত্ত্ব।

২৪। আকৃতি কাক বোলে?

উত্তৰঃ ভাষাৰ আটাইতকৈ ক্ষুদ্ৰতম অৰ্থযুক্ত গোটৰ নাম আকৃতি।

২৫। 'খেতিয়ক' শব্দটোত কেইটাৰূপ আছে।

উত্তৰঃ ৩টা।

২৬। প্ৰাকৃতি কাক বোলে?

উত্তৰঃ বৰ্ণ বা বৰ্ণ সমষ্টিৰেই গঠিত ভাষাৰ ক্ষুদ্ৰতম অৰ্থযুক্ত গোটকে প্ৰাকৃতি বোলে।

২৭। অক্ষৰ কাক কয়?

উত্তৰঃ ধ্বনি বা ধ্বনি সমষ্টিৰ গোটক অক্ষৰ কয়।

২৮। শূণ্য প্ৰাকৃতি কি?

উত্তৰঃ যিবোৰ প্ৰাকৃতি অনুভৱ কৰিব পাৰি, তেনে বিমূৰ্ত প্ৰাকৃতিক শূন্য প্ৰাকৃতি বোলে।

২৯। অসমীয়া ভাষাত প্ৰাকৃতিক ভাগ কেইটা?

উত্তৰঃ অসমীয়া ভাষাত প্ৰাকৃতিক ভাগ দুটা।

৩০। প্ৰকৃতিক ৰূপগত বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি কেইটা ভাগ কৰিব পাৰি?

উত্তৰঃ প্ৰকৃতিৰ ৰূপগত বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি চাৰিটা ভাগ কৰিব পাৰি।

৩১। সৰ্গ কাক বোলে?


উত্তৰঃ যিবিলাক বদ্ধ প্ৰাকৃতিয়েই মূল প্ৰাকৃতি বা প্ৰকৃতি লগত যুক্ত হৈ ভিন ভিন অৰ্থ প্ৰকাশ ৰূপৰ সৃষ্টি কৰে, সেইবোৰ প্ৰাকৃতিক সৰ্গ বোলে। 

৩২। অৱস্থানগত সৰ্গৰ বিভাগ কেইটা?

উত্তৰঃ অৱস্থানগত সৰ্গৰ বিভাগ ৩টা।

৩৩। অসমীয়া ভাষাত মধ্য সৰ্গ আছেনে?

উত্তৰঃ নাই।

৩৪। মধ্য সৰ্গৰ উদাহৰণ ক'ত কোৱা যায়?

উত্তৰঃ মধ্য সৰ্গৰ উদাহৰণ বড়ো ভাষা, আৰৱী, টগলোগ ভাষা আদিত পোৱা যায়।

৩৫। সৰ্গৰ গুণগত বিভাগ কেইটা?

উত্তৰঃ সৰ্গৰ গুণগত বিভাগ ২টা।

৩৬। বিভক্তি কাক বোলে?

উত্তৰঃ প্ৰকৃতিৰ পিছত যিবোৰ সৰ্গ যোগ হৈ শব্দৰ ৰূপৰ সলনি ঘটাই বিভিন্ন পদৰ মাজত সম্পৰ্ক স্থাপন কৰে সেইবোৰক বিভক্তি বোলে।

৩৭। বিভক্তি কেই প্ৰকাৰৰ?

উত্তৰঃ  বিভক্তি দুই প্ৰকাৰৰ।

৩৮। অসমীয়া ভাষাত শব্দ বিভক্তি চিন কেইটা?

উত্তৰঃ অসমীয়া ভাষাত শব্দ বিভক্তি চিন ছয়বিধ।

৩৯। অসমীয়া ভাষাত পঞ্চমী বিভক্তি আছেনে?

উত্তৰঃ নাই।

৪০। অসমীয়া কাৰক কেইবিধ?

উত্তৰঃ অসমীয়া কাৰক ছয়বিধ।

৪১। কাৰক বুজাবলৈ কেইটা উপায় ব্ৱহাৰ কৰা হয়?

উত্তৰঃ কাৰক বুজাবলৈ ২টা উপায় ব্যৱহাৰ কৰা হয়।

৪২। বিভক্তি আৰু প্ৰত্য়য়ৰ এটা পাৰ্থক্য লিখা।

উত্তৰঃ বিভক্তি আৰু প্ৰত্যৰ এটা পাৰ্থক্য হল- বিভক্তিবোৰ প্ৰকৃতি বা মূলৰ পাছত বহি বাক্য়ৰ অৰ্থ নিৰ্দেশ কৰে আনহাতে প্ৰত্যয় প্ৰকৃতি বা মূলৰ পাছত বহি শব্দ সৃষ্টি কৰে।

৪৩। অসমীয়া ভাষাত বচন ব্যাকৰণগত বিষয় হয়নে?

উত্তৰঃ নহয়।

৪৪। অসমীয়া ভাষাত লিংগ ব্যাকৰণগত বিষয় হয়নে?

উত্তৰঃ নহয়।

৪৫। 'কলগেট' এটা কোম্পানীৰ নাম এই কোম্পানীটোৱে উৎপাদন কৰা 'টুথপেষ্ট' শব্দটো শব্দাৰ্থ বিজ্ঞানৰ কি ভাগত কৰিব পাৰি?


উত্তৰঃ


৪৬। শব্দাৰ্থ বিজ্ঞানক কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ শব্দাৰ্থ বিজ্ঞানক ৫টা ভাগত ভাগ কৰিব পাৰি।

৪৭। কু-সংস্কাৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ কু-সংস্কাৰ এটা উদাহৰণ হৈছে ডাইনী হত্যা।

৪৮। ইংৰাজী 'syntax' শব্দটো কি ভাষাৰ পৰা আহিছে?

উত্তৰঃ ইংৰাজীৰ 'SYNTAX' শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে।

৪৯। গঠনৰ ফালৰ পৰা বাক্য়ক কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ গঠণৰ ফালৰ পৰা বাক্যক ৩টা ভাগত বাগ কৰিব পাৰি।

৫০। ভাৱৰ ফালৰ পৰা বাক্য়ৰ ভাগ কেইটা?

উত্তৰঃ ভাৱৰ ফালৰ পৰা বাক্যৰ ভাগ ৬টা।

৫১। বাক্যৰ ব্যৱহাৰ হোৱা যোগ্যতা কি?

উত্তৰঃ বাক্যৰ ব্যৱহাৰ হোৱা যোগ্যতা হৈছে পদৰ মাজত থকা সম্পৰ্ক।

৫২। ভাষাৰ বৃহত্তম একক কি?

উত্তৰঃ ভাষাৰ বৃহত্তম একক বাক্য।

৫৩। ৰূপৰ অৱস্থানক কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ ৰূপৰ অৱস্থানক ২টা ভাগত ভাগ কৰিব পাৰি।

৫৪। সুৰ-লুৰ অনুযায়ী বাক্য়ৰ অৰ্থৰ পৰিৱৰ্তন হ'ব পাৰেনে?

উত্তৰঃ পাৰে।



ভাষা বিজ্ঞানৰ অধ্যয়নৰ স্তৰঃ BA 2nd Sem Assamese Major Short Question Answer 

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 2/3/5

১। ধ্বনিতত্ত্ব বুলিলে কি বুজা?

উত্তৰঃ ধ্বনি বিষয়ে বিজ্ঞানসন্মত ভাৱে বিচাৰ-বিশ্লেষণ কৰা প্ৰক্ৰিয়াকে ধ্বনিতত্ত্ব বোলে।

২। বিশিষ্ট ধ্বনি কাক বোলে? উদাহৰণ দিয়া?

উত্তৰঃ শব্দ এটাৰ ধ্বনিৰ পৰিবেশ একে বা সদৃশ অৱস্থাত এটা ধ্বনিৰ স্থানত আন ধ্বনি বহুৱাই দিলে শব্দটো অৰ্থৰ সলনি বা তাৰতম্যই দেখা দিয়ে তেন্তে সেইবোৰ ধ্বনিক বিশিষ্ট ধ্বনি বোলা হয়।

৩। ধ্বনি বিজ্ঞান কাক বোলে?

উত্তৰঃ ধ্বনি সম্পৰ্কে বিস্তৃত আলোচনা কৰা শাখাকে ধ্বনি বিজ্ঞান বোলে।

৪। বাগিন্দ্ৰিয় কাক বোলে?

উত্তৰঃ ধ্বনি উচ্চাৰণৰ সহায়ক অঙ্গবোৰক বাগিন্দ্ৰিয় বোলে।

৫। ধ্বনি বিভাজন কি ধৰণে কৰিব পাৰি?

উত্তৰঃ ধ্বনি বিভাজন উচ্চাৰণকৰণ আৰু উচ্চাৰণ স্থান অনুযায়ী ধ্বনি বিভাজন কৰা হয়।

৬। নিয়ত ধ্বনি কেইটা আৰু কি কি?

উত্তৰঃ নিয়ত ধ্বনি ১২টা। সেই কেইটা হল - প,ব, ত, দ, ক, গ, ফ, ভ, থ, ধ, খ, ঘ।

৭। দন্তমূলীয়া ধ্বনি উচ্চাৰণ সম্পৰ্কে লিখা।

উত্তৰঃ দাঁতৰ গুৰিটো শকত হৈ জিভাৰ পালে ওলাই অহাধৰণৰ। জিভাৰ আগটো গৈ দাঁতৰ গুৰিত স্পৰ্শ কৰি উচ্চাৰিত হয় দন্তমূলীয়া ধ্বনি।

৮। বিশিষ্ট স্বৰধ্বনি কাক বোলে? উদাহৰণ দি লিখা?

উত্তৰঃ কোনো এটা শব্দৰ ধ্বনিৰ পৰিৱেশ বা সদৃশ একে ৰাখি এটা স্বৰধ্বনি ঠাইত আন এটা স্বৰধ্বনি ব্যৱহাৰ কৰিলে যদি উচ্চাৰণ অথবা অৰ্থৰ পৰিৱৰ্তনে দেখা দিয়ে, তেন্তে সেই স্বৰ ধ্বনিক বিশিষ্ট স্বৰ ধ্বনি বোলে।

৯। বিশিষ্ট স্বৰ ধ্বনি কাক বোলে? উদাহৰণ দি লিখা?

উত্তৰঃ কোনো এটা শব্দৰ ধ্বনিৰ পৰিৱেশ বা সদৃশ একে ৰাখি এটা স্বৰধ্বনি ঠাইত আন এটা স্বৰধ্বনি ব্যৱহাৰ কৰিলে যদি উচ্চাৰণ অথবা অৰ্থৰ পৰিৱৰ্তনে দেখা দিয়ে, তেন্তে সেই স্বৰ ধ্বনিক বিশিষ্ট স্বৰ ধ্বনি বোলে।

১০। বিশিষ্ট ব্যঞ্জন ধ্বনি কাক বোলে? উদাহৰণ দিয়া?

উত্তৰঃ কোনো শব্দৰ এটা ব্যঞ্জন ধ্বনিৰ ঠাইত অন্য এটা ব্যঞ্জন ধ্বনি অৰ্থাৎ শব্দটোৰ ধ্বনিৰ পৰিৱেশ বা সদৃশ একে ৰাখি এটা ব্যঞ্জন ধ্বনিৰ ঠাইত অন্য এটা ব্য়ঞ্জন ধ্বনি ব্যৱহাৰ কৰিলে শব্দটোৰ অৰ্থৰ সলনি বা উচ্চাৰণৰ পৰিৱৰ্তন হলে সেই দুয়োটা ব্য়ঞ্জন  ধ্বনিক বিশিষ্ট ব্যঞ্জন ধ্বনি বোলে।যেনে- আখৰ- আগৰ.

১১। স্বৰ ধ্বনি আৰু ব্যঞ্জন ধ্বনি পাৰ্থক্য় লিখা।

উত্তৰঃ স্বৰ ধ্বনি আৰু ব্যঞ্জন ধ্বনি পাৰ্থক্য হল-

১) স্বৰধ্বনি বোৰ অন্য বাক্-ধ্বনি সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব পাৰি। আনহাতে ব্যঞ্জনধ্বনি বোৰ স্বৰধ্বনি সহায় নহলে উচ্চাৰণ কৰিব নোৱাৰি।

২) স্বৰধ্বনিবোৰ একেৰাহে দীঘলীয়াকৈ উচ্চাৰণ কৰি থাকিব পাৰি। আনহাতে ব্যঞ্জন ধ্বনিবোৰ এবাৰহে উচ্চাৰণ কৰিব পাৰি।

৩) স্বৰধ্বনি অক্ষৰাধাৰ, ব্যঞ্জন ধ্বনি অক্ষৰাধা হব নোৱাৰে।

৪) স্বৰধ্বনি অনুনাসিকতা বহন কৰিব পাৰে, কিন্তু ব্যঞ্জন ধ্বনি এনে গুণ নাই।

১২। প্ৰাকৃতি বুলিলে কি বুজা? উদাহৰণ দিয়া?

উত্তৰঃ বৰ্ণ বা বৰ্ণ সমষ্টিৰে গঠিত ভাষাৰ ক্ষুদ্ৰতম অৰ্থযুক্ত গোটকে প্ৰাকৃতি বোলে।

১৩। প্ৰাকৃতি আৰু অক্ষৰ পাৰ্থক্য় দেখুওৱা।

উত্তৰঃ ক) প্ৰাকৃতি হৈছে ভাষাৰ বৰ্ণ বা বৰ্ণসমষ্টিৰ ক্ষুদ্ৰতম অৰ্থৱহ একোটা গোট, আনহাতে অক্ষৰ হৈছে ধ্বনি বা ধ্বনি সমষ্টিৰ একোটা গোট।

খ) প্ৰাকৃতি অৰ্থ থাকে আনহাতে অক্ষৰ অৰ্থ নাথাকে।

১৪। উপাকৃতি কিদৰে নিৰ্ণয় কৰা হয় লিখা?


উত্তৰঃ প্ৰাকৃতিৰ অন্তৰ্ভুক্ত হোৱাৰ লগে লগে প্ৰতিটো আকৃতিক সেই প্ৰাকৃতিটো উপাকৃতি বুলি কব পাৰি।

ধ্বনিগত ভিন্নতা থকা একাধিক আকৃতিৰ মাজত যদি অৰ্থগত সাদৃশ্য় থাকে আৰু সেইবোৰৰ কোনো এটাৰ স্থানত যদি আনটো প্ৰয়োগ নহয় তেনেবোৰ  আকৃতিক একোটা প্ৰাকৃতি হিচাপে ধৰা হয়। যেনে- শৰ্মানী, বৰানী, বৰুৱানী,ভকতনী, কমাৰণী আদি স্ত্ৰীবাচক লিংগৰ শব্দবোৰক খণ্ডিত কৰিলে নী, ঈ, অনী, ইনী আকৃতি পোৱা যায়। এইবোৰৰ মাজত ধ্বনি গত সাদৃশ্য নাই কিন্তু অৰ্থগত সাদৃশ্য আছে। সেইবাবে এইবোৰক একেটা প্ৰাকৃতি হিচাপে চিহ্নিত কৰিব পাৰি। প্ৰাকৃতিৰ অন্তভুৰ্ক্ত হোৱাৰ লগে লগে উক্ত আকৃতিবোৰ  সেই প্ৰাকৃতি টোৰ উপাকৃতি হিচাপে ৰূপ পাইছে। এইবোৰ খণ্ডিত প্ৰক্ৰিয়াৰ জৰিয়তে উপাকৃতি নিৰ্ণয় এনেদৰে দেখুওৱা হৈছে-

               শৰ্মা-নী=শৰ্মানী

                     বৰা-নী= বৰানী

             বৰুৱা-নী =বৰুৱানী                                                   

১৫। সৰ্প বুলিলে কি বুজা? উদাহৰণ দি লিখা?

উত্তৰঃ


১৬। সংস্কৃতত উপসৰ্গ কেইটা কি কি?

উত্তৰঃ সংস্কৃতত উপসৰ্গ কুৰিটা। যেনে-প্ৰ,পৰা, অপ, নি, অৱ, উপ ইত্যাদি।

১৭। অসমীয়া ভাষাত শব্দ বিভক্তিৰ কেইটা আৰু কি কি?

উত্তৰঃ অসমীয়া ভাষাত শব্দ বিভক্তিৰ ছয় বিধ।

                    প্ৰথমা---- এ, ই, 

                      দ্বিতীয়া---ক, অক

                    তৃতীয়া----- ৰে, এৰে, দ্বাৰা।

                    চতুৰ্থী------ লৈ, অলৈ

                     ষষ্ঠী-------- ৰ, অৰ

                    সপ্তমী------ ত, অত।

অসমীয়া ভাষাত পঞ্চমী বিভক্তি চিন 'পৰা' নাই। কাৰণ ই এটা পৰসৰ্গহে।

১৮। শব্দাৰ্থ বিজ্ঞানক কেইটা আৰু কি কি ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ শব্দাৰ্থ বিজ্ঞানক ৫টা ভাগ কৰা হৈছে। সেই কেইটা হল-

ক) অৰ্থ বিস্তাৰ

খ) অৰ্থ সংকোচ

গ) অৰ্থ সংশ্লেষ

ঘ) অৰ্থোৎকৰ্ষ বা অৰ্থ উন্নতি

ঙ) অৰ্থাপকৰ্ষ বা অৰ্থৰ অৱনতি।

১৯। বাক্যতত্ত্ব কাক বোলে? উদাহৰণ দি লিখা।

উত্তৰঃ কোনো এটাৰ ভাষাৰ শব্দৰ ক্ৰম, বাক্যটোত থকা শব্দৰ গাঁথনি, বাক্যৰ  প্ৰকাৰ, বাক্য সুৰ, বাক্যৰ নিকটস্থ ভাৱ, শব্দত ব্যৱহাৰ হোৱা ধ্বনি এই সকলোবোৰ বিশ্লেষণাত্মক আলোচনাই হল বাক্যতত্ত্ব।

২০। গঠনৰ ফালৰ পৰা বাক্য়ক কি কি ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ গঠণৰ ফালৰ পৰা বাক্যক ৩টা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হল-

ক) সৰল বাক্য

খ) মিশ্ৰ বাক্য জটিল বাক্য

গ) যৌগিক বা সংযুক্ত বাক্য।

২১। ভাৱৰ ফালৰ পৰা বাক্যক কি কি ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ ভাৱৰ ফালৰ পৰা বাক্যক ছয়টা ভাগত ভাগ কৰিব পাৰি।

ক) বৰ্ণনাত্মক বাক্য

খ) প্ৰশ্নসূচক বাক্য

গ) ইচ্ছাসূচক বাক্য

ঘ) সন্দেহসূচক বাক্য

ঙ) আদেশাত্মক বাক্য

চ) বিস্ময়সূচক বাক্য

২২। সিপাৰলৈ গ'ল? আৰু 'সি পাৰ হৈ গ'ল' ইয়াৰ অৰ্থ নিৰ্ণয় কৰা।

উত্তৰঃ সিপাৰলৈ গ'ল ইয়াৰ অৰ্থ মানুহজন মৃত্যু হোৱা বুজাইছেয

সি পাৰ হৈ গ'ল ইয়াৰ অৰ্থ  নৈ খন পাৰ হৈ যোৱা বুজাইছে।



ভাষা বিজ্ঞানৰ অধ্যয়নৰ স্তৰঃ BA 2nd Sem Assamese Major Board Question Answer 

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 5/6/10

১। ধ্বনি বিজ্ঞান আৰু বিশিষ্ট ধ্বনি বিজ্ঞানৰ মাজত পাৰ্থক্য় নিৰ্ণয় কৰা।

উত্তৰঃ

২। ধ্বনি বিভাজন কিহৰ ওপৰত নিৰ্ভয় কৰি কৰা হয় সেই সম্পৰ্কে লিখা।

উত্তৰঃ ধ্বনিৰ আলোচনাত সাধাৰণতে দুটা পদ্ধতি অৱলম্ৱন কৰা হয়- ১) উচ্চাৰণৰ স্থান অনুসৰি আলোচনা আৰু ২) উচ্চাৰণৰ ধৰণ অনুসৰি আলোচনা। ধ্বনি এটা উচ্চাৰণ কৰোঁতে উচ্চাৰক অংগই কি স্থানত স্পৰ্শ কৰিছে, তালৈ লক্ষ্য ৰাখি কৰা আলোচনা প্ৰথম পৰ্যায়ত আৰু স্বাস-বায়ুৰ নিৰ্গমণত বাধাৰ প্ৰকৃতি বা ধৰণ অনুসৰি কৰা আলোচনা দ্বিতীয় পৰ্যায়ত পৰে। উচ্চাৰণৰ ধৰণ অনুসৰি ধ্বনিবোৰক নিয়ত, অনিয়ত আৰু নিয়তানিয়ত-এই তিনিটা প্ৰধান ভাগত ভগাব পাৰি।

৩। বাগিন্দ্ৰিয় বুলিলে কি বুজা? বাগিন্দ্ৰিয় অন্তৰ্গত বিভিন্ন অংগসমূহৰ বৰ্ণনা কৰা।

উত্তৰঃ ধ্বনি উচ্চাৰণৰ সহায়ক অঙ্গবোৰক বাগিন্দ্ৰিয় বোলে। বাগিন্দ্ৰিয় অন্তগৰ্ত অংগ সমূহ হৈছে-ক) ঘটিকা বা কণ্ঠনলী,    চ) কণ্ঠতন্ত্ৰী,

খ) গলকোষ,                              ছ)আলজিভা,

গ) কোমল আলু,                        জ) কঠিন তালু

ঘ) জিভা,                                    ঝ) দাঁতৰ আলু

ঙ) দাঁত,                                      ঞ) ওঁঠ


৪। বিশিষ্ট স্বৰ ধ্বনি কাক বোলে? বিশিষ্ট ঋৰ ধ্বনি কেইটা তাৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ কোনো এটা শব্দৰ ধ্বনিৰ পৰিৱেশ বা সদৃশ একে ৰাখি এটা স্বৰধ্বনি ঠাইত আন এটা স্বৰধ্বনি ব্যৱহাৰ কৰিলে যদি উচ্চাৰণ অথবা অৰ্থৰ পৰিৱৰ্তনে দেখা দিয়ে, তেন্তে সেই স্বৰ ধ্বনিক বিশিষ্ট স্বৰ ধ্বনি বোলে।

৫। বিশিষ্ট স্বৰ ধ্বনি কাক বোলে? বিশিষ্ট ঋৰ ধ্বনি আদ্য়, মধ্য় আৰু অন্তস্থানৰ ব্য়ৱহাৰ দেখুওৱা।

উত্তৰঃ কোনো এটা শব্দৰ ধ্বনিৰ পৰিৱেশ বা সদৃশ একে ৰাখি এটা স্বৰধ্বনি ঠাইত আন এটা স্বৰধ্বনি ব্যৱহাৰ কৰিলে যদি উচ্চাৰণ অথবা অৰ্থৰ পৰিৱৰ্তনে দেখা দিয়ে, তেন্তে সেই স্বৰ ধ্বনিক বিশিষ্ট স্বৰ ধ্বনি বোলে।

বিশিষ্ট স্বৰধ্বনি আদ্য, মধ্য আৰু অন্ত্য স্থানৰ ব্যৱহাৰঃ

                     আদ্য                                মধ্য                                    অন্ত্য

/ই/                ব ই ল                                ম ই হ অ ল ই                    ৰ অ দ আ ল ই

/এ/               ব এ ল                                দ অ হ এ ৰ ই                    ক অ ৰ এ

/আ/              আ ল উ                            ক আ ল                              ব অ গ আ


৬। বিশিষ্ট ব্যঞ্জন ধ্বনি কাক বােলে ? অসমীয়া ভাষাত বিশিষ্ট ব্যঞ্জন ধ্বনি কেইটা তাৰ এখন তালিকা প্রস্তুত কৰা । 

উত্তৰঃ কোনো শব্দৰ এটা ব্যঞ্জন ধ্বনিৰ ঠাইত অন্য এটা ব্যঞ্জন ধ্বনি অৰ্থাৎ শব্দটোৰ ধ্বনিৰ পৰিৱেশ বা সদৃশ একে ৰাখি এটা ব্যঞ্জন ধ্বনিৰ ঠাইত অন্য এটা ব্য়ঞ্জন ধ্বনি ব্যৱহাৰ কৰিলে শব্দটোৰ অৰ্থৰ সলনি বা উচ্চাৰণৰ পৰিৱৰ্তন হলে সেই দুয়োটা ব্য়ঞ্জন  ধ্বনিক বিশিষ্ট ব্যঞ্জন ধ্বনি বোলে।

৭। উচ্চাৰণ স্থান আৰু ধৰণ অনুযায়ী বিশিষ্ট ব্যঞ্জন ধ্বনিক কেনেদৰে তালিকা প্রস্তুত কৰিব পাৰি দেখুওৱা ।

উত্তৰঃ


৮। বিশিষ্ট ব্যঞ্জন ধ্বনি কাক বােলে ? বিশিষ্ট্য ব্যঞ্জন ধ্বনিৰ আদ্য , মধ্য আৰু অন্তস্থানৰ উদাহৰণ দিয়া । 

উত্তৰঃ কোনো শব্দৰ এটা ব্যঞ্জন ধ্বনিৰ ঠাইত অন্য এটা ব্যঞ্জন ধ্বনি অৰ্থাৎ শব্দটোৰ ধ্বনিৰ পৰিৱেশ বা সদৃশ একে ৰাখি এটা ব্যঞ্জন ধ্বনিৰ ঠাইত অন্য এটা ব্য়ঞ্জন ধ্বনি ব্যৱহাৰ কৰিলে শব্দটোৰ অৰ্থৰ সলনি বা উচ্চাৰণৰ পৰিৱৰ্তন হলে সেই দুয়োটা ব্য়ঞ্জন  ধ্বনিক বিশিষ্ট ব্যঞ্জন ধ্বনি বোলে।

৯। বিশিষ্ট ব্যঞ্জন ধ্বনিৰ সংখ্যা কেইটা আৰু কি কি ? কি কি আখৰৰ প্রতিনিধিত্ব কৰে লিখা । 

উত্তৰঃ বিশিষ্ট ব্যঞ্জন ধ্বনি সংখ্যা ২১ টা।

১০। অসমীয়া ভাষাত কি কি উপায়েৰে লিংগ নির্ণয় কৰা হয় লিখা । 

উত্তৰঃ অসমীয়া ভাষাত লিংগ নিৰ্ণয় কৰা উপায় সমূহ হৈছে-

১) পুৰুষ আৰু স্ত্ৰী বুজোৱা শব্দ ব্যৱহাৰ কৰি নিৰ্দিষ্টতা বাচক প্ৰত্যয় ব্যবহাৰ কৰি, বিশেষ্য শব্দৰ আগত মতা-মাইকী শব্দ ব্যবহাৰ কৰি লিংগ নিৰ্ণয় কৰা হয়।

২) ভিন ভিন শব্দ ব্যৱহাৰ লিংগ নিৰ্ণয় কৰা হয়।

৩) প্ৰাণীবাচক পুলিংগ  শব্দক স্ত্ৰীলিংগ কৰিবলৈ কিছুমান প্ৰত্যয় দিয়া হয়। এই প্ৰত্যয়বোৰক স্ত্ৰী প্ৰত্যয় বোলে। স্ত্ৰী প্ৰত্যয় বোৰ হল- ঈ, অনী, নী, ৰী।


১১। শব্দার্থতত্ত্ব বুলিলে কি বুজা ? শব্দার্থতত্ত্বক কি কি ভাগত ভাগ কৰিব পাৰি উল্লেখ কৰি বৰ্ণনা কৰা । 

উত্তৰঃ কোনো কোনো সময়ত শব্দৰ এটাৰ মৃত্যু হব পাৰে,নতুন শব্দৰ সৃষ্টি, শব্দৰ মৃত্যু কাৰণ, নতুন শব্দ সৃষ্টিৰ কাৰণ, শব্দৰ অৰ্থৰ পৰিৱৰ্তন, পৰিৱৰ্তনৰ কাৰণ আদিৰ বিষয়ে য'ত বিচাৰ-বিশ্লেষন কৰা হয়, তাকে শব্দাৰ্থতত্ত্ব বোলে। শব্দাৰ্থ তত্ত্ব ভাগ কেইটা হল-

ক) অৰ্থ বিস্তাৰ

খ) অৰ্থ সংকোচ,

গ) অৰ্থ সংশ্লেষ

ঘ) অৰ্থোৎকৰ্ষ বা অৰ্থ উন্নতি

ঙ) অৰ্থোপকৰ্ষ বা অৰ্থৰ অৱনতি।

১২। শব্দার্থ পৰিবৰ্তনৰ কাৰণসমূহ বর্ণনা কৰা । 

উত্তৰঃ ভাষা পৰিৱৰ্তন শীল। ই পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে। এই পৰিৱৰ্তন শব্দাৰ্থ ক্ষেত্ৰটো সুস্পষ্ট ৰূপত দেখা যায়। নান কাৰণত  শব্দাৰ্থৰ পৰিৱৰ্তন ঘটিব পাৰে। এই কাৰণ সমূহ হৈছে-

১। আলংকাৰিক কাৰণ।

২। পৰিৱেশজনিত কাৰণ।

৩। মানসিক অৱস্থাৰ কাৰণ।

১) আলংকাৰিক কাৰণ ঃ ভাষাক ৰমনীয়তা, প্ৰভাৱশীলতা আৰু স্পষ্টতা প্ৰকাশ কৰিবলৈ অলংকাৰ প্ৰয়োগ কৰা হয়। এনে অলংকাৰ প্ৰয়োগৰ ফলত শব্দাৰ্থৰ পৰিৱৰ্তন হয়।সভাৰ আয়োজন বুলি কলে সভাৰ আয়োজন কৰাক বুজায়, তাত ৰহণ লগাই বিৰাট সভাৰ, মহাসভাৰ আয়োজন কৰা বুলি কোৱা হয়.

আলংকাৰিক কাৰণৰ অন্তৰ্ভুক্ত কৰিব পৰা শব্দাৰ্থ পৰিৱৰ্তন আন আন কাৰণ হল-

ক) উপমাঃ- শব্দাৰ্থৰ ৰমনীয়তা প্ৰকাশ কৰাৰ কাৰণে এটাৰ লগত আনটোৰ উপমা বা তুলনা কৰা হয়। যেনে- হৰিণা দৰে চকুযুৰি।

খ) নম্ৰতাঃ নম্ৰতা প্ৰদৰ্শন কৰিও কিছুমান শব্দ ব্যৱহাৰ কৰা হয়। অতি বিনম্ৰতাৰে আনক ঘৰলৈ মাতিলে দুখীয়াৰ পজাঁঘৰ  বুলি শব্দ ব্যৱহাৰ কৰা দেখা যায়।

গ) ভাৱাবেগঃ প্ৰকৃত কথাৰ ৰূপটো কবলৈ যাওতে মানুহৰ কিছু বঢ়াই কোৱা প্ৰৱণতাও আছে। যেনে-মাৰাত্মক ৰোগ।

২) পৰিৱেশজনিত কাৰণঃ যিকোনো স্থান, কাল, পাত্ৰভেদে কেতিয়াবা শব্দাৰ্থ পৰিৱৰ্তন হয়। তেনেধৰণৰ পৰিৱৰ্তনক পৰিৱেশজনিত পৰিৱৰ্তন বুলি কোৱা হয়। বাইদেউ বুলি কলে বিদ্যালয়ৰ শিক্ষয়িত্ৰীক বুজায়, চিকিৎসালয়ত  ছিষ্টাৰ বুলি কলে নাৰ্ছক বুজায়।

পৰিৱেশজনিত  কাৰণৰ অন্তৰ্ভূক্ত কৰিব পৰা শব্দাৰ্থৰ পৰিৱৰ্তনৰ আন কাৰণ হল-

ক) পাত্ৰভেদে, খ) স্থানভেদে, গ) সময়জনিত।

৩) মানসিক  অৱস্থাৰ কাৰণঃ শব্দাৰ্থ পৰিৱৰ্তনৰ ক্ষেত্ৰত মনস্তত্ত্বৰ ভূমিকা  অতি গুৰুত্বপূৰ্ণ।শব্দৰ অৰ্থ পৰিবৰ্তন মানুহৰ মানসিক অৱস্থাৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। সমাজ এখনৰ ৰুচি-অভিৰুচি, সংস্কাৰ, অন্ধবিশ্বাস,অজ্ঞতা আদি মানুহৰ  মানসিক অৱস্থাৰ ফলত মানসিক পৰিৱৰ্তন সমূহ হল-ক) সুভাষণ, খ)কু-সংস্কাৰ-অন্ধবিশ্বাস, গ) অজ্ঞানতা

১৩। বাক্যতত্ত্ব বুলিলে কি বুজা ? গঠনৰ ফালৰ পৰা বাক্যক কেইটা আৰু কি কি ভাগত ভগাব পাৰি বৰ্ণনা কৰা । 

উত্তৰঃ কোনো এটা ভাষাৰ শব্দ ক্ৰম, বাক্যটোত থকা শব্দৰ গাঁথনি, বাক্যৰ প্ৰকাৰ, বাক্য সুৰ, বাক্যৰ নিকটস্থ ভাৱ, শব্দত ব্যৱহাৰ হোৱা ধ্বনি এই সকলোবোৰ বিশ্লেষণাত্মক আলোচনাই হল বাক্যতত্ত্ব। গঠণৰ ফালৰ পৰা বাক্যক ৩ টা ভাগত ভগাব পাৰি। যেনে-

১) সৰল বাক্য

২) মিশ্ৰ বাক্য বা জটিল বাক্য

৩) যৌগিক বা সংযুক্ত বাক্য।

১৪। বাক্য গঠন প্রক্রিয়াৰ বিশ্লেষণ দাঙি ধৰা ।

উত্তৰঃ ভাষাৰ অনুসৰি বাক্য গঠণৰ প্ৰক্ৰিয়া বেলেগ বেলেগ। প্ৰত্যেক ভাষাত শব্দও বেলেগ বেলেগ আৰু ই একো একোটা নিজস্ব শৈলীৰে গঠিত হয়। কিছুমান ভাষাত বাক্যৰ ব্যৱহাৰ হোৱা শব্দ ৰূপৰ পৰিৱৰ্তন ঘটে আৰু কিছুমান পৰিৱৰ্তন নঘটে। সংস্কৃত আৰু গ্ৰীক ভাষাত শব্দৰূপৰ বিচিত্ৰতা ওপৰত পাৰস্পৰিক সম্পৰ্ক নিৰ্ভৰ কৰে। অসমীয়া ভাষাৰ বাক্য গঠন, শব্দ ৰূপৰ আৰু তাৰ ক্ৰম বা বিন্যাসৰ ওপৰত নিৰ্ভৰ শীল।

বাক্য ভাষাৰ বৃহত্তম একক। ই স্বয়ং সম্পূৰ্ণও।ভাষাৰ একোটা ৰূপ বা অৱয়ৱক বাক্য় বুলি কব পাৰি, সেইটো বৃহত্তম অৱয়বৰ ভিতৰুৱা নহব ও পাৰে। কেতিয়াবা কেতিয়াবা কোনো এটা অৱয়বে স্বয়ংসম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিবও পাৰে আৰু ই অন্য এটা অৱয়ৱৰ অংশও হব পাৰে।যেতিয়া কোনো এটা অৱয়ৱে অৰ্থ প্ৰকাশ কৰিব পাৰে যি এটা বাক্যো হব পাৰেয ভাষা বিজ্ঞানী ব্লুমফিলডে  অৱয়ৱ  বা ৰূপৰ অৱস্থানক দুটা ভাগ ভাগ কৰিছে-

ক) অন্তৰ্গত অৱস্থান

খ) স্বয়ং সম্পূৰ্ণ অৱস্থান।



Tags :

  • ভাষা বিজ্ঞানৰ অধ্যয়নৰ স্তৰ
  • Gauhati University BA 2nd Sem Assamese Major Model Questions Answer
  • GU BA 2nd Sem Assamese Major Model Solution
  • ba 2nd sem assamese major question paper
  • BA 2nd Sem Assamese Major Question Answer
  • ba 2nd sem assamese book pdf
  • GU BA 2nd Sem Assamese Major Question Answer