Follow Us:

ট্রেজেডি, এবছাৰ্ড আৰু ব্লেটীয় নাট্য ধাৰা | BA 2nd Sem Assamese Major Question Answer | GU BA 2nd Sem Assamese Major Model Solution

LearningPointAssam.com

ট্রেজেডি, এবছাৰ্ড আৰু ব্লেটীয় নাট্য ধাৰা | Gauhati University BA 2nd Sem Assamese Major Model Questions Answer | GU BA 2nd Sem Assamese Major Model Solution | ba 2nd sem assamese major question paper | BA 2nd Sem Assamese Major Question Answer | ba 2nd sem assamese book pdf

Assamese Notes & Guide Available here (সাহিত্য — সমালোচনা ASM-HC-2026) ট্রেজেডি, এবছাৰ্ড আৰু ব্লেটীয় নাট্য ধাৰা Model Solution to each Unit are provided in the list of UG - CBCS Syllabus. We design all notes according to Guwahati University so that you can easily browse through BA 2nd Sem Assamese Major Question Answer and University Guides and Notes here. ট্রেজেডি, এবছাৰ্ড আৰু ব্লেটীয় নাট্য ধাৰা Question Answer Can be very useful to excel in examinations.

BA 2nd Sem Assamese Major Question Answer

BA Assamese ট্রেজেডি, এবছাৰ্ড আৰু ব্লেটীয় নাট্য ধাৰা Notes covers all the practice questions of Guwahati University syllabus. BA 2nd Sem Assamese Major Question Answer is given here which ensures smooth and easy understanding of all the concepts.  Understand the concepts behind each unit and score well in board exams.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 3 

ট্রেজেডি, এবছাৰ্ড আৰু ব্লেটীয় নাট্য ধাৰা — ALL Important Question & Answers

GU BA 2nd Sem Assamese ASM-HC-2026 Questions & Answer :


CONTENTS 

ট্রেজেডি, এবছাৰ্ড আৰু ব্লেটীয় নাট্য ধাৰা
Model Question and Answer key






প্ৰশ্নাৱলীঃ

ট্রেজেডি, এবছাৰ্ড আৰু ব্লেটীয় নাট্য ধাৰা BA 2nd Sem Assamese Major Question Answer 

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 1

Q. 1 | ট্ৰেজেদি ক'ত উদ্ভৱ হৈছিল?

উত্তৰঃ ট্ৰেজেদি গ্ৰীচত উদ্ভৱ হৈছিল।  

Q. 2 | ট্ৰেজেদিৰ উদ্ভৱত কোন দেৱতাৰ লগত সম্পর্ক আছে?

উত্তৰঃ ট্ৰেজেদিৰ উদ্ভৱত ডায়'নিছাছ দেৱতাৰ লগত সম্পৰ্ক আছে।

Q. 3 | ট্রেজেদি কোনটো শব্দৰ পৰা উদ্ভৱ হৈছে?

উত্তৰঃ ট্ৰেজেদি 'ট্ৰাগোছ' শব্দৰ পৰা উদ্ভৱ হৈছে। 

Q. 4 | গ্রীক দেৱতা ডায়'নিছাছক কেন্দ্ৰ কৰি গোৱা গীতবোৰক কি বোলা হৈছিল?

উত্তৰঃ গ্ৰীক দেৱতা ডায়'নিছাছক কেন্দ্ৰ কৰি গোৱা গীতবোৰক ছাগগীত বোলা হৈছিল।

Q. 5 | কেথাৰছিছ শব্দৰ অৰ্থ কি?

উত্তৰঃ কেথাৰ্ছিছ শব্দৰ অৰ্থ হৈছে শুদ্ধিকৰণ।

Q. 6 | পয়েটিকচ কাৰ ৰচনা?  

উত্তৰঃ পয়েটিকচ এৰিষ্টটলৰ ৰচনা।

Q. 7 | এৰিষ্টটলে উল্লেখ কৰা ট্ৰেজেদিৰ উপাদান কেইটা? 

উত্তৰঃ এৰিষ্টটলে ট্ৰেজেদিৰ ছটা উপাদান উল্লেখ কৰিছে। সেইকেইটা হ'ল- কাহিনী, চৰিত্ৰ, ভাৱনা বা চিন্তা, ৰচনা শৈলী বা সংলাপ, সংগীত আৰু দৃশ্য়। 

Q. 8 | এৰিষ্টটলৰ মতে ট্ৰেজেদিৰ মুখ্য উপাদান কি?  

উত্তৰঃ এৰিষ্টটলৰ মতে ট্ৰেজেদিৰ মুখ্য উপাদান হৈছে- কাহিনী।

Q. 9 | কাহিনী গঠন অনুসৰি কাহিনীক কেইটা ভাগত ভগাইছে?  

উত্তৰঃ কাহিনী গঠন অনুসৰি কাহিনীক দুই ভাগত ভগাইছে।

Q. 10 | অস্তিত্ববাদৰ প্ৰবক্তা কোন?

উত্তৰঃ অস্তিত্ববাদৰ প্ৰবক্তা হ'ল জা প'ল ছাৰ্ট্ৰে।

Q. 11 | অস্তিত্ববাদৰ লগত এবছাৰ্ডৰ সম্পর্ক আছেনে?

উত্তৰঃ অস্তিত্ববাদৰ লগত এবছাৰ্ডৰ সম্পৰ্ক আছে।

Q. 12 | ছেমুৱেল বেকেটৰ বিখ্যাত নাটকখনৰ নাম কি?

উত্তৰঃ ছেমুৱেল বেকেটৰ বিখ্যাত নাটকখনৰ নাম হ'ল-  '  ৱেটিং ফৰ গোডো'।

Q. 13 | 'ৱেটিং ফল গোডো' ই কেতিয়া নোবেল বঁটা পাইছিল?

উত্তৰঃ 'ৱেটিং ফল গোটো' ই ১৯৬৯ চনত নোবেল বঁটা পাইছিল।

Q. 14 | 'ৰাইনোচেৰচ’ৰ ৰচক কোন?

উত্তৰঃ 'ৰাইনোচেৰচ'ৰ ৰচক হৈছে- আয়নেস্কোৰ।

Q. 15 | আয়নেস্কোৰ এখন নাটকৰ নাম লিখা।

উত্তৰঃ আয়নেস্কোৰ এখন নাটকৰ নাম হ'ল- 'ৰাইনোচেৰচ'।

Q. 16 | এবছার্ড সম্পর্কে এটি আলোচনা যুগুত কৰা।

Q. 17 | ব্রেখটৰ সম্পূর্ণ নাম কি?

উত্তৰঃ ব্ৰেখটৰ সম্পূৰ্ণ নামটো হৈছে বাৰ্টল্ট ব্ৰেখট।

Q. 18 | ব্রেখটৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল?

উত্তৰঃ ব্ৰেখটৰ জন্ম ১৮৯৮ চনত জাৰ্মানীত হৈছিল।

Q. 19 | ব্রেখট কোনটো মতবাদৰ পৃষ্ঠপোষক আছিল?

উত্তৰঃ মাক্সবাদী।  

Q. 20 | প্রাচীন ভাৰতীয় সাহিত্যত ট্রেজেদি আছেনে?  

Q. 21 | এজন অসমীয়া এবছাৰ্ড নাট্যকাৰৰ নাম লিখা।  

উত্তৰঃ অৰুণ শৰ্মা।

Q. 22 | 'আহাৰ’ কি শ্ৰেণীৰ নাটক?  

উত্তৰঃ 'আহাৰ' এবছাৰ্ড শ্ৰেণীৰ নাটক।



ট্রেজেডি, এবছাৰ্ড আৰু ব্লেটীয় নাট্য ধাৰা BA 2nd Sem Assamese Major Question Answer 

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 2/3

Q. 1 | ট্রেজেদি কাক বোলে?

উত্তৰঃ ট্ৰেজেদি নাটকৰ এটি অন্য়তম বিভাগ। ট্ৰেজেদিৰ পাতনি হয় গ্ৰীচত। গ্ৰীক দেৱতা ডায়'নিছাছৰ জীৱনৰ কৰুণ কাহিনীক কেন্দ্ৰ কৰি যি নাট্য় ধৰ্মী অনুষ্ঠান হৈছিল সেয়ে হ'ল ট্ৰেজেদি। এই অনুষ্ঠানত দেৱতা ডায়'নিছাছৰ উদ্দেশ্যে কৰুণ গীত পৰিৱেশন কৰিছিল। এই গীতবোৰক ছাগগীত বোলা হৈছিল। ছাগ অৰ্থাৎ ছাগলী। ছাগলীক কোৱা হয় ট্ৰাগোছ। 'ট্ৰাগোছ'ৰ পৰাই ট্ৰেজেদিৰ উদ্ভৱ হ'ল। ছাগ-গীত বোৰেই পিছলৈ নাটকীয় ৰূপ পৰিগ্ৰহণ কৰি ট্ৰেজেদি ৰূপ গ্ৰহণ কৰিলে। এই সম্পৰ্কে গ্ৰীক দাৰ্শনিক এৰিষ্ট'টলে মতপোষণ কৰে যে এই অনুষ্ঠানত অভিনয় কৰোতে চৰিত্ৰবোৰে ছাগলী চামৰা পৰিধান কৰিছিল। সেইবোৰকেই সেই নাটকবোৰৰ ট্ৰেজেদি বোলা হৈছিল।

Q. 2 | ট্ৰেজেদিৰ দুটা কৌশল লিখা।  

উত্তৰঃ ট্ৰেজেদিৰ দুটা কৌশল হ'ল- নাট্য়োৎকন্ঠা আৰু আকস্মিকতা।

Q. 3 | ট্রেজেদি এখন আকর্ষণীয় কৰিবলৈ নাট্যকাৰে কেনে কৌশল অৱলম্বন কৰে।  

উত্তৰঃ ট্ৰেজেদি এখন আকৰ্ষণীয় কৰিবলৈ নাট্য়কাৰে ব্যৱহাৰ কৰা কলা-কৌশল হ'ল নাট্য়োৎকন্ঠা,আকস্মিকতা, তুলনা বা সাদৃশ্য়, বৈপৰীত্য, শ্লেষ, স্বগতোক্তি, প্ৰতীক আদি। অৱশ্যে সময় আৰু পৰিস্থিতি সাপেক্ষে এই কলা-কৌশলৰ সাল-সলনি হ'ব পাৰে অথবা নতুন কলা-কৌশলৰ সৃষ্টি হ'ব পাৰে।

Q. 4 | এবছার্ড নাটকক অসমীয়াত কি বুলি কোৱা হয়?

উত্তৰঃ এবছাৰ্ড নাটকত অসমীয়াত উদ্ভৱ ধাৰণা সম্পূৰ্ণ ৰূপে আধুনিক জীৱনৰ চিন্তাৰ সৃষ্টি।

Q. 5 | এবছার্ড শব্দটো কোনে প্রথমে ব্যৱহাৰ কৰে?

উত্তৰঃ  'এবছাৰ্ড' শব্দটো আলবেয়াৰ কেমুয়ে ব্যৱহাৰ কৰে।

Q. 6 | এপিক থিয়েটাৰ কি?  

উত্তৰঃ ব্ৰেখটে পৰম্পৰাগত নাট্য ৰীতি বা মঞ্চৰীতিৰ বিপৰীতে এক নাট্যৰীতি প্ৰচলন কৰে ইয়েই হৈছে এপিক থিয়েটাৰ। 

Q. 7 | এপিক থিয়েটাৰক অসমীয়াত কি বোলে?  

উত্তৰঃ এপিক থিয়েটাৰক অসমীয়াত মহাকাব্যিক ধাৰণা বোলে।

Q. 8 | ব্রেখটৰ দুখন নাটকৰ নাম লিখা।

উত্তৰঃ  ব্ৰেখটৰ দুখন নাটকৰ নাম হ'ল- Man E q u a l s Man আৰু The E l e p hent C a l f 



ট্রেজেডি, এবছাৰ্ড আৰু ব্লেটীয় নাট্য ধাৰা BA 2nd Sem Assamese Major Question Answer 

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 5/10

Q. 1 | এৰিষ্টটলে দিয়া ট্ৰেজেদিৰ সংজ্ঞাটো উল্লেখ কৰি ট্ৰেজেদিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ এৰিষ্টটলৰ মতে-ট্ৰেজেদি হৈছে ভয় আৰু সহানুভূতি উদ্ৰেক কৰি সেই ভাৱবোৰৰ বিমোচন ঘটোৱা এনে কিছুমান গহীন ঘটনা, যাক অভিনয় আৰু ছন্দোবন্ধ সংলাপেৰে উপস্থাপন কৰা হয়। 

    অন্তিম আৰম্ভণিৰ মাজভাগত, অসাধাৰণ মানদণ্ডৰ নায়কৰ ভাগ্যৰ প্ৰভাৱ, বা চৰিত্ৰটোৰ অন্তৰ্নিহিত কৰ্মচাৰীৰ বাবে, যি দৰ্শকৰ মনত সহানুভূতি আৰু ভয় ৰখাৰ বাবে, আৰু অৱশেষত কেথাৰ্চিছ বা চিন্তাৰ আৱিষ্কাৰ ঘটায়, সেই গুৰুতৰ নাটকক ট্ৰেজেডী বুলি কোৱা হয়। ট্ৰেজেদি নাটকৰ প্ৰতি এক অন্যতম বিভাগ। ট্ৰেজেদিৰ পাতনি হয় গ্ৰীচত। গ্ৰীক দেৱতা ডায়'নিছাছৰ জীৱনৰ কৰুণ কাহিনীক কেন্দ্ৰ কৰি যি নাট্য ধৰ্মী অনুষ্ঠান হৈছিল সেয়ে হ'ল ট্ৰেজেদি। এই অনুষ্ঠানত দেৱতা ডায়'নিছাছৰ উদ্দেশ্যে কৰুণ গীত পৰিৱেশন কৰিছিল। এই গীতবোৰক ছাগগীত বোলা হৈছিল। ছাগ অৰ্থাৎ ছাগলী। ছাগলীক কোৱা হয় ট্ৰাগোছ। 'ট্ৰাগোছৰ পৰাই ট্ৰেজেদিৰ উদ্ভৱ হ'ল। ছাগ-গীত বোৰেই পিছলৈ নাটকীয় ৰূপ পৰিগ্ৰহণ কৰি ট্ৰেজেদি ৰূপগ্ৰহণ কৰিলে।এই সম্পৰ্কে গ্ৰীক দাৰ্শনিক এৰিষ্ট'টলে পতপোষণ কৰে যে  এই অনুষ্ঠানত অভিনয় কৰোতে চৰিত্ৰবোৰে ছাগলী চামৰা পৰিধান কৰিছিল। 'ছাগলী' অৰ্থাৎ 'ট্ৰাাগোছ' শব্দৰ পৰাই ট্ৰেজেদি শব্দৰ উৎপত্তি বুলি এই চামৰ মতামত।  এই ধৰ্মীয় কৰুণ গীতবোৰ নাটকীয় ৰূপ পৰিগ্ৰহণ কৰাত আগ ভাগ হৈছিল থেচ্পিচ্ আৰু এস্কিলাছে। থেচ্পিচে গীতৰ লগত অভিনেতা সংযোগ কৰিলে আৰু এস্কিলাছৰ সহযোগত গ্ৰীক ট্ৰেজেদিয়ে পূৰ্ণৰূপ লাভ কৰে ট্ৰেজেদিৰ ইতিহাস আৰম্ভ হয়।এৰিষ্টটলে ট্ৰেজেদিৰ ছটা উপাদান উল্লেখ কৰিছে। সেইকেইটা হ'ল- ভাৱনা বা চিন্তা, ৰচনা শৈলী বা সংলাপ, সংগীত আৰু দৃশ্য।

Q. 2 | নাটকীয় ঐক্য কি? আলোচনা কৰা। 

উত্তৰঃ নাটকখনত কোনো দৃশ্য বা চৰিত্ৰ একত্ৰিত কৰিব নোৱাৰি যিয়ে নাটকখনৰ মূল সুৰত ব্যাঘাত জন্মাব পাৰে। নাটকখনৰ বিষয়বস্তু আৰু সুৰৰ পৰিপূৰক হিচাপে সকলো চৰিত্ৰ আৰু দৃশ্য প্ৰদৰ্শন কৰিব লাগে। আৰম্ভণি, মধ্য আৰু সমাপ্তিৰ সৈতে নাটকখনৰ এক অবিচ্ছেদ্য ৰূপ হোৱাটোও পৰামৰ্শ দিয়া হয়।

Q. 3 | এৰিষ্টটলে ব্যৱহাৰ কৰা ‘কেথাৰছিচ' সম্বন্ধে সমালোচকসকলে কেনে মত আগবঢ়াইছে?  

উত্তৰঃ এৰিষ্টটলে ট্ৰেজেদিৰ সংজ্ঞাত কেথাৰছিছ শব্দৰ ব্যৱহাৰ কৰিছে। ইয়াত কোৱা হৈছে ট্ৰেজেদিৰ উদ্দেশ্যে হৈছে ভয় আৰু সহানুভূতি উদ্ৰেক কৰি তেনেধৰণৰ অনুভূতিবোৰৰ বিমোচন কৰা। এৰিষ্ট'টলৰ এই কেথাৰছিছ সম্পৰ্কে বিভিন্ন সমালোচকে বিভিন্ন মতামত আগবঢ়াইছে। কিছুমানে কৈছে ট্ৰেজেদিৰ কাহিনীয়ে দৰ্শকৰ মনত ভয় আৰু কৰুণাৰ উদ্ৰেক কৰে আৰু ইয়াৰ ফলত দৰ্শকৰ এইবোৰ পৰিশুদ্ধি ঘটি দৰ্শকে শান্ত আৰু সুস্থিৰ অৱস্থা লাভ কৰে। আন কিছুমানৰ মতে- এৰিষ্ট'টলে কেথাৰছিছ শব্দটো শুদ্ধিকৰণৰ অৰ্থত ব্যৱহাৰ কৰিছে। এঁলোকৰ মতে নায়কৰ দুখ-দুৰ্দশা দেখি ট্ৰেজেদিৰ অভিনয় চোৱা দৰ্শকৰ সহানুভূতি বৃদ্ধি পায় আৰু সেই ধৰণৰ স্বাভাৱিক আৱেগবোৰ বৃদ্ধি পোৱাৰ ফলত মানুহৰ অন্তৰ পবিত্ৰ হয়। নায়কৰ দুৰ্বলতাৰ লগত নিজকে দুৰ্বলতা তুলনা কৰিবলৈ সুযোগ পায়। ফলত তেওঁলোকে নিজৰ দুৰ্বলতা তুলনা কৰি নিজক পৰিশোধন কৰে। আন এচাম সমালোচকে কেথাৰছিছ চিকিৎসা শাস্ত্ৰৰ পৰা গ্ৰহণ কৰা বুলি মতপোষণ কৰে। আন এচামে আকৌ ট্ৰেজেদিয়ে মানুহৰ জীৱনৰ বাস্তৱতাৰ সন্মুখীন হোৱাৰ সাহস দিয়ে বুলি মতপোষণ কৰিছে। তেওঁলোকৰ মতে ট্ৰেজেদিয়ে মন দৃঢ় কৰি তোলে।

Q. 4 | এপিক থিয়েটাৰৰ ধাৰণাটো আলোচনা কৰা।

উত্তৰঃ ব্ৰেখটৰ মতে নাটকৰ ঘটনা আবেগ অনুভূতিতকৈ বৰ্ণনাত্মক আৰু সমাজাকি বাস্তৱবাদৰ ভেটিত হ'ব লাগে। সেইবাবে ব্ৰেখটে ট্ৰেজেদিক সমৰ্থন কৰা নাছিল। কাৰণ ট্ৰেজেদিত আবেগ অনুভূতিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। ব্ৰেখটৰ মতে নাটকৰ দৰ্শন নাটকৰ মাজত বিলীন নহৈ হ'ব লাগে মহাকাব্য়ৰ পাঠকৰ দৰে। মহাকাব্য় যেনে- ইলিয়াড, আৰু ওডিচি, ৰামায়ন, মহাভাৰত আদি পঢ়োতে পাঠকে তাৰ ঘটনাবোৰ প্ৰাচীন কালত খটিত হোৱা বুলি ভাবি লয়। মহাকাব্য়ৰ ৰচক বা কবিয়েও বৰ্ণনাৰ জৰিয়তে পাঠকক এইদৰে ভবাত সহায় কৰে। একেদৰে নাটকৰ ঘটনাবোৰো সঁচা-সচি সংঘটিত হোৱা বুলি দৰ্শকে ভাবিব নালাগে বা চৰিত্ৰবোৰৰ আবেগৰ লগতো দৰ্শক একাত্ম হ'ব নালাগে। উদাহৰণ স্বৰূপ ৰামায়ণ মহাকাব্য়ৰ যুদ্ধৰ কাহিনী ভাগ কৰি নাককাৰে দেখুওৱা হয়, হাজাৰ বছৰ আগৰ ক্ৰিয়া প্ৰতিক্ৰিয়া দৰ্শকৰ পৰা বিচাৰিব নালাগে। ৰাম-ৰাৱণৰ চৰিত্ৰ ৰূপায়ণ কৰা অভিনেতা কে নিজকে ৰাৱণ-ৰাৱণ বুলি ভাবিব নালাগে, নহ'লে পৰিবৰ্তনশীল মানুহৰ মূল্য কি থাকিল। ব্ৰেখটৰ মতে মানুহ পৰিৱৰ্তনশীল, এই গ্ৰণ থকা বাাবে মানুহে সমাজৰ বিপৰীত পৰিস্থিতিক নিজৰ অনুকুল কৰিব পাৰিব লাগিব, ব্ৰেখটৰ নাটক আৰু নাট্য়ৰীতিয়ে এই াৰ্তাহে পএয়ে হৈছে এপিক থিয়েটাৰৰ ধাৰণা।

Q. 5 | ব্রেখটীয় নাট্যধাৰা সম্পর্কে এটি আলোচনা যুগুত কৰা।  

উত্তৰঃ আধুনিক নাট্যধাৰাৰ পৰিৱৰ্তন সাধন কৰা এজন নাট্যকাৰ হল বাৰ্টল্ট ব্ৰেখট। জাৰ্মানীৰ এই নাট্যকাৰজন জন্ম হৈছিল ১৮৯৮ চনত জাৰ্মানীত।তেওঁৰ নাট্যধাৰাক ব্ৰেখটীয় নাট্য ধাৰা বুলি কোৱা হয়। ব্ৰেখতে পৰম্পৰাগত নাট্য ৰীতি বা মঞ্চৰীতি বিপৰীতে এপিক থিয়েটাৰ নামেৰে এক নাট্যৰীতি প্ৰচলন কৰে। ব্ৰেখটে বিশ্বাস কৰিছিল যে গতানুগতিত  নাটক আৰু মঞ্চ ৰীতিয়ে দৰ্শক সমাজক সচেতন কৰিব নোৱাৰে। নাটকৰ ঘটনা বা চৰিত্ৰৰ লগত একাত্ম হৈ দৰ্শকে তাত উপস্থাপিত সমস্যাক হৃদয়গম কৰিবলৈ সুবিধা নাপায়। সেয়ে সমস্যা, সমস্যা হৈয়ে ৰৈ যায়। সেইবাবে ব্ৰেখটে  দৰ্শকৰ চিন্তা শক্তিক জগাই তুলিবলৈ দৰ্শক আৰু নাটকৰ চৰিত্ৰ মাজত একা ব্যৱধান সৃষ্টি কৰিছিল। আনকি দৰ্শকৰ দৰেই চৰিত্ৰবোৰত  অভিনয় কৰা অভিনেতা-অভিনেত্ৰী বোৰেও যাতে  তাৰ লগত একাত্মক হব নোৱাৰে সেই ব্যৱস্থা কৰিছিল। দৰ্শকক  ঘটনা প্ৰবাহৰ মাজত বিলীন হৈ যোৱাটো তেওঁ বিচৰা নাছিল।দৰ্শকে বসবাস কৰা সমাজখনত কি ঘটি আছে সেয়া যাতে উপলব্ধি কৰে, সেই সমস্যা সমাধানৰ পথ নিজে বিচাৰি লোৱাটো ব্ৰেখটে বিচাৰিছিল। সেই বাবেই তেওঁ Epic Theatre ৰ ধাৰণা আৱিষ্কাৰ কৰিছিল। ব্ৰেখটৰ মতে নাটকৰ ঘটনা আবেগ আনুভূতিতকৈ বৰ্ণনাত্মক আৰু সামাজিক  বাস্তৱবাদৰ ভেটিত হব লাগে। সেইবাবে ব্ৰেখটে ট্ৰেজেদিক সমৰ্থন কৰা নাছিল। 

Q. 6 | অসমীয়া এবছার্ড নাটকৰ এটি চমু পৰিচয় দিয়া।

উত্তৰঃ এৱছাৰ্ড শব্দটোৱে অসমীয়া উদ্ভৱ শব্দটো সমাপন কৰে। এৱছাৰ্ড শব্দটোৱে সাধাৰণতে যুক্তিহীন, অসম্ভৱ, অদ্ভুদ, হাস্যকৰ, অসংযত আচৰণ কিংভূত-কিমাকাৰ আদিৰ অৰ্থ প্ৰদান কৰে। জগতৰ সংসাৰ কাৰ্যক্ৰম, মানুহৰ বোধগম্যতাক বাখ্যা কৰিব নোৱাৰাকে  এৱচাৰ্ড নাটক বুলি কোৱা হয়।


যুদ্ধোত্তৰ কাল পৰিৱৰ্তিত সামাজিক, ৰাজনৈতিক  পৰিৱেশ পৰিস্থিতিয়ে বিশ্বৰ চাৰিওফালে নতুন ধাৰাৰ ক্ষেত্ৰৰ তৈয়াৰ কৰিলে। বিশ্বযুদ্ধৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে মানৱৰ মূল্যবোধৰ প্ৰতি চৰম ভাবুকি সৃষ্টি হল।জীৱন তথা জগতৰ পৰিৱৰ্তন দৃষ্টিভংগীত পৰিৱৰ্তন আহিল। পৰম্পৰাগত নাটকৰ সলনি সৃষ্টি হল একপ্ৰকাৰৰ উদ্ভৱ নাটক। যাক এৱছাৰ্ড নাটক বুলি সমালোচক সকলে চিনাকী দিলে। পৰম্পৰাগত নাটকৰ দৰে কোনো সু সংহত কাহিনী বা চৰিত্ৰ অবিহনে সৃষ্টি হোৱা এৱছাৰ্ড নাটকৰ সমগ্ৰ ধাৰণাটোৱে অপাত দৃষ্টিত এক উদ্ভৱ ধাৰণা। উদ্ভৱ নাটকৰ ধাৰা নাট্যকাৰ সকলে প্ৰচলিত ধাৰা নাট সলনি এৱছাৰ্ড ধাৰাৰ নাটকেহে বাস্তৱত প্ৰকৃত উপস্থাপন কৰিব পাৰে বুলি মত পোষণ কৰে। বিংশ শতিকাৰ দ্বিতীয়াৰ্দ্ধত প্ৰধানকৈ ইউৰোপীয় মূলৰ কেইগৰাকী মান নাট্যকাৰ হাতত এৱছাৰ্ড নাটকৰ আৰম্ভণি ঘটে। এই ধাৰা নাট শৈলী পৰম্পৰাগত নাটৰ পৰা ভালেমান দিশত পৃথক। এৱছাৰ্ড নাটকৰ বৈশিষ্ট্য সমূহ হল-

ক) এনে নাট ৰচনাৰ প্ৰচলিত ধাৰণাৰ গঠন ৰীতি, কাহিনীত চৰিত্ৰ সৃষ্টি আদি সম্পূৰ্ণ ভাৱে বাদ দিয়া হয়, অথবা ইচ্ছাকৃত ভাৱে বিকৃত কৰা হয়। এনে ধৰণৰ নাটকত এটা নিৰ্দিষ্ট কাহিনী, তাৰ ক্ৰম বিকাশ অথবা পৰিণতি বৰ্ণনা কৰা হয়। কাহিনী থাকিলেও সেয়া পৰস্পৰ সম্পৰ্কহীন, ঐক্যহীন, অপাত দৃষ্টি, অবাস্তৱ, এনে নাটকত নাটকীয় ঐক্যৰীতি প্ৰতি লক্ষ্য ৰখা নহয়।

খ) ইয়াৰ চৰিত্ৰসমূহ প্ৰচলিত নাটকৰ চৰিত্ৰ সমূহৰ দৰে নিৰ্দিষ্ট ধৰণৰ নহয়।

গ) পৰম্পৰাগত নাটৰ সংলাপে কাহিনীৰ অগ্ৰগতিত বিশেষ ভূমিকা পালন কৰে। এৱছাৰ্ড নাটকটো সংলাপৰ ব্যৱহাৰ গুৰুত্বপূৰ্ণ, কিন্তু নিদিৰ্ষ্ট কাহিনী নহয়। এৱছাৰ্ড নাটকৰ সংলাপ সমূহত বা কথোপকথনৰ পাৰস্পৰিক সম্পৰ্ক বিহীন, বহু সময় সংলাপতকৈ নিৰৱতাৰ জৰিয়তে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ অধিক যত্ন কৰা পৰিলক্ষিত হয়।

ঘ) কাব্যকতা গুণ বিশিষ্ট্যতা এই ধাৰা নাটকত আনএটা মন কৰিব লগীয়া দিশ। আলোচকসকলৰ মতে, নাটকৰ সংলাপ সমূহৰ কাব্যকতা মন কৰিব পাৰি।

ঙ) এৱছাৰ্ড নাটকত জীৱনৰ শূণ্যতাৰ প্ৰতিফলিত কৰা হৈছে মানৱ জীৱনৰ নিসংগতা, অন্তসাৰ তথা অন্তজগতৰ উপলব্ধি প্ৰকাশ কৰিব খোজা  এই নাট্যধাৰাৰ এক মনকৰিবলগীয়া দিশ। কিছুমান এৱছাৰ্ড নাটকত জীৱনৰ নিসংগতাই প্ৰকাশ কৰাটো দেখা যায়।

চ) প্ৰতীকৰ ব্যৱহাৰ প্ৰতি নাটকবোৰত বিশেষ আকৰ্ষন পৰিলক্ষিত হয়। এই ধৰণৰ নাটকত ঘাইকৈ দুটা কথাৰ ওপৰত গুৰুত্ব দিয়া হয়-

i) এই সংসাৰত মানুহ অকলশৰীয়া আৰু সহায় হীন আৰু ইয়াকে  নাটকীয় সংঘাতৰ কেন্দ্ৰীয় বস্তু হিচাপে লোৱা যায়।

ii) দ্বিতীয়তে, ইয়াত দেখুওৱা যায় যে প্ৰকৃতিয়ে কোনো ৰকমৰ যুক্তি নাজানে, প্ৰকৃতিৰ প্ৰধানতঃ সামকোয়ালী পূৰ্ণ। এনেবোৰ নাটকৰ একোটা চৰিত্ৰয়ে বিভিন্ন ৰূপত, পুৰুষ বা নাৰীৰ ভাৱত বহুৰূপী বেশত ওলাব পাৰে। প্ৰয়োজন অনুসৰি বয়সত বুঢ়া বা ডেকাও হব পাৰে। নাটকীয় বস্তু পৰিবেশনটো নিদিৰ্ষ্ট কোনো পৰিৱেশ নাথাকে, নাটকীয় সময়ৰৰ ক্ৰমগতিও অনিদিৰ্ষ্ট।

            প্ৰচলিত নাট্য চিন্তাৰ বিপৰীতে এৱছাৰ্ড নাটকত সময়, স্থান, কাহিনী, চৰিত্ৰ আটাই কথা গঠন হৈ পৰে।



Tags :

ট্রেজেডি, এবছাৰ্ড আৰু ব্লেটীয় নাট্য ধাৰা

Gauhati University BA 2nd Sem Assamese Major Model Questions Answer

GU BA 2nd Sem Assamese Major Model Solution

ba 2nd sem assamese major question paper

BA 2nd Sem Assamese Major Question Answer

ba 2nd sem assamese book pdf