Follow Us:

কিশোৰ মনোবিজ্ঞানৰ পৰিচয় | BA 2nd Sem Education General Question Answer | BA 2nd Sem Education Question Answer [Major & General] Gauhati University

LearningPointAssam.com

কিশোৰ মনোবিজ্ঞানৰ পৰিচয় | Gauhati University BA 2nd Sem Education Model Questions Answer | GU BA 2nd Sem Education Generic & General Model Solution | BA 2nd Sem Education General Question Answer | BA 2nd Sem Education HG & General Question Answer | BA 2nd Sem Education Question Answer [Major & General] Gauhati University

Education Notes & Guide Available here কিশোৰ মনোবিজ্ঞানৰ পৰিচয় Model Solution to each Unit are provided in the list of UG - CBCS Syllabus. We design all notes according to Guwahati University so that you can easily browse through BA 2nd Sem Education Question Answer [Major & General] and University Guides and Notes here. কৈশোৰ মনোবিজ্ঞানৰ পৰিচয় Question Answer Can be very useful to excel in examinations.

BA 2nd Sem Education General Question Answer

BA Education কৈশোৰ মনোবিজ্ঞানৰ পৰিচয় Notes covers all the practice questions of Guwahati University syllabus. BA 2nd Sem Education General Question Answer is given here which ensures smooth and easy understanding of all the concepts.  Understand the concepts behind each unit and score well in board exams.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 1 

কৈশোৰ মনোবিজ্ঞানৰ পৰিচয় — ALL Important Question & Answers

GU BA 2nd Sem Education (Generic & Regular Course) EDU-HG-2016 / EDU-RC-2016 Questions & Answer :


CONTENTS 

কৈশোৰ মনোবিজ্ঞানৰ পৰিচয় 
Model Question and Answer key






EDU-HG-2016 / EDU-RC-2016


প্ৰশ্নাৱলীঃ

কৈশোৰ মনোবিজ্ঞানৰ পৰিচয় BA 2nd Sem Education General Question Answer 

তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়াঃ Mark — 1

Q. 1 | মানৱ জীৱনৰ কোনছোৱা কালক ৰূপান্তৰকাল বুলি অভিহিত কৰিব পাৰি ?

উত্তৰঃ কৈশোৰ কালক ।

Q. 2 | বাল্যকাল আৰু প্ৰাপ্তবয়স্ক কালৰ মাজৰ স্তৰটোৰ নাম কি ?

উত্তৰঃ বাল্যকাল আৰু প্ৰাপ্তবয়স্ক কালৰ মাজৰ স্তৰটোৰ হ'ল কৈশোৰ কাল ।

Q. 3 | ''কৈশোৰ কাল ধুমুহা আৰু পীড়নৰ সময়''-কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ ''কৈশোৰ কাল ধুমুহা আৰু পীড়নৰ সময়''-কথাষাৰ মনোবিজ্ঞানী ষ্টেনলি হ'লে কৈছিল । 

Q. 4 | মানৱ জীৱনৰ বিকাশ ১২-১৮ বছৰৰ ভিতৰত পৰা স্তৰটোৰ নাম লিখা ।

উত্তৰঃ মানৱ জীৱনৰ বিকাশ ১২-১৮ বছৰৰ ভিতৰত পৰা স্তৰটোৰ নাম হ'ল কৈশোৰ কাল ।

Q. 5 | কৈশোৰ কালৰ এটা লক্ষ্য উল্লেখ কৰা । 

উত্তৰঃ কৈশোৰ কালৰ এটা লক্ষ্য হ'ল- (১) সামাজিক সচেতনতা বৃদ্ধি ।

Q. 6 | কৈশোৰ কাল অধ্যয়নৰ এটা পদ্ধতিৰ নাম লিখা ৷

উত্তৰঃ কৈশোৰ অধ্যয়নৰ এটা পদ্ধতি নাম হ'ল - (১) প্ৰশ্নাৱলী পদ্ধতি ।

Q. 7 | কৈশোৰ কালৰ এটা সংজ্ঞা দিয়া।

উত্তৰঃ কৈশোৰ কালৰ এটা সংজ্ঞা হ'ল- (১) মনোবিদ কোলে (Cole) ৰ মতে , ''দেহৰ সকলো পদ্ধতিৰ বৃদ্ধিৰ কালেই কৈশোৰ কাল'' ।


Read Also : দৈহিক আৰু মানসিক বিকাশ BA 2nd Sem Education Question Answer


কিশোৰ মনোবিজ্ঞানৰ পৰিচয় BA 2nd Sem Education HG & General Question Answer 

তলৰ প্ৰশ্নসমূহ শুদ্ধ নে অশুদ্ধ লিখাঃ Mark — 1

Q. 1| কৈশোৰ কাল হ'ল স্ব-ৰতিমূলক । 

উত্তৰঃ 


Q. 2 | পৰনিৰ্ভশীলতা কৈশোৰ কালৰ বৈশিষ্ট্যসমূহৰ ভিতৰত এটা ।

উত্তৰঃ অশুদ্ধ ।

Q. 3 | দলানুগত্য হ'ল কৈশোৰ কালৰ এক বৈশিষ্ট্য ।

উত্তৰঃ অশুদ্ধ ।

Q. 4 | কৈশোৰ কালত সমকামিতাৰ সময়।

উত্তৰঃ 



কিশোৰ মনোবিজ্ঞানৰ পৰিচয় BA 2nd Sem Education HG & General Question Answer 

খালী ঠাই পূৰ কৰা (Fill in the blanks) Mark — 1

(i) কৈশোৰ কাল হ'ল _____ অৱস্থান্তৰ প্ৰাপ্তিৰ সময় ।


উত্তৰঃ 


(ii) কৈশোৰ শব্দটো লেটিন ভাষাৰ _____ শব্দৰ পৰা আহিছে ।

উত্তৰঃ 

(iii) জ্য়া পিয়াজেৰ মতে কৈশোৰ কাল হ'ল_____ স্তৰ আৰম্ভণিৰ সময় ।

উত্তৰঃ 

(iv) কৈশোৰ কাল হ'ল আত্ম____ আৰু আত্মা_____ সময় ।

উত্তৰঃ 

(v) কৈশোৰ কাল হ'ল_____ পৰিৱৰ্তনৰ সময় ।

 উত্তৰঃ দ্ৰুত ।

(vi)_____ মতে, কৈশোৰ কাল হ'ল জীৱনৰ এক গঠনাত্মক পৰ্যায় ।

উত্তৰঃ ৰু'চোৰ ।



কিশোৰ মনোবিজ্ঞানৰ পৰিচয় BA 2nd Sem Education Question Answer [Major & General]

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 2/3

Q. 1 | কৈশোৰ কালৰ যিকোনো দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ কৈশোৰ কালৰ যিকোনো দুটা বৈশিষ্ট্য হ'ল —

( i ) দ্ৰুত দৈহিক বিকাশ ।

( ii ) মানসিক বিকাশ ।

Q. 2 | কৈশোৰ আচৰণ অধ্যয়ণৰ প্ৰয়োজনীয়তাৰ দুটা কাৰণ লিখা ।

উত্তৰঃ কৈশোৰ আচৰণ অধ্যয়ণৰ প্ৰয়োজনায়তাৰ দুটা কাৰণ হ'ল-

(১) জীৱনৰ এক গুৰুত্বপূৰ্ণ সময় ।

(২) অৱস্থান্তৰ প্ৰাপ্তি কাল ।

Q. 3 | কৈশোৰ কালৰ দুটা লক্ষ্য লিখা ।

উত্তৰঃ কৈশোৰ কালৰ দুটা লক্ষ্য হ'ল—

( i ) আত্মসন্মান আৰু আত্মমৰ্যদা ।

( ii ) আত্ম-নিৰ্ভৰশীলতা । 

Q. 4 | কৈশোৰ কালৰ ধাৰণাৰ বিষয়ে লিখা ।

উত্তৰঃ 


Q. 5 | যৌৱনাৰম্ভ বুলিলে কি বুজা ?

উত্তৰঃ যৌৱনাৰম্ভ হ'ল এক পৰ্যায় য'ত ব্যক্তিয়ে যৌন ক্ষমতা লাভ কৰে । সাধাৰণভাৱে চালে এই পৰ্যায়ত ল'ৰা-ছোৱালীৰ দৈহিক পৰিৱৰ্তন দ্ৰুত হয় । এই সময়ছোৱাত ল'ৰা-ছোৱালীৰ যৌনাংগৰ পৈণতাপ্ৰাপ্তি হয় আৰু জৈৱিক প্ৰজননিক ক্ষমতা সিহঁতে লাভ কৰি উঠে ।

Q. 6 | বীৰপূজা মানে কি ?

উত্তৰঃ বীৰপূজা মানে হ'ল- কৈশোৰ কালত প্ৰত্য়ক ল'ৰা-ছোৱালীয়ে কোনোবা ব্য়ক্তিক আৰ্দশ হিচাপে লৈ তেওঁক মনেৰে প্ৰশংসা আৰু শ্ৰদ্ধা কৰিবলৈ আৰম্ভ কৰে ।

Q. 7 | কৈশোৰ কালত কিশোৰ - কিশোৰীৰ মাজত পৰিলক্ষিত হোৱা নৈতিক পৰিৱৰ্তন সমূহ ফঁহিয়াই লিখা ।

উত্তৰঃ কৈশোৰ কালছোৱাত মানুহৰ নিজস্ব মতাদর্শ গঢ়ি উঠে আৰু নৈতিক ক্ষেত্ৰত কিছু পৰিমাণে তাৰ প্ৰভাৱ পৰে । ধৰ্মৰ প্ৰতি , দৰ্শনৰ প্ৰতি বা জীৱনৰ লক্ষ্য উদ্দেশ্যৰ প্ৰতি উৎকণ্ঠা জাগি উঠে আৰু তাৰেই ফলস্বৰূপে মানসিক দ্বন্দৰো সৃষ্টি হ'ব পাৰে । কৈশোৰকালত সমাজ চেতনাৰ লগতে গঢ়ি উঠেট নিঃস্বার্থ মনোভাৱ । যাৰ ফলত কিশোৰে নতুন সমাজ গঢ়াৰ সপোনত নৈতিকতাৰ এনে বিকাশে সামাজিক দায়বদ্ধতা , দেশপ্রেম বা বিশ্বপ্ৰেমৰ ভাৱৰ উন্মেষ হোৱাত সহায় কৰে ।


কিশোৰ মনোবিজ্ঞানৰ পৰিচয় BA 2nd Sem Education Question Answer [Major & General]

চমুটোকা লিখাঃ Mark — 4/5/6

Q. 1 | কিশোৰ - সংস্কৃতি কি ?

উত্তৰঃ কৈশোৰ কালৰ সামাজিক বিকাশ এক লেখত ল'বলগীয়া বিষয় । দলীয় মনোভাবৰ লগতে সহমর্মিতাৰ উন্মেষ হয় এই কালছোৱাত । সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাৱ পঢ়ি উঠে । সমনীয়াৰ সৈতে হোৱা প্ৰতিযোগিতা সহযোগিতাৰ অন্তৰালত গঢ়ি উঠে এক উপ - সংস্কৃতি যাক কিশোৰ - সংস্কৃতি বুলি অভিহিত কৰা হয় । কিশোৰ অৱস্থাৰ চা - চলন , সাজ - পাৰ , বাকৃভংগী , ধ্যান - ধাৰণা ৷ আনকি ৰাজনৈতিক মতাদর্শ আদিতো কৈশোৰ সংস্কৃতিয়ে যথেষ্ট প্রভাৱ পেলোৱা দেখা যায় ।

Q. 2 | কৈশোৰ কাল দ্ৰুত পৰিবৰ্তনৰ সময় ।

উত্তৰঃ কৈশোৰ কাল হ'ল দ্ৰুত পৰিবৰ্তনৰ সময় । দৈহিক পৰিবৰ্তনৰ দ্ৰুততা মনোভাৱ আৰু আচৰণতো পৰিলক্ষিত হয় । দ্ৰুত পৰিবৰ্তনে কিশোৰ-কিশোৰীৰ আচৰণক প্ৰভাৱিত কৰে । সেয়েহে পৰিবৰ্তনে কিদৰে সিহঁতৰ আচৰণক প্ৰভাৱিত কৰিলে তাক জনাৰ বাবে সিহঁতৰ আচৰণ অধ্যয়ণ কৰা প্ৰয়োজন । কৈশোৰ কালত দ্ৰুত পৰিবৰ্তন সংঘটিত হোৱা কেইটামান ক্ষেত্ৰ হ'ল—

( i ) দ্ৰুত পৰিবৰ্তন সংঘটিত হোৱা কৈশোৰকালৰ এক ক্ষেত্ৰ হ'ল আৱেগিক দিশ । এই সময়ছোৱাত যুৱক-যুৱতীৰ মনত আৱেগ-অনুভূতিৰ পয়োভৰ হয় । 

( ii ) যৌন গ্ৰন্থিৰ দ্ৰুত বিকাশে কিশোৰ-কিশোৰীসকলক এই স্তৰত বিভ্ৰান্ত কৰি তোলে । তেওঁলোকে এই সময়ছোৱাত প্ৰজননিক ক্ষমতা লাভ কৰি উঠে ।

(iii) কিশোৰ-কিশোৰীসকলৰ আগ্ৰহ আৰু সমাজত গ্ৰহণ কৰিবলগীয়া ভূমিকাও সিহঁতক সমস্য়াৰ সন্মুখীন কৰায় । এই সমস্য়া সমাধান কৰাটো এক জটিল কাম ।

(iv) আগ্ৰহ আৰু আচৰণৰ পৰিবৰ্তনে কিশোৰ-কিশোৰীৰ মূল্য়বোধৰো পৰিবৰ্তন কৰায় । বাল্য়কালৰ গুৰুত্বপূৰ্ণ মূল্য়বোধবোৰ কৈশোৰ কালৰ বাবে গুৰুত্বপূৰ্ণ নহয় ।

Q. 3 | কৈশোৰৰ কালছোৱাৰ প্ৰয়োজন ।

উত্তৰঃ কৈশোৰ কালছোৱাত ল'ৰা-ছোলালীয়ে পূৰ্বতে নোপোৱা কেতবোৰ নতুন দেহ-মানসিক তাড়না অনুভৱ কৰে । এই তাড়নাৰ বাবেই কৈশোৰ কালত ল'ৰা-ছোৱালীৰ প্ৰয়োজন বা চাহিদা বৃদ্ধি পায় । কৈশোৰ কালৰ কেতবোৰ প্ৰয়োজন হ'ল-

( i ) দৈহিক প্ৰয়োজন : কিশোৰ-কিশোৰীৰ দৈহিক বৰ্ধনৰ বাবে এই কালছোৱাত খাদ্য়ৰ প্ৰয়োজন হয় । ইয়াৰ উপৰিও দেহৰ গঠন সুন্দৰ আৰু আকৰ্ষণীয় কৰি তুলিবৰ বাবে অংগ-প্ৰত্যংগৰ কৰ্মদক্ষতা বৃদ্ধি কৰিবৰ বাবে কিশোৰ-কিশোৰীক শৰীৰ-চৰ্চাৰ প্ৰয়োজন ।

( ii ) সামাজিক প্ৰয়োজন : এই কালছোলৱাত ল'ৰা-ছোৱালীয়ে সামাজিক স্বীকৃতি বিচাৰে আৰু সমাজৰ এজন সদস্য হিচাপে কাৰ্য নিৰ্বাহ কৰিব বিচাৰে । সমাজত নিজৰ স্থান, স্বীকৃতি, প্ৰশংসা, অধিকাৰ, দায়িত্ব আদি পালনৰ প্ৰয়োজন কিশোৰ-কিশোৰীয়ে অনুভৱ কৰে ।

( iii ) যৌন তৃপ্তিৰ প্ৰয়োজন : এই সময়ছোৱাত সুপ্ত হৈ থকা যৌনভাৱৰ বিকাশ হয় আৰু সেয়েহে কিশোৰ-কিশোৰীৰ মনত যৌন ভাৱৰ উদ্ৰেক হয় । বিপৰীত লিংগৰ মনোগ্ৰাহী ব্যক্তিৰ প্ৰতি অনুভৱ কৰা যৌন আকৰ্ষণৰ বাবে ল'ৰা-ছোৱালী পৰস্পৰৰ প্ৰতি অধিক আকৃষ্ট হয় ।

( iv )বৌদ্ধিক প্ৰয়োজন : এই সময়ছোৱাত ল'ৰা-ছোৱালীৰ মানসিক শক্তি ক্ষমতাবোৰৰ পৈণতা লাভৰ বাবে বৌদ্ধিক প্ৰয়োজন অনুভৱ কৰা হয় । ল'ৰা-ছোৱালীৰে চিন্তা, যুক্তি সমস্যা সামাধান ক্ষমতা, কল্পনা শক্তি, বোধশক্তি, বুদ্ধি, সৃজনশীলতা আদি গঠনাত্মক বিকাশৰ প্ৰয়োজন হয় ।

( v ) স্বাধীনতাৰ প্ৰয়োজন : কৈশোৰ কালত হোৱা দেহ-মানসিক পৰিবৰ্তনৰ ফলস্বৰূপে ল'ৰা-ছোৱালীবোৰে স্বাধীন হ'বলৈ বিচাৰে । ঘৰুৱা আৰু বিদ্য়ালয়ৰ বন্ধনৰ পৰা মুক্ত হৈ এজন সামাজিক ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰে ।

( vi ) জীৱন-দৰ্শনৰ প্ৰয়োজন :  এই কালছোৱাত ল'ৰা-ছোৱালী জীৱনৰ অৰ্থ, প্ৰয়োজন, সৃষ্টিৰ ৰহস্য আদিৰ প্ৰতি কৌতুহলী হৈ থাকে । এই কৌতুহলৰ ভিত্তিত তেওঁলোকে নিজৰ জীৱন দৰ্শন গঢ় দি তুলিবলৈ বিচাৰে ।

( vii ) আত্ম-নিৰ্ভৰশীলতাৰ প্ৰয়োজন : এই সময়ছোৱাত ল'ৰা-ছোৱালীয়ে অৰ্থনৈতিক স্বাৱলম্বিতা লাভৰ বাবে প্ৰয়োজন অনুভৱ কৰে । ভৱিষতে কেনেকৈ স্বাধীনভাৱে উপাৰ্জন কৰিব পাৰিব, কেনেকৈ আত্মনিৰ্ভৰশীল হ'ব পাৰিব আদিৰ বিষয়ে কিশোৰ-কিশোৰীয়ে চিন্তা কৰে । 

( viii ) নৈতিক প্ৰয়োজন : কৈশোৰ কালত ল'ৰা-ছোৱালীবোৰ ভাল-বেয়া, উচিত-অনুচিত, শুদ্ধ-অশুদ্ধ আদি দিশবোৰৰ প্ৰতি সচেতন হৈ উঠে । ইয়াৰ আগৰ সময়ছোৱাত এই নৈতিক দিশবোৰৰ প্ৰতি ল'ৰা-ছোৱালী সচেতন হৈ নাথাকে ।

Q. 4 | কৈশোৰ অধ্যয়ণৰ পদ্ধতি ।

উত্তৰঃ (১) পৰ্যবেক্ষণ পদ্ধতি : পৰ্যবেক্ষণ পদ্ধতিৰে কিশোৰ-কিশোৰীৰ আচৰণ কৰা হয় যদিও এই পদ্ধতি সুবিধাজনক নহয় কিয়নো কিশোৰ-কিশোৰীয়ে তেওঁলোকৰ কাৰ্য কলাপবোৰ গোপনে ৰাখিবলৈ প্ৰয়াস কৰে । 

(২) প্ৰশ্নাৱলী পদ্ধতি : কিশোৰ-কিশোৰীৰ আচৰণ অধ্যয়ণ কৰিবৰ বাবে প্ৰশ্নাৱলী পদ্ধতি ব্যৱহাৰ কৰা হয় যদিও এই পদ্ধতিও সম্পূৰ্ণ সুবিধাজনক নহয় । যেতিয়া তেওঁলোকক প্ৰশ্নাৱলীত লিখিতভাৱে প্ৰতিক্ৰিয়া প্ৰদান কৰিবলৈ দিয়া হয় তেতিয়া সিহঁতে যিবোৰ উত্তৰ দিলে নিজক সদৰ্থকভাৱে উপস্থাপন কৰিব পাৰে তেনে উত্তৰহে প্ৰদান কৰে সেয়া উত্তৰ অসত্যও হ'ব পাৰে ।

(৩) মনো-বিশ্লেষণ পদ্ধতি :  এই পদ্ধতিৰে কিশোৰ-কিশোৰীৰ সমস্যাবোৰ অধ্যয়ণ কৰা হয় যদিও এই পদ্ধতিও সম্পূৰ্ণ সুবিধাজনক নহয় । এই পদ্ধতি সকলো কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব নোৱাৰি, কেৱল সমস্যা থকা কিশোৰ-কিশোৰীৰ ক্ষেত্ৰতহে এই পদ্ধতি প্ৰয়োগ কৰিব পাৰি ।

(৪) অতীতদৰ্শী প্ৰতিবেদন : এই পদ্ধতিত প্ৰাপ্তবয়স্ক ব্যক্তিসকলক তেওঁলোকৰ কৈশোৰ কালৰ বিষয়ে প্ৰশ্ন সোধা হয় । পৰিপক্ক প্ৰাপ্তবয়স্ক ব্যক্তিসকলে শুদ্ধভাৱে নিজৰ কিশোৰ কালৰ তথ্য প্ৰকাশ কৰাত শংকাবোধ নকৰে ।

(৫) কিশোৰ-কিশোৰীৰ দিনপঞ্জী : কিশোৰ-কিশোৰীসকলে দিনপঞ্জীত মুক্তভাৱে নিজৰ মতামত লিপিবদ্ধ কৰে । অন্য় মানুহে এই দিনপঞ্জী নপঢ়ে বাবে তেওঁলোকে শংকাহীনভাৱে এই কাৰ্য সম্পাদন কৰে । দিনৰঞ্জী লিখাৰ সময়ত তেওঁলোকৰ স্মৃতিশক্তিও শক্তিশালী হৈ থাকে ।

(৬) শিক্ষক, চিকিৎসক আৰু ক্ৰিয়া সংগঠকে প্ৰদান কৰা তথ্য় : কিশোৰ-কিশোৰীৰ আচৰণ অধ্যয়ণ কৰাত শিক্ষক, চিকিৎক আৰু ক্ৰিয়া সংগঠনসকলে কিছু পৰিমাণে বৰঙণি আগবঢ়ায় । কিয়নো এই লোকসকল প্ৰত্যক্ষ বা পৰোক্ষভাৱে কিশোৰ-কিশোৰীৰ লগত জড়িত হৈ থাকে ।

Q. 5 | কৈশোৰৰ জ্ঞানমূলক অৱস্থান্তৰ!

উত্তৰঃ কৈশোৰ কালৰ অৱস্থান্তৰৰ দ্বিতীয় দিশটো হ'ল জ্ঞানমূলক । শিশুৰ তুলনাত কিশোৰ-কিশোৰীয়ে অধিক উন্নতভাৱে , ফলপ্ৰসূভাৱে আৰু জটিলভাৱে চিন্তা কৰিব পাৰে । ইয়াক পাঁচটা দিশেৰে বিশ্লেষণ কৰিব পাৰি । 

            প্ৰথমতে, শিশুৰ তুলনাত কিশোৰ-কিশোৰীয়ে অধিক উন্নতভাৱে বাস্তৱত কোনটো সম্ভৱ, কোনে এটা কাৰ্যত কি কি সীমাবদ্ধতা আছে, কি কি নতুনত্ব কোনো এটা কাৰ্যত আনিব পাৰি এই বিষয়ে চিন্তা কৰিব পাৰে । এই সময়ছোৱাত নিজ বিচাৰ-বিবেচনা, যুক্তি-তৰ্ক প্ৰয়োগ কৰিব পৰা ক্ষমতা বৃদ্ধি পায় । 

        দ্বিতীয়তে, কৈশোৰ কালত ল'ৰা-ছোৱালীয়ে বিমূৰ্ত ধাৰণাৰ বিষয়ে চিন্তা কৰা ক্ষমতা বিকশাই তোলে । ল'ৰা-ছোৱালীয়ে অৰ্ন্তদৰ্শন পদ্ধতিৰে সমগ্ৰ বিষয়বস্তুক পৰ্যবেক্ষণ আৰু নিৰীক্ষণ কৰি শিক্ষা আহৰণ কৰিবলৈ সক্ষম হৈ উঠে । তেওঁলোকে বিচাৰ-বিবেচনা আৰু বোধশক্তি প্ৰয়োগ কৰি শিকিবলৈ সক্ষম হয় । এই স্তৰত সিহঁতে ন্য়ায়, সুন্দৰতা, সততা আদি বিমূৰ্ত বিষয়ৰ চিন্তা কৰিব পাৰে  । 

        তৃতীয়তে, কৈশোৰ কালত ল'ৰা-ছোৱালীয়ে সন্মুখীন হোৱা সমস্য়াবোৰ নিজে চিন্তা কৰি আৰু যুক্তিৰ সহায়ত সমাধান কৰিব পৰা হয় । অৰ্থাৎ এই  কালত সিহঁতৰ অন্তঃপ্ৰেক্ষণ আৰু আত্ম-সজাগতা বৃদ্ধি পায় । এই স্তৰত ল'ৰা-ছোৱালীৰ চিন্তা-ভাৱনা শৃংখলাবদ্ধ, বিজ্ঞানসন্মত আৰু পৰীক্ষণমূলক হৈ উঠে ।

            চতুৰ্থতে, শিশুসকলে এটা সময়ত চিন্তা কৰাৰ পৰিৱৰ্তে কিশোৰ-কিশোৰীসকলে এটা সময়তে বিভিন্ন বিষয়ৰ চিন্তা কৰিব পাৰে । সমস্য়াৰ সন্মুখীন আৰু সমাধান ক্ষমতা বৃদ্ধি হয় বাবে ল'ৰা-ছোৱালীৰ এই স্তৰত ভিন্ন বিষয়ৰ চিন্তা একেলগে কৰিব পাৰে ।

               পঞ্চমতে, শিশুসকলে বস্তুক একক হিচাপে চোৱাৰ পৰিৱৰ্তে কিশোৰ-কিশোৰীয়ে প্ৰতিটো বস্তুকে সম্বন্ধসূচক দূষ্টিভংগীৰে বিশ্লেষণ কৰে । 



কিশোৰ মনোবিজ্ঞানৰ পৰিচয় BA 2nd Sem Education General Question Answer 

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 8/10

Q. 1 | কৈশোৰ মনোবিজ্ঞান মানে কি ? ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ কৈশোৰ কাল হৈছে শৈশৱ আৰু প্ৰাপ্তবয়স্কতাৰ মাজত এক গুৰুত্বপূৰ্ণ সম্পর্ক , যাৰ বিশেষত্ব হৈছে গুৰুত্বপূৰ্ণ শাৰীৰিক , মানসিক আৰু সামাজিক পৰিৱৰ্তন । এই পৰিৱৰ্তনবোৰে নতুন বিপদাশংকা বহন কৰে কিন্তু লগতে যুৱ লোকসকলৰ তাৎক্ষণিক আৰু ভৱিষ্যতৰ স্বাস্থ্যক ইতিবাচকভাৱে প্ৰভাৱিত কৰাৰ সুযোগ প্ৰদান কৰে ।

     কিশোৰ মনোবিজ্ঞান কিশোৰমনোবিজ্ঞান হৈছে মনোবিজ্ঞানৰ ক্ষেত্ৰ যি কিশোৰসকলৰ বাবে অনন্য বিষয়বোৰৰ ওপৰত গুৰুত্ব দিয়ে । কৈশোৰ হৈছে উঠা - নমা আৰু দ্ৰুত পৰিৱৰ্তনশীল আগ্ৰহ আৰু আকাংক্ষা , উচ্চ শক্তি , যৌন পৰিপক্কতা , শাৰীৰিক বিকাশ , আৰু সীমিত আৱেগিক অন্তর্দৃষ্টিৰ সময়ই বহুতো আৱেগিক সমস্যা আৰু প্ৰত্যাহ্বানৰ বাবে উৰ্বৰ ভূমি সৃষ্টি কৰে যি পেছাদাৰী হস্তক্ষেপৰ পৰা লাভান্বিত হ'ব পাৰে । এই ক্ষেত্ৰত আগ্ৰহৰ গৱেষণা ক্ষেত্ৰবোৰৰ ভিতৰত আছে কিশোৰৰ বিকাশ ( শাৰীৰিক আৰু জ্ঞানীয় পৰিৱৰ্তন ) , যৌৱন , লিংগ আৰু যৌন বিকাশ , আৰু কিশোৰসকলৰ আৱেগ ।

   কৈশোৰ মনোবিজ্ঞানৰ প্ৰয়োজনীয়তাৰ মূল বিষয় : হৈছে অভিমুখীকৰণ আৰু নিয়ন্ত্রণ , আনন্দ লাভ / দুখ পৰিহাৰ , আত্মসন্মান সুৰক্ষা , আৰু সংলগ্নতাৰ প্ৰয়োজনীয়তা । এইটো যুক্তি দিয়া হয় যে এই প্রয়োজনীয়তাৰ সন্তুষ্টি বা উলংঘনে শিশু আৰু কিশোৰৰ বিকাশত মুখ্য প্রভাৱ পেলায় । মানসিক মৌলিক গৱেষণাৰ পৰা আহৰণ কৰা চাৰিটা মৌলিক মানসিক প্রয়োজনীয়তা উপস্থাপন কৰা হৈছে । এইবোৰ হৈছে অভিমুখীকৰণ আৰু নিয়ন্ত্রণ , আনন্দ লাভ / দুখ পৰিহাৰ , আত্মসন্মান সুৰক্ষা আৰু সংলগ্নতাৰ প্রয়োজনীয়তা । এইটো যুক্তি দিয়া হয় যে এই প্ৰয়োজনীয়তাৰ সন্তুষ্টি বা উলংঘনে শিশু আৰু কিশোৰৰ বিকাশত মুখ্য প্ৰভাৱ পেলায় । শিক্ষাগত আৰু মনোসামাজিক কামৰ বিভিন্ন ক্ষেত্ৰত এই প্রয়োজনীয়তাবোৰ বিবেচনা কৰিবলৈ শিশু আৰু কিশোৰসকলক এক আকাংক্ষিত দিশত বিকাশ কৰাত সহায় কৰাৰ ভাল সুযোগ প্রদান কৰে । এই ধাৰণাটোৰ ব্যৱহাৰ পশ্চিমীয়া সমাজৰ লগতে উন্নয়নশীল দেশসমূহতো সহায়ক ।

Q. 2 | কৈশোৰ কাল কাক বোলে ? এই কালছোৱাত ল'ৰা-ছোৱালীৰ প্ৰয়োজনসমূহ আলোচনা কৰা ।

উত্তৰঃ  জীৱনৰ যিটো কালত শাৰিৰীক পৰিৱৰ্তন হৈ পৈণত প্ৰজনন অৱস্থাপ্ৰাপ্ত হয় , সেইকালছোৱাক কৈশোৰ কাল বোলে। কৈশোৰ কাল সাধাৰণতে ১১ বছৰ পৰা আৰম্ভ হৈ ১৮ বা ১৯ বছৰ পৰ্যন্ত চলি থাকে।

            এই কালছোৱাত ল'ৰা-ছোৱালীৰ প্ৰয়োজনসমূহ হ'ল-

(১) দৈহিক প্ৰয়োজন : কিশোৰ-কিশোৰীৰ দৈহিক বৰ্ধনৰ বাবে এই কালছোৱাত খাদ্য়ৰ প্ৰয়োজন হয় । ইয়াৰ উপৰিও দেহৰ গঠন সুন্দৰ আৰু আকৰ্ষণীয় কৰি তুলিবৰ বাবে অংগ-প্ৰত্যংগৰ কৰ্মদক্ষতা বৃদ্ধি কৰিবৰ বাবে কিশোৰ-কিশোৰীক শৰীৰ-চৰ্চাৰ প্ৰয়োজন ।

(২) সামাজিক প্ৰয়োজন : এই কালছোলৱাত ল'ৰা-ছোৱালীয়ে সামাজিক স্বীকৃতি বিচাৰে আৰু সমাজৰ এজন সদস্য হিচাপে কাৰ্য নিৰ্বাহ কৰিব বিচাৰে । সমাজত নিজৰ স্থান, স্বীকৃতি, প্ৰশংসা, অধিকাৰ, দায়িত্ব আদি পালনৰ প্ৰয়োজন কিশোৰ-কিশোৰীয়ে অনুভৱ কৰে ।

(৩) যৌন তৃপ্তিৰ প্ৰয়োজন : এই সময়ছোৱাত সুপ্ত হৈ থকা যৌনভাৱৰ বিকাশ হয় আৰু সেয়েহে কিশোৰ-কিশোৰীৰ মনত যৌন ভাৱৰ উদ্ৰেক হয় । বিপৰীত লিংগৰ মনোগ্ৰাহী ব্য়ক্তিৰ প্ৰতি অনুভৱ কৰা যৌন আকৰ্ষণৰ বাবে ল'ৰা-ছোৱালী পৰস্পৰৰ প্ৰতি অধিক আকৃষ্ট হয় ।

(৪)বৌদ্ধিক প্ৰয়োজন : এই সময়ছোৱাত ল'ৰা-ছোৱালীৰ মানসিক শক্তি ক্ষমতাবোৰৰ পৈণতা লাভৰ বাবে বৌদ্ধিক প্ৰয়োজন অনুভৱ কৰা হয় । ল'ৰা-ছোৱালীৰে চিন্তা, যুক্তি সমস্যা সামাধান ক্ষমতা, কল্পনা শক্তি, বোধশক্তি, বুদ্ধি, সৃজনশীলতা আদি গঠনাত্মক বিকাশৰ প্ৰয়োজন হয় ।

(৫) স্বাধীনতাৰ প্ৰয়োজন : কৈশোৰ কালত হোৱা দেহ-মানসিক পৰিবৰ্তনৰ ফলস্বৰূপে ল'ৰা-ছোৱালীবোৰে স্বাধীন হ'বলৈ বিচাৰে । ঘৰুৱা আৰু বিদ্যালয়ৰ বন্ধনৰ পৰা মুক্ত হৈ এজন সামাজিক ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰে ।

(৬) জীৱন-দৰ্শনৰ প্ৰয়োজন :  এই কালছোৱাত ল'ৰা-ছোৱালী জীৱনৰ অৰ্থ, প্ৰয়োজন, সৃষ্টিৰ ৰহস্য় আদিৰ প্ৰতি কৌতুহলী হৈ থাকে । এই কৌতুহলৰ ভিত্তিত তেওঁলোকে নিজৰ জীৱন দৰ্শন গঢ় দি তুলিবলৈ বিচাৰে ।

(৭) আত্ম-নিৰ্ভৰশীলতাৰ প্ৰয়োজন : এই সময়ছোৱাত ল'ৰা-ছোৱালীয়ে অৰ্থনৈতিক স্বাৱলম্বিতা লাভৰ বাবে প্ৰয়োজন অনুভৱ কৰে । ভৱিষতে কেনেকৈ স্বাধীনভাৱে উপাৰ্জন কৰিব পাৰিব, কেনেকৈ আত্মনিৰ্ভৰশীল হ'ব পাৰিব আদিৰ বিষয়ে কিশোৰ-কিশোৰীয়ে চিন্তা কৰে । 

(৮) নৈতিক প্ৰয়োজন : কৈশোৰ কালত ল'ৰা-ছোৱালীবোৰ ভাল-বেয়া, উচিত-অনুচিত, শুদ্ধ-অশুদ্ধ আদি দিশবোৰৰ প্ৰতি সচেতন হৈ উঠে । ইয়াৰ আগৰ সময়ছোৱাত এই নৈতিক দিশবোৰৰ প্ৰতি ল'ৰা-ছোৱালী সচেতন হৈ নাথাকে ।

Q. 3 | কৈশোৰ কালৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা ।

উত্তৰঃ কৈশোৰ কালৰ বৈশিষ্ট্যবোৰ হ'ল-

(১) দ্ৰুত দৈহিক বিকাশ  : কৈশোৰ কালৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল দ্ৰুত দৈহিক বিকাশ । কিশোৰ-কিশোৰীসকলৰ দেহৰ উচ্চতা আৰু ওজন এই সময়ছোৱাত বাঢ়িবলৈ ধৰে । দেহৰ অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ সক্ৰিয় হৈ উঠাৰ ফলত জৈৱ ৰাসায়নিক ৰসসমূহ নিঃসৰণ হৈ দেহৰ দ্ৰুত গঠন সাধন কৰে । দেহৰ মাংসপেসী, হাড় আদি পূৰঠ আৰু শক্তিশালী হৈ আহে । এই সময়ছোৱাত দেহৰ ওজনতকৈ উচ্চতা বেছি হোৱা দেখা যায় । ল'ৰাৰ স্বৰধ্বনি কৰ্কশ হয় আৰু ক্ৰমে পুৰুষসুলভ মাতৰ গৰাকী হয় । ল'ৰাৰ মুখমণ্ডলত ডাঢ়ি গজিবলৈ ধৰে । ওজন আৰু উচ্চতাৰ ক্ষেত্ৰত এক বিশেষ বৈশিষ্ট্য পৰিলক্ষিত হয় । ১৩ বছৰ বয়সত ছোৱালীৰ উচ্চতা আৰু ওজন ল'ৰাতকৈ অধিক হোৱা দেখা যায় কিন্তু ১৫ বছৰ বয়সত ল'ৰাৰ ওজন আৰু উচ্চতা ছোৱালীতকৈ অধিক হয় । ছোৱালীৰ ক্ষেত্ৰত মাতৰ বিশেষ পৰিবৰ্তন নহয় বৰং আগৰ দৰেই মিহি আৰু সুশ্ৰাব্য় হয় । গাৰ ছাল মিহি হয় আৰু হাতৰ গাঁঠি ঘূৰণীয়া হয় । ছোৱালীৰ স্তনৰ বিকাশ হয় আৰু ১৫ বছৰৰ ভিতৰত অধিকসংখ্য়ক ছোৱালীয়েই ঋতুমতী হয় । ল'ৰাও বীৰ্যধাৰী হৈ উঠে । ল'ৰা-ছোৱালী উভয়েই প্ৰজনন ক্ষমতা লাভ কৰে । এই বয়সতে তেওঁলোকৰ দেহৰ প্ৰয়োজনীয় অংশত কেশ দেখা দিয়ে । দেহৰ এই পৰিবৰ্তনে তেওঁলোকক আত্মসচেতন কৰি তোলে ।

(২) মানসিক বিকাশ : কৈশোৰকালত দৈহিক বিকাশৰ সগে লগে মানসিক শক্তিসমূহৰো বিকাশ হয় । এই সময়ছোৱাত কিশোৰ-কিশোৰীয়ে বিমূৰ্ত চিন্তন কৰাৰ ক্ষমতা আয়ত্ত কৰে । এই সময়ত তেওঁলোকৰ স্মৃতিশক্তি, যুক্তিসহকাৰে বিচাৰ কৰিব পৰা ক্ষমতা, কল্পনাশক্তি, বুদ্ধি আদিৰ দ্ৰুতভাৱে বিকাশ হয় । যৌৱনকালত ল'ৰা-ছোৱালীবিলাক কল্পনাপ্ৰৱণ হৈ উঠে । বাস্তৱত সম্ভৱ নোহোৱা কিছুমান কামো তেওঁলোকে কল্পনাৰে সম্ভৱ কৰিবলৈ বিচাৰে । গল্প, উপন্য়াস, কবিতা আদি অধ্য়য়ন কৰি অপাৰ আনন্দ লাভ কৰে । এই বয়সত তেওঁলোকে সমস্য়া সমাধান কৰাৰ ক্ষমতাও আহৰণ কৰে । বয়ঃসন্ধি কালৰ অন্য এক বৈশিষ্ট্য হৈছে দিবা স্বপ্ন। এই সময়ছোৱাত তেওঁলোকে অলীক কল্পনা কৰি মনত অপাৰ আনন্দ লাভ কৰে । পৰাপক্ষত কিশোৰ-কিশোৰীক বিভিন্ন কামত ব্যস্ত ৰাখিব লাগে ।

(৩) আৱেগিক বিকাশ : কৈশোৰকালত ল'ৰা-ছোৱালীয়ে আৱেগিকভাৱে বিকাশ লাভ কৰে । বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিবলৈ লয় । সকলো ল'ৰা-ছোৱালীয়ে অৱশ্য়ে আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব নোৱাৰে । এই সময়ছোৱাত পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে কিছু সাৱধানতাৰে তেওঁলোকৰ লগত আচৰণ কৰিব লাগে যাতে তেওঁলোক অনাহকতে উত্তেজিত হৈ নপৰে । বয়ঃসন্ধি কালত তেওঁলোকে ক্ৰমান্বয়ে আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

(৪) সামাজিক বিকাশ : কৈশোৰ কালতেই ল'ৰা-ছোৱালীয়ে সামাজিকভাৱেও বিকাশ লাভ কৰে । এওঁলোকে সামাজিকভাৱে সচেতন হৈ উঠে । ক্লাব বা কোনো সংগঠনৰ সদস্য হ'বলৈ তেওঁলোকে ভাল পায় আৰু সামাজিক কাম-কাজত অংশ গ্ৰহণ কৰি ভাল পাবলৈ ধৰে । সমাজত তেওঁলোকৰ আচৰণ মাৰ্জিত হয় । বন্ধু-বান্ধৱৰ সংখ্য়াৰ ক্ষেত্ৰতো সীমাবদ্ধতা আহি পৰে আৰু বন্ধুত্ব দীৰ্ঘস্থায়ী হয় । এই সময়ছোৱাত তেওঁলোকৰ মনত স্বদেশপ্ৰেম, সামাজিক কাম-কাজ, দুৰ্গতসকলৰ বাবে সহানুভূতি আদি ভাব বূদ্ধি পায় ।

(৫) বীৰ পূজা  : বয়ঃসন্ধি কালৰ এটা উল্লেখযোগ্য় বৈশিষ্ট্য হৈছে বীৰ পূজা বা নায়ক আৰাধনাপ্ৰৱণতা । এই সময়ছোৱাত প্ৰায়বিলাক কিশোৰ-কিশোৰীয়েই কোনো ব্যক্তিৰদ্বাৰা গভীৰভাৱে প্ৰভাৱান্বিত হৈ পৰে । এই ব্যক্তিসকল শিক্ষক-শিক্ষয়িত্ৰী, বিখ্যাত খেলুৱৈ, ৰাজনীতিবিদ, বোলছবিৰ নায়ক-নায়িকা, বিখ্যাত লেখক-লেখিকা আদিও হ'ব পাৰে । এই নায়ক-নায়িকাসকলৰ জীৱনৰ আধাৰতে তেওঁলোকেও নিজকে সেই ৰূপত গঢ় দিবলৈ বিচাৰে । সেয়েহে, এই সময়ছোৱাত যাতে কিশোৰ-কিশোৰীসকলে কোনো আৰ্দশ ব্য়ক্তিৰ সান্নিধ্য লাভ কৰে, সেই দিশত লক্ষ্য ৰাখিব লাগে । 

(৬) আত্মসচেতনতা : কৈশোৰ কালছোৱাত কিশোৰ-কিশোৰীসকল যথেষ্ট আত্মসচেতন হৈ পৰে । দৈহিক আৰু মানসিক পৰিবৰ্তনেই ইয়াৰ প্ৰধান কাৰণ । নিজৰ সৌন্দৰ্য সম্পৰ্কেও যথেষ্ট সচেতন হয় । নিজকে সুন্দৰ আৰু আকৰ্ষণীয় কৰি তুলিবলৈ যত্নপৰ হয় । নিজৰ দৈহিক ক্ৰটী সম্বন্ধে সচেতন হয় আৰু সেয়েহে আত্মসমালোচনা কৰাও দেখা যায় ।

(৭) দায়িত্ববোধ আৰু আত্মসন্মানবোধ : কিশোৰ-কিশোৰীৰ মনত এই সময়ছোৱাত দায়িত্ববোধ আৰু আত্মসন্মানবোধৰ উন্মেষ হোৱা পৰিলক্ষিত হয় । কোনো কাম কৰিবলৈ দিলে তাৰ দায়িত্ব বুজি পোৱা হয় । আত্মসন্মানবোধ বঢ়াৰ লগে লগে নিজকে সমাজৰ এজন বুলি ভাবিবলৈ লয় । সেয়েহে, তুচ্ছ-তাচ্ছিল্য, উপহাস, ইতিকিং আদি সহ্য় কৰিব নোৱাৰা হয় । মাক-দেউতাকৰ পৰাও নিজৰ অধিকাৰ আৰু আত্মসন্মান আশা কৰা দেখা যায় । এনে আত্মসন্মানৰ পৰা বঞ্চিত হোৱা কিশোৰ-কিশোৰীৰ মনত অপৰাধ-প্ৰৱণতাৰ সৃষ্টি হোৱা দেখা যায় ।

(৮) যৌন-চেতনা : বয়ঃসন্ধি কালৰ এক উল্লেখযোগ্য় বৈশিষ্ট্য় হৈছে কিশোৰ-কিশোৰীৰ মনত যৌন-চেতনাৰ উদ্ৰেগ । শাৰীৰিকভাৱে সক্ষম হোৱাৰ লগে লগে তেওঁলোকৰ মনত যৌন-চেতনাৰ উদয় হয় আৰু যৌন সম্বন্ধীয় বিষয়ত অধিক কৌতুহলী হয়। অৱশ্যো ইয়াত অস্বাভাৱিক একো নাই । কিন্তু কিশোৰ-কিশোৰীয়ে যাতে অন্য়ৰ পৰা কোনো ধৰণৰ অসুস্থ শিক্ষা লাভ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে । এই যৌন-চেতনাৰ বাবেই বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত হয় । এই সময়ছোৱাত কিশোৰ-কিশোৰীক খেলা-ধূলা, সংগীত, শৰীৰ চৰ্চা, ব্যায়াম আদিত ব্য়স্ত ৰাখিব লাগে । 

(৯) দলীয় ভাবৰ বিকাশ : বয়ঃসন্ধি কালত কিশোৰ-কিশোৰীৰ মনত সামাজিকতাৰ মনোভাৱৰ উদ্ৰেগ হয় আৰু সেয়েহে, সামাজিক কাম-কাজত অংশ গ্ৰহণ কৰি আনন্দ পায় । তেওঁলোকৰ দল বান্ধি একগোট হৈ কোনো কাম কৰাৰ মানসিকতা গঢ় লৈ উঠে। কিশোৰ-কিশোৰীৰ এই মনোভাৱ ফলপ্ৰসূভাৱে পৰিচালনা কৰা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কৰ্তব্য় । ইয়াৰদ্বাৰা তেওঁলোকৰ মনত সহযোগিতা, বন্ধুত্ব, সমন্বয় আদি ভাৱৰ বিকাশ হয় । 

(১০) দুঃসাহসিকতা : এই বয়সত কিছুমান কিশোৰ-কিশোৰীৰ মনত দুঃসাহসিক কাৰ্য কৰাৰ তীব্ৰ বাসনা জাগে । খৰস্ৰোতা নদীত নাওবোৱা, পৰ্বত বগোৱা, বিপদসংকুল পথেৰে খোজ কঢ়া, চাইকেলেৰে বা খোজকাঢ়ি দূৰ ঠাই ভ্ৰমণ কৰা আদি কাম কৰি তেওঁলোকে অপাৰ আনন্দ লাভ কৰে । 

(১১)আত্মনিৰ্ভৰশীলতা : এই সময়ছোৱাত কিশোৰ-কিশোৰী আত্ননিৰ্ভৰশীল হ'বলৈ যত্নপৰ হয় । নিজৰ লাগতিয়াল কামসমূহ নিজে কৰিবলৈ তেওঁলোকে ভাল পায় । ল'ৰা-ছোৱালীৰ মনত যাতে দায়িত্ববোধৰ লগতে আত্মনিৰ্ভশীলতা বৃদ্ধি পায় তাৰ প্ৰতি পিতৃ-মাতৃ আৰু শিক্ষকে লক্ষ্য় ৰাখিব লাগে । 

(১২) সৃষ্টিশীল কল্পনা : কল্পনাৰ প্ৰাধান্য় কৈশোৰকালৰ এক উল্লেখযোগ্য় বৈশিষ্ট্য় । এই সময়ছোৱাত তেওঁলোকৰ কল্পনা শক্তিৰ দ্ৰুত বিকাশ হোৱা  দেখা যায় । সেয়েহে, তেওঁলোকে কবিতা, গল্প, উপন্য়াস, ভ্ৰমণ-কাহিনী আদি পঢ়ি ভাল পায় । বহুতে কবিতা, গল্প আদি লিখিবৰ বাবেও উৎসাহ পায় । সেয়েহে, বিদ্য়ালয়ত বছৰেকীয়া আলোচনী প্ৰকাশ কৰাৰ ব্য়ৱস্থা কৰা অতি আৱশ্যকীয় ।

Q. 4 | কৈশোৰ কালৰ বাবে কেনে ধৰণৰ শিক্ষা উপযোগী ? উদাহৰণসহ বর্ণনা কৰা ।

উত্তৰঃ কৈশোৰ কালৰ বাবে প্রচলিত শিক্ষা হ'ল মাধ্যমিক শিক্ষা । কৈশোৰ বা সন্ধি কালৰ ল'ৰা ছোৱালী পঢ়া শিক্ষানুষ্ঠানসমূহ হল মাধ্যমিক শিক্ষাৰ অনুষ্ঠান । অৱশ্যে কৈশোৰৰ শিক্ষা ব্যৱস্থাৰ কথা কওঁতে আনুষ্ঠানিক শিক্ষাৰ লগতে অনানুষ্ঠানিক শিক্ষাৰ সমানে গুৰুত্ব আছে ।

কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমৰ চাৰিটা প্ৰাথমিক আৰু মৌলিক বিষয় হল - ( ক ) ভাষা শিক্ষণ , ( খ ) গণিত , ( গ ) বিজ্ঞান আৰু ( ঘ ) সমাজ বিজ্ঞান । ইয়াৰ লগতে কাৰিকৰী শিক্ষা , স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা , পৰিবেশ শিক্ষা , যৌন শিক্ষা , জনশিক্ষা , মানৱ অধিকাৰ আৰু শান্তিৰ শিক্ষা , মূল্যবোধৰ শিক্ষা আদিকো ওপৰকি বিষয় হিচাপে শিকোৱাৰ পৰামৰ্শ দিয়া হৈছে । এনেবোৰ বিষয় অন্তর্ভুক্তিয়ে কিশোৰৰ মনৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰি কিশোৰসকলক এক সুস্থ মানৱ হোৱাত সহায় কৰিব ।




Tags :

  • কিশোৰ মনোবিজ্ঞানৰ পৰিচয়
  • Gauhati University BA 2nd Sem Education Model Questions Answer
  • GU BA 2nd Sem Education Generic & General Model Solution
  • BA 2nd Sem Education General Question Answer
  • BA 2nd Sem Education HG & General Question Answer
  • BA 2nd Sem Education Question Answer [Major & General] Gauhati University
  • BA 2nd Sem Education Question Answer
  • BA 2nd Sem Education Major Question Answer
  • Gauhati University BA 2nd Sem Education General Question Answer
  • Gauhati University BA 2nd Sem Education Question Answer