Follow Us:

কথা গুৰুচৰিতঃ গুৰু - শিষ্যৰ মণিকাঞ্চন সংযোগ সাতসৰী অসম বুৰঞ্জীঃ অসমৰ ৰণোদ্যম | Gauhati University BA 4th Sem Assamese Major Model Questions Answer | BA 4th Sem Assamese Major Question Answer

LearningPointAssam.com

কথা গুৰুচৰিতঃ গুৰু - শিষ্যৰ মণিকাঞ্চন সংযোগ সাতসৰী অসম বুৰঞ্জীঃ অসমৰ ৰণোদ্যম | Gauhati University BA 4th Sem Assamese Major Model Questions Answer| GU BA 4th Sem Assamese Major Model Solution | ba 4th sem assamese major question paper | BA 4th Sem Assamese Major Question Answer | ba 4th sem assamese book pdf

Assamese Notes & Guide Available here কথা গুৰুচৰিতঃ গুৰু - শিষ্যৰ মণিকাঞ্চন সংযোগ সাতসৰী অসম বুৰঞ্জীঃ অসমৰ ৰণোদ্যমপ Model Solution to each Unit are provided in the list of UG - CBCS Syllabus. We design all notes according to Guwahati University so that you can easily browse through BA 4th Sem Assamese Major Question Answer and University Guides and Notes here. কথা গুৰুচৰিতঃ গুৰু - শিষ্যৰ মণিকাঞ্চন সংযোগ সাতসৰী অসম বুৰঞ্জীঃ অসমৰ ৰণোদ্যম Question Answer Can be very useful to excel in examinations.

BA 4th Sem Assamese Major Question Answer

BA Assamese কথা গুৰুচৰিতঃ গুৰু - শিষ্যৰ মণিকাঞ্চন সংযোগ সাতসৰী অসম বুৰঞ্জীঃ অসমৰ ৰণোদ্যম Notes covers all the practice questions of Guwahati University syllabus. BA 2nd Sem Assamese Major Question Answer is given here which ensures smooth and easy understanding of all the concepts.  Understand the concepts behind each unit and score well in board exams.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 3 

কথা গুৰুচৰিতঃ গুৰু - শিষ্যৰ মণিকাঞ্চন সংযোগ সাতসৰী অসম বুৰঞ্জীঃ অসমৰ ৰণোদ্যম — ALL Important Question & Answers

GU BA 4th Sem Assamese Major ASM-HC-4036 Questions & Answer :


CONTENTS 

কথা গুৰুচৰিতঃ গুৰু - শিষ্যৰ মণিকাঞ্চন সংযোগ সাতসৰী অসম বুৰঞ্জীঃ অসমৰ ৰণোদ্যম
Model Question and Answer key






প্ৰশ্নাৱলীঃ

কথা গুৰুচৰিতঃ গুৰু - শিষ্যৰ মণিকাঞ্চন সংযোগ সাতসৰী অসম বুৰঞ্জীঃ অসমৰ ৰণোদ্যম BA 4th Sem Assamese Major Very Short Question Answer 

তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়াঃ Mark — 1

Q. 1 | ‘হৰ্ষচৰিত’ ৰ লেখক কোন ?

উত্তৰঃ 'হৰ্ষচৰিত' ৰ লেখক হল 'বাণভট্ট' ।

Q. 2 | কথা গুৰু চৰিত কেতিয়া ৰচিত হৈছিল ?

উত্তৰঃ কথা গুৰু -চৰিত অষ্টাদশ শতিকাত ৰচিত হৈছিল ।

Q. 3 | অশ্বঘোষৰ এখন চৰিত পুথিৰ নাম লিখা।

উত্তৰঃ অশ্বঘোষৰ এখন চৰিত পুথিৰ নাম হল বুদ্ধচৰিত ।

Q. 4 | শংকৰ চৰিত কোনে ৰচনা কৰিছিল?

উত্তৰঃ ভূষণ দ্বিজে শংকৰ-চৰিত নামৰ গ্ৰন্থখন ৰচনা কৰিছিল ।

Q. 5 | শংকৰদেৱ মাধৱদেৱ চৰিত কোনে ৰচনা কৰিছিল?

উত্তৰঃ দৈত্যাৰি ঠাকুৰ নামৰ এজন লিখকে শংকৰদেৱ-মাধৱদেৱ চৰিত ৰচনা কৰিছিল ।

Q. 6 | শংকৰদেৱে মাধৱদেৱক কি বুলি সম্বোধন কৰে?

উত্তৰঃ শংকৰদেৱে মাধৱদেৱক বৰাৰ পো বুলি সম্বোধন কৰে ।

Q. 7 | শংকৰদেৱৰ জীয়েকৰ নাম কি?

উত্তৰঃ শংকৰদেৱৰ জীয়েকৰ নাম হল হৰিপ্ৰিয়া । 

Q. 8 | বুৰঞ্জী সাহিত্যৰ বিকাশ কেতিয়া হয়?

উত্তৰঃ বুৰঞ্জী সাহিত্যৰ বিকাশ হয় লপ্তদশ শতিকাৰ মাজভাগৰ পৰা ।

Q. 9 | সূর্য কুমাৰ ভুঞাই বুৰঞ্জী সাহিত্যক কেইটা ভাগত ভাগ কৰিছে?

উত্তৰঃ সূৰ্যকুমাৰ ভূঞাই বুৰঞ্জী সাহিত্যক তিনিটা ভাগত ভাগ কৰিছে । 



Check Here >>> BA 4th Sem Assamese Question Answer (Regular Course)newgifnvs

Check Here >>> BA 4th Sem Assamese Major Booknewgifnvs

Gauhati University BA 4th Sem Assamese Major Notes With Syllabus [Model Answer]newgifnvs



কথা গুৰুচৰিতঃ গুৰু - শিষ্যৰ মণিকাঞ্চন সংযোগ সাতসৰী অসম বুৰঞ্জীঃ অসমৰ ৰণোদ্যম BA 4th Sem Assamese Major Short Question Answer 

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 1/2/3

Q. 1 | চৰিত প্ৰথা কি?

উত্তৰঃ

Q. 2 | ৰামসিংহ কোন?

উত্তৰঃ ৰামসিংহ হল মোগলসকলৰ সেনাপতি ।

Q. 3 | ৰামৰায় কোন?

উত্তৰঃ ৰামৰায় লোচ সত্ৰৰ প্ৰতিষ্ঠাপক অৰ্জুনদেৱৰ শিষ্য আছিল ।

Q. 4 | ৰামসিংহই আহোম কটকীৰ হাতত কি পঠাইছিল?

উত্তৰঃ ৰামসিংহই আহোম কটকীৰ হাতত আফুগুটিৰ টোপোলা আৰু বালিৰ চুঙা দি পঠালে । 

Q. 5 | কথা গুৰু চৰিত কোনে ৰচনা কৰিছিল?

উত্তৰঃ ড বাণীকান্ত কাকতিয়ে কথা গুৰু-চৰিত ৰচনা কৰিছিল ।

Q. 6 | দুখন চৰিত পুথিৰ নাম লিখা।

উত্তৰঃ দুখন চৰিত পুথিৰ নাম হল 

  • ( i ) বনমালী চৰিত ।
  • ( i ) গোবিন্দ চৰিত ।

Q. 7 | কথা গুৰু চৰিত কেতিয়া আৰু কিদৰে ৰচিত হৈছিল?

উত্তৰঃ

Q. 8 | বুৰঞ্জী সাহিত্যৰ এটি বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ বুৰঞ্জী সাহিত্যৰ এটি বৈশিষ্ট্য হল 

( i ) বুৰঞ্জীসমূহ সত্যবাদিতাৰ ওপৰত প্ৰতিষ্ঠিত । কোনো অলৌকিক বৰ্ণনা বুৰঞ্জীসমূহত সাধাৰণতে দৃষ্টিগোচৰ নহয় । 

Q. 9 | বৈষ্ণৱ ধৰ্মৰ তিনি বস্তু কি কি?

উত্তৰঃ বৈষ্ণৱ ধৰ্মৰ তিনি বস্তু হল

( i ) নাম ।

( i ) দেৱ 

( i ) ভকত ।

Q. 10 | অসমৰ ৰণোদ্যম কাৰ কাৰ মাজত হৈছিল ?

উত্তৰঃ অসমৰ ৰণোদ্যম মোগলৰ সেনাপতি ৰামসিংহ আৰু  আহোমৰ সেনাপতি লাচিত বৰফুকনৰ মাজত হৈছিল ।  

Q. 11 | দেওধাই বুৰঞ্জী কিহৰ বিষয়ে পোৱা যায় ৷

উত্তৰঃ দেওধাই বুৰঞ্জীত আহোম ৰাজত্বকালৰ বিশদ বিৱৰণ আৰু লগতে দাঁতিকাষকীয়া ৰাজ্যৰ বিভিন্ন দিশসমূহৰ বিষয়ে পোৱা যায়  ।

Q. 12 | সাতসৰী অসম বুৰঞ্জীত কেইখন বুৰঞ্জী সন্নিবিষ্ট হৈছে?

উত্তৰঃ সাতসৰী অসম বুৰঞ্জীত সাতখন বুৰঞ্জী সন্নিবিষ্ট হৈছে । 

Q. 13 | পুৰণি অসম বুৰঞ্জীত কি কি বিষয় সন্নিবিষ্ট কৰা হৈছে?

উত্তৰঃ পুৰণি অসম বুৰঞ্জীত বা এই পুথিখনত আহোমৰ ৰাজত্বকালৰ আৰম্ভণিৰ পৰা গদাধৰ সিংহৰ মৃত্যুলৈকে বিভিন্ন বৰ্ণনা সন্নিৱিষ্ট হৈ আছে ।চক্ৰধ্বজ সিংহৰ ৰাজত্ব আৰু শৰাইঘাট যুদ্ধৰ বিষয়ে সাৱলীল ভাষাৰে বা হৰ্ণনাৰে বুৰঞ্জী পুথিখন উজ্জলিত হৈ আছে । 

Q. 14 | বুৰঞ্জী সাহিত্যৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ বুৰঞ্জী সাহিত্যৰ দুটা বৈশিষ্ট্য হল 

( i ) বুৰঞ্জী লেখকৰ দৃষ্টিভংগী আৰু ৰচনা পদ্ধতিত ব্যক্তি নিৰপেক্ষতাই প্ৰধান স্থান অধিকাৰ কৰিছে । বুৰঞ্জী  লেখকসকলে সম্পূৰ্ণ নিৰপেক্ষভাৱে বুৰঞ্জী ৰচনাত গুৰুত্ব প্ৰদান কৰিছিল ।

( ii ) বৰ্ণনাৰ পুংখানুপুংখতা বুৰঞ্জী সাহিত্যৰ এটা অন্যতম বৈশিষ্ট্য । বুৰঞ্জী লেখকে কোনো ঘটনা বৰ্ণনা কৰোতে তাৰ সূক্ষ্মাতিসূক্ষ্ম দিশবোৰ প্ৰতিফলন কৰাৰ বাবে বহুতো চেষ্টা চলাইছিল । যাৰ বাবে কোনো ঘটনাৰ দিন, বাৰ, তাৰিখ আদি উদ্ধৃত কৰাত গুৰুত্ব দিছিল । 



কথা গুৰুচৰিতঃ গুৰু - শিষ্যৰ মণিকাঞ্চন সংযোগ সাতসৰী অসম বুৰঞ্জীঃ অসমৰ ৰণোদ্যম BA 4th Sem Assamese Major Board Question Answer 

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 5/8/10

Q. 1 | সুৰ্য কুমাৰ ভূঞা বুৰঞ্জী সাহিত্যক কি কি ভাগত ভাগ কৰিছে?

উত্তৰঃ  সূৰ্যকুমাৰ ভূঞাই বুৰঞ্জী সাহিত্যক তিনিটা ভাগত ভাগ কৰিছে ।

সেইভাগকেইটা হল 

( i ) ভগদত্তৰ পৰা আৰম্ভ কৰি চুকাফাৰ আগমনৰ সময়লৈকে কামৰূপৰ হিন্দু ৰজাসকলৰ বিক্ষিপ্ত বিৱৰণ ।

( ii ) ১২২৮ চনত চুকাফাৰ আগমনৰ পৰা ১৮২৬ চনত আহোম ৰাজত্বৰ পৰিসমাপ্তি বা ১৮৩৮ চন বা তাৰ পিছৰ কথাও সামৰি আহোম ৰজাসকলৰ বুৰঞ্জী । 

( iii ) অসমৰ বাহিৰে আন দেশৰ বুৰঞ্জী ।

Q. 2 | শংকৰদেৱৰ জীয়েক হৰিপ্ৰিয়াক মাধৱদেৱে কিয় বিয়া নকৰালে?

উত্তৰঃ কালিন্দী আয়ে নিজৰ কন্যা বিষ্ণুপ্ৰিয়াক মাধৱদেৱৰ সৈতে বিয়া কৰাই দিবলৈ মন মেলিছিল আৰু এই কথাটো শংকৰদেৱক কলে । শংকৰদেৱে মাধৱদেৱক পিছদিনা সুধিলে -- বৰাৰ পো, তোমাক এটা কথা সুধিব খোজো ।, তুমি কথাটো ৰাখিবানে ? শংকৰদেৱৰ অভিপ্ৰায়টো বুজি পাই মাধৱদেৱে কলে - এই কথাটো ৰাখিব নোৱাৰিম গুৰু । জীৱৰ কুশলতাৰ অৰ্থে আপোনাক গুৰু মানিছো । পশু-পক্ষীৰ শৰীৰটো মায়া থাকে, মই মায়া-মোহৰ বশৱৰ্তী হব খোজা নাই । শংকৰদেৱে কলে -- বৰাৰ পো, গড় বান্ধি যুজিলে পেৰাণৰ সংশয় নাই । মাধৱদেৱে প্ৰত্যুত্তৰ দিলে -- গড় নবন্ধাতকৈ যুঁজ কৰাজনহে প্ৰকৃত যোদ্ধা । মাধৱদেৱৰ কথা শুনি শংকৰদেৱ ক্ৰোধান্বিত হল আৰু কলে -- বৰাৰ পো , তুমি কাৰ বলত এনে কথা কৈছা। ব্ৰহ্মা, মহাদেৱ, সূৰ্য, চন্দ্ৰ সকলোৱে গৰ্বৰ বশৱতী হৈ কথা কৈছিল আৰু মহাদেৱে চেতনা হেৰুৱাই পাগলৰ দৰে হৈছিল । তেতিয়া অত্যন্ত বিনয়েৰে মাধৱদেৱে কলে যে গুৰু প্ৰকৃত বৈষ্ণৱৰ মূল লক্ষয । মোক্ষলাভ আৰু বৈকুন্ঠ প্ৰাপ্তি, কিন্তু মই একো নিবিচাৰো, হৰিনাম কীৰ্তনেই মোৰ জীৱনৰ সকলো । এনেদৰে কৈ মাধৱদেৱে তেওঁক সংসাৰৰ মায়াপাশত আৱদ্ধ নকৰিবলৈ শংকৰদেৱক অনুৰোধ জনালে , মাধৱদেৱৰ অন্তদৃষ্টিৰ গভীৰতা উপলব্ধি কৰি শংকৰদেৱে মাধৱদেৱক আগতে লগ পালে বিবাহ পাশত আবদ্ধ নহলহেতেন বুলি মতপোষণ কৰিছে ।

মাধৱদেৱৰ ওচৰত জীয়েকক অৰ্পণ কৰাৰ খুব মন আছিল কালিন্দী আইৰ । সেইকাৰণে মাধৱদেৱৰ পৰিচৰ্যা কৰি বলৈ বা পৰিচালনা কৰিবলৈ জীয়েকক পঠাই দিলে । বিষ্ণুপ্ৰিয়াই মাধৱৰ কঠ, পাৰি দিয়ে, মাছ-গাখীৰ, শাক-পাছলি লৈ যায়, শোৱাপাটী বা শয্যা চাফ-চিকুণকৈ যতনাই থয় । 

এদিন মাধৱদেৱে বিষ্ণুপ্ৰিয়াক কান্ধত তুলি লৈ কলে - তুমি গুৰুৰ জীয়ৰী, তুমি সেৱাৰ যোগ্য । তাকে দেখি শংকৰদেৱে কালিন্দী আইক বুজাই কলে যে মাধৱৰ মাধৱৰ আদৰ্শৰ লৰচৰ নহয় । তাৰ পিছত কালিন্দী আয়ে জীয়েকক মাধৱদেৱৰ ওচৰলৈ পঠিওৱা বন্ধ কৰিলে । 

Q. 3 | মাধৱদেৱৰ ঘোষা শুনি শংকৰদেৱে কি কৈছিল?

উত্তৰঃ মাধৱদেৱৰ ঘোষা শুনি শংকৰদেৱৰ দেহ-মন ৰোমাঞ্চিত হৈ পৰিছিল । তেওঁৰ দুচকুৰে চকুলো নিগৰি আহিল  এদিন শংকৰ গুৰুৱে কলে 

            পশু নকৰিবা শৰ,

     মৰাও নানিবা        জীয়াও নানিবা 

            সুদাহাতে নপসিবা ঘৰ ।

শংকৰদেৱে এটা চৰ্ত  বান্ধি মাধৱদেৱক এটা নৰপশু আনিব দিলে । মাধৱদেৱ পিছদিনা অহাত শংকৰদেৱে সুধিলে -পশুপালানে তেতিয়া মাধৱদেৱে উতেতৰ দিছিল যে বাপ আপোনাৰ বাক্য ভাবি ভাবি গোটেই নিশা মোৰ টোপনি নাহিল । বহুত ভাবি শুনি চালো প্ৰভব কিন্তু মোতকৈ নৰাধম পশু বিচাৰো নাপালো । মাধৱদেৱৰ উত্তৰত সন্তোষ লাভ কৰি মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱে নৰসিদ্ধ শ্লোক ভঙি উপদেশ দিছে এইদৰে 

      তোমাৰ ভৃত্যৰ        ভৃত্যৰো ভৃত্যৰ

               তাৰো ভৃত্য ভৈলো আমি 

         মোক জগন্নাথ          নকৰা অনাথ 

                  নেৰিবা মাধৱ স্বামী ।

Q. 4 | মীৰজুমলাই কেতিয়া কিদৰে অসম আক্ৰমণ কৰিছিল? 

উত্তৰঃ

Q. 5 | চৰিত সাহিত্য বুলিলে কি বুজা? ‘গুৰু-শিষ্যৰ মণিকাঞ্চন সংযোগ” পাঠৰ আধাৰত চৰিত পুথিৰ গদ্যৰীতি সম্পর্কে লিখা।

উত্তৰঃ

Q. 6 | চৰিত সাহিত্যৰ সৃষ্টি কেনেকৈ হ'ল? গুৰুশিষ্যৰ মণিকাঞ্চন সংযোগৰ তাৎপর্য লিখা।

উত্তৰঃ শংকৰদেৱ-মাধৱদেৱৰ মৃত্যুৰ পাছত সপ্তদশ শতিকাৰ আৰম্ভণিৰ পৰা শেষলৈ যিবোৰ সাহিত্যৰূপেৰে নতুনকৈ ভূমূকি মাৰিছিল তাৰ ভিতৰত চৰিত সাহিত্য অন্যতম । শংকৰ যুগৰ সাহিতিযৰ এটা বিশিষ্ট ধাৰা হিচাপে চৰিত সাহিত্যই প্ৰতিষ্ঠা লাভ কৰা দৃষ্টিগোচৰ হয় । সত্যেন্দ্ৰ নাথ শৰ্মাৰ মত অনুসৰি বৈষ্ণৱ মহাপুৰুষসকলে ভেটি-বান্ধি থৈ যোৱা বৈষ্ণৱ অনুষ্ঠানসমূহে ইতিমধ্যে জনসমাজত থিতাপি লয়, বিশেষকৈ সত্ৰ-অনুষ্ঠানে শাখা-প্ৰশাখাৰে বিস্তৃতি লাভ কৰিবলৈ ধৰে । পাছলৈ এই অনুষ্ঠানবোৰত মহাপুৰুষসকলৰ চৰিত্ৰ কীৰ্ত্তন নিত্য বা নৈমিত্তিক প্ৰসংগত অন্তভূক্ত হৈ পৰে । শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ আদিৰ তিৰোধানৰ পাছত বা মৃত্যু পাছত তেখেতসকলক অৱতাৰী পুৰুষৰূপে গণ্য কৰি তেখেতসকলৰ গুণ-গৰিমা শ্ৰৱণ কৰা ধৰ্মকাৰ্যৰূপে পৰিগণিত হল । এইদৰে ক্ৰমে বিভিন্ন সত্ৰ সম্প্ৰদায়ৰ প্ৰতিষ্ঠাতাসকলৰো চৰিত্ৰ বৰ্ণনা কৰি চৰিত লেখা প্ৰথা প্ৰচলন হবলৈ ধৰিলে । 

Q. 7 | মাধৱদেৱে গুৰু পত্নীক কি কি উপদেশ দিছিল আলোচনা কৰা। এই উপদেশসমূহ গুৰুপত্নীয়ে কেনেভাৱে লৈছিল লিখা।

উত্তৰঃ এদিন কালিন্দী আয়ে শংকৰদেৱক সুধিলে, বেলা ভাটি দিয়াত মাধৱদেৱ গুচি যায়, ৰাতি ভাত খায় নে নাখায়, আমাৰ ইয়াত ভাত খোৱাত মাধৱদেৱৰ কিবা অসুবিধা আছে নেকি সুধিবচোন । পিছশংকৰদেৱে মাধৱদেৱক সুধিলে- বোলো বান্ধৱ,যোৱাকালি সন্ধিয়াযে ইয়াৰ পৰা গুচি গলা , ভাত খোৱা হল নে নহল, মাধৱদেৱে নাই খোৱা বুলি উত্তৰ দিলে । শংকৰদেৱে নিজৰ ঘৰত ভাত খোৱাত কিবা অসুবিধা আছে নেকি সুধিলে । মাধৱদেৱে উত্তৰ দিলে -- আপোনাক গুৰু মানি সংসাৰৰ মায়া-মোহৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰিছো । আপোনাৰ ঘৰত ভোজন নকৰি কত কৰিম, এইবুলি কৈ মাধৱদেৱে ঘৰৰ ভিতৰখন চাবলৈ সোমাল । 

ঘৰৰ ভিতৰত সোমাই মাধৱদেৱে দেখিলে যে কলপাতৰ আসন, আমৰ ডাল, ঘটত এৱা সূতা বান্ধি থোৱা আছে । মাধৱদেৱে আচৰিত হৈ বস্তুবোৰৰ কথা কালিন্দী আইক সুধিলে । কালিন্দী আয়ে লৰা-ছোৱালী কেইটাৰ মংগলৰ কাৰণে এইবস্তুবোৰ থোৱা বুলি কলে । ঘৰতে পৰমপুৰুষ থকাৰ পিছত এই বস্তুৰ কোনো প্ৰয়োজন নাই বুলি মাধৱদেৱে মন্তব্য কৰিলে । আসন, বিগ্ৰহকে ধৰি গোটেই বস্তু ভাঙি কলৰ ভূৰত উটুৱাই দিলে । গোটেই ঘটনা দেখি শংকৰদেৱে আনন্দ পালে , তেওঁ বহুদিনৰ পৰা বুজাই কৰিব নোৱাৰা কামটো মাধৱদেৱে কৰি দেখুৱালে । তাৰ পিছত মাধৱদেৱৰ পৰামৰ্শ অনুযায়ী কালিন্দী আয়ে খাৰ-টেঙাৰে গা ধুই বাচন-বৰ্তন ধই চাউল সিজালে আৰু তেতিয়াহে মাধৱদেৱে অন্ন বা আহাৰ গ্ৰহণ কৰিলে । 

কালিন্দীয়ে আধ্যাত্মিক তত্ত্বজ্ঞান লাভ কৰি মাধৱদেৱক কলে তুমি মোৰ চকুৰ আৱৰণ গুচাই মোক দিব্যদৃষ্টি প্ৰদান কৰিলা । প্ৰভূৰ মায়াত স্বয়ং ব্ৰহ্মা বিশ্ৰুত হয়, মহাদেৱে উন্মাদ হৈ দৌৰি ফুৰে , মোৰ মায়াই মোক ঢাকি ৰাখিছিল । সূৰ্যক কুঁৱলী আৰু জুইক ভস্মই ঢাকি ৰখাৰ দৰে মোকো মায়াৰ আৱৰণে ডাকি ৰাখিছিল , এতিয়া মই পৰম দৃষ্টি লাভ কৰিলো ।

তাৰ পিছত মাধৱদেৱে কালিন্দীক সুধিলে -- মোৰ গুৰুজনাক কি বুলি মানি আহিছা । তেতিয়া কালিন্দী আয়ে কলে স্বামী হিচাপে । মাধৱদেৱে কলে তেওঁ স্বামী নহয়, ইশ্ূৰ, ইশ্বৰৰো ইশ্বৰ আৰু তুমি লক্ষ্মী । তাৰ পিছত মাধৱদেৱে সুধিলে গুৰুজনাক কি বুলি মাতা । কালিন্দীয়ে কলে ৰামানন্দ বাপ বুলি মাতো । মাধৱদেৱে কলে এয়া সাধাৰণ লোকৰহে সম্বোধন । তুমি গুৰুজনাক গোঁসাই বুলি সম্বোধন কৰিবা । তাৰ পিছত মাধৱদেৱে সুধিলে গুৰুজনাৰ লগত শোৱা কেনেকৈ ? কালিন্দীয়ে কলে -- একেখন পাটিতে একেটা গাৰুতে একেলগে শোও । মাধৱদেৱে কলে তেনেকৈ শুলে নহব । গুৰুজনাৰ নাভিৰ সমানত মূৰ থৈ শোবা । শোৱাৰ আগত আৰু শুই উঠাৰ পিছত গুৰুজনাক সেৱা কৰিবা । এনেধৰণে কালিন্দীক পৰামৰ্শ প্ৰদান কৰি মাধৱদেৱে চাউল সিজাবলৈ কলে । শংকৰ মাধৱে অন্ন গ্ৰহণ কৰিলে । অন্ন বা আহাৰ গ্ৰহণ কৰি মাধৱদেৱে কলে আপোনাৰ কথামতে এসন্ধ্যা ভোজন কৰিলো , সদায় সদায় এই কাৰ্য কৰি গুৰুৰপত্নীক আমনি বা কষ্ট নিদিও ।

Q. 8 | শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কিয় গুৰু-শিষ্যৰ মণিকাঞ্চন সংযোগ বুলি আখ্যা দিয়া হৈছে? পাঠৰ আধাৰত বৰ্ণনা কৰা।

উত্তৰঃ শাক্ত আৰু বৈষ্ণৱ ধৰ্মৰ শ্ৰেষ্ঠতাক লৈ শংকৰ আৰু মাধৱদেৱৰ মাজত বহু সময় যুক্তি তৰ্ক চলিছিল । মাধৱদেৱ আছিল প্ৰবৃত্তি মাৰ্গত বিশ্বাসী, যিয়ে বিভিন্ন দেৱ-দেৱীৰ পূজা অৰ্চনাৰ প্ৰতি অধিক বিশ্বাসী আছিল । আনহাতে, শংকৰদেৱ আছিল নিবৃত্তি মাৰ্গত বিশ্বাসী, যিয়ে এজন ইশ্বৰৰ উপাসনাতহে বিশ্বাসী আছিল । শংকৰ-মাধৱৰ মাজৰ যুক্তি তৰ্ক তিনি প্ৰহৰজুৰি চলিছিল । অৱশেষত শংকৰদেৱে ভাগৱতৰ গুৰু-মূলৰ এটি শ্লোক মাধৱদেৱৰ আগত মাতি শুনালে --- ''তৰোমূলনিষেচনেন তৃপ্যন্তি তৎস্কন্ধভূজোপপাখাঃ । এই শ্লোকটিৰ অৰ্থ তেওঁ মাধৱদেৱক শুনাই কলে মানুহৰ প্ৰাণটোক যদি সন্তুষ্টি কৰিব পাৰি তেতিয়াহলে সকলো ইন্দ্ৰিয়ই সন্তুষ্ট । 

মূৰবিহীন মানুহক বহুতো অলংকাৰ পিন্ধাই দিলেও সৌন্দৰ্য্য প্ৰকাশ নাপায় । ইয়াৰ ভাবাৰ্থক এনেকৈয়ো বাখ্যা কৰিব পাৰি । যেনেকৈ গছৰ গুৰিত পানী দিলে তাৰ ডাল-পাত টুষ্ট হয় সেইধৰণে একেশ্বৰৰ উপাসনা কৰিলে সকলো দেৱ-দেৱী সন্তুষ্ট হয় ।  মহাপুৰুষ শংকৰদেৱৰ এই শ্লোকৰ বাখ্যা শুনি মাধৱদেৱে শংকৰদেৱৰ ওচৰত পৰাজয় স্বীকাৰ কৰিলে ।আৰু চৰণত পৰি  সেৱা কৰিলে । ইয়াৰ পিছত শংকৰদেৱে মাধৱদেৱক সুধিলে বৰাৰ পো ঘৰলৈ যোৱা নেকি ? মাধৱদেৱে কলে বাপ নাযাও । মাধৱদেৱে শংকৰদেৱক প্ৰথম দেখাৰ লগে-লগে সেৱা কৰিছিল আৰু যুক্তিতৰ্কত পৰাজয় হোৱাৰ পিছত আকৌ এবাৰ সেৱা কৰিছিল । শংকৰদেৱে মাধৱক দুবাৰ সেৱা কৰাৰ কাৰণটো সুধিলে । তেতিয়া মাধৱদেৱে কলে যে তেওঁ প্ৰথমবাৰ বৰক্ষূঞা কাৰণে শংকৰদেৱক সেৱা কৰিছিল আৰু দ্বিতীয়বাৰ গুৰু মানি সেৱা কৰিছে ।

ইয়াৰ পিছত শংকৰদেৱৰ ওচৰৰ পৰা বিদায় লৈ মাধৱদেৱ ভৰালিডুবি নামৰ ঠাইডোখৰলৈ গল । পিছদিনা মাধৱদেৱে চাউল , তামোল-পাণ, বস্ত্ৰ, আদি বস্তু গুৰু শংকৰক প্ৰদান কৰে আৰু দুই-চাৰিদিন অতিবাহিত কৰে । আহিনৰ দুৰ্গা-পূজাৰ সময়ত মাধৱদেৱে ৰামৰাম গুৰুৰ হতুৱাই প্ৰসাদ নৈবদ্যৰে বিষ্ণু পূজাৰ আয়োজন কৰে আৰু বিষ্ণুৰ বাহিৰে আন কোনো দেৱতাৰ চৰণত পূজা ফুল-পাত নিদিবলৈ নিৰ্দেশ দিয়ে । এই বুলি মাধৱদেৱে ঘোষা পাঠ কৰিলে আৰু পূজাৰ প্ৰসাদ শংকৰ গুৰুৰ ওচৰলৈ লৈ গল । শংকৰদেৱে প্ৰসাদখিনি শাক্ত পূজাৰ বুলি ভাবি স্পৰ্শ কৰিবলৈ অস্বীকাৰ কৰিলে । তেতিয়া মাধৱদেৱে কলে যে এয়া বিষ্ণু প্ূজাৰহে প্ৰসাদ । শংকৰদেৱন আচৰিত হল । দুদিনমান আগত শিষ্যত্ব গ্ৰহণ কৰা ঘোৰ শাক্ত মাধৱদেৱৰ আকস্মিক পৰিৱৰ্তন দেখি তেওঁ আনন্দিত হল । দুদিন আগত শাক্তধৰ্মৰ সপক্ষে প্ৰবল যুক্তি প্ৰদৰ্শন কৰা মাধৱদেৱৰ শুভ বুদ্ধি উদয় হল । কিন্তু তেওঁৰ পত্নীক আজিলৈ বিষ্ণুৰ মাহাত্ম্য বুজাবলৈ সক্ষম নহল । শংকৰদেৱে আক্ষেপ কৰিলে আৰু প্ৰসাদখিনি পত্নীক থবলৈ দিলে । তাৰ পিছত গা-পা ধুই পৱিত্ৰ মনেৰে শংকৰদেৱে প্ৰসাদ গ্ৰহণ তকৰিলে , মাধৱদেৱকো দিলে আৰু অন্য ঠাকুৰ-ভকতকো খাবলৈ দিলে । 

Q. 9 | ‘বোলে বৰাৰ পো, গৰ বান্ধি যুঁজিলে সজ প্ৰাণৰ সংশয় নাইঃ বিনাগৰে যুঁজিলে ভয় ।। বোলে বাপ গৰ বান্ধি যুঝাক একাঃ ক্ষেত্রিয় বোলে কোনেঃ বিনা গৰে যুঁজিলেহে যুদ্ধাৰু।। তেহে মহাপুৰুষ গুৰু বোলে বৰাৰ পো, কাত বলে বোলা।।”  গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ পাঠৰ আলম ইয়াৰ তাৎপৰ্য ব্যাখ্যা কৰা।

উত্তৰঃ

Q. 10 | গুৰু শিষ্য মণিকাঞ্চন সংযোগ প্ৰবন্ধৰ ভিত্তিত মহাপুৰুষ মাধৱদেৱৰ গুৰুসেৱা, বৈষ্ণৱ ধৰ্মৰ প্ৰতি আনুগত্য, মানসিক দৃঢ়তা আৰু উপস্থিত বুদ্ধি সম্পর্কে কি কথা জানিব পাৰি লিখা।

উত্তৰঃ শাক্ত আৰু বৈষ্ণৱ ধৰ্মৰ শ্ৰেষ্ঠতাক লৈ মহাপুৰুষ শ্ৰী মন্তশংকৰদেৱ আৰু মাধৱদেৱৰ মাজত বহু সময় যুক্তি তৰ্ক চলিছিল । মাধৱদেৱ আছিল শাক্তধৰ্মত বিশ্বাসী । যিজনে বিভিন্ন দেৱ-দেৱীৰ পূজা-অৰ্চনাৰ প্ৰতি অতি বিশ্বাসী আছিল, আনহাতে মহাপুৰুষ শংকৰদেৱ আছিল নিবৃত্তি মাৰ্গত বিশ্বাসী, যিয়ে এক ইশ্বৰৰ উপাসনাত বিশ্বাসী আছিল । শংকৰ মাধৱৰ মাজৰ যুক্তি তৰ্ক তিনি প্ৰহৰজুৰি চলিছিল । অৱশেষত শংকৰদেৱে ভাগৱতৰ গুৰু-মূলৰ এটি শ্লোক মাধৱদেৱৰ আগত মাতি শুনালে । তৰোমূলৰ্নিষেচনেন তৃপান্তি । এই শ্লোকটোৰ অৰ্থ হল তেওঁ মাধৱজেৱক শুনাই কলে -- 

মানুহৰ প্ৰাণটোক যদি সন্তুষ্ট কৰিব পাৰি তেতিয়া সকলো ইন্দ্ৰিয়ই সন্তুষ্ট । 

মুৰবিহীন মানুহক বত্ৰিশবিধ অলংকাৰ পিন্ধালেও সৌন্দৰ্য প্ৰকাশ নাপায় । ইয়াৰ ভাবাৰ্থক এনেকৈয়ো ব্যাখ্যা কৰিব পাৰি -- যেনেকৈ গছৰ গুৰিত পানী দিলে তাৰ ডাল-পাত টুষ্ট হয় সেইকাৰণে একেশ্বৰৰ উপাসনা কৰিলে । সকলো-দেৱ-দেৱী সন্তুষ্ট হয় । 

শংকৰদেৱৰ এই শ্লোকৰ ব্যাখ্যা শুনি মাধৱদেৱে শংকৰদেৱৰ ওচৰত পৰাজয় স্বীকাৰ কৰিলে আৰু চৰণত পৰি সেৱা কৰিলে । ইয়াৰ পিছত শংকৰদেৱে মাধৱদেৱক সুধিলে বৰাৰ পো ঘৰলৈ যোৱা নেকি ? তেতিয়া মাধৱদেৱে কলে বাপ নাযাও, মাধৱদেৱে শংকৰদেৱক প্ৰথম দেখাৰ লগে-লগে সেৱা কৰিছিল আৰু যুক্তিতৰ্কত পৰাজয় হোৱাৰ পিছত পুনৰ এহাৰ সেৱা কৰিছিল ।শংকৰদেৱে কলে যে তেওও প্ৰথমবাৰ বৰভূঞা মানি শংকৰদেৱক সেৱা কৰিছিল । আৰু দ্বিতীয়বাৰ গুৰু মানি সেৱা কৰিছিল । 

ইয়াৰ পিছত শংকৰদেৱৰ ওচৰৰ পৰা বিদায় লৈ মাধৱদেৱ ভৰালিডুবি নামৰ ঠাই এডোখৰলৈ গল । পিছদিনা মাধৱদেৱে চাউল, তামোল-পাণ, বস্ত্ৰ, আদি বস্তু মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱক প্ৰদান কৰে আৰু দুই-চাৰিদিন সময় অতিবাহিত কৰিছিল । আহিন মাহৰ দুৰ্গা পুজাৰ সময়তে মাধৱদেৱে ৰামৰাম গুৰুৰ হতুৱাই প্ৰসাদ নৈবদ্যৰে বিষ্ণুপুজাৰ আয়োজন কৰে আৰু বিষ্ণুৰ বাহিৰে আন কোনো দেৱতাৰ চৰণত ফুল-পাত নিদিবলৈ নিৰ্দেশ দিয়ে । এই বুলি মাধৱদেৱে ঘোষা পাঠ কৰিলে আৰু পূজাৰ প্ৰসাদ মহাপুৰুষ শংকৰদেৱৰ ওচৰলৈ লৈ গল । শংকৰদেৱে প্ৰসাদখিনি শাক্ত পূজাৰ প্ৰসাদ বুলি ভাবি স্পৰ্শ কৰিবলৈ অস্বীকাৰ কৰিলে । তেতিয়া মাধৱদেৱে কলে যে এয়া বিষ্ণু পূজাৰহে মাহ-প্ৰসাদ । শংকৰদেৱ আচৰিত হৈ পৰিল । দুদিন মানৰ আগত শিষ্যত্ব গ্ৰহণ কৰা ঘোৰ শাক্ত মাধৱদেৱৰ আকস্মিক পৰিৱৰ্তন দেখি তেওঁ আনন্দিত হল । দুদিন আগত শাক্তধৰ্মৰ সপক্ষে যুক্তি দিয়া মাধৱদেৱৰ শুভ বুদ্ধি উপস্থিত হল কিন্তু তেওঁৰ পত্নীক ভগৱান বিষ্ণুৰ মাহাত্ম্য বুজাবলৈ সক্ষম নহল । শংকৰদেৱে আক্ষেপ কৰিলে আৰু মাহ-প্ৰসাদখিনি পত্নীক থবলৈ দিলে । তাৰ পিছত গা-পা ধুই অতি পৱিত্ৰ মনেৰে শংকৰদেৱে প্ৰসাদ গ্ৰহণ কৰিলে, মাধৱদেৱকো দিলে আৰু অন্য ঠাকুৰ-ভকতকো খাবলৈ দিলে ।

ইয়াৰ পিছত শংকৰদেৱ আৰু মাধৱদেৱে অকলশৰীয়াকৈ বহি এটা কাহিনী আলোচনা কৰিছে । কাহিনীটো হল-- এহাল বুঢ়া-বুঢ়ী নিৰ্জন অৰণ্যত বসবাস কৰিছিল । এটা সময়ত তেওঁলোকৰ এটা পুত্ৰ সন্তানৰ জন্ম হল । ডাঙৰ হোৱাত লৰাটোৱে মাক-বাপেকক বুঢ়া আৰু বুঢ়ী বুলি মাতিব ধৰিলে । বুঢ়া-বুঢ়ী নিজক তেনেকৈ মাতিছিল আৰু লৰাটোৱে তাকে শুনি তেনেকৈয়ে মাতিছিল । শেষত বুঢ়া আৰু বুঢ়ীয়ে আলোচনা কৰি এই সমস্যাটোৰ সমাধান উলিয়ালে । সেইমতে বুঢ়ীয়ে বুঢ়াক বোপাই আৰু বুঢ়াই বুঢ়ীক আই বুলি মাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে । তেতিয়া লৰাটোৱে এই মাত শুনি সঠিকভাৱে সম্বোধন কৰিবলৈ শিকিব । এই কাহিনীটো আলোচনা কৰি শংকৰদেৱে কলে যদিহে শিষ্যই গুৰুভক্তি প্ৰকাশ কৰে তেতিয়া অন্যসকলে তাক অনুসৰণ কৰিব । ইয়াত গুৰু হল শংকৰদেৱ আৰু সেৱক হল মাধৱদেৱ । ইয়াৰ পূৰ্বে বৈষ্ণৱ ধৰ্মত নাম, দেৱ, ভকত এউ তিনিটা বস্তুত গুৰুত্ব দিয়া হৈছিল । তাতে আৰু এটা বস্তু সংযোজিত হল আৰু সেইটো হল গুৰু ।

শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰাৰ পিছত মাধৱদেৱে গভীৰভাৱে ধৰ্মকথাৰ মাজত সোমাই পৰিছিল । তেওঁ দুয়োবেলা কৃষ্ণৰ ক্ষক্তি চৰ্চা কৰিছিল । কেতিয়াবা ভাত খাই শংকৰদেৱ শোৱে, মাধৱদেৱ ৰৈ থাকে । শংকৰদেৱৰ কন্যা বা জীয়েক হৰিপ্ৰিয়াই মাধৱবান্ধৱ আহিছে বুলি শংকৰদেৱক জগাই দিয়ে । শংকৰদেৱ আচৰিত হৈ জীয়েক মাধৱদেৱৰ সম্পৰ্কে পৰিচিত হোৱাৰ আনন্দত মূৰত চুমা খায় ।

এদিন কালিন্দী আয়ে মহাপুৰুষ শংকৰদেৱক সুধিলে বেলা ভাটি দিয়াত মাধৱদেৱ ঘৰলৈ গুচি যায় , ৰাতি ভাত খায় নে নাখায়, আমাৰ ইয়াত ভাত খোৱাত কিবা অসুবিধা আছে নেকি সুধিবচোন ? পিছদিনা  শংকৰদেৱে মাধৱদেৱক সুধিলে বোলো বান্ধৱ, যোৱাকালি সন্ধিয়া যে ইয়াৰ পৰা গুচি গলা ভাত খোৱা হল নে নহল ? মাধৱদেৱে নাই খোৱা বুলি উত্তৰ দিলে । শংকৰদেৱে নিজৰ ঘৰত ভাত খোৱাত কিবা অসুবিধা আছে নেকি সুধিলে । মাধৱদেৱে উত্তৰ দিলে আপোনাক গুৰু মানি সংসাৰৰ মায়া-মোহৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰিছো, আপোনাৰ ঘৰত ভোজন নকৰি কত কৰিম, এইবুলি মাধৱদেৱে ঘৰৰ ভিতৰখন চাবলৈ সোমাল । ঘৰৰ ভিতৰত সোমাই মাধৱদেৱে দেখিলে কলপাতৰ আসন, আমৰ ডাল, ঘটত এৱাসূতা বান্ধি যোৱা আছে ।

Q. 11 | মহাপুৰুষ শংকৰদেৱৰ লগত মহাপুৰুষ মাধৱদেৱৰ মিলন ক’ত আৰু কেনেকৈ হৈছিল? এই মিলনক মণিকাঞ্চন সংযোগ বোলাৰ কাৰণ কি? পাঠৰ আধাৰত মাধৱদেৱৰ চৰিত্ৰত কি কি গুণ পৰিস্ফুট হৈছে লিখা।

উত্তৰঃ You can read text book.

Q. 12 | গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ পাঠটিৰ আধাৰত মাধৱদেৱ চৰিত্ৰৰ কি কি গুণ প্রকাশ পাইছে আলোচনা কৰা।

উত্তৰঃ গুৰু-শিষ্যৰ মণিকাঞ্চন সংযোগ পাঠটিৰ আলমত বা আধাৰত মাধৱদেৱ চৰিত্ৰৰ গুণসমূহ হল 

শাক্ত আৰু বৈষ্ণৱ ধৰ্মৰ শ্ৰেষ্ঠতাক লৈ শংকৰ আৰু মাধৱদেৱৰ মাজত বহু সময় যুক্তি তৰ্ক চলি আছিল । মাধৱদেৱ ঈছিল শাক্ত ধৰ্মত বিশ্বাসী , যিজনে বিভিন্ন দেৱ-দেৱীৰ পূজা-অৰ্চনাৰ প্ৰতি অধিক বিশ্বাসী আছিল , আনহাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল নিবৃত্তি  মাৰ্গ বা বৈষ্ণৱ ধৰ্মত বিশ্বাসী । শংকৰদেৱ আৰু মাধৱদেৱৰ মাজৰ যুক্তিতৰ্ক তিনি প্ৰহৰজুৰি চলিছিল । শেষত শংকৰদেৱে ভাগৱতৰ গুৰু-মূলৰ এটা শ্লোক মাধৱদেৱৰ ওচৰত মাতি শুনালে । 

এই শ্লোকটোৰ অৰ্থ হল তেওঁ মাধৱদেৱক শুনাই কলে । মানুহৰ প্ৰাণটোক যদি সন্তুষ্টি কৰিব পাৰি তেতিয়া সকলো ইন্দ্ৰিয়ই সন্তুষ্ট । মূৰবিহীন মানুহটোক বা মুৰ নোহোৱা মানুহক বহুতো আ-অলংকাৰ পিন্ধালেও সৌন্দৰ্য প্ৰকাশ নাপায় । ইয়াৰ অৰ্থ এনেকৈয়ো ব্যাখ্যা কৰিব পাৰি --- যেনেকৈ গছৰ গুৰিত পানী দিলে তাৰ ডাল-পাত সন্তুষ্ট হয় সেইদৰে ভগৱানক উপাসনা কৰিলে সকলো দেৱ-দেৱীয়ে সন্তুষ্ট হয় । 

শংকৰদেৱৰ শ্লোকৰ ব্যাখ্যা শুনি মাধৱদেৱে শংকৰদেৱৰ ওচৰত স্বীকাৰ কৰিলে আৰু শংকৰদেৱৰ চৰণত পৰি সেৱা কৰিলে ।  ইয়াৰ পিছত শংকৰদেৱে মাধৱদেৱক সুধিলে বৰাৰ পো ঘৰলৈ যোৱা নেকি ? মাধৱদেৱে কলে -বা নাযাও ।

Q. 13 | ছোট আতা কোন? গুৰু শংকৰে তেওঁ কি বুলি সম্বোধন কৰিছিল ? বৈষ্ণৱ ধৰ্মত শৰণ লোৱাৰ আগতে ছোট আতা কি ধর্মী লোক আছিল? পাঠৰ আধাৰত তেওঁৰ চাৰিত্র্যিক বৈশিষ্ট্য বোৰ লিখা।

উত্তৰঃ

Q. 14 | গুৰু গৃহত ভোজন কৰাৰ আগেয়ে মাধৱদেৱে গুৰুপত্নীক কি কৈছিল? শংকৰদেৱে জীয়েক বিষ্ণুপ্ৰিয়াৰ বিয়াৰ প্ৰস্তাৱ কৰাত মাধৱদেৱে কি উত্তৰ দিছিল? ইয়াত মাধৱদেৱেৰ চৰিত্ৰ কেনেদৰে প্ৰকাশ পাইছে লিখা।

উত্তৰঃ


Q. 15 | ‘গুৰু বোলে ৰামানন্দৰ মাক মাধৱ বান্ধৱ আহিলে আমাক জগাবাঃ পাচে হৰিপ্ৰিয়া আপি জগাইগৈ বোলে আতা মাধৱ বান্ধৱ আহি আচে উঠা হক। উঠি বোলে আমি জাগে মাধৱ বান্ধৱ বুলি : তুমি কালিৰ ছৱা, তই জানিলি কি কৈ ঃ এই বুলি মুণ্ডত চম্বন কৰিলে। গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ পাঠটিৰ আলমত কথাষাৰ বৰ্ণনা কৰা।

উত্তৰঃ

Q. 16 | কথাগুৰু চৰিতত প্ৰতিফলিত সমাজ ব্যৱস্থা সম্পর্কে লিখা।

উত্তৰঃ কথাগুৰু চৰিতত মধ্যযুগৰ অসমৰ ধৰ্মীয়, সামাজিক ৰাজনৈতিক জীৱনৰ দলিলস্বৰূপ । অসমীয়া গদ্য সাহিত্যৰ ক্ষেত্ৰতো ই এটা বিশেষ সংযোজন হিচাপে চিহ্নিত হৈছে । গ্ৰন্থখনত সমকালীন সমাজ জীৱনৰ বিবিন্ন চিত্ৰ প্ৰকাশিত হৈছে ।  

মহাপুৰুষ  শ্ৰীমন্তশংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰাৰ প্ৰাকমূহুূৰ্তত অসমত শান্তি আৰু শৈৱ ধৰ্মৰ প্ৰাধান্য আছিল । শংকৰদেৱৰ পূৰ্বপুৰুষে সন্তান লাভৰ কাৰণে শিৱক পূজা কৰিছিল, কুসুম্বৰ ভূঞাক শিৱক আৰাধনা কৰি পুত্ৰ লাভ কৰা আদি বৰ্ণনাত শৈৱ ধৰ্মৰ প্ৰাধান্যৰ ইংগিত পোৱা যায় । শংকৰদেৱৰ সময়ত চৈতন্যপন্থী বিভিন্ন লোকৰ অসমলৈ আগমন, কোচ ৰজাসকলৰ পৃষ্ঠপোষকতা, আহোমৰ ৰোষৰ বলি ইত্যাদি, বিভিন্ন ঘটনাৰ বিৱৰণ চৰিত পুথিসমূহত পোৱা যায় আৰু এইবোৰে সমকালীন অসমৰ বিভিন্ন ৰাজনৈতিক ঘটনা প্ৰবাহৰ সাক্ষী বহন কৰে । 

মধ্যযুগৰ অসমীয়া সমাজৰ বিভিন্ন চিত্ৰ গুৰু চৰিত কথাত প্ৰাণৱন্ত ৰূপত উদ্ভাসিত হৈছে । অসমীয়া সমাজত প্ৰচলিত ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ সম্পৰ্কে সুন্দৰ আভাস এই পুথিয়ে প্ৰদান কৰিছে । সেইসময়ৰ সমাজত প্ৰচলিত জাতি-ভেদ প্ৰথাৰ বিৱৰণো চৰিত পুথিসমূহত বৰ্ণিত হৈছে । চৰিত পুথিত ব্ৰাহ্মণ, শূদ্ৰ, কপিল, ধোৱা, নাপিত, কৈৱৰ্ত, আদি বিভিন্ন শ্ৰেণীৰ লোকৰ বাসস্থানৰ কথা উল্লেখ আছে ।

সমাজৰ অৰ্থনৈতিক বিকাশত শংকৰী ধৰ্মৰ গুৰুত্বপূৰ্ণ অৱদানৰ বিষয়েও কথা-গুৰু চৰিতত বৰ্ণনা পোৱা যায় । সেই সময়ত মৃদুভাৱে প্ৰচলিত দাসত্ব প্ৰথা, সম্পৰ্কীয়, বিৱৰণো চৰিত পুথিসমূহত আছে । গুৰু চৰিত কথাত অৰ্থনৈতিক স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাই মানুহে বিভিন্ন কৃষিকৰ্মত নিজকে নিয়োগ কৰিছিল । কৃষিকৰ্মৰ ক্ষেত্ৰত মাহ, সৰিয়হ, শাক-পাচলিৰ খেতি আছিল অম্যতম । বেহা-বেপাৰৰ ক্ষেত্ৰত সৰিয়হ, তামোল-পাণ ছাগলীৰ বেপাৰ উপৰিও সোণ, ৰূপ, পাটবস্ত্ৰ আদিৰ বেপাৰ আদি কথা পোৱা যায় ।

কথা গুৰু চৰিতত সমকালীন ৰাজনৈতিক বাতাবৰণৰ চিত্ৰত সুন্দৰকৈ প্ৰকাশিত হৈছে । উজনি অসমত আহোম, নামনি অসম আৰু কোচবিহাৰত কোচসকলে শাসন কৰাৰ উপৰি পূৰ্ব অঞ্চলত চুতীয়া আৰু দক্ষিণ পূব অঞ্চলত কছাৰী লোকসকলৰ ৰাজত্বৰ বিষয়ে উল্লেখ পোৱা যায় । এনেদৰে কথা গুৰু চৰিতত সমকালীন সমাজৰ বিভিন্ন দিশৰ প্ৰকাশ ঘটিছে । 

Q. 17 | বুৰঞ্জী সাহিত্যৰ উদ্ভৱ আৰু বিকাশ সম্পর্কে লিখা।

উত্তৰঃ বুৰঞ্জী সাহিত্য আহোমসকলৰ অৱদান । ই সপ্তদশ শতিকাৰ মাজভাগৰ সৃষ্টি যদিও ইয়াৰ প্ৰকৃত প্ৰসাৰ হয় অষ্টাদশ শতিকাত । আহোমসকলে বুৰঞ্জী প্ৰণয়ন কৰাটো খুব গুৰুত্বপূৰ্ণ কাৰ্য হিচাপে বিবেচনা কৰিছিল । তেওঁলোকৰ এই যোগাত্মক মানসিকতাই বুৰঞ্জী সাহিত্যৰ উদ্ভৱ আৰু বিকাশৰ মুখ্য কাৰক । আহোম যুগত ৰচিত ডেৰশ বুৰ়্জী এতিয়ালৈ উদ্ধাৰ হৈছে । কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ বুৰঞ্জী দাহ কাৰ্য আৰু প্ৰাকৃতিক দুৰ্যোগৰ বাবে অলেখ বুৰঞ্জী ধ্বংস হৈছে সেই কথা বিভিন্ন গৱেষকে স্বীকাৰ কৰিছে । এই প্ৰাচুৰ্যতাই এটা কথা প্ৰমাণ কৰে যে আহোমসকলে বুৰঞ্জীক খুব সন্মানৰ দৃষ্টিৰে চাইছিল আৰু জ্ঞানৰ মূল বা প্ৰধান অংগ হিচাপে গণ্য কৰিছিল । প্ৰথম অৱস্থাত আহোমসকলে হুৰঞ্জীসমূহ আহোম ভাষাত লিখিছিল, পিছলৈ তেওঁলোকে অসমীয়া ভাষাত বুৰঞ্জী প্ৰণয়ন কৰিবলৈ লয়। 

সূৰ্যকুমাৰ ভূঞাৰ মতে বুৰঞ্জীবোৰক তিনিটা ভাগত বিভাগ কৰিছে  সেই ভাগকেইটা হল 

ক) ভগদত্তৰ পৰা আৰম্ভ কৰি চুকাফাৰ আগমনৰ আগলৈকে কামৰূপৰ হিন্দু ৰজাসকলৰ বিক্ষিপ্ত বিৱৰণ ।

খ) ১২২৮ চনত চুকাফাৰ আগমনৰ পৰা ১৮২৬ চনত আহোম ৰাজত্বৰ পৰিসমাপ্তি বা ১৮৩৮ চন বা তাৰ পিছৰ কথাও সামৰি আহোম ৰজাসকলৰ বুৰঞ্জী ।

গ) অসমৰ বাহিৰে আন দেশসমূহৰ বুৰঞ্জী । 

সত্যেন্দ্ৰ নাথ শৰ্মাই বুৰঞ্জীসমূহক দুটা শ্ৰেণীত ভাগ কৰিছে ।

ক) অসম বা আহোম ৰাজ্যৰ বুৰঞ্জী । 

খ) আহোম ৰাজ্যৰ বৰ্হিভূত ওচৰ-চুবুৰীয়া আন ৰাজ্য বা দেশৰ বুৰঞ্জী ।

প্ৰথম অসমীয়া বুৰঞ্জী কেতিয়া লিখা হৈছিল তাৰ সঠিক তথ্য দিয়াটো টান বা কঠিন কাম । পুৰণি অসম বুৰঞ্জী নামে হেমচন্দ্ৰ গোস্বামীৰ দ্বাৰা সম্পাদিত বুৰঞ্জী আৰু বাঁহগড়ীয়া আতন বুঢ়াগোহাইৰ বুৰঞ্জী , এই দুয়োখনেই এতিয়ালৈকে প্ৰাপ্ত বুৰঞ্জীৰ ভিতৰত প্ৰাচীন বুলি মহেশ্বৰ নেওঁগে মন্তব্য কৰিছে । 

বুৰঞ্জী সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰত বিভিন্ন পুথি আৰু লেখকৰ অৱদান আছিল অনস্বীকাৰ্য  । এই সম্পৰ্কে তলত আলোচনা  আগবঢ়োৱা হল 

১। পুৰণি অসম বুৰঞ্জী ঃ এই পুথিখনত আহোম ৰাজত্বৰ আৰম্ভণিৰ পৰা গদাধৰ সিংহৰ মৃত্যুলৈকে বিভিন্ন বৰ্ণনা সন্নিৱিষ্ট আছে । চক্ৰধ্বজ সিংহৰ ৰাজত্ব আৰু শৰাইঘাট যুদ্ধৰ সম্পৰ্কে সাৱলীল বৰ্ণনাৰে বুৰঞ্জী পুথিখন সমুজ্জল । 

২।  তুংখুঙীয়া বুৰঞ্জী ঃ আহোম ৰাজত্বৰ শেষৰ সময়ত বৰবৰুৱা বিষয়াৰ পোৱা শ্ৰী নাথ দুৱৰাই  এই বুৰঞ্জী ৰচনা কৰিছিল । ১৮০৩ চনত প্ৰণয়ন কৰা এই বুৰঢ্জীখনত গদাধৰ সিংহৰ পৰা চন্দ্ৰকান্ত সিংহৰ ৰাজত্বলৈ বৰ্ণনাৰ  লগতে মোৱামৰীয়া বিদ্ৰোহৰ বিশদ বিৱৰণ পোৱা যায় । 

৩। দেওধাই বুৰঞ্জী ঃ এইখন বুৰঞ্জীত আহোম ৰাজত্বৰ বিশদ বিৱৰণৰ লগতে দাঁতিকাষৰীয়া ৰাজ্যৰ বিভিন্ন বিষয়ৰ  বৰ্ণনা সন্নিৱিষ্ট আছে ।

৪। ত্ৰিপুৰা বুৰঞ্জীঃ ৰুদ্ৰসিংহই ত্ৰিপুৰা দেশলৈ দুগৰাকী কটকী পঠাইছিল । তেওঁলোকআছিল ৰত্ন কন্দলী, অৰ্জুন দাস বৈৰাগী । বুৰঞ্জীখনত ত্ৰিপুৰাৰ ইতিহাস, সমসাময়িক ৰাজনৈতিক ঘটনাৱলী অন্তভূৰ্ক্ত হৈছে ।

৫। কছাৰী বুৰঞ্জীঃ কছাৰীসকলৰ প্ৰাচীন ইতিহাস বৰ্ণনাৰে আৰম্ভ হোৱা বুৰঞ্জীসমূহত কছাৰী ৰজা তাম্ৰধ্বজ  সিংহৰ সময়লৈকে কছাৰী ৰাজ্যৰ বিভিন্ন সৰু-বৰ ইতিহাস লিপিবদ্ধ হৈছে ।

৬। জয়ন্তীয়া বুৰঞ্জীঃ এই বুৰঞ্জীখনত জয়ন্তীয়া ৰাজ্যৰ বিভিন্ন বৰ্ণনা কৰা হৈছে । আনুষংগিকভাৱে জয়ন্তীয়াসকলৰ প্ৰচলিত লোকবিশ্বাসৰ বৰ্ণনাও বুৰঞ্জীখনত কৰা হৈছে ।

৭। অসমৰ বুৰঞ্জীঃ এই বুৰঞ্জীখন সুকুমাৰ মহন্তৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে । বুৰঞ্জীখনত আহোম যুগৰ আৰম্ভণিৰ পৰা গদাধৰ সিংহৰ দিনলৈ বিস্তৃ ত বিৱৰণ আছে ।

৮। অসমৰ বুৰঞ্জীঃ ২) এই বুৰঞ্জীখনত আহোম ৰজা জয়ধ্বজ সিংহৰ পৰা গদাধৰ সিংহৰ ৰাজত্বলৈকে বিৱৰণ পোৱা যায় ।

০। অসম বুৰঞ্জী পুথি ঃ কাশীনাথ তামুলী ফুকন আৰু ৰাধানাথ বৰবৰুৱাৰদ্বাৰা ৰচিত এই বুৰঞ্জীত প্ৰাচীন কালৰ পৰা বৃটিছৰ আগমনলৈ বিৱৰণ পোৱা যায় ।

১০। কামৰূপ বুৰঞ্জীঃ আহোম আৰু মোগলৰ যুদ্ধৰ বিস্তৃত বিৱৰণৰ ওপৰিও এই  বুৰঞ্জীখনত প্ৰাচীন কামৰূপৰ ৰজা-মহাৰজাসকলৰ বিৱৰণ পোৱা যায় ।

১১। পাদশাহ বুৰঞ্জীঃ মোগলৰ ৰাজত্বৰ বিভিন্ন ঘটনা , যুদ্ধ বিগ্ৰহৰ বৰ্ণনা সামৰি এই বুৰঞ্জীখন ৰচিত হৈছে । 

১২। সাতসৰী অসম বুৰঞ্জীঃ ইয়াত বিভিন্ন সময়ৰ সাতখন বুৰঞ্জী নাম লিখা হৈ আছে বা সন্নিৱিষ্ট হৈ আছে । 

১৩। সদৰামীনৰ বুৰঞ্জীঃ হৰকান্ত বৰুৱা সদৰামীনে এইখন বুৰঞ্জী প্ৰণয়ন বা ৰচনা কৰে । এইখন বুৰঞ্জীত আহোম ৰাজত্বৰ আৰম্ভণিৰ পৰা শেষলৈ বিভিন্ন ঘটনাৰ বৰ্ণনা কৰা হৈ আছে ।

এই বুৰঞ্জীসমূহৰ উপৰি সেই সময়ত ৰচিত বহু বুৰঞ্জী অপ্ৰকাশিত আৰু অসংৰক্ষিত বুলি গৱেষকসকলে ঠাৱৰ কৰিছে । এই কথাই সমকালীন সময়ত বুৰঞ্জী সাহিত্যৰ প্ৰাচুৰ্যতাৰ কথাকেই ইংগিত কৰে ।

Q. 18 | বুৰঞ্জী সাহিত্যৰ বৈশিষ্ট্যবোৰ লিখা।

উত্তৰঃ বুৰঞ্জী সাহিত্যৰ বৈশিষ্ট্যবোৰ হল 

১। বুৰঞ্জী লেখকৰ দৃষ্টিভংগী আৰু ৰচনা পদ্ধতিত ব্যক্তি নিৰপেক্ষতাই প্ৰধান স্থান অধিকাৰ কৰিছে । বুৰঞ্জী লেখকসকলে সম্পূৰ্ণ নিৰপেক্ষভাৱে বুৰঞ্জী ৰচনাত গুৰুত্ব প্ৰদান কৰিছিল ।

২। বুৰঞ্জী সমূহ সত্যবাদিতাৰ ওপৰত প্ৰতিষ্ঠিত । কোনো অলৌকিক বৰ্ণনা বুৰঞ্জীসমূহত সাধাৰণতে দৃষ্টিগোচৰ নহয় ।

৩। বৰ্ণনাৰ পুংখানুপুংখতা বুৰঞ্জী সাহিত্যৰ এটা অতি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য । বুৰঞ্জী লেখকে কোনো ঘটনা বৰ্ণনা কৰোতে তাৰ সূক্ষ্মাতিসুক্ষ্ম দিশবোৰ প্ৰতিফলন কৰাৰ বাবে বহুতো চেষ্টা চলাইছিল, যাৰ বাবে কোনো ঘটনাৰ দিন, বাৰ, তাৰিখ, আদি উদ্ধৃত কৰাত গুৰুত্ব দিছিল ।

৪। বুৰঞ্জীসমূহ কথিত ভাষাত ৰচিত । বাস্তৱধৰ্মী কথা বৰ্ণনাৰ বাবে কথিত ভাষাই যে উপযুক্ত এই কথা অনুভৱ কৰি বুৰঞ্জী লেখকসকলে কথিত ভাষা ব্যৱহাৰ কৰিছিল ।

৫। ৰাজনৈতিক ঘটনাৰ উপৰিও পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতিৰ বিভিন্ন দিশ বুৰঞ্জী সাহিত্যৰ মাজত স্পষ্ট হৈ উঠিছে । 

৬। বিষয়বস্তুৰ বৰ্ণনাৰ সুক্ষ্মতা, উপস্থাপন শৈলী, ভাষিক সুষমা আদিয়ে বুৰঞ্জীসমূহক সাহিত্যিক মৰ্যাদা প্ৰদান কৰিছ্ । 

৭। ধৰ্মীয় আচ্ছাদনেৰে সংপৃক্ত সাহিত্য আছিল অলৌকিকতাৰে ভৰপূৰ, তাৰ বিপৰীতে বুৰঞ্জীসমূহ আছিল সমাজ আৰু মানৱ জীৱনৰ বাস্তৱ দলিল ।

৮। বুৰঞ্জীসমূহত খুব কম পৰিমাণে কাল্পনিক আখ্যান সন্নিৱিষ্ট হৈছে যদদিও বুৰঞ্জী প্ৰণয়নৰ মূল লক্ষ্যত ব্যাঘাত জন্মোৱাত দৃষ্টিগোচৰ নহয় ।

৯। বুৰঞ্জীসমূহ নিৰয় নহয় । সূৰ্য কুমাৰ ভূঞাৰ ভাষাত বুৰঞ্জীসমূহৰ কথা শুকান হাড়-চাল নহয়, তাত ভাৱৰ সমাবেশ আৰু আৱেগৰ সৌৰভ লক্ষ্য কৰিব পাৰি । 

Q. 19 | বুৰঞ্জী সাহিত্যৰ গদ্য শৈলী লিখা।

উত্তৰঃ বুৰঞ্জী সাহিত্যৰ গদ্যশৈলীসমূহ হল 

ভট্টদেৱৰ হাতত সুগঢ় লাভ কৰা অসমীয়া গদ্যই চৰিত সাহিত্যত সৰল ৰূপত উদ্ভাসিত হৈ জনসাধাণৰ ওচৰ চাপে , চৰিত সাহিত্যৰ পৰৱৰ্তী সময়ত বুৰঞ্জী সাহিত্যৰ বিকাশ হয়, বুৰঞ্জী সাহিত্যসমূহ বাস্তৱ ঘটনাৰ অৱলম্বনত ৰচিত হোৱা ইয়াৰ গদ্যশৈলীয়েও এক বিশেষত্ব বহন কৰা পৰিলক্ষিত হয় । তলত এইসমূহৰ বিষয়ে আলোচনা কৰা হল 

১। বুৰঞ্জীসমূহ কথিত ভাষাত ৰচিত । ধৰ্মবিষয়ক পুথিৰ ভাষাৰ যি কৃত্ৰিমতা সেৱা বুৰঞ্জীৰ গদ্যত বিচাৰি পোৱা নাযায় ।

২। বুৰঞ্জীসমূহৰ তথ্যক প্ৰাধান্য দি ৰচনা কৰা কাৰণে এইবোৰত লেখকৰ ব্যক্তিগত আবেগ-উচ্ছাস লোপ পাইছে । ইয়াৰ কাৰণতেই বুৰঞ্জী গদ্য আলংকাৰিক মেৰপেচৰ পৰা মুক্ত ।

৩। বুৰঞ্জীৰ গদ্যত অপ্ৰচলিত শব্দ বা ক্ৰিয়াৰ ৰূপ পোৱা নাযায় ।

৪। বুৰঞ্জীৰ ভাষাত আৰবী, ফাৰ্চী শব্দৰ বহল প্ৰয়োগ দেখা যায় । ইয়াৰ উপৰি উপকথা প্ৰবাদ প্ৰবচনৰ প্ৰয়োগ কৰাত বুৰঞ্জীৰ গদ্যৰ মধুৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হয় ।

৫। বুৰঞ্জীৰ গদ্যত পৰোক্ষ উক্তিৰ ব্যৱহাৰ চকুত নপৰে । কোনো ব্যক্তিৰ কথাবুৰঞ্জীত অন্তৰ্ভক্ত কৰিবলগা হলে ব্যক্তিজনে যিদৰে কৈছিল সেইদৰে উদ্ধৃত কৰা হৈছিল ।

৬। বৰ্ণনীয় বিষয়ৰ প্ৰকৃতি আৰু চৰিত্ৰৰ মানসিক অৱস্থা বা অনুভূতিৰ তীব্ৰতাৰ মাত্ৰা অনুসৰি ভাষাক গঢ় দিয়া হৈছে ।   অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত 

মই মাটিৰ গড় বান্ধিম খহিব, কাঠৰ গড় বান্ধিম পছিব ,

মই কথাৰ গড় বান্ধি  দিছো প্ৰাণভৰিভূগী হব ।

নাও তল যাব, শিল ওপঙিব, কোৱা বগা হব লুইত উজাই বব 

তেবে কি আমাৰ কবুল চাৰিবেক ।

৭। বুৰঞ্জীৰ গদ্যত চুটি-চুটি বাক্যৰ সমাহাৰ দেখা যায় । বিষয়বস্তু উপস্থাপনৰ সুবিধাৰ বাবে হয়তো লেখকসকলে এনে উপায় অৱলম্বন কৰিছিল ।

৮। বুৰঞ্জীৰ গদ্যত সুৰীয়া আৰু অনুৰূপ শব্দৰ বহুল প্ৰয়োগ দেখা পোৱা যায় । খুব কম পৰিমাণে বুৰঞ্জীসমূহৰ গদ্যত সংস্কৃত ভাষাৰ শব্দভণ্ডাৰো উপস্থিতি দেখা যায় ।

৯। বুৰঞ্জীৰ গদ্যত অসমাপিকা ক্ৰিয়াৰ ব্যৱহাৰ বেছি ।

১০। পাছে''বোলে' আৰু 'পূব এই শব্দৰে বুৰঞ্জীৰ গদ্যৰ সৰহসংখ্যক বাক্য আৰম্ভ হোৱা দেখা যায় ।

Q. 20 | অসমৰ ৰণোদ্যমৰ কথাখিনি তোমাৰ ভাষাত লিখা।

উত্তৰঃ মোগলৰ আগ্ৰাসী নীতি সম্পৰ্কে গোহাঁয়ে আগবঢ়োৱা পৰামৰ্শক আহোম স্বৰ্গদেৱে প্ৰশংসা কৰিলে আৰু ভাগে ভাগে নিৰ্দেশ প্ৰদান কৰিলে । যুদ্ধৰ বাবে সাজু হবলৈ সকোকে নিৰ্দেশ প্ৰদান কৰিলে । এনেদৰে সিদ্ধান্ত কৰি স্বৰ্গদেৱে কাড়ীৰ দ্বাৰা কাড় প্ৰস্তুত কৰিলে, নাওবোৰ ঠিক-ঠাক কৰি স্বৰ্গদেৱে তিনিজন ডাঙৰীয়া ক্ৰমে বুঢ়াগোহাই, বৰগোহাই, আৰু বৰপাত্ৰগোহাইক কলে- নিয়মমতে যুদ্ধৰ যোগাৰ হৈছে । এতিয়া বিদেশী মোগলৰ লগত যুদ্ধ কৰিব লাগে । আপোনালোকে কি কয় ? বাহগড়ীয়া বুঢ়াগোহায়ে কলে শত্ৰুক ধৰিব লাগে, কিন্তু শত্ৰুৱে গম নোপোৱাকৈ সৈন্যসকলৰ শক্তি পৰীক্ষা কৰিব লাগে । বুঢ়গোহাইৰ পৰামৰ্শ স্বৰ্গদেৱে মানি ললে আৰু কেনেদৰে সৈন্যৰ শক্তি পৰীক্ষা কৰিব সেই বিষয়ত পৰামৰ্শ বিচাৰিলে । গোঁহায়ে তেতিয়া দঙ্গা পুখুৰীৰ পৰা জাঁজীলৈ আনি বন্দা কামৰ দ্বাৰা সৈন্যসকলৰ শক্তি পৰীক্ষা কৰিব লাগে বুলি মতামত দিলে ।


Check Here >>> মর্মান্তিক Question Answer (BA 4th Sem Assamese)newgifnvs

Check Here >>> BA 4th Sem Assamese Syllabus (Regular Course)newgifnvs

Check Here >>> BA 4th Sem Assamese  Booknewgifnvs


Tags :

  • কথা গুৰুচৰিতঃ গুৰু - শিষ্যৰ মণিকাঞ্চন সংযোগ সাতসৰী অসম বুৰঞ্জীঃ অসমৰ ৰণোদ্যম
  • Gauhati University BA 4th Sem Assamese Major Model Questions Answer
  • GU BA 4th Sem Assamese Major Model Solution
  • ba 4th sem assamese major question paper
  • BA 4th Sem Assamese Major Question Answer
  • ba 4th sem assamese book pdf
  • ba 4th sem assamese major book pdf