Follow Us:

ৰস, ধ্বনি, গুণ, ৰীতিঃ সংজ্ঞা আৰু স্বৰূপ | Gauhati University BA 2nd Sem Assamese Major Model Questions Answer | BA 2nd Sem Assamese Major Question Answer

LearningPointAssam.com

ৰস, ধ্বনি, গুণ, ৰীতিঃ সংজ্ঞা আৰু স্বৰূপ | Gauhati University BA 2nd Sem Assamese Major Model Questions Answer| GU BA 2nd Sem Assamese Major Model Solution | ba 2nd sem assamese major question paper | BA 2nd Sem Assamese Major Question Answer | ba 2nd sem assamese book pdf

Assamese Notes & Guide Available here ৰস, ধ্বনি, গুণ, ৰীতিঃ সংজ্ঞা আৰু স্বৰূপ Model Solution to each Unit are provided in the list of UG - CBCS Syllabus. We design all notes according to Guwahati University so that you can easily browse through BA 2nd Sem Assamese Major Question Answer and University Guides and Notes here. ৰস, ধ্বনি, গুণ, ৰীতিঃ সংজ্ঞা আৰু স্বৰূপ Question Answer Can be very useful to excel in examinations.

BA 2nd Sem Assamese Major Question Answer

BA Assamese ৰস, ধ্বনি, গুণ, ৰীতিঃ সংজ্ঞা আৰু স্বৰূপ Notes covers all the practice questions of Guwahati University syllabus. BA 2nd Sem Assamese Major Question Answer is given here which ensures smooth and easy understanding of all the concepts.  Understand the concepts behind each unit and score well in board exams.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 1 

ৰস, ধ্বনি, গুণ, ৰীতিঃ সংজ্ঞা আৰু স্বৰূপ — ALL Important Question & Answers

GU BA 2nd Sem Assamese ASM-HC-2026 Questions & Answer :


CONTENTS 

ৰস, ধ্বনি, গুণ, ৰীতিঃ সংজ্ঞা আৰু স্বৰূপ
Model Question and Answer key






প্ৰশ্নাৱলীঃ

ৰস, ধ্বনি, গুণ, ৰীতিঃ সংজ্ঞা আৰু স্বৰূপ BA 2nd Sem Assamese Major Very Short Question Answer 

তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়াঃ Mark — 1

Q. 1 | ৰস শব্দৰ অৰ্থ কি?  

উত্তৰঃ  ৰস শব্দৰ অৰ্থ হ'ল আস্বাদিত। সংস্কৃত ৰস ধাতুৰ অৰ্থ হ'ল- আস্বাদন কৰা।

Q. 2 | ৰসবাদৰ প্ৰতিষ্ঠাতা কোন?

উত্তৰঃ ভৰত মুনি।

Q. 3 | ভৰতৰ মতে ৰস কেইপ্ৰকাৰৰ?

উত্তৰঃ ভৰতৰ মতে ৰস আঠপ্ৰকাৰৰ।

Q. 4 | ভোজৰাজৰ মতে ৰীতি কেইবিধ?

উত্তৰঃ ছয়বিধ।

Q. 5 | শব্দ শক্তি কি?

উত্তৰঃ শব্দৰ অৰ্থ প্ৰকাশৰ শক্তিকেই সাহিত্যত শব্দ শক্তি বোলা হয়।

Q. 6 | ধ্বনি কেইপ্ৰকাৰৰ ?  

উত্তৰঃ ধ্বনি তিনি প্ৰকাৰৰ।

Q. 7 | কোনটো ধ্বনিক শ্রেষ্ঠ আখ্যা দিয়া হয়?

উত্তৰঃ ৰসধ্বনিক শ্ৰেষ্ঠ আখ্যা দিয়া হয়।

Q. 8 | লক্ষণা শক্তি কেইপ্ৰকাৰ?  

উত্তৰঃ লক্ষণা শক্তি দুই প্ৰকাৰৰ। 

Q. 9 | ব্যঞ্জনা শক্তি কেইবিধ?

উত্তৰঃ ব্যঞ্জনা শক্তি দুবিধ।

Q. 10 | গুণ কি?

উত্তৰঃ গুণ হ'ল ৰীতিৰ মূল।

Q. 11 | বামনৰ মতে গুণ কেইটা?

উত্তৰঃ বামনৰ মতে গুণ দহটা।

Q. 12 | নাট্যশাস্ত্ৰ কোনে ৰচিছিল?

উত্তৰঃ ভৰত মুনিয়ে।

Q. 13 | বিভাৱ কেই প্ৰকাৰৰ?  

উত্তৰঃ বিভাৱ দুই প্ৰকাৰৰ।

Q. 14 | অনুভাৱ কেইপ্ৰকাৰ?

উত্তৰঃ অনুভাৱ দুই প্ৰকাৰৰ। 



ৰস, ধ্বনি, গুণ, ৰীতিঃ সংজ্ঞা আৰু স্বৰূপ BA 2nd Sem Assamese Major Short Question Answer 

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 2/3/5

Q. 1 | ৰস কাক বোলে?  

উত্তৰঃ  অভিনয়ত হৃদয় আকৰ্ষণ কৰি তাৰ ৰূপ ৰঙেৰে দৰ্শকক মোহিত কৰিলে, যি এক অনুভূতিৰ সৃষ্টি হয়, যাক ভাষাৰে ব্যক্ত কৰিব নোৱাৰি, তাকে ৰস বোলে।

Q. 2 | লাটী ৰীতি কাক বোলে?

উত্তৰঃ বৈদৰ্ভী আৰু পাঞ্চালী  দুয়োবিধ ৰীতিৰ  নিয়মমতে ৰচনা কৰা সাহিত্যক লাটী ৰীতি বোলে।

Q. 3 | ৰস সম্পৰ্কে দিয়া ভৰতৰ সূত্ৰটো কি?  

উত্তৰঃ ৰস সম্পৰ্কে দিয়া ভৰতৰ সূত্ৰটো হ'ল - বিভানুভাৱব্যভিচাৰী সংযোগাদ্ৰসনিষ্পত্তি

Q. 4 | শব্দশক্তি কেইটা প্ৰকাৰত ভাগ কৰা হৈছে?ভাগসমূহ কি কি?

উত্তৰঃ শব্দশক্তি  তিনিবিধ। যেনে-

  • (ক) অভিধা শক্তি। 
  • (খ) লক্ষণাশক্তি। আৰু 
  • (গ) ব্যঞ্জনা শক্তি।


Q. 5 | লক্ষণা শক্তি কাক বোলে?

উত্তৰঃ সহজকৈ ক’বলৈ হ’লে-অভিধাত বাচক শব্দৰ অৰ্থবোধ হয়। আনহাতে লক্ষণাত বাচক শব্দৰ মৃখ্যাৰ্থ বাধিত হৈ আন অৰ্থবোধ হয়। এটা উদাহৰণৰ দ্বাৰা কথাটো স্পষ্ট হ’ব-“তই এটা গোট গৰু, এই সহজ প্ৰশ্নটোৰে উত্তৰ লিখিব নোৱাৰিলি।”- বাক্যটোত প্ৰয়োগ কৰা  ‘গৰু’ শব্দৰ বাচক অর্থ হ’ল চতুস্পদী জন্তু বিশেষ; কিন্তু ইয়াত ‘গৰু’  শব্দটোৱে গৰুৰ নিচিনা নিৰ্বোধ, মহামূৰ্খ,অৰ্থ প্ৰকাশ কৰিছে। শ্ৰোতাইও ইয়াত। ‘গৰু’ শব্দৰ অৰ্থ ‘জন্তু’ বুলি ন’লৈ মূৰ্খ অৰ্থহে গ্ৰহণ কৰিব ইয়াত ‘গৰু’ শব্দৰ মৃখ্যাৰ্থবোধ বাধা পৰিল আৰু ‘গৰুৰ মূখ্যাৰ্থৰ লগত মিল থকা আন এটা অৰ্থ  অৰ্থাৎ “মূৰ্খ” অৰ্থ গ্ৰহণ কৰিব। এনেধৰণৰ অৰ্থবোধ হোৱা শব্দৰ শক্তিটোক লক্ষণা বোলে।ইয়াত”মূৰ্খ”অৰ্থটোক লক্ষ্যাৰ্থ আৰু “গৰু”শব্দটোকে লক্ষক বা লাক্ষণিক বোলা হয়।

Q. 6 | ভৰত মুনিৰ মতে ৰসৰ প্ৰকাৰসমূহ কি কি?

উত্তৰঃ ভৰতে তেওঁৰ নাট্যশাস্ত্ৰত আঠোটা ৰসৰ উল্লেখ কৰিছে-শৃংগাৰ, বীৰ অদ্ভূত, কৰুণ, হাস্য, ভয়ানক, ৰৌদ্ৰ আৰু বীভৎস। এই আঠোটা ৰসৰ ভিতৰত তেওঁ চাৰিটা ৰসক মুখ্য স্থান দিছে। এইকেইটা হ’ল-শৃংগাৰ, ৰৌদ্ৰ, বীৰ আৰু বীভৎস।ভৰতৰ মতে হাস্যৰস শৃংগাৰৰসৰপৰা, কৰুণৰস ৰৌদ্ৰৰসৰপৰা, অদ্ভূতৰস বীৰৰসৰপৰা আৰু ভয়ানকৰস বীভৎসৰসৰপৰা উৎপন্ন হৈছে।

Q. 7 | ধ্বনি কাব্য কাক বোলে?  

উত্তৰঃ যি ৰচনা বা কাব্যৰ মাজেদি ব্যাচাৰ্থতকৈ ব্যংগাৰ্থ প্ৰধান আৰু সুস্পষ্ট হৈ উঠে আৰু বাচ্যাৰ্থই প্ৰকাশ কৰা ভাৱতকৈ ব্যগাৰ্থৰ ভাৱ বেছি মনোৰম আৰু আকৰ্ষণীয় হৈ উঠে তাকেই ধ্বনি কাব্য বোলে।


Q. 8 | সঞ্চাৰী ভাৱ কি?  

উত্তৰঃ স্থায়ী ভাৱবোৰ জাগ্ৰত হলে আন কিছুমান সৰু-সুৰা ভাব মনৰ মাজেৰে অহা-যোৱা কৰে। এনেকুৱা পৰিস্থিতি কাব্য নাটকৰ মাজেৰে উপস্থাপন হলে ইয়াক সঞ্চাৰী ভাৱ বোলে।

Q. 9 | স্থায়ীভাৱ কি?  

উত্তৰঃ দৈনন্দিন জীৱনত কিছুমান ভাৱ প্ৰৱাহিত ভাৱ পৰিস্থিতি অনুসৰি জাগ্ৰত হোৱাকে স্থায়ীভাৱ বোলে।

Q. 10 | বিভাৱ কি?  

উত্তৰঃ যি পৰিস্থিতিত অথবা যাক অৱলম্বন কৰি স্থায়ী ভাৱবোৰ জাগ্ৰত হয়, সেইবোৰ সাহিত্য অথবা অভিনয়ত উপস্থাপন হলে তাক বিভাৱ বোলা হয়।

Q. 11 | কাব্যত গুণ আৰু ৰীতি প্ৰয়োজন বুলি কোনে কয়?

উত্তৰঃ কাব্যত গুণ আৰু ৰীতি প্ৰয়োজন বুলি আচাৰ্য বামণৰ , গুৰু দণ্ডীয়ে কয়।

Q. 12 | বৈদৰ্ভী ৰীতি কাক বোলে?

উত্তৰঃ যি ৰচনাত সমস্ত গুণৰ সমাৱেশ দেখা যায় সেই ৰচনা ৰীতিকেই বৈদৰ্ভী ৰীতি বুলি কোৱা হয়। 

Q. 13 | বিশ্বনাথ কবিৰাজৰ মতে ৰীতি কেইবিধ?  

উত্তৰঃ বিশ্বনাথ কবিৰাজৰ মতে ৰীতি তিনিবিধ।  

Q. 14 | গৌড়ী ৰীতিত কি গুণৰ প্ৰাধান্য থাকে?

উত্তৰঃ গৌড়ী ৰীতিত ওজঃ আৰু কান্তি গুণৰ প্ৰাধান্য থাকে।

Q. 15 | লক্ষণা শক্তি হ’বলৈ প্ৰয়োজন হোৱা তিনিটা কথা উল্লেখ কৰা?

উত্তৰঃ লক্ষণা শক্তি হ’বলৈ তিনিটা কথাৰ প্ৰয়োজন। সেই কেইটা হৈছে-

(১) লক্ষণাশক্তিয়ে অভিধাৰ মূখ্যাৰ্থ বোধ হোৱাত বাধা দিয়ে।

(২) অভিধাৰ অৰ্থবোধৰ লগত লক্ষ‍্যাৰ্থবোধৰ সম্বন্ধে থাকে।

(৩) ৰূঢ়ি বা প্ৰয়োজন যিকোনো এটা কাৰণ হৈ পৰে।



ৰস, ধ্বনি, গুণ, ৰীতিঃ সংজ্ঞা আৰু স্বৰূপ BA 2nd Sem Assamese Major Board Question Answer 

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 6/8

Q. 1 | বিভাৱ, অনুভাৱ আৰু সঞ্চাৰী ভাৱ কাক বোলে? বহলাই লিখা।

উত্তৰঃ যি পৰিস্থিতিত অথবা যাক অৱলম্বন কৰি স্থায়ী ভাৱবোৰ জাগ্ৰত হয়, সেইবোৰ সাহিত্য অথবা অভিনয়ত উপস্থাপন হলে তাক বিভাৱ বোলা হয়।

আকৌ, মানুহৰ অন্তৰৰ স্থায়ী ভাৱ উদ্ৰেক হ'লে কিছুমান সৰু-সুৰা কাৰ্যৰ মাজেৰে তাৰ বহিঃপ্ৰকাশ হয়, তাক অনুভাৱ বোলে।

আৰু, স্থায়ী ভাৱবোৰ জাগ্ৰত হলে আন কিছুমান সৰু-সুৰা ভাব মনৰ মাজেৰে অহা-যোৱা কৰে। এনেকুৱা পৰিস্থিতি কাব্য নাটকৰ মাজেৰে উপস্থাপন হলে ইয়াক সঞ্চাৰী ভাৱ বোলে।

Q. 2 | ধ্বনিকাব্য কাক বোলে? ধ্বনি কেইপ্ৰকাৰৰ আৰু প্ৰত্যেকৰে উদাহৰণসহ  পৰিচয় দিয়া।  

উত্তৰঃ  যি ৰচনা বা কাব্যৰ মাজেদি ব্যাচাৰ্থতকৈ ব্যংগাৰ্থ প্ৰধান আৰু সুস্পষ্ট হৈ উঠে আৰু বাচ্যাৰ্থই প্ৰকাশ কৰা ভাবতকৈ ব্যগাৰ্থৰ ভাৱ বেছি মনোৰম আৰু আকৰ্ষণীয় হৈ উঠে তাকেই ধ্বনি কাব্য বোলে। ধ্বনি তিনি প্ৰকাৰৰ।

১। বস্তুধ্বনিঃ উদাহৰণ- উমানন্দ কমণ্ডলুৱে ঢালে শান্তিময়ী পানী

       দিয়াচোঁ জননী, তোমাৰ পুৰণি অমোষ মন্ত্ৰদান

        সেৱো শ্ৰীচৰণ তব সন্তানে হিন্দু মুছলমান।

২। অলংকাৰ ধ্বনি- উদাহৰণঃ

        বসন্ত সময়ে কামৰাজাৰ পয়ান

        পুষ্পৰ ধনুত আৰোহিয়া পঞ্চবাণ

       সেনাপতি লৰি ভৈল মলয়ৰ বাৱ

        মহাবীৰ নাদ ভৈল কোকিলৰ ৰাৱ

   পক্ষীগণৰাৱে যেন বাৱে বাদ্য ভাণ্ড।

       নাগেশ্বৰ ফুল কাম নৃপতিৰ দত্ত।

৩। ৰস ধ্বনি-উদাহৰণঃ 

                ঘন ঘন মুৰুচি পৰয় বৰনাৰী

              ফোকাৰে শ্বাস নয়নে ঝুৰে বাৰি

                কৃষ্ণ চৰণ চিন্তিয়ে চিত্ত লাই।

                ঘন যদুনাথ চিন্তয় পুনু মাই

                হৰিক নিৰাশে হ্ৰাস ভেলি দেহ

                  শংকৰ কহ ৰমনীক নৱনেহ


Q. 3 | ভৰতৰ মতে ৰস কেইটা আৰু কি কি? প্ৰতিটো ৰসৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ভৰতৰ মতে ৰস ৮ টা। সেইকেইটা হল- শৃংগাৰ, হাস্য, কৰুণ, ৰৌদ্ৰ, বীৰ, ভয়ানক,বীভৎস আৰু অদ্ভুদ।

তলত প্ৰতিটো ৰসৰ বিষয়ে আলোচনা কৰা হলঃ —

শৃংগাৰ ৰসঃ স্ত্ৰী পুৰুষৰ মাজত সৃষ্টি হোৱা প্ৰেমভাৱেই শৃংগাৰ ৰস।কোনো প্ৰেমিক বা প্ৰেম্কক অৱলম্ৱন কৰি ৰতি নামৰ স্থায়ী ভাৱ, উপযুক্ত পৰিৱেশ যেনে-বসন্ত কাল,উদ্যান আদিৰ পৰা উদ্দীপিত, বেকা চাৱনি, মিচিকিয়া হাঁহি আদিৰ দ্বাৰা অনুভাৱিত, লজ্জা, মন, আবেগ, নিদ্ৰা আদি ভাৱৰ দ্বাৰা সঞ্চাৰিত হয় সামাজিকৰ হৃদয়ত পৰিব্যপ্ত হয়, সেয়ে শৃংগাৰ ৰস বা আদি ৰস।

হাস্য ৰসঃ বিকৃত বেশ ভূষা চলন আদিক আলম্বন কৰি হাস নামৰ স্থায়ী ভাবটি বেশ আদিৰ বিকৃতি আদিৰ দ্বাৰা উদ্দীপিত, দন্ত বিকাশ আদিৰ দ্বাৰা অনুভাৱিত আৰু শ্ৰম আলোচ্য আদিৰ দ্বাৰা সঞ্চাৰিত হৈ সামাজিকৰ অন্তৰত উদ্ৰেক হলে তাক হাস্য ৰস বোলে।

কৰুণ ৰসঃ শত্ৰু বা বৈৰী আদিক আলম্বন কৰি, বৈৰীকৃত অপকাৰ আদিৰ উদ্দীপিত, তৰ্জন-গৰ্জন আদিৰ দ্বাৰা অনুভাৱিত আৰু গৰ্ব অসহিষ্ঞুতা আদিৰ দ্বাৰা সঞ্চাৰিত হৈ দৰ্শক পাঠকৰ দ্বাৰা আস্বাদিত হলে তাক ৰৌদ্ৰ ৰস বোলা হয়।

বীৰ ৰসঃ প্ৰতিপক্ষ, বিপদগ্ৰস্ত প্ৰাণী বা পুণ্যজনক কাৰ্য আদিক আলম্বন কৰি উৎসাহ নামৰ স্থায়ী ভাবটি ক্ৰমে অপকাৰ, বিপন্ন অৱস্থা অথৱা পুণ্য ফল আদিৰ দ্বাৰা উদ্দীপিত  আৰু প্ৰতিশোধ গ্ৰহণ, বিপদৰ প্ৰতিকাৰ আৰু অনুষ্ঠান উদ্যোগ আদিৰে অনুভাৱিত  আৰু হৰ্ষ আৱেগ অমৰ্ষ আদিৰ দ্বাৰা সঞ্চাৰিত হৈ আস্বাদিত হলে তাকে বীৰ ৰস বোলা হয়।

ভয়ানক ৰসঃ ভয়লগা যেই সেই বস্তুক অৱলন্বন কৰি যি ভয় নামৰ স্থাসী ভাবটি বিকট অৱস্থা বা কৰ্ম আদি উদ্দীপন বিভাৱ, কম্পন পলায়ন আদিৰ দ্বাৰা অনুভাৱিত আৰু ত্ৰাস আদিৰ দ্বাৰা সঞ্চাৰিত হয়, সেয়াই ভয়ানক ৰস।

বীভৎস ৰসঃ ঘিণ লগা বস্তুক আলম্বন কৰি দুৰ্গন্ধ আদিৰ দ্বাৰা উদ্দীপিত, নাক কোচখোৱা আদিৰ দ্বাৰা অনুভাৱিত আৰু গ্লানি আদিৰ দ্বাৰা সঞ্চাৰিত হৈ জুগুপ্সা  স্থায়ী ভাবটি আস্বাদিত হলে তাক বীভৎস ৰস বোলে।

অদ্ভুদ ৰসঃ বিস্ময় নামৰ স্থায়ী ভাব অস্বাভাৱিক বস্তু বা ঘটনাক আলম্বন কৰি তাৰ অসাধাৰণ মাহাত্ম্য আদিৰ দ্বাৰা উদ্দীপিত, শিহৰণ, চকখোৱা, আদিৰ দ্বাৰা অনুভাৱিত আৰু বিতৰ্ক চিন্তা আৱেগ আদিৰ দ্বাৰা সঞ্চাৰিত হৈ আস্বাদিত হলে তাক অদ্ভুদ ৰস বোলে।


Q. 4 | আলংকাৰিকৰ মতে ৰীতি কেই বিধ? প্ৰত্যেকটো ৰীতি বিষয়ে চমু বিৱৰণ দিয়া?

উত্তৰঃ আলংকাৰিকৰ মতে ৰীতি তিনি বিধ। সেই কেইবিধ হ'ল- বৈদৰ্ভী,গৌড়ী আৰু পাঞ্চালী।

বৈদৰ্ভী ৰীতিঃ যি ৰচনাত সমস্তগুণৰসমাবেশ দেখা যায় সেই ৰচনা ৰীতিকেই বৈদৰ্ভী ৰীতি বুলি কৈছে।

গৌড় ৰীতিঃ গৌড়ী ৰীতিত ওজঃ আৰু কান্তি গুণৰ প্ৰাধান্য থাকে।ওজঃ আৰু কান্তি গুণৰ প্ৰাধান্যই যত মাধুৰ্য আৰু সুকুমাৰ গুণক  তল পেলায় সেয়া গৌড় ৰীতি।

পাঞ্চালী ৰীতিঃ যি ৰচনাত মাধুৰ্য আৰু সুকুমাৰ গুণৰ প্ৰাধান্য থাকে সেই ৰীতিয়েই পাঞ্চালী ৰীতি। 




Tags :

  • ৰস, ধ্বনি, গুণ, ৰীতিঃ সংজ্ঞা আৰু স্বৰূপ
  • ৰস, ধ্বনি, গুণ, ৰীতিঃ সংজ্ঞা আৰু স্বৰূপ BA 2nd Sem Assamese Major Question Answer
  • Gauhati University BA 2nd Sem Assamese Major Model Questions Answer
  • GU BA 2nd Sem Assamese Major Model Solution
  • ba 2nd sem assamese major question paper
  • BA 2nd Sem Assamese Major Question Answer
  • ba 2nd sem assamese book pdf
  • ba 2nd sem assamese major book
  • ba 2nd sem assamese major question answer
  • ba 2nd sem assamese major book pdf
  • ba 2nd sem assamese book pdf
  • b.a 2nd sem assamese major question paper
  • ba 2nd sem assamese book
  • ba 4th sem assamese major book
  • Ba 2nd semester assamese question answer
  • b.a 2nd sem assamese book