Follow Us:

কবিতাত কল্পনাৰ স্থান, চিত্ৰকল্পবাদ, প্রতীকবাদ | Gauhati University BA 2nd Sem Assamese Major Model Questions Answer | BA 2nd Sem Assamese Major Question Answer

LearningPointAssam.com

কবিতাত কল্পনাৰ স্থান, চিত্ৰকল্পবাদ, প্রতীকবাদ | Gauhati University BA 2nd Sem Assamese Major Model Questions Answer | GU BA 2nd Sem Assamese Major Model Solution | ba 2nd sem assamese major question paper | BA 2nd Sem Assamese Major Question Answer | ba 2nd sem assamese book pdf

Assamese Notes & Guide Available here (সাহিত্য — সমালোচনা ASM-HC-2026) কবিতাত কল্পনাৰ স্থান, চিত্ৰকল্পবাদ, প্রতীকবাদ Model Solution to each Unit are provided in the list of UG - CBCS Syllabus. We design all notes according to Guwahati University so that you can easily browse through BA 2nd Sem Assamese Major Question Answer and University Guides and Notes here. কবিতাত কল্পনাৰ স্থান, চিত্ৰকল্পবাদ, প্রতীকবাদ Question Answer Can be very useful to excel in examinations.

BA 2nd Sem Assamese Major Question Answer

BA Assamese কবিতাত কল্পনাৰ স্থান, চিত্ৰকল্পবাদ, প্রতীকবাদ Notes covers all the practice questions of Guwahati University syllabus. BA 2nd Sem Assamese Major Question Answer is given here which ensures smooth and easy understanding of all the concepts.  Understand the concepts behind each unit and score well in board exams.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 2 

কবিতাত কল্পনাৰ স্থান, চিত্ৰকল্পবাদ, প্রতীকবাদ — ALL Important Question & Answers

GU BA 2nd Sem Assamese ASM-HC-2026 Questions & Answer :


CONTENTS 

কবিতাত কল্পনাৰ স্থান, চিত্ৰকল্পবাদ, প্রতীকবাদ
Model Question and Answer key






প্ৰশ্নাৱলীঃ

কবিতাত কল্পনাৰ স্থান, চিত্ৰকল্পবাদ, প্রতীকবাদ BA 2nd Sem Assamese Major Question Answer 

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 5/10

Q. 1 | কবিতাত কবি কল্পনা সম্পর্কে চমুকৈ বুজাই লিখা ।

উত্তৰঃ সাহিত্যৰ ভাগসমূহৰ ভিতৰত কবিতা অন্যতম । কবিতাৰ মাধ্যমেৰে সমাজ তথা মানৱ জীৱনৰ বিভিন্ন বিচিত্ৰ তথা ঘাত প্রতিঘাতৰ উপলব্ধি কৰিব পাৰি । অসমীয়া সাহিত্যত মধ্যস্তৰটোত প্ৰকাশ পোৱা কবিতাসমূহৰ মাজত পুৰণি কবিতাৰ ভাৱ বৈচিত্ৰ্যৰ অভাৱ দেখা যায় । এইচাম নতুন নতুন কবিয়ে কবিতাৰ বিষয়বস্তুৰ দিশত আমূল পৰিৱৰ্তন আনিলে । বিশেষকৈ ৰোমাণ্টিক যুগত কবিসকলে কবিতাৰ ক্ষেত্ৰখনত কিছুমান সৰু সৰু নতুন ভাৱভঙ্গীক দৃষ্টিগোচৰ কৰি কবিতা লিখা আৰম্ভ কৰিলে । কল্পনা প্ৰৱণতা ৰোমান্টিক কবিতাৰ অন্যতম বিশেষ লক্ষণ । ৰোমান্টিক কবিসকলে কল্পনাক বিশেষ বিশেষ স্থানত উপস্থাপন কৰি কবিতা ৰচনা কৰিলে ৷ যাৰ ফলস্বৰূপে কবিতাৰ মাজত কল্পনাৰ বিশেষ প্রাধান্যতা দেখিবলৈ পোৱা গ'ল ৷ বিশেষকৈ চন্দ্ৰকুমাৰ আগৰৱালা , লক্ষ্মীনাথ বেজবৰুৱা , যতীন্দ্ৰনাথ দুৱৰা , গণেশ গগৈ , ৰত্নকান্ত বৰকাকতি , ৰঘুনাথ চৌধাৰী আদিৰ দৰে কবিসকলে কল্পনাৰ দিশত বিশেষ গুৰুত্ব প্ৰদান কৰিলে । এইক্ষেত্ৰত চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘ নিয়ৰ ’ , ৰত্নকাণ্ড বৰকাকতিৰ ‘ বিশ্বহৰণ ’ , গণে গগৈৰ ‘ পাপৰি ’ , আদি কবিতাৰ কথা উনুকিয়াব পাৰি ৷

Q. 2 | চিত্রকল্পবাদ বুলিলে কি বুজা ? চিত্ৰকল্পবাদৰ বৈশিষ্ট্য সম্পর্কে আলোচনা আগবঢ়োৱা ।

                            অথবা Or
                            ‎

চিত্রকল্পবাদ সম্পর্কে এটি সমীক্ষা আগবঢ়োৱা ।

উত্তৰঃ চিত্ৰকল্পবাদ হ'ল কবিতাৰ অন্যান্য উপাদানতকৈ কেবল চিত্ৰকল্পৰ আধাৰত কাব্য বিষয়ক স্পষ্ট কৰি তোলাৰ আৰু বৈপৰীতাৰ পটভূমিত কঠিনভাৱে ৰূপায়ন কৰাৰ এটা আন্দোলন । ১৯০৯ চনৰ পৰা ১৯১৭ চনৰ ভিতৰত কেইজনমান ইংৰাজ আৰু আমেৰিকান কবিয়ে এই আন্দোলন গঢ়ি তুলিছিল । দৰালচলতে ৰমন্যাসবাদৰ আতিশয্যৰ বিৰুদ্ধে এই আন্দোলন গঢ়ি তোলা হৈছিল ।

তলত চিত্ৰকল্পবাদৰ বৈশিষ্ট্য সম্পর্কে আলোচনা কৰা হ'লঃ

ক ) চিত্রকল্পবাদ হ'ল ১৯০৯-১৯১৭ চনৰ ভিতৰত ইংৰাজ আৰু আমেৰিকান কবিৰ এটা দলে গঢ়ি তোলা এটা আন্দোলন । ১৯১৮ চনৰ পিছত এই আন্দোলন স্তিমিত হৈ পৰে ।

খ ) ৰমন্যাসবাদৰ অস্পষ্টতা , কোমলতা , আৱেগৰ উচ্ছ্বাস , অলংকাৰপূৰ্ণ ভাষাৰ ব্যৱহাৰ আদিৰ বিৰুদ্ধে থিয় নিয়া , বিষয় স্পষ্ট কৰি তোলা , ভাস্কৰ্যৰ দৰে কঠিন কৰি তোলা , আবেগ সংযত কৰা , ভাষাৰ অলংকাৰ পৰিহাৰ কৰা , মিতব্যয়িতাৰে সাধাৰণ ভাষা ব্যৱহাৰ কৰা আদিৰ দ্বাৰা কাব্য ৰচনাৰ এই আন্দোলন গড়ি তোলা হয় ।

গ ) Some Imagist ত Amy Lowell- এ প্রকাশ কৰা ইস্তাহাৰত ( i ) কবিতাত সাধাৰণ মানুহৰ মুখৰ ভাষা ব্যৱহাৰ , ( ii ) সাংগীতিক দয়ৰ পৰিৱৰ্তে নতুন ছৰস্পৰৰ | প্রয়োগ , ( iii ) বিষয় নির্বাচনত পূর্ণ স্বাধীনতা লাভ আৰু স্পষ্ট আৰু অৰ্থৰ সলাব নোৱাৰা চিত্ৰকল্পৰে কাব্য শৰীৰ নিৰ্মাণৰ প্ৰয়োজনীয়তা ঘোষণা কৰে ।

ঘ ) প্রতীকবাদী আন্দোলনে শব্দৰ সাংগীতিকক লয় অথবা সুৰত নিৰ্ভৰ কৰে , চিত্ৰবাৰে নিৰ্ভৰ কৰে চিত্ৰত ।

       এনেদৰে আলোচনা কৰি চালে দেখা যায় যে চিত্ৰকল্পবাদী আন্দোলন সাহিত্য জাতৰ এক বিশেষ বিষয় । সাহিত্যৰ দিশত চিত্ৰকল্পবাদৰ গুৰুত্ব যথেষ্ট ৰূপত পৰিদৃশ্যমান হৈ থকা দেখিবলৈ পোৱা যায় ।

Q. 3 | প্রতীক কি ? প্রতীকবাদৰ বৈশিষ্ট্য সম্পর্কে আলোচনা আগবঢ়োৱা।

                       অথব Or

প্রতীকবাদৰ সকলো দিশ সামৰি এটি প্রবন্ধ যুগুত কৰা ।

উত্তৰঃ প্ৰতীকবাদ হ’ল ঊনবিংশ শতিকাৰ শেষাৰ্ধত ফ্ৰান্সত গঢ় লৈ উঠা এটা আধুনিক সাহিত্য আন্দোলন । সচেতনভাবে আৰু ইচ্ছাকৃতভাৱে প্রতীক ব্যৱহাৰৰ এক নতুন কৌশল আৰু শৈলীৰে ফ্ৰান্সৰ মালাৰ্মে , ভাগেইন , বিবা আদি কবিসকলে প্ৰয়োগ কৰা এই শৈলী দৰাচলতে বাস্তববাদ আৰু প্ৰকৃতিবাদৰ বিৰুদ্ধে গঢ়ি তোলা প্রতীকবাদৰ লগত জড়িত ব্যক্তিসকলৰ মতে ব্যস্তত্ববাদ আৰু প্রকৃতিবাদে বিটো জীৱনৰ ছবি সঙি ধৰে সেই জীবন হ'ল অনিতা আৰু ক্ষণতংণ্ডৰ, ই জীবন আৰু জগতৰ প্রকৃত সত্য প্রকাশ নকৰে । বৰং ইয়াৰ মাজত প্ৰতিফলিত হ'ব পাৰে

তলত প্রতীকবাদৰ বৈশিষ্ট্য সম্পর্কে আলোচনা কৰা হ'লঃ

( ক ) প্রতীকবাদ হ'ল ঊনবিংশ শতিকাৰ শেষৰফালে ফ্রাপত গঢ় লৈ উঠা এটা আধুনিক সাহিত্য আন্দোলন । ই বাস্তববাদ আৰু প্ৰকৃতিবাদৰ বিৰুদ্ধে গঢ় লৈ উঠে ।

খ) সংবেদন , কল্পনা আৰু শব্দৰ এটা সাংগীতিক ব্যঞ্জনাই মানুহৰ ইন্দ্ৰিয়ৰ জ্ঞান আৰু অভিজ্ঞতাক বুজাব পাৰে । এনে সাংগীতিক ব্যঞ্জনা সৃষ্টিৰ বাবে গড় তোলা আন্দোলনটোৱেই প্রতীকবাদী আন্দোলন ।

গ ) প্রতীকবাদে সংগীত সৃষ্টি নকৰে , সাংগীতিক ব্যঞ্জনাহে সৃষ্টি কৰে । বিষয়ক অনুভৱযোগ্য কৰি তুলিবৰ নিমিত্তে শব্দৰ মাজত নিহিত ধ্বনিগুণ ব্যৱহাৰৰ ওপৰত প্রতীকবাদে গুৰুত্ব দিয়েই কবিতাৰ গঠন শৈলীকো পৰম্পৰাৰ পৰা আঁতৰাই নতুনত্ব

ঘ ) প্রতীকবাদীসকল সাহিত্যৰ কলা কৈবল্যবাদী চৰিত্ৰত বিশ্বাসী । নৈতিক আৰু সামাজিক দায়িত্বৰপৰা আঁতৰি সৌন্দৰ্যৰ এক গীতিময় সংবেদন সৃষ্টি কৰাটোৱেই কাব্যৰ লক্ষণ স্বৰূপ গণ্য কৰিছিল ।

ঙ) প্রতীকবাদীসকলে একোটা ভাব বা আইডিয়াক কাব্যৰ আধাৰ কৰি লৈছিল |

      এনেদৰে আলোচনা পৰিশ্যেত দেখা যায় যে সাহিত্যৰ ক্ষেত্ৰখন প্রতীকবাল গুরুত্ব যথেষ্ট ৰূপত পৰিদৃশ্যমান হোৱা দেখা যায় । প্রতীকবাসৰ এই বিশিষ্টতাই সাহিত্যত বিশেষ ৰূপ লাভ কৰিছে বুলি ক'ব পাৰি ।



Tags :

  • কবিতাত কল্পনাৰ স্থান, চিত্ৰকল্পবাদ, প্রতীকবাদ
  • Gauhati University BA 2nd Sem Assamese Major Model Questions Answer
  • GU BA 2nd Sem Assamese Major Model Solution
  • ba 2nd sem assamese major question paper
  • BA 2nd Sem Assamese Major Question Answer
  • ba 2nd sem assamese book pdf