Follow Us:

মর্মান্তিক BA 4th Sem Assamese Question Answer | Gauhati University BA 4th Sem Assamese Model Questions Answer

LearningPointAssam.com

মর্মান্তিক BA 4th Sem Assamese Question Answer | Gauhati University BA 4th Sem Assamese Model Questions Answer | GU BA 4th Sem Assamese Model Solution | ba 4th sem assamese question paper | BA 4th Sem Assamese Question Answer | ba 4th sem assamese book pdf

Assamese Notes & Guide to each Unit are provided in the list of UG - CBCS Syllabus. We design all notes according to Guwahati University so that you can easily browse through BA 4th Sem Assamese Question Answer and University Guides and Notes here.

BA 4th Sem Assamese Question Answer

BA Assamese Guide covers all the practice questions of Guwahati University syllabus. BA 4th Sem Assamese Question Answer is given here which ensures smooth and easy understanding of all the concepts.  Understand the concepts behind each unit and score well in board exams.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 1 

মর্মান্তিকঃ  — ALL Important Question & Answers

GU BA 4th Sem Assamese ASM-CC-4016 Questions & Answer :


CONTENTS 

মর্মান্তিকঃ নিৰ্মলপ্ৰভা বৰদলৈ 
Model Question and Answer key






প্ৰশ্নাৱলীঃ

মর্মান্তিকঃ BA 4th Sem Assamese Very Short Question Answer

তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়াঃ Mark — 1

Q. 1 | ড° নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম হ’ল ‘বনফৰিঙৰ ৰং’।

Q. 2 | ‘মর্মান্তিক’ কবিতাটি কাৰ ৰচনা?

উত্তৰঃ ‘মৰ্মান্তিক’ নামৰ কবিতাটো নিৰ্মলপ্ৰভা বৰদলৈৰ ।

Q. 3 | কোন চনত ড° নিৰ্মলপ্ৰভা বৰদলৈয়ৰ জন্ম হৈছিল ?

উত্তৰঃ 1933 চনত |

Q. 4 | ড° নিৰ্মলপ্ৰভা বৰদলৈয়ৰ জন্ম স্থানত ক'ত ?

উত্তৰঃ ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে শিৱসাগৰত জন্ম গ্ৰহণ কৰিছিল। 

Q. 5 | ড° নির্মলপ্রভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনখন আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে?

উত্তৰঃ ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে। 


Q. 6 | নিৰ্মলপ্ৰভা বৰদলৈৰ লোকসংস্কৃতি বিষয়ক গ্রন্থ এখনৰ নাম লিখা। 

উত্তৰঃ অসমৰ লোক সংস্কৃতি (১৯৭২)।


Q. 7 | কোনখন গ্ৰন্থৰ বাবে ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰে?

উত্তৰঃ ‘সুদীর্ঘ দিন আৰু ঋতু’ নামৰ গ্ৰন্থৰ বাবে ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰে।

Q. 8 | ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে অসম সাহিত্য সভাৰ কোনখন অধিবেশনত সভাপতিত্ব কৰিছিল?

উত্তৰঃ ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে অসম সাহিত্য সভাৰ দুধনৈ অধিৱেশন (১৯৯১)ত সভাপতিত্ব কৰিছিল।

Q. 9 | ‘মর্মান্তিক’ কবিতাটিত কেনে ভাব প্রকাশ পাইছে?

উত্তৰঃ বেদনাদায়ক, বেদনাজনক। 

Q. 10 | ‘বেলি লহিওৱাব পৰত’ কথাংশ‍ই কবিতাটোত কি বুজাইছে?

উত্তৰঃ দিনৰ শেষত অর্থাৎ সূর্যাস্তৰ সময়।

Q. 11 | ‘মেটমৰা’ শব্দটোৰ অৰ্থ কি?

উত্তৰঃ বহু বস্তু ঠাহ খাই থকা, বৰ গধুৰ।



মর্মান্তিকঃ BA 4th Sem Assamese Short Question Answer

চমু উত্তৰ দিয়াঃ Mark — 2

১। ড° নির্মলপ্রভা বৰদলৈৰ দুখন গীতৰ পুথি নাম লিখা ।

উত্তৰঃ ‘সোণবৰণীয়া আই’ আৰু ‘সুৰীয়া মাত’।

২। ড° নির্মলপ্রভা বৰদলৈৰ দুখন গৱেষণা গ্ৰন্থৰ নাম লিখা। 

উত্তৰঃ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গৱেষণামূলক গ্ৰন্থৰ নাম হ’ল— ‘দেৱী’ আৰু শিৱ’।

৩। নিৰ্মলপ্ৰভা বৰদলৈৰ দুখনি কবিতা পুথিৰ নাম লিখা। 

উত্তৰঃ কবিতাপুথি দুখনি হ’ল— 

(১) দিনৰ পিছত দিন আৰু 

(২)অন্তৰংগ

৪। কবিতাটোত উল্লিখিত খেতিয়কজনৰ মূৰত আৰু কান্ধত কি আছিল?

উত্তৰঃ খেতিয়কজনৰ মূৰত আছিল জাপি আৰু কান্ধত আছিল মেটমৰা দুটা ডাঙৰি।

৫। খেতিয়কজনৰ কান্ধত থকা ডাঙৰিৰ মাত কেনেকুৱা আছিল? 

উত্তৰঃ কান্ধত থকা ডাঙৰিৰ মাত আছিল জিৰিক্ জিৰিক।

৬।  ড’ নির্মলপ্ৰভা বৰদলৈৰ আন এখন গীতৰ পুথিৰ নাম লিখা।

উত্তৰঃ সুৰীয়া মাত।



মর্মান্তিকঃ BA 4th Sem Assamese Board Question Answer

Board Questions : Mark — 4/5/10

Q. 1 | মর্মান্তিক’ কবিতাত কবি হৃদয়ৰ কাৰুণ্যবোধৰ ছবি কেনেধৰণে ব্যঞ্জিত হৈছে বুজাই লিখা।


উত্তৰঃ বেলি ভটিয়াই যোৱাৰ সময়ত খেতিয়ক ঘৰলৈ ওভতে। ঘৰলৈ ওভতা খেতিয়কে বুকুত সামৰি লৈ আহে ভৱিষ্যতৰ ৰং, আশা, আনন্দ। গভীৰ আন্তৰিকতা আৰু মৰম জড়িত হৈ থকা আমাৰ অতীতৰ গঞা সমাজ জীৱনক নগৰীয়া সভ্যতাই গ্ৰাস কৰি পেলোৱাত কবি দুখতে ম্রিয়মান হৈছে। গাওঁলীয়া সমাজ ব্যৱস্থাৰ প্ৰতীক খেতিয়কজন বেলি লহিওৱাৰ পৰত মূৰত জাপি আৰু কান্ধত মেটমৰা ডাঙৰিৰ সৈতে পথাৰৰ বঁকিয়াই দি ওলাই গৈছে অন্ধকাৰৰ মাজলৈ। সেয়া যেন সাধাৰণ মানুহৰো বৰ্ণময় অনুভূতি। কিন্তু সূৰ্য্যাস্তৰ লগে লগে সেই অনুভূতি সমূহ হেৰাই যাব বুলি কবিৰ শংকা হৈছে।



Q. 2 | মর্মান্তিক কবিতাটিৰ মূলভাৱ লিখা।

উত্তৰঃ  গ্রাম্য জীৱনধাৰা আৰু কৃষি অর্থনীতি পতনৰ সংশয়ে কবিৰ মনত জগাই তোলা কাৰুণ্য কবিতাটোৰ মূলভাব ।

কবিতাটোত বর্ণিত ছবিখন অসমৰ গাঁৱলীয়া কৃষিজীৱি সমাজৰ ছবি ৷ পথাৰ, পথাৰৰ কেঁচা আলি, কৃষকৰ মূৰৰ জাপি, কান্ধত ডাঙৰিৰ ভাৰ, খেৰৰ চুবুৰি, বাঁহ-বননি, গান গোৱা চৰাইৰ জাক আদি উপাদানেৰে সমৃদ্ধ গাঁও এখনৰ বৰ্ণনাৰ মাজত কবিৰ প্ৰাকৃতিক সৌন্দর্যপিয়াসী মনটো সুন্দৰভাৱে পৰিস্ফুট হৈছে।

— বেলি লহিওৱাৰ পৰত অর্থাৎ সন্ধিয়া সময়ত আঘােণৰ সােণালী পথাৰত ধান কাটি

থকা কৃষকজনে পথাৰৰ কাম সামৰি মূৰত জাপিটো আৰু কান্ধত জিৰিক জিৰিক্‌ মাত, ওলােৱা মেটমৰা দুটা ডাঙৰিৰ ভাৰ লৈ পথাৰৰ পৰা বিদায় লৈ সৰু আলিটোৰে ঘৰলৈ গুচি যায়গৈ। কৃষকজন গুচি যােৱাৰ লগে লগেই যেন তেওঁৰ পাছে পাচে গুচি যায়। আঘােণৰ সােণবৰণীয়া ৰ’দ, খেৰৰ চুবুৰি, বাঁহ-বননিৰ কেঁচা আলিটো আৰু পথাৰত গান গাই থকা চৰাইজাক; অর্থাৎ কৃষকজন যােৱাৰ সময়তেই আঘােণৰ ৰ’দ আঁতৰি সন্ধিয়া নামে; সন্ধিয়াৰ এন্ধাৰত খেৰৰ চুবুৰি, বাঁহ-বননি, কেঁচা আলিবাটবােৰ নেদেখা হৈ পৰে। পথাৰত নানা ধৰণে কলাই থকা চৰাইজাকো নিজৰ বাহলৈ উৰি গুচি যায়। কবিয়ে এই দৃশ্যক এক কৰুণ তথা বেদনাদায়ক বিদায় বুলি অনুভৱ কৰিছে; কিয়নাে কৃষকজন হয়তাে পুনৰ আঘােণৰ সােণবৰণীয়া পথাৰলৈ ঘূৰি নাহিবও পাৰে, তেতিয়া তেওঁৰ পাছে পাছে যােৱা বাকীবােৰৰ উভতি নাহিব নেকি বুলি তেওঁ অন্তত এক কৰুণ বেদনা অনুভৱ কৰিছে।


Q. 3 | মর্মান্তিক’ নামৰ কবিতাটিত গাঁৱলীয়া কৃষি জীৱনৰ চিত্র কেনেদৰে প্ৰকাশিত হৈছে আলোচনা কৰা ।

উত্তৰঃ 'মর্মান্তিক’ কবিতাটিত গ্রাম্য জীৱনধাৰা আৰু কৃষি অর্থনীতি পতনৰ সংশয়ে কবিৰ মনত জগাই তোলা কাৰুণ্য প্রকাশ পাইছে ।

কবিতাটোত বর্ণিত ছবিখন অসমৰ গাঁৱলীয়া কৃষিজীৱি সমাজৰ ছবি ৷ পথাৰ, পথাৰৰ কেঁচা আলি, কৃষকৰ মূৰৰ জাপি, কান্ধত ডাঙৰিৰ ভাৰ, খেৰৰ চুবুৰি, বাঁহ-বননি, গান গোৱা চৰাইৰ জাক আদি উপাদানেৰে সমৃদ্ধ গাঁও এখনৰ বৰ্ণনাৰ মাজত কবিৰ প্ৰাকৃতিক সৌন্দর্যপিয়াসী মনটো সুন্দৰভাৱে পৰিস্ফুট হৈছে।

কবিতাটোত অংকিত পথাৰখন সোণবৰণীয়া ধানেৰে ভৰি থকা আঘোণৰ পথাৰ। আঘোণ মানেই অসমীয়া লোকজীৱনৰ আশাৰ সময়, আঘোণৰ সোণোৱালী পথাৰে কৃষকক হাতবাউলি মাতে৷ পুৱাৰ পৰা সন্ধিয়ালৈকে ধান কটা, ডাঙৰি বন্ধা কত যে কাম পথাৰত৷ এনে সময়ত দিনটো তেওঁৰ লগত থাকে সোণবৰণীয়া ৰ’দ, গান গোৱা চৰাইজাক। বেলি লহিওৱাৰ পৰত অর্থাৎ নির্দিষ্ট সময়ত কাম সামৰি পথাৰৰ কেঁচা আলিয়েদি কান্ধত ডাঙৰি বান্ধি কৃষকে প্রস্থান কৰে। তেওঁৰ লগত নেদেখা হয় সোণবৰণীয়া ৰ’দ গান গোৱা চৰাইজাকো সেই সময়তে নীড়মুখী হয়। দিনটো উখল-মাখল হৈ থকা চুবুৰিটোৰ খেৰৰ পঁজাবোৰ সন্ধিয়া নিজম হৈ পৰে৷ এয়া কৃষিপ্রধান সমাজৰ পৰিচিত দৃশ্য। যিদৰে কৃষকে কান্ধত লৈ যোৱা ডাঙৰিৰ জিবিক মাতৰ ছন্দ বহু সময়লৈ মানুহৰ কাণত অণুৰণিত হৈ থাকে একেদৰে মানুহৰ মনৰ পৰা সহজে মচ নাখায় এই সমগ্র দৃশ্যাবলী। পিছদিনা পুৱাই যেন পুনৰাবৃত্তি হ’ব সেই একেই দৃশ্যৰ ৷

এনে সম্ভাৱনাক লৈ কিন্তু কবিমন শংকিত। কেঁচা আলিৰে কৃষকে অহা-যোৱা কৰে। কেঁচা আলি অস্থায়ী, ক্ষন্তেকতে ইয়াৰ চিন- মোকাম নোহোৱা হ’ব পাৰে। আলিয়েই যদি নাথাকে কৃষক কোনটো বাটেৰে উভতি আহিব?

কৃষকৰ পথাৰৰ পৰা প্ৰস্থানৰ ঘটনা একেবাৰে সাধাৰণ হ’লেও কবিয়ে তাক প্রতীকী অৰ্থতহে ব্যৱহাৰ কৰিছে। কবিয়ে যিজন কৃষকক কবিতাটোত স্থান দিছে তেওঁ দৰাচলতে সমগ্ৰ কৃষি যুগৰ প্ৰতীক। কবিৰ সংশয় উপজিছে যে নির্দিষ্ট সময়ত কৃষকে পথাৰৰ পৰা প্রস্থান কৰাৰ দৰে কৃষিজীৱী সমাজ বা কৃষি যুগো যেন নাইকিয়া হ’ব। সময়ৰ লগে লগে সমাজ জীৱনৰো পৰিৱৰ্তন হয়। অসমীয়া সমাজ জীৱনলৈও যেন আগমন ঘটিব শিল্প অৰ্থনীতিৰ। শিল্প সভ্যতাৰ উত্থানে যেন কঢ়িয়াই আনিব কৃষি অর্থনীতিৰ বিদায়। কৃষিৰ লগত জড়িত গাঁৱলীয়া সমাজৰ ছন্দোময় গতি যেন স্থৱিৰ হৈ পৰিব। প্ৰাণ-প্রাচুর্যময় লোক জীৱনক যেন গ্ৰাস কৰিব আধুনিক যন্ত্র যুগে।

    এইদৰে বিচাৰ বিশ্লেষণ কৰি আমি এটা কথাত উপনীত হব পাৰো যে মর্মান্তিক কবিতাটোত গাঁৱলীয়া কৃষি জীৱনৰ চিত্র সুন্দৰ স্বৰুপে প্রকাশিত হৈছে ।

Q. 4 | মর্মান্তিক’ কবিতাত কবি হৃদয়ৰ কাৰুণ্যবোধৰ ছবি কেনেধৰণে ব্যঞ্জিত হৈছে বুজাই লিখা।

উত্তৰঃ বেলি ভটিয়াই যোৱাৰ সময়ত খেতিয়ক ঘৰলৈ ওভতে। ঘৰলৈ ওভতা খেতিয়কে বুকুত সামৰি লৈ আহে ভৱিষ্যতৰ ৰং, আশা, আনন্দ। গভীৰ আন্তৰিকতা আৰু মৰম জড়িত হৈ থকা আমাৰ অতীতৰ গঞা সমাজ জীৱনক নগৰীয়া সভ্যতাই গ্ৰাস কৰি পেলোৱাত কবি দুখতে ম্রিয়মান হৈছে। গাওঁলীয়া সমাজ ব্যৱস্থাৰ প্ৰতীক খেতিয়কজন বেলি লহিওৱাৰ পৰত মূৰত জাপি আৰু কান্ধত মেটমৰা ডাঙৰিৰ সৈতে পথাৰৰ বঁকিয়াই দি ওলাই গৈছে অন্ধকাৰৰ মাজলৈ। সেয়া যেন সাধাৰণ মানুহৰো বৰ্ণময় অনুভূতি। কিন্তু সূৰ্য্যাস্তৰ লগে লগে সেই অনুভূতি সমূহ হেৰাই যাব বুলি কবিৰ শংকা হৈছে।


Q. 5 | তাৎপর্য ব্যাখ্যা কৰা

( i )  “তেওঁৰ পাছে পাছে গ’লগৈ 

আঘোণৰ সোণবৰণীয়া ৰ’দ 

খেৰৰ চুবুৰীটো, বাঁহ বননিৰ 

কেঁচা আলিটো আৰু গান গোৱা চৰাইজাক।”

উত্তৰঃ উক্ত কবিতাফাকি আমাৰ পাঠপুথিৰ অন্তৰ্গত ড° নিৰ্মলপ্ৰভা বৰদলৈ ৰচিত ‘মৰ্মান্তিক’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

অসমীয়া জীৱনধাৰা তথা গ্ৰাম্য পৰিৱেশৰ প্ৰতি গভীৰ আকুলতাৰ প্ৰকাশ আৰু পৰিস্থিতিৰ পৰিৱৰ্তনৰ কথা প্ৰকাশ কৰিবলৈকে কবিতাফাকিৰ অৱতাৰণা কৰা হৈছে।

কবিতাটোত বৰ্ণনা কৰা এজন খেতিয়কে মূৰত জাপি লোৱা, কান্ধত দুটা মেটমৰা ডাঙৰি লৈ পথাৰৰ বঁকিয়াইদি পথাৰৰ পৰা ওলাই যোৱা চিত্র অংকিত হৈছে। খেতিয়কজনৰ এই প্ৰস্থান অতি স্বাভাৱিক, ক’বলৈ গ’লেই এজন খেতিয়কৰ নিত্য পৰিক্ৰমা, নিত্য ঘটনা। কিয়নো দিনভৰ কাম কৰি এজন খেতিয়কে বেলি লহিওৱাৰ পৰত সদায়েই ঘৰলৈ উভতি আহে। সেয়েহে খেতিয়কজনৰ এনেকুৱা সাময়িক প্রস্থানতে দুঃখ কৰিবলগীয়া একো নাই। কিন্তু ইয়াৰ পাছত কবিয়ে কিছুমান শব্দ আৰু বাক্যৰ জৰিয়তে যি প্রতীকী ব্যঞ্জনা কবিতাটোত উল্লেখ কৰিছে, সেয়াই কবিতাটিৰ মূলভাৱক চমৎকাৰিত্ব প্ৰদান কৰিছে।


( ii ) কোনে জানে

তেওঁ আৰু

এই জন্মত

উভতি আহিবনে নাহে?

উত্তৰঃ উক্ত কবিতাফাকি আমাৰ পাঠপুথিৰ অন্তৰ্গত ড° নিৰ্মলপ্ৰভা বৰদলৈ ৰচিত ‘মৰ্মান্তিক’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

‘মর্মান্তিক’ কবিতাটিত পথাৰৰ আলিয়েদি কান্ধত মেটমৰা ধানৰ ডাঙৰি লৈ জিৰিক জিৰিক শব্দ কৰি কৃষকজন আঁতৰি যােৱাৰ লগে লগেই কবিতাৰ কাহিনীৰ অৱসান ঘটা নাই। তেওঁৰ পাছে পাছে আঘােণৰ সােণােৱালী ৰ’দ, খেৰৰ চুবুৰিটো, বাঁহ-বননিৰ কেঁচা আলিটো আৰু গান গােৱা চৰাইজাক লাহে লাহে আঁতৰি গৈছে। একেলগে ইমানবােৰ বস্তু আৰু প্রাণী আঁতৰি যােৱা কথাটোৱে স্বাভাৱিকতেই আমাক মনত আঘাত কৰে। কাৰণ জীৱনৰ প্রাচুর্য যেতিয়া বেলি লহিওৱাৰ পৰত জিৰিক জিৰিক মাতেৰে অর্থাৎ বিশেষ ভঙ্গিমাতে অস্থায়ী কেঁচা আলিয়েদি আতৰি যায়— তেতিয়া আৰু মানুহৰ জীৱনত খলকনি তােলাৰ আনন্দ নাথাকে। গতিকে কবিৰ শংকা অমূলক নহয়। সেয়ে তেওঁ কৈছে, “কোনে জানে তেওঁ আৰু এই জন্মত উভতি আহিবনে নাহে।” এনে সংশয় আৰু বিচ্ছিন্নতাবােধৰ গভীৰ বেদনাই কবিতাটি কাৰুণ্যৰে পৰিপূৰ্ণ কৰি তুলিছে। কবিতাটিত কৃষক গৰাকী হৈছে এটা যুগৰ প্ৰতীক—— অর্থাৎ ‘তেওঁ শব্দই কেৱল এগৰাকী বিশেষ কৃষকক নুবুজাই সমগ্র কৃষি যুগটোকে বুজাইছে। কৃষি যুগৰ অৱসানৰ লগে, লগেই এটা নতুন শিল্প যুগৰ আগমন ঘটিব আৰু কেঁচা আলিবাট, খেৰৰ চুবুৰি বাঁহ-বননিৰ অবসান ঘটিব। কৃষি যুগ পুনৰ উভতি আহিবনে নাহে – এই প্রশ্ন কবিৰ মনত জাগিছে।


ভাষা বিষয়ক :

Q. 6 | বাক্য ৰচনা কৰা

জিৰিক্ জিৰিক্, থম্ থম্, খেক্ খেক্, টং টং।

জিৰিক্ জিৰিক্ : আঘোণৰ পথাৰৰ ডাঙৰিৰ জিৰিক জিৰিক মাতে প্রাণ ভৰাই তোলে।

থম্ থম্ঃ থম্ থম্ চেহেৰাৰে মাতৃহাৰা ৰীমাক দেখি আজি বৰ বেয়া লাগিল ।


শব্দার্থ আৰু টোকা 

মর্মান্তিক → গভীৰ বেদনাদায়ক; মর্মস্পর্শী।

বকিয়া →কৰা আলি; পথাৰৰ পানী ৰখাৰ লগতে মানুহ যাব পৰাকৈ বন্ধা সৰু আলি।

মেটমৰা → বহু বস্তু ঠাহ খাই থকা; বৰ গধুৰ; ভাৰ কৰি ল’লে মেট মেট শব্দ

লহিওৱা→ লাহে লাহে অস্ত যাবলৈ ধৰা।



Tags :

  • মর্মান্তিক BA 4th Sem Assamese Question Answer
  • শোভাযাত্ৰাত নিহতজনৰ কবিতা
  • শোভাযাত্ৰাত নিহতজনৰ কবিতা ba 4th sem assamese 
  • Gauhati University BA 4th Sem Assamese Model Questions Answer
  • GU BA 4th Sem Assamese Model Solution
  • Ba 4th sem assamese question paper
  • BA 4th Sem Assamese Question Answer
  • ba 4th sem assamese book pdf
  • GU BA 4th Sem Assamese Question Answer
  • Gauhati University BA 4th Sem Assamese Question Answer
  • GU TDC 4th Sem Assamese Question Answer
  • GU TDC 4th Sem Assamese Notes
  • GU TDC 4th Sem Assamese Model Solution