Follow Us:

ভাষা বিজ্ঞানৰ সাধাৰণ পৰিচয় | Gauhati University BA 2nd Sem Assamese Major Model Questions Answer | BA 2nd Sem Assamese Major Question Answer

LearningPointAssam.com

ভাষা বিজ্ঞানৰ সাধাৰণ পৰিচয় | Gauhati University BA 2nd Sem Assamese Major Model Questions Answer| GU BA 2nd Sem Assamese Model Solution | ba 2nd sem assamese major question paper | BA 2nd Sem Assamese Major Question Answer | ba 2nd sem assamese book pdf

Assamese Notes & Guide Available here ASM-HC-2016 — ভাষা বিজ্ঞানৰ সাধাৰণ পৰিচয় Model Solution to each Unit are provided in the list of UG - CBCS Syllabus. We design all notes according to Guwahati University so that you can easily browse through BA 2nd Sem Assamese Major Question Answer and University Guides and Notes here. ba 2nd semester assamese question answer — ভাষা বিজ্ঞানৰ সাধাৰণ পৰিচয় Model Question Answer Can be very useful to excel in examinations.

ভাষা বিজ্ঞানৰ সাধাৰণ পৰিচয় BA 2nd Sem Assamese Major Question Answer

BA Assamese ASM-HC-2016 — ভাষা বিজ্ঞানৰ সাধাৰণ পৰিচয় BA 2nd Sem Assamese Major Model Notes covers all the practice questions of Guwahati University syllabus. ভাষা বিজ্ঞানৰ সাধাৰণ পৰিচয় BA 2nd Sem Assamese Major Question Answer is given here which ensures smooth and easy understanding of all the concepts.  Understand the concepts behind each unit and score well in board exams.

Read this page for latest information about GU TDC 4th Sem Assamese Major Notes 2023.

✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 1

ভাষা বিজ্ঞানৰ সাধাৰণ পৰিচয়ঃ — ALL Important Question & Answers

GU BA 2nd Sem Assamese ASM-HC-2016 Questions & Answer :


CONTENTS 

ভাষা বিজ্ঞানৰ সাধাৰণ পৰিচয়
Model Question and Answer key






অনুশীলনী

অতি চমু প্ৰশ্নঃ

১। বক্তা আৰু শ্ৰেতাৰ মাজত ভাষা কাৰ্য সম্পাদন কৰোতে কিহৰ প্ৰয়োজন।

উত্তৰঃ  ধ্বনি প্ৰয়োজন।

২। ৰেলগাড়ীৰ সংকেত ভাষাৰ শ্ৰেণীত অন্তৰ্ভূক্ত কৰিব পাৰিনে?

উত্তৰঃ নোৱাৰি.

৩। Strutevant এ দিয়া ভাষা সংজ্ঞাটো কি?

উত্তৰঃ Strutevant এ দিয়া ভাষা সংজ্ঞাটো হৈছে ---- 'কোনো জনসমষ্টিয়ে প্ৰণালীবদ্ধ আৰু যাদৃচ্ছিক স্পষ্ট ধ্বনি প্ৰতীকৰ দ্বাৰা পৰস্পৰে সহযোগিতা কৰি দৈনন্দিন জীৱনৰ কাৰ্য চলোৱা প্ৰথাৰ নামেই ভাষা।

৪। স্বগতোক্তিক ভাষাৰ শ্ৰেণীত ধৰিব পাৰিনে?

উত্তৰঃ  নোৱাৰি।

৫। ভাষা সৃষ্টিৰ প্ৰকৃতি, উৎস অনুযায়ী ভাষাৰ ধাৰাক কেইটাৰ ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ ভাষা সৃষ্টিৰ প্ৰকৃতি, উৎস অনুযায়ী ভাষাৰ ধাৰাক ৩টা ভাগত ভাগ কৰিব পাৰি।

৬। পাণিনিৰ ব্য়াকৰণখনৰ নাম কি?

উত্তৰঃ পাণিনিৰ ব্যাকৰণখনৰ নাম 'শব্দ্যানুশাসনম'।

৭। পাণিনিৰ ব্য়াকৰণ সম্পৰ্কে ব্লুমফিল্ডে কি কৈছিল?

উত্তৰঃ পাণিনিৰ ব্যাকৰণ সম্পৰ্কে ব্লুমফিল্ডে কৈছিল 'মানৱ বুদ্ধিমত্তাৰ সৰ্বোৎকৃষ্ট কৃতি'।

৮। বংগৰ ৰয়েল এছিয়াটিক ছ'চাইটিক কোনে কেতিয়া বক্তৃতা প্ৰদান কৰিছিল।

উত্তৰঃ বংগৰ ৰয়েল এছিয়াটিক ছ'চাইটিক ছাৰ উইলিয়াম জোনছে ১৭৮৬ চনত বক্তৃতা প্ৰদান কৰিছিল।

৯। ফাডিৰ্নাণ্ড দ্য় চচ্য়ুৰৰ Couse de Linguistique General' গ্ৰন্থখন কেতিয়া প্ৰকাশ হৈছিল।

উত্তৰঃ ফাডিৰ্নাণ্ড দ্য চচ্যুৰৰ ''Couse de Linguistique General' গ্ৰন্থখন ১৯১৬ চনত প্ৰকাশ হৈছিল।

১০। আধুনিক ভাষা বিজ্ঞানৰ পিতৃ কাক কোৱা হয়।

উত্তৰঃ আধুনিক ভাষা বিজ্ঞানৰ পিতৃ ফাৰ্ডিনাণ্ড দ্য চছুৰক কোৱা হয়।

১১। ভাষা বিজ্ঞান কাক বোলে?

উত্তৰঃ য'ত ভাষা বিষয়ৰ ওপৰত যুক্তিসংগত বা তথ্য প্ৰমাণিত তথ্যৰ আধাৰ বিষয়ক ক্ৰম শৃংখলাবদ্ধ উপস্থাপন কৰা হয়, তাক ভাষা বিজ্ঞান বুলি কোৱা হয়।

১২। ভাষাৰ বিজ্ঞান অভিধাটো প্ৰথম কোন দেশত ব্ৱহাৰ কৰা হৈছিল।

উত্তৰঃ ভাষাৰ বিজ্ঞান অভিধাটো প্ৰথম আমেৰিকাত ব্যৱহাৰ কৰা হয়।

১৩। ভাষাৰ ক্ষেত্ৰত বিজ্ঞান শব্দৰ অৰ্থ কি?

উত্তৰঃ ভাষাৰ ক্ষেত্ৰত বিজ্ঞান শব্দৰ অৰ্থ হৈছে- বিশেষ জ্ঞান বা তত্ব জ্ঞান।

১৪। ভাষাৰ অধ্যয়নত কি ধ্বনি লিপি ব্যৱহাৰ কৰা হয়।

উত্তৰঃ ভাষা অধ্যয়নত IPA ধ্বনি লিপি ব্যৱহাৰ কৰা হয়।

১৫। ধ্বনিৰ উচ্চাৰণ জুখিব পৰা এবিধ যন্ত্ৰৰ নাম লিখা?

উত্তৰঃ ধ্বনি উচ্চাৰণ জুখিব পৰা এবিধ যন্ত্ৰৰ হৈছে কাইম'গ্ৰাফ।

১৬। ভাষাতত্ত্বৰ চৰ্চা প্ৰথম ক'ৰ পৰা আহিছে।

উত্তৰঃ ভাষাতত্ত্ব চৰ্চা প্ৰথম ইউৰোপৰ পৰা আহিছে।

১৭। ইংৰাজী Philology শব্দ কি শব্দৰ পৰা আহিছে।

উত্তৰঃ ইংৰাজী 'Philology' শব্দটো গ্ৰীক 'Philologia' ৰ শব্দৰ পৰা আহিছে।

১৮। ইংৰাজী Grammar শব্দটোৰ ক'ৰ পৰা আহিছে।

উত্তৰঃ ইংৰাজী Grammar শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে।

১৯। সংস্কৃত ব্যাকৰণ শব্দৰ অৰ্থ কি?

উত্তৰঃ সংস্কৃত ব্যাকৰণ শব্দৰপ অৰ্থ হৈছে বিশেষ আৰু বিস্তৃত ভাৱে কৰা আলোচনা।

২০। গ্ৰীকৰ প্ৰথম ব্যাকৰণবিদ গৰাকীৰ নাম কি?

উত্তৰঃ গ্ৰীকৰ প্ৰথম ব্যাকৰণবিদ গৰাকী নাম ডায়'নিছাছ থ্ৰাক্স।

২১। বৈদিক সাহিত্যত ব্যাকৰণ চৰ্চাৰ সম্ভেদ কেতিয়া পোৱা যায়?

উত্তৰঃ বৈদিক সাহিত্যত ব্যাকৰণ চৰ্চাৰ সম্ভেদ খ্ৰীষ্টপূৰ্ব ১২০০ শতিকাৰ পৰা আঠশ শতিকাৰ ভিতৰত পোৱা যায়।

২২। ব্যাকৰণ শব্দৰ প্ৰথম উল্লেখ ক'ত পোৱা যায়?

উত্তৰঃ ব্যাকৰণ শব্দৰ প্ৰথম উল্লেখ অৰ্থব বেদৰ 'গোপথ ব্ৰাহ্মণ' পুথিত পোৱা যায়।

২৩। হুইটনিয়ে ব্যাকৰণ সম্পৰ্কে কি সংজ্ঞা দিছিল?

উত্তৰঃ হুইটনিয়ে ব্যাকৰণ সম্পৰ্কে দিয়া সংজ্ঞাটো হৈছে- ব্যাকৰণে ভাষাৰ নীতি নিয়ম তৈয়াৰ নকৰে, ভাষাৰ ভাল ৰূপটো শৃংলাবদ্ধ বিৱৰণেহে দাঙি ধৰে।

২৪। ভাষাৰ চিন্তাচৰ্চাৰ কেইটা অভিধাৰে সূচীত কৰিব পাৰি। 

উত্তৰঃ ভাষাৰ চিন্তা চৰ্চাৰ ৩টা অভিধাৰে সূচীত কৰিব পাৰি।


Check Here >>> ৰস, ধ্বনি, গুণ, ৰীতিঃ সংজ্ঞা আৰু স্বৰূপ BA 2nd Sem Assamese Major Question Answernewgifnvs

Check Here >>> Gauhati University BA 2nd Sem Assamese Major Question Answernewgifnvs

Check Here >>> BA 2nd Sem Assamese Major Syllabusnewgifnvs


ৰচনাধৰ্মী প্ৰশ্নঃ

১। ভাষা বুলিলে কি বুজা? ভাষা সম্পৰ্কে ভাষা বিদ সকলে ভাষাৰ সংজ্ঞা কি দৰে নিৰূপন কৰিছে লিখা।

উত্তৰঃ আমি এজনে আন এজনৰ আগত মনৰ ভাৱ প্ৰকাশ কৰাকে ভাষা বুলি কোৱা হয়।

ভাষা সম্পৰ্কে ভাষাবিদসকলে দিয়া সংজ্ঞাসমূহ হৈছে-

'Sturtevant' এ ভাষা সংজ্ঞা এনেদৰে দিছে- কোনো জনসমষ্টিয়েই প্ৰণালীবদ্ধ আৰু যাদৃচ্ছিক স্পষ্ট ধ্বনি  প্ৰতীকৰ দ্বাৰা পৰস্পৰে সহযোগিতা কৰি দৈনন্দিন  জীৱনৰ কাৰ্য চলোৱা প্ৰথাৰ নামেই ভাষা।


২। ভাষা বিজ্ঞান সম্পৰ্কে এটি প্ৰৱন্ধ যুগত কৰা।

উত্তৰঃ ভাষা বিজ্ঞান সন্মত বিচাৰ বিশ্লেষনৰ নাম ভাষা বিজ্ঞান। আন কথাত যি বিদ্যাত বিভিন্ন পৰীক্ষা-নিৰীক্ষা অন্তৰত গৃহীত ভাষা বিষয়ক তথ্য সমূহ নিৰ্ধাৰিত ক্ৰমত শৃংখলাবদ্ধ ভাৱে আৰু যুক্তি সংগত ভাৱে উপস্থাপন কৰা হয়, সেই বিদ্যাক ভাষা বিজ্ঞান বোলা হয়। ইয়াৰ প্ৰতিপাদ্য বিষয় হৈছে মানুহৰ বাকযন্ত্ৰ দ্বাৰা উচ্চাৰিত বাক্য বদ্ধ, অৰ্থ বহন, ধ্বনি প্ৰতীকবোৰ যাৰ সহায়ত মানুহে পাৰস্পৰিক ভাৱ বিনিময়ৰ দ্বাৰা দৈনন্দিন জীৱনৰ কাম-কাজ নিয়াৰিকৈ সম্পাদন কৰে। মানৱ ভাষাত অন্তলীন হৈ থকা প্ৰণালী আৰু বিধি সমূহৰ বিজ্ঞানসন্মত বিচাৰ বিশ্লেষণ থাকে বাবে ইয়াক ভাষা বিজ্ঞান অভিধাৰে বুজোৱা হয়।

        অসমীয়া ভাষা বিজ্ঞান অভিধানত   ইংৰাজী '' Linguistics" ৰ প্ৰতিশব্দ হিচাপে লোৱা হৈছে।লেটিন ভাষাত ( Lingua) মাত কথা, আৰু (Istique) মানে তত্ব বা জ্ঞান ৰূপৰ সংযোগত গঢ় লৈ উঠা "Linguistique" শব্দৰ পৰা ইংৰাজী ''Linguistics" সৃষ্টি হৈছে আৰু ই ভাষাৰ প্ৰণালীবদ্ধ অধ্যয়নক বুজায়। ভাষা অধ্যয়ন প্ৰক্ৰিয়াক বিজ্ঞান শব্দৰে সামৰি লোৱা মূল কাৰণ হল অন্যান্য বৈজ্ঞানী দৰে ভাষা বৈজ্ঞানী বিশ্লেষণটো স্পষ্টতা, প্ৰণালীবদ্ধতা আৰু বস্তুনিস্ততা এই তিনিটা গুণৰ সমাবেশ থাকে।

৩। ভাষাবিজ্ঞান আৰু ভাষাতত্ত্বৰ মাজৰ প্ৰভেদ সমূহ লিখা।

উত্তৰঃ ভাষাবিজ্ঞান আৰু ভাষাতত্ত্ব ভাষা অধ্যয়নৰ  দুটা ভাগ মাথোন। বিজ্ঞান শব্দটো সং বি-জ্ঞা+ অনট্ সংযোগ হৈ গঠিত হৈছে। ইয়াৰ অৰ্থ জ্ঞান বা জ্ঞানবোধ বুজায়। তত্ত্ব শব্দটো শৃংখলাবদ্ধ বা যথাৰ্থ জ্ঞানক  সূচিত কৰে। কোনো এটা ভাষা চৰ্চা বা অধ্যয়নৰ আধাৰত ভাষাটো পাৰ্থক্য পৰিলক্ষিত হয়। গতিকে ভাষা বিজ্ঞান আৰু ভাষাতত্ত্বৰ পাৰ্থক্য এনেধৰণে নিৰ্ণয় কৰিব পাৰি-

  • ক) ভাষাতত্ত্ব ৰ উদ্ভৱ হৈছিল ঊনবিংশ শতিকাত জাৰ্মানীত আৰু বিংশ শতিকাৰ আদিভাগত আমেৰিকাত ভাষা বিজ্ঞানৰ উদ্ভৱ হৈছিল।
  • খ) ভাষাতত্ত্বত ভাষা অধ্যয়নৰ আধাৰ হৈছে কেৱল লিখিত ভাষা আৰু ভাষা বিজ্ঞানত ভাষা চৰ্চা লিখিত ৰূপ বা সাহিত্য় থকা ভাষাৰ যি ধৰণে  অধ্যয়ন কৰে সাহিত্য নথকা ভাষাৰো একেধৰণে অধ্যয়ন কৰে।
  • গ) ভাষাতত্ত্ব কালানুক্ৰমিক বা ঐতিহাসিক। কিয়নো  ভাষাতত্ত্বত ভাষাৰ সময়ৰ সোঁতত পৰিৱৰ্তন ঘটিব পাৰে। কিন্তু ভাষা বিজ্ঞান সমকালীন অথবা এককালীন। ইয়াত ভাষাৰ কোনো এটাৰ নিৰ্দিষ্ট সময়ৰ অধ্যয়ন থাকে।
  • ঘ) ভাষাতাত্ত্বিকে ভাষাক কোনো দেশৰ সাংস্কৃতিক  অংগ হিচাপে গণ্য কৰে। ভাষাতত্ত্বৰ লিখিত সমলবোৰে একোটা জাতি বিশেষৰ ইতিহাস, ধৰ্ম, সাহিত্য-সংস্কৃতিৰ সামগ্ৰিক দিশবোৰ দাঙি ধৰিবলৈ সক্ষম হয়। আনহাতে ভাষা বিজ্ঞানত ভাষাক নৈসৰ্গিক সম্পদ হিচাপে গণ্য কৰা হয়।
  • ঙ) ভাষাতত্ত্ব প্ৰধানকৈ  ভাষাৰ প্ৰাচীন ৰূপ আৰু অধ্যয়নৰ বিচাৰ-বিশ্লেষনৰ লগত সম্পৰ্কিত হৈ থাকে। পুৰণি পুথি, শিলালিপি, তাম্ৰফলিৰ বিবিধ পাঠান্তৰ আদিৰ ভাষা বিশ্লেষনৰ এটা শুদ্ধ আৰু পূৰ্ণাংগ ৰূপ নিৰ্ণয় কৰা হয়। কিন্তু ভাষা বিজ্ঞানত সমকালীন কথিত ৰূপৰ প্ৰণালীক বিচাৰ-বিশ্লেষণ কৰা হয়।
  • চ) ভাষাত্ত্বত লিখিত ৰূপে সাহিত্যত ব্যৱহাৰ হোৱা ভাষা ৰূপৰ  ঐতিহাসিক  অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়া হয়। ইয়াত আঞ্চলিক ৰূপৰ পাৰ্থক্য বা ভেদবোৰ  আলোচনা হয় যদিও মান্য ৰূপৰ লগত তুলনামূলক আলোচনাত সীমাবদ্ধ হৈ থাকে। আনহাতে ভাষা বিজ্ঞানত ভাষা বিজ্ঞানীয়েই ভাষাৰ আঞ্চলিক আৰু সামাজিক ৰূপৰ ভেদবোৰ বিচাৰ বিশ্লেষণ কৰে।
  • ছ) ভাষাতত্ত্বত ভাষা একোটাৰ উৎস, বংশলতা, ইতিহাস ইত্যাদিৰ সামগ্ৰিক অনুসন্ধান কৰা হয় আৰু ভাষা বিজ্ঞানত ভাষা এটাৰ গঠণ প্ৰণালীটো আলোচনা মাজতে সীমাবদ্ধ থাকে। আনহাতে ভাষা বিজ্ঞানত ধ্বনি, ৰূপ আৰু অৰ্থৰ বিশ্লেষণ কৰা হয়। ভাষাতত্ত্বই ভাষাৰ যিবোৰ বিষয়ৰ ওপৰত গুৰুত্ব নিদিয়ে  সেইবোৰ বিষয় তথা অৰ্থৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰে।


৪। ব্যাকৰণ বুলিলে কি বুজা? ব্যাকৰণ সম্পৰ্কে বৈয়াকৰণিক বিদ সকলৰ সংজ্ঞাবোৰ আলোচনা কৰা।

উত্তৰঃ যি পুথি পঢ়িলে ভাষা শুদ্ধকৈ কব আৰু লিখিব পাৰি, তেনে পুথিকে ব্যাকৰণ বোলে।

ব্যাকৰণ সম্পৰ্কে বৈয়াকৰণিক বিদ সকলৰ সংজ্ঞাসমূহ আলোদনা কৰা হল-

   হুইটনিৰ মতে, ব্যাকৰণে ভাষাৰ নীতি-নিয়ম তৈয়াৰ নকৰে, ভাষাৰ ভাল ৰূপটোৰ শৃংখলাবদ্ধ বিৱৰণহে দাঙি ধৰে। 

   ডব্লিউ এন ফ্ৰান্সিছৰ মতে, ব্যাকৰণ হল ৰীতিসিদ্ধ আৰ্হিৰ এনে এক দৃষ্টান্ত যত ভাষাৰ শব্দবোৰ  এনে প্ৰণালীবদ্ধ ভাৱে সজোৱা হয় যে ই ব্যাপক অৰ্থ প্ৰকাশৰ ক্ষমতা লাভ কৰে।

চি চি ফ্ৰাইৰ মতে, ভাষাৰ গাঁথনিক অৰ্থৰ বিষয়ে  সন্ধান দিব পৰা কিছুকাল কৌশল  বা উপায় সমষ্টিয়েই ব্যাকৰণ।

৫। ভাষা বিজ্ঞান আৰু ব্যাকৰণ পাৰ্থক্য লিখা।

উত্তৰঃ ভাষা বিজ্ঞান আৰু ব্যাকৰণৰ পাৰ্থক্য সমূহ হল- 

ক) ব্যাকৰণে লিখিত ভাষাৰ ওপৰত গুৰুত্ব দিয়ে আৰু লিখিত ভাষাকেই ভাষাৰ শুদ্ধ ৰূপ  বুলি বিবেচনা কৰে। প্ৰচলিত ৰূপৰ বিপৰীতে কথিত ৰূপ লিখনিত প্ৰৱেশ কৰিবলৈ বৈয়াকৰণিক বিদ সকলে ভাষাৰ বিশুদ্ধতাৰ ক্ষেত্ৰত শংকিত হৈ পৰে। ব্যাকৰণ সদায় ৰক্ষণশীল। ভাষা এটা বিশুদ্ধ নীতি-নিয়ম শৃংখলাৰ মাজত আৱদ্ধ থাকে। কিন্তু ভাষা বিজ্ঞানত ভাষাক  তাৰ স্বাভাৱিক কথ্য ৰূপত বৰ্ণনা কৰাত বেছি আগ্ৰহশীল।

খ) ভাষা বিজ্ঞানত ধ্বনি, ৰূপ, বাক্য, অৰ্থ আদি বিষয়ক সামৰি লৈ ভাষাৰ সামগ্ৰিক  ৰূপৰ আলোচনা কৰা হয়। ব্যাকৰণত সাধাৰণতে শব্দ গঠণ প্ৰক্ৰিয়া, সেইবোৰ  ব্যৱহাৰৰ নিয়ম, বাক্য গঠণ প্ৰক্ৰিয়া মাজত আৱদ্ধ থাকে।

গ) ভাষা বিজ্ঞানে ভাষা একোটাৰ সামগ্ৰিক দিশৰ ওপৰত আলোক পাত কৰে। কোনো এটা বিশেষ ভাষাৰ বিশ্লেষণত ইয়াত কৰা নহয়। কিন্তু ব্যাকৰণত ভাষা একোটা বিশেষ গঠণ প্ৰণালীৰ বিষয়ে বিচাৰ-বিশ্লেষণ কৰা হয়।

ঘ) ব্যাকৰণ হৈছে কিছুমান নীতি-নিয়ম পদ্ধতি, য'ত ভাষা একোটাৰ কথিত আৰু লিখিত ৰূপ থাকে। আনহাতে ভাষা বিজ্ঞান হৈছে ভাষা একোটাৰ বিজ্ঞানসন্মত অধ্যয়ন।

ঙ) ভাষা বিজ্ঞানৰ কাম হল প্ৰচলিত ভাষা এটা বাস্তৱিকৰূপ যথাযথভাৱে দিয়া। মানুহে কেনেদৰে কোৱা বা লিখা উচিত সেই বিষয়ে নিৰ্দেশ দিয়া নহয়। কিন্তু ব্যাকৰণ হল ভাষা এটাক শুদ্ধভাৱে কোৱা আৰু লিখাৰ ধৰণ বা কৌশল সম্পৰ্কে নিৰ্দেশ দিয়াই প্ৰধান উদ্দেশ্য।

চ) ভাষা বিজ্ঞান সাৰ্বজনীন। ভাষা বিজ্ঞানে নিৰ্ধাৰণ কৰা সূত্ৰবোৰ সকলো ভাষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰি। আনহাতে ব্যাকৰণ সাৰ্বজনীন নহয়। ই ভাষা অনুযায়ী ৰচিত হয়।যিহেতু ভাষা ভিন্ন হব পাৰে সেই ভিন্ন ভাষাবোৰৰ ব্যাকৰণো পৃথক পৃথক হব পাৰে।

ছ) ভাষা বিজ্ঞানৰ পৰিসৰ বিস্তৃত। ভাষাৰ জন্ম, ভাষাৰ উপাদান আৰু প্ৰকৃতি আদি বিশেষ ভাষা নিৰপেক্ষ বিষয় অৰ্থাৎ ভাষা একোটাৰ সামগ্ৰিকদিশৰ বিষয়ে ভাষা বিজ্ঞানে বিচাৰ-বিশ্লেষণ কৰে। আনহাতে ব্যাকৰণৰ পৰিসৰ অত্যন্ত সীমিত ক্ষেত্ৰযুক্ত। ব্যাকৰণে পোনপটীয়াকৈ ভাষা একোটাৰ গঠণ প্ৰণালী সম্পৰ্কে পৰ্যালোচনা কৰে আৰু ভাষাৰ ব্যৱহাৰিক দিশৰ ওপৰত বেছি মনোনিৱেশ আৰোপ কৰে।জ) ভাষা বিজ্ঞানে ভাষাৰ শুদ্ধ-অশুদ্ধ ৰূপ বিচাৰ নকৰে। ভাষাৰ প্ৰচলিত ৰূপটোৰ যথাযথ বিচাৰ বিশ্লেষণ আগবঢ়ায়। কিন্তু ব্যাকৰণে ভাষাৰ শুদ্ধ-অশুদ্ধ ৰূপবোৰ বাছি উলিয়াই তাৰ ভুল ৰূপটোৰ সংশোধন কৰে আৰু ই লিখিত ভাষাৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলে।

ঞ) ভাষা বিজ্ঞানত লিখিত ৰূপ নাথাকে। উপভাষা একোটাৰ ৰূপ আলোচনা কৰা হয়। ভাষা বিজ্ঞানীৰ কাৰণে স্থানীয় উপভাষা তাত্ত্বিক বিষয়। কাৰণ উপভাষা অধ্যয়ন হলে মান্য ভাষাৰ অধ্যয়ন সম্পূৰ্ণ হয়। কিন্তু বৈয়াকৰণিক বিদ সকলে ভাষাৰ লিখিত ৰূপৰ বিশ্লেষণতহে সীমাবদ্ধ থাকে। আঞ্চলিক ভাষাৰ ভেদবোৰ আলোচনা নাথাকে।

৬। ভাষা বিজ্ঞানৰ লগত ব্যাকৰণৰ সম্পৰ্ক লিখা?

উত্তৰঃ ভাষা বিজ্ঞান আৰু ব্যাকৰণ দুয়োটাই ভাষাৰ বিষয়ে অধ্যয়ন কৰে। অতীত কালত ভাষা অধ্যয়নৰ বিষয় বা ধাৰণাটোক পৰম্পৰাগত ব্যাকৰণ শব্দৰে সূচিত কৰা হৈছিল। কিন্তু আধুনিক সময়ছোৱাত ব্যাকৰণ শব্দটোৱে বহল ক্ষেত্ৰক সামৰি লৈছে।

    ভাষা বিজ্ঞান আৰু ব্যাকৰণৰ মৌলিক পাৰ্থক্য থাকিলেও  ইটোৰ লগত সিটোৰ পাৰস্পৰিক সম্পৰ্ক নথকা নহয়। ব্যাকৰণ নামটো ভাষা বিষয়ৰ  পুৰণি বিষয় হিচাপে স্বীকৃতি পাইছে। ভাষা বিজ্ঞানৰ ক্ষেত্ৰখন ধ্বনি, ৰূপ, বাক্য আৰু অৰ্থ আদি প্ৰধান বিষয়ৰ ভিতৰত ব্যাকৰণ, ৰূপতত্ত্বৰ আৰু বাক্যতত্ত্বৰ বিতং অধ্যয়ন কৰা হয়। ব্যাকৰণত ভাষা একোটা গঠণৰ বিভিন্ন উপাদান সমূহৰ তন্ন তন্নকৈ বিশ্লেষণ আগবঢ়োৱা হয়। ব্যাকৰণৰ প্ৰধান কাম হৈছে ভাষা বিশেষৰ গাঁথনিক স্বৰূপ দাঙি ধৰা। ভাষা বিজ্ঞানত  ভাষাৰ প্ৰণালীবদ্ধ আৰু বিজ্ঞানসন্মত আলোচনা কৰা হয়। 

ব্যাকৰণ আৰু ভাষা বিজ্ঞা্ন ইটো-সিটোৰ লগত সম্পৃক্ত এটি বিষয়। ভাষাৰ বিজ্ঞানত ভাষাৰ সামগ্ৰিক ৰূপ পোৱা যায় আৰু ব্যাকৰণতভাষাৰ এক খণ্ডিত ৰূপৰ বিষয়ে পোৱা যায়। ভাষা বিজ্ঞান সাৰ্বজনীন হব পাৰে। ঐতিহাসিক  পৰিৱৰ্তন  কাৰণে একে মূলৰ পৰা অহা ভাষাৰ ব্যাকৰণো বেলেগ বেলেগ হব পাৰে। সাম্প্ৰতিক কালত ভাষা বিজ্ঞানত ভাষা সমূহৰ বিশ্লেষণ কৰাৰ বাবে সূত্ৰৰ বা তত্ত্বৰ আৱিষ্কাৰ হৈছে আৰু এই তত্ত্বৰ আধাৰতে ব্যাকৰণবিদসকলে ব্যাকৰণ প্ৰণয়ন কৰে। সেই কাৰণে ব্যাকৰণো সাৰ্বজনীন। ভাষাৰ জ্ঞানৰ ক্ষেত্ৰত ব্যাকৰণ আৰু ভাষা বিজ্ঞান উভয়ে ভূমিকা গ্ৰহণ কৰে যদিও ভাষা বিজ্ঞানে বেছি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। শুদ্ধ আৰু বিজ্ঞান সন্মত ব্যাকৰণ এখন লিখিবলৈ হলে ভাষা একোটাৰ গঠণ প্ৰণালী বিষয়ে জনাটো নিতান্ত প্ৰয়োজন। ভাষা একোটাৰ উদ্ভৱ, বিকাশ, প্ৰকৃতি, প্ৰয়োগৰীতি, গঠন প্ৰণালী  আদিৰ ব্যাকৰণৰ সহায়ত জানিব পাৰি। আনহাতে ভাষাবিজ্ঞানৰ সহায়ত ভাষা একোটাৰ জন্ম, বিকাশ, গঠনৰীতি, প্ৰকৃতি  আদিৰ সামগ্ৰিক ৰূপৰ আলোচনা কৰিব পাৰি। ভাষা অধ্যয়নৰ ক্ষেত্ৰত ব্যাকৰণ আৰু ভাষা বিজ্ঞান পৰিপূৰক।

৭। ভাষা বিজ্ঞানক বিজ্ঞান বোলা কাৰণ লিখা?

উত্তৰঃ ভাষাৰ বিষয়ক বিজ্ঞানসন্মত আলোচনাই ভাষা বিজ্ঞান। পদাৰ্থ একোটাৰ যেনেকৈ পৰীক্ষাগাৰত পৰীক্ষা কৰি সত্যাসত্য তথ্য সম্বলিত ৰূপ দাঙি ধৰা হয়, তেনেকৈ ভাষা একোটাৰ অধ্যয়াত্মক বিচাৰ-বিশ্লেষণ কৰি শুদ্ধ বা প্ৰকৃত ৰূপ এটা নিৰ্ণয় কৰা হয়। ভাষা বিজ্ঞানৰ স্বৰূপ নিৰ্ণয় কৰোতে ইয়াৰ কিছুমান উপাদান তাত অন্তভুৰ্ক্ত হৈ থাকে। ভাষা বিজ্ঞানৰ উপাদান হল ধ্বনি, ৰূপ, শব্দ, বাক্য, অৰ্থ আদি।  পৃথিৱীৰ অসংখ্য ভাষাসমূহৰ মূল, গঠন, প্ৰক্ৰিয়া, ইতিহাস, ধ্বনি, ৰূপ, শব্দ, বাক্য, অৰ্থৰ  প্ৰয়োগ আৰু পৰিৱৰ্তন এই সকলো দিশৰ  প্ৰণালীবদ্ধ বা শৃংখলাবদ্ধ আলোচনাই ভাষাৰ প্ৰকৃত স্বৰূপ দাঙি ধৰিবলৈ সক্ষম হৈছে। ভাষা বিজ্ঞান ক্ষেত্ৰত ধ্বনি আৰু ধ্বনিৰ সংযোগ প্ৰণালী, ৰূপ আৰু ৰূপৰ সংযোগ প্ৰণালী, শব্দ আৰু শব্দৰ সংযোগ প্ৰণালী, বাক্য আৰু বাক্য সংযোগ প্ৰণালী আৰু অৰ্থতত্ত্বৰ সম্পৰ্কে ভাষা বিজ্ঞানত বিশেষ আলোচনা কৰা হয়। গতিকে ভাষা অধ্যয়নৰ প্ৰক্ৰিয়াক  অৰ্থাৎ ভাষাৰ লগত বিজ্ঞানক সামৰি লোৱা মূল কাৰণ হল  স্পষ্টতা, প্ৰণালীবদ্ধতা আৰু বস্তু নিষ্ঠতা আদিৰ সমাহাৰত ভাষাৰ বৈজ্ঞানিক বিচাৰ-বিশ্লেষণ প্ৰক্ৰিয়াত বিজ্ঞানৰ দৰে কাম কৰে। ভাষাৰ মূলগত উপাদান ধ্বনি, ৰূপ, শব্দ, বাক্য আৰু অৰ্থ আদিৰ এটাৰ নিদিৰ্ষ্ট প্ৰণালীবদ্ধ ক্ৰমত  ভাষাৰ যথাৰ্থ বিচাৰ-বিশ্লেষণ কৰা হয় কাৰণেই  সাম্প্ৰতিক কালত ভাষা বিজ্ঞানক  বিজ্ঞানৰ শাৰীত  অন্তৰ্ভুক্ত কৰা হৈছে। সেয়ে ভাষা বিজ্ঞান শব্দটোৱে ভাষা একোটা  বিজ্ঞানসন্মত বিচাৰ-বিশ্লেষণ আৰু প্ৰণালীবদ্ধ ক্ৰমযুক্ত অধ্যয়নক সামৰি লয়।


FAQs

Q. ভাষা বিজ্ঞানৰ পিতৃ কোন ?

  • উত্তৰঃ আধুনিক ভাষা বিজ্ঞানৰ পিতৃ ফাৰ্ডিনাণ্ড দ্য চছুৰক কোৱা হয়।

Q. ভাষাৰ অধ্যয়নত ঐতিহাসিক ভাষা বিজ্ঞানৰ ভূমিকা

Q. Where can I get Gauhati University BA 2nd Sem Assamese Major book?

Q. Where can I get BA 2nd sem assamese major question paper as Semester wise of Guwahati University?



Tags:

  • ভাষা বিজ্ঞানৰ সাধাৰণ পৰিচয়
  • Gauhati University BA 2nd Sem Assamese Major Model Questions Answer
  • GU BA 2nd Sem Assamese Model Solution
  • ba 2nd sem assamese major question paper
  • BA 2nd Sem Assamese Major Question Answer
  • Ba 2nd sem assamese book pdf